Back Bencher
নিজৰ ঠাইখন পোৱাৰ লগে লগে স্বাতী সদায়েই আপোন পাহৰা হৈ পৰে।এই যে চিনাকি চিনাকি লগা সুবাস এটা ,আসঃ মতলীয়া হৈ পৰে তাই।আলোকে গাড়ীখন ৰখায়েই হোটেল খনত সোমালগৈ।স্বাতীয়ে গাড়ীখনৰ পৰা নামি তাইৰ চিনাকি ঠাইখন চাইছে কিজানি কোনোবা চিনাকি মুখ দেখেই।নাই কোনো নাই।অলপ আগুৱাই গৈ তাই দেখা পালে একালৰ তাই কৰা মহাবিদ্যালয় খনৰ তাই পঢ়োৱা অত্যন্ত চোকা সকলোৰে মৰমৰ ছাত্ৰ বিমানক।এক মিনিটৰ ভিতৰতে তাইৰ মনলৈ আহিল কলেজত কৰি থকা সময়ৰ সিহঁতৰ হাঁহি ধেমালিবোৰ।বিশ্ববিদ্যালয়ৰপৰা বিভিন্ন সময়ত সহায় বিচাৰি কৰা ফোনবোৰলৈ। Facebookৰ জৰিয়তে তাই গম পাইছে যে সিও এতিয়া এখন ভাল মহাবিদ্যালয়ৰ অধ্যাপক।তাই দুগুণ উৎসাহেৰে আগুৱাই গ'ল।কিন্তু এইয়া কি সিচোন তাইক দেখিও তাৰ দামী Royal Enfieldখন চলাই গুচি গ'ল।
স্বাতীৰ সৰ্ব শৰীৰ যেন চুম্বকলৈ ৰূপান্তৰিত হ'ল।না তাই আগলৈ যাব পাৰিছে না তাই পিছুৱাব পাৰিছে।
"Ma'am কি হ'ল আপোনাৰ ?এনেকৈ ৰৈ আছে যে?"ল'ৰা এটাৰ মাততহে স্বাতীয়ে সম্বিত ঘূৰাই পালে।
অ' নাই এনেই ,চাইছো ঠাইখন কিমান সলনি হ'ল।
"ভালনে আপোনাৰ?অকলে আহিছে?"
নাই নাই গৃহস্থ আৰু ল'ৰাটোও আছে। স্বাতীয়ে কথা পাতিছে যদিও মনত পেলাব পৰা নাই ল'ৰাটো কোন আছিল। মোৰ ভালেই তোমাৰ কোৱা।কি কৰি আছা?স্বাতীয়ে কথাৰ মাজতে মনত পেলাবলৈ চেষ্টা কৰিছে ল'ৰাটো কোন আছিল।নাই নপৰে মনত ।এটা কথা তাই বুজিছে যে এইজনো তাই পঢ়োৱা কোনোবা ছাত্ৰই হ'ব।
মোৰ ভালেই ,ইয়াতে সৰু ষ্টেচনাৰী দোকান এখন দিছোঁ।
অ' ভালেই কৰিছা দিয়া।পিছে বিয়া-বাৰু পাতিলানে নাই?
ল'ৰাটোৱে লাজতে কোচমোচ খাই ক'লে-এস নাই বাইদেউ।
স্বাতীৰো লাজ লাগিল কি খন যে সুধি আছোঁ।
আহক বাইদেউ মোৰ দোকানলৈ।স্বাতীয়েও না কৰিব নোৱাৰিলে।ইমান আন্তৰিকতাৰে মাতিছে সি।ইতিমধ্যে গৃহস্থ আৰু ল'ৰাটোও চাহ খাই আহিল।চিনাকি কৰাই দিলে তাই সকলোকে।গোটেই কেইজন গ'ল তাৰ দোকানলৈ।স্বাতীয়ে দুই এটা বস্তুও কিনি ল'লে তাৰ দোকানৰ পৰা।সি পইচা নলয় স্বাতীয়ে নেৰে।দুটা মান ধমক দি জোৰ কৰিয়েই তাই দি থৈ আহিল পইচাকেইটা।
"আপুনি সদায় এনেকৈয়ে থাকে।"আপোনাৰ গালি খায়েই থাকিম আৰু।"
মনত পৰিল স্বাতীৰ ৰূপ ,হয় ইয়েই ৰূপ।সদায় লাষ্ট বেঞ্চত বহা,শ্ৰেণীলৈ দেৰিকৈ অহা ,সোমায়েই তাইৰ গালি খোৱা ল'ৰাটো-----ৰূপজ্যোতি।গালি পাৰিলে সি মাজে মাজে তাইক কয় -"আপুনি সদায় এনেকৈয়ে থাকে।"
সদায় বিমানৰ দৰে নিয়মানুৱৰ্তী হ'বলৈ,পঢ়া-শুনা কৰিবলৈ উদাহৰণ দি গালি দিয়া ৰূপে মাজে মাজে তাইক কৈছিল-আপুনি সদায় এনেকৈয়ে থাকে।
ওলাই আহিল তাই এক প্ৰশান্তিৰে,বিমানৰ বাবে নহয় ৰূপৰ দৰে সেই হাজাৰজন Back bencher ৰৰ সফলতাৰ বাবে।চাহ খোৱা নহ'ল তাইৰ, ৰূপে যেন তাইক প্ৰাপ্তিৰ এপিয়লা চাহ খুৱাই পঠিয়াইছে। সেই সুৱাদ তাই আজীৱন কঢ়িয়াব।
বি.দ্ৰ.lockdown ৰ দিনকেইটাত লিখা মেলাকে কৰা বুলি কৈ উৎসাহ দিয়া শ্ৰদ্ধাৰ ললিত মহাৰ হাতত মোৰ এক ক্ষুদ্ৰ প্ৰয়াস।
Lovely.. keep writting....
ReplyDeleteDhuniya likhisa... Aaru likha...
ReplyDeleteDhuniya likhisa... Aaru likha...
ReplyDelete