পৰিপূৰক
*এই যে তুমি সুধিছা,মই সুখীনে?ইয়াতেইটো আছে এসাগৰ ভালপোৱা আৰু এবুকু মৰম।মোক মই কৰি ৰাখিছা,পাহৰি যাবলৈ নিদিয়াকৈ মোৰ শিল্পী মনটোক জীয়াই ৰাখিছা,নিজে শিল্পী নহ'লেও শিল্পী মনৰ মইজনীক সন্মান দিছা,মনে বিচৰা ধৰণে উৰিবলৈ এখন আকাশ দিছা আৰু ডেউকা ভাঙি যাব নোৱাৰাকৈ মোক পৰম প্ৰত্যয়ৰে আৱৰি ৰাখিছা আৰু ইয়াৰ পিছতো সুধিছা মই সুখীনে?কৈ জানো শেষ কৰিব পাৰিম।
*নহয় মানে তোমাতকৈ মোৰ বয়সৰ ৰেখাডাল বেছি যে সেয়ে মাজে মাজে ভাবোঁ তোমাক তুমি বিচৰা ধৰণে মই ৰাখিব পাৰিছোনে নাই।মোৰ বয়সৰ হিচাপ নিকাচত তোমাৰ মনটোক জীপাল কৰি ৰাখিব পাৰিছোনে নাই?
*পাৰিছা,পাৰিছা।সেয়েটো আজিৰ এই এবছৰীয়া বিবাহ বাৰ্ষিকী কেৱল আমাৰ দুয়োৰে মাজতে সীমাবদ্ধ কৰিব খুজিছো।এই সময় মাথোঁ তোমাৰ আৰু মোৰ।নালাগে মানুহৰ সমাগম,নালাগে সুস্বাদু খাদ্যৰ ব্যঞ্জন,এই সময় হওঁক মাথোঁ তোমাৰ আৰু মোৰ,আমাৰ।
*কিন্তু তুমিটো এনে নাছিলা,আনক খোৱাই,সুখবোৰ দহজনৰ লগত ভগাই ভাল পাইছিলা।তেন্তে,কিয় আজি নিজকে সীমাবদ্ধ কৰি ৰাখিছা।
*নাই ৰখা অ',মাথোঁ এই সময়কণ,এই দিনটো উপভোগ কৰিব খুজিছোঁ।
এবছৰ আগতে এই দিনটোতেই বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খাইছিল ৰাগিনী আৰু অনুৰাগ চলিহা।মৰমে নামানে হাজাৰ বাধাৰ প্ৰাচীৰ, মৰমে নামানে বয়সৰ ব্যৱধান।পি.এইচ.ডি কমপ্লিট কৰি ৰাগিনীয়ে চাকৰিত জইন কৰিছিল তাই পঢ়ি যোৱা কলেজখনতে।বহু পৰিৱৰ্তন হৈছিল কলেজখনৰ,ষ্টাফ ৰুমত নতুন নতুন মুখবোৰে ভুমুকি মাৰিছিল।তাইৰ ডিপাৰ্টমেন্টতো নতুন নতুন মুখৰ মানুহবোৰে তাইক আখজা লগাইছিল।তাই জইন কৰাৰ এমাহ মান আগত ট্ৰেন্সফাৰ হৈ আহিছিল সিহঁতৰ ডিপাৰ্টমেন্টলৈকে ডঃ অনুৰাগ চলিহা।দেখাই শুনাই সুঠাম, সুন্দৰ,হাজাৰজনী ছোৱালীৰ তেতিয়াও চালে চাই থাকিবলৈ মন যোৱা চলিহা অবিবাহিত বুলি গম পাই কিন্তু সকলোবোৰ আচৰিত হৈ পৰিছিল।ষ্টাফৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে সকলোৰে মনত খুপনি পোতা প্ৰশ্নটো আছিল,'ছাৰে এতিয়াও কিয় বিয়া পতা নাই?'ৰাগিনীৰ মনতো যে এনে প্ৰশ্নৰ উদয় হোৱা নাছিল এনে নহয়,তায়ো ভাবে কি ঘটিব পাৰে এই মানুহজনৰ জীৱনত,যিয়ে তেওঁক এই সাতচল্লিশ বছৰ বয়সতো অবিবাহিত কৰি ৰাখিলে।কেতিয়াবা মেজৰ ক্লাছত তাইক ষ্টুডেন্টেও সোধে,'মেম,মেম চলিহা ছাৰে এতিয়াও কিয় বিয়া পতা নাই?' সুধিবাচোন ছাৰকে বুলি কৈ তাই প্ৰশ্নটোৰ পৰা আঁতৰি আহে।মনত হাজাৰ প্ৰশ্ন থাকিলেও বহু কথা সোধা নাযায়।
ৰাগিনীয়ে মন কৰে মানুহজন বহু ৰিজাৰ্ভ।তাইকটো সৰু বুলিয়েই কোনো কথাত গুৰুত্বই নিদিয়ে।গুৰু,গম্ভীৰ ভাৱে কলেজলৈ আহে,ডিপাৰ্টমেন্টতো দুই,এটা দৰকাৰী কথা পতাৰ বাহিৰে বেলেগ কথা একো নাপাতে আৰু ভাগো নলয়।মাজে মাজে লাইব্ৰেৰী যায়, কিতাপ পঢ়ে তাত নপঢ়িলেও ডিপাৰ্টমেন্টতে পঢ়ে।ফোন চোনৰ লগতো বেছি সম্পৰ্ক নাই।মুঠতে সাধাৰণ মানুহৰ পৰা কিছু পৃথক এটি জীৱনধাৰা তেওঁৰ।কিন্তু তেওঁ বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত বহু লেখা-মেলা কৰে যিয়ে বাতৰি কাকতৰ পৃষ্ঠা ভৰি থাকে।
ৰাগিনীৰ মানুহজন ভালো নালাগে, বেয়াও নালাগে, এই মাজে মধ্যে চলি যোৱা বিধৰ।সাধাৰণতে ৰাগিনীয়ে ডিপাৰ্টমেন্টত নিজেও কিছু শালীনতা বজাই ৰাখে,যিহেতু তাইৰ শিক্ষাগুৰু সকলো তাতেই থাকে।কিন্তু, এদিন ডিপাৰ্টমেন্টত বেলেগ কোনো নথকাত ক্লাছো অফ্ থকাত তাই ইউনিভাৰ্চিটিৰ এৰি অহা লগৰকেইজনীৰ লগত ভিডিঅ' কলত বাৰ্তালাপ কৰে।কথা পাতোতে পাতোতে কোন সময়ত তাইৰ ভলিউম বাঢ়ি গ'ল তাই গমেই নাপায়।
* মিচ ৰাগিনী,এইটো ডিপাৰ্টমেন্ট হয় অলপ মাৰ্জিত ভাৱে কথা পাতক।
প্ৰকৃততে, ৰাগিনীয়ে গমেই নাপালে কোন সময়ত ডঃ চলিহা ডিপাৰ্টমেন্টলৈ আহিছিল।পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি কৰি তাই লগৰকেইজনীৰ লগত ইমানেই মছগুল হৈ পৰিছিল যে হাঁহি হাঁহি ক'ব নোৱাৰা হৈছিল।হঠাৎ চলিহাৰ কথাখিনিয়ে তাইৰ খঙটো উঠাই আনিলে।মনতে ভাবিলে, বুঢ়া তই কি বুজিবি বন্ধুত্ব কি?কেৱল কিতাপৰ পোকহে তই।একো নকলে তাই, কিন্তু তেওঁকে জ্বলাবলৈ সেই একেই ধৰণে কথা পাতিলে।কিছু সময়ৰ পিছত তেওঁ নিজেই ওলাই গ'ল ডিপাৰ্টমেন্টৰ পৰা।পিছদিনা তেওঁ নিজেই ৰাগিনীক মাতে
*মিচ ৰাগিনী কালিৰ বাবে Sorry.
*OK,sir বুলি ৰাগিনীয়ে একো নকয় আঁতৰি আহে।
সেইবাৰ কলেজৰ যুৱ মহোৎসৱৰ দায়িত্ব পৰে ৰাগিনী আৰু ডঃ চলিহাৰ ওপৰত।ৰাগিনী এগৰাকী নৃত্য পটিয়সী আছিল,নৃত্য তাইৰ জীৱন আছিল।সদায় পুৱা, আবেলি তাই সত্ৰীয়া, কথকৰ অনুশীলন কৰিছিল।পঢ়ি অহা বিশ্ববিদ্যালয়খনলৈ আকৌ যাবলৈ পাই ৰাগিনী সুখী হৈছিল যদিও লগত চলিহাৰ নামটোৱে তাইৰ আশাত চেঁচা পানী ঢালিলে।ইমান নিৰস মানুহটোকনো কিয় চিলেক্ট কৰিব লাগে,মনে মনে ভাবিলে তাই।যুৱ মহোৎসৱৰ উল্লাস,ব্যস্ততাবোৰৰ মাজত ৰাগিনী পৰিচয় হয় অনুৰাগ চলিহাৰ ভিতৰৰ মানুহজনৰ সৈতে।শিল্পী নহ'লেও ছাত্ৰ ছাত্ৰীসকলক কোন ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব লাগিব, কোনটো দিশ কেনেদৰে পৰিচালনা কৰিব লাগিব এইসকলোবোৰৰে আঁট ধৰিছিল তেওঁ।ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও সেইকেইদিনত ৰাগিনীৰ যাতে কোনোক্ষেত্ৰতে অসুবিধা নহয় সকলো ক্ষেত্ৰতে চকু দিছিল তেওঁ।তাৰ মাজতে ৰাগিনীয়ে মন কৰে ঘনে ঘনে তেওঁ মাকৰ খবৰ লয়।ভাত খালানে,দৰৱ খালানে ইত্যাদি কথাৰে।
*আপোনাৰ ঘৰত কিবা অসুবিধা হৈছে নেকি ছাৰ?
ৰাগিনীয়ে এদিন সোধে
*নাই, নাই একো অসুবিধা নাই।
যুৱ মহোৎসৱৰ পৰা অহাৰ দুদিনৰ পিছত অনুৰাগ চলিহা ঘৰলৈ যায়। HOD ৰ পৰা ৰাগিনীয়ে খবৰটো পায়।অনুৰাগ চলিহাৰ মাকৰ মৃত্যু হৈছে।ৰাগিনীয়ে যেন এনে কিবা এটা হোৱাৰ উমান পাইছিল সেয়ে সেইদিনা তেওঁক ঘৰৰ খবৰ লৈছিল।কিন্তু তেওঁহে ফাঁকি দিলে।কৰিম কৰিম বুলিও তাইৰ খবৰ ল'বলৈ ফোনটো কৰা নহ'ল।প্ৰকৃততে, ডিপাৰ্টমেন্টটো কোনেও নাজানে তেওঁৰ ঘৰত কোন কোন আছে।নিজকে এটি সীমাত সীমাবদ্ধ কৰি ৰখা মানুহজনক আচলতে সকলোৱে তেওঁৰ ব্যক্তিগত জীৱনৰ খবৰ ল'বলৈ সংকুচিত কৰে।সম্পূৰ্ণ পোন্ধৰ দিনৰ পিছত তেওঁ কলেজত জইন কৰে।সেইদিনা ডিপাৰ্টমেন্টত সোমায়েই চলিহা ৰাগিনীৰ চকুৱে চকুৱে পৰে।ৰাগিনীয়ে মাতিবলৈ খোজোতেই তেওঁ ব্যস্ততাৰে নিজৰ টেবুল খুচৰিবলৈ ধৰে।তথাপিও তাই মাতে
*আহিলে ছাৰ, শ্ৰাদ্ধ ভালে ভালে হৈ গ'ল?
*ও,ও হ'ল।
সোধো বুলিয়েই তাই আকৌ সুধিলে
*আপোনাৰ ঘৰত কোন কোন আছে?
এইবাৰ চলিহাই আচৰিত হোৱাৰ দৰে ৰাগিনীলৈ চাই উত্তৰ দিলে
এই প্ৰশ্নটো হয়তো ডিপাৰ্টমেন্টত তেওঁক কোনেও আজিলৈকে কৰাই নাই।
*মা আছিল, এতিয়া ভাই তিনিজন আৰু তেওঁলোকৰ পৰিয়াল, ভনী দুজনী আছিল বিয়া হ'ল।
*ডাঙৰ পৰিয়াল ছাৰ, আপুনি বিয়া কিয় নাই পতা ছাৰ? প্ৰশ্নটো মুখৰ পৰা ওলাল যদিও ৰাগিনীৰ নিজৰেই ভাল নালাগিল।প্ৰশ্নটো সোধাৰ যেন এইয়া উপযুক্ত সময় নাছিল।কিন্তু ৰাগিনীক আচৰিত কৰি চলিহাই উত্তৰ দিলে
* ঘৰৰ জ্যেষ্ঠ হিচাপে দায়িত্ববোৰ পালন কৰোঁতে কৰোঁতে কেতিয়ানো বয়সৰ সীমাৰেখাডাল পাৰ হৈ গ'ল গমেই নাপালোঁ।দেউতাৰ মৃত্যুৰ পিছত ভাই ভনীকেইটাক এই চাকৰিটোৰেই পঢ়াই শুনাই বিয়া দি দায়িত্ব পালন কৰাৰ পিছতহে দেখো নিজলৈ ভাবিবলৈ চোন এতিয়া সময়েই নাই।ছোৱালীৰ প্ৰস্তাব নহা নহয় কিন্তু এতিয়া জানো মোৰ বয়স আছে,সেয়ে সেইবোৰ কথা বাদ দিলোঁ।
*চলমান খানেও বিয়া পতা নাই ছাৰ আৰু কোনো কোনোৱে হয়তো এই বয়সত দুবাৰো বিয়া কৰাইছে।চেইফুক দেখা নাই?
*কোন?
*সেইফ আলী খান।
কথাবোৰ বহলাবলৈকে তাই এই অদৰকাৰী প্ৰসঙ্গ উলিয়াইছে।মানুহজনক জানিবলৈ তাইৰ মন গৈছে, বুজিবলৈ মন গৈছে, কি আছে এই শান্ত সমাহিত মানুহজনৰ অন্তৰত।নিজৰ ভালপোৱা, বেয়াপোৱা বুলি একো নাই নেকি, ভাই ভনীৰ বাবে নিজকে সমৰ্পিত কৰিব পৰা মানুহজনৰ যৌৱনত নাছিল নে কোনো প্ৰেয়সী, নাছিল নে তেওঁৰ কাকো ভাল লগা।আজিকালি প্ৰায়ে ডিপাৰ্টমেন্টত কোনো নথকাৰ সুযোগ লৈ ৰাগিনীয়ে অনুৰাগ চলিহাক ভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে।লাহে লাহে ৰাগিনী তেওঁৰ ভিতৰৰ মানুহ জনৰ লগত চিনাকি হয়।ভাল লগা হয় তাইৰ অনুৰাগক,যিজনক এদিন তাই বুঢ়া বুলি মনতে গালি পাৰিছিল সেইজনক আজিকালি অনুৰাগ বুলি মাতিবলৈ মন যায়, আপোনা আপুনিৰ পৰা তুমি ক'বলৈ মন যায়,মন যায় বহু কিবাকিবি ক'বলৈ,মনৰ কথা পাতিবলৈ।আজিকালি কলেজলৈ সাজিকাচি আহি তাই ভাল পায়,মন কৰে তাই অনুৰাগেও যেন আগতকৈ বহু পৰিপাটীকৈ আহে।ঘৰলৈ গৈও যেন শান্তি নাই, এটা মেছেজ এটা ফোনৰ বাবে তাই অপেক্ষা কৰে,কিন্তু কোনোদিন অনুৰাগে ফোন বা মেছেজ এটা নকৰে।অঞ্চলটোৰ কিছুমান অনুষ্ঠানত এতিয়াও ৰাগিনীক নৃত্য প্ৰদৰ্শনৰ বাবে মাতে।ভাল পায় তাই নৃত্যৰ মাজত নিজকে বিলীন কৰি।এবাৰ তেনে এটি অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ অনুৰাগ চলিহাই নিমন্ত্ৰণ পাইছিল আৰু তাতেই প্ৰথম অনুষ্ঠানটো আছিল ৰাগিনীৰ।কিয় জানো প্ৰথম বাৰৰ বাবে ৰাগিনীৰ মঞ্চত উঠি ভৰি থৰক বৰক কৰিছিল,সন্মুখত যে অনুৰাগ।নৃত্য প্ৰদৰ্শনৰ পিছত ৰাগিনীলৈ অনুৰাগৰ প্ৰথম মেছেজ আহিছিল
*তুমি চোন ধুনীয়া নাচা,গমেই পোৱা নাছিলোঁ।এইবাৰ 'নাক' টিমক তোমাৰ নৃত্য প্ৰদৰ্শন কৰাব লাগিব।
সেইদিনা বহু ৰাতিলৈ দুয়ো মেছেজত কথা পাতিছিল।অনুৰাগৰ প্ৰতি এক বুজাব নোৱাৰা আকৰ্ষণ জন্মিছিল ৰাগিনীৰ।নাজানে তাই এই আকৰ্ষণৰ নাম কি,নিজকে নিজে প্ৰশ্ন কৰে তাই ,তাই বাৰু অনুৰাগৰ প্ৰেমত পৰিছে নেকি?এনেটো হোৱা নাছিল তাইৰ আগতে,এই যে দিনে ৰাতিয়ে,খাওঁতে,শুওঁতে এটা নামেই অহৰহ তাইৰ মন মগজু আৱৰি ৰাখে,কি নাম ইয়াৰ?বিচাৰে নেকি তাই অনুৰাগে তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়ক,বিবাহৰ প্ৰস্তাৱ দিয়ক।বয়সৰ ব্যৱধান থাকিলেও চোন সকলো ক্ষেত্ৰতে তাইক অনুপ্ৰেৰণা দিয়ে অনুৰাগে, কোনো দিন কোনো কথাত বাধা দিয়া বা হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা নাই।
হঠাৎ এদিন ডিপাৰ্টমেন্টৰ অনুৰাধা বাইদেৱে অনুৰাগলৈ ছোৱালী এজনী দেখুৱাই।
*বিয়া পাতা যদি কোৱা মই ধুনীয়া ছোৱালী এজনী চাই থৈছোঁ।
অনুৰাগে হাঁহে।
কথাষাৰ শুনাৰ লগে লগে ৰাগিনী যেন স্থিৰে থাকিব নোৱাৰিলে।তাৰ হাঁহিৰ অৰ্থ বুজিবলৈ তাইৰ অসুবিধা হ'ল।সেইদিনা কোনো এটি ক্লাছত তাই মন বহুৱাব নোৱাৰিলে।অনুৰাগকো ভালদৰে মাতিব পৰা নাই।বাৰে বাৰে মনলৈ এটা কথাই আহে অনুৰাগে বাৰু সেই ছোৱালীজনীক সঁচাকৈয়ে বিয়া পাতিব নেকি?বহু সময় লাইব্ৰেৰীতে কিতাপৰ পৃষ্ঠা লুটিয়াই তাই বহি থাকে।দুদিনমান তাই অনুৰাগৰ লগতেই ঘৰলৈ উভতি গৈছিল কিন্তু আজি যেন তাই অনুৰাগৰ মুখামুখি হ'ব বিচৰা নাই।অকলেই উভতি গ'ল সেইদিনা।পিছদিনাও তাই অনুৰাগলৈ চাব পৰা নাই।মাথোঁ বাইদেউজনী দেখিলে তাই কাণ পাতি ৰয় আকৌ ছোৱালীজনীৰ বিষয়ে কিবা কয় নেকি?অনুৰাগেও তাইক নিজে মতা নাই, তাই এইবাৰ নিশ্চিত হয় যে অনুৰাগ তাইৰ পৰা আঁতৰি যাব বিচাৰিছে।অভিমানী হয় তায়ো,আঁতৰি আহে অনুৰাগৰ সান্নিধ্যৰ পৰা।সেই দুদিন তাইৰ খাবলৈ ববলৈও মন নোযোৱা হয়।কেন্টিনলৈ যায় যদিও খাবলৈ মন নাই বুলি বহি থাকে।ঘৰলৈ গৈও বাৰে বাৰে ফোনটোলৈ চাই কিজানি অনুৰাগৰ মেছেজ, ফোন আহেই, পিছে নাই তাৰ একো খবৰেই নাই।
তৃতীয় দিনা তাই কলেজলৈ সোনকালেই গ'ল।জানে তাই সেইদিনা মেজৰৰ ফাৰ্ষ্ট ক্লাছ অনুৰাগ আৰু তাইৰ থাকে।সময়তকৈ আগতেই গৈ বহি আছে তাই ডিপাৰ্টমেন্টত।কিছু সময়ৰ পিছত অনুৰাগ সোমাই আহে।তাই মূৰ তুলি নাচায়।
*কি হ'ল হে আজিকালি মোক নমতাৰ কিবা পণ চণ কৰিছা নেকি?কিবা জগৰ লগালো নেকি?
উত্তৰ নিদিয়ে তাই, খং এটি উঠি আহে তাইৰ।
*কি হ'ল ৰাগিনী ?বুলি প্ৰথম বাৰৰ বাবে অনুৰাগ তাইৰ কাষৰ চকীখনত বহে।
*একো নাই হোৱা।
*তেন্তে মোৰ প্ৰশ্নৰ উত্তৰ নাই দিয়া কিয়?
*প্ৰয়োজন বোধ কৰা নাই।কথাষাৰ বৰ ৰুক্ষভাৱে ক'লে তাই।
*এৰা মই নো কোন হয়?
উঠি যাব ধৰে অনুৰাগ।ৰাগিনীয়ে বুজে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে।
*আপুনিওটো ছোৱালীৰ খবৰ পোৱাৰ পিছৰ পৰা মোক মতা নাই।
*ক'ৰ ছোৱালী, কি খবৰ?
*অনুৰাধা বাইদেৱে দেখুওৱা ছোৱালী।
হাঁহি দিয়ে অনুৰাগে, সেই প্ৰাণোচ্ছল হাঁহি ৰাগিনীৰ আগতে দেখা মনত নপৰে।
*মোলৈ ছোৱালী এই বয়সত আহিবও লাগিছে নহয়।দেখুৱালেই ছোৱালীয়ে মোক কিবা পচণ্ড কৰিব নেকি?
*কিয় নকৰিব,ময়েই চোন কৰো।
মুখৰ পৰা ওলাই অহা কথাষাৰে ৰাগিনীক লাজ দিলে।দুয়ো ৰুমটোৰ ভিতৰত মৌন হৈ পৰিল।কিছু সময়ৰ পিছত অনুৰাগ ক্লাছলৈ ওলাই গ'ল।ৰাগিনী ক্লাছত থাকিল যদিও হৈ যোৱা ঘটনাটোৱে তাইৰ মনত ক্ৰিয়া কৰি থাকিল।এনেই তাই এইকেইদিন মনোকষ্টত আছিল,অনুৰাগে কথাটোত গুৰুত্বই দিয়া নাছিল, তাইহে বেছি চিন্তা কৰিলে আৰু আজি নোকোৱাকৈ থকা কথাটো কৈ দিলে।কিহে পাইছিল তাইক বাৰু তেনেকৈ ক'বলৈ।অনুৰাগে জানো ভাবে তাইৰ কথা তাই ভবাৰ দৰে,অনুৰাগক দেখিলে তাইৰ হৃদয়ত সপ্তৰাগ সৃষ্টি হোৱাৰ দৰে তাৰ হৃদয়ত জানো সৃষ্টি হয়,ভাবে জানো তাইক কেতিয়াবা নিজৰ কৰি লোৱাৰ কথা যি কথা বৰ্তমান সময়ত তাই শয়নে সপোনে ভাবে।নাই ক'লেই যেতিয়া তাই এই সুবিধা আৰু হেৰুৱাব নোৱাৰে।তাৰ অন্তৰৰ কথা জানিবই লাগিব।ক্লাছৰ পৰা ওলায়েই তাই কেন্টিনলৈ গ'ল।জানে তাই ফাৰ্ষ্ট ক্লাছটো কৰি অনুৰাগে কেন্টিনত একাপ চাহ খায়।তাইৰ বাবেও চাহ একাপৰ অৰ্দাৰ দি তাৰ কাষতে বহিলে তাই।দেখিও নেদেখাৰ ভাও ধৰে সি।জানে তাই পৰিস্থিতি এতিয়া সহজ হৈ থকা নাই, বিশেষকৈ অনুৰাগৰ বাবে।তেওঁৰ নিচিনা এজন ব্যক্তিয়ে কেতিয়াও তেওঁতকৈ বিশ বছৰ সৰু ছোৱালী এজনীক প্ৰেমেই হওঁক বিবাহেই হওঁক প্ৰস্তাৱ দিব নোৱাৰে।
*মই আপোনাক ভাল পাওঁ মানে ভাল পাই পেলাইছোঁ।
*পাগল হৈছা নেকি তুমি, এইয়া অসম্ভৱ তুমি মোতকৈ বিশ বছৰ সৰু,তোমাৰ ঘৰে কি ক'ব,সমাজে কি ক'ব? হাঁহিব সকলোৱে তোমাক।
*তাতে কি হ'ল,আপুনি মোক ভাল নাপায়।যদি মোক আপোনাৰ বাবে যোগ্য নহয় বুলি ভাবিছে তেন্তে থিক আছে মই আঁতৰি যাম।কিন্তু বয়স,সমাজৰ দোহাই দি মোৰ পৰা আঁতৰি নাযাব।
*কিন্তু বয়সে,সময়ে যদি তোমাক মোৰ পৰা আঁতৰাই লৈ যায়?
*ধৰি ৰাখিম এই সময়,এই সময়ক সেই সময়লৈ ৰূপান্তৰিত কৰিম।যদি দুখন হৃদয় বুজন হয়,যদি দুখন হৃদয় এখন আনখনৰ পৰিপূৰক হয় পাৰিব জানো সময়ে তাক বিলীন কৰিব,পাৰিব জানো সময়ে তাক উৰুৱাই নিব।মোৰ বিশ্বাস আমি পাৰিম বয়স,সমাজ আৰু সময়ৰ লগত খোজ মিলাই চলিব মাথোঁ তাৰ বাবে লাগিব এজনৰ আনজনৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু ভালপোৱা।মানুহে হাঁহিব যদিহে আমি হাঁহিবলৈ দিও।যদি মই সংকোচ কৰোঁ আপোনাৰ পৰিচয় দিবলৈ যদি আপুনি সংকোচ কৰে মোৰ চিনাকি দিবলৈ।লাহে লাহে মানুহে পাহৰি যাব সকলো,ৰৈ যাম মাথোঁ আপুনি আৰু মই।
সেইয়াই আৰম্ভণি সমাজ,পৰিয়ালৰ হাজাৰ বাধাকো নেওচি এক হৈ পৰিছিল ৰাগিনী আৰু অনুৰাগ।মাক,দেউতাকে সমাজৰ হাঁহিয়তৰ পাত্ৰ হোৱাৰ ভয়ত বিয়া নিদোঁ বুলি কোৱাৰ পিছতো জীয়েকৰ স্থিৰ সিদ্ধান্তৰ ওচৰত তল পৰিব লগা হৈছিল।এক হৈ গৈছিল দুটি মন,দুটি প্ৰাণ আৰু দুটি সত্বা।সৰু সৰু কথাতে সুখ বিচাৰি লৈছিল দুয়োটাই।আজিকালি চিঞৰি চিঞৰি কথা পাতিলে,হাঁহিলে অনুৰাগে একো নকয়,মিচিকিয়া হাঁহি এটা মাৰি ওলাই যায় ৰাগিনীৰ বুঢ়াটো।বৰষুণ বেয়া পোৱা অনুৰাগে ৰাগিনীৰ লগত মিলি এতিয়া বৰষুণত তিতি ভাল পোৱা হ'ল।বৰষুণৰ বতৰত আডা দিয়া লাল চাহৰ সৈতে পকৰী প্ৰিয় হ'ল ৰাগিনীৰ।চিকেন পোলাওৰ ৰেচিপিয়ে দেওবৰীয়া এসাজ খোৱাৰ দৰে পইতা ভাতৰ লগত আলু পিটিকা,সৰু মাছৰ ভজা দুয়োৰে প্ৰিয় হৈ পৰিল।মাজে মাজে আবেলিটো পাৰ্কত কটোৱা, বন্ধত লং ড্ৰাইভত যোৱা, কেতিয়াবা ঘৰতে থাকি ন পুৰণি চিনেমা একেলগে উপভোগ কৰা,তাতোকৈ ডাঙৰ কথা ৰাগিনীয়ে নৃত্যৰ অনুশীলন কৰাত,নৃত্যৰ প্ৰদৰ্শন কৰাত অনুৰাগে কোনোদিন বাধা দিয়া নাই।বৰং বিয়াৰ পিছত কলেজত হোৱা অনুষ্ঠানত নাচিবৰ বাবে অনুৰাগেই ৰাগিনীৰ নামটোৰ প্ৰস্তাৱ দিছিল।তাইৰ সৰু ডাঙৰ সকলো সুখ যেন সি আনি দিব,তাইৰ আঁচল পাতি মাথোঁ সামৰিলেই হ'ল।ৰাগিনীয়েও হিচাপ ৰাখে অনুৰাগৰ অভিৰুচি,ভাল লগা,বেয়া লগাবোৰৰ।সুখবোৰ কেৱল এজনেই সামৰিলেই জানো হ'ব যদিহে তাত নাথাকে আনজনৰো সঁহাৰি।কোনে কয় বয়সৰ ব্যৱধানে স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্কত বাধাৰ সৃষ্টি কৰে বুলি পাৰে জানো কৰিব যদিহে তাত থাকে দুখন প্ৰেমময় হৃদয়ৰ বিশালতা।
বিবাহ বাৰ্ষিকীৰ এই মধুৰ দিনটোত ৰাগিনীয়ে নিজ হাতেৰে বনোৱা কেকটো কাটিছে দুয়ো,কাষতে বাজি আছে
প্ৰীতি ভৰা সপোনৰে গাঁথা
চোৱা চোন এবাৰ আহি
তুমি মই এটি হৈ ওমলিম
সোণালী এই পৃথিৱী।
সমাপ্ত।
Nice
ReplyDeleteThank you
DeleteNice
ReplyDeleteমজা
ReplyDeleteধন্যবাদ
DeleteBohut val lagil pohi...
ReplyDeleteঅশেষ ধন্যবাদ
DeleteNo words to explain ..eman besi dhunia hoise story tu. Ki kom. Excellent story. Great presentation. Dialogue buru perfect hoise. Keep it up. Bohut besi bhal lagil. Ekdam unique kahini.
ReplyDeleteThank you dei
ReplyDelete