Tuesday, June 30, 2020

#Aaruhi_weds_Aarobdho
খণ্ড---১

              কাহিনীবোৰ এনেকুৱাই।কেতিয়া ক'ৰ পৰা আৰম্ভ হয় আৰু ক'ত শেষ হয় কোনেও ক'ব নোৱাৰে।বৰ্তমান কেতিয়া অতীত হয় আৰু অতীত কেতিয়া বৰ্তমান হয় কোনেও ক'ব নোৱাৰে। অদৃষ্টৰ হাতৰ লিখনীত আমি মাথো নিমিত্তহে। কথাবোৰে মনত দোলা দি থাকোতেই গৃহস্থৰ মাততহে সম্বিত ঘূৰাই পালে স্বাতীয়ে।
             "ওলাই হ'লনে?বহুত দূৰ যাবলগা আছে, সোনকাল কৰা।"
             এৰা,বহু দূৰ, বহু দিনৰ অপেক্ষাৰ অন্তত আজিৰ দিনটো।স্বাতীৰ চকুত  আজিও জীৱন্ত সেই কথাবোৰ।কথাবোৰ মনতে ভাবি ভাবি লৰালৰিকৈ গাড়ীত উঠিল স্বাতী।এই যাত্ৰা বহুদূৰলৈ গুৱাহাটীৰ পৰা যোৰহাট।গৃহস্থৰ কোম্পানীৰ ছুটী পাব নাপাব দোধোৰ মোধোৰ অৱস্থাৰ মাজতে শেষ সময়ত সকলো থিক কৰি  সিহঁতৰ এই লৰালৰি।লৰালৰি বেলেগ একোৰে নহয়,এখন বিয়াৰ।যিখন বিয়াৰ সপোন সিহঁতে দেখিছিল একেলগে।নিজৰ বিয়াতকৈও অতি  হেপাঁহৰ এই বিয়া।স্বাতীৰ মনৰ দাপোণত ভাহি উঠিছে অতীতৰ সকলো স্মৃতি।একো নাথাকে মাথো স্মৃতি ৰৈ যায় ।
          Aaruhi Weds Aarobdho. নিমন্ত্ৰণী পত্ৰখনৰ আৰৰ মানুহজনীয়েই হৈছে স্বাতী।গতিকে বিয়ালৈ নোযোৱাৰ কথাই নাহে।আৰোহীৰ বিয়া খোৱাৰ সপোন তাইৰ আজিৰ নহয়,সেই দৰা কইনা খেলাৰ দিনৰে।বুজা নুবুজাৰ দিনৰপৰা এই সপোন দেখিছে স্বাতীয়ে।প্ৰাথমিক স্কুলৰ পৰা বিশ্ববিদ্যালয় পঢ়ালৈকে সুখে দুখে দুয়ো দুয়োৰে লগৰী।কিমান যে মধুৰতম আছিল সিহঁতৰ শৈশৱ,কৈশোৰ।স্কুল, টিউচনলৈ যোৱাৰ পৰা লগৰ বন্ধু বান্ধৱীৰ ঘৰলৈ যোৱালৈকে দুয়ো দুয়োৰে লগৰী।এই যে কয় নলে গলে লগা বন্ধু,তেনেকুৱাই।
তাৰ মাজতে class X মানত আৰুৰ জীৱনলৈ আহিছিল আদিত্য।সিহঁততকৈ দুবছৰ মান ডাঙৰ আদিত্য খুব কম সময়ৰ ভিতৰতে আৰুৰ লগতে স্বাতীৰ বাবেও হৈ পৰিছিল 'আদি'। আদি আদি আদি এই নামটোৱে এসময়ত স্বাতীৰ কাণ পকাই দিছিল।স্কুললৈ যোৱাৰ পৰা ছুটী হোৱালৈকে মুঠৰ ওপৰত আৰুৰ লগতে স্বাতীৰ বাবে আদিও এটা বিষয়লৈ ৰূপান্তৰিত হৈছিল।আদিক বাদ দি আৰুৰ কথা যেন কল্পনাই কৰিব নোৱাৰি।যিহেতু সিহঁতৰ স্কুলখন হায়াৰছেকেণ্ডেৰী আছিল যেতিয়াই সময় পাই আদিয়েও আৰুক এবাৰ চাই গৈছিলহি।।স্কুলৰ সকলোৱে এই কথা গম পাইছিল।লাহে লাহে এই কথা staff room লৈও গৈছিল।ছাৰ বাইদেউ সকলে প্ৰত্যক্ষভাৱে একো নকলেও দুয়োটাকে ভালদৰে পঢ়িবলৈ কৈছিল।যিহেতু দুয়োটাই জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনিত আছিল।এটাই মেট্ৰিক আৰু আনটো হায়াৰছেকেণ্ডেৰী।সিহঁত দুটাৰ মাজত ফচি আছিল স্বাতী। অভ্যস্ত হৈ পৰিছিল তাই।Test পৰীক্ষাৰ পিছতো কিমান যে দুৰ্দশা হৈছিল স্বাতীৰ।ইটোৱে সিটোক নেদেখে,কথা পাতিব নোৱাৰে।আৰুৰ ঘৰত সেইসময়ত ফোন নথকাৰ বাবে আদিয়ে ফোন কৰে স্বাতীৰ ঘৰলৈ।যিহেতু দয়োজনীৰে ঘৰ ওচৰাওচৰি গতিকে স্বাতীয়ে ফোন আহিলে মাকে কিবা বনাইছে খাবলৈ মাতিছে বুলি আৰুক মাতি আনে।প্ৰথম প্ৰথম মাকেটো তাইকে গালিয়েই দিছিল, পিছত যেনিবা সকলো ক'লত মাকে বুজিলে তথাপিও এই যে পিয়নগিৰী কৰাটো ভাল হোৱা নাই কথাই কথাই তাইক মাকৰ শাসনেৰে বুজাই দিছিল।মুঠৰ ওপৰত "প্ৰেমত ঘূৰিছে ভূ-মণ্ডল,প্ৰেমত ফুলিছে শতদল" আৰু বন্ধুত্বৰ শিকলিৰে বান্ধ খাই আছে আমাৰ স্বাতীপল।





খণ্ড--২
          এনেদৰেই সিহঁতৰ মেট্ৰিকৰ পৰীক্ষা ওচৰ পাইছিলেহি।পোন্ধৰ দিন আগৰ মানৰ পৰা আদিৰ ফোন অহা বন্ধ হৈছিল।স্বাতীয়েও ৰক্ষা পাইছিল। পঢ়িছে সিহঁতে ভবিষ্যতৰ সপোন দুচকুত লৈ ভাল ৰিজাল্ট কৰাৰ প্ৰয়াসৰে।সিহঁতৰ লগতে সিহঁতৰ মাকহঁতেও কষ্ট কৰিছে।স্বাতীক মাকে সদায় পুৱা  চাৰি বজাতে উঠাই দি নিজেও উঠে।ৰাতি বাৰ বজালৈকে তাইৰ ওচৰত বহি থাকে।দিনটো পঢ়াৰ মাজতে খুৱা বস্তু পঢ়া টেবুলত দি থৈ যায়।মুঠতে দুই খন ঘৰতে মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এক পৰিবেশ গঢ়ি তুলা হৈছে য'ত কেৱল পঢ়াৰ শব্দকেইটাৰ বাহিৰে যেন ক'তো এটা সৰাপাতো পৰা  শব্দও নাছিল।দেউতাকে বাতৰি শুনা,মাকে ধাৰাবাহিক চোৱাৰ লগতে ভায়েকহঁতৰ কাৰটোন চোৱাৰো মোদা মৰিছিল।চাওতে চাওতে পৰীক্ষাৰ প্ৰথম দিনা পালেহি।স্বাতী,আৰোহীক লৈ পৰীক্ষা কেন্দ্ৰলৈ মাক-দেউতাকহঁতো ওলাইছে।জীয়েক হঁততকৈও যেন তেওঁলোকৰহে উথপথপ।কিজানি দেৰি হয় পৰীক্ষা কেন্দ্ৰ পোৱা।সময়মতে সিহঁত পৰীক্ষা কেন্দ্ৰ পাইছিল।দেউতাকহঁতে ক'ত বহিব লাগিব সকলো থিক কৰি উলাই আহিছিল।হঠাৎ স্বাতীয়ে দেখিলে কোনোবাই তাইক হাত জোকাৰি মাতিছে।স্বাতীৰ যেন ভৰিৰ তলৰ মাটিকণহে ফাটি গ'ল।বুজিবলৈ তাইৰ বাকী নাথাকিল আদিৰ তাত উপস্থিতিৰ কাৰণ।Wash room লৈ যোৱাৰ উজুহাত দেখুৱাই আৰুক লৈ তাই আদিৰ ওচৰ পালেহি।
            কি কথা আছে সোনকালে পাত আৰু ,মই বেছি সময় ৰ'ব নোৱাৰো।
কথাষাৰ কৈয়েই তাই আতৰি আহিল।খং উঠিছে স্বাতীৰ, প্ৰেম কৰিছ কৰ সকলোতে মোকে ফছাৱ কিয়?দেউতাকে গম পালে তাইক কম বেয়া পাব নে?দেউতাকৰ বহু মৰমৰ স্বাতী।বিশ্বাস কৰে তাইক বহুত ,লগতে আৰুৰ দেউতাকেও।আদিলৈ বহুত খং উঠিছে ,আজি লগ নকৰিলে নহয়নে,পৰীক্ষাৰ প্ৰাক্ মূহুৰ্ততনো এনে কি প্ৰেম হ'ব পাৰে যে নেদেখিলে নহয়।বেছি সময় নকৰিলে সিহঁতে, আদিয়ে স্বাতীলৈ হাতখন আগবঢ়াই শুভেচ্ছা দিলে লগতে এটা কলমো।লও নলওকৈ স্বাতীয়ে কলমটো লৈ ধন্যবাদেৰে তাক বিদায় দিলে।স্বাতীয়ে বুজিলে,এইয়া মানে প্ৰেমিকৰ প্ৰেমিকালৈ পৰীক্ষাৰ শুভকামনাৰ বাবে উপহাৰ তথা সাক্ষাৎ।লগতে তুলসীৰ লগত কলপতুৱাৰ মুক্তি হোৱাৰ দৰে,আৰুৰ লগতে তাইলৈও এই শুভকামনা।এনেদৰেই সিহঁতৰ পৰীক্ষা শেষ হ'ল লগতে আদিৰো।স্বাতীহঁততকৈ দুদিন পিছত আৰম্ভ হোৱা আদিৰ পৰীক্ষাও শেষ হ'ল।বহু ঘটনা-পৰিঘটনাৰ অন্তত পৰীক্ষাৰ অন্তৰ এই  তিনিমাহো পাৰ হ'ল।স্বাতী আৰু আৰোহী ইয়াৰ মাজতে নিজৰ নিজৰ সম্পৰ্কীয় মানুহ বিলাকৰ ঘৰলৈও গ'ল।
        আহিল সেই বিশেষ দিনটো।প্ৰথম বিভাগ লৈ চাৰিটা বিষয়ত লেটাৰ মাৰ্ক সহ দুয়োজনীয়ে মাক -দেউতাকৰ সন্মান ৰাখিছিল।আৰুলৈ স্বাতীৰ ভয় আছিল যদিও তাইও প্ৰেমৰ লগতে পঢ়াটো সুন্দৰভাৱে আগুৱাই নিছিল।সকলোকে মেট্ৰিকৰ  দৰে পুনৰ আচৰিত কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল আদিত্য কাশ্যপে। অসমৰ ভিতৰত প্ৰথম স্থানৰে সি সকলোকে আচৰিত কৰি দিছিল।কোনে কয় প্ৰেমে পঢ়া-শুনা সকলো শেষ কৰে বুলি।স্বাতীয়ে পাইছিল প্ৰেমৰ এক নতুন সংজ্ঞা, প্ৰেম কেতিয়াও কোনো ক্ষেত্ৰতে বাধাৰ প্ৰাচীৰ নহয়।সেইয়া নিৰ্ভৰ কৰে প্ৰেম কৰোঁতা জনৰ ওপৰত।সেইদিনা গৈছিল সিহঁত আদিৰ ঘৰলৈ।ভয় নাছিল, সংশয় নাছিল, শ শ শুভাকাংক্ষীৰ মাজত সিহঁতো আছিল।
            আহিল এক নতুন অধ্যায়।আদি গুচি গৈছিল কটন কলেজলৈ।আজীৱন প্ৰেমৰ প্ৰতিশ্ৰুতিৰে,আৰুৰ দুচকুত  সপোনৰ কাৰেং সাজি সি গৈছিল তাৰ নতুন যাত্ৰাত।স্বাতী, আৰু আৰোহী ৰৈ গৈছিল নিজৰ ঠাইতে।সিহঁতে পঢ়ি অহা স্কুলখনতে  দুয়োজনীয়ে নামভৰ্তি কৰিছিল।


খণ্ড--৩

              আদিৰ আশ্বাস আৰু বিশ্বাসৰ বান্ধোনত নিশ্চিন্ত হৈ ৰৈছিল আৰু ।নতুন পৰিবেশ নতুন সঙ্গৰ মাজতো দুয়ো দুয়োৰে হৈ ৰৈছিল।চকুৰ আতৰে কিন্তু মনৰ আতৰ কৰা নাছিল।এতিয়া আৰুৰ ঘৰতো ফোনৰ ব্যবস্থা হ'ল।মেট্ৰিকলৈকে ফোন নোলোৱাৰ সিদ্ধান্ত লোৱা দেউতাকে এতিয়া জীয়েকৰ উৎপাতত ঘৰত এটা ফোন ল'লে।সময় পালেই সিহঁতে লুকাই চুৰকৈ কথা পাতে আৰু আৰুৱে আহি পিছদিনা স্বাতীৰ আগত সম্পূৰ্ণ বৃত্তান্ত দিয়ে।নকলেই যে নহয়,মনৰ কথা খুলি কবলৈ ইজনীয়ে সিজনীৰ লগৰী।শুনে স্বাতীয়ে ,অনুভৱ কৰে আৰুৰ আদিৰ প্ৰতি থকা প্ৰেমৰ গভীৰতাক।তাইৰ চকুৱে মুখে যেন কথা কয় আদিৰ।লাহে লাহে আমাৰ বাকী বন্ধু-বান্ধৱীবোৰেও সিহঁতৰ নাম দিবলৈ ধৰিলে 'আৰুদি'।ভাল পায় তাই কোনোৱে যদি আদিৰ প্ৰেয়সী বুলি তাইক কয়।গুণগুণাই গাই তাই

     জনম জনম তোমাৰে হৈ ৰম
     কচম কচম তোমাৰেই কচম
     যুগে যুগে বৈ যাব প্ৰেমৰ নদী
     পৃথিৱী হৈ ৰ'ব আমাৰ সাক্ষী।

   ন কইনাৰ লাজুকী হাঁহিটো মাৰি তাই আতৰি আহে।আদি আহে মাজে মাজে বন্ধ পালে,লগতে কোনো সম্বৰ্ধনা সভাৰ আমন্ত্ৰণ পালে।আদি আহিলে স্বাতীৰহে অবস্থা বেয়া হয়।কাৰণ আৰুৱে তাক ক'ত কেনেকৈ লগ ধৰিব সকলোবোৰ পৰিকল্পনা যে তাই বনাব লগা হয়,পৰিকল্পনা নবনালেও লগেভাগে থাকিব লগা হয়।কিমান  বাহানা বনাই বনাই সিহঁত আদিক লগ ধৰিবলৈকে টাউনলৈ যায়।হোটেলত সোমাই চাহ একাপ খাই আকৌ ওভতি আহে।এবাৰ তেনেকৈয়ে সিহঁতে ঘৰত ফাকি দি চিনেমা চাবলৈ গৈছিল।আদিয়ে তিনিওটাৰে হৈ টিকট কাটিছিল।দুয়োজনীয়ে ঘৰত ফাকি কৈ হলত 3 idiots চাবলৈ গৈছিল।কিমান ভয় আৰু সংশয়ৰে সময়খিনি পাৰ হৈছিল স্বাতীয়েহে জানে।চিনেমা খনত কি হৈ অছিল তাই একো নাজানে।ঘৰত কৈ নহাৰ অপৰাধ বোধে গোটেই সময়খিনি তাইক উৎকণ্ঠিত কৰি তুলিছিল।আগতেও ঘৰত নোকোৱাকৈ সিহঁতৰ লগত স্বাতী টাউনলৈ গৈছে, কিন্তু এনেদৰে হলত চিনেমা চাবলৈ ঘৰত নোসোধাকে তাই কেতিয়াও অহা নাই।আৰুকটো ক'বই নালাগে আদিক লগ পাবলৈ তাই সকলো কামেই কৰিব পাৰে।গতিকে কোনো টেনচন নোলোৱাকৈ প্ৰেমিকযুগলে হাতে হাত ধৰি চিনেমা উপভোগ কৰাৰ লগতে মাজে মাজে প্ৰেমালাপত মগ্ন হৈ আছে।।ইফালে প্ৰিয় অভিনেতাজনক পৰ্দাত দেখিও স্বাতীয়ে চিনেমা খন উপভোগ কৰিব পৰা নাই।চিনেমাখন শেষ হোৱাৰ লগে লগে স্বাতীয়ে আৰুক টানি অনাৰ দৰেই লৈ আহিছিল।অটোৰিক্সাখনত উঠিবলৈ লৈয়েই সিহঁতে দেখিছিল আৰুৰ দেউতাকক।কাৰো মুখত এষাৰিও মাত নোহোৱা হৈছিল।কোনেও কাকো ৰাস্তাটোত এষাৰ কথাও কোৱা নাছিল।তিনিওটাই সাজু হৈছিল আগন্তুক হ'বলগীয়া পৰিস্থিতিৰ বাবে।
                      তিনিও নিজৰ নিজৰ ঘৰাঘৰি গ'ল।আদিয়ে আৰুক আশ্বাস দিলে পৰিস্থিতি বেছি বেয়া হ'লে তাক মাতিবলৈ ,সি বুজাব ঘৰত।স্বাতীও গৈছিল মাকৰ ওচৰলৈ,ভয়ে ভয়ে সকলো কথা তাই মাকক কৈছিল।মাকে বুজাইছিল-এইটো বয়সত ছোৱালীবোৰ বহু সাবধানে থাকিব লাগে।আমাৰ চৌপাশৰ সমাজ ব্যৱস্থাটোৱেই এনেকুৱা যে আজিৰ ঘটনাটোত আদি সম্পূৰ্ণৰূপে বাচি যাব।কিন্তু বদনাম ওলাব আৰুহী,স্বাতীৰ‌।সমাজলৈ ভয় কৰিবলৈ তাইক মাকে কোনোদিন শিকোৱা নাই, কিন্তু ঘৰত ফাকি কৈ যাবলৈও কোনোদিন কোৱা নাই।আগলৈ যাতে এনে ভুল নহয় মাকে তাকেই শুনাই থৈ গ'ল ,লগতে দেউতাকক বুজোৱাৰ দায়িত্বও ল'লে।উস,ইমান ভাল তাইৰ মাকজনী,বুজে সকলো।সেয়ে তাই সকলো কথা মাকৰ আগত নিসংকোচে ক'ব পাৰে।কিন্তু আজিনো তাই কিয় ভূল কৰিলে ভাবিয়েই এক অপৰাধ বোধত ভুগিলে।
                     ইফালে আৰুৰ ঘৰত বা কি হৈছে?গৈ আহিব নেকি এবাৰ তাইৰ ওচৰৰপৰা।উগুল থুগুল মনেৰে তাই বিচনাতে পৰিল।আগন্তুক হ'বলগীয়া পৰিস্থিতিবোৰে তাইৰ মনলৈ আহি থাকিল।নিজকে আৰুৰ দেউতাকৰ চকুত অপৰাধী যেন লাগিল।মাকৰ মাততহে স্বাতীয়ে সাৰ পালে।কথাবোৰ ভাবি ভাবি বিচনাত বাগৰি থাকোতেই কেতিয়ানো তাইৰ টোপনি আহিল গমেই নাপালে।
* মিমি,(মাকে মতা নাম) তোক আৰুহীৰ দেউতাকে মাতিছে এতিয়াই ঘৰলৈ। একে জাপে উঠিল স্বাতী।বুকুৰ ধপ্ ধপনিটো যেন বেছিকৈ হে হৈছে।নোৱাৰে তাই যাব।ভৰিকেইটা চোন আগেই নাবাঢ়ে।
*মা,তুমিও ব'লা না মোৰ লগত।
 *নাযাওঁ মই।ভুল কৰিছ যেতিয়া স্বীকাৰ কৰাৰ সাহসো থাকিব লাগিব।এতিয়া ভয় খাই লাভ নাই।বান্ধৱীক সহায় কৰাৰ আগেয়ে চিন্তা কৰিব লাগিছিল।এনেও সৰুৰ মাজত ডাঙৰ সোমোৱাতো ভাল নহয়।এনেও এইবোৰ কথা বেছিদিন লুকাই নাথাকে।সিদ্ধান্ত এতিয়া তেওঁলোকৰ।তই যা।
         লাহে লাহে স্বাতী আগবাঢ়িছে আৰুৰ ঘৰলৈ।ভয়,শংকাৰ দোমোজাৰ মাজেৰে।   দুটা পদূলিৰ বাট আজি এমাইল যেন লাগিছে‌।




খণ্ড---৪
             

                    চিন্তা কৰি গ'ল স্বাতীয়ে আৰুৰ দেউতাকে বা কি বুলি ভাবিছে,আৰুৱে আদিক ভাল পাই বুলি নে,স্বাতীয়ে আদিক ভাল পাই বুলি।যদি তেওঁ ভাবিছে আদিৰ লগত তাইৰ সম্পৰ্কহে আছে আৰু স্বাতীয়ে আৰুক লগত লৈহে গৈছে, তেনেহ'লে তাই কেতিয়াও মানুহ জনৰ আগত মুখ উলিয়াব নোৱাৰিব। কলিং বেলৰ শব্দত দৰ্জাখন খোল খালে।আৰুৰ দেউতাকে 'আহা 'বুলি কৈ দৰ্জাখন জপাই দিলে।ভয়তোৱে যেন দুগুণে হেঁচি ধৰিলে স্বাতীক।কি কৰিব কি নকৰিব একো ধৰিব নোৱাৰি একে ঠাইতে থিয় হৈ ৰ'ল স্বাতী। ভিতৰলৈকে আহা, বুলি এটা ৰুক্ষ স্বৰ ভাহি আহিল। মানুহ জনৰ পিছে পিছে স্বাতী ভিতৰ সোমাই গ'ল।ভায়েকে পঢ়া টেবুলত বহি আছে।মাকে মূৰে-কপালে হাত থৈ দাইনিং টেবুলতে বহি আছে।আৰুৰ দেউতাকে স্বাতীকো তাতে বহিবলৈ চকীখন উলিয়াই দিলে ।টেবুলখনৰ আন একাষে তেওঁও বহি পৰিল।স্বাতীৰ বুকুৰ ধপধপনিটো ক্ৰমান্বয়ে বাহি গ'ল।
                 " এইবোৰ কিমান দিনৰপৰা চলি আছে স্বাতী?"মানুহজনৰ পোনপটীয়া প্ৰশ্ন।
                   মানে খুৰা ,এবছৰ মান হ'ল।স্বাতীয়ে ভয়ে ভয়ে উত্তৰ দিলে যদিও তাইৰ চকুৱে আৰুক বিচাৰিবলৈ ধৰিলে।এইজনীয়ে বা আকৌ কি বুলি কৈছে।
                 " আৰু এনেকৈ আগতে ক'ত ক'ত গৈছা?"মানুহ জনৰ দ্বিতীয় প্ৰশ্ন।
                নাই নাই ক'তো যোৱা নাই।আগতেটো আদি......ত্য ইয়াতে আছিল, এতিয়াহে সি গুৱাহাটীলৈ গৈছে।আপুনি সিহঁতক গালি নাপাৰিব খুৰা, সিহঁতৰ ইটোৱে সিটোক বৰ ভাল পায়।ভয়ত তাই কি কৈছে তেওঁলোকে কি শুনিছে,বুজিছে তাই নাজানে।
                 "আৰু ,এইফালে আহ।"হঠাতে মানুহ জনৰ খঙটো যেন আৰু একোব চৰি গ'ল।
                কি হ'ল দেউতা বুলি আৰু ঢপলিয়াই আহিল।স্বাতীক দেখি যেন তাই আচৰিত হ'ল।
                সকলোকে আচৰিত কৰি আৰুৰ গালত এটা প্ৰচণ্ড চৰ সোধালে দেউতাকে-"ইমানখিনি হোৱাৰ পিছতো ফাকি,এবছৰে ক'ত কি কৰি আছ থিক নাই আৰু আজি হাতে লোতে ধৰা পৰিও ফাকি।স্বাতীয়ে নোকোৱা হ'লে আজিও তই আমাক ফাকি দিয়েই সাৰিলিহেঁতেন।"
               স্বাতীয়ে বুজিলে, আৰু বাহানা বনোৱাত এক্সপাৰ্ট।আজিও সাজি-পাৰি কিবা কৈছিল মানে।
            এইবাৰ মাকে কৈ উঠিল " এই আমাক কি কৈছিল জানা,তোমালোকে বজাৰ কৰিবলৈ যাওঁতে আমিৰ খানৰ চিনেমা লাগি থকা দেখা পাইহে হলত সোমালা,তাতে সেই ষ্টেণ্ড কৰা ল'ৰাটোও চাবলৈ গৈছিল, আহিবলৈ লওতে দেখিহে একেলগে আহিছিলা।" কিন্তু আমাৰ তেতিয়াই সন্দেহ হৈছিল।সি এতিয়া গুৱাহাটীত চিনেমা নাচায় ইয়াতহে চাবলৈ আহিব।সেয়ে খুৰাৰে তোমাক তাই গম নোপোৱাকে মাতি পথালে।"
            সেই মহাভাৰতৰ মাজতো স্বাতীৰ মনে মনে হাঁহি উঠিল আৰুৰ ফাঁকি শুনি।বাঃ অপৰাধীৰ মুখৰ কথা শুনা।মই মৰিছো সচা কৈ,তাই মৰিছে ফাকি কৈ।
           সেইদিনাৰপৰা আৰু কিছু ক্ষেত্ৰত শাসনৰ মাজত থাকিব লগা হ'ল।লগতে  স্বাতীকো ঘৰত কাঢ়া অৰ্দাৰ দিয়া হ'ল।তথাপিও লুকাই চুৰকৈয়ে সিহঁতৰ প্ৰেম চলি থাকিল।এইয়াই প্ৰেম,প্ৰেমে নামানে কোনো বান্ধোন ,দূৰত্বৰ ব্যৱধানে  আৰুদিৰ প্ৰেমক কৰি তুলিছিল আৰু বেছি মধুৰতম।হাজাৰ বাধা অতিক্ৰমিও আৰুৰ মন কেৱল আদিলৈকে উন্মনা।
         হায়াৰছেকেণ্ডেৰীৰ দুটা বছৰ এনেদৰেই পাৰ হৈছিল।দুয়োজনীৰে দৈনন্দিন ৰুটিনখনো আগৰ দৰেই হৈ পৰিছিল।আৰুৰ ঘৰতো লাহে লাহে কথাবোৰ পাহৰিছিল।ফোনৰ ব্যৱহাৰ তাই কৰিব নোৱাৰিছিল।মাজে মাজে আদিয়ে ছোৱালীৰ মাত উলিয়াই তাইৰ লগত কথা পাতিছিল।আদিয়ো সময়ৰ লগে লগে ব্যস্ত হৈ পৰিছিল তাৰ পঢ়াৰ মাজত।দুয়োজনীয়ে হায়াৰছেকেণ্ডেৰীটো মেট্ৰিকৰ দৰেই ৰিজাল্ট কৰিছিল।এইবাৰ হাজাৰ সপোন লৈ দুয়োজনীয়ে আৰম্ভ কৰিলে কলেজীয়া জীৱনৰ।নতুন নতুন পৰিবেশৰ মাজত আগুৱাই গৈছিল সিহঁত,এজনী আনজনীৰ সহায় হৈ।এটা সম্পূৰ্ণ বেলেগ পৰিবেশ, ৰেগিং।উসঃ শুনিছে সিহঁতে ৰেগিং ৰ ভয়লগা কথাবোৰ।আদিৰ মুখতো শুনিছে,কটনৰ Boys hostel ৰ তাক কৰা ৰেগিং ৰ কথা।
              কলেজৰ প্ৰথম দিনাই দুয়োজনীকে মাতি মাতি কম ৰেগিং কৰা নাই।দুটামানে যদি সোধে নামটো,দুটামানে সোধে নাম,ধাম,কাম কি? কি,ক'ত কিয় বিখ্যাত?উত্তৰ যদি দিয়ে স্বাতীপল বৰুৱা ,আকৌ কোনোৱে কমেন্ট কৰে তুমি মৰিলা নেকি?যদি কোৱা হয় শ্ৰী স্বাতীপল বৰুৱা তেন্তে কয় দেখিছো দিয়া তুমি সুশৰীৰে আমাৰ আগত আছা।উসঃ একেটা প্ৰশ্নৰে দুটা উত্তৰ।এদিন ল'ৰা এজনে মাতি নি সুধিলে আৰুক মই যদি তোমাক I love you কওঁ তোমাৰ উত্তৰটো কি  হ'ব?আৰুৱে হাঁহি হাঁহি কৈ আহিল ময়ো কম I love you dada.তেতিয়াৰ পৰা ল'ৰাটোৱে আৰুৰ কাষেদিয়েও পাৰ নোহোৱা হ'ল।কেতিয়াবা ল'ৰা,ছোৱালী কেইবাজনেও মাতি নি বেৰি ধৰি সোধে, ইয়াৰ ভিতৰত তোমাৰ লাইফ পাৰ্টনাৰ হিচাবে কাক চইচ কৰিবা।লাজতে স্বাতী ক'ত মৰো,ক'ত মৰো হয়।সিহঁতে সুধিবলৈওনো লাজ নকৰে নে।এনে নিলাজ ইহঁত।উত্তৰ নিদিলেও সুধিয়েই থাকে।এবাৰ আৰুক সুধাত আৰুৱে ক'লে-'মই চইচ কৰা আছে,গতিকে কাকো নকৰোঁ'।লাজ পালে সিহঁতে -অ'আচ্ছা বুলি গোটেই কেইটাই এইবাৰ স্বাতীলৈ চালে 'আৰু তুমি ?'স্বাতীৰ চিধা উত্তৰ -মা দেউতাই যিজনকে  চইচ কৰে তেওঁকে চইচ কৰিম।জুমটোৰ পৰা খুব জোৰেৰে হাঁহিৰ শব্দ আহিছিল।দুয়োজনী লাজতে ওলাই আহিছিল।এনেদৰেই পাৰ হয় সিহঁতৰ কলেজীয়া জীৱনৰ আৰম্ভণি।ভয়,শংসয়,বন্ধুত্ব, প্ৰেম, ভালপোৱাৰ মাজেৰে পাৰ হৈছিল সিহঁতৰ কলেজৰ প্ৰথম কেইদিন।আজি যিসকলে ৰেগিং কৰিছে দুদিনৰ পিছত তেওঁলোকেই সহজভাৱেৰে সিহঁতক মাতিছে।ভাল লগা হৈছে সিহঁতৰো নতুন পৰিবেশ, নতুন কলেজখন।
                     জীৱনে বিচাৰে নতুনত্ব
                     পুৰণিৰ দলিচা গৰকি
                     নতুনৰ ফালে ধাৱমান এই জীৱন
               সেয়েটো কয় জীৱন জীৱন বৰ অনুপম।





খণ্ড---৫

                কলেজীয়া দিনৰ মধুৰ সময়বোৰ যেন সোণকালেই পাৰ হৈছিল।ইয়াৰ মাজতে কিমান ল'ৰাৰ প্ৰেমৰ প্ৰস্তাৱ যে আহিছে দুয়োজনীলৈকে।আৰুৱে স্বাতীক কয়,ভাল ল'ৰা এটা চাই তয়ো yes কৈ দে।next তেতিয়া দুয়োজনী একেলগে ডেটিঙৰ প্লেন বনাব পাৰিম।সম্পূৰ্ণ এবছৰৰ পিছত আদি আহিছিল আৰুৰ ওচৰলৈ।এটি নতুন ৰূপ,নতুন মানুহ হৈ।চাল-চলন,পিন্ধন উৰণতো যেন এক নতুন ৰূপ।স্নাতকৰ ফাইনেল  পৰীক্ষা দি দুদিনমানৰ বাবে সি ঘৰলৈ আহিছে।স্বাতী আৰুহঁতৰো 1st year ৰ পৰীক্ষা শেষ হৈছিল। হঠাৎ আদি এদিন  আহিছিল স্বাতী হঁতৰ ঘৰলৈ।মাকক নমস্কাৰ এটা জনাই স্বাতীক লগ ধৰিছিল আৰুৰ ঘৰলৈ।
                 'কিন্তু কিয়'?স্বাতীৰ মাকৰ প্ৰশ্ন।
                 আদি-কোনোদিন আৰুৰ ঘৰলৈ মই আগতে যোৱা নাই, সেয়ে।
                 আমাৰ ঘৰলৈও তুমি আগতে অহা নাই।কিন্তু, আজিটো অকলেই আহিলা,আৰুৰ ঘৰলৈও তুমি অকলে যাব লাগিব।স্বাতী যাব নোৱাৰে।কিছুমান ব্যক্তিগত কথাত স্বাতীক নোসোমোৱাবা।প্ৰথম আহিছা ,চাহ একাপ খাই যাবা বহা -স্বাতীৰ মাক।
                 বহি ৰ'ল সি,স্বাতীৰ মাকৰ কথাত সি একো উত্তৰ দিব নোৱাৰিলে।চাহকাপ খাই দুয়োজনীৰপৰা বিদায় লৈ সি উঠি গ'ল।চাই ৰ'ল দুয়োজনীয়ে সি যোৱা বাটটোলৈ।আগন্তুক নাটখনৰ কল্পনা কৰি।
              গৈছিল সেইদিনা সি প্ৰেয়সীৰ পিতৃক কন্যা খুজিবলৈ।সম্পৰ্কবোৰ শেষ হৈছিল বুলি ভবা আৰুৰ দেউতাকৰ ওচৰত নিজৰ সমস্ত ভাল পোৱাক ব্যক্ত কৰিছিল সি।কাতৰ অনুৰোধ কৰিছিল আৰুক যাতে তাৰ পৰা আঁতৰাই নিনিয়ে তাৰ বাবে বিনম্ৰ অনুৰোধ কৰিছিল সি।সকলোকে আচৰিত কৰি এইবাৰ কিন্তু আৰুৰ দেউতাকে কোনো বাধা নিদিলে।বৰঞ্চ নিজৰ সন্তানক আকোঁৱালি লোৱাৰ দৰে আদিকো আদৰৰে আকোঁৱালি ল'লে।বুজিছে তেওঁ চাৰিবছৰৰ প্ৰেমৰ গভীৰতাক,প্ৰেমত পৰি যোৱা নাই সিহঁত বিপথে।তাতে ইমান চোকা ল'ৰা এটাৰ ভবিষ্যতক লৈ চিন্তা কৰাৰটো কাৰণেই নাথাকে।অন্তৰৰে তাক গ্ৰহণ কৰিলে যদিও তাৰ ঘৰতো কথাটো জনাবলৈ ক'লে।আশ্বাস দিলে সি,সময়ত সি সকলো ক'ব বুলি।এতিয়া আৰুক কোনে পায়,কণ্টকহীন পথ,মসৃণ যাত্ৰা,মুঠৰ ওপৰত প্ৰেম উপত্যকাত তাই এতিয়া মুক্ত বিহঙ্গ।সেইকেইদিন মাজে মাজে আদি আহিছিল আৰুৰ ঘৰলৈ।খুৰী খুৰীকৈ চিঞৰি আহে সি ,দুদিনতে আৰুৰ ভায়েকৰো মৰমৰ আদি দা হৈ পৰিল সি।এনেদৰেই সেইদিনকেইটা পাৰ হৈছিল।এদিন আৰুৰ ঘৰৰ অনুমতি লৈ দুয়োটা গৈছিল লং ড্ৰাইভত।আগদিনা স্বাতীক লগ ধৰিবলৈ আহিছিল আৰু।অকলে নাযায় তায়ো যাব লাগে।
*অ'ই ওলানা মোৰ লগত,অকলে যাবলৈ ভাললগা নাই কিবা।
*পাগল হ'লি নেকি, ভাল পাইছ তই,ডেটিং মাৰিবি তই মই আকৌ তহঁত দুটাৰ মাজত কি কৰিবলৈ যাম।মোৰোটো আত্মসন্মান আছে।কাম বন নথকা মানুহৰ দৰে তহঁত দুটাৰ মাজত মই কিয় যাম বাৰু।ঘৰতেই বা মই কওঁ কি বুলি।তহঁতে ডেটিং মাৰিবি আৰু মই চাই থাকিম।
*নাযাৱ মানে তই,তোৰোটো এদিন প্ৰেম হ'ব,তয়ো ডেটিঙত যাবি ,তেতিয়া চাবি মই যাওঁ নে নাই।
*হ'ব যা মোৰ কাৰণেই তোৰ প্ৰেমে ইমানখিনি পাইছেহি, এতিয়া আকৌ তাই মোক ইম'চনেলি ব্লেকমেইল কৰে।
*নাযাৱ যদি নাই, তোৰ  Green colour চেলৱাৰযোৰ দে।কাইলৈ মই পিন্ধি যাম।
*তোৰ খালি মোৰ কাপোৰত চকু।তাইক যেন দেউতাকে নিদিয়েই।Ok, লৈ যা,আদিৰ আৰুজনী মানে কাইলৈ সেউজীয়া হৈ যাব।
*দিয়ে ,দিয়ে কিন্তু সেইকেইযোৰ পিন্ধা আদিয়ে দেখিছে।কাইলৈ আমাৰ বাবে এটা বিশেষ দিন,আকৌ বা কেতিয়া পাওঁ এই চান্স।তাতে তয়ো নাযাৱ, গতিকে সময়বোৰ,প্ৰতি মূহুৰ্তবোৰ সেউজীয়া কৰি তুলিম,নে কি কৱ?
*OK,Ok. যা এতিয়া।একো বেয়া কাম নকৰিবি খালি ।লাজুকী হাঁহিটো মাৰি গুচি গৈছিল আৰু।
        দুয়ো পিছদিনা গৈছিল যোৰহাটৰ পৰা তেজপুৰলৈ।কাজিৰঙাৰ শাৰী শাৰী সেউজীয়া বোৰৰ মাজত দুয়ো প্ৰেমৰ ছবি আঁকিছিল।সেউজীয়াবোৰ যেন দুয়ো সোমোৱাই লৈছিল হৃদয়ত।ৰৈ যা সময় ৰৈ যা জী উঠো জীৱনটো।পান কৰোঁ সমস্ত সেউজীয়াবোৰ,পান কৰোঁ প্ৰেমৰ মদিৰা। সময় যেন প্ৰতি মূহুৰ্তে দৌৰিছিল।তেজপুৰৰ অগ্নিগড়ৰ মাজত আৰু সোমাই পৰিছিল আদিৰ বুকুত।প্ৰেমৰ অমীয়া ৰাগীত দুয়ো দুয়োৰে হৈ পৰিছিল ।আদিয়ে আঁকি দিছিল আৰুৰ ওঁঠত প্ৰেমৰ ছবি।শিহৰিত হৈ উঠিছিল আৰুৰ সৰ্ব শৰীৰ।জানিছিল তাই ভুল কৰিছিল ,মাক দেউতাকৰ বিশ্বাসক  ভাঙিছিল তথাপিও তাই মুক্ত হ'ব বিচৰা নাছিল ।লজ্জাৰ আৱৰণ ভাঙি হৈ পৰিছিল দুয়ো দুয়োৰে। তাতেই যেন আৰুৱে বিচাৰি পাইছে জীৱনটো জীয়াই থাকিবৰ বাবে প্ৰিয়তমৰ মৰম,ভালপোৱা, বিশ্বাস আৰু আশ্বাস।নোৱাৰিলে তাই এই মৰম নেওচি মাক দেউতাকৰ বিশ্বাস ৰাখিব।স্বাতীৰ ফোনটোৱেহে তাইক সেই মৰমৰ পৰা বাস্তৱলৈ ঘূৰাই আনিলে।
*ক'ত আছ?
*তেজপুৰ, অগ্নিগড়ত।
*অ'সোণকালে উভতিবি,এইফালে বতৰ বেয়া আৰু একো বেয়া কাম নকৰিবি বুলি হাঁহি হাঁহি স্বাতীয়ে ফোনটো থৈ দিলে।
            আৰুৰ হৈ যোৱা ক্ষণৰ বাবে চকুলো বৈ আহিল।নিজৰ চকুত নিজেই যেন বহু তল পৰি গ'ল।ক্ষন্তেকৰ ভাৱৰ বশৱৰ্তী হৈ তাই যে এইয়া কি কৰি পেলালে।
*হেই,কি হ'ল।কান্দিছা কিয়?
*আদি, আমি বহু বেয়া কাম কৰিলোঁ।মই মাহঁতৰ আগত মুখ উলিয়াম কেনেকৈ?
*কি বেয়া কাম কৰিলোঁ, একো নাইকৰা।আজিকালি প্ৰেমত এইবোৰ সাধাৰণ কথা।আৰু তুমিটো মোৰেই হ'বা গতিকে ইমান টেনচন নল'বা না  ৰুহ(আদিয়ে মতা নাম)।
*তথাপিও মাহঁতে গম পালে মোক যে কেতিয়াও ক্ষমা নকৰে।
*কোনে ক'ব মাহঁতক ,মইটো নকওঁ তুমি কোৱা যদি বেলেগ কথা।(আদিয়ে পৰিস্থিতিটো পাতল কৰিবলৈ চেষ্টা কৰিলে।)নে স্বাতীক ক'বা?বান্ধৱী হ'লেও চব কথা যে চেয়াৰ কৰিব লাগিব তাৰটো কোনো মানে নাই।প্ৰেম আৰু বন্ধুত্বৰ মাজত কিছু পাৰ্থক্য থকাটো প্ৰয়োজন।
*নাজানো মই স্বাতীক কওঁ নে নকওঁ কিন্তু তুমি যে কৈছা এই পাৰ্থক্যৰ কথাটো ,তেন্তে আমাৰ দুজনীৰ ক্ষেত্ৰত তুমি ভুল ভাবিছা।তুমি আছা মোৰ অন্তৰত নিভাঁজ প্ৰেমেৰে আৰু স্বাতী আছে মোৰ হৃদয়ত বন্ধুত্বৰ বান্ধোনেৰে।তুমি এদিন ফোন কৰি এমাহলৈ ব্যস্ত থাকা,কিন্তু সেই এমাহৰ প্ৰতিটো দিনৰ দিনলিপিৰ হিচাপ ৰাখে স্বাতীয়ে।তুমি যদি মোৰ প্ৰাণ স্বাতী মোৰ মন।মোৰ প্ৰতিটো সুখ দুখৰ সমভাগী স্বাতী।তুমি নোহোৱাৰ দিনৰ সাৰথি তাই।নাজানো তাইৰ বাবে মই কি ,কিন্তু মোৰ বাবে স্বাতী সৰ্বস্ব।
*Ok,my dear I am sorry.মোৰ ভুল হৈ গ'ল।দুই best friend ৰ মাজত মই সোমালো।এতিয়া এইবোৰ পাহৰা,ব'লা কিবা এটা খাই লওঁ।এটা কথা মনত ৰাখিবা আমি একো ভুল কৰা নাই।এইয়া মাথো প্ৰেমহে।
       আদিৰ বুজনিত স্থিৰ হৈছিল আৰু।ভুল শুদ্ধৰ বিচাৰ কৰিবলৈ বাদ দি সেই সময়খিনি উপভোগ কৰিছিল তাই।আকৌ বা কেতিয়া ঘূৰাই পাব এই সময়,দুয়োৰে প্ৰেমৰ সময়।ঘূৰি আহিছিল সিহঁত ৰেষ্টুৰেন্টত কিবা কিবি খাই,আবেলিৰ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য্য চাই,বোকাখাটৰ পেৰাৰ জুতি লৈ কাজিৰঙাৰ শ্যামলীমাৰ মাজেদি উভতি আহিছিল সিহঁত।বাজি উঠিছিল গাড়ীত

     নেচাও তোমাক এবাৰো
     নেচাপো কাষ এধানো
     পাহৰি যাওঁ মচি মচি থওঁ
     তোমাক মনৰ পৰা মোৰ
     ভাবিবলে ভয় জানো সঁচা হয়
     এই ভাবনাই কলিজা কৰে আতুৰ।
     হ'ব পাৰে এনে কথা
     জীৱনে মোক এৰে যদি
     হ'ব পাৰে এনে কথা
     মৰনে মোক চুৱে যদি।

           হৈ যোৱা ঘটনাৰ   সকলো কৈছিল আৰুৱে পিছদিনা স্বাতীক।
*মই ভুল কৰিলোঁ ন স্বাতী?
*কৰিলিটো,ইমান দূৰলৈ যোৱাৰ নো কি প্ৰয়োজন আছিল।?গলি গলি সাৱধানে থাকিব লাগিছিল।
*নোৱাৰিলো অ' নিজকে সংযম কৰিব।তই নুবুজিবি।
*হয় দে মই প্ৰেম কৰা নাই যেতিয়া মই নুবুজো।এতিয়া ভুল কৰিলিয়েই যেতিয়া উপায়টো নাই।Next time চাই চিন্তি কাম কৰিবি।এতিয়া বাদ দে সেইবোৰ।
*হ'ব দে গোঁসানী ,আপকা আদেশ চৰ আখ' পে।

                   ৰিজাল্ট দিছিল আদিৰ,বিশ্ববিদ্যালয়ৰ ভিতৰত 1st class 1st হৈ  পাছ কৰিছিল সি।আৰুৰ ঘৰতো সেইদিনা উৎসাহৰ বন্যা বৈছিল।সুখী হৈছিল সকলো। মাছ,মাংস,মিঠাইৰে ঘৰ ভৰি পৰিছিল আৰুৰ।নিমন্ত্ৰণ পাইছিল স্বাতীৰ ঘৰৰ মানুহেও।সন্ধিয়ালৈ আদিও আহিছিল সিহঁতৰ ঘৰলৈ মিঠাইৰ টোপোলা লৈ।আৰুৰ আনন্দৰটো সীমাই নাছিলে।সুখী হৈছিল তাই প্ৰিয়জনৰ সফলতাত।
               সপোন ৰাজ্যত উটি ভাহি থাকোঁতেই ঘটি গৈছিল ঘটনাটো।তেজপুৰৰ পৰা উভতাৰ পিছত আদিৰ ঘৰত গম পাইছিল সকলো।এদিন সন্ধিয়া স্বাতী আৰুৰ ঘৰত থাকোতেই আহিছিল আদিত্যৰ দেউতাক।এজন অহংকাৰী পিতৃ,এজন চহকী ব্যৱসায়ী হৈ।শুনাই গৈছিল কঠোৰ ভাষাৰে আৰোহী আৰু আদিত্যৰ নিমিলা অংকৰ কথা।তেওঁৰ Topper ল'ৰাৰ বাবে অযোগ্য only 1st division পোৱা আৰোহী।এজন প্ৰাথমিক স্কুলৰ শিক্ষকৰ জীয়েকে কেতিয়াও তেওঁৰ ঘৰ শুৱনি কৰিব নোৱাৰে।আদিৰ wife হোৱাৰ যোগ্য কেৱল কোনো অফিচাৰ বা successful business man ৰ ছোৱালী।গতিকে তেওঁৰ ল'ৰাক যাতে আৰুৰ ঘৰৰ মানুহে হাত কৰি নলয় তাকে সকিয়াই দি গৈছিল তেওঁ। তেওঁৰ ষ্টেণ্ড কৰা ল'ৰাক পাই আৰুহঁতে হাত কৰি ল'ব বিচাৰিছে,যি কেতিয়াও তেওঁ হ'বলৈ নিদিয়ে।কাৰো কথা শুনা নাছিল তেওঁ।কেৱল নিজৰ খিনি কৈ গুচি গৈছিল তেওঁ।বহাৰ বাবেও যেন সেইখন ঘৰ অযোগ্য আছিল।ভাঙি পৰছিল সকলো,ভাঙি পৰিছিল আৰু।তাইৰ বাবে মাক-দেউতাকক অপমান কৰাটো সহ্য হোৱা নাছিল তাইৰ।লাজ পাইছিল আৰুৰ দেউতাকে,তেওঁৰ শিক্ষক মনটোৱে। কেতিয়াও আদিক তেওঁ ধনী ,চোকা ল'ৰা বুলি গ্ৰহণ কৰা নাছিল,গ্ৰহণ কৰিছিল আদিৰ নিভাঁজ প্ৰেমক দেখি,তাৰ নিৰ্ভয়তাক দেখি,মৰমৰ জীয়েকৰ নিষ্পাপ প্ৰেম দেখি।
               আহিছিল পিছদিনা আদি।দেউতাকে কৰি যোৱা অপমানৰ ক্ষমা বিচাৰি।কথা দিলে সি দেউতাকক বুজোৱাৰ, কথা ল'লে সি আৰুৰ দেউতাকৰপৰা মত সলনি নকৰাৰ। দেউতাকে তাক দিল্লী বিশ্ববিদ্যালয়লৈ পঠিয়াইছে।এদমিচন আছে তাৰ পিছৰ সপ্তাহত, ফ্লাইটৰ টিকট  হৈ গ'ল।ভালদৰে পঢ়িব সি,ইয়াত আৰুৱেও পঢ়ক ভালদৰে।নিজকে প্ৰতিষ্ঠিত কৰি ল'ব পাৰিলেই সি আপোন কৰি ল'ব আৰুক।গুচি গ'ল সি প্ৰতিশ্ৰুতিৰে বান্ধি, প্ৰেমৰ এনাজৰীৰে বান্ধি।বাট চাই ৰ'ল সিহঁতবোৰ প্ৰতিশ্ৰুতি বোৰ প্ৰতিপাদন হোৱাৰ আশাৰে।

খণ্ড---৬

            গুচি গৈছিল আদি,ভবিষ্যতৰ ৰঙীণ সপোনৰ পিছত। ৰৈ গৈছিল আৰু সি দি যোৱা প্ৰতিশ্ৰুতিৰ মাজত ,ভাঙো নাভাঙোকৈ থকা সিহঁতৰ সম্পৰ্কৰ অনিশ্চয়তাৰ মাজত।স্বাতীৰ দায়িত্ব আৰু বাঢ়িছিল।আদিয়ে তাইক দায়িত্ব দিছিল,
*আৰুক চাবা,তাইক বুজাবা,সময়ত সকলো থিক হৈ যাব।,মই থিক কৰিম।'
  ভাহি আহিছিল ফোনৰ সিটো মূৰত থোকাথোকি মাত।স্বাতীয়েও প্ৰতিশ্ৰুতি দিছিল।বুজাইছিল আৰুক,সিহঁতেও মাষ্টাৰ ডিগ্ৰী কৰিবলৈ দিল্লীলৈকে গুচি যাব,তেতিয়া আদিক লগেই পাই থাকিব। ৰিচাৰ্চ কৰিব,উচ্চ শিক্ষা ল'ব,চাকৰি হ'ব।তেতিয়া আদিৰ দেউতাকৰো আপত্তিৰ কাৰণ নাথাকিব।কোনো বুজনিয়ে কামত দিয়া নাছিল ,হাঁহি-মাতি ফূৰ্তি-ফাৰ্তা কৰি থকা চঞ্চলা আৰুজনীৰ কোনো কথাতে হাঁহি নোলোৱা হৈছিল।নুবুজে কোনেও দুখন হৃদয়ৰ বিচ্ছেদৰ অগণি।দিনবোৰ পাৰ হৈছিল ।লাহে লাহে পৰিস্থিতিও আগৰ দৰে হৈছিল।আৰুও সহজ হৈছিল, আদিও ব্যস্ত হৈ পৰিছিল তাৰ সপোনবোৰৰ মাজত ফোন অহাটো প্ৰায় তাৰ কমি গৈছিল, মাজে মাজে মেছেজ কৰিছিল,এনেদৰেই  চলি আছিল দুয়োৰে প্ৰেম জনমে জনমে ,পুনৰ শ্ৰুতা হৈ পৰিছিল স্বাতী বক্তা হৈ পৰিছিল আৰুহী।
                   
               সময় পাখি লগা কাঁড়ৰ দৰে।পাৰ হৈছিল সময় দূৰন্ত বেগে।চাওতে চাওতে দুবছৰ পাৰ হৈছিল।স্বাতী আৰুও স্নাতক ডিগ্ৰীধাৰী হৈছিল।সময়ে সিহঁতকো নিছিল গুৱাহাটী বিশ্ববিদ্যালয়লৈ।ফৰ্ম অনাৰপৰা এডমিশ্যন লোৱালৈকে দুয়োজনী  এজনী আনজনীৰ ছাঁৰ দৰে আছিল।গুৱাহাটী বিশ্ববিদ্যালয় ,কৃষ্ণচূড়াৰ দেশ।জালুকবাৰীৰ আকাশে বতাহে যেন স্বাগতম জনাইছে সিহঁতক।

                  লোৱা মোক আকোঁৱালি, দুহাত মেলি।
                  মোকো দিয়া এপিয়লা প্ৰেমৰ সুৰা ।
                 কৃষ্ণচূড়াৰ আকাশত আকোঁ ৰামধেনুৰ         
                             সাতো ৰং     ।                                                  
                 নৃত্য-গীতৰ নাট আৰু কিমান চাম,

                 পৰি ৰওঁ ময়ো এইবাৰ তোমাৰ প্ৰেমত।

                 কিছু ভয়,কিছু শংসয়, অলেখ সপোন,নতুন পৰিবেশৰ মাজে মাজে সিহঁত ভৰি দিছিল কৃষ্ণচূড়াৰ দেশত।আৰম্ভ হৈছিল সিহঁতৰ নতুন যাত্ৰা। ২১বছৰীয়া জীৱনটোত কোনোদিনে ঘৰৰপৰা আঁতৰি নথকা স্বাতী আৰুৰ বাবে ইমান সহজ নাছিল মৰমৰ ঘৰখন এৰি অহা।ঘৰ এৰাৰ দুদিন আগৰপৰাই সকলোৰে চকুত চকুপানী।মাকহঁতে উচুপি উচুপি বনাইছে জীয়েকহঁতৰ বাবে নানা লাৰু-পিঠা।কিমানদিনলৈ আৰু খাবলৈ নাপায় থিকটো নাই।ভৰাই পঠাইছে দুয়োজনীকে এটা এটা বেগ লাৰু পিঠাৰে।আহিবৰ দিনা ওচৰ-চুবুৰীয়া মানুহৰে ভৰি পৰিছিল সিহঁতৰ পদূলি।সকলোৰে আশীৰ্বাদ লৈ কান্দি কান্দি মাকহঁতক সাৱটি ধৰিছিল দুয়োজনীয়ে।গোটেই বাটটো কান্দিছিল সিহঁতে।হোষ্টেলত থৈ দেউতাক যাবলৈ লোৱাত চিঞঁৰি চিঞঁৰি কান্দিছিল স্বাতীয়ে।উসঃ ইমান বেদনাদায়ক এই বিচ্ছেদ।আগতে জনা হ'লে তাই নাহিলেই হয় ইমান দূৰত পঢ়িবলৈ।হোষ্টেলৰ বাকেইজনীমানে বুজায় -'হ'ব দিয়া নাকান্দিবা।আমিবোৰ আছো নহয়।'বহু দিনলৈ হোষ্টেলত তাইক কান্দুৰী মাইনা বুলি জুকাইছিল।গুচি গৈছিল দেউতাক চকুলো বোৱাই।স্বাতী আৰু আৰোহীৰ  একেটা কেম্পাছ যদিও হোষ্টেল একেটা নাছিল।গতিকে এই বিৰহ-বেদনা দুগুন হৈছিল।
                   বহু শিকাইছিল জালুকবাৰীয়ে।ঘৰৰ নীতি-নিয়মৰ দৰে হোষ্টেলৰো বহু নিয়ম আছিল।আগতে ঘড়ীৰ কাটাত যদি সিহঁতে দৌৰিছিল,এতিয়া হোষ্টেলৰ বেলৰ শব্দত সিহঁত দৌৰে।আগতে মাকৰ এলাৰ্মত উঠে,এতিয়া বেলৰ শব্দত উঠে, আগতে মাকে ভাত বাঢ়ি মাতে,এতিয়া মামাহঁতে ভাত বাঢ়ি বেল বজাই।সম্পূৰ্ণ এক নতুন পৰিবেশ।ঘৰত গোসাঁই ঘৰত মাকৰ লগত প্ৰাৰ্থনা কৰে,এতিয়া সকলো হোষ্টেলৰ ছোৱালী মিলি কৰে।অৱশ্যে ছিনিয়ৰৰ বাবে এই নিয়মত কিছু শিথিলতা আছিল।আগতে সন্ধিয়া হোৱাৰ আগত ঘৰ নোসোমোলে মাকৰ প্ৰশ্ন,এতিয়া প্ৰিফেক্তৰ প্ৰশ্ন।জুনিয়ৰৰ বাবে ছিনিয়ৰতকৈ বেছি নিয়ম আৰু এই নিয়ম নামানিলিয়েই ছিনিয়ৰৰ গালি।সকলোৱে খাই এই গালি।আৰুৰ এই ক্ষেত্ৰত হিচাপটো অলপ বেছি।প্ৰথম প্ৰথম সকলো নিয়ম মানিছিল যদিও লাহে লাহে তাইৰ আমনি লাগিল।সময়মতে নোঠা,সময়মতে প্ৰাৰ্থনা হলত নোপোৱা, কৰিদৰত ফোন ব্যৱহাৰ কৰা আৰু বহু অভিযোগ তাইৰ ওপৰত আহিল।বাকীবোৰ নিয়ম মানিলেও তাই আদিয়ে ফোন কৰিলে কেনেকৈ কথা পাতে লাহে লাহে।কাৰণ ৰুমৰ ভিতৰত ছিনিয়ৰৰ উপস্থিতিত লাহে লাহে কথা পাতিব লাগে।আদিয়ে ফোন কৰে তাৰ ব্যস্ততাৰ মাজত সময় উলিয়াই ৰাতি ন,দহ মানত,তাকো মাহেকত দুদিন বা তিনিদিন।ৰিচাৰ্চৰ কামত সি ব্যস্ত।গতিকে, এই সময়খিনি তাইৰ বাবে বৰ হেপাঁহৰ।তাতো তাই হৃদয়ৰ আবেগ সামৰি ছিনয়ৰৰ ভয়ত নোৱাৰে কথা পাতিব।যোৱা দুবছৰে তাক দেখা নাই, অহা নাই সি অসমলৈ, সময় নাই ,ভীষণ ব্যস্ত হৈ পৰিছে সি তাৰ কেৰিয়াৰকলৈ,তাৰ সপোনক লৈ।সপোনে পূৰ্ণতা পালেই যে হ'ব দুয়ো দুয়োৰে লগৰী।
               বিশ্ববিদ্যালয়ৰ জীৱনে সকলো ফালৰপৰা সলাই পেলাইছিল স্বাতীক।আগতে মাকৰ মিমি হৈ থকা স্বাতী এতিয়া ৰুমমেটৰ পল হৈ পৰিছিল,ডিপাৰ্টমেন্টত স্বাত হৈ পৰিছিল।মৃনালী,দিকুহঁতৰ আব্দাৰত ঘৰত বেয়া পোৱা বস্তুও সিহঁতে ভাল পাবলৈ লৈছিল।বেলেগে কৰা নাচ,গান চাই ভালপোৱা স্বাতীয়ে হোষ্টেলত নাচ,গান,একটিং কৰাৰ উপৰিও সাহিত্যিক হৈ পৰিছিল।সৰুতেই বিহু নচা স্বাতীয়ে এতিয়া হোষ্টেলৰ বিহু নৃত্য প্ৰতিযোগিতাত ফাৰ্ষ্ট হৈছে।গল্প,কবিতা লিখিছে,হোষ্টেলৰ ৱাল মেগাজীনত প্ৰকাশিতো হৈছে।এইয়াই ৰেগিং আছিল সিহঁতৰ বাবে প্ৰত্যেকৰে সুপ্ত প্ৰতিভা বিকাশ হৈছিল।মনত আছে স্বাতীৰ এতিয়াও এদিন গুৱাহাটীৰ ত থকা বৰটাকৰ ঘৰৰ পৰা আহি গম পাইছে হোষ্টেলত একক অভিনয় আছে।কি কৰিব তাই জাৰুটোকে লৈ মেখেলা খন কোচাই তাই জাৰুৱালী হৈছিল।আগতে লাজ কৰি থকা স্বাতীৰ হোষ্টেললৈ আহি লাজটো কমিছিল।আৰুটো আগৰপৰাই বিন্দাচ আছিল।এনেদৰেই বন্ধু, বান্ধবীৰ সংখ্যাও বাঢ়ি গৈছিল দুয়োজনীৰে।স্বাতী আৰুৰ বন্ধুত্বৰ লিষ্টত এতিয়া দিকু,মমী, সুনীতা,মৃণালী,দিপশ্ৰী,হাচিনা আৰু বহুতো সোমাই পৰিছিল। লাহে লাহে জালুকবাৰী সিহঁতৰ আপোন হৈ পৰিছিল আৰু ইয়াৰ মানুহবোৰ আপোনৰো আপোন।ঘৰ এৰাৰ দুখটো লাহে লাহে পাতলিছিল।হোষ্টেল খনো সকলোৰে দ্বিতীয় ঘৰ হৈ পৰিছিল।কিমান ৰসাল কহিনী সোমাই আছে এই জীৱনত।হোষ্টেলৰ বাহিৰে বাকী য'লৈকে গৈছিল দুয়োজনী একেলগে গৈছিল, কেতিয়াবা তাতে সঙ্গ দিছিল সুনীতাহঁতে।এতিয়া আৰুৰ শ্ৰুতাৰ লিষ্টত দিকুহঁতো সোমাইছিল।অসমৰ ভিন্ন প্ৰান্তৰপৰা অহা ল'ৰা-ছোৱালীবোৰ দুদিনতে সকলোৰে আপোন হৈ পৰিছিল।
                  জালুকবাৰীত সিহঁতে নতুন নাম পাইছিল মইনা।বয়জ হোষ্টেল পাৰ হৈ গ'লেই হোষ্টেলৰ ল'ৰাৰ চিঞৰ---মইনা আগলৈনো কিমান চোৱা আমালৈও অলপ চাবা।সেইদৰে ছিনিয়ৰ বাহঁতকো দেখিছিলে সিহঁতে হোষ্টেল গেষ্ট হাউচত কাৰবাৰ দাদাকহঁতে লগ ধৰিবলৈ আহিলে বা হোষ্টেলৰ সন্মুখেদি কোনোবা ল'ৰা পিৰ হৈ গ'লে সকলোৱে তেওঁক জুকাইছিল।লাজত ৰঙা চিঙা পৰি গৈছিল সিহঁত।স্বাতীয়ে দেখিছিল আগতে সিহঁতৰ ঠাইবিলাকত ল'ৰাই ছোৱালী জুকাইছিল কিন্তু জালুকবাৰীত ছোৱালীয়েও ল'ৰা জুকাইছিল।কিন্তু ইয়াত আছিল  কেৱল ক্ষন্তেকৰ ধেমালিহে।মুঠতে সকলো মাইনা,মইনাৰে জালুকবাৰী জীপাল হৈ উঠিছিল।ডিপাৰ্টমেন্ট ফ্ৰেচাৰ্চ সিহঁতৰ সোনকালেই হৈ গৈছিল। ফ্ৰেচাৰ্চত কি ক'ত কিয় বিখ্যাত কোৱাৰ পিছতে নিজৰ নিজৰ ভাললগা গান এটি বা বিহু নাচিব লাগে।আৰুহীয়ে গাইছিল----

তোমাৰ মৰমে মোৰ,দেহত তুলিলে ঢৌ।
বুকুত দিলে যে মৌ ,কি যে মিঠা মিঠা।

        স্বাতীয়ে বিহু গাইছিল লগতে দুপাকমান নাচিছিলেও।এইদৰে সকলোৰে নিজৰ নিজৰ ভাললগাখিনি প্ৰদৰ্শন কৰিছিল। ল'ৰাখিনিক দিয়া হৈছিল এটা ইন্টাৰেষ্টিং গেম।এপাহ গোলাপ ফুল দিছিল আৰু নিজৰ প্ৰিয়তমা বুলি ভাবি যিজনী ছোৱালীক পচণ্ডৰ হয় তেওঁক দিব লগা হৈছিল।আৰুক সেই গোলাপ দিওঁতাজনেই হ'ল আজিৰ দৰা আৰব্ধ।স্বাতীয়ে দেখিছিল তাৰ দুচকুত সেই তেতিয়াই প্ৰেমৰ বৰষুণ।তিতিছিল সি আৰু নামৰ  প্ৰেমৰ বৰষুণজাকত।

                    এদিন প্ৰিফেক্টৰ নিৰ্দেশ অনুযায়ী  বিশ্ববিদ্যালয় ফ্ৰেচাৰ্চৰ বাবে সিহঁতে বিহুৰ অনুশীলন কৰিবলৈ গৈছিল।বয়জ হোষ্টেলৰ ল'ৰাই সিহঁতক লৈ গৈছিল আৰু থৈও গৈছিল।বেয়াও লাগিছিল স্বাতীহঁতৰ সিহঁতলৈ ,খোজকাঢ়ি খোজকাঢ়ি বেচেৰাকেইটাই সিহঁতক অনা-নিয়া কৰিব লাগে।জুনিয়ৰ বিলাকক বয়জ হোষ্টেলত পহু বুলি কোৱা হৈছিল।পহুকেইটাই এনদৰে হোষ্টেলৰ পৰা ছোৱালীখিনিক অনা-নিয়া কৰিব লাগে।সহজ অৰ্থত বদি গাৰ্ড হ'ব লাগে।তাতেই লগ পাইছিল স্বাতীয়ে স্বস্তিকক এদিন উভতি অহাৰ পথত-

*হাই,মই শাস্বত আৰু তুমি?

*নমস্কাৰ, মই স্বাতীপল বৰুৱা।হাই বুলি কৈ আগুৱাই অহা হাতখন স্বাতীৰ নমস্কাৰত লগে লগে নমস্কাৰলৈ ৰূপান্তৰিত হৈছিল।স্বাতী এতিয়াও অভ্যস্ত হৈ উঠা নাই কাৰোবাক হেণ্ডচেক্ দি সম্ভাষণ দিবলৈ।

*ডিপাৰ্টমেন্ট?

* পলিটিকেল চাইন্স।

*ঘৰ

*যোৰহাট

*তোমাৰ ফোন নাম্বাৰটো দিবা নেকি?

*মোৰ ফোন নাই।হঠাৎ পাৰ্চটোত থকা ফোনটো বাজি উঠিল ,নাকে মুখে ৰঙা হৈ পৰিল স্বাতী।ল'ৰাটোৱে হাঁহিবলৈ ধৰিলে।

*এইটো ছাগে তোমাৰ পাৰ্চত বেলেগৰ ফোন সোমাই আছিল ন পল?

*মোৰ নাম স্বাতীপল । নামটোৰ এনে ৰূপ কেৱল তাইৰ হোষ্টেল মেটৰ বাবে, বেলেগৰ বাবে নহয়।খঙেই উঠিছে নে লাজেই লাগিছে তাই ক'ব নোৱাৰিলে, কেনেকৈ সোনকালে হোষ্টেল পাব পাৰি তাই তাৰেই চিন্তাত থাকিল।

*ইমান দীঘল নাম মই মাতিব নোৱাৰো,মই পল বুলিয়েই মাতিম।

*তেন্ত মই আপোনাকো শ্বাত বুলি মাতিম।হঠাৎ কৈ পেলালে তাই কথাষাৰ।

*No problem, মাতিব পাৰা।মোক চবেই মৰমতে সেইবুলিয়েই মাতে।

           লাজ লাগি গ'ল স্বাতীৰ, সন্মুখত হোষ্টেলটো পাইহে তাই সকাহ পালে।সকলোকে বিদায় দি সিহঁতকেইজনী নিজৰ নিজৰ হোষ্টেলত সোমাল।ইফালে আৰুৰ তাং খিচাঈ আৰম্ভ হ'ল।বাঃ বাঃ আমাৰ স্বাতীৰ জালুকবাৰীৰ প্ৰেম আৰম্ভ হ'লেই।তাইক বিদায় দি স্বাতী আগুৱাইছে নিজৰ হোষ্টেললৈ।হৈ যোৱা কথাখিনি মনতে আওৰাই তাই সোমাল নিজৰ ৰুমত।ৰাতি ভাত খাই স্বাতী দীঘল দি পৰিল বিচনাত।ফোনটোৰ  নটিফিকেশ্যন টিউনটো বাজি উঠিল।স্বাতীয়ে খুলি চালে  fb ত আহিছে -----Saswat kashyap sent you  a friend request.
 উস ,ধক ধকধক ।

খণ্ড---৭

           বেছি দিন হোৱা নাই তাই ফেচবুক খোলা, ৰুমমেট অংকুৰ তাগিদাত ব্লকটোৰ fb নথকা স্বাতী আৰু নিবেক fb খুলাইছিল অংকুৱে,খুলাইছিল মানে খুলি দিছিল।বেয়া লগা নাছিল স্বাতীৰ এৰি অহা বন্ধু বান্ধৱীখিনিক যেন তেতিয়াও কাষতে পাইছিল তেনে লাগিছিল।সেইদিনা অংকু নাছিল জেঠায়েকৰ ঘৰলৈ গৈছিল, অকলে শুবলৈ ভয় কৰা দেখি নিবেদিতা আহিছিল তাইৰ ৰুমত শুবলৈ।শাস্বতৰ friend request টো দেখি ভয় খালে স্বাতীয়ে, লগে লগে Delete কৰি দিলে তাই request টো।নিবেক সকলো কথা কোৱাত নিবে জাঙুৰ খাই উঠিল
*এইবোৰ প্ৰেম চেমৰ চক্কৰত নপৰিবি দেই।এনেও জালুকবাৰীৰ প্ৰেম বেডিং বন্ধা প্ৰেম।
*মানে?
*মানে ইয়াত বেডিং খোলাৰ লগে লগে  প্ৰেম আৰম্ভ হয় আৰু বেডিং বন্ধাৰ লগে লগে প্ৰেম শেষ হয়।
*বুজা নাই।
*মানে ইয়াৰ প্ৰেম এবছৰীয়া বা দুবছৰীয়া।অহাৰ লগে লগে আৰম্ভ হয় আৰু ঘৰলৈ উভতি যোৱাৰ লগে লগে এই প্ৰেমৰ অন্ত পৰে।বুজিলি?
*অ'আচ্ছা।অংকুৰ পৰা তাই আজিকালি শিকিছে এই শব্দ দুটা অ' আচ্ছা।
     দুয়োজনীয়ে কথা পাতি থাকোতে ৰাতি ১২ মান বাজিল,আকৌ ফোনটো বাজি উঠিল -Saswat kashyap sent you a friend request.স্বাতীৰ দেখি কাণ মূৰ গৰম হৈ গ'ল।বৰ নিলাজ ল'ৰা দেই ,এবাৰ delete কৰাৰ পিছত আকৌ request পঠাইনে।এইবাৰ নিবেৰ কথামতে ফোনটো অফ্ কৰি তাই শুই থাকিল।
              পিছদিনা ক্লাছ কৰিবলৈ হোষ্টেলৰ গোটেই কেইজনী ওলাই গ'ল লগত আৰুও।আৰুৰ লগ হৈয়েই কথা আৰম্ভ ।
*অ'ই জান কালি আদিয়ে ফোন কৰিছিল।অহা মাহত সি অসমলৈ আহিব,লগ কৰিব মোক।মোক গোটেই গুৱাহাটীখন ফুৰাব বোলে সি।তাৰ প্ৰিয় কলাক্ষেত্ৰ আৰু দীঘলীপুখুৰীলৈও যাব।তইয়ো ওলাবি মোৰ লগত দেই পল।
একে উশাহতে কথাখিনি কৈ পেলাইছিল আৰোহীয়ে।এইয়াই ছাগে প্ৰিয়তমক বহু দিনৰ মূৰত লগ ধৰাৰ আকুলতা,দুৰ্বাৰ হেঁপাহ।
     *সময় আহকচোন দে,তেতিয়া থিক কৰিম কি কৰিম কি নকৰিম ---স্বাতীয়ে উত্তৰ দিলে।
    *স্বাতী মইনা ,স্বাতী মইনা কালিনো আমাৰ শাস্বতৰ request কিয় accept নকৰিলা? গোটেই ৰাতি তাৰ টোপনিয়েই নাহিল।চোৱাচোন তাৰ চকুৰ গুৰিকেইটা?
              কথাকেইটা শুনি স্বাতীৰ মূৰ গৰম হৈ আহিল।আৰুৱে লগে লগে উত্তৰ দিলে -আজি আকৌ পথাই দিবা আজি accept কৰিব।লগত অহা চন্দনাই ক'লে -'বাঃ পল তইচোন দুদিনতে ফেমাছ হৈ গলি,তামাম দেই'।আৰুৰ এইবাৰ মুখ ফুলিল-'অথনিৰে পৰাযে তই মোক একো কোৱা নাই।মই হ'লে চব তোক কওঁ।'
              *ক'বলৈ কিবা থাকিলেহে তোক ক'ম।ফেচবুকত কোনোবাই ৰিকুৱেষ্ট পথিয়ালেই যেনিবা সেইটো কিবা ক'ব লগা কথা নেকি।আৰু তইয়ো চোন অথনিৰে পৰা আদিৰ কথাকে কৈ আছ,মোক ক'বলৈ কিবা সুবিধা দিছ জানো। খং উঠি গ'ল স্বাতীৰ,খঙত কি কৈছে তাই নিজেই নাজানে।সেইদিনা শ্ৰেণী কক্ষত স্বাতী উপস্থিত আছিল যদিও মনটো তাই কোনোমতে বহুৱাব নোৱাৰিলে।ক্লাছ শেষৰ পিছত গোটেই কেইজনীয়ে  কেন্টিনত চাহ খাবলৈ সোমাল।চাহৰ প্ৰথম ঢোক মাৰুতেই সন্মুখৰ আন এখন টেবুলত বহিলহি শাস্বত আৰু দুজন ল'ৰা।স্বাতীক দেখি কিবা ক'বলৈ লওতেই স্বাতীয়ে চকু নমাই আনিলে তললৈ।টেবুলখনৰ পৰা ভাহি আহিল গানৰ গুণগুণনি
       চৰি চৰি দিল তেৰা চুৰায়েঙ্গে
       অপনা তুজে হম বনায়েঙ্গে
       ধীৰে ধীৰে পাছ তেৰে আয়েঙ্গে
       আকে দূৰ ফিৰ না জায়েঙ্গে।
 *সোনকালে চাহ খা তহঁতে ,আকৌ বিহুৰ প্ৰেকটিছ কৰিবলৈ যাবলৈ আছেই।স্বাতীৰ বাবে যেন এক মিনিটো তাত থকা সম্ভৱ নহয়।উঠি আহিল তাই
*তহঁতে খা,মই বিল পে কৰোগৈ বুলি কাউন্টাৰলৈ  গ'ল স্বাতী।
*এই ৰবীন দা,৪ নম্বৰ টেবুলৰ বিল মই দিম।এই মেডামৰ পৰা নল'ব বুলি শাস্বত উঠি আহে‌।
*কিন্তু কিয়?মোৰ পইচা আছে। নোচোৱাকৈয়ে ক'লে স্বাতীয়ে।
*মোৰ মন গৈছে।মইটো কোৱা নাই তুমাৰ পইচা নাই বুলি, নে কি কোৱা তোমালোকে? বুলি সি মৃণালীহঁতলৈ চালে।
      গোটেইকেইজনীয়ে আৰুৰ মুখলৈ চালে।যেন দিলেও দে আমাৰনো কি যায়,ভালহে পইচা ৰাহি হ'ব।কাৰণ হোষ্টেলত থকাইহে জানে এদিনৰ পইচা বাছিলেও কিমান পকেট মানী ৰাহি হয়।
*নালাগে পইচা মই দিম, বুলি আৰুৱে চাৰিওজনীৰ হৈ টকা ১০০ উলিয়াই দিলে।
*হ'ব ভন্তী  শাস্বতে দিম বুলি কৈছে নহয় তুমি কাইলৈ দিবা দিয়া।
*আপোনাক এই ১০০ টকা দিলো ,আপুনি মোক ৰিটাৰ্ণ নকৰিলেও হ'ব ।একেকোবে তাই ওলাই আহিল কথাষাৰ কৈ।তাই অহা দেখি বাকীকেইজনীও আহিল।
           ওলাই আহিল সিহঁত।পিছে পিছে শাস্বতহঁত।
*Excuse me,Miss Swati wait বুলি থিক সন্মুখতে ৰৈছিলহি শাস্বত।
 *ইমান attitude কাক দেখুৱাইছা?মই পইচা দিম বুলি কৈছিলোনে নাই।এইয়া তোমাৰ ১০০টকা লোৱা বুলি স্বাতীৰ হাতখনত ধৰি গুজি দিলে।কেতিয়াবা কেতিয়াবা বেলেগৰো কথা শুনিব লাগে, নহ'লে কেতিয়াবা বিপদত পৰিবা বুলি সিহঁত আতৰি গ'ল।
      ৰাষ্টাটো কাৰো মাত এটা নোলাল।সকলো মনে মনে হোষ্টেল সোমাল।

               স্বাতীৰ বাবে যেন বিহু নাচিবলৈ যোৱাটো আৰু সম্ভৱ নাছিল।দিকুক যাবলৈ কৈ তাই গা বেয়া লাগিছে বুলি শুবলৈ ল'লে।গা বেয়াৰ কথা শুনি আৰু দৌৰি আহিল হোষ্টেললৈ ,লগে লগে ব্লকটোৰ সকলো লগৰ কেইজনীয়ে ঘটি যোৱা ঘটনাবোৰ গম পালে।সকলোৰে গালি খালে স্বাতীয়ে।
*ইমান সৰু কথাৰ বাবে তই আজি প্ৰেকটিছলৈ নগ'লি,পাগল হ'লি নেকি? দিপশ্ৰীৰ ভাষ্য।
*এইবোৰ লাইফৰ সৰু ,সৰু ঘটনা,চিল্ য়াৰ ।অংকুৰ ভাষ্য।
*মোলৈ চা কিমান বছৰৰ পৰা প্ৰেমেই কৰি আহিছো,তই যেনিবা এতিয়া কৰিবি বুলি আৰুৱে মিচিকিয়াই হাঁহিবলৈ ধৰিলে।
*এইবাৰ তোক কিবা ক'লে তই চিধাচিধি ক'বি তোৰ এইবোৰ ভাল নালাগে বুলি।এইয়া মৃণালীৰ ভাষ্য।
            সকলোৰে কথাৰপৰা স্বাতীয়ে ইয়াকে বুজিলে যে তাইৰ কাৰণে ডাঙৰ হৈ পৰা এই কথাটো সকলোৰে কাৰণে ভাতৰ লগত পানী খোৱা কথা।সকলোৰে বুজনিত মান্তি হৈ তাই ওলাই গ'ল প্ৰেকটিছলৈ।দিকুক ৰখাই থৈছিল বাকীকেইজনীয়ে।একেলগে ওলাই গ'ল দুয়োজনী।আৰুক বিহুৰ পৰা সলনি কৰি সমবেত সংগীতত অন্তৰ্ভূক্ত কৰিছিল।গেটৰ বাহিৰত ৰৈ থকা দেখিলে সিহঁতক নিবলৈ অহা কালিৰ ল'ৰাকেইজনক,লগত শাস্বতকো।সিহঁতলৈ নাচাই আগুৱাই গ'ল দুয়ো।কাৰো মুখত এষাৰি মাত নাই।
*হাই,আমি তোমালোককে নিবলৈ আহিছো।এজনে ক'লে।
*অ' আহা আমিও আহি আছো ---দিকুৱে ক'লে।
              অনুশীলন হৈ গৈছিল সিহঁতৰ।সেইদিনা সিহঁতৰ লগত শাস্বতেও নাচিছিল, ঢোলবাদক সি।
              অনুশীলনৰ অন্তত পুনৰ সিহঁতে থ'বলৈ আহিছিল স্বাতীহঁতক।
*SORRY স্বাতী। শাস্বতে কৈছিল।
*কিয় ?খঙেৰে সুধিছিল তাই।
*মৰ্নিং মোৰ লগৰকেইটাই তোমাক তেনেকে কোৱাৰ বাবে আৰু অথনি মোৰ মিচ বিহেভৰ বাবে।
*আপুনি কৈছিল বাবেইটো সিহঁতে ক'ব পাৰিছিল।
*Sorry,Sorry please ,আগলৈ আৰু এনেকুৱা নহয়,মাথো তুমি fb ত friend request accept কৰি ল'বা বুলি সি স্বাতীৰ হাতখন দুহাতত সোমোৱাই ল'লে।
*OK,OK বুলি স্বাতীয়ে হাতখন আঁতৰাই আনিলে।কি অভদ্ৰ ল'ৰা বুলি মনতে ভোৰভোৰালে।ইমান সাহস তাৰ।নিজৰ ঠাইত হোৱা হ'লে তাক এপাট চৰ সোধালে হয়।কিন্তু মাকে শিকাই  পঠোৱা কথাকেইটালৈ স্বাতীৰ মনত পৰিল--'অচনাকি ঠাইত অচিনাকি মানুহৰ মাজত নিজকে সংযত কৰি চলিবি।খং উঠিলেই যি টি কৰি নিদিবি।'
*তেতিয়া হ'লে এতিয়াই accept কৰা।
*ৰুমত গৈ কৰিম।
*ৰুমত গৈ তুমি আকৌ পাহৰিবা,এতিয়াই কৰা বুলি সি তাইৰ সন্মুখতে ৰৈ আগভেটি ধৰিলে।
*এইবোৰ কিন্তু মই আপোনাৰ চিনিয়ৰক লগাই দিম।স্বাতীয়ে ক'লে।
*No problem,সিহঁতটো মোৰ লগৰেই।
*চিনিয়ৰ যদি আমাক থ'বলৈ কিয় আহিছে?
*তোমাক ভাল লাগিছে কাৰণে, বেলেগে যাতে মোৰ আগতে ৰাস্তাটো ক্লিয়েৰ কৰি নলওক সেইবাবে।
        হাঁহি দিলে দিকুৱে।কথা শুনি স্বাতীৰো হাঁহি উঠিছিল যদিও দিকুলৈ কাঢ়াকৈ চালে।হাঁহি বন্ধ হ'ল তাইৰ।
*Accept কৰ পল ,সন্ধিয়া হ'ল ,সোনকালে ব'ল।দিকুৱে ক'লে।
ফোনটো উলিয়াই accept  কৰিলে তাই।
*Good girl এতিয়া যোৱা।দিকু যোৱাৰ আগতে তোমাৰ ফোন নাম্বাৰটো দিয়া, বাইদেউৰটো লাহে ধীৰে লম।শাস্বতে ক'লে।
*লওক বুলি দিকুৱে দি দিলে নাম্বাৰটো।
*তই বিচাৰোটেই দি দিলি যে?স্বাতীয়ে সুধিলে।
*'এনেও সি তোৰ প্ৰেমতহে পৰিছে।মই নাম্বাৰ দিলে মোৰ একো প্ৰবলেম নহয়।তোৰ খবৰ ল'বলৈহে সি ফোন কৰিব।ল'ৰাটোৰ দম দেখি কিন্তু মোৰ ভাল লাগিছে দেই।ফেচ টু ফেচ কথা।কাচ,হমাৰে লিয়ে ভী কঈ এইসা  আ জাতা।'দিকুৱে ক'লে।
           সহজ ,সকলোৰে বাবে সকলো কথাই সহজ।সহজ নহয় কেৱল স্বাতীৰ বাবে।মাকক ক'বলৈও আজি মাক জনী নাই।ফোনত  আজি মাকক ক'ব সকলো কথা ভাবি ভাবি তাই ৰুমত সোমাল।

খণ্ড----৮

              সন্ধিয়া চাহ খাই স্বাতীয়ে মাকলৈ ফোন কৰিলে, সকলো ক'ব মাকক আজি তাই।নোৱাৰে তাই মাকৰ পৰা লুকুৱাই কোনো কথা ৰাখিব।

*হেল্ল' মিমি ক ,আখৰা কৰি আহিলি

*অ'মা।কি কৰি আছিলা?

*আমি সন্ধিয়াৰ চাহ খাই তোৰেই কথা পাতি
 আছোঁ।তই চাহ খালি?

*অ' খালো মা,কথা এটা ক'বলগীয়া আছিল।

*ক আকৌ,পইচা পাতিৰ কিবা দিগদাৰ হৈছেনি?

*নহয় মা বেলেগ এটা কথাহে।

*গম পাইছোঁ, ঘৰলৈ মনত পৰিছে ন,হ'ব দে দুদিনমান পিছত পূজা বন্ধ পৰিব নহয় তেতিয়া আহিবি ,এতিয়া ক্লাছ ষ্টাৰ্ট হৈছেহে ।

শেষলৈ মাকৰো মাতটো থুকাথুকি হৈ পৰিল।কাট খাই গ'ল ফোনটো। নোৱাৰিলে ক'ব তাই অতিকৈ আপোন মৰমৰ মাকজনীক।যি গৰাকী মাকক দৈনন্দিন কথাবোৰ নজনালে তাই শান্তি নাপায়, আজি সেই গৰাকী মাকক কিয় ক'ব নোৱাৰিলে তাই ভাবি নাপালে।পঢ়িবলৈ বহিও পঢ়াত মন বহুৱাব নোৱাৰিলে।তথাপিও দুটামান ন'টছ লিখি সামৰি থ'লে।আৰুৰ ফোনটো পাই যেন তাই সকাহ পালে।শাস্বতৰ কথাবোৰ কৈ গ'ল এফালৰ পৰা।

*'হ'ব দে চিন্তা কৰি নাথাক,একো নহয়।এতিয়া ভাত খাই শুই থাক।'--আৰোহীয়ে ক'লে।

ভাত খাই সিহঁতৰ ব্লকৰ জুনিয়ৰ খিনি সদায় চাদৰ ওপৰত মুক্ত আকাশৰ তলত অলপ ৰয়।মুক্ত আকাশৰ তলত জোনাক নিশা আৰু জোনাকী পৰুৱাৰ খেল চাই,নতুন ঠাই খনৰ ৰূপত মুগ্ধ হয়।ভাল লাগে সকলোৰে এই সময়কণ,ছিনিয়ৰ থকা ৰুমটোৰপৰা ওলাই আহি মুক্তমনে কথা পাতে সকলোৱে।দুজনীমানে মনে মনে ফোনটো আনি কথা পাতে আপোন মানুহজনলৈ।দিকুৰ ফোনটো হঠাৎ বাজি উঠিল।ৰিচিভ কৰি স্বাতীলৈ আগুৱাই দিলে ফোনটো।স্বাতীৰ বুজিবলৈ বাকী নাথাকিল ফোনটো কাৰ হয়।ভয়ে ভয়ে কওঁ নকওঁ কৈ তাই হেল্ল' বুলি ক'লে।ভাহি আহিল সিফালৰ পৰা এইকেইদিনৰ চিনাকি মাতটো।

*কি কৰি আছা?ভাত খালা?

*খালো ।

*পঢ়া-শুনা কৰিলা নে নাই?

*কৰিলোঁ।

*ৰুমলৈ গৈ Fb খোলিবা।

*কিয়?

*খোলিলে গম পাবা।

*আপুনি ক'লেই খুলিমনে,নোখোলো।

*নোখোলিলেও আপত্তি নাই।মোৰ একো লষ্ট নহয় Miss Swati.কিন্তু মই জানো তুমি খোলিবা।

       সিমূৰত ফোনটো কাটি দিলে।
    গোটেই কেইজনীয়ে তাইক বেৰি ধৰিলে।কি ক'লে কি হ'ল সুধি।লাজে খঙে স্বাতীয়ে কৈ গ'ল কি ক'লে ফোনত শাস্বতে।

সুনীতাই কৈ উঠিল----'তোৰ প্ৰফাইল ফটোত কমেন্ট দিছে ছাগে,তাকে চাবলৈ কৈছে দে।'সকলোৱে হয়ভৰ দিলে। লগে লগে দিকুৰ প্ৰফাইলৰ পৰা চেক কৰা হ'ল স্বাতীৰ প্ৰফাইল।'নাই নাই তাৰ কোনো কমেন্ট নাই'----দিকুৱে ক'লে।

'তেন্তে ফোন নাম্বাৰ দিয়া নাছিলি যে fb ত কথা পাতিব যা,অংকু চাবি তোৰ ৰুমমেটক আজি'----হাঁহি হাঁহি দিপশ্ৰীয়ে ক'লে।

         সময় হোৱাৰ লগে লগে সকলো ৰুমলৈ গ'ল।কিন্তু সকলোৰে মনত খু-দুৱনি থাকি গ'ল।ৰুম পাই স্বাতীয়ে নিজৰ প্ৰফাইলটো খোলিলে।মেছেজত গৈ দেখে এখন ফটো ,তাইৰ।বিহুৰ অনুশীলনৰ একপি ফটো।মানে তাইৰ অজানিতে বিহু নাচি থাকোঁতে উঠোৱা ফটো।তলত লিখা আছে, Sorry,তোমাৰ অজানিতে ফটোকপি তুলিছিলো but এইকপি প্ৰফাইল পিক কৰি থ'বা।সৰ্ব শৰীৰ কঁপিবলৈ ধৰিলে তাইৰ।ফটোকপি যদি সি বেয়া কামত ব্যৱহাৰ কৰে।ব্লকৰ গোটেই কেইজনী বাথৰুম যোৱাৰ চলেৰে সিহঁতৰ ৰুম পালেহি এজনী এজনীকৈ।সকলোৰে মুখ ৰঙা পৰি গ'ল কথা শুনি।

*অংকুৱে ক'লে ---'একো নকৰে সি,কৰা হ'লে ফটোখন তোক নিদিয়ে।'

*'তই আকৌ সেইকপি প্ৰফাইল পিক কৰি নিদিবি'--নিবেদিতাই ক'লে।

        কি কৰিব কি নকৰিব চিন্তা কৰি ভয়ে ভয়ে স্বাতী বিচনাত পৰিল।তাই জানে আজিকালি ফটো একপি এডিট কৰি কেনেকৈ বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰে।ভয় লাগিছে তাইৰ।শুৱা নহ'ল সেইদিনা তাইৰ।পিছদিনা ক্লাছলৈও ভয়ে ভয়ে গ'ল।আৰুক সকলো কথা খুলি ক'লে।আৰুৰ মনটো চিন্তা সোমাল।আবেলি আকৌ সিহঁত গ'ল অনুশীলনলৈ।নিবলৈ অহা ল'ৰা কেইজনৰ মাজত আজি শাস্বত নাই।অনুশীলন কৰি থাকোঁতেও স্বাতীয়ে শাস্বতক সেইদিনা নেদেখিলে।সেইদিনা সিহঁতক থ'বলৈও বেলেগ দুজনমানহে আহিছিল।
*'তোমালোকৰ শাস্বত দা আজি নাই নেকি?' দিকুৱে সুধিলে

*'নাই,  কালি ৰাতি তেওঁৰ মাকৰ গা বেয়া হৈ হস্পিতালাইজ হ'ল।লগে লগে তেওঁ তালৈ  গ'ল'।এজনে ক'লে।

   দুয়োজনীয়ে দুয়োজনীলৈ চালে।খবৰটোৱে যেন উঠি থকা খঙটো নিমিষতে নাইকিয়া কৰি দিলে।ব্লকটোৰ গোটেইকেইজনীয়ে খবৰটো গম পালে।লগে লগে দিকুৰ ফোনৰ পৰা সকলোৱে খবৰ ল'লে শাস্বতৰ মাকৰ।নোৱাৰিলে স্বাতীয়ে ফোন কৰিব।কিন্তু প্ৰফাইল পিকখন সলাই পেলালে।

      সেইকেইদিন ক্লাছ,অনুশীলন ক'তোৱেই স্বাতীৰ মন নবহিল।আৰোহীয়েও বুজিছে কথাটো ,ভিন্ন কথাত স্বাতীক ব্যস্ত ৰাখিবলৈ চেষ্টা কৰে তাই।নিয়মিত ভাৱে ক্লাছ হৈ আছিল।তাৰ মাজতে এদিন আৰব্ধই আৰোহীক এটা কবিতা দিছিল।

*পঢ়ি চাবাচোন

*কি?

*কবিতা।

ভয় খাইছিল আৰোহীয়ে চিঠি বুলি।এইকেইদিনতে আৰব্ধ ,দিগন্তহঁত সিহঁতৰ বৰ আপোন হৈ পৰিছে।ধেমাজিৰ ল'ৰা দুয়োটা।সিহঁতৰ মুখত সকলোৱে শুনে বানে গৰকা ধেমাজিৰ কাহিনী। T.V.ত দেখা বানৰ সংহাৰি ৰূপ শুনিছে আৰোহী,স্বাতীহঁতে আৰব্ধহঁতৰ মুখত।কাহিনী কাহিনী যেন লগা প্ৰতিটো ঘটনা,প্ৰতিটো বিৱৰণ।বহু ভিতৰুৱা গাঁৱৰ আৰব্ধ সিহঁতৰ কলেজৰ ভিতৰতে প্ৰথম বাৰৰ বাবে ফাৰ্ষ্ট ক্লাছ লৈ পাছ কৰি বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ আহিছে।পলিটিকেল চাইন্সৰ ল'ৰা যদিও সাহিত্যিত তাৰ বিৰাট ৰাপ।কেইবাখনো কবিতা পুথিও সি প্ৰকাশ কৰিছে।সৰুতেই দেউতাকক হেৰুওৱা আৰব্ধক মাকে বহু কষ্টৰে ডাঙৰ দীঘল কৰিছিল।পথাৰৰ মাটি যিখিনি আছিল, তাত তেওঁ নিজেই তদাৰক কৰি খেতি কৰিছিল লগতে তাঁত বৈ গামোচা, চাদৰ-মেখেলা ওলিয়াইছিল।বৰ্তমান তেওঁ আৰব্ধৰ আইডিয়াত বেংকৰ পৰা লোন লৈ এটা হেণ্ডলোম উদ্যোগ গঢ়ি তুলিছে।য'ত তেওঁৰ লগতে আৰু দহগৰাকী মহিলা স্বাৱলম্বী হৈছে আৰু সেই টকাৰেই সি আৰু মাকৰ সৰু সংসাৰখন চলি আহিছে।আৰব্ধৰ মতে কেৱল খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই ধেমাজিৰ মানুহ চলিব নোৱাৰে।প্ৰতি বছৰৰ বানৰ যি তাণ্ডৱ লীলা চলে সেইয়া ভুক্তভূগীয়েহে জানে।আচৰিত হয় গোটেইকেইজনী তাৰ আৰু মাকৰ জীৱন সংগ্ৰামৰ কথা শুনিলে।কল্পনা কৰে সিহঁতে নিজৰ মাককেইজনীক আৰব্ধৰ মাকৰ স্থানত থৈ।উসঃ নোৱাৰি পায় হৃদয় কঁপি যায়।সেই মাতৃ গৰাকী হৃদয়ৰ একোণত ৰৈ যায় সংগোপনে,শিৰ নত হৈ।
বহু কষ্ট কৰে  সি।কিবা এটা  কৰি মাকক ধেমাজিৰ পৰা লৈ অনাৰ মন।কষ্ট কৰে সি।গুৱাহাটীলৈ আহি নিজৰ খৰচ নিজে উলিয়াইছে সি।পুৱা -গধূলি হোষ্টেল ৱাৰডেনৰ ল'ৰা দুটা পঢ়ুৱাই লগতে অসমীয়া আলোচনী এখনৰ প্ৰুফ ৰিডাৰৰ কাম কৰে সি।এইয়াই আৰব্ধ স্পষ্টবাদী,মৰমীয়াল,সুন্দৰ বাঁহী বাদক,অমায়িক ছাত্ৰ, সাহিত্যিক সকলোকে বন্ধুত্বৰ ডোলেৰে বান্ধি ৰাখিব জনা ধেমাজিৰ সন্তান।
        কাগজখন দি সি গুচি গৈছিল।স্বাতীয়ে আৰোহীৰ হাতৰ পৰা কাঢ়ি লৈ পঢ়িবলৈ ধৰিলে।প্ৰেম প্ৰেম সৰ্বত্ৰ প্ৰেম।কৃষ্ণচূড়া,ৰাধাচূড়াই সৰ্বত্ৰ বিয়পাই দিছে প্ৰেমৰ মলয়া বা।সকলোৱে পঢ়িলে কবিতাটো।কি শব্দৰ সমাহাৰ, কি ভাৱৰ ব্যঞ্জনা।নপৰো নপৰো কৈ থাকিলেও প্ৰমিকাৰ মন জয় কৰিব পৰা এটি কবিতা।কবিতা মানে প্ৰকাৰন্তৰে প্ৰেমৰ মূৰ্ত প্ৰকাশ।পঢ়িলে আৰোহীয়ে কিন্তু তাইৰ বাবে যে প্ৰেমৰ নৈখন বৈ আহিছে সেই তাহানিৰে পৰা আদিৰ নামত।এতিয়া আৰু সেই নৈ নবয় বিপথে।

*আৰব্ধ ভাল লাগিল কবিতাটো ল  ।      বুলি আৰোহীয়ে কবিতাটো আৰব্ধ বহি থকা ঠাইতে থৈ আহিল।

*হঠাৎ তুমিৰ পৰা তই ক'লা যে? আৰব্ধ

*বন্ধুত্বত তুমিতকৈ তইটোৱেই বেছি আপোন নহয় জানো--আৰোহী

*কিন্তু মোৰ বাবে তুমি যে বন্ধুত্বতকৈও ওপৰত আৰোহী।

*হয় নেকি, মোৰ বাবেও বন্ধুত্বতকৈও ওপৰত আন এজন আছে। সেইয়া হ'ল আদি।আহিলে কেতিয়াবা লগ কৰাম দে তহঁতবোৰক।

       গুচি আহিছিল আৰোহী লগে লগে স্বাতীও।বহি ৰৈছিল আৰব্ধ একে ঠাইতে।স্বাতীয়ে ঘূৰি চাইছিল।সেমেকা সেমেকা চকুৰে বাহিৰলৈ চাই ৰৈছিল সি। 

              সেইদিনাৰ পৰা সদায় ৰাতি ১১মান বজাত জালুকবাৰী বাঁহীৰ সুৰেৰে জীপাল হৈ পৰিছিল।সকলোৱে শুনিছিল সেই বাঁহীৰ সুৰ,কিন্তু কোনেও নাজানিছিল সেই সুৰ ক'ৰ পৰা নিগৰিছিল আৰু কাৰ বাবে।সদায় ভাহি আহিছিল সেই সুৰ

      Tere bina zindegi se koi,Sikwa to             nehi,Sikwa nehi,sikwa nehi
      Tere bina zindegi bhi lekin zindegi to nehi, zindegi nehi, zindegi nehi.

খণ্ড---৯
      
            আৰব্ধ সলনি হোৱা নাছিল।পুনৰ সুবিধা পালেই সি তাৰ কবিতা পঢ়িবলৈ দিছিল।কিন্তু এতিয়া কেৱল আৰোহীক নহয় সকলোকে।তহঁতে এইটো পঢ়িবি দেই বুলি স্বাতী বা মৃণালীহঁতৰ হাতত গুজি দিছিল।আৰুক নমতাকে থকা নাছিল।আৰুৱেও তাক আগৰ দৰেই মাতবোল কৰিছিল।কেৱল কিছু ক্ষেত্ৰত দূৰত্ব বজাই ৰাখিছিল।

              ফ্ৰেচাৰ্চৰ আগদিনা আহি ওলাইছিল শাস্বত।এইকেইদিনত কৰিম কৰিম বুলি ভাবিও স্বাতীৰ ফোন কৰা নহ'ল।সেইকেইদিন অনুশীলনলৈ গৈছিল যদিও স্বাতীৰ মনটোৱে যেন শাস্বতকেই বিচাৰিছিল।ফ্ৰেচাৰ্চৰ আগদিনা অনুশীলনলৈ গৈ তাই দেখিছিল শাস্বতক,বহি আছে দুজনমান ল'ৰাৰ লগত।স্বাতীক দেখিও যেন নেদেখাৰ ভাও জুৰিলে সি।স্বাতীয়েও নামাতি প্ৰেক্ষাগৃহলৈ সোমাই গ'ল।

*'তই খবৰ এটা নললি কিয় শাস্বত দাৰ?' দিকুৱে সুধিলে।

*ভাল হ'ল বুলি তোৰ মুখত গম পালোৱেই চোন--স্বাতীয়ে ক'লে

*'হ'লেও ,যোৱাৰ সময়ত খবৰ এটা লবি'।

*হ'ব দে ,বুলি দুয়োজনী অনুশীলনত ব্যস্ত হ'ল।

          অনুশীলনৰ শেষত স্বাতী আগুৱাই গ'ল শাস্বতৰ ফালে।

*কেতিয়া আহিলে?

*আজি।

*আপোনাৰ মাৰ গা ভাল হ'ল নে?

*মাৰনো কি হৈছিল?

*নহয় মানে মই শুনিছিলো আপোনাৰ মা অসুস্থ বুলি।

*কেতিয়া শুনিছিলা?

*হ'ল কেইদিনমান।

*তেন্তে ,এতিয়া জানি কি কৰিবা? কথাষাৰ কৈ সি স্বাতীৰ একেবাৰে সন্মুখত থিয় হ'লহি।

       দুখুজ পিছুৱাই আহিল স্বাতী।আজিলৈকে মাকৰ বাহিৰে ইমান ওচৰলৈ কোনো অহা নাছিল তাইৰ।ভয়ে ভয়ে কৈ উঠিল----আপোনাক দেখি সুধিলোঁ আৰু, এইকেইদিন আপোনাক দেখা নাছিলোঁ যে আৰু ফোন কৰিবলৈ ফোন নাম্বাৰো নাই আপোনাৰ।

*দিকুহঁতে চোন ফোন কৰি খবৰ লৈছিলেই।আগ্ৰহ থাকিলে মানুহে সকলো কথাই জানিব পাৰে।কেৱল তোমাৰ নিচিনা ইগ'ষ্টিক মানুহবোৰে নোৱাৰে।যোৱা এতিয়া সন্ধিয়া হ'ল।

          গুচি আহিল স্বাতী ,চকুলো বোৱাই।দিকুৱে সান্তনা দিছে।নাই কোনো কথাই স্বাতীক ৰখাব পৰা নাই।ৰুমত সোমাইয়ো স্বাতীয়ে কান্দিয়েই আছে।দীপশ্ৰীয়ে মেগী বনাই আনিছে।স্বাতীৰ প্ৰিয় মেগী আৰু দিপশ্ৰীৰ হাতৰ মেগীৰ সোৱাদেই বেলেগ।নাই আজি তাইৰ মেগী খোৱাৰো অকণো মন নাই।ইমান ৰাফকে তাইক মাকেও কৈ পোৱা নাই কথা, আৰু এই দুদিনৰ চিনাকি ল'ৰাটোৱে তাইক ইমান কথা শুনালে।কেৱল মাকৰ খবৰ নোলোৱাৰ বাবে।জুনিয়ৰ নোহোৱা হ'লে কাইলৈ তাই বিহুৱে নানাচিলে হয়।

           পিছদিনা  ফ্ৰেচাৰ্চৰ দিনৰ কাৰ্য্যসূচী হৈ গ'ল।নাযাওঁ বুলি ভাবিও লগৰকেইজনী আৰু আৰোহীৰ উৎপাতত ওলাই গ'ল তাই।তাইৰ প্ৰিয় নীলা চাদৰ-মেখেলা যোৰ পিন্ধি।দেখিছিল তাই দূৰৰপৰা একেথৰে চাই ৰৈছিল শাস্বতে।ষ্টেজ ৰেগিং শেষ হোৱাৰ পিছত সিহঁত আহিছিল সন্ধিয়াৰ সাংস্কৃতিক সন্ধিয়াৰ সিহঁতৰ বিহু নৃত্যৰ বাবে সাজু হ'বলৈ।সাংস্কৃতিক সন্ধিয়াৰ বাবে উৎপল দাসক মতা হৈছে।প্ৰিয় অভিনেতা জনক চোৱাৰ হেপাঁহত স্বাতীহঁত শুনাৰ দিনৰে পৰা ব্যগ্ৰ হৈ পৰিছিল।কিছু সময় জিৰণি লৈ স্বাতী সাজু হ'ল মুগাৰ মেখেলা আৰু ৰিহাখন পিন্ধি।সুনীতাই এক্মপাৰ্ট হাতেৰে নেঘেৰি খোপাটো বান্ধি দিলে।হোষ্টেল যিহেতু যাৰ হাতত যি আছে সকলোৱে মিলি দিছে স্বাতী আৰু দিকুক বিহুৰ লাগতিয়াল অলংকাৰ পাতি।পল্লৱীয়ে যদি গামখাৰু আনি দিছে, চন্দনাই ঢোলবিৰি,গলপতা আনি দিছে।এনেদৰে হোষ্টেলৰ সকলোৱে মিলি সকলোকে যিকোনো ক্ষেত্ৰতে সহায় কৰে।এয়ে হোষ্টেলীয়া জীৱনৰ শিক্ষা,হোষ্টেলীয়া জীৱনৰ স্মৃতি, যি লাহে লাহে দৃঢ় কৰাই লৈ যায় বন্ধুত্বৰ শিকলিডালক।সকলো ওলাই সাজু হৈছিল আহিবৰ বাবে দৌৰি দৌৰি আহিল আৰু,স্বাতীক ঘূৰাই পেলালে একে পাকতে ।ইমান ধুনীয়াজনী লাগিছে আৰোহীক বগা পাটৰ চাদৰ মেখেলা যোৰে তাইক সোণত সোৱগা চৰাইছে।আৰব্ধ আজি ফিদা হৈ যাব মনে মনে ভাবিলে স্বাতীয়ে।

*পল জান কাইলৈ আদি আহিব,এতিয়া ফোন কৰি ক'লে সি মোক।কাইলৈ আমি ক্লাছ নকৰো।আদিক লগ ধৰিব যাম হা?

*ৰ ৰ ক্লাছ আকৌ কিয় নকৰিম,আবেলি যাম তাক লগ ধৰিব,ঘৰত গম পালে দিব নহ'লে দুয়োজনীকে।

*দুদিন ক্লাছ নকৰিলে পৃথিৱীখন অশুদ্ধ নহয়।ঘৰত তয়ো নকবি ময়ো নকও হ'ব,বছ,প্ৰব্লেম ছ'লভ।

 *হ'ব দে এতিয়া তোৰ গীত আৰু আমাৰ বিহু নৃত্য আছে, মই আগতে নাচি লও,তাৰ পিছত কাইলৈৰ কথা পাতিম।

*যা যা গুটেইজনী অপেশ্বৰী যেন লাগিছে।আজি শাস্বতৰ ফালে অৱস্থা যে বেয়া হ'ব সেইটো থিক।

ও আৰু আৰব্ধৰ ফালে।ওলাই আহিব খোজা কথাষাৰ প্ৰকাশ নকৰিলে স্বাতীয়ে।আদিক লগ পোৱাৰ আশাত বাউলি প্ৰিয়া,তাত আৰব্ধৰ প্ৰসঙ্গ অপ্ৰাসংগিক।

              হোষ্টেলৰ প্ৰায়ভাগেই ওলাই গ'ল।কিছু ভয়,কিছু শংকাৰ মাজেৰে স্বাতী আগবাঢ়িল।সৰুতেই মঞ্চত বিহু নচা,বহু বছৰ হ'ল ননচা।আজি বা কি হয়।যিমানে সময় ওচৰ চাপি আহিছে স্বাতীৰ বুকুৰ ধপধপনিও বাঢ়ি আহিছে লগতে শাস্বতক দেখিলে সেই ধপধপনি আৰু দুগুণে বাঢ়ে।আৰোহীৰ বিশ্ববিদ্যালয় সঙ্গীতৰ অনুষ্ঠানেৰে কায্যসূচী আৰম্ভ হৈছিল।ভূপেন হাজৰিকাদেৱৰ ৰচিত বিশ্ববিদ্যালয় সঙ্গীত

      জিলিকাব লুইতৰে পাৰ
      এন্ধাৰৰ ভেটা ভাঙি
       প্ৰাগজ্যোতিষত বয়
      জেউতি নিজৰাৰে ধাৰ।

       নাম মতাৰ লগে লগে স্বাতীহঁত সাজু হ'ল,লাইন পাতোতেহে তাই মন কৰিলে ঢুলীয়া ৰূপত শাস্বতক।বুকুখন আকৌ কঁপিবলৈ ধৰিলে।প্ৰাণ খুলি নাচিলে স্বাতীয়ে।ঢোলৰ ছেৱে ছেৱে পেঁপাৰ মাতে মাতে স্বাতীয়ে মতলীয়া হৈ নাচিলে।ভালে ভালে হৈ গ'ল সিহঁতৰ বিহুনৃত্যৰ অনুষ্ঠানটি।

                  মঞ্চৰপৰা নামি সিহঁতে নিজৰ নিজৰ আসনত বহিলে।উৎপল দাসক চোৱাৰ বাবে সিহঁত ব্যাকুল হৈ পৰিছে।ইয়াৰ মাজতে বড়ো নৃত্য, ৰাভা নৃত্য আদিৰ অনুষ্ঠানো হৈ গ'ল।আগতে T.V  ত চোৱা এই নৃত্যবোৰ এতিয়া সিহঁতে চকুৰ আগতে দেখিছে।বিহু গীত,নৃত্যই যেনেকৈ সকলোৰে মন প্ৰাণ উৰুৱাই বাগৰুমম্বাইও সকলোৰে মন প্ৰাণ জুৰ কৰিছিল।ইয়াৰ মাজতে আৰব্ধৰ বাঁহীৰ এটি অনুষ্ঠান হৈ গৈছিল।কেবাটাও অসমীয়া গানৰ সুৰ সি বজাইছিল।মন্ত্ৰমুগ্ধৰ দৰে সকলোৱে শুনি গৈছিল সেই সুৰ।কৃষ্ণৰ বাঁহীৰ সুৰত ৰাধা মতলীয়া হোৱাৰ দৰে জালুকবাৰীও যেন সেইদিনা মতলীয়া হৈ পৰিছিল সেই সুৰত।হঠাৎ ঘোষিকাই ঘোষণা কৰিলে শাস্বতৰ নাম

         এইবাৰ মঞ্চত আবৃত্তিকাৰ শাস্বত স্বস্তিক।
উঠি আহিল মঞ্চলৈ শাস্বত।উসঃ নোৱাৰিছে তাই আৰু চাই থাকিব।লগৰকেইজনীৰ চকু থৰ হৈ ৰৈছে মঞ্চত শাস্বতৰ নাম শুনি।উঠিছে মঞ্চত শাস্বত, আৰম্ভ কৰিছে হিমাংশু প্ৰসাদ দাসৰ সেই বিখ্যাত কবিতাটো

             'এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি''।
     খণ্ড---১০

              এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি
               হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ।

           কবিতাৰ প্ৰত্যেকটো শাৰী প্ৰত্যেকটো শব্দই শিহৰণ তুলিছিল স্বাতীৰ শৰীৰত।প্ৰতিটো শব্দৰ উচ্চাৰণে হৃদস্পন্দন বঢ়াই তুলিছিল স্বাতীৰ।না তাই সিফালে চাব পাৰিছে না ইফালে।আবৃত্তি শেষ হোৱাৰ লগে লগে গোটেই প্ৰেক্ষাগৃহ চিঞৰ আৰু  হাত চাপৰিৰে ভৰি পৰিল।আৰোহীয়ে চিকুটি দিলে ---'পল,কবিতাটি তোৰ বাবেই আছিল কিন্তু'।স্বাতীৰ এক ধমকিত আৰোহী মনে মনে থাকিল।এসময়ত কাষতে বহি থকা আৰোহী উঠি গ'ল আদিৰ ফোন অহাৰ বাবে।উঠি যোৱাৰ লগে লগে বহিলহি শাস্বত।

*তোমাৰ লগত মোৰ কথা আছে।

*কি কথা।?(ভয়ে ভয়ে)

*এনেকৈ ক'ব নোৱাৰি কাইলৈ ১২বজাত মোক মাৰ্কেটত লগ ধৰিবা।ফোন নাম্বাৰটো দিয়া।

*কাইলৈ মোৰ বেলেগ এফালে যাব লগা আছে, মই লগ ধৰিব নোৱাৰিম।

*ক'ত যাব লগা আছে?মই লৈ যাম।

*নহয় মানে আৰোহীৰ কাইলৈ আদি আহিব ,লগ ধৰিবলৈ যাব লাগে।

*কোন আদি?

কি বুলি ক'ব স্বাতীয়ে ভাবি নাপালে।আৰুৰ বয়ফ্ৰেণ্ড,আৰুৰ লাভাৰ।আচলতে কোনোদিন এই প্ৰশ্নৰ উত্তৰেই তাই দিয়া নাই।তথাপিও ক'লে---

*আৰোহীয়ে ভালপোৱা জন।

*আৰুহীৰ আদি আহিব,তাত তুমি কি কৰিবলৈ যোৱা কবাব মে হাদ্দী হ'বলৈ।সেইবোৰ বাহানা বাদ দিয়া।কাইলৈ ১২টাত মই ৰৈ থাকিম ,আহিবা।ফোন নাম্বাৰটো দিয়া।

*কাবাব মে হাদ্দী ?আচৰিত হৈ সুধিলে স্বাতীয়ে।

*অ'টো নে শুনাই নাই আগতে।

  লাজ পালে তাই ,খঙতোও উঠি আহিল।তাই কিবা সিহঁতৰ মাজত কাবাব মে হাদ্দী নেকি?

*ফোন নাম্বাৰটো দিয়া।

*94----------,কিন্তু মই কাইলৈ যাব নোৱাৰো।
         দি দিলে স্বাতীয়ে ফোন নাম্বাৰটো।কিন্তু কাইলৈ যে তাই যাব নোৱাৰে।কেনেকৈ বুজাই তাই।সেইয়া মঞ্চত উৎপল দাস।সকলোৱে হাত চাপৰিৰে সম্ভাষণ দিছে।কিন্তু স্বাতী বহি আছে ,যি উচ্ছাসৰে উৎপল দাসক চাবলৈ আহিছিল সকলো যেন শেষ হৈ গ'ল।কাষতে যে বহি আছে শাস্বত,লৰচৰ কৰিবলৈও যেন তাইৰ শৰীৰত অচল।সি উঠি গ'লেই যেন শান্তি।

  *উৎপল দাক লগ কৰিবা নেকি?

 *অ' কৰিম ।একে উশাহতে ক'লে স্বাতীয়ে।

 *কিন্তু কিয়?

*ভালপাওঁ তেওঁক। মানে তেওঁৰ একটিং ভালপাওঁ।
ইমান সময়ে কাষতে মনে মনে বহি থকা নিবেদিতাই মাত লগালে--

*পাৰে যদি এবাৰ লগ কৰাই দিয়ক না শাস্বত দা Please.

   অ' আই শাস্বতৰ নাম নোলোৱা নিবেৰ মুখত  Please শুনি স্বাতীৰ হাঁহি উঠিল।উৎপল দাসক লগ কৰাৰ দুৰ্বাৰ হেঁপাহ এইয়া, নহ'লে যে নিবেই সহজে please  নকয় সেইয়া স্বাতীয়ে ভালদৰে জানে।ইতিমধ্যে আৰোহীও আহি পালেহি।

*আহা তেন্তে মোৰ লগত।

শাস্বতৰ পিছে পিছে গৈ বেক ষ্টেজত থিয় হৈ আছে গোটেই কেইজনী।স্বাতী আছে যদিও কিছু সমাহিত,বাকী কেইজনীৰ দৰে উত্ৰাৱল হৈ পৰা নাই।কিছু সময় ৰোৱাৰ পিছত প্ৰিয় অভিনেতাজন ওলাই আহিল ষ্টেজৰ পৰা।শাস্বতে চিনাকি কৰাই দিলে।গোটেই কেইজনীয়ে উচ্ছাসতে হাততে অভিনেতা জনৰ অটোগ্ৰাফ লৈছে।স্বাতী যাব ধৰোতে শাস্বতে কোনেও নেদেখাকে তাইৰ হাতত ধৰি ৰখাই দিলে।ৰৈ গ'ল তাই।আৰোহীয়ে চিঞৰি উঠিল----

*পল আহ আকৌ তই নলৱ অটোগ্ৰাফ।মই কাইলৈ আদিক দেখুৱাম বুজিছ।

*হ'ব দে,তই ল'লি নহয়।

উৎপল দাসৰপৰা বিদায় লৈ গোটেই কেইজনী এতিয়া শাস্বতৰ প্ৰশংসাত পঞ্চমুখ।Thank you  দি দি তত পোৱা নাই‌।স্বাতীৰ বাদে লগৰ গোটেই কেইজনীৰ হাত উৎপল দাসৰ অটোগ্ৰাফৰে অংকিত।অনুষ্ঠান শেষ হোৱাৰ পিছত সকলো হোষ্টেললৈ গ'ল।বুজি নাপায় স্বাতীয়ে কিহৰ বাবে তাই আজি শাস্বতৰ বান্ধোন খুলি যাব নোৱাৰিলে,বিৰোধ কিয় কৰিব নোৱাৰিলে।কিয় এই উত্তেজনা, ভয় আৰু তাৰ মাজে মাজে এটি মিঠা মিঠা আৱেগ।এইয়াই প্ৰেম নেকি।তাই প্ৰেমত পৰিছে নেকি?কিন্তু তাইটো প্ৰেমত পৰাৰ কথা নাছিল।নে আৰুৰ ভাষাত কোৱাৰ দৰে প্ৰেম এক অনুভৱ।প্ৰেম কৰা নাযায় প্ৰেম হৈ যায় আৰু যিয়ে কৰোঁ বুলি প্ৰেম কৰে সেইয়া প্ৰেম নহয় অভিনয় মাথোঁ।অভিনয় যিদৰে সদায় সকলো সময়তে কৰিব নোৱাৰি তেনে প্ৰেমো ক্ষন্তেকীয়া মাথোঁ।

             পিছদিনা আৰুৰ কথামতে প্ৰথম ক্লাছটো কৰি স্বাতীহঁত উলাই গ'ল আদিক লগ ধৰিবলৈ।সিহঁতে আজি কলাক্ষেত্ৰ চাব।আৰুৰ ফূৰ্তিৰটো কথাই নাই।প্ৰায়  দুবছৰৰ পিছত তাই লগ পাব আদিক।ক'ব নোৱাৰা হৈ আছে তাই আদিক লগ পোৱাৰ আকুলতাত।স্বাতীয়ে শাস্বতৰ কথা কৈছিল  কিবা যে কবাব মে হাদ্দী সেই কথাও কৈছিল। আৰুৱে  হাঁহি হাঁহি উৰুৱাই দিছিল।

*হ'ব দে তাক কবি পিছত লগ ধৰিম বুলি।

  ভয়ে শংসয়ে স্বাতী গৈছিল আৰুৰ লগত।দুদিনৰ চিনাকিৰ এই ল'ৰাজনে গোটেইখন খেলিমেলি লগাই আছে।কলাক্ষেত্ৰত কি চাইছিল তাই নাজানে মাথোঁ ফোনটো চাওতেই তাইৰ সময় পাৰ হৈছিল।প্ৰায় ১২:৩০ মান বজাত স্বাতীৰ ফোন বাজিছিল।নতুন নাম্বাৰ দেখি তাই ৰিচিভ কৰোঁ নকৰোঁ কৈ দ্বিতীয় বাৰত ফোনটো ৰিচিভ কৰিছিল।

*হেল্ল'

*ক'ত আছা?ইমান সময়ে পোৱাহি নাই যে?

*মই মানে আৰুৰ লগত আহিলোঁ।কালি কৈছিলোটো।

*সেইবোৰ মই নাজানো মুঠতে মই তুমি নহালৈকে ইয়াতে ৰৈ আছো আহা।

                সিমূৰে ফোনটো কাটি দিলে।আৰুক ক'বলৈও মন নগ'ল।অত দিনৰ মূৰত প্ৰিয়তমক লগ পোৱাৰ আনন্দৰ মাজত স্বাতীয়ে এই দুদিনীয়া অভিমানৰ পাতনিনো কি বুলি মাতে।কিছু অকলশৰীয়াকৈ দুয়োকে সময় পাৰ কৰিবলৈ দিছে স্বাতীয়ে।যিহেতু দেউতাকৰ লগত মাজতে তাই ডিগ্ৰী পঢ়ি থাকোঁতে চাই গৈছেই সেয়ে দুয়ো প্ৰেমিকক এৰি দিছে কিছু সময় দুয়ো দুয়োৰে মনৰ কথা পাতিবলৈ।তাতে শাস্বতে কোৱা কবাব মে হাদ্দীৰ কথাটোৱেও তাইৰ মন মগজুত ক্ৰিয়া কৰে।যদি আদিয়ে সঁচাই তাইক কবাব মে হাদ্দী বুলিয়েই ভাবে।

          দূৰৰ পৰা চাই ৰৈছে স্বাতীয়ে দুয়ো দুয়োৰে হাতেহাত ধৰি আগবাঢ়িছে।মাজে মাজে  আৰু হাঁহি হাঁহি আদিৰ গাত ঢলি পৰিছে।পাৰ্কলৈ যাবলৈ লৈ আৰোহীয়ে স্বাতীক চিঞৰিছে, আহ আকৌ পাৰ্কৰ ফালৰ পৰা আহোঁ।নগ'ল স্বাতী বহি ৰ'ল ষ্টেপতে।কিয় জানো আজি তাইৰ সচাই কাবাব মে হাদ্দী যেন লাগিছে আৰু কেতিয়াও নাহে দেই তাই এনেকৈ।মাজে মাজে ফোনটো বাজে।ভয়তে স্বাতীয়ে ৰিচিভ নকৰে।ফোনটো অহাৰ লগে লগে বুকুৰ ধপধপনিও বাঢ়ে।এসময়ত ফোনটো তাই চাইলেন্ট কৰি দিলে।প্ৰায় ৫মান বজাত সিহঁত হোষ্টেল পাইছিল।জালুকবাৰী তেতিয়া বৰষুণত তিতিছিল। তেনে পৰিস্থিতিত শাস্বতক লগ ধৰাৰ কোনো কথাই সিহঁতৰ মনলৈ অহা নাছিল।জুৰুলি জুপুৰি হৈ দুয়োজনী হোষ্টেল সোমাইছিল।ফ্ৰেছ হৈ স্বাতী অলপ বিচনাত পৰিল।ফোনটোলৈ তেতিয়াহে মনত পৰিল তাইৰ।লগালগ ফোনটো আনি চালে স্বাতীয়ে।উসঃ135 টা মিচ কল।ভয়ে ভয়ে ফোন লগালে স্বাতীয়ে।সিমূৰত শাস্বতৰ মাত---

*তুমি কি বুলি ভাবিছা নিজকে মিছ স্বাতী।

*মানে মই আপোনাক কাইলৈ লগ ধৰিম।ঘূৰি আহোঁতে ইয়াত খুব বৰষুণ দিলে।সেয়ে মাৰ্কেটত সোমোৱা নহ'ল।

*দিনটোতো বতৰ ভালেই আছিল।মই তোমাক টাইম কি দিছিলোঁ।তুমি জানা সেই বাৰটাৰ পৰা মই অলপ আগলৈকে মাৰ্কেটত তোমাৰ বাবে পাগলৰ দৰে ৰৈ আছিলো।কিমান ফোন কৰিলো তোমাক ৰিচিভ নকৰিলা।How dare you Miss swati.



খণ্ড--১১

              শুনি আছে স্বাতীয়ে সি যি কৈছে।কিবা ক'বলৈ যে তাইৰ সাহস নাই।ক'ব পাৰে তাই, আপোনাক মই কিয় লগ ধৰিম।আপুনি ক'লে বুলিয়েই মই মাৰ্কেটত কিয় লগ ধৰিবলৈ যাম।কেইদিনৰ চিনাকি আপুনি?কিন্তু নোৱাৰে ক'ব তাই।সিমানখিনি কোৱাৰ যে তাইৰ সাহসেই নাই।এপাকত শাস্বতে ফোনটো কাটি দিছিল।ব্লকৰ গোটেইকেইজনী গোট খাইছিলহি স্বাতীৰ ৰুমত।নিবে,মমী,দিপশ্ৰীহঁতৰ মতে স্বাতীৰে ভুল, মাতিছিলে যেতিয়া আবেলি হ'লেও লগ ধৰিবলৈ যাব লাগিছিল।দিকুৰ মতে--

*ভালেই কৰিলি নগলি ।সি মাতিলে বুলিয়েই যাবি নেকি।কৈ দে আৰু ফোন কৰি নাথাকে যেন।তই লগ ধৰিবলৈ যাব নোৱাৰ।

*এহ, ৰ তই কলেই নহয় নহয় পলে কিজানি দিল দিয়েই দিলে---মৃণালী

*তাকে,তই নিজে চিন্তা কৰ ভালকে,এতিয়া তই matured হৈছ ,নিজৰ decision নিজে ল---অংকু।

*কি decision?স্বাতীয়ে সুধিলে।

*তাক লগ ধৰ নধৰ,এইবোৰ ----নিবেদিতাই ক'লে।

*কাইলৈৰ পৰা আৰুহীৰ লগত যোৱা বাদ দে।তাইকো ইমান বছৰৰ পুৰণি বয়ফ্ৰেণ্ডক লগ ধৰিবলৈ তোৰ লগ নহ'লেও হ'ব।বাকী decision তোৰ---সুনীতাই ক'লে।

*অ আৰু শাস্বতলৈ ফোন কৰি Sorry ক,কবি কাইলৈ লগ ধৰিম বুলি---দিপশ্ৰীয়ে ক'লে।

           ভাত পানী খাই স্বাতীয়ে ভয়ে ভয়ে ফোন লগালে শাস্বতলৈ।কেইবা বাৰো ৰিং কৰাৰ পিছতো ফোনটো নধৰিলে।স্বাতীৰো খং উঠিল এইবাৰ তায়ো ৰিং কৰিয়েই থাকিল।দৰকাৰ হ'লে  নধৰিলে আজি গোটৈই ৰাতি ফোন লগাব।বিছবাৰ মান ৰিং কৰাৰ পিছত সিমূৰৰ পৰা ভাহি আহিল--

* হেল্ল', স্বাতী মই দিব্যই কৈছোঁ।ইয়াৰ গাটো ভাল নহয়।অলপ আগত মোৰ ৰুমত দৰব খোৱাই তাক শুবলৈ দিছোঁ।গুটেই দিনটো আজি সি মাৰ্কেটতে থাকিলে।তাৰোপৰি তিতি তিতি সি হোষ্টেল সোমাইছিল।সেয়ে জ্বৰে ,বিষে এতিয়া সি টোপনিত।তুমি কিয় নাহিলা স্বাতী?

*মই মানে!!!!

*বুজিছো,হ'ব বাৰু মোক নকলেও হ'ব।প্ৰকৃততে, ঘৰৰ একমাত্ৰ ল'ৰা হোৱা বাবে সি মাক দেউতাকৰ মৰমতে ডাঙৰ হোৱা ।সেয়ে জেদ,মান,অভিমানবোৰ অলপ বেছি তাৰ।আজিলৈকে কোনো ছোৱালীৰ পিছতো সি এনেকৈ পৰা নাই।তুমিয়েই হয়তো তাৰ প্ৰথম আৰু শেষ প্ৰেম।দুয়োৱে দুয়োক বুজিবলৈ চেষ্টা কৰিবা।তাক কাইলৈ ফোন কৰি ভালকৈ কথা পাতি ল'বা।

          একো নক'লে স্বাতীয়ে।হ'ব বুলি ফোনটো কাটি দিলে।লগে লগে তাই আৰুলৈ ফোন লগালে আৰু সমস্ত ঘটনাৰ বিৱৰণ দিলে।লগতে এইকেইদিন আদিৰ লগত তাইক অকলেই ফুৰিবলৈ ক'লে।প্ৰথমে মান্তি হোৱা নাছিল যদিও পিছত হ'ল।সেই ৰাতি স্বাতীৰ টোপনি নগ'ল।কেতিয়া পুৱা হয় তাই সেইটোলৈকে বাট চাই ৰ'ল।তাইৰ এনে লাগিল পুৱাই তাই দৌৰি যাব শাস্বতৰ কাষলৈ।আকোঁৱালি ল'ব তাক।ফোনটোকে পিটিকি পাটাকি সেই ৰাতি তাই পাৰ কৰিলে।পিছদিনাই দুটামান ক্লাছ কৰি লগৰ এজনীক লৈ তাই যাব শাস্বতৰ ওচৰলৈ সেই ভাবিয়েই তাই বিনিদ্ৰ ৰজনী পাৰ কৰিলে।পুৱাই উঠি এটা মেছেজ দিলে শাস্বতলৈ "SORRY".

            আৰু আজি নাই।ক্লাছ নকৰাকৈয়ে আজি তাই গৈছে আদিক লগ কৰিবলৈ।শুই উঠিয়েই তাই আহিছিল স্বাতীৰ ওচৰলৈ, সবিশেষ জনাৰ পিছত একো নক'লে মাথো স্বাতীক নিজে ভালদৰে ভাবি চাবলৈ কৈ তাই গ'ল গৈ।আজি সিহঁতে তাৰকাগৃহ চাব,দীঘলী পুখুৰীৰ পাৰত বহিব।কিমান যে প্লেন আৰুৰ।ব্ৰেক টাইমত স্বাতীয়ে মমীক লগ ধৰিলে শাস্বতক লগ ধৰিবলৈ যাবলৈ।মমীৰ মতে তাক ফোন কৰি মাত ,কেন্টিনতে লগ ধৰিম।হোষ্টেল নাযাওঁ।কাৰণ বয়জ হোষ্টেল যোৱাটো ইমান ভাল কথা নহয়।ঘৰত গম পালেটো কাটিব।হোষ্টেলৰ পৰা কিবা অনুষ্ঠানত যোৱাটো বেলেগ কথা।কিন্তু এতিয়া দুজনী ছোৱালী যোৱাটো একেবাৰেই ভাল কথা নহয়।স্বাতীয়ে জানে সেইবোৰ কথা, কিন্তু এইটোও জানে এতিয়া যে শাস্বতক মাতিলেও সি নাহে তাইক লগ ধৰিবলৈ।তথাপিও তালৈ ফোনটো লগালে।দুবাৰ মান ৰিং হোৱাৰ পিছত ভাহি আহিল শাস্বতৰ মাত

*কোৱা।

*ক'ত আছে? গা ভাল পালেনে?

*হোষ্টেলত।মোৰ গা বেয়া হোৱা বুলি তোমাক কোনে ক'লে।

*কালি ৰাতি মই আপোনালৈ ফোন কৰিছিলোঁ।তেতিয়া দিব্য দাই ক'লে।মই আপোনাৰ হোষ্টেললৈ গৈ আছো।আপুনি তাতে থাকিব।

*মোৰ আজি ভালেই।ক্লাছ কৰিবলৈ এনেই নগ'লো।তুমি হোষ্টেল আহিব নালাগে।যদি লগেই ধৰিব বিচাৰিছা আবেলি ৰেদি থাকিবা কিন্তু অকলে সোঁৱে বাওঁৱে লগত লৈ নহয়।হ'বনে?

*হ'ব।। একেষাৰে ক'লে স্বাতীয়ে।

              ক্লাছ কৰি ভাতকেইটা মান খাই তাই ৰৈ আছে লগৰ কেইজনী অহালৈ।বাৰে বাৰে সোধিছে তাই নিজকে কিহৰ তাড়নাত তাই আজি যাবলৈ ওলাইছে।তাকো ঘৰত একো নজনোৱাকৈ।মাকক ক'বলৈয়ো যে তাই অপৰাগ।কেইবাবাৰো ক'ম ক'ম বুলিও মাকক তাই কথাবোৰ জনাব পৰা নাই।নিজকে সোধে তাই এইয়াই প্ৰেম নেকি? যদি এইয়াই প্ৰেম তেন্তে এই প্ৰেমত ইমান ৰুক্ষতা,ভয় কিয়?আৰোহী আৰু আদিৰ লগতটো এনে হোৱা নাছিল।প্ৰেমেৰে উপচি পৰিছিল চৌদিশ।কিন্তু তাইৰ ক্ষেত্ৰত বিপৰীত কিয়?প্ৰেমৰ পৰিৱৰ্তে ইয়াত কেৱল তাই সন্মুখীন হৈছে শাস্বতৰ খং,ৰুক্ষতা আৰু ধমকি।পিছ পাকতে আকৌ চিন্তা কৰে কিন্তু এই খঙৰ মাজতো স্বাতী কিয়  আঁতৰি যোৱা নাই।বাৰে বাৰে কিবা এক অনুভূতিয়ে বান্ধি ৰাখিছে তাইক।পৰা নাই তাই শাস্বতক অৱহেলা কৰিব।
সকলোৰে ডিপাৰ্টমেন্ট বেলেগ হোৱা বাবে হোষ্টেল পোৱাৰ সময়ো বেলেগ বেলেগ।আৰুক মেছেজ কৰিছে শাস্বতক লগ কৰিবলৈ যোৱাৰ।নহ'লে আহি আকৌ তাইৰ ফুলা মুখখন চাব লাগিব।সিহঁত তেতিয়া দিঘলী পুখুৰীৰ পাৰত ,চাউমিন খাইছে।তাই মেছেজত ৰিপ্লাই দিছে Best of luck . গোটেইকেইজনীক কথাটো কোৱাৰ লগে লগে সকলো সাজু হ'ল স্বাতীক সজাবলৈ।যেন তাই বিয়া খাবলৈহে যাব।স্বাতীৰ ফাৰ্ষ্ট ডেত গতিকে এজনীয়ে যদি নেইল পলিচ আনি দিছে ,আনজনীয়ে লিপষ্টিক যেন তাইৰ নাইহে।ৰুমমেট অংকুৱে গাঁথি দিছে খেজুৰী বেণু।কি পিন্ধিব চিলেক্ট কৰি দিছে দিপশ্ৰীয়ে। মুঠতে সকলোৰে প্ৰচেষ্টাত স্বাতীপল ৰেদি হৈছে শাস্বতক লগ কৰিবলৈ।বগা টপ ,ৰঙা চুৰনী আৰু বগা স্কাৰ্টটোৰে তাইক হেনো পৰী যেন লাগিছিল।ফোনটো বাজি উঠিল।

*ৰেদি নে?

*ৰেদি।

*তেন্তে আহা,মই গেটৰ বাহিৰতে ৰৈ আছো।

         স্বাতী থৰ হৈ ৰ'ল।ভৰি কেইটাচোন অচল।বুকুৰ ধপধপনিটোও ক্ৰমান্বয়ে বাঢ়ি আহিছে।বহি দিলে তাই চকীখনতে।

*এইবোৰ বাহানা কৰি নাথাক।ফটাফট যা আৰু ফটাফট আহগৈ।একো নহয় যা।তোৰ লগৰ আৰোহী চোন ঘূৰিয়েই ফুৰিছে যা এতিয়া।নহ'লে এইবাৰ কি হ'ব থিক নাই,যা---- দিকুৱে ক'লে।

       এখোজ দুখজকৈ স্বাতী আগুৱাই গৈছে।পিছফালৰ পৰা গোটেই কেইজনীয়ে চিঞৰিছে ----"পল,Best of luck."



খণ্ড--১২

          স্বাতীয়ে দেখিছে নীলা টি চাৰ্ট এটি পিন্ধি শাস্বত বহি আছে এখন বাইকৰ ওপৰত।তাইটো আজিলৈকে দেউতাকৰ বাহিৰে আন কাৰো বাইকৰ পিছফালে বহা নাই।উসঃ আকৌ বুকুৰ ধপধপনিটো বাঢ়ি গ'ল।

*আহিলা,উঠা।

*আমি খোজকাঢ়িয়েই যাওঁ নেকি?কওঁ নকওঁ কৈ স্বাতীয়ে ক'লে।

*(মিচিকিয়াই হাঁহি) ব'লা তেন্তে।

            ইমান সহজে শাস্বতে মানি ল'ব বুলি স্বাতীয়েও ভবা নাছিল।মনটো ফৰকাল লাগিল তাইৰ।খোজকাঢ়ি খোজকাঢ়ি দুয়ো সেই আবেলিটো হোষ্টেলৰ পৰা সাতমাইললৈকে গ'ল।জালুকবাৰীৰ যেন এক নতুন ৰূপ।তাই দেখি থকা জালুকবাৰী যেন নহয় সেইয়া।কৃষ্ণচূড়াৰ অনন্য এক ৰূপ।সিহঁতক যেন আকোঁৱালি লৈছে প্ৰেমময়তাৰে।কৃষ্ণচূড়াৰ ৰঙাবোৰে যেন উপচাই পেলাইছে সিহঁতৰ প্ৰতিটো খোজ।পুনৰ উভতি আহিল দুয়ো সাতমাইলৰ পৰা ।

*একো নোকোৱা

*আপোনাৰেই কিবা ক'ব লগা আছিল কওঁক।

               ৰৈ দিলে শাস্বত ফুটপাথতে।স্বাতীও ৰৈ গ'ল।

*থিক আছে তেন্তে শুনা।তোমাক সেইদিনা দেখাৰে পৰা মই তোমাৰ প্ৰেমত পৰিছোঁ।এতিয়া তোমাৰ মতামত মই জানিব বিচাৰিছো।

*কিন্তু ভাল পাব পৰাকৈ মই আপোনাক জানিছোৱেই বা কিমান আৰু আপুনিও মোৰ কি জানে?

*তেন্তে তোমাৰ কি জানিব লগা আছে সোধা?

 *এই ক্ষেত্রত আপুনি মোৰ ঘৰত কথা পাতিব লাগিব।মা দেউতাই যদি আপনাক জোঁৱাই বুলি গ্ৰহণ কৰে তেন্তে মোৰ একো আপত্তি নাই।

*আৰু যদি তেওঁলোকে মোক গ্ৰহণ নকৰে তোমাৰ ক'বলগীয়া একো নাথাকিব !

 *নহয় মানে।।

*কোৱা স্বাতী তেতিয়া তুমি আনৰ হৈ যাবা। খঙত সি স্বাতীৰ হাতখন টানি ধৰিলে।

 *এৰি দিয়ক চবেই চাই আছে, বুলি স্বাতীয়ে হাতখন আঁতৰাই আনিলে।

*মোৰ প্ৰশ্নৰ উত্তৰ তুমি এতিয়াও দিয়া নাই।

*মই নাজানোঁ।।      নাজানে স্বাতীয়ে ,সিমানখিনি তাই ভবাই নাই।ক্ষন্তেকৰ ভাবৰ বশৱৰ্তী হৈ তাই আহিছে সঁচা, কিন্তু কিয় তাই নাজানে।শাস্বতক ভাল পাইনে নাপায় তাৰ উত্তৰো তাই পোৱা নাই।কেবাবাৰো সুধিছে তাই নিজকে কিন্তু সেই উত্তৰে যেন তাইক প্ৰবোধ নিয়াব পৰা নাই।

*OK,relax .তোমাৰ ঘৰত কোন কোন আছে?

*মা-দেউতা আৰু ভাইটি আৰু আপোনাৰ?

*মা-দেউতা আৰু মই।মোৰ ঘৰ ইয়াতে,নুনমাটিত।দেউতাই ৰিফাইনেৰীত কৰে আৰু মায়ে স্কুল এখনত কৰে।বৰ্তমান মোৰ চাকৰি নাই যদিও পঢ়ি শুনি মই চাকৰি নাপালেও কিবা এটা কৰি হ'লেও তোমাক খুৱাব পাৰিম বুলি মোৰ আত্মবিশ্বাস আছে।তোমাৰ ঘৰত সুধিবলৈ যোৱাত মোৰ আপত্তি নাই।কিন্তু মোক তোমাৰ মনটো লাগে।আৰু কিবা জানিবলগীয়া আছে যদি সোধা।মোৰ কোৱাত আপত্তি নাই।

*যাওঁ নেকি,সন্ধিয়া হ'ল।প্ৰেয়াৰৰ আগতে নাপালে হোষ্টেলত গালি পাৰিব।

*যাবা বাৰু আগতে মোৰ প্ৰশ্নৰ উত্তৰ দি যোৱা।

*এনেকৈ মই কেনেকৈ ক'ম,চিন্তা কৰিব লাগিব।

*তেন্তে তুমি চিন্তা নকৰাকৈয়ে আজি আহিলা।যদি তুমি মোক ভালেই নোপোৱা তেন্তে তুমি  মই কওঁতেই কিয় আহিলা।ভাবি চাইছা?

*কিন্তু মই শুনিছো জালুকবাৰীৰ প্ৰেম বেডিং বন্ধা প্ৰেম, বেডিং খোলাৰ লগে লগে ই আৰম্ভ হয় আৰু বেডিং বন্ধাৰ লগে লগে ই শেষ হয়।

*অ' কথা তেন্তে সেইটো ।কিমান ইউনিভাৰ্চিটিৰ প্ৰেম বিবাহপাশত আৱদ্ধ হ'ল তুমি গমেই নোপোৱা।  ঠিক আছে কাইলৈটো দেওবাৰ, ইউনিভাৰ্চিটি বন্ধ ,মৰ্ণিং ওলাবা এফালে লৈ যাম।

*কোনফালে?মই নাযাওঁ।

*কাইলৈ গম পাবা।বাদ দিয়া সেইবোৰ।চাহ খাওঁ ব'লা।

*ক'ত?

*মাৰ্কেটত।

              স্বাতীৰ ফোনটো বাজি উঠিল,আৰুৰ ফোন।

*ক'ত আছ?

*মাৰ্কেটত।

*OK,হোষ্টেল আহি মোলৈ ফোন কৰিবি ।ফোনটো থৈ দিলে‌

            চাহ খাই দুয়ো পুনৰ হোষ্টেললৈ খোজ ল'লে।

*আজিৰ এই আবেলিটো মোৰ বাবে চিৰজীৱন মনত থাকিব।পাৰিলে চুলিখিনি নাবান্ধিবা,মেলা চুলি মোৰ প্ৰিয়।আজিলৈ বিদায়।কাইলৈ ১০ টাত ৰেদি হৈ থাকিবা বুলি শাস্বত গুচি গ'ল।

            আকৌ এটা নতুন টেনচনে স্বাতীক আগুৰি ধৰিলে।কাইলৈ বা কলৈ যাব লাগে।হোষ্টেলত গোটৈইকেইজনী তাইলৈকে অপেক্ষা কৰি আছিল লগতে আৰুও।গৈ পোৱাৰ পিছত সকলো এফালৰ পৰা বিৱৰণ দিহে স্বাতীয়ে ৰক্ষা পালে।কি ফূৰ্তি সকলোৰে।আৰোহীয়েও দিনটোৰ পাতনি মেলিলে।ক'লৈ গ'ল কি কি কৰিলে।আদিয়ে পূৰ্ণ কৰিলে তাইৰ সপোন, তাইৰ হেপাঁহবোৰ।সপোন আছিল তাইৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহি অস্ত যোৱা বেলিটোৰ সৌন্দৰ্য উপভোগ কৰাৰ।আদিৰ কান্ধত মূৰ থৈ দুয়ো সেই সৌন্দৰ্য্য উপভোগ কৰাৰ,পূৰ্ণতা পাইছিল তাইৰ সপোনে।প্লেনেটৰীয়াম চোৱা আজি নহ'ল।দীঘলীপুখুৰীৰ পাৰত বহি সিহঁত ব্ৰহ্মপুত্ৰৰ পাৰলৈ গৈছিল।আদিয়ে তাইৰ সপোনবোৰ লগ পাওঁতেই পূৰাবলৈ চেষ্টা কৰে।জানে সি ,বুজে সি তাইৰ আদৰুৱা মৰমখিনি,তাইৰ আকুলতাবোৰ,তাইৰ ব্যাকুলতাবোৰ।আন প্ৰেমিক প্ৰেমিকাৰ দৰে যে নহয় সিহঁতৰ সম্পৰ্ক।আন প্ৰেমিকৰ দৰে যে সি দিব নোৱাৰে তাইক মৰমবোৰ,সময়বোৰ।তথাপিও সেই মাহেকৰ এটি ফোন,বছৰৰ এটি সাক্ষাততেই থাকে গভীৰ ভালপোৱা, বিশ্বাস ,আশ্বাস আৰু প্ৰত্যয়।

*জান আদিয়ে মোক এটা নতুন নাম দিছে ?

*কি? গোটেইকেইজনীয়ে একেলগে সুধিলে।আজিকালি স্বাতীৰ বাদেও 'আৰুদি'ৰ কাহিনী শুনা আৰু বহুত হ'ল।

*বেবী   (লাজে লাজে ক'লে তাই)।কিবা হেনো দিল্লীত লাভাৰবোৰে এনেকৈ মাতে।সেয়ে সিও মোক বোলে ৰু মতাৰ উপৰিও বেবী বুলি মাতিব।মোৰটো শুনি লাজেই লাগিছে।কিন্তু সি বোলে মাতিবই।

*আৰু কি কি কৰিলি?যোৱাবাৰৰ দৰে একো বেয়া কাম কৰা নাই নহয়।দিল্লীত কৰে বুলি আকৌ ---!  স্বাতী

*নাই দে একো নাই সেইবোৰ।এবাৰ ভুল কৰিলোঁ বুলিয়েই বাৰে বাৰে কৰিম নেকি।এইবাৰ মাথোঁ আমি প্লেনিং কৰিছোঁ ।সি কৈছে ,তাৰ চাকৰি হ'লেই ঘৰত কথাটো কৈ মোক একেবাৰে তাৰ কৰি লৈ যাব।অসমত নাথাকিলেও বাহিৰত হ'লেও সি এটা ফ্লেট ল'ব আৰু তাতে আমাৰ সপোনে পোখা মেলিব।বিয়াৰ পিছত সি মোক আৰু অলপো এৰি নাথাকে।ইমান দিন দূৰে দূৰে থাকিলে আৰু আৰু নোৱাৰে।আৰু দুবছৰ মানৰ পিছতে সি কিবা এটা কৰিব পাৰিব তাৰ পিছত মই তাৰ আৰু সি মোৰ।আজি ইমান কথা পাতিলোঁ জান,জীৱনটো জীয়াই থাকিব পৰাকে আজি তাক মই হেপাঁহ পলোৱাই কাষত পালোঁ।ইয়াতকৈ নো আৰু কি লাগিছে।কাইলৈ ঘৰলৈ যাম।সিও যাব ।এইকেইদিন মই হেপাঁহ পলোৱাই জী উঠিম।অ' মোৰ আদিটো বুলি তাই স্বাতীৰ কোলাত সোমাই পৰিল।

   গোটেইকেইজনীয়ে হাঁহি দিলে।

   গ'ল গৈ তাই হোষ্টেললৈ আবেগবোৰ বুকুত ভৰাই,মৰমবোৰ উপচাই পেলাই।

ৰাতিটো স্বাতীৰ টোপনি ভালদৰে নাহিল।পিছদিনা ক'লৈ নিব চিন্তা কৰিয়েই তাইৰ এই অৱস্থা।

                পিছদিনা ৭বজাত শাস্বতৰ ফোন আহিল।১০টাত ৰেদি হৈ থাকিবলৈ ক'লে কিন্তু ক'লৈ যাব নকলে।সময় দিয়ামতেই শাস্বত আহি উপস্থিত।আজি তাই নিজে উলাইছে চুলিখিনি মেলি লৈছে ,মেলা চুলি শাস্বতৰ প্ৰিয়।কালিৰ দৰে বাইকৰ ওপৰতে সি বহি আছিল।

*উঠা,বৰ্তমান মোৰ ওচৰত এই বাইকখনহে আছে।নুঠিলে আজি উপায় নাই।

 *কিন্তু যাম ক'লৈ?

*উঠানা,গম পাবা।

      ভয়ে ভয়ে  বহিল স্বাতী,দেউতাকলৈ মনত পৰিল তাইৰ।কিবা এক অপৰাধ বোধে তাইক বেৰি ধৰিলে।এঘন্টা মানৰ পিছত এটি ঘৰৰ সন্মুখত বাইকখন ৰ'লগৈ।জিজ্ঞাসাৰে নামিল স্বাতী।

  *আহা,এইখনেই মোৰ ঘৰ

খণ্ড---১৩

        স্বাতীৰ ভৰিৰ তলৰ মাটিখিনি যেন নাইকিয়া হৈ গ'ল।কি সাহসেৰে যায় তাই ভিতৰলৈ।যদি এইটো শাস্বতৰ ঘৰ নহয়।বেলেগ ক'ৰবালৈ যদি আনিছে।তাইটো ভাবিছিল কালিৰ দৰে জালুকবাৰীতে সিহঁত ফুৰিব।কিন্তু হঠাৎ শাস্বতৰ ঘৰলৈ তাই কোন বুলি যাব।গেট খুলি শাস্বত সোমাই গ'ল।

*আহা আকৌ।মোক জানিবলগীয়া আছিল নহয় জানি লোৱাহি।

*কিন্তু এনেকৈ হঠাৎ।মই কোন বুলি কম?

*সকলো কোৱা আছে ।তুমি আহা।

           আগুৱাই গ'ল স্বাতী লগতে দিপশ্ৰীয়ে আত্মৰক্ষাৰ বাবে দি পঠোৱা সৰু চুৰি কটাৰীখন পাৰ্চৰপৰা উলিয়াই ল'লে।কলিং বেলৰ শব্দত এগৰাকী মহিলায়ে দুৱাৰখন খুলি দিলে।শাস্বতে দুহাতেৰে সাবটি ধৰিলে তেওঁক।'আহিলা বাবা'বুলি তেওঁ শাস্বতৰ কপালত এটি চুমা যাচিলে।

*ও,আৰু লগত তোমাৰ বোৱাৰীকো লৈ আনিলোঁ।

           মানুহগৰাকীয়ে ওপৰৰ পৰা তললৈ স্বাতীক চাই এটি মৰমলগা হাঁহিৰে  মাত দিলে।

*আহা স্বাতী,বাহিৰত কিয় ৰৈ আছা বুলি তেওঁ স্বাতীকো বুকুৰ মাজত সোমোৱাই ল'লে।স্বাতীৰ বাবে এইখন এখন চিনেমাতকৈ কোনো গুণে কম নহয়।য'ত তাই দেখিছে আৰুৰ প্ৰেমৰ কথা গম পোৱাৰ দিনা আৰুৰ দেউতাকৰ খঙাল ৰূপ,য'ত তাই দেখিছে আদিৰ দেউতাকৰ সেই অভদ্ৰ আচৰণ আৰু আজি এক তাৰ বিপৰীত দৃশ্য।শাস্বতৰ দেউতাকো সোমাই আহিল।

*আহি পালা তোমালোক,বাটত একো অসুবিধা নাইহোৱা নহয় স্বাতী।আমাৰ আকৌ  বাবাই কম স্পিডট বাইক চলাবই নোৱাৰে, মইটো নুঠুৱেই তাৰ বাইকত।মাকেও ভয়ে কৰে।
*নাই নাই থিকেই আহিলোঁ খুৰা।

*আহা ভিতৰলৈকে আহা,ইমান দূৰ আহিলা অলপ ফ্ৰেছ হৈ লোৱাহি,ময়ো চাহৰ যোগাৰ কৰোঁ বুলি মাকে তাইক ভিতৰলৈ লৈ গ'ল।

           দামী দামী আচবাবেৰে সু সজ্জিত ড্ৰয়িং ৰুম।ৰুমটোৰ প্ৰতিটো কৰ্ণাৰত বাহিৰৰ পৰা অনা বস্তুৰে সেই সৌন্দৰ্য দুগুণে বঢ়াইছে।চেন্টাৰ টেবুলখনত  ফুলাম গামোচা এখন পাৰি থোৱা আছে আৰু তাৰ ওপৰত এখন ডাঙৰ শৰাই।স্বাতীৰ মনত পৰিল আদিৰ দেউতাকৰ কথাবোৰলৈ।আদিৰ দেউতকে কোৱাৰ দৰে আৰুৰ দৰে তাই জানো যোগ্য এইখন ঘৰৰ বাবে।

              ফ্ৰেছ হৈ সকলোৱে ডাইনিং টেবুলত ব্ৰেকফাষ্ট কৰিছে।"দেওবাৰে আমি সদায় বাবা অহাৰ পিছতহে ব্ৰেকফাষ্ট কৰোঁ।আপত্তি নাথাকিলে এইবাৰৰ পৰা তুমিও আহিবা"---শাস্বতৰ মাকে ক'লে। স্বাতীয়ে হাঁহি এটি মাৰিলে।লুচি,ভাজি,মিঠাইৰে টেবুল ভৰি পৰিছে।স্বাতীয়ে খাওঁ নখাওঁকৈ লাহে লাহে খাই আছে।খাই হোৱাৰ পিছত শাস্বতৰ মাকে তাইক তেওঁৰ ৰুমলৈ লৈ গ'ল।

*আহা,আমি দুজনীয়ে কথা পাতো।

*আজি ভাত মই নাৰান্ধো ,তই আৰু
 মীনায়ে(সহায়িকা ছোৱালী) মিলি ৰান্ধ।আজি মই স্বাতীৰ লগত কথা পাতিম-শাস্বতৰ মাকে ক'লে।

       স্বাতীৰ বুকুৰ ধপধপনিটো ক্ৰমান্বয়ে বাঢ়ি গ'ল।কি বা কথা পাতে।কি বা কয়।চিনেমাত দেখাৰ দৰে অকলে মাতি নি তাইৰ চৰিত্ৰক দোষাৰোপ নকৰেতো।মাজতে মৃনালীহঁতৰ ফোন আহিল।ক'ত গৈছ কি কৰিছ সুধি,নিবেই লকেচন ট্ৰেকাৰটো অন্ কৰি থ'বলৈ ক'লে।কথা মতেই কাম।শাস্বতৰ মাকৰ ৰুমত স্বাতীক বহিবলৈ দিলে।নাই চিন্তা কৰিবলগীয়া একো নাই।অতীতৰ বৰ্তমানৰ সকলো কথা মানুহগৰাকীয়ে কৈ গৈছে।মাজে মাজে উচুপিছে।

* আজি তোমাক মই এটা ডাঙৰ কথা কম।যিটো জনাতো তোমাৰ বাবে প্ৰয়োজন।তোমাক মোৰ ল'ৰাই পচণ্ড কৰিছে।তোমাক লগ পোৱাৰ দিনাৰ পৰাই তোমালোকৰ কথা বোৰ প্ৰায় মই জানোঁ।মই তাক এনেভাৱেই ডাঙৰ কৰিছোঁ যাতে যিকোনো কথাই সি মোক বন্ধুৰ দৰে ক'ব পাৰে।সেয়ে হয়তো আজি তুমি একো নজনাকৈয়ে তুমি আমাৰ ঘৰত।ডাঙৰ হৈ অহাৰ লগে লগে মই তাক সোধো ক কোনজনী ছোৱালী তোৰ ভাল লাগিছে?কলেজত তোৰ কাকো পচণ্ড হোৱা নাই? সি কয়,প্ৰথম চাৱনিতে ভাল লগা প্ৰেম তাৰ হোৱাই নাই।কিন্তু তোমাক লগ কৰাৰ দিনা সি মোক ক'লে , মা মোৰ সেই প্ৰথম চাৱনিৰ ভাললগা গৰাকী আজি মোৰ সন্মুখত।তেতিয়াই মই বুজিছিলো সি তোমাক কিমান ভাল পাব পাৰে।কৈছিলোঁ তাক ,আমাক লগ কৰাই দিবি আকৌ।সি আমাৰ অতি মৰমৰ।তাক দুখ দি যেনেকৈ একো কাম নকৰোঁ সিও আমাক দুখ দিয়া কাম নকৰে,সেয়া মোৰ বিশ্বাস।বাকী তুমি কি বুলি ভাবা স্বাতী।

*নাজানোঁ খুৰী।প্ৰকৃততে মই নিজেই ইয়াৰ উত্তৰ পোৱা নাই।তাৰোপৰি ঘৰত নজনোৱাকৈ মই একো ক'ব নোৱাৰিম আৰু খুৰী আপোনালোকৰ  দৰে আমি ইমান ধনী নহয়।গতিকে মই আপুনি ভবাৰ দৰে আপোনালোকৰ ঘৰৰ বাবে যোগ্য নহবও পাৰোঁ।

*ঘৰৰ কথা বাদ দি এবাৰ নিজক সুধিবাচোন।ঘৰৰ সন্মতিৰ বাবে আমিবোৰটো আছোৱেই।শাস্বতেটো সকলো চেষ্টাই কৰিব।আমাৰো ছোৱালী নাই।আজিৰ পৰা তুমিয়েই আমাৰ ছোৱালী হৈ ৰ'বা।যদি তোমাৰ সন্মতি থাকে আমি তোমাৰ ঘৰৰ লগত কথা পাতিম আৰু ধনী দুখীয়া আমি নিবিচাৰোঁ।ধনৰ ধনীতকৈ মনৰ ধনীহে বিচাৰোঁ।

*এতিয়াই নালাগে খুৰী।প্ৰথমে মই মাহঁতক জনাম।নহ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিম।

* তেতিয়া হ'লে তোমাৰ সন্মতি আছে মানে?

স্বাতী তলমূৰকৈ ৰ'ল।ভাবি নাপালে তাই কি ক'ব।

*তোমাক আৰু এটা কথা কবলগীয়া আছে,শুনা।প্ৰকৃততে শাস্বতক আমি এখন আশ্ৰমৰ পৰা তুলি লৈছিলোঁ।বিয়াৰ কেইবা বছৰ পিছতো গুৱাহাটীৰ বহু ডাক্তৰক দেখুৱাই যেতিয়া আমাৰ কোনো সন্তান হোৱা নাছিল ভাগি পৰিছিলোঁ আমি দুয়ো।এসময়ত সন্তানৰ আশা বাদ দিছিলোঁ।আত্মীয় সকলৰ কথা শুনি শুনি মই এসময়ত মৃত্যুক মাতিছিলো।তেনে সময়তে এখেতৰ অফিচৰ কলিগ এজনৰ সহযোগত শাস্বত আহিছিল আমাৰ জীৱনলৈ দেৱদূত হৈ।কোনো এক মাতৃয়ে দাষ্টবিনত পেলাই থৈ যোৱা তেজ মঙহৰ এটা শিশু  আশ্ৰমৰ পৰা লৈ আহিছিলোঁ নিজৰ উকা বুকু শুৱনি কৰি ।একেবাৰে ঘনিষ্ঠ দুজনমান মানুহৰ বাদে এই কথা কোনেও নাজানিছিল আৰু আজিও নাজানে।আনকি শাস্বতেও।আশা কৰোঁ তুমিও এই কথা তাক নজনাবা।তোমাক কৈছোঁ এইবাবেই কাৰণ পিছলৈ আনৰ মুখেৰে শুনিলে তুমি কষ্ট পাবা।যিহেতু তুমি তাৰ ভবিষ্যত সেয়েহে কথাবোৰ ক'লো।কথা দিয়া তাক তুমি এই বিষয়ে একো নোকোৱা বুলি।

* নকওঁ খুৰী।এইয়া এজনী ছোৱালীৰ মাকক দিয়া প্ৰতিশ্ৰুতি।
     
*আচলতে কি জানা, মানুহে সুখ সুখ বুলি ইমান হাবাথুৰি খাই।কিন্তু সুখবোৰ বুটলি ল'ব জানিলে প্ৰকৃততে সুখৰ পিছত দৌৰাৰ প্ৰয়োজনেই নাই।শাস্বত মোৰ হিয়াৰ বাখৰুৱা মণি আজিৰ পৰা সেই মণিধাৰ তোমাক গতালো।সযতনে ৰাখিবা।
স্বাতীৰ কপালত এটি চুমা আঁকি দিছিল তেওঁ।

     সম্পৰ্কবোৰ স্থায়ী হ'বলৈ ইয়াতকৈ আৰু কি লাগে স্বাতীক।

          স্বাতীৰ মাক দেউতাকলৈ বৰ মনত পৰিছিল।আজি তাই এইটো কম ডাঙৰ কাম কৰা নাই।তেওঁলোকে গম নোপোৱাকৈ আজি তাই শাস্বতৰ ঘৰত।তেওঁলোকে গম পালেটো মনত কম দুখ নাপাব।ভাত পানী খাই আৱেলি সিহঁত উভতি আহিছিল হোষ্টেললৈ।শাস্বতৰ মাকক কথা দিছিল কথাবোৰ তেওঁ আৰু তাইৰ মাজতে আৱদ্ধ থকাৰ।কিছুমান কথা গোপনে থকাই ভাল।যি গোপনতাই আনক সুখক দিয়ে তাৰ প্ৰচাৰৰ আৱশ্যকেই বা কিয় ।অহাৰ পৰত তেওঁ এটি উপহাৰ দিছিল----'মোৰ ছোৱালী জনীলৈ এইয়া আশীৰ্বাদ।'নোলোৱাকৈ থাকিব নোৱাৰিছিল তাই, ইমান মৰম,ইমান আন্তৰিকতা,ইমান আৱেগ।অহাৰ সময়ত তেওঁ ৰাখি থৈছিল স্বাতীৰ মাকৰ ফোন নাম্বাৰটো, কিন্তু প্ৰতিশ্ৰুতি দিছিল স্বাতীয়ে কোৱাৰ পিছতহে তেওঁ ফোন কৰাৰ।

             হোষ্টেলত সকলো অপেক্ষাত,তাই অহাৰ পিছত সকলো আহি ৰুমত হাজিৰ ,আৰু আজি নাই আদিৰ লগত তাই ঘৰলৈ গৈছে।দুদিনৰ পিছত আহিব।সকলোকে তাই শাস্বতৰ মাকক দিয়া প্ৰতিশ্ৰুতিৰ বাহিৰে সকলো কথাই ক'লে।সকলোৰে ফূৰ্তি, পাৰ্টি দিব লাগে তাই।পিছে পৰে দিম বুলি তাই মাকলৈ ফোনটো লগালে।আজি গালি খাই হ'লেও মাকক তাই সকলো কথা ক'বই।সকলো কথা চকুমুদি কৈ গ'ল তাই মাকক।শাস্বতক লগ পোৱাৰ প্ৰথম দিনাৰ পৰা আজি শাস্বতৰ ঘৰলৈ যোৱালৈকে।লুকুৱাই ৰাখিলে কেৱল শাস্বতৰ মাকৰ প্ৰতিশ্ৰুতিটো।নোৱাৰিলে তাই সেই প্ৰতিশ্ৰুতি ভাঙিব আৰু আজিও কঢ়িয়াই ফুৰিছে স্বাতীয়ে সেই প্ৰতিশ্ৰুতি হৃদয়ৰ গোপন কক্ষত।

              আচৰিত ধৰণে স্বাতীক মাকে গালি পৰা নাছিলে।বৰঞ্চ অভিমান বাঢ়ি গৈছিল।সেই অভিমান কেইবা দিনলৈও আছিল।অভিমান ভাঙিছিল সেইদিনা যিদিনা শাস্বতৰ মাক-দেউতাক দুয়ো সিহঁতৰ ঘৰ ওলাইছিলগৈ।সকলোকে আচৰিত কৰি তেওঁলোক এদিন পূজাৰ বন্ধত স্বাতীহঁতৰ ঘৰ পাইছিলগৈ।ভাঙি গৈছিল সকলো মান,অভিমান, ঠেহ-পেচ।স্বাতীক আকোঁৱালি লোৱাৰ দৰে শাস্বতকো আকোঁৱালি লৈছিল তাইৰ মাক-দেউতাকে।সেইবাৰ পূজাৰ বন্ধৰ পিছত ঘূৰি আহি তাই গোটেইকেইজনীক পাৰ্টি দিছিল।সুখী আছিল সকলো তাই,শাস্বত,দুয়োৰে ঘৰকেইখন।আৰুৰ ভাষাত তাইৰ নিচিনা লাকী এই পৃথিৱীত আৰু কোনো নাই।যাৰ কোনো বিশেষ আপত্তি নোহোৱাকৈয়ে দুয়োখন ঘৰে প্ৰেমৰ সহাঁৰি জনাইছিল।

             শাস্বতৰ ঘৰৰ পৰা অহাৰ দিনা আৰব্ধ আহিছিল স্বাতীক লগ কৰিবলৈ।দুদিনমান আৰোহী ক্লাছলৈ নোযোৱাৰ বাবে গোটেই ক্লাছতে কথাটো জনাজাত হৈ পৰিছিল।আৰুদিৰ প্ৰেমে সেইকেইদিন ডিপাৰ্টমেন্ট আলোড়িত কৰি তুলিছিল।আৰব্ধ  অহা বুলি গম পাই ডিপাৰ্টমেন্টৰ কিবা কথাৰ বাবে আহিছিল বুলি স্বাতী ওলাই গৈছিল ভিজিটিং ৰুমলৈ।

*ক' কিবা হ'ল নেকি ডিপাৰ্টমেন্টত?

?নাই ,কিয় তোক লগ ধৰিবলৈও আহিব নোৱাৰি নেকি?

*পাৰি।কিন্তু আৰোহীক লগ ধৰিবলৈ নাহি আজি তই মোক লগ ধৰিবলৈ অহা কথাটোৱেহে মোক আচৰিত কৰিছে।(হাঁহি হাঁহি ক'লে তাই)

*তোৰ পৰা মোৰ অলপ জানিব লগা আছে।

*সোধ আকৌ?

*স্বাতী, আদি কোন হয়?

        


খণ্ড---১৪

  *আচলতে আদি কোন সেই উত্তৰ মোতকৈ তোক আৰোহীয়ে ভালকৈ দিব।কাৰণ আদি মোৰ বাবে এক নুবুজা সাঁথৰ।কিন্তু আৰুৰ বাবে সি তাইৰ জীৱনৰ বাট,প্ৰতিটো খোজ আগুৱাই যোৱাৰ প্ৰেৰণা, তাইৰ হৃদয়ৰ কম্পন তাইৰ জীৱন সি।প্ৰকৃততে আদিক বাদ দি আৰোহী আধৰুৱা ।
*আৰু আদি?

*হয়তো সিও।কিন্তু বান্ধৱী হিচাপে মই যিহেতু আৰুৰ সকলো কথাৰে সমভাগী সেয়ে আৰুৰ বাবে আদি কি সেইটোহে ক'ব পাৰিম।

*তোৰ বাবে আদি নুবুজা সাঁথৰ কিয়?

*এইবাবেই কাৰণ মই যিমান প্ৰেমিক প্ৰেমিকা দেখিছোঁ সদায় এজনৰ আনজনৰ প্ৰতি দুৰ্বাৰ হেপাঁহ দেখিছোঁ।মিনিটে মিনিটে নহ'লেও এদিন দুদিনৰ মূৰত তেওঁলোকৰ বাৰ্তালাপ হোৱা দেখিছোঁ, যিমানেই ব্যস্ত নহওঁক কিয় এজনে আনজনলৈ সময় উলিওৱা দেখিছোঁ।কিন্তু আদি এনে এটা ল'ৰা যাৰ বাবে আৰুলৈ সময় প্ৰায় কমেই ওলাই।মাহেকত,বছৰেকত।তয়ে ভাবচোন পাৰিবি তই  এনেকুৱা হ'ব?হয়তো মই ভুলো হ'ব পাৰোঁ।কাৰণ  সি এটা বহুত চোকা ল'ৰা।দায়িত্ব আছে তাৰ নিজৰ অঞ্চলটোৰ প্ৰতি,দেশখনৰ প্ৰতি।মেট্ৰিক, হায়াৰছেকেণ্ডেৰীত ষ্টেণ্ড কৰা ল'ৰা।গতিকে তাৰ চিন্তা চৰ্চাৰ লগত যাব পৰাকৈ মই একেবাৰে নগণ্য।তাক বিচাৰ কৰাৰ স্পৰ্ধাও মোৰ নাই।সন্মান কৰোঁ তাক মই কাৰণ সি আমাৰ গৌৰৱ।কিন্তু প্ৰেমৰ ক্ষেত্ৰত সি মোৰ বাবে এক নুবুজা সাঁথৰ।

* তেন্তে মোৰ ইয়াত প্ৰৱেশৰ কোনো চান্সেই নাই?
*নাই দে।তই ভাল ল'ৰা হয়তো আদি নথকা হ'লে কথাটো ভাবি চাব পৰা গ'ল হয় ।কিন্তু এতিয়া যে এইয়া অসম্ভৱ।

* আৰু আদি যদি নাথাকে?তেতিয়া মোৰ কথা ভাবিব মানে আৰোহীয়ে?

*ধেৎ,আদি আকৌ ক'ত যাব?কি বিলাক যে ভাব তই।আদি অবিহনে আৰোহীৰ অস্তিত্বই নোহোৱা হ'ব।

*হ'ব দে গম পালোঁ।বাট চাম মই সেই দিনটোলৈ যিদিনা আদিৰ অস্তিত্ব হৈ পৰিব আৰোহী।যদি মোৰ প্ৰেম সঁচা হয় তেন্তে এদিন আদিৰ স্থান মই ল'ম।তই কেৱল আজিৰ এই কথাবোৰ তোৰ মোৰ মাজতে ৰাখিবি।আৰোহীক নজনাবি।

* হ'ব দে নজনাওঁ।কিন্তু তয়ো বেছি আশা কৰি নাথাকিবি।

       গুচি গৈছিল সি ,স্বাতীৰ উত্তৰবোৰৰ সৈতে। নিমিলা অংকবোৰৰ মাজত সোমাই পৰিছিল সি।

      ফাৰ্ষ্ট ছেমিষ্টাৰ সিহঁতৰ হৈ গৈছিল।জালুকবাৰী এতিয়া সকলোৰে আপোন হৈ পৰিছিল।কৃষ্ণচূড়াৰ ৰঙাবোৰে ৰাঙলী কৰি তুলিছিল আৱাসীবোৰক। প্ৰেমৰ বৰষুণ জাকত ডুবি গৈছিল সকলো।আগতে গাঁৱত হোৱা বিহু ফাংচনৰ বাদে একো চাবলৈ নোপোৱা আৰোহী স্বাতীহঁতে এতিয়া ইউনিভাৰ্চিটিৰ প্ৰতিটো অনুষ্ঠান উপভোগ কৰিছিল।সচাই জীৱন জীৱন বৰ অনুপম।হোষ্টেলৰ জীৱনে সিহঁতক কি যে শিকোৱা নাছিল। ইউনিভাৰ্চিটিৰ চুক কোণ সিহঁতি চিনি উঠিছিল।জালুকবাৰীৰ অলিয়ে গলিয়ে এতিয়া সিহঁতৰ অবাধ বিচৰণ।পিকনিক চিজন আৰম্ভ হৈছিল। ডিপাৰ্টমেন্টৰ পৰা পিকনিক যাবলৈ সকলো উত্ৰাৱল হৈ পৰিছিল।স্কুল, কলেজৰ পৰা ফেমেলী পিকনিক আগতে সকলো গৈছিল, কিন্তু ইউনিভাৰ্চিটিৰ পৰা এনেকৈ পিকনিক যাবলৈ সকলোৰে উচ্ছাসৰ অন্ত পৰা নাছিল।আজিকালি শাস্বতৰ প্ৰেমে স্বাতীকো সলনি কৰি পেলাইছিল।বিশেষকৈ দুয়ো ঘৰৰ সন্মতিয়ে তাইক সকলো সময়তে মুখৰ কৰি তুলিছিল। দেওবাৰে দেওবাৰে আজিকালি তাই শাস্বতৰ ঘৰলৈ যায়।আপোন হৈ পৰিল দুদিনতে সেই ঘৰখন।ভয়,খং বোৰ আজিকালি ভালপোৱাৰ আৱৰণে ঢাকি পেলালে।কিছু জেদী ,খঙাল হ'লেও শাস্বত আজিকালি তাইৰ আপোনৰো আপোন।মাজে মাজে কাজিয়া নলগা নহয় সিহঁতৰ কিন্তু ভালপোৱাৰ আৱেগত সেইবোৰ ক্ষন্তেকীয়া মাথোঁ।পিকনিকলৈ যাবলৈ লোৱাত আগদিনা শাস্বতে মলৰ পৰা আনি দিছে হাত মোজা, টুপী,জোতা।তাতোকৈ ডাঙৰ কথা জিন্স আৰু টি-চাৰ্ট।নিপিন্ধে তাই ,আগতে কোনোদিনে নিপিন্ধা জিন্স পিন্ধিবলৈ তাইৰ লাজটোৱে আৱৰি ধৰিছে।কিন্তু শাস্বতৰ মৰমবোৰো তাই অৱহেলা কৰিব নোৱাৰে।আৰোহীলৈ আদিয়ে দিল্লীৰ পৰা লৈয়ে আহিছিল।গতিকে তাইৰ ফূৰ্তিৰটো অন্তই নাই।আদিক লগ ধৰিবলৈ যাওঁতেও তাই পিন্ধিয়েই গৈছে।এতিয়া স্বাতীহে বাকী।শাস্বতৰ আব্দাৰত এতিয়া তাই জিন্স পিন্ধি ৰেডী।

             পুৱা ৬ বজাতে সিহঁত যাবলৈ  সাজু হৈছিল।দুয়োজনী একেলগে বহি লৈছে।শাস্বতে কোৱাৰ দৰে গলম পানীৰ ফ্লাক্ম,বিস্কুট, কেকৰে তাইৰ বেগ ভৰ্তি হৈ আছে।শীতৰ সেই ঠেটুৱৈ ঠাণ্ডাত সকলো সাজু হৈছে ন উচ্ছাসৰে।স্বাতীৰ ফোনটো বাজি উঠিল।

*  নামি আহা অলপ।

*অলপ কিয় নামিম ,নামিলে গোটেইজনী নামিম।
  শিকিছে আজিকালি তাই ,ধেমালি কৰিবলৈ।আৰোহীৰ দৰে আজিকালি তায়ো চিত্পখিলী হৈ উৰে‌।নামি আহিল তাই।সংকোচ নে লাজেই ক'ব নোৱাৰে কিন্তু নামি আহোঁতে তাইৰ অলপ লাজো লাগিল।হাঁহিছে সি তাইক দেখি।ইউনিভাৰ্চিটিৰ গেট খনৰ সন্মুখত ফটো একপি উঠাই ল'লে সি।

*এতিয়া যাব পাৰা।Happy and Safe journey. বুলি কৈ সি গুচি গৈছিল।

এতিয়া ইউনিভাৰ্চিটিৰ প্ৰায় সকলোৱে জানে সিহঁতৰ সম্পৰ্কটোৰ কথা।আনকি ডিপাৰ্টমেন্টৰ ছাৰ বাইদেউ সকলেও‌। সুখৰএক অনুভৱেৰে তাই আকৌ বাছখনত উঠিল।নিজৰ ছিটটোত বহিবলৈ ধৰি দেখিলে তাইৰ ৰিক্ত স্থানত আৰব্ধ।আচৰিত হোৱাৰ লগে লগে হাঁহি উঠিছিল তাইৰ।আৰোহীয়ে খঙেৰে বাহিৰলৈ চাই আছিল।নাই চোৱা অলপো ঘূৰি তাই।আৰব্ধই  স্বাতীক হাত দুখন জোৰ কৰি চকুৰে ইংগিত দিলে বেলেগ ছিটত বহিবলৈ।স্বাতীয়েও মনে মনে আতৰি গ'ল তাৰপৰা।বহক দে সি তাইৰ লগতে।পিকনিক বুলি অলপ ফূৰ্তি কৰক।মনৰ ভাববোৰে পাৰ ভাঙি পেলাই বুলিহে ভয়।মনত পৰিল তাইৰ আদিলৈ।সি যোৱাৰ পিছৰপৰা না এটা মেছেজ কৰিছে ,না এটা ফোন।এতিয়া সি আমেৰিকালৈ গৈছে তাৰ ৰিচাৰ্চৰ কামত।খবৰটোও এটা মেছেজ কৰি হে দিছে আৰুক।এক মিনিটতে তাইৰ মনত কথাবোৰে হেন্দোলনি তুলিলে।

কিমান ভালপালে অপেক্ষা মধুৰ হয়,কিমান ভালপালে বিচ্ছেদ ৰঙীন হয়,কিমান ভাল পালে আশ্বাস বিশ্বাসলৈ ৰূপান্তৰিত হয় ।বিচ্ছেদৰ তুলাচনিত অপেক্ষাৰ অন্ত ক'ত?উত্তৰ বিহীন এটা প্ৰশ্ন।

        স্বাতী আৰোহীৰ পিছৰ ছিটতে মৃণালীৰ লগত বহিলে।দুঘন্টা,তিনিঘন্টামান লাগিব ইউনিভাৰ্চিটিৰ পৰা বগামাটিলৈ। সকলোৰে আনন্দৰ সীমা নাই। এজাক মুক্ত বিহঙ্গ।পুৱাই সজাৰ পৰা আজি উৰা মাৰিছে।এই সময় সিহঁতৰ, শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰ ৰণত সময়ক ধৰি ৰখাৰ দৰে সিহঁতেও যেন ধৰি ৰাখিব এই দুবছৰীয়া সময়ক।জী উঠিব এই সময়ক।ইয়াতকৈ যে শ্ৰেষ্ঠ সময় নাই সিহঁতৰ বাবে।এই সময় নিজৰ, এই সময় হেপাঁহৰ।

বাজি উঠিছিল চাউণ্ড চিষ্টেম।সকলোৱে গানৰ সুৰে সুৰে গুণগুণাইছিল

         মিঠা মিঠা আজি সপোনৰে
        অজানিতে চোৱা মন ভৰে
        দূৰণিৰে পৰা কিহে যেন জ্বলিলেহি
         আজি মনে মনে।
         হৃদয়তে কি যে মৰমেৰে
         বুকু ভৰা বহু মৰমেৰে

খণ্ড---১৫

            হাঁহি ধেমালি, নাচ বাগৰ মাজেৰে  সিহঁত বগামাটি পাইছিলগৈ।মাজে মাজে ৰাষ্টা বেয়া হোৱা বাবে থেকেচনি খাই খাই সিহঁত পাইছিল গৈ লক্ষ্য স্থান।ইমান সুন্দৰ প্ৰাকৃতিক পৰিবেশ অসম আৰু ভূটানৰ সীমাত অৱস্থিত ঠাইখনৰ মাজেদি বৈ গৈছে বৰনদী নামৰ এখন নৈ।ভূটানৰ পৰা বৈ অহা নদীখনৰ স্থানীয় নাম লক্ষ্মীতৰা।তীব্ৰ সোঁতেৰে বৈ গৈছে নদীখন।ইতিমধ্যে বহুতো বনভোজৰ পাৰ্টি আহি উপস্থিত হৈছিলহি।স্বাতীহঁতেও সুবিধাজনক ঠাই এডোখৰ ঠিক কৰি নদীৰ ফালে আগুৱালে।

*তহঁতি ঘূৰি নুফুৰিবি দেই য'তে  ত'তে -----আৰব্ধই চিঞৰিলে।

  আৰোহীয়ে কথাষাৰ নুশুনাৰ ভাও ধৰি আগুৱাই গ'ল।অলপ দূৰ নদীৰ  পাৰে পাৰে চাই সিহঁত বোৰ ঘূৰি আহিল।ঠাইখনত নেটৱৰ্কৰ প্ৰব্লেম।কাৰো ফোন ক'লৈকো নোযোৱা হ'ল।স্বাতীয়ে শাস্বতলৈ ফোন কৰোঁ বুলি ভাবিও কৰিব নোৱাৰিলে।ব্ৰেকফাষ্ট ৰেডী হোৱাত সকলোৱে আকৌ উভতি আহিল।চাহ,ব্ৰেড-বাটাৰ,বইল দীম,কল,কমলাৰে সিহঁতৰ পুৱাৰ পেট পূজা হৈ গ'ল।সিহঁত এতিয়া ৰেডী হৈছে বহু ওপৰত থকা বৌদ্ধ মূৰ্তি দৰ্শন কৰিবলৈ। আৰব্ধও এইবাৰ সিহঁতৰ আগে পিছে ফুৰিছে।কেইবাটাও স্তেপ বগাই গোটেই কেইজনীৰে ভাগৰ লগাত ৰৈ ৰৈ সিহঁত ওপৰলৈ গ'ল। আৰোহীয়ে লগত নিয়া পানী বটল,কেমেৰাটোৰে উঠিবলৈ অসমৰ্থ হ'ল।স্বাতী আৰু মৃণালীহঁতে ফোনটোৰ বাদে একো লগত নিয়া নাছিল, সেয়ে সিহঁতৰ অসুবিধাও হোৱা নাছিল।

    'দিয়া, ময়ে ল'ম 'বুলি আৰব্ধই আৰোহীৰ বস্তুকেইটা ল'লে।দিবলৈ মন নাথাকিলেও আৰোহীয়ে বস্তু কেইটা দি দিলে।নহ'লে যে আধা বাটৰ পৰাই নামিব লাগিব।

সোনালী ৰঙেৰে এটি বৃহৎ বৌদ্ধ মূৰ্তি।হয়তো বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ এইয়া প্ৰাৰ্থনা স্থান।কেইবাডালো মম জ্বলি আছিল তাত।সকলোৱে ভাগে ভাগে ফটো উঠাত ব্যস্ত।

*আহ,আমি সকলোৱে মিলি এখন গ্ৰুপ ফটো উঠো----আৰব্ধ।

    সকলোৱে পজ দিলে নানা ভঙ্গীৰে।সকলো যে আজিকালি ফটো উঠাত এক্সপাৰ্ট।আৰব্ধই ফটো তুলিলে।স্বাতী আৰোহীৰ কাষতে থিয় হ'ল।এই স্থান যেন আদিৰ বাহিৰে কেৱল তাইৰ।

*স্বাতী, এইবাৰ তই কেমেৰা মেন হ,নহ'লে মই গ্ৰুপত নাথাকিমেই।

 * OK . দে বুলি তাই কেমেৰাটো ললেগৈ।
     লগে লগে সি গৈ আৰোহীৰ কাষত থিয় হ'লগৈ।এতিয়াহে স্বাতীয়ে বুজিলে তাইক ফটো তুলিবলৈ মতাৰ কাৰণ কি।

সকলোৱে নামি আহি অলপ ৰেষ্ট ল'লে।বহি বহিয়েই সিহঁতৰ মাজত চলিল বিভিন্ন আমোদজনক খেল।প্ৰথম সিহঁতে অন্টাক্সৰী খেলিছে,তাৰ পিছতে কোনোৱে গীতাৰ বজাইছে আৰু আৰব্ধৰ বাঁহী বাদনটোতো আছেই।তাৰ বাঁহীৰ সুৰত নিস্তব্ধ হৈ পৰিছিল বগামাটি।সকলো পাৰ্টিয়ে নিজৰ নিজৰ মিউজিক চিষ্টেম অফ্ কৰি শুনি ৰৈছিল তাৰ বাঁহীৰ সুৰ।এইয়াই আৰব্ধ আৰু তাৰ বাঁহীৰ মন প্ৰাণ আলোড়িত কৰিব পৰা সুৰ।কৃষ্ণৰ বাঁহীৰ সুৰে যমুনাত ঢৌ তুলাৰ দৰে আৰব্ধৰ বাঁহীৰ সুৰেও বৰনদীত সুৰৰ ঝংকাৰ তুলিছিল।সকলোৱে জানিছিল সেই বাঁহীত নিগৰিছিল কেৱল আৰোহীৰ সুৰ আৰুআৰোহীৰ হৃদয়ত নিগৰিছিল সেই সুৰ আদিৰ বাবে।

এইবাৰ সিহঁত  নদীখনৰ ফালে গ'ল।সেইসময়ত তাত ৰাফটিং হয়।কেইবাখনো নাওঁত মানুহে ইপাৰ সিপাৰ হৈ আছে।বহুতে আকৌ খোজকাঢ়িয়ে ইপাৰ সিপাৰ হৈছে।

* আহ পল আমিও খোজকাঢ়িয়েই পাৰ হওঁ।বোৱতী নৈ গতিকে লেতেৰা নাই আহ।চা চোন ইমান ফটফটীয়া পানী।

*তয়ে যা।মোৰ এনেও নৈ পাৰ হ'বলৈ ভয় লাগে আৰু শাস্বতেও মানা কৰি থৈছে।

*সেইটো ক যে শাস্বতৰ কথা শুনি তই নাযাৱ।

      * নহয় দে, তই চোন জানই বিশ্বনাথ ঘাটত নাৱত উঠোতেই মই আৰু নুঠো বুলি শপত খাইছিলোঁ।

*OK boss তই পাৰতে wait কৰ আমালৈ।

       শিলে শিলে আৰোহীহঁত ইপাৰ পালেগৈ।স্বাতীৰ ফোনটো হঠাৎ বাজি উঠিল।মানে সেই ঠাইত নেটৱৰ্ক পায়।শাস্বতৰ ফোন।

*কি কৰি আছা?

*নাই এনেই নদীৰ পাৰত ৰৈ চাই আছো।

*মোক মিছ কৰা নাই?

*কৰিছোঁ।

*তোমালৈ মায়েও ফোন লগাই আছে,কিবা কথা আছে বোলে ।নেটৱৰ্ক পালে ফোন এটা কৰিবা।

*হ'ব বাৰু।কি কথা বা?

* নাজানো মোক কোৱা নাই।তোমাকহে ক'ব বোলে।

*থিক আছে কৰিম বাৰু।

*হ'ব দিয়া ভালকৈ থাকিবা।নদীৰ কাষলৈ নাযাবা,অথনিৰে পৰা ফোন লগাই আছো পোৱা নাই, নেটৱৰ্ক প্ৰব্লেম ছাগে‌।

* ও ইয়াত নেটৱৰ্ক নাপায়েই।

*I love you.by by.

       লাজ লাগি গ'ল স্বাতীৰ।ৰিপ্লাই দিবলৈ যে কাষতে মানুহবোৰ ৰৈ আছে।তথাপিও সৰুকৈ ক'লে তাই -I Love You too.

     সেই ঠাইতে ৰৈ তাই ঘৰলৈও ফোন কৰিলে।মাকক জনালে সিহঁত বগামাটি পোৱাৰ কথা।তাৰ পিছত শাস্বতৰ মাকলৈও ফোন কৰিলে।

*হেল্ল' মিমি

   আজিকালি শাস্বতৰ মাকেও তাইক মিমি বুলি মাতে আৰু তাই তেওঁক মা বুলি।

*অ' মা ফোন কৰিছিলে ,ইয়াত নেটৱৰ্কৰ বৰ প্ৰব্লেম।

*ও গম পাইছোঁ ভালে ভালে পালাগৈ তোমালোক?

*পালোহি মা।

*পিছে তোমাৰ নিউ লুকটোহে বৰ ধুনীয়া লাগিছে।শাস্বতে ফটো পঠাল আমি চালোঁ।অহা দেওবাৰে আমাৰ ঘৰলৈ যাতে এইটো ড্ৰেছটে আহা।আমিও চাম সু শৰীৰে।

       লাজ লাগি গ'ল তাইৰ।শাস্বতৰো কাম নাই আৰু ফটোখননো কিয় পঠিয়াব লাগে ভাবি ভাবি তাই  হ'ব দিয়ক বুলি ফোনটো থ'লে।

      হঠাৎ কোনোবা এজনীয়ে চিঞৰিলে ,অই স্বাতী আৰোহী পৰিল,আৰোহী পৰিল।

   ফোনটো থৈ তাই ঘূৰি চালে।আৰোহী শিলৰ শাৰীৰ পৰা পানীত আছে।এজনীয়ে ওপৰৰ পৰা হাত এখনত যেনেতেনে ধৰি আছে ।চিঞৰিছে তাই।লগত থকা দুজনীয়ে তুলিবলৈ চেষ্টা কৰিছে যদিও পৰা নাই।কি কৰিব একো ধৰিব নোৱাৰি স্বাতী আগুৱাই যাওঁতেই দেখিলে আৰব্ধই পানীত নামি তাইৰ ওচৰ পাইছিল গৈ।খোজ কাঢ়িব নোৱাৰা হ'ল তাই।আৰব্ধই হাতখন আগুৱাই দিলে।

*মোৰ হাতত ধৰা।

*নালাগে তই যা,দিগন্ত তই আহচোন বুলি তাই আৰব্ধক ঠেলি দিলে।

যেনেতেনে সি শিলত ধৰি পৰাৰ পৰা ৰক্ষা পৰিল।এইবাৰ হয়তো তাৰ খং উঠিল।সি কোলাত তুলি যেনেতেনে তাইক পাৰলৈ আনিলে।তাই একো ধৰিবই নোৱাৰিলে।পানীত পৰি যোৱাৰ বাবে তাইৰ  সকলো কাপোৰ তিতি গৈছিল।ভাগ্য ভাল আছিল ডিপাৰ্টমেন্টৰ  বৰ্ণাই আন এজোৰ কাপোৰ লৈ গৈছিল।পিছত তাইক তাইৰে কাপোৰ যোৰ পিন্ধাই দিয়া হৈছিল।খোজকাঢ়িব নোৱাৰাৰ ফলত আৰব্ধই তাইক পুনৰ সিহঁতৰ পিকনিক খোৱা ঠাইলৈ লৈ আহিছিল।স্বাতীহঁততকৈ যেন সিহে বেছি ব্যগ্ৰ হৈ পৰিছিল।হোৱাৰে কথা,আপোনজনৰ সাধাৰণ এটা আঘাটে সকলোকে দুখ দিয়ে।যি ফূৰ্তিৰে সিহঁতবোৰ গৈছিল সিমান দুখী মন লৈ সিহঁত ওভতি আহিছিল।আৰোহীয়ে ভৰিত মুচুকা খোৱাৰ ফলত আহিয়েই সিহঁতে ইউনিভাৰ্চিটি হস্পিতালত ডাক্তৰৰ ওচৰলৈ গৈছিল।বেণ্ডেজ ,বিষৰ টেবলেত খাই বিষটো অলপ কমিছিল।আৰব্ধই পুনৰ তাইক হোষ্টেলত থবলৈ আহিছিল।স্বাতী সেইদিনা আৰোহীৰ ৰুমতে ৰৈ দিছিল।আৰোহী ৰুমত সোমাইয়ে আৰোহীয়ে চিঞৰি চিঞৰি কান্দিছিল।

*আজি মই অপবিত্ৰ হৈ পৰিলোঁ।আদিৰ সলনি বেলেগ পুৰুষৰ বাহু বন্ধনত সোমাই পৰিলোঁ।সি জানিলে মোক কি ভাবিব।মোক বাথৰুমলৈ লৈ ব'ল মই গাটো ধুও গৈ।

      প্ৰচণ্ড চৰ এটা দিছিল তাইক স্বাতীয়ে।

*চুপ থাক,আদি আদি কৰি পাগল হৈ গৈছ।আমেৰিকালৈ যোৱাৰ খবৰটো মুখেৰে ক'বলৈও তাৰ সময়ৰ অভাৱ।অতদিনে ফোন এটা কৰি খবৰ এটা লোৱা নাই।তোৰ ফোন,মেছেজৰ ৰিপ্লাই দিবলৈ সময় নাই।তাই আকৌ আৰব্ধই ডাঙি অনাৰ বাবে অপবিত্ৰ হয়।মনে মনে শুই থাক।
শান্ত হৈছিল আৰোহী।প্ৰতি ঘন্টাৰ মূৰে মূৰে আৰব্ধই খবৰ লৈ আছিল ।ভবাই তুলিছিল তাইক আৰোহীৰ বাবে আদি যোগ্য নে আৰব্ধ।বিষত গোটেই ৰাতি কেকাই থাকি টোপনি নোযোৱা আৰোহীৰ লগত সেইদিনা আৰু চাৰি চকুত টোপনি নাছিল।স্বাতী আৰু আৰব্ধৰ।


খণ্ড---১৬

      লাহে লাহে সুস্থ হৈ উঠিছিল আৰোহী।ঘটনাটোৰ পিছদিনাই ঘৰৰ মানুহে তাইক ঘৰলৈ লৈ গৈছিল ঘৰত যত্ন ল'বৰ বাবে।স্বাতীয়ে খবৰ লৈছিল সদায় ফোনত আৰু আৰব্ধই সদায় ফোন কৰে কিন্তু তাই ৰিচিভ নকৰে,সেয়ে স্বাতীৰ পৰাই সি সকলো খবৰ লৈছিল।অবুজ আছিল আৰোহী, একপক্ষত আদিৰ প্ৰেমত অন্ধ আছিল তাই।

     পোন্ধৰ দিন মানৰ পিছত আৰোহী আহিছিল পুনৰ হোষ্টেল।

এইবাৰ আহিল সৰস্বতী পূজাৰ উৎসাহ।জুনিয়ৰ ছিনিয়ৰ মিলি সিহঁতে সজাইছে নিজৰ হোষ্টেলখন।আগতে স্কুল,কলেজত  আয়োজন কৰাতকৈ এই আয়োজন পৃথক।ৰাতিটো প্ৰায় উজাগৰে থাকি হোষ্টেলখন সজাই পৰাই সিহঁতে পুৱাই উঠি হোষ্টেলৰ পূজা কৰি তাৰ পিছত ডিপাৰ্টমেন্টলৈ যাব।দুয়োজনীয়ে ঘৰৰ পৰা  আহোঁতে পিন্ধিবলৈ লৈ অনা কাপোৰ গহনা গাথলিৰে সিহঁত পুৱাই গা পা ধুই সাজু।স্বাতীৰটো শাস্বতক লগ ধৰিবলৈও আছে।আগদিনাই সি ক'ত কেতিয়া লগ ধৰিব প্লেনিং কৰি থৈছে।আহি আকৌ হোষ্টেললৈ অহা অতিথিক আপ্যায়ন কৰিব লাগিব।
পুৱাই হোষ্টেলৰ পূজা শেষ কৰি সিহঁত সাজু হৈছে ডিপাৰ্টমেন্ট যাবলৈ।ইতিমধ্যে নিউজ চেনেলৰ ৰিপৰ্টাৰ আহি সাজু,অসমৰ সুন্দৰী কন্যা বিচাৰি।কেমেৰাৰ আগত দুজনীমানৰ ওলাবলৈ পাই বৰ ফূৰ্তি।স্বাতীহঁত লাহে লাহে ডিপাৰ্টমেন্টলৈ গ'ল।আহি হোষ্টেলৰ ডিউতি কৰি আকৌ বয়জ,গালৰ্চ হোষ্টেলবোৰলৈ যাব লাগিব।এইয়া হোষ্টেলৰ নিয়ম যাতে এটা হোষ্টেলৰ আন এটা হোষ্টেলৰ লগত বন্ধুত্ব বৰ্তি থাকে।সিহঁত অহাৰ পিছত আকৌ ৰাতিলৈ বয়জ হোষ্টেলৰ ল'ৰাবোৰ আহে।এইটোৱেই এটা দিন যিদিনা বয়জ হোষ্টেলৰ ল'ৰা গালৰ্চ হোষ্টেলত সোমোৱাৰ সুবিধা পায়।
ডিপাৰ্টমেন্টত সেৱা কৰি স্বাতী শাস্বতৰ লগত কটন কলেজৰ পূজা চাবলৈ গৈছিল।সপোন আছিল তাইৰ কটন কলেজ চোৱাৰ।যিহেতু শাস্বত এজন কটনীয়ান আছিল গতিকে সেই দিনটোত তাইকো লৈ গৈছিল।

* একেবাৰে গোটেইজনী সৰস্বতী মা---শাস্বতে দেখিয়েই কৈছিল।

              লাজ লাগি গৈছিল তাইৰ।লগৰ বোৰেও কৈছে তাইক আজি বহুত ধুনীয়া লাগিছে বুলি।ককাললৈকে পৰা চুলিখিনিত আৰোহীয়ে আগফালৰ পৰা শেওতা ফালি মিহিকৈ বেনু গাঁথি পিছফালে কিলিপ মাৰি দিছে আৰু বাকীখিনি মেলি দিছে।বোৱা বগা কাপোৰযোৰৰ লগত ৰঙা খাৰু, ফোঁট, লিপষ্টিক লগাই নিজকে হোষ্টেলৰ আইনাখনত চাই স্বাতীয়ে নিজকে চিনি পোৱা নাছিল।আগতে ষ্টাইল নকৰা স্বাতীয়ে এতিয়া ষ্টাইল কৰিবলৈ শিকিছে।কাপোৰৰ লগত মিলাই গহনা পিন্ধিবলৈ শিকিছে।আৰোহীয়ে ষ্টেপ কাট কৰি চুলিখিনি মেলি লৈছে।ৰঙা পাটৰ চেটৰ লগত মিলাই এজোৰ ঝুমকা আৰু হাই হিল পিন্ধিছে।এই দিনটো যেন কেৱল সিহঁতৰ।কোনে উলিয়ালে কোনেও নাজানে, কিন্তু পূজাৰ দিনা সাজ সজ্জা নকৰিলে যেন সিহঁতৰ মনটোৱেই ভাল নালাগে।হয়তো এয়ে সময় আৰু সময়ৰ লগত খোজ মিলাই যোৱাটোৱেই মানুহৰ নিয়ম।

        কটনত সেৱা কৰি সিহঁত এপাক শাস্বতৰ মাকৰ স্কুললৈও গ'ল।আজিকালি নতুন কিবা এটা পিন্ধিলে মানুহ গৰাকীয়ে চাব বিচাৰে।কালিৰ পৰা কৈ আছিল স্বাতীক তেওঁৰ স্কুললৈ যোৱাৰ কথা।আজিকালি নিজৰ মাকতকৈও শাস্বতৰ মাকেহে খবৰ বেছি লয়।নতুন কিবা বনালে পুতেকৰ ওপৰিও স্বাতীলৈও পেকিং আহে।স্কুলত এপাক মাৰি সিহঁত চিধাই ডিপাৰ্টমেন্টলৈ আহিল।আৰোহীক তাতে থাকিবলৈ কৈ থৈ গৈছিল।কিন্তু আহি দেখে ডিপাৰ্টমেন্টত কোনো নাই।কেৱল এচুকত আৰব্ধ বহি আছে।

*কি হ'ল অই বাকীবোৰ ক'লৈ গ'ল।

  ৰঙা দুচকুৰে সি ওপৰলৈ চাই ক'লে---- গ'লগৈ চব।পূজা শেষ হ'ল।

*আৰোহীও?

* অ।

* কি হ'ল পহু? তোৰ চকু ৰঙা যে  ---শাস্বতে সুধিলে।

আৰব্ধ আৰু শাস্বত একে হোষ্টেলৰে হয় সেয়ে সিহঁতৰ এনে ভাষিক আদান প্ৰদান।

* নাই দাদা।একো নাই।

   স্বাতীয়ে শাস্বতক তাৰ পৰা ওলাই যাবলৈ ইঙ্গিত দিলে।চিনিয়ৰ হিচাপে সকলোকে সকলো কথা কোৱা নাযায় যিটো বন্ধু এজনক ক'ব পৰা যায়।শাস্বত ওলাই গ'ল।

* ক চোন এতিয়া মোক কি হ'ল।মই বাৰু কাকো নকওঁ।

* নাই ঐ একো হোৱা নাই।ঘৰলৈ মনত পৰিছে।

*ফাঁকি নক'বি ।অত দিনে তোক মই চিনি পাইছোঁ ।তোৰ কি কথাত চকু ৰঙা হয় ,কি কথাই তোক আনন্দ দিয়ে মই জানোঁ।
       ক'ৰবাৰ পৰা বৰ্ণা সোমাই আহিল।

*মই কৈছোঁ শুন।তাক আজি আৰোহীয়ে চৰ মাৰিলে।

*কিন্তু কিয়?আচৰিত হ'ল স্বাতী।

*আমি সকলোৱে পূজা ভঙাৰ পিছত নাম গাও বুলি ভাবিলোঁ।যিয়ে যেনেকে পাৰে।আৰোহীয়েও গালে।ভাল গাইছিল তাই।আমি ক'লো খোল ,তালটো আছেই আৰব্ধই বাঁহীটোকে বজা।সি বাঁহী আনি তাইৰ ওচৰৰ খালি ঠাইকণতে বহিছিল।খং উঠিল তাইৰ চাগে।চিঞৰি চিঞৰি গালি পাৰিলে ইয়াক 'তই মোৰ পিছে পিছে কিয় লাগি থাক।মই বেলেগ এজনক ভাল পাওঁ আৰু সেই স্থান মই কাকো নিদিওঁ।তোৰ বাবে স্বাতীয়েও সেইদিনা মোক চৰিয়াইছে 'বুলি ইয়াৰ গালতো এক চৰ দিলে।কথাটো ডিপাৰ্টমেন্টৰ ছাৰ বাইদেউ সকলেও জানিলে আৰু আৰব্ধক দোষী বুলি ভাবি হেডে গালি পাৰিলে ইয়াক।

      স্বাতীৰ মুখখন লগে লগে ক'লা পৰি গ'ল।সেইদিনা তাই মৰা চৰটোৰে প্ৰতিশোধ নহয়টো এইয়া।খং উঠিল তাইৰো।খঙেৰেই আৰব্ধক ক'লে।

*তই হোষ্টেললৈ যা শাস্বতৰ লগত।এইবোৰ চিন্তা কৰি নাথাকিবি।তোৰ কথা যেতিয়া তাই চিন্তা নকৰে তই কিয় ইমান চিন্তা কৰি মৰ।আজি পূজা।পূজাৰ দিনা এইবোৰ কথা মনত ধৰি নাথাকিবি।এতিয়া তই ভৱিষ্যতৰ কথা চিন্তা কৰ।তই যদি শুদ্ধ হয় এদিন আৰোহীয়েও বুজিব তোৰ প্ৰেমৰ সততা।

*নহয় অ' আজি মোৰ কোনো ভুলেই নাছিল।পিকনিকটো মই একো ভুল কৰা নাছিলোঁ।আজি ছাৰ বাইদেউ সকলৰ আগতো মই লাজ পালোঁ‌।এটা কথা ক'চোন পল তই তাইক কিয় মাৰিছিলি?

*সেইবোৰ বহুত কথা।তই জনাৰ দৰকাৰ নাই।এতিয়া হোষ্টেললৈ যা।

  কেনেকৈ কয়  তাই সেইদিনাৰ আৰোহীৰ মুখৰ কথা।

  আৰব্ধক শাস্বতৰ লগত পঠিয়াই দি তাই সেইদিনা অকলেই গ'লগৈ হোষ্টেললৈ।গৈয়েই চিধা আৰোহীৰ হোষ্টেলত সোমাল।

*তই পাগল হ'লি নেকি আৰু।যাকে তাকে মাৰি ফুৰিছ যে?

* তোক তোৰ বন্ধুৱে মোৰ বিপক্ষে কথা লগালেই মানে।

*নাই লগোৱা সি।মই বেলেগৰ মুখেৰেহে শুনিছোঁ।

*থিকেই কৰিছোঁ মই ।আজিৰ পৰা আৰু সি মোৰ কাষ চাপিবলৈ চেষ্টা নকৰে আৰু।

*একো থিক কৰা নাই আৰু তোৰ কাষ চাপিছে সি কেতিয়া।পিকনিকত তাৰ সলনি বেলেগ কোনোবা গৈছিল তোক পানীৰ মাজৰ পৰা আনিবলৈ।নে তোৰ আদি আহিছিল।

*আদিক মাজত কিয় আনিছ।সি ইয়াত নায়েই ,থকা হ'লে নিশ্চয় গ'ল হয়।

*নাযায়।সি তাৰ এইম,তাৰ চাকছেছৰ পিছত দৌৰোতে দৌৰোতে তই কোন পাহৰি পেলাইছে।হয়তো এসময়ত তোক সি ভাল পাইছিল।কিন্তু আজি সি তাৰ ষ্টেটাছ,তাৰ প্ৰফেচনক লৈ বিজি।কোন আৰোহী কোন ৰু কোন বেবী সি পাহৰি পেলাইছে।তোক মই সেইদিনা চৰটো আৰব্ধ বা আদিত্যৰ বাবে দিয়া নাছিলোঁ তোৰ থিংকিঙৰ বাবেহে দিছিলোঁ।যাৰ প্ৰতিশোধ তই আজি আৰব্ধক মাৰি ল'লি।সেইদিনা গোটেই ৰাতি তই ,মই উজাগৰে থকা নাছিলোঁ আৰব্ধও আছিল।কিন্তু আদি নাছিল।হয়তো আজিও সি গম নাপায় তোৰ সেই দিনটোৰ কথা।

*হ'ব পাৰে মোৰ ভুল আৰব্ধক চিনাৰ ক্ষেত্ৰত।কিন্তু তাৰ মানে এইটো নহয় যে আদি বেয়া।সি আমাৰ ভৱিষ্যতৰ বাবেই এই যাত্ৰা কৰিছে আৰু সেই যাত্ৰাত সাৰথি হোৱাটো মোৰ কৰ্তব্য।

*সাৰথি হওঁতে হওঁতে পাহৰি নাযাবি যে সাৰথিয়ে কেৱল ৰথ চলোৱাতহে সহায় কৰে।সাৰথি জীৱনৰ এক অংশহে গোটেই জীৱন নহয় আৰু সময়ে সাৰথি সলাবও পাৰে।

*তই আদিক লৈ ইমান নিগেটিভ কিয় ভাব?

*আগতে নুবুজিলেও এতিয়া বুজোঁ প্ৰেম কি,প্ৰেম কাক কয়।প্ৰেমে মানুহক কিমান সলনি কৰিব পাৰে।কাৰণ এতিয়া ময়ো প্ৰেমত পৰিছোঁ।

*হ'ব পাৰে কিন্তু সকলোতো স্বাতী শাস্বত নহয়।প্ৰেম হ'ল,ভালপালে, ঘৰলৈ লৈ গ'ল।তাৰ পিছত দুয়ো ঘৰৰ সন্মতিও হ'ল।

*সেইবোৰ বাদ দে।মাত্ৰ মই এইটো বিচাৰোঁ যাতে তই আদিৰ প্ৰেমৰ মালা জাপি জাপি জীৱনটোত ৰৈ নাযাৱ।

*হ'ব দে। মোৰেই ভুল হ'ল।কিয় জানো আজিকালি এনি টাইম খঙেই উঠি থকা হ'ল।আদিলৈ মেছেজ দিলেও দেলিভাৰ নহয়,ফোনো নাযায়।কিন্তু মোৰ তাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।

*বিশ্বাস বোৰ যাতে ভাঙি নাযাওক সেইটো ময়ো বিচাৰোঁ।কিন্তু আৰব্ধক আজি তই যি ব্যৱহাৰ কৰিলি সেইটো ভাল নকৰিলি।সি তোক ভালপায় বাবেই তোৰ সকলো কথা শুনি যায়।সেইবুলি তই--।

*হ'ব দে মই তাক  sorry ক'ম।

*এতিয়াই ক।এইটো ফোন ল আৰু কথাপাত।

       ফোনটো ধৰিলে সিফালে ।আৰোহীয়ে কৈ উঠিল----আৰব্ধ ,মোৰ ভুল হৈ গ'ল ।I am sorry.

       ওলাই আহিল স্বাতী।পাতকচোন সিহঁতে কথা।আৰোহীৰ ক্ষোভ বোৰ,মান-অভিমানবোৰ  শেষ হয় যদি হওঁক।আবেলিলৈ সকলোবোৰ হোষ্টৈলে হোষ্টেলে ফুৰিবলৈ গৈছিল।প্ৰতিটো হোষ্টেলৰ আবাসীৰ ধুনীয়া ধুনীয়া সা সজ্জাই জালুকবাৰী ৰঙীন হৈ পৰিছিল।হয়তো ইয়াতেই বহুতৰে হৃদয়ৰ আদান প্ৰদানো হৈছিল।
        

খণ্ড---১৭

           আপোনজনৰ সান্নিধ্যত সময় কেনেকৈ পাৰ হয় কোনেও নাজানে।কৃষ্ণচূড়াৰ দেশত সকলো আপোন হৈ পৰিছিল।ভাৰ্চিটি উইকৰ অনুশীলন লাহে লাহে আৰম্ভ হৈছিল।পুৱা চাৰিটাতে উঠি সিহঁতে বয়জ হোষ্টেলৰ ফিল্ডত খেলিবলৈ যায়।নেখেলিলেও জুনিয়ৰ খিনি যাব লাগে পানীৰ বটল দিবলৈ বা অন্যান্য সৰু সুৰা সহায় কৰিবলৈ।স্বাতী আৰোহীৰ খেল ধেমালিৰ লগত কোনো সম্পৰ্ক নাছিল।সৰুতে বিৰিং গুটি ,বৌ গুদু,চামোচত বিৰিং গুটি ভৰোৱা ,টেকেলি ভঙা এইবোৰ খেলিছিল।এতিয়া বাস্কেট বল,ফুটবল,বেডমিণ্টন, কাবাডী,এইবোৰৰ ওচৰো চপা নাছিল।কেতিয়াবা ঘৰত আবেলি আবেলি বেডমিণ্টন খেলিছিল কিন্তু বাকীবোৰ খেল খেলা T.V  চোৱাৰ বাদে খেলাটো বাদেই চাইয়ো পোৱা নাই।তথাপিও সিহঁতে চেষ্টা কৰিলে খেলিবলৈ।আৰোহী বাস্কেট বলত চিলেক্ট হ'ল।স্বাতীয়ে নোৱাৰিলে ।খেল খেলাটো যে তাইৰ বাবে অসম্ভৱ তাই এইবাৰ ভালদৰে বুজিলে।লগৰখিনিক গ্লুক'জ বিলায়েই তাই ক্ষান্ত থাকিল।শাস্বত আকৌ ফুটবল,ভলিবল,বাস্কেট বল সকলোতে আছে।যোৱা বছৰ সি বেষ্ট প্লেয়াৰ হৈছিল।বাস্কেট বলৰ সি প্ৰশিক্ষণ দিছিল।পুৱাই উঠি স্বাতীৰ এমাইল খোজ কাঢ়ি বয়জ হোষ্টেললৈ গ্লুক'জ বিলাবলৈ যোৱাটো যদিও কষ্টকৰ আছিল, তথাপিও তাইৰ বেয়া লগা নাছিল।শাস্বতক সন্মুখত সদায় তাই পাইছিল।হোষ্টেলৰ হৈ বাস্কেট বল খেলাখিনিক সি যেতিয়া বল কেনেকৈ, কিমান দূৰত্বৰ পৰা মাৰিব লাগে এইবোৰ প্ৰশিক্ষণ দিছিল স্বাতী চাই ৰৈছিল তালৈ।কেতিয়াবা শিকাই থাকোঁতে তাইৰ চকুত চকু পৰিলে তাই চকু টিপ মাৰি দিছিল।হাঁহিবও নোৱাৰিছিল সি হাঁহি ৰখাবও নোৱাৰিছিল মুঠতে তাৰ অৱস্থা চাবলগা হৈছিল।কোনো খেলত চিলেক্ট নোহোৱা দেখি সি স্বাতীক জোকাইছিল---

           আইঐ মোৰ আলফুলীয়া কপৌপাহ,ইমান কোমল হাতৰ লাহৰী আঙুলিকেইটি ।আগলৈ চোন একো টান কাম কৰিবই নোৱাৰিব।বলটোৱে দাঙিব নোৱাৰে আগলৈ আমাৰ মাইনাকেইটা কেনেকৈ দাঙিব।

       লাজ লাগি যায় তাইৰ।হ'ব আৰু সকলোটো খেলিবলৈকে জন্ম নলয় ,তাই গান গাব,লিখিব তাইৰ নিউজ ৰিডাৰ হোৱাৰ সপোন পূৰাব।এনেওটো মাজে মাজে ইউনিভাৰ্চিটিৰ অনুষ্ঠানবোৰত তাই এংকৰিং কৰিবলৈ সুবিধা পায়েই।

      আৰোহী এতিয়া ব্যস্ত পুৱাই খেলিবলৈ যায় আহি ক্লাছ কৰি আকৌ প্ৰেকটিছলৈ যায়।শাস্বতৰ মুখত শুনিছে স্বাতীয়ে আৰোহীয়ে ভাল খেলিব পাৰিছে।আগৰ পৰা খেলা হ'লে তাই ষ্টেত লেভেলত খেলিব পাৰিলে হয়।আৰব্ধও ব্যস্ত বিভিন্ন খেলত।

      আৰম্ভ হৈছিল ভাৰ্চিটি উইকৰ।প্ৰতিটো হোষ্টেলৰ হৈ খেলুৱৈ সকল খেলিবলৈ যায় আৰু বাকী আৱাসী সকলে হাতত থাল,গিলাচ লৈ উৎসাহ জগাবৰ বাবে যাব লাগে।যেতিয়া খেলি থাকে তেতিয়া নিজৰ হোষ্টেল চং গাই গাই খেলুৱৈ সকলক উৎসাহিত কৰা হয়।খেলুৱৈৰ লগতে বাকীসকলৰো উৎসাহৰ সীমা নাই।স্বাতীহঁতৰ হোষ্টেল ফাইনেলত আৰোহীহঁতৰ হোষ্টেলৰ বিপৰীতে আছিল।উপায় নাছিল স্বাতীৰ হোষ্টেলৰ হৈ নিচিঞৰিলেও উপায় নাছিল আৰু আৰোহীৰ সপক্ষেও চিঞৰিব নোৱাৰিছিল।আৰোহীয়ে খেলা প্ৰতিখন খেলত আৰব্ধ কিন্তু উপস্থিত আছিল।আজিকালি আৰোহীৰ লগত আৰব্ধৰ সম্পৰ্ক অলপ ভাল হৈছে।প্ৰেম নহ'লেও ভাল বন্ধু হিচাপে আৰোহীয়ে তাৰ সঙ্গ ভাল পাইছে।হয়তো আৰোহীয়ে আদিৰ শূণ্যতা আৰব্ধৰ মাজত বিচাৰি পাইছে তাই নজনাকৈয়ে।আজিকালি ক'ৰবালৈ যাবলৈ স্বাতীক লগ ধৰিলে প্ৰায়ে তাই এৰাই চলে আৰু আৰব্ধৰ লগত যাবলৈ মিলাই দিয়ে।শাস্বতেটো আদিৰ নামেই নুশুনে।আজিকালি স্বাতীক শাস্বতৰ হোষ্টেলৰ জুনিয়ৰ কেইটাই বৌ বুলি মাতে।লাজ লাগে তাইৰ।আৰব্ধৰ প্ৰেমৰ কথাও তাৰ হোষ্টেলৰ জুনিয়ৰ চিনিয়ৰ সকলোৱে জানে।কোনোবাই তাইক চিনি নাপালেও আৰোহীৰ নামটো সিহঁতৰ চিনাকি।আৰোহীহঁতৰ টিমটোৱে জিকিছিল বাস্কেট বল কম্পিটিচন।আৰোহীয়ে কেইবাটাও স্ক'ৰ কৰিছিল।আৰোহী উৎসাহিত হৈছিল।সুখবোৰ ভগাই লৈছিল স্বাতীৰ লগতে ডিপাৰ্টমেন্ট হোষ্টেল মেতবোৰেও।আৰোহীয়ে সঙ্গীতৰ প্ৰতিযোগিতা বোৰতো ভাগ লৈছিল।তাই নাম দিবলৈ মন নাথাকিলেও আৰব্ধৰ কথাত লাগি যোগদান কৰিছিল।প্ৰেৰণা পাইছিল তাই আৰব্ধৰ পৰা।দুটামান বিভাগত পুৰস্কৃতও হৈছিল আৰু আৰব্ধও খেল,সাহিত্য, সঙ্গীত সকলোতে আগুৱাই গৈছিল।অল ৰাউণ্ডাৰ আছিল সি।

       ভাৰ্চিটি উইক শেষ হোৱাৰ দুদিনমান পিছত আৰোহী অসুস্থ হৈ পৰিছিল।অত দিনৰ কষ্টৰ বাবে  হয়তো দুৰ্বল হৈ পৰিছিল।এদিন ক্লাছতেই তাই ঢলি পৰিছিল।স্বাতী, আৰব্ধহঁতে মিলি তাইক ইউনিভাৰ্চিটি হস্পিতাললৈ লৈ গৈছিল।ডাক্তৰে তাইক বেলেগ হস্পিতাললৈ লৈ যাবলৈ কৈছিল।আৰব্ধৰ আইডিয়া অনুসৰি তাইক সঞ্জীৱনীত ভৰ্তি কৰোৱা হৈছিল।ব্লাড কমিছিল তাইৰ,তাৰোপৰি বহুত দুৰ্বল হৈ পৰিছিল।শাৰীৰিক ভাৱে হয়তো মানসিক ভাৱেও।লাহে লাহে তাইৰ মনত ভয় সোমাইছিল আদিয়ে পাহৰি পেলোৱাৰ ভয় তথাপিও হিয়াৰ এচুকত বিশ্বাসো ৰাখিছিল ।

       আৰব্ধ,স্বাতী, আৰোহীৰ ৰুমমেট কুঁহি সেইৰাতি হস্পিতালতেই আছিল।শাস্বত মাজৰাতি গৈছিল গৈ।তাইক ব্লাডৰ প্ৰয়োজন হৈছিল।আৰব্ধই দিছিল নিজৰ ব্লাড।দেউতাক-মাক পিছদিনা পাইছিলহি।আহিয়েই গালি পাৰিবলৈ ধৰিছিল।

         ভাৰ্চিটি উইকত খেলাৰ বাবেই  এইবোৰ হৈছে ।কোনোদিন বল খেলি নোপোৱা আৰোহীজনীয়ে এতিয়া বাস্কেট বল খেলি এইয়া অৱস্থা।উধাই মুধাই চিনিয়ৰখিনিকে দোষীলে।নাজানা ছোৱালীজনীক খেলাব নালাগে নহয়।আৰব্ধক ব্লাড দিয়াৰ বাবে মাকে মৰম কৰিয়েই তত নাপালে।তালৈ অনা ফল-মূল,ৰচগোল্লাৰ টোপোলাটো আগুৱাই দিলে।নলয় সি ,সি নিজে কিনি খাব।এইয়া বান্ধৱী হিচাপে তাৰ দায়িত্ব আছিল আৰোহীৰ প্ৰতি।মাকেও বুজালে এইয়া তেওঁলোকৰ দায়িত্ব আৰোহীৰ বন্ধুৰ প্ৰতি।এসপ্তাহ মান হস্পিতালত থকাৰ পিছত আৰোহী সুস্থ হৈ উঠিছিল।ঘৰলৈ মাকহঁতে লৈ যোৱাৰ কথা কৈছিল যদিও তাই নগ'লে।হোষ্টৈলতে থাকিব ।ক্লাছলৈ নাযায় কিন্তু ৰুমটে থাকি স্বাতীহঁতৰপৰা ন'টছবোৰ লিখিব।কান্দি কান্দি মাকে কৈছিল।

*ছোৱালীজনীক পঢ়িবলৈ পঠাই ভুলহে কৰিলোঁ নেকি,এটাৰ পিছত এটা হৈয়েই থকা হৈছে।যোৱাবাৰ ভৰিত দোষ পালে,এইবাৰ এইয়া।আদিৰ খবৰ কিবা পোৱানে তোমালোকে স্বাতী?

*নাপাওঁ খুৰী, কিয়?

*শুনিছোঁ সি এতিয়া আমেৰিকাৰে বাসিন্দা হ'ব।দেউতাকে এদিন বজাৰত কাৰবাক কৈ থকা শুনিছিলোঁ।আৰোহীক কিবা কৈছেনে সি?

*আমেৰিকালৈ যোৱাৰ খবৰটো দিছিল কিন্তু তাৰ পিছৰ পৰা না মেছেজ কৰিছে না ফোন।নাজানোঁ সি কি ভাবিছে।

*জানো পাই ছোৱালীজনীৰ কি হয়।সপোনবোৰ ভাঙিলে তাই বৰ কষ্ট পাব।

*আমিবোৰ আছো নহয় ,আপোনালোকে সেইবোৰ চিন্তা নকৰিব।কিবা এটা কৰিব লাগিব।

          গুচি গৈছিল আৰোহীক হোষ্টেলত থৈ তেওঁলোক।সকলোৰে মৰম আৰু শুশ্ৰূষাত লাহে লাহে তাই সুস্থ হৈ আহিছিল।

*অই আৰব্ধ আৰু দুদিনৰ পিছত আৰোহীৰ বাৰ্থডে ।কিবা এটা স্পেচিয়েল কৰ।কিজানি আদিৰ পৰা মনটো আৰব্ধলৈ আহেই।

*হয় নেকি ।কি কৰোঁ কচোন।

*ভাব আকৌ তই।

*থিক আছে তই কিন্তু সেইদিনা মোতকৈ আগতে ওইছ নকৰিবি    ,বাকী মই কি কৰিব লাগে কৰিম।

*OK,OK.

         আৰব্ধক বেয়া পোৱা মানুহ আচলতে  ডিপাৰ্টমেন্টত নাছিল।ফাৰ্ষ্ট চেমিষ্টাৰত সি ডিপাৰ্টমেন্টত টপাৰ হৈছিল।গতিকে ছাৰ বাইদেউ সকলেও তাক আগৰ কথা পাহৰি পুনৰ আকোঁৱালি লৈছিল।আৰোহীৰ জন্ম দিনৰ দিনা  বাৰ বজাৰ লগে লগে আৰব্ধই তাইক ওইছ কৰিছিল।হোষ্টেললৈ আহি সি মাউথ অৰ্গেন বজাবলৈ শিকিছিল ,মাউথ অৰ্গেন বজাই সি শুনাইছিল তাইক  তাইৰ প্ৰিয় গীত--

           তোমাৰ মৰমে মোৰ
            দেহত তুলিলে ঢৌ।

      স্বাতীয়ে পুৱাহে   তাইক সেইবাৰ ওইছ কৰিলে।প্ৰতি বছৰে তাইক স্বাতীয়েই প্ৰথম ওইছ কৰে তাৰ পিছত আদিয়ে।আৰোহীৰ জন্মদিনৰ পিছদিনাই স্বাতীৰো জন্মদিন।তাইৰ জন্মদিনটো আৰোহীয়েই প্ৰথম ওইছ কৰে।কিন্তু এইবাৰ স্বাতীয়ে নকৰোঁ বুলিয়েই নাইকৰা।বুজি পালে পাওক চোন আৰব্ধৰ মূল্য,আৰব্ধৰ প্ৰয়োজন।অভিমান কৰিছিল তাই, 'শাস্বতক পাই মোক পাহৰিলি 'বুলি।হাঁহিছিল স্বাতীয়ে।পিছদিনা ফাৰ্ষ্ট ক্লাছৰ ছাৰ অহা নাছিল।গতিকে আৰব্ধৰ আয়োজন অনুসৰি আৰোহী সোমাই যোৱাৰ লগে লগে সকলোৱে একলগে তাইক ওইছ কৰিছিল।কোনোৱে চকলেট, কোনোৱে পেন গিফ্ট দিছিল।আৰব্ধই তাইক মাকে বোৱা এজোৰ ৰঙা মিচিং কাপোৰ উপহাৰ দিছিল।তাইৰ প্ৰিয় ৰং,লওঁ নলওকৈ লৈছিল তাই উপহাৰটি।আবেগিক হৈ পৰিছিল সকলো তাৰ হেপাঁহবোৰত,তাৰ মৰমবোৰত।কবিতা নিলিখা হ'ল সি আজিকালি মাথোঁ মাজে মাজে শ্বায়েৰী কয়।সকলোৰে অনুৰোধত সি সেইদিনা এটি গীত গাইছিল---

মায়াময় ৰূপালী জোনাক
ছাঁয়া ঘন সৰলৰে পাত
জিৰ্ জিৰ্ জিৰ্  জুৰিৰে পাৰত
পামনে মই পামনে তোমাক।


খণ্ড----১৮

            লগৰখিনিক কেন্টিনতে তাই কিবাকিবি খুৱাইছিল।ইমানবোৰৰ মাজতো তাই সুখী নাছিল।যেন কিবা এটা নাই।আশা কৰিছিল তাই আদিয়ে আজি ফোন কৰিব বুলি ।আবেলিলৈকে  ফোন নহা দেখি তাই ভয় খাইছিল আদিৰ ক'ৰবাত কিবা হোৱা নাইটো।হোষ্টেলৰ দুজনীমানক আৱেলি জালুকবাৰীৰ পদ্মা ৰেষ্টুৰেন্টলৈ লৈ গ'ল।অৱশ্যে স্বাতীও আছিল তাত ।সকলৰে প্লেটৰ মম',চাউমিনেৰে আৰোহীৰ বাৰ্থডে পাৰ্টি হৈ গৈছিল।সন্ধিয়া ৰুমত  মাংস বনাব।হোষ্টেলৰ ভাত আৰু আৰোহীৰ হাতৰ মাংস ।সকলোৱে নিজে গেছ কিনি লয় যাতে মন গ'লে কিবা খাব পাৰে।বাকী কেইজনীক তাতে বহিবলৈ কৈ আৰোহী আৰু স্বাতী মাংস কিনিবলৈ ওলাই গ'ল।

* অই পল,তাৰ কিবা হোৱা নাইটো

*কাৰ কি হ'ল? হঠাতে সোধা প্ৰশ্নটোত স্বাতী ভয় খাই উঠিল।

* আদিৰ ।

*কিয় ,আজিও সি ফোন নকৰিলে?

* নাই ,এতিয়ালৈকে নাই কৰা।

*একো হোৱা নাই তাৰ, হোৱা হয় আমাৰ তাত গম পালেহেঁতেন সকলোৱে।এইবাৰ অসম বাদ দিলে আমেৰিকান ধৰিলে চাগে কাৰোবাক।আজিৰ দিনটোত তাৰ কথা উলিয়াই নাথাকিবি আৰু।সৌটো চা আৰব্ধ ,এতিয়া তাৰ কথা ভাব।

        দূৰত থকা আৰব্ধক দেখুৱাই স্বাতীয়ে ক'লে।

*ভাবোঁ বুলিয়েই কাৰোবাৰ কথা ভাবিব পাৰি জানোঁ, ভাববোৰ চোন মনলৈ নিজে নিজেই আহে।

        বাইকত শাস্বত আৰু আৰব্ধ ।শাস্বতে তাক বৰ ভাল পায়,লগৰ দিব্য নাথাকিলে আৰব্ধক লৈ ওলাই যায়, কেতিয়াবা কিবা কামত,কেতিয়াবা এনেই।আজি সিহঁতক দেখিও নেদেখা ভাও জুৰি গুচি গ'ল সিহঁত।আচৰিত হ'ল দুয়োজনী।ধৰিব নোৱাৰিলে বুলি ভাবি দুয়োজনী আকৌ লগৰকেইজনীক লৈ হোষ্টেললৈ গ'ল।আহোঁতে দেখিলে মামাৰ দোকানত দুয়োটাই ৰৈ আছে।এইবাৰ সিহঁতেও নেদেখাৰ ভাও জুৰি আগবাঢ়িল।আগুৱাই যাওঁতেই শাস্বতে মাত লগালে

* আৰোহী , ওপজা দিনৰ শুভেচ্ছা জনালোঁ।

* ধন্যবাদ দাদা ।

*আমি পিছে মাংসৰ ভাগ পাম নে নাই?

*আহিব আকৌ হোষ্টেললৈ।

*থিক আছে বনাই ফোন কৰি দিবা,তোমাৰ মাংসৰ সোৱাদৰ কথা শুনিয়েই থাকো এইবাৰ জুতি লৈ চাম,নে কি কৱ পহু।

     আৰব্ধই সেমেনাসেমেন কৰিলে।পহু বুলি আৰোহীৰ আগত মতা বাবে লাজ পাইছে সি।

     স্বাতীক মাতবোল কৰা নাই।আবেলি তাৰ লগত ফুৰিবলৈ যাবলৈ লগ ধৰিছিল কিন্তু আৰোহীৰ প্লেনিংটো থকাৰ বাবে তাই নগ'ল।তাৰ মতে কেন্টিনত খাইছাই ,ৰাতি মাংস পাৰ্টি খাবাই।আবেলি নগ'লেও হয়।যি খাবলৈ ইচ্ছা সি খুৱাব।স্বাতীৰ মতে খোৱাটো ডাঙৰ কথা নহয়,আজিৰ দিনটোত তাইৰ লগত থাকি তাইক সঙ্গ দিয়াটোহে ডাঙৰ কথা।ফুৰিবলৈ পিছতো যাব পাৰিব, এনেওটো আজিকালি মাজে মাজে যায়েই।কাইলৈ যাম দিয়া বুলি তাই ফোনটো কাটি থৈছিল।তাৰেই ফলত মানে এতিয়া স্বাতীক নামাতে সি।স্বাতীয়েও নাইমতা।নামাতিলে নাই, তাইটো ভুল কোৱা নাই।

*আৰোহী এইটো লোৱা মোৰ ফালৰ পৰা এটি উপহাৰ।

 * ধন্যবাদ বুলি তাই উপহাৰটো লৈ স্বাতীহঁতৰ ওচৰ পালেগৈ।

   *    কি গিফ্ট দিলে ঐ তোক ? কুঁহিয়ে সুধিলে

*নাজানোঁ খোলাই নাই দেখা নাই।

*স্বাতীয়ে জানিব ,তাইক কৈয়েটো কিনিছে ছাগে।

*নাজানোঁ দেই মই।মোক একো কোৱা নাই।

       বাহ মোক একো নোকোৱাকৈয়ে ছাৰপ্ৰাইজদ গিফ্ট।মনে মনে ভাবিলে স্বাতীয়ে।

      ৰুমত সোমাই ফ্ৰেছ হৈয়ে স্বাতী আৰোহীৰ হোষ্টেললৈ গ'ল।ফোনটো চালে নাই শাস্বতৰ মিছকল।মনটো বেয়া লাগিল স্বাতীৰ।নিজেই ফোনটো লগালে।নাই দুবাৰ ফোন কৰাৰ পিছতো নধৰিলে সি।হ'ব এইবাৰ যদি নিজে  ফোন নকৰে তাইয়ো নকৰে আৰু।আৰোহীলৈ অনা কেকটো লৈ তাই আৰোহীৰ ওচৰলৈ গ'ল।হোষ্টেলমেট খিনিয়ে ৰাতি  বাৰ বজাতে কেক কাটি বাৰ্থডে চেলিব্ৰেছন কৰিলে।এইটো আৰোহীৰ বেষ্ট ফ্ৰেণ্ডৰ ফালৰ ফৰা তাইলৈ বুলি স্পেচিয়েল তাইৰ পচণ্ডৰ ব্লেক ফৰেষ্ট কেক।আৰব্ধক কৈ মনে মনে অনাই থৈছে তাই।মুঠতে আজিৰ দিনটোত তাই আদিক মনত পেলাব নালাগে।কেকটো সন্মুখত দেখি আৰোহী আচৰিত হৈ গৈছিল।আচৰিত মানে আনন্দত আত্মহাৰা হৈ পৰিছিল।উসঃ এই সুখকণ,এই হাঁহিটোৰ বাবে স্বাতীয়ে সকলো কৰিব পাৰে।জানে স্বাতীয়ে ভিতৰি ভিতৰি আৰোহী বহু অশান্তিত আছে,দুখবোৰ, বেদনাবোৰ লৈ ঘুৰি ফুৰিছে।বুজে স্বাতীয়ে ,সেয়ে যিমান পাৰে তাইক হহুৱাবলৈ,আদিৰ কথাৰ পৰা আঁতৰাই ৰাখিবলৈ চেষ্টা কৰে।কিন্তু এই মনটো যে নামানে কাৰো কথা, যেতিয়াই য'লৈকে যাবলৈ মন যায় উৰি গুচি যায়।আৰোহীৰ ক্ষেত্ৰতো একেই।

       কেক কাটি সকলো পিয়াঁজ, নহৰু গুচাই মাংস বনোৱাত লাগি গ'ল।মাংস হোৱাৰ পিছত আৰোহীয়ে ক'লে---

* পল,শাস্বত দাক ফোনটো কৰি দে মাংস লৈ যাওকহি।মোৰ টিফিনটোতে দি পঠাম দুয়োটালৈ।

*দুয়োটা মানে?

* আৰব্ধ আৰু শাস্বত দা।

উস হওঁক তেওঁ, আৰব্ধৰ নামটো মুখত আহিছে যে।

*তয়ে কৰচোন ,আৰব্ধলৈ মাৰিলেও হ'ব।

      আহিল দুয়োটা।টিফিনত মাংস ভৰাই গেটৰ ফুটাৰে পাছ কৰি থৈ আহিল আৰোহীয়ে।কাৰণ ন বজাৰ পিছত গেটৰ বাহিৰ ওলোৱা, ভিতৰ সোমোৱা নিষেধ।

ভাত চাত খাই স্বাতী নিজৰ ৰুমলৈ আহিল।তেতিয়ালৈকে না আদিৰ ফোন আহিল না শাস্বতৰ।স্বাতীৰ এনে লাগিছিল পৰা হয় তাই এতিয়াই গৈ আদিক গালি পাৰি থৈ আহিব।গালিটো সৰুৱেই হ'ব পৰা হ'লে তাই তাক দুচৰ ভালকে দি থৈ আহিব।যদি কথা দি কথা ৰাখিবই নোৱাৰ,প্ৰেম কি বুজিয়ে নাপাৱ তেন্তে মানুহক আশ্বাস দিয় কিয়,মিছা প্ৰতিশ্ৰুতি দিয় কিয়?তাৰ বাবে আৰোহী আজি না ইফাল হ'ব পাৰিছে না সিফাল।ফোনটো বাৰে বাৰে চাইছে,নাই এটা মিছকলো নাই।ভয় লাগিল তাইৰ আদিৰ নিচিনাকৈ কাইলৈ শাস্বতেও ওইছ নকৰিব নেকি?কিমান যে কল্পনা কৰিছিল তাই চিনেমা চিৰিয়েলত দেখাৰ দৰে শাস্বতেও হিৰ'বোৰৰ দৰে তাইক বাৰ্থডেৰ দিনা স্পেচিয়েল কিবা কৰিব।দুয়ো ক'ৰবাত ফুৰিবলৈ যাব,সেয়ে তাই শাস্বতক কাইলৈ যাম বুলি কৈছিল।কিন্তু এতিয়া যে এইয়া।শুই থাকিল তাই যি হ'ব হ'ব বুলি।

       হঠাৎ কাণৰ কাষত কোনোবাই ফুচফুচুৱা শুনিলে স্বাতীয়ে।I love you darling,Happy birthday. শাস্বত ৰুমৰ ভিতৰ কেনেকে সোমাল বুলি তাই একেজাপে উঠিলে।উঠাৰ লগে লগে লাইট জ্বলি গ'ল।আইঐ এইকেইজনী অংকু,দিকু,নিবে,সুনী,চেম,মৃণালীচোন।সন্মুখত এটা কেক।গোটেই কেইজনীয়ে তাইক গবা মাৰি ধৰিলেহি।ফোনটো বাজি উঠিল আৰোহীৰ ফোন।

*জন্মদিনৰ শুভেচ্ছা থাকিল দেই,মনে বিচৰা ধৰণে সুখী হ।গিফ্টটো কাইলৈহে পাবি দেই।

লগৰকেইজনীৰ উৎপাতত কেক কাটি সকলোৱে খাই ,চুলিয়ে,মুখে সানি তাইৰ বাৰ বজাৰ বাৰ্থডে হৈ গৈছিল।ৰাতি আকৌ গা পা ধুই শুবলৈ আহে মানে ডেৰটা মান বাজিছিল।ফোনটো আকৌ চেক কৰিলে নাই শাস্বতৰ ফোন।লগৰখিনিৰ কেইটামান মেছেজ আছে শুভেচ্ছাৰে ভৰা।পাহৰিলেই নেকি তাইৰ বাৰ্থডেৰ কথা সি।চকুপানী ওলাই যাওঁ যাওঁ হ'ল।একেই চব ল'ৰাবোৰ,শাস্বতো আদিৰ নিচিনাই।মনতে ভাবিলে।হঠাত ফোনটো বাজি উঠিল।শাস্বত বুলি ফোনটো আগ্ৰহেৰে উঠাবলৈ লওঁতে দেখিলে নহয় শাস্বত ,শাস্বতৰ মাক।ভয়ে লাগিল তাইৰ।ইমান ৰাতি মানুহ গৰাকীয়ে বা আকৌ কিয় ফোন কৰিলে।

*হেল্ল' ,মা সকলো থিকে আছেনে?

* আছে আছে মিমি,মই বাৰটাতে ফোন কৰিম বুলি ভাবিছিলোঁ ,টোপনিয়েই ধৰি গ'ল গমেই নাপালোঁ।জন্ম দিনৰ শুভেচ্ছা থাকিল।আশীৰ্বাদ কৰিছোঁ ভালে থাকা যাতে।দেউতাৰাইও শুভেচ্ছা দিছে দেই।কাইলৈটো দেওবাৰ বাবাৰ লগত আমাৰ ইয়ালৈকে গুচি আহিবা যদি তোমাৰ বেলেগ প্লেনিং নাই।গোটেইকেইটা মিলি ক'ৰবাত খাই আহিম গৈ তোমাৰ জন্ম দিন বুলি।

*ধন্যবাদ মা,দেউতাকো জনালোঁ।চাওঁচোন লগৰখিনিও আছে নহয় ,কি কৰোঁ।

*হ'ব দিয়া তোমাৰ সুবিধা হ'লে আহিলেই হ'ল।

          ফোনটো থ'লে।পুতেকৰ মনতেই নাই মাকে আকৌ বাৰ্থডে পাতে।তথাপিও ভাল লাগিল তাইৰ।য'ত তাইৰ মাক-দেউতাকে এই বাৰ্থডে বুলি ৰাতি বাৰ বজাত শুভেচ্ছা যাচিব লাগে বুলি আজিলৈকে নাজানে,তেনেস্থলত তাইৰ শাহুৱেক শহুৰেকে টোপনি খতি কৰি ৰাতি শুভেচ্ছা দিছে।পাৰিবনে তাইৰ মাক-দেউতাকে নিজৰ বোৱাৰী জনীক এনেকৈ আকোঁৱালি ল'ব,সময়ৰ লগত মিলিব।জানে তাই মাকে কাইলৈ পুৱাই উঠি কাম বন কৰি ঘৰৰ জঞ্জাল মাৰি নামঘৰত শৰাই ভাগ দি ওচৰৰ ল'ৰা-ছোৱালীকেইটাক পায়স,লুচি- ভাজি,ৰচগোল্লা নিজে বনোৱা কেক খোৱাইহে নিজে খাব।কিবা এক ভাল লগা অনুভৱৰ মাজতে তাইৰ কেতিয়ানো টোপনি আহিল তাই গমেই নাপালে।



খণ্ড---১৯

     পুৱা বিচনাত থাকোঁতেই মাক,ভায়েক, দেউতাকৰ ফোন অহাৰ পিছত লাহে লাহে আত্মীয়বোৰে স্বাতীক শুভেচ্ছাৰে ভৰাই তুলিলে।ফোন নাহিল কেৱল শাস্বতৰ।পাহৰিলে মানে,নে খং।মাকেটো একো নোকোৱাকৈ থকা নাই।তাৰমানে খঙতে বাৰ্থডেৰ শুভেচ্ছাও দিয়া নাই।মনটো মাৰি গা পা ধুই স্বাতীয়ে ৰুমতে পাতি লোৱা গোঁসাইৰ ওচৰত চাকি গছ জ্বলালে।ওইছ নকৰিলে নাই, ইয়াৰ আগতে তাইৰ কিবা বাৰ্থডে হোৱাই নাছিল নেকি।আজি নাযাই তাই ক'লৈকো তাৰ লগত।লগৰখিনিৰ লগত উদযাপন কৰিব তাইৰ বাৰ্থডে।পুৱাৰ আহাৰ গ্ৰহণ কৰি তাই লগৰকেইজনীক মাতি দুপৰীয়া পাৰ্টিটো পদ্মাতে দিয়াটো থিক কৰিলে।সেইসময়ত জালুকবাৰীত ভাল ৰেষ্টুৰেন্ট বুলিবলৈ সেইখনেই আছিল।জালুকবাৰীৰ মামা দোকান, মাৰ্কেটৰ মেঘালী যি দৰে সিহঁতৰ আপোন পদ্মাও সিহঁতৰ আপোন হৈ পৰিছিল‌।আৰোহী, আৰব্ধকো ক'লে।জ্বলিলে জ্বলক সি ,তাইকটো জ্বলাইছেই।আজিহে বুজিলে তাই প্ৰিয়জনৰ উপেক্ষা কিমান অসহনীয়।আজি ভালকৈ বুজিছে আৰোহীৰ মনৰ অৱস্থাটো।শাস্বতৰ মাকে ফোন কৰিলে

* তুমি নাহিলা যে ,আজি বিৰাট ডাঙৰ প্লেনিং যেন পাইছোঁ।

* নহয় মা লগৰখিনিয়ে নেৰে যে।দুপৰীয়াই খানা দিব লাগে বুলে।

*ও হ'ব দিয়া।enjoy

   এতিয়া স্বাতী নিশ্চিত হ'ল যে শাস্বতে জানিও তাইক ওইছ কৰা নাই।পাহৰিলেও মাকেটো তাক নিশ্চয় সুধিছেই।শাস্বত মানে আদিতকৈও সাতচাৰ।মনৰ অভিমান বোৰ এইবাৰ খঙলৈ পৰিবৰ্তিত হ'ল।

   নালাগে যা তই মোক ওইছ কৰিব,মোৰ মানুহ নাইকিয়া হৈছে নেকি ।খঙতে ফোনটো অফ কৰি থ'লে।

     দুপৰীয়া গোটেই কেইজনী ওলাই গ'ল, হোষ্টেলৰ গোটেই কেইজনীয়ে মিলি দিয়া কূৰ্তিটো পিন্ধি ল'লে।ভাল লাগিল তাইৰ,ঘৰৰ পৰা দূৰত থাকিলেও অনুভৱ হ'বলৈ নিদিয়া এয়ে হোষ্টেলীয়া জীৱন।আৰুনো কি লাগিছে তাইক।আৰোহীয়ে আদিলৈ মনত পেলাই থকাৰ দৰে তাই আজি শাস্বতক অকণো মনত নেপেলাই।কোন হয় সি তাইৰ বাৰ্থডে স্পইল কৰিবলৈ।ওলাই গ'ল গোটেইকেইজনী।আৰোহীয়ে দিয়া কেকটোৰে পদ্মাতে তাই কেকটো কাটিলে।সকলোৱে শাস্বতৰ কথা সুধিবলৈ ধৰিলে।কাৰো বিশ্বাসেই হোৱা নাই যে শাস্বতে বাৰ্থডে পাহৰিব পাৰে।আৰব্ধও ইতিমধ্যে আহি পাইছিলহি।সি তাইলৈ উপহাৰটি আগবঢ়াই দিলে।

* চা চোন তোৰ পচণ্ডৰ হৈছেনে নাই।

       খুলি চালে স্বাতীয়ে ।এজোৰ নীলা বোৱা কাপোৰ, একেবাৰে অসমীয়া শিপিনীৰ হাতৰ সুন্দৰ কাম।

*মোলৈও আনিছিলি।মই আকৌ ভাবিছিলোঁ আৰোহীলৈহে আনিছিলি বুলি।

*তয়োটো মোৰ বেষ্ট ফ্ৰেণ্ড।আৰোহীতকৈ  তইহে মোক বেছি বুজ।কিমান ছিক্ৰেট মোৰ তই এতিয়াও গোপনে ৰাখিছ।তোক জানো পাহৰিব পাৰোঁ।

   উসঃ এই বন্ধুত্ব, আৰোহীৰ বাহিৰে ইমান গভীৰ বন্ধুত্ব তাইৰ আগতে কাৰো লগত নাছিল।কিন্তু ইয়ালৈ আহি স্বাতীচোন এই বন্ধুত্বৰ এনাজৰীৰ মাজত সোমাই পৰিল।হোষ্টেলৰকেইজনী,আৰব্ধ,ক্লাছমেটকেইজনী ইহঁতক এৰিচোন তাই আজি অসম্পূৰ্ণ।আৰব্ধৰ কথাখিনিত আবেগিক হৈ পৰিল স্বাতী।

        খাই বৈ সিহঁত পুনৰ হোষ্টেল অভিমুখী হ'ল।আৰোহীয়ে আৰব্ধক সুধিলে--

* আজি শাস্বত দা নাই নেকি হোষ্টৈলত আৰব্ধ।

*নাই ,ঘৰলৈ গ'ল।

         কোনেও আৰু একো নুসুধিলে।

         স্বাতীয়ে হোষ্টৈললৈ আহি ফোনটো অন কৰিলে।লগৰকেজনীমানৰ মেছেজৰ বাহিৰে একো নাই।দুটামান বাজিছিল তেতিয়া, হোষ্টেলত মিঠাই বিলাই তাই বিচনাত বাগৰ দিলে।ফোনটো বাজি উঠিল ।নধৰো বুলি ভাবিও ফোনটো ধৰিলে।

* মই তলত ৰৈ আছো ,দহ মিনিটত ওলাই আহা।

*কিয়?

* কালি কোৱা নাছিলা আজি ওলাই যাম বুলি।

* এতিয়া মন নাই।

* মোৰ আছে।সোনকালে আহা নহ'লে হোষ্টেলৰ পৰা ডাঙি আনিম।

      বাৰ্থডেৰ দিনা আজিলৈকে ঘৰত গালি এটাও খাই পোৱা নাই, আজি প্ৰথম বাৰৰ বাবে তাই আজিৰ দিনটোত ইমান উচ্চ স্বৰ শুনিলে।নগ'লেও যিহে হোষ্টেলৰ পৰাই লৈ যাবহি।ওলাই গ'ল তাই।লগৰকেইজনীয়ে দিয়া কূৰ্তিটো পিন্ধি, ওঁঠত পাতল ৰঙৰ লিপষ্টিক ঘহি,চুলিকেইডাল ক্লাচডালেৰে বান্ধি ল'লে।আজি তাই চুলি নেমেলে,শাস্বতৰ ভাল লগা ধৰনে নাযায় তাই।

       গেটৰ ওচৰলৈ গ'ল তাই।কাকো নেদেখিলে, দুখনমান গাড়ী ৰৈ থকাৰ বাহিৰে না তাত  শাস্বত আছিল না তাৰ বাইক।তাইক লাজ দিবলৈকে এনেকুৱা কৰিলে বুলি ভাবি তাই পুনৰ হোষ্টেলৰ ফালে যাবলৈ ওলাল।

* কি হ'ল ,আকৌ ক'ত যোৱা?

 মাতটো শুনি স্বাতীয়ে ঘূৰি চালে।গাড়ী এখনৰ পৰা শাস্বতে হাত বাউল দি আছে।ওলাবলৈ ধৰা চকুপানীখিনি সি ধৰিব নোৱাৰাকৈ মচি তাৰ ওচৰ পালেগৈ।আজি মানে ঘৰলৈ গৈ গাড়ী লৈ আহিল।

* আহা বহাহি বুলি আগফালৰ দৰ্জাখন খুলি দিলে।

বহি ৰ'ল তাই।নাচালে তাৰফালে।ভয়ো লাগিল তাইৰ।এই প্ৰথম বাৰলৈ তাৰ গাড়ীত উঠি এনেকৈ আহিছে।এঠাইত গৈ গাড়ীখন ৰখালে।তাইলৈ চাই ক'লে ---

  * নামা।

* ইয়াত কি কৰিম মই?

* আগতে নামাচোন।

     নামিলে তাই,আচৰিত হ'ল অনাথালয় খনৰ সন্মুখত তাইক নমাই সি কি কৰিব বিচাৰিছে।কেনেবাকৈ তাই আৰু মাকৰ মাজৰ ৰহস্যটো সি গম পোৱা নাইটো।সেইকাৰণেই চাগে তাইলৈ ফোন চোন কৰা নাই আৰু এতিয়া তাইক ভালকে গালি দিব চাগে।মূহুৰ্ততে কথাবোৰে তাইৰ মনত ঢৌ খেলাই গ'ল।পিছ ছিটৰ পৰা ডাঙৰ কাৰ্টুন দুটা নমাই আনিলে সি।সি যোৱাৰ ফালে তায়ো সোমাই গ'ল।আতৰৰ পৰাই দেখিলে শাস্বতৰ মাক-দেউতাকক,এইবাৰ তাই নিশ্চিত হ'ল ঘটনা বিষম।বুকুখনৰ ঢপ ঢপনিটো বাঢ়ি গ'ল।

* আহিলা মিমি,আহা।

হাঁহো নাহাহোকৈ হাঁহি এটি মাৰি তাই শাস্বতৰ মাকৰ ওচৰত থিয় হ'ল।যেন আপুনি বচালেহে বচোৱা আৰু আজি।

      আশ্ৰমৰ দুই এগৰাকী মানুহ আহি তাইক হাত বুলাই মৰম কৰি জন্ম দিনৰ শুভেচ্ছা দিয়ে।তায়ো গ্ৰহণ কৰে।বুজিবলৈও টান হৈছে নাটকখন।উপায়ন্তৰ হৈ মাককে তাই সুধিলে ।

*আমি ইয়ালৈ কিয় আহিছোঁ।

* আইঐ তোমাক বাবাই কোৱা নাই।ময়ো পাহৰিলোঁ জানা ক'বলৈ।আচলতে প্ৰতি বছৰে বাবাৰ বাৰ্থডে আমি এই আশ্ৰমখনতেই পাতো।ইয়াৰ ল'ৰা-ছোৱালীখিনিক সেই দিনটোত কিবা এটা দি ভাল পাওঁ।আজিও বাবাই পুৱাই গৈ মোক হুলস্থুল লগাই দিলে বোলে তোমাৰ জন্মদিনৰ দিনাও আজিৰ পৰা আশ্ৰমতে কিবা এটা দি থৈ আহিম।যাওঁতেই মাংস,পনীৰ,মিঠাই কিনিয়েই নিছিল।লগে লগে গোটেই কেইটা মিলি বনাই মেলি আমি আশ্ৰম পালোঁহি।আমাক ইয়াত থৈ সি তোমাক আনিবলৈ গ'ল।

         আকাশখন যেন স্বাতীৰৰ মূৰতহে পৰিল।লাজ পাইছে তাই,গোটেই কেইটাই কষ্ট কৰি এই গৰমত তাইৰ বাৰ্থডে বুলি খানা বনাই মৰিছে আৰু তাই লগৰকেইজনীৰ লগত পাৰ্টি আছে বুলি নাযাওঁ বুলি কৈছিল।

*মোক কোৱা হয় মই আহিলোঁ হেঁতেন নহয় মা।মিছিমিছি আপোনালোকৰ কষ্ট হ'ল।

আজিৰ দিনটোতো তুমি কষ্ট কৰিবা নেকি।হ'ব দিয়া শাস্বতৰ বাৰ্থডেৰ দিনা এই কষ্ট উচল কৰাই ল'ম।

  এইবাৰ কণমানি কেইটাৰ ওচৰলৈ গৈ তাই কেকটো কাটিলে।উচ্ছাসৰে কেকটো কাটিছে যদিও তাই মনে মনে ভাবি আছে কেকটো তাই কাক প্ৰথমে খুৱাব।শাস্বতক নে মাকক।কেকপিচ কাটি তাই কণমানি কেইটাক খুৱাই দিলে।তাৰ পিছত মাক-দেউতাকক।মাকে সকলোকে প্লেটত কাটি কাটি কেক বিলাবলৈ ধৰিলে।তাই এপিচ আনি শাস্বতৰ মুখত সুমুৱাই দিলে।

* SORRY.

*Happy birthday my love.

*ইমান সময়ে ওইছ কিয় কৰা নাছিলা।কালিৰ পৰা মই ওৱেইত কৰি আছোঁ।

*মোতকৈ তোমাৰ জীৱনত আৰোহীৰহে স্থান ওপৰত,সেয়ে তাইৰ লগতে প্ৰথমে চেলিব্ৰেট কৰিব দিলোঁ।কৰিলাও তুমি ,সকলো খবৰ মই পাই আছোঁ।

*কোনে ক'লে?আৰব্ধই?

*Yes.

*নহয় দিয়া আৰোহী আৰু তুমি দুয়োৱে মোৰ জীৱনৰ বাবে অন্যতম।আৰু যদি মোৰ সাহস, তুমি মোৰ প্ৰেৰণা।দুয়োকে এৰি মই থাকিব নোৱাৰোঁ।এনেই চোন লগ ধৰিলে মই যাওঁৱেই ,কালি তাইৰ বাৰ্থডে আছিল বাবেহে।

*হ'ব,হ'ব বুজিছো মই, এনেই তোমাক জ্বলালো অলপ।এতিয়া গম পালা নহয় শাস্বত কি বস্তু, নেক্সট টাইম সাৱধান।

সাবটি ধৰিলে তাক।সকলোৰে মাজত সেই আবেলিটো ভাল লাগিল তাইৰ।মাকহঁতক তাতে ৰ'বলৈ কৈ শাস্বতে স্বাতীক লৈ আহিল।

*এতিয়া ক'লৈ যাম?

*বালাজী

     ভাল লাগে তাইৰ সেই মন্দিৰলৈ যাবলৈ।সন্ধিয়া মন্দিৰ প্ৰাঙ্গনত বহি বহু দিন পাতিছে সিহঁতে বহু কথা।আজিও গ'ল সিহঁত।সেৱা কৰি ৩০ টকা দি সেই বৃহৎ লাৰুটো কিনি খালে দুয়ো।দুয়োটাই ভাল পাই সেইটো লাৰু।মাজে মাজে লাৰুটো খাবলৈকে আহে তালৈ।লনখনত সিহঁত বহি ৰ'ল ,দুয়োৱে দুয়োৰ হাতত ধৰি,উৰি  গ'ল মান অভিমান বোৰ থাকি গ'ল মাথোঁ প্ৰেম আৰু প্ৰেম।শাস্বতে আঁকি দিলে তাইৰ কপালত দুটি ওঁঠৰ পৰশ।লাজ লাগি গ'ল তাইৰ।সোমাই পৰিল তাৰ বুকুৰ মাজত।নিজকে ধিক্কাৰ দিলে কি কি যে ভবা নাছিল এই ঘন্টাকেইটাত তাই শাস্বতৰ বিষয়ে।আদিৰ লগতো মিলাইছিলে।

    আশ্ৰমৰ পৰা মাক-দেউতাকক লৈ আহি সিহঁতে ৰাতিৰ ভাতসাজ বাহিৰতে খালে।শাস্বতে হোষ্টেলৰ প্ৰিফেক্টলৈ ইতিমধ্যে খবৰ দিছেই দেৰি হ'ব বুলি।ৰাতি ন মান বজাত তাইক হোষ্টেলত থৈ শাস্বত ,মাক-দেউতাক আকৌ ঘূৰি গৈছিল ঘৰলৈ।এযোৰ ঘাগ্ৰা উপহাৰ দিছিল সি তাইক।স্বাতীৰ মন আছিল এই মাধুৰী দীক্ষিত,কাজলহঁতে যে পিন্ধে তেনেকুৱা এযোৰ পিন্ধিবলৈ।ঘৰত দেউতাকে সেইবোৰৰ নামেই নুশুনে।গুৱাহাটীত থাকোঁতেই তাই কেতিয়াবা পিন্ধিব বুলি ভাবি মাজে মাজে তাই দৰ দাম মাৰে দোকানত, কিন্তু তাইৰ পকেট মানীত সেইযোৰৰ জোখাৰে পইচা আজিলৈকে গোটেই খোৱা নাই।আজি গিফ্টটো পাই তাইৰ বৰ ভাল লাগিল।নামিবৰ সময়ত মাক দেউতাক দুয়োকে তাই সেৱা এটি কৰিছিল।শাস্বতে কৈ উঠিছিল।

*মোক নকৰিলা চোন।

     আগবাঢ়ি গৈছিল তাই তাৰ ফালে,এনেই নকৰিলেও আজি যেন সঁচাই তাক সেৱা কৰিবলৈ মন গৈছিল তাইৰ।আঁতৰি দিলে সি।

*সেৱা কৰিব নালাগে মাত্ৰ মই কোৱা কথাবোৰ শুনিলেই হ'ল।

   ৰুমত সোমাই ফ্ৰেছ হৈয়েই সকলোকে আকৌ কথাবোৰ ক'লে।কথা নহয়  যেন গল্পহে। যেন শেষেই নহওক,কৈয়েই যাব,কৈয়েই যাব।আজি কিয় জানো তাইৰ সময়ক ধৰি ৰাখিবলৈ মন গৈছিল।ৰৈ যা সময় ৰৈ যা,আকৌ উপভোগ কৰোঁ সময়ৰ এই মিঠা অনুভৱবোৰ,মৰমবোৰ,আকুলতাবোৰ।

খণ্ড----২০

        আবেলিৰ মিঠা আমেজৰ মাজত স্বাতী শুই থাকিল।পিছদিনাও চৰকাৰী বন্ধ থকাৰ বাবে সিহঁতৰো বন্ধ আছিল।পুৱাৰ পেট পূজা কৰি তাই এইবাৰ পঢ়িবলৈ বহিল।গুৱাহাটীলৈ আহি সকলোৰে এটা বেয়া অভ্যাস হৈছিল, কাণত হেডফোন ডাল লগাই এফ এম শুনি থাকোতেই সিহঁতৰ আধা সময় গুছি গৈছিল। RJ মেঘাৰ সুমধুৰ কণ্ঠই সিহঁতক প্ৰেমৰ সাগৰত উটুৱাই লৈ যায়।স্বাতীৰ ফোনটো বাজি উঠিল।আৰোহীৰ ফোন।

*একো নাইকৰা যদি মোৰ ৰুমলৈ আহিবিচোন।কুঁহিয়ো নাই, অলপ কথা আছিল।
নিজৰ কথা কেইটা কৈয়ে আৰোহীয়ে ফোনটো থৈ দিলে।স্বাতী ওলাই গ'ল।

*ক কি কথা ক'বলৈ মাতিছ।

* আগতে তই ক,কালি কি কি কৰিলি ।একো নজনালিয়ে মোক।

*নহয় অ ,হঠাতেই শাস্বতে ফোন কৰিলে বুলি তাই কালি হৈ যোৱা ঘটনাৰ বিৱৰণ দিলে।

 * সঁচা পল,তই লাকী যে তই এনেকুৱা ঘৰ এখন পাইছ,শাস্বতক পাইছ।তাক নেহেৰুৱাবি তই।

*হেৰুৱাও বুলি জানো হেৰুৱাই মানুহে।সেইবোৰ বাদ দে তই কিয় মাতিছিলি ক।

*এইকেইদিন বহু ভাবিছোঁ মই।কি কৰোঁ একো থিকেই কৰিব পৰা নাই।আদিৰ কি হৈছে, না মই কিবা গম পাইছোঁ না সি কিবা কৈছে।ফেচবুকটো ইমান চাৰ্চ কৰোঁ নাই নতুন একো নাই।থিকেই আছেনে নাই তই এবাৰ কিবা কৰি গম লৈ দেনা।তাৰ ঘৰৰ নাম্বাৰটো আছে,মোৰ কথা পাতিবলৈ ভয় লাগে, তই কিবা এটা কৰি পাতচোন।

   আচৰিত হ'ল স্বাতী।তাইনো কোন বুলি কথা পাতিব।অকণমান কিবা এটা হ'লেই আৰোহীতকৈ তাইৰহে ভয়টো আগতে লাগে।তাইৰ মনত কথা এটা খেলালে।

*তই যদি পাৰমিছন দিয় মই আৰব্ধক কৈ চাব পাৰোঁ।আদিৰ যি হে বাপেক ছোৱালীৰ মাত শুনি বা আকৌ কি কৰে।

*নালাগে নালাগে তাক ক'ব।তই নাইবা শাস্বত দাকে কচোন।সি পাৰিব।

      শাস্বতৰ নাম শুনি স্বাতীৰ ভয়ে লাগিল,তথাপিও চেষ্টা এটা কৰি চাব পাৰি।লগে লগে শাস্বতক ফোন কৰি  মাতি পঠালে।ইতিমধ্যে সি ঘৰৰ পৰা আহি তাৰ হোষ্টেল পাইছিলহি।গোটেই কেইটা মাৰ্কেটত  লগ কৰাৰ প্লেনিং হ'ল।এঘন্টা মানৰ ভিতৰত দুয়োজনী মাৰ্কেটলৈ ওলাই গ'ল।দূৰৰ পৰাই দেখিলে শাস্বত আহি আছে,বাইকৰ পিছত আৰব্ধও।

*আৰব্ধও আহিছে আজি নালাগে দে ক'ব।

*তেন্তে মই কিয় মাতিলো বুলি ক'ম।কাজিয়া খন ভাঙিছেহে কালি,আকৌ লাগিবলৈ নাই দেই।এনেও শাস্বত কেনেকুৱা তই জানই।খং উঠিলে নেক্সট মাতিলেটো নাহেই তোৰ আদিৰ ঘৰলৈ ফোনো নকৰে।

দুয়োটা বাইকৰ পৰা নামি সিহঁতৰ ওচৰ পালেহি।
*কোৱা কিয় মাতিছিলা?

*আপোনাক চাবলৈ মন গৈছিল স্বাতীৰ সেয়ে----আৰোহীয়ে কথা সলাবলৈ চেষ্টা কৰিলে।

*নহয়,নহয়।কথা আছে।বলাচোন মেঘালীতে বহো


         চাৰিওটাই চাৰিখন চকীত বহি ল'লে।শাস্বতে
 চাহৰ অৰ্ডাৰ দিলে ।

*আৰোহী, মাংস কিন্তু তুমি বিৰাট টেষ্টি বনোৱা।অলপ ৰেচেপিটো বান্ধৱীকো শিকাই দিবা।এওঁৰ আকৌ বন্ধুত্ব ৰক্ষা কৰাৰ বাহিৰে বেলেগ একো নাজানে।মোৰ মায়েও বহুত ভাল বনাই।পিছত বোৱাৰীয়েকে বনাব নাজানিলে শাহুৰ অত্যাচাৰৰ পৰা মই কিন্তু বচাব নোৱাৰোঁ।

     হাঁহি দিলে গোটেইকেইটাই।

* স্বাতীয়ে মেগী বৰ টেষ্টি বনাই কিন্তু দাদা।এদিন মই তাৰ ভাগটো পাইছিলোঁ--আৰব্ধই ক'লে।
*মই কৈছোটো বন্ধুত্বৰ বাহিৰে বাইদেৱে একো চিনি নাপায়।তইয়ে খাই পাইছ,মোক আকৌ মাকে দি পঠোৱা লাৰু, পিঠাকেইটাৰ বাহিৰে একো দি পোৱা নাই আজিলৈকে।

     কাট মৰা কথাকেইটা শুনি স্বাতীৰ হাঁহি উঠিছিল।

*হ'ব নেক্সট মেগী বনালে এইবাৰ মাতি দিম আহি যাবা।

* হ'ব হ'ব মোক মেগী নোখোৱালেও হ'ব,মই এতিয়া পানী কেঁচুৱা নহয়।

* তেন্তে মানে মই পানী কেঁচুৱা।কিমান ডাঙৰ ডাঙৰ মানুহে মেগী খাই।

          ইতিমধ্যে চাহ আহি পাইছিলহি।স্বাতীয়ে শাস্বতক বেলেগ কথা ক'বলৈ নিদি এইবাৰ আচল কথাটো উলিয়ালে।আৰোহীৰ আগত না কৰিব নোৱাৰিব বুলিয়েই তাই এনেকৈ লগ ধৰিবলৈ মাতিছে।নহ'লে শাস্বতে যে আদিৰ নামেই নুশুনে।বিশেষকৈ আৰব্ধৰ বাবে।

*আৰব্ধ তয়ে কৰ ফোনটো।

*মই নোৱাৰোঁ দেই দাদা আপুনিয়েই কৰক।কি বা সুধিব,মই এইবোৰ কৰিব নোৱাৰোঁ দেই।ধৰা পৰি যাম।আপুনি গুৱাহাটীৰ ল'ৰা পাৰিব কৰক।

*তই কৰচোন ,মই আছোঁ নহয়।কিবা প্ৰব্লেম হ'লে মই মেনেজ কৰিম।

        কথা পেলাব নোৱাৰি আৰব্ধই শাস্বতৰ নাম্বাৰৰ পৰাই ফোনটো লগালে।সিটো মূৰত ভাহি আহিল এটি পুৰুষ কণ্ঠস্বৰ।আৰোহীৰ কাণ,মুখ ৰঙা পৰি আহিল‌।

*হেল্ল' আদিত্য আছেনে?

*নাই, সিটো আজিকালি আমেৰিকাতহে থাকে।

*অ' আপুনি তাৰ দেউতাক নেকি?

*হয় ,হয় আপুনি?

*মই তাৰ লগৰে,কটনত একেলগে পঢ়া।আমাৰ গেট টুগেডাৰ এটাৰ কথা চলি আছে।কলেজৰ ৰেজিষ্টাৰত এই নাম্বাৰটো আছিল সেয়ে ইয়াতে ফোন কৰিলোঁ।খুৰা,তাৰ খবৰ ভালনে?ফোন নাম্বাৰটো সলালে নেকি সি?

*ভালেই, ভালেই।এই জাষ্ট তাৰ লগত কথা পাতিছিলোঁ।এনেই ৰাতিয়ে পতা হয় ব্যস্ত থাকে যে সি।আজি বিশেষ কথা এটা আছিল সেয়ে দিনতে পাতিলোঁ।ফোন নাম্বাৰ সলালে সি।কিবা দৰকাৰ হ'লে মোক ক'লেই হ'ল,মই তাক জনাম।নাম্বাৰটো সকলোকে দিবলৈ সি মানা কৰিছে।মই বাৰু তাক ক'ম।তুমি কোন বুলি ক'ম।

* হেল্ল', হেল্ল',হেল্ল' খুৰা আপোনাৰ কথাখিনি ভালকৈ শুনা নাই, বেলেগ এদিন কৰিম দিয়ক।

     ফোনটো কাটি দিলে আৰব্ধই শাস্বতৰ ইঙ্গিত পাই।

*এতিয়া গম পালা নহয় আৰোহী, আদিৰ কথা বাদ দিয়া আৰু, জীৱনটোত যাবলগীয়া আৰু আছে।নতুন পথ লোৱা।

      ইতিমধ্যে আৰোহীৰ চকু চলচলীয়া হৈ আহিছিল।

*কিন্তু সি একো নোকোৱাকৈ কেনেকৈ আঁতৰি যাব পাৰে।যদি মোৰ লগত সম্পৰ্ক ৰাখিবলৈ মনেই নাছিল কোৱা হ'লেই হয়।মইটো তাক ধৰি নাৰাখো।

      কাৰো মুখত এষাৰ মাত নাছিল।তাইক কি বুলি সান্তনা দিব কোনেও ধৰিব পৰা নাছিল।লাহে লাহে ভাঙি পৰিছিল তাই।আদিয়ে তাইক পাহৰা কথাটো তাই বিশ্বাসত ল'ব পৰা নাছিল।কিন্তু ইয়াৰ মাজতো তাই পঢ়িছিল ভালদৰে জেদত হয়তো খঙত।থিৰাং কৰি লৈছিল আদিৰ দৰে আমেৰিকালৈ যাব নোৱাৰিলেও পি এইচ ডি কৰি নিজৰ নামৰ আগত ডঃ লিখিব।তাৰ সমকক্ষ হ'ব।তাৰ দেউতাকৰ আগত নিজকে উপযোগী কৰি তুলিব।চাওঁতে চাওঁতে চেকেণ্ড চেমিষ্টাৰ সিহঁতৰ পাইছিলহি।পঢ়িছিল সকলোৱে।চেমিষ্টাৰৰ আগত অলপ দিনৰ ষ্টাডি  লীভ দিয়ে সকলোকে।যোৱা বাৰ দিওঁতে সিহঁত ঘৰলৈ গৈছিল।এইবাৰ নাযায়।ইয়াতে থাকিব।ছিনিয়ৰখিনিৰ ফেৱাৰৱেল পাতিব লাগিব।এতিয়া সিহঁতবোৰ ছিনিয়ৰ হ'ব।ছিনিয়ৰবোৰ যাবগৈ।বিদায়ৰ কথা মনত পৰিলেই স্বাতীৰ বুকুখন কঁপি উঠে।এইবাৰ যে শাস্বতো যাবগৈ।

         আৰোহী আৰু স্বাতী এইবাৰ ষ্টাডি লীভত হোষ্টেলতে থাকিলে।আৰোহী থাকিলে ঘৰলৈ গ'লে মাকহঁতৰ নানান প্ৰশ্নৰ সন্মুখীন হ'ব বুলি।আজিকালি আদিৰ লগত জড়িত প্ৰশ্নৰ পৰা তাই দৌড়ে।উত্তৰ যে নাথাকে তাইৰ হাতত।স্বাতীও থাকিলে শাস্বতৰ বাবে।দিনটো পঢ়ি উঠি সদায় আবেলি আবেলি সিহঁতে কৃষ্ণচূড়াৰ দেশত খোজ কাঢ়ে।পাতল পাতল লাগে মনটো।আকৌ যে নাহে এই সময়।বিদায় সমাগত।

               নতুন পুৰণি হয়,পুৰণি নতুন হয়।
           থাকি যায় মাথোঁ সুখ দুখৰ স্মৃতিবোৰ।
                        সেই স্মৃতি সাঁচি ৰাখে
                         প্ৰতিজোপা  কৃষ্ণচূড়াই             
                        প্ৰতিজোপা ৰাধাচূড়াই।
                সকলোৱে মাথোঁ কঢ়িয়াই তাৰ       
                                  সুবাসবোৰ ।



খণ্ড------২১

               আৰব্ধ গৈছিল মাকৰ ওচৰলৈ।সেইকেইদিনতে তাৰো ওপজা দিন পৰে।মাকে সেইদিনটোত তাৰ লগত থাকি ভাল পায়।সেয়ে পঢ়াও হ'ব ,মাকক সঙ্গ দিয়াও হ'ব বুলি সি বন্ধ দিয়াৰ দিনাই নাইট চুপাৰত উঠিছিল আহি পাৰ্টি দিয়াৰ প্ৰতিশ্ৰুতিৰে।

            হোষ্টেলবোৰত ফেৱাৰবেল পতা হৈছিল।এদিন যি চিনিয়ৰৰ কথা মানিব লগা হোৱাত সিহঁতৰ খং উঠিছিল,এতিয়া সেই চিনিয়ৰক আকোঁৱালি লৈ সিহঁতে কান্দিছিল।নালাগে এই বিচ্ছেদ সিহঁতক,মানি ল'ব সকলো অনুশাসন।পৰীক্ষা আৰম্ভ হৈছিল।পৰীক্ষাৰ যিদৰে আৰম্ভণি হৈছিল, সেইদৰে সমাপ্তও হৈছিল।এইবাৰ যেন স্বাতীয়ে পৰীক্ষা শেষ নহ'লেই ভাল পায়।শেষ হ'লেই যে শাস্বত যাবগৈ লাগিব।এম কম পাছ কৰাৰ পিছত দেউতাকে তাক বাহিৰলৈ পঠোৱাৰ কথা ভাবিছে।সি নাযায় দেউতাকে নেৰে।মাকৰো মন নাই পঠাবলৈ।স্বাতীৰ ভয় হয় বাহিৰলৈ গৈ যদি শাস্বত আদিৰ নিচিনা হয়,তাইক যদি পাহৰি যায়।সান্তনাৰ এষাৰি মাতে  দুখবোৰ ক্ষন্তেকলৈহে কমাব পাৰে,ই দি থৈ যোৱা ঘাবোৰ শুকুৱাব নোৱাৰে।দেখিছে তাই আৰোহীক সেই একে পথত।

      পৰীক্ষাৰ শেষৰ দিনা আৰব্ধই কেন্টিনত পাৰ্টি দিছিল সকলোকে।সেইদিনা আৰব্ধই আৰোহীক এটা ৰিকুৱেষ্ট কৰিছিল।

*বেয়া যদি নোপোৱা আজি আবেলি জালুকবাৰীত খোজ কাঢ়িম ,ওলাবা।

*কিয়,স্বাতীও যাব নেকি?

* আজি মোৰ বেলেগ প্লেনিং আছে দেই,মোক কোনেও ক'লৈকো লগ নধৰিবি।আৰব্ধ তই হোষ্টেললৈ আহি আবেলি আৰোহীক লৈ যাবি।এনেও পৰীক্ষা শেষ।তাইনো হোষ্টেলত কি কৰি থাকিব।

       স্বাতীৰ কথাকেইটাত আৰোহীয়ে মানা কৰিব নোৱাৰিলে।স্বাতীয়েও কওঁ বুলিয়েই তপককে কথাষাৰ কৈছিল ং

       সেই আবেলিটো আৰব্ধ আৰু আৰোহীয়ে পাৰ কৰিছিল জালুকবাৰীত সিহঁতৰ আপোন সময়খিনি।হয়টো দুখন হৃদয় এক হোৱাৰ আৰম্ভণি ইয়াতেই হৈছিল।চাই ৰৈছিল স্বাতী আৰু শাস্বতে দুয়োকে।আৰব্ধই দুইখন হাত পকেটত ভৰাই এখোজ দুখোজকৈ আগবাঢ়িছিল আৰু আৰোহীয়ে শুদ্ধই কৰিছে নে ভুলেই কৰিছে দোমোজাৰ মাজত তাৰ কাষে কাষে খোজ দিছিল।

     স্বাতী আৰু শাস্বতে সেইদিনা জালুকবাৰী পাৰ্কত বহিছিল, পাৰ কৰিছিল বহু সময়।শাস্বতৰ বুকুৰ মাজত সোমাই পৰিছিল তাই।কেনেকৈ থাকিব শাস্বতবিহীন এই জালুকবাৰীত,জানে তাই মাতিলেই আহিব পৰাকৈ তাৰ ঘৰ ইয়াতে।তথাপিও যেন শাস্বতবিহীন জালুকবাৰীৰ তাই কল্পনাই কৰিব নোৱাৰে।

*হ'ব আৰু ইমান কান্দিবলৈ একো হোৱা নাই।কাইলৈ দিনটো আছেই।আজিয়েই কান্দিলে কাইলৈ কি কৰিবা।

*মইহে জানিছো,তোমাৰটো অকণো বেয়াও লগা নাই।দেউতাইটো তোমাক বাহিৰলৈ পঠিয়াই দিব,তেতিয়া মই কেনেকৈ থাকিম।বাহিৰলৈ গৈ আকৌ আদিৰ নিচিনাকৈ মোক পাহৰি যাবা।

* পাপাই পঠালেই মই যামনি,নাযাওঁ ইয়াতে থাকিম মোৰ কলিজা দুজনীৰ লগত।

*কোন দুজনী? আচৰিত হৈ উঠিল স্বাতী

*কিয় তুমি আৰু মা।

*অ অ কান্দি কান্দিও হাঁহিলে তাই।

*ইয়াতে থাকিম মই ,চিন্তা নকৰিবা আৰু বাহিৰলৈ গ'লেও আদিয়ে আৰোহীক পাহৰাৰ নিচিনাকৈ তোমাক মই পাহৰি নেপেলাওঁ।কাৰণ তুমি নাজানা তুমি মোৰ বাবে কি?

*কি কোৱা তেন্তে ।

*নকওঁ, নুবুজা যেতিয়া কৈ লাভ নাই।বুজা হ'লে বাৰে বাৰে তুমি আদিৰ লগত মোক তুলনা নকৰিলা হয়।যদি মই আদি হ'লো হয় তোমাক আমাৰ ঘৰলৈ লৈ নগ'লো হয়।সৰু বুলি বহু কথা এৰি দিওঁ কিন্তু কিছুমান কথাই মোকো দুখ দিয়ে।যেতিয়া তুমি কিবা এটা হ'লেই আদিৰ লগত মোক তুলনা কৰা,যিটো স্থান মোৰ বুলি ভাবোঁ সেইটো সদায় আৰোহীক দিয়া।ভাবিছিলোঁ তোমাৰ বাৰ্থডে মই আগদিনাৰ পৰাই চেলিব্ৰেট কৰিম ,সেইবাবে লগ ধৰিছিলো তোমাক সেইদিনা জালুকবাৰীত ফুৰিবলৈ,যিহেতু ইয়াৰ পৰাই আমাৰ প্ৰেমৰ আৰম্ভণি হৈছিল।কিন্তু তোমাৰ বাবে তেতিয়াও আৰোহীয়েহে প্ৰাধান্য লাভ কৰিলে।তথাপিও ধৰি নাথাকি পিছদিনা তোমাৰ দিনটো উপভোগ কৰিবলৈ চেষ্টা কৰিলোঁ।কিন্তু তথাপিও তুমি মোক বাৰে বাৰে আদিৰ লগত তুলনা কৰা।

          শাস্বতৰ মনৰ কথাবোৰে পাৰ ভাঙিছিল সেইদিনা।স্বাতীয়ে গম নোপোৱাকৈয়ে তাক ইমান দুখ দি আছে বুলি ভবাই নাছিল।কান্দি পেলাইছিল তাই।

*SORRY মোৰ ভুল হৈ গ'ল।প্ৰকৃততে, মোৰ ভয় লাগে শাস্বত এই যে তোমাক ভাল পালোঁ, দুয়ো ঘৰৰ সন্মতত তোমাক পালোঁ ,ইমান সহজ নে মোৰ বাবে জীৱনটো।আৰোহীৰ জীৱন পৰিক্ৰমাই মোক বহু কথাই শিকাই গ'ল।জানো তুমি মোক বহুত ভাল পোৱা, তোমাৰ মা-দেউতাৰ নিচিনা মৰম হয়তো মই আন কাৰোপৰা নাপাওঁ।তথাপিও ভয় হয় মোৰ বাবে জীৱনৰ বাট ইমান মসৃণ নে?সেয়ে বাৰে বাৰে তোমাক আদিৰ লগত মিলাই পেলাওঁ।আজিৰ পৰা এনে ভুল নকৰোঁ আৰু।

          বিদায়ৰ বেলিকাও কিবা এক প্ৰাপ্তিৰ আনন্দই স্বাতীক আপ্লুত কৰি তুলিছিল।কাইলৈৰ দিনটোত শাস্বতৰ ঘৰলৈ যোৱাৰ প্লেন আছে।জুলাইৰ বন্ধত যিহেতু সিহঁত ঘৰত থাকিব সেয়ে এটা দিন শাস্বতৰ ঘৰত পাৰ কৰিব।ৰুমলৈ আহি তাই আৰোহীলৈ ফোন কৰিলে।তাই ইতিমধ্যে ৰুমত সোমাইছে।আৰোহীৰ খবৰ লৈ তাই আৰব্ধলৈ ফোন কৰিলে।আৰব্ধৰ লগত জড়িত কথাবোৰ তাই আৰোহীক সুধাতকৈ তাক সুধিয়েআ ভাল পায়।

* ও ক

*কেনেকুৱা গ'ল আজিৰ ফাৰ্ষ্ট ডেট ।

*ধেৎ কি যে কৱ তই।

*ক দে মোলৈ লাজ কৰিব নালাগে।কি কি কথা পাতিলি আজি?

*শুন তেন্তে, মই তাইক সুধিলোঁ --এতিয়া আদিৰ কথা তাই কি ভাৱে?তাই ক'লে,ভাবিবলৈ আৰু কি আছে জীৱনে যি ফালে লৈ যায়, সেই ফালেই যাব,আদিয়ে নিজে একো নোকোৱালৈকে তাই কোনো সিদ্ধান্ত নলয়।যদি আদিয়ে তাইক পাহৰিও পেলাই আদিৰ স্মৃতি লৈয়েই তাই গোটেই জীৱন পাৰ কৰিব আৰু এটা কথা ক'লে তাই আজি মোক ,তাই জানে মই তাইক ভালপাওঁ বুলি কিন্তু তাই হেনো মোৰ প্ৰেমৰ যোগ্য নহয়।মই তাইৰ সদায় ভাল বন্ধু হৈহে থাকিম হেনো,কিয় বা ক'লে তাই তেনেকৈ মই বুজি নাপালোঁ।তাইনো কিহত অযোগ্য।

           বুজিছে স্বাতীয়ে আৰোহীয়ে কিয় সেই কথা কৈছে।তেজপুৰৰ সেই ক্ষন্তেকৰ ভুলৰ বাবে তাই আজি এই কথাষাৰ কৈছে।মাজে মাজে স্বাতীকো কয় তাই ,এতিয়া তাই কাৰো যোগ্য হৈ থকা নাই।স্বাতীয়ে আৰব্ধক ক'লে,তাই নিজকে অযোগ্য বুলি ভবাৰ কাৰণ।কাৰণ আৰব্ধইও সপোনবোৰ দেখাৰ আগত আৰোহীৰ অতীতটোৰ বিষয়ে জনা দৰকাৰ।যাতে পিছত একো অসুবিধা নহয়।জনাৰ পিছত একো নক'লে সি,ফোনটো থৈ দিলে।হয়তো এই কথা তাৰ চিন্তাৰ সীমাৰ বাহিৰত আছিল।সহজে মানি ল'বলৈ সময় লাগিছিল।



খণ্ড---২২

    
             বন্ধৰ পিছত আকৌ আৰম্ভ হৈছিল সিহঁতৰ নতুন যাত্ৰা।আৰোহী, আৰব্ধৰ বাবে সময় একেই আছিল।সলনি হৈছিল স্বাতীৰ বাবে।শাস্বত আহিছিল প্ৰায়েই তাইৰ ওচৰলৈ।দেওবাৰে বা অন্য বন্ধ বাৰত কেতিয়াবা গৈছিল স্বাতী শাস্বতৰ ঘৰলৈ।এদিন স্বাতী ঘৰলৈ যাওঁতে শাস্বতৰ দেউতাকে তাক বুজাবলৈ কৈছিল

*ইয়াক বুজাবাচোন স্বাতী ,আমাৰ কথাটো নুশুনেই কিজানি তোমাৰ কথা শুনেই।বাহিৰলৈ গৈ MBA টো একেবাৰে পঢ়ি আহক সি।পিছলৈ তাৰ তোমাৰ ভবিষ্যতটো নিৰাপদ হ'ব।লোকে বাহিৰলৈ যাওঁ যাওঁকে থাকে আমাৰ ই আকৌ ----- ।

*হ'ব দেউতা মই বুজাম।

স্বাতীয়ে কিন্তু কোনোদিন শাস্বতক বাহিৰলৈ যোৱাৰ কথা নক'লে।তাইৰ মতে ইয়াতে থাকক সি তাইৰ চকুৰ আগত।শুনিছে তাই চকুৰ আঁতৰে মনৰো আঁতৰ কৰে বুলি।গতিকে তাই কোনো ৰিক্স ল'ব নোৱাৰে।

আদিক পাহৰি যোৱাটো আৰোহীৰ পক্ষে সহজ নাছিল।এতিয়াও তাই আশা কৰে এদিন আদি আহিব আৰু তাইক বিয়া কৰাই লৈ যাব।সি কোৱাৰ দৰে তাই মাথোঁ অপেক্ষা কৰি থাকিলেই হ'ল।সি নিজকে যোগ্য সজাই তাইক চৰপ্ৰাইজ দিবলৈ আহিব।তেতিয়া সকলোৱে দেখিব তাইৰ অপেক্ষাৰ ফল।লগৰ কোনোবাই যদি বাদ দে তাক বুলি কৈছিল সি বা তাই আৰুৰ গালি খাইহে তত পাইছিল।হাঁহিছিল তাই পাগলৰ দৰে---'কি বুজিবি আমাৰ প্ৰেমৰ কথা।সকলোৱেটো শাস্বত স্বাতী নহয়।আদি মোৰ জীৱনৰ ৰঙীন সপোন,আদি নাই মানে মোৰ জীৱনৰ ৰঙো নাই।ৰামধেনুৰ সপ্তৰঙৰ দৰে আদিও মোৰ জীৱনৰ সেই সাতো ৰং।তাৰ অবিহনে মোৰ জীৱনৰ কোনো ৰং নাই।ব্যস্ত সি আমাৰ ভৱিষ্যতক লৈ।ভৱিষ্যতৰ সুখৰ বাবে আজিৰ এই বিচ্ছেদ সামান্য।'মৌন হৈ পৰে সকলো।

               আৰব্ধই মাত লগাই --- "চাবাচোন কেতিয়াবা এই কবিৰ হৃদয়খনলৈও ,ভৱিষ্যত সপোনৰ কাৰেং কিজানি আমিও গঢ়িব পাৰোঁ।ৰাজনীতিৰ সংজ্ঞাই প্ৰেমৰ সংজ্ঞা নসলাই,এয়েটো প্ৰেম হৃদয় জুৰাই কলিজা কঁপাই।"
উস কি কাব্যিক আমাৰ আৰব্ধ বুলি স্বাতীয়ে পৰিস্থিতি সহজ কৰিবলৈ চেষ্টা কৰে।ডিপাৰ্টমেন্টত সকলোৱে জানে আৰব্ধ যে আৰোহীৰ প্ৰেমত মতলীয়া আৰু আৰোহী আদিৰ প্ৰেমত।সকলো সময়তে আৰব্ধ আৰুৰ আগে পিচে থাকে।যেন তাইৰ আদিৰ বিৰহত ওলোৱা চকুপানীকণো সি সযতনে ৰাখিব।স্বাতীয়ে নাজানে এই প্ৰেমৰ পৰিণতি কি হয়।মন যায় কেতিয়াবা আৰুক ক'ব -

   বাদ দে আদিক কি দিছে সি,দুদিনৰ বাবে হাঁহিটো দি বছৰেকৰ বাবে কন্দুৱাইছে।তাৰ সপোনৰ পিছত ঘূৰি ঘূৰি তই তোৰ বৰ্তমান হেৰুৱাই পেলাইছ।পাৰে জানো কোনোবাই ভালপোৱা গৰাকীৰ এই এবছৰে কোনো খবৰ নোলোৱাকৈ থাকিব।যি জন আমাৰ হিয়াৰ আপোন  তেওঁৰ খবৰ ল'বলৈ লাগে জানো মানুহক বছৰৰ ব্যৱধান। নোৱাৰে তাই ক'ব।জানে তাই আৰুক,সিহঁতৰ প্ৰেমৰ প্ৰতিটো মূহুৰ্তৰ সাক্ষী তাই।ভয় লাগে স্বাতীৰ কিজানি তায়েই ভূল।জীৱনত কেতিয়াওটো ষ্টেণ্ড কৰি পোৱা নাই, দিল্লী ,আমেৰিকালৈ পঢ়িবলৈ যোৱাটোতো সপোনৰ অগোচৰ।কিজানি চোকা ল'ৰা-ছোৱালীবোৰৰ লাইফটো এনেকুৱাই থাকে।তাই কেতিয়াবা আৰব্ধৰ লগতো আৰুক জুকাই- 
*তহঁত দুটাকো একেলগে কিন্তু বেয়া নালাগে দেই। জুকাও বুলিয়েই জুকাইছিল স্বাতীয়ে কিজানি আৰোহীৰ মনটো সলনি হৈয়েই।

      আৰোহী সিহঁতৰ হোষ্টেলৰ প্ৰিফেক্ট হৈছিল।সকলোৱে মিলি তাইক চিলেক্ট কৰিছিল।দায়িত্ব বাঢ়িছিল তাইৰ।সেই দায়িত্বই তাইক বহু পৰিমাণে আদিৰ চিন্তাৰ পৰা দূৰত ৰখাইছিল।তথাপিও মন উৰন্ত বেগে ধাৱমান হয় জালুকবাৰীৰ পৰা সুদূৰ আমেৰিকালৈ।আৰব্ধ এইবাৰ ইলেকচনত উঠিব সেয়ে তাক প্ৰিফেক্ট নাপাতি এছিছটেন্ট প্ৰিফেক্ট পতা হৈছিল।আজিকালি ক্লাছৰ বাহিৰেও আৰোহী আৰব্ধৰ লগ পোৱা হৈ থাকে।প্ৰিফেক্টৰ মিটিং, হোষ্টেল সংক্ৰান্তীয় কথাত দুয়ো দুয়োৰ কাষ চাপিছিল।তথাপিও আদি নামটো হেঙাৰ হৈ এতিয়াও আছিল।স্বাতীয়ে সেইদিনা কথাটো কোৱাৰ পিছত ভয়ো খাইছিল আৰব্ধই বা কি ভাবে বেয়াই কৰিলেনে ভালেই কৰিলে তাই দোধোৰ মোধোৰ অৱস্থাত আছিল।যি কথা তাই শাস্বতকো কৈ পোৱা নাই সেই কথা তাই আৰব্ধক কৈ দিলে।পিছে নাই সি চোন আকৌ আগৰ দৰেই আৰোহীৰ কেয়াৰ ল'বলৈ তাইৰ আশে পাশে ঘূৰিবলৈ এৰা নাই।নিচিন্ত হ'ল স্বাতী আৰব্ধৰ বাবে আৰোহী আগৰ দৰেই পবিত্ৰ হৈ আছে।এতিয়া আৰু চিন্তা নাই, আদিৰ পৰা এটা সঠিক খবৰ ওলিয়াব পাৰিলেই সিদ্ধান্ত এটা ল'ব পৰা যাব।শাস্বতক কৈছে স্বাতীয়ে আদিৰ কিবা ইনফৰমেচন পাই নেকি ওলিয়াবলৈ।শাস্বতেও চেষ্টা কৰিছে কিন্তু কোনো খবৰ ওলিয়াব পৰা নাই।চছিয়েল মিডিয়াৰ পৰাও সি নিজকে লুকুৱাই ৰাখিছে।স্বাতীয়ে জানে যেতিয়ালৈকে আদিয়ে আৰোহীক নিজে একো নকয় তাই তাৰপৰা আঁতৰি নাহে।দৰকাৰ হ'লে আজীৱন তাই অপেক্ষাই কৰি ৰ'ব।আৰোহীৰ জীৱনৰ লগতে এতিয়া আৰব্ধৰ কথাও চিন্তা কৰিব লগা হয়।তিনিটা জীৱন আদিৰ প্ৰেমত আৰোহী,আৰোহীৰ প্ৰেমত আৰব্ধ আৰু আদি?সমাধান বিহীন  এটা প্ৰশ্ন।আওল লগাই পেলাইছে এই আদিত্য নামৰ তিনিটা আখৰৰ শব্দই।

     বয়জ হোষ্টেলত চিনিয়ৰবোৰৰ আধিপত্য চলে।চুপাৰ চিনিয়ৰবোৰে মাজে মাজে অহা যোৱা কৰি থাকে।তেওঁলোকৰ আন্তৰিকতাবোৰ বাঢ়ে।গেট টুগেডাৰ হয় মাজে মাজে চিনিয়ৰৰ সকলৰ কথাই সকলোকে মুগ্ধ কৰে।ল'ৰাবিলাকৰ ভাল ওলাই যোৱাৰ পিছতো তেওঁলোকৰ হোষ্টেলৰ লগত সম্পৰ্ক থাকি যায় কিন্তু ছোৱালীবোৰৰ এবাৰ ওলাই যোৱাৰ পিছত দুই এগৰাকীৰ বাদে কেতিয়াও আৰু হোষ্টেললৈ যোৱা নহয়।সংসাৰৰ নানান সমস্যাই তেওঁলোকক হোষ্টেলৰ এই মধুৰ সময় ৰোমন্থন কৰাৰ বাহিৰে অন্য উপায় নিদিয়ে।স্বাতীয়ে শাস্বতক মাজে মাজে কয়-

* তুমি হোষ্টেললৈ অহাৰ দৰে মোকো কিন্তু পিছলৈ হোষ্টেললৈ আনিবা দেই।তুমি নানালিও নাই মই আহিম।তেতিয়া খালি আপত্তি নকৰিবা।
হাঁহে শাস্বতে কয়

*আহিবা, আহিবা মোৰ গোঁসানীজনী।জানো মই ইউনিভাৰ্চিটিৰ হোষ্টেল কেৱল হোষ্টেলেই নহয় ,ইয়াত জড়িত থাকে আমাৰ মৰম,আমাৰ আবেগ,আমাৰ হেপাঁহ,আমাৰ হাঁহি কান্দোনৰ সময়ৰ লেখবোৰ।এই সময় সোণোৱালী সময়।ইয়াত থাকে বহু ৰসাল আদ্দাৰ মজলিচ, থাকে দুটি মনৰ একাত্মক সময়বোৰ,সপোনে পাখি মেলে ইয়াতে।তুমি আৰু মইটো  জীৱনৰ শ্ৰেষ্ঠ সময়খিনি ইয়াতে পাৰ কৰিলোঁ।তোমাৰ আৰু মোৰ বাবেটো জালুকবাৰী নিজৰ ঘৰৰ দৰেই।ইয়াতে পালোঁ তোমাক, পাৰ কৰিলোঁ বহু মধুৰ সময়,কিমান মান-অভিমানৰ সাক্ষী এই জালুকবাৰী।

    আবেগিক হৈ পৰে শাস্বত।হোষ্টেল এৰা দুখটোৱে তাকো চুই যায়।ৰুমমেট দিব্যই ইতিমধ্যে  বেংকৰ চাকৰি পাইছে।শাস্বতে ভয়ো খাই মাজে মাজে কিবা এটা কৰিব নোৱাৰিলে কি হ'ব সি আৰু স্বাতীয়ে দেখা সপোনবোৰ।

এইবাৰৰ নবাগত আদৰণি সভাৰ এংকৰিং কৰিছিল স্বাতীয়ে।মুগ্ধ হৈ পৰিছিল সকলো।মনত পৰিছিল তাইৰ যোৱাবাৰৰ একেই দিনটোৰ কথা,শাস্বতৰ কথা,তাৰ কবিতাৰ কথা।শাস্বত সেইদিনাও আহিছিল  ।ৰোমাঞ্চিত হৈ পৰিছিল সিহঁত অতীতৰ সেই সময়বোৰ সুঁৱৰি।অলপ সময় বহি ৰৈছিল দুয়ো সেই বিশেষ ছিটটোত দুয়োৱে দুয়োৰ হাতত ধৰি।শাস্বতে কৈছিল

*এইয়াই লাষ্ট দেই ইমান সাজি কাচি এংকৰিং কৰা।নেক্সট আৰু ক'তো কৰিব নালাগে।মই নথকাত বেলেগে চকু দিলে মই জ্বলি যাম।গতিকে ,ইয়াৰ পিছত একেবাৰে ৰভাতলত হ'ব আৰু এই সাজোন কাচোন।

      কথাকেইটাই বিন্ধিছিল স্বাতীক।কিয় নকৰিব তাই নিজৰ ভাললগা খিনি,কেৱল শাস্বতে নালাগে বুলি কোৱাৰ বাবে।তাই তেন্তে কি নিজৰ ভাললগা বোৰ প্ৰেমৰ নামত জলাঞ্জলি দিব লাগিব। সেইদিনা একো কোৱা নাছিল তাই।সময়ো যে নহয় সেইয়া তৰ্ক কৰাৰ।

আৰোহীয়ে নিজে লিখা কবিতা এটি পাঠ কৰিছিল--

          শব্দই যেতিয়া ভাষা হেৰুৱাই
          আবেগে যেতিয়া ঠিকনা হেৰুৱাই
         মৌন হৃদয়ে দিয়ে ঠিকনা তোমাৰ।
                   তুমি অহা পদূলিয়েদি
               হেৰাই যায় বহাগৰ সুবাস
মচি যায় জেতুকা বুলীয়া দুহাতত তোমাৰ নাম।
  খোপাৰ কপৌপাহেও দি যায় বেদনাবোৰ।
    আবেগবোৰ এনেকুৱাই ,সময়ে সময়ে
           জোকাৰি যায় স্মৃতিবোৰ ।
     একো নাথাকে মাথো স্মৃতি ৰৈ যায়।

আৰব্ধইও সেইদিনা কবিতা পাঠ কৰিছিল।দুই প্ৰেমিকৰ কবিতাৰ ছন্দই প্ৰেক্ষাগৃহৰ সকলোকে ভাবুক কৰি পেলাইছিল।

 হাজাৰ বাধাৰ মাজতো তুমি বৰষা হৈ নামিলা মোৰ উপকণ্ঠত

অসংখ্য জোনাকী পৰুৱাই মোক বেঢ়ি ধৰিলে।

উস ইমান পোহৰ চৌদিশে,সেই আঁউসীৰ ৰাতি।

জপাই  দিলোঁ চকু দুটি সুৰ দিলোঁ মোৰ বাঁহীত

এটি সুৰ ভাহি আহিল ৰাঙলী হৈ লগতে এখন ছবি
সোমাই গ'ল মোৰ হৃদয়ৰ গভীৰলৈ।

পাহৰি পেলালোঁ সকলো আঃ কি বাংময় ছবি এইয়াযে তুমি মাথোঁ তুমি।

কৈ পেলালোঁ তোমাক সেই কথা যিটি কথা তুমি শুনিব নিবিচাৰা আৰু কওঁ কওঁ কৈ ময়ো ক'ব নোৱাৰো।

ৰাধাচূড়া বহু ভালপাওঁ তোমাক বহু ।


 খণ্ড----২৩

           নুবুজাৰ ভাবেৰে আৰোহী আঁতৰি আহিছিল সেইদিনা।পুনৰ সময় বাগৰি গৈছিল।সিহঁতৰ চেকেণ্ড চেমিষ্টাৰ আৰু শাস্বতৰ লাষ্ট চেমিষ্টাৰৰ ৰিজাল্ট দিছিল।সকলোৰে ভালেই হৈছিল ৰিজাল্ট।আৰব্ধ আগৰ দৰেই টপাৰ হৈছিল ডিপাৰ্টমেন্টত।শাস্বতে ফাৰ্ষ্ট ক্লাছ পাইছিল।দেউতাকৰ কথা নুশুনে সি,নাযায় বাহিৰলৈ।বিৰাট জেদী সি।নাযাওঁ বুলিলে নাযায়, নকৰোঁ বুলিলে নকৰেই।স্বাতীৰ এই অকৰা খঙটোলৈহে ভয় লাগে।

            জালুকবাৰী আকৌ নতুনৰ পৰশেৰে ৰাঙলী হ'ল।ফ্ৰেচাৰ্চৰ পিছত এইবাৰ মিছ G.U. ৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ল।এংকৰিঙৰ বাবে স্বাতীৰ নামটোৱেই লোৱা হ'ল।স্বাতীক খবৰটো আৰব্ধই দিলে।আকৌ প্ৰিপেয়াৰ হ নিউ প্ৰগেমৰ বাবে।ভালপালে যদিও মনলৈ আহিল শাস্বতে কোৱা কথাকেইটা।সেইদিনা তাক একো কোৱা নহ'ল আৰু সিও পিছলৈ একো উলিওৱা নাই।এবাৰ মানা কৰাৰ পিছত যদি তাই সেই কাম কৰে তাৰ পৰিণতি কি হ'ব তাই জানে।কিন্তু সেইবুলিটো তাই নিজৰ ভাললগা খিনি এৰিব নোৱাৰে আৰু জানে তাই তাইটো একো বেয়া কাম নকৰে।নিজে থিকে থাকিলে আনে কি কৰিব পাৰিব।দুদিনমান পিছত সি আৰু মাক দেউতাক ফুৰিবলৈ যাব কাশ্মীৰৰ ফালে।আকৌ সি একো ষ্টাৰ্ট নকৰাৰ আগতে দেউতাকে ফুৰি অহাৰ প্লেন বনাইছে।তাৰ যাবলৈ মন নাথাকিলেও দেউতাকৰ এইটো কথা মানি ল'লে।আজিকালি সি স্বাতীক এৰি দূৰলৈ যাবলৈ বেয়া পাই।কি কৰোঁ কি নকৰোকৈ তাই ফোনটো লগালে বুজাব তাক তাই।ভালকে বুজালে সি নিশ্চয় বুজিব।

* কোৱা, কি কৰি আছা?

* তোমাৰ কথাকে ভাবি আছো আৰু তুমি?

* মই নাইভবা ,মই অলপ মাৰ লগত বজাৰৰ ফালে গ'লো ,এইমাত্ৰ আহি পাই ৰেষ্ট লৈছোঁ।

* শুনা না,তুমি যে সেইদিনা ফ্ৰেচাৰ্চত কৈছিলা মই আৰু এংকৰিং কৰিব নোৱাৰোঁ বুলি ধেমালিহে কৰিছিলা হয় নে নাই।

* নাইকৰা ধেমালি চিৰিয়াছলি কৈছোঁ আৰু কৰিব নালাগে।

* কিন্তু তুমি জানা ন মোৰ কিমান ভাললাগে,মোৰ নিচা হয় ।এতিয়া মানে ভালপোৱাৰ বাবে মই সকলো চেক্ৰিফাইচ কৰিব লাগিব।মই সাৱধানে থাকিলেই হ'ল ন।তুমিটো জানাই মই তোমাক কিমান ভালপাওঁ।প্লিজ,একো নহয় দিয়ানা,প্লিজ,প্লিজ, প্লিজ।

         যিমান পাৰে স্বাতীয়ে শাস্বতক মান্তি কৰাবলৈ চেষ্টা কৰিছে।

* এতিয়ানো কি ওলাল আকৌ ইউনিভাৰ্চিটিত।

* Miss G.U

* তেন্তেটো আৰু নালাগে, কেতিয়ালৈ?

* ---------তাৰিখে।কিন্তু কিয় নালাগে?

* মই তেতিয়া কাশ্মীৰত থাকিম।

* মই ফটো পঠিয়ামটো ।মইটো মডেলিং কৰিবলৈ নাযাওঁ চাদৰ মেখেলাই পিন্ধিম।মই কৰিম দিয়ানা।

* তুমি যদি কৰাই মোক সুধিছা কিয়,কৰি থাকা যি কৰা।মোলৈ ফোন কৰি নাথাকিবা।

      শাস্বতৰ পৰা প্ৰগেম কৰাৰ অনুমতি স্বাতীয়ে নাপালে।দুদিনলৈ সি ফোনো নকৰিলে।তাইয়ো নকৰিলে।সি যদি জেদ ধৰিব পাৰে তায়ো পাৰে।তাইটো কেতিয়াও তাক তাৰ ভাললগাবোৰ কৰিবলৈ মানা কৰা নাই।সি কিয় কৰিব।এতিয়াৰ পৰা চব তাৰমতে চলিলে পিছলৈ চলহে পাব।আজিকালি লগৰকেইজনীয়েও দুয়োটাৰ মাজত নুসুমাই।কাশ্মীৰলৈ যোৱাৰ দিনটো পোৱাৰ বাবে তায়ে নিজে ফোনটো কৰিলে।ঘৰৰ গোটেইকেইটাৰ লগতো কথা পাতিলে।যোৱাৰ দিনা এয়াৰপৰ্টলৈ যোৱাৰ বাটত জালুকবাৰীলৈ গৈ তাই লগ ধৰিও আহিল।শাস্বতে ঘূৰিও নাচালে তাইলৈ।লাজ পালে তাই মাকহঁতৰ আগত।জেদটো আৰু বাঢ়ি গ'ল।

       দুদিনৰ আগত তাইক কমিটিৰ ফালৰ পৰা মাতি নি কিছু নিৰ্দেশনা দিয়া হ'ল।এইবাৰ সিহঁতৰ প্ৰগেমটো গপচপে স্পনচৰ কৰিছে।সেয়ে কিছু নতুন সংযোজন হ'ব।স্বাতীৰ লগত আৰু এজন ঘোষক থাকিব।স্বাতীয়ে অতদিনে অকলেই কৰি আহিছে, এইবাৰ লগত এজন থকাৰ কথাই তাইকো চিন্তাত পেলালে।তাকো শাস্বত নথকাত।সিহঁতৰ লগৰে ইউনিভাৰ্চিটিৰ শ্ৰেষ্ঠ গায়ক সমীৰণক এইবাৰ তাইৰ লগত এংকৰিং কৰিবলৈ দিয়া হৈছে যাতে কথাৰ মাজেৰে দুই এটা গীতৰ সংযোজন কৰিব পাৰে। ড্ৰেচৰ ক্ষেত্ৰতো চাদৰ মেখেলাৰ সলনি তাইক মডাৰ্ণ ড্ৰেচ পিন্ধিবলৈ ক'লে।তাই লেহেঙ্গা পিন্ধিম বুলি কৈ থৈ আহিলে।ইফালে নিয়মবোৰৰ সলনিয়ে স্বাতীকো প্ৰব্লেমত পেলালে।সময়ত নকৰোঁ বুলিও ক'ব নোৱাৰা হ'ল।ঘামি জামি তাই ওলাই আহিল।

* অই কি হ'ল ?গোটেইজনী একেবাৰে ৰঙাচিঙা পৰি আহিছ যে,আহ কেন্টিনতে বহো---আৰব্ধই মাত লগালে।

       দুয়োটা গৈ কেন্টিনতে বহিলে।সকলো ক'লে তাই এইবাৰৰ নিয়মবোৰৰ কথা।

*হ'ব দে একো চিন্তা নকৰিবি, মই  আছো নহয়।কিবা প্ৰব্লেম হ'লে মোক জনাবি।এনেও শাস্বত দাই মোক এইকেইদিনৰ কাৰণে তোৰ দায়িত্ব দি থৈ গৈছে।

*মানে?

*মানে এইকেইদিন তেওঁ নাইযে গতিকে তোক কেয়াৰ লবলৈ মোকে দি থৈ গৈছে।

      হাঁহি দিলে সি।স্বাতীয়ে ভাবিলে---তোক কেয়াৰ ল'ব দিয়া নাই।মোৰ ওপৰত নজৰ ৰাখিব কৈছে।তেওঁ নথকাত মই কিবা কৰোঁ বুলি।সমীৰণো আহি সেইখিনি পাইছিলহি। চাহ  খাই খাই সমীৰণৰ লগত স্বাতীয়ে অলপ প্ৰগেমৰ বিষয়ে আলোচনা কৰিলে, অনুশীলন কৰিলে।

 * আৰব্ধ আহ আমি একেলগে ফটো একপি উঠো--- সমীৰণে ক'লে।

       স্বাতীয়ে নুঠো বুলিও ক'ব নোৱাৰা হ'ল।শাস্বত থকা হয়টো তাই তাৰ লগতে এতিয়াও থাকিলে হয়।ক'ৰ সমীৰণৰ সাহ হয় ফটো উঠো বুলি ক'বলৈ।তথাপিও আৰব্ধৰ কাষতে তাই ওলাও নোলাওকৈ পজ দিলে।

      ৰুম সোমাই ফ্ৰেছ হৈ তাই ফোনটো চালে।শাস্বতৰ মেছেজ।ভাল লাগি গ'ল তাইৰ।চেক কৰিলে মেছেজটো তাই।অলপ আগতে উঠা ফটোখন আৰু তলত লিখা আছে এইবোৰ কি?বুকুখনৰ ধপধপনিটো বাহি গ'ল লগতে গোটেইজনী ঘামিজামি অৱস্থা নাইকিয়া হ'ল।আৰব্ধলৈ ফোনটো মাৰিলে তাই

*অই,এতিয়া উঠা ফটোখন শাস্বতলৈ তই দিলি?

*নাইদিয়া,সমীৰণে Fb ত দিছে।তাকে দেখি শাস্বত দাই মোলৈ ফোন কৰি এনেকুৱা গালি দিছে আৰু তই কিয় মোক কোৱা নাই শাস্বত দাই এংকৰিং কৰিবলৈ মানা কৰাৰ কথা।

* এহ ৰ নোলালেই।যি হে টেনচন।থ এতিয়া, মই পিছত কৰি আছোঁ।

      শাস্বতলৈ ফোন লগালে তাই।কেইবাবাৰো ৰিং কৰাৰ পিছতো ৰিচিভ নাইকৰা সি।স্বাতীয়েও ফোন কৰিয়েই আছে।এবাৰত ধৰি ক'লে।

*ইমান কিয় ফোন কৰি আছা,এবাৰত নধৰিলে জানিব লাগে বিজি আছোঁ বুলি।

*বিজি আছা যদি কোনে ফেচবুকত কি আপলড কৰি আছে তুমি কেনেকৈ জানিলা।ইমানদিনেটো খবৰ এটা লোৱাই নাই মোৰ,এতিয়া মই কৰোঁতেও বিজি থকাৰ বাহানা বনাইছা।

*তোমাৰ খবৰ মই কাশ্মীৰত থাকিলেও সদায় পাই আছোঁ।আজিকালি তোমাকহে মোৰ প্ৰয়োজন নহয়।মোৰ কথা শুনিবলৈও টান পোৱা।চব নিজৰমতে কৰা।

*ময়ো তোমাৰ খবৰ পাই আছোঁ।তোমালোকে কি কি চাইছা,ক'ত কেনেকৈ গৈছা সকলো মাৰপৰা খবৰ লৈ আছো মই।তুমিহে ফুৰিবলৈ গৈ মোক পাহৰিছা।খবৰ এটাও নোলোৱা।জানাই মই এংকৰিং কৰি ভালপাওঁ তথাপিও মোক বাধা দিয়া।তোমাকটো মই কোনো কথাতে বাধা দিয়া নাই।আনকি মাজে মাজে সেই শিখৰ নে কি খোৱা সেইটোও মই মানা কৰা নাই।

*থিক আছে,আজিৰ পৰা মই শিখৰ বাদ দিলোঁ, তুমিও এংকৰিং বাদ দিয়া।পৰহিলৈ নকৰিবা হ'ব।

*এতিয়া এদিন মাজত থাকোতে মই কেনেকৈ নকৰোঁ বুলি কওঁ আৰু তোমাক মই বাদ দিবলৈ কোৱা নাই নহয়।

 *তেন্তে যি কৰা কৰা তোমাৰ কথা।

       ফোনটো কাটি দিলে সি।স্বাতীৰ এংকৰিং কৰাৰ উৎসাহত এইবাৰ পানী পৰিল।আৰোহীয়ে বুজাই তাইক শাস্বতে বেয়া পোৱা কামবোৰ নকৰিবিচোন।সি তোক ইমান ভালপায়,তাৰ মতে অলপ থাকিবিচোন।মান অভিমানবোৰ খং,জেদলৈ ৰূপান্তৰিত হ'বলৈ নিদিবি।ভয় কৰে তাই শাস্বতৰ খংটোলৈ।

      মিছ G.U. ৰ অনুষ্ঠান আৰম্ভ হৈছিল ষ্টেজত উঠাৰ পিছত স্বাতীয়ে পাহৰি পেলাইছিল সকলো খং,জেদবোৰ।তাইৰ ইচ্ছাবোৰে,তাইৰ সপোনবোৰে পূৰ্ণতা পাইছিল।শাস্বতে বাৰ্থডেত দিয়া লেহেঙ্গাযোৰ পিন্ধি লৈছে শৰীৰৰ অকণো অংশ নোলোৱাকৈ।দোপট্টাখন নেটৰ যদিও ভাজ দি দি লৈছে ।ফটো একপি মাৰি শাস্বতলৈ পঠিয়াইছে ভয়ে ভয়ে।হিয়াখন দূৰু দূৰুকৈ কঁপিছে।সি আজি নাই।এইবাৰ আহি কি কৰিব থিক নাই।তথাপিও স্বাতীয়ে নিজৰ স্থিৰতা বজাই ৰাখিছে।সি বেয়া পাই বুলিয়েই বহু কাম তাই বাদ দিছে।তাৰ মতে নচলিলেই খংবোৰ বিস্ফুৰিত হৈছিল।মঞ্চৰ বহু ফটোৱে ফেচবুক ছানি ধৰিছিল।তাৰ মাজতে আছিল একপি এনে ফটো যিকপি দেখি স্বাতীৰো ভয় লাগিছিল।সকলোৱে প্ৰগেম শেষ হোৱাৰ পিছত গপচপ টিমৰ লগত ফটো উঠিছিল।তাত ক'ব নোৱাৰাকৈয়ে স্বাতী দুজন ল'ৰাৰ মাজত সোমাই পৰিছিল।প্ৰগেমত এইবোৰ সৰুসুৰা কথা, কিন্তু শাস্বতৰ বাবেটো নহয়।প্ৰগেমৰ পিছদিনা খন স্বাতীয়ে ফোন কৰিছিল শাস্বতলৈ।কেইবাবাৰো কৰাৰ পিছতো সি ৰিচিভ নকৰিলে।দুদিনৰ পিছত তেওঁলোক ঘূৰি অহাৰ কথা।স্বাতীয়ে অপেক্ষা কৰিলে শাস্বত উভতি অহালৈ।


খণ্ড---২৪

       শাস্বতৰ ফোন নাহিল কাশ্মীৰৰ পৰা অহাৰ পিছতো।আৰোহী আৰব্ধই স্বাতীকে ফোনটো কৰিবলৈ কয়।নাই কৰা তাই।শাস্বতৰ মাকে ফোন কৰি মাতি আছে স্বাতীক।যিদিনা সুবিধা হয় তেওঁ শাস্বতক পঠাই দিব নিবলৈ।স্বাতীয়েহে জানে পুতেকে যে তাইক নিবলৈ দৌৰি আহিব।যাওঁতে তাই অকলেই যাব পাৰে,কিন্তু গ'লে আকৌ শাস্বতে যদি সকলোৰে আগত গালি পাৰে।তথাপিও এদিন খবৰ নিদিয়াকৈ নিজেই ওলাল গৈ তাই শাস্বতৰ ঘৰ।মাকক প্ৰগেমৰ ফটো, ভিডিঅ বোৰ দেখুৱালে,বৰ ভাল পালে তেওঁ।কাশ্মীৰৰ পৰা তাইলৈ অনা বিভিন্ন উপহাৰবোৰ তেওঁ টোপোলা বান্ধি দি পঠালে।শাস্বতে মাকহঁতক দেখুৱাই মাতিলে যদিও বেলেগ একো নুসুধিলে।ৰুমৰ ভিতৰতে কাম আছে বুলি সোমাই থাকিলে।এপাকত স্বাতী সোমাই গ'ল ৰুমটোলৈ।লেপটপটো সন্মুখত লৈ বহি আছে।সি গুৱাহাটী ইউনিভাৰ্চিটিতেই এম বি এ কৰিব আকৌ।স্বাতীৰ মনে মনে ভালো লাগিল,আকৌ কৃষ্ণচূড়াই সিহঁতক আকোৱালি ল'ব।

*মোক বেয়া পাই আছা ,নামাতা।

     একো নক'লে সি।নিজৰ কামত ব্যস্ত থাকিল।পিছফালৰ পৰা তাই তাক দুহাতেৰে মেৰিয়াই ধৰিলে।হাতদুখন আঁতৰাই সি চিঞৰি উঠিল।

* দিগদাৰ কৰি নাথাকিবা চোন যোৱা।

*কিয় নকৰিম ,কৰিমেই বুলি তাই আকৌ কাষ চাপি যায়।

          সি এইবাৰ উঠি  চোফাখনত বহি লৈ মোবাইলত বিজি হয়।স্বাতীও  তাৰ গাতে গা লগাই বহি লয়।উঠি যায় সি।স্বাতীয়ে তাৰ হাতখনত ধৰি লয়,নৰয় সি গুচি যায় কাম আছে বুলি বাহিৰলৈ।একেলগে ভাত খাবলৈও নাহিল।স্বাতী সেইদিনা অকলেই আকৌ ওভতিল।

       আৰব্ধৰ মুখত শুনিছে তাই শাস্বতে হেনো এম বি এ এডমিছন ল'ব কাইলৈ  ।তাইক জনোৱা নাই।মনে মনে তাইৰ আকৌ ভয়ো লাগে আদিৰ নিচিনাকৈ শাস্বতেও তাইক  পাহৰি যাব নেকি।

      এডমিছনৰ দিনা তাই অকলেই কাউন্টাৰলৈ গ'ল।লগত নিলে যে লাজ পাব লাগিব জানে তাই।অকলেই যি হয় হ'ব বুলি তাই আগুৱালে।দূৰৰ পৰাই দেখিছে তাই শাস্বতক লাইনত থিয় হৈ আছে।সি দেখাকে তাই থিয় হ'লগৈ।দেখিও সিফালে মুখ কৰিলে সি।বহু সময় ৰ'ল তায়ো তেনেকৈ।কাউন্টাৰত কাম শেষ কৰি সি ওলাই আহিল।স্বাতীয়ে তাৰ হাতখনত ধৰি ল'লে।আঁতৰাই দিলে সি।খংটোৱে যেন ৰুদ্ৰ ৰূপ ল'ব এতিয়া।পিছে পিছে তায়ো গৈ থাকিল।বাইকখনত উঠি ল'লে সি।

*ৰ'বানা তোমাৰ লগত মোৰ কথা আছে।

   একো নামাতে সি।

* মোৰ লগত আৰু সম্পৰ্ক নাৰাখা মানে?পাহৰি গ'লা মোক।

*উঠা বাইকত।

        উঠি ল'লে তাই।প্ৰশ্ন কৰিবলৈ সাহস নহ'ল তাইৰ।স্বাতীহঁতৰ হোষ্টেলৰ ভিজিটিং ৰুমলৈ নিলে তাইক।শাস্বত বহি ৰ'ল লগতে স্বাতীও।কাৰো মুখত এষাৰি মাত নোলোৱা হ'ল।

*একো নোকোৱা মোক।

*ক'লেনো কি হ'ব।মইতো কোনো নহয় তোমাৰ?

*তেনেকৈ কিয় কৈছা,তুমি জানা তুমি মোৰ বাবে কি?

*কোৱা তেন্তে কি?

        একো মুখেৰে নোলাল স্বাতীৰ।বুজাবলৈ ভাষাই বিচাৰি নাপালে তাই একো।শাস্বতৰ কান্ধত মূৰটো থৈ দুহাতেৰে তাৰ হাতটো সাবটি ধৰিলে তাই।এৰুৱাই নিবলৈ সি চেষ্টা কৰিলে যদিও তাইও এৰি নিদিলে।দুয়ো নিমাত হৈ বহি থাকিল ৰুমটোত।বহু দিন যেন এই স্পৰ্শ তাই পোৱা নাছিল।

*একো নাই যদি ক'বলৈ মই যাওঁ।

* আজি মোৰ সান্নিধ্যও তোমাৰ বেয়া লগা হ'ল।যোৱা তেন্তে চব একেই।এই পুৰুষ জাতিটোকেই বিশ্বাস কৰিব নালাগে।ভালপাওঁ ভালপাওঁ বুলি ক'লে  কি হ'ব যি ভালপোৱাই আনৰ হৃদয়ত দুখ  দিয়ে তেনে ভালপোৱা নহ'লেও হ'ব।যদি ভালপোৱাত বিশ্বাসেই নাথাকে তেনে ভালপোৱাৰ অৰ্থই কি।ই মাথোন অপমানৰ বাহিৰে একো নহয়।তুমিও সেই আদিৰ দৰেই একেই চব।

         কথাষাৰ কোৱাৰ লগে লগে শাস্বতৰ হাতখন দাঙ খাই গ'ল ,কিন্তু ৰৈ গ'ল সি।স্বাতী আচৰিত হৈ গ'ল।এনে ৰূপত শাস্বতক তাই কেতিয়াও দেখা নাই।মানে পিছলৈ তাই মাৰ খাবও লাগিব।

* হ'ব দিয়া তুমি কি আজি তুমি দেখুৱাই দিলা।অতদিনে এখন মিছা ছবি লৈ মই জীয়াই আছিলোঁ।আজিৰ পৰা তুমি মুক্ত ,তুমি বিচৰা ধৰণে ছোৱালী চাই ল'বা।

             কথাষাৰ কৈয়েই তাই ৰৈ নাথাকিল।তাক তাতে এৰি গুচি আহিল তাই।নালাগে তাইক এনে মানুহ,এনে জীৱনসঙ্গী।বহু সময় বিচনাত পৰি কান্দি থাকিল তাই।আৰোহী ফোপাই জোপাই সোমাই আহিল।

* পল, পল  উঠ।শাস্বতৰ এক্সিডেন্ট হৈছে।সোঁহাতখনত বেয়াকৈ দুখ পাইছে।তোলৈ ইমান ফোন  কৰি আছোঁ ধৰা নাই।তইটো তাক লগ ধৰিবলৈ গৈছিলি কি হ'ল।এতিয়া তাক সকলোৱে লৈ গৈছে এম্বুলেন্সত ।দেউতাকে ডাউন টাউনলৈ লৈ যাব কৈছে।

           স্বাতীৰ যেন ভৰিৰ তলৰ মাটিখিনিহে নাইকিয়া হৈ গ'ল।সকলোবোৰ বুজি পাইছে তাই।তাই কৈ অহা কথাৰ ফলতে আজি এই অৱস্থা।লগালগ তাই ওলাই গ'ল ।

*তই ইয়াতে থাক,মই গৈ আহোঁ বুলি তাই ওলাই গ'ল।

      যাবৰ সময়ত থাপনাত থকা কৃষ্ণৰ আগত সেৱা এটি কৰি আহিল।তাক কুশলে ৰাখিবা প্ৰভু।  ফোনটো ওলিয়াই লৈ তাই চেক কৰিলে।শাস্বতৰ মাক দেউতাক আৰব্ধ তাইৰ ঘৰৰ মানুহ সকলোৰে ফোন।শাস্বতৰ মাকলৈ ফোন লগালে তাই।

* স্বাতী, তুমি ক'ত আছা।ইয়াৰ যে কি হৈ গ'ল।কান্দি কান্দি মানুহজনীয়ে কৈ গ'ল।

*মই গৈ আছোঁ মা,আপুনি ধৈৰ্য্য ধৰকচোন।একো নহয়।এতিয়া শাস্বত ক'ত?

*  মুৰত দুখ পাইছে সি আৰু হাতখনৰটো অৱস্থাই নাই।তুমি সোনকালে আহাচোন।

         জালুকবাৰীৰ পৰা ডাউন টাউন পাই মানে স্বাতীৰ হৈ যোৱা ঘটনাবোৰে আকৌ ভুমুকি মাৰিলে।তাইৰ বাবেই আজি এই ঘটনা হোৱা নাইটো।কেনেবাকৈ যদি কিবা হয় তাই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিব।গাঁৱৰ নামঘৰলৈ শৰাই এখন আগবঢ়াই থ'লে তাই।চিটি বাছত উঠাৰ পিছতহে দেখিছে আৰোহীও তাইৰ পিছে পিছে আহি একেখন বাছতে তাইৰ লগ দিছে।কথাবোৰ তাইকে ক'লে স্বাতীয়ে।

              ডাউন টাউন পাইহে তাইৰ অলপ শান্তি লাগিল।ডাক্তৰে সকলো থিকেই আছে বুলি ক'লে।মাত্ৰ হাতত বেছি দুখ পোৱাৰ বাবে প্লাষ্টাৰ কৰি দিছে আৰু তিনিমাহ মান এনেকৈয়ে থাকিব লাগিব বুলি কৈছে।মূৰটো অলপ দুখ পাইছে বেণ্ডেজ কৰি থোৱা আছে।দহ,পোন্ধৰ দিনৰ পিছত লাহে লাহে ভাল পাব।শুই আছে সি এতিয়া।

      আৰব্ধৰ  মুখত ঘটনাৰ বিৱৰণ শুনি স্বাতী নিশ্চিত হ'ল যে ইয়াৰ মূলতে তাইয়ে।স্বাতীৰ ভয় হ'ল মাকহঁতে যদি জানে কি ভাবিব।শাস্বতে হোষ্টেলৰ পৰা মামাৰ দোকানৰ ফালেদি ওলাই আহিছিল।আহিয়েই সি সেইফালৰ গেটখনৰ পকা খুটাটোত সোঁ হাতটোৰে এটা প্ৰচণ্ড ঘোচা মাৰিছিল।কেইবাবাৰো মৰাৰ পিছত শব্দ শুনি মামাৰ দোকানত থকা আৰব্ধই যেতিয়া শাস্বত দা বুলি চিঞৰি দৌৰি আহিছিল সি লৰালৰিকৈ বাইক ষ্টাৰ্ট দি অলপ আহিয়েই গছ এডালত খুন্দা মাৰিছিল।আৰব্ধহঁতে লগে লগে ইউনিভাৰ্চিটি হস্পিতাললৈ নিয়ে যদিও ডাক্তৰে লগে লগে বেলেগলৈ ৰেফাৰ কৰিছিল।

*তই এই সকলো কথা মাহঁতক কৈছ?

* নাইকোৱা,মাত্ৰ কৈছোঁ এক্সিডেন্ট হোৱা দেখি খবৰ দিলোঁ আৰু হস্পিতাললৈ লৈ গ'লো।তহঁতৰ কিবা লাগিছিল নেকি, নহ'লে এনেকুৱাটো আগতে কেতিয়াও হোৱা নাছিল।

শাস্বত শুই থকা দেখি মাক দেউতাকে স্বাতী,আৰব্ধহঁতক তাত থৈ ৰাতিৰ বাবে মাক দেউতাকে তালৈ খোৱাৰ যোগাৰ কৰি আনিবলৈ গ'ল।মাকক থৈ স্বাতীয়ে যাম বুলি কৈছিল যদিও মাকে তাইকে থৈ গ'ল।স্বাতীৰ এনে ভাব হ'ল মাকে যেন কথাবোৰ ধৰিব পাৰিছে।

     প্ৰায় এঘন্টা মানৰ পিছত শাস্বত উঠিছিল। হাতৰ বিষত কেকাই আছিল সি।কেবিনটোত সিহঁতক দেখি শাস্বত অলপ আচৰিতো হ'ল।আৰব্ধ আৰু আৰোহী আগবাঢ়ি গ'ল

* দাদা কিবা লাগিছিল নেকি?

* নাই নালাগে।তহঁত পাই গলিহি হ'বলা।মোৰ কাৰণে তহঁতৰ এনেই কষ্ট হ'ল।

*নাই একো নাই।

      দুই এটা কথা সুধি সিহঁতকেইটা ওলাই গ'ল কেবিনৰ পৰা।থাকি গ'ল স্বাতী আৰু শাস্বত।ওচৰ চাপি গ'ল তাই।তাৰ বিচনাখনতে বহি ল'লে,চাই ৰ'ল তালৈ ।

*I am sorry. মোৰ ভুল হ'ল।মাফ কৰি দিয়া মোক।

*ধেৎ আকৰি জনী,তোমাৰ ভুল হোৱা নাই নহয় মোৰে ভুল হ'ল দিয়া।সেই শাস্তি মই পাইছোঁ।এইটো হাত দাঙিছিলো যে সেয়ে ভাঙি দিলোঁ।ইমান সাহ চোৱাচোন তোমাক মাৰিবলৈ যায়।আজিৰ পৰা যি মন যায় তাকে কৰিবা মই বাধা নিদিওঁ।জানাই চোন মোৰ খংটো ।আৰু মোক এৰি যোৱাৰ কথা নক'বা এইবাৰ ক'লে আৰু শাস্বতক এই পৃথিৱীত নাপাবা।দিয়া মোকো দিয়া এচৰ বুলি বাওঁ হাতটোৰে তাইৰ হাতখন ধৰি তাৰ গালত এটা চৰ মৰাই দিলে।

     স্বাতীয়ে ধৰিবই নোৱাৰিলে।সোমাই পৰিল তাৰ বুকুৰ মাজত।সকলো খং,মান অভিমানবোৰ নিমিষতে নাইকিয়া হৈ পৰিল।এইয়াই জীৱন মান অভিমান খং বিষাদ।স্বাতীয়ে বুজিলে তাইৰ জীৱন পৰিক্ৰমা ইমান মসৃণ নহয় তাই ভবাৰ দৰে।

খণ্ড--২৫

            এসপ্তাহ মানৰ পিছত শাস্বতক ঘৰলৈ লৈ যোৱা হৈছিল যদিও হাতৰ আঘাত ভাল হওঁতে প্ৰায় তিনি মাহ মান সময় লাগিছিল।স্বাতীয়ে হস্পিতালত থাকোঁতে সদায়েই গৈছিল।ঘৰলৈ যোৱাৰ পিছতো বন্ধ হ'লে তাই গৈছিল।মাকে পিছলৈ কথাবোৰ গম পাইছিল যদিও
 'তোমালোকৰ মাজত মই নোসোমাও 'বুলি একো কোৱা নাছিল।তথাপিও স্বাতীৰ তেওঁৰ আগত নিজকে অপৰাধী যেন লাগিছিল।শাস্বতৰ খংটো এইকেইটা দিনত অলপ কমিছিল।স্বাতীকো পাৰমিছন দিছিল যদিও প্ৰগেম কৰাৰ নাম ওলিয়াবলৈ ভয় লগা হ'ল তাইৰ।ইউনিভাৰ্চিটিৰ দুটামান প্ৰগেম তাই এই কেইমাহত বাদ দিছিল।ভাল হৈ লওঁকচোন সি।

             ইউনিভাৰ্চিটিত এতিয়া ইলেকচনৰ বতাহ বলিছে।আৰব্ধ এইবাৰ ইলেকচনত উঠিছে।হোষ্টেলে হোষ্টেলে কেম্পেইন কৰিছে সিহঁতে।অকল সিহঁতেই নহয় প্ৰতিজন প্ৰাৰ্থীয়ে নিজৰ নিজৰ প্ৰচাৰ চলাইছিল হোষ্টেলত।ৰাতি এটা, দুটালৈকে সিহঁতৰ এই প্ৰচাৰ চলাইছিল।আৰব্ধৰ উদাত্ত কণ্ঠই ইউনিভাৰ্চিটিৰ আকাশ বতাহ কঁপাই তুলিছিল।সাধাৰণ সম্পাদক পদত সি দিয়া ভাষণে সকলোৰে মন মুহিছিল।আৰব্ধক সকলোৱে হোষ্টেলত মায়াময় ৰূপালী জোনাক গীতটি গাবলৈ দিয়ে,জেলেপী নৃত্য কৰিবলৈ দিয়ে।এইকেইদিনত প্ৰাৰ্থী কেইজনক যি কৰিবলৈ দিয়ে সকলো কৰে।আৰোহীহঁতৰ হোষ্টেলত আৰব্ধক জেলেপী নৃত্য কৰিবলৈ দিয়াৰ পিছত স্বাতীয়ে কুঁহিক দিয়া আইডিয়া অনুসৰি আৰব্ধক আৰোহীক প্ৰপ'জ  কৰিবলৈ দিয়া হ'ল।নকৰো বুলি দুবাৰ মান ক'লে যদিও সি হোষ্টেলাৰৰ কথা পেলাব নোৱাৰা হ'ল।নহ'লে ভোট নোপোৱাৰ আশংকা।আৰোহীক থেলি হেচি লগৰখিনিয়ে পঠিয়ালে ,আৰব্ধও ওপাই নাপায় মান্তি হ'ল।আগ ফালৰ ফুলনিৰ পৰা ৰঙা গোলাপ এপাহো আনি দিয়া হ'ল।স্বাতীয়ে পিছত কুঁহিহঁতৰ মুখত শুনিছেহে এই কাহিনী।নিজ চকুৰে চোৱাৰ হেঁপাহ তাইৰ আজিও ৰৈ গ'ল।শুনা কথাৰে তাই কল্পনা কৰে সেই দৃশ্য

*তোমাক এটা মোৰ কথা ক'ব লগা আছে।

* ক।

*জালুকবাৰীৰ এই সঙ্গ মই আজীৱন পাব বিচাৰোঁ তোমাৰ পৰা।

* আজীৱন মই তোৰ ভাল বান্ধৱী হৈ ৰ'ম।

* বান্ধৱী নহয় তোমাক মই মোৰ জীৱনসঙ্গী কৰিব বিচাৰোঁ।মোৰ আদৰত,মোৰ হেপাঁহবোৰত,মোৰ সপোনবোৰত, আনকি যন্ত্ৰণা বোৰতো মই তোমাক বিচাৰোঁ।জীৱনজোৰা মোৰ দুহাতেৰে তোমাক আৱৰি ৰাখিব বিচাৰোঁ পৰম প্ৰত্যয়ৰে।তোমাৰ সুখ,দুখৰ প্ৰতিটো সময়ৰ মই সমভাগী হ'ব বিচাৰোঁ।দিবানে সঁহাৰি এই যাত্ৰাত তুমি মোৰ।

         ফুলপাহ আগুৱাই দিয়ে সি।হোষ্টেলাৰৰ হাত চাপৰিৰে দাইনিং হল মুখৰিত হৈ পৰে।জুনিয়ৰ ছিনিয়ৰ সকলোৱে চিঞৰিবলৈ ধৰে' আৰু বা একচেপ্ত কৰা ,একচেপ্ত কৰা', প্ৰিফেক্ট একচেপ্ত কৰ,একচেপ্ত কৰ।

        হাঁহি হাঁহি লৈছিল আৰোহীয়ে ফুলপাহ।লওঁতে কিন্তু ক'বলৈ নাপাহৰিছিল----ড্ৰামাহে দেই।

      এনেদৰেই পাৰ হৈছিল সেই সময়।শাস্বতৰ প্ৰচাৰ কাৰ্য্যই যিদৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল থিক সেইদৰে R.C.C  1 ৰ সেই বিশেষ গীতটিও সেই সময়ত বহু প্ৰচাৰিত হৈছিল।সেইটো হোষ্টেলৰ প্ৰচাৰ কায্যসূচীত গীতটি অন্তৰ্ভুক্ত হৈছিল হয়তো আজিও হয়।

                প্ৰেম নকৰিবা নকৰিবা মোৰ বন্ধু।
                 মাৰ্কেট ৰ'ডত নেবেচিবা হিয়া বন্ধু।
                গধূলিৰ আহ্বান, প্ৰেমৰ দৰদাম
                 দামী দোকানত প্ৰেমৰ বৰ দাম বন্ধু
                 প্ৰেম নকৰিবা নকৰিবা মোৰ বন্ধু।

            ভোট দিবলৈ যোৱাৰ বাহিৰে স্বাতীয়ে আৰব্ধক বেলেগ একোতে সহায় কৰিব পৰা নাছিল কাৰণ সময় পালেই তেতিয়া তাই শাস্বতৰ ওচৰলৈ দৌৰিছিল।শাস্বতে কয়,আৰব্ধৰ কেম্পেনিঙত সহায় কৰিবলৈ ,ইলেকচনৰ দিনা কিন্তু তাই পুৱাৰ পৰা আবেলিলৈকে তাৰ সঙ্গ দিছিল।কিন্তু আৰোহীয়ে প্ৰথমৰ পৰাই প্ৰতিটো ক্ষেত্ৰতে তাক সহায় কৰিছিল।ইলেকচনে দুয়োটাকে বহু কাষ চপাই আনিছিল।বাহিৰলৈও গৈছিল তাই আৰব্ধৰ প্ৰচাৰৰ বাবে।ইলেকচনৰ আগদিনা তাই লঙ্কেশ্বৰ মন্দিৰলৈ গৈ আৰব্ধ জিকাৰ বাবে প্ৰাৰ্থনা কৰি আহিছিল।

           ইলেকচনৰ দিনা আৰোহীয়ে আৰব্ধই বাৰ্থডেত দিয়া কাপোৰজোৰ পিন্ধি ভোটটো দি ছফ,চকলেটৰ বঁটা খন লৈ ভোটাৰসকলক হাঁহিমুখে সম্ভাষণ জনাইছিল।স্বাতীও সেই দিনটোত ব্যস্ত হৈ পৰিছিল তাৰ লগত।শাস্বত সেইদিনা আহিছিল ইউনিভাৰ্চিটি ,একো কৰিব নোৱাৰিলেও আৰব্ধৰ সাহস হৈ।বয়জ হোষ্টেলৰ প্ৰাক্তন আৱাসী সকলে বহু ক্ষেত্ৰত নিজৰ হোষ্টেলৰ বাবে কাম কৰে,শাস্বতক কৰিব নোৱাৰাৰ দুখে চুইছিল।

            দিনটোৰ ব্যস্ততাৰ মাজতে আৰব্ধই আহি স্বাতীৰ কাণে কাণে কৈছিল---

*অই এইকেইদিন আমাৰ বাইদেৱে চোন মোৰ বাবে ইমান কষ্ট কৰিছে, এইয়া মোলৈ মৰম নে আকৌ সেই বন্ধুত্ব।

*সোধগৈ যা,উত্তৰটো পাই যাবি।

*আই ঔ মোক মৰিবলৈ পঠাইছ ,যেনেতেনে এইকণ সঙ্গই পাইছোঁ,সুধিলে এইকণো যাব।

         হাঁহি দিলে দুইটাই।প্ৰিয়জনৰ অকণমান সান্নিধ্যই ব্যস্ততাৰ মাজতো প্ৰশান্তিৰ এক সুখ দি যায়।সুখী আছিল আৰব্ধ আৰোহীৰ সান্নিধ্যত।

             ৰাতিলৈ আৰব্ধই তাৰ লগত অতদিনে  দেহে কেহে খটা সকলৰ বাবে খানাৰ যোগাৰ কৰিছিল।স্বাতী,শাস্বত,আৰোহী আৰু বহু তাৰ সেই খানাৰ সঙ্গী হৈছিল।শাস্বত সেইদিনা তাৰ হোষ্টেলতে থাকিছিল। খাই বৈ স্বাতী ,আৰোহী আহিবলৈ লওঁতেই শাস্বতে স্বাতীক ৰখাই দিলে।

*স্বাতী,ৰ'বাচোন,কথা আছে অলপ।আৰোহীক আৰব্ধই থৈ আহিব তুমি ৰ'বা।

      স্বাতীয়ে বুজিলে কথা একো নাই, দুয়োকে অলপ সময় দিবলৈ এনেদৰে কৈছে।পিছে পিছে গ'ল সিহঁত দুয়োটাকে যাবলৈ দি।স্বাতীয়ে শাস্বতৰ বাওঁ হাত খন ধৰি আগুৱাইছে।আকৌ ঘূৰি আহিছে সিহঁতৰ সময়,সোণোৱালী সময়।দিনৰ পোহৰত ৰাঙলী জালুকবাৰী জোনাক নিশা ৰূপোৱালী হৈ পৰে।আসঃ কি সৌন্দৰ্য্য ইয়াৰ।কৃষ্ণচূড়া আজি ৰূপালী ৰাণী।দূৰৰ পৰাই দেখিছে সিহঁতে আৰব্ধই আৰোহীৰ হাতখন ধৰি লৈছে।আৰোহীয়ে হাতখন এৰুৱাই দিছে ।

       আৰব্ধই এইবাৰ তাইক তাৰ  বুকুৰ ওচৰলৈ আজুৰি আনিলে।তাই বান্ধোন চিঙিবলৈ চেষ্টা কৰে,নোৱাৰে।

* কি বুজাব বিচাৰিছা তুমি? মোৰ লগতে থাকিবা ,মোৰ হৈয়ে কাম কৰিবা কিন্তু মই বিচাৰিলে মোৰপৰা আঁতৰি যোৱা।কি খেল তোমাৰ এইয়া।এই এবছৰেটো তোমাক মই জোৰ কৰা নাই, আদিৰ প্ৰেমতেই তুমি নিজক পাইছিলা,বাৰে বাৰে তুমি মোক অৱহেলা কৰি আহিছা,আনকি তোমাৰ মাৰো খাইছো মই।কেম্পেনিঙটো শুনিছোঁ ছোৱালীৰ চৰ খোৱা ল'ৰাই কি ইউনিভাৰ্চিটি চলাব।তাৰ পিছতো তোমাক ভালপাওঁ।তুমি কিয় নুবুজা?

খণ্ড---২৬

* নোৱাৰোঁ মই তোক ভালপাব।নিজতকৈও বেছি ভালপাওঁ মই আদিক।যদি সি মোক পাহৰিও যায় এনেকৈয়ে জীয়াই থাকিম মই।ক্ষন্তেক সময়ৰ খঙত তোক মৰা সেই চৰটোৰ বাবে আজিও অনুশোচনা কৰোঁ মই। সেয়ে বন্ধু বুলি ভাবি আজিকালি তোক সহায় কৰিবলৈ চেষ্টা কৰোঁ যিখিনি স্বাতীয়েও কৰে ।

*তেন্তে কালি পুৱাই একো নোখোৱা নেমেলাকৈ লঙ্কেশ্বৰ মন্দিৰলৈ কিয় গৈছিলা?স্বাতীটো যোৱা নাছিল।

*নাজানোঁ কিয় গৈছিলোঁ, কিন্তু ভাবিছিলোঁ তই জিকিলে বেলেগ একো নাপালেও তই সেই সুখ পাবি,যি খিনি তই মোৰপৰা বিচাৰ।মইটো কাকো একো দিব নোৱাৰোঁ, সেয়ে হয়তো আজিকালি আদিও----

          কান্দি দিলে তাই।আৰব্ধই তাৰ বন্ধনৰ পৰা মুক্ত কৰি দিলে।

* এতিয়া মানে আদিয়ে ফৰেনাৰ এজনী বিয়া নপতালৈকে মই এনেকৈয়ে থাকিব লাগিব?

* কেনেকৈ?

* তই অকলেই জীৱনটো পাৰ কৰিম বুলিলেই তোক পাৰ কৰিবলৈ দিমনে,মোৰ কথা বাদ দে বাৰু, ঘৰৰ মানুহৰ কথা ভাব।তেওঁলোকে যেতিয়া জানিব আদিৰ বাবে তই আজীৱন কোঁৱাৰী হৈ থাকিম বুলি ভাবিছ তেওঁলোকে কি ভাবিব।আদি যদি ওভতি আহে তেতিয়া বাৰু বেলেগ কথা, কিন্তু সি যদি নাহে,তেতিয়া কিন্তু তুমি মোৰেই হ'ব লাগিব।

* মিছা সপোন দেখি নাথাকিবি,সপোন ভাঙিলে বৰ কষ্ট হয়।যদি মই আদিৰ নহওঁ তেন্তে আন কাৰো নহওঁ,দৰকাৰ হ'লে মৃত্যুক মই আকোঁৱালি লম।

* বাহ বাহ মিছ আৰোহী ,আদিক নাপালে তেওঁ মৃত্যুক আকোঁৱালি ল'ব।যিটো ল'ৰাই তাইক এৰি জীৱনটো উপভোগ কৰিছে,তাৰ বাবে এওঁ আকৌ মাক দেউতাকক এৰি মৃত্যুক আকোঁৱালি ল'ব।প্ৰেম ইমান ডাঙৰ বস্তু নে যি পিতৃ মাতৃৰ মৰমতকৈও শ্ৰেষ্ঠ হ'ব পাৰে।ধিক তোৰ এই উচ্চ শিক্ষা।কোনে কয় শিক্ষাই মানুহৰ চিন্তা ধাৰা উন্নত কৰে বুলি।তোতকৈ চোন মোৰ মায়েই শ্ৰেষ্ঠ।যি মেট্ৰিক পাছ হৈয়ো হাজাৰ বিপদৰ মাজতো কোনোদিন মৃত্যুক আমন্ত্ৰণ কৰা নাই।যা হোষ্টেল পালিহি বুলি সি ঘূৰি আহিল।

*শুনচোন আৰব্ধ।

নৰয় সি।

*শুন না ,বুলি তাই তাক ৰখাবলৈ চেষ্টা কৰে,কিন্তু সি নৰখে।অলপ আহিয়েই সি স্বাতী শাস্বতৰ সন্মুখীন হয়।শাস্বতে স্বাতীক আৰোহীৰ লগত যাবলৈ ইঙ্গিত দি আৰব্ধক কয়-

* ৰ আৰব্ধ ,ময়ো তোৰ লগতে যাম ।

*আহক দাদা  বুলি দুয়ো ওভতি যায়।

         বহু সময় দুয়োজনী হোষ্টেল কেম্পাছত সোমায়ো হোষ্টেলত নোসোমালে।কেম্পাছৰ ভিতৰত থকা দীঘলীয়া বেঞ্চ এখনত বাহিৰতে বহি ৰ'ল।ভবামতে একোৱে নহ'ল স্বাতীয়ে ভাবিলে।দুটি হৃদয় ওচৰ চাপিছিলে বুলি ভাবিছিল নাই আকৌ সেই নেওঁতাখন একৰ পৰাই আৰম্ভ কৰিব লাগিব।

* কি কৰোঁ মই স্বাতী,নোৱাৰিছো আৰু মই।অপেক্ষা কৰি কৰি ভাগৰি পৰিছো মই।কেতিয়া হ'ব এই অপেক্ষাৰ অন্ত?মোৰ কি ভুল ক,সকলোৱে কয় আদিক পাহৰি যা,পাহৰি যা।পাহৰো বুলিয়েই জানো মানুহে পাহৰিব পাৰে,ভালপাওঁ বুলি যি দৰে ভালপাব নোৱাৰি বেয়াপাও বুলিও জানো বেয়া পাব পাৰি।ভাল নাপাওঁ বুলি ক'লেই জানো মানুহে নিজৰ প্ৰিয় মানুহজনক পাহৰিব পাৰে।জীৱনৰ প্ৰথম ভালপোৱা মোৰ এনেকৈয়ে হেৰাই যাব নেকি, আদি সঁচাই আতৰি গ'ল নেকি?পাহৰি গ'ল সি মোৰ দেউতাক দি যোৱা প্ৰতিশ্ৰুতিবোৰ।নে সেইবোৰ চব নাটকহে আছিল।মই কি তাৰ ক্ষন্তেকৰ আকৰ্ষণহে আজিলো নেকি?

* সেই উত্তৰ মোৰ ওচৰত নাই আৰু ,তইনো কি আছিলি তাৰ বাবে।মাথোঁ এটা কথাই তোক কওঁ সি আৰু এতিয়া তোৰ হৈ থকা নাই।মানি লৈছোঁ সি ব্যস্ত,কিন্তু সেই ব্যস্ততাত সি খাবলৈ, শুবলৈ এৰিছে জানোঁ,নে ঘৰলৈ ফোন কৰিবলৈ এৰিছে।কেৱল তোৰ ক্ষেত্ৰতহে ব্যস্ততা,কিয়? হয়তো তয়ো অতদিনে বুজি পাইছ সি এতিয়া তোৰ হৈ থকা নাই।কিন্তু স্বীকাৰ কৰিবলৈ টান পাইছ।প্ৰেমৰ নামত তই নিজকে নিজে প্ৰতাৰণা কৰিছ।আদিক পাহৰি এবাৰ সেই স্থান আৰব্ধক দি চাচোন।

*কেনেকৈ দিওঁ পল,মোৰ বাবে জীৱন এতিয়া ইমান সহজ হৈ থকা নাই।এতিয়া মই আনৰ বাবে পবিত্ৰ হৈ থকা নাই আৰু।

*কিয় তহঁতৰ কিবা শাৰীৰিক সম্পৰ্কও হৈছিল নেকি?

     আচৰিত হৈ পৰিল স্বাতী।

*ধেৎ নাই, তইচোন জানই তেজপুৰৰ ঘটনাটো।

* অ' সেইটো।বেলেগ এজনক ভালপাব নোৱাৰাকৈ, বিয়া হ'ব নোৱাৰাকৈ একো হোৱা নাই দে।কত' ল'ৰা ছোৱালীয়ে ইয়াতকৈ অধিক কৰিও বেলেগৰ লগত বিয়া হৈ যায়।তই কিয় নোৱাৰিবি?
*কিন্তু সেই ল'ৰাৰ ভিতৰত আৰব্ধ নপৰে আৰু মোৰ বাবে সি লজ্জিত হোৱাটো নিবিচাৰোঁ।সি এটা ভাল ল'ৰা,ভাল ছোৱালী এজনী পাব।

* আৰু সি যদি এই সকলো জানি তোক স্বীকাৰ কৰে?

* তেন্তে তাৰ দৃষ্টিত মই সদায় নিজকে তুচ্ছ জ্ঞান কৰিব লাগিব।

          সি সকলো জানে বুলি ক'বলৈ স্বাতীৰ মন নগ'ল।কোনো উত্তৰ, কোনো সমীধান নোহোৱাকৈ সেই ৰাতি দুয়োজনী বহু সময় বাহিৰতে বহি ৰ'ল।জালুকবাৰীয়েও যেন সেই ৰাতি উজাগৰে কটাইছিল।দুখবোৰ যেন জালুকবাৰীয়েও সামৰি লৈছিল।

        শাস্বতৰ ফোনতহে স্বাতীহঁতৰ সম্বিত ঘূৰি আহিছিল।শাস্বতে জনাইছিল আৰব্ধ তেতিয়াও হোষ্টেলত নাছিল।শাস্বতক হোষ্টেলত থৈ সি ওলাই আহিছিল আৰু এতিয়াও সোমোৱা নাই।ইলেকচনৰ সময়ত সকলোৱে ভয় কৰে এনেকৈ কেণ্ডিডেত বাহিৰত অকলে থাকিলে।বিৰোধীৰ মতলবটো কোনেও নাজানে।তেতিয়া ৰাতি দুই বাজিছিল।দূৰৰ পৰা এটি বাঁহীৰ সুৰ ভাহি আহিছিল।স্বাতীয়ে বুজিছিল সেইটো আৰব্ধ তাৰ বাঁহীৰ সুৰত সি তাৰ দুখবোৰ পাতলাইছে।

ইলেকচনৰ ৰিজাল্টৰ বাবে সকলো অধীৰ আগ্ৰহেৰে বাট চাই আছিল।স্বাতীয়ে হোষ্টেলৰ পৰা আৰোহীক লগত লৈ আৰব্ধৰ ওচৰ পাইছিল।জানে তাই যিমানেই অভিমান নকৰক আজিৰ দিনটোত আৰব্ধই আৰোহীক তাৰ কাষত পালে ভাল পাব সেইয়া লাগিলে হৰাৰ দুখতেই হওঁক বা জয়ী হোৱাৰ সুখতেই হওঁক। পাৰ হৈ যোৱা ঘটনাৰ কথা চিন্তা নকৰি সকলোৰে দৃষ্টি কেৱল ভোট গণনাৰ ওপৰত।কি উত্তেজনা হৃদয়ত সকলোৰে, নিজে বিচৰা জনৰ সুখবৰটো পাবলৈ।স্বাতীহঁতে বাহিৰতে বহি আছে,নোৱাৰে আৰু ৰৈ থাকিব।বুকুৰ ধপধপনিটো যেন ক্ৰমান্বয়ে বাঢ়িহে গৈছে।সকলোকে আচৰিত কৰি ভঙা হাতেৰে শাস্বত আৰু দুটামানে আৰব্ধক মূৰত তুলি লৈ আহিছে।আৰোহীয়ে জপিয়াই  স্বাতীক সাবটি ধৰিলে।

*হেই পল আৰব্ধ জিকিলে।

           স্বাতীৰ হাঁহিয়ে উঠিলে ,কাক চাব শাস্বতক নে আৰোহীক।দুয়োটা সুখী আজি আৰব্ধৰ সুখত আৰু তাই তায়ো জানো কম সুখ পাইছে তাইৰ প্ৰিয় তিনিও জন মানুহৰ সুখত।

#Aaruhi_weds_Aarobdho

খণ্ড----২৭

          কোনে ভাবিছিলে এখন সৰু গাওঁৰ এগৰাকী সাধাৰণ মাতৃৰ এটি সন্তান আহি ইউনিভাৰ্চিটিৰ জেনেৰেল ছেক্ৰেটৰী হ'ব বুলি।ইউনিভাৰ্চিটি কেম্পাছত সেইদিনা উদুলি মুদুলি পৰিবেশ।সকলোৱে কোলাত তুলি মূৰৰ ওপৰত লৈ মাৰ্কেটৰপৰা একেবাৰে সিহঁতৰ হোষ্টেল পোৱালেগৈ।এয়ে আবেগ,হোষ্টেলৰ প্ৰতি টান।হোষ্টেলৰ আৱাসীখিনিয়ে কম কষ্ট কৰিছেনে এই কেইদিন।তাৰ কৃতজ্ঞতাৰে সকলোৰে মন আকৌ এবাৰ মুহি নিলে।

        আজি মোৰ শিৰাই শিৰাই মাথোঁ তুমি

         মোৰ উশাহত,মোৰ নিশাহত মাথোঁ

                     তুমিয়েই তুমি।

         তোমাৰ বাবেই মোৰ এই হৃদস্পন্দন

  মোৰ স্মৃতিৰ তুলাচনিত তোমাৰেই যে কলৰৱ।

         মোৰ আবেশত মোৰ আবেগত

                তুমি সুবাস হৈ উৰা

         জালুকবাৰী বহু ভালপাওঁ তোমাক, বহু

  আৰু তহঁতক ,বিচাৰিবি কোনো এদিন প্ৰতিদান।

         মৃত্যুৰে দি যাম তহঁতক মৰমৰ স্বাক্ষৰ।

      উসঃ এই আৰব্ধ পাগল কৰি দিছে সকলোকে তাৰ বাঁহীৰে,তাৰ ভাষণৰে,তাৰ মিঠা মিঠা কথাৰে।ইলেকচনৰ প্ৰচাৰৰ মাজতে কিমান যে জুনিয়ৰ তাৰ প্ৰেমত পৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰি সি আগুৱাই আহিছে স্বাতী, আৰোহীহঁত ৰৈ থকা ফালে।স্বাতীয়ে শাস্বতৰ ফোন আহিছে বুলি আঁতৰি দিলে। আৰোহী অকলে ৰৈ থাকিল সেই ঠাইত।

*Thank you

*Welcome কিন্তু কিয়?

*এইকেইদিন মোৰ সাহস হৈ  প্ৰতি মুহূৰ্তত মোৰ সঙ্গ দিয়াৰ বাবে।

*হ'ব দে,বন্ধুৰ বাবে এইয়া সাধাৰণ।

            দুয়োটা আকৌ আগৰ দৰেই ইজনে সিজনৰ কাষ চাপিছিল।আজিকালি আৰব্ধৰ দায়িত্ব বাহিল GS হ'ল।বহু ছোৱালী তাৰ আশে পাশে থকা হ'ল বিভিন্ন কামৰ তাগিদাত।স্বাতীৰ এনে লাগে আৰোহীয়ে যেন অলপ হ'লেও অন্য হাজাৰজনীৰ দৰেই জ্বলন অনুভৱ কৰিছিল মাথোঁ প্ৰকাশ নকৰিছিল।আৰব্ধ সুখী আছিল, দায়িত্ব বাঢ়িছিল তাৰ।কিন্তু দায়িত্বৰ মেৰপাকত সি আৰোহীক অৱহেলা কৰা নাছিল।ক্লাছত লগ পোৱাৰ উপৰিও ৰাতি সদায়েই এবাৰ হ'লেও ফোন কৰি তাইৰ খবৰ লৈছিল।সি কেতিয়াবা ফোন কৰা পলম হ'লে আৰোহীয়ে নিজেই আজিকালি খবৰ লৈছিল।তাই কি ভাৱে কি কৰে তাই নিজেই একো ধৰিব নোৱাৰে।

       শাস্বতো ক্ৰমান্বয়ে সুস্থ হৈ আহিছিল।ক্লাছলৈ সিও আহিবলৈ লৈছিল।এইবাৰ খালি ঘৰৰ পৰা অহা যোৱা কৰিছিল।স্বাতীৰ জীৱনো যেন এক নতুন পৰিক্ৰমাৰে আগুৱাইছিল।এদিন তাইক আচৰিত কৰি সিহঁতৰ এম বি এ ডিপাৰ্টমেন্টৰ প্ৰগেম এটাৰ বাবে তাইলৈ অফাৰ লৈ আহিছিল।এই কেইমাহ তাই প্ৰগেম কৰা বাদ দিছিল, ভবাও নাছিল শাস্বতে এনেকৈ নিজে তাইলৈ এই সুবিধাকণ আনিব বুলি।আচৰিত নহৈ আনন্দবোৰ তাইৰ মুখমণ্ডলত সিঁচৰিত হৈ পৰিছিল।এইটোৱেই শাস্বত,তাইক খং,অভিমানৰ লগতে মৰমৰ আকুলতাৰে আৱৰি ৰখা তাইৰ মন দাপোনৰ মানুহজন।যিমান আশাৰে সি খবৰটো কঢ়িয়াইছিল সিমান বেছি প্ৰত্যাশাৰে তাই গ্ৰহণ কৰিছিল।আকৌ আৰম্ভ কৰিছিল তাই প্ৰগেম কৰা।শাস্বত সদায় থাকে তাইৰ প্ৰগেমৰ অডিয়েঞ্চ হৈ।বেছি ৰাতি হ'লে হোষ্টেলতে থাকি দিছিল সি।সিহঁতৰ কাজিয়া বোৰ কিন্তু চলিয়েই আছিল সৰুসুৰাকে।কাজিয়া নহয় থিক অভিমান।ইয়াৰ মাজতে দুয়ো দুয়োৰে হৈ ৰৈছিল।

         পূজাৰ সময় পাইছিলহি, সকলোৰ মনবোৰ শাৰদী ৰাণীৰ আগমনত উৎফুল্লিত হৈ পৰিছিল।স্বাতী আৰোহীহঁতৰো হিয়া সাতখন ,আঠখন হৈছিল।এদিন শাস্বতে তাইক ফোনত ক'লে----

* তোমাৰ ঘৰলৈ গৈ তোমাৰ হাত খোজা এই এবছৰেই হ'বৰ হ'ল ,গতিকে এনিভাৰছেৰিটো পাতিবই লাগিব।এইবাৰ কিন্তু মোক ডাঙৰ গিফ্ট লাগিব।

      জানে স্বাতীয়ে তাৰ বাৰ্থডেও পৰে নৱমীৰ দিনা।যোৱা বাৰ অষ্টমীৰ দিনাই শাস্বতহঁত সপৰিয়ালে সিহঁতৰ ঘৰলৈ গৈছিল।স্বাতীয়ে প্লেন বনায়ে থৈছে পূজাৰ বজাৰ কৰিবলৈ যাওঁতেই শাস্বতলৈও গিফ্ট এটা কিনিব লাগিব।তাইৰ বাৰ্থডেৰ দিনটো সি যিদৰে স্মৰণীয় কৰি তুলিছিল তায়ো কৰি তুলিব।মাত্ৰ পূজাৰ বন্ধটো হৈহে দিগদাৰ হ'ল।সেইকেইদিনতে ঘৰলৈ নগ'লে সিহঁতৰ ঘৰলৈ যোৱাও নহ'ব আকৌ ঘৰলৈ নগ'লেও হোষ্টেলটো কোনো নাথাকে।এইবাৰ আকৌ এনিভাৰছেৰিও আহিল।শাস্বত যিহে 'হোষ্টেলত থাকিব নোৱাৰা যেতিয়া আমাৰ ঘৰতে থাকিবা' বুলি ক'ব।সমাজৰ নিয়মৰ কথাটো সি চিন্তা নকৰে।

             স্বাতীৰ মাকে তাইক কৈয়েই থাকে 'গুৱাহাটী বুলি তাৰ ঘৰলৈ তোৰ অবাধ  বিচৰণ,আমাৰ ইয়াত হ'লেটো সেইবোৰ সম্ভৱেই নহয়।'

      আৰোহীৰ লগত তাই প্লেন বনাই থৈছে পূজা বন্ধৰ এসপ্তাহ মানৰ আগত সিহঁত ফেন্সি যাব,সকলো বস্তুৰে সেইকেইদিনৰ ফেন্সি আৰু ধুনীয়া হৈ পৰে।ভিৰৰ কোবত মানুহ লৰচৰ হ'বলৈ ঠাই নোহোৱা হয়।তথাপিও ফেন্সিখন সিহঁতৰ আপোন।লাগ বুলিলেই কিবা এটা বস্তুৰ বাবে সিহঁত ইয়ালৈকে দৌৰে‌।কাপোৰৰ পৰা ফুলি খাৰু আৰু কত যে কি।প্ৰায়ভাগ তাই শাস্বতৰ লগতেই আহে,আৰোহীৰ দৰকাৰী বস্তু থাকিলেহে তাই আৰোহীৰ লগত আহে।তাকো আজিকালি বাহানা বনাই আৰব্ধক পঠিয়াই দিয়ে।এইবাৰ স্বাতীয়েই আৰোহীক লগ ধৰিছে শাস্বতৰ বাবে গিফ্ট কিনাৰ কথা আছে যে।

        এদিন ক্লাছৰ পৰা সিহঁত সোনকালে ওলালে স্বাতী,আৰোহী,মৃণালী, সুনীতা, নিবে।.      

     গোটেইকেইজনী হোষ্টেলত লগ হৈ ফেন্সি যোৱাৰ কথা।গোটেই কেইজনীয়ে পূজাৰ কাপোৰ কিনিব।শাস্বতক কোৱা নাই।গম পালেই চাৰপ্ৰাইজ হৈ নাথাকিব।কালিয়েই ফোন কৰি সি লগ ধৰিছিল পেন্টালুনছলৈ,তাইক পূজাৰ গিফ্ট দিবৰ বাবে।কিন্তু আগতেই সিহঁতৰ প্লেনিংটো হৈ থকাৰ বাবে তাই শাস্বতৰ প্ৰগেমটো পিছুৱালে।হোষ্টেলৰ পৰা ওলাই গোটেই কেইজনী চিটি বাছৰ ফালে গ'ল।আহিলেই নহয় শাস্বতৰ ফোন

*ক'ত আছা?

*হোষ্টেলত।

*কি কৰি আছা?

* অলপ ন'টছ লিখিব আছে তাকেই লিখি আছোঁ।বেলেগ ক'লে যদি লগ ধৰো বুলি কয় সেয়ে মিছাকে ক'লে।

*OK লিখা  বুলি কৈ ফোনটো সি থৈ দিলে।

          চিটি বাছলৈ ৰৈ আছে সিহঁত।কেৱল বাছ চাইছে সিহঁতে, খালী বাছ।ইমান গৰমত বহিবলৈ নেপালে কেনেকৈ যাব ইমান দূৰ। বাইকখন আহি স্বাতীৰ সন্মুখতে ৰৈছিলহি।

*ন'টছ লিখি আছা এইয়া।

* নহয় মানে পূজাৰ বজাৰ কৰিবলৈ ইহঁতে ইমান লগ ধৰি আছিলে সেয়ে গুচি আহিলোঁ।

*OK ,no problem. But why you lied to me ?

       একো ক'ব পৰা নাই তাই।ক'লেই চোন চাৰপ্ৰাইজ হৈ নাথাকিব।আৰোহীয়ে মাত লগালে।

*এই নাহেই মইহে জোৰ কৰি লৈ আহিছোঁ দাদা,তাই ন'টছেই বনাই আছিল।আমিহে জোৰ কৰি আনিলোঁ।আমাক কৈছেই আপুনি লগ ধৰিছিল আজি ,নাযাওঁ বুলি কৈছিল আপোনাক এতিয়া আমাৰ লগত আহিলে আপুনি বেয়া পাব।সেয়ে কোৱা নাছিল।
     
*শিকাই আনিছে একেবাৰে । কৈয়ে সি নৰ'ল।বাইক চলাই আকৌ গুছি গ'ল সি।

* আকৌ এখন খণ্ডযুদ্ধ ---আৰোহীয়ে ক'লে ।

          যি হয় হ'ব বুলি স্বাতীয়ে এইবাৰ একো নাভাবিলে।গোটেই কেইজনীৰ লগত পূজাৰ বজাৰৰ বাবে চিটি বাছত উঠিল।বান্ধৱীৰ লগত বজাৰ কৰিবলৈ যোৱাৰো যে আছে এক সুকীয়া মাদকতা।সৰুৰে পৰা সিহঁতে মাক দেউতাকৰ লগত যায় পূজাৰ বজাৰ কৰিবলৈ।হাইফাই দোকানৰপৰা নিকিনিলেও এই সৰুসুৰা দোকান বোৰত দৰ দাম কৰি ইযোৰৰ পিছত সিযোৰ ওলিয়াই ৰং পচণ্ড কৰি কাপোৰ কিনাৰ মাদকতাই সুকীয়া।শাস্বতে কেৱল সেই ডাঙৰ ডাঙৰ মলবোৰলৈ নিয়ে।বিচৰা মতে কাপোৰো নাপায়, দৰ দামো মাৰিব নোৱাৰি, থকা কেইযোৰৰ পৰা এযোৰ চিলেক্ট কৰি লৈ আনিব লাগে।কেতিয়াবা বেলেগ কথা, কিন্তু সদায় ভাল নালাগে তাইৰ।সেয়ে তাৰ কথা নাভাবি তাই এই সময়কণ লগৰকেইজনীৰ লগত  কটাব খোজে।ফোনটোৰ মেছেজ ট'নটো বাজি উঠিল।চেক কৰিলে স্বাতীয়ে।শাস্বতৰ মেছেজ।

* এতিয়াও  মোৰ স্থান সদায় তোমাৰ বন্ধুৰ পিছতেই।

 *   😉
             একো বিশেষ নকৈ স্মাইলীটো পঠিয়াই দিলে স্বাতীয়ে।আজি শাস্বতৰ কোনো কথাই তাইক নিজৰ পচণ্ডৰ কাম কৰাৰ পৰা ৰাখিব নোৱাৰে।পিছৰ পৰিণতি পিছত দেখা যাব।এই সময় তাইৰ নিজৰ ভাল লগাবোৰ কৰাৰ।নিজৰ মতে জীয়াই থকাৰ।শাস্বত তাইৰ প্ৰেমিক তাই ভলপায় সঁচা, কিন্তু সিমান সমানেই তাই নিজক ভালপায়,তাইৰ নিজস্ব সত্বাক ভালপায় ।

 খণ্ড-----২৮

              চিটি বাছৰ পৰা নামিয়েই সিহঁত বজাৰৰ ভিতৰলৈ গ'ল।মানুহৰ ভিৰ চৌপাশে।সকলোৰে পূজা লাগিছে।চকু ফুৰাই গৈছে সিহঁতে ফুটপাথৰ দোকান বোৰত,সিহঁতৰ পচণ্ডৰ কিবা পায়েই বা।প্ৰথমে সিহঁতে কাপোৰ চালে।নতুন নতুন ডিজাইনৰ কাপোৰেৰে ফেন্সি ভৰি পৰিছে।এইবাৰ সিহঁতে নিজৰ লগতে ঘৰৰ সকলোৰে পূজাৰ বজাৰ সিহঁতে ফেন্সিৰ পৰাই কৰিব।ভায়েক ভনীয়েক হঁতে লিষ্ট দিয়ে দিছে,কি কি লাগিব সিহঁতক।গুৱাহাটীৰ পৰা পূজাৰ কাপোৰ নিম বুলি কওঁতে সিহঁত ফূৰ্তিতে ক'ব নোৱাৰা হৈ আছে।সুধিয়েই আছে কাপোৰ কিনিলেনে নাই।সেয়ে গোটেই কেইজনীয়ে ঘৰৰ পৰা এইমাহত পইচা বেছিকৈ লৈছে।এখনত যদি ৰং পচণ্ড হোৱা নাই, আনখনত দৰে দামে মিলা নাই।এনেকৈ কেইবাখনো দোকান ঘূৰি ঘূৰি সিহঁতে নিজৰ বস্তুবোৰ পচণ্ড অনুসৰি ল'লে।কাপোৰৰ পিছত এইবাৰ আহিল খাৰু,ফুলি,চেণ্ডেলৰ বজাৰ।যদিও কাপোৰ বোৰ ভিতৰৰ দোকানৰ পৰা ল'লে কিন্তু বাকীবোৰ সিহঁতে ফুটপাথৰ পৰা কিনিব।ফুটপাথত দহ টকাতে পোৱা বস্তু বোৰ দোকানত এনেয়ে পঞ্চাশ, এশ টকা লয়।ড্ৰেছৰ ৰঙৰ লগত মিলাই স্বাতীহঁতে ফুলি, খাৰু বিচাৰি আছে।দহ টকা বুলি কৈছে যদি সুনীতাই আকৌ পাঁচ টকালৈকে কমায়।বাকীকেইজনীৰ হাঁহিও উঠে।

* বজাৰ হৈছেগৈ নে?

       স্বাতীৰ কাণৰ ওচৰতে সোধা প্ৰশ্নটোত স্বাতী চক খাই উঠে।ঘূৰি চাই দেখে শাস্বত।অথনিৰ ড্ৰেচতে।মানে সি এতিয়াও ঘৰলৈ যোৱাই নাই।

* তুমি, তুমি ইয়াত কেনেকৈ?

*কিয় আহিব নালাগিছিল নি?বেয়া পালা নেকি অহা দেখি ? ভাবিলোঁ বান্ধৱীৰ লগতনো কেনেকৈ বজাৰ কৰে শিকোঁ।

* শিকিলা এতিয়া।

* ও অথনিৰে পৰা চাই আছোঁ গোটেই
 কেইজনীকে।মোলৈহে কাৰো চোৱাৰ আহৰি নাই ।পূজাৰ কাপোৰ হৈ গ'ল মানে,এতিয়া পিন্ধাৰহে কথা।

*নাই  আৰু দুটামান আছেই।

*আঠ বাজিলেইচোন,সেই দুটাতে অহা মানুহ।সেই কাৰণে মই ইয়ালৈ নাহো।সোমালে ওলাব নোৱাৰি।কিন্তু আমাৰ বাইদেউৰ আকৌ ইয়াতহে চকু।আগলৈ মানে মই ইয়ালৈকে আহিব লাগিব।

* এতিয়া আমি চিনিয়ৰ ন? প্ৰিফেক্টক কৈ আহিছোঁ দেৰি হ'ব বুলি ---নিবেদিতাই ক'লে।

* মোৰ লগত নাহিলেও নাই, মই কাকো বাধ্য নকৰাওঁ।মাথোঁ মই আহিলে কাজিয়া নকৰিলেই হ'ল---স্বাতীয়ে ক'লে।

*  হ'ব মোৰ গোঁসানী, কাইলৈ তেন্তে আকৌ ইয়ালৈকে আহিম।

*কিয়?

* পেন্টালুনছ যোৱাটো কেনচেল কৰিলোঁ তুমি বেয়া পোৱা যেতিয়া।

*মই বেয়া পাওঁ বুলি তুমি কেনকৈ গম পালা,মইটো তোমাক কোনোদিন কোৱা নাই।

*অভিজ্ঞতাই শিকাইছে আৰু আজি তোমাৰ ফাঁকিয়ে।

* ইয়াত মোৰ পচণ্ডৰ আজি চাই চাই ললোৱেই।গিফ্টটো পেন্দিং থাকক পিছত ল'ম।

          স্বাতীৰ ভিতৰি ভিতৰি টেনচনো হ'ল।

শাস্বতৰ গিফ্ট যে কিনাই হোৱা নাই এতিয়ালৈকে।সি থাকিলেটো আজি কিনাও নহ'ব।শাস্বতে গোটেইকেইজনীকে চাহ খাবলৈ লগ ধৰিলে।চাহৰ নাম শুনি গোটেই কেইজনী ৰ'ব নোৱাৰা হ'ল।এনেও খোৱাৰ কথাই আছিল বজাৰ কৰি।তাৰ বাবে গিফ্ট কিনাটো স্বাতীৰ এইবাৰ নহ'ল।চাহ তাহ খাই গোটেই কেইজনীক চিটি বাছত উঠাই শাস্বত ঘৰলৈ গ'ল।

* কি পাগল এই শাস্বত? আৰোহীয়ে ক'লে

*কিয় কি হ'ল? মৃণালীয়ে সুধিলে

* মইটো ভাবিছিলো দুয়োটাৰে মাজত দুদিনমানলৈ পোৰা মান অভিমান চলিব।কিন্তু আচৰিত কৰি আজি সি আমাৰ পিছে পিছে ঘূৰি ফুৰিছে।কোন যাব এনেকৈ ।

* হয় দে  ।নভবাকৈয়ে এবুকু মৰম ওপচি পৰিল স্বাতীৰ।তাইতো দুদিনমানলৈ সি নামাতিব বুলিয়েই ভাবিছিল।প্ৰকৃততে শাস্বতৰ আজিৰ এই পৰিৱৰ্তন তাইৰ কল্পনাৰো বাহিৰত।

       পিছদিনা আকৌ শাস্বতৰ লগত বজাৰলৈ গ'ল তাই।সি সুধিছে ক'লৈ যাবা কোৱা ,তোমাৰ গিফ্ট,তোমাৰ পচণ্ড অনুসৰি যিখন দোকানৰ পৰা কিনা কিনি লোৱা, মোৰ আপত্তি নাই।কালিটো চেলৱাৰ ল'লা,এইবাৰ জিন্সকে লোৱা

* নালাগে পূজাত মই ঘৰলৈ যাম,তাত  পূজা চাবলৈ জিন্স পিন্ধি গ'লে মানুহে হাঁহিব।

* তেতিয়াহ'লে কি লাগে কোৱা?মায়েও পইচা দিছে বোৱাৰীয়েকক পূজাত ভাল কিবা এটা কিনি দিবলৈ কৈছে।

* তুমি যিখন দোকানলৈকে নিয়া যাম ব'লা।

       গ'ল সিহঁত ফেন্সিও নগ'ল,পেন্টালুনছলৈও নগ'ল।এইবাৰ লৈ গ'ল গণেশগুৰিৰ ফালৰ দোকানবোৰলৈ।কি কিনিম কি নিকিনিম ভাবি ভাবি তাই লং ফ্ৰক এটা কিনি ল'লে।শাস্বত সুখী হ'ল,আনকমন ড্ৰেছ এযোৰ ল'লে তাই।শাস্বতৰ মতে চেলৱাৰ, স্কাৰ্টনো আৰু কিমান পিন্ধা পূজা বুলি কিবা নতুন লোৱা।

        স্বাতীৰ শাস্বতলৈ কিনিবলৈহে অলপো সময় নহ'ল যোৰহাটতে গৈ কিনিম বুলি ভাবি থ'লে।যোৱাৰ আগদিনা আৰব্ধই দুয়োজনীকে এযোৰ এযোৰ কাণফুলি উপহাৰ দিলে।স্বাতীৰ মনত পৰিল আদিয়ে আৰোহীৰ লগতে কেতিয়াবা তাইলৈ দিয়া উপহাৰ কেইটিলৈ।স্বাতীয়ে তালৈ কিনি থৈছিল এটা পাৰফিউম।উপহাৰটি তায়ো আগবঢ়াই দিলে।আৰোহীয়ে দেখি  সেমেনাসেমেনি কৰিলে।

*মোৰহে একো এটা কিনা নহ'ল।পিছত দিম দেই তোক।

* মৰম থাকিলেহে কিনিবা ,স্বাতীৰ আছিল বাবে কিনিলে।ইয়াতে প্ৰমাণ মোৰ  প্ৰতি কাৰ কিমান মৰম।

* ও হয় দে শাস্বতক কবিচোন এই মৰমৰ কথা দেখুৱাই দিব---আৰোহীয়ে ক'লে।

*কিয় আকৌ কিবা হ'ল নি?

* নাইহোৱা  হ'বলৈ আৰু বেছি দিন নাই। পলে শাস্বতলৈ গিফ্ট কিনাই নাই আৰু তোক দিয়া গম পালে সোদাই এৰিব তাইক।

      হাঁহি দিলে গোটেইকেইটাই।

      ঘৰলৈ অহাৰ আগদিনা তাই শাস্বতহঁতৰ ঘৰলৈ গ'ল।মাকে মাতিয়েই আছে,পূজাতটো নাপামেই আহিবাচোন কথা আছে বুলি।সেয়ে তাই যোৱাৰ আগত তেওঁৰ ওচৰৰ পৰা আহিলগৈ।মাকৰ চিন্তা পুতেকক লৈ। আজিকালি সি বেছি জেদী হৈছে আগতকৈ, খঙটোও বেছি হৈছে।ভবিষ্যতকলৈ চিন্তিত হৈছে সি।একো এটা কৰিব নোৱাৰিলে স্বাতীৰ কি হ'ব বুলি চিন্তিত হয় সি।স্বাতীয়ে জানে এইকথা।তথাপিও তাই এই সম্পৰ্কে ইমান চিন্তা নকৰে।দুয়োঘৰৰ সন্মতি আছে যেতিয়া তাই অপেক্ষা কৰিব সি সফল হোৱালৈ আৰু তায়োটো পঢ়া শুনা কৰিছে।নিজৰ ভৰিত থিয় হ'ব পৰাকৈ নিশ্চয় তায়ো এদিন সক্ষম হ'ব।

* তুমি যদি বেয়া নোপোৱা মই কথা এটা ভাবিছোঁ স্বাতী।তোমাৰ সন্মতি হ'লেহে মই আগবাঢ়িম ।এই কথা মই বাবাকো কোৱা নাই আনকি দেউতাককো।

*কি কথা মা,কওঁকচোন।

*অষ্টমী তিথিতেই যোৱাবাৰ তোমালোকৰ ঘৰলৈ গৈছিলোঁ, এইবাৰো যদি গৈ সম্পৰ্কটোৰ এটা নাম দি থওঁ।

*কি নাম মানে?

* মানে এইবাৰ যদি তোমাক ই আঙুঠি পিন্ধাই থৈ আহে ,তোমাৰ কিবা আপত্তি থাকিব নেকি?

      আচৰিত হয় স্বাতী।তাইটো এই সম্পৰ্কে একো ভবাই নাই।

*এইবাৰ যাবলৈ দিয়ক মা,মোৰ মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট হ'ব দিয়ক।আপুনি এইবোৰ একো চিন্তা নকৰিব।মই শাস্বতক বুজাম।

           মানুহগৰাকীয়ে হ'ব দিয়া বুলি কৈ ওলাই গৈছিল তেওঁৰ মিটিং এখন থকাৰ বাবে।দেউতাক নাছিলেই বজাৰৰ ফালে গৈছিল।শাস্বতে ৰুমতে সোমাই গান শুনি আছিল।মাকক চিঞৰি আছে চাহ লাগে তাক।স্বাতী আহিলে মাকে তাক পাহৰি যায় বুলি তাৰ সদায় আপত্তি ।মাকৰ দেৰি হোৱাত স্বাতীকে চাহ কাপ দিবলৈ কৈ থৈ গ'ল,সহায়িকা ছোৱালীজনীও ঘৰলৈ গ'ল।চাহ দুকাপ বনাই তাই শাস্বতৰ ৰুমলৈকে লৈ গ'ল।

* বাহ আজি বোৱাৰীয়ে চাহ বনাইছা নেকি ? আনা আনা মোৰ বিৰাট মূৰ বিষাইছে।

          দুয়োটাই ইটো সিটো কথা পাতি চাহ খালে,স্বাতীয়ে কাপ দুটা ধুবলৈ যাওঁতে কৈ থৈ গ'ল

* যাওঁ ব'লা দেৰিয়েই হ'ব।মোক থৈ আহাগৈ।পেকিং কৰিবলৈ আছেই।

* এনেকৈ কেনেকৈ যাবলৈ দিম,বাৰ্থডেতটো নাথাকা গতিকে বাৰ্থডে গিফ্ট লৈহে যাবলৈ দিম।

*কিন্তু মই যে একো অনা নাই।পূজাতহে কিনিম যোৰহাটত,গুৱাহাটীৰ বস্তু তুমি লৈয়েই থাকা,এইবাৰ যোৰহাটৰ ল'বা সেয়ে।

         স্বাতীয়ে ইতিমধ্যে কাপ ধোৱা আৰম্ভ কৰিছেই।সি তাৰ থিক পিছতে থিয় হ'লহি।স্বাতীৰ দেহত তাৰ নিশ্বাস তাই অনুভৱ কৰিলে।ভয় লাগিল তাইৰ।সি পিছফালৰ পৰা তাইক সাৱটি ধৰিলে কাণৰ কাষত লাহে লাহে কৈ গ'ল

* বাৰ্থডে গিফ্ট মোক আজিয়েই লাগিব।দিবা নে নাই?

* এৰা না,কোনোবা আহিব।বাৰ্থডে গিফ্ট  দিমটো মই, বাৰ্থডেৰ দিনা তুমি পালেইটো হ'ল।এৰা এতিয়া।

           স্বাতীৰ সৰ্ব শৰীৰত এক উত্তজনাৰ সৃষ্টি হ'ল।ভুল কৰিছে তাই।সেই আৰোহীয়ে কৰা ভুলটো।নাই, নাই তাই সেই ভুল কৰিব নোৱাৰে।তাই আৰু এজনী আৰোহী হ'ব নোৱাৰে।লৰালৰিকৈ হাতটো ধুই তাই শাস্বতৰ বাহু বন্ধনৰ পৰা মুক্ত হ'ব বিচাৰিলে।ঘৰত কোনো নাই, যি বিশ্বাসত মাকহঁতে তাইক এৰি দিছে,যি বিশ্বাসত শাস্বতৰ ঘৰৰ মানুহে সিহঁতক অকলে এৰি থৈ গৈছে তাই সেই বিশ্বাস ভাঙিব নোৱাৰে।কিন্তু তাই হাত দুখনৰ বন্ধনৰ পৰা মুকলিও হ'ব পৰা নাই।শাস্বতে এইবাৰ তাইক ঘূৰাই দিলে।দুয়ো দুয়োৰে মুখামুখি হৈ পৰিল।এইবাৰ ভয়তকৈ তাইৰ লাজটোৱে আৱৰি ধৰিলে।

*দিয়া আকৌ

*কি দিম,একো অনা নাই।

*তোমাক মই কিনা বস্তু দিবলৈ কোৱা নাই।এইখিনি সময়ত তুমি মোক বিনা খৰচতে দিব পৰা বস্তুটোৰ কথাহে কৈছোঁ। দিয়া।নে মই দিলেহে তুমি দিবা।

*তুমি দিলাটো মোক গিফ্ট আৰু নালাগে।

*মোৰ মন গৈছে বুলি সি তাইৰ গালখনত এটা চুমা আঁকি দিলে।

    *     এনেকৈ দিলেই হ'ব  দিয়া।

           কলিং বেলটো বাজি উঠিল।লগে লগে শাস্বতৰ বান্ধোন শিথিল হৈ পৰিল।দৌৰি দৌৰি স্বাতী দৰ্জা খুলিবলৈ গ'ল লগতে কৈ গ'ল

* বাৰ্থডেৰ দিনা দিম।

*সেইদিনা কিন্তু সূতেমুলে লাগিব।

           দেউতাক অহাৰ পিছত শাস্বতে তাইক হোষ্টেলত থৈ গৈছিল।নমাৰ সময়ত সি আকৌ কৈছিল

*বাৰ্থডেৰ দিনা কিন্তু সূতেমুলে লাগিব।

        পিছদিনা পুৱাই সিহঁত ঘৰলৈ বুলি যাত্ৰা কৰিছিল।স্বাতীয়ে মনতে ভাবি গৈছিল এইবাৰ মাকক কৈ মেলি শাস্বতৰ বাৰ্থডেৰ দিনা গোটেই কেইটা তাৰ ঘৰলৈ আহিব।খবৰ নিদিয়াকে।তাৰ বাবে এইটো জানো কম চাৰপ্ৰাইজ হ'ব।

           কিন্তু কোনে জানিছিল উ‌ৎসৱৰ ইমান উল্লাসৰ মাজত সিহঁতৰ বাবে ৰৈ আছিল আন এক দুসংবাদে।


খণ্ড------২৯

           দুয়োজনীৰ মনটো ফূৰ্তিতে সাতখন,আঠখন হৈছিল।নিজৰ ঠাইৰ পূজাত পূজা চোৱাৰ মজাই বেলেগ।দুয়োজনীয়ে সদায়  গাঁৱৰ পূজা ভাগত অষ্টমীৰ দিনা পুৱাই সেৱা কৰিবলৈ আহে,তাতে দুপৰীয়া ভোগ খাইহে সিহঁত ঘৰলৈ যায়।আবেলিলৈ সৰু থাকোঁতে মাকহঁতৰ লগত টাউনৰ পূজা চাবলৈ আহে।ৰাতি টাউনৰ পূজা চোৱাৰ মজাই বেলেগ।সৰুতে বেলুন কিনিবৰ বাবেই সিহঁতে পূজালৈ আহে।এবাৰ আদিৰ লগতো দুয়োজনীয়ে পূজা চাইছে।আজিকালি লগৰখিনিৰ লগতেই সিহঁতে পূজা চাই।একেবাৰে জে পি আৰৰ পৰা ষ্টেচন,দেৱালৰ পূজা সিহঁতৰ আঙুলিৰ মূৰত।পূজা চাই ভালকৈ খাই বৈ নল'লে পূজা চোৱা সম্পূৰ্ণই নহয়।জাগীৰোড পাওঁতেই আৰোহীয়ে স্বাতীক ক'লে

* পল,এইবাৰ যদি পূজাত আদি যোৰহাটলৈ আহে।

*আমেৰিকাত আমাৰ ইয়াৰ নিচিনাকৈ পূজাৰ বন্ধ নিদিয়ে।আহিলেটো ভালেই,কথাবোৰ খোলাখুলি হ'ব।

           একো নক'লে তাই।আমনিত চাহ তাহ খাই আকৌ আৰম্ভ কৰিছে সিহঁতৰ যাত্ৰা।কাজিৰঙাৰ সেউজীয়াবোৰৰ মাজত সিহঁতে চাইছে গঁড়, হৰিণ কেইটাক।গোটেই ৰাস্তাটোত সিহঁতৰ এইকণ ঠাইয়েই গৈ ভাল লাগে,প্ৰকৃতিৰ সেউজীয়াবোৰৰ মাজত বিলীন হৈ যাব খোজে সিহঁত।প্ৰায় ছয়,সাতঘন্টা মানৰ মূৰত সিহঁতে যোৰহাট টাউন পালেগৈ।এতিয়াও বাকী আধাঘন্টাৰ বাট।অটোৰিক্সালৈ ৰৈ আছে দুয়োজনী।

* পল, সৌটো আদি বাইকত।

       স্বাতীয়ে ইফালে সিফালে চাইছে,নাই তাই নাইদেখা।

* যোৰহাট  সোমাইছহে তোৰ ভ্ৰম বকা আৰম্ভ হ'লেই।সিনো কিয় আহিব ইয়ালৈ আৰু আহিলে জানো খবৰ নাপাবি,সি নিদিলেও আমাৰ লগৰবোৰেতো দিলেহেঁতেন।

*মোৰটো তাক চিনি পোৱাত ভুল নহয় পল,মই থিকেই দেখিছোঁ।

        হ'ব অটো আহিল উঠ বুলি দুয়োজনী অটোত উঠি ল'লে।এইবাৰ অটোত উঠি লৈ আৰোহীৰ লক্ষ্য হৈ পৰিল আদিৰ ঘৰৰ দিশে।সিহঁতৰ ঘৰলৈ যোৱাৰ পথতেই আদিৰ ঘৰ।সি নাথাকিলেও তাই আহোঁতে যাওঁতে সদায় চাই ঘৰটোলৈ।তাইৰ সপোনৰ ঘৰখনলৈ।এইবাৰ স্বাতীৰো দৃষ্টি নিক্ষেপ হ'ল আৰোহীৰ দিশে।

* হয় হয় সি আদিয়েই।সৌটো বাইকৰ পৰা নামিছে  --আনন্দত আৰোহীয়ে চিঞৰি উঠিল।

            স্বাতীয়েও চালে হয় সি আদিয়েই।কিছু দেখাত সলনি হৈছে যদিও চিনি নোপোৱাৰ কথাই নাই।আদিক দেখি আৰোহীৰ কল্পনাৰেই অন্ত নোহোৱা হ'ল।

* সি চাগে মোক চাৰপ্ৰাইজ দিম বুলি ভাবিছে বুজিছ,সেয়ে মোক খবৰ দিয়া নাই।বেচেৰাই গমেই নাপালে মই যে ইতিমধ্যে দেখিলোঁ।মই কৈছিলোঁ ন সি আকৌ ঘূৰি আহিব,তহঁতেহে বিশ্বাস নকৰ।

* সি ঘূৰি আহিব বুলি আমিও জানোঁ, কিন্তু সি ঘূৰি আহিছে কাৰ বাবে সেইটোহে ডাঙৰ কথা।

             আদিৰ কথাৰ মাজেৰেই দুয়োজনী ঘৰ পালেগৈ।আৰোহীয়ে নামিয়েই মাকক সুধিছে---

*আদি আহিছিলনি আমাৰ ঘৰলৈ মা?

*নাই ,নাই অহা,কিয়?

*এনেই সুধিছো বুলি তাই ভিতৰ সোমাই গ'ল।
ঘৰলৈ অহাৰ আনন্দৰ মাজতে আদি নামৰ ৰহস্যটোৱে দুয়োজনীৰ মনতেই সাঁথৰ হৈ থাকিলে।

             পিছদিনা স্বাতীয়ে মাকৰ লগত বজাৰ কৰিবলৈ ওলাই গ'ল।মাকক তাই শাস্বতৰ বাৰ্থডে চাৰপ্ৰাইজৰ বিষয়ে কৈছে।মাকে দেউতাকৰ লগত কথা পাতিব লাগিব বুলি কৈছে।বাটতে গাঁৱৰ চিনাকি মানুহ এগৰাকী ক লগ পালে।কেতিয়া আহিলা,কি খবৰ এইবোৰ প্ৰশ্ন সুধি তেওঁ আৰম্ভ কৰিলে

* তোমাৰ বান্ধৱী যে আৰোহী,এই আমাৰ মাষ্টৰৰ ছোৱালীজনী ,এই যে আমাৰ আদিত্যক ভাল পাইছিল।তাইৰ খবৰ কেনে পিছে?

*ভালেই, কিয় সুধিলে তাকো ইমান বিশেষণ লগাই।

         মাকে হাতটোৰে ইঙ্গিত দিলে,মানে কিয় তেনেকৈ কৈছ।

*নহয় মানে সি আকৌ ফৰেনাৰ এজনী বিয়া পাতিলে নহয় ।একেবাৰে আমেৰিকাৰ ঘৰতে আছে এইকেইদিন।মাকৰ গা বেয়া আছিল যে সেয়ে দুদিনমানলে আহিছে আকৌ যাবগৈ।কালি গৈছিলোঁ ন কইনাক চাবলৈ  ছালটোহে বগা বুজিছা দেখিবলৈ একো ভাল নহয়।তাতকৈ আমাৰ অসমীয়া কিজনীয়ে থিক আছে বুজিছা।

             স্বাতীৰ সেই ঠাইত থিয় হৈ থাকিবলৈও শক্তি নোহোৱা হ'ল।ব্ৰেকআপ নোহোৱাকৈ ডাইৰেক্ট বিয়া,কি আচৰিত।তথাপিও সেই ভাব নেদেখুৱাই তাই কৈ উঠিল

*  তাৰ জীৱন তাৰ কথা, কেনেকুৱা ছোৱালী বিয়া পাতে আৰু আৰোহীয়েটো তাক কেতিয়াবাই পাহৰিলে।তাৰ কথা বহু দিনৰ মূৰত আজিহে শুনিলোঁ।সেই ষ্টেণ্ড কৰা ল'ৰাটোৰ কথা কৈছে ন?

* অ অ ।

           মানুহগৰাকীয়েয়ে শুনিব বিচৰা উত্তৰটো নাপাই সেমেনাসেমেনি কৰি গুচি গ'ল।স্বাতীৰ বজাৰ কৰিবলৈ যোৱাৰ হেপাঁহ নাইকিয়া হ'ল।জানিছিল তাই এনেকুৱা কিবা এটাই হ'ব বুলি ।সাজু কৰিব বিচাৰিছিল তাই আৰোহীকো।কিন্তু তাই,তাইক কেনেকৈ ক'ব এই সকলো কথা।তথাপিও সঁচা কথাবোৰটো তাইক জনাবই লাগিব।মাকক ঘৰলৈ পঠাই তাই আৰোহীৰ ঘৰত সোমাল।বজাৰ, পূজা,বাৰ্থডে সকলো পাহৰিলে তাই‌।

        ফোনত কথা পাতি থকা আৰোহীক  আহচোন ,তোৰ লগত কথা এটা আছে বুলি স্বাতীয়ে আৰোহীক টানি নিয়াদি ৰুমলৈ লৈ গ'ল।

* ৰ,ৰ তোৰ ফোনটো  কি কৰি থৈছ?শাস্বতে ফোন মাৰি আছে তই ৰিচিভ কৰা নাই যে,হো ল কথা পাত।তই নধৰা দেখি মোলৈকে মাৰিছিল।আহিলি যেতিয়া কথা পাত।

*অ' মই থিকেই আছোঁ।তোমাৰ লগত মই পিছত কথা পাতি আছো।ফোন বজা মই শুনা নাছিলোঁ ,Sorry. বুলি কাটি দিলে স্বাতীয়ে ফোনটো। সন্মুখত বহুৱাই ল'লে আৰোহীক---তোৰ লগত মোৰ কথা আছে।

*ক আকৌ।কিবা লাগিলি নেকি শাস্বতৰ লগত,কথাও ভালকে নাপাতিলি?

*নাই লগা,শুন,আদি আহিছে  যে ঘৰলৈ লগত আমেৰিকাৰ ছোৱালী এজনীও আহিছে।

* সি বা মোক এইবাৰ কিয় খবৰ নিদিলে?ঘৰলৈও নাই অহা,তই লগ পাইছ নেকি তাক?

*আদিয়ে বিয়া পাতিলে আৰু লগত অহা ছোৱালীজনী তাৰ পত্নী।

*কোনে ক'লে(হাঁহি হাঁহি)আমাৰ গাঁৱৰ মানুহবোৰ সলনিয়েই নহ'ল বুজিছ,লগত ছোৱালী দেখিবলৈহে পালে পত্নী বনায়েই দিলে।কি যে হ'ব মানুহবোৰৰ।

*চব কথাতে ধেমালি নকৰিবিচোন।মই এঠাইত গম পাইহে কৈছোঁ, মই আদিকো লগ পোৱা নাই, তাৰ ফৰেনাৰ ৱাইফকো।কথাবোৰ যদি মিছাই হ'লহেঁতেন তোকনো সি আহিও কিয় লগ নাইধৰা।আমি ভাবি থকাটোৱেই হ'ল বুজিছ।আদি এতিয়া আমাৰ বাবে আদিত্য হৈয়ে ৰ'ব।

            লগে লগে ফোন লগাইছিল আৰুৱে সিহঁতৰ পুৰণি বন্ধু বিশ্বলৈ।হয় কথাবোৰ, কালি তাৰ ফাৰ্মাচীৰ পৰা মাকৰ দৰৱ কিনিবলৈ আহি সি সকলো কথা কৈ থৈ গৈছে।

           ৰংবোৰ উকা হৈ পৰিছিল।সেউজীয়াবোৰ ক'লা হৈ পৰিছিল।সময় ,সময়ে কাৰ বাবে কি লৈ আহে কোনেও নাজানে‌।কি চৰম বিশ্বাসঘাটকতা।না খাব পাৰিছিল না শুব পাৰিছিল।কিমান ৰাতি উজাগৰী নিশা পাৰ কৰিছিল আৰোহীয়ে,কান্দি কান্দি চকু উখহি গৈছিল।কি পূজা, কি এনিভাৰছেৰি,কি বাৰ্থডে সকলো পানী হৈ গৈছিল।বেদনাবোৰ বৰষুণ হৈ নিগৰিছিল।

          এনিভাৰছেৰি,শাস্বতৰ বাৰ্থডে কেৱল শুভেচ্ছা জ্ঞাপন কৰিয়েই সামৰণি মাৰিছিল।শাস্বতেও কোনো আপত্তি কৰা নাছিল।সিহঁতে ভালেই পাইছিল আৰব্ধৰ বাটৰ কাঁইট নাইকিয়া হ'ল বুলি।

দশমীৰ দিনা স্বাতীয়ে তাইক বুজাই বঢ়াই আৰব্ধই দিয়া ৰঙা কাপোৰযোৰ পিন্ধাই গাঁৱৰ দেৱীৰ ওচৰলৈ সেৱা কৰিবলৈ ওলিয়াই নিছিল।মেৰিয়াই দিছিল তাইক আৰব্ধৰ ৰঙা সাজজোৰে।দলিয়াই পেলা আজিৰ পৰা আদি নামৰ অদৰকাৰী  আৱৰণটো।আৰব্ধ,শাস্বতে আৰোহীক ফোনৰ ওপৰত ফোন কৰি বুজাইছে।আঁতৰি যোৱাজনৰ বাবে তুমি কিয় দুখ কৰিবা।

         দেৱী মাক সেৱা কৰিছে দুয়োজনীয়ে।অপশক্তিবোৰ লৈ যোৱা মা।আৰোহীৰ জীৱনটোত ৰংবোৰ বিয়পাই দিয়া।মানুহৰ সমাগম তেতিয়া কম।আৰোহী বহি আছে বহু সময় দেৱীৰ আগত হাতযোৰ কৰি।স্বাতীয়ে মতা নাই।মাৰ আগত মনৰ কথা বোৰ কৈ পাতলাওক মনটো।আহিবলৈ লওঁতেই সন্মুখত দেখিলে আদি আৰু তাৰ কাষত ঢকঢকীয়া বগা মুখখনত ৰঙা ফোঁট আৰু শেওতাত দীঘলকৈ সেন্দুৰেৰে সৈতে এগৰাকী বোৱাৰী।বুজিলে দুয়োজনীয়ে।সিহঁতক দেখি থতমত খালে সি।স্বাতীয়ে মাত লগালে---

* আদিত্য দা ইমান দিনৰ মূৰত,কি খবৰ?

* ভালেই, ভালেই।

          বোৱাৰী গৰাকীয়ে সিহঁতলৈ চাই ৰৈ আছে, বুজি বাজি একো পোৱা নাই।স্বাতীৰ এনে লাগিল এটা পূৰ্ণ হতীয়া চৰ তাক এতিয়াই সোধাই দিব।

   * আৰু---আৰোহী ভালে আছা?    আদিয়ে সুধিলে।

*  ভাল। একো ক'ব পৰা নাই তাই।

*এ আমাৰ বেবী আজিকালি প্ৰিফেক্ট হ'ল।তুমিটো গমেই নোপোৱা।আজিকালি হোষ্টেলৰ লগতে ইউনিভাৰ্চিটিৰ আধা অধুৰা মালকিনেই আৰু‌।

      সি ঘৈণীয়েকক চাকি জ্বলাবলৈ যাবলৈ ইঙ্গিত দিলে।হয়তো ভয় খাইছে সিহঁতক দেখি।

    * আৰু মোক তোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাব?

* ও ভাবোঁ ।

* আৰব্ধক তোৰ আপোনজন বুলি ভাব?

* ভাবোঁ।নাভাবো বুলি ক'লেহেঁতেন যদিও আদিৰ আগত হয়ভৰ দিলে।

* তেতিয়া হ'লে আমাৰ দুয়োটাৰে শপত ইয়াক এতিয়াই এটা চৰ মাৰ আৰু গোটেই জীৱনলৈ এই পোকটো তোৰ জীৱনলৈ মাৰি পেলা।

       আৰব্ধৰ নামটো নোলোৱাকৈও হ'ল হয় কিন্তু সেইসময়ত আদিৰ আগত সেই নামটোৱেও যেন এক অস্ত্ৰৰ কাম কৰিছিল আৰোহীৰ আত্মসন্মান বজাই ৰাখিবলৈ।

           স্বাতীকো আচৰিত কৰি আৰোহীয়ে আদিক দুখন গালত দুটা চৰ সোধালে।দুয়োজনী গুচি আহিল তাৰ পৰা।পিছত যি হয় হ'ব এতিয়া আমিও কোনো কম নহয়।ইউনিভাৰ্চিটিৰ GS এতিয়া আমাৰ বন্ধু।এতিয়া ভয় নকৰে সিহঁতে আদি নামৰ ল'ৰাটোৰ সেই দম্ভালি মৰা বাপেকটোলৈ।

           দুখবোৰ বুজনিৰ ভাষাত নাই কৰি দিব পৰা হ'লে।সান্তনাৰ এষাৰি মাতত প্ৰাপ্তিৰ এপিয়লা অমৃত পোৱা হ'লে।হায়ৰে জীৱন পাহৰো  বুলিয়েই সি পাহৰি গ'ল,একো নজনোৱাকৈ, একো নোকোৱাকৈ।এয়ে জীৱন ৰোৱা জন ৰৈ থাকে  অগাধ বিশ্বাসৰে,এবুক মৰমেৰে আৰু যোৱা জন গুচি যায় বিশ্বাসবোৰ দলিয়াই, মৰমবোৰ নেওচি।

খণ্ড------৩০

           হৈ যোৱা ঘটনাটোৱে ক্ষন্তেকতে গাওঁ খনৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিল।দুয়োজনীৰ ঘৰত চিন্তা হ'ল কেনেবাকৈ পুলিচ কেছ হয় যদি।স্বাতী নিচিন্ত আছে তাৰ নিচিনা এটাৰ পুলিচলৈ যাবলৈ সাহ থাকিব লাগিব নহয়।কি ক'ব পুলিচৰ আগত,কিয় মাৰ খালে সি।মাকৰ গালি শাস্বতৰ টেনচন,আৰোহীৰ দুখ আৰু আৰব্ধৰ আশ্বাসৰ মাজতে সিহঁতৰ পূজাৰ বন্ধ খোল খালে।ঘূৰি আহিল আকৌ সিহঁতৰ মৰমৰ আনখন ঘৰলৈ মাকহঁতৰ দুগাল তিয়াই।নাকান্দে সিহঁতে আজিকালি, জালুকবাৰী সিহঁতৰ আপোন ঘৰ,আপোন মানুহৰ আবাস।

           গোটেই বাটতো আৰোহীয়ে এটা কথাও নক'লে।আৰব্ধই ফোন কৰি কৰি খবৰ লৈয়ে আছে,শাস্বতৰটো কথাই নাই।জালুকবাৰী পাওঁতে প্ৰায় চাৰিটা মানেই বাজিলে।ৰিক্সাখনৰ পৰা হোষ্টেল গেটৰ সন্মুখত দুয়োজনী নামিল।

*পালিহি?

         ঘূৰি চালে দুয়োজনীয়ে।

* তই,ইয়াত কেনেকৈ?

* কিয় আহিব নোৱাৰি নেকি, তহঁতক চাবলৈ আহিলোঁ।

* তহঁতক বুলি এনেই কিয় কৈছ,  মোক চাবলৈটো তই নাই অহা ।

* হ'ব দে তহঁতে কথা পাত মই যাওঁ বুলি আৰোহী যাবলৈ ধৰে।

        স্বাতী আৰু আৰব্ধই ইটোৱে সিটোৰ চকুলৈ চালে।

* ৰ'বা তোমাৰ ওচৰলৈয়ে মই আহিছোঁ আৰু তুমি যাবলৈ লৈছা,পিছে মোৰ পূজাৰ গিফ্ট কি হ'ল?

* গম পাইছই চোন সকলো,পূজা ক'ত কেনি গ'ল মোৰ এই ধুমুহাৰ মাজত গমেই নাপালোঁ।
*নহ'ব মোৰ গিফ্ট লাগিবই।

*নাই অনা একো, মোৰটো বাদেই পলৰো মোৰ বাবে এইবাৰ পূজা পণ্ড হ'ল।

* মইটো কোৱা নাই কিনি আনি দিবলৈ,ব'লা ইমান দূৰ জাৰনী কৰি আহিছা মাৰ্কেটত চাহ খাই আহোঁ।বেগকেইটা থৈ আহা,মই ৰৈ আছোঁ।স্বাতী তয়ো ব'ল।

* শাস্বত আহিব এতিয়া ,মই যাব নোৱাৰিম।তহঁত দুয়োটাই যাচোন।

*তই নগ'লে মই নাযাওঁ।

* যা অকৰামি নকৰিবি।মোৰ হাতত ধৰি আৰু কিমান যাবি ,এতিয়াৰ পৰা অকলে আগুৱাবলৈ শিক।

           গালি খাই তাই অকণো আপত্তি নকৰাকৈ আৰব্ধৰ লগত মাৰ্কেটলৈ গ'ল।যাত্ৰাৰ  অৱসাদবোৰ সান্ধ্য ভ্ৰমণত বিলীন হ'ল।শাস্বত অহাৰ কথা স্বাতীয়ে এনেইহে ওলিয়াইছিল সিহঁতক একেলগে পঠিয়াবলৈ।আৰব্ধ সুখী আছিল ।এদিন স্বাতীক কৈছিল

*তাই মোৰ হ'বই বুজিছ,মই কৈছিলোঁ নহয় তোক মোৰ প্ৰেম সঁচা হ'লে তাইক মই পামেই।সেয়ে আদিত্য আঁতৰি গ'ল।

*এতিয়াও ইমান সহজ নহয় আৰব্ধ।তাই এতিয়া আদিক ঘিণ কৰিছে সঁচা, কিন্তু এতিয়াও তোক সেই আদিৰ স্থান দিয়া নাই আৰু সেই স্থান পাবলৈ তই বহু কষ্ট কৰিব লাগিব।

           প্ৰিয়জনৰ বিশ্বাসঘাটকতা সময়ৰ বলুকাত স্মৃতি হয় সঁচা, কিন্তু আজীৱন এই স্মৃতি ৰৈ যায় হৃদয়ৰ কোণত এটুকুৰা কটা মঙহ হৈ।তাতে প্ৰথম প্ৰেমৰ কথাই সুকীয়া, সময়ৰ চাৱনিত ই ভটিয়াই গ'লে থানবান কৰি যায় হৃদয়, যি হৃদয় পিছলৈ যোৰা লগোৱাটো হৈ পৰে কঠিন।নোপোৱাৰ বেদনাই জীৱনটো খুলি খুলি খাই।সেই বেদনাত পোৱাবোৰো হেৰাই যায় অজানিতে, অকপটে।

             থাৰ্ড ছেমিষ্টাৰ চাওঁতে চাওঁতে সিহঁতৰ পাৰ হৈছিল।শুকাই যাবলৈ ধৰা লহপহীয়া পুলি এটা পানী পাই ঠন ধৰি উঠাৰ দৰে আৰোহী লাহে লাহে আদিৰ আদৰত পোখা মেলিছিল।হাঁহিবলৈ পাহৰি যোৱা আৰুজনী আজিকালি আৰব্ধৰ কথাত হাঁহে খিলখিলাই।কিমান দিন নাছিল এই হাঁহি তাইৰ মুখত।ইউনিভাৰ্চিটিত যি সকলে নাজানিছিল আৰব্ধৰ প্ৰেমৰ কথা এতিয়া সকলোৰে মুখে মুখে হ'ল।আৰব্ধই তাৰ দায়িত্ববোৰৰ মাজত পঢ়া শুনাও কৰে বহু।ক্লাছত উপস্থিত থাকিব নোৱাৰিলে আৰোহীয়ে তাৰ বাবে এক্সট্ৰা ন'টছ বনাই দিয়ে।তাৰ ব্যস্ততাবোৰৰ মাজত খোৱা শুৱাৰ খবৰ লয়।কতৃত্ব দেখুৱাই তাৰ ওপৰত।হয়তো সংগোপনে সোমাই গৈছিল আৰব্ধ আৰোহীৰ হৃদয়ত।কিন্তু ইয়াৰ মাজতো সুবিধা পালেই আদি নামৰ কীটটোৱে আকৌ কামুৰি যায় তাইৰ হিয়াৰ এডোখৰ।কন্দুৱাই যায় তাইক এসাগৰ মৰমৰ মাজতো। প্ৰথম মৰমৰ স্মৃতিয়ে হুমুনিয়াহ কঢ়ুৱাই।এইয়ে জীৱন হাঁহি, কান্দোন,প্ৰেম, বিৰহ,বিষাদৰ সমষ্টি।স্বাতীয়ে বুজাই----আদিৰ বেয়াবোৰ পাহৰি আৰব্ধৰ ভালবোৰ মনত পেলাচোন।আদিৰ সান্নিধ্যৰ সময়তকৈ আৰব্ধৰ সান্নিধ্যৰ সময়ৰ মাপ যথেষ্ট বেছি।

             আৰব্ধই এতিয়া কোনোদিন তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়া নাই বা মই তোমাক ভালপাওঁ বুলিও কোৱা নাই।এতিয়া সি ব্যস্ত ইউনিভাৰ্চিটিৰ দায়িত্ব পালন কৰাত আৰু নিজৰ জীৱনটো এক শুদ্ধ পথত নিয়াৰ।তাৰ সেই জীয়া সপোনতো এতিয়াও ফুৰে তাৰ পিছে পিছে।মাকক এখন সুন্দৰ ঘৰ দিয়াৰ, নিজকে প্ৰতিষ্ঠা কৰি আৰোহীক নিজৰ কৰি লোৱাৰ।ইটোৱে সিটোক একো নকলেও বুজে দুয়ো দুয়োৰে মনৰ ক'ব নোৱাৰা কথাবোৰ।এদিন স্বাতীয়ে আৰব্ধক সুধিছিল----

*কি হ'ল প্ৰপ'জ চ'পজ নিদিয় নি?

              উত্তৰত সি কৈছিল জীৱনটোৰ আগতে এটা গতি লগাই লও,আমেৰিকালৈ যাব নোৱাৰিলেও নিজৰ ৰাজ্যৰ সিংহকে হৈ লওঁ।তাৰ পিছত হ'ম তহঁতৰ গাঁৱৰ জোৱাই।আৰোহীয়ে যাতে গৰ্ব কৰে ,সিহঁতৰ পৰিয়ালে যাতে সমাজৰ আগত গৰ্বৰে মোৰ নাম ল'ব পাৰে তাৰ সমকক্ষ নোহোৱালৈকে প্ৰপ'জ কৰা কেনচেল।

             বিভিন্ন পৰীক্ষবোৰ সি দিছে।সুখৰ খবৰ সি নেট পাছ কৰিলে।SSC,UPSC  তেনেধৰণৰ বহু সৰ্ব ভাৰতীয় পৰীক্ষা সমূহ সি দিয়ে।শাস্বতো ব্যস্ত।ব্যৱসায় আৰম্ভ কৰিছে সি।এম বি এ কৰাৰ লগে লগে দুই এটা কামত মন দিছে সি।সকলোৰে মুঠতে ভৱিষ্যতৰ চিন্তা।আৰোহীৰ সপোন মাষ্টাৰ ডিগ্ৰী কৰি পি এইচ ডি কৰিব, নিজকে  আদিৰ সমকক্ষ কৰি তুলিব।নিজৰ নামৰ আগত ডক্টৰেট লিখিব।স্বাতীৰ সেইবোৰ নাই।মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট কৰি তাই চাকৰি বিচাৰিব।সৰুৰে পৰা যে এটা সপোনে তাইক খেদি খেদি খাইছে।সৰুতে যে দেউতাকৰ লগত ফৰকাল আকাশৰ তলত বহি ৰেডিঅটোত  শুনিছিল সন্ধিয়া সাত বজাৰ বাতৰি।গলগলীয়া মাতটোৰে যে কয় এইয়া বাতৰি পৰিবেশন কৰিছে------।তেতিয়াৰ পৰাই তাইৰ সপোন ৰেডিঅৰ ভিতৰত সোমাই ক'ব এইয়া সন্ধিয়াৰ বাতৰি পৰিবেশন কৰিছে স্বাতীপল বৰুৱাই।লাহে লাহে ঘৰলৈ অনা ৰঙীন টিভিটো দেখি বাতৰি পঢ়া মানুহৰ মুখকেইখন দেখি আৰু ভাল পালে।সপোনটো আৰু দৃঢ় হ'ল।ইলোৰা গোস্বামী, পঙ্কজ বৰদলৈৰ দৰে তায়ো পৰিবেশন কৰিব কেমেৰাৰ সন্মুখত পুৱা সন্ধিয়াৰ বাতৰি।সেয়ে তাইৰ এই সপোনটো পূৰ হ'লেই জীৱনে পূৰ্ণতা পাব।কোনো এটি চেনেলত সোমাই ল'ব পাৰিলে তাই নিচিন্ত।

          বছৰ বাগৰাৰ লগে লগে উৎসৱবোৰো আকৌ আহিছিল।আকৌ আহিছিল সৰস্বতী পূজা, ভাৰ্চিটি ওইক আৰু অন্যান্য অনুষ্ঠানবোৰ।এইবাৰেই শেষ বুলি দুগুণ উৎসাহেৰে সিহঁতে পালন কৰিছিল সৰস্বতী পূজা আৰু অন্যান্য অনুষ্ঠানবোৰ।স্বাতীৰ প্ৰগেমৰ সংখ্যাও বাঢ়িছিল।মাজে মাজে তাই ইউনিভাৰ্চিটিৰ বাহিৰলৈও নিমন্ত্ৰণ পাইছিল।দিনৰ ভিতৰতে হ'লে তাই যায় ,শাস্বতেই মাজে মাজে লৈ যায়।ৰাতি হ'লে প্ৰগেম কৰাৰ পাৰমিছন নাই শাস্বতৰ পৰাও ,হোষ্টেলৰ পৰাও।মাজে মাজে দূৰদৰ্শনটো এভুমুকি মাৰে।মাকহঁতে দেখি সুখ পায়। কেতিয়াবা কেতিয়াবা শাস্বতক সময় দিবলৈও তাইৰ সময়ৰ নাটনি হৈছিল।

             এদিন এনে এটি প্ৰগেমতে লগ পাইছিল সমীৰণ চৌধুৰীক।প্ৰগেমটোৰ অৰগেনাইজাৰ আছিল তেওঁ।সেই সংক্ৰান্তত কেইবাবাৰো সিহঁতৰ ফোনত কথা পতা হৈছিল লগো হৈছিল।এদিন স্বাতী আৰু শাস্বত একেলগে কেন্টিনত চাহ খাই থাকোঁতেই সমীৰণৰ মেছেজ আহিছিল।স্বাতীয়ে মেছেজ দেখি আচৰিত হ'ল,ভয়ো খালে।কাষত ইফালে শাস্বত।স্বাতীৰ মুখৰ ভাবভঙ্গী দেখি শাস্বতে ফোনটো লৈ চালে।পঢ়িলে সি মেছেজটো

  * Hi✋ বহুত দিনৰ পৰা তোমাক কথা এটা কম বুলি ভাবি আছিলো কিন্তু তুমি লগেই নধৰা।মই তোমাক বহুত ভাল পাই পেলাইছো স্বাতী।I love you very much.You are in my thoughts every moment.I always lose control when you by my side.I think I am falling in love with you.I don't know why I feel so sad when I don't see your face.Will you marry me ?plz reply.

             উঠি গৈছিল শাস্বত একো নোকোৱাকৈ। প্ৰকাশ কৰিলে মানুহক উত্তৰ দিবলৈ ভাল।কিন্তু প্ৰকাশৰ অবিহনে বুজি পোৱাটো কঠিন।স্বাতীৰ ভাব হ'ল এইবাৰৰ পৰা আৰু প্ৰগেম কৰা কেনচেল হ'ব।যোৱা বাৰৰ দৰে ঘটনা ঘটাৰ আগতেই তাই তাৰ পিছে পিছে দৌৰিলে।

*কি হ'ল গুচি আহিলা যে?

* মোৰ গাৰ্ল ফ্ৰেণ্ডক কোনোবাই প্ৰপ'জ কৰিব আৰু মই চাই থাকিম নেকি।

* কোৱা তেন্তে মই কি কৰিব লাগে?

* তুমিহে জানা তুমি কি কৰা।your life,your decision.  তোমাক মই আগৰ পৰাই কৈছিলো নে  FB ত ৰিলেচনছিপ দিবলৈ তুমিহে নিদিয়া।

* তুমি দিছা?

* অ' চোৱা কেতিয়াবাই দি থোৱা আছে।নাম মেনচনহে কৰা নাই।তোমাৰ আকৌ আপত্তি থাকিব পাৰে নহয়।

* OK OK  ময়ো কৰিছো বুলি তাই ফেচবুকৰ ছেটিংছত গৈ in a relationship with Saswat Kashyap. কৰি থ'লে।

*শান্তি নে এতিয়া।মোৰো নামটো দি থ'বা

       শাস্বত সুখী হ'ল।

*পিছে এই মেছেজটোৰ ৰিপ্লাই কি দিবা।মোৰ পিছে সহ্য নহয় দেই কোনোবাই মোৰ ভালপোৱাগৰাকীক এনে মেছেজ দিলে।

* তোমাৰ আগতে দিও চাই থাকা।

         স্বাতীয়ে মেছেজৰ ৰিপ্লাইত লিখিলে

       Sorry I am in relationship.

      আৰোহীয়ে প্ৰিফেক্টৰ কামবোৰ সুন্দৰভাৱে পৰিচালনা কৰিছিল।সকলোৰে মৰমৰ প্ৰিফেক্ট বা নাইবা আৰু বা হৈ পৰিছিল তাই।আৰব্ধহঁতৰ হোষ্টেলটো তাইৰ জুনিয়ৰবোৰে ভিনদেউ হোষ্টেল বুলি কৈছিল।এদিন স্বাতী আৰু আৰোহী আৰব্ধক বিচাৰি বিচাৰি ফুৰিছিল।দুদিন মান তাৰ দেখাদেখিয়েই নাই।ইটো সিটোক সুধি গম পালে সি প্ৰেক্ষাগৃহত আছে।সোমাই গ'ল দুয়োজনী। আৰব্ধক সেই অৱস্থাত দেখি দুয়োজনীৰ মাতবোল বন্ধ হৈ গৈছিল।

      



খণ্ড------৩১

      ষ্টেজৰ  ওপৰত চকী এখনত  সি বুৰ্বকৰ দৰে বহি আছে।হাতত এটা ফাইল।নাৰ্ভাছ সি।ছোৱালী এজনীয়ে তাক কলাৰত ধৰি গালি পাৰি আছে ।

*কিয়  কিয় আপুনি মোক ভাল পাব নোৱাৰে।মই কি দেখিবলৈ বেয়া  নেকি ,মইটো সেই আৰোহীনে কোন তাইতকৈ দেখিবলৈ ধুনীয়াই।গুৱাহাটীত ঘৰ,পাপা হাইফাই বিজনেছ মেন।টকা পইচাৰ কোনোফালে অভাৱেই নাই।সেই আৰোহীয়েটো আপোনাক ভালো নাপায়।কোনোবা বেলেগ এটাৰ কাৰণেহে তাই ফিদা হৈ আছে।আপুনি এনেই তাইৰ পিছত ঘূৰাতকৈ মোক ভালপাওঁক।সকলো দিব পাৰিম মই ,টকা পইচাৰ পৰা মেন্টেলী, ফিজিকেলী সকলো।

      গতিয়াই দিলে ছোৱালীজনীক সি।তাৰ ঠেলাত গৈ তাই একেবাৰে পকাত  পৰিলগৈ।

* অ'ই কি বুলি ভাবিছ তই মোক,তোৰ বাপেৰৰ চাকৰ।ছোৱালী বুলি সন্মান কৰি অথনিৰে পৰা একো কোৱা নাই। কিন্তু তই যে একেবাৰে লিমিট ক্ৰছ কৰি গ'লি।কোনে বিচাৰিছে তোৰ বাপেৰৰ টকা পইচা।আছে যদি নিজে খা।আৰোহীয়ে কাক ভালপায় মই কাক ভাল পাওঁ সেইটো আমাৰ পাৰচনেল মেটাৰ তোৰ তাত মাথা মাৰিবৰ দৰকাৰ নাই আৰু তই যে কৈছ কি আছে তাইৰ সোধ তই ,কি নাই তাইৰ।আছে তাইৰ আত্মসন্মান,আছে তাইৰ লজ্জা, নিজৰ ভৰিত নিজে থিয় হোৱাৰ সাহস ,তোৰ দৰে বাপেৰৰ পইচাৰ ওপৰত জীয়াই থকাৰ মানসিকতা নাই তাইৰ।এজনী ছোৱালীক ভাল পাব পৰা সকলো আছে তাইৰ।মই জানো মই যিমান ভালপাওঁ তাইক তায়ো সিমানেই ভালপায় মোক তাৰ বাবে তোৰ স্বীকৃতিৰ প্ৰয়োজন নাই।

          আৰব্ধৰ এনে ৰূপ, এনে ভাষা কোনো দিন শুনা নাই সিহঁতে।স্বাতীৰ প্ৰতুৎপন্নমতিতাৰে সেই সময়ৰ সৎ উপযোগ কৰিলে।সোমাই গ'ল তাই আৰোহীক হাতত ধৰি।চিনি পাইছে সিহঁতে ছোৱালীজনী সিহঁতৰ ডিপাৰ্টমেন্টৰে জুনিয়ৰ পল্লৱীকা দুৱৰা।কেইবাবাৰো আৰব্ধলৈ তাই বেলেগৰ হাতত চিঠি লিখি দিছে।কথাটো সি ইমান গুৰুত্ব দিয়া নাছিল।আজিকালি তালৈ প্ৰেমৰ প্ৰস্তাৱ আহিয়েই থাকে।স্বাতীহঁতে ইয়ালৈ আহিহে দেখিছে ছোৱালীয়ে প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ দিয়া।সকলো আগুৱাই  গৈছে।ছোৱালীবোৰনো কিয় পিছুৱাই থাকিব।

          ছোৱালীজনী তেতিয়াও মজিয়াখনতে অবাক হৈ বহি আছিল।হয়তো তাইৰ সপোনৰ কোঁৱৰৰ এনে ৰূপ,এনে ভাষা তাইৰ কল্পনাৰ বাহিৰত আছিল।আৰব্ধও সিহঁতক দেখি আচৰিত হ'ল।ছোৱালীজনীক স্বাতীয়ে উঠাই দিলে।স্কীন ফিট জিন্স পিন্ধা বাবে হয়তো তাই উঠিব পৰা নাছিল।উঠায়েই স্বাতীয়ে অভিনয় আৰম্ভ কৰি দিলে

* হেৰা ভন্টী,তোমাকনো কোনে ক'লে আৰোহীয়ে আৰব্ধক ভাল নাপায় বুলি।তাইটো আৰব্ধক কেতিয়াবাৰ পৰাই ভাল পায়।তুমিহে গম নোপোৱা ছাগে।গোটেই ইউনিভাৰ্চিটিয়ে জানে স্বাতী শাস্বত আৰব্ধ আৰোহীৰ প্ৰেমৰ কথা ,তুমি তোমাৰ দেউতাৰ পইচাৰ কথাহে জানা নেকি? চাচোন  আৰু  কি যে কয় তই হেনো ইয়াক ভাল নাপাৱ।কৈ দে পল্লৱীকাক তই ভাল পাৱনে নাপাৱ।

          একো নোকোৱাকৈ আৰোহী থিয় হৈ আছে।স্বাতীয়ে জানে বেলেগৰ আগত কেতিয়াও আৰুৱে আৰব্ধক লাজ পাবলৈ নিদিয়ে।

* ক আকৌ।

* ও পাওঁ ,পাওঁ।

            আৰব্ধই হাঁহিবই নে কান্দিবই ধৰিব পৰা নাছিলে।ইমান দিনে শুনিব বিচৰা কথাকেইটা ইমান সহজতে তাকো এনেকৈ শুনিব বুলি সি সপোনতো ভবা নাছিল।ছোৱালীজনী ওলাই গৈছিল মান ,সন্মান সকলো হেৰুৱাই।আৰব্ধই দৌৰি গৈ আৰোহীক সাৱটি ধৰিছিল।

* I am so happy Aaruhi..তুমিও মোক ভালপোৱা ,ৰিয়েলী।স্বাতী Thank you,Thank you very much.

* মই তোক ভালপাওঁ আৰব্ধ ,কিন্তু তই মোক ভালপাব পৰাকৈ মই এতিয়া উপযুক্ত হৈ থকা নাই।ভালপালেও মই এতিয়া কাৰো হ'ব নোৱাৰোঁ।

* মই জানোঁ সকলো আৰোহী কিন্তু তোক উপযুক্ত কৰি নৰখা ল'ৰাটোৱে চোন আজি সংসাৰেই পাতিলে।

* তই একো নাজান ,মাত্ৰ এইটো মনত ৰাখিবি মই তোক ভালপালেও হয়তো তই বিচৰা ধৰণে মৰম,ভালপোৱা কেতিয়াও দিব নোৱাৰিম।

* জানোঁ মই স্বাতীয়ে মোক সকলো কৈছে।মই বিচৰা ধৰণে নিদিলেও তুমি বিচৰা ধৰণেৰেই দিবা।তাতেই মই সুখ পাম।

       আচৰিত হৈ চাই তাই স্বাতীলৈ।ওচৰ চাপি আহে তাই।

* আৰু কিমান বন্ধুৰ দায়িত্ব পালন কৰিবি।ভাগৰা নাই তই ইমান বছৰে।মোৰ বাবেই জী গ'লি জীৱনটো।মোৰ প্ৰতি খোজৰ প্ৰেৰণা হৈ,মোৰ প্ৰতি খোজৰ সাহস হৈ।তই নথকা হ'লে মইটো আজি মই হৈ নাথাকিলোহঁতেন।ধন্যবাদ আৰোহীক আৰোহী হৈ জীয়াই ৰাখিলি।

            কান্দি পেলালে তাই।দুয়োকে তাত এৰি স্বাতী ওলাই আহিল।প্ৰাপ্তি, এইয়াই প্ৰাপ্তি জীৱনৰ।শাস্বতৰ কথাষাৰলৈ মনত পৰি গ'ল।বন্ধুৰ স্থান তাইৰ জীৱনত সকলোতকৈ ওপৰত।হয় ছাগে নহ'বনো কিয়।ইহঁতবোৰেইটো তাইকো জী উঠিবলৈ শিকাইছে।সুখ,দুখ প্ৰতিটো মূহুৰ্তৰ সাক্ষী হৈ ৰৈছে।শাস্বতৰ লগত কাজিয়া কৰিলেও সিহঁতে আশ্বাস দিয়ে ,হ'ব দে সকলো থিক হৈ যাব।কিয় জানো আজি তাইৰ নিজকে বৰ ভাল পালে।আৰোহীৰ বাবে কিবা এটা কৰিব পৰাৰ সুখে তাইক সুখী কৰিলে।

* জীৱন সকলো দিলা মোক পৰিয়াল, প্ৰেম,বন্ধুত্ব।সকলোখিনি সামৰি মই আজি পূৰ্ণ।

              হাত দুখন মেলি আকাশলৈ চাই এপাক ঘূৰি দিলে তাই।ইমান সুখ তাই কেতিয়াও অনুভৱ কৰা নাই।আনকি শাস্বতক পায়ো।আজি আকাশখন চুই চাবৰ মন গৈছে তাইৰ,পখী হৈ উৰিবলৈ মন গৈছে তাইৰ।

            আৰব্ধৰ মৰমে আৰোহীৰ জীৱনটো ৰং তুলিকাৰে অংকিত কৰিলে।হেঁপাহবোৰ আকৌ বাঢ়িল, সপোন নেদেখো বুলি কোৱা ছোৱালীজনীয়ে আকৌ সপোন দেখিলে আৰব্ধৰ হাতত ধৰি।কৃষ্ণচূড়াই সিহঁতকো আকোঁৱালি ল'লে অতি মৰমৰে।ৰাধাচূড়াৰ কোমলতাবোৰে সিহঁতৰ প্ৰেমকো স্পৰ্শ কৰি গ'ল।এতিয়া সকলো সুখী।কি বিচাৰি আহিছিলে সিহঁতে কি দিলে সিহঁতক কৃষ্ণচূড়াৰ দেশে।      

       পাৰ হৈছিল সময় সোণোৱালী সময় ,কৃষ্ণচূড়াৰ দেশে স্বাতীক হিয়া উজাৰি সৰ্বস্ব দিছিল।সকলো সময়তে মৰম আৰু গভীৰ প্ৰত্যয়ৰে আৱৰি ৰখা শাস্বতক,গোটেই জীৱন জীয়াই থাকিব পৰাকৈ প্ৰাণৰ সখীকেইজনী,দুখনকৈ আপোন ঘৰ  জীয়াই থাকিবলৈ ইয়াতকৈ বেছি আৰু তাই একো নিবিচাৰে।

            ফাইনেল পৰীক্ষাৰ শেষৰ দিনা সিহঁতি আবেগিক হৈ পৰিছিল।কেনেকৈ এৰি থাকিব সিহঁতৰ মৰমৰ জালুকবাৰীখনক,মৰমৰ ইউনিভাৰ্চিটিখনক,মৰমৰ হোষ্টেলখনক আৰু তাতোকৈ মৰমৰ বান্ধৱীকেইজনীক কেনেকৈ? নালাগে এই বিচ্ছেদ সিহঁতক।পৰীক্ষা দি গোটেই কেইজনীৰ দুচকু ভৰি গৈছিল।বৰ্ণা,নন্দিতাৰ ঘৰলৈ যোৱা উৎসাহটো এইবাৰহে নাইকিয়া হ'ল। সিহঁতে ক্লাছ শেষ হ'লেই ৰুমলৈ দৌৰে।প্ৰতি শণিবাৰে আৰু বন্ধ পালেই ঘৰলৈ যাবলৈ ভৰি দাঙি থাকে।হোষ্টেলত নাথাকে সিহঁত পেয়িং গেষ্ট হৈ থাকে।কান্দি কান্দি বিদায় ল'লে সিহঁতে।

      ৰুমটোলৈ আহি স্বাতী আবেগিক হৈ পৰিছিল।নোৱাৰিব আৰু তাই বৰ্ণিল নাম দি লোৱা এই স্মৃতিৰে ভৰা ৰুমটোত থাকিব।দুই ,এদিনতে সিহঁতে হোষ্টেল এৰিব লাগিব।সকলো আকৌ উভতি যাব ভিন্ন দিশে।কোনো কোনো যাব নিজৰ ঘৰলৈ,কোনো থাকি যাব গুৱাহাটীতে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে, কোনোবা হয়তো বিয়া হৈ যাব।এইয়াই জীৱন।ক্ষন্তেকলৈ আহি মায়াৰে আৱৰি মানুহ গুচি যায় অজান দেশলৈ।স্মৃতিৰ একাঁজলি ফুল চটিয়াই।কোনে জানে জীৱনে আকৌ সিহঁতক লগ কৰাব নে নাই।তথাপিও প্ৰতিশ্ৰুতিৰে বান্ধ খাই পৰে সকলো পুনৰ সাক্ষাৎ কৰাৰ।সুশৰীৰে নোৱাৰিলেও ফোন,মেছেজ,চছিয়েল মিডিয়াত ইজনীয়ে সিজনীৰ সংস্পৰ্শত থকাৰ।নোৱাৰে স্বাতীয়ে এই বিচ্ছেদ সহিব।সেই যে কান্দি কান্দি ঘৰৰ পৰা গোটেই বাটতো আহিছিল আজি চোন এই বিচ্ছেদে তাতোকৈ বেছি বিদাৰিছে হৃদয়।মাকহঁতৰ মৰমক মনত পেলাই প্ৰথম নিশা সিহঁতে যিদৰে হোষ্টেলত কান্দিছিল ,আজিও সিহঁতে কান্দিছে লগৰকেইজনীৰ মৰম ,আদৰক এৰি যাবলৈ লৈ।ৰাতি গোটেই কেইজনী সাৰে আছে।হোষ্টেলৰ প্ৰতিটো ৰুমতে সোমাই লগৰখিনি,সৰুখিনিৰ পৰা স্মৃতিৰ স্বাক্ষৰ লৈছে।সাঁচি ৰাখিব এই স্বাক্ষৰ আজীৱন।বহু পৰ সিহঁতে হোষ্টেলৰ চাদত জালুকবাৰীৰ নৈশতা,লগৰকেইজনীৰ সঙ্গতা উপভোগ কৰিছে।আৰোহী,কুঁহিহঁতো আহিছে সিহঁতৰ হোষ্টেললৈ ,সিহঁতৰো একেই হৈছে ।কোনো শুব পৰা নাই।শাস্বতে আজি ফোন কৰা নাই।বুজিছে সি একে অভিজ্ঞতাৰে যোৱা বছৰ সিও বিদায় লৈছিল হোষ্টেলৰ পৰা।আজি অনুভৱ কৰিছে সিহঁতে

             সময়ক ধৰি ৰাখিব পৰা হ'লে।আকৌ আৰম্ভ কৰিলেহেঁতেন প্ৰথমৰ পৰাই।ধৰি ৰাখিলেহেঁতেন সিহঁতৰ এই দুবছৰীয়া সময়খিনিক।ক'ৰবাত যে পঢ়িছিল সিহঁতে সময় বৰ বলৱান,সঁচাই আজিহে অনুভৱ কৰিছে সিহঁতে।কাইলৈৰ পৰা সিহঁত নাথাকে এনেকৈ, পুৱাই উঠি বাথৰুমৰ বাবে চিঞৰ বাখৰ লগাই লাইন নাপাতে আৰু,ভাত খাবলৈ মামাহঁতে বেল নবজায় আৰু, ক্লাছলৈ চিঞৰি বাখৰি একেলগে নাযায় আৰু সিহঁত, আবেলিৰ চাহকাপ নাখায় আৰু একেলগে,মাৰ্কেটৰ পকৰীৰ সোৱাদ নাপায় আৰু সিহঁতে, মাৰ্কেটত চেলৱাৰ চিলোৱা ভাইটিটোৱে সিহঁতক নামাতে আৰু বাইটি বুলি,মাজ ৰাতি মেগী,চাওমিনৰ সোৱাদ নাপায় আৰু সিহঁতে, লগৰকেইজনীৰ ঘৰৰ পৰা অনা সুস্বাদু লাৰু, পিঠাৰ ভাগ নাপায় আৰু সিহঁতে বাৰ্থডে পাৰ্টিত বাৰ বজাৰ লগে লগে কৰা সেই ধেমালিবোৰ আৰু কেতিয়াও নাপায় সিহঁতে।ফ্ৰেচাৰ্চ,ভাৰ্চিটি ওইক,যুৱ মহোৎসৱ,সৰস্বতী পূজাৰ উৎসাহ,আনন্দবোৰ নাহে আৰু সিহঁতৰ জীৱনলৈ।

                পিছদিনা কান্দি কান্দি সকলোৰে চকু উখহি আছে।গা পা ধুই সকলো মন নাথাকিলেও সাজু হৈছে হোষ্টেল এৰিবলৈ।স্বাতী, আৰোহীয়ে ৰুম লৈছে চান্দমাৰীত ,সিহঁত ইয়াতে থাকিব।শাস্বত আহিছে বেডিংবোৰ নিবলৈ।আৰব্ধইও ৰুম লৈছে লঙ্কেশ্বৰত।

                স্বাতী কান্দি কান্দি ক'ব নোৱাৰা হৈ গৈছে।কেনেকৈ এৰিব তাই দুবছৰীয়া যাত্ৰাৰ তাইৰ সহযাত্ৰীকেইজনীক।মৃণালী, দিকু,দিপশ্ৰী, নিবে,সুনীতা, অংকু ইহঁতৰ অবিহনে সহজ হ'বনে জীৱন।অংকুৱেও ৰুম লৈছে উজান বজাৰত।মৃণালী, সুনীতা,নিবে,দিকু ঘৰলৈ যাব।ইজনীয়ে সিজনীক সাৱটি ধৰি ধৰি কান্দিছে। বিয়াত বিদায়ৰ মূহুৰ্তত কইনাই কন্দাৰ দৰে।একেই সেই দুখ,নিজৰ ঘৰখন এৰি যোৱাৰ, নিজৰ আপোনজনৰ পৰা বিদায় লোৱাৰ।

            মোৰ স্মৃতিত তুমি সদায় থাকিবা জালুকবাৰী, সময়ে আজি দূৰ কৰিলেও মোৰ হৃদয় উপত্যকাত তুমি আজীৱন ফুলি থাকিবা এপাহি কৃষ্ণৃচূড়া হৈ।মৃত্যুৰ দোৱাৰদলিলৈকে কঢ়িয়াম স্মৃতিৰ এই সঁফুৰাখন।

           আকৌ এক নতুন যাত্ৰা জীৱনৰ।এইবাৰ নিজকে প্ৰতিষ্ঠা কৰাৰ।বিশ্বাস  আছে সিহঁতৰ এদিন নহয় এদিন সিহঁত সফল হ'বই।



খণ্ড------৩২

           সময় লাগিছিল সিহঁতৰ হোষ্টেলৰ কথাবোৰ পাহৰিবলৈ।তথাপিও সময়ে শিকাইছিল আগবাঢ়ি যাবলৈ।দুয়োজনী মাজতে ঘৰলৈও গ'ল থাকি আহিল দুদিনমান।স্বাতীয়ে দুটামান অফিচত শাস্বতৰ লগত গৈ  CVখন দি থৈ আহিছে।বুজিছে তাই চাকৰি পাওঁ বুলিয়েই পাব নোৱাৰি।আৰু বহু দূৰ আছে বাট।আৰোহী প্ৰিপেয়াৰ হৈছে পি এইচ ডিৰ এন্ত্ৰেন্স দিবলৈ।কষ্ট কৰিছে তাই যেনে তেনে হ'লেও তাই ছিটটো পাবই লাগিব।আৰব্ধৱেও দিব এন্ত্ৰেন্স।দুয়োটাই মিলাই মিলি পঢ়িছে।আৰব্ধ এতিয়া আৰোহীৰ সকলো কথাৰে সমভাগী।আদিয়ে দিব নোৱাৰা খিনি সি দিবলৈ চেষ্টা কৰে।প্ৰথম প্ৰেমৰপৰা পোৱা অনাদৰ,অবিশ্বাসবোৰ সি নাইকিয়া কৰিবলৈ চেষ্টা কৰে।মাজতে সি মাকক লৈ আহিছিল তাৰ ৰুমত থাকিবলৈ।থাকি গ'ল তেওঁ পোন্ধৰ দিন মান।আৰোহী আৰু স্বাতী গৈ তেওঁক লগ কৰি আহিল। আৰোহীৰ ভয় যাবলৈ আদিৰ দেউতাকৰ দৰে যদি আৰব্ধৰ মাকেও গালি পাৰি পঠাই দিয়ে।যিমানেই মৰম আদৰ নাপাওঁক কিয় অভিজ্ঞতাই জোকাৰি যায় পুৰণি দিনৰ কথাবোৰ।তথাপিও তেওঁক চোৱাৰ হেঁপাহ সামৰিব নোৱাৰি সিহঁত গৈছিল তালৈ।

             সি মাকক কৈছিল আৰোহীৰ কথা।মাকে বৰ মৰম কৰিছিল দুয়োজনীকে।ইমান আদৰ সাদৰ কৰিছিল মানুহগৰাকীয়ে।বৰ সাদৰি মানুহগৰাকী।কিন্তু তেওঁ যে কথাবোৰ জানিছিল সেই কথা ধৰা পৰিবলৈ দিয়া নাছিল।আৰোহীয়ে তাত থকা সময়খিনি একেবাৰে ভয়ে ভয়ে পাৰ কৰিছিল।থিক নাই নহয় কি কথাই আকৌ তেওঁক বেয়া পোৱাই।তেওঁৰ হাতৰ সোৱাদৰ কথাটো ক'বই নালাগে।গৰৈ মাছৰ পিটিকা,পুতেকলৈ অনা মানিমুনি দিয়া মাছৰ জোল,মাছৰ মূৰ দিয়া কচু তৰকাৰী, নৰসিংহৰ বৰ মানে একেবাৰে তৃপ্তিদায়ক এসাজ।তেওঁ সিহঁতক বনাই খুৱাইছেহে নিজে নাখায়, তেওঁ নিৰামিষহাৰী ।খাইলৈ স্বাতীয়ে তেওঁৰ হাতৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল।ইমান সোৱাদ ,আহি মাককো কৈ আছেহি তাই।তাইৰ মুখত আৰব্ধৰ মাকৰ খানাৰ কথা শুনি শাস্বতো এদিন তাৰ ৰুমলৈ গৈ ভাতসাজ খাই আহিলগৈ।আৰোহীক তাই মাজে মাজে জোকাই

* তই বনাবলৈ শিক বুজিছ,নহ'লে শাহুৱেৰে আগলৈ দিব ভালকে এসেকা।শাহু ইমান পাকৈত ৰান্ধনী বোৱাৰী একেবাৰে অপ'জিত।

             হাঁহে তাই।সময় পালে ইউটিউব চাই চাই দুই এটা কিবাকিবি বনাই আৰোহীয়ে।যোৱাৰ দুদিনমান আগত সিহঁতৰ উৎপাতত আৰব্ধই মাকক লৈ আহিল সিহঁতৰ ৰুমলৈ।সিহঁতে যোগাৰ কৰি থৈছে সকলো আৰব্ধৰ মাকে বনাব।সেইদিনা শাস্বতো সিহঁতৰ ৰুমত।সকলোৱে মিলি তৃপ্তিৰে এসাজ খালে আৰব্ধৰ মাকৰ হাতেৰে।গ'লগৈ তেওঁ দুয়োজনীকে চুমা এটা এটা খাই খাই।এইয়াই মৰম সৰল মানুহখিনিৰ।আৰোহীৰ তথাপিও চিন্তা হয় ,মানুহ গৰাকীয়ে জানিও একো নক'লে যে ,নে তেওঁ তাইক গ্ৰহণ কৰা নাই।আশা কৰিছিল তাই শাস্বতৰ ঘৰত স্বাতীক আকোঁৱালি লোৱাৰ দৰে তাইকো আৰব্ধৰ মাকে মৰমৰে আকোঁৱালি ল'ব।স্বাতীক কয় তাই

* তোকচোন শাস্বতহঁতৰ ঘৰত এদিনতে আকোঁৱালি লৈছিল, মোক কিয় নললে।নে মই তেওঁ ভবা ধৰণৰ নহয়।

            মানুহগৰাকী আহিব বুলি তাই একদম চেলৱাৰ ওইথ চূৰণি পিন্ধি আছিল।কিজানি থ্ৰী কোৱাৰটাৰ পিন্ধিলে পচণ্ড নকৰেই।স্বাতীৰ সেইবোৰ চিন্তা কৰিবলৈ নাই, গতিকে তাই থ্ৰী কোৱাৰটাৰৰেই দৰ্শন দিছিল।শাস্বতে আকৌ স্বাতীক কয়

* কি যে পিন্ধা তুমি ,মানুহগৰাকীৰ আগত অকণমান ভালকৈ থাকিব লাগে।স্থান, কাল,পাত্ৰ চাই কাপোৰ পিন্ধিবাচোন নিজৰো সন্মান থাকিব আনজনেও সন্মান দিব।আৰোহীক চোৱা চোন কি ভালকে আছে।

* মোক সন্মান নালাগে নহয়।মৰমহে লাগে।যিয়ে মোক মৰম দিব লাগে তেওঁলোকে দিয়েই,আৰব্ধৰ মাকেও দিব।আৰোহীৰ কথা বেলেগ।তাই তেওঁৰ হ'ব লগা বোৱাৰী।মোকো তোমালোকৰ মাহঁতে কোৱা কাৰণেহে আজিকালি যি টি ড্ৰেছ পিন্ধি যাওঁ।তোমাৰ চকু ইমান আৰোহীৰ ওপৰত দিব নালাগে, চকু কাঢ়ি ল'ম।

         হাঁহি দিয়ে দুইটাই।

*হ'ব মোৰ গোসানী,যি পিন্ধে পিন্ধক বুলি সি আৰু একো নকয়।

     আৰোহীক বুজাই তাই

* মন নামাৰিবিচোন।সকলো একে নহয় নহয়।শাস্বতহঁতৰ মাক আৰু তেওঁৰ মাজত বহু পাৰ্থক্য আছে।কিমান কষ্টৰে তেওঁ ল'ৰাটো অকলে ডাঙৰ দীঘল কৰিছে।সময়টো লাগিব ন তেওঁ তোক আপোন কৰি ল'বলৈ।ভাবচোন আমাৰ মাহঁতে জানো পাৰিব শাস্বতহঁতৰ মাকহঁতৰ নিচিনা হ'বলৈ।গাঁৱৰ মানুহ বোৱাৰীৰ এনে অবাধ বিচৰণ তোৰ ঘৰতেই মানিব নে মোৰ ঘৰতেই।কিন্তু মনাব লাগিব বুজিছ আমিবোৰে।তেতিয়াহে সম্পৰ্কবোৰ মধুৰ হয়।আৰব্ধৰ মাকেও তোক আকোঁৱালি লৈছে,মাথোঁ সেই মৰম ,সেই আগ্ৰহ,সেই হেপাঁহ তেওঁ প্ৰকাশ কৰিব পৰা নাই।

           আৰব্ধকো সোধে তাই

* মায়ে কিবা কৈছেনেকি?

* নাইটো একো নাই কোৱা।মই সোধাও নাই একো।
       
             দুদিন পিছত আৰব্ধই তেওঁক আকৌ থৈ আহিছিল গৈ।

         সিহঁতৰ ফাইনেল পৰীক্ষাৰ ৰিজাল্টো দিছিল।ভাল হৈছিল গোটেই কেইটাৰ।আৰব্ধ টপাৰ হৈছিল।স্বাতী আৰু আৰোহীয়েও ফাৰ্ষ্ট ক্লাছ পাইছিল।ৰিজাল্ট দিয়াৰ দিনা আকৌ গৈছিল সিহঁত ইউনিভাৰ্চিটিলৈ,হোষ্টেললৈ।হোষ্টেলৰ মামাহঁতৰ(ভাত ৰন্ধা মানুহ) মৰমবোৰ একেই আছিল।জুনিয়ৰখিনিয়েও সিহঁতক দেখি ঢপলিয়াই আহিছিল।

           স্বাতী আৰু শাস্বতৰ ৰিং চেৰিমনীৰ আয়োজন কৰা হৈছিল।শাস্বতৰ মাকৰ কথা পেলাব নোৱাৰি স্বাতীয়ে এইবাৰ সন্মতি দিছিল।দিনটো একেই সেই যে পূজাৰ অষ্টমী তিথিটো।এইবাৰ সিহঁতৰ পূজা যোৱা বাৰৰ দৰে পণ্ড নহয়,এইবাৰ দুগুণ উৎসাহেৰে সিহঁতে পূজা উপভোগ কৰিব।কেৱল এইবাৰ স্বাতীয়ে নিজলৈ একো নিকিনিলে।শাস্বতৰ মাকে তাইক লৈ গৈ কাপোৰৰ বজাৰ কৰিছে,জুৱেলাৰী কিনিছে।কাপোৰৰ দোকানতো কাজিয়া শাস্বত আৰু তাইৰ।তাইৰ যিটো কালাৰ পচণ্ড হয় ,শাস্বতৰ নহয়।শাস্বতৰ মতে নিউ ডিজাইনৰ ছফ্ট কালাৰ লোৱা,তাইৰ মতে তাইৰ দাৰ্ক কালাৰ ভাল পায়,গতিকে তাই দাৰ্ক কালাৰেই ল'ব।জুৱেলাৰী তাৰ মতে দিব,সেইবোৰত তাইৰ ইন্টাৰেষ্ট নাই।শেষত মাকৰ আইডিয়া অনুসৰি এযোৰ গোলপীয়া ৰঙৰ আৰু এজোৰ নীলা ৰঙৰ কাপোৰ কিনা হ'ল।নীলাজোৰ তাই কিনিছে,ঘৰৰ পৰা মাকে পইচা দিছে,দৰাঘৰৰ মানুহৰ আগত ওলাবৰ সময়ত এজোৰ নতুন কাপোৰ লাগে সেয়ে।জুৱেলাৰী দোকানত তাই পচণ্ড কৰা নাই, শাস্বতৰ মতেই ল'লে সেইয়া।

           শাস্বত বৰ সুখী বজাৰ কৰি অহাৰ পৰাৰ স্বাতীৰ লগত এবাৰলৈও কাজিয়া কৰা নাই।সি সুখী স্বাতীক আঙুঠি পিন্ধাব,শিৰত সেন্দুৰ দিব।দুদিনমান আগতেই স্বাতী ঘৰলৈ গৈছে ।ঘৰতো তাই মাকক সহায় কৰি দিব লাগিব।আৰোহী দুদিনমান দেৰিকৈ আহিব।বেছি মানুহ নহয় শাস্বতহঁতৰ ঘৰৰ পৰা আহিব বিছজন মান,স্বাতীহঁতৰ গাঁৱৰ মানুহো থাকিব দুই এজন।সৰুকৈ হ'লেও দেউতাকে পেণ্ডেল এখন দিছে।টাউনৰ জোৱায়েকৰ ঘৰৰ মানুহ আহি কিবা তলত বহিবনে,খানা বনাবলৈও কাৰিকৰ মাতিছে।মুঠতে সৰুসুৰা বিয়া এখন বুলিয়েই ক'ব পাৰি।

           শাস্বতে কিনা চুটজোৰ  আগদিনা পিন্ধি স্বাতীক ফটো মাৰি দেখুৱাইছে।তাই মাককো দেখুৱালে ফটোখন।মাকটো আচৰিত

* ই আকৌ কিয় নতুন কাপোৰ কিনিছে?

* কাইলৈৰ কাৰণে,মই নতুন পিন্ধিম সি আৰু পুৰণা পিন্ধি আহিব নেকি।

* সি আকৌ কিয় আহে?

* তুমিও বৰ ফতুৱামী কৰা মা,কাইলৈ মোক আঙুঠি পিন্ধাবলৈ নাহিব জানো সি সেইকাৰণে।

* সি আকৌ কিয় আহিব,মাকহঁতেহে পিন্ধাব।সি চুইহে দিব।

           স্বাতীয়ে নাজানে সিহঁতৰ ঠাইৰ নিয়ম কি,বিয়া সবাহলৈ তাই যায় আবেলি  যায় খাই বৈ গুচি আহে।এই আঙুঠি পিন্ধোৱাৰ নিয়ম তাই নাজানে।টিভিত দেখাৰ দৰেই ল'ৰাটোৱেই পিন্ধাব বুলি তাই ভাবিছে আৰু মাকহঁতেও কথাটো উলিওৱা নাই।মাকে লগে লগে শাস্বতৰ মাকলৈ ফোন লগালে। মনতে ভুৰভুৰালে

        নিয়ম কানুন বুলিওটো কিবা এটা আছে।ল'ৰাটো নিজে পচণ্ড কৰিছেই এতিয়া আকৌ নিয়ম নামানি গাঁৱৰ মানুহৰ আগত লাজ পালেহে হ'ব।টাউনীয়া নিয়ম ইয়াত কেনেকৈ চলিব।

       ইফালে স্বাতীৰ অৱস্থা নাই।শাস্বতে কেনেবাকৈ আহিবলৈ নাপালে সি কম দুখ পাবনে।তাইৰ কাপোৰৰ লগত মিলাই  সিও কাপোৰ কিনিছিল ,এতিয়া?

        স্বাতীৰ মাকে শাস্বতৰ মাকক সকলো ক'লে।শাস্বতৰ মাকেও হ'ব বুলি ফোনটো থ'লে।শাস্বতৰ অলপ পিছতে আকৌ ফোন আহিল।সি আহিবই।কইনা তাৰ, বিয়া হ'ব তাৰ লগত আঙুঠি ,সেন্দুৰ আকৌ বেলেগে কিয় পিন্ধাব।স্বাতীক মাকক ফোনটো দিবলৈ ক'লে ,তাৰ যুক্তিৰ আগত মাকৰ মুখ খোল নাখালে।একো নকলে যদিও সমাজত কি হ'ব বুলি ভাবি মনটো অশান্তিত কটালে।

        পিছদিনা এঘাৰ মান বজাত শাস্বতহঁত আহি পালেহি।ৰাইজৰ ইফালে ফুচফুচনি আৰম্ভ হৈছিলেই।তথাপিও মুখৰ আগত  কিবা ক'বলৈ কাৰো সাহস হোৱা নাছিল।যথা সময়ত স্বাতীক ৰভাতললৈ ওলিয়াই অনা হ'ল,কাষত আৰোহী।আৰব্ধও নাইট চুপাৰত আহি স্বাতীহঁতৰ ঘৰতে আছে।লগৰকেইজনী বিয়াতহে আহিব বোলে।স্বাতীয়ে আৰ চকুৰে শাস্বতলৈ চাইছে,ভগৱাক খাটিছে তাই একো লেঠা নালাগিলেই হ'ল আৰু ।

*আজিৰ দিনটো যেনেতেনে পাৰ হয় যেন।ভয় বেলেগলৈ নহয়,গাঁৱৰ ৰাইজে কিবা ক'লে শাস্বতে বা আকৌ কি বুলি কয়।

   যথা সময়ত  তাইক আঙুঠি পিন্ধোৱাৰ কাম আৰম্ভ হ'ল,সেন্দুৰ চুলিৰ মাজত কোনেও নেদেখাকৈ সি অলপ দি থ'লে।পিছলৈ যাতে অসুবিধা নহয়।তাৰ মুখত সন্তুষ্টিৰ হাঁহি।গাঁৱৰ ৰাইজেও একো সন্মুখত নক'লে।তথাপিও দুই এগৰাকীয়ে হাঁহি হাঁহি স্বাতীক কৈছিল

* বিয়াত জোৰোণতো নাহিলেই হ'ল আৰু তোৰ দৰাটো।

ভালদৰেই সিহঁতৰ সেইদিনাৰ কাম হৈ গ'ল।ফটো উঠিলে সিহঁতে ভিন্ন পজত।মাকৰ কথাত গাঁৱৰ পূজা স্থলীত গৈ সিহঁতে আবেলিলৈ সেৱাও কৰি আহিল।মনত পৰিল সিহঁতৰ যোৱাটো বছৰত আজিৰ দিনটোতেই হৈ যোৱা ঘটনাবোৰলৈ।আৰব্ধক যোৰহাটৰ পূজা দেখুৱাৰ দায়িত্ব দিয়া হ'ল আৰোহীক।দুয়োটাই ভায়েকহঁতৰ লগত গৈ সেইদিনা যোৰহাটৰ পূজা চালে।শাস্বতে তাৰ লগতে স্বাতীক গুৱাহাটীলৈ যাবলৈ লগ ধৰিছে।পিছদিনা তাৰ বাৰ্থডে, এইবাৰ থাকিবলৈ তাইৰ ৰুমটোও আছে।পিছে নগ'লে তাই,কোনটো নাকেৰেনো যায়।বিদায় ল'লে সিহঁতে।শাস্বতক সকলোৱে ভাল পালে।'এতিয়া কিবা এটা ল'ৰাটোৰ থিতাপি লাগিলেই হ'ল আৰু' বুলি আইতাকে আশীৰ্বাদ কৰিলে।

       আৰোহী আৰব্ধই পূজা চাই আহি সেইদিনা সিহঁতৰ ঘৰতেই দুয়োটা থাকিল।সিহঁত দুটাৰ কথা ঘৰত কোনেও নাজানে এতিয়া, কেৱল আৰব্ধ স্বাতী আৰোহীৰ ভাল বন্ধু বুলিয়েই জানে।ভায়েকৰ ৰুমতে আৰব্ধ আৰু স্বাতীৰ ভায়েকক শুবলৈ দিয়া হৈছে।আৰোহীয়ে সিহঁতৰ বিচনাখন পাৰি আছে।আৰব্ধও তাতে আছে।পানীৰ জাৰটো স্বাতীয়ে সিহঁতৰ ৰুমত দিবলৈ গৈ সিহঁতক দেখি আচৰিত হয়।

* অই এইখন গুৱাহাটী নহয় এইবোৰ কৰিবলৈ।কোনোবাই দেখিলে চিধা জেলৰ ভাত খাবি।

     তাইক দেখি দুয়োটাই বাহুবন্ধনৰ পৰা মুক্ত হয়।ইটোৱে সিটোৰ চকুত চকু থৈ কল্পনাৰ ৰাজ্যত  উটি ভাহি ফুৰিছিল।সিহঁতৰ বিয়াৰ সপোন দেখিছিল।

*শু,শু।কাইলৈ পুৱাই যাব লাগিব বুলি তাই ওলাই আহে।হাঁহিও উঠে।কাইলৈ পুৱাই গুৱাহাটীলৈ যাব।শাস্বতৰ বাৰ্থডে যে।যোৱাবাৰ একো কৰাই নহ'ল।এইবাৰো সি নাজানে কাইলৈ তাই যাব বুলি।আজি নোযোৱাৰ বাবে তাৰ ঠেহ লাগিলেই।তেতিয়া বাৰ বাজিলেই।তাই এডিট কৰি থোৱা শুভেচ্ছাৰে ভৰা ভিডিঅটো ফেচবুকত দি দিলে।ফোনটোও লগালে।ফোনটো ৰিচিভ কৰাৰ লগে লগে তাই শুভেচ্ছা দিলে

* Happy birthday my feoncy. I love you very much .মনে বিচৰা ধৰণে সুখী হোৱা।

*Thank you.কিন্তু বেয়া পালো আজি নাহিলা‌।এইবাৰো তুমি নাথাকা মোৰ লগত।

* হ'ব দিয়া নেক্সট বাৰ্থডেত থাকিম।কাইলৈ আশ্ৰমলৈ কেইটামানত যাবা?

* যাম ৰান্ধি মেলি বাৰটা মানত।

* OK ,By Good night.

             শাস্বতে পিন্ধাই যোৱা আঙুঠিটো চাই চাই তাইৰ টোপনি গ'ল।পিছদিনা পুৱাই সিহঁতৰ যাত্ৰা গুৱাহাটীলৈ।
 


খণ্ড------৩৩

 
            পুৱাই স্বাতী আৰু আৰব্ধ গুৱাহাটীলৈ ৰাওনা হৈছিল।আৰোহী দুদিনমান থাকি আহিব।মাকে ৰখাইছে তাইক,ছোৱালীজনীক এইবাৰ তেওঁলোকে হাঁহি মাতি থকা বাবে ভাল পাইছে।স্বাতীয়ে গোটেই বাটতো কল্পনা কৰি আহিলে শাস্বতে তাইক এনেকৈ দেখিলে কেনেকুৱা কৰিব।সিহঁত চিধাই আশ্ৰমলৈ যাব।স্বাতীহঁত পাই মানে শাস্বতহঁতো পাবহি।সময় মিলাই আহিছে তাই।কিন্তু সময়তকৈ আগতেহে স্বাতীহঁত পালেগৈ।অৰ্ডাৰ দি থোৱা কেকটো ,চকলেট অলপ লৈ স্বাতী আৰু আৰব্ধ আশ্ৰম পালেগৈ।আশ্ৰমতো তেওঁলোকৰ মানুহ ৰৈ আছে শাস্বতৰ বাৰ্থডেৰ বাবে।কণমানিকেইটাক চকলেট কেইটা দি স্বাতী বহি আছে একোণত,আৰব্ধও।কণমানিকেইটাৰ শাস্বত বৰ প্ৰিয়।তাই দিয়া চকলেট কেইটা সিহঁতে নাইখোৱা,একেবাৰে শাস্বতে কটা কেকহে খাব ।অধীৰ আগ্ৰহেৰে বাট চাই আছে সিহঁতে শাস্বতহঁত অহালৈ।সোমাই অহাৰ লগে লগে সিহঁত কেইটা দৌৰি গৈছে।সৰু দুটামানে শাস্বতৰ কোলাতেই উঠি ল'লে।আশ্ৰমৰে  বাৰ বছৰীয়া ছোৱালী এজনীয়ে তাক ক'লে

*তুমি যে ভালপোৱা বাজনী আহি অথনিৰে পৰা ৰৈ আছে।ইমান দেৰি কৰিলা যে।

            স্বাতী দুদিনমান শাস্বতৰ লগত আশ্ৰমলৈ গৈছে।কিন্তু কণমানি কেইটাইও যে সিহঁতৰ সম্পৰ্কটোৰ বিষয়ে জানিব তাই ভবাই নাই।আজিকালিৰ ল'ৰা ছোৱালী সঁচাকৈয়ে আগুৱাইছে।

              সিহঁতৰ কথা শুনি শাস্বত আচৰিত হ'ল।সন্মুখত স্বাতীক দেখি সি ক'ব নোৱাৰা হ'ল।জানে তাই বেলেগত হোৱা হ'লে সি তাইক আঁকোৱালি ল'লে হয়।কিন্তু এতিয়া সি তাৰ অনুভূতিবোৰ সামৰিছে।

* তুমি ইয়াত কেনেকৈ? তুমিতো নাহো বুলি কৈছিলা?

* কৈছিলোঁ, আহিলো আৰু, বেয়া পালা নেকি।

   * আৰে স্বাতী তুমি ইয়াত,আৰব্ধও চোন !
 শাস্বতৰ মাক দেউতাকো আচৰিত হ'ল।

* হয় মা আহি গ'লো আৰু।

           হাঁহি ধেমালিৰ মাজেৰে সময় সিহঁতৰ কেনেকৈ পাৰ হ'ল কোনেও ক'ব নোৱাৰিলে।আৰব্ধই কেক কাটি খাই বৈ সোণকালেই আহিলে।ভাগৰ লাগিছে সকলোৰে কালিৰ ইমান ভাগৰ আকৌ আজিৰ ভাগৰ।তথাপিও ভাগৰৰ বাবে যেন আজি আহৰি নাই।আশ্ৰমৰ কামখিনি কৰি সিহঁত উভতি আহিল।মাকহঁতক ঘৰত থৈ স্বাতীক থ'বলৈ সি আহিলে।এতিয়া আৰু তাই গৈ শুবগৈ।ভাগৰে একেবাৰে চকু হেঁচা মাৰি আনিছে।ৰুমত সোমাই তাই ৰুমটো চাফা কৰিছে।শাস্বতে পাকঘৰৰ বাচনবোৰ ধুইছে।

* হ'ব দিয়া বাৰ্থডেৰ দিনা তুমি এইবোৰ কৰিব নালাগে।মই লাহে লাহে কৰি থাকিম।নোযোৱা যদি তুমি বহি থাকা।

          পিছে সি পাকঘৰ চাফা কৰিহে এৰিব।তাই গা পা ধুই আহি দেখে দুটা কাপত কফি ৰেডী।ভালেই পালে তাই।বৰ প্ৰয়োজন হৈছিল চাহ বা কফি একাপৰ।তাই অকলে হোৱা হয় চাহেই খালে হয় ।পিছে শাস্বতে চাহ নাখায়।তাই জোকাই কেতিয়াবা

*লাটচাহাবৰ বেটা ,চাহ পেটলৈ নাযায়েই।

          দুয়োটাই কফি খাই কালিৰ হৈ যোৱা অনুষ্ঠানৰ কথা পাতে।

* হ'ব দিয়া এতিয়া যোৱা।সাতটা বাজিলেই।

* এনেকৈ কেনেকৈ যাম,মোৰ বাৰ্থডে গিফ্ট।

*কিয় কেকটো দিয়া নাই অথনি আৰু টাইডাল দিছোৱেইচোন তোমাৰ ফেভ কালাৰৰ।কালি আঙুঠি দিছোঁহে, ইমান পইচা নাইদেই আমাৰ।

* এটা বাৰ্থডে গিফ্ট মোৰ এতিয়াও বাকী আছে,যোৱা বছৰৰ পৰাই।আজি লাগিবই আৰু এতিয়াটো আপত্তিৰো কোনো কাৰণ থাকিব নালাগে।আধাএধি কালি তোমাক মোৰ কৰি ললোৱেই।

           কথাষাৰ কৈয়েই সি স্বাতীৰ কাষ পালেহি।
* প্লিজ এবাৰ দিয়ানা আৰু নালাগে ।একেবাৰে বিয়াৰ পিছত।

* ধেৎ ,যোৱাচোন ।মাহঁতে গম পালে কি ভাবিব।

*একো নাভাবে,ভাবিব আমি ডাঙৰ হ'লো আৰু হ'লোওটো আমাৰ ৰিং চেৰিমনী হৈ গ'ল।প্লিজ।

          স্বাতীৰ সেইসময়ত আদিত্যলৈ মনত পৰিল ,কিন্তু একো নক'লে।আজিৰ দিনটোত আদিৰ নাম ল'লে কি হ'ব তাইৰ জনা আছে তাকো যদি শাস্বতক আদিৰ লগত মিলাই।সোঁহাতখন সি ধৰি আছে তেতিয়াও।মনত পৰিল তাইৰ আৰোহীলৈ ,আজি যদি তাই থাকিলেহঁতেন।শাস্বতৰ নিশ্বাসবোৰ ক্ৰমান্বয়ে তাইৰ বুকু ভেদিছেহি।চকু দুটা জপাই দিলে তাই।

* হ'ব দিয়া ইমান ভয় খাব নালাগে।যি দিনা তুমি চকু মেলি মোক এই গিফ্টটো দিবা সেইদিনা  ল'ম।সেইয়া লাগিলে বিয়াৰ পাছতেই হওঁক মই ওৱেইত কৰিম।নহ'লে আকৌ তোমাৰ মনে মোক আদিৰ লগতহে তুলনা কৰিব।

           ই আকৌ কেনেকৈ গম পালে মোৰ মনৰ কথা---স্বাতীয়ে মনে মনে ভাবিলে।যাবলৈ লোৱা শাস্বতক তাই ধৰি ল'লে।গালদুখনত দুটা চুমা যাচি দিলে।এইয়াই মৰম ,এইয়াই ভালপোৱা।আজি যেন তাই শাস্বতৰ আন এক নতুন ৰূপ দেখিলে।

              আৰব্ধ আৰু আৰোহীয়ে একেজন গৱেষকৰ তলত গৱেষণা আৰম্ভ কৰিছে।আৰোহী কলেজ এখনত পাৰ্ট টাইম সোমাইছে।আৰব্ধই গৱেষণাৰ লগতে বিশ্ববিদ্যালয়তে পাঠদান কৰিবলৈ সুবিধা পাইছে মাজে মাজে। শাস্বতৰ এম বি এ লাষ্ট ইয়েৰ,সৰুসুৰাকে আৰম্ভ কৰা ব্যৱসায় তাৰ এতিয়া সম্প্ৰসাৰণ হৈছে। স্বাতীয়ে ব্যক্তিগত এটা নিউজ চেনেলত নিউজ ৰিডাৰৰ চাকৰি এটা পালে।পইচা যিমানেই নাপাওঁক তাইৰ সপোনটো যে পূৰণ হ'ল সেইটো ডাঙৰ কথা।তাইক টিভিত চাবলৈ মাক ভায়েকহঁত ৰেডী হৈ থাকে।

              এবছৰ তেনেকৈয়ে পাৰ হৈছিল ।আৰব্ধ আৰোহীৰ প্ৰেমো গভীৰ হৈছিল।প্ৰথম বছৰ অকণো খুটখাট নলগা সিহঁতৰ আজিকালি মাজে মাজে মান অভিমানবোৰ বাঢ়িবলৈ ধৰিলে।আদিৰ লগত অভিমানৰ পাতনি মেলিবলৈ নোপোৱা আৰোহীয়ে আজিকালি আৰব্ধই ফোনটো নধৰিলেই ঠেহ পাতিব জনা হ'ল,ফোন কৰিম বুলি সময়মতে ফোন নকৰিলে মুখ ফুলাই বহি থকা হ'ল।দিনে দিনে তাই সৰু হৈ আহিল।এদিন তাই গোটেই দিনটো ফোন কৰিলে,প্ৰথম সি নধৰিলে তাৰ পিছত তাৰ ফোনটো অফ পোৱা গ'ল।স্বাতীয়ে আবেলি অফিচৰ পৰা চাৰি মান বজাত সোমাই দেখে গোটেই ৰুমৰ অৱস্থা নাই।তাইৰ বস্তুখিনি থিকেই আছে কিন্তু আৰোহীৰ নিজৰ বস্তুবোৰ য'ত ত'ত পৰি আছে।একো ধৰিব নোৱাৰিলে তাই।আউল বাউল চুলি, চকু ফোলা ফোলা ক্ষন্তেকতে মনলৈ বহু কথাই ভুমুকি মাৰিলে।

* কি হ'ল অ'ই  তোৰ? এনেকৈ আছ যে

          মুখেৰে নামাতে তাই।তলমূৰ কৰি গাৰুত মূৰগুজি পৰি আছে তাই।স্বাতীয়ে মুখ হাত ধুই অহালৈকে একেই আছে।আৰব্ধই জানিব বুলি আৰব্ধলৈ ফোনটো লগালে তাই।নাই অফ আছে।আকৌ আৰোহীক সুধিলে।এইবাৰ উগ্ৰমূৰ্তি ধাৰণ কৰি তাই উত্তৰ দিলে।

*পুৱাৰ পৰা ফোন লগাই আছো নাইধৰা এতিয়া অফ কৰি থৈছে।চব একেই বুজিছ।প্ৰথম প্ৰথম মৰম দেখাব তাৰ পিছত সকলো একেই।

*  সি চাগে কিবা কামত ব্যস্ত আছে।সিটো তোৰ মোৰ নিচিনা এটা কাম নকৰে।তাৰ কামৰ জানো কিবা হিচাপ আছে।

* মানি লৈছোঁ সি ব্যস্ত ,কিন্তু মেছেজ এটা কৰিও সি জনাব পাৰে।

*ল'ৰাবোৰে ইমান কথা নাভাবে আৰু।

         নাই তাই নামানে।সন্ধিয়ালৈ সি ফোন কৰিলে ,নধৰে এতিয়া আৰোহীয়ে।উপায় নাপায় সি স্বাতীলৈ ফোন কৰিলে,স্বাতীৰ ফোন বজা দেখি আৰোহী ডাং খাই উঠিল।

* নধৰিবি তাৰ ফোন।

          নোৱাৰিলে স্বাতীয়ে ফোন ৰিচিভ কৰিব।দুয়োজনীয়ে ফোন নধৰা দেখি আৰব্ধ পাই গ'লহি  সিহঁতৰ ৰুম।

* আহ, আহ ।সাজু হৈ আহিছ নহয়--স্বাতীয়ে ক'লে।

       হাঁহিলে সি।সোমাই আহি আৰোহীৰ কাষতে বহিলহি।স্বাতী পাকঘৰৰ ফালে গ'ল ৰাতিৰ ভাতৰ যোগাৰ কৰিবলৈ।

* কি হ'ল ফোন ধৰা নাই যে?

* মই ধৰা নাই নে তুমি ধৰা নাই।আজিকালি আৰোহীয়ে আৰব্ধক তুমি বুলি ক'বলৈ আৰম্ভ কৰিছে।পিছত নহ'লে মানুহৰ আগত বেয়া শুনাব যে।কিন্তু তাৰ মাজতে খঙৰ ভমকত তয়ো ওলাই।সি কিবা কোৱাৰ আগতেই আকৌ তাই কয়

* হ'ব এতিয়া বাহানা বনাব নালাগে।

* নহয় অ আজি ক্লাছৰ পিছত মিটিং এখন দি দিলে  HOD এ ফটাফট  এৰেঞ্জ কৰিবলৈ ক'লে।ক্লাছ কৰি ফোন কৰিম বুলি ভাবিছিলো কিন্তু ষ্টুডেন্টৰ লগত বিজি হৈ যোৱাৰ বাবে ফোন কৰিব নোৱাৰিলোঁ।SORRY

*মেছেজ এটাতো কৰিব পাৰ,মই কি মেছেজ পঢ়িব নাজানো নেকি।

* পাৰো,কিন্তু ব্যস্ততাৰ মাজত মনলৈ নাহিল মেছেজৰ কথা আৰু আমাৰ HOD কটো জানাই অলপ খেলিমেলি হ'লেই গালি খাব লাগে।হ'ব দিয়া কাইলৈ এফালে যাম ওলাবা।কাইলৈ মোৰ ক্লাছো নাই ,দিনটো তোমাৰ লগতে পাৰ কৰিম হ'ব।

            স্বাতীয়ে সকলো শুনি আছে।সিহঁতৰ ঠেহ পেচ ভাঙে মানে তাইৰ ভাত হৈ গ'ল।

* আহ,আহ মই ভাত বাহিলোৱেই,বাইদেৱে আজি দিনটো একো খোৱা নাই, খাই লহি।আৰব্ধ তোলৈও বনাইছো একেলগে খাই লহি আহ।

          আদি আৰোহীৰ জীৱনৰ শক্তি,সাহস আছিল, কিন্তু আৰব্ধ তাইৰ জীৱনৰ দুৰ্বলতা হৈ ধৰা দিছে।ভয় খাই তাই আদিৰ দৰে কিজানি আৰব্ধও এদিন আঁতৰি যায় তাইৰ জীৱনৰ পৰা।এনেদৰেই পাৰ হয় আৰোহী আৰব্ধ,স্বাতী ,শাস্বতৰ প্ৰেমৰ নদীখন,কিছু মিঠা, কিছু তিতাৰ মাজেৰে।



খণ্ড-----৩৪

             পিছদিনা আৰোহী পুৱাতেই উঠি ৰেডী হৈছিল আৰব্ধৰ লগত যাবলৈ।আহিছিল সি ,দুয়োটাই সেইদিনা গোটেই দিনটো একেলগে পাৰ কৰিছিল।আদিৰ লগত যোৱা ঠাইবিলাকলৈ তাই নাযায়,স্মৃতিয়ে টুকুৰিয়াই।সেইদিনা সিহঁত বশিষ্ঠলৈ গ'ল।ব্ৰহ্মপুত্ৰৰ অস্তমিত সূৰ্য চোৱাৰ হেঁপাহ তাইৰ নাইকিয়া হ'ল,লুইতৰ পাৰত বহি আবেলিৰ সৌন্দৰ্য্য উপভোগ কৰাৰ আগ্ৰহ তাইৰ নাইকিয়া হ'ল।সময় আৰু মানুহৰ মন কেতিয়া কেনেকৈ সলনি হয় কোনেও ক'ব নোৱাৰে।আৰোহীয়েও নোৱাৰিছিল।আদিৰ বাবে অপেক্ষাও মধুৰ হোৱা ছোৱালীজনীৰ এতিয়া আৰব্ধৰ বাবে অপেক্ষা অসহনীয় হৈ পৰে।আদিৰ বছৰজোৰা ফোনৰ অপেক্ষাত বিশ্বাস ৰখা ছোৱালীজনীয়ে আৰব্ধৰ এটা বেলি ফোন নাহিলেই বিশ্বাসৰ শিকলিডালত মামৰে ধৰে।এয়ে সময় অপেক্ষা, বিশ্বাস, মধুৰতাক নেওচি সময় আগুৱাই আহিল।সময় ৰৈ নাথাকে কিন্তু সময়ে দি যোৱা আঘাত আজীৱন ৰৈ যায় হৃদয়ত।স্বাতীৰ হাজাৰ বুজনেও আৰোহীক বুজাব নোৱাৰে।ভয় হয় মাজে মাজে সিহঁতৰ আৰোহীৰ মানসিক ৰোগ হোৱা নাইটো।প্ৰকৃততে আৰোহীয়ে আৰব্ধক লগ এৰা দিব নিবিচাৰে, কিজানি আদিৰ দৰে সিও এদিন তাইক এৰি গুচি যায়।স্বাতীয়ে বুজাই প্ৰেম কেতিয়াও বন্ধন হ'ব নোৱাৰে।প্ৰেম যেতিয়াই বন্ধনলৈ ৰূপান্তৰিত হয় সেই প্ৰেম প্ৰেম নহয়,সি বিক্ষোভলৈ ৰূপান্তৰিত হয়।সেই অভিজ্ঞতা তাইৰ হৈ গৈছে।বুজে তাই কিন্তু দুদিন পিছতে আকৌ ভুল কৰে।আৰব্ধই যিমান পাৰে সময় দিবলৈ চেষ্টা কৰে।এতিয়া সিও চান্দমাৰীতে ৰুম লৈছে যাতে আৰোহীক সময় দিব পাৰে।দুয়োটা ৰিচাৰ্চৰ কামতো বহু ঠাই একেলগে ফুৰে।বহু মধুৰ সময় সিহঁতে একেলগে পাৰ কৰে।বহুতো নেচনেল ,ইন্টাৰনেচনেল চেমিনাৰ সিহঁতে একেলগে এটেণ্ড কৰে।এইবাৰ সিহঁতে ইন্টাৰনেচনেল চেমিনাৰ এটেণ্ড কৰিবলৈ দিল্লীলৈ যাব।দিল্লীৰ হোটেল পিকাছত ৰুম বুক কৰিছে,ডিপাৰ্টমেন্টৰ আৰু দুজনমান যাব।আৰোহীৰ ফূৰ্তিৰ সীমা নাই, স্বাতীকো লগ ধৰে তাই।স্বাতীয়ে চুটি নাপায়।নিৰ্দিষ্ট দিনত সিহঁত ফ্লাইটৰ বাবে ৰাওনা হয়।ছেমিনাৰ প্ৰেজেন্ট কৰাৰ পিছত সিহঁতে ফুৰিব বেলেগ চাওঁক নাচাওঁক তাজমহল তাই চাই আহিব।স্বাতীয়েও দিল্লীৰ পৰা বস্তু আনিবলৈ লিষ্ট এখন দি পথাইছে।

              ছেমিনাৰৰ দিনা স্বাতীয়ে দুয়োটাকে শুভেচ্ছা দিলে।ভালে ভালেই সিহঁতৰ ছেমিনাৰ হৈ গৈছিল।সেই হোটেলত সিহঁতৰ লগতে সেইদিনা আৰু এজনে ৰুম বুক কৰি থাকিবলৈ আহিছিল।ছেমিনাৰৰ পৰা আহি সিহঁতে হোটেলত সেই নিশা আয়োজন কৰা পাৰ্টিত যোগদান কৰিছিল।সকলোৱে  সুৰাও পান কৰিছিল।আৰব্ধই কেতিয়াবা পাৰ্টিয়ে চাৰ্টিয়ে খাই বুলি  সিহঁতে জানে।হোষ্টেলত থকাৰ পৰাই তাৰ এই অভ্যাস হৈছে।ফূৰ্তিতে সিও সেইদিনা খালে ,আৰোহীকো ক'লে

* টেষ্ট কৰিবা নেকি? খোৱা যদি কোৱা আনি দিও।আমিটো মদাহী নহয় আমিটো মাতাল প্ৰেমিকহে।।  

        আৰোহীৰো মন গ'ল টেষ্ট কৰি চাবলৈ।লগৰ দুই এজনীয়ে খোৱা তাই শুনিছে।একো নাই এদিন টেষ্ট কৰিলে পৃথিৱীখন একো অশুদ্ধ নহয় বুলি তায়ো খাম বুলি হয়ভৰ দিলে।পিছদিনা সিহঁত তাজমহল চাবলৈ যাব।প্ৰেমৰ সৌধ চাবলৈ যোৱাৰ আগতে অলপ মতলীয়া হৈ লওঁ বুলি তায়ো আৰব্ধই আনি দিয়া ট্ৰেখনৰ ৰা এপেগ এপেগকৈ পাচ পেগ মাৰিলে।তাইক চকীতে বহিবলৈ দি সি মাকৰ ফোন অহা বাবে ৰিচিভ কৰিবলৈ  অলপ আঁতৰি গ'ল।সেই চেগতে তাই এপেগত টেষ্ট নাপায় পাচ পেগ মাৰি দিলে।আদিত্য তাত থকাৰ কথাটো তেতিয়ালৈকে কোনেও নাজানে।

             আৰব্ধক তাত নেদেখি তাই আৰব্ধক বিচাৰি উঠি আহিলে।ইতিমধ্যে তাইৰ নিচা ভালদৰেই ধৰিছে।থৰক বৰক খোজ দি তাই আহে মানে পৰিবলৈ ধৰাত ওচৰৰ টেবুলত থকা আদিত্যই তাইক পৰাৰ পৰা বচাই।আদিত্যক দেখি তাই ক'ব নোৱাৰা হয়

* তুমি, তুমি ইয়াত কিয়? তুমিটো আমেৰিকাতহে থাকা।

*অলপ কাম আছিল সেয়ে আহিলোঁ।তুমি অকলে ইয়াত, স্বাতী ক'ত?

          আৰব্ধও সোমাই আহে সেই সময়তেই

* অ' মই অকলেই,সেই যে মোক এৰি আমেৰিকাৰ ধকধকি জনী বিয়া পাতিছিলা,তেতিয়াৰ পৰা মই অকলেই।তুমি মোক কিয় এৰি গ'লা আদি।একো নজনোৱাকৈ, মোৰ ক'ত ভুল আছিল আদি,তুমি এনেকুৱা কিয় কৰিলা বুলি তাই তাৰ কলাৰত ধৰি জোকাৰি দিলে।

মনৰ ভিতৰত ৰৈ যোৱা ক্ষোভবোৰ আজি তাই ক'ব নোৱাৰাকৈয়ে ওলাই আহিল নিচাত কোৱা কথাবোৰ অস্পষ্ট যদিও বুজায়ে সকলো বুজিব।সকলোৰে চকু সিহঁতৰ ওপৰত নিবদ্ধ হ'ল।আদিয়ে কৈ উঠিল

* তোমাৰ ৰুম নাম্বাৰটো কোৱা, মই থৈ আহিম।তুমি কেতিয়াৰ পৰা এইবোৰ খাবলৈ ল'লা।ব'লা।

 

*তুমি কিয় মোক থ'বলৈ যাবা,আকৌ আধা বাটতে এৰি দিবলৈ।নালাগে মই অকলেই যাব পাৰিম।কেৱল মোক এটা প্ৰশ্নৰেই উত্তৰ লাগে তুমি  মোক কিয় পাহৰিলা,কিয়?

*ব'লাচোন তোমাক মই ৰুমত থৈ আহিম ,নোযোৱা যদি চেয়াৰ খনতে বহা।অকলে আহিছা নে আৰু কোনোবা আছে?

           আদিয়ে ইফালে সিফালে চাবলৈ ধৰিলে তাইৰ লগত অহা চিনাকি কোনোবা আছে নেকি বুলি।আৰব্ধই তাইৰ কথাৰ পৰা ধৰিব পাৰিছে সি আদিত্য বুলি।আৰব্ধই তাইক আদিৰ কাষত দেখা পাই স্বাভাৱিকতে তাৰ মন মগজুত খংটোৱে উগ্ৰ মূৰ্তি ধাৰণ কৰিছে।

* ব'লা ৰুমলৈ আৰোহী বুলি সি আৰোহীক ধৰি ধৰি ৰুমলৈ লৈ যাব খোজে।আদিয়ে কোনো দিন নেদেখা ল'ৰাটোক দেখি আচৰিত হয়।প্ৰশ্ন কৰে সি আৰব্ধক

* আপুনি কোন ?

* তাৰ আগতে কওঁক আপুনি কোন?

* মই আদিত্য ,আৰোহীহঁতৰ গাঁৱৰে।

* ইয়েই আদি, আৰব্ধ।আৰোহীয়ে কয়।

* হয় নেকি, আপুনিয়েই তেন্তে সেইজন বিশ্বাসঘাটকজন ,ভালকৈয়ে চিনি পাইছো আপোনাক, গাঁৱৰ মানুহ গাঁৱৰে হৈ থাকক অযথা সম্পৰ্কীয় হ'বলৈ চেষ্টা নকৰিব।

             কথাষাৰ কৈয়েই সি আৰোহীক লৈ যাব খোজে।

* ৰ না ,ইয়াৰ পৰা মই দুটামান উত্তৰ পাব লগা আছে,ইয়াক সুধি আছো নকয়েচোন,ই বোবা হ'ল নেকি চাচোন চা।

  * ব'লা ইয়াৰ পৰা বুলি আৰব্ধই আৰোহীক লৈ আনে ৰুমলৈ।সময়ে বহু নিশিকা কথা শিকাই,নভবা কথা ভবাই।আৰব্ধই সেই ৰাতি বুজিলে আৰোহীয়ে এতিয়া যিমানেই তাইক ভাল নাপাওঁক কিয় আদিৰ স্মৃতি সদায় তাইৰ মনত সজীৱ হৈ থাকিব।তাইৰ হৃদয়ত আৰব্ধ একছত্ৰী প্ৰেমিক হৈ থাকিব নোৱাৰে, গোপনে তাত আদিয়েও বাস কৰে।নোপোৱাৰ যন্ত্ৰণা আৰু উত্তৰৰ অপেক্ষা আৰোহীৰ মনত সদায়ে থাকিব।

            আৰোহীক  তাইৰ ৰুমত শুৱাই থৈ আৰব্ধই স্বাতীক ফোনত সকলো কথা কয়।খং উঠিছিল স্বাতীৰ আৰব্ধলৈ,গালি পাৰিছিল তাক,তোকনো কোনে সেইসোপা খোৱাবলৈ কৈছিলে।আদিৰ ওচৰত আৰোহী আকৌ হাৰি গ'ল। পূজাস্থলীত দুগালত চৰ মাৰি সিহঁতে জয়ৰ যি আনন্দ পাইছিল আজিৰ ঘটনাটোৱে পুনৰ সিহঁতক  আদিৰ সন্মুখত পৰাজিত কৰি পেলালে।

             পিছদিনা বহু দেৰিকৈ তাই সাৰ পালে।মনত নাই তাইৰ আগদিনাৰ কথা।মূৰৰ বিষত তাই থাকিব পৰা নাই।সেইসোপা কিয় খাইছিলোনো বুলি নিজকে গালি পাৰে।তাজমহল চাবলৈ যোৱা সিহঁতৰ সেইদিনা নহয়।আবেলিলৈ গা ভাল পায় সিহঁতে কুটুবমিনাৰ,ইণ্ডিয়া গেট চাবলৈ গ'ল।আদি পিছদিনাই গুচি গৈছিল।আচৰিত কৰি আৰোহীৰ আদিক লগ পোৱাৰ কথা অলপো মনত নাছিল।আৰব্ধ,স্বাতীয়েও সেই কথা উলিওৱা নাছিল।ইণ্ডিয়া গেট পাই তাই স্বাতীলৈ ভিডিঅ' কল কৰিছিল।সুখী আছিল তাই।

* চা আমি ক'ত আছোঁ, তয়ো অহা হ'লে কিমান ভাল লাগিল হয়।জমনি কি জান,তইটো শুনিলে মোক গালিয়েই পাৰিবি নহয়।কালি নোখোৱা বস্তু এটা খালোঁ বুজিছ,ইমান বেয়া।মানুহেনো কিয় খাই জানো? মই এপেগ মাৰি ভাবিলোঁ একো টেষ্টেই নাই, কেইবা পেগো খালো বুজিছ ,কিজানি টেষ্ট পিছলৈ আহেই‌।নাই বুজিছ,এই মানুহবোৰেনো কিয় খাই জানো,আজি আগবেলাটো মূৰেই বিষাই আছিল ,এতিয়াহে অলপ ভাল পাইছো।আৰব্ধক কৈছোঁ সেইবোৰ বাদ দিবলৈ,ইমান বেয়া।

* ভাল কৰিলি খালি,এতিয়া গম পালি নহয়।এতিয়াৰ পৰা বাদ দে আৰু।

            তাজমহল চোৱা নহ'ল সিহঁতৰ।পিছদিনা ফ্লাইট থকাৰ বাবে সিহঁতে আগবেলা সৰোজিনী মাৰ্কেটৰ পৰা বজাৰ কৰি আবেলিলৈ ওভতিল পুনৰ অসমলৈ।ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।আৰোহীৰ ক্ষেত্ৰতো সেয়ে হ'ল।তাজমহল চাম চামকৈ গৈ পিছত ইণ্ডিয়া গেট চায়েই আহিব লগা হ'ল।

               পাৰ্টিৰ নিশাৰ কথা কোনোৱেও তাইৰ আগত নুলিয়ালে।আৰব্ধই  এদিন স্বাতীক ক'লে

* মই আদিৰ স্থান কেতিয়াও ল'ব নোৱাৰিম আৰু বুজিছ।তাইৰ হৃদয়ত আদি এতিয়াও আছে।

* থাকিবই দেচোন,কথাবোৰ পাহৰাটো জানো ইমান সহজ।অলপ সময় দে তাইক।তোক এতিয়া তাই ভালপায় বহুত, কিন্তু অচেতন মনত হয়তো তাই নজনাকৈয়ে আদি আজিও আছে।সময় যিদৰে সলনি হয়,মানুহৰ মনো সলনি হ'ব।তোৰ মৰমে এদিন নহয় এদিন তাইক আদিৰ কথা পাহৰাই দিব।

           হুমুনিয়াহ কাঢ়ে সি।

            সময় বাগৰে।সিহঁতৰ ৰিচাৰ্চৰ কামো আগবাঢ়ে।আৰব্ধই বিভিন্ন ধৰণৰ পৰীক্ষাবোৰ দি থাকে।শাস্বতৰ MBA  কমপ্লিট হয়।প্ৰাইভেট বেংক এটাত সি চাকৰি পায়।কষ্ট খালি বহু খটাই।স্বাতীলৈ ফোন কৰিবলৈও তাৰ সময় নাই।কষ্ট হ'লেও সি কামটো কৰিব ,বিয়া পাতিব লাগে সোণকালে।ইমানদিন এনেকৈ থাকিলে আৰু এতিয়া নোৱাৰে।

      স্বাতীয়ে কয়, একেবাৰে কোম্পানীৰ চাকৰি তোমাৰ,সময়ে নোলাই মোলৈ।



খণ্ড-----৩৫

            
     শাস্বতৰ দেউতাকো ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ হৈছিল।সি সৰুকৈ আৰম্ভ কৰা হাৰ্ডৱেৰৰ দোকানখনত এতিয়া তেওঁ দিনটো থাকে,শাস্বতেওঁ নিৰ্ভয়ে সকলো পৰিচালনাৰ দায়িত্ব তেওঁক দিছিল।তেনেকৈয়ে এদিন সিহঁতৰ বিয়াৰ কথা ওলাইছিল।মাক দেউতাক সুস্থ হৈ থাকোঁতেই দায়িত্ববোৰৰ পৰা আজৰি হয়।কথামতেই কাম। স্বাতীৰ নিজৰ কৰ্ম সংস্থান আছিল।শাস্বতেও লাহে লাহে নিজৰ কামত আগুৱাই গৈছিল।এদিন দিন বাৰ চাই দুয়োটাৰে বিয়াখন থিক কৰা হ'ল।আৰোহীৰ দুখ এতিয়াৰ পৰা আৰু সিহঁত দুজনী একেলগে থাকিব নোৱাৰা হ'ব।

             ৰিং চেৰিমনীৰ দৰেই বজাৰ সমাৰবোৰ স্বাতীৰ পচণ্ড মতে কৰা হ'ল মাত্ৰ এইবাৰ লগত শাস্বত নাথাকিল।যোৱাবাৰৰ অভিজ্ঞতাৰ পৰা মাকে এইবাৰ তাক লগ ধৰা নাই।নিজৰ বজাৰ সমাৰবোৰো তাই গুৱাহাটীতে কৰিছে আৰোহীৰ লগত ফাঁচী বজাৰৰ পৰা।ছুটী বেছি নাপায় বাবে এসপ্তাহ মান আগতহে তাই ঘৰলৈ যাব পাৰিছিল।বজাৰ সমাৰবোৰ আগতেই তাই পেকিং কৰি শাস্বতৰ ঘৰত থৈয়েই গৈছিল।নহ'লে আকৌ ঘূৰাইহে আনিব লাগিব। আৰোহী থাকিবলৈও শাস্বতহঁতৰ ভাড়াঘৰতে থিক কৰি দিছে।বিয়াৰ আগতেই ৰুম ছিফ্ট কৰি থৈ গৈছে।দুয়োজনী একেলগেই এইবাৰ ঘৰলৈ গ'ল।আৰোহীয়েও বান্ধৱীৰ বিয়া বুলি কাপোৰৰ পৰা চেণ্ডেললৈকে মিলাই কিনিছে।শাস্বতৰ ৰিচিপছনত পিন্ধিবলৈও তাই আৰু আৰব্ধই মিলাই কিনিছে।আজিকালি আৰব্ধ আৰু আৰোহীও শাস্বতৰ ঘৰৰে এজন হৈ পৰিছে।কিন্তু বিয়াৰ আনন্দৰ মাজতে সিহঁতৰ মনত আশংকাৰ সৃষ্টি কৰা এটা সত্য উদঘাটন হ'ল।এদিন আৰব্ধই আহি কৈছিল

* তোৰ বিয়ালৈ মই যাব পাৰোঁনে নাই থিক নাই।

*কিয়?

* মায়ে মোৰ লগুনদিয়নীৰ দিন থিক কৰিছে।তোৰ বিয়াৰ দুদিনৰ আগত দিনটো পৰিছে।

* লগুনদিয়নীটো বামুণ, গোঁসাই মানুহেহে পাতে - স্বাতীয়ে কয়।

* অ আমিটো বামুণেই।

         দুয়োজনীৰ মুখৰপৰা একেলগে ওলালে  'কি'?

  * তুমি বামুণ বুলি আগতে কিয় কোৱা নাছিলা? মইটো বামুণ নহয়---আৰোহীয়ে সোধে

* সেইবোৰ কথা কেতিয়াও ওলোৱাই নাই।আৰু মই বামুণ হ'লেনো কি হ'ব।

* আৰে তই বামুণ আৰু আৰোহী কলিতা ,তয়ো বৰুৱা লিখ কাৰণে কথাটো মই নাভাবিলোৱেই।কিন্তু তোৰ ঘৰত পিছত তহঁতৰ বিয়াৰ ক্ষেত্ৰত একো অসুবিধা নহ'ব? তই কথাটো ভাবিছনে নাই- স্বাতীয়ে কয়।

*এইবোৰ জাত পাত আজিকালি সৰু কথা।মই হেণ্ডেল কৰিম নহয়,সেইবোৰ তহঁতে ভাবিব নালাগে।মই যোৰহাটলৈ নগ'লেও ইয়াত তহঁতৰ ৰিচিপছন এটেণ্ড কৰিম,বেয়া নাপাবি খালি।সেইটো তাৰিখত নল'লে অহা দুবছৰলৈ মোৰ ৰবি তৰা নাহে।এতিয়াই নাপাতিলে মই বিয়াও সোণকালে পাতিব নোৱাৰিম।

           সি ভৰসা দিলেও আৰোহীৰ মনত আকৌ এটা নতুন টেনচন হ'ল।ভাবিবলৈ ধৰিলে আৰব্ধৰ মাকে তাইক একো কিয় কোৱা নাছিল, স্বাতীক যি ব্যৱহাৰ কৰিছিল তাইকো একেই ব্যৱহাৰ কিয় কৰিছিল।স্বাতীৰ বিয়াৰ ব্যস্ততাত সেইকেইদিনলৈ কথাবোৰ লোপ পালে।

             ঘৰলৈ গৈ স্বাতীৰ ব্যস্ততাৰ অন্ত নাই।ৰভাখোটা পুতাৰ আগতেই গাঁৱৰ সকলোৰে ঘৰত এপাক এপাক মাৰি আহিলে।সিহঁতৰ গাঁৱত কইনাই সকলোৰে ঘৰলৈ গৈ বিয়াৰ আগত তামোল পাণ দি মতাৰ নিয়ম।শাস্বতৰ ফোন ৰিচিভ কৰিবলৈও তাইৰ সময় নাই।বিয়াৰ দুদিনৰ আগত আকৌ সিহঁতৰ কাজিয়া।

* বিয়া হ'বানে নোহোৱা মোৰ লগত,ঘৰলৈ গৈ মোক পাহৰি গ'লা যে।মোকহে কোৱা সময় নাই বুলি, এতিয়া ফোনটোত মিছ কল চোৱাচোন কিমান আছে।

       মেছেজটো পঢ়ি মিছ কল চাই তাই ,পুৱা এঘাৰটা মানৰপৰা ৰাতি নটালৈকে ফোন মাৰি আছে,তাই ফোনটো ৰুমত থৈ বাহিৰত ৰভা দিয়া মানুহৰ লগত লাগি থাকোঁতে কোন শাস্বত,কি ফোন পাহৰি থাকিলে।লগালগ ফোন লগাই তাই ,নাই নধৰে ফোন।মাকলৈ ফোন লগাই,নাই সি দেউতাকৰ লগত বজাৰ কৰি আহিয়েই পোৱা নাই।অহাৰ পিছত ফোন কৰিব বুলি তাই অপেক্ষা কৰে।নাহিল সেইদিনা ফোনটো।

       পিছদিনাৰ পৰা ঘৰলৈ আলহি অহাৰ আৰম্ভ হয়,মাহীয়েক,মোমায়েক,দূৰৈত থকা বৰটাৱক, বৰমাৱকহঁত।ওচৰৰ মানুহেও তামোল পাণ কটা,লাৰু, পিঠা বনাবলৈ লোৱা এইবোৰৰ ব্যস্ততাত তাইৰ আৰু শাস্বতলৈ মনত নপৰে।তামোল কাটি কাটি বৰমাৱকহঁতে কয়

* স্বাতী, পিছে দৰা এইবাৰ জোৰোণত আহিবনে নাই?

         হাঁহে সকলোৱে।স্বাতীয়ে মনে মনে ভাবে,জোৰোণত অহাটো বাদেই দিয়ক বিয়া পাতিবলৈ আহেনে নাই সেইটোৰে গেৰান্টি নাই।সেই দুদিন সিহঁতৰ কথা পতা নহয়।মনত স্বাতীৰ ভয়ো লাগে যি হে মানুহ নাহিলে কি হ'ব।তথাপিও বিয়াৰ আগদিনা ৰাতি শুবলৈ লৈ আকৌ তাই ফোনটো লগায়।ৰিচিভ নকৰে সি।মেছেজ দিয়ে

* একেবাৰে ৰভাতলতে লগ হ'ম যদি তুমি কোৱা।

* জোৰোণত নাহা?

* এইবাৰ তোমাৰ গাঁৱৰ মানুহে খেদে যদি।
        হাঁহি উঠে তাইৰ।I love you বুলি তায়ো মেছেজ এটা দি থয়।

          এদিনীয়া বিয়া কাৰণে জোৰোণ সোনকালেই পাইছিলেহি।ইমান দিনে অনুভৱ নোহোৱা দুখটোৱে স্বাতীক হেঁচি ধৰিলে।ভবাই নাছিলে তাই জোৰোণ আহিলে বুলি আৰোহীয়ে কোৱাৰ লগে লগেই তাইৰ চকুলো বৈ আহিলে, হাত ,ভৰি কঁপিবলৈ ধৰিলে।নাই নাই তাই বিয়া নহয়।দেউতাকে আৰ চকুৰে তাইক চাই গৈছে।মাকে তাইৰ ফালে চাব পৰা নাই।উসঃ,তাইচোন বিয়া বুলি বৰ উৎসাহেৰে বজাৰ সমাৰ কৰিছিল, গাঁৱৰ মানুহক হাঁহি হাঁহি মাতিছিল, দুই এঘৰত কইনা ভাতো খাইছিল, তেন্তে আজি কিয় দুখ লাগিছে।তাইটো ঘৰৰপৰা দূৰৈতে থাকে, তথাপিও সেই যে ইউনিভাৰ্চিটি পঢ়িবলৈ যাওঁতে দুখটোৱে হেঁচা মাৰি ধৰিছিল, সেই যে হোষ্টেল এৰোতে চিঞৰি চিঞৰি কান্দিছিল সেই একেই দুখ,নহয় নহয় তাতোকৈও বেছি।লগৰ দুজনীমানে কৈছে নাকান্দিবি,নাকান্দিবি,মেক্আপ বেয়া হ'ব।খং উঠে স্বাতীৰ

* আৰে,কান্দো বুলি কান্দিছো নেকি।

      কান্দি থাকোঁতেই বৰমাৱকহঁতে তাইক ওলিয়াই নিবলৈ আহিলে,নাযায় ভৰি আগলৈ ।ধৰি ধৰি নিছে তেওঁলোকে,কান্দি কান্দিয়েই তাইলৈ ৰাখি থোৱা আসনত বহিছে।শাস্বতৰ মাকে তাইক কপালতে চুমা এটা খাইছে।

* হ'ব দিয়া নাকান্দিবাচোন,মন গ'লেই তুমি আহিব পাৰিবা নহয় ঘৰলৈ,এতিয়া নাকান্দিবাচোন বুলি কৈ তেওঁ ৰুমালেৰে চকুপানী খিনি মুচি দিয়ে।

          লাহে লাহে সুস্থিৰ হয় তাই।তেওঁলোকে অনা কাপোৰ ,গহণা এপদ এপদকৈ পিন্ধাই তাইক।তাই কিনি থৈ অহাতকৈও দুপদমান গহণা আৰু কাপোৰ দুজোৰ মান বেছিকৈ আহে।মাকে কাণে কাণে কয়

* চিনি নোপোৱা কেইজোৰ বাবাই পচণ্ড কৰি আনিছে দেই।

           হাঁহি উঠে তাইৰ।অত' কেইজোৰ কাপোৰ তাই ক'ত পিন্ধিব।জোৰোণৰ কামখিনি কৰি তেওঁলোক সোনকালেই ওভতিল।এতিয়া স্বাতীক নোৱাই ধোৱাই আকৌ নতুনকৈ সজাইছে।মন গ'ল তাইৰ নিজে পচণ্ড কৰা কাপোৰৰ সলনি শাস্বতে কিনি দিয়া কাপোৰজোৰ পিন্ধিবলৈ।আৰোহীয়ে ফটো মাৰি শাস্বতলৈ পঠিয়ালেই।ফোন কৰিছে সি।বৰ ভাল পাইছে সি, তাৰ পচণ্ড যে স্বাতীয়েও ভাল পাইছে।

           দিনটোৰ অতিথিৰে বিয়াঘৰ উদুলি মুদুলি।ব্যস্ত স্বাতী সকলোকে মাত লগোৱাত,ঘৰ এৰাৰ দুখটো আকৌ পাহৰি গ'ল।ব্যস্ত মাক,দেউতাক, ভায়েক অতিথি শুশ্ৰষাত।লগৰকেইজনীৰ সৈতে স্বাতী ফটো উঠিছে নানা ভঙ্গীৰে।মাক,দেউতাক ভায়েকৰ লগতো উঠিছে।সকলোৰে লগত হাঁহি মাতি থাকোঁতেই মাকে আকৌ ৰুটি, গাখীৰ খাই ল'বলৈ মাতিছে।দেউতাকৰ বৰ চিন্তা ছোৱালীৰ কষ্ট হয় বুলি।দৰাৰ ঘৰৰ ৰিচিপছন আছেই,সেয়ে তেওঁ মাজে মাজে স্বাতীক তাইৰ কইনাৰ আসনখনত বহিবলৈ কয়।

         দিনটোৰ ব্যস্ততা, কষ্ট,হাঁহি ধেমালিৰ মাজতে ৰাতি দৰা আহি পালেহি।উসঃ দুখটোৱে চোন আকৌ হেচুকি ধৰিছে।দৰাঘৰৰ পৰা শাস্বতৰ পৰিয়ালৰ ল'ৰা ছোৱালীবোৰে চকলেটৰ পেকেট দি কইনাৰ মুখ চাবলৈ আহিছে।নিদিয়ে ওচৰৰ বৰমাৱকহঁতে।শৰাইত পইচাৰ পৰিমাণ বাঢ়িলেহে ছোৱালীৰ মুখ দেখুওৱা হ'ব,আমাৰ কইনা ইমান কমদামী নহয় নহয়।দুখৰ মাজতো সকলোৰে কথা শুনি স্বাতীৰ হাঁহি উঠে।এটা সময়ত শৰাইত বিচৰা ধৰণে মাননি পোৱাৰ লগে লগে কইনাৰ মুখ দৰ্শন কৰিবলৈ দিয়া হয়।

           হোমৰ গুৰিৰ পৰা শাস্বতৰ মাত ভাহি আহে,স্বাতীক মাতে সি হোমৰ গুৰিলৈ,নিয়ম মতাৰ।কান্দোনটো এইবাৰ আৰু বেছি হয়।হোমৰ গুৰিত বহা মানে দেউতাকে কন্যাদান কৰি তাইক চিৰ জীৱনৰ বাবে বিদায় দিব।কান্দি কান্দি কান্দি তাই ওলাই আহে।সৌৱা তাইৰ মনৰ মানুহজন ৰৈ আছে তাইক আপোন কৰি ল'বলৈ,কিন্তু তাইৰ এতিয়া মন যোৱা নাই কিয় তেওঁৰ হ'বলৈ।আৰোহীয়ে ধৰি ধৰি তাইক শাস্বতৰ কাষত বহুৱাই দিয়ে।চিঞৰি চিঞৰি কন্দাটো হোমৰ গুৰিত বহাৰ লগে লগে উচুপনিলৈ ৰূপান্তৰিত হয়।শাস্বতে কাণৰ কাষত ফুচফুচাই কয় ---নাকান্দিবাচোন,মই আছো নহয়।ঘৰলৈ মন গ'লেই লৈ আহিম‌।

          কান্দোন বন্ধ হয় লাহে লাহে।পুৰোহিতে মন্ত্ৰ মাতে,দেউতাকে তাইৰ হাতখন শাস্বতৰ হাতত গতাই দিয়ে।বহু সময় বহাৰ পিছত পুৰোহিতে কয়,বিয়া হৈগ'ল।বিভিন্ন খেল ধেমালিৰে বিয়াৰ পিছৰ কামখিনিও হৈ গ'ল।মাকে তাইক যাবৰ সময়ত ভাতকেইটা খাবলৈ বাঢ়ি দিলে।

* খাই ল সোদা পেটে যাব নাপায়।যাবৰ হ'বৰে এতিয়া।

         কৈয়ে মাকে চকুপানী মচি ভিতৰ সোমাই গ'ল।এইখন ঘৰত তাইৰ শেষ ভাত এইসাজ।মনত পৰি আকৌ চেপি ৰখা কান্দোনটো ওলাই আহিল।নোৱাৰিলে খাব তাই।হাত ধুই গুচি আহিল তাই।

        এইয়া তাই মাক- দেউতাকক সেৱা কৰিছে।কোনো দিন সেৱা কৰিবলৈ নিদিয়া মাক দেউতাকে আজি একেলগে জী-জোঁৱাইৰ সেৱা গ্ৰহণ কৰিছে।চিঞৰি চিঞৰি কান্দিছে তাই দেউতাকৰ ভৰিকেইখন ধৰি।কোনোবাই তাইক উঠাই দিছে।মাকে দুহাত দৰ্জাত দি তাইক নোচোৱাকৈ বিদায় দিছে। উসঃ নোৱাৰে যাব তাই, বহি দিলে পকাতে।শাস্বতে উঠাইছে ,দেউতাকে কান্দি কান্দি বুজাইছে।ভায়েকক তাই এৰি দিয়া নাই, সঁচাকৈয়ে তাই যাবগৈ,চিৰজীৱনলৈ।

           ফুলেৰে সজাই থোৱা গাড়ীখনত কোনোবাই তাইক ডাঙি নি বহুৱাইছে।কাষতে শাস্বত বহি লৈছে।সকলোকে পিছ পেলাই থৈ আহিছে গাড়ীখনে।তাই পিছলৈ চাই চাই কান্দিয়েই আছে।শাস্বতে বুজাইছে

*নাকান্দিবাচোন, একো হোৱা নাই।আহি থাকিবা নহয় তুমি মাজে মাজে।বহু দূৰ যাবলৈ আছে,গা বেয়া হ'ব বুলি তাৰ বুকুৰ মাজত তাইক সোমোৱাই লয়।

          একেবাৰে ঘৰ পাওঁতেহে তাই সাৰ পালে।কেতিয়া টোপনি গ'ল,কেতিয়া কান্দোন বন্ধ হ'ল তাইৰ একো মনত নাই।নতুন ঘৰখনত শাহুৱেকে আদৰি আনিছে।সদায় আহি গৈ থকা ঘৰখন আজি যেন তাইৰ বাবে একেবাৰে নতুন হৈ পৰিল।ৰুমটোত সোমোৱাই ডাঙৰসকলক মান ধৰাই খুৰীয়েক, মাহীয়েকহঁত আকৌ উভতি গৈছে।আৰোহীও একেবাৰে গুচি আহিল। শাহুৱেকে তাইক শুবলৈ দিছে।

*ইমান কষ্ট কৰি আহিছা ,শুই লোৱা অলপ।

         বাহি বিয়াৰ দিনা দৰা কইনাই ইজনে সিজনৰ মুখ চাব নাপায়।কিন্তু শাস্বতে মাজতে আহি তাইক চাই যায়।ঘৰৰ কথা মনত পেলাই কান্দি আছে নেকি বুলি।ইটো ৰুমৰ পৰা ফোন কৰে মাজে মাজে ।মাহীয়েকৰ ছোৱালীকেইজনীক পঠিয়াই দিয়ে তাইৰ লগত কথা পাতিবলৈ।

           ৰিচিপছনৰ দিনা পুৱাতেই সিহঁতৰ খুবাখুবুনি পাতে টাউনীয়া নিয়ম,সময়ৰ লগত মিলি চলিব লাগিব।সকলোবোৰ সাজি কাচি বিবাহ বাহৰলৈ ওলাই।স্বাতীৰ মনটো ভাল লাগে।আজি ভায়েকহঁত আহিব।এদিন নেদেখাটো যেন আজি তাইৰ বহু বছৰ নেদেখা যেন হৈছে।সকলোৱে তাইক ধুনীয়া বোৱাৰী ,ধুনীয়া বোৱাৰী বুলি শলাগিছে,কোনোবা দুগৰাকীমানে তাইক মৰমতে চুমাও খাইছে।স্বাতীৰ চকু কিন্তু ভায়েকহঁত অহালৈহে।আৰব্ধ আহি পাইছে।দুয়োটাই মিলাই থোৱাৰ দৰে একে ৰঙৰ কাপোৰ পিন্ধিছে।কিন্তু এইয়া কি ,সৌৱা তাইৰ দেউতাক সোমাই আহিছে।শাস্বতক তাতে থৈ তাই মানুহৰ আগেদিয়েই দৌৰি গৈ দেউতাকক সাৱটি ধৰিছে।

* আপুনি ইয়াত যে?

* জেঠুৰ তোমালৈ বৰ মনত পৰি আছিল, সেয়ে নিয়ম ভাঙি হ'লেও আহিছে। তাইৰ মাহীয়েকৰ ছোৱালীজনীয়ে ক'লে।

         ভাল লাগিল তাইৰ আপোন মানুহখিনিক পাই।শাস্বতে মাজতে কয়

* দেউতালৈ থকা  ইমান মৰম,ইমান ভালপোৱা যদি মোলৈও থাকিলে হয়।মোকো যদি মানুহৰ আগত এনেকৈ সাৱটি ধৰিলা হয়।

* ধেৎ ।

         লাজ লাগি যায় তাইৰ।

* কি ধেৎ,আজি কিন্তু মোক লাগিবই, অত' বছৰ প্ৰেম কৰিও একো নাপালোঁ, আজি ওৱেইত কৰাত নাই।
          লাজ লাগি যায় তাইৰ।সন্ধিয়ালৈ আৰম্ভ হোৱা DJ মিউজিকত সকলোৱে নাচে।দেউতাকহঁত এসময়ত যায়গৈ।তাইৰ চকুকেইটা আকৌ সেমেকি উঠে।
           জীৱন এনেদৰেই আৰম্ভ হয়।শাস্বত আজিকালি বহু ৰুমান্তিক হয়।মুখত মাথোঁ প্ৰেমৰ কবিতা,প্ৰেমৰ গান।ৰাগী লাগিছে তাৰ নতুনকৈ আকৌ প্ৰেমৰ ৰাগী ,মতলীয়া কৰি তোলে স্বাতীক সেই প্ৰেমৰ ৰাগীত।

                হাঁহি দিয়া মোলৈ চাই চেঁচা বতাহে চুব
             হিম হোৱা মৰমবোৰ তোমাৰ ওমে গলাব।

        এনেকুৱা গানবোৰ আজিকালি সিহঁতৰ ৰুমত বাজে।
               

              

খণ্ড----৩৬

             স্বাতীৰ নতুন ঘৰখন আপোনৰো আপোন হৈ পৰিল।সকলো ব্যস্ত সিহঁতৰ।তাৰ মাজতো এসাগৰ মৰমে সকলোকে ডুবাই ৰাখে।কাৰো কোনো ক্ষেত্ৰত আপত্তি নাই।মাকৰ ঘৰতে তাই যদি কিবা ক্ষেত্ৰত মাকৰপৰা ইটো নকৰিবি ,সিটো নকৰিবি শুনিছিল এতিয়া একেবাৰেই নুশুনে শাহুৱেক শহুৰেকৰ পৰা।শাস্বতৰো জেদ,খংবোৰ নাইকিয়া হ'ল।হয়তো এতিয়া তাইক একেবাৰে নিজৰ কৰি লোৱাৰ নিশ্চয়তাত সি নিশ্চিন্ত হ'ল।বিয়াৰ এসপ্তাহ মান পিছতে সিহঁত হনিমুনৰ পৰাও আহিলগৈ।মাকৰ ঘৰতো দুদিনমান থাকি আহিলগৈ।

           বিয়াৰ উৎসাহত নাইকিয়া হৈ পৰা আৰোহীৰ চিন্তাবোৰে এতিয়া আকৌ বেৰি ধৰিলে।আৰোহীক কয় মাজে মাজে

* তোৰ নিচিনাকৈ মোৰ জীৱনটো ইমান সহজ নহয় কিয়?কিয় বাৰে বাৰে ভগৱানে মোৰ ক্ষেত্ৰতহে এনেকুৱা কৰে।সেই মানুহগৰাকীৰ অনুমতি অবিহনে আৰব্ধই মোক বিয়া পাতিলেও মই হ'ব নোৱাৰো।কিমান কষ্টৰে মানুহগৰাকীয়ে ল'ৰাটো ডাঙৰ কৰিছে,মইনো কেনেকৈ তাক তেওঁৰ অনুমতি অবিহনে গ্ৰহণ কৰিম।সুখীয়েই বা হ'ম কেনেকৈ।আকৌ সেই একেই দুখে মোক খুলিখুলি খাব।

* হ'ব দেচোন সময়ত সকলো থিক হ'ব,আৰব্ধৰ ওপৰত বিশ্বাস ৰাখ,সি সকলো থিক কৰিব।

           মনে মনে ভয়ো লাগে স্বাতীৰ ,তাই দুয়োটাকে মিলাই ভুল কৰা নাইটো। এইবাৰো যদি কিবা নঘটিবলগীয়া ঘটনা হয় কি হ'ব আৰোহীৰ।ভগৱানক কয় তাই, তাইৰ দৰেই আৰোহীৰ জীৱটোও সুখেৰে ভৰি উঠক।এদিন আৰোহীয়ে পুৱাতে ওলাই মেলি সাজু ক'ৰবাত যাবলৈ।ধুনীয়া সাজত দেখি স্বাতীয়ে সুধিলে

*কোনফালে যাৱ ইমান পুৱাই?

* আহি ক'ম তোক,এতিয়া দেৰি হৈছে।

        নহালৈকে স্বাতীৰো মনতো চিন্তাক্লিষ্ট হৈ  থাকিল।তাই নিজৰ ডিউটি কৰিও আহিল।তেতিয়ালৈকে নহা দেখি তাই ফোন লগালে ,নাই ৰিচিভ নকৰে।আবলি মানে তাই আহি পালেহি।

* ক'তনো গৈছিলি ,ইমান দেৰি লাগিল যে।আৰব্ধও নাই ক'ত গৈছিলি।

* ৰ ভোকত পেটে মাতি গৈছে।ভাতকেইটা খাই মই তোৰ ওচৰলৈ গৈ আছোঁ‌।

     ভাতপানী খাই তাই আহিল।

* মই জ্যোতিষী এজনৰ ওচৰলৈ গৈছিলোঁ।এইবাৰ আৰু মই ৰিক্স ল'ব নোৱাৰোঁ।সেয়ে তেওঁক কৈছো মোৰ কি কি বেয়া আছে চাই মোক বিধান দিয়ক।মই সকলো কৰিম,পূজা পাতলৰ পৰা ,আঙুঠি, তাবিজ পিন্ধালৈকে।

* তইনো গুৱাহাটীৰ জ্যোতিষীৰ ওচৰলৈ যাব লাগেনে,নাজান ইয়াত কেৱল পইচাৰ খেলহে।তাতকৈ ঘৰলৈ গৈ আমাৰ গাঁৱৰ পূৰ্ণ শৰ্মাকে দেখুৱাই ল'ব পাৰিলি হয়চোন।

* পাৰিলোঁ হয়,কিন্তু তেওঁৰ আগত মই সকলো কথা ক'ব নোৱাৰো নহয়।এওঁ অচিনাকি যেতিয়া সকলো কথাই ক'ব পাৰিম।সেয়ে গ'লো।

           আজিকালি আৰব্ধক তাই ঘৰত কথাটো উলিয়াবলৈ কয়।মাকে কি কয় তাইৰ জানিবলৈ আৰু ৰ'ব নোৱাৰা হৈছে।তাই কয় ,তুমি যদি আগতে ভাল পাইছিলোঁ বুলি কৈছিলা এতিয়া বিয়া পাতিম বুলি ক'বা।মায়ে যদি মানি নলয়।

* থিক আছে মানি লোৱা মায়ে মানি নলয় তেতিয়া কি কৰিবা?

* তুমিহে জানা কি কৰিবা ।

* সেয়ে কৈছোঁ মই সময়ত কি কৰিব লাগে কৰিম নহয়।নে এতিয়াও তোমাৰ মোৰ ওপৰত বিশ্বাস নাই।

* বিশ্বাস শব্দটোৰ মোৰ লগত সম্পৰ্কই নাই যে।এতিয়া বুলি নহয় কেতিয়াবাৰ পৰাই।মাথোঁ এটাই বিশ্বাস আজীৱন থাকিব স্বাতীৰ বন্ধুত্বৰ ওপৰত।জানাই চোন মোৰ জীৱন পৰিক্ৰমা।

* সেই জীৱন পৰিক্ৰমাত আগতে মই নাছিলোঁ, এতিয়া মই আছো নহয় ,চিন্তা নকৰিবা।

       আৰব্ধৰ লগত কথা পাতি দুদিনমান তাই থিকে থাকে।কিন্তু আকৌ আৰম্ভ হয় সেই একেই কথাবোৰ।সিহঁতে দেখিছে সিহঁতৰ গাঁৱৰ বামুণ মানুহকেইঘৰৰ নিয়ম নীতিবোৰ।বেলেগ কাষ্টৰ ছোৱালী বিয়া কৰালে বা ছোৱালী বেলেগ কাষ্টৰ ল'ৰালৈ বিয়া হৈ গ'লে সিহঁত মৰিল বুলি পৰাচিত হয়।তেনেস্থলত আৰব্ধৰ ঘৰত কেনেকৈ আৰোহীক আকোঁৱালি ল'ব সেই লৈ এতিয়া আৰোহীৰ চিন্তাৰ অন্ত নাই।

           এদিন আৰোহীৰ হাতত দেখা গ'ল চাৰি,পাচটামান আঙুঠি।

* এইকেইটাই দিলে নে  তোমাৰ জ্যোতিষীয়ে ? আৰু দুটামান খুজি ল'ব লাগিছিল।কেই পইচা ল'লে পিছে--- আৰব্ধই সোধে।

* পঞ্চাশ হাজাৰ।

* তই মানে চাকৰি কৰি যি কেইটা সাঁচিছিলি গোটেইকেইটা দি থৈ আহিলি---স্বাতীয়ে কয়।

* ও।পইচা পিছতো পাই থাকিম ন ,আগতে জীৱনটোকেই চিজিল লগাই লওঁচোন‌।

* থিক আছে তেন্তে আৰব্ধ এতিয়াৰ পৰা তোৰ চিন্তা নাই।তই বিয়াৰ বাবে ঘৰত একো নক'লেও হ'ব,নকৰিলেও হ'ব।এই আঙুঠিকেইটাই সকলো থিক কৰি দিব।

              হাঁহে সিহঁতে।আৰোহীৰ মুখ ফুলি যায়।
* আৰু এটা কথা আৰব্ধ ,তই এইক বিয়াত আঙুঠিও দিব নালাগে, চানা পিন্ধিবলৈ আঙুলিয়েই নাই।

            এইবোৰৰ মাজেৰেই জীৱন আকৌ আগবাঢ়ে।আৰব্ধৰ চাকৰি হৈছিল ACS পাছ কৰিছিল সি।পাছ কৰাৰ দিনা মিঠাই লৈ আহিছিল সি স্বাতীৰ ঘৰলৈ।স্বাতীৰ শহুৰেকে মাছে মাংসই গুটাইছিল সেইদিনা।বোৱাৰীৰ লগৰ ল'ৰা মানে নিজৰেই ল'ৰা ,উৎফুল্লিত হৈছিল সকলো।সেইদিনা গোটেইকেইটাই একেলগে মিলি ভাতসাজ খাইছিল।শাস্বতে আৰব্ধক কয়

* হওঁক দে আমাৰ হোষ্টেলৰ পৰা এটা ACS ওলাল।আমি তোক লৈ আগতেও গৌৰৱ অনুভৱ কৰোঁ আৰু এতিয়াও।

          আৰোহী সুখী হৈছিল।জীৱনটোত আগুৱাই যাবলৈ জীৱনে যেন আকৌ দুৱাৰখন মুকলি কৰি দিলে।আঙুঠিকেইটাৰ ওপৰত বিশ্বাসটো আৰু বাঢ়ি গ'ল।খানাৰ মাজতে ক'লে

* দেখিলি হাঁহিছিলি নহয় আঙুঠিকেইটা পিন্ধাৰ বাবে, এতিয়া চা পিন্ধাৰ পিছতে ভাল খবৰটো আহিলনে।আগতেওটো দিছিল সি পৰীক্ষা ,পাছটো কৰা নাছিল।এইবাৰ দেখিলি।

          শাস্বতে কথা শুনি কয়

* আৰব্ধ ,তই পঢ়া শুনাবোৰ এনেই কৰিলি বুজিছ,আঙুঠিয়েহে তোক পাছ কৰালে।

           হাঁহে সকলোৱে।শাস্বতৰ মাক- দেউতাকেও আৰোহীৰ কামবোৰত বৰ ৰস পায়।একো নকয় খালি তেওঁলোকে।

              দুয়োটাই পিছদিনা কামাখ্যা মন্দিৰত আৰোহীৰ কথামতে গৈ শৰাই এখন দি থৈ আহে।আৰব্ধও সুখী আছিল।চাকৰি এটা পালে যেতিয়া এতিয়া মাকক তাৰ লগতে ৰাখিব।লৈ আহিব তেওঁক তাৰপৰা ।কষ্টবোৰ সিহঁতৰ শেষ হ'ব আৰু।এতিয়া মাকক বিয়াৰ কথাও ক'ব পাৰিব লাহে লাহে।

          সকলোৱে যেন মনে প্ৰাণে এতিয়া বিচাৰিছিল আৰোহী আৰু আৰব্ধৰ বিয়াখনৰ কথা।আৰুৰ দেউতাকে আজিকালি সুবিধা পালেই বিয়াৰ কথা উলিয়াই, সেয়ে ঘৰলৈ নোযোৱাই হ'ল তাই।আৰব্ধৰ কথা কোৱা নাই তাই ঘৰত।আদিয়ে যি কৰিলে তাৰ পিছত আৰব্ধৰ কথা ক'বলৈচোন তাইৰ সাহসেই নহয়।তাৰোপৰি তাই আৰব্ধৰ ঘৰৰ ফালৰ পৰাও সঠিক উত্তৰ পোৱা নাই।বিশ্বাস কৰে তাই আৰব্ধক,সি সকলোকে মান্তি কৰাব পাৰিব ।তাৰ সেইখিনি বিচক্ষণতা আছে ,কিন্তু সেই বিশ্বাসটো তাই আদিকো কৰিছিল।



খণ্ড---৩৭(অন্তিম খণ্ড)

           আৰব্ধ চাকৰিত জইন কৰাৰ আগতে দুদিনমানৰ বাবে ঘৰলৈ গৈছিল।আৰোহীয়ে বুজাই পঠাই মাকক এইবাৰ সকলো কথাই ক'বলৈ।তাইৰ ৰিচাৰ্চৰ কামো শেষ হওঁ হওঁ হৈছে।তাইৰ মতে ৰিচাৰ্চৰ কাম শেষ কৰি তাই বিয়াত বহিব।স্বাতীয়ে কয়

* আনে ৰিচাৰ্চৰ কাম শেষ কৰি চাকৰিৰ কাৰণে চিন্তা কৰে আৰু তই বিয়াত বহাৰ কথা যে চিন্তা কৰিছ?

*চাকৰি পালেটো কৰিমেই কিন্তু বিয়াখনো মোৰ বাবে এতিয়া ডাঙৰ চাকৰিতকৈ কোনো গুণে কম হৈ থকা নাই।তই নুবুজিবি।তোৰটো সুখেই,সুখ।ভালপোৱা মানুহজনক একেবাৰে নিজৰ কৰি ল'ব পাৰিলি।ইমান মৰমীয়াল শহুৰ শাহু পালি।তোকনো আৰু কি লাগে

*কিয় নালাগিছিল।ময়োটো বিচাৰিছিলো মোৰ স্বামীয়ে এটা ডাঙৰ চাকৰি কৰক।প্ৰফেছাৰ হওঁক, ডাক্তৰ হওঁক, ইঞ্জিনীয়াৰ হওঁক।কিন্তু শাস্বতৰ তেনে চাকৰি নাই যদিও মই কোনো দিন দুখ কৰা নাই।তোকোটো মই ক'ব পাৰোঁ, মোৰনো কি আছে ,নিউজ চেনেলত কাম কৰি কেই পইচা ঘটো,শাস্বতেওটো আদি,আৰব্ধৰ নিচিনা হাইফাই চাকৰি পোৱা নাই।তথাপিও মই কোনোদিন আক্ষেপ কৰা নাই।যি পাইছোঁ, যেনেকৈ পাইছোঁ গ্ৰহণ কৰিছোঁ।জানো মই শাস্বতৰ মাক- দেউতাকে তাৰ ভবিষ্যত সুৰক্ষিত হোৱাকৈ সকলো ব্যৱস্থা কৰি থৈ গৈছে।কিন্তু তহঁতে নিজৰ সন্তানৰ ভবিষ্যত যিমান সুৰক্ষিত কৰিব পাৰিবি ,মই জানো পাৰিম।কিন্তু তথাপিও মই কাকো দোষাৰোপ নকৰোঁ।কাৰণ জীৱনটো আমাৰ, জীৱনে যি ফালে লৈ যায় ময়ো সেইফালেই ঢাল খাম।জীৱনটোক আনৰ লগত তুলনা কৰাতকৈ নিজে পোৱা খিনিকে লৈ সুখী হবি ,চাবি জীৱনে তোলৈ ফুলৰ দলিচা পাৰি থৈছে।

          গতিশীল সময় কাৰো বাবে ৰৈ নাথাকে।আৰব্ধৰ পষ্টিং ডিব্ৰুগড়ত হয়।এতিয়া আকৌ দুয়োটা বেলেগ বেলেগ হয়।আৰোহী আকৌ চিন্তিত হয়।চকুৰ আতৰে মনৰ আতৰ নকৰেটো।আৰব্ধই মাকক নিজৰ লগলৈ আনে।মাক কিন্তু একেবাৰে নাহে।মাজে মাজে থাকিবলৈহে আহে।নিজৰ ঘৰখন এৰি তেওঁ নাহে।আৰব্ধই সেয়ে সকলো সুবিধা তেওঁক নিজৰ ঘৰতে কৰি দিয়ে।স্বাতীয়ে আৰোহীৰ মুখত সকলো শুনি থাকে।আজি আৰব্ধই মাকলৈ এইটো কিনিছে,আজি সেইটো কিনিছে আদিবোৰ।গুৱাহাটীত কাম থাকিলে সি দুদিনমান থাকি যায় বেছিকৈ।সেই দুদিন আৰোহীৰ লগত সময় দিয়ে সি।তাইৰ ৰুমলৈ আহে।তাৰ ব্যস্ততাবোৰ,তাৰ কামবোৰৰ পাতনি মেলে।দুয়ো দুয়োৰে প্ৰেমৰ সাগৰত ডুব যায়,মৰমবোৰ উথলি উঠে।আৰোহীৰ কোলাত মূৰ থৈ সি তাৰ ভাগৰুৱা দেহাটোক জিৰণি দিয়ে।আৰোহীয়ে তাইৰ লাহি আঙুলিকেইটিৰে তাৰ চুলিখিনিৰ মাজেৰে হাত বুলাই।সি ভাল পোৱা তাইৰ হাতৰ ব্যঞ্জনবোৰ ৰান্ধি খুৱাই।সেই কেইদিন তাই কলেজৰ পৰা ছুটী লয়।সেই সময় কেৱল সিহঁতৰ।কেতিয়াবা দুয়োটা ওলাই যায় জালুকবাৰীলৈ।সিহঁতৰ প্ৰেম,স্মৃতিবোৰ জীপাল কৰিবলৈ।হোষ্টেললৈ যায় আৰব্ধ,তাৰ মৰমৰ ,হেঁপাহৰ হোষ্টেলখন।জালুকবাৰীৰ অলিয়ে গলিয়ে আকৌ সিহঁত উৰি ফুৰে।

        আৰব্ধৰ চাকৰি কৰাও এবছৰমান হৈ গ'ল।আৰোহীৰ ৰিচাৰ্চৰ কামো শেষ হয়।আৰব্ধৰ ব্যস্ততাবোৰৰ বাবে তাৰ ৰিচাৰ্চৰ কাম সম্পূৰ্ণ নহয় আৰু এবছৰ মান লাগিব তাক।এদিন ঘৰলৈ যাওঁতে মাকক সি আৰোহীক বিয়া কৰোৱাৰ কথা কয়।মাক আচৰিত নহয়।কেৱল সমাজৰ নিয়মৰ কথা কয়।সি আৰোহীক বিয়া পাতিলে সমাজে যে সিহঁতক একাষৰীয়া কৰিব, সেই কথা কয়।এতিয়া মাকে তাক লৈ যি গৰ্ব কৰে সেই গৰ্ব,সেই সন্মান দুদিনতে শেষ হৈ যাব তেওঁলোকৰ।মাকৰ আপত্তি নাই, কিন্তু সমাজে গ্ৰহণ নকৰিলে  মাকে বৰ কষ্ট পাব।সেয়ে আৰব্ধক প্ৰথমে সমাজক মান্তি কৰাবলৈ কয়।আৰব্ধৰ মতে

* যিখিনি সময়ত আমাৰ বেয়া দিন চলি আছিল তেতিয়া সমাজ ক'ত গৈছিল।সেইখিনি সময় সিহঁতে অকলেই পাৰ কৰিছিল।জীৱনৰ লগত যুজঁ, সংঘৰ্ষ সিহঁত দুজনে অকলেই কৰিছে।এতিয়া আকৌ সমাজৰ মত লোৱাৰ দৰকাৰ ক'ত? জীৱন তাৰ ,বিয়া তাৰ, মন মিলিছে তাৰ।ইয়াত সমাজ ক'ৰ পৰা আহিল।মাকৰ যদি আপত্তি নাই সি আৰোহীক বিয়া পতাত সমাজে একো সন্মতি দিব নালাগে।সমাজে সিহঁতক এঘৰীয়া কৰিলেও কৰক।দৰকাৰ হ'লে মাকক সি একেবাৰে তাৰ পৰা লৈ যাব।কেৱল মাকে তাক সকলো ক্ষেত্ৰতে সহাঁৰি জনালেই হ'ল আৰু।এনেও তেওঁৰ বয়স হৈ আহিছে অকলে অকলে আৰু এইখন ঘৰত থাকিব নালাগে।তাৰ লগতে থাকিব।

              একমাত্ৰ পুত্ৰৰ স্নেহত মাকে তাৰ সকলো যুক্তি মানি লৈছিল।ল'ৰাটোৱে তাৰ জীৱন সংগ্ৰাম অকলেই কৰিছে।আনৰ সন্তানে পোৱা সুখ সুবিধা তেওঁ তাক দিব পৰা নাছিল, এতিয়া সি নিজে যিখিনি সুখ বিচাৰি লৈছে, তাত তেওঁক বাধা দিবলৈ মনে নক'লে।

              মাকৰ পৰা সঁহাৰি পাই আৰব্ধই গাঁৱৰ বৰটাৱকহঁতক,খুৰাৱকহঁতক কথাবোৰ জনালে।তেওঁলোকৰ মতে সমাজৰ নিয়মত তেওঁলোক বান্ধ খোৱা।বিয়াৰ বাবে তেওঁলোকে সন্মতি নিদিলে।যদি বিয়া পাতে সিহঁত এঘৰীয়া হ'ব লাগিব।তাৰোপৰি তেওঁলোক সেই বিয়াত উপস্থিত নহয়।সমাজে ধৰিব।আৰব্ধ আচৰিত নহ'ল।জানে সি সকলো কথা।বিয়াৰ আগতেই মাকক সি তাৰ লগলৈ লৈ যাব।ডিব্ৰুগড়ৰ পৰাই বিয়া পাতিব।ডিব্ৰুগড়তে মোমায়েকহঁতৰ ঘৰো।তেওঁলোকৰ উপস্থিতিতেই সি বিয়াখন পাতিব।মোমায়েকহঁতক সি আগতে কৈছে ,তেওঁলোকৰ আপত্তি নাই।

            ঘৰৰ পৰা উভতি আহি দুদিনৰ পিছত সি আৰোহীৰ ঘৰলৈ আহিল।ঘৰত হৈ যোৱা কথাবোৰৰ বিষয়ে সি আৰোহীক একো নক'লে।আনকি তাইৰ ঘৰলৈ যোৱাৰ কথাও সি একো নক'লে।আৰোহীৰ মাক - দেউতাকক সি আৰোহীৰ হাত খুজিলে।আচৰিত হ'ল তেওঁলোক।কাৰো মুখত এই বিষয়ে একো নুশুনা মানুহহালে কথাবোৰ বিশ্বাস কৰিবলৈ টান পালে‌।আদিও আহিছিল এদিন এনেকৈয়ে।দেউতাকে বিশ্বাস আৰু মৰমৰে তাক আকোঁৱালি লৈছিল কিন্তু প্ৰতিদানত কি হ'ল।তেওঁলোকৰ হাঁহি মাতি থকা ছোৱালীজনী সম্পূৰ্ণ সলনি হ'ল,ঘৰলৈ আহিবলৈ টান পোৱা হ'ল,বিয়াৰ নাম শুনিলেই সাত জাপ মৰা হ'ল।আৰব্ধই তেওঁলোকক প্ৰথমৰ পৰা সকলো কথা ক'লে।তাৰ বিশ্বাস, তাৰ ভালপোৱাই কেনেকৈ আৰোহীক এতিয়া সম্পূৰ্ণ সলাই পেলালে।তাৰ ঘৰতো যে সম্পৰ্কটোলৈ কোনো আপত্তি নাই সেই সম্পৰ্কেও সি তেওঁলোকক জনালে।সুখ পালে তেওঁলোকে আদিৰ বিশ্বাসঘাটকতাৰ পাছতো আৰুৰ জীৱনলৈ আকৌ এনে সুখ আহিব বুলি তেওঁলোকে ভবা নাছিল।তাক মৰমৰে ওপচাই পেলাইছিল তেওঁলোকে।স্বাতীৰ বিয়াতটো তাক লগ পাইছিলেই,এতিয়া সেই বন্ধুত্ব সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব।স্বাতীৰ ঘৰতো সি সোমাই আহিছিল।কিন্তু আৰোহীক কথাবোৰ নজনাবলৈ তেওঁলোকৰ পৰা কথা লৈছিল।স্বাতীক সকলো কথা কৈছিল।সি প্লেন বনাইছিল।

             আৰব্ধৰ প্লেন অনুসৰি স্বাতীয়ে  আৰোহীক লগত লৈ এদিন ঘৰলৈ আহিছিল।নাহে তাই।আৰব্ধৰ ওপৰত খং

*ইমান দিনে সি অহা নাই, অহা নাইটো নায়েই ঘৰতো মাকক একো কোৱা নাই।

* ক'ব ৰচোন।তাৰ চাকৰিটো হৈছেহে।লাহে লাহে ক'ব।সেইবোৰ বাদ দে,ব'ল দুদিনমানৰ বাবে ঘৰৰ পৰা আহোগৈ।বহু দিন যোৱা নাই।মন গৈ আছে।অকলে যাবলৈ ভাল নালাগে ইমান দূৰ।শাস্বতৰটো সময়েই নাই জানই।ব'ল আমি দুজনী যাওঁ।

          মান্তি হ'ল তাই।দুয়ো সেই বিশেষ দিনটোত পুৱাতে ছুপাৰত উঠি এঘাৰ বজাত ঘৰ পাই গৈছিল।আৰব্ধই মাকক লৈ ইতিমধ্যে আৰোহীৰ ঘৰত হাজিৰ।স্বাতীহঁতৰ মাকহঁতো তাতেই আছে।স্বাতীও আৰোহীৰ ঘৰতে সোমালে।আৰোহীয়ে সোমায়েই আৰব্ধ আৰু মাকক দেখি আচৰিত ।মনলৈ একো নাহে,চাৰিওফাল শূন্য হৈ পৰে।আৰব্ধ উঠি যায় তাইৰ কাষলৈ

* কেনেকুৱা লাগিল চাৰপ্ৰাইজটো?

         মুখখন মেলি ৰয় তাই।

*মানে?

*মানে মিয়া বিবি ৰাজি ত' ক্যা কৰেগা কাজি।

          আৰব্ধৰ মাকে তাইক আকোঁৱালি লয়।কপালতে এটা চুমা আঁকি দিয়ে।সেইযে তাইৰ সপোনটো শাস্বতৰ মাকে স্বাতীক আকোঁৱালি লোৱাটো ,মৰম কৰাটো আজি তাইৰ সেই সপোন পূৰ হয়।মাকৰ ভৰি চুই তাই সেৱা কৰে।বুজি উঠে তাই সকলো।

*  ধন্যবাদ মা,মোক গ্ৰহণ কৰাৰ বাবে।

             আবেগিক হৈ পৰে তাই।নভবাকৈয়ে সুখবোৰে তাইৰ আচল ভৰাই তুলিলে।আৰব্ধক সকলোৰে আগত সাৱটি ধৰে।সেইৰ সুখৰ মূহুৰ্ততো উপভোগ কৰিবলৈয়ে আৰব্ধৰ এই আয়োজন। সেই মূহুৰ্ততোৰ বাবে যে কিমান অপেক্ষা।আঙুঠিটো তাইৰ আঙুলিত সোমোৱাবলৈ লৈ  আৰব্ধই তাইক সোধে

* Will you marry me ?

*Yes,Yes.I can't wait.

           আঙুঠিটো পিন্ধাই দিয়ে সি।দৰকাৰ নাই কোনো আয়োজনৰ,দৰকাৰ নাই সমাজৰ,সিহঁত দুটা সুখী তাতকৈ আৰু কি লাগে।

              বিয়াৰ তাৰিখ ঠিক কৰা হয়।আৰব্ধই মাকক এদিন গুৱাহাটীলৈ লৈ গৈ আৰোহী,স্বাতীৰ সৈতে বিয়াৰ বজাৰ কৰিলে।এবাৰতে আহি সি গোটেই বজাৰ কৰি লৈছে ,ছুটী নাপায় সি ইমান।বিয়াৰ বাবে ছুটী ল'বলৈ আছেই।বিয়া তাৰ ডিব্ৰুগড়ৰ পৰাই হ'ব।

         আৰোহীৰ আঙুঠিকেইটাৰ প্ৰতি বিশ্বাস আৰু দুগুণ হৈছিল।বিয়াত আঙুঠি হেনো তাই সেইকেইটাৰ ওপৰতে পিন্ধিব,নোখোলে।হাঁহে সকলোৱে।

       সেউজীয়াবোৰে পুনৰ আৰোহীৰ হৃদয়ত ঠাই লৈছিল।আৰব্ধক একেবাৰে পাই তাই আদিৰ সকলো কথা পাহৰি পেলাইছিল।নাই এতিয়া তাইৰ কোনো ভয়,অতীতক পাহৰি ভবিষ্যতক দুহাতেৰে আকোঁৱালি লৈছে তাই।দুখ মাথোঁ এটাই স্বাতীৰ সৈতে তাইৰ বিচ্ছেদ। ভাড়াঘৰ এৰাৰ দিনা দুয়োজনীয়ে কম কন্দা নাই।যেন হিয়াৰ এটুকুৰা মঙহ কোনোবাই কাটি পেলাইছে। কান্দি কান্দি বিদায় লৈছিল তাই ।
 

   দুয়ো ঘৰৰ সন্মতিত আজি এইয়া আৰোহীৰ বিয়া।

  *নামা,পালোহি ।

             শাস্বতৰ মাততহে স্বাতীয়ে অতীত ৰোমন্থনৰ পৰা বাস্তৱলৈ ঘূৰি আহিল।এৰা বিয়াঘৰ পালেহি।সোমাই গ'ল তাই ,কইনা সাজত সৌৱা আৰু।ৰঙা পাটৰ কাপোৰজোৰে তাইক একেবাৰে সৰগৰ অপেশ্বৰী যেন লাগিছে।দৌৰি গৈছিল তাই,দুহাত মেলি সাৱটি ধৰিছিল তাইক।শৈশৱৰ পৰা একেলগে ডাঙৰ দীঘল হোৱা প্ৰাণৰ সখীৰ আজি বিয়া।সুখী হওঁক তাই স্বাতীৰ দৰেই ।ৰংবোৰ ঘূৰি আহক আৰোহীৰ জীৱনলৈ।স্বাতী-শাস্বতৰ দৰেই বন্ধুবৰ্গৰ মাজত সৰব হৈ পৰক আৰোহী -আৰব্ধৰ প্ৰেম কাহিনী।জনম জনমলৈ  এক হৈ পৰক  দুয়ো।

সমাপ্ত।

গজৰাজ

  চাকিগছি পদূলিমুখত জ্বলাই ওৰণিখন দীঘলকৈ টানি ৰূপালীয়ে কলংখনৰ ফালে চাই সেৱা এটি কৰি ঘৰৰ ফালে খোজ ল'লে।হাতত থকা ধূনাদানিটোৰ সুবাস চৌদিশে ...