Wednesday, September 23, 2020

মাটিৰ মানুহ

#সমন্বয়

নতুন ঠাইখনত কাব্যমক থান থিত লগাই মাক যোৱাগৈ কথা।সেয়ে মাকৰ মনটো বৰ এটি থিক নহয়।বিচৰা ধৰণে ঘৰ এটিও ঠাইখনত তেওঁ ল'ৰাটোৰ বাবে নাপালে।সেয়ে অসন্তোষ মনেৰেই তেওঁ উভতি আহিবলৈ পেকিং আৰম্ভ কৰিছে।মালিক লগত নথকা, ছোৱালী আশে পাশে নথকা ঘৰ এটা তেওঁ বিচাৰিছিল।পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।বিচাৰি বিচাৰি অৱশেষত এনে এটি ঘৰ পালে য'ত মালিকো লগত থাকে আৰু মালিকৰ দুজনী ছোৱালীও‌।সৰুজনীকলৈ ইমান চিন্তা নাই কিন্তু ডাঙৰজনীয়েহে তেওঁৰ টোপনি হৰণ কৰিছে।দেখাই শুনাই দহজন ডেকাৰ হৃদয় চুই যাব পৰাকৈ ধুনীয়া।ককালৈকে পৰা চুলিকোচাই তাইৰ ৰূপৰ জেউতি দুগুণে বৃদ্ধি কৰিছে।হওতে অৰ্চনা বৰঠাকুৰ তেনে প্ৰকৃতিৰ মানুহ নহয়।কলেজৰ অধ্যাপিকা বৰঠাকুৰ মহিলা সমিতিৰো সক্ৰিয় সদস্যা।সভাই সমিতিয়ে দিয়া তেওঁৰ ভাষণে বহুতো সামাজিক, ঘৰুৱা সমস্যাৰ অন্ত পেলাইছে।তেওঁ নিজেও নিজৰ মনটো সংকীৰ্ণ কৰি ৰখা নাই।সকলো লোককে তেওঁ মৰমৰে আকোঁৱালি লৈছে,সেয়ে অঞ্চলটোৰ তেওঁ এগৰাকী নাম থকা মহিলা।নিজৰ ডাঙৰ জীয়ৰী কাব্যাকো সমাজৰ বাধা নামানি মনে বিচৰা ধৰণে আমেৰিকাৰ তাইৰ প্ৰেমিকৰ লগত বিয়া দিছে। কাব্যমৰ ক্ষেত্ৰতো তেওঁৰ কোনো বাধা নাই।মনে যিজনী ছোৱালীকে বিচাৰে সি আনিব পাৰিব বুলিও তেওঁ কৈ থৈছে।কিন্তু নতুন ঠাইখনত ল'ৰাটোক অকলে এৰিবলৈহে তেওঁৰ মন যোৱা নাই।

কাব্যম,দেখিলেই প্ৰতিজনী ছোৱালীৰ হৃদয়ত আলোড়ণ সৃষ্টি কৰিব পৰা এটি নাম।এগ্ৰিকালচাৰ পাছ কৰি নতুন ঠাইখনত কৃষি বিষয়া হিচাপে তেওঁ যোগদান কৰিছে।নতুন ঠাই, নতুন পৰিবেশত তাক মিলি যাবলৈ বেছি দিন নালাগিল।মাক যোৱাৰ পিছত ভাত চাহ ৰান্ধি খাবলৈ শিকিলে।নতুন মানুহবোৰৰ লগত কাম কৰিবলৈও তাৰ বেয়া লগা নাই।কেৱল সুদেমশ্ৰীক দেখিলেহে তাৰ হৃদয়ত সুৰসঙ্গমৰ সৃষ্টি হয়।তাইৰ যেন চকুলৈ চাব নোৱাৰে সি।চকুৱে চকুৱে পৰিলেই লগে লগে নমাই আনে সি তাৰ চকুযুৰি।লাহে লাহে মন কৰে সি তায়ো যেন চকুৱে চকুৱে চকুৱে পৰিলে লাজ লাজ অনুভৱ কৰে।
সময় বাগৰে।ঠাইখন লাহে লাহে কাব্যমৰ আপোন আপোন লাগে আৰু সুদেমশ্ৰী।নজনাকৈয়ে আপোন হৈ পৰে তাৰ, তাৰ প্ৰতিটো সুখ দুখৰ বাৰ্তা নিদিলে যে সি শান্তি নাপায় আৰু তাই ,নিজৰাৰ পৰা বৈ অহা পানীৰ জিৰজিৰ শব্দৰ দৰে অনৰ্গল তাইৰ কথা।শুনিলে শুনি থাকিবলৈ মন যোৱা আমনি নলগা তাইৰ কথা।এয়ে হয়তো প্ৰেম যিজনৰ প্ৰতিটো কথাই গীত হৈ প্ৰবাহিত হয় সিৰাই সিৰাই।প্ৰথম প্ৰথম ভাৰাতীয়া হিচাপে দৰকাৰী এটা দুটা কথা পতাই পিছলৈ ঘৰত মাক দেউতাক নাথাকিল সেই সময় ঘন্টালৈ অতিক্ৰম কৰে।দেখা দেখি হ'লে চকুৱে চকুৱে আজিকালি সিহঁতে কথা পাতে আৰু ফোনত কাব্যমে বুজাই নুবুজাই তাই কথা কয়।ভাল লাগে কাব্যমৰ তাইৰ সহজ সৰল কথাবোৰ,বেৰীয়া দাঁতৰ মাজেদি নিগৰি অহা তাইৰ হাঁহিটো,দখনা পিন্ধি কিচকিচীয়া ক'লা তাইৰ দীঘল চুলিটাৰিয়ে যেতিয়া নৃত্য কৰে তাৰ যে সেই ভাল লগাবোৰে কবিতাৰ ৰূপ লয়।পুৱাই সিজু গছজোপাৰ তলখন মচি চাকি বন্তি জ্বলাই বাথৌ ব্ৰাইক সেৱা কৰা সুদেমশ্ৰীক দেখিলে কাব্যমৰ মাকলৈ মনত পৰে।মাকেওটো এনেদৰে পুৱা-গধূলি তুলসী গছৰ তলত চাকি জ্বলাই।কিন্তু কওঁ কওঁ বুলিও সি যে সুদেমশ্ৰীক ক'ব পৰা নাই তাৰ মনৰ কথাবোৰ।কিবা এক লাজ,ভয়,শংকাই মুখৰ আগত থকা কথাকেইটা প্ৰকাশ কৰিবলৈ বাধা দিয়ে।কিন্তু দুয়োটাই বুজে দুয়োৰে মনৰ কথাবোৰ, দুয়োৰে হৃদয়ত অংকুৰিত হোৱা প্ৰেমৰ মিঠা মিঠা অনুভৱবোৰ ।
চাকৰি জইন কৰাৰ পিছত ঘৰলৈ কাব্যম গ'লেও তাৰ মনটো যেন বাৰে বাৰে সুদেমশ্ৰীৰ ওচৰলৈকে উৰা মাৰে।কাতি বিহু, মাঘ বিহু, পূজাৰ বন্ধত সি ঘৰলৈ নোযোৱাকৈ থকা নাই।কিন্তু সেইবাৰ বহাগৰ বিহুতহে সি ঘৰলৈ যাব নোৱাৰিলে।ইলেকচনৰ ডিউটি পৰাত সেইবাৰ সি ভাড়াঘৰতে থাকিব লগা হ'ল।ইফালে মাকৰ কান্দি কাটি অৱস্থা নাই।বছৰেকৰ বহাগৰ বিহুটোতনো ল'ৰাটোক এৰি কেনেকৈ ভাতসাজ খায়।তলা বন্ধ কৰি নিজেও গুচি আহিব নোৱাৰে,তাতে কাব্যমৰ দেউতাকো অসুস্থ।বিহু বুলি কাব্যমৰ এইবাৰ পিঠা পনাৰ সোৱাদ লোৱা নহ'ব বুলি ভাবোতেই আগদিনাই সুদেমশ্ৰী আৰু মাকে আহি তাক তিলপিঠা,নাৰিকলৰ লাৰু,তেলপিঠাৰে 'মানসি দোমাহী'ৰ(মানুহ বিহু)বৈছাগুৰ নিমন্ত্ৰণ দি থৈ যায়।এইকেইদিন সুদেমশ্ৰীৰ মুখৰ হাঁহিটো নুগুচাই হৈছে।মনৰ মানুহজনক হেঁপাহৰ বৈছাগুত কাষতে পাই তাইৰ গা সাতখন আঠখন হৈ আছে।তাঁতৰ শালত কাব্যমৰ বাবে বৈছাগুত দিবলৈ আৰনাই বৈছে।কি ৰঙে সোৱাব তাক কল্পনা কৰি কৰি ৰঙা আৰনাই খনত প্ৰেমৰ বুটা বাছিছে‌।
কাব্যমৰ বিহুৰ দিনকেইদিনো আজৰি নাই।ইলেকচন ডিউটি কৰি আবেলি সময়ত ঘৰ সোমাইহি।বহাগৰ এক তাৰিখতো সি ডিউটি কৰিব লগা হৈছে।বৈছাগু বুলি সেইদিনা সোনকালে ৰুমলৈ ওভতি আহে।দুপৰীয়া বৈছাগুৰ নিমন্ত্ৰণ আছে তাৰ।আগদিনাই সুদেমশ্ৰীয়ে তাক সুধে
*আদা,(দাদা)তই পিছে অমাবেদ(গাহৰি) খাবিনে নাই?আমি আকৌ বৈছাগুত জৌ বিদৈৰ(আপং) লগত অমাবেদ খাওঁৱেই।
  কিছুমান শব্দৰ সৈতে আজিকালি কাব্যমৰ নতুন চিনাকি হৈছে।প্ৰথম প্ৰথম বুজিবলৈ অসুবিধা হৈছিল যদিও লাহে লাহে সি কথাবোৰ, ভাষাটো অলপ চলপ বুজি উঠিছে।ক'বলৈও দুই এটা শিকিছে।কোনোৱে যদি তাক সুধে 'মা খবৰ?'(কি খবৰ) সিও সুন্দৰ ভাৱে উত্তৰ দিয়ে 'মৈজাং মৈজাং'(ভাল ভাল)।
*হেই  নাই নাই নাখাওঁ।মায়ে জানিলে কাটিব।
*তোৰ আই ইমান ডেঞ্জাৰ নে,নিজৰ ল'ৰাটোকো কাটিব ।
   কাব্যমৰ হাঁহি উঠে সুদেমশ্ৰীৰ কথাত।ধেমালিতে কোৱা কথা কিছুমান তাই বুজিবলৈ দেৰি লাগে।মিচিকিয়া হাঁহিটো মাৰি সি ভিতৰলৈ সোমাই যায়।
 কৰ্মৰ তাগিদাত কাব্যম প্ৰায়েই গাঁৱৰ খেতিয়কসকলৰ ঘৰলৈ যায়।সকলোৰে ঘৰত বা বিয়াই সবাহে তেওঁলোকে অন্যান্য খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা জৌ বিদৈ খাবলৈ দিয়ে।তেওঁলোকৰ ল'ৰা,ছোৱালীৰ পৰা সকলোৱে এইবিধ পানীয়ৰ সোৱাদ লয়।লগৰ কেইজনে খাই যদিও সি আজিলৈকে মুখত দি পোৱা নাই।
বৈছাগুৰ দিনা ডিউটিৰ পৰা আহি সি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সুদেমশ্ৰীৰ ঘৰলৈ যায়।কেইবাজনো মানুহ সিহঁতৰ চ'ৰা ঘৰত বহি থাকে।সুদেমশ্ৰী আৰু ভনীয়েক স্বদমশ্ৰীয়ে আহি ডাঙৰ কেইজনক সেৱা জনাই সকলোকে আৰনাই উপহাৰ দিয়ে।সুদেমশ্ৰীয়ে মৰমেৰে বনোৱা আৰনাইখন মিচিকিয়া হাঁহিটো মাৰি কাব্যমক দিলে।সকলোৱে বৈছাগুৰ পিঠা পনা খাই।সকলো ল'ৰা ছোৱালী মিলি বৈছাগুত সিহঁতেও গীত গায় নৃত্য কৰে।
*ব'ল আদা আমি গাঁৱত যাওঁ।তইটো আমাৰ বৈছাগু দেখাই নাই আজি চাই ল'বি---স্বদমে কয়।
তাকে শুনি সুদেমশ্ৰীৰ দেউতাকে কয়
* যা যা চেংৰা(ল'ৰা) ঘৰলৈ যাবলৈয়ে নাপালি,আমাৰ বিহুকে চাই আহ।
    ওলাই যায় তিনিওটা, নতুনকৈ বৈছাগু বুলি লোৱা দখনা,জৈমগ্ৰা পিন্ধি দুই বাই-ভনীৰে সৈতে কাব্যম ওলাই যায়।চাৰিআলিটোৰ আঁহত গছজোপাৰ তলত গাঁৱৰ ডেকা গাভৰু লগ হয়।কাব্যমে অলপ অসহজো অনুভৱ কৰে।সুদেমশ্ৰী, স্বদমৰ বাদে সি যে ঠাইখনৰ কাকো আজিলৈকে মাতি পোৱাই নাই।দুই এটা ল'ৰাক হাঁহিৰে সম্ভাষণ জনোৱাৰ বাদে সি যে কাকো মাতিয়েই পোৱা নাই।তথাপিও তাৰ এই সময়খিনি ভাল লাগে।তাৰ মনৰ মানুহজনী যে তাৰ কাষত আছে।বসন্তৰ বা কাব্যমৰ মনে প্ৰাণে বলিছে।সকলোৱে মিলি বৈছাগুৰ গীত গাইছে,বাগৰুম্বা নাচিছে।কাব্যমে হাতত লৈ থকা আৰনাইখন এপাকত সুদেমশ্ৰীয়ে নাচি নাচি তাৰ ডিঙিত আৰি দিয়ে।উসঃ কি সুবাস এই বসন্তৰ,কি নাম এই প্ৰেমৰ,কি ৰাগ এই মৰমৰ।নোকোৱাকৈয়ে যি বুজিব পাৰি।
*ব'ল আদা আমি সৈ নৈটোৰ পাৰতে যাওঁ।
 দুয়ো আগবাঢ়ে নৈৰ পাৰলৈ।তাইৰ অসমীয়া শুনি কাব্যমৰ হাঁহিও উঠে মাজে মাজে।তথাপিও সি একো নকয়।সিহঁতে যে নিজৰ ভাষাটোৰ উপৰিও অসমীয়াটো ক'ব পাৰে সেইয়াই ডাঙৰ কথা।সি টো অসমীয়া, ইংৰাজী, হিন্দীৰ বাহিৰে বেলেগ ভাষা শিকিব লাগে বুলি ভবাই নাছিলে।দুয়োটা গৈ নৈখনৰ পাৰত বহে।আবেলিৰ বহাগৰ সুগন্ধি কাব্যমে যেন প্ৰাণ ভৰি উপভোগ কৰিব।সুদেমশ্ৰীৰ উপস্থিতিয়ে যে তাক বেছি আৱেগিক কৰি তুলিছে।মন যে তাৰ আজি চঞ্চল হৈ পৰিছে, প্ৰেম যে তাৰ উথলি উঠিছে। সুদেমশ্ৰীৰো বাৰু এনে হৈছে নেকি মনে মনে ভাবে কাব্যমে।কোনো দিন বিহু নাচি নোপোৱা কাব্যমৰ আজি যেন সুদেমশ্ৰীৰ লগত বাগৰুম্বা নাচিব, তাইৰ চুলিখিনিত কপৌ ফুল গুজি দিব আৰু হাতত লোৱা জেতুকাৰ সুগন্ধ যেন সি চকু মুদি ল'ব।কল্পনাবোৰে যে তাক বেছি আৱেগিক কৰি তুলিছে।হঠাৎ কৈ উঠিল সি
*সুদেম ,তোমাক এটা কথা ক'বলৈ আছে।
*ক আকৌ।
*আই লাভ ইউ সুদেম,আই লাভ ইউ ভেৰি মাচ্ছ।
*কি ক'ব তই আদা তোৰ আয়ে জানো মোক মৰম কৰিব?
    কথাবোৰ যে কাব্যমে চিন্তাই কৰা নাছিল।সি ভাল পায় সুদেমশ্ৰীক,ঘৰে কি ক'ব,মাকে কি ক'ব সি যে চিন্তাই কৰা নাই।প্ৰকৃততে চিন্তা কৰিব লগা কথা বুলি সি ভবাই নাই।কাৰণ বায়েকৰ বিয়াৰ সময়তেই মাকৰ বহল মনটোৰ পৰিচয় সি পাই থৈছে।বিদেশী ল'ৰা এটাক জোঁৱাই কৰি আদৰি ল'ব পাৰিছে যেতিয়া সুদেমশ্ৰীক আঁকোৱালি নোলোৱাৰ সি কাৰণেই দেখা নাই।
*মাৰ চিন্তা তুমি কৰিব নালাগে।মাক মই বুজাম,মাথোঁ তুমি কোৱা তুমি মোক ভাল পোৱানে?মোৰ লগত বিয়া হ'বানে?
*আফাক(দেউতা)সুধিবি তই,আফাই যদি দিয়ে মই হ'ম ।
*আৰু যদি আফাই নিদিয়ে তেতিয়া নোহোৱা।
 একো নকয় তাই, মাথোঁ বোঁৱতী নৈ খনলৈ চাই ৰয়।অস্তমিত সূৰুযৰ আভাই দুয়োটাকে ৰহণ  বুলাই গ'ল।কুলি, কেতেকীৰ মাতে পৰিবেশটো যেন আৰু ৰোমাঞ্চিত কৰি তুলিলে।
*নক'লা একো তুমি ,তুমি তেন্তে মোক ভাল নোপোৱা?
*পাওঁ, পাওঁ ,কিন্তু আফাই নিদিলে মই যে পলাই যাব নোৱাৰোঁ।
*তোমাকনো কোনে পলাই যাব কৈছে,আফাক আমি বুজাম তেওঁ নিশ্চয় বুজিব।কিন্তু তাৰ আগতে তুমি মোক সঁচাকে কোৱা ভাল পোৱানে নাই?
*আংবৈ থ নৈংখৌ জৈবৈদ মৈজাং মৈনৈ ।পাওঁ ,মই তোক বহুত ভাল পাওঁ, বহুত।
 *থিক আছে তেন্তে আজিৰ পৰা তুমি মোক কাব্য বুলি মাতিবা,আদা নহয়।
*কাব......ব......ই....,ধেই মোৰ নহয়েই, তোৰ নামটো ইমান টান।
*ট্ৰাই কৰিবা পাৰিবা।নহ'লে পিছত আদা মাতিলে মই লাজ পাম।
          কাষৰ গাঁৱখনৰ পৰা ঢোল,পেঁপাৰ মাত ভাহি আহে,জনা হ'লে যে কাব্যমে আজি এপাক নাচিয়েই দিলে হয়।চিফুঙৰ মাতে যে আজি দুয়োকে উন্মনা কৰি তুলিছে।কাষ চাপি আহে দুয়ো।মনৰ মাজৰ কথাবোৰ আজি পাৰ ভাঙি ওলাই।সপোন দেখে নৈ খনিক সাক্ষী কৰি দুয়ো ভৱিষ্যতৰ।মৰমবোৰ উথলি উঠে।যৌৱনৰ ৰাগি লাগে,যুৰীয়া জীৱনৰ সপোন ৰচে।
   বৈছাগুৰ ৰাতিৰ ভাতসাজ কাব্যমে  সুদেমশ্ৰীৰ ঘৰতে খাবলৈ নিমন্ত্ৰণ পালে।প্ৰথম বাৰৰ বাবে সি জৌ বিদৈৰ সোৱাদ ল'লে।আজি যে সি সুখী,সুদেমশ্ৰীয়ে যতনাই দিয়া বৈছাগুৰ ভাত সাজ যে সি পৰম তৃপ্তিৰে খালে,খালে মানে দেউতাকৰ চকুৰ আঁৰে আঁৰে তাইলৈ চাইয়েই ৰ'ল।হেঁপাহ পলোৱাই যেন চাব তাইক।আপঙৰ নিচাইয়ো ধৰিলে তাক,সি যে সেইৰাতি সুদেমশ্ৰীক কইনাৰ সাজতো দেখিলে।দখনাৰ পৰা একেবাৰে হোমৰ গুৰিত পাটৰ সাজত বহি থকা তাৰ কইনাজনী,চাই চাই যেন তাৰ হেঁপাহেই নপলাব।
সুদেমশ্ৰীয়েও কল্পনা কৰে নিজকে কাব্যমৰ পত্নী হোৱাৰ।প্ৰেমৰ সাগৰত এতিয়া দুয়ো উটি ভাহি ফুৰিছে।কাষতে কোনোবাই মাতি থাকিলেও যে তাই গম নাপায়।কাব্যমৰ সপোনত ডুব গৈ থকা সুদেমশ্ৰীয়ে কিমান বাৰ যে মাকৰ পৰা গালি খাইছে।
সময়বোৰ এনেদৰেই পাৰ হয়,পুৱাই উঠি এটাই আনটোক নেদেখিলে সিহঁতৰ যে দিনটো পাৰেই নহয়।আজিকালি সুদেমে কাব্য বুলি ক'ব পৰাও হ'ল।কাব্যমে মাজতে উপহাৰ হিচাপে তাইক চাদৰ মেখেলা এযোৰো দিলে। মাজে মাজে চাদৰ মেখেলাযোৰ পিন্ধি তাই চাই।আইনাখনত নিজকে দেখি লাজ লাজ অনুভৱ কৰে তাই।প্ৰথম পিন্ধি কাব্যমক দেখুৱাই, সি চকুৰে ধুনীয়া লাগিছে বুলি ইঙ্গিত দিয়ে । সুদেমে এদিন কাব্যমক কয়
*আফাই মোলৈ ল'ৰা চাইছে,কাইলৈ চাবলৈ আহিব।আফাৰ চিনাকি, আফাৰ মতে বিয়া তাৰ লগতে দিব,তই কিবা এটা কৰ।
ফোনতে সুদেমশ্ৰীৰ কান্দি কাটি অৱস্থা নাই।কাব্যমৰ হৃদয়েও হাহাকাৰ কৰিলে।ই কেনেকৈ সম্ভৱ, চাবলৈ আহিলেই বিয়া দিব নেকি?সিহঁতৰ ঠাইতটো এনেকুৱা নহয়।তাৰ ঘৰতো সি একো জনোৱা নাই।মাকে ছোৱালী চোৱাৰ কথা ক'লে মাথোঁ সি কথাটো এৰাই চলে।এতিয়া ঘৰত নজনোৱাকৈ সুদেমশ্ৰীৰ ঘৰত ক'বলৈও তাৰ সাহস হোৱা নাই।তাতে তাইৰ দেউতাক ভালত ভাল বেয়াত যমকাল বুলি তায়েই কয়।এতিয়া তাতে সি অকলে আছে ,কি বা কৰে।
তথাপিও ভয়ে ভয়ে গৈ সি সুদেমশ্ৰীৰ ঘৰ ওলাই।নোৱাৰে সি তাইক আনৰ হোৱা দেখিব,দৰকাৰ হ'লে তাক মাৰিয়েই পেলাৱক,তিৰস্কাৰেই কৰক ।সকলো কথা সি সুদেমশ্ৰীৰ দেউতাকক ক'লে।কিন্তু ভবা ধৰণে তেওঁ হুলস্থুল নকৰিলে, খঙো নকৰিলে।মাথোঁ ক'লে
*তহঁতৰ সমাজে জানো আমাৰ এইক আকোঁৱালি ল'ব?সমাজ বাদ দে তোৰ ঘৰখনে মাৰে,দেউতাৰে জানো আকোঁৱালি ল'ব।পিছত যদি এই কষ্ট পায়।
   কাব্যমে আশ্বাস দিলে,পৰম বিশ্বাস তাৰ তাৰ ঘৰখনত এইলৈ একো অসুবিধা নহয়।অতি সোনকালে ঘৰত জনোৱাৰ বিশ্বাস দি পৰম শান্তিৰে সি ৰুমলৈ যায়।
পিছদিনাই সি ঘৰলৈ বুলি যায়।পুতেকক হঠাতে দেখি মাক-দেউতাক আচৰিত হয়।তাতোকৈ আচৰিত হয় তাৰ প্ৰেমৰ কথা শুনি।যি টো কথালৈ ভয় কৰিছিল তাকেই হ'ল।মাকৰ মনটোৱে যেন এনে কিবা এটা হোৱাৰ আশংকা আগতেই কৰিছিল।পুতেক জীয়েকক তেঁৱেই স্বাধীনতা দিছে মনে বিচৰা গৰাকীক আপোন কৰি লোৱাৰ আৰু নিৰ্ভয় দিছিল সেই লগৰীক ঘৰখনেও আপোন কৰি লোৱাৰ।কিন্তু কিয় জানো তেওঁ যে সুখী নহয় এই সম্বন্ধত।
নিজকে ৰুমৰ ভিতৰত সোমোৱাই তেওঁ প্ৰশ্ন কৰে কিয় এই সম্পৰ্কত তেওঁ সুখী নহয়।তেওঁৰটো জাত পাত লৈ কোনো দিন বিভেদৰ কথা মনলৈ অনা নাই।সভাই সমিতিয়ে এই জাত পাতৰ বৈষম্যৰ তেওঁ দুৰ্ঘোৰ বিৰোধিতা কৰি আহিছে আৰু নিজকে এনে এটি পৰিস্থিতিৰ বাবে আগৰ পৰাই প্ৰস্তুত কৰি ৰাখিছে।তথাপিও আজি এই মানসিক অন্তদ্বন্দ কিয়?কিয় তেওঁ সুদেমশ্ৰীক বোৱাৰী ৰূপে গ্ৰহণ কৰিব পৰা নাই?কেৱল দখনা পিন্ধাৰ বাবে, সুৰা পান কৰাৰ বাবে নে?
সোমাই আহে কাব্যম ।
*কিয় মা তুমি মানি ল'ব পৰা নাই সুদেমশ্ৰীক।তুমিয়েইটো শিকাইছিলা মানুহ মানুহেই, জাত পাত বুলি একো নাই।দহক সন্মান কৰি,ভাল বেয়া বিচাৰ কৰি নিজকে সংযত কৰি ৰাখিব পৰাজনেই মানুহ আৰু সেই সকলোৰে আমাৰ ঘৰত স্থান আছে ,সেয়েটো তুমি বাৰ পচণ্ডকো মানি লৈছিলা দেউতাৰ আপত্তি স্বত্বেও আৰু এতিয়াটো দেউতাৰো কোনো আপত্তি নাই।নে বাৰ ক্ষেত্ৰত আছিল সেইয়া আভিজাত্যৰ চিন যি এতিয়া তোমাক নিজৰ মাটিৰ মানুহজনীক আকোঁৱালি লোৱাত বাধা দিছে।
ওৰে ৰাতি অৰ্চনা বৰঠাকুৰ সাৰে থাকে।কথাবোৰ ভাবি গুণি তেওঁ যে একো সিদ্ধান্তই ল'ব পৰা নাই।পুৱাই উঠি গোঁসাইৰ ওচৰত চাকি গছি জ্বলাই কাব্য উঠালৈ তেওঁ অপেক্ষা কৰে।লুচি ভাজিৰে ডাইনিং টেবুল ভৰাই দিয়ে লগতে মিঠাই কেইটামানো বনাই।কাব্যমৰ সেইকেইটা প্ৰিয়।গা পা ধুই সকলো টেবুলত বহে।কাব্যমৰ মুখখন গোমা,খাওঁ নাখাওঁকৈ লিৰিকি বিদাৰি আছে সি।মাকে মাত লগাই
* সোনকালে খা আকৌ বজাৰলৈ যাব লাগে।
*কিয়,কিহৰ বজাৰ?
*অ' আই আমি আৰু ছোৱালী চাবলৈ খালী হাতেৰে যাম নেকি?ভাবিছোঁ আঙুঠি এটাকে পিন্ধাই সম্বন্ধটো আৰু দৃঢ় কৰি পেলাওঁ।
 হাঁহিৰে উপচি পৰে সকলোৰে মুখবোৰ,এই সময় সুখৰ সময় ।মনৰ খু দুৱনিবোৰৰ অন্ত পৰে,মাকৰ বুকুৰ মাজত সোমাই পৰে কাব্যম যি দৰে সোমাই তাৰ বুকুৰ মাজত সুদেমশ্ৰী।




 

No comments:

Post a Comment

সপোনৰ পৰা সমাধিলৈ

সপোনৰ পৰা সমাধিলৈ প্ৰায় পষেকযোৰা প্ৰচেষ্টাৰ অন্তত হেড ছাৰৰ ভাষণৰ প্ৰস্তুতি সমাপ্ত হ'ল।বাৰাণ্ডাৰ চাৰিওদিশে পায়চাৰি কৰি কৰি এইবাৰ তেওঁ আৰম...