আৰব্ধ
আলোকৰ
ট্ৰেন্সফাৰে
সকলোকে
চিন্তাত
পেলালে।কোনোদিনে
নোযোৱা
ঠাই,
কোন
সম্পৰ্কীয়
মানুহো
নাই,
কি
হ'ব।তথাপিও
আলোকৰ
সাহসতে
পৰিয়ালৰ
সকলোৱে
আহি
সিহঁতক
তাত
থৈ
গ'লহি।সৰু
ঠাই।আকালো
নাই,
ভঁৰালো
নাই।বিভিন্ন
জাতি-জনজাতিৰ
লোকেৰে
ঠাইখন
সাতভনীৰ
দৰে।বড়ো,ৰাভা,মিচিং,
বঙালী,
নেপালী
আদিবাসী
সকলো
লোকেৰে
ভৰা
ঠাইখনত
প্ৰথম
প্ৰথম
স্বাতীৰ
আখজা
লাগিছিল।কিন্তু
সময়ৰ
লগে
লগে
সকলো
স্বাভাৱিক
হ'ল।লাহে
লাহে
নিজে
বজাৰ
কৰিবলৈ
যাবলৈ
সাহস
কৰিবপৰা
হ'ল।নিজৰ
প্ৰয়োজনীয়
বস্তু
কেইটা
নিজে
কিনিব
পৰা
হ'ল।বজাৰলৈ
গৈয়ে
তাই
প্ৰথম
প্ৰথম
এটা
কথা
শিকিছিল
যে
সেই
ঠাইৰ
মানুহে
অসমীয়া
ক'ব
নাজানে।বড়োসকলে
নিজৰ
মানুহখিনিৰ
লগত
বড়োত,ৰাভাসকলে
ৰাভাত,নেপালীসকলে
নেপালীত
কথা
পাতে,
বাকী
মানুহ
খিনিৰ
লগত
হিন্দীত
কথা
পাতে।স্বাতী
আচৰিত
হৈছিল।একেখন
অসমতে
থাকি
অসমীয়াত
দুই
একে
কথা
পতাৰ
বাদে
বাকীখিনিয়ে
নাপাতে।নাজানে
নে
ক'ব
নিবিচাৰে
তাই
বুজি
নাপায়।এবাৰ
তাই
এজন
দৰ্জীৰ
ওচৰলৈ
কাপোৰ
চিলাবলৈ
গৈছিল।দৰ্জীজন
আমাৰ
থলুৱা
লোকেই
আছিল।সোমোৱাৰ
লগে
লগে
মানুহজনে
মাত
লগালে----"আইয়ে
বেহেনজী
ক্যা
চিলৱানা
হেই"?
স্বাতীয়েও
হিন্দীতেই
সকলোখিনি
বুজাই
ঘৰমুৱা
হ'ল।
দুদিনমান
পিছত
তাই
আলোকৰ
লগত
বজাৰলৈ
যাওঁতে
কাপোৰযোৰ
আনিবলৈ
দৰ্জীজনৰ
ওচৰত
সোমাল।দেখিয়েই
তেওঁৰ
একেই
সম্ভাষণ-"আইয়ে
বেহেনজী
ক্যা
চিলৱানা
হেই"?
এইবাৰ
আলোকে
মাত
লগালে
-একো
চিলাবলৈ
নাই
নিবলৈহে
আহিছোঁ।"এইবাৰ
দৰ্জীজনে
অসমীয়াতে
উত্তৰ
দিলে।কিন্তু
যেতিয়াই
সুবিধা
পাই
তেতিয়াই
হিন্দী
ক'বলৈ
নাপাহৰিলে
আৰু
আলোকেও
তাৰ
উত্তৰ
অসমীয়াত
দিবলৈ
নাপাহৰিলে।
এনেদৰেই
সময়
পাৰ
হ'ল।স্বাতীয়েও
স্থানীয়
স্কুল
এখনতে
সোমাই
ল'লে।ভাল
লাগে
কণ
কণ
ল'ৰা-ছোৱালী
খিনিৰ
মাজত
তাইৰ
সময়
অতিবাহিত
কৰি।কিন্তু
লাহে
লাহে
তাই
বুজি
উঠিলে
যে
ইয়াৰ
ল'ৰা-ছোৱালীবোৰে
দুই
একৰ
বাহিৰে
নিজৰ
মাতৃভাষাটোক
অংক,বিজ্ঞানৰ
দৰে
ভয়
কৰে।নাজানে
ক'ত
কি
হয়।অসমীয়া
পঢ়িবও
নাজানে,
লিখিবও
নাজানে
।এবাৰ
তাই
এটা
শ্ৰেণীত
সুধিলে
-শংকৰদেৱ
কোন
হয়
? উত্তৰ
আহিল-"শংকৰদেৱ
অসমীয়াৰ
ভগৱান।"কি
এক
নতুন
পৰিভাষা।কাতি
বিহুত
আমি
কি
কৰোঁ?
উত্তৰ-"কাতি
বিহুত
আমি
খেতে
গৈ
দিয়া
জলাও।"
শ্ৰেণীত
যদি
তাই
পঢ়াওতে
কয়,আমি
অসমীয়া।উত্তৰ
আহে
,নহয়
বাইদেউ
আমি
বড়ো,আমি
ৰাভা,
আমি
বঙালী,
আমি
নেপালী।উসঃ
ক'ত
যায়
তাই,
কেনেকৈ
বুজাই
আমি
সকলো
মিলিয়েই
যে
অসমীয়া।আনকি
হায়াৰছেকেণ্ডেৰী
পঢ়া
ল'ৰা
-ছোৱালীকেইটাৰ
মুখতো
একেই
কথা।কেৱল
যে
তেওঁলোকে
অসমীয়া
নাজানে
এইটোও
নহয়
,কোনো
কোনোৱে
নিজৰ
নিজৰ
মাতৃভাষা
বড়ো,ৰাভাটোও
নাজানে।কোনো
কোনোৱে
অসমীয়া
ক'ব
পাৰে
কিন্তু
পঢ়িব,লিখিব
নোৱাৰে।স্বাতীয়ে
বুজি
উঠিছে
যে
এইয়া
সেই
ল'ৰা-ছোৱালী
কেইটাৰ
ভুল
নহয়।সেই
ঠাইখনৰ
মানুহখিনিয়ে
নিজকে
আধুনিক
সজাবলৈ
গৈ
বা
অসমীয়া
ক'লে
লাজ
পোৱাৰ
ভয়ত
ব্যৱহাৰ
নকৰোতে
নকৰোতে
ল'ৰা-ছোৱালী
খিনিৰ
এই
অৱস্থা।
স্বাতীয়ে
প্ৰথম
সিহঁতক
বুজায়
অসম
কি,অসমীয়া
কোন?বুজে
সিহঁতে।উচ্চ
শ্ৰেণীটো
তাই
মাজে
মাজে
আৰম্ভ
কৰে
স্বৰবৰ্ণ,ব্যঞ্জনবৰ্ণৰ
অনুশীলন।শ্ৰেণীত
সোমালে
আজিকালি
সিহঁতে
Good morning Ma'am
বুলি
নকয়,সিহঁতে
সম্ভাষণ
জনায়
সু
প্ৰভাতেৰে,আবেলি
হ'লে
শুভ
আবেলি
বুলি।শ্ৰেণীত
আজিকালি
সিহঁতে
হিন্দী
বা
বেলেগ
ভাষাত
স্বাতীক
উত্তৰ
নিদিয়ে,
চেষ্টা
কৰে
সম্পূৰ্ণ
অসমীয়াত
ক'বলৈ।স্বাতীয়েও
বুজে
সিহঁতৰ
অৱস্থাটো।য'ত
পাৰে
তাই
অনাৱশ্যক
পাঠ
বাদ
দিয়ে।পঢ়ালেও
কিছুমান
পাঠ
পৰীক্ষাত
অন্তৰ্গত
নকৰে।লাহে
লাহে
ভাল
পাই
সিহঁতে
অসমীয়া
বিষয়টো।স্বাতী
কেতিয়াবা
স্কুললৈ
নগ'লে
সিহঁতে
বেয়া
পাই।তাইৰ
ঠাইত
বেলেগ
শিক্ষকে
পঢ়ালে
সিহঁতৰ
ভাল
নালাগে।কাৰণ
বেলেগ
বিষয়
সিহঁতে
ইংৰাজী
বা
হিন্দীত
শিকে।কেৱল
অসমীয়া
বিষয়টোহে
সিহঁতে
অসমীয়াত
পঢ়িব
পাৰে
বা
শিকিব
পাৰে।স্বদেশ
-প্ৰেম
কবিতাৰে
স্বাতীয়ে
বুজাই
নিজৰ
মাতৃভূমিক
ভাল
পোৱাৰ
কথা,
নিজকে
অসমীয়া
বুলি
গৰ্ব
কৰাৰ
কথা।"জন
গন
মন
অধিনায়ক
জয়
হে"ৰ
লগতে
সিহঁতে
শিকিছে
বুকুত
হাত
থৈ
"অ'মোৰ
আপোনাৰ
দেশ
"গাবলৈ।স্বাতীয়ে
মাজে
মাজে
শ্ৰেণীত
শুনাই
লক্ষ্মীনাথ
বেজবৰুৱাৰ
বুঢ়ী
আইৰ
সাধুৰ
এটি,
দুটি
সাধু,শুনিবলৈ
কয়
ভূপেন
হাজৰিকাৰ
গীতসমূহ।আজিকালি
স্বাতীয়ে
ক'ব
নালাগে,সিহঁতে
নিজেই
কয়
"আমি
অসমীয়া
নহওঁ
দুখীয়া।"
সুন্দৰ লিখনি!
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল দেই।।।
ReplyDeleteধন্যবাদ
DeleteEmn dhunia k likhise val lgl
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ উপস্থাপন... সাৱলীল প্ৰকাশভংগী...মন চুই গ'ল.... আগলৈ আৰু লিখনি পঢ়াৰ আশাৰে...
ReplyDeleteধন্যবাদ
Deleteসুন্দৰ হৈছে👌👌
ReplyDeleteধন্যবাদ
DeleteDhuniya likhisa ... Aaru likha...
ReplyDeleteধন্যবাদ দেই
Delete