Wednesday, September 23, 2020

মাটিৰ মানুহ

#সমন্বয়

নতুন ঠাইখনত কাব্যমক থান থিত লগাই মাক যোৱাগৈ কথা।সেয়ে মাকৰ মনটো বৰ এটি থিক নহয়।বিচৰা ধৰণে ঘৰ এটিও ঠাইখনত তেওঁ ল'ৰাটোৰ বাবে নাপালে।সেয়ে অসন্তোষ মনেৰেই তেওঁ উভতি আহিবলৈ পেকিং আৰম্ভ কৰিছে।মালিক লগত নথকা, ছোৱালী আশে পাশে নথকা ঘৰ এটা তেওঁ বিচাৰিছিল।পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।বিচাৰি বিচাৰি অৱশেষত এনে এটি ঘৰ পালে য'ত মালিকো লগত থাকে আৰু মালিকৰ দুজনী ছোৱালীও‌।সৰুজনীকলৈ ইমান চিন্তা নাই কিন্তু ডাঙৰজনীয়েহে তেওঁৰ টোপনি হৰণ কৰিছে।দেখাই শুনাই দহজন ডেকাৰ হৃদয় চুই যাব পৰাকৈ ধুনীয়া।ককালৈকে পৰা চুলিকোচাই তাইৰ ৰূপৰ জেউতি দুগুণে বৃদ্ধি কৰিছে।হওতে অৰ্চনা বৰঠাকুৰ তেনে প্ৰকৃতিৰ মানুহ নহয়।কলেজৰ অধ্যাপিকা বৰঠাকুৰ মহিলা সমিতিৰো সক্ৰিয় সদস্যা।সভাই সমিতিয়ে দিয়া তেওঁৰ ভাষণে বহুতো সামাজিক, ঘৰুৱা সমস্যাৰ অন্ত পেলাইছে।তেওঁ নিজেও নিজৰ মনটো সংকীৰ্ণ কৰি ৰখা নাই।সকলো লোককে তেওঁ মৰমৰে আকোঁৱালি লৈছে,সেয়ে অঞ্চলটোৰ তেওঁ এগৰাকী নাম থকা মহিলা।নিজৰ ডাঙৰ জীয়ৰী কাব্যাকো সমাজৰ বাধা নামানি মনে বিচৰা ধৰণে আমেৰিকাৰ তাইৰ প্ৰেমিকৰ লগত বিয়া দিছে। কাব্যমৰ ক্ষেত্ৰতো তেওঁৰ কোনো বাধা নাই।মনে যিজনী ছোৱালীকে বিচাৰে সি আনিব পাৰিব বুলিও তেওঁ কৈ থৈছে।কিন্তু নতুন ঠাইখনত ল'ৰাটোক অকলে এৰিবলৈহে তেওঁৰ মন যোৱা নাই।

কাব্যম,দেখিলেই প্ৰতিজনী ছোৱালীৰ হৃদয়ত আলোড়ণ সৃষ্টি কৰিব পৰা এটি নাম।এগ্ৰিকালচাৰ পাছ কৰি নতুন ঠাইখনত কৃষি বিষয়া হিচাপে তেওঁ যোগদান কৰিছে।নতুন ঠাই, নতুন পৰিবেশত তাক মিলি যাবলৈ বেছি দিন নালাগিল।মাক যোৱাৰ পিছত ভাত চাহ ৰান্ধি খাবলৈ শিকিলে।নতুন মানুহবোৰৰ লগত কাম কৰিবলৈও তাৰ বেয়া লগা নাই।কেৱল সুদেমশ্ৰীক দেখিলেহে তাৰ হৃদয়ত সুৰসঙ্গমৰ সৃষ্টি হয়।তাইৰ যেন চকুলৈ চাব নোৱাৰে সি।চকুৱে চকুৱে পৰিলেই লগে লগে নমাই আনে সি তাৰ চকুযুৰি।লাহে লাহে মন কৰে সি তায়ো যেন চকুৱে চকুৱে চকুৱে পৰিলে লাজ লাজ অনুভৱ কৰে।
সময় বাগৰে।ঠাইখন লাহে লাহে কাব্যমৰ আপোন আপোন লাগে আৰু সুদেমশ্ৰী।নজনাকৈয়ে আপোন হৈ পৰে তাৰ, তাৰ প্ৰতিটো সুখ দুখৰ বাৰ্তা নিদিলে যে সি শান্তি নাপায় আৰু তাই ,নিজৰাৰ পৰা বৈ অহা পানীৰ জিৰজিৰ শব্দৰ দৰে অনৰ্গল তাইৰ কথা।শুনিলে শুনি থাকিবলৈ মন যোৱা আমনি নলগা তাইৰ কথা।এয়ে হয়তো প্ৰেম যিজনৰ প্ৰতিটো কথাই গীত হৈ প্ৰবাহিত হয় সিৰাই সিৰাই।প্ৰথম প্ৰথম ভাৰাতীয়া হিচাপে দৰকাৰী এটা দুটা কথা পতাই পিছলৈ ঘৰত মাক দেউতাক নাথাকিল সেই সময় ঘন্টালৈ অতিক্ৰম কৰে।দেখা দেখি হ'লে চকুৱে চকুৱে আজিকালি সিহঁতে কথা পাতে আৰু ফোনত কাব্যমে বুজাই নুবুজাই তাই কথা কয়।ভাল লাগে কাব্যমৰ তাইৰ সহজ সৰল কথাবোৰ,বেৰীয়া দাঁতৰ মাজেদি নিগৰি অহা তাইৰ হাঁহিটো,দখনা পিন্ধি কিচকিচীয়া ক'লা তাইৰ দীঘল চুলিটাৰিয়ে যেতিয়া নৃত্য কৰে তাৰ যে সেই ভাল লগাবোৰে কবিতাৰ ৰূপ লয়।পুৱাই সিজু গছজোপাৰ তলখন মচি চাকি বন্তি জ্বলাই বাথৌ ব্ৰাইক সেৱা কৰা সুদেমশ্ৰীক দেখিলে কাব্যমৰ মাকলৈ মনত পৰে।মাকেওটো এনেদৰে পুৱা-গধূলি তুলসী গছৰ তলত চাকি জ্বলাই।কিন্তু কওঁ কওঁ বুলিও সি যে সুদেমশ্ৰীক ক'ব পৰা নাই তাৰ মনৰ কথাবোৰ।কিবা এক লাজ,ভয়,শংকাই মুখৰ আগত থকা কথাকেইটা প্ৰকাশ কৰিবলৈ বাধা দিয়ে।কিন্তু দুয়োটাই বুজে দুয়োৰে মনৰ কথাবোৰ, দুয়োৰে হৃদয়ত অংকুৰিত হোৱা প্ৰেমৰ মিঠা মিঠা অনুভৱবোৰ ।
চাকৰি জইন কৰাৰ পিছত ঘৰলৈ কাব্যম গ'লেও তাৰ মনটো যেন বাৰে বাৰে সুদেমশ্ৰীৰ ওচৰলৈকে উৰা মাৰে।কাতি বিহু, মাঘ বিহু, পূজাৰ বন্ধত সি ঘৰলৈ নোযোৱাকৈ থকা নাই।কিন্তু সেইবাৰ বহাগৰ বিহুতহে সি ঘৰলৈ যাব নোৱাৰিলে।ইলেকচনৰ ডিউটি পৰাত সেইবাৰ সি ভাড়াঘৰতে থাকিব লগা হ'ল।ইফালে মাকৰ কান্দি কাটি অৱস্থা নাই।বছৰেকৰ বহাগৰ বিহুটোতনো ল'ৰাটোক এৰি কেনেকৈ ভাতসাজ খায়।তলা বন্ধ কৰি নিজেও গুচি আহিব নোৱাৰে,তাতে কাব্যমৰ দেউতাকো অসুস্থ।বিহু বুলি কাব্যমৰ এইবাৰ পিঠা পনাৰ সোৱাদ লোৱা নহ'ব বুলি ভাবোতেই আগদিনাই সুদেমশ্ৰী আৰু মাকে আহি তাক তিলপিঠা,নাৰিকলৰ লাৰু,তেলপিঠাৰে 'মানসি দোমাহী'ৰ(মানুহ বিহু)বৈছাগুৰ নিমন্ত্ৰণ দি থৈ যায়।এইকেইদিন সুদেমশ্ৰীৰ মুখৰ হাঁহিটো নুগুচাই হৈছে।মনৰ মানুহজনক হেঁপাহৰ বৈছাগুত কাষতে পাই তাইৰ গা সাতখন আঠখন হৈ আছে।তাঁতৰ শালত কাব্যমৰ বাবে বৈছাগুত দিবলৈ আৰনাই বৈছে।কি ৰঙে সোৱাব তাক কল্পনা কৰি কৰি ৰঙা আৰনাই খনত প্ৰেমৰ বুটা বাছিছে‌।
কাব্যমৰ বিহুৰ দিনকেইদিনো আজৰি নাই।ইলেকচন ডিউটি কৰি আবেলি সময়ত ঘৰ সোমাইহি।বহাগৰ এক তাৰিখতো সি ডিউটি কৰিব লগা হৈছে।বৈছাগু বুলি সেইদিনা সোনকালে ৰুমলৈ ওভতি আহে।দুপৰীয়া বৈছাগুৰ নিমন্ত্ৰণ আছে তাৰ।আগদিনাই সুদেমশ্ৰীয়ে তাক সুধে
*আদা,(দাদা)তই পিছে অমাবেদ(গাহৰি) খাবিনে নাই?আমি আকৌ বৈছাগুত জৌ বিদৈৰ(আপং) লগত অমাবেদ খাওঁৱেই।
  কিছুমান শব্দৰ সৈতে আজিকালি কাব্যমৰ নতুন চিনাকি হৈছে।প্ৰথম প্ৰথম বুজিবলৈ অসুবিধা হৈছিল যদিও লাহে লাহে সি কথাবোৰ, ভাষাটো অলপ চলপ বুজি উঠিছে।ক'বলৈও দুই এটা শিকিছে।কোনোৱে যদি তাক সুধে 'মা খবৰ?'(কি খবৰ) সিও সুন্দৰ ভাৱে উত্তৰ দিয়ে 'মৈজাং মৈজাং'(ভাল ভাল)।
*হেই  নাই নাই নাখাওঁ।মায়ে জানিলে কাটিব।
*তোৰ আই ইমান ডেঞ্জাৰ নে,নিজৰ ল'ৰাটোকো কাটিব ।
   কাব্যমৰ হাঁহি উঠে সুদেমশ্ৰীৰ কথাত।ধেমালিতে কোৱা কথা কিছুমান তাই বুজিবলৈ দেৰি লাগে।মিচিকিয়া হাঁহিটো মাৰি সি ভিতৰলৈ সোমাই যায়।
 কৰ্মৰ তাগিদাত কাব্যম প্ৰায়েই গাঁৱৰ খেতিয়কসকলৰ ঘৰলৈ যায়।সকলোৰে ঘৰত বা বিয়াই সবাহে তেওঁলোকে অন্যান্য খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা জৌ বিদৈ খাবলৈ দিয়ে।তেওঁলোকৰ ল'ৰা,ছোৱালীৰ পৰা সকলোৱে এইবিধ পানীয়ৰ সোৱাদ লয়।লগৰ কেইজনে খাই যদিও সি আজিলৈকে মুখত দি পোৱা নাই।
বৈছাগুৰ দিনা ডিউটিৰ পৰা আহি সি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সুদেমশ্ৰীৰ ঘৰলৈ যায়।কেইবাজনো মানুহ সিহঁতৰ চ'ৰা ঘৰত বহি থাকে।সুদেমশ্ৰী আৰু ভনীয়েক স্বদমশ্ৰীয়ে আহি ডাঙৰ কেইজনক সেৱা জনাই সকলোকে আৰনাই উপহাৰ দিয়ে।সুদেমশ্ৰীয়ে মৰমেৰে বনোৱা আৰনাইখন মিচিকিয়া হাঁহিটো মাৰি কাব্যমক দিলে।সকলোৱে বৈছাগুৰ পিঠা পনা খাই।সকলো ল'ৰা ছোৱালী মিলি বৈছাগুত সিহঁতেও গীত গায় নৃত্য কৰে।
*ব'ল আদা আমি গাঁৱত যাওঁ।তইটো আমাৰ বৈছাগু দেখাই নাই আজি চাই ল'বি---স্বদমে কয়।
তাকে শুনি সুদেমশ্ৰীৰ দেউতাকে কয়
* যা যা চেংৰা(ল'ৰা) ঘৰলৈ যাবলৈয়ে নাপালি,আমাৰ বিহুকে চাই আহ।
    ওলাই যায় তিনিওটা, নতুনকৈ বৈছাগু বুলি লোৱা দখনা,জৈমগ্ৰা পিন্ধি দুই বাই-ভনীৰে সৈতে কাব্যম ওলাই যায়।চাৰিআলিটোৰ আঁহত গছজোপাৰ তলত গাঁৱৰ ডেকা গাভৰু লগ হয়।কাব্যমে অলপ অসহজো অনুভৱ কৰে।সুদেমশ্ৰী, স্বদমৰ বাদে সি যে ঠাইখনৰ কাকো আজিলৈকে মাতি পোৱাই নাই।দুই এটা ল'ৰাক হাঁহিৰে সম্ভাষণ জনোৱাৰ বাদে সি যে কাকো মাতিয়েই পোৱা নাই।তথাপিও তাৰ এই সময়খিনি ভাল লাগে।তাৰ মনৰ মানুহজনী যে তাৰ কাষত আছে।বসন্তৰ বা কাব্যমৰ মনে প্ৰাণে বলিছে।সকলোৱে মিলি বৈছাগুৰ গীত গাইছে,বাগৰুম্বা নাচিছে।কাব্যমে হাতত লৈ থকা আৰনাইখন এপাকত সুদেমশ্ৰীয়ে নাচি নাচি তাৰ ডিঙিত আৰি দিয়ে।উসঃ কি সুবাস এই বসন্তৰ,কি নাম এই প্ৰেমৰ,কি ৰাগ এই মৰমৰ।নোকোৱাকৈয়ে যি বুজিব পাৰি।
*ব'ল আদা আমি সৈ নৈটোৰ পাৰতে যাওঁ।
 দুয়ো আগবাঢ়ে নৈৰ পাৰলৈ।তাইৰ অসমীয়া শুনি কাব্যমৰ হাঁহিও উঠে মাজে মাজে।তথাপিও সি একো নকয়।সিহঁতে যে নিজৰ ভাষাটোৰ উপৰিও অসমীয়াটো ক'ব পাৰে সেইয়াই ডাঙৰ কথা।সি টো অসমীয়া, ইংৰাজী, হিন্দীৰ বাহিৰে বেলেগ ভাষা শিকিব লাগে বুলি ভবাই নাছিলে।দুয়োটা গৈ নৈখনৰ পাৰত বহে।আবেলিৰ বহাগৰ সুগন্ধি কাব্যমে যেন প্ৰাণ ভৰি উপভোগ কৰিব।সুদেমশ্ৰীৰ উপস্থিতিয়ে যে তাক বেছি আৱেগিক কৰি তুলিছে।মন যে তাৰ আজি চঞ্চল হৈ পৰিছে, প্ৰেম যে তাৰ উথলি উঠিছে। সুদেমশ্ৰীৰো বাৰু এনে হৈছে নেকি মনে মনে ভাবে কাব্যমে।কোনো দিন বিহু নাচি নোপোৱা কাব্যমৰ আজি যেন সুদেমশ্ৰীৰ লগত বাগৰুম্বা নাচিব, তাইৰ চুলিখিনিত কপৌ ফুল গুজি দিব আৰু হাতত লোৱা জেতুকাৰ সুগন্ধ যেন সি চকু মুদি ল'ব।কল্পনাবোৰে যে তাক বেছি আৱেগিক কৰি তুলিছে।হঠাৎ কৈ উঠিল সি
*সুদেম ,তোমাক এটা কথা ক'বলৈ আছে।
*ক আকৌ।
*আই লাভ ইউ সুদেম,আই লাভ ইউ ভেৰি মাচ্ছ।
*কি ক'ব তই আদা তোৰ আয়ে জানো মোক মৰম কৰিব?
    কথাবোৰ যে কাব্যমে চিন্তাই কৰা নাছিল।সি ভাল পায় সুদেমশ্ৰীক,ঘৰে কি ক'ব,মাকে কি ক'ব সি যে চিন্তাই কৰা নাই।প্ৰকৃততে চিন্তা কৰিব লগা কথা বুলি সি ভবাই নাই।কাৰণ বায়েকৰ বিয়াৰ সময়তেই মাকৰ বহল মনটোৰ পৰিচয় সি পাই থৈছে।বিদেশী ল'ৰা এটাক জোঁৱাই কৰি আদৰি ল'ব পাৰিছে যেতিয়া সুদেমশ্ৰীক আঁকোৱালি নোলোৱাৰ সি কাৰণেই দেখা নাই।
*মাৰ চিন্তা তুমি কৰিব নালাগে।মাক মই বুজাম,মাথোঁ তুমি কোৱা তুমি মোক ভাল পোৱানে?মোৰ লগত বিয়া হ'বানে?
*আফাক(দেউতা)সুধিবি তই,আফাই যদি দিয়ে মই হ'ম ।
*আৰু যদি আফাই নিদিয়ে তেতিয়া নোহোৱা।
 একো নকয় তাই, মাথোঁ বোঁৱতী নৈ খনলৈ চাই ৰয়।অস্তমিত সূৰুযৰ আভাই দুয়োটাকে ৰহণ  বুলাই গ'ল।কুলি, কেতেকীৰ মাতে পৰিবেশটো যেন আৰু ৰোমাঞ্চিত কৰি তুলিলে।
*নক'লা একো তুমি ,তুমি তেন্তে মোক ভাল নোপোৱা?
*পাওঁ, পাওঁ ,কিন্তু আফাই নিদিলে মই যে পলাই যাব নোৱাৰোঁ।
*তোমাকনো কোনে পলাই যাব কৈছে,আফাক আমি বুজাম তেওঁ নিশ্চয় বুজিব।কিন্তু তাৰ আগতে তুমি মোক সঁচাকে কোৱা ভাল পোৱানে নাই?
*আংবৈ থ নৈংখৌ জৈবৈদ মৈজাং মৈনৈ ।পাওঁ ,মই তোক বহুত ভাল পাওঁ, বহুত।
 *থিক আছে তেন্তে আজিৰ পৰা তুমি মোক কাব্য বুলি মাতিবা,আদা নহয়।
*কাব......ব......ই....,ধেই মোৰ নহয়েই, তোৰ নামটো ইমান টান।
*ট্ৰাই কৰিবা পাৰিবা।নহ'লে পিছত আদা মাতিলে মই লাজ পাম।
          কাষৰ গাঁৱখনৰ পৰা ঢোল,পেঁপাৰ মাত ভাহি আহে,জনা হ'লে যে কাব্যমে আজি এপাক নাচিয়েই দিলে হয়।চিফুঙৰ মাতে যে আজি দুয়োকে উন্মনা কৰি তুলিছে।কাষ চাপি আহে দুয়ো।মনৰ মাজৰ কথাবোৰ আজি পাৰ ভাঙি ওলাই।সপোন দেখে নৈ খনিক সাক্ষী কৰি দুয়ো ভৱিষ্যতৰ।মৰমবোৰ উথলি উঠে।যৌৱনৰ ৰাগি লাগে,যুৰীয়া জীৱনৰ সপোন ৰচে।
   বৈছাগুৰ ৰাতিৰ ভাতসাজ কাব্যমে  সুদেমশ্ৰীৰ ঘৰতে খাবলৈ নিমন্ত্ৰণ পালে।প্ৰথম বাৰৰ বাবে সি জৌ বিদৈৰ সোৱাদ ল'লে।আজি যে সি সুখী,সুদেমশ্ৰীয়ে যতনাই দিয়া বৈছাগুৰ ভাত সাজ যে সি পৰম তৃপ্তিৰে খালে,খালে মানে দেউতাকৰ চকুৰ আঁৰে আঁৰে তাইলৈ চাইয়েই ৰ'ল।হেঁপাহ পলোৱাই যেন চাব তাইক।আপঙৰ নিচাইয়ো ধৰিলে তাক,সি যে সেইৰাতি সুদেমশ্ৰীক কইনাৰ সাজতো দেখিলে।দখনাৰ পৰা একেবাৰে হোমৰ গুৰিত পাটৰ সাজত বহি থকা তাৰ কইনাজনী,চাই চাই যেন তাৰ হেঁপাহেই নপলাব।
সুদেমশ্ৰীয়েও কল্পনা কৰে নিজকে কাব্যমৰ পত্নী হোৱাৰ।প্ৰেমৰ সাগৰত এতিয়া দুয়ো উটি ভাহি ফুৰিছে।কাষতে কোনোবাই মাতি থাকিলেও যে তাই গম নাপায়।কাব্যমৰ সপোনত ডুব গৈ থকা সুদেমশ্ৰীয়ে কিমান বাৰ যে মাকৰ পৰা গালি খাইছে।
সময়বোৰ এনেদৰেই পাৰ হয়,পুৱাই উঠি এটাই আনটোক নেদেখিলে সিহঁতৰ যে দিনটো পাৰেই নহয়।আজিকালি সুদেমে কাব্য বুলি ক'ব পৰাও হ'ল।কাব্যমে মাজতে উপহাৰ হিচাপে তাইক চাদৰ মেখেলা এযোৰো দিলে। মাজে মাজে চাদৰ মেখেলাযোৰ পিন্ধি তাই চাই।আইনাখনত নিজকে দেখি লাজ লাজ অনুভৱ কৰে তাই।প্ৰথম পিন্ধি কাব্যমক দেখুৱাই, সি চকুৰে ধুনীয়া লাগিছে বুলি ইঙ্গিত দিয়ে । সুদেমে এদিন কাব্যমক কয়
*আফাই মোলৈ ল'ৰা চাইছে,কাইলৈ চাবলৈ আহিব।আফাৰ চিনাকি, আফাৰ মতে বিয়া তাৰ লগতে দিব,তই কিবা এটা কৰ।
ফোনতে সুদেমশ্ৰীৰ কান্দি কাটি অৱস্থা নাই।কাব্যমৰ হৃদয়েও হাহাকাৰ কৰিলে।ই কেনেকৈ সম্ভৱ, চাবলৈ আহিলেই বিয়া দিব নেকি?সিহঁতৰ ঠাইতটো এনেকুৱা নহয়।তাৰ ঘৰতো সি একো জনোৱা নাই।মাকে ছোৱালী চোৱাৰ কথা ক'লে মাথোঁ সি কথাটো এৰাই চলে।এতিয়া ঘৰত নজনোৱাকৈ সুদেমশ্ৰীৰ ঘৰত ক'বলৈও তাৰ সাহস হোৱা নাই।তাতে তাইৰ দেউতাক ভালত ভাল বেয়াত যমকাল বুলি তায়েই কয়।এতিয়া তাতে সি অকলে আছে ,কি বা কৰে।
তথাপিও ভয়ে ভয়ে গৈ সি সুদেমশ্ৰীৰ ঘৰ ওলাই।নোৱাৰে সি তাইক আনৰ হোৱা দেখিব,দৰকাৰ হ'লে তাক মাৰিয়েই পেলাৱক,তিৰস্কাৰেই কৰক ।সকলো কথা সি সুদেমশ্ৰীৰ দেউতাকক ক'লে।কিন্তু ভবা ধৰণে তেওঁ হুলস্থুল নকৰিলে, খঙো নকৰিলে।মাথোঁ ক'লে
*তহঁতৰ সমাজে জানো আমাৰ এইক আকোঁৱালি ল'ব?সমাজ বাদ দে তোৰ ঘৰখনে মাৰে,দেউতাৰে জানো আকোঁৱালি ল'ব।পিছত যদি এই কষ্ট পায়।
   কাব্যমে আশ্বাস দিলে,পৰম বিশ্বাস তাৰ তাৰ ঘৰখনত এইলৈ একো অসুবিধা নহয়।অতি সোনকালে ঘৰত জনোৱাৰ বিশ্বাস দি পৰম শান্তিৰে সি ৰুমলৈ যায়।
পিছদিনাই সি ঘৰলৈ বুলি যায়।পুতেকক হঠাতে দেখি মাক-দেউতাক আচৰিত হয়।তাতোকৈ আচৰিত হয় তাৰ প্ৰেমৰ কথা শুনি।যি টো কথালৈ ভয় কৰিছিল তাকেই হ'ল।মাকৰ মনটোৱে যেন এনে কিবা এটা হোৱাৰ আশংকা আগতেই কৰিছিল।পুতেক জীয়েকক তেঁৱেই স্বাধীনতা দিছে মনে বিচৰা গৰাকীক আপোন কৰি লোৱাৰ আৰু নিৰ্ভয় দিছিল সেই লগৰীক ঘৰখনেও আপোন কৰি লোৱাৰ।কিন্তু কিয় জানো তেওঁ যে সুখী নহয় এই সম্বন্ধত।
নিজকে ৰুমৰ ভিতৰত সোমোৱাই তেওঁ প্ৰশ্ন কৰে কিয় এই সম্পৰ্কত তেওঁ সুখী নহয়।তেওঁৰটো জাত পাত লৈ কোনো দিন বিভেদৰ কথা মনলৈ অনা নাই।সভাই সমিতিয়ে এই জাত পাতৰ বৈষম্যৰ তেওঁ দুৰ্ঘোৰ বিৰোধিতা কৰি আহিছে আৰু নিজকে এনে এটি পৰিস্থিতিৰ বাবে আগৰ পৰাই প্ৰস্তুত কৰি ৰাখিছে।তথাপিও আজি এই মানসিক অন্তদ্বন্দ কিয়?কিয় তেওঁ সুদেমশ্ৰীক বোৱাৰী ৰূপে গ্ৰহণ কৰিব পৰা নাই?কেৱল দখনা পিন্ধাৰ বাবে, সুৰা পান কৰাৰ বাবে নে?
সোমাই আহে কাব্যম ।
*কিয় মা তুমি মানি ল'ব পৰা নাই সুদেমশ্ৰীক।তুমিয়েইটো শিকাইছিলা মানুহ মানুহেই, জাত পাত বুলি একো নাই।দহক সন্মান কৰি,ভাল বেয়া বিচাৰ কৰি নিজকে সংযত কৰি ৰাখিব পৰাজনেই মানুহ আৰু সেই সকলোৰে আমাৰ ঘৰত স্থান আছে ,সেয়েটো তুমি বাৰ পচণ্ডকো মানি লৈছিলা দেউতাৰ আপত্তি স্বত্বেও আৰু এতিয়াটো দেউতাৰো কোনো আপত্তি নাই।নে বাৰ ক্ষেত্ৰত আছিল সেইয়া আভিজাত্যৰ চিন যি এতিয়া তোমাক নিজৰ মাটিৰ মানুহজনীক আকোঁৱালি লোৱাত বাধা দিছে।
ওৰে ৰাতি অৰ্চনা বৰঠাকুৰ সাৰে থাকে।কথাবোৰ ভাবি গুণি তেওঁ যে একো সিদ্ধান্তই ল'ব পৰা নাই।পুৱাই উঠি গোঁসাইৰ ওচৰত চাকি গছি জ্বলাই কাব্য উঠালৈ তেওঁ অপেক্ষা কৰে।লুচি ভাজিৰে ডাইনিং টেবুল ভৰাই দিয়ে লগতে মিঠাই কেইটামানো বনাই।কাব্যমৰ সেইকেইটা প্ৰিয়।গা পা ধুই সকলো টেবুলত বহে।কাব্যমৰ মুখখন গোমা,খাওঁ নাখাওঁকৈ লিৰিকি বিদাৰি আছে সি।মাকে মাত লগাই
* সোনকালে খা আকৌ বজাৰলৈ যাব লাগে।
*কিয়,কিহৰ বজাৰ?
*অ' আই আমি আৰু ছোৱালী চাবলৈ খালী হাতেৰে যাম নেকি?ভাবিছোঁ আঙুঠি এটাকে পিন্ধাই সম্বন্ধটো আৰু দৃঢ় কৰি পেলাওঁ।
 হাঁহিৰে উপচি পৰে সকলোৰে মুখবোৰ,এই সময় সুখৰ সময় ।মনৰ খু দুৱনিবোৰৰ অন্ত পৰে,মাকৰ বুকুৰ মাজত সোমাই পৰে কাব্যম যি দৰে সোমাই তাৰ বুকুৰ মাজত সুদেমশ্ৰী।




 

Tuesday, September 8, 2020

শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

   শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম

      ঘৰখনলৈ বোৱাৰী হৈ অহা উপাসনাৰ প্ৰায় এবছৰেই হ'ল।এই এবছৰত বহুত নেদেখা ঠাই দেখিলে,বহু নজনা কথা জানিলে,বহু নকৰা কাম কৰিলে।অভিজ্ঞতাই শিকাই,জীৱন বৃত্তৰ চকৰিটো ঘূৰে,নোকোৱাকৈয়ে থাকি যায় বহু কথা,হৃদয়ত হাজাৰ ধুমুহাই কোবাই গ'লেও সংস্কাৰে বাধা দিয়ে বহু কথা হৃদয়তে ৰাখিবলৈ।

কি নাই ঘৰখনত,ইঞ্জিনীয়াৰ স্বামী,প্ৰফেছৰ শহুৰ শাহু,মেডিকেল পঢ়ি থকা ডাক্তৰ প্ৰকৃতাৰ্থত  এখন সুখৰ সংসাৰ,এটি সুখী পৰিয়াল।চালে চকু ৰোৱা কাৰুকাৰ্য খচিত এটি দালান,বৃহৎ আকাৰৰ গেটখনেদি সোমাই আহিলেই মন প্ৰাণ ভৰাই তোলা এখন সুন্দৰ বাগিচা,এখন সৰু সুৰা নাৰ্চাৰীয়েই।দামী দামী বস্তুৰে ভৰি থকা ড্ৰয়িং ৰুমটোৰ একোণত এটি পুথিভঁৰাল।মুঠতে এজন মানুহৰ সোমাইয়েই মোহি নিব পৰা ঘৰখনৰ পৰিবেশ।মাকহঁতৰ মুখত শুনি থকা ঘৰখনৰ কথা তাই বাস্তৱত দেখিছিল যিদিনা ন বোৱাৰীৰ সাজেৰে উপাসনা প্ৰথম ভৰি দিছিল তাইৰ সপোনৰ ঘৰখনত।গাঁওৰ পৰিবেশৰ পৰা চহৰৰ পৰিবেশৰ লগত মিলিবলৈ তাইৰ বেছি সময় নালাগিছিল।শাহুৱেকৰ মৌ বৰষা মাত,শহুৰেকৰ আব্দাৰ,দেৱৰেকৰ বৌ,বৌ কৈ অমুক লাগে তমুক লাগে কৈ পিছে পিছে ঘূৰি ফুৰা স্বভাৱ আৰু স্বামী প্ৰীতমৰ মৰমবোৰৰ মাজত তাই পাহৰি পেলাইছিল তাই যে আন এখন ঘৰৰ ছোৱালী আৰু এতিয়া এইখন ঘৰৰ বোৱাৰী।ভাল লাগিছিল তাইৰ সকলোৰে মৰমবোৰৰ মাজত নিজকে বুৰাই ৰাখি।

বিয়াৰ দুমাহ মানৰ পিছতে উপাসনাৰ জন্মদিন আহিল।বিয়াৰ পিছত তাইৰ নতুন ঘৰখনত প্ৰথম জন্মদিন।নিজৰ ঘৰখনলৈ বৰকৈ মনত পৰে।গাঁওৰ ঘৰত সিহঁতে কমখন উৎপাত কৰে নেকি।যৌথ পৰিয়ালটোৰ প্ৰতিটো ভাই ভনীৰে জন্মদিনত সিহঁতৰ ঘৰত বিষ্ণু পূজা পাতে,পূজাৰ পিছত ওচৰ পাজৰৰ ল'ৰা ছোৱালীকেইটাক মাতি মাক,খুৰীয়েকহঁতে পায়স,লুচী-ঘূগুনীৰে জন্মদিন পালন কৰে।ৰাতিলৈ দেউতাকে ছাগলী মাংস আনে,খুৰীয়েকে বনোৱা মাংসৰ সোৱাদেই বেলেগ, গোটেইকেইটাই পৰম তৃপ্তিৰে ভাতসাজ খায়।পলকতে উৰা মাৰে উপাসনাৰ মনটো মাকহঁতৰ ওচৰলৈ।সেইদিনটোত মাকে তাইক গা ধুবলৈ পানীত গাখীৰ,তুলসী, দূবৰি,তিল,চাউল,ৰূপ,সোণৰ আঙুঠি, তামৰ মুদ্ৰা মিহলি পানী দিয়ে।এইবাৰো মাকে কৈ আছে তাইক বস্তুখিনি নিজে যোগাৰ কৰি ল'বলৈ,পিছে তাইৰ হে লাজ লাগিছে চহৰত ক'তনো তাই তুলসী, দূবৰি বিচাৰিব।তথাপিও এপাকত তুলসী পুলি ক'ৰবাত দেখে নেকি চাই আহিল, পিছে নাই ইমানবোৰ চিনি নোপোৱা ফুলৰ মাজত তাই তুলসী পুলি এটি নেদেখিলে।নিজেও ভাবিলে এতিয়া তাই বিয়া হ'ল যেতিয়া কিছুমান নিয়ম সলাব লাগিব।প্ৰীতমকো তাই এই সম্পৰ্কে একো নক'লে।সেইদিনা ৰাতি বাৰ বজাত  সকলোৱে মিলি কেক এটা আনি তাইক চাৰপ্ৰাইজ দিলে।লাজেই লাগিলে তাইৰ, টি ভিত হে দেখিছিল নায়ক নায়িকাই ৰাতি বাৰ বজাত কেক কাটে,নিজে কিন্তু আবেলি পূজা ভঙাৰ পিছত কণমানিকেইটাৰ লগতহে কেক কাটিছিল।তথাপিও কেকটো কাটি সকলোকে খোৱাই প্ৰতিবাৰ প্ৰতিজনক খোৱাওতে ফটোও উঠালে দেৱৰেক পৰাগে।সকলোকে সেৱা এটিও কৰিলে তাই।বেয়া লগা নাই তাইৰ,মানুহবোৰৰ মৰমবোৰ মাত্ৰ অলপ বেলেগ ধৰণৰ।পুৱাই উঠি গোঁসাই ঘৰত চাকিগছি জ্বলাই তাই পাকঘৰত সোমালহি,ইতিমধ্যে শাহুৱেকে পুৱাৰ খানা যোগাৰ কৰিলেই,যিহেতু দেওবাৰ গতিকে সকলোকে পুৱা কৰ্ণফ্লেক্স দিয়া হ'ল।কৰ্ণফ্লেক্সখিনি দেখি তাইৰ মনটো উৰা মাৰিলে আজিৰ দিনটোত মাকে বনোৱা পায়সৰ বাটিটোলৈ।চাহ বনাই থাকোঁতে শাহুৱেকে ক'লে

*আজি তোমাৰ বাৰ্থডে উপলক্ষে এঠাইলৈ যাম ওলাবা।মই সকলো ব্যৱস্থা কৰি থৈছোঁ।প্ৰতিবাৰে ইহঁত দুটাৰ বাৰ্থডেটো আমি যাওঁ আৰু কণমানিকেইটাক কিবা অলপ দি থৈ আহোঁ, এইবাৰৰ পৰা এই লিষ্টত তোমাৰো নাম আহিল।


*কিন্তু কোনফালে যাম মা? তুমি ৰেডী হোৱা আজিৰ দুপৰীয়া সাজ আমি বাহিৰতে খাম আৰু ৰ'বা তোমাৰ বাৰ্থডে গিফ্টটো লোৱা, আজিৰ পৰা আৰু তুমি এই চাদৰ মেখেলা পিন্ধি নাথাকিলেও হ'ব।আজিকালি টাউনৰ আভিজাত্য ঘৰৰ বোৱাৰীয়ে এইবোৰ পিন্ধেই,নিপিন্ধিলেহে মই বৰুৱানী আন্টিহঁতৰ আগত লাজ পাম। মই দেউতাৰাৰ লগত কথা পাতিছো তেওঁৰো কোনো আপত্তি নাই,লোৱা এইটো।

   উপাসনাই বৰ আগ্ৰহেৰে উপহাৰটো ল'লে,প্ৰীতমে তাইক তাই ভালপাওঁ বুলি কোৱা ডাঙৰ টেডী বিয়েৰ এটা আনি দিছে,পৰাগে এটা ঘড়ী দিছে আৰু এতিয়া শাহুৱেকৰ পৰা উপহাৰটো পায় তাইৰ মনটো সাতখন আঠখন হ'ল।ৰুমলৈ গৈ তাই পেকেটটো খুলি চাই কেইজোৰমান চেলৱাৰ,মনটো ভৰি গ'ল তাইৰ।চাদৰ মেখেলা পিন্ধি যে তাই বেয়া পাই এনে নহয় কিন্তু ঘৰুৱা কামবোৰ কৰিবলৈ অসুবিধাও নোপোৱা নহয়,এতিয়া যিহেতু শাহুৱেকে নিজেই দিছে তাইৰ পিন্ধিবলৈ অসুবিধা নহ'ব।

      শাহুৱেকে কোৱাৰ দৰে গোটেইকেইটা সাজি কাচি যাবলৈ ৰেডী হ'ল।উপাসনাই জোৰোণত দিয়া পাতল সেউজীয়া ৰঙৰ পাটৰ চেটজোৰ পিন্ধি ল'লে।হঠাৎ শাহুৱেক সোমাই আহে

*এই কি পিন্ধিছা এইবোৰ, আমি বিয়া খাব নাযাওঁ নহয়,আশ্ৰমলৈহে যাম আৰু তাৰ পৰা বাহিৰে বাহিৰে ৰেষ্টুৰেন্ট।তাত এইবোৰ পিন্ধিলে একেবাৰে আউটডেটেত লাগিব, তাতে মই বৰুৱা আন্টিহঁতকো মাতিছোঁ, তেওঁলোকৰ আগত নিজকে আউটডেটেত যেন লাগিব হে।খোলা, খোলা, অথনি দিয়া ৰেড কালাৰৰ পাতিয়ালা ড্ৰেছটো পিন্ধা আৰু চুলিখিনি মেলি ল'বা বুজিছা,তোমাক ধুনীয়া দেখাই।

     উপাসনাই কথাবোৰ মনতে আওৰাই আকৌ কাপোৰ সলাই।শাহুৱেকে কোৱাৰ দৰে এইবাৰ ওলাই যায়।

*ও এতিয়াহে মোৰ বোৱাৰী যেন লাগিছে, আহা,আহা দেৰিয়েই হৈছে।

      উপাসনাই হাঁহি এটা মাৰি গাড়ীত বহে।মাত্ৰ বুজি পোৱা নাই খালী হাতেৰেনো অনাথ  আশ্ৰমলৈ কিয়,কেনেকৈ যায়, প্ৰীতমক সুধিবলৈও তাই চান্সেই নাপালে।গাড়ীখন এটা সময়ত গৈ এখন ৰেষ্টুৰেন্টৰ সন্মুখত ৰ'লগৈ।পৰাগ নামি গৈ দুটি ডাঙৰ ডাঙৰ কাৰ্টুন আনি দিকিত ভৰাই দিলে।এইবাৰ উপাসনাই নুসুধি নোৱাৰিলে

*কি আছেনো মা ইয়াত?

*আশ্ৰমৰ ল'ৰা ছোৱালীবোৰৰ বাবে পেকেট লান্স।

   উপাসনাই মনতে পাগুলীয়াই থাকিলে পেকেট লান্সত কি থাকিব পাৰে,বইল কণী,পেটিজ,মিঠাই।তাইৰো মন আছিল ঘৰত থাকোঁতে যেতিয়া ফেচবুকত দেখে কোনো কোনোৱে নিজৰ বাৰ্থডে, এনিভাৰছেৰীত পায়স,ভাত,মাংস ৰান্ধি অনাথ আশ্ৰম,বৃদ্ধা আশ্ৰমত আপ্যায়ন কৰে।কিছু দূৰ যোৱাৰ পিছত আশ্ৰমৰ সন্মুখত গাড়ীখন ৰখিল।গোটেই কেইটা নামি গ'ল।ভাগে ভাগে সকলোকে পেকেট লান্স দিয়া হ'ল।শাহুৱেকে তাইকো বিলাবলৈ ক'লে,তেওঁ কেমেৰামেন হ'ল।দুটামান তেওঁ নিজেও দিলে প্ৰীতমক ফটো দুকপি মান তুলিবলৈ দি।বেয়া নালাগিল উপাসনাৰ কণমানিকেইটাৰ লগত সময় পাৰ কৰি।কিন্তু বেয়া লাগিল যেতিয়া সিহঁতে পেকেট লান্সত দিয়া বিৰিয়ানীৰ সোৱাদ ল'বলৈ অসমৰ্থ হ'ল।জলাই, মছলাই গোটেইকেইটাক জোলোকা জোলোকে পানী খোৱালে।আকৌ উপাসনাৰ মনটো উৰা মাৰিলে মাকৰ হাতৰ পায়সৰ বাটিটোলৈ,খুৰীয়েকে বনোৱা মাংসৰ গোন্ধটোলৈ সেইখিনি যদি এই কণমানিকেইটাই পালেহেঁতেন কম তৃপ্তিৰে খালেহেঁতেন নে।

      শাহুৱেকৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই।আশ্ৰমৰ পৰা ওলাই সিহঁত এইবাৰ গ'ল ৰেষ্টুৰেন্টলৈ,ইতিমধ্যে বৰুৱা আন্টিহঁত আহি পাইছেহিয়েই।কপালত এটি চুমা আঁকি 'হেপী বাৰ্থডে' বুলি তেওঁ উপাসনাক বাৰ্থডে গিফ্টটো দিয়ে।পৰাগ,প্ৰীতম আৰু শাহুৱেকৰ পচণ্ড অনুসৰি ষ্টাৰ্টাৰ,বিৰিয়ানী,চিকেন প'ক'ৰা,মছালা চিকেন, পনীৰ বাটাৰ মছালা,মটন ৰ'গান জছ,ডিজাৰ্ট আদিৰে টেবুল ভৰি পৰিল,সকলোৱে আনন্দৰে সময়খিনি পাৰ কৰিলে,মাজে মাজে ফটো উঠাৰ কথাটো ক'বই নালাগে।দিনটো তেনেদৰে পাৰ কৰি সন্ধিয়া সিহঁত ঘৰ পায়হি।জিৰণি ল'বলৈ লৈ ফেচবুকটো খুলি দেখে শাহুৱেকৰ প্ৰফাইলৰ পৰা তাইক টেগ কৰি আশ্ৰমৰ,ৰেষ্টুৰেন্টৰ কেইবাখনো ফটো।নিজকে তাইৰ আউটডেটেত যেন লাগিল।দিনটো যিমানেই নহওঁক শাহুৱেকৰ বাবেই তাই ইমান খিনি নতুনৰ মাজত পাৰ কৰিলে তথাপিও তাই সুখী নহয় কিয়,ৰেষ্টুৰেন্টৰ সুস্বাদু ব্যঞ্জনবোৰতকৈ তাইৰ মানসপটত এতিয়াও ভাহি আছে কেৱল এৰি অহা ঘৰখনৰ পায়স আৰু মাংসৰ বাটিটো‌।শাহুৱেকক ফেচবুকতেই ধন্যবাদেৰে উপচাই পেলালে তাই,শাহুৱেকে যে বাহিৰৰ পৃথিৱীখনৰ লগত খোজ মিলাই আগুৱাব বিচাৰে,মানুহক জনাব বিচাৰে তেওঁৰ আপটোডেট স্বভাৱটোৰ বিষয়ে এইখিনি বুজিছে তাই আজি।

        সময় বাগৰে,সময়ৰ বলুকাত এনে বহু অভিজ্ঞতা হ'ল উপাসনাৰ।শাহুৱেকৰ কৰ্ম মহৎ কিন্তু উদ্দেশ্য কেৱল লোক চক্ষুৰ দৃষ্টি গোচৰ হোৱা।চাবলৈ গ'লে তেনেই সহজ কিছু কথা কিন্তু উপাসনাৰ বাবে যেন তাতো থাকে অসহজ কিছু মেৰপাক।প্ৰীতম,পৰাগৰ বাৰ্থডেও তেনেদৰেই পাৰ হ'ল।তাই নিজেই সিহঁতৰ বাৰ্থডেত ৰান্ধি দিম বুলি ক'লে যদিও শাহুৱেক অমান্তি হ'ল।

*ইমান কষ্ট কৰাৰ কি প্ৰয়োজন?ইমানকেইটা ল'ৰা ছোৱালীলৈ তুমি কেনেকৈ বনাবা,নালাগে, নালাগে ইমান কষ্ট কৰিব।ৰেষ্টুৰেন্টৰ পৰাই দি দিম দৰকাৰ হ'লে কিবা চেঞ্জ কৰি দিবা মেনুখন।নহ'লে বোৱাৰীক কষ্ট দিছোঁ বুলি মোক চবেই হাঁহিব।

     উপাসনাই জানে এইয়া তেওঁৰ ৰেপুট্যেচন তললৈ যোৱাৰ ভয়ত তেনেকৈ কৈছে।এইবাৰ তাই কেৱল মেনুখন সলাই পেলালে‌।

   চাওঁতে চাওঁতে এবছৰেই হ'লহি।আধুনিকা শাহুৱেকৰ বোৱাৰীজনীৰ মনটোহে আধুনিক হ'বলৈ সময় লাগিল।কোনো ক্ষেত্ৰতে বাধা নিদিয়া,যি মন যায় তাকে কৰিবলৈ দিয়া, ফুৰা চকা,পিন্ধা উৰা সকলোতে প্ৰকৃতাৰ্থত এজনী ছোৱালীৰ দৰেই গ্ৰহণ কৰা শাহুৱেকক তাই কোনো দিনে,কোনো কথাতে সেয়ে ভুল ধৰিবলৈ বেয়া লাগিল,প্ৰকৃততে ভুলো নহয়,মানসিকতাৰ সলনি কৰিবলৈও যেন তাইৰ সাহসে নোকোলাই ।

      এনিভাৰছেৰী বুলি তাইতকৈও যেন শাহুৱেকৰহে মন উদুলি মুদুলি।কোনখন ৰেষ্টুৰেন্টত পাৰ্টি দিব,কাক কেনেকৈ মাতিব,কি খোৱাব এইবোৰ এইকেইদিন সিহঁতৰ ঘৰৰ সৰৱ আলোচনা।উপাসনাই এইবাৰ প্ৰীতমক কৈ থৈছে সেইদিনা পুৱাই সিহঁত শুক্ৰেশ্বৰ দেৱালয়লৈ যাব,দেৱালয়ৰ বাহিৰত থকা ভিক্ষাৰীকেইজনলৈ তাই পায়স বনাই লৈ যাব লগতে মিঠাইকেইটামানৰো যোগাৰ কৰিবলৈ ক'লে।আগদিনাই শাহুৱেকক তাই কথাটো ক'লে।

*যাব খুজিছা মই বাধা নিদিওঁ, কিন্তু তোমাৰ কষ্ট হ'ব নেকি?বনাই মেলি মন্দিৰলৈ গৈ আকৌ পাৰ্টিলৈ ৰেডী হ'বলৈ কষ্ট হ'ব নেকি?নাইবা ভিক্ষাৰীকেইজনলৈ মিঠাই, পেটিজকে লৈ যোৱা।এটা কাম কৰা নাইবা মন্দিৰলৈ যোৱা, ভিক্ষাৰীকেইজনক পিছদিনা বনাই মেলি খোৱাবা।মই এনেও ভাবিয়েই আছিলোঁ পাৰ্টিৰ বাহিৰেও বৃদ্ধা আশ্ৰমত কিবা এটা দিয়াৰ কথা।আমাৰ বৰুৱানীহঁতেও দিয়ে নহয়।

*নালাগে মা,মই বৰ শ্ৰদ্ধাৰে আগবঢ়াইছো ,মই পাৰিম।অন্তৰত শ্ৰদ্ধা থাকিলে সকলো কামেই কৰিব পাৰি।শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম।

      বহু কথাই ক'বলৈ আছিল যদিও উপাসনাই একো নক'লে।মানুহগৰাকীও আঁতৰি গ'ল।কেতিয়াবা এষাৰ কথায়েই বহু কথাই কৈ যায়।

সমাপ্ত।

Saturday, September 5, 2020

পৰিপূৰক

পৰিপূৰক

*এই যে তুমি সুধিছা,মই সুখীনে?ইয়াতেইটো আছে এসাগৰ ভালপোৱা আৰু এবুকু মৰম।মোক মই কৰি ৰাখিছা,পাহৰি যাবলৈ নিদিয়াকৈ মোৰ শিল্পী মনটোক জীয়াই ৰাখিছা,নিজে শিল্পী নহ'লেও শিল্পী মনৰ মইজনীক সন্মান দিছা,মনে বিচৰা ধৰণে উৰিবলৈ এখন আকাশ দিছা আৰু ডেউকা ভাঙি যাব নোৱাৰাকৈ মোক পৰম প্ৰত্যয়ৰে আৱৰি ৰাখিছা আৰু ইয়াৰ পিছতো সুধিছা মই সুখীনে?কৈ জানো শেষ কৰিব পাৰিম।

*নহয় মানে তোমাতকৈ মোৰ বয়সৰ ৰেখাডাল বেছি যে সেয়ে মাজে মাজে ভাবোঁ তোমাক তুমি বিচৰা ধৰণে মই ৰাখিব পাৰিছোনে নাই।মোৰ বয়সৰ হিচাপ নিকাচত তোমাৰ মনটোক জীপাল কৰি ৰাখিব পাৰিছোনে নাই?

*পাৰিছা,পাৰিছা।সেয়েটো আজিৰ এই এবছৰীয়া বিবাহ বাৰ্ষিকী কেৱল আমাৰ দুয়োৰে মাজতে সীমাবদ্ধ কৰিব খুজিছো।এই সময় মাথোঁ তোমাৰ আৰু মোৰ।নালাগে মানুহৰ সমাগম,নালাগে সুস্বাদু খাদ্যৰ ব্যঞ্জন,এই সময় হওঁক মাথোঁ তোমাৰ আৰু মোৰ,আমাৰ।

*কিন্তু তুমিটো এনে নাছিলা,আনক খোৱাই,সুখবোৰ দহজনৰ লগত ভগাই ভাল পাইছিলা।তেন্তে,কিয় আজি নিজকে সীমাবদ্ধ কৰি ৰাখিছা।

*নাই ৰখা অ',মাথোঁ এই সময়কণ,এই দিনটো উপভোগ কৰিব খুজিছোঁ।

     এবছৰ আগতে এই দিনটোতেই  বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খাইছিল ৰাগিনী আৰু অনুৰাগ চলিহা।মৰমে নামানে হাজাৰ বাধাৰ প্ৰাচীৰ, মৰমে নামানে বয়সৰ ব্যৱধান।পি.এইচ.ডি কমপ্লিট কৰি ৰাগিনীয়ে চাকৰিত জইন কৰিছিল তাই পঢ়ি যোৱা কলেজখনতে।বহু পৰিৱৰ্তন হৈছিল কলেজখনৰ,ষ্টাফ ৰুমত নতুন নতুন মুখবোৰে ভুমুকি মাৰিছিল।তাইৰ ডিপাৰ্টমেন্টতো নতুন নতুন মুখৰ মানুহবোৰে তাইক আখজা লগাইছিল।তাই জইন কৰাৰ এমাহ মান আগত ট্ৰেন্সফাৰ হৈ আহিছিল সিহঁতৰ ডিপাৰ্টমেন্টলৈকে ডঃ অনুৰাগ চলিহা।দেখাই শুনাই সুঠাম, সুন্দৰ,হাজাৰজনী ছোৱালীৰ তেতিয়াও চালে চাই থাকিবলৈ মন যোৱা চলিহা অবিবাহিত বুলি গম পাই কিন্তু সকলোবোৰ আচৰিত হৈ পৰিছিল।ষ্টাফৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে সকলোৰে মনত খুপনি পোতা প্ৰশ্নটো আছিল,'ছাৰে এতিয়াও কিয় বিয়া পতা নাই?'ৰাগিনীৰ মনতো যে এনে প্ৰশ্নৰ উদয় হোৱা নাছিল এনে নহয়,তায়ো ভাবে কি ঘটিব পাৰে এই মানুহজনৰ জীৱনত,যিয়ে তেওঁক এই সাতচল্লিশ বছৰ বয়সতো অবিবাহিত কৰি ৰাখিলে।কেতিয়াবা মেজৰ ক্লাছত তাইক ষ্টুডেন্টেও সোধে,'মেম,মেম চলিহা ছাৰে এতিয়াও কিয় বিয়া পতা নাই?' সুধিবাচোন ছাৰকে বুলি কৈ তাই প্ৰশ্নটোৰ পৰা আঁতৰি আহে।মনত হাজাৰ প্ৰশ্ন থাকিলেও বহু কথা সোধা নাযায়।

ৰাগিনীয়ে মন কৰে মানুহজন বহু ৰিজাৰ্ভ।তাইকটো সৰু বুলিয়েই কোনো কথাত গুৰুত্বই নিদিয়ে।গুৰু,গম্ভীৰ ভাৱে কলেজলৈ আহে,ডিপাৰ্টমেন্টতো দুই,এটা দৰকাৰী কথা পতাৰ বাহিৰে বেলেগ কথা একো নাপাতে আৰু ভাগো নলয়।মাজে মাজে লাইব্ৰেৰী যায়, কিতাপ পঢ়ে তাত নপঢ়িলেও ডিপাৰ্টমেন্টতে পঢ়ে।ফোন চোনৰ লগতো বেছি সম্পৰ্ক নাই।মুঠতে সাধাৰণ মানুহৰ পৰা কিছু পৃথক এটি জীৱনধাৰা তেওঁৰ।কিন্তু তেওঁ বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত বহু লেখা-মেলা কৰে যিয়ে বাতৰি কাকতৰ পৃষ্ঠা ভৰি থাকে।

ৰাগিনীৰ মানুহজন ভালো নালাগে, বেয়াও নালাগে, এই মাজে মধ্যে চলি যোৱা বিধৰ।সাধাৰণতে ৰাগিনীয়ে ডিপাৰ্টমেন্টত নিজেও কিছু শালীনতা বজাই ৰাখে,যিহেতু তাইৰ শিক্ষাগুৰু সকলো তাতেই থাকে।কিন্তু, এদিন ডিপাৰ্টমেন্টত বেলেগ কোনো নথকাত ক্লাছো অফ্ থকাত তাই ইউনিভাৰ্চিটিৰ এৰি অহা লগৰকেইজনীৰ লগত ভিডিঅ' কলত বাৰ্তালাপ কৰে।কথা পাতোতে পাতোতে কোন সময়ত তাইৰ ভলিউম বাঢ়ি গ'ল তাই গমেই নাপায়।

* মিচ ৰাগিনী,এইটো ডিপাৰ্টমেন্ট হয় অলপ মাৰ্জিত ভাৱে কথা পাতক।

    প্ৰকৃততে, ৰাগিনীয়ে গমেই নাপালে কোন সময়ত ডঃ চলিহা ডিপাৰ্টমেন্টলৈ আহিছিল।পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি কৰি তাই লগৰকেইজনীৰ লগত ইমানেই মছগুল হৈ পৰিছিল যে হাঁহি হাঁহি ক'ব নোৱাৰা হৈছিল।হঠাৎ চলিহাৰ কথাখিনিয়ে তাইৰ খঙটো উঠাই আনিলে।মনতে ভাবিলে, বুঢ়া তই কি বুজিবি বন্ধুত্ব কি?কেৱল কিতাপৰ পোকহে তই।একো নকলে তাই, কিন্তু তেওঁকে জ্বলাবলৈ সেই একেই ধৰণে কথা পাতিলে।কিছু সময়ৰ পিছত তেওঁ নিজেই ওলাই গ'ল ডিপাৰ্টমেন্টৰ পৰা।পিছদিনা তেওঁ নিজেই ৰাগিনীক মাতে

*মিচ ৰাগিনী কালিৰ বাবে Sorry.

*OK,sir বুলি ৰাগিনীয়ে একো নকয় আঁতৰি আহে।

    সেইবাৰ কলেজৰ যুৱ মহোৎসৱৰ দায়িত্ব পৰে ৰাগিনী আৰু ডঃ চলিহাৰ ওপৰত।ৰাগিনী এগৰাকী নৃত্য পটিয়সী আছিল,নৃত্য তাইৰ জীৱন আছিল।সদায় পুৱা, আবেলি তাই সত্ৰীয়া, কথকৰ অনুশীলন কৰিছিল।পঢ়ি অহা বিশ্ববিদ্যালয়খনলৈ আকৌ যাবলৈ পাই ৰাগিনী সুখী হৈছিল যদিও লগত চলিহাৰ নামটোৱে তাইৰ আশাত চেঁচা পানী ঢালিলে।ইমান নিৰস মানুহটোকনো কিয় চিলেক্ট কৰিব লাগে,মনে মনে ভাবিলে তাই।যুৱ মহোৎসৱৰ উল্লাস,ব্যস্ততাবোৰৰ মাজত ৰাগিনী পৰিচয় হয় অনুৰাগ চলিহাৰ ভিতৰৰ মানুহজনৰ সৈতে।শিল্পী নহ'লেও ছাত্ৰ ছাত্ৰীসকলক কোন ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব লাগিব, কোনটো দিশ কেনেদৰে পৰিচালনা কৰিব লাগিব এইসকলোবোৰৰে আঁট ধৰিছিল তেওঁ।ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও সেইকেইদিনত ৰাগিনীৰ যাতে কোনোক্ষেত্ৰতে অসুবিধা নহয় সকলো ক্ষেত্ৰতে চকু দিছিল তেওঁ।তাৰ মাজতে ৰাগিনীয়ে মন কৰে ঘনে ঘনে তেওঁ মাকৰ খবৰ লয়।ভাত খালানে,দৰৱ খালানে ইত্যাদি কথাৰে।

*আপোনাৰ ঘৰত কিবা অসুবিধা হৈছে নেকি ছাৰ? 

ৰাগিনীয়ে এদিন সোধে


*নাই, নাই একো অসুবিধা নাই।
    যুৱ মহোৎসৱৰ পৰা অহাৰ দুদিনৰ পিছত অনুৰাগ চলিহা ঘৰলৈ যায়। HOD ৰ পৰা ৰাগিনীয়ে খবৰটো পায়।অনুৰাগ চলিহাৰ মাকৰ মৃত্যু হৈছে।ৰাগিনীয়ে যেন এনে কিবা এটা হোৱাৰ উমান পাইছিল সেয়ে সেইদিনা তেওঁক ঘৰৰ খবৰ লৈছিল।কিন্তু তেওঁহে ফাঁকি দিলে।কৰিম কৰিম বুলিও তাইৰ খবৰ ল'বলৈ ফোনটো কৰা নহ'ল।প্ৰকৃততে, ডিপাৰ্টমেন্টটো কোনেও নাজানে তেওঁৰ ঘৰত কোন কোন আছে।নিজকে এটি সীমাত সীমাবদ্ধ কৰি ৰখা মানুহজনক আচলতে সকলোৱে তেওঁৰ ব্যক্তিগত জীৱনৰ খবৰ ল'বলৈ সংকুচিত কৰে।সম্পূৰ্ণ পোন্ধৰ দিনৰ পিছত তেওঁ কলেজত জইন কৰে।সেইদিনা ডিপাৰ্টমেন্টত সোমায়েই চলিহা ৰাগিনীৰ চকুৱে চকুৱে পৰে।ৰাগিনীয়ে মাতিবলৈ খোজোতেই তেওঁ ব্যস্ততাৰে নিজৰ টেবুল খুচৰিবলৈ ধৰে।তথাপিও তাই মাতে
*আহিলে ছাৰ, শ্ৰাদ্ধ ভালে ভালে হৈ গ'ল?
*ও,ও হ'ল।
সোধো বুলিয়েই তাই আকৌ সুধিলে
*আপোনাৰ ঘৰত কোন কোন আছে?
  এইবাৰ চলিহাই আচৰিত হোৱাৰ দৰে ৰাগিনীলৈ চাই উত্তৰ দিলে
  এই প্ৰশ্নটো হয়তো ডিপাৰ্টমেন্টত তেওঁক কোনেও আজিলৈকে কৰাই নাই।
*মা আছিল, এতিয়া ভাই তিনিজন আৰু তেওঁলোকৰ পৰিয়াল, ভনী দুজনী আছিল বিয়া হ'ল।
*ডাঙৰ পৰিয়াল ছাৰ, আপুনি বিয়া কিয় নাই পতা ছাৰ? প্ৰশ্নটো মুখৰ পৰা ওলাল যদিও ৰাগিনীৰ নিজৰেই ভাল নালাগিল।প্ৰশ্নটো সোধাৰ যেন এইয়া উপযুক্ত সময় নাছিল।কিন্তু ৰাগিনীক আচৰিত কৰি চলিহাই উত্তৰ দিলে
* ঘৰৰ জ্যেষ্ঠ হিচাপে দায়িত্ববোৰ পালন কৰোঁতে কৰোঁতে কেতিয়ানো বয়সৰ সীমাৰেখাডাল পাৰ হৈ গ'ল গমেই নাপালোঁ।দেউতাৰ মৃত্যুৰ পিছত ভাই ভনীকেইটাক এই চাকৰিটোৰেই পঢ়াই শুনাই বিয়া দি দায়িত্ব পালন কৰাৰ পিছতহে দেখো নিজলৈ ভাবিবলৈ চোন এতিয়া সময়েই নাই।ছোৱালীৰ প্ৰস্তাব নহা নহয় কিন্তু এতিয়া জানো মোৰ বয়স আছে,সেয়ে সেইবোৰ কথা বাদ দিলোঁ।
*চলমান খানেও বিয়া পতা নাই ছাৰ আৰু কোনো কোনোৱে হয়তো এই বয়সত দুবাৰো বিয়া কৰাইছে।চেইফুক দেখা নাই?


*কোন?
*সেইফ আলী খান।
কথাবোৰ বহলাবলৈকে তাই এই অদৰকাৰী প্ৰসঙ্গ উলিয়াইছে।মানুহজনক জানিবলৈ তাইৰ মন গৈছে, বুজিবলৈ মন গৈছে, কি আছে এই শান্ত সমাহিত মানুহজনৰ অন্তৰত।নিজৰ ভালপোৱা, বেয়াপোৱা বুলি একো নাই নেকি, ভাই ভনীৰ বাবে নিজকে সমৰ্পিত কৰিব পৰা মানুহজনৰ যৌৱনত নাছিল নে কোনো প্ৰেয়সী, নাছিল নে তেওঁৰ কাকো ভাল লগা।আজিকালি প্ৰায়ে ডিপাৰ্টমেন্টত কোনো নথকাৰ সুযোগ লৈ ৰাগিনীয়ে অনুৰাগ চলিহাক ভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে।লাহে লাহে ৰাগিনী তেওঁৰ ভিতৰৰ মানুহ জনৰ লগত চিনাকি হয়।ভাল লগা হয় তাইৰ অনুৰাগক,যিজনক এদিন তাই বুঢ়া বুলি মনতে গালি পাৰিছিল সেইজনক আজিকালি অনুৰাগ বুলি মাতিবলৈ মন যায়, আপোনা আপুনিৰ পৰা তুমি ক'বলৈ মন যায়,মন যায় বহু কিবাকিবি ক'বলৈ,মনৰ কথা পাতিবলৈ।আজিকালি কলেজলৈ সাজিকাচি আহি তাই ভাল পায়,মন কৰে তাই অনুৰাগেও যেন আগতকৈ বহু পৰিপাটীকৈ আহে।ঘৰলৈ গৈও যেন শান্তি নাই, এটা মেছেজ এটা ফোনৰ বাবে তাই অপেক্ষা কৰে,কিন্তু কোনোদিন অনুৰাগে ফোন বা মেছেজ এটা নকৰে।অঞ্চলটোৰ কিছুমান অনুষ্ঠানত এতিয়াও ৰাগিনীক নৃত্য প্ৰদৰ্শনৰ বাবে মাতে।ভাল পায় তাই নৃত্যৰ মাজত নিজকে বিলীন কৰি।এবাৰ তেনে এটি অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ অনুৰাগ চলিহাই নিমন্ত্ৰণ পাইছিল আৰু তাতেই প্ৰথম অনুষ্ঠানটো আছিল ৰাগিনীৰ।কিয় জানো প্ৰথম বাৰৰ বাবে ৰাগিনীৰ মঞ্চত উঠি ভৰি থৰক বৰক কৰিছিল,সন্মুখত যে অনুৰাগ।নৃত্য প্ৰদৰ্শনৰ পিছত ৰাগিনীলৈ অনুৰাগৰ প্ৰথম মেছেজ আহিছিল

*তুমি চোন ধুনীয়া নাচা,গমেই পোৱা নাছিলোঁ।এইবাৰ 'নাক' টিমক তোমাৰ নৃত্য প্ৰদৰ্শন কৰাব লাগিব।

  সেইদিনা বহু ৰাতিলৈ দুয়ো মেছেজত কথা পাতিছিল।অনুৰাগৰ প্ৰতি এক বুজাব নোৱাৰা আকৰ্ষণ জন্মিছিল ৰাগিনীৰ।নাজানে তাই এই আকৰ্ষণৰ নাম কি,নিজকে নিজে প্ৰশ্ন কৰে তাই ,তাই বাৰু অনুৰাগৰ প্ৰেমত পৰিছে নেকি?এনেটো হোৱা নাছিল তাইৰ আগতে,এই যে দিনে ৰাতিয়ে,খাওঁতে,শুওঁতে এটা নামেই অহৰহ তাইৰ মন মগজু আৱৰি ৰাখে,কি নাম ইয়াৰ?বিচাৰে নেকি তাই অনুৰাগে তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়ক,বিবাহৰ প্ৰস্তাৱ দিয়ক।বয়সৰ ব্যৱধান থাকিলেও চোন সকলো ক্ষেত্ৰতে তাইক অনুপ্ৰেৰণা দিয়ে অনুৰাগে, কোনো দিন কোনো কথাত বাধা দিয়া বা হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা নাই।

হঠাৎ এদিন ডিপাৰ্টমেন্টৰ  অনুৰাধা বাইদেৱে অনুৰাগলৈ ছোৱালী এজনী দেখুৱাই।

*বিয়া পাতা যদি কোৱা মই ধুনীয়া ছোৱালী এজনী চাই থৈছোঁ।
অনুৰাগে হাঁহে।
 কথাষাৰ শুনাৰ লগে লগে ৰাগিনী যেন স্থিৰে থাকিব নোৱাৰিলে।তাৰ হাঁহিৰ অৰ্থ বুজিবলৈ তাইৰ অসুবিধা হ'ল।সেইদিনা কোনো এটি ক্লাছত তাই মন বহুৱাব নোৱাৰিলে।অনুৰাগকো ভালদৰে মাতিব পৰা নাই।বাৰে বাৰে মনলৈ এটা কথাই আহে অনুৰাগে বাৰু সেই ছোৱালীজনীক সঁচাকৈয়ে বিয়া পাতিব নেকি?বহু সময় লাইব্ৰেৰীতে কিতাপৰ পৃষ্ঠা লুটিয়াই তাই বহি থাকে।দুদিনমান তাই অনুৰাগৰ লগতেই ঘৰলৈ উভতি গৈছিল কিন্তু আজি যেন তাই অনুৰাগৰ মুখামুখি হ'ব বিচৰা নাই।অকলেই উভতি গ'ল সেইদিনা।পিছদিনাও তাই অনুৰাগলৈ চাব পৰা নাই।মাথোঁ বাইদেউজনী দেখিলে তাই কাণ পাতি ৰয় আকৌ ছোৱালীজনীৰ বিষয়ে কিবা কয় নেকি?অনুৰাগেও তাইক নিজে মতা নাই, তাই এইবাৰ নিশ্চিত হয় যে অনুৰাগ তাইৰ পৰা আঁতৰি যাব বিচাৰিছে।অভিমানী হয় তায়ো,আঁতৰি আহে অনুৰাগৰ সান্নিধ্যৰ পৰা।সেই দুদিন তাইৰ খাবলৈ ববলৈও মন নোযোৱা হয়।কেন্টিনলৈ যায় যদিও খাবলৈ মন নাই বুলি বহি থাকে।ঘৰলৈ গৈও বাৰে বাৰে ফোনটোলৈ চাই কিজানি অনুৰাগৰ মেছেজ, ফোন আহেই, পিছে নাই তাৰ একো খবৰেই নাই।

 তৃতীয় দিনা তাই কলেজলৈ সোনকালেই গ'ল।জানে তাই সেইদিনা মেজৰৰ ফাৰ্ষ্ট ক্লাছ অনুৰাগ আৰু তাইৰ থাকে।সময়তকৈ আগতেই গৈ বহি আছে তাই ডিপাৰ্টমেন্টত।কিছু সময়ৰ পিছত অনুৰাগ সোমাই আহে।তাই মূৰ তুলি নাচায়।

*কি হ'ল হে আজিকালি মোক নমতাৰ কিবা পণ চণ কৰিছা নেকি?কিবা জগৰ লগালো নেকি?

 উত্তৰ নিদিয়ে তাই, খং এটি উঠি আহে তাইৰ।

  *কি হ'ল ৰাগিনী ?বুলি প্ৰথম বাৰৰ বাবে অনুৰাগ তাইৰ কাষৰ চকীখনত বহে।

*একো নাই হোৱা।

*তেন্তে মোৰ প্ৰশ্নৰ উত্তৰ নাই দিয়া কিয়?

*প্ৰয়োজন বোধ কৰা নাই।কথাষাৰ বৰ ৰুক্ষভাৱে ক'লে তাই।

*এৰা মই নো কোন হয়?

 উঠি যাব ধৰে অনুৰাগ।ৰাগিনীয়ে বুজে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে।

*আপুনিওটো ছোৱালীৰ খবৰ পোৱাৰ পিছৰ পৰা মোক মতা নাই।

*ক'ৰ ছোৱালী, কি খবৰ?

*অনুৰাধা বাইদেৱে দেখুওৱা ছোৱালী।

    হাঁহি দিয়ে অনুৰাগে, সেই প্ৰাণোচ্ছল হাঁহি ৰাগিনীৰ আগতে দেখা মনত নপৰে।

*মোলৈ ছোৱালী এই বয়সত আহিবও লাগিছে নহয়।দেখুৱালেই ছোৱালীয়ে মোক কিবা পচণ্ড কৰিব নেকি?

*কিয় নকৰিব,ময়েই চোন কৰো।

  মুখৰ পৰা ওলাই অহা কথাষাৰে ৰাগিনীক লাজ দিলে।দুয়ো ৰুমটোৰ ভিতৰত মৌন হৈ পৰিল।কিছু সময়ৰ পিছত অনুৰাগ ক্লাছলৈ ওলাই গ'ল।ৰাগিনী ক্লাছত থাকিল যদিও  হৈ যোৱা ঘটনাটোৱে তাইৰ মনত ক্ৰিয়া কৰি থাকিল।এনেই তাই এইকেইদিন মনোকষ্টত আছিল,অনুৰাগে কথাটোত গুৰুত্বই দিয়া নাছিল, তাইহে বেছি চিন্তা কৰিলে আৰু আজি নোকোৱাকৈ থকা কথাটো কৈ দিলে।কিহে পাইছিল তাইক বাৰু তেনেকৈ ক'বলৈ।অনুৰাগে জানো ভাবে তাইৰ কথা তাই ভবাৰ দৰে,অনুৰাগক দেখিলে তাইৰ হৃদয়ত সপ্তৰাগ সৃষ্টি হোৱাৰ দৰে তাৰ হৃদয়ত জানো সৃষ্টি হয়,ভাবে জানো তাইক কেতিয়াবা নিজৰ কৰি লোৱাৰ কথা যি কথা বৰ্তমান সময়ত তাই শয়নে সপোনে ভাবে।নাই ক'লেই যেতিয়া তাই এই সুবিধা আৰু হেৰুৱাব নোৱাৰে।তাৰ অন্তৰৰ কথা জানিবই লাগিব।ক্লাছৰ পৰা ওলায়েই তাই কেন্টিনলৈ গ'ল।জানে তাই ফাৰ্ষ্ট ক্লাছটো কৰি অনুৰাগে কেন্টিনত একাপ চাহ খায়।তাইৰ বাবেও চাহ একাপৰ অৰ্দাৰ দি তাৰ কাষতে বহিলে তাই।দেখিও নেদেখাৰ ভাও ধৰে সি।জানে তাই পৰিস্থিতি এতিয়া সহজ হৈ থকা নাই, বিশেষকৈ অনুৰাগৰ বাবে।তেওঁৰ নিচিনা এজন ব্যক্তিয়ে কেতিয়াও তেওঁতকৈ বিশ বছৰ সৰু ছোৱালী এজনীক প্ৰেমেই হওঁক বিবাহেই হওঁক প্ৰস্তাৱ দিব নোৱাৰে।

*মই আপোনাক ভাল পাওঁ মানে ভাল পাই পেলাইছোঁ।

*পাগল হৈছা নেকি তুমি, এইয়া অসম্ভৱ তুমি মোতকৈ বিশ বছৰ সৰু,তোমাৰ ঘৰে কি ক'ব,সমাজে কি ক'ব? হাঁহিব সকলোৱে তোমাক।

*তাতে কি হ'ল,আপুনি মোক ভাল নাপায়।যদি মোক আপোনাৰ বাবে যোগ্য নহয় বুলি ভাবিছে তেন্তে থিক আছে মই আঁতৰি যাম।কিন্তু বয়স,সমাজৰ দোহাই দি মোৰ পৰা আঁতৰি নাযাব।

*কিন্তু বয়সে,সময়ে যদি তোমাক মোৰ পৰা আঁতৰাই লৈ যায়?

*ধৰি ৰাখিম এই সময়,এই সময়ক সেই সময়লৈ ৰূপান্তৰিত কৰিম।যদি দুখন হৃদয় বুজন হয়,যদি দুখন হৃদয় এখন আনখনৰ পৰিপূৰক হয় পাৰিব জানো সময়ে তাক বিলীন কৰিব,পাৰিব জানো সময়ে তাক উৰুৱাই নিব।মোৰ বিশ্বাস আমি পাৰিম বয়স,সমাজ আৰু সময়ৰ লগত খোজ মিলাই চলিব মাথোঁ তাৰ বাবে লাগিব এজনৰ আনজনৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু ভালপোৱা।মানুহে হাঁহিব যদিহে আমি হাঁহিবলৈ দিও।যদি মই সংকোচ কৰোঁ আপোনাৰ পৰিচয় দিবলৈ যদি আপুনি সংকোচ কৰে মোৰ চিনাকি দিবলৈ।লাহে লাহে মানুহে পাহৰি যাব সকলো,ৰৈ যাম মাথোঁ আপুনি আৰু মই।

সেইয়াই আৰম্ভণি সমাজ,পৰিয়ালৰ হাজাৰ বাধাকো নেওচি এক হৈ পৰিছিল ৰাগিনী আৰু অনুৰাগ।মাক,দেউতাকে সমাজৰ হাঁহিয়তৰ পাত্ৰ হোৱাৰ ভয়ত বিয়া নিদোঁ বুলি কোৱাৰ পিছতো জীয়েকৰ স্থিৰ সিদ্ধান্তৰ ওচৰত তল পৰিব লগা হৈছিল।এক হৈ গৈছিল দুটি মন,দুটি প্ৰাণ আৰু দুটি সত্বা।সৰু সৰু কথাতে সুখ বিচাৰি লৈছিল দুয়োটাই।আজিকালি চিঞৰি চিঞৰি কথা পাতিলে,হাঁহিলে অনুৰাগে একো নকয়,মিচিকিয়া হাঁহি এটা মাৰি ওলাই যায় ৰাগিনীৰ বুঢ়াটো।বৰষুণ বেয়া পোৱা অনুৰাগে ৰাগিনীৰ লগত মিলি এতিয়া বৰষুণত তিতি ভাল পোৱা হ'ল।বৰষুণৰ বতৰত আডা দিয়া লাল চাহৰ সৈতে পকৰী প্ৰিয় হ'ল ৰাগিনীৰ।চিকেন পোলাওৰ ৰেচিপিয়ে দেওবৰীয়া এসাজ খোৱাৰ দৰে পইতা ভাতৰ লগত আলু পিটিকা,সৰু মাছৰ ভজা দুয়োৰে প্ৰিয় হৈ পৰিল।মাজে মাজে আবেলিটো পাৰ্কত কটোৱা, বন্ধত লং ড্ৰাইভত যোৱা, কেতিয়াবা ঘৰতে থাকি ন পুৰণি চিনেমা একেলগে উপভোগ কৰা,তাতোকৈ ডাঙৰ কথা ৰাগিনীয়ে নৃত্যৰ অনুশীলন কৰাত,নৃত্যৰ প্ৰদৰ্শন কৰাত অনুৰাগে কোনোদিন বাধা দিয়া নাই।বৰং বিয়াৰ পিছত কলেজত হোৱা অনুষ্ঠানত নাচিবৰ বাবে অনুৰাগেই ৰাগিনীৰ নামটোৰ প্ৰস্তাৱ দিছিল।তাইৰ সৰু ডাঙৰ সকলো সুখ যেন সি আনি দিব,তাইৰ আঁচল পাতি মাথোঁ সামৰিলেই হ'ল।ৰাগিনীয়েও হিচাপ ৰাখে অনুৰাগৰ অভিৰুচি,ভাল লগা,বেয়া লগাবোৰৰ।সুখবোৰ কেৱল এজনেই সামৰিলেই জানো হ'ব যদিহে তাত নাথাকে আনজনৰো সঁহাৰি।কোনে কয় বয়সৰ ব্যৱধানে স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্কত বাধাৰ সৃষ্টি কৰে বুলি পাৰে জানো কৰিব যদিহে তাত থাকে দুখন প্ৰেমময় হৃদয়ৰ বিশালতা।

বিবাহ বাৰ্ষিকীৰ এই মধুৰ দিনটোত ৰাগিনীয়ে নিজ হাতেৰে বনোৱা কেকটো কাটিছে দুয়ো,কাষতে বাজি আছে

প্ৰীতি ভৰা সপোনৰে গাঁথা
চোৱা চোন এবাৰ আহি
তুমি মই এটি হৈ ওমলিম
সোণালী এই পৃথিৱী।



সমাপ্ত।

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...