Monday, May 4, 2020

মমতা

                                                                       মমতা
                স্কুল বাছখনৰ পৰা নামিয়েই গুণগুণে মাকক দেখুৱালে তাইৰ লগৰ মমতাক। সৃষ্টিয়েও দূৰৰপৰা দেখিলে কণমানিজনীক।ভাদ মাহৰ উৎকট  গৰমত হাত কটা চোলাটোৰ সৈতে ঘামি জামি সৰু টোল এখনত তাই বহি আছে।লগত এগৰাকী মহিলা।সৃষ্টিৰ চকু পৰিল মহিলা গৰাকীয়ে চাৰিআলিটোৰ চ'কত সৰু ষ্টভ এটা জ্বলাই পকৰী বনাই আছে।মানুহ গৰাকীক সৃষ্টিয়ে আগতেও দেখিছে সেই ঠাইতে।কেতিয়াবা মন গ'লে তাই তেওঁৰ পৰা পকৰী, আলুচ'প দুটামানো কিনি নিয়ে।গুণগুণক লৈ আগবাঢ়ি গ'ল সৃষ্টি মমতাৰ ওচৰলৈ।গৈয়ে গুণগুণে মমতাক মাতিলে।মানুহ গৰাকীয়ে মূৰ তুলি চালে।সিহঁতক দেখি তেওঁ যেন আজি ভালপোৱা নাই।সৃষ্টিয়ে আগৰ দৰেই মানুহ গৰাকীৰ পৰা পকৰী ল'লে।মমতাকো মাতিলে-ইয়াত কি কৰি আছা মমতা?
          মানুহগৰাকীয়ে মাত লগালে,-"আজি দেউতাক নাই ঘৰত সেয়ে মোৰ লগতে লৈ আহিলোঁ।"অ' ভালেই কৰিলে দিয়ক-সৃষ্টিয়ে বুজিলে মানুহ গৰাকী মমতাৰ মাক।যাবা নেকি আমাৰ ঘৰলৈ ব'লা।বেয়া লাগিল সৃষ্টিৰ এই গৰমত কণমানিজনী ৰ'দত আছে।আপুনি ঘৰলৈ যাওঁতে আমাৰ ঘৰৰপৰা তাইক লৈ যাব বুলি কৈ সৃষ্টিয়ে সিহঁতক লৈ ঘৰলৈ গ'ল।চাৰিআলিটোৰ কাষতে তাইৰ ভাড়াঘৰটো।পৰাগৰ চাকৰি সূত্ৰে সিহঁত সেই ঠাইত থাকে।সৃষ্টিয়েও সেই ঠাইৰে স্কুল এখনত শিক্ষকতা কৰে।গুণগুণকো সেই একেখন স্কুলতে এইবাৰ নাম লগাই দিছে।সৃষ্টিয়ে গম পোৱা নাছিল যে সেই পকৰী বিক্ৰী কৰা মহিলা গৰাকীৰ ছোৱালীয়েই মমতা।
                  স্কুলৰ পৰা আহি গুণগুণ,মমতা আৰু তাই ভাত কেইটামান খাই বিচনাত পৰিল।গুণগুণৰ লগতে মমতাৰো টোপনি গ'ল।সন্ধিয়া সৃষ্টিয়ে দুইজনীকে উঠাই গাখীৰ আৰু বিস্কুট দিলে।মৰম লগা মমতা জনীলৈ সৃষ্টিয়ে লক্ষ্য কৰিলে ।সৃষ্টিয়ে যি কৈছে যেনেকৈ কৈছে তাই কৰি গৈছে।সন্ধিয়া হোৱাৰ পিছতো মাক নহা দেখি মমতাই অলপ ভয়ো খাইছে।এপাকত সৃষ্টিয়েও মন কৰিছে ,আঠ বজালৈকে তাইক নিবলৈ চোন মাক অহা নাই।এবাৰ গেটৰ ওচৰলৈ গৈ গুটেইকেইজনীয়ে চাই আহিল মানুহ গৰাকী আছেনে নাই।আছে মূৰ ওপৰলৈ নকৰাকৈ  কৰি গৈ আছে নিজৰ কৰ্ম।মমতাই মাকক একে ঠাইতে দেখি আশ্বস্ত হ'ল।সোমাই আহিল সিহঁত।দুয়োজনীকে খেলিবলৈ দি সৃষ্টিয়ে ৰাতিৰ আহাৰৰ চিন্তা কৰিলে।পৰাগ অফিচৰ কামত গুৱাহাটীলৈ যোৱাত সেইদিনা কেৱল সিহঁতহে আছিল ঘৰত।সৃষ্টিয়ে তথাপিও অলপ সৰহকৈয়ে ৰান্ধিছিল।কিয় জানো সৃষ্টিৰ মন গ'ল আজি মমতাৰ পচণ্ডৰ কিবা এটা বনাবলৈ।উৎসাহেৰে আহি তাই মমতাক সুধিলে-মমতা,তুমি ঘৰত  ভাতৰ লগত কি খাই ভাল পোৱা?
                  সংকোচবিহীনভাবে তাই একেষাৰে কৈছিল-নিমখ ভাত।
                 গুণগুণে তপৰাই মাত লগাইছিল -নিমখ ভাত সেইটো আকৌ কি ভাত।আমি মাংস ভাত,কণী ভাতহে খাওঁ।
       সৃষ্টিয়ে গুণগুণক বুজাইছিল-নহয় অ'নিমখ ভাত মানে আমি যে কেতিয়াবা পইতা ভাত খাওঁ সেইয়া।গুণগুণে বুজি পোৱাৰ ভঙ্গীৰে -অ' আচ্ছা,গুণগুণৰ মনত এইবাৰ আৰু এটা প্ৰশ্নৰ উদয় হ'ল--মা,মা মমতাৰ মাকেনো কিয় ৰাষ্টাত পকৰী বনাই?ঘৰত কিয় নবনাই? সৃষ্টিৰ যেন উত্তৰৰ অভাৱ হ'ল।কি ক'ব তাই ধৰিবই পৰা নাই।শিশু মনৰ এই প্ৰশ্নৰ উত্তৰৰ বাবে তাই অলপ ৰ'ল আৰু ক'লে-তোমাৰ দেউতা আৰু মই যেনেকৈ কাম কৰো মমতাৰ মাকেও কাম কৰে।সেয়ে যেনিবা সকলোৰে  কাম একে নহয়।মই যেনেকৈ  দেউতাৰ কাম কৰিব নোৱাৰো,ঠিক তেনেকৈ দেউতাই য়ো মোৰ কাম কৰিব নোৱাৰে।ঠিক সেইদৰে মমতাৰ মাকৰ কামটোও মই কৰিব নোৱাৰো।সেইকাৰণে মাজে মাজে মই তেওঁৰ পৰা পকৰী কিনি আনো।
                 সৃষ্টিৰ ভাত বনাই হ'ল।দেৰি হোৱা দেখি দুয়োজনীকে তাই ভাত বাঢ়ি দিলে।মমতাই বৰ তৃপ্তিৰে ভাতকেইটা খালে।ইমান দেৰি হ'ল মানুহ গৰাকী এতিয়াও নাই।সৃষ্টিয়ে দুইজনীকে শুৱাই দিলে, মমতা প্ৰথম নুশুৱে,মাকৰ লগত ঘৰলৈ যাব লাগিব।মা আহিলে জগাই দিব বুলি কোৱাতহে শুলে।
                  প্ৰায় দহ মান বজাত মানুহ গৰাকী আহিছিল।দিনটো পৰিশ্ৰম কৰি ভাগৰুৱা হৈ অহা মানুহ গৰাকীলৈ সৃষ্টিৰ বেয়া লাগিছিল।বাহিৰৰ বাৰাণ্ডাতে তেওঁ বহি ৰৈছিল।আহিয়েই পানী এগিলাচ বিচাৰিছিল।
            মনে মনে সৃষ্টিৰ খং উঠিছিল।এনেদৰে ৰাতি দহটালৈকে ছোৱালীজনীৰ সৈতে তেওঁ কেনেকৈ ঘৰলৈ যাব।ইফালে দেউতাকো নাই।সৃষ্টিয়ে মানুহ গৰাকীক ভিতৰলৈকে মাতিলে।নাহে তেওঁ ঘৰলৈ যায়।এই ৰাতিখন ছোৱালী জনীৰে সৈতে ঘৰলৈ যোৱাটো যে ভাল নহয় সৃষ্টিয়ে মানুহ গৰাকীক বুজালে‌।
            "আপুনি আজিহে চাইছে বাইদেউ, কাইলৈ আমাক কোনে চাব?"কান্দি কান্দি মানুহ গৰাকীয়ে কৈ উঠিল।
  সৃষ্টিয়ে ধৰিবই নোৱাৰিলে হঠাৎ কি হৈ গ'ল -মানে?
      সি আমাক এৰি থৈ গ'ল বাইদেউ।যোৱা দুমাহ ধৰি তাৰ একো খবৰ নাই।গুৱাহাটীত কোম্পানীৰ চাকৰিত যাওঁ বুলি কৈ আমাক এৰি থৈ গ'ল।ইয়াত ইটা ভাটাত কাম কৰিছিলে আৰু মই এই দোকান খন দিছিলোঁ।দুইটাৰ উপাৰ্জনেৰে মাছে মাংসই নাখালেও ঘৰখন চলি গৈছিল।তাইকো আপোনাৰ স্কুলতে দিছিলোঁ।ভাবিছিলো নিজে নোৱাৰিলেও ছোৱালীজনীকে মানুহ কৰিম।সেয়ে ইমান ডাঙৰ স্কুলখনতে দিছিলোঁ।কিন্তু এতিয়া দুমাহৰ ফিজ দিব নোৱাৰাৰ বাবে এতিয়া স্কুলৰ পৰা তাইক উলিয়াই দিছে।
               সৃষ্টিয়ে জানে সেইখন স্কুলত পঢ়োৱাটো ইমান সহজ কথা নহয়।পৰাগে চাকৰি কৰে যদিও সিহঁতৰে কেতিয়াবা ফিজ দিবলৈ টনাটনি হয়।কি ক'ব কি নক'ব ভাবি তাই ক'লে-হ'ব এতিয়া তুমি ভিতৰলৈকে আহাছোন।কিবা এটা চিন্তা কৰিব লাগিব।
                " নাই বাইদেউ শাহু মা ঘৰত অকলে আছে।মই যাব লাগিব।নহ'লে তেওঁ ৰৈ থাকিব আমালৈ"-তেওঁ ক'লে।
               তেন্তে তুমি অকলে যোৱা।মমতাক এই ৰাতি খন নিব নালাগে।তাই শুই আছে।
               ভিতৰলৈ আহিল মানুহ গৰাকী, মমতাক গুণগুণৰ লগত একেলগে শুই থকা চাই তেওঁ ওলাই আহিল।"তেন্তে মই গৈ থাকো বাইদেউ, কাইলৈ ৰাতিপুৱাই মই লৈ যামহি।মা অসুখীয়া,একো কৰিব নোৱাৰে।মই গৈ ভাত বনাবগৈ লাগিব।"
               ৰ'বা,মই তোমালৈ ভাত বনাইছিলোৱে।কেইটামান খোৱা আৰু অলপ তোমাৰ শাহুমাৰ কাৰণে লৈ যাবা।ইমান ৰাতি গৈ তুমি ভাত বনাব নালাগে।
             মানুহগৰাকীয়ে সংকোচ কৰিছিল যদিও বাধা নিদিলে।দুয়োজনীয়ে একেলগে ভাতকেইটা খালে। থালখন তাই উঠাই নিছে বেছিনটোলৈ ,সৃষ্টিয়ে বাধা দিলত তাইৰ পুনৰ চকুলো বাগৰি আহিল।টিফিনটো লৰালৰিকৈ বান্ধি সৃষ্টিয়ে  তাইক ক'লে-এইটো লোৱা আৰু সোনকালে এতিয়া যোৱা।কাইলৈ পুৱা মমতাৰ স্কুল বেগ আৰু ইউনিফৰ্মযোৰ লৈ আহিবা।কাইলৈ তাই গুণগুণৰ লগতে স্কুল যাব।আজিৰ পৰা মমতাৰ  স্কুলৰ খৰচ মোৰ।
              হঠাৎ মানুহগৰাকীয়ে সৃষ্টিৰ ভৰিত ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে।"আপোনাৰ ওচৰত সদায় মই ঋণী হৈ ৰ'ম বাইদেউ।"
               সৃষ্টিয়ে মানুহ গৰাকীক আকোঁৱালি ল'লে আৰু ক'লে-যোৱা এতিয়া তোমাৰ শাহু মা তোমালৈ ৰৈ আছে।গ'লগৈ তেওঁ।সৃষ্টিয়ে তেওঁ যোৱ বাটটোলৈ চাই বহু সময় ৰৈ থাকিল।যিজনী  মাকক এৰি পুতেক গুচি গ'ল সেইজনী মাকৰ বাবে আজি বোৱাৰী ঢপলিয়াইছে ,এইয়াই সম্পৰ্ক,মমতাৰ বোন্ধোন।

No comments:

Post a Comment

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...