Tuesday, October 27, 2020

উপপাদন


#উপপাদন


* তোকনো কিয় মই ভাল পাইছিলোঁ।মোলৈ তোৰ সময়েই নাথাকে।


  কথাষাৰ কৈয়েই ৰুমটোৰ পৰা যাবলৈ লয় অভিৰুক।
*মই কৈছিলোঁ তোক মোক ভাল পাবলৈ।


ফোনটো দলিয়াই দি খঙেৰেই কয় শ্ৰুতিয়ে।মাজে মাজে অতি বেছি আদৰ মৰমে আমনি লগাই তাইক।বুজি নাপায় তাই প্ৰকৃততে অভিৰুকৰ সেইয়া মৰম নে সন্দেহ।


*থিক আছে আজিৰ পৰা আৰু তোক মই ডিৰ্ষ্টাব নিদিও,বাই।


*আৰে শুনচোন।


 নৰয় অভিৰুক গুচি যায় সি।সদায় কাজিয়াৰ শেষত ইমচনেল ব্লেকমেইলিং কৰি শেষ অস্ত্ৰপাত মাৰি গুচি যায় সি।জানে সি লগে লগে শ্ৰুতিয়ে 'চৰি' ক'ব আৰু মান অভিমানবোৰ শেষ হৈ যাব।ফোনৰ ওপৰত ফোন যাব ৰিচিভ নকৰিলে মেছেজ যাব আৰু কাজিয়াখনৰ অৱসান ঘটিব।কিন্তু আজি সঁচাকৈয়ে শ্ৰুতিৰ খং উঠিছে।নকয় তাই চৰি।ব্ৰেক আপ হ'লে হওঁক বুলিয়েই তাই একো নক'লে।এই ব্ৰেক আপ যে সিহঁতৰ কিমান বাৰ হৈছে,নামাতো নামাতো বুলি ভাবিও আকৌ সিহঁতৰ মাত বোল হয়।এনেদৰেই চলি আহিছে যোৱা দুটা বছৰ।
মাষ্টাৰ ডিগ্ৰী কৰি শ্ৰুতিয়ে গুৱাহাটীতে এইডছৰ লগত জড়িত NGO এটাত কাউন্সিলাৰ ৰূপে নিযুক্তি পাইছিল।ঠায়ে ঠায়ে গৈ সিহঁতৰ NGOৰ মানুহে সজাগতা সভা পাতে।বহুতেই বুজি নাপায় এতিয়াও কথাবোৰ।সেই কাউন্সিলৰ সময়তেই আজি অভিৰুকৰ ফোনৰ ওপৰি ফোন।ইফালে হেড অফিচৰ পৰা আজি দেম' চাবৰ বাবে অফিচাৰ দুজন মানো আহিছে।এনেই তাই অকলেই যায়,কিন্তু সেইদিনা হেড অফিচৰ পৰা মানুহ অহাৰ কথা থকাৰ বাবেই প্ৰজেক্ট মেনেজাৰ,একাউন্টটেন্ট আৰু দুজন মানো যায়।ব্যস্ত দিনটোত তাইৰ ফোনৰ ৰিং শুনিবলৈ,ৰিচিভ কৰিবলৈও সময় নাই।উবেৰখনত বহি ফোনটো চেক কৰোঁতেহে শ্ৰুতিৰ বুকুখন ধপং ধপং কৰিবলৈ ধৰিলে।প্ৰায় দুশৰ ওপৰৰো মিছ কল দেখি শ্ৰুতিৰ পিছৰ পৰ্য্যায়ত কি হ'ব বুজিবলৈ বাকী নাথাকিল।লগে লগে ফোনটো লগাই তাই।নাই ৰিচিভ নকৰে।নজনাকৈয়ে শ্ৰুতিৰ বুকুখনৰ ঢপঢপনিটো যেন ক্ৰমান্বয়ে বাঢ়ি গ'ল।


বিশ্ববিদ্যালয়ৰ সেই মৰমীয়াল ল'ৰাটোৰ খং তাই বহু বাৰ দেখিছে।ভালত ভাল বেয়াত যমকাল।প্ৰেম কৰা নাযায় প্ৰেম হৈ যায়।বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা,হোষ্টেলৰ গেট টুগেদাৰ,ইলেকচন আৰু যে ক'ত কিমান অনুষ্ঠানৰ নয়নৰ মণি আছিল অভিৰুক।নজনাকৈয়ে ভাল লাগিছিল তাইৰ।চকুৱে চকুৱে পৰিলে এক লাজ লাজ অনুভৱে জোকাৰি গৈছিল তাইক।এদিন হোষ্টেলৰ টি-পাৰ্টিত চিনাকি হোৱা অভিৰুকে বন্ধুত্বৰে আৰম্ভ কৰা সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কলৈ কেতিয়া ৰূপান্তৰিত কৰিছিল তাই যেন ততেই ধৰিব পৰা নাছিল।হঠাৎ এদিন তাৰ পৰা মেছেজ আহিছিল


*Meet me in the market within 30 minutes.


ক্লাছত থকা শ্ৰুতিয়ে মেছেজটো পঢ়ে মানেই পাৰ হৈছিল এঘন্টা।হঠাত অহা মেছেজটো ভুলতে তাইলৈ আহিল বুলি তাই একো ৰিপ্লায়ো নিদিলে।কাৰণ তেতিয়ালৈকে সি কেতিয়াও তাইক মেছেজ দিয়া নাছিল।ফোনতেই এটা দুটা কথা সোধাৰ বাহিৰে বেছি কথা নাপাতিছিল।ক্লাছৰ পৰা আহি  সদায় শ্ৰুতিয়ে বিচনাখনতে অলপ দীঘল দিয়ে।সেইদিনাও শুই গৈছিল তাই।সন্ধিয়া ৰুমমেট মৌমিতাৰ মাততহে তাই সাৰ পাইছিল।


*ইমান যে শুব পাৰ তই,অথনিৰে পৰা ফোনটো বাজি আছে গমেই নাপাৱ।


ফোনটোলৈ চাই শ্ৰুতিয়ে।কেইবাটাও চিনাকি অচিনাকি নম্বৰৰ মিছ কল।চিনাকিটোৰ ভিতৰত আছিল অভিৰুকৰ নাম্বাৰটো।অভিৰুকৰ নাম্বাৰটো দেখি তাইৰ মনটো অজানিতে ভাল লাগিল।কল বেক কৰে শ্ৰুতিয়ে।ফোনৰ আনটো মূৰত এক ৰুক্ষ স্বৰ ভাহি আহে।
*তোমাক মই আজি মাৰ্কেটত আহিবলৈ কোৱা নাছিলোঁ, নাহিলা কিয়?


*একচুৱেলি মই মানে মেচেজটো মোলৈ ভুলতে আহিল বুলি ভাবিছিলোঁ।


*ভুলতে মেছেজ যোৱা হ'লে মই ইনফৰ্ম নকৰিলোঁহেতেন নেকি?ফোনটো ইউজেই কৰিব নোৱাৰা যদি ৰাখিছা কিয়?


 খং উঠি গ'ল শ্ৰুতিৰ।মনৰ ভাল লগাবোৰ মনতে সামৰি তায়ো কৈ উঠিল


*মোৰ ফোন মোৰ কথা মই ইউজ কৰোঁ নকৰোঁ মোৰ কথা।তুমি কোন মোক ক'বলৈ।


 কথাষাৰ কৈয়েই ফোনটো থৈ দিলে শ্ৰুতিয়ে।তাৰ পিছতো বহুবাৰ ফোন আহিল যদিও তাই ৰিচিভ নকৰিলে।অভিৰুকৰ প্ৰতি থকা সুকোমল অনুভূতিবোৰত হঠাতেই যেন ব্যাঘাত জন্মিল।মনটোৰ ভিতৰতে গুজৰি গুমৰি থাকিল তাই।নগ'ল যদি নগ'ল আৰু তাতে ইমান বেয়াকৈ ক'ব লাগে নেকি।মৌমিতাকেই গালি পাৰিছে তাই


*তোকনো মোক জগাবলৈ কোনে কৈছিল, নজগুৱা হ'লে মই ফোনো নকৰিলোঁ হয় আৰু কথাও নুশুনিলোঁ হয়।


* অ'এতিয়া মোৰহে দোষ হ'ল।হ'ব দে সি চাগে তোক নিজৰ বুলি ভাবিছে সেই কাৰণে অভিমানবোৰ গালি ৰূপে বৰষিছে আৰু।


* নালাগে সি মোক নিজৰ বুলি ভাবিব,লোকৰ গালি খাবলৈ মই ফোন লোৱা নাই।


 *খা,খা এই গাখীৰ চাহ কাপ খা,মনটো ভাল লাগিব।
মনতে ভোৰভোৰাই ভোৰভোৰাই শ্ৰুতিয়ে মৌৱে দিয়া চাহ আৰু বিস্কুট খায়।ফোনটো আকৌ বাজি উঠে।অচিনাকি নাম্বাৰটো দেখি তাই ৰিচিভ নকৰিলে যদিও কেইবাবাৰো ৰিং হোৱাত শ্ৰুতিয়ে ৰিচিভ কৰিলে


*হেল্ল'


*হেল্ল' শ্ৰুতি মাইনা,তুমি আজি মাৰ্কেটলৈ কিয় নাহিলা,অভি যে তোমালৈ ইমান দেৰি ৰৈ আছিল।তুমি বাৰু তাক কিয় ভাল নোপোৱা, তোমাক যে সি ইমান ভাল পায়।ক'বহে নোৱাৰে।তুমিও তাক আই লাভ ইউ বুলি কৈ দিয়ানা,নহ'ল যে সি আজি হোষ্টেললৈকে নাহিব।


* শ্ৰুতি মাইনা, শ্ৰুতি মাইনা তুমি বাৰু ইমান নিষ্ঠুৰ কিয়?আমাৰ অভিক তুমি ভালপোৱানা,প্লিজজজ..
 অসংলগ্ন কথাবোৰে শ্ৰুতিৰ খঙটো আৰু বঢ়ালে।এইবাৰ তাই অভিৰুকলৈ ফোনটো লগালে।


*কি বুলি ভাবিছা মোক,জাকে তাকে মোৰ নাম্বাৰ দি ফুৰিছা যে?


*কাক দিলোঁ তোমাৰ নাম্বাৰ?


*কাক দিলোঁ, এতিয়া একটিং কৰিব নালাগে, নেক্সট টাইম যাতে মোলৈ ফোন নকৰা।


কাটি দিয়ে ফোনটো শ্ৰুতিয়ে।অফ্ কৰি থয় ফোনটো।গোটেই ৰাতিটো খঙত অগ্নিশৰ্মা হৈ থাকিল শ্ৰুতি।অভিৰুকহঁতৰ হোষ্টেলৰ সন্মুখেদিয়ে সদায় সিহঁত ক্লাছলৈ যাব লাগে।শ্ৰুতিৰ ডিপাৰ্টমেন্ট পাৰ হৈয়েই অভিৰ ডিপাৰ্টমেন্ট পায়।প্ৰায় এসপ্তাহ ধৰি শ্ৰুতিয়ে মন কৰে তাই ক্লাছলৈ যাওঁতে অভি হোষ্টেলৰ সন্মুখত ৰৈ থাকে আৰু সিহঁতৰ পিছে পিছে ডিপাৰ্টমেন্টলৈ যায়।কোনেও কাকো নামাতে,কিন্তু দুয়ো দুয়োৰে চকুৱে চকুৱে পৰে।এদিন শ্ৰুতি ক্লাছৰ শেষত হোষ্টেললৈ অকলেই আহে।লগৰ কেইজনীয়ে ফেন্সিত বজাৰ কৰিবলৈ যাব,শ্ৰুতিৰ আনিবলগীয়া একো নাছিল বাবে তাই হোষ্টেললৈকে আগবাঢ়িল।মাকলৈকে ফোনটো লগাই তাই কথা পাতি আহি থাকিল।হঠাত অভিৰুক তাইৰ সন্মুখত ৰ'লহি


*কাৰ লগত কথা পাতি আছা?কথাষাৰ কৈয়েই সি ফোনটো তাইৰ হাতৰ পৰা কাঢ়ি ল'লে।
*মই যাৰ লগতে কথা নাপাতো তোমাৰ কি হ'ল।কথাষাৰ কৈয়েই তাই ফোনটো নিজৰ হাতলৈ আনিলে আৰু হোষ্টেলৰ ফালে খোজ দিলে।
*ৰ'বা তোমাৰ লগত মোৰ কথা আছে।
*মোৰ একো কথা নাই।
*কিন্তু মোৰ আছে।
অভিৰুকে উচ্চ স্বৰত কোৱা কথাষাৰে শ্ৰুতিক ৰৈ যাবলৈ বাধ্য কৰালে।
*ব'লা জালুকবাৰীৰ ফালে অলপ খোজ কাঢ়ি আহোঁ।
*মই নাযাওঁ।
*প্লিজ ব'লানা।সেইদিনাৰ বাবে Sorry .


অভিৰুকৰ কথাৰ হঠাৎ পৰিৱৰ্তনত শ্ৰুতি আচৰিত হ'ল।লাহে লাহে দুয়োটাই জালুকবাৰীৰ ফালে খোজ দিলে।বহু সময় সিহঁত মৌন হৈয়েই থাকিল।কোনেও কাকো একো নক'লে।


*শ্ৰুতি,I am really very sorry for that day.I didn't give your number to anyone,I am really sorry .
কথাষাৰ কৈয়েই অভি শ্ৰুতিৰ সন্মুখত আঠুকাঢ়ি বহি ৰ'ল।শ্ৰুতিৰ কি কৰোঁ কি নকৰোঁ অৱস্থা হ'ল।


*আমি বহু দূৰেই আহিলোঁ এতিয়া ওভতো নেকি?


*তোমাৰ মোৰ লগত মানে একো কথা নাই?


*নাই, মানে কি কথানো থাকিব পাৰে,খং উঠিছিল সেইদিনা,অচিনাকি ল'ৰাকেইটাৰ তেনে কথাত।কিন্তু পিছলৈ বুজিলোঁ সহজ ভাৱে ল'ব পাৰিলে সকলো সহজ।বিশেষকৈ পিছদিনা সেই নাম্বাৰকেইটাৰ পৰা মোলৈ মেছেজ আহিছিল ক্ষমা বিচাৰি।কিন্তু মোক তুমি সেইদিনা মেছেজ দিছিলা কিয়?


*মোৰ দেউতা আহিছিল, তোমাক লগ কৰাই দিব বিচাৰিছিলোঁ।


*তোমাৰ দেউতাৰ লগত মোৰ কি কাম আছে?


*I love you Sruti.তোমাক দেখাৰে পৰা মই তোমাৰ প্ৰেমত পৰিছোঁ।মোৰ মা নাই, দেউতাই মোৰ বাবে সকলো,মোৰ মা,বন্ধু, গাইড,সকলো।হয়তো মই তোমাক ভালপাওঁ নে নাপাওঁ দোধোৰ মোধোৰ অৱস্থাত থাকোঁতেই দেউতাই উমান পাইছিল মোৰ মবাইল স্কিনত তোমাৰ ফটো দেখি।এইবাৰ ঘৰৰ পৰা আহোঁতে দেউতাই কৈ পঠিয়াইছিল তোমাক লগ কৰাই দিয়াৰ কথা।সেয়ে তোমাক সেইদিনা মেছেজ কৰি মাতিছিলোঁ।


*কিন্তু তুমিটো মোক সোধা নাই মোৰ উত্তৰ কি হ'ব পাৰে।


*সুধিম সুধিম বুলিও আচলতে মই ৰৈ গৈছিলোঁ, মোৰ দৰে বেপৰোৱা গায়ক এটাক তুমি বা ভালপোৱা নে নাই?দেউতাই কয় মোৰ খঙটোৱেই প্ৰকৃততে মোৰ প্ৰধান শত্ৰু।তুমি যদি মোৰ খঙবোৰ,মোৰ অভিমানবোৰ মৰমৰে সামৰিব পাৰা তেতিয়া হ'লে মই তোমাক মোৰ লগৰী কৰিব বিচাৰোঁ।


   অভিৰুকৰ স্পষ্ট তথা মৰম মৰম লগা কথাবোৰে শ্ৰুতিৰ হৃদয়ত স্বাভাৱিকতে অনুৰাগৰ সৃষ্টি কৰিছিল।কি ক'ব কি নক'ব তাই থিৰাং কৰিব নোৱাৰিলে।


*হ'ব এতিয়া ওভতো ব'লা।


   লাজে,ভয়ে শ্ৰুতি ওভতি আহিল।অভিৰুকৰ চকুলৈও যেন তাই চাব পৰা নাই।ৰাধাচূড়াবোৰে যেন তাইক বাৰে বাৰে বাৰে জোকাইছে।প্ৰেম হৈছে তাইৰ,অভিৰুকে নজনাকৈয়ে তায়ো যে প্ৰেমত পৰিছিল তাৰ, মাথোঁ সেইদিনাৰ ঘটনাটোৱে অভিমানী কৰি তুলিছিল তাইক।হোষ্টেলৰ গেটখনেদি তাই প্ৰায় দৌৰি যোৱা দি গৈছিল ৰুমলৈ


*আজি মোৰ প্ৰগেম আছে অডিটৰিয়ামত,যদি তোমাক তাত দেখোঁ মই বুজিম তুমিও মোক ভালপোৱা বুলি।
অভিৰুকৰ কথাষাৰ শুনি শুনিয়েই তাই ৰুম পালেগৈ।নাই তাই চোন একো সিদ্ধান্তই ল'ব পৰা নাই, আচলতে সিদ্ধান্ত ল'বলৈ একো নাই।তায়ো জানে তাইৰ হৃদয়ত অভিৰুক নামৰ প্ৰেমৰ বীজ কেতিয়াবাই অংকুৰিত হৈছিল।মৌক লগত লৈ সন্ধিয়ালৈ শ্ৰুতি হোষ্টেলৰ আন ছোৱালীবোৰৰ লগত প্ৰগেম চাবলৈ ওলাল।প্ৰিফেক্টৰ লগত গৈ সিহঁত নিজৰ স্থানত বহিল।দুটামান অনুষ্ঠানৰ পিছতেই অভিৰুক ষ্টেজত উঠিল,অভিৰুকক দেখি শ্ৰুতিৰ সৰ্ব শৰীৰ এক অজান অনুভূতিয়ে চুই গ'ল।জুবিনৰ এটি এটি গীতে দৰ্শকৰ লগতে শ্ৰুতিৰ হৃদয়ো কঁপাই গৈছিল।শেষত সি গাইছিল
'নেচাওঁ তোমাক এবাৰো,নেচাপো কাষ এধানো
পাহৰি যাওঁ,মচি মচি থওঁ,তোমাক মনৰ পৰা মোৰ...........
হ'ব পাৰে এনে কথা,জীৱনে মোক এৰে যদি।'
প্ৰগেমৰ শেষত হাত চাপৰিৰে অডিটৰিয়াম মুখৰিত হৈ পৰিছিল।প্ৰগেম শেষ কৰি শ্ৰুতিহঁত হোষ্টেললৈ ওভতিল।মন গৈছিল তাইৰ অভিৰুকক এবাৰ লগ ধৰি প্ৰগেম সুন্দৰ হোৱাৰ বাবে শুভেচ্ছা দিব,কিন্তু প্ৰিফেক্ট লগত থকাৰ বাবে তাইৰ মনৰ আশা মনতে ৰাখিলে।ফোনকে কৰোঁ বুলি ভাবিহে তাই মন কৰিলে ফোনটো যে তাই চাৰ্জতে থৈ পাহৰি আহিল।ৰুমলৈ গৈয়ে তাই ফোন কৰিবলৈ লৈহে দেখিছে অভিৰুকৰ কেবাটাও মিছকল আৰু দুটামান মেছেজ।অভিৰুকে তাইক প্ৰগেম কৰাৰ আগত বহুবাৰ ফোন কৰিছিল তাই গৈছেনে নাই খবৰ ল'বলৈ আৰু অৱশেষত তাই নাই যোৱা বুলি ভাবি তাইলৈ মেছেজ কৰিছে


*OK, তোমাৰ উত্তৰটো পালোঁ।হ'ব আৰু ডিৰ্ষ্টাব নিদোঁ।সুখী হোৱা।


মেছেজটো পঢ়ি শ্ৰুতিৰ বুজিবলৈ বাকী নাথাকিল তাৰ শেষৰ গানটোৰ অৰ্থ।আৰম্ভ নহওঁতেই তাইৰ প্ৰেমৰ সামৰণি পৰিল।মনৰ ভালপোৱাজনক পায়ো তাই হেৰুৱালে।অভিৰুকৰ খং,অভিমান বুজিবলৈ তাইৰ বাকী নাই।বহুবাৰ ফোন কৰিলে তাই, কিন্তু প্ৰতিবাৰেই কাটি দিয়ে সি ফোনটো।শ্ৰুতিৰ এনে লাগিল তাই যেন তেতিয়াই যাব অভিৰুকৰ ওচৰলৈ আৰু তাক সাৱটি ধৰি ক'ব, I love you Abhi. 


ওৰে ৰাতি টোপনি নাহিল শ্ৰুতিৰ।তাৰ কথা জানিবলৈ, গম ল'বলৈও যে কোনো নাই।মনে মনে ভয় খায় তাই কিবা অঘটন নকৰেটো।পিছদিনা ক্লাছলৈ যাওঁতেও তাই হোষ্টেলৰ গেটত অভিক নেদেখিলে।ক্লাছতো মন নবহিল শ্ৰুতিৰ।কেন্টিনলৈ অকলেই ওলাই আহিল তাই।অভিৰুকক দেখে তাই কেন্টিনৰ চুকৰ এখন টেবুলত চাহৰ কাপ লৈ বহি আছে সি।ভয়ে ভয়ে তাই টেবুলখনৰ ফালে যায়।অভিৰুকৰ কাষৰ চকীখনত বহি লয়,গম নাপায় সি।নিজৰ মাজতেই কিবা এক ভাবনাত ডুব গৈ থাকে সি।টেবুলতে থকা ফোনটো বাজি বাজি বন্ধ হৈ গৈছে সি গম নাপায়।ফোনটোত চকু পৰে শ্ৰুতিৰ,দেউতাকৰ ফোন।কিয় জানো তাইৰ মন গ'ল দেউতাকৰ লগত কথা পাতিবলৈ।ফোনটো ৰিচিভ কৰিলে তাই


*হেল্ল',মই শ্ৰুতিয়ে কৈছোঁ।


*বাবা থিকে আছেনে মাজনী?কালিৰ পৰা ফোন কৰিছোঁ ৰিচিভ কৰা নাই।


*আছে আছে খুৰা,কিছু ব্যস্ত আছে।আজৰি হ'ল মই কম বাৰু।


*মিছা নক'বা মা,যিমানেই ব্যস্ত নহওঁক সি মোৰ ফোন ৰিচিভ নকৰাকৈ নাথাকে।তাক চাবা তুমি, তুমিহে যদি তাৰ জেদী মনটো সলাব পাৰা।


উত্তৰটো দিবলৈ খোজোতেই অভিয়ে ফোনটো কাঢ়ি লয়।


*কাৰ অনুমতিত তুমি মোৰ ফোন ৰিচিভ কৰিলা?


*মই কালি আহিছিলোঁ অভি,তোমাৰ প্ৰগেম মই চাইছোঁ।


*মিছা কথা,ইমান বাৰ ফোন কৰাৰ পিছতো তুমি মোৰ ফোন ৰিচিভ নকৰিলা আৰু এতিয়া কৈছা তুমি আহিছা।হ'ব মিছ শ্ৰুতি,মই তোমাক বেয়া পোৱা নাই।কৰোঁ বুলিয়েইটো প্ৰেম কৰা নাযায়,প্ৰেম কৰা নাযায় শ্ৰুতি, প্ৰেম হৈ যায় আৰু সেই প্ৰেম তোমাৰ নহ'ল।তোমাক আৰু মই ডিৰ্ষ্টাব নিদোঁ,বাই।


*কিন্তু মই যে তোমাৰ প্ৰেমত পৰিলোঁ অভি,তোমাৰ জেদ,তোমাৰ অভিমানবোৰৰ মই প্ৰেমিক হৈ পৰিলোঁ।মই কালি আহিছিলোঁ,তোমাৰ প্ৰতিটো গীতে মোক আলোড়িত কৰি তুলিছিল।কিন্তু তোমাক লগ ধৰিবলৈ মই কোনো সুবিধা উলিয়াব নোৱাৰিলোঁ, জানাই চোন আমি এতিয়া জুনিয়ৰ।ফোনটোও অনা নহ'ল চাৰ্জত দি পাহৰি আহিছিলোঁ, ৰুমত গৈ যেতিয়া দেখোঁ তোমাৰ মেছেজ, তোমালৈ ফোন কৰোঁ কিন্তু তুমি ৰিচিভ নকৰা।


 এনেদৰেই আৰম্ভ হোৱা অভিৰুক শ্ৰুতিৰ প্ৰেমে কিমান কাজিয়া, কিমান মান অভিমান, ব্ৰেক আপ,পেটচ আপ কৰিছে থিক নাই।শ্ৰুতিয়ে জানে অভিৰুকে তাইক প্ৰাণ ভৰি ভাল পায় আৰু তায়ো।সপোনতো অভি বিহীন পৃথিৱী তাই কল্পনাই কৰিব নোৱাৰে।তথাপিও কেতিয়াবা কিছুমান কথাই পাহৰিব নোৱাৰাকৈ সাঁচ বহুৱাই যায়।আন হাজাৰজনী নাৰীৰ দৰে শ্ৰুতিয়েও বিচাৰে মুক্ত আকাশৰ তলত মুক্ত মনে,মনে বিচৰা ধৰণে আঁচল উৰুৱাই জীয়াই থাকিব, কিন্তু মাজে মাজে অভিৰ কিছুমান কথাই,ব্যৱহাৰে তাইক হুলে বিন্ধাদি বিন্ধে।সিহঁতৰ এই সম্পৰ্কটো ধৰি ৰখাত অভিৰ দেউতাকেও কিমান কষ্ট কৰিছে।মানুহজনৰ মৰম,আদৰে শ্ৰুতিকো বান্ধি ৰাখিছে তেওঁলোকৰ ঘৰৰ এজনী কৰি।তথাপিও তাৰ মাজতে কিছুমান কথাত অভিৰুক আঁকোৰ-গোজ হৈ পৰে।খং আৰু অভিমানৰ আৱেগত নিজকো দুখ দিয়ে লগতে শ্ৰুতিকো।তথাপিও মৰমেৰে বান্ধি ৰাখে তাইক।শ্ৰুতিয়ে বুজে মাক নথকা অভিৰুকে এগৰাকী নাৰীৰ সান্নিধ্যত পূৰ্ণতা পায়।হয়তো মাকক হেৰুৱাৰ দৰে শ্ৰুতিকো হেৰুৱাই বুলি সি ভয় কৰে।সেয়ে শাসন আৰু কৰ্তৃত্বৰ সুৰেৰে তাইক বান্ধিব খোজে আৰু যেতিয়াই শ্ৰুতি সেই কৰ্তৃত্ব,শাসনৰ পৰা আঁতৰি যায় তেতিয়াই সিহঁতৰ সম্বোধনবোৰ 'তুমি'ৰ পৰা 'তই'লৈ ৰূপান্তৰিত হয়।বহুবাৰ শ্ৰুতিয়েও তাক গুৰুত্ব নিদিয়ে, কিন্তু মাকবিহীন তাৰ জীৱনটোৰ কথা চিন্তা কৰিয়েই তাই আকৌ উভতি যায়।সম্পৰ্কবোৰ আকৌ ভাল হয়।এইবাৰ শ্ৰুতিয়ে সিদ্ধান্ত লয় সি নিজৰ ভুল বুজি নোপোৱালৈকে তাই আৰু ফোন নকৰে ক্ষমাও নোখোজে।কথাবোৰ চিন্তা কৰি কৰি তাই বাৰে বাৰে ফোনটোলৈ চকু দিয়ে।নাই কোনো মিচকল,নাই কোনো অভিমানী মেছেজ।চিলমিলকৈ টোপনি আহোঁতেই ফোনটো বাজি উঠে।অভিৰুকৰ ফোন বুলি তাই ৰিচিভ কৰে।


*হেল্ল' মা,বাবাৰ ছয়মাইলত এক্সিডেন্ট হৈছে,মই জি এন আৰ চি আহি আছোঁ।তুমি যোৱা যদি মই তোমাক লৈ যাওঁ।


মানুহজনৰ কথাখিনিয়ে শ্ৰুতিৰ সমস্ত শৰীৰ কঁপাই তুলিলে।ওলাই গ'ল তাই।খোজটো দিবলৈও যেন তাইৰ গাত শক্তি নাই।চকুৰপানীয়ে বাট নেদেখা হৈ গৈছে।অভিৰ দেউতাকৰ মুখামুখি হ'বলৈও যেন তাইৰ সাহস হোৱা নাই।বাৰে বাৰে নেদেখাজনক প্ৰাৰ্থনা কৰিছে অভিক ভাল কৰি তুলিবলৈ।শপত খাইছে কোনো দিন তাৰ লগত কাজিয়া নকৰে,সকলো খং অভিমান তাই সহ্য কৰি যাব।কথাবোৰ ভাবি ভাবি জি এন আৰ চি কেতিয়া পালে তাই গমেই নাপালে।আগুৱাই গৈছে অভিৰ দেউতাক ডাক্তৰৰ ওচৰলৈ।বহি ৰৈছে বেঞ্চখনত শ্ৰুতি,আজিহে বুজিছে তাই আপোনজনক খং কৰাটো সহজ,কিন্তু হেৰুৱাৰ বেদনা কিমান ভয়ানক।মানুহজন প্ৰায় দৌৰি অহাদি আহিল।


*কিয় কিয় ভগৱান ইমান নিষ্ঠুৰ?মোৰ ক্ষেত্ৰতহে এনে হয় মা,প্ৰথমে এক্সিডেন্টত পত্নীক হেৰুৱালো আৰু এতিয়া পুত্ৰও ক্ৰিটিকেল ষ্টেজত আছে।মোৰ কথা নুশুনে নেদেখাজনে তুমি কোৱাচোন মা তেওঁক মোৰ ল'ৰাটো ভাল কৰি দিবলৈ।


যিকণ শৰীৰত শক্তি আছিল শ্ৰুতিৰ সেইকণো যেন নাইকিয়া হ'ল তাইৰ।দৌৰি যায় তাই তাত থকা কৃষ্ণৰ মূৰ্তিজনাৰ ওচৰত হিয়া উজাৰি কান্দে।অভিৰুকক ভাল কৰি দিবলৈ কাতৰে মাতে।প্ৰায় পাঁচ ঘন্টা ধৰি চলা অপাৰেচনটোত দেউতাকক সান্তনা দিবলৈও যে তাইৰ মুখত মাত নাছিল।ভয় লাগিছিল তাইৰ দেউতাকে যদি সুধে সিহঁতৰ কাজিয়া লাগিছিল নেকি বুলি কি ক'ব তাই।পুতেকৰ স্বভাৱৰ কথা নজনা নহয় তেওঁ।শিল্পী পুতেকৰ কেতিয়া কি কথাত খং উঠে, খং উঠিলে কি কৰিব পাৰে তেওঁ ভালদৰে জানে।কিন্তু আজি তেওঁ তেনে একো কথাই নুসুধিলে।অপাৰেচনৰ বহু ঘন্টাৰ পিছত অভিৰুকৰ চেন্স আহিল।দেউতাকৰ পিছে পিছে শ্ৰুতিও ভয়ে ভয়ে সোমাই যায় আই চি ইউলৈ।আই চি ইউত সোমাই দেউতাকে পুতেকৰ কপালত চুমা এটি আঁকি দিয়ে।একো নকয় ওলাই আহে তেওঁ।শ্ৰুতি কাষ চাপি যায় অভিৰুকৰ 


*I am sorry,মোক ক্ষমা কৰি দিয়া।


 বেঁকা হাঁহি এটি মাৰিবলৈ সিও চেষ্টা কৰে।ওলাই আহে শ্ৰুতি।এক্সিডেন্টৰ আগলৈকে হৃদয়ত পুহি ৰখা খং,অভিমানবোৰ যেন অভিৰুকৰ এক্সিডেন্টৰ খবৰটোৱে পলকতে নাইকিয়া কৰি তুলিলে।বুজি উঠিছে শ্ৰুতিয়ে আপোনজনক হেৰুৱাৰ বেদনা কি?কাষতে থকাজনৰ মৰমবোৰ তেতিয়াহে বুজা যায় যেতিয়া তেওঁ দূৰলৈ গুচি যায়।এইবাৰ আৰু অভিক তাই আঁতৰি যাব নিদিয়ে, কৰক খং,কৰক অভিমান, ধৰক জেদ কিমান দিনলৈ ধৰিব,এদিন, দুদিন তাতকৈটো নোৱাৰে আৰু এই অভিৰ দেউতাকজন।অভি আৰু তাইৰ বাহিৰে আপোন বুলিবলৈ তেওঁৰ আছেই বা কোন?পুতেকৰ এক্সিডেন্টৰ খবৰ পাই তাইলৈকে ফোনটো কৰিছে।হয়তো তেওঁৰ বাবে শ্ৰুতিও হৈ পৰিছে তেওঁৰ সাহস,তেওঁৰ শেষ আশা।সামৰি ৰাখিব তাই এই দুজনক হিয়াৰ একোণত।মান অভিমানবোৰ একাষৰীয়া কৰি মৰমবোৰ উপচাই দিব,আদৰবোৰ সামৰি থ'ব।


'ব'লক দেউতা, কিবা এটা খাই ল'ব।'-শ্ৰুতিৰ সম্বোধনটোত মানুহজন অলপ আচৰিত হ'ল।হাঁহি এটি মাৰি আগুৱাই গ'ল তেওঁ।





 

Sunday, October 4, 2020

স্নেহাস্পদ

#স্নেহাস্পদ

*মা, সঁচা কথা কোৱাচোন মই তোমালোকৰ সন্তান নহয় নেকি?মোক তোমালোকে ৰাস্তাৰ পৰা বুটলি আনিছা?মোক মোৰ মায়ে পেলাই থৈ গৈছিল ৰাস্তাত?


 হঠাৎ অহা প্ৰশ্নটোৱে মালবিকাক প্ৰায় নিশ্চুপ কৰি তুলিলে।জীৱনত এই প্ৰশ্নটোৰ সন্মুখীন হ'ব লাগিব বুলি তেওঁ নজনা নহয়।বাৰে বাৰে নিজে ক'ম বুলি ভবা কথাটোও যে তেওঁলোকে আজিলৈকে ক'ব নোৱাৰিলে।কিমান দিন যে তেওঁলোক প্ৰস্তুত হৈছে কথাবোৰ ক'বলৈ কিন্তু জীয়েকৰ মৰম লগা মুখখনৰ সন্মুখীন হ'লেই তেওঁলোকৰ প্ৰস্তুতিবোৰ অপ্ৰস্তুতি লৈ ৰূপান্তৰিত হয়।কেনেকৈ কয় জন্মৰ দুদিনমান পিছতেই ৰাস্তাত পাই তাইক আপোন কৰি লৈছিল তেওঁলোকে,কেনেকৈ কয় তেওঁলোক যে তাইৰ জন্মদাতা নহয়,কেনেকৈ কয় ন মাহ দহ দিন গৰ্ভত লৈ তেওঁ তাইক জন্ম দিয়া নাই।কিন্তু ক'ত উজাগৰী নিশা তেওঁলোকে মাতৃ দুগ্ধ নোপোৱা শিশুটিৰ কান্দোন ৰখাবলৈ পাৰ কৰিছে।কিমান আপোনজনৰ কটাক্ষ তেওঁলোকে আওকাণ কৰিছে।কেতিয়াবা হয়তো নিজৰ পুত্ৰ দুটাকো অৱহেলা কৰিছে কণমানিজনীৰ আলপৈচান ধৰিবলৈ।তাৰ পিছতো সমাজে ক'লেই জানোঁ তেওঁলোকৰ জীয়াজনী বেলেগৰ হৈ যাব,সমাজেটো কোনোদিন তেওঁলোকক সোধা নাই তাইক কেনেকৈ ডাঙৰ দীঘল কৰিছে,কেনেকৈ লালন পালন কৰিছে,কেৱল সমাজে খোজে প্ৰতি সোঁৱৰাই দিছে পৰিচয় নোহোৱা ছোৱালী জনী নিজৰ কৰি লৈ তেওঁলোকে ভাল নকৰিলে, জাত পাতৰ পৰিচয় নোহোৱা, মাক বাপেকৰ পৰিচয় নোহোৱা ছোৱালীজনীয়ে কেনেকৈ দত্ত বংশৰ সুনাম কঢ়িয়াই আনিব।

     এডভকেট শান্তনু দত্ত,মানে সন্মানে,টকাই পইচাই সকলো আছে,মাথোঁ নাই এজনী কন্যা সন্তান।পাঁচটাকে ককাই ভাইৰ মাজত ডাঙৰ হোৱা দত্তৰ মন যায় বাই-ভনীৰ মৰম পাবলৈ।সেয়ে তেওঁ সেই সপোন ৰচে নিজৰ জীৱনত।পত্নী মালবিকা প্ৰথম গৰ্ভৱতী হোৱাৰ দিনৰ পৰাই অন্তৰৰে বিচাৰিছিল তেওঁ এজনী পৰী অহাৰ সপোন।


কিন্তু বিধাতাই নিদিলে তেওঁক সেই সৌভাগ্যৰ গৰাকী হ'বলৈ।দ্বিতীয় বাৰ মালবিকা গৰ্ভৱতী হোৱাৰ সময়তো তেওঁ মনে প্ৰাণে সাজু হৈছিল লখিমীক আদৰিবলৈ।কিন্তু কণা বিধাতাই সেইবাৰো তেওঁৰ সপোন চাৰখাৰ কৰি পেলালে।অৱশেষত পৰীৰ সপোন দেখা শান্তনু দত্তই পুত্ৰ সন্তান কেইটাৰ মাজতে সুখ ল'বলৈ শিকিলে।তথাপিও মনৰ মাজত সেই কল্পনাৰ পৰীজনী যেন সদায়েই থাকিল।
ছোৱালী নথকা বংশটোত সকলোৰে একপ্ৰকাৰ অবাধ্য হৈয়েই শান্তনু দত্তই আলিটোত পৰি থকা কন্যা শিশুটি বুকুৰ আপোন কৰি লৈছিল।মাক-দেউতাক, ককাই-ভাই,ওচৰ চুবুৰীয়াৰ হাজাৰ বাধা,কটু মন্তব্য, সমালোচনাক আওকাণ কৰি তেওঁ আৰু পত্নী মালবিকাই তাইক মৰমৰে উপচাই দিছিল।


  নানা জনৰ নানা মত।কোনোৱে কয়
*জাত-পাতৰ বিচাৰ নাইকিয়া কাৰ সন্তান থিক নাই, পিছলৈ তোৰ মান সন্মান সকলো নিব।
   কোনোৱে কয়
*পিছলৈ যেতিয়া গম পাব তহঁত তাইৰ প্ৰকৃত পিতৃ মাতৃ নহয়,তেতিয়া তহঁতক এৰি থৈ যাব আৰু এনেকুৱা ছোৱালীক পিছলৈ বিয়া কৰাব কোনে?
  কোনোৱে কয়
*মাক বাপেকৰ পৰিচয় নাইকিয়া ভৱিষ্যতে বা কি কৰে কোনে জানে,মাকৰ দৰেই যদি চৰিত্ৰহীনা হয়।
   এনে বহু কটু মন্তব্যক একাষৰীয়া কৰি শান্তনু দত্তই কণমানিজনীক নাম দিছিল জীয়া দত্ত।কণমানি আঙুলিকেইটাই যেন তেওঁৰ আঙুলিত পৰম প্ৰত্যয়ৰে ধৰিছিল,কলাকলকৈ বাঢ়ি অহা তাইৰ কলকলনিবোৰ শান্তনু দত্তৰ হৃদয়ত সুৰ হৈ প্ৰৱাহিত হৈছিল আৰু যেতিয়াই তাই অফিচৰ পৰা অহাৰ পিছত দুহাত মেলি তেওঁৰ ওচৰলৈ দৌৰি গৈছিল দত্তৰ সুখবোৰ যেন প্লাবিত হৈ পৰিছিল।সুখী আছিল দত্ত জীয়াৰ জীয়া জীয়া ধেমালিবোৰ জী উঠি, এখুজি,দুখুজি তাইৰ থোপোক থাপাক খোজৰ ছন্দত তেওঁ আপোন পাহৰা হৈ উঠিছিল।ল'ৰা দুটায়ো ভনীয়েকৰ লগত খেলি ভাল পাইছিল।সিহঁতৰ মৰমৰ ভনীয়েকৰ সকলো আব্দাৰ যেন ককায়েক হিচাপে সিহঁতে পালন কৰাটো দায়িত্ববোধত পৰিছিল।
     ল'ৰা ছোৱালী তিনিটাৰ ধেমালিবোৰে দত্তৰ আৱাস মুখৰিত কৰি ৰাখিছিল।লাহে লাহে জীয়া ডাঙৰ হৈছিল।সম্পৰ্কবোৰ বুজি উঠিছিল।কিন্তু দত্তই বা মালবিকাই অনুভৱ কৰে মানুহবোৰে তেতিয়াও যেন জীয়াক সহজে গ্ৰহণ কৰি ল'ব পৰা নাছিল।বিয়াই সবাহে ল'ৰা দুটাক দত্তৰ ল'ৰা বুলি যিমান আদৰ কৰে সেই আদৰ যেন জীয়াৰ প্ৰতি নাথাকে।ছল পালেই যেন তেওঁলোকে কৈ উঠিব 'তুমি দত্তৰ নিজৰ সন্তান নহয় নহয়।'আনহে নালাগে নিজৰ বৰটাৱক,খুৰাৱক, ককাৱক,আইতাকো যেন ইয়াৰ বিপৰীত নহয়।কেৱল শান্তনু দত্তৰ ভয়তহে তেওঁলোকৰ মুখৰ পৰা আজিলৈকে এই সত্যটো ওলোৱা নাই।পৰাপক্ষত জীয়াক তেওঁলোকে অকলে ক'তো যাবলৈ নিদিয়েই।হয় ককায়েকহঁতৰ লগত নহয় মাক দেউতাকৰ লগতে তাই ফুৰিবলৈ যায়।

হঠাৎ এদিন জীয়াই স্কুলৰ পৰা আহি মাকক সুধে

*মা মই তোমাৰ নিজৰ ছোৱালী নহয় নেকি?
     আকাশখন ভাঙি পৰে মালবিকাৰ কি কয় এই ছোৱালীজনীয়ে,ক'ত কি শুনি আহিলে তাই?ভয়টো লুকুৱাই ৰাখি তাইৰ স্কুলৰ বেগটো টেবুলত থৈ বিচনাখনত বহুৱাই বুকুৰ মাজত সোমোৱাই লয় জীয়াক।কেনেকৈ কয় সঁচা কথাটো আৰু কোনোবাই ক'লে বুলিয়েই জানোঁ জীয়াজনী তেওঁৰ সন্তান নোহোৱা হৈ যাব ।
*মোক এটা কথা কোৱাছোন জীয়ামা, মই তোমাৰ মা হয় নে নহয়?তোমাক মই মাৰ দৰে মৰম কৰা নাই নেকি?
*কিয় তেনেকৈ কৈছা মা,তুমি মোৰ মা নহ'লে আৰু নো কোন হ'ব?
 *তেতিয়া হ'লে আজিৰ পৰা এনে কথা মোক নুসুধিবা।তুমি মোৰ ছোৱালী হয়নে নহয় এই কথা কি আমাক বেলেগে ক'লেহে মানি ল'ম নেকি?মোৰ অন্তৰত তুমি মোৰ জী হৈ  আৰু তোমাৰ অন্তৰত মই তোমাৰ মা হৈ জীয়াই আছোঁ।অন্তৰৰে যদি আমি আমাৰ সম্পৰ্কত সুখী হৈ আছোঁ তেন্তে ইয়াত অন্যৰ স্বীকৃতি কিয়?এইয়াই চিৰন্তন সত্য।তুমি মোৰ জীয়া,আমাৰ জীয়া।
    মাকৰ কথাবোৰ জীয়াই তন্ময় হৈ শুনিছিল।লগৰবোৰে কোৱা কথাবোৰ মিছা বুলি তাই মানি লৈছিল।দত্তৰ লগত আলোচনা কৰি মালবিকাই বহু বাৰ সঁচা কথাবোৰ কৈ দিয়াৰ সিদ্ধান্তও লৈছিল।কিন্তু তাইৰ নিষ্পাপ মুখখন দেখিলেই তেওঁলোক বাকৰুদ্ধ হৈ পৰিছিল।
   চাওঁতে চাওঁতে জীয়াজনী ডাঙৰ হৈ আহিল।জীয়াই নব্বৈ শতাংশ নম্বৰৰে মেট্ৰিক পাছ কৰিলে।ককায়েকহঁতৰ মেট্ৰিকৰ ৰিজাল্টতকৈ তাইৰ ৰিজাল্ট বেছি ভালহে হ'ল।শান্তনু দত্তৰ মুখত সেইকেইদিন এক সন্তুষ্টিৰ হাঁহি,গৌৰৱৰ হাঁহি দেখা পোৱা গ'ল।এইয়া যেন সেই সকলৰ মুখত এক প্ৰচণ্ড  চৰ আছিল যিসকলে জীয়াক লৈ নানা বাক্যবাণ নিক্ষেপ কৰিছিল।
জীয়াক কটনলৈকে পঢ়িবলৈ পঠিওৱাৰ কথা মালবিকাই এদিন শান্তনু দত্তক কয়।ভয় লাগে মালবিকাৰ ইয়াত থাকিলে কোন দিনা বা তাইক কোনে কি কথা লগায়।দত্তৰ জীয়েকক দূৰলৈ পঠোৱাৰ কথা শুনি অন্তৰখন কঁপি উঠে।কিমাননো ডাঙৰ হৈছে তাই, ষোল্ল বছৰ হৈছেহৈ,ভালকৈ ভাতকেইটাও ৰান্ধিব জনা হোৱা নাই, তাইকনো কেনেকৈ গুৱাহাটী হেন চহৰত অকলে পঠিয়াই।তেওঁৰ চকুৰ সন্মুখৰ পৰা জীয়াক দূৰলৈ পঠোৱাৰ কথা তেওঁ যে কল্পনাই কৰিব নোৱাৰে। কবিতা কবিতা লগা তাইৰ কথাবোৰ আৰু পৰী পৰী লগা তাইৰ সৌন্দৰ্য্যই  সকলোৰে নিমিষতে দৃষ্টি আকৰ্ষণ কৰে।গাখীৰ যেন বগা ছোৱালী জনীৰ সেন্দুৰ হেন ৰঙা তাইৰ গাল দুখনীয়ে যেতিয়া সৰল হাঁহিটো মাৰে কাৰনো তাইলৈ দৰদ নালাগিব।ককাললৈকে পৰা চুলিটাৰি এক আদব কায়দাৰে তাই ক্লাচাৰ ব্যৱহাৰ নকৰাকৈ বান্ধি ৰাখে।
তথাপিও এদিন নহয় এদিনটো জীয়াক দূৰলৈ পঠিয়াবই লাগিব, সেইয়া লাগিলে বিয়াৰ আগতেই হওঁক বা পিছতেই হওঁক।মনে নিবিচাৰিলেও বিবেকৰ কথাই তেওঁ শুনিলে।কটনত পঢ়িবৰ বাবে যো যা চলোৱা হ'ল।জীয়াৰো ঘৰ এৰি যাবলৈ মন নাই।ককায়েকহঁত নাথাকেই ঘৰত,এটাই চাকৰি সূত্ৰে বাহিৰত থাকে আৰু এটাই এম.টেক কৰি আছে দিল্লীত,এতিয়া তায়ো গুচি গ'লেযে মাক-দেউতাক একেবাৰে অকলশৰীয়া হৈ যাব।কোনোদিনে মাক দেউতাকক এৰি ক'তো নোযোৱা জীয়া এক প্ৰকাৰ কটনত পঢ়িবলৈ যাবলৈ ভয় লাগিল।তাই গুচি গ'লে যে বিশেষকৈ দেউতাক অকলশৰীয়া হৈ পৰিব তাই বুজে।পুৱাৰ পৰা গধূলিলৈকে ঘৰত থকা সময়খিনি যে তেওঁ মাত্ৰ জীয়েকক দিয়ে তাই ইমান দিনে বুজি উঠিছে।প্ৰকৃতাৰ্থত তাই দেউতাকৰ হৃদয়ৰ ৰাজকুমাৰী।

পৰিয়ালৰ মানুহবোৰৰো লাহে লাহে জীয়াৰ প্ৰতি যেন  চিন্তাধাৰাবোৰ অলপ বেলেগ হ'ল।কটনলৈ পঢ়িবলৈ যাব বুলি সকলোৱে তাইক ভাত এসাঁজ খোৱাৰ নিমন্ত্ৰণ দিলে।খুৰাৱকহঁতৰ ঘৰত পাই অহা আদৰ সাদৰৰ কথা জীয়াৰ মুখত শুনি শুনি মালবিকাৰ মনটো সেই কেইদিন বৰ ভাল লাগি থাকিল।হওঁক তেওঁ পৰিয়ালটোৱে তাইক আদৰি লৈছে।আহিবৰ পৰত তাইক ঘড়ী এটাও দি পঠাইছে।তাইৰ বৰ পচণ্ড হৈছে।নহ'বইনো কিয় সৰু সৰু মনবোৰে সৰু সৰু বস্তুবোৰতেইটো সুখ বিচাৰি পায়।বৰটাৱকৰ ঘৰলৈও তাই বৰ আগ্ৰহেৰে গ'ল।ককায়েক দুটা বাহিৰলৈ যোৱাৰ সময়তো এনেদৰেই সকলোৱে নিমন্ত্ৰণ দি এসাঁজ ভাত খাবলৈ নিমন্ত্ৰণ দিয়া তাই দেখিছে।কিন্তু হাঁহি হাঁহি যোৱা ছোৱালীজনী ওভতি আহিল শেঁতা পৰা মুখখন লৈ,এটি প্ৰশ্ন লৈ,হৃদয়ত হাজাৰ ধুমুহা লৈ
*মা, সঁচা কথা কোৱাচোন মই তোমালোকৰ সন্তান নহয় নেকি?মোক তোমালোকে ৰাস্তাৰ পৰা বুটলি আনিছা?মোক মোৰ মায়ে পেলাই থৈ গৈছিল ৰাস্তাত?
মালবিকাৰ আজি ধৈৰ্য্যৰ বান্ধ ছিঙি গৈছিল।কিয় এনেকুৱা কৰিলে তেওঁলোকে।ছোৱালীজনীয়ে কিমান আনন্দৰে গৈছিল বৰমাৱকৰ ঘৰত এসাঁজ খাবলৈ,কিন্তু বিনিময়ত কি দিলে তেওঁলোকে?এসাগৰ চকুপানী,হৃদয় চিৰাচিৰ কৰি তুলা অলেখ প্ৰশ্ন।নাই আজি তেওঁ ক'ব সকলো ক'ব।যদি তেওঁৰ আৰু দত্তৰ মৰম,আদৰ সঁচা হয়।যদি তেওঁলোকে একো ভুল কৰা নাই, তেন্তে জীয়াই উপলব্ধি কৰিব তেওঁলোকৰ মৰম,ভালপোৱা।যি সমাজৰ হাজাৰ বাধাক নেওচি শান্তনু দত্তই জীয়াক আপোন কৰি লৈছিল,সেই সমাজৰ কথা শুনি জীয়া যদি তেওঁলোকৰ পৰা আঁতৰি যায় যাওঁক,তাত তেওঁলোকৰ কোনো আপত্তি নাই।এটি দেৱ শিশুক মৃত্যুৰ দুৱাৰ ডলিৰ পৰা আনি মানুহ কৰিবৰ বাবে যি সৰ্বতো প্ৰচেষ্টা তেওঁলোকে কৰিছিল তাক নেওচি জীয়া আঁতৰি যায় যদি যাওঁক।সকলো ক'লে মালবিকাই সেইদিনা জীয়াক।আৰম্ভণিৰে পৰা দেউতাকৰ মৰম,হেঁপাহ আৰু সমাজক পিঠি দি তাইক আপোন কৰি লোৱাৰ সকলো কথাই ক'লে তেওঁ জীয়াক।জানে তেওঁ জীয়াই কষ্ট পাব,নিজৰ মাক বাপেকে এৰি থৈ যোৱা বুলি জানিলে কোনেনো দুখ নাপাব,স্বাভাৱিকতেই পাব।সেয়ে তেওঁলোকে কওঁ কওঁ বুলিও জীয়াক কথাবোৰ কোৱা নাছিল।জীয়া যাতে হীনমান্যতাত নোভোগে,নিজকে পুতৌৰ দৃষ্টিৰে যাতে নাচায় সেই বাবে তেওঁলোক এই সত্য প্ৰকাশৰ পৰা দূৰত আছিল।
মালবিকাক আচৰিত কৰি জীয়া তেওঁৰ বুকুৰ ভিতৰত সোমাই পৰিল।অলপো কন্দা নাই তাই।মালবিকাৰ ভিতৰি ভিতৰি ভয়টো বাঢ়ি আহিল।জানে তেওঁ জীয়াক সৰু সৰু কথাটে আৱেগিক ছোৱালীজনীৰ কথাই প্ৰতি চকুপানী ওলাই।মাকৰ মৰম,ককায়েকহঁতৰ প্ৰচ্ছায়াত,দেউতাকৰ আদৰত ডাঙৰ হোৱা জীয়াজনীয়ে নকন্দা দেখি মালবিকাৰ ভয়টো ভিতৰি ভিতৰি বাঢ়ি আহিছে।
*এই কথাখিনি মোক আগতেই কৈ দিয়া হ'লেই মোক কটনলৈ পঠোৱাৰ ব্যৱস্থা কৰিব নালাগে ন?মই কিবা নুবুজো নেকি এই পৃথিৱীত  মোৰ মা,পাপা,দাদাহঁততকৈ মৰম কৰা মানুহ আৰু কোনো নাই বুলি।আচলতে, কি জানা মা,মোক যে মোৰ জন্ম দাতাই এৰি থৈ গ'ল,ভালহে কৰিলে নহ'লেনো মই তোমালোকৰ নিচিনা ইমান মৰম কৰা মা পাপা ক'ত পালোঁ হয়।এতিয়া, এইবোৰ বাদ দিয়া আৰু পাপাক ইয়াৰ কলেজৰেই ফৰ্ম এখন আনিবলৈ কোৱা।এই জীয়াক বুটলি আনিছিলা নহয় এতিয়া আৰু এই জীয়া তোমালোকক এৰি সহজে ক'লৈকো নাযায় মিছেছ শান্তনু দত্ত।এতিয়া কিবা আছে যদি দিয়া মোৰ বহুত ভোক লাগিছে।অতীত বুৰঞ্জী শুনি থাকোঁতে থাকোঁতে মোৰ ভাত খুৱাই নহ'ল নহয়।হাঁহি হাঁহি ঢলি পৰে জীয়া মাকৰ গাত।

কিবা এটা বনাই দিবলৈ মালবিকা উঠি আহে।আজি যেন তেওঁ জীয়াৰ অন্নপ্ৰাশন পাতিব,বিধে বিধে  তাইৰ ভালপোৱা ব্যঞ্জনবোৰ ৰান্ধিব।উদৰ পূৰাই খাব জীয়াই আৰু মালবিকা আৰু শান্তনু দত্তই পলক নেপেলোৱাকৈ চাব তেওঁলোকৰ জীয়াজনীৰ হাঁহি ভৰা মুখখন।মালবিকাই জানে কিমান যে ভালপাব দত্তই জীয়াৰ এই কথাবোৰ শুনি।মাকতকৈ যে জীয়াৰ প্ৰতি দেউতাকৰ টানটো অলপ বেছি মালবিকায়ো জানে।সঁচাকৈয়ে জীয়া ডাঙৰ হ'ল,নভবাকৈয়ে কেতিয়াবা কিছুমান কথা বৰ সহজ হৈ পৰে যদিহে তাত থাকে সঁচা মৰম আৰু আদৰ।






  

 

গজৰাজ

  চাকিগছি পদূলিমুখত জ্বলাই ওৰণিখন দীঘলকৈ টানি ৰূপালীয়ে কলংখনৰ ফালে চাই সেৱা এটি কৰি ঘৰৰ ফালে খোজ ল'লে।হাতত থকা ধূনাদানিটোৰ সুবাস চৌদিশে ...