Wednesday, July 29, 2020

সমৰাঙ্গন

সমৰাঙ্গন


নাৰী সৰ্ব শক্তিমান।সময়ত যদি নাৰী অগ্নিৰ দৰে জ্বলন্ত হ'ব পাৰে সময়ত শীতল জল হৈ সকলোকে শীতলতা প্ৰদান কৰিব পাৰে।সময়ে নাৰীক এজনী চঞ্চলা ছোৱালীৰ পৰা এগৰাকী গহীন বোৱাৰীলৈ এগৰাকী বয়সে গৰকা গম্ভীৰ শাহুলৈ পৰিৱৰ্তন কৰে। যিমানেই বেদনা গধুৰ নহওঁক, যিমানেই আঘাত গভীৰ নহওঁক নাৰীয়ে যুজঁ দিয়ে থিক মানসীৰ দৰে। যুঁজিছিল তাই।যুঁজি যুঁজি তাই জিকিছিল।ঘৰখনৰ ডাঙৰ জিয়ৰীৰ দায়িত্ব যিদৰে তাই পালন কৰিছিল বিয়াৰ পিছত বোৱাৰীৰ দায়িত্বও তাই নিষ্ঠা সহকাৰে পালন কৰিছিল।পাঁচজনীকে ছোৱালীৰ পিছত সিহঁতৰ ভায়েক এটা হৈছিল।পুত্ৰমুখ নেদেখা ঘৰখনত ভায়েকটো সিহঁতৰ অতিকৈ মৰমৰ আছিল।দেউতাকে সৰুৰে পৰা সিহঁতক সৎ পথত চলাৰ,সৎ চিন্তাৰে জীৱন যুজাঁৰ আত্মপৰিচয়ৰে জীৱন গঢ়াৰ শিক্ষা দিছিল।নিজে উচ্চ শিক্ষিত নহ'লেও ছোৱালীকেইজনীক উচ্চ শিক্ষা, আদৰ্শৰে যোৱাৰ পথ দেখুৱাইছিল।সপোন দেখিছিল তেওঁ ল'ৰা ছোৱালীকেইটাক মানুহ কৰাৰ,এদিন গোটেই কেইটা সফল হ'ব,নিজৰ ভৰিত নিজে থিয় হ'ব, তেওঁ কৰিব নোৱাৰা কামবোৰ সিহঁতে কৰিব।সেই সপোন তেওঁ দেখুৱাইছিল সন্তানকেইটিক।সিহঁতেও সপোন দেখিছিল উচ্চ শিক্ষা লোৱাৰ, আকাশ ভেদি উৰাৰ।লাহে লাহে সিহঁতৰ সপোনবোৰে পোখা মেলে।বাইভনী গোটেইকেইজনীয়েই দেউতাকৰ সপোনবোৰ নিজৰ কৰি লয়।মানসী ডাঙৰ হোৱাৰ বাবে দায়িত্ববোধৰ অলংকাৰপাত তাই গাত পাতি লয়।মেট্ৰিক, হায়াৰছেকেণ্ডেৰীত দেউতাকে ভবা মতেই তাই উত্তীৰ্ণ হয়।দেউতাকে সপোন দেখে তেওঁৰ জ্যেষ্ঠা কন্যা এদিন সফল হ'ব,জীৱন যাত্ৰাত সকলোকে লগত লৈ তাই আগুৱাই যাব।জীৱন ৰথৰ চকৰি ঘূৰে।

        স্নাতক পঢ়িবলৈ মানসী গুচি আহে কটন কলেজলৈ।হাজাৰ সপোন বুকুত বান্ধি তাই আৰু দেউতাকে একেলগে দেখা সপোনবোৰ পূৰাবলৈ।প্ৰথম প্ৰথম তাই অসহজ হয়।বেলেগ বেলেগ ঠাইৰ ল'ৰা ছোৱালীবোৰৰ লগত মিলিবলৈ তাই অসুবিধা পায়।ছোৱালী স্কুলত হায়াৰছেকেণ্ডেৰীলৈকে পঢ়া মানসীৰ বাবে ল'ৰা বন্ধুৰ লগত বন্ধুত্ব স্থাপন কৰোঁতে বহু ক্ষেত্ৰত অসহজ হয়।তথাপিও সময়ে শিকাই,পৰিবেশ পৰিস্থিতিয়ে শিকাই।তায়ো শিকিছিল সকলোবোৰ।লাহে লাহে কটনখন,গুৱাহাটীখন,পাণবজাৰখন তাইৰ আপোন হৈ পৰিছিল।কটনৰ আশে পাশে তাই অকলেই ঘূৰিছিল।মন যায় তাইৰো দীঘলীপুখুৰীৰ পাৰত তাইৰ সপোন কোঁৱৰৰ লগত হাতে হাত ধৰি কথা পাতিবলৈ,তেওঁৰ কান্ধত মূৰ থৈ সুখ দুখৰ বাৰ্তালাপ কৰিবলৈ।মন কৰিছিল তাই এযোৰ চকুৱে তাইলৈয়েই যে প্ৰতি দিনে লক্ষ্য কৰি আছিল‌।হোষ্টেলৰ বাহিৰত,ডিপাৰ্টমেন্টৰ ভিতৰত,কেন্টিনত,প্ৰেক্ষাগৃহত সকলোতে।কিয় জানো তাইৰ বেয়া লগা নাছিল, মন গৈছিল তাইৰো সেই দুটি চকুত চকু থৈ তায়ো সুধিব

*কিয় চোৱা এনেকৈ, তোমাৰ চাৱনিয়ে যে মোৰ হৃদয় কিমান বাৰ প্লাৱিত কৰি থৈ গৈছে তুমি জানানে?তোমাৰ এই তীক্ষ্ণ চাৱনিয়ে বাৰে বাৰে ধৰাসায়ী কৰিছে মোৰ শৰীৰৰ প্ৰতিটো অংগ।কি আছে এই চাৱনিত?

কিন্তু নোৱাৰে সুধিব তাই,এনেদৰেই মাতবোল নোহোৱাকৈয়ে প্ৰতিদিনে চাৰি চকুৰ মিলন হৈছিল‌।সময় বাগৰিছিল।প্ৰথম বছৰ সিহঁতৰ পাৰ হৈছিল।একো নোকোৱাকৈয়ে যেন সিহঁতে বুজি উঠিছিল সিহঁতৰ মনৰ কথা।লাহে লাহে দুয়োৱে দুয়োৰ বিষয়ে আৰ মুখে তাৰ মুখে গম পাইছিল।এজন নাহিলে আনজন উৎকণ্ঠিত হৈ পৰে।কিন্তু ইজনে সিজনক মাত এষাৰ দিবলৈ যেন সিহঁত বাকৰুদ্ধ হৈ পৰে।
স্নাতক প্ৰথম বছৰৰ পৰীক্ষা দি মানসী ঘৰলৈ আহে।ঘৰতো যেন তাইৰ মন নবহে।সেই চকুযুৰি বিচাৰি ফুৰে তাই।তাই ঘৰত থাকোঁতেই হঠাৎ এদিন দেউতাক অসুস্থ হয়।লগে লগে নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয়।চুগাৰ,প্ৰেছাৰ,ইউৰিক এছিড এনে ধৰণৰ বহু বেমাৰৰ হিচাপে মানসীৰ হৃদয়খন কঁপাই তুলিলে।উসঃ তাইৰ মৰমৰ দেউতাকটো,সুস্থ মানুহজনৰ হঠাতে যে ইমানবোৰ বেমাৰে আগুৰি ধৰিব সিহঁতে সপোনতো ভবা নাছিল।ঘৰলৈ অহাৰ পিছত তেওঁক খোৱা বোৱাৰ পৰা সকলো ধৰণে যতন লোৱা হ'ল।লাহে লাহে সুস্থ হৈ  আহিল দেউতাক কিন্তু সকলো ক্ষেত্ৰতে বহু নিয়মত চলিব লগা হ'ল‌।সুস্থ হৈ উঠিলেই এবাৰ চেন্নাইলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে খুড়াৱকে।দেউতাক নাযায়, ইয়াতে ভাল হ'ব।তথাপিও সকলোৱে আলোচনা কৰি দুদিন দেৰিকৈ হ'লেও চেন্নাইলৈ যোৱাটো থিৰাং কৰা হ'ল।

মানসীৰ ক্লাছ আকৌ আৰম্ভ হ'ল।কান্দি কান্দি আকৌ গুচি আহিল তাই হোষ্টেললৈ।আকৌ ডুব গ'ল সেই দুটি চকুৰ প্ৰেমত।এইবাৰ সিহঁতৰ মাতবোল হ'ল।ৰুমমেট আৰ্চিয়ে দুয়োটাকে মাতবোল কৰাই দিলে।আৰ্চিয়ে লাহে লাহে জানি উঠিছিল মানসীয়ে হৃদয়ত সংগোপনে কঢ়িয়াই ফুৰা নৱনীতৰ প্ৰতি থকা ভালপোৱাৰ কথা।চাৰি চকুৰ কথোপকথন এতিয়া হাই ,হেল্ললৈ প্ৰমোচন পালে।সপোনবোৰৰ মাজত মানসী আকৌ সাঁতোৰিবলৈ ধৰিলে।নৱনীতৰ সংগ,দেউতাকৰ অসুস্থতাৰ মাজত তাইৰ দিনবোৰ আগুৱাবলৈ ধৰিলে।লাহে লাহে ইজনে সিজনৰ ঘৰুৱা কথাবোৰ জানিবলৈ ধৰিলে,ইজনে সিজনক বুজি উঠিল।ইয়াৰ মাজতে দেউতাকক লৈ খুড়াৱক চেন্নাই পালেগৈ।ডাক্তৰক দেখুৱাই মেলি তেওঁলোক পুনৰ উভতি আহিল।উভতি অহাৰ পথত পূজাৰ বন্ধ হোৱাৰ বাবে দেউতাকে তাইকো লৈ আহিল।মনটো মুকলি লাগিল তাইৰ,মৰমৰ দেউতাকৰ সপোনবোৰ তাই পূৰণ কৰিব, তেওঁ আনন্দত আত্মহাৰা হ'ব।কল্পনাতে তাইৰ আনন্দৰ বন্যা নিগৰি পৰে।সপোন দেখে তাই, ভূগোল বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰি কলেজৰ প্ৰফেছাৰ হ'ব,ACS দিব।কিন্তু তাইৰ কল্পনাবোৰ ,তাইৰ আশাবোৰ নিৰাশালৈ ৰূপান্তৰিত হৈছিল।অষ্টমী পূজাৰ দিনা তাইক চাবলৈ এজন ল'ৰা আহিছিল।সপোনতো ভবা নাছিল তাই যিজন দেউতাকে তাইক উৰাৰ সপোন দেখুৱাইছিল আজি সেইজনেই তাইৰ পাখি কাটিবলৈ ওলাইছে।মাকৰ কথামতে তাই চাহৰ ট্ৰেখন লৈ ওলাই গৈছিল।কালৈকো চোৱা নাছিল মাত্ৰ প্ৰশ্নৰ উত্তৰ দিছিল।তাইৰ সমস্ত শৰীৰ জ্বলিবলৈ আৰম্ভ কৰিছিল।এনে লাগিছিল যেন এতিয়াই তাই দেউতাকক চিঞৰি চিঞৰি ক'ব নহয় তাই বিয়া,বান্ধ নাখায় তাই কোনো বান্ধোনত লগৰবোৰৰ দৰে তায়ো পঢ়িব,উচ্চ শিক্ষা ল'ব,দেউতাকৰ আশাবোৰ পূৰণ কৰিব।কিন্তু নোৱাৰিলে তাই।অহাৰ দৰেই এসময়ত আলহী গুচি গ'ল।ভনীয়েকহঁতৰ মুখত মাথোঁ তাই শুনি গ'ল ল'ৰাৰ ছোৱালী পচণ্ড হৈছে, বহুত ধনী ঘৰৰ ল'ৰা,দুটাই ল'ৰা।কথাবোৰ ভনীয়েককেইজনীয়ে বৰ উৎসাহেৰে কৈছিল যদিও মানসীক যেন হুলে বিন্ধাদি বিন্ধিছিল।বুজি পোৱা নাছিল হঠাৎ দেউতাকৰ এনে সিদ্ধান্তৰ কাৰণ কি,কিন্তু এইটোও বুজিছিল যে যিজন দেউতাকে সিহঁতক আগুৱাই যোৱাৰ প্ৰেৰণা দিছিল তেওঁৰ এনে সিদ্ধান্তৰ আঁৰত নিশ্চয় গুৰুত্বতা আছিল।নোসোধো নোসোধোকৈয়ো তাই এদিন দেউতাকক সোধিছিল।দেউতাকে মাথোঁ কৈছিল

* মই অসুস্থ এতিয়া মাজনী,ধন সম্পত্তি মোৰ যথেষ্ট আছে।কিন্তু মই যদি নোহোৱা হৈ যাওঁ মোৰ আৱৰ্তমানত মোৰ গোটেইকেইজনী ছোৱালীৰ দায়িত্ব কোনে ল'ব? সেয়ে যিমান পাৰোঁ সোনকালেই মই ছোৱালীকেইজনী বিয়া দিব বিচাৰোঁ।মই ল'ৰাঘৰৰ লগত কথা পাতিছো তেওঁলোকে তোমাৰ পঢ়াত কোনো বাধা নিদিয়ে, তোমাৰ যিমান ইচ্ছা তুমি পঢ়িব পাৰিবা।মাত্ৰ তুমি বিয়াখনত না নকৰিবা।তোমাৰ তলত আৰু চাৰিজনী ছোৱালীৰ কন্যাদান কৰিবলৈ আছে মা।জীৱিত অৱস্থাতে মই ছোৱালী কেইজনীক সুপাত্ৰত গতাই কন্যাদানৰ দৰে মহান দানৰ পৰা মুক্ত হ'ব বিচাৰোঁ।

দেউতাকৰ কথাকেইটাৰ উত্তৰ দিবলৈ যেন তাইৰ ভাষাৰ অভাৱ হ'ল।কান্দিবলৈও যেন ঘৰখনত ঠাইৰ অভাৱ হ'ল।নৱনীতৰ দকু দুটি তাইৰ মানসপটত ভাহি থাকিল।পূৰ্ণ নহ'ব তেন্তে তাইৰ প্ৰথম প্ৰেম,আৰম্ভ নহওঁতেই পৰিসমাপ্তি ঘটিল তাইৰ সেই নিভাঁজ, সৰল প্ৰেমৰ।কি ক'ব তাই নৱনীতক ভাবি নাপালে তাই।সেইবাৰৰ পূজাৰ আনন্দ তাই উপভোগ কৰিব নোৱাৰিলে।বন্ধৰ শেষত তাই উভতি আহিল আকৌ হোষ্টেললৈ।হোষ্টেললৈ আহি আৰ্চিৰ আগত গোটেই কেইদিনৰ থূপ খাই থকা আৱেগবোৰ,চকুপানীবোৰ পাৰ ভাঙি ওলাইছিল।নৱনীত সেইকেইদিন কলেজলৈ অহা নাছিল।পূজাৰ বন্ধত পৰিয়ালৰ লগত সি গোৱালৈ যোৱাৰ প্ৰগেম আছিল।হোষ্টেললৈ যোৱাৰ এসপ্তাহৰ পিছতে আকৌ দেউতাকৰ ঘৰলৈ মাতি ফোন আহিল।গ'ল আকৌ তাই।আঙুঠি পিন্ধাবলৈ পিছদিনা ডিব্ৰুগড়ৰপৰা ল'ৰা ঘৰৰ মানুহ আহিব,অতি সোনকালেই তেওঁলোকে বিয়াখন হোৱাটো বিচাৰে।মানসীৰ বাবে সেই সময় যেন দূৰন্ত গতিত আগবাঢ়িছিল।বাৰে বাৰে ভগৱানক কৈছিল মানসীয়ে থমকি ৰ  সময়,থমকি ৰ।এবাৰ তাই নৱনীতক লগ পাব বিচাৰিছিল ক'ব খুজিছিল তাই হৃদয়ৰ সকলো আৱেগ ঢালি

*ভালপাওঁ তোমাক মই নৱনীত,বহুত ভালপাওঁ।প্ৰথম প্ৰেম আছিলা তুমি মোৰ।কোনো কথা নোকোৱাকৈয়ে বুজিছিলো তোমাৰ মনৰ ভাষা তথাপিও পূৰ্ণ নহয় মোৰ এই ভালপোৱা।

আঙুঠি পিন্ধাবলৈ লৈ তাই প্ৰথম বাৰৰ বাবে চাইছিল অন্তৰীক্ষৰ চকুদুটি,মুখাৱয়ব।চকুৱে চকুৱে পৰিছিল দুয়ো দুয়োৰ।ডিব্ৰুগড়ৰ বিখ্যাত চাহ ব্যৱসায়ী,কেইবাখনো বেকাৰী,ৰেষ্টুৰেন্টৰ মালিক অমল দুৱৰাৰ কনিষ্ঠ পুত্ৰ অন্তৰীক্ষ দুৱৰা।বাৰে বাৰে চাইছে তাই অন্তৰীক্ষক,কিন্তু সেই যে নৱনীতৰ চকুলৈ চালে তাইৰ যে বুজাব নোৱাৰা এক শিহৰণ হৈছিল, চৌপাশ সেউজীয়া হৈ পৰিছিল তেনে কোনো অনুভূতি তাইৰ অন্তৰীক্ষক চাই হোৱা নাছিল।কথা পতাৰো যেন কোনো আগ্ৰহ নাছিল, মাথোঁ তেওঁলোক সোনকালে ঘূৰি যোৱালৈ তাই বাট চাই আছিল।হাঁহিৰ আৱৰণৰ মাজত ঢাকি ৰখা তাইৰ দুখবোৰ, চেপি ৰখা কান্দোনৰ ৰুলবোৰ যেন কাৰো চকুত ধৰা নপৰে তাই নেদেখা জনক বাৰে বাৰে কামনা কৰিছিল।নোৱাৰে তাই দেউতাকক দুখ দিব,নোৱাৰে তেওঁক অপমানিত কৰিব।পাৰিব তাই অনুভূতি, আৱেগবোৰক চাবিকাঠি লগাব,পাৰিব তাই পাৰিব লাগিব।হোষ্টেলৰ ফোন নাম্বাৰটো বিচাৰিছিল অন্তৰীক্ষে,দিছিল তাই।তাই যেন যন্ত্ৰ হৈ পৰিছিল আনে যি কয় তাই মাথোঁ কৰি গৈছিল।কেতিয়াবা ভাবে তাই দেউতাকক ক'ব নেকি নৱনীতৰ কথা,পিছ মূহুৰ্ততে ভয় খায় তাই কি বুলি ক'ব তাই,ক'ব পৰাকৈ একোৱেই যে নাছিল সিহঁতৰ মাজত।
ক্লাছবোৰ আকৌ আৰম্ভ হৈছিল, কিন্তু মানসীৰ বাবে যেন এইবাৰ ক্লাছ কৰাৰ আগ্ৰহ,মন একোৱেই নাছিল।তাইৰ ৰিং চেৰিমনীৰ কথা প্ৰায়েই গম পাইছিল ক্লাছত,গম পাইছিল নৱনীতেও।ঘৰৰপৰা অহাৰ পিছত ক্লাছলৈ যাবলৈ তাইৰ ভয় লাগিছিল, কেনেকৈ মুখামুখি হ'ব তাই নৱনীতৰ আগত।দোষীবলৈ একো নাথাকিলেও তাইৰ নিজকে নৱনীতৰ সন্মুখত দোষী,স্বাৰ্থপৰ যেন লাগিল।ডিপাৰ্টমেন্টৰ সন্মুখত সি ৰৈ আছে ,থিকেই,থিকেই দেখিছে তাই,সৌৱা তাইৰ সপোন কোঁৱৰ নৱনীত।যাক সাৱটি ধৰি মনৰ সকলো কথা ব্যক্ত কৰাৰ আশা তাইৰ থাকি গ'ল,যাৰ কান্ধত মূৰ থৈ হাতে হাত ধৰি দীঘলীপুখুৰীৰ পাৰত বহাৰ সপোন তাইৰ সপোন হৈয়ে ৰ'ল।নেদেখাৰ ভাও ধৰি তাই সোমাই যাব ধৰিলে ক্লাছলৈ।

* ৰ'বা,তোমাৰ লগত মোৰ কথা আছে।
 ৰৈ যায় তাই, নৱনীতে মাতিছে ।যাক অৱজ্ঞা কৰাৰ সাহস তাই কৰিব নোৱাৰে, যিদৰে দেউতাকক নকৰে।টানি নিলে তাইৰ হাতত ধৰি সি।
*এইবোৰ কি শুনিছোঁ মান,তোমাৰ বিয়া থিক হৈছে, ৰিং চেৰিমনী হ'ল,ইমান হঠাতেই।
*দেউতাই সকলো থিক কৰিছে,তুমিটো নাজানা পাঁচজনীকে ছোৱালী থকা এজন পিতৃৰ দায়িত্বৰ কথা,তুমিটো নাজানা এজন অসুখীয়া পিতৃৰ হৃদয়ৰ বেদনা, তুমিটো বাদেই দিয়া ময়েই জনা নাছিলোঁ কিন্তু এতিয়া বুজিছোঁ।মোৰ কোনো উপায় নাই নৱ,মই নিৰুপায়।
*তেন্তে কটনত পঢ়িবলৈ আহিছিলা কিয় দেমিট।মোৰ হৃদয়ত ইমান ভাৱনা জগাই তুলিছিলা কিয়?কি কৰে ল'ৰাই?
*ব্যৱসায়।
*অ' আচ্ছা বিজনেছ মেন,সেয়ে এতিয়া মোক দৰকাৰ নোহোৱা হৈ গ'ল।থিক আছে মিছ মানসী বেষ্ট অফ্ লাক ফৰ ইয়ৰ ফিউচাৰ।

গুচি গ'ল সি এক ভ্ৰান্ত ধাৰণা লৈ,কোনোদিন তাইক নামাতিলে, কোনোদিনে তাইলৈ নাচালে।অভিমানৰ মালাডাল গাঁঠি সি গুচি গৈছিল ,এবাৰো নোসোধিলে মানসীক তাই কি বিচাৰিছিল।বহু ৰাতি কান্দিছিল তাই,অন্তৰীক্ষৰ ফোন আহিলেও তাই কোনোবাদিনা পাতিছিল ,কোনোবাদিনা নাপাতিছিল।মনে মনে যেন তাই বিচাৰিছিল সেই ফোনটো নৱনীতৰ হওঁক।অলপ দিন যোৱাৰ পিছত অন্তৰীক্ষ গুৱাহাটীলৈ বিজনেছৰ কামত আহোঁতে তাইক লগ ধৰাৰ প্ৰস্তাৱ দিছিল।আৰ্চিহঁতে বুজাই বিয়া হ'বিয়েই যেতিয়া তাক ভালকৈ জানিবলৈ চেষ্টা কৰ,বুজ তাক।সিহঁতৰ উৎপাত তথা বুজনিতে তাই লগ ধৰিবলৈ মান্তি হয়।সাধাৰণভাৱেই চেলৱাৰযোৰ পিন্ধি তাই সেইদিনা ওলাই যায়, নাই কোনো আগ্ৰহ,নাই কোনো ব্যাকুলতা।মাথোঁ যাব লাগে গৈছে।তাৰ গাড়ীখনৰ ভিতৰত বহিহে যেন তাই প্ৰথম বাৰৰ বাবে তাক ভালদৰে চাইছে,ৰেষ্টুৰেন্টত বহি কথা পাতোতে যেন মন কৰিছে তাই একেবাৰে সহজ সৰল ল'ৰাটো।আভিজাত্যৰ মিছা গৰ্ব অহংকাৰ একো নাই,কিন্তু সি যেন তাইৰ সপোনৰ কোঁৱৰ নহয়।মন নাযায় তাইৰ অন্তৰীক্ষৰ লগত দীঘলীপুখুৰীৰ পাৰত বহিবলৈ।ডিগ্ৰী পাছ কৰি ব্যৱসায়ৰ দায়িত্ব লোৱা অন্তৰীক্ষক তাই সেইদিনা খোলাখুলিকৈ কৈছিল তাইৰ উচ্চ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ,সপোনৰ কথা।আশ্বাস দিছিল সি যিমান মন যায় তাইৰ সিমান পঢ়িব পাৰিব বুলি।ভাল লগা নাছিল তাইৰ তাক,কিন্তু ভাল লগাবলৈ তাই যেন বাধ্য হৈছিল।এনেদৰে দ্বিতীয় বছৰো সিহঁতৰ পাৰ হৈছিল,ফাইনেল ইয়েৰ সিহঁতৰ আৰম্ভ হৈছিল।নৱনীতে কোনোদিন তাইক আৰু মতা নাছিল।এদিন ঘৰৰ পৰা ফোন আহিল দেউতাকৰ, পূজাৰ সময়তেই বিয়াৰ দিন দুটা আছে,তেতিয়া নহ'লে আৰু দুবছৰলৈ বিয়াৰ দিন নাহে,সেয়ে তাৰে যিকোনো এটা দিনতে বিয়াখন পাতিব লাগিব।দেউতাকৰ কথাত তাইৰ যেন আপত্তি কৰিবলগীয়া একো নাছিল, মাথোঁ অন্তৰীক্ষক ফোন কৰি জনাইছিল বিয়া হ'লেও তাই কিন্তু পঢ়িব।
 বিয়া হৈ গৈছিল মানসীৰ।যিমান দুখ লাগিব বুলি তাই ভাবিছিল বিয়াৰ দিনা কিন্তু তাইৰ সিমান দুখ লগা নাছিল।বাৰে বাৰে তাই নিজক সোধে ,তাইৰ দুখ লগা নাই কিয়?জেদী হৈ গৈছে নেকি তাই,তাই ইমান কঠোৰ কেনেকৈ হ'ব পাৰিলে।বুজিছিল দেউতাকে তাইৰ মনৰ কথাবোৰ।সেয়ে বিদায়ৰ মূহুৰ্তত তাইৰ কাণত কৈ উঠিছিল,"মোক ক্ষমা কৰি দিবা মাজনী"।হুকহুকাই কান্দি পেলাইছিল তাই।পাৰ ভাঙি আহিছিল ভেটা দি ৰখা তাইৰ চকুপানীৰ ঢল।এনেদৰেই বিদায় লৈছিল তাইৰ আপোনবোৰৰ পৰা,বিদায় লৈছিল তাইৰ স্মৃতিবোৰৰ পৰা।

এক নতুন পৰিৱেশ,নতুন নিয়ম কানুনৰ মাজত তাই সোমাই পৰিছিল।নিজৰ ঘৰৰ লগত কোনোক্ষেত্ৰতে মিল নাছিল।ঘৰখনৰ চিন্তাধাৰাবোৰ যেন তাইৰ কল্পনাৰো অগোচৰ আছিল।সকলো কথাতে কেৱল টকা টকা আৰু টকা।টকাৰে যে মানুহে সকলো কাম কৰিব পাৰে সেই কথা তাইক বুজাই দিয়া হৈছিল।অন্তৰীক্ষ কিছু ক্ষেত্ৰত বেলেগ আছিল যদিও সৰুৰে পৰা দেখি অহা পৰিৱেশক সি বিৰোধিতা কৰাৰ কাৰণ নাছিল।বিয়াৰ পোন্ধৰ দিন মানৰ পিছত মানসী আকৌ কটনলৈ ওভতি আহিছিল।সকলোৰে মুখবোৰ যেন ফুলি গৈছিল।বুজিছিল তাই দেউতাকক যদিও তেওঁলোকে পঢ়িব পাৰিব বুলি কৈছিল সেয়া তেওঁলোকে অন্তৰৰে বিচৰা নাছিল।একমাত্ৰ অন্তৰীক্ষৰ কথাতহে তেওঁলোকে তাইক পুনৰ পঠিয়াইছিল।ধনী ঘৰৰ বোৱাৰীয়ে পঢ়ি শুনিনো কি কৰিব তাতকৈ ঘৰত থাকি ঘৰৰ কাম বনবোৰ কৰাই ভাল।সেই পোন্ধৰ দিনৰ তিক্ততাই মানসীক হতাশ কৰি পেলাইছিল তথাপিও তাই দেউতাকক এই সম্পৰ্কে একো জানিবলৈ দিয়া নাছিল।পঢ়া শুনাৰ খৰচ তেওঁ দিম বুলি কৈছিল যদিও অন্তৰীক্ষে দিবলৈ দিয়া নাছিল।এনেদৰেই কলেজলৈ আহি ক্লাছত আকৌ মন দিছিল তাই।দুদিনমান পিছতে তাই মন কৰিলে তাইৰ গাটো মাজে মাজে বেয়া লাগে,মূৰ ঘূৰাই, বমি বমি লাগে।বুজি নাপায় তাই,আৰ্চিৰ লগত তাই ডাক্তৰৰ ওচৰ পায়গৈ।সৰগখন যেন তাইৰ মূৰৰ ওপৰতহে ভাঙি পৰিছিল।যেতিয়া ডাক্তৰে আহি তাইক কৈছিল

*গুড নিউজ,তুমি মা হ'বলৈ ওলাইছা।

  লগে লগে তাই অন্তৰীক্ষলৈ ফোন কৰিছিল।নোৱাৰে তাই এতিয়াই আৰু এটা জীৱন কঢ়িয়াব।ঘৰৰ মানুহবোৰে সকলো গম পাইছিল।সকলোৱে বাধা দিছিল এবৰছন কৰাত।লাহে লাহে তাইৰ উপভোগ কৰিছিল মাতৃত্বৰ অনুভূতিবোৰ।এপল দুপলকৈ বাঢ়ি অহা কণমানিটিলৈ তাইৰ মৰম লাগিছিল।সকলোৱে ঘৰলৈ ঘূৰি আহিবলৈ কয়,কিন্তু তাই নাহে।তেনেদৰেই ক্লাছ কৰি ফাইনেল পৰীক্ষা দিয়ে।পৰীক্ষা দি তাই পুনৰ ডিব্ৰুগড়ৰ ঘৰলৈ ওভতি আহে।লগৰকেইজনীৰ পৰা বিদায়ে তাইক বহুদিনলৈ যথৰ কৰি ৰাখে।লাহে লাহে কলাকলকৈ বাঢ়ি অহা কণমানিটিৰ লগত তাই ব্যস্ত হয়।মাজে মাজে হতাশো হয় সপোনবোৰ সপোন হৈ ৰোৱাত।তথাপিও তাই সপোন দেখে তাই নিজৰ ভৰিত নিজে থিয় হ'ব।ইন্টাৰনেটত আজৰি সময়বোৰ পাৰ কৰে,জানিবলগীয়া কথাবোৰ লিখি ৰাখে।ঘৰখনৰ মানুহবোৰ তাইৰ ভাল নালাগে,অন্তৰীক্ষক ভাল পাব লাগে কাৰণে পাই নে সঁচাকৈয়ে ভাল পাই তাই নাজানে।মাথোঁ সময়ে যেনেকৈ আগুৱাই লৈ গৈছে তাই মাথোঁ গৈ আছে।মাজে মাজে নৱনীতলৈ মনত নপৰা নহয়,কিন্তু এতিয়া মনত পেলোৱাৰ বাহিৰে তাইৰ আৰু কৰিবনো কি।

  চাওঁতে চাওঁতে তাইৰ জীৱনলৈ এজনী ছোৱালী আহিল, পৰী নাম দিলে তাই।ককৰ্থনা,ভৎসৰ্নাৰে তাইৰ চৌপাশ বিয়পি পৰিল।ঘৰখনত পৰী হোৱাৰ বাবে সুখী আছিল মাত্ৰ দুজন সদস্য, মানসী আৰু অন্তৰীক্ষ।মানুহৰ আঁৰৰ মানুহবোৰ তাই চিনি উঠিছিল।অশান্তি লাগিছিল তাইৰ।ঘৰৰ কামৰ পৰা আহৰি পোৱা নাছিল।ছোৱালীজনীক সময় দিবলৈও তাইৰ যেন সময় নাছিল।সহায়িকা মানুহ থাকিলেও শহুৰ শাহুৰ বাবে যেন তাইহে সেই সহায়িকা মানুহ।লাহে লাহে জেদী হৈ গৈছিল মানসী।একমাত্ৰ পৰীৰ মুখলৈ চায়েই তাই সকলো সহ্য কৰিছিল।স্নাতকত তাই প্ৰথম বিভাগতে উত্তীৰ্ণ হ'ল।আকৌ মনটো উৰি গ'ল ইউনিভাৰ্চিটি পঢ়িবলৈ।ভয়ে ভয়ে ঘৰত উলিয়ালে কথাটো ,শাহুৱেক গোটেইজনী তাইক মাৰিবলৈহে বাকী।প্ৰাইভেটকে পঢ়াৰো খবৰ ল'লে অন্তৰীক্ষৰ হতুৱাই কিন্তু যিহেতু তাইৰ বিষয় ভূগোল আছিল গতিকে প্ৰেক্টিকেল থকাৰ বাবে প্ৰাইভেটকে কৰাৰ সপোন তাইৰ পূৰণ নহ'ল।সপোনবোৰ সপোন হৈয়েই ৰ'ল।লগৰ গোটেই কেইজনীয়ে ইউনিভাৰ্চিটিত চিট পালে।তাইলৈ মাজে মাজে ফোন কৰে।সিহঁতৰ আনন্দৰ সময়বোৰ, মূহুৰ্তবোৰৰ কথা পাতে।তাই মাথোঁ নিৰৱে চকুলো টুকে।মাজে মাজে দেউতাকলৈ খঙো উঠে।
 দুবছৰ এনেদৰেই তাইৰ পাৰ হয়।শাহু শহুৰো অসুস্থ হৈ পৰে।ককায়েক নবৌয়েক বাহিৰৰ পৰা ঘৰলৈ দুদিনমানৰ বাবে আহিলে তাইৰ সেইকেইদিন গুৰুত্ব নোহোৱা হয় লগতে পৰীৰো।ককায়েকৰ ল'ৰা দুটাহে নাতি হৈ পৰে ককাৱক আইতাকৰ।সময়ে শিকাই,সময়ে বুজাই।আৰ্চিৰ কথাই মানসীক লাহে লাহে সাহস দিয়ে।তাই প্ৰাইভেটকে ৰাজনীতি বিজ্ঞান বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ ফৰ্ম ফিলাপ কৰিলে।অন্তৰীক্ষে সকলো থিক কৰি দিলে।এটি নতুন জীৱনে যেন তাইক হাতবাউলি মাতিছে।ঘৰত কোনেও নজনাকৈয়ে তাই পৰীক্ষাবোৰ দি গ'ল।ৰুমৰ ভিতৰত তাই পঢ়া শুনা কৰাৰ কথা অন্তৰীক্ষৰ বাহিৰে কোনেও গম নাপালে।এনেদৰেই হাজাৰ বাধাক অতিক্ৰমি অন্তৰীক্ষৰ সহযোগিতাত তাইৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে।সাহস বাঢ়িল তাইৰ,পাৰিব তাই তাইৰ সপোনবোৰ দিঠক কৰিব পাৰিব।মাষ্টাৰ ডিগ্ৰীৰ ৰিজাল্টৰ খবৰটো তাই এইবাৰ নিজেই দিলে শহুৰ শাহুৱেকক।ইমান ককৰ্থনা, জ্বালা যন্ত্ৰণাই তাইক এতিয়া কঠোৰ কৰি তুলিছে।বেয়াকৈ ক'লেও যেন তাইৰ এতিয়া বেয়া নালাগে।ইতিমধ্যে তাইৰ ডাঙৰ ভনীয়েকৰো বিয়া হৈছিল।ভনীয়েকে এইবাৰ বি এডত এডমিছন ল'ব।ভনীয়েকেই খবৰটো দিছিল

* এডমিছন লৱ যদি ল,নেক্সট ইয়েৰৰ পৰা বি এড দুবছৰীয়া হ'ব,এতিয়াই কৰি ল।

মানসীয়ে ঘৰৰ ওচৰৰ বি এড কলেজত প্ৰিন্সিপালক কৈ মাজে মাজেহে আহিব পাৰিম বুলি কৈ বি এডত এডমিছনটোও লৈ ল'লে।তাতো হাজাৰ বাধাই তাইক চুই গ'ল।কিন্তু এতিয়া তাইক হাজাৰ বাধাইও ৰখাব নোৱাৰে।ছোৱালীক প্লে স্কুলত থৈ তাই মাজে মাজে ক্লাছলৈ যায়।লাহে লাহে অন্তৰীক্ষক তাইৰ ভাল লাগে।মাক দেউতাকক উত্তৰ দিব নোৱাৰে যদিও সি তাৰ কথা ৰাখিছে।তাই বিচৰা ধৰণে পঢ়িবলৈ আগবঢ়াই দিছে।এতিয়া তাতকৈ তাই বেছি পঢ়া যদিও তাৰ কোনো দুখ নাই, অভিমান নাই।পৰী আৰু তাইক মৰমৰে আৱৰি ৰাখিছে।লাহে লাহে মানসীৰ নিজকে শক্তিশালী যেন অনুভৱ হয়।আজিকালি শহুৰেকে তাইক কথা শুনোৱা বন্ধ কৰিছে,কেৱল শাহুৱেকৰহে পুৱাৰ পৰা গধূলিলৈকে টেপটো বাজি থাকে।কেতিয়াবা শুনে,কেতিয়াবা হেডফোনডাল লগাই গান শুনি থাকে।মানুহজনীয়ে কেঢ়াহিকৈ চাই আঁতৰি যায়।পৰীক আজিকালি তেওঁলোকে আগতকৈ মৰম কৰে,তায়ো ককা আইতা কৰি কৰি তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰে।

বি এড পঢ়ি থাকোতেই মানসীয়ে এ পি এছ চিৰ প্ৰিলিমছ পাছ কৰিছিল।তাইৰ যে আনন্দৰ সীমাই নাছিল।দেউতাকলৈ খবৰটো দিছিল, এতিয়াও বহু দূৰ বাকী যদিও তাইৰ বাবে ইয়াতকৈ শ্ৰেষ্ঠ আৰু কি হ'ব পাৰে।কিন্তু এইবাৰ ঘৰখনৰ অশান্তিবোৰ বেলেগ ফালে ঢাল খালে।ঘৰ সংসাৰ এৰি তাই চাকৰি কৰিবলৈ যাব নোৱাৰে।ইমানেই যদি চাকৰি, পঢ়া শুনা কৰাৰ মন আছিল বিয়া হৈছিল কিয়।সেয়েটো নাজানে তাই বিয়া হৈছিল কিয়?ঘৰখনৰ অশান্তিবোৰ,পৰীৰ প্ৰতি থকা দায়িত্ববোধে তাইক আকৌ এ পি এছ চি দিয়াৰ পৰা বিৰত ৰাখিলে।বি এডৰ পৰীক্ষাটোকে তাই ভালদৰে দিলে।ভবামতে তাইৰ আগৰ দৰেই ৰিজাল্ট ভাল হ'ল।আজিকালি সুখবোৰ তাই ৰুমটোৰ ভিতৰতে সামৰি থয়।তাইৰ সুখত সুখী নোহোৱা মানুহবোৰৰ লগত সুখবোৰ ভগাই লোৱাৰ প্ৰয়োজনেই বা কি।মন যায় তাইৰো লগৰবোৰৰ দৰে তায়ো চাকৰি কৰিব,দেউতাকে দেখুওৱা সপোনবোৰ এদিন দিঠক হ'ব।আত্মসন্মান, স্বাভীমানৰে অলংকৃত হ'ব।ধনী ঘৰৰ বোৱাৰী,ব্যৱসায়ী অন্তৰীক্ষৰ পত্নীৰ পৰিচয়তকৈ মানসী বৰুৱা হৈ তাই জীয়াই থাকিব বিচাৰে।জানে তাই,অতদিনে বুজি উঠিছে তাই তাইৰ এই পথ ইমান মসৃণ নহয়,তথাপিও তাই যুঁজি যাব সফল নোহোৱালৈকে নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰালৈকে।এতিয়াও দেউতাক তাইৰ সাহস হৈ আছে প্ৰতিটো খোজত।চাওঁতে চাওঁতে ভনীয়েক দুজনীৰ বিয়া হৈ গ'ল।দেউতাকক তাই বুজাই বাকী দুজনীক নিজৰ মতে পঢ়াশুনা সম্পূৰ্ণ কৰি বিয়া দিব লাগে।দৰকাৰ হ'লে সিহঁতৰ দায়িত্ব তাই ল'ব।পাৰিব তাই, জীৱনত তাই নোৱাৰোঁ বুলি ভবা বহু কথাই কৰিব পাৰিছে এতিয়া হাজাৰ বাধা আহিলেও তাই অতিক্ৰম কৰিব পাৰিব।মাজতে দেউতাকৰ আকৌ গা বেয়া হয়।মাক,খুড়াৱকে মিলি আকৌ তেওঁক চেন্নাইলৈ লৈ যায়।মানসী সেইবাৰ ঘৰ ৰখীয়া হ'ব লগা হয়।ঘৰত থাকোঁতেই তাই ফৰ্ম ফিলাপ কৰি থোৱা কে কে হেণ্ডিকৰ পি এইচ ডিৰ এন্ত্ৰেন্স হয়।অন্তৰীক্ষ আৰু ভনীয়েকৰ বাহিৰে কাকো নোকোৱাকৈ তাই পৰীক্ষাত উপস্থিত হয়।দুদিনমানৰ পিছতে ৰিজাল্ট ওলাই।দেউতাকো ঘূৰি আহে।তাই এন্ত্ৰেন্সত পাছ কৰে আকৌ সপোনৰ পিছত তাই দৌৰে।তাতোকৈ সুখৰ কথা তাইৰ নেট ক্লিয়েৰ হয় আৰু যেন একো নালাগে তাইক।এটি মাথোঁ সৰুসুৰা চাকৰি পালেই তাইৰ ডেউকাযোৰত চাবি লগাব।ডিব্ৰুগড়ৰ ঘৰলৈ ওভতি যায় তাই।ব্যৱহাৰবোৰ আৰু বেয়া হয় কিন্তু এইবাৰ যেন মানসীক একোৱেই লৰাব নোৱাৰে।পি এইচ ডিৰ কাম কৰি যায় তাই লগতে আলোচনা চক্ৰ,আলোচনী আদিতো লিখা মেলা কৰি যায়।ছোৱালীজনীও লাহে লাহে ডাঙৰ হয়।

এদিন সেই ঠাইৰে প্ৰাইভেট ডিগ্ৰী কলেজ এখনত তাইৰ বিভাগটোত চাকৰি ওলোৱাৰ খবৰ দিয়ে অন্তৰীক্ষে।মন নাচিলে যদিও তাৰ কথাত পৰিয়েই তাই ইন্টাৰভিউটো দি আহিছিল।জীৱনৰ প্ৰথম মুখামুখিকৈ দিয়া ইন্টাৰভিউ, ভয়ে ভয়ে তাই সোমাইছিল যদিও নিৰ্ভয়ে তাই ওলাই আহিছিল।তাইক চোন সোধা সকলো প্ৰশ্নৰ উত্তৰেই তাই দিব পাৰিছে।পায় নাপায় পিছৰ কথা মানুহকেইজনৰ আগত যে তাই লাজ নাপালে সেইটোহে ডাঙৰ কথা।দুদিন পিছত কলেজৰ পৰা তাইক চিলেক্ট কৰা হৈছে বুলি খবৰ আহিল।কথাষাৰ শুনি তাই হাঁহিবই নে কান্দিবই হ'ল।চাকৰি পালেও জানো তাই কৰিব পাৰিব ইমান সহজে।এইবাৰ অন্তৰীক্ষক লগালে মাক দেউতাকক ক'বলৈ।এইবাৰ তাই আৰু এক বিশেষণৰে বিভূষিত হ'ল।অন্তৰীক্ষক হাতৰ মুঠিত ৰখাৰ,তাৰ তলতীয়া কৰি লোৱাৰ।তথাপিও অন্তৰীক্ষৰ সহযোগতে তাই চাকৰিলৈ যাবলৈ সাহস পালে।কেৱল কামৰ তালিকাখন, শহুৰ শাহুৰ খোৱা বোৱাৰ তালিকাখন, গালি শপনিবোৰ বাঢ়ি গ'ল।তথাপিও তাই কৰি গ'ল।এনেদৰে তাই পি এইচ ডিও কমপ্লিট কৰিলে আৰু ডিপাৰ্টমেন্টৰ প্ৰথম ডক্তৰেট হ'ল।তেতিয়াৰ পৰা পাঁচ বছৰে তাই কলেজখনকে আপোন ভাবি দায়িত্ববোৰ পালন কৰি গৈছে।বৰ্তমান কলেজখন চৰকাৰী হ'ল।ভাবিয়েই তাই সুখী তাই যেন এতিয়া সঁচাকৈয়ে কলেজৰ প্ৰবক্তা হ'ল।প্ৰিন্সিপালে মাতি নি তাইক আজি সুখবৰটো দিলে।তাইক বিভাগীয় মুৰব্বীৰ দায়িত্ব দিয়া হৈছে।কথাষাৰ শুনি তাই থিয় হৈ থাকিব পৰা নাই।বিভাগত তাইৰ নিজৰ আসন হ'ব,টেবুলত লিখা থাকিব তাইৰ নাম।তাই এতিয়া আত্মপৰিচয়ৰে জীয়াই থাকিব পাৰিব, কোনো ধনী ঘৰৰ বোৱাৰী,অন্তৰীক্ষৰ পত্নী হিচাপে নহয় প্ৰবক্তা মানসী বৰুৱা হৈ।খবৰটো এইবাৰ তাই নিজেই দিলে ঘৰত।আজি তাই সমৰাঙ্গনৰ বিজয়ী যুদ্ধা,কোনো কতুক্তিৰ অস্ত্ৰই তাইক ধৰাশায়ী কৰিব নোৱাৰে।আগতে প্ৰাইভেট কলেজ বুলি হাঁহি উৰুৱাই দিয়া শহুৰ শাহু শিল পৰা কপৌৰ দৰে থৰ লাগিল।

Monday, July 20, 2020

হৃদয়ঙ্গম

হৃদয়ঙ্গম



★মই তোমাক ভালপাওঁ ,তুমি নুবুজা কিয়?
★কিন্তু ই অসম্ভৱ, তুমি বিবাহিত।
★কিন্তু মই সুখী নহয় এই বিয়াত, না মই না মোৰ ৱাইফ।
★এইটো মোৰ ভুল নহয়‌।মোৰ ঘৰে,সমাজে এই সম্পৰ্ক সহজে নলয়।
★তুমি কি ভাবিছা মই চেষ্টা কৰা নাই, যোৱা তিনি বছৰে মই কেনেকৈ আছোঁ তুমি জানা।
★কিন্তু মই কাৰো সংসাৰ ভঙাৰ কাৰণ হ'ব নোৱাৰোঁ।
★তেন্তে অত'দিনে মোৰ কেয়াৰ কিয় লৈছিলা? মোৰ সুখ দুখৰ সমভাগী কিয় হৈছিলা।
★ বন্ধু হিচাপে।

        কথাষাৰ কৈয়ে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি আৰোহনৰ সবল দুহাতৰ বন্ধনৰ পৰা তাই মুক্ত হৈ আহিছিল।নোৱাৰে নোৱাৰে তাই আনৰ সংসাৰ ভাঙি নিজে সপোন গঢ়িব।সেই শিক্ষা তাই লোৱা নাই।জানে তাই,বুজে তাই আৰোহনৰ দুখ,অশান্তি।এইটোও জানে যে তাই তাক আপোন কৰি ল'লেও তাইৰ গাত কোনো দোষ নাথাকে।সিহঁতৰ সংসাৰ ভঙাৰ কাৰণো নহয়।সংসাৰ বুলিবলৈ যে এতিয়া আৰোহনৰ একোৱেই নাছিল।তথাপিও মাকৰ কথাবোৰ তাইৰ কাণত এনেকুৱা পৰিস্থিতিবোৰত বাজি উঠে।তাৰ দুখবোৰৰ পৰা সৃষ্টিয়েইটো তাক বাহিৰলৈ আনিছিল।সুৰামত্ত আৰোহনক চিগাৰেট,সুৰাৰ ৰাগিৰ পৰা আঁতৰাই আনিছিল তাই।সেয়ে তাইৰ ভুল হ'ল।কলেজীয়া বন্ধু বুলি ভাল পথলৈ আনিব বিচাৰিছিল তাই, কিন্তু সেই আদৰ আছিল কেৱল এজন বন্ধু হিচাপে আনজনক সহায় কৰাৰ,অশুদ্ধ পথৰ পৰা শুদ্ধ পথলৈ অনাৰ।হয়টো লাহে লাহে তায়ো অনুভৱ কৰিছিল তাইৰ প্ৰতি আৰোহনৰ অনুভৱবোৰৰ কথা,নাৰীয়ে বুজে সহজে পুৰুষৰ অন্তৰৰ গোপন কথাবোৰ।আৰোহনৰ হৃদয়ত সংগোপনে গজালি ওলোৱা সৃষ্টি নামৰ প্ৰেমৰ উমান পায়েই তাই আজিকালি আঁতৰি থাকে।তাইৰ ষষ্ঠ ইন্দ্ৰিয়ই ইয়াৰ উমান দিছিল।সেয়ে অফিচত আজিকালি তাই আৰোহনৰ ফালে নাচায়েই,যেন দেখাই নাই তাক।কিন্তু যিমানে সৃষ্টিয়ে আৰোহনক অৱহেলা কৰিলে সিমানেই সি তাইৰ কাষ চাপি আহিল।

           সৃষ্টিয়ে জানে আৰোহনৰ সমস্ত কথা।পত্নী মন্নতৰ আধুনিকা আচৰণে বিয়াৰ এবছৰতেই সিহঁতৰ সম্পৰ্কত ফাট মেলাইছিল।সুৰা,পুৰুষ, লেট নাইট পাৰ্টিৰ মাজত ব্যস্ত থকা মন্নতৰ আৰোহনৰ বাবে সময়ে নাছিল।আৰোহন মাথোঁ তাইৰ বাবে সমাজক দেখুৱাৰ বাবে এটি সম্পৰ্ক আছিল।বিয়াৰ এবছৰৰ পিছত উচ্চাকাংক্ষী মন্নতে দিল্লীলৈ প্ৰমোচন লৈ গুচি গৈছিল।ফেচবুকৰ প্ৰফাইল বিভিন্ন ধৰনৰ নাইট ক্লাবৰ ফটো,হাতত সুৰাৰ গিলাচ লৈ পৰপুৰুষৰ আলিংগনৰত ফটোৰে ভৰি পৰিল।আৰোহনে যদি কিবা কয় সি হৈ পৰে গাঁৱলীয়া, আজিকালিৰ চচাইটিৰ লগত মিলিব নোৱাৰা সংকীৰ্ণ মানসিকতাৰ আউটডেটেত হাজবেণ্ড।সহ্য কৰে সি সকলো বিশেষ্য,বিশেষণ কিন্তু নিজকে পত্নীৰ লগত মিলিবলৈ সুৰাৰ গিলাচত সিও চুমক দিয়ে।মন্নতক বুজাবলৈ সি নিজেই দিল্লীলৈ যায়, কিন্তু কলিং বেলৰ শব্দত দৰ্জা খোল খাই এজন সুঠাম,সুন্দৰ পুৰুষৰ হাতত।ঠিকনা ভুল হ'ল বুলি ভাবি ওভতি আহিব ধৰোতেই দেখা পালে মডাৰ্ণ ড্ৰেচ পৰিহিতা মন্নতক।বুজিবলৈ বাকী নাথাকিল তাৰ, তথাপিও সোমাই গ'ল সি।গম পালে সি মন্নতৰ সেই ফ্লেটৰ পাৰ্টনাৰ তেওঁ, দুয়োৱে সহবাস কৰিছে তাত।মন্নতৰ ভাষাত দিল্লীত এনেদৰে সকলোৱে থাকে।নিজকে সেই পুৰুষজনৰ চকুত পুতৌ দেখা পালে।ইমান দিনে নিজকে হেণ্ডচাম বুলি ভাবি থকা আৰোহনৰ পুৰুষজনৰ তুলনাত জীৱনত প্ৰথম বাৰৰ বাবে নিজকে কুৎচিত যেন ভাব হ'ল।গুচি আহিল সি,নোৱাৰে আৰু তাত সি একমিনিটো থাকিব।ওভতি আহি নিজকে আৰোহনে মডাৰ্ণ কৰিবলৈ চেষ্টা কৰিলে।লাহে লাহে নিচাবোৰৰ মাজত সোমাই পৰিল আৰোহন।সৃষ্টিয়ে তাক বুজাই,নিচাজাতীয় বস্তুবোৰৰ পৰা আতৰাবলৈ চেষ্টা কৰে।বহু নিশা সি অফিচতে পাৰ কৰে।মন্নতৰ কোনো ফোন নাহে,খবৰ নাৰাখে।প্ৰথম এদিন দুদিন সৃষ্টিয়েও ফোন কৰে তাইলৈ কিন্তু তাইৰ কথাবোৰৰ মাজত সৃষ্টিৰো নিজকে আউটডেটেত লিগে।

          মন্নতৰ ভাষাত তাই নিজৰ জীৱন নিজে গঢ়িছে।কি কৰে কি নকৰে বাধা দিবলৈ কাৰো অধিকাৰ নাই আৰু আৰোহনেও যদি কাৰবাৰ লগত সম্পৰ্ক কৰিব বিচাৰে তাইৰ কোনো আপত্তি নাই।আচৰিত হৈছিল সৃষ্টি,এনেকুৱা নাৰীও থাকেনে ক'ৰবাত।তাইচোন কল্পনাও কৰিব নোৱাৰে।নিজৰ স্বামীক আনৰ লগত কেনেকৈ ভগাব পাৰে।আচৰিত লাগিল তাইৰ এই মন্নত নামৰ নাৰী গৰাকীক।বেয়া লাগে সৃষ্টিৰ আৰোহনলৈ ,তাৰ জীৱনটো শেষ কৰি থৈ কেনেকৈ মন্নতে তাত আনন্দৰে পাৰ কৰিব পাৰিছে।কল্পনা কৰে তাই, আৰোহনৰ জীৱনটোক চিজিল লগাব পৰাকৈ এজনী ছোৱালীৰ,তাক মৰম কৰিব পৰাকৈ এজনী পত্নীৰ।কিন্তু  আজি তাৰ মুখত শুনা কথাকেইষাৰে তাইক হুলে বিন্ধাদি বিন্ধিছে।মাকে সদায় তাইক কৈ থাকে
*আৰোহনৰ লগত বেছি হলিগলি নকৰিবি।পুৰুষৰ মন কেতিয়া কি হয় ক'ব নোৱাৰ আৰু এবাৰ বিয়া পতা ল'ৰালৈ কোনে কি বিশ্বাসত ছোৱালী দিব।সমাজৰ মানুহক কেনেকৈ বুজাবি,পিছত তোকেই সকলোৱে দোষ দিব।ময়ো এবাৰ বিয়া পতা ল'ৰালৈ তোক কোনো পধ্যেই সম্পৰ্ক গঢ়িবলৈ দিব নোৱাৰোঁ।

       বুজে সৃষ্টিয়ে মাকৰ কথাবোৰ।মাকৰ মন ছোৱালীক যোগ্য হাতত গতাব পাৰিলেই সুখী।সমাজৰ ভয়তে মানুহবোৰে কিছুমান ভাল কামো কৰিবলৈ ভয় কৰে আকৌ সেই সমাজকেই নেওচি মন্নতৰ নিচিনা মানুহে বহু নকৰিবলগীয়া কামো কৰে।সমাজৰ এজনৰ চকুত যদি মন্নত দোষী আনজনৰ চকুত আৰোহন দোষী।এজনে সমাজলৈ গুৰুত্ব নিদি নিজৰ মতে জীৱন যাপন কৰিছে আনজনে সমাজৰ ভয়ত মাক দেউতাকৰ সন্মানৰ খাতিৰত ডিভৰ্চ পেপাৰখন দিবলৈও সাহস কৰিব পৰা নাই।বান্ধ খাই আছে বিবাহ নামৰ অদৰকাৰী এটা সম্পৰ্কত।কেইবাদিনো সৃষ্টিয়ে আৰোহনক দ্বিতীয় বিবাহৰ কথা কৈছে।

★মন্নতৰ পৰা ডিভৰ্চ লৈ তুমি আকৌ বিয়া পাতা।তোমাৰ নিচিনা ল'ৰালৈ ছোৱালীৰ অভাৱ নাই।
★পাম জানোঁ মই বিচৰা মৰম,মোক ভাল পাবলৈ থাকিব জানোঁ কাৰোবাৰ সময়।আকৌ যদি মন্নতৰ দৰেই হয়।

       অফিচৰ পৰা ওলাই গোটেই ৰাস্তাটো গাড়ীত তাই এইবোৰ কথাই ভাবি আহিছে।এৰা, মানুহক উপদেশ দিবলৈ ভাল।নিজে পালন কৰিবলৈহে টান।যি আৰোহনক বিয়া কৰাবলৈ তাই এজনী ছোৱালীৰ কল্পনা কৰি আছিল, আজি সেই ছোৱালীজনী তাই হ'বলৈ কিয় টান পাইছে তাই নিজে।নে তাই আৰোহনৰ বাবে ভবা আন ছোৱালীতকৈ শ্ৰেষ্ঠ।বুজি নাপায় তাই।ফোনটোত আৰোহনৰ মেছেজ আহে।

★ Sorry.নভবাকৈয়ে কৈ দিলোঁ বহু কথা।বেয়া নাপাবা।

      কলিজাখন মোচৰ খাই গৈছে সৃষ্টিৰ।নভবাকৈয়ে হয়তো তাইৰ মুখৰ পৰাও নক'বলগীয়া কথা ওলাল।দুখৰ সমভাগী হ'বলৈ ভাল কিন্তু সেই দুখক আপোন কৰিবলৈহে টান।হয়তো আৰোহনে আজি বিয়া নাপাতি তাইক এই প্ৰস্তাৱ দিয়া হ'লে তাই প্ৰস্তাৱটো নাকচ কৰাৰ কোনো কাৰণেই নাথাকিল হয়।জানে তাই আৰোহনৰ নিকা মনটোক,হয়তো মন্নত উভতি আহিলে সি আকৌ তাইক আঁকোৱালি ল'ব ঘৰৰ পখী ঘৰলৈ উভতি আহিল বুলি।এইটোও জানে সৃষ্টিয়ে মন্নত যে আৰু কেতিয়াও উভতি নাহে।তাই ডিভৰ্চ নিবিচাৰিলে আৰোহনেও হয়তো নিবিচাৰিব।তেন্তে থাকি যাব নেকি সি অকলশৰীয়া হৈ।

        পিছদিনা সৃষ্টি অফিচলৈ অহাৰ পথত দেখিলে আৰোহনক।গাড়ীৰ আগফালে ভেজা দি মুখেদি কুণ্ডলি পকোৱা ধোঁৱা উৰুৱাই তন্ময় হৈ সি কিবা চিন্তা কৰি আছে।তাইৰ তেন্তে ইমান দিনৰ কষ্ট আকৌ পানী হ'ল।সিটো এইবোৰ এৰি দিছিল তেতিয়াহ'লে আকৌ আৰোহন এইবোৰৰ মাজত সোমাই যাব।নামি দিলে তাই গাড়ীখনৰ পৰা।দৌৰি যোৱাৰ দৰেই গ'ল তাই আৰোহনৰ ওচৰলৈ।তাইক দেখি ধৰা পৰাৰ ভয়ত তাৰ মুখৰ মাত নোলোৱা হ'ল।

★উঠা গাড়ীত ।

      কথাষাৰ কৈয়েই সৃষ্টি তাৰ কাষৰ চিটত বহি পৰিল।

★ মই মানে I am sorry Sristy

★ মোৰ তেন্তে ইমান দিনৰ কষ্ট এনেই গ'ল।এইবোৰ খালেহে দুখ পাহৰিব পাৰি ন?ভাবাচোন তোমালোকে যে দুখ পাতলাবলৈ এইবোৰ খোৱা ছোৱালীবোৰৰ কি দুখ নাই, সিহঁতে কিয় এই পথ বাছি নলয়।তেনেহ'লেচোন পুৰুষ সঁচাকৈয়ে কাপুৰুষ,নাৰীৰেই পৰিস্থিতিৰ সৈতে সন্মুখীন হ'ব পৰা সাহস আছে।

★কাৰ কাৰণে মই জীয়াম।কোন আছে মোৰ,অকলশৰীয়া মই।সকলো থাকিও কোনো নাই মোৰ।কাক কম মই মোৰ মনৰ কথাবোৰ।

★ মোক কোৱা।অত'দিনেটো শুনিয়েই আছোঁ ।

★কিয় শুনিবা তুমি মোৰ কথা, কোন হয় তুমি?


       আজি বান্ধৱী বুলি ক'বলৈও সৃষ্টিৰ মন নগ'ল।কিয় জানো মনটো বিষাদৰে ভৰি গ'ল।আজি তাই অলপ সাজি কাচিও আহিছিল।ঘৰৰ পৰা ল'ৰা এজন চাইছে,অফিচৰ পৰা ডাইৰেক্ট তাই ৰেষ্টুৰেন্টখনলৈ যাব লাগিব।ঘৰৰ সকলো তাতেই লগ হ'ব,ল'ৰাৰ ঘৰো আৰু সৃষ্টিৰ ঘৰৰ মানুহো।অফিচত তাই আজি মন বহুৱাব পৰা নাই।নাচাওঁ বুলি ভাবিও বাৰে বাৰে চকুহাল আৰোহনৰ কেবিনলৈকে গৈছে।মাজে মাজে দুয়ো দুয়োৰে চকুত ধৰাও পৰিছে।বছক কৈ সোনকালেই অফিচৰ পৰা তাই ওলাই আহিল।আৰোহনো তাইৰ পিছে পিছে আহিল।ঘৰত ইমাৰজেন্সি হৈছে বুলি তাই কোৱাত আৰোহনেই থ'বলৈ যাবলৈ ওলাল।বিমোৰত পৰিল সৃষ্টি।তাইৰ ঘৰ আৰোহনে চিনি পাই আৰু এতিয়া যাব লাগে তাই বেলেগ এফালে মাকহঁত ইতিমধ্যে পাইছেহিয়েই।ফাকি দি তাই এইবাৰ বেয়াকৈ ধৰা পৰিল।আগতে হোৱা হয় তাই  সকলো কৈ তাক নিজেই লগত লৈ গ'ল হয় কিন্তু কালিৰ ঘটনাটোৰ পৰা তাইৰ সেই সাহস হোৱা নাই।ইমানবোৰ ভাবি থাকোতেই সি গাড়ী ষ্টাৰ্ট দিলেই ।উপায়ন্তৰ হৈ তাই বহি ল'লে।

★ আৰোহন,মোক চাবলৈ আজি ল'ৰা এজন অহাৰ কথা আছে,মাহঁত হেপিভিলা ৰেষ্টুৰেন্টলৈকে আহিছে, ময়ো তালৈকে যাব লাগিব।
★ হয় নেকি ইমাৰজেন্সি তেন্তে সেইটোহে।থিক আছে ব'লা।কি কৰে ল'ৰাই?
★কৃষি বিজ্ঞানী
        আৰু একো নক'লে সি।একেবাৰে ৰেষ্টুৰেন্টৰ সন্মুখত গাড়ীখন ৰখালে সি।
★ নামা।
★তুমি নাহা।
★ইয়াত মোৰ কি কাম?

     একো ক'ব নোৱাৰিলে সৃষ্টিয়ে।তাই নমাৰ লগে ফো ফোৱাই গাড়ী চলাই সি গুচি গ'ল।সৃষ্টিৰ বুকুখনত আকৌ বিষ এটি অনুভৱ হ'ল।সোমাই গ'ল ৰেষ্টুৰেন্টখনলৈ তাই।সকলো ৰৈ আছে তাইৰ বাবে।তাইৰহে আজি মনটো ভাল নালাগিল।সকলোৰে লগত মাত বোল কৰিলে যদিও মনটো আৰোহনৰ ওচৰলৈকে বাৰে বাৰে দৌৰি গ'ল।

          চাবলৈ অহা অৰুণাভক যে তাইৰ অলপো ভাল নালাগিল।কিন্তু মাকহঁত তাৰ গুণত পঞ্চমুখ হৈ পৰিল।ঘৰলৈ অহাৰ পথত অৰুণাভৰ নামেই লৈ থাকিল।সৃষ্টিৰহে মনটো বাৰে বাৰে আৰোহনৰ ওচৰলৈ দৌৰি গৈছে।তাই নিজেই বুজিব পৰা নাই এনে কিয় হৈছে।ঘৰলৈ আহি আৰোহনলৈ ফোন লগালে তাই, ৰিচিভ নকৰিলে সি।তাইৰ আকৌ চিন্তা হ'ল আকৌ সি নিচাৰ মাজত নাইটো।কেইবাবাৰো ফোন কৰাৰ পিছতো সি ৰিচিভ নকৰিলে।নিশাটো তাইৰো টোপনি নাহিল।

       পিছদিনা সোনকালেই অফিচলৈ গ'ল।তেতিয়ালৈকে আৰোহন পোৱাহি নাই।অফিচলৈ সাধাৰণতে সিহঁত দুটাই আগৰ পৰা সোনকালে আহে।তাৰ কেবিনটোলৈ সোমাই গ'ল তাই।কিবা সুৰাযুক্ত বস্তু পাই নেকি চাবলৈ।

★কি বিচাৰি আছা?
 আৰোহনৰ মাতত সৃষ্টি থতমত খালে।
★নাই, এনেই মানে
★এতিয়া মোৰ লগত লাগি থাকা বন্ধ কৰা,তোমাৰ নতুন মানুহ আহিছে তেওঁৰ বিষয়ে চিন্তা কৰা।
★কালি ইমান ফোন কৰিলোঁ ৰিচিভ নকৰিলা।
★প্ৰয়োজনবোধ নকৰিলোঁ।

      ওলাই আহিল তাই কেবিনটোৰ পৰা।'কিয়' বুলি সুধিবলৈ ৰৈও তাই ৰৈ গ'ল।অজানিতে তাইৰ দুচকু বাগৰি আহিল।নিজৰ চকীখনত বহি আৰোহনলৈকে চাই থাকিল।সি কিন্তু আজি এবাৰলৈও তাইলৈ নাচালে।দিনটো তাইৰ কৰিবলগীয়াখিনি কৰিলে যদিও চকু আৰু মন বাৰে বাৰে আৰোহনতে নিবিষ্ট থাকিল।অফিচ ছুটী হোৱাত সকলো ঘৰলৈ গ'ল যদিও আৰোহন কেবিনৰ পৰা ওলাই নাহিল।বহু সময় সৃষ্টিয়ে তালৈ অপেক্ষা কৰিলে।সি ওলাই নহা দেখি তায়ে সোমাই গ'ল।

★নোযোৱা নেকি?
★তুমি যোৱা মই লাহে লাহে যাম।
       জানে তাই এই লাহে লাহেৰ অৰ্থ কি।সোমাই গ'ল তাই।
★এনেকুৱা কিয় কৰিছা মোৰ লগত মই কি কৰিলোঁ।আমিটো একেলগেই যাওঁ সদায় ব'লা আকৌ।
★আজিৰ পৰা তুমি অকলেই যাবা,ময়ো অকলেই যাম।
★নাযাওঁ মই অকলে,ব'লা তুমিও।
     কথাষাৰ কৈয়েই তাই আৰোহনৰ টেবুলত থকা ফাইলবোৰ সামৰিবলৈ ধৰিলে।

★Stop this Sristy ,stop.why don't you leave me alone.তুমিটো মোক ভাল নোপোৱা তেন্তে কিহৰ বাবে এই কেয়াৰ।মই অকলে আছিলোঁ আৰু অকলেই থাকিম।তুমি যোৱাগৈ।চাইনটিষ্ট আহিছে যেতিয়া এতিয়া মোৰ ওচৰত নথকাই তোমাৰ বাবে ভাল।

       কথাকেইষাৰ কৈ সি আকৌ কামত লাগিলে।বুজিছে তাই আৰোহনৰ অভিমানক।কিন্তু তাই কি ক'ব ভাষা বিচাৰি পোৱা নাই।ঘৰত কথাবোৰ জনাবলৈও যে তাইৰ সাহ হোৱা নাই।দুয়োটা বহু সময় কেবিনটোতে পাৰ কৰিলে।নিথৰ,নিস্তব্ধ হৈ,কাৰো মুখত এষাৰি মাত নোলোৱাকৈ।সৃষ্টিৰ মাকৰ ফোনতহে তাই চিন্তাবোৰৰ পৰা আকৌ বাস্তৱলৈ ঘূৰি আহিল।মাকে কিয় ফোন কৰিছে জানিবলৈ তাইৰ বাকি নাথাকিল।ওলাই আহিল তাই একো নোকোৱাকৈ।সময় তেতিয়া ন বাজিছিল।

★ৰ'বা ময়ো গৈছোঁ,এতিয়া অকলে যাব নালাগে।
★ নালাগে, মই পাৰিম।মইনো কোন হয় তোমাৰ?
      কথাষাৰ কৈয়েই তাই ওলাই আহিল।
কেবখন বুকিং কৰিলে তাই।অফিচৰ পৰা ওলাই ফুটপাথত ৰৈ আছে তাই।সন্মুখত আৰোহনে গাড়ীখন ৰখাই দিলেহি।
★উঠা
★নালাগে যোৱা।মই পাৰিম ।
      এইবাৰ ড্ৰাইভিং চিটৰ পৰা উঠি সি তাইক জোৰেৰে বহুৱাই দিলে গাড়ীখনত।ঘৰ পোৱালৈকে কোনেও এষাৰি মাত নিদিলে।ঘৰ পায়েই মাকৰ হাজাৰটা প্ৰশ্নই সৃষ্টিক বেৰি ধৰিলে।খং উঠিছে তাইৰ লাহে লাহে।অফিচত আৰোহনৰ পৰা শুনা কথা, মাকৰ পৰা শুনা কথাই তাইৰ খংটো দুগুণে বঢ়ালে।দৰ্জাখন মাৰি তাই ফ্ৰেচ হৈ বিচনাত পৰিল।দিনটোৰ ঘটনাবোৰ আকৌ ভাহি আহিল।নিজকে সোধে তাই সঁচাকৈয়ে আৰোহনৰ প্ৰেমত পৰিছে নেকি?যদি নাই পৰা তেন্তে তাৰ উপেক্ষাই কিয় তাইক হুলে বিন্ধাদি বিন্ধিছে।সি অবাটে যাওঁতে তাই কিয় ইমান চিন্তিত হৈছে।ক'ব নেকি মাকক তাই আৰোহনক ভালপায় বুলি।গ্ৰহণ কৰিবনে মাকহঁতে।তায়োটো আৰোহনৰ দ্বিতীয় পত্নী হ'ব লাগিব।পাৰিবনে সমাজৰ হুলে বিন্ধা কথাবোৰ সহ্য কৰিব।আৰোহনৰ দ্বিতীয় পত্নী হোৱাতকৈ অৰুণাভৰ প্ৰথমা পত্নী হৈ গৌৰৱান্বিত হ'ব নেকি তাই।নাই অৰুণাভৰ নামটো মনলৈ অহাৰ লগে লগে তাইৰচোন কিবা এক অশান্তি লাগিবলৈ ধৰিলে।দুচকু জপাই দিলে তাই, আৰোহনৰ ছবিখন ভাহি আহিলে।তালৈ এটা মেছেজ লিখিলে

★বেয়া বস্তুবোৰ নাখাবাচোন,মোৰে শপত।

     মেছেজটো দি তাই মাকৰ ওচৰ পালেগৈ।আজি তাই মাকক ক'ব তাইৰ মনৰ কথাবোৰ।নোৱাৰে তাই আকৌ আৰোহনক টিলটিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ।মাকক ক'বলৈহে পালে মাকৰ একেবাৰে কান্দোনত অৱস্থাই নাই।দেউতাক দৌৰি আহিল।সৃষ্টি যদি আৰোহনলৈ বিয়া হয় তেওঁলোকৰ সন্মানৰ কি হ'ব।একমাত্ৰ ছোৱালীজনীক কেনেকৈ এজন বিবাহিত পুৰুষলৈ বিয়া দিব।মাকক বুজাই তাই তাইৰ মাহীয়েকৰ ল'ৰাটোৱেচোন প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত আকৌ বিয়া কৰাইছিল, তেতিয়াটো তেওঁলোকৰ সন্মান লাঘৱ হোৱা নাছিল।তেন্তে আজি কিয় তাইৰ ক্ষেত্ৰত এনে আচৰণ।নিজৰ ছোৱালীজনী দিওঁতে ইমান কষ্ট তেন্তে আনৰ ছোৱালী এজনীক দ্বিতীয় বিবাহত বান্ধিবলৈ ইমান হেতা ওপৰা লগাই কিয়?একেই মানুহ, একেই যন্ত্ৰণা, একেই বিষাদ।তেন্তে এই পাৰ্থক্য কিয়।নাই মাকে নুবুজে, বুজক নুবুজক সৃষ্টিয়ে তাইৰ শেষ সিদ্ধান্তটো জনাই দিলে।তাই বিয়া হ'লে আৰোহনৰ লগতে হ'ব বেলেগ কাৰো লগত নহয়।দৰকাৰ হ'লে তাই বিয়াই নহয়।

      ৰুমলৈ আহি ফোনটোলৈ চালে কিবা ৰিপ্লাই আহিল নেকি।নাই একো মেছেজেই অহা নাই।পিছদিনালৈ তাই অপেক্ষা কৰিলে।দেউতাকে অফিচলৈ যোৱাৰ সময়ত কৈ পথালে,তেওঁলোকৰ আপত্তি নাই, মাথোঁ আৰোহনক লগ পাব বিচাৰে।তাৰ অতীতৰ সম্পৰ্কবোৰৰ লেঠা ছিঙি ল'লে ভাল হয়।

        ইমান সোনকালে ঘৰত মানি ল'ব বুলি তাই ভবাই নাছিলে।আৰোহনক খবৰটো দিবলৈ তাই একেবাৰে ব্যাকুল হৈ পৰিছে।তাক মাতি পঠিয়াইছে একেলগে যাব আজি।ৰৈ আছে তাই আৰোহনৰ বাবে, সময় যেন আজি ৰৈ গৈছে,ঘড়ীৰ কাটাডাল যেন আজি আগ নাবাঢ়েহে নাবাঢ়ে।লাজো লাগিছে তাইৰ, আজিৰ পৰা যেন আৰোহন তাইৰ বাবে এক বেলেগ মানুহ, তাইৰ মনৰ মানুহ।গাড়ীখন অহাত তাই বহি ল'লে।একেই আৰোহন একেই মানুহ তথাপিও যেন আজি তাইৰ বাবে সি অচিনাকি।সি কিন্তু এইকেইদিনৰ নিচিনাই নাইচোৱা তাইক,নাই মতা তাইক।

★মই তোমাক ভালপাওঁ আৰোহন।(ভয়ে ভয়ে লাজে লাজে তাই ক'লে)।
★হু,কিবা কৈছিলা?
 ★মই তোমাক ভালপাওঁ আৰোহন।তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ।এইকেইদিনত মই বুজি উঠিছোঁ।তোমাৰ উপেক্ষা মই সহিব পৰা নাই আৰোহন।ঘৰতো কৈছোঁ, তেওঁলোকৰ আপত্তি নাই, মাথোঁ মন্নতৰ লগত তুমি ডিভৰ্চ ল'ব লাগিব।

★তুমি কি ভাবিছা মই ডিভৰ্চ নোলোৱাকৈ তোমাক প্ৰপ'জ কৰিছোঁ।আমাৰ ডিভৰ্চ হৈ গ'ল সৃষ্টি।যোৱা কেইমাহ অফিচৰ কামত দিল্লীলৈ গৈ থাকিব লগা হোৱাত মই কামটো কৰি আহিলোঁ।আজিৰ এই বিশেষ দিনটোত অফিচলৈ নাযাওঁ দিয়া বেলেগ ক'ৰবালৈ যাওঁ।ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যাওঁ ব'লা।

         বহু কথা পাতিছিল সেইদিনা দুয়োটাই।দুয়োটাই দুয়োটাক হৃদয়ঙ্গম কৰিছিল।ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা চাই দুয়ো আত্মহাৰা হৈছিল।প্ৰেম হয়তো এনেদৰেই হয় মনে মনে গোপনে।ভালপাওঁ বুলিয়েই ভালপাব নোৱাৰি,ইয়াৰ বাবে লাগে দুখন হৃদয়।এজনৰ আনজনৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহ, আকুলতা, অলপ আস্থা আৰু অলপ বিশ্বাস।

       অতি সোনকালেই বিয়াখনৰ দিন লোৱা হৈছিল।একমাত্ৰ কন্যাক এনেকৈ বিয়া দিবলৈ পাই দেউতাক সুখী আছিল যদিও মাক অসন্তুষ্টই আছিল।বিয়াৰ দিনাও ৰভাতলত মানুহৰ ফুচফুচনি, গুণগুণনিৰ অভাৱ নাছিল।তথাপিও কোনেও মুখ খুলি সৃষ্টিক কিবা ক'বলৈ সাহ কৰা নাছিল।কইনা বহা আসনখনৰ পিছফালে সৃষ্টিয়ে ডিজাইনত লিখাই ৰাখিছিল

     "ৰভাতলত আশীৰ্বাদৰ মন্ত্ৰ উচ্চাৰণ কৰক।
     সমালোচনাৰ বাণেৰে ধূসৰিত নকৰিব।
     হৃদয়ঙ্গম কৰক এখন আৰু আনখন হৃদয়
     মলিনতাৰে কলুষিত নকৰিব।"
           এক হৈ পৰিছিল দুখন হৃদয়,এখন ভগ্ন হৃদয়ক হৃদয়ঙ্গম কৰিছিল আন এখন মৰম আকলুৱা হৃদয়ে।
সমাপ্ত।



Friday, July 10, 2020

পৰিক্ৰমা

   
 * অ'মা পিন্ধক না,ভাল লাগিব আপোনাক, মোৰ মায়েচোন পিন্ধেই,পিন্ধকচোন।

* মই নো এইটো বয়সত কেনেকৈ এইবোৰ পিন্ধো ,ল'ৰাকেইটানো কি বুলি ভাবিব।

* একো নাভাৱে মা,আপুনি পিন্ধক,উঠক উঠক।আপুনি পিন্ধক মই এইবাৰ আহি কিন্তু পিন্ধি থকা দেখিব লাগিব।

         এইয়া মোৰ বোৱাৰী টুকটুকৰ আব্দাৰ।মোলৈ দুজোৰমান চেলৱাৰ কিনি আনিছে।মই হেনো এই বুঢ়ী বয়সত সেইকেইজোৰ পিন্ধিব লাগে।পিন্ধাৰ মন নথকা মোৰ নহয় ,মন যায় মোৰো ৰঙীন কাপোৰ এসাজ পিন্ধি মুক্তমনে উৰিবলৈ।পঁচপন্ন বছৰীয়া মইজনী জানো মই হৈ থকা নাই, নে শৰীৰৰ মেদবহুলতা, মুখত জিলিকি থকা ৰেখাকেইডালৰ মাজত মইজনী হেৰাই গ'লো।হয় হেৰাই গ'লো মই সেই তেতিয়াই ,যিদিনা হোমৰ জুইক ঘিউৰ আহুতি দি প্ৰণৱ বৰুৱাই মোক অৰ্ধাঙ্গিনী কৰি লৈছিল, মই অৰুন্ধতী দত্তৰ পৰা অৰুন্ধতী দত্ত বৰুৱা হৈছিলোঁ সেই তেতিয়াই মই সম্পূৰ্ণ সত্তা পাহৰি পেলাইছিলো।

           কোন আছিলোঁ মই? স্কুল, কলেজৰ এজনী পাৰদৰ্শী ছাত্ৰী,গানে, নাচে নিজকে বিলীন কৰি দিয়া চিতপখিলী,হয় হয় মই চিতপখিলীয়েই আছিলোঁ।ঘৰৰ বন্ধ দুৱাৰ খুলি মই পিতপিতাই ঘূৰি ফুৰিছিলোঁ ।কেতিয়াবা বৰটা-খুৰাহঁতৰ ঘৰত,কেতিয়াবা লগৰকেইজনীৰ ঘৰত আৰু কেতিয়াবা কেতিয়াবা মঞ্চৰ কেন্দ্ৰ বিন্দুত।ৰখাব নোৱাৰিছিল মোক কোনেও,মই উৰন্ত,মই দুৰ্দান্ত ।প্ৰকৃততে মোক ৰখোৱা নাছিল কোনেও।উৰাৰ হেঁপাহ এবুকু লৈ মই চাই ৰৈছিলো আকাশখনলৈ ,পৰা হ'লে যেন পখীকেইটিৰ লগত ময়ো এতিয়াই উৰি যাম।অস্ত সুৰুযৰ হেঙুলীয়া আভাত ঘৰমুৱা পখীজাকৰ চালে চাই ৰোৱা দৃশ্য চাই মোৰ টোপনি নাহে নিশাটো।মই উৰিব বিচাৰিছিলোঁ সীমাৰ পৰিধি ভাঙি অসীমত‌।

            মা বাবাৰ মৰমত ডাঙৰ হোৱা মই এজনী চিতপখিলী।মোৰ ৰূপত মুগ্ধ চৌপাশৰ প্ৰকৃতি।মোৰ ককাললৈকে পৰা দীঘল চুলিকেইডালে কিমানৰ যে টোপনি হৰিছিল মই খবৰ পাইছিলোঁ,মোৰ ৰঙটোৱেও যে তাতে মোৰ সৌন্দৰ্য দুগুণে বঢ়াইছিল।ৰঙা, নীলা, সেউজীয়া ৰঙৰ মাজত মই বলীন হওঁ পুৱাৰ পৰা গধূলিলৈ।কিন্তু মই মোৰ শালীনতা বজাই ৰাখিছিলোঁ, অসৎ সঙ্গৰ বেষ্টনীৰ পৰা মই নিজকে সুৰক্ষিত কৰিব জানিছিলোঁ।মা বাবাৰ মৰমত ডাঙৰ হোৱা মইজনী বাবাৰ কথাৰ মান ৰাখি স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়েই বিয়াত বহিছিলো তেওঁ চাই দিয়া ল'ৰাজনৰ সৈতে। আঢ্যৱন্ত পৰিয়াল এটালৈ বিয়া দিবলৈ পায় বাবা মা সুখী।ল'ৰাৰ দেউতাক চহৰখনৰ নামী দামী ডাক্তৰ,ল'ৰা প্ৰবক্তা ।ছোৱালী এজনীক বিয়া দিব পৰাকৈ সকলো খিনিয়েই আছে আৰুনো কি লাগে।

           বিয়াৰ আগত তেওঁক মই এবাৰেই পাইছিলোঁ ।বেয়া লগা নাছিল, মই মনে বিচৰা ধৰণেৰেই মানুহজনক পাই মই সুখী হৈছিলোঁ।বাকীবোৰ চাবৰ বাবেটো বাবা আছেই।কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ মই বিয়া হৈ আহিছিলোঁ নতুন ঘৰখনলৈ।সেই যে আহিছিলোঁ তাৰ পিছৰ পৰাই শিকিছিলোঁ জীৱনৰ অন্য এক পাঠ।প্ৰবক্তা স্বামীৰ গহীন গম্ভীৰ স্বভাৱত খিলখিলাই থকা মইজনীয়ে হাঁহি সামৰিবলৈ শিকিলোঁ।বুজিলোঁ তেওঁক মানুহজন থিকেই ভদ্ৰ,নম্ৰ,অমায়িক কেৱল ঘৰখনৰ বিৰোধিতা কৰাৰ সৎ সাহস তেওঁৰ নাই।সৰুৰে পৰা যি দেখিছে,যি শিকিছে সেয়া গ্ৰহণ কৰিছে,নিজৰ বিবেচনাৰে কেতিয়াও জুকিয়াই চোৱা নাই।কেতিয়াবা কিবা কথাত হাঁহি উঠিলেও শব্দ নকৰাকৈ হাঁহিবলৈ শিকিলোঁ।ঘৰখনত হাঁহিবলৈ বুলি মানুহেই নাই, শহুৰ দেউতাৰ ব্যস্ততাময় জীৱন, স্বামীৰ কলেজ, ক্লাছৰ প্ৰিপেয়াৰ, ছেমিনাৰ ইত্যাদিৰ ব্যস্ততাৰ মাজত ঘৰখনত হাঁহিবলৈ মানুহ দুজনী, মই আৰু শাহু মা।কিন্তু তেওঁও একেই,হাঁহি উঠা কথাটো মিচিকিয়াই হাঁহি থৈ দিয়ে,চিঞৰ বাখৰ কৰি থকা মই জনীয়ে এতিয়া লাহে লাহে কথা ক'বলৈ শিকিলোঁ।বোৱাৰীয়ে ডাঙৰ ডাঙৰকৈ কথা নকয়।বোৱাৰীৰ লক্ষণৰ কিছুমান নিয়ম মই অনুসৰণ কৰিবলৈ ধৰিলোঁ।ৰঙা ,নীলা সাজ পিন্ধা মইজনীয়ে এতিয়া পাতল ৰঙৰ কাপোৰ পিন্ধিবলৈ ধৰিলোঁ।পাতল ৰঙ হেনো মানী মানুহৰ আচ্ছাদন।জীৱনৰ নতুন পাঠ।মানে মই অতদিনে অসন্মানীয় হৈয়ে আছিলোঁ।

          স্নাতকোত্তৰ ৰিজাল্ট দিয়াৰ পিছত মোৰো মন আছিল নিজে কিবা এটা কৰাৰ,আত্মপৰিচয় গঢ়াৰ।কিন্তু সেই সপোন মোৰ পূৰণ নহ'ল।ঘৰখনত খাবলৈ পিন্ধিবলৈ পইচাৰটো অভাৱ হোৱা নাই, গতিকে ঘৰৰ বোৱাৰীয়ে এনেই কষ্ট কিয় কৰিব লাগে।ডাক্তৰৰ বোৱাৰী, প্ৰবক্তাৰ পত্নী ইমানবোৰ বিশেষণৰ পিছত আৰু কিহৰ প্ৰয়োজন।বিৰোধিতা কৰিছিলোঁ মই কিন্তু কিয় জানো  তেওঁলোকৰ বাক্যৰ প্ৰতিটো  শব্দই মোৰ বুকু ভেদি গৈছিল।প্ৰবক্তা স্বামীও নামতহে প্ৰবক্তা ,পত্নী আৰু বোৱাৰীৰ কৰণীয়খিনিৰ তালিকা তেওঁৰ থিকেই মূখস্থ আছিল কেৱল স্বামীৰ দায়িত্বৰ জ্ঞানৰপৰাহে তেওঁ অৱগত নাছিল।সাজ সজ্জাৰ ক্ষেত্ৰতো বহু বাধা আছিল।চাদৰ মেখেলাৰ বাহিৰে বেলেগ বস্ত্ৰ পৰিধান কৰিলে ঘৰখনৰ সন্মানত ব্যাঘাত জন্মিছিল।এইবোৰ নিয়ম কানুনৰ মাজতেই আমাৰ মাজলৈ আহিছিল দুটি যমজ সন্তান, ৰিব আৰু ৰিচ।

        সন্তান দুটাৰ মোহে মোক বাকী কথাবোৰ পাহৰাই পেলাইছিল।শাৰীৰিক অত্যাচাৰ,যৌতুকৰ অত্যাচাৰ এইবোৰ মোৰ লগত হোৱা নাছিল।স্বামী প্ৰণৱেও কোনোদিনে মোক কোনো কথা বেয়াকৈ কোৱা নাই বা হাতো ওঠাই পোৱা নাই।মাত্ৰ তেওঁৰ গুৰু গম্ভীৰ এষাৰি কথাই শিলৰ ৰেখা হৈ পৰিছিল উৰি ফুৰিব বিচৰা মই জনীৰ পাখি দুখন কাটিবলৈ।লাহে লাহে ৰিব আৰু ৰিচৰ মৰমে মোক মাতৃত্বৰ অনুভৱক নতুন ৰহণ সানিলে।সিহঁতে মোক ভালদৰে জনালৈ ময়ো এগৰাকী গহীন গম্ভীৰ মাকলৈ ৰূপান্তৰিত হ'লো।সেই যে চঞ্চলা মই জনী সিহঁতে কোনোদিনে লগ নাপালে, পোৱাৰ অৱকাশেই নৰ'ল।ল'ৰা সন্তান ডাঙৰ কৰাৰ নতুন নিয়ম কিছুমানে মোৰ কৰ্ণ ভেদি গ'ল।মই যদি বিচাৰিছিলোঁ মোৰ সন্তানকেইটাক মই সিহঁতৰ মতে জীয়াই থাকিবলৈ দিম,সিহঁতৰ মতে জীৱনটো উপভোগ কৰিবলৈ দিম,হাঁহিবলৈ শিকাম,জীৱনৰ অৰ্থ কি শিকাম,নিজৰ কাম নিজে কৰিবলৈ শিকাম কিন্তু সেই সুযোগ মই নাপালোঁ।ঘৰখনৰ নিয়ম শৃংখলাৰ মাজত সিহঁতো হৈ পৰিল ঘৰখনৰ বাকী মানুহবোৰৰ দৰেই।সিহঁতৰ দহ বছৰ মান বয়সত ককাৱকৰ মৃত্যু হয়।ঘৰখনৰ নিয়মবোৰ আৰু বাঢ়ি যায়।বিধৱা শাহুৰ নিয়মৰ পাকচক্ৰত কেতিয়াবা মই নিজকেই পাহৰি যাওঁ।মাছ,মাংস নোখোৱা,পিয়াঁজ ,নহৰু নোখোৱা মানুহগৰাকীলৈ সুকীয়াকৈ মুখত লগাকৈ বনাবলৈ যোৱাৰ প্ৰচেষ্টাত কেতিয়াবা কটু বাক্যৰ যে সন্মুখীন হোৱা নাছিলোঁ এনে নহয়।কেতিয়াবা কওঁ-

*আজিকালি এইবোৰ নিয়ম ইমান নামানে নহয়,আমি মাছে মঙহে খাম আৰু আপুনি দালি ভাত খাব ভাল নালাগে নহয়।

         জানো মই, মোৰ কথাই তেওঁৰ নিয়মৰ তালিকাখন সলাব নোৱাৰোঁ বুলি তথাপিও কওঁ, ওলাই যায় মুখৰ পৰা।কিন্তু কিবা এক অদ্ভুত মুখৰ ভঙ্গীমা কৰি তেওঁ আতৰি যায়।বুজাই নিজে বুজি ল তোৰ কথাৰ কিমান মূল্য।ল'ৰাকেইটাৰ সকলো কাম কৰাৰ পিছত ঘৰখনলৈ বা মানুহজনৰ বাবে ব্যস্ত হোৱা মইজনীয়ে নিজকে পাহৰি পেলাইছিলো।বিয়াৰ পিছত সময় পালেই ৰুমৰ দৰ্জা বন্ধ কৰি হেডফোন লগাই গান শুনি দুজাপমান গানৰ তালে তালে মাৰিছিলো কিন্তু এতিয়া যে তাৰ বাবেও সময়ৰ অভাৱ।নিজৰ ভাল লগাবোৰৰ তালিকাখন সৰু হৈ পৰিল, খাই বেয়া পোৱা বস্তুবোৰ খাবলৈ বেয়া পালেও খাই থোৱা হ'লো , খোৱাটো ভাল শৰীৰৰ বাবে পুষ্টিকৰ।ভাল পোৱা বস্তুবোৰ আগতে মাৰ ঘৰলৈ গ'লে  পেট পূৰাই খাই আহিছিলো, আজিকালি যাবলৈও যে সময় নোহোৱা হ'ল।ল'ৰা ছোৱালীৰ স্কুল বন্ধ হ'লেও ঘৰখনৰ কামবোৰতো আৰু বন্ধ নহয়।

          ৰিব আৰু ৰিচো লাহে লাহে ডাঙৰ হ'ল।ঘৰখনৰ পৰিবেশে সিহঁতকো গহীন কৰি তুলিছে।জোখৰ মাখৰ কথা কয় সিহঁতে।আইতাকৰ দৰেই মোকো সিহঁতে ছাঁটোৰ দৰে দেখিছে।খবৰ ৰাখে সিহঁতে মোৰ ,নৰখা নহয়,কিন্তু সেই যে মই মা বাবাৰ খবৰ ৰাখিছিলোঁ তেনেকৈ নহয়।আইতাকক শ্ৰদ্ধা কৰে সিহঁতে।দেউতাকক ভয়ৰ লগতে মৰমো কৰে।মোলৈ ভয় নকৰে, কিন্তু মই মোৰ মাক সকলো কথা কোৱাৰ দৰে ফটফটায়ো নাথাকে।নিজে সুধিলে সকলো কয়,কিন্তু নুসুধিলে একো নকয়।

        সময়ে এদিন শাহুমাকো আমাৰ মাজৰ পৰা কাঢ়ি নিয়ে।দুখৰ মাজতো নিজকে সেই মুকলি পখীটোৰ দৰে লাগিল।মোক বান্ধি ৰাখিবলৈ এতিয়াচোন শিকলিকেইডাল নাইকিয়া হৈ গ'ল।কিন্তু উৰিব খুজিও মই এতিয়া উৰিব পৰা নাই।কিয়? নিজকে প্ৰশ্ন কৰোঁ।ভাবিব নেকি মানুহে আদবয়সীয়া মইজনীৰ পৰকতি লৰিল বুলি, ভাবিব নেকি ল'ৰা দুটিয়ে মা পাগল হ'ল বুলি।ভাবিব নেকি মানুহজনে তেওঁৰ মাকৰ মৃত্যুত মই ভাল পাইছোঁ বুলি।

    উসঃ নোৱাৰি ,হাজাৰ প্ৰশ্নই,হাজাৰ শংকাই মোক বেঢ়ি ধৰিলে।জীৱনে শিকালে, বয়স আৰু সময়ে সলাই মানুহ।জীৱনৰ এই সুদীৰ্ঘ পৰিক্ৰমাত মই মইজনী হৈ নৰ'লো।সাপে সময়ে সময়ে মোট সলোৱাৰ দৰে মোৰো জীৱনৰ মোট সলনি হ'ল।ভাল লগাবোৰ কৰিবলৈ যিজনী মই অকণো কুণ্ঠাবোধ কৰা নাছিলোঁ এতিয়া সময়ৰ খেলত মই প্ৰতিটো খোজ দিবলৈ কুণ্ঠাবোধ কৰা হ'লো।আইনাখনৰ সন্মুখত নিজকে চাওঁ বাৰে বাৰে হেঁপাহবোৰ মৰি যোৱাকৈ মোৰ জানোঁ বয়স হৈছে।তেন্তে কিয় মই সাঁচি থোৱা ৰঙা, নীলা কাপোৰকেইজোৰ পিন্ধিব পৰা নাই।লাজ,শংকা নে বয়সে গৰকা দুটি পুত্ৰৰ মাক,নে প্ৰণৱ বৰুৱাৰ পত্নী।তেন্তে মই কোন?

          সময়ে মোক পত্নী,বোৱাৰী,মাতৃৰ পৰা শাহুলৈ ৰূপান্তৰিত কৰিলে।ছোৱালী চাবলৈ যোৱাৰ পৰা মোৰ এটাই ভয় হয় পাৰিমনে আনৰ ছোৱালীজনী মই মোৰ ঘৰত ছোৱালী কৰি ৰাখিব,নে তাই আমাৰ ঘৰৰ আকৌ সেই পুৰণি নিয়মবোৰৰ মাজত বোৱাৰী লৈ ৰূপান্তৰিত হ'ব।ৰিচে ছোৱালী নিজে পচণ্ড কৰি থৈছে।দেউতাক নথকাৰ সুযোগত এদিন মই তাক আমাৰ ঘৰলৈ লৈ আহিবলৈ ক'লো।বৰ মৰম লগা ছোৱালী।ঠাণ্ডা, গহীনো থিক মোৰ শাহু মাৰ দৰে।বেছি কথা নাপাতে।মই বুজিলোঁ তেওঁৰ ইমান অসুবিধা নহ'ব আমাৰ ঘৰখনৰ লগত মিলিবলৈ।বায়েক এগৰাকী থকাৰ বাবে তেওঁৰ বিয়াৰ কথা এতিয়াই ভবা নাই, আমাৰো ইমান লৰালৰি হোৱা নাই।পিছে ৰিবৰ ছোৱালী বিচাৰি বিচাৰি হায়ৰান।অৱশেষত ,টুকটুকক তাৰ পচণ্ড হ'ল,দেউতাকৰো ,মোৰো।কেৱল মোৰ ভয় হ'ল ।ৰিবক এদিন কথাবোৰ বুজালো, বিয়া পাতি কেৱল ছোৱালী এজনী আনি ঘৰ সোমোৱাটোৱেই ল'ৰাটোৰ দায়িত্ব নহয়।ছোৱালীজনীক পত্নীৰ মৰ্য্যদা দিব জানিব লাগিব,তেওঁৰ সুখ দুখৰ সমভাগী হ'ব পাৰিব লাগিব।তেওঁ আমাৰ ঘৰৰ বোৱাৰী হৈ থকাতকৈ তেওঁক নিজৰ পৰিচয়ৰে জীয়াই ৰাখিব জানিব লাগিব।আজিকালি দিনো বেলেগ, ল'ৰা ছোৱালী সকলোৰে সমান অধিকাৰ আছে বুলি চিঞৰি থাকিলেই নহ'ব,সেই অধিকাৰ দিব পাৰিব লাগিব।শুনিছিল সি মন দি কথাবোৰ।

           বিয়াৰ বজাৰ সমাৰ মই বৰ উৎসাহেৰে কৰিলোঁ।মাজে মাজে নিজৰ ছোৱালী এজনীৰ অভাৱ অনুভৱ নকৰা নহয়,কিন্তু এই বিয়াৰ বজাৰ কৰাৰ সময়ত সেই অনুভৱ বাৰুকৈয়ে হৈছিল।ছোৱালী এজনী থকা হ'লে বৰ্তমানৰ ফেশ্বনবোৰৰ বিষয়ে ভালদৰে জানিলেহেঁতেন ফলত বিয়াৰ বজাৰ কৰাত সুবিধা হ'ল হয়।তথাপিও ল'ৰাৰ সহযোগিতাত নেটত চাই চাই কিছু আভাস হ'ল।তথাপিও মনে নামানি টুকটুকৰ ভাল বেয়াবোৰ,পচণ্ড,অপচণ্ডৰ খবৰ ল'লো।পঁচিশ বছৰৰ আগৰ মইজনীয়ে,যেন মই মোৰ ৰূপত আকৌ এজনী অৰুন্ধতীক পাম।বিয়াৰ কাপোৰৰ মাজত মোলৈও কিনিলোঁ দুজোৰমান।এজোৰ বগা,এজোৰ পাতল গুলপীয়া।ঘৰৰ পৰা ভাবি গৈছিলোঁ এজোৰ নীলা কিনিম,কিন্তু নোৱাৰিলোঁ ,সময়ত চকুতো সেইকেইজোৰতহে পৰিল।

          বিয়াৰ পিছত মই তাইক দুজোৰমান চেলৱাৰ আনি দিলোঁ --ক'লো পিন্ধিবা যি মন যায়,কেৱল সময় ,মানুহ চাই পৰিধান কৰিবা।কিবা খাবলৈ মন গ'লে বনাবা, খাবা,মন নগ'লে মোক ক'লেই হ'ল পাৰিলে মই  বনাই দিম।তাই জীয়াই থাকিব পৰাকৈ মই বাটটো মুকলি কৰি দিছিলোঁ।দেউতাকে এতিয়া আপত্তি নকৰে একোতে।নতুনৰ লগত মিলিবলৈ শিকিছে।মই একো নোকোৱাকৈয়ে টুকটুকৰ হাঁহিটোৰ প্ৰশংসা কৰে তেওঁ।ময়োটো তেনেকৈয়ে হাঁহিছিলোঁ ,কিন্তু সেই হাঁহি চাবলৈ বা শুনিবলৈ তেওঁৰ সন্মুখত আছিল এখন আভিজাত্যৰ তোৰণ আৰু অনুশাসনৰ নিয়ম।ৰিব অফিচলৈ ওলাই যোৱাৰ পিছত টুকটুক অকলশৰীয়া হ'ব বুলি মোৰ ভয় হৈছিল, মোৰ লগত কথাৰ মহলা মাৰিবলৈ মইটো তাইৰ সমনীয়া নহয়,কথাবোৰ বা তাইৰ লগত মোৰ মিলেনে নাই।পিছে সেই শংকা দূৰ কৰি তাই মোৰ লগত টকটকাই কথা পাতে।বৰুৱাৰ ঘৰ ৰজনজনাই থাকে।ময়ো আজিকালি তাইৰ কথাৰ সৰৱ শ্ৰুতা আৰু বক্তাও।তাইৰ লগত আপটোডেট থাকিবলৈ চেষ্টা কৰোঁ।তাই মোৰ ফোনটোত দুটামান এপ ডাউনলড কৰি দিছে আৰু শিকাইছে ক'ত কি কৰিব লাগে।

        এদিন মোক তাই সুধিলে-- মা,আপুনি কি ভাল পায় ,নাচ ,গান ,নাটক নে সাহিত্য।

          চকুপানী ওলাই গ'ল মোৰ ,কি ভাল নাপাওঁ মই, কিন্তু এইকথা মোক বিয়াৰ পঁচিশটা  বছৰে চোন মোক কোনেও সোধা নাই, না মোৰ স্বামীয়ে,না মোৰ ল'ৰাকেইটাই।তুলি ধৰিছিলো তাইৰ আগত মোৰ ভাল পোৱাবোৰৰ দীঘল তালিকাখন।আচৰিত হৈছিল তাই মোৰ ভালপোৱাবোৰৰ লগত চোন এতিয়া মোৰ একো সম্পৰ্কই নাই।তাইৰ আব্দাৰতে মন নোযোৱাবোৰো আজিকালি কৰিবলৈ লৈছোঁ, গান গাইছোঁ,নাচিছোঁ ,নিজৰ মন পচণ্ডৰ খাইছোঁ আৰু আজি এইয়া চেলৱাৰকেইজোৰ আনি দিছে পিন্ধিবলৈ।

           মই পাৰিছোঁ তেন্তে ছোৱালী নথকা ঘৰখনত এজনী ছোৱালীৰ জন্ম দিবলৈ।পিন্ধি লৈছোঁ চেলৱাৰযোৰ আজি কোনো লাজ,শংকাই মোক বাধা দিব নোৱাৰে।
* অ' মা আপোনাক নীলা ৰঙটোৱে ইমান ধুনীয়া লাগিছে।

     উসঃ কিমান দিনৰ মূৰত শুনিছোঁ এই কথাষাৰ।জপাই দিছোঁ চকুদুটা -- আকৌ এবাৰ কোৱা টুকটুক,মই পুনৰ শুনিব বিচাৰোঁ।

* ও মা আপোনাক সঁচাকৈয়ে বহুত ধুনীয়া লাগিছে।চাওঁ খোপাটো খুলি দিয়কচোন,এইকোচা চুলি এনেকৈ বান্ধি থয় নি।

        মেলি দিয়ে তাই চুলিকোচা মোৰ ,ভাল লাগে মোৰ।

*আহক বাহিৰৰ পৰা আহোঁ ,আপোনাৰ ৰূপৰ জেউতি অলপ আগফালে থকা মানুহকেইজনৰ গাতো চটিয়াই আহোঁ।

       মোক ঠিক টানি নিয়াৰ দৰেই নিলে তাই।সৌৱা ড্ৰয়িং ৰুমত বহি থকা মোৰ স্বামী আৰু সন্তান দুটিয়ে মোলৈ ৰ লাগি চাই আছে।নাইলগা লাজ মোৰ।টুকটুক নামৰ শক্তিটোৱে মোক সাহস দিছে,কটাক্ষ আৰু তাচ্ছিল্য  কৰিবলৈ যে এতিয়া মানুহো নাই।উৰিম মই আকৌ সীমাৰ পৰিধি ভাঙি অসীমলৈ,গুণগুণাম  আকৌ জীৱনৰ গীত,নাচি উঠিম আকৌ গীতৰ ছন্দে ছন্দে।মই জী উঠিম আকৌ অৰুন্ধতী দত্ত হৈ।

সমাপ্ত।
          

Tuesday, July 7, 2020

মৃত্যু জানো ইমান সহজ

মৃত্যু জানো ইমান সহজ

              মৃত্যু আজি তাইৰ বাবে কিয় সহজ নহয়।'উদয়ন তোমাক নাপালে মই মৰি যাম' বুলি কোৱা শ্ৰেষ্ঠাই কিয় আজি মৃত্যুক আকোঁৱালি ল'ব পৰা নাই।বাৰে বাৰে মাক দেউতাকৰ মুখখন তাইৰ চকুৰ আগত ভাহি আহিছে।তেন্তে কি সেই প্ৰতিশ্ৰুতি মিছা আছিল।কামাখ্যা মাক দৰ্শন কৰি আজীৱন দুয়ো দুয়োৰে হৈ ৰোৱাৰ যি আশীষ বিচাৰিছিল তেন্তে সেয়া কি মিছা আছিল।তাইটো কেতিয়াও ভবা নাই তেনেদৰে।চিৰজীৱনৰ বাবে উদয়নক স্বামীৰূপে তাই অন্তৰত স্থান দিছিল।দূৰ্গা পূজাৰ নৱৰাত্ৰি ব্ৰত কৰিছিল তাৰ বাবেই।প্ৰতিটো সোমবাৰে তাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল তাৰ বাবেই।ইমানখিনিৰ পিছতো নিয়তিয়ে তাক লৈ গ'ল তাইৰ ওচৰৰ পৰা।কিন্তু তাই জীয়াই আছে কিহৰ তাড়নাত।তাইক নাপালে মৃত্যুক আকোঁৱালি ল'ম বুলি কোৱা উদয়নেটো থিকেই তাৰ প্ৰতিশ্ৰুতি ৰাখিলে।নিজে  মৃত্যুক সাবটি নল'লে যদিও নিয়তিয়ে তাৰ মনোবাঞ্চা পূৰণ কৰিলে।কিন্তু তাই,তাই কি কৰিছে।কটনৰ চুৰণিখন ফেনখনত বান্ধিছোন তাই আগবাঢ়িব পৰা নাই।
       
          নাই, নাই নোৱাৰে তাই।উদয়নক  দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ গ'লেচোন তাইৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্বক অৱমাননা কৰা হ'ব।যিজনী মাকে তাইৰ কষ্ট হয় বুলি কূটা এগচিও কৰিবলৈ নিদিয়ে, যিজন দেউতাকে তাইৰ বাবে উদয়নৰ ঘৰৰ মানুহৰ ইমান তিৰস্কাৰ পাব লগা হৈছে কেনেকৈ পাহৰি যাব তাই সেই কথাবোৰ।তাইৰ বাবে দেউতাকে উৰে জীৱন যি ত্যাগ কৰি আহিছে সেইয়া কি তাই নিমিষতে পাহৰি যাব।

              জীৱনৰ জটিল সন্ধিক্ষণত তাই আজি উপনীত।ঘৰখনৰ একমাত্ৰ সন্তান তাই, তাইক লৈয়েই মাক দেউতাকৰ সকলো আশা,সকলো ভৰসা।ল'ৰা নথকা ঘৰখনত উদয়ন হৈ পৰিছিল তেওঁলোকৰ মৰমৰ আন এটি সন্তান।উদয়নেও তেওঁলোকক হিয়া উজাৰি দিছিল মৰম আৰু ভালপোৱা।তাৰ বাবে নিজৰ মাক দেউতাতকৈ কোনো গুণে কম নাছিল তেওঁলোক।আভিজাত্যৰ উচ্চ আসনত বহা নিজৰ মাম্মী,পাপাকৰ মৰমৰ পৰা বঞ্চিত উদয়নে সেই মৰম বিচাৰি হাবাথুৰি খাইছিল।শ্ৰেষ্ঠাৰ সংস্পৰ্শত ,সি বিচাৰি পাইছিল মৰমৰ আকুলতা,সম্পৰ্কৰ মধুৰতা।শ্ৰেষ্ঠাৰ মাক দেউতাকক সিও সম্বোধন কৰিছিল মা দেউতা বুলি।

           সংগীতৰ লগত জড়িত শ্ৰেষ্ঠাৰ জীৱনলৈ উদয়নে লৈ আহিছিল এজাক প্ৰেমৰ বৰষুণ।দুয়োটা তিতিছিল সেই প্ৰেমৰ বৰষুণজাকত।এটি সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিবেশন কৰি থকা মূহুৰ্ততে শ্ৰেষ্ঠাৰ ভৰি পিচলি বৰ বেয়াকৈ দুখ পাইছিল, বিষত তাই গগণ ফালি চিঞৰিছিল।দেউতাক আৰু কৰ্মকৰ্তাসকলৰ সহযোগিতাত শ্ৰেষ্ঠাক লৈ যোৱা হৈছিল ঠাইখনৰ ওচৰতে থকা নাৰ্চিংহোমখনলৈ।সেই সময়ত তাত উপস্থিত থকা সকলোৱে তাইৰ চিঞৰ শুনি ঘূৰি ঘূৰি চাইছিল।কিন্তু তাইৰ কালৈকো ভ্ৰূক্ষেপ নাই।ডাঃ উদয়ন দুৱৰাই তাইক শুৱাই লৈ ভৰিটো এবাৰ ইফালে ঘূৰাব কয় ,এবাৰ আনফালে।কিন্তু নোৱাৰে তাই অসহ্যকৰ বিষ এটাই তাইক কোঙা কৰি ধৰিছে।এইবাৰ ডাঃ উদয়ন দুৱৰাই নিজেই ভৰিটো ইফাল সিফাল কৰি দিলে।এইবাৰ বিষৰ লগতে খঙটোও তাইৰ বেছি হৈ আহিল।ভাল হৈ থকা ভৰিখনেৰে তাইৰ অজানিতেই দুৱৰাৰ বুকুত এক গোৰ দিলে।আচৰিত হৈ গ'ল সকলো,দেউতাকে ডাক্তৰক ক্ষমা খুজি খুজি তত নাপালে।বিষ কমিবৰ বাবে দৰব দুটামান লিখি পিছদিনা এক্সৰে কৰাবলৈ ডাঃ দুৱৰাই লিখি দিলে।সেয়ে আৰম্ভণি উদয়নক লগ পোৱাৰ।ভৰিৰ বিষ ভাল হোৱাৰ পিছত দেউতাকৰ কথামতে দেউতাকৰ লগত গৈ তাই উদয়নক হৈ যোৱা ঘটনাটোৰ বাবে ক্ষমা খুজি আহিলে।জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল হেনো তাৰ সেইয়া।দেউতাকে ক্ষমা খুজি উদয়নক ঘৰলৈ নিমন্ত্ৰণ কৰিছিল।নিমন্ত্ৰণ কৰিছিল যদিও দেউতাকে বা শ্ৰেষ্ঠাই সঁচাকৈয়ে যে ডাঃ উদয়ন সিহঁতৰ ঘৰলৈ আহিব কল্পনাও কৰা নাছিল।কিন্তু সকলোকে আচৰিত কৰি উদয়ন নিমন্ত্ৰণৰ দুদিন পিছতেই ওলাইছিলহি শ্ৰেষ্ঠাহঁতৰ ঘৰ।শ্ৰেষ্ঠাৰ দেউতাকৰ সৰলচিতীয়া স্বভাৱটোৱে তাক আকৰ্ষণ কৰিছিল।সেয়ে সি দৌৰি আহিছিল সিহঁতৰ ঘৰলৈ।

         সেইয়াই আৰম্ভণি ।লাহে লাহে উদয়ন সিহঁতৰ ঘৰৰ এক অংগ হৈ পৰিল।শ্ৰেষ্ঠাৰ সংগীতত সি নিজক বিলীন কৰি দিব পৰা হ'ল,অন্তৰৰ কথাবোৰ প্ৰাণখূলি ক'ব পৰা হ'ল।শ্ৰেষ্ঠাৰ হৃদয়তো উদয়নেই উদয়ন হৈ পৰিল।ওচৰতে তাইৰ প্ৰগেম থাকিলে উদয়নো তাত উপস্থিত থকা হ'ল।গীতৰ মাজত শ্ৰুতাক কিদৰে বান্ধি ৰাখিব লাগে তাৰ সৰু সৰু টিক্স দিয়া হ'ল।গীতৰ মাজত কি ভঙ্গীমা দি তাই এপাক ঘূৰিব সেইয়া শিকাই দিয়া হ'ল সি।কি গীতে দৰ্শকৰ হৃদয় চুমি যাব পাৰে তাক হৃদয়ঙ্গম কৰে সি।শ্ৰেষ্ঠাৰ সংগীতৰ তালত উদয়নৰ হৃদয়ো আলোড়িত হ'ল।ব্যস্ততাৰ মাজতো তাইলৈ সি সময় উলিয়াব জনা হ'ল।যিখিনি সময় সি নিজৰ মাক দেউতাকৰ পৰা বিচাৰি বিচাৰি পোৱা নাছিল সেই সময় সি শ্ৰেষ্ঠাৰ গীত,সিহঁতৰ সংগীতময় ঘৰখনত পোৱা হ'ল।প্ৰিয় গীতৰ কলি সি গুণগুণাই ।জীৱনে এতিয়া তাক মনে বিচৰা ধৰণে দিছে।সি উপভোগ কৰে এই সময়।

                     

         লাহে লাহে কথাবোৰ উদয়নৰ মাক দেউতাকৰ কাণতো পৰিল।জীৱনৰ বিচৰা সময়খিনি উদয়নক দিব নোৱাৰা মাক দেউতাকে কিন্তু পুতেকলৈ বোৱাৰীৰ বাবে এখন দীঘল লিষ্ট দিলে।কোনোদিনে পুতেকৰ সুখ দুখৰ খবৰ নোলোৱা মাক দেউতাকে এতিয়া তাৰ সুখৰ চিন্তা কৰা হ'ল ধনী ধনী ঘৰৰ ছোৱালীৰ ফটো দেখুৱাই।উদয়ন মান্তি নহ'ল।হুলস্থুল লাগিল উদয়নৰ ঘৰত।ডাক্তৰ পুতেকলৈ ডাক্তৰ বোৱাৰী অনাৰ তেওঁলোকৰ সপোন উদয়নে ধূলিসাৎ কৰি দিয়াৰ বাবে তীৰ্যক বাণী নিক্ষেপণ হ'ল।এদিন সেই বাণী শ্ৰেষ্ঠাৰ ঘৰৰ ড্ৰয়িং ৰুমলৈও নিগৰিল।উদয়নৰ ধৈৰ্য্যৰ বান্ধ ছিঙি থাকিল।শ্ৰেষ্ঠাক নিজৰ কৰি ল'বৰ বাবে মন্দিৰতে বিয়া কৰাবৰ বাবে সি সাজু হ'ল।কিন্তু শ্ৰেষ্ঠাৰ দেউতাকৰ বুজনিত সি মান্তি হ'ল হঠাৎ কোনো এটা সিদ্ধান্ত নল'বৰ বাবে।শ্ৰেষ্ঠাৰ অবিহনে সি জীয়াই থাকিব নোৱাৰে।শ্ৰেষ্ঠা তাৰ জীৱনৰ অভিন্ন অংগ।শ্ৰেষ্ঠাবিহীন জীৱন তাৰ বাবে মৃত্যুসদৃশ।মা কামাখ্যাৰ চৰণত দুয়ো প্ৰতিজ্ঞাবদ্ধ হ'ল দুয়ো দুয়োৰে হৈ ৰোৱাৰ নহ'লে মৃত্যুক সাবটি লোৱাৰ।আবেগৰ বশৱৰ্তী হৈ শ্ৰেষ্ঠাইও সংকল্প লৈছিল সেই প্ৰতিজ্ঞাৰ।

          উদয়ন আৰু শ্ৰেষ্ঠাৰ ভিতৰি চলি থকা ধুমুহাজাকৰ উমান পায়েই এদিন লাজ মান কাটি কৰি শ্ৰেষ্ঠাৰ দেউতাক উলাইছিলগৈ উদয়নৰ ঘৰ।কিন্তু গেটৰ বাহিৰতেই তেওঁক অপদস্থ কৰি পঠিয়াই দিয়া হয়।দুটামান উপাধি লৈ আহে তেওঁ লগত সুবিধাবাদী, স্বাৰ্থপৰৰ।এজনী গান গোৱা ছোৱালীয়ে ,কেৰাণীৰ জীয়েকে কেতিয়াও তেওঁলোকৰ ঘৰ শুৱনি কৰিব নোৱাৰে ।জীৱনত কোনো দিন নোপোৱা অভিজ্ঞতা লৈ দেউতাক উভতি আহিছিল।আহিয়েই হুকহুকাই কান্দি পেলাইছিল তেওঁ।উদয়ন এই দৃশ্যৰ সাক্ষী আছিল।কোনোদিনে দেউতাকক পৰাভূত হোৱা ,অৱশ হোৱা শ্ৰেষ্ঠাই দেখা নাই।জীৱনৰ সকলো যন্ত্ৰণা তেওঁ হেলাৰঙে পাৰ কৰিছিল।কিন্তু আজি তাইৰ বাবেই দেউতাকৰ এই অৱস্থা।পাগল হৈ গৈছিল তাই।মুখলৈ যিয়েই আহিছিল তাকেই কৈছিল।পাহৰি পেলাইছিল ইয়াত যে উদয়নৰ অকণো দোষ নাছিল।গুছি যাবলৈ কৈছিল তাই উদয়নক সিহঁতৰ ঘৰৰ পৰা তেতিয়াই।নৰচে তাই সপোন আৰু তাৰ লগত।যি সম্বন্ধই তাইৰ দেৱতাতুল্য দেউতাকক ইমান দুখ দিব পাৰে নালাগে তাইক এই সম্বন্ধ।গুচি গৈছিল উদয়ন,একেবাৰে।কোনোদিন লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে ।

           শ্ৰেষ্ঠাৰ কথাই হয়তো উদয়নক সকলো ফালৰ পৰা ভাঙি পেলাইছিল।তাইৰ ঘৰৰ পৰা যি সি ওলাই আহিছিল আৰু ওভতি নগ'ল।হাইৱেত চুপাৰৰ খুন্দাত ভাঙি গ'ল তাৰ মৰমৰ গাড়ীখন আৰু তাৰ ভিতৰত নিথৰ হৈ পৰি ৰ'ল শ্ৰেষ্ঠাৰ মৰমৰ উদয়ন।তাইক নাপালে মৃত্যুক সাৱটি লম বুলি কোৱা উদয়ন পঞ্চভূতত বিলীন হ'ল আৰু শ্ৰেষ্ঠা ,আজি উদয়ন নোহোৱা দহ দিনৰ পিছতো তাই জীয়াই আছে সুশৰীৰে।ৰুমটোৰ ভিতৰত নিজকে আৱদ্ধ কৰি তাই প্ৰতিদিনে মৃত্যুক আকোঁৱালি ল'ব বিচাৰে।কিন্তু নোৱাৰে দেউতাকৰ মুখখন ভাহি আহে তাইৰ সন্মুখত।আজিও নোৱাৰিলে তাই।মৃত্যুক সাবটি জীৱনটো শেষ কৰি দিব।নোৱাৰে তাই, দায়িত্ব আছে ঘৰখনৰ প্ৰতি ,উদয়নৰ পূৰণ নোহোৱা সপোনবোৰৰ প্ৰতি,উদয়নৰ ছবি হৃদয়ত আঁকি লোৱা তাইজনীৰ প্ৰতি।জীৱনৰ কঠিন যাত্ৰাত তাই গাই যাব উদয়নৰ প্ৰিয় সঙ্গীতৰ  কলাৱ।জীৱন হয়তো আজি তাইৰ প্ৰিয় থকা, নথকা আপোনজনৰ বাবে।উদয়নৰ প্ৰিয় গীতটি গুণগুণালে তাই

               এ জিন্দেগী গলে লগা লে,

            হমনে ভি তেৰে হৰ এক গম কো

                গলে সে লগায়া হে,হেনা?

সমাপ্ত

Friday, July 3, 2020

প্ৰেমৰ ৰাগি

 প্ৰেমৰ ৰাগি

     কুৰুকি কুৰুকি মই তাৰ বুকুৰ ভিতৰলৈ সোমাই গৈছিলোঁ।প্ৰেম নামৰ দুটি বৰ্ণৰ লগত যেন মোৰ পুনৰ বাৰ সম্বন্ধ ঘটিছিল।শেষ হৈ যাব খোজা মনৰ হেঁপাহবোৰ,আশাবোৰ সি মোৰ হৃদয়ত আকৌ জগাই তুলিছিল।সপোন দেখিবলৈ ভয় কৰা মইজনীক সি আকৌ সপোন দেখিবলৈ শিকাইছিল।মই জনীক মই কৰি জীয়াই তুলিছিল।বন্ধ কৰি থোৱা হৃদয়ৰ খিৰিকীখন সি নিজে খুলি সোমাই আহিছিল ।প্ৰৱেশ নিষিদ্ধ বুলি জানিও সি তাৰ প্ৰৱেশৰ পথ মুকলি কৰি লৈছিল।
            তিনিবছৰ প্ৰেম সাগৰত উটি ভাহি মই তেতিয়া উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ।মা দেউতাৰ মৰমৰ পৰা আঁতৰি কষ্ট হৈছিল যদিও বেছি কষ্ট দিছিল বৰ্ণভৰ ব্যৱহাৰে।মই পঢ়ি অহা কলেজখনত সি তেতিয়া নতুনকৈ জইন কৰিছিল।ভাবিছিলোঁ ময়ো মাষ্টাৰ ডিগ্ৰী কৰি একেখন কলেজতে সোমাৱ পাৰিলে কিমান যে ভাল হ'ব।সপোনৰ পিছত দৌৰি দৌৰি যেতিয়া মোৰ এডমিছন হৈ গৈছিল খবৰটো মই প্ৰথম তাকেই দিছিলোঁ।কিন্তু মই ভবামতে সি সুখী হোৱা নাছিল।'হয়নেকি' বুলি কৈ এক নিৰুৎসাহজনক মন্তব্য দি সি ফোনটো কাটি দিছিল।ব্যস্ততাৰ মাজত ময়ো কথাবোৰ সেইকেইদিন গুৰুত্ব দিয়া নাছিলোঁ।লাহে লাহে মন কৰিলোঁ তাৰ যেন ফোন অহাটো, মোৰ প্ৰতি গুৰুত্ববোৰ কমি গ'ল।বিশ্ববিদ্যালয়লৈ অহাৰ আগতো তাৰ লগ ধৰিবলৈ সময় নোহোৱা হ'ল।আগতে যিটো ল'ৰাই মোক লগ ধৰিবৰ বাবে নানা পৰিকল্পনা কৰে এতিয়া মোৰ বাবে তাৰ সময়ৰ অভাৱ হ'ল।ব্যস্ততাৰ ফাঁকি দিয়া হ'ল।মই বুৰ্বকজনীয়েও কথাবোৰ ধৰিব নোৱাৰি হয় বুলি বিশ্বাস কৰি লোৱা হ'লো।দিনটোৰ প্ৰতিটো বেলাতে ফোন কৰা ল'ৰাটোৰ আজিকালি সপ্তাহটো ফোন কৰিবলৈ সময় নোহোৱা হ'ল।তেনেকৈয়ে নতুন ঠাইৰ নতুন মানুহবোৰৰ মাজত মই মিলি গ'লো।
              সি ফোন নকৰিলেও ময়েই কৰো মাজে মাজে।কেতিয়াবা ধৰে ,কেতিয়াবা নধৰে।ভুল মোৰ ক'ত হ'ল মই একো ধৰিব নোৱাৰিলোঁ।সুধিলেও একো নকয়।লগৰকেইজনীৰ লগতো কথাবোৰ লাহে লাহে শ্বেয়াৰ কৰোঁ, ভিন্নজনীৰ ভিন্ন মত।তথাপিও ধৈৰ্য্য ধৰিলোঁ।যি সময়ত মোক তাৰ বেছি প্ৰয়োজন হৈছিল সেই সময়তে সি মোৰ সঙ্গ ত্যাগ কৰিছিল।ৰাতি ৰাতি চিনিয়ৰৰ পৰা লুকুৱাই গাৰুত মুখখন গুজি মই বহু ৰাতি উচুপিছিলো।কোনেও নুবুজে,কাকো বুজাব নোৱাৰো সেই দুখৰ অনুভৱ।অপেক্ষা কৰিছিলোঁ মাথোঁ ভাল দিনবোৰ ঘূৰি আহিব বুলি।বিশ্ববিদ্যালয়ৰ নতুন নিয়ম,নতুন নতুন বন্ধু বান্ধৱীৰ মাজতো মোৰ মনটোৱে বাৰে বাৰে তাকে বিচাৰিছিল।
            সময় পাখি লগা কাঁড়ৰ দৰে।এদিন বন্ধত ঘৰলৈ যাওঁতে দেখিছিলোঁ বৰ্ণভৰ ঘৰত পেণ্ডেল দিয়া আছে।ৰিক্সাৱালাজনকে মনৰ খুদুৱনি মাৰিবলৈ সুধিলোঁ
* এওঁলোকৰ ঘৰত কিবা পাতিছে হ'বলা।
* হয় বাইদেউ, কলেজত যে কৰে ছাৰজনৰ বিয়া।
           ধৈৰ্য ধৰি আকৌ সুধিলোঁ
* কাৰ লগত জানেনে?
* নাজানোঁ বাইদেউ।
         ৰিক্সাখনৰ পৰা যেনেতেনে নামি ঘৰ সোমালো।মনত গুজৰি গুমৰি  থকা ধুমুহাজাকৰ মাহঁতক খবৰ নিদিয়াকৈয়ে গাটো বেয়া লাগিছে শুই লওঁ বুলি ৰুমত সোমাই দৰ্জাৰ খিলিটো মাৰি বহু সময় কান্দিলো।কন্দাৰ মাজতে মাজে মাজে বৰ্ণভলৈ ফোন লগাও নধৰে।বহু বাৰ ফোন লগোৱাৰ পিছত এবাৰত সি ৰিচিভ কৰিলে।
* হেল্ল' ইমান ফোন মাৰি আছা যে,এবাৰত নধৰিলে জানিব লাগে মই বিজি আছো বুলি।
         কথাষাৰে মোৰ হৃদয়ৰ জ্বলি থকা জুইকুৰা আৰু দপদপকৈ জ্বলাই তুলিলে।তথাপিও শেষ আশা ত্যাগ নকৰি ধৈৰ্য ধৰি সুধিলোঁ
* কিহত বিজি আছিলা?
* কলেজৰ কামত।
* কলেজ ৰাতি আঠটাতো হয় নেকি?
* নহয়,কাইলৈৰ ক্লাছৰ প্ৰিপেয়াৰ কৰি আছিলোঁ।
* কিন্তু কাইলৈটো কলেজ বন্ধ।ক্লাছৰ প্ৰিপেয়াৰ নে বিয়াৰ?
          প্ৰশ্নটোত সিও আচৰিত হ'ল।
*তুমি কেনেকৈ জানিলা?
* কিছুমান কথা কেতিয়াও লুকাই নাথাকে।এতিয়া মাথোঁ এটা প্ৰশ্নৰে মোক উত্তৰ দিয়া মোৰ কি ভুল আছিল।
* তোমাৰ এইটোৱেই ভুল আছিল যে তুমি মোক নোসোধাকে মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ গৈছিলা,মইটো কেতিয়াও বিচৰা নাছিলোঁ মোৰ ৱাইফে হায়াৰ ষ্টাডি কৰক।মোতকৈ সদায় মোৰ ৱাইফ তলতেই থাকিব লাগিব।তুমি মোতকৈ ওপৰলৈ যাবলৈ চেষ্টা কৰিলা সেয়ে আজি তোমাৰ এই দশা।লাও সদায় পাতৰ তলতেই থাকে।
            কথাখিনি কৈয়েই সি ফোনটো কাটি দিলে।দুখটোৱে এইবাৰ বেলেগ ফালে গতি লৈছিল।মনলৈ আহিছিল মই যদি ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ লৈয়ো মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ নগলোহেঁতেন তেতিয়া মানে মই মোৰ প্ৰিয় মানুহজনৰ লগতেই হয়টো দুদিন পিছত বিয়াত বহিলো হয়।নিজৰ ওপৰতেই এইবাৰ ধিক্কাৰ জন্মিল।ইস,ভালপোৱা মানুহজনৰ মনৰ কথাটোও জানিবলৈ মই অলপো চেষ্টা নকৰিলো,আকৌ অলপ পিছতে সি কৈ যোৱা 'লাও সদায় পাতৰ তলত 'কথাষাৰে মোক শেলে বিন্ধাইদি বিন্ধিলে।'মোৰ যেন স্বাভিমানী,স্বাধীনতাপ্ৰিয় মনটোৱে কথাষাৰ হজম কৰিব পৰা নাই।বৰ্ণভৰ নাম্বাৰটো দিলীত কৰি দিলোঁ।নালাগে মোক এনেকুৱা পুৰুষ যি নাৰীৰ বাবে এনে চিন্তা, এনে মানসিকতা ৰাখে।
           গুচি আহিলোঁ আকৌ বিশ্ববিদ্যালয়খনলৈ, ঘৰত মনটো স্থিৰ কৰিব নোৱাৰিলোঁ ,ভাবিছিলোঁ হোষ্টেলৰ লগৰকেইজনী পালে মনটো ভাল লাগিব, পিছে নাই বৰ্ণভৰ শেষৰ কথাকেইষাৰ তেতিয়াও মোৰ কাণত বাজি থাকিল।ল'ৰাবোৰক চকু পাৰি দেখিব নোৱাৰা হ'লো।বন্ধু হিচাপে বেলেগ কথা,প্ৰেমৰ প্ৰস্তাৱ দিয়াকেইটাৰ প্ৰতি কিবা এক ঘৃণাৰে মনটো ভৰি পৰিল।বিশ্ববিদ্যালয়ৰ প্ৰথম ক্লাছৰ দিনাই চিনাকি হোৱা কাব্য এতিয়া সেই ঘৃণাৰ পাত্ৰ হৈ পৰিল মোৰ চকুত।বৰ্ণভৰ পৰা পাই থকা ৰুক্ষতাৰ মাজতেই সি মোক এদিন প্ৰেমৰ প্ৰস্তাৱ দিছিল।মই হাঁহি হাঁহি কৈছিলোঁ 'মোৰ বয়ফ্ৰেণ্ড আছে'। 'হয়নেকি' বুলি সি আঁতৰি গৈছিল।কিন্তু সদায় মোৰ আশে পাশেই সি আছিল।বিশ্ববিদ্যালয়ৰ অলিয়ে গলিয়ে এতিয়া তাক লগ পাওঁ, ক্লাছ ৰুমত মই নহালৈকে সি নোসোমাই,ব্ৰেক টাইমত চাহ খাবলৈ মই নগ'লে সি নাযায়, মোৰ ব্ৰেকআপ হোৱাৰ খবৰ সি পাইছে।কিন্তু এতিয়া মই বেছি ৰুক্ষ ,মোৰ ব্ৰেকআপৰ খবৰ পাই কোনেও যাতে মোক পুতৌৰ চকুৰে নাচায় সেই লৈ মই নিজকে সদায় আনৰ আগত হাঁহি মাতি ৰাংঢালি হৈ থকাৰ চেষ্টা কৰিলোঁ।
           মই ক্লাছলৈ নহাৰ দিনা কাব্যই খবৰ লয় আজি মই কিয় ক্লাছলৈ নগ'লো।সেইদিনা দিয়া ন'টছবোৰ সি মোলৈ বুলি লিখি ৰাখে,মোৰ সাধাৰণ জ্বৰ কাঁহ হ'লে খবৰ লয়।লাহে লাহে ভাল লাগে তাক মোৰ।যিখিনি আদৰ,যিখিনি মৰম মই বৰ্ণভৰ পৰা বিচাৰিছিলোঁ সেইখিনি আদৰ,মৰম মই কাব্যৰ পৰা পাইছিলোঁ।লাহে লাহে তাক মই সকলো কথা খুলি ক'ব পৰা হ'লো।বৰ্ণভৰ পৰা লাভ কৰা সম্পৰ্কৰ তিক্ততা এতিয়া কাব্যৰ মাজত মিঠা সুবাস বিচাৰি পোৱা হ'লো।কিন্তু হৃদয়ে গ্ৰহণ কৰিলেও বিবেকে আকৌ মনত পেলাই দিয়ে 'লাও সদায় পাতৰ তলত'।বৰ্ণভৰ কথা তাক খুলি ক'ব পৰা হ'লো।মোক কেতিয়া কি বস্তু দৰকাৰ হ'ব তাৰ সি হিচাপ ৰখা হ'ল।কিন্তু সি কোনো দিনে মোক আকৌ সেইষাৰ কথা নুসুধা হ'ল।কিন্তু মই বিচাৰিছিলোঁ এতিয়া মনেপ্ৰাণে সি মোক আকৌ সেইষাৰ কথা কওঁক।
          বিশ্ববিদ্যালয়ত এতিয়া কাব্য আৰু সীমান্তিকাক চিনি নোপোৱা মানুহ নাই।সকলোৰে মুখত আমাৰ নাম,কিন্তু প্ৰকৃততে আমিয়েই নাজানোঁ আমাৰ সম্পৰ্কৰ নাম কি? বিশ্ববিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠান আমি একেলগে উপভোগ কৰো।মই নগ'লে সি নাহে,সি নাহিলে মই নাযাওঁ।প্ৰকৃততে ,অকলে চোৱাত সেই মাদকতা নাই যিটো আমি ইজনে সিজনৰ সঙ্গত অনুভৱ কৰোঁ।আমি দুয়োটাই ইটোৱে সিটোক 'তই ' বুলিয়েই সম্বোধন কৰা হ'লো।মানুহে সেয়ে বুজিবলৈ টান পায় আমাৰ সম্পৰ্কৰ নামটো। মই নাটক কৰি ভালপোৱা ছোৱালী, সৰুৰেপৰাই কৰিছিলো, বৰ্ণভৰ লগতো প্ৰেম মোৰ সেই নাটকৰ যোগেদিয়েই হৈছিল।বিশ্ববিদ্যালয়তো মই নাটক কৰাৰ সুবিধা লাভ কৰিছিলোঁ।কিন্তু বৰ্ণভে নাটক কৰোঁতে মোৰ আশে পাশে থকাৰ দৰে কাব্য মোৰ ওচৰত নাছিল।কিন্তু নাটক চাবলৈ সি আহিছিল আৰু মোৰ অভিনয়ৰ প্ৰশংসা কৰিছিল।ভাল লাগিছিল মোৰ,তাৰ এষাৰি প্ৰশংসাৰ কথাই মোক আৰু উৎসাহিত কৰি তুলিছিল।
উজাগৰী নিশা সি মোক শুনাই তাৰ অৰ্গেনত বিভিন্ন গানৰ সুৰ।মই ব্যাকুল হৈ পৰোঁ তাক যেন এতিয়াই কম 'মই তোক ভালপাওঁ কাব্য'।কিন্তু ক'ব নোৱাৰো,লজ্জা নামৰ আৱৰণটোৱে মোক ঢাকি ধৰে।তাৰোপৰি মই এতিয়া চিন্তা কৰোঁ সি বা  এতিয়া মোৰ কথা কি বুলি ভাবে।মনৰ আবেগবোৰ মনতেই ৰাখি আগবাঢ়ো আকৌ।মই নাজানোঁ এতিয়া আমাৰ সম্পৰ্কটো কি,তাক সুধিবলৈও লাজ লাগে, কিন্তু সি মোৰ ছাঁৰ দৰে ঘূৰি ফুৰে।পৰীক্ষাৰ আগত পঢ়া কমপ্লিট নহ'লে সি মোক বুজাই দিয়ে,নিজৰ পঢ়া এৰিও সি মোৰ লগত লাগি থাকে।এনেদৰেই ইটোৱে সিটোৰ লগত চুম্বকৰ দৰে লাগি লাগি আমাৰ বিশ্ববিদ্যালয়ৰ দুবছৰৰ অন্ত পৰে।
          বিশ্ববিদ্যালয় শেষ হোৱাৰ পিছত দেউতাই বিয়াৰ কথা উলিয়াই।আৰু পঢ়িব নালাগে ঘৰলৈকে আহ বুলি মাতি পঠাই।মই কি কৰোঁ কি নকৰোঁ সিদ্ধান্ত ল'ব নোৱাৰা হ'লো।দেউতাকো ক'ব নোৱাৰা হ'লো নাযাওঁ বুলি।অৱশেষত দেউতাৰ কথা মানি মই তালি টোপোলা বান্ধি ঘৰলৈ গুচি আহিলোঁ।কাব্য তাতে ৰৈ গ'ল।JRF ক্লিয়েৰ কৰিলে সি,পি.এইচ. ডিৰ বাবে সি প্ৰস্তুতি চলাইছে।বিশ্ববিদ্যালয় এৰি অহাৰ আগদিনা মই তাক সাবটি ধৰিছিলো অজানিতে।মই মনে প্ৰাণে বিচাৰিছিলোঁ সি কওঁক 'তই ৰৈ যা সীমা 'বুলি,মই শুনিব বিচাৰিছিলোঁ সি মোক কওঁক,মই তোক ভালপাওঁ ,তই মোক এৰি নাযাবি।কিন্তু সি নক'লে।হয়তো সি কোৱা হ'লে মই সাহস পালোঁ হয়,মই ৰৈ গ'লো হয় তাতে।কান্দি কাটি ঘৰলৈ আহিলোঁ।ভাবি ল'লো সি মোক অতদিনে বন্ধু বুলিয়েই ভাবিছিল ছাগে।মইহে ভুল ভাবিছিলো।
          ঘৰলৈ আহি ওচৰৰে নতুনকৈ খোলা কলেজ এখনত সোমালোঁ।কাব্যৰ লগত ফোনত কথা বতৰা চলি থাকিল।চেমিনাৰ, ISBN আলোচনী এইবোৰত ভাগ ল'বলৈ,প্ৰকাশ কৰিবলৈ সি মোক খবৰ দিয়া হ'ল।তেতিয়াও বিভিন্ন ক্ষেত্ৰত দূৰে দৰে থাকিও সহায় কৰা হ'ল ।চেমিনাৰবিলাকত তাক লগ পোৱা হ'লো।তাক লগ পোৱাৰ হাবিয়সতে মই চেমিনাৰবিলাকত ভাগ লোৱা হ'লো।প্ৰত্যেকবাৰেই মই সাজি কাচি যোৱা হ'লো,মনত এটাই আশা পুহি ৰাখো সি মোক আকৌ প্ৰপজ কৰিব।কেতিয়াবা ভাবোঁ ময়েই কৈ দিওঁ নেকি, কিন্তু ৰৈ যাওঁ, নোৱাৰোঁ ক'ব।
দুই এক বিয়াৰ বাবে ল'ৰাৰ খবৰো অহা হ'ল।মই বিভিন্ন উজুহাত দেখুৱাই কথাবোৰ নাকচ কৰিলোঁ।কাব্যক কওঁ কথাবোৰ 'হয় নেকি' বুলি কোৱাৰ বাহিৰে সি একো নকয়।বিয়া হ বুলিও নকয়,নহ'বি বুলিও নকয়।
           কাব্যৰ ৰিচাৰ্চৰ কাম আৰম্ভ হৈছিল।তাৰ উৎসাহতে ময়ো পিছৰ বছৰ এন্ত্ৰেন্স দিলোঁ, পাছো কৰিলোঁ।আকৌ ছমাহৰ ক'ৰ্চ ৱৰ্কৰ বাবে মই বিশ্ববিদ্যালয় পালোগৈ ,সেই ছমাহ মই আকৌ তাৰ সঙ্গ উপভোগ কৰিলোঁ, আকৌ সেইদিন ওভতি আহিলে।বহু কলেজত কাব্যই ইন্টাৰভিউ দিছে,কিন্তু এতিয়ালৈকে পোৱা নাই।ময়ো ছমাহীয়া কৰ্চটো কমপ্লিট কৰি ৰিচাৰ্চৰ কাম আৰম্ভ কৰিলোঁ। মাজে মাজে হতাশ হওঁ, সি মোক উৎসাহ দিয়ে।গাইডৰ গালি খাই নকৰোঁ বুলি গুচি আহিব খুজো সি আকৌ প্ৰেৰণা দিয়ে,মোৰ খং,কান্দোনক তাৰ মৰমৰ এষাৰে গলাই দিয়ে।উৎসাহ পাই আকৌ ৰৈ যাওঁ।এনেদৰেই পাৰ হয় সময়।
         মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ তিনি বছৰমান পিছত কাব্যই কলেজ এখনত চাকৰি পায়।সুখী সি।তাৰ সুখত মই।খবৰটো দিবলৈ সি মোৰ ওচৰলৈ দৌৰি আহে।মই তেতিয়া বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত।ফুটপাথত বিক্ৰী কৰি থকা আলোচনী কিনাত মই ব্যস্ত।
* সীমা ,মই চাকৰিটো পালোঁ।
       কৈয়েই সি মোক ডাঙি ঘূৰাই দিলে।লাজ লাগিল মোৰ ,সকলোৰে চকু তেতিয়া আমাৰ দুটাৰ ওপৰত।হোৱাৰে কথা কোনেনো ৰাস্তাত এনে দৃশ্য উপভোগ কৰিবলৈ পায় স্বচক্ষুৰে।
* হ'ব দে মোক আগতে নমাচোন।
       নমাই দিলে মোক সি।মই আশে পাশে মানুহবোৰলৈ চাওঁ।ভালেই লাগিছেনে লাজেই লাগিছে মই থিক ধৰিব পৰা নাই।
* তোক মই বহুত ভালপাওঁ সীমা,তই যদি ভাব মোৰ কথা তেন্তে মই তোক বিয়া কৰাব খোজোঁ।হ'বিনে ক।
* অতদিনে এইষাৰ কথা শুনিবলৈয়েইটো মই ৰৈ আছিলোঁ।কিয় কোৱা নাছিলি?
* অতদিনে তোক বিয়া পাতিব পৰাকৈ মোৰ এই চাকৰিটো নাছিল যে।
          সেইসময়ত কোনে চাইছে কোনে নাইচোৱা মোৰ ভাবিবলৈ সময় নাই।তাক মই আকোঁৱালি ল'লো।
* I love you kabya,I love you very much
*I love you too dear.
            সেই দিনটোৰ সেই সুখকণ মই আজিলৈকে ধৰি ৰাখিছোঁ, ধৰি ৰাখিবলৈ কাব্যই মোক সুবিধা কৰি দিছে।মোৰ সপোনবোৰত সি পাখি লগাই দিছে,মোৰ ভালপোৱাবোৰক ধৰি ৰাখিবলৈ মোৰ হৃদয়খন সি নভঙাকৈ ধৰি ৰাখিছে,স্বাধীনচিতীয়া মইজনীক চিলাৰ দৰে উৰিবলৈ সি শিকাইছে আৰু মইজনীক মই কৰি সি পৰম প্ৰত্যয়ৰে আৱৰি ৰাখিছে।বিয়া হৈ যোৱাৰ পিছতো সি মোক মোৰ মতে জীয়াই থাকিবলৈ দিছে।বৰ্ণভৰ লাও সদায় পাতৰ তলত কথাষাৰ মোক আজিকালি কাব্যই নতুনকৈ  দৃষ্টিপাত কৰিবলৈ শিকাইছে ,যি দৰে  লাও গছ পাত অবিহনে অসম্পূৰ্ণ সেইদৰে গছজোপাৰো মূল্য লাওটোতহে।দুয়োটাৰে স্থান নিজৰ নিজৰ।এটাক এৰি আনটো অসম্পূৰ্ণ।কাব্যৰ বুকুৰ মাজত সীমান্তিকা আজি সোমাই পৰিছে মৰমৰ গভীৰতাৰে।ৰাগি লাগিছে তাইৰ প্ৰেমৰ ৰাগি।
সমাপ্ত
         
           

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...