Wednesday, July 28, 2021

পৰিবৃত



  মগু দাইলত বিলাহী,ফুলকবি,আলু দিয়া হবিষান্ন মুঠি খাই কোঠাটোত সোমাই বিচনাখনত দীঘল দিলোঁ।দিনটো উপবাসে থাকি পেটত কিবা এটা পৰাতহে ভাল লাগিল।তেওঁ এৰি থৈ যোৱা বছৰেকেই হ'বৰ হ'ল।কাইলৈ তেওঁৰ বছৰেকীয়া।এই তিনিশ চৌষষ্ঠি দিনৰ এনে এটা দিন যোৱা নাই যিদিনা তেওঁৰ অনুপস্থিতিয়ে মোক বিষন্ন কৰা নাই।মৃত্যুৰ পিছতহে মানুহৰ গুণৰ উপলব্ধি হোৱা কথাটো মোৰ ক্ষেত্ৰত আখৰে আখৰে যেন ফলিয়াইছিল।জীয়াই থাকোঁতে তেওঁৰ মূল্য মই বুজি নুঠিলোঁ।হয়তো সেয়ে তেওঁ অভিমান কৰি মোক অকলশৰীয়া কৰি এৰি থৈ গ'ল।

মা-দেউতাৰ একমাত্ৰ সন্তান আছিলোঁ মই।স্বাভাৱিকতেই একমাত্ৰ সন্তানৰ সুবিধাখিনি মই সমস্ত পাইছিলোঁ।দেউতা মায়ে মোক অতি মৰমেৰে তুলিছিল বাবেই হয়তো বহু কথা মই দকৈ চিন্তা নকৰিছিলোঁ।কৰাৰ প্ৰয়োজনেই অনুভৱ কৰা নাছিলোঁ।কিন্তু মা দেউতাৰ মই বাধ্য সন্তান আছিলোঁ।দেউতাৰ স্কুলৰ কেৰাণী চাকৰিটোৰে আমাৰ আকালো নাছিল ভঁৰালো নাছিল।পঢ়াত মই মজলীয়া আছিলোঁ।তথাপিও স্নাতক ডিগ্ৰীটো লৈয়েই কোনো লেনদেন নকৰাকৈ এটা চৰকাৰী চাকৰিৰ ভাগ্য মোৰ হৈছিল।চাকৰিটো হোৱাৰ পিছতেই মা দেউতাই মোৰ বিয়াৰ চিন্তা কৰিলে।অকলে থকাৰ কথা,ভাত চাত ৰান্ধিবলৈটো কোনোবা এজনী লাগে।প্ৰেমত যে মই পৰা নাছিলোঁ এনে নহয়,কিন্তু মই তেওঁক প্ৰকাশ কৰিবলৈ লোৱাৰ আগতেই তেওঁ আনৰ হৈ গৈছিল।গতিকে, মা দেউতাই পচণ্ড কৰা গৰাকীকে মোৰ জীৱন সঙ্গী কৰাত আপত্তি নাই বুলি মই মোৰ ফালৰ পৰা ইঙ্গিত দিলোঁ।মোৰ জীৱন সঙ্গী কেনেকুৱা হ'ব প্ৰকৃততে মই সিমান খিনি চিন্তা কৰিব পৰা বিধৰ মানুহেই নাছিলোঁ।কেইবা গৰাকীকো চাই চিতি এদিন মায়ে খবৰ দিলে ৰঙাপাৰাৰ ফালে এজনী ছোৱালীৰ খবৰ ওলাইছে,তেওঁলোকে আলেঙে আলেঙে চোৱা চিতা কৰিলে,এতিয়া মই যদি পচণ্ড কৰোঁ কথা আগবঢ়াব পাৰি।কথামতেই কাম।এদিন ঘৰৰ তিনিওজন আৰু বৰটাক লগত লৈ আমি ৰঙাপাৰা পালোগৈ আৰু ছোৱালী পচণ্ড কৰি আহিলোঁ।মাৰ মতে,বেছি ধনী ঘৰৰ ছোৱালী চাই লাভ নাই, মিলিব নোৱাৰিব আমাৰ মধ্যবিত্তৰ জীৱন শৈলীৰ লগত।নয়না,খেতিয়কৰ ঘৰৰ ছোৱালী, মিলিজুলি খাব পাৰিব।অৱশেষত, ঘৰে পচণ্ড কৰা মতেই মই নয়নাক আমাৰ ঘৰৰ বোৱাৰী কৰি আনিলোঁ।একমাত্ৰ ল'ৰাৰ বিয়া বুলি বিয়াখনো বেছ আড়ম্বৰৰে পতা হ'ল।জোৰোণত পাটৰ চেট ন যোৰ,সোণৰ গহনা মেইন চেট,চেকেণ্ড ছেট তাৰোপৰি সোণপানী চৰোৱা ঢোলবিৰি আদি গহনাই মাৰ ভাষাত ছোৱালীয়ে সাত জনমত দেখি নোপোৱা বস্তৰে ৰভাতল শুৱনি কৰি তুলা হ'ল।নয়নাই আমাৰ ঘৰখনৰ আদৱ কায়দাবোৰ অতি সহযতেই আপোন কৰি ল'লে।অৱশ্যে মোৰ তেওঁক কোনো দিন সোধা নহ'ল,'তেওঁ ক'ৰবাত অসুবিধা পাইছে নেকি বুলি?'প্ৰয়োজনবোধ নকৰিলোঁ প্ৰকৃততে।খেতিয়কৰ ঘৰৰ ছোৱালী, গাঁৱৰ ছোৱালী এজনীয়ে টাউনলৈ আহি অসুবিধা পোৱাৰনো কি কথা থাকিব পাৰে তেনে এক মানসিকতা লৈয়েই মই থাকিলোঁ।মই মাথোঁ এটাই ভাবিলোঁ মা দেউতা সুখেৰে থাকিলেই হ'ল আৰু।বোৱাৰীৰ পৰা যাতে কোনো কষ্ট তেওঁলোকে নাপায় এই কথা মই নয়নাক প্ৰকাশ্যে নকৈ প্ৰকাৰন্তৰে বুজাবলৈ চেষ্টা কৰিলোঁ।তেওঁ বুজিলে নুবুজিলে মই নাজানিলোঁ।

বিয়া বুলি লোৱা ছুটী শেষ হোৱাত মই মোৰ কৰ্মস্থলীলৈ উভতি আহিলোঁ।মায়ে দুদিনমান মিতিৰ কুটুমৰ ঘৰ,ওচৰ চুবুৰীয়াৰ ঘৰ ফুৰিব লাগিব বুলি নয়নাক মোৰ লগত আহিবলৈ নিদিলে।মই মাহে মাহে আগতেও ঘৰলৈ এপাক মাৰো গতিকে সেই নিয়ম মোৰ চলিয়েই থাকিল।দুদিনৰ ছুটী লৈ যোৱা মই সেই দুদিনত নয়নাক লৈ কেতিয়াবা টাউনৰ ফালে ওলাই যাওঁ।কেতিয়াবা উলটি অহা পলম হ'লে মাৰ গোমা মুখখনে মোক বুজাই দিয়ে মই ভাল কাম কৰা নাই।আজিৰ দৰে সেই সময়ত মোবাইলৰ ব্যৱস্থাও নাছিল।লেণ্ডফোনটোও ড্ৰয়িং ৰুমত থকাৰ বাবে বেছি কথা পাতি থাকিবলৈও ভাল নালাগে।সেয়ে নয়নাৰ লগত কথা বতৰা পতাও মোৰ খুব কমেই হয়।এমাহ, দুমাহকৈ প্ৰায় এবছৰেই হৈছিল আমাৰ বিয়াৰ।তথাপিও মায়ে নয়নাক মোৰ লগত পঠিওৱাৰ কথা নক'লে।অৱশ্যে মোৰো সাহস নহ'ল তেওঁক লৈ যোৱাৰ কথা ক'বলৈ।তেওঁকো সোধা নহ'ল তেওঁ যাব বিচাৰেনে বুলি?চাওঁতে চাওঁতে নয়না অন্তঃসত্বা হ'ল।মায়ে ফোনতে খবৰটো দিলে।খবৰটো পাই মই পিছদিনাই ঘৰ ওলালোগৈ।মোৰ মন গৈছিল মই যেন নয়নাক সাৱটি একোলা লৈ পেলাম।কিন্তু নোৱাৰিলোঁ।মায়ে ক'লে,'কোনো খবৰ নিদিয়াকৈ হঠাৎ আহিলি যে আৰু ইমানবোৰ ফল-মূল নষ্ট হ'বলৈ কিয় আনিলি?আমিও ল'ৰা জন্ম দি পাইছোঁ, ইমানবোৰ দৰকাৰ নাছিল নহয়।'মাৰ কথাকেইষাৰত মই একো ক'ব নোৱাৰিলোঁ।আচলতে, জীৱনত মাৰ মুখত উত্তৰেই দি নাপালোঁ।প্ৰথম বাৰৰ বাবে নয়নাৰ হাতত টকা দুহেজাৰ গুজি দি কৈছিলোঁ,কেতিয়াবা দৰকাৰ হ'ব পাৰে ৰাখি থোৱা।মাজে মাজে গৰমত তাই চটফটাইছিল।মোক কৈছিল,'দুটামান মেক্সি আনি দিবচোন এইকেইদিনৰ বাবে,ইমান গৰম উঠে।ফেনখনে কামতেই নিদিয়ে।ৰাতি অন্ততঃ পিন্ধিব পাৰিম।' মাক মেক্সি পিন্ধা কোনোদিনে নেদেখা মই সেই দুটা আনি দিয়াৰ চিন্তা মনলৈও নানিলোঁ।গ'লেই দিনে ৰাতিয়ে পাকঘৰতেই মই নয়নাক দেখোঁ।এইকেইটা দিনত কাম বন কৰি থাকিলে বোলে নৰ্মেল হওঁতে সুবিধা হয়,এই কথাবোৰ মাৰ মুখত শুনা কথা।নটা মাহ কেনেকৈ পাৰ হ'ল মই ধৰিবই নোৱাৰিলোঁ।এদিন অফিচ গৈ পোৱাৰ পিছতেই অফিচৰ ফোনত দেউতাই খবৰ দিলে যে তেওঁ পুৱা চাৰি মান বজাত এটা নাতি পোৱালি পালে।লগে লগে অফিচৰ পৰা ঘৰলৈ বুলি গাড়ীত উঠিলোঁ।আহিয়েই গা পা ধুই ল'ৰাটো ল'বলৈ গ'লোঁ।প্ৰত্যেকবাৰ ল'ৰাটো ল'লে গা ধুৱ লাগে।গতিকে, পিছলৈ দূৰৈৰ পৰা চায়েই ৰ'লো।ৰাতি ৰাতি সি কান্দে।নয়নাই ওমলাই।মই পিছদিনা মায়ে ক'লেহে গম পাওঁ যে,ল'ৰাটোৱে ৰাতিটো কান্দি আছিল বুলি।লাহে লাহে আমাৰ কণমানিটো ডাঙৰ হয়।নয়নাৰ কামৰ তালিকাখন দীঘল হয়।ঘৰলৈ গ'লে মন কৰোঁ নয়নাৰ অলপতে খং উঠে।মা দেউতাৰ ওপৰত থকা খং-অভিমানবোৰ,মোৰ দায়িত্বহীনতাৰ এখন দীঘল তালিকা এদিন তাই মোৰ আগত একেলেঠাৰীয়ে কৈ গ'ল।তেওঁৰ অন্তৰত যে ইমানবোৰ কথা আছিল আচলতে মই কল্পনাই কৰা নাছিলোঁ।মায়েও কৰা দেখিছিলোঁ যিবোৰ কাম তেওঁও কৰিছিল।তাত কিবা ভুল থকা বুলি মোৰ মনে নকৈছিল।মোৰ ধাৰণা আছিল বোৱাৰী হিচাপে মাহঁতে নয়নাক বিয়া পাতি আনিছে গতিকে সেই দায়িত্ব পালন কৰাটো তেওঁৰ কৰ্তব্য।মাজে মাজে আমাৰ যুক্তি তৰ্ক চলি থাকিবলৈ ল'লে।সেই সময়তে মোৰ ঘৰৰ ওচৰলৈকে ট্ৰেন্সফাৰ হ'ল।ভাল পালোঁ মই।এতিয়া সকলো অন্ততঃ একেলগে থাকিব পাৰিম।

নয়নাৰ খঙটো লাহে লাহে বাঢ়ি আহে।বেলেগক একো নক'লেও ৰুমটোৰ ভিতৰতে তাই ভুৰভুৰাই থাকে।ঘৰলৈ আহি ময়ো বেছি এলেহুৱা হ'লোঁ।ইমান দিনে নিজে ৰান্ধি বাঢ়ি খোৱা মইটোৰ ভাগৰ লাগিল।পুৱা ন বজাত উঠি নয়নাই বাঢ়ি দিয়া গৰম গৰম ভাতকেইটা খাই সন্ধিয়া পাঁচ মান বজাতহে ঘৰ সোমোৱা হ'লোঁ।ৰাতিৰ সাজ নোহোৱালৈকে দিনটোৰ ভাগৰ মাৰো।কেতিয়াবা টি ভি চাই চাই, কেতিয়াবা মাৰ লগত কথা পাতি পাতি ল'ৰাটোৰ লগত খেলা ধূলা কৰি।লাহে লাহে নয়নাৰ খঙটোৱে মোক আৰু খঙাল কৰি তুলিলে।তাইক মৰমেৰে বুজোৱাৰ সলনি মই এদিন বুজাই দিলোঁ যে ,তাই গাঁৱৰ সেই ঠাইৰ পৰা আহি যে ইয়াত এনেদৰে মাছে ভাতে খাব পাৰিছে সেইয়া কপাল তাইৰ।গতিকে, তাই মনে মনে নিজৰ কামবোৰ কৰি যোৱাটোৱেই শ্ৰেয় হ'ব।বুজাই দিছিলোঁ তাইক তাই অনা বিচনা,চোফা চেটৰ মূল্য যে আমাৰ সেই কাপোৰ,গহণাৰ লগত কিমান সম পৰ্য্যায়ৰ।এনে কাজিয়াৰ কোনোবা এটা দিনত হয়তো মই তেওঁৰ ওপৰত হাতো ওঠাইছিলোঁ।ল'ৰাটোৱে দেখি কান্দি কান্দি চিঞৰিছিল,'মাক নামাৰিবা,মাক নামাৰিবা।' মাক সি কৈছিল,'দেউতাই মাক মাৰিছে আইতা।' মাৰ উত্তৰষাৰি এতিয়াও মোৰ কাণত বাজে,' মাৰৰ গাত দোষ আছে চাগে!'

নয়নাই মাজে মাজে মৃত্যু কামনা কৰে।মই কথাষাৰ হাঁহি হাঁহি উৰুৱাই দিওঁ।নয়নাই কয়,'এতিয়া নুবুজিব মোৰ মূল্য।মই মৰিলেহে বুজিব এইখন ঘৰত মই কি?বাবা ডাঙৰ হ'লেই নিজৰ ভৰিত নিজে থিয় দিব পাৰিলেই ভগৱানে মোক মাৰি নিলেই হ'ল আৰু।'মই হাঁহি হাঁহি উৰুৱাই দিছিলোঁ কি যে কোৱা তুমি বুলি।মই পানী এগিলাচো নিজে লৈ নোখোৱা মানুহটোৰ ল'ৰাক নয়নাই নিজৰ কাম নিজে কৰিবলৈ শিকাইছিল।মায়ে নাতিয়েকৰ কষ্ট দেখিয়েই নে নিজে অপমানিত হৈয়েই নাজানোঁ হুলস্থুল লগাইছিল, লগতে ময়ো।'মোৰ ল'ৰা মোৰ নিচিনা হ'ব' বুলি মই তাক কাম কৰাৰ পৰা বিৰত ৰাখিছিলোঁ।নয়নাই একো কোৱা নাছিল।লাহে লাহে তাই একো নোকোৱা হৈছিল।মাথোঁ কৈছিল, মই মৰাৰ পিছত আত্মা হৈ চামহি আপোনাক।'মই কথাষাৰত গুৰুত্ব দিয়া নাছিলোঁ।কিন্তু নয়না যে এইখন ঘৰৰ বোৱাৰী সেই কথা উপলব্ধি কৰাইছিলোঁ।এদিন মোৰ লগৰীয়া এজনে নয়নাক সুধিছিলহি,"আপুনি বিজিত চলিহাৰ পত্নী নহয় জানো?' তেওঁ কৈছিল,"মই উপেন চলিহাৰ ঘৰৰ বোৱাৰী।" কথাষাৰ পিছত আমি হাঁহি হাঁহি উৰুৱাইছিলোঁ যদিও এতিয়া উপলব্ধি কৰোঁ নয়না প্ৰকৃততে কি আছিল মোৰ বাবে।

যিবোৰ কথা মই বুজি পোৱা নাছিলোঁ আচলতে বুজি পায়ো চকু মুদা কুলি হৈ ৰৈছিলোঁ সেই কথা কিন্তু মোৰ ল'ৰা অবিদিতে বুজি উঠিছিল।যিবোৰ কাম মই ছোৱালীয়ে কৰে বুলি ধাৰণা পুহি ৰাখিছিলোঁ সেইবোৰ কামত সি মাকক সহায় কৰিছিল।মায়ে কৈছিল,'একেবাৰে মাকৰ পুতেক।' নয়নায়ো মাৰ কথাত কেতিয়াবা উত্তৰ দিছিল,'নহয় মা বাপেক চাই পুতেক।'মোৰ গালত যেন এটা প্ৰচণ্ড চৰ সোধাইছিল কোনোবাই।নয়নাই মাজে মাজে কৈছিল,'মই না ভাল স্বামী হ'ব পাৰিলোঁ, না ভাল দেউতা।কিন্তু এজন পুত্ৰ হ'ব মই পাৰিলোঁ।'অবিদিত লাহে লাহে ডাঙৰ হয়।মা দেউতাও এজন এজনকৈ লাহে লাহে আমাক এৰি গুচি গ'ল।মা যেন মোৰ বাবে এপাত ক্ষেপনাস্ত্ৰ হৈ আছিল।যি পাত অস্ত্ৰই মোক সাহস দি আছিল।কিন্তু মাৰ মৃত্যুৱে মোক এক ভয়ৰ মাজলৈ লৈ গ'ল আৰু সেই ভয় লুকুৱাবলৈ আগতকৈ বেছি মই কৰ্কশ হৈ পৰিলোঁ।নয়নাৰ কিন্তু এইবোৰ একোলৈ ভ্ৰূক্ষেপ নাই।আচলতে নয়নাই গোটেই ঘৰখন ইমান নিয়াৰিকৈ চলাই গৈছিল যে মা দেউতাৰ আৱৰ্তমানেও তেওঁৰ একো অসুবিধা হোৱা নাছিল।হয়তো মোৰ প্ৰতি তেওঁৰ হৃদয়ত থাকি গৈছিল বিদ্ৰোহ, ঘৃণা আৰু চৰম নিৰাসক্তি।অবিদিতে সদায়েই স্কুলৰ পৰা আহি মাকক দিনপঞ্জী গায়।কাষৰ ৰুমটোৰ পৰা মই শুনি থাকোঁ।নয়নাই কেনেকৈ তাৰ হৃদয়ত ইমান গভীৰলৈ সোমাই গ'ল মই তৰকিবই নোৱাৰিলোঁ।অৱশ্যে কোনোদিনে সি মোক অৱমাননাও কৰা নাই।হায়াৰছেকেণ্ডেৰী পাছ কৰি সি ইঞ্জিনীয়াৰিং পঢ়িবলৈ গুৱাহাটীলৈ গৈছিল।নয়না আৰু মই তাক জালুকবাৰীত থ'বলৈ গৈছিলোঁ।উভতি আহিবৰ সময়ত নয়নাই উচুপি উঠিছিল।জীৱনত প্ৰথম বাৰ আমি ইমান দীঘলীয়া যাত্ৰা কৰিছিলোঁ।গুৱাহাটীৰ পৰা লক্ষীমপুৰলৈ এই যাত্ৰাত মাথোঁ আমি দুয়ো আছিলোঁ।বিয়াৰ পিছত নয়নাই অভিযোগ কৰিছিল ক'লৈকো ফুৰাবলৈ নিনিয়াৰ বাবে।বিয়াৰ ঊনৈশ বছৰৰ পিছত এই যাত্ৰাত মোৰ তেওঁক সুধিবলৈ মন গৈছিল,'ভাল লাগিছেনে বুলি?' কিন্তু সেই মূহুৰ্তত সেই প্ৰশ্নটোৱেই যেন ভুল হ'ব মোৰ তেনে অনুভৱ হৈছিল।অপৰাধ বোধ এটাই মোক চুই গৈছিল।ঘৰখনত আমি ৰৈ গৈছিলোঁ দুটা প্ৰাণী।ল'ৰাই দিনটোত এবাৰ ফোন কৰি খবৰ লয়।মাজে সময়ে আমিও লওঁ।তেতিয়াও ঘৰখনত মই ৰজাৰ দৰেই আছিলোঁ।কাৰণ নয়নাক সহায় কৰা মানেই মই মোৰ পুৰুষত্বক লাঘৱ কৰা।মই মোৰ ভাল লগা বস্তুবোৰ আনি দিছিলোঁ আৰু নয়নাই মোক বনাই বনাই খোৱাইছিল।আগৰ দৰেই নয়নাই মোক আগতে ভাত খাবলৈ দি পাকঘৰৰ কাম সামৰি মোৰ খাই শেষ হোৱাৰ পিছতহে নিজে খাইছিল।এদিন মই কৈছিলোঁ,তোমাৰ ভাতকেইটাও আনা একেলগে খাম দুয়ো।তেওঁ কৈছিল ,'ভাতমুঠি অন্ততঃ মনৰ শান্তিৰে খাওঁ।ভাজি ভাল নহ'ল,দালি ভাল নহ'ল এইবোৰ আগতে খাই ল'লে ভাতমুঠি হজম হওঁতে সুবিধা হয়।'সেইদিনাও দুষাৰিমান কৈহে মই ভাত শেষ কৰিছিলোঁ।কাৰণ পত্নীৰ আগত মুখবন্ধ কৰি থকা মানে তেওঁৰ ওচৰত হাৰ মনা।তেওঁ একো আৰু উত্তৰ নিদিলে।পাকঘৰৰ পৰা বাচন বৰ্তনৰ শব্দবোৰ শুনা গ'ল।এনেদৰেই আমাৰ দিনবোৰ পাৰ হ'ল।মাজতে বন্ধই চন্ধই ল'ৰাটো আহি থাকিল।এদিন আহি সি মোক সুধিলে, 'দেউতা মাৰ বাৰ্থডে কেতিয়া?'আচলতে কেতিয়াবা অফিচিয়েল কামত দৰকাৰ হয় যদিও মই কোনোদিন তেওঁৰ বাৰ্থডেৰ কথাটো ভাবিয়েই চোৱা নাই।নাজানোঁ বুলি কৈ মই সেই ঠাই ত্যাগ কৰিলোঁ।সি ক'ৰপৰা কেনেকৈ উলিয়ালে নাজানোঁ এদিন ঘৰলৈ আহি মাকৰ বাবে এটা কেক আনিলে।জীৱনত ময়েই তেতিয়ালৈকে কেক এটা কাটি পোৱা নাছিলোঁ আৰু নয়নাৰ এই ভাগ্য দেখি মই যে ঈৰ্ষান্বিত নহৈছিলোঁ তাত কোনো সন্দেহ নাই।নয়নাই কেক নাকাটে,পুতেকে নেৰে।শেষত ময়ো জোৰ কৰি নকৰিলে বেয়া হয় দেখি তেওঁৰদ্বাৰা কেকটো কটালোঁ।অৱশ্যে ইয়াৰ পিছৰ বাৰত মোৰ বাবেও সি কেক এটা আনিছিল।সেইবাৰ মোৰ ল'ৰালি দিনৰ পৰা চলি অহা লুচি ভাজি পায়সৰ লগতে কেকটোৱেও স্থান পালে।ইঞ্জিনীয়াৰিং কমপ্লিট কৰি সি গুৱাহাটীতেই চাকৰিত জইন কৰিলে।নয়নাই সেইদিনা কৈছিল,'এতিয়া যমে নিলেও মোৰ চিন্তা নাই।বিয়াখন পাতি থৈ যাব পাৰিলেটো আৰু নিশ্চিন্ত।'মই নিশ্চিত আছিলোঁ তেওঁতকৈ মই আগতেই পৰলোক গমন কৰিম কাৰণ আমাৰ থিয়ৰিটোও তেনেকুৱাই প্ৰায়েই পুৰুষৰ মৃত্যুহে আগত হয় পত্নীতকৈ।গতিকে, মই নিশ্চিন্ত আছিলোঁ যে মোৰ মৃত্যু আগতেই হ'ব।

চাকৰিত জইন কৰাৰ পিছত নয়না এইবাৰ তাৰ বিয়াৰ চিন্তাত লাগিল।সি ভালপাই থকা ছোৱালীজনীৰ লগত তেওঁ মাজে মাজে কথাও পাতে।আমাৰ ওচৰৰে তাই।এদিন বাবাক মাতি আমি গৈ আঙুঠি পিন্ধাই থৈ আহিলোঁ।প্ৰায় ছমাহ মানৰ পিছতে দুয়োটাৰে বিয়াখন পাতি দিয়া হ'ল।বিয়াৰ এসপ্তাহৰ পিছতেই সি যাবলৈ ওলাল।যাবলৈ ওলাই দুয়োটাই মোক সেৱা কৰিলতহে গম পালোঁ বাবাৰ লগত যে মূৰ্চ্ছনাও যাব।আচলতে মই নিশ্চিত আছিলোঁ যে,মই নিনিয়াৰ দৰে বাবায়ো লগতে মূৰ্চ্ছনাক লৈ নাযাব,মই আচৰিত হৈছিলোঁ বেছিকৈ এইটো জানি পিছৰ সপ্তাহতে সি আহিব বুলি জানিও নয়নাই জোৰ কৰি দুয়োটাকে পঠোৱাৰ কথাটো।তাতোকৈ বেছি আচৰিত হৈছিলোঁ যেতিয়া বিয়াৰ দুদিনৰ পিছতেই নয়নাই বজাৰৰ পৰা দুযোৰ চেলৱাৰ আৰু নাইটি আনি মূৰ্চ্ছনাক দিছিল।অৱশ্যে মূৰ্চ্ছনাক পিন্ধা মই দেখা নাছিলোঁ তাত।বাবাৰ বিয়াৰ ছমাহ মানৰ পিছতেই নয়নাই প্ৰায় এসপ্তাহ নাৰ্চিংহোমৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজি যুঁজি আমাক এৰি থৈ গ'লগৈ।জীৱনটো তেওঁ বিচৰা ধৰণে নাপালে বাবেই হয়তো মৃত্যুৱে তেওঁক তেওঁ বিচৰা ধৰণৰেই আকোঁৱালি ল'লে।

নয়না গ'লগৈ।ওহো,নয়না অকলে নগ'ল,লগতে মোকো লৈ গ'ল।যিজনী মানুহৰ জীৱন্ত অৱস্থাত মই মূল্য বুজি নাপালোঁ, সেইজনী মানুহে মৃত্যুৰ দিন ধৰি আজিলৈকে মোক মৰ্মে মৰ্মে উপলব্ধি কৰাইছে তেওঁ কোন আছিল মোৰ জীৱনত?তেওঁৰ স্থান কি আছিল মোৰ জীৱনত।অথচ তেওঁৰ বিষয়ে একো নজনাকৈয়ে মই পাৰ কৰিলোঁ তেওঁৰ সৈতে সুদীৰ্ঘ পঁচিশটি বছৰ।তেওঁ কোৱা কথাকেইষাৰ যেন আখৰে আখৰে ফলিয়াইছে মোৰ জীৱনত।শ্মশানৰ পৰা ঘূৰি আহি নয়না নথকা ঘৰটোত সোমায়েই মই অনুভৱ কৰিছিলোঁ, সৌৱা নয়নাই মোলৈ চাই যেন অট্টহাস্য কৰিছে।পিণ্ডদানত কি কি লাগিব সুধোতে পুৰিহিতে কৈছিল,'মৃতকে ভালপোৱা বস্তু গোটাব।'মনৰ ভিতৰতে বাৰে বাৰে জুকিয়াইছিলোঁ,কি ভালপাইছিল নয়নাই?মই যে কোনো দিন তেওঁক সোধাই নহ'ল।মাত্ৰ নিজৰ পচণ্ডত বজাৰখন কৰি আনি কোনটো সাজত কি বনাব লাগিব তাৰ অৰ্ডাৰ হে দিছিলোঁ লগতে দাম বঢ়া বস্তু বেছিকৈ খৰচ নকৰিবলৈ সকিয়াই দিছিলোঁ।কিন্তু কোনো দিন মই তেওঁক সোধা নাছিলোঁ, তেওঁৰ প্ৰিয় বস্তুবোৰৰ বিষয়ে।ভিতৰি ভিতৰি এখন লিষ্ট তৈয়াৰ কৰিছিলোঁ, মূৰ্চ্ছনাই নয়নাই কি ভাল পাই বুলি সুধিবলৈ আহিলে উত্তৰ দিবলৈ।পিছদিনা পুৱাই পিণ্ডদানৰ  সময়ত মূৰ্চ্ছনাই এপদ এপদকৈ উলিয়াই দিছিল নয়নাৰ প্ৰিয় বস্তুবোৰ।নাৰিকলৰ লাড়ু, ৰচগোল্লা,সন্দেশ।মনতে জুকিয়াই চাইছিলোঁ এইকেইটা বস্তু নয়নাই খাওঁতে কেনেদৰে খাইছিল,পৰম তৃপ্তিৰে?মূৰ্চ্ছনাও সেইকেইদিন ব্যস্ত হৈ পৰিছিল।মনে মনে ভাবিছোঁ নয়না নাইকিয়া হোৱা বাবে মূৰ্চ্ছনাই ভাল পাইছেনেকি বাৰু?এঘাৰ দিন কেনেকৈ পাৰ হৈছিল নাজানোঁ।আদ্যশ্ৰাদ্ধৰ বাবে নয়নাৰ এখন ফটো বন্ধাই অনা হৈছিল।নয়না আৰু মই একেলগে উঠা ফটো নাই বুলিলেও মিছা কোৱা নহয়।বাবাৰ বিয়াতে আমি একপি একেলগে উঠিছিলোঁ।বাবাৰ কেমেৰাত থকা তাৰ বিয়াৰ একপি ফটোকে সি বন্ধাই আনিছিল।মূৰ্চ্ছনাই বকুল ফুলৰ মালা এঢাৰি ফটোখনত আঁৰি চাকিগছি জ্বলাই সেৱা এটি কৰিছিল।বাবাই চিঞৰি চিঞৰি মূৰ্চ্ছনাক কৈছিল,'মায়ে ভালপোৱা বৰালি মাছৰ টেঙা জোল,মাটি দাইল,লুচি আৰু বুটৰ দালিখন বনাই হ'লে মোক খবৰ দিবা।হেল্প লাগিলে মই কৈ থৈ আহিছোঁ কোনোবা এগৰাকীক কৈ দিলেই হ'ল।'বাবাৰ মুখত নয়নাই ভালপোৱা বস্তু দুবিধ মানৰ নাম আকৌ শুনি আচৰিত হ'লো।মাটি দাইল আমাৰ ঘৰত কোনেও ভাল নাপায়।বৰালি মাছ খালে বেমাৰে উকাই বুলিয়েই দেউতাই নিকিনে গতিকে খুব কমেইহে খোৱা হয়।তেতিয়াহ'লে নয়নাই এই পঁচিশটা বছৰে নিজৰ প্ৰিয় খাদ্য খায়েই নাপালে নেকি?হাজাৰ প্ৰশ্নই মোক জুমুৰি দি ধৰিছিল।

শ্ৰাদ্ধ বিধি শেষ হৈছিল।দুদিনমান পিছত বাবা কামলৈ ওলাইছিল।মূৰ্চ্ছনাক যাবলৈ কোৱা স্বত্বেও তাই এমাহ মান থকাৰ পিছতহে গৈছিল।মোৰ চাকৰি যিহেতু আৰু কেইবছৰমান আছিল সেয়ে মই ব্যস্ত হ'লো অফিচৰ কামত।কিন্তু মূৰ্চ্ছনা যোৱাৰ পিছতহে লেঠাটো লাগিল।ঘৰখনৰ কামৰ 'ক'টোও নজনা মই ভাতমুঠি ৰান্ধিবলৈ নোযোৱাও আজি বহু বছৰেই হ'ল।উপায় নাপাই সহায় কৰিবলৈ গাঁৱৰে ল'ৰা এটা লগত ৰাখি ল'লোঁ।তথাপিও নয়নাৰ নিচিনা পৰিপাটিকৈ ঘৰখন ৰাখিব নোৱাৰা হ'লোঁ।মাজতে পূজাৰ দুদিনমান বন্ধ থকাত বাবাই গুৱাহাটীলৈকে মোক লৈ গ'ল।সেই দিনকেইটাই মোক শিকাই গৈছিল নয়নাই বাবাক ল'ৰা হিচাপে গঢ় দিয়া নাই, মানুহ গঢ়ি থৈ গ'ল তেওঁ।যি কামে কাপুৰুষ কৰি তুলিব বুলি মই নকৰিছিলোঁ সেই কাম বাবাই সৎপুৰুষৰ দৰে কৰে।নয়না আৰু মোৰ,মা আৰু দেউতাৰ মাজত যি সম্পৰ্কৰ অভাৱ ৰৈছিল বাবা আৰু মূৰ্চ্ছনাৰ মাজত সেই আত্মাৰ সম্পৰ্ক হৈছিল।দুয়োটাই সমানে হাঁহিছিল, সমানে খিলখিলাইছিল,সমানে কামৰ ভাগ বতোৱাৰা কৰিছিল।বিশেষকৈ, দুয়োৱে দুয়োক বুজিছিল।দুয়োৰে মাজত বৈ গৈছিল প্ৰেমৰ অমিয়া ধাৰা।যাৰ অভাৱ নয়না আৰু মোৰ সম্পৰ্কত হৈছিল।দুদিনমান থাকিয়েই গুচি আহিছিলোঁ।ঘৰটোত সোমায়েই অনুভৱ কৰিছিলোঁ নয়নাই যেন মোলৈ চাই তাচ্ছিল্য কৰিছে।তেওঁৰ গালত অঁকা মোৰ সেই পাঁচটা আঙুলিৰ চিন যেন তেওঁ স্পৰ্শ নকৰাকৈয়ে মোৰ গালত বহুৱাইছিল।

কাইলৈ নয়নাৰ বছৰেকীয়া।বাবাহঁত অহা আজি চাৰিদিন মানেই হ'ল।এইবাৰ নয়নাৰ প্ৰিয় বস্তুবোৰ মই গোটাইছোঁ।হয়তো তেওঁ চাই চাই মোক হাঁহিছে।তেওঁৰ অনুপস্থিতিত মই কেনেদৰে আছোঁ।কেনেকৈ বুজাও তেওঁক জীৱন্ত কালত মই তেওঁৰ বিষয়ে ইমান গুণাগথা কৰা নাছিলোঁ চাগে যিমানখিনি মই তেওঁৰ মৃত্যুৰ পিছত কৰিছোঁ।আজিকালি ময়ো মৃত্যু কামনা কৰোঁ।যাব বিচাৰোঁ তেওঁৰ ওচৰলৈ, ক'ব বিচাৰোঁ বহু কথা,যি কথা নহ'ল কোৱা।

সমাপ্ত।

✍️✍️মনস্বী শৰ্মা।

Tuesday, June 1, 2021

গজৰাজ


 


চাকিগছি পদূলিমুখত জ্বলাই ওৰণিখন দীঘলকৈ টানি ৰূপালীয়ে কলংখনৰ ফালে চাই সেৱা এটি কৰি ঘৰৰ ফালে খোজ ল'লে।হাতত থকা ধূনাদানিটোৰ সুবাস চৌদিশে বিয়পি পৰিল।তুলসী ভেঁটিৰ সন্মুখত অলপ সময় ৰৈ ধূনাদানিটো ঘূৰাই সেৱা এটি কৰি গোঁসাই ঘৰ পালেহি।কঠখন পাৰি দুয়োহাত জোৰ কৰি সদায় গোৱাৰ দৰেই প্ৰাৰ্থনা ভাগ গালে

'মুক্তিত নিস্পৃহ যিটো      সেহি ভকতক নমো
          ৰসময়ী মাগোহো ভকতি।
  সমস্ত মস্তক মণি          নিজ ভকতৰ বৈশ্য
             ভজো হেন দেৱ যদুপতি।'

       সেৱা এটি কৰি তাই কঠখন গজালটোত ওলোমাই ওৰণিখন নমাই গোঁসাই ঘৰৰ পৰা ওলাই আহিল।টেবুলতে থোৱা বিচনীখনকে লৈ তাই আগফাললৈ ওলাই গ'ল।ফৰিংফুটা জোনৰ পোহৰত আগফালখন তিৰবিৰাই আছে।তগৰ ফুলৰ আমোলমোল সুবাসটি তাইৰ নাকত লাগিলহি।উজাই ল'লে তাই সুবাসকণ।এই সুবাসকণ ল'বলৈকে যে তাইক চিঞৰি চিঞৰি মাতিছিল অজিতে।পিছফালে কাম কৰি থকা ৰূপালী নহালৈকে সি চিঞৰিয়েই থাকিছিল।তাৰ সেই চিঞৰ শুনিলেই তাই গম পাই সি মতাৰ অৰ্থ।তাইলৈ এটা মুঢ়া যতনাই থয় সি।দুয়োটাই বহি তগৰৰ সুবাস লয় মানে ফিৰফিৰিয়া মলয়া বতাহ এজাকে দুয়োৰে দেহ মন চুমি যায়।কেতিয়াবা বাহিৰলৈকে তাই চাহ মালপোৱা বনাই আনে।অৱশ্যে চি চিফ্ট থাকিলে সিহঁতৰ এই সময়কণ বৰ ব্যস্ততাৰে যায়।আবেলিৰ পৰাই ভাতৰ যোগাৰত লাগে তাই।ডিউটি দেৰিকৈ আৰম্ভ হয় যদিও গাঁৱৰ লগৰকেইজন সোনকালেই যায়।দেৰিলৈকে থাকিলে বিপদ আছে সিহঁতৰ।যিমানেই নিশা গভীৰ হয় সিমানেই সিহঁতৰ জীৱনৰ ভয় থাকে।সেয়েহে গোটেইকেইজন একেলগে সোনকালেই যোৱাৰ চিন্তা কৰে।ৰূপালীয়েও প্ৰথম প্ৰথম অজিতৰ লগতেই ভাত খাই আজৰি হৈ গৰুকেইটা গোঁহালিত বান্ধি সি যোৱাৰ পিছত বিচনাতে পৰি থাকে।চাইকেল মাৰি মাৰি যাওঁতে যাওঁতে মৰাপাট কল পাবলৈ সিহঁতৰ এঘন্টা মান লাগিছিল।ৰূপালীয়ে বেৰত ওলোমাই থোৱা ঘড়ীৰ কাঁটাকেইডাল চাই চাই সময়ৰ হিচাপ ৰাখে।মাজে মাজে ভুলুৱে ভোকে।ভুলু তাইৰ ৰখীয়া।অজিত যোৱাৰ পিছত আগফালৰ বাৰাণ্ডাত বহি সি তাইক পহৰা দিয়ে।মাজে মাজে গঞা ৰাইজে চিঞৰ বাখৰ লগাই।ৰূপালী সতৰ্ক হৈ উঠে।অজিত থাকিলে তাই ইমান চিন্তা নকৰে কিন্তু অজিতৰ চি চিফ্ট থকাৰ দিনা তাইৰ টোপনি নাযায়।কিবা এটা ভয় ভয় ভাবে তাইৰ বুকুখন ডোলা দি থাকে।বি চিফ্ট পৰিলেও তাইৰ বুকুখন দুৰু দুৰু কঁপি থাকে।অজিত ঘৰ পাইহি  মানে এঘাৰটা মান বাজে।এ চিফ্ট থাকিলেই তাই ভাল পাই।পুৱাই উঠি গৰম গৰম ভাত এমুঠি খোৱাই পঠিয়াব পাৰিলে আবেলিলৈকে তাই নিশ্চিন্ত।তিনি মান বজাত ঘৰ সোমোৱা অজিত আৰু ৰূপালী সন্ধিয়া অকণমান ওলাই যায় স্কুল ঘৰৰ ওচৰলৈকে।গৰম দিনত গাটো শাত পৰি আহে।কেতিয়াবা তাই অজিতক কয় ,মিলৰ চাকৰিটো এৰি অন্য কিবা কাম কৰিব নোৱাৰিনে?অজিতে 'একো নহয় হে,তই এনেই চিন্তা কৰ' বুলি কৈ কথাৰ আঁত সলাই।জানে তাই মেট্ৰিক পাছ কৰিব নোৱাৰা অজিতেনো বেলেগ ক'ত কি কৰিব পাৰিব।আগতে সি গেলামালৰ দোকান এখনত আছিল তাতো মালিকৰ টান কথা শুনিব নোৱাৰি ওলাই আহিল।এতিয়া মিলটোৱেই সিহঁতৰ দৰে শ শ দৰিদ্ৰ পৰিয়ালৰ সপোন,দুবেলা দুসাজ খাই পেট প্ৰৱৰ্তোৱাৰ স্থল।সিহঁতৰ বিয়াৰ ছমাহ মানৰ পিছতেই শাহুৱেকে সিহঁতক এৰি থৈ গ'লগৈ।তিনি কোঠালিৰ মাটিৰ ঘৰটোত ৰৈ গৈছিল দুটা প্ৰাণী সুখ দুখৰ লগৰী হৈ।সৰু সৰু সুখবোৰে সিহঁতৰ মৰমবোৰ বঢ়াই গ'ল।দেওবৰীয়া বজাৰৰ পৰা অনা মাছকেইটা লৈ যেতিয়া ৰূপালীয়ে বাচিবলৈ ধৰে অজিতে কাষতে বহি বিচি বিচি বজাৰত কাক পালে পাচলি কোনটোৰ কিমান দাম আদি কথাৰ মহলা মাৰে।কেতিয়াবা তাইলৈ বুলি মুখত ঘহা ক্ৰীম, পাউদাৰ, কেতিয়াবা চাদৰ এখন লৈ আনে।ৰূপালীয়ে গালি পাৰে পইচাকেইটা পাইহে শেষ কৰিবৰ হয়েই।তাই গালি দিলে অজিতে মিচিকিয়াই হাঁহি থাকে।দুপইচামান সি নসচা নহয়,ডাকঘৰত তাইৰ নামত দুপইচামান জমা হৈছে।ঘৰখনৰ কিছু জঞ্জাল গোহালিৰ গাইজনীয়েও মাৰে।পাৰকেইটায়েও মাজে সময়ে সকাহ দিয়ে।ঠাইখনত বান্দৰৰ উপদ্ৰৱ নথকা হ'লে দুবিধমান শাক পাচলিও কৰিব পৰা গ'ল হয়।কিন্তু সিহঁতৰ উপদ্ৰৱত বাৰীৰ পাচলিটো বাদেই ঘৰৰ ডলা পাচিত থকা পাচলিকেইটায়ো তিষ্ঠিব নোৱাৰে।

অজিত আৰু ৰূপালীৰ জীৱনলৈ দুবছৰ মানৰ ভিতৰত এটি ল'ৰা সন্তান আহিছিল।ছোৱালীৰ আশা কৰা অজিতৰ মনটো ৰূপালীয়ে ৰাখিব নোৱাৰিলে।তথাপিও চুবুৰীয়াৰ সকলোকে অজিতে নিজে গৈ গৈ মাছ বিলাই থৈ আহিল।ৰূপালীৰ মাক আৰু ভনীয়েকেও তাইক দুদিনমানলৈ সঙ্গ দিলেহি। মাহেকীয়া খেদি দুয়োজনী ঘৰাঘৰি গ'লগৈ।ৰূপালীয়ে আকৌ কামত ধৰিলে।অজিতে কামলৈ যোৱা নিশা তাই গোটেই ৰাতিটো লেমটো জ্বলাই ৰাখিছিল।আগফালে ভুলুৱে সি থকাৰ জাননী মাজে মাজে দি থাকিছিল।তথাপিও মাজে মাজে পিছফালৰ বাৰীত কলগছ ভঙাৰ শব্দ,বাঁহ ভঙাৰ শব্দ শুনিবলৈ পোৱা গৈছিল।ৰূপালীয়ে কণমানিটো কোলাত তুলি লৈছিল আৰু সষ্টম কৰি ৰাখিছিল তাইৰ পঞ্চ ইন্দ্ৰীয়।খুচনিতে চুৰি কটাৰী এখন ,নহৰু, সৰিয়হ ৰাখিছিল।ইঘৰে সিঘৰে চিঞৰিবলৈও ভয়।গঞা ৰাইজৰ বিভিন্ন বাদ্যৰ শব্দত পিছফালৰ বাৰীৰ শব্দবোৰ কমিছিল আৰু পুৱতি নিশালৈ তাইৰ টোপনি আহিছিল।এনে কত বিনিদ্ৰ ৰজনী তাই পাৰ কৰিছে।কত ৰাতি উচুপি উঠিছে তাৰ লেখ কোনে লয়,কোনে পায়।তথাপিও জীৱন চলি যায় নিৰ্দিষ্ট পথেৰে ,নিৰ্দিষ্ট গতিৰে।

   কণমানিটোক মৰমতে তাই মাতিছিল দেহামানু বুলি।লাহে লাহে সি ডাঙৰ হৈছিল,খোজকাঢ়িবলৈ শিকিছিল।ৰাতি মাকে পাকঘৰত যেতিয়া ভাত ৰান্ধে দেউতাকৰ সৈতে পিছফালে বহি সি সাধু শুনিছিল।সাধু শুনি সি বৰ ভাল পাইছিল।সিহঁতৰ অল্প জ্ঞানেৰে ৰাজকোঁৱৰৰ দেশৰ সাধু,কৃষ্ণৰ কাহিনী,ৰামায়ণ,মহাভাৰতৰ কাহিনী দেহামানুক শুনাইছিল।বৰ ভাল পাইছিল সি,ৰাজকোঁৱৰৰ দেশত উটি ভাহি ফুৰিছিল সি।কলঙৰ পাৰৰ জীয়া কাহিনীবোৰ মাক দেউতাকৰ মুখত সি শুনিছিল।সাধু নুশুনিলে তাৰ টোপনিয়েই নগৈছিল।ৰূপালীয়ে পিছলৈ জনাই নজনাই বাৰে বিংকৰি কথাৰে সাধু কৈছিল।কাৰণ তাইৰ ওচৰত থকা সাধুকথাৰ তলি উদং হৈছিল।
   
 দেউতাকে দেহামানুক এদিন নতুন সাধু কৈছিল।অবাক হৈ শুনি গৈছিল সি।তাৰ দেউতাক কম সাহসী নহয় তেন্তে, গণেশ বাবাৰ সন্মুখেদি পাৰ হৈ অহাটো কম ডাঙৰ কথানে।তাকো এজনা,দুজনা নহয় কেতিয়াবা তেওঁলোকে দহ,বাৰজনা গণেশ বাবাৰ সন্মুখীন হ'বলগা হয়।দহ,বাৰজনা গণেশ বাবাক সন্মুখত দেখিলেটো সি ভয়তে পেপুৱা লাগিব।দেউতাকৰ মুখত শুনা সঁচা কাহিনীবোৰ শুনি সি কল্পনা কৰে,কেতিয়াবা যদি সিহঁতৰ গাঁৱৰ ধনবৰ বৰটাকৰ দৰে দেউতাককো গণেশ বাবাই লৈ যায় কি কৰিব সি।ভাবিয়েই তাৰ সৰ্ব শৰীৰ কঁপিবলৈ ধৰে।দেউতাকৰ অজানিতে দুচকু তিতি যায় তাৰ।কি যে চিন্তা কৰে সি,নিজৰ ওপৰতে কণমানিটোৰ খং উঠি গ'ল।দেউতাকক কৈ উঠিল সি

*আজিৰ পৰা মোক গণেশ বাবাৰ কাহিনী নক'বা দেউতা।মই নুশুনো।

সি মাকহঁতৰ মুখত শুনিছে,পাহাৰত যেতিয়া গণেশ বাবাই খাবলৈ একো নাপায় তেতিয়াই তেওঁলোক ওলাই আহে মানুহৰ মাজলৈ।পেটৰ ভোকত তেওঁলোকো উগ্ৰ হৈ পৰে।সিহঁতৰ ঘৰৰ সন্মুখতে কলংখন,আগতে বোলে কলং পাৰ হৈ গণেশ বাবা নাহিছিল,কিন্তু আজিকালি আহে।মন যায় কেতিয়াবা তাৰ পিছফালৰ বাৰীত শব্দ কৰিলে তেওঁনো কি কৰে চাবলৈ।কিন্তু মাকে যাবলৈ নিদিয়ে।কুচি মুচি শুই পৰে সি আকৌ মাকৰ বুকুৰ ভিতৰত।সি মাকৰ মুখত শুনিছে,পথাৰত যেতিয়া সোণালী গুটি ধানবোৰ লহপহকৈ বাঢ়ি আহে জাকে জাকে তেওঁলোক আহি ভোক নিবাৰণ কৰে।পিছদিনা কৃষকসকলৰ হৃদয়ে কান্দে।অৱশিষ্টখিনি ঘৰলৈ অনাৰ দিহা কৰে।তাৰ পিছতো পথাৰত ধান নাপায় তেওঁলোক ঘৰে ঘৰে চোতালে চোতালে বিচৰণ কৰে।কেতিয়াবা ভঁৰালঘৰ ভাঙি শুৰ সুমুৱাই ধান খায়,কেতিয়াবা খঙতে মানুহৰ ঘৰ দুৱাৰ ভাঙি পেলাই, লগতে মানুহো।মাকে কয় , তেওঁলোক হেনো অন্তয্যামী।সেয়ে গণেশ বাবাক তাৰ সুধিবলৈ মন যায়,সকলো জানিও মানুহক তেওঁ কিয় মাৰি থৈ যায়।ধান খায়,ঘৰ ভাঙে সি বাৰু বুজি পায়।তাৰ যিদৰে ভোক লাগে,তেওঁলোকৰো লাগে কিন্তু মানুহকনো কিয় মাৰিব লাগে।সি দেখিছে ধনবৰ বৰটাক নাইকিয়া হোৱাৰ পিছত বৰমা আৰু মাইনা বাজনীয়ে নিমখ,তেলে ভাত খাব লগা হৈছে।মাজে মাজে দেউতাকে দেওবৰীয়া বজাৰৰ পৰা অনা শাক পাচলিৰ টোপালা এটা লৈ সি মাকৰ লগত তেওঁলোকৰ ঘৰলৈ যায়।বৰমাজনীয়ে চাদৰৰ আঁচলেৰে চকুপানী টোকে।

ৰাতি যিমানেই গভীৰ হয় ভয়-শংকাবোৰ বাঢ়ি আহে।লাহে লাহে সিহঁতৰ সেইয়া অভ্যাসত পৰিণত হৈছিল।অজিতৰ পইচাকেইটামান বাঢ়িছে।ঘৰখনলৈ এটা দুটা সম্পত্তিও গোট খালে।জুইত ভাত ৰন্ধা ৰূপালীয়ে গেছত লাইটাৰ মাৰিয়েই ভাত,চাহ ৰান্ধিব পৰা হ'ল।আগফালে,পিচফালে লাইট জ্বলাই থোৱা হ'ল।এখন পাংখাও কিনা হ'ল।এ চিফ্ট থকাৰ দিনা জোনাক ৰাতি আগফালে ঢাৰি পাৰি সিহঁতে ৰেডিঅ'ত সন্ধিয়াৰ বাতৰি শুনিছিল,গান শুনিছিল।দেওবাৰে দেওবাৰে আইদেউৰ বুলনি,শেক্সপীয়েৰৰ 'হেমলেট' নাটক শুনিছিল।ৰাতি গৰমত টোপনি নগ'লে অজিতে বিচনীৰে বিচি বিচি দুয়োটাকে শুৱাইছিল।জানে সি ৰূপালীয়ে সি থকাকেইদিনহে নিশ্চিন্তমনে শুই পৰিছিল।বুজা পৰা,মৰম নে কি আছিল ইয়াৰ নাম ৰূপালীয়ে নাজানে, কিন্তু তাই সুখী আছিল জীৱনটোক লৈ,তাই পোৱাখিনিক লৈ।তথাপিও নিশা হ'লেই ভয়টো উজাই আহে তাইৰ।

চি চিফ্টলৈ চাইকেল লৈ যোৱা অজিত এদিন উভতি আহিছিল মানুহৰ কান্ধত শুই।দেহামানুৰ সাহসী দেউতাকজন সেইদিনা দুৰ্বল হৈ পৰিছিল গণেশ বাবাৰ সন্মুখত।তেওঁলোকৰ দলপতি গজৰাজৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে অজিতে।চাইকেলখন টুকুৰা টুকুৰ হৈ পৰিছিল।সেইদিনা গাঁৱখনলৈ দুটা মৃতদেহ আহিছিল।ৰূপালীয়ে চিঞৰিছিল মাথোঁ চিঞৰিছিল।দেহামানুৱে কেলেণ্ডাৰখনত অংকিত গণেশ বাবাৰ ফটোখন চাই চাই কিবাকিবি বিৰবিৰাই আছিল।গণেশ বাবাৰ প্ৰতি থকা শ্ৰদ্ধা,মৰমবোৰে যেন নিমিষতে বিদ্ৰোহৰ ৰূপ লৈছিল।দুখবোৰ বুকুতে বান্ধি সময়ৰ সোঁতত মানুহ আগবাঢ়ে,আগবাঢ়িব লাগে।ৰূপালী আৰু দেহামানুৱেও বুকুত একুৰা জীয়া জুই লৈ জীয়াই আছে।সিহঁতৰ সঙ্গী হৈ আছে গোঁহালিৰ গৰুকেইটা,হাঁহ-পাৰকেইটা আৰু ভুলু।ভুলুৱে তেতিয়াও সিহঁতৰ চকীদাৰী কৰিছিল আগফালে থাকি ,আজিও কৰে আগফালৰ বাৰাণ্ডাতে থাকি।

সেইদিনা সন্ধিয়াতে গাঁৱত হুলস্থুল লাগিছিল।সকলোৰে চোতালে চোতালে ধানৰ ডাঙৰি।সন্ধিয়াতে ভাত মুঠি খুৱাই দেহামানুক ৰূপালীয়ে শুৱাবৰ চেষ্টা কৰে।ল'ৰাটোৰ চিলমিলকৈ টোপনি আহিছিলহে ছাগে,ৰূপালী তেতিয়াও উজাগৰে।আগফালৰ চোতালত ধানৰ ডাঙৰি।ভুলুৰ ভুকভুকনি ক্ৰমান্বয়ে বাঢ়ি গৈছে।হঠাতে ঘটি গৈছিল ঘটনাটো।সিহঁতৰ শোৱা কোঠাৰ বেৰখন ভাঙি সন্মুখত দুজন দঁতাল।থৰথৰকৈ কঁপিছিল ৰূপালী, ল'ৰাটোক বিচনাখনৰ পৰা চোঁচৰাই আঠু কাঢ়ি হাতযোৰ কৰি ৰৈছিল তাই।মুখেৰে একো ওলোৱা নাছিল তাইৰ,মাথোঁ মৰো জীও কৰি তাই ৰৈ আছিল তেনেকৈ।কোনোবাই কোৱা তাইৰ মনত পৰিছিল তেওঁৰ একো অপকাৰ নকৰিলে তেওঁও কাৰো অপকাৰ নকৰে।অজিতক হেৰুৱাই কথাষাৰ তাইৰ বিশ্বাস নহয় যদিও সেই মূহুৰ্তত তাই মাথোঁ দেহামানুৰ কথাহে চিন্তা কৰিছিল।উভতি গৈছিল দুয়োজনা ,মাথোঁ চোতালৰ ধানবোৰ সিঁচৰতি কৰি থৈ গৈছিল,অলপ খাইছিল, অলপ দলিয়াইছিল।দুয়োজনা যোৱাৰ পিছতহে যেন তাই উশাহটো লৈছিল।দেহামানুৱে তাইৰ বুকুত সোমাই কান্দিছিল মাথোঁ।ৰূপালীয়ে কন্দা নাছিল।অজিত যোৱাৰ পিছত চকুপানী তাইৰ খুব কমহে ওলাইছিল।গঞা ৰাইজে কৈছিল,
*ভগৱানৰ কৃপাত ভাল বাচিলি দুয়োটা।নহ'লে গজৰাজৰ সন্মুখত পৰা মানুহ কেতিয়াও বাচি নাযায়।

ৰূপালীয়ে ভাবে,অজিতৰ হত্যাকাৰীৰ ওচৰত তেন্তে তাই জীৱন ভীক্ষা কৰিছিল।কি প্ৰয়োজন আছিল।নিজৰ ওপৰতে খং উঠিল তাইৰ।পিছ মূহুৰ্ততে দেহামানুৰ মুখখন মনলৈ আহিল তাইৰ।তাৰ বাবেই আছিল নেকি সেই ভীক্ষা।

ঘৰটো মেৰামতি কৰি ল'লে তাই।এইবাৰ চৰকাৰী সাহাৰ্য লাভ কৰি ইটাৰে এটা কোঠা সজাই ল'লে সিহঁতে ।দেহামানু পঢ়াত ভাল।বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৱে মৰমো কৰে তাক।এইবাৰ সি মেট্ৰিক দিব।আজি দেউতাকৰ শ্ৰাদ্ধ হৈ গ'ল।শ্ৰাদ্ধলৈ অহা ভকত দুই এজনৰ মুখত তাই শুনা পালে,গজৰাজ মৰিল।বাৰ্দ্ধক্যজনীত কাৰণত পুৱাই তেওঁৰ মৃত্যু হ'ল।দুখৰ দিনটোতো ৰূপালীয়ে সুখ অনুভৱ কৰিলে।ভকতসকলক বিদায় দি তাই টি. ভি.টো লগালে।বাতৰি পাঠ কৰোঁতাজনে বাৰে বাৰে কৈ গৈছে 'গজৰাজৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।' ৰূপালীয়ে বুজি পোৱা নাই গজৰাজৰ মৃত্যুত তাই দুখ কৰিব নে আনন্দ কৰিব।স্বামী হত্যাকাৰীৰ মৃত্যুত তাই সুখী হ'ব নে সেই নিশা মাতৃ পুত্ৰক জীৱন দান দিয়া গজৰাজৰ মৃত্যুত দুখ কৰিব।জোনৰ পোহৰত তাই আজি অলপ বহিব।জোনাকে ধুই নিয়ক তাইৰ মনৰ খু দুৱনিবোৰ,জোনাকৰ পোহৰত আকৌ এবাৰ তাই জী উঠিব।গজৰাজৰ মৃত্যুত অঞ্চলটোৰ ঘৰে ঘৰে জ্বলোৱা পদূলিমুখৰ চাকিকেইগছি তেতিয়াও জ্বলি আছে তাইৰ বুকুত অতদিনে জ্বলি থকা জুইকুৰাৰ দৰে।

সমাপ্ত।

মনস্বী শৰ্মা।

Saturday, April 3, 2021

প্ৰেমৰ এক স্বাক্ষৰিত পৃষ্ঠা

#প্ৰেমৰ_এক_স্বাক্ষৰিত_পৃষ্ঠা

  *ভালদৰে যাবা,বেছি শুই নাযাবা।ৰাতিৰ কথা।

*হ'ব দিয়া।অ'কে মিচিক বাই বাই,পাপাক বেছি দিগদাৰ নিদিবা।মই সোণকালেই উভতি আহিম।

*হ'ব মা,তুমি ভালকৈ পঢ়িবা,বাই।

  থুকাথুকি  মাতেৰে আঠ বছৰীয়া ল'ৰাটোক চুমা এটি খাই পিছলৈ ঘূৰি নোচোৱাকৈ তাই নৈশ বাছখনৰ নিজৰ ছিটত বহিলগৈ।উদাস উদাস মনেৰে স্বাতীয়ে চকু দুটি জপাই দিলে।এনেদৰে মিচিকক এৰি তাই কেতিয়াও দূৰলৈ যোৱা নাই।দিনটো কামত বাহিৰত থাকিলেও কেতিয়াও তাৰ অবিহনে নিশা পাৰ কৰি পোৱা নাই।হিয়াখন মুচৰ খাই যায়, তাক এৰি ক'ৰবালৈ যোৱাৰ কথা চিন্তা কৰিবলৈ।পিছে এইবাৰ উপায় নাই,ৰিচাৰ্চৰ কামবোৰ বহু পিছপৰি আছে।গাইডেও মাতি আছে।সেয়ে,দুদিনমানৰ বাবে ল'ৰাটোক এৰি আহিবলৈ তাই বাধ্য হৈছে।স্বামী অৰুণাভেও ল'ৰাটোৰ দায়িত্ব মূৰ পাতি লৈ স্বাতীক বহু সাহস দিছে।সকলোৱে কয়,অৰুণাভৰ নিচিনা স্বামী ভাগ্যৰ বলতহে পাই।ইমান কেয়াৰ লয় তাইৰ।কোনেনো আজিকালি ল'ৰা-ছোৱালীৰ দায়িত্ব লৈ ঘৈণীয়েকক পঢ়িবলৈ, কাম কৰিবলৈ পঠিয়াই।মনে মনে তাই কথাষাৰ নভবা নহয়।তথাপিও অৰুণাভৰ উচ্চ চিন্তাধাৰাৰ মাজত তাই নিজকে নিঃস্ব জ্ঞান কৰে।ডঃ অৰুণাভ কাশ্যপৰ লগত যেন স্বাতী বৰুৱাটো অৰুণাভৰ বাবে কিছু নিমিলা অংক।এই অংকটো তেতিয়াহে মিলিব যেতিয়া ডঃ স্বাতী বৰুৱা লিখিব পৰা যাব।সকলোৱে বিচাৰে নিজৰ শিক্ষাৰ মানপত্ৰবোৰ বঢ়াবলৈ, কিন্তু অৰুণাভৰ এইয়া এক আনন্দ,যোগ্যতাৰ আনন্দ,পৰিচয়ৰ আনন্দ।সেয়ে কিছু ক্ষেত্ৰত স্বাতীৰ এনে মানসিকতা ভাল নালাগে।ইয়াৰ বাহিৰে বেয়া পাব পৰাকৈ অৰুণাভৰ আন একো বেয়া লক্ষণ নাই।কৰ্ম ক্ষেত্ৰত আগুৱাই যোৱা আৰু বৰ্তমান পৰিয়ালটো লৈয়ে তেওঁৰ জীৱন।

   গাড়ীখনে ইতিমধ্যে যাত্ৰা আৰম্ভ কৰিছেই।স্বাতীৰ কাষৰ ছিটত বৰ্তমানলৈকে কোনো নাই।নৈশ যাত্ৰা তাই বহু দিনৰ মূৰত অকলে কৰিছে।বিশ্ববিদ্যালয় পঢ়ি থাকোঁতেই তাই এইদৰে নৈশ যাত্ৰা কৰিছিল লগৰ মনালিছাহঁতৰ লগত।কাষৰ ছিটত কোনোবা মহিলা এগৰাকী বহিলেই তাই ৰক্ষা পাব বুলি অদৃষ্টক চিন্তিলে।কিছু দূৰ অহাৰ পিছত ডিব্ৰুগড়ত গাড়ীখন ৰখিল।কেইবাজনো যাত্ৰী ইয়াতো উঠিছে।চিনাকি চিনাকি লগা মুখ এখনে তাইৰ কাষৰ ছিটটোতে বহিলহি।যাত্ৰীজনে তাইলৈ চোৱা নাই।তায়ো ভালদৰে চাব পৰা নাই, কিজানি মনে ভবা জন নহয়েই।

*আৰে,স্বাতী তই ?ইয়াত কেনেকৈ?
*তই যেনেকৈ।

    মহিলা যাত্ৰী নহয় যদিও স্বাতীয়ে ৰূপমক পাই ভাল পালে।কিমান দিন যে হ'ল লগ নোপোৱা মানুহবোৰক।প্ৰায় বাৰ বছৰ।কিন্তু সৌ সিদিনাৰ কথাৰ দৰে জালুকবাৰীৰ প্ৰতিটো কথাই তাইক জোকাৰি যায়,প্ৰতিটো কথাই কন্দোৱাই,প্ৰতিটো কথাই হঁহোৱাই।আজিকালি সম্পৰ্কবোৰ সামাজিক মাধ্যমৰেই আগুৱাই যায়।কোনে,ক'ত কি কৰি আছে,কোন ক'ত গৈছে এইয়া ফটোৱে,আপডেটে কৈ যায়।দুয়োৱে দুয়োৰে খবৰ ল'লে।আচলতে, ৰূপমৰ লগত স্বাতীৰ বন্ধুত্ব বিশ্ববিদ্যালয়ৰ সময়ৰে।জালুকবাৰীৰ মানুহ বুলি ক'লেই চোন এক অন্য ধৰণৰ আপোনত্ব থাকি যায়।হৃদয়ৰে হৃদয়ৰ।

*আৰু ক সংসাৰৰ কথা।ব্যস্ততাবোৰৰ পৰা আজিকালি খবৰ ল'বলৈ সময়েই নোপোৱা হ'লো বুজিছ।এই ৰ চোন তই গুৱাহাটী যাৱ যে নন্দনৰ বিয়ালৈ যাৱ নেকি?
*নাই, নাই।মই গৱেষণাৰ কামতহে আহিছোঁ।
*বাৰু নন্দনে মাতিছেনে নাই তোক?সি মোক মাতিম বুলিয়েই কৈছিল।তই বাৰু নাযাৱ বুলি আমি জানো,তথাপিও সি নিমন্ত্ৰণ দিম বুলি কৈছিল।
*দিছে নিমন্ত্ৰণ হোৱাটছ এপত চিঠিখনৰ ফটো দি।
 *তই অভিমান কৰিছ?
*অভিমান, কিহৰ?
*হ'ব দে বিয়া পাতিলেও হিয়াৰ একোণত তই আজিও আছ।তইহে পাট্টা নিদিলি।সি তোক ইমান ভাল পাইছিল।আমি এতিয়াও তাক জোকাও তোৰ লগত।হোষ্টেলৰ চিনিয়ৰ জুনিয়ৰ সকলোৱে তাক নন্দন বুলি মতাতকৈ স্বাতীনন্দন বুলিহে মাতিছিল।খং কৰা নাছিল সি এটি মিঠা হাঁহি মাৰি আঁতৰি গৈছিল।সঁচাকৈয়ে তহঁত দুটাৰ বিয়াখন হোৱা হ'লে সি বৰ সুখী হ'লহেঁতেন জান।তোৰনো তাক কিয় ভাল নালাগিল বাৰু?

*হ'ব আৰু দে,এইবোৰ কথা বাদ দে।মোৰ এতিয়া এটা আঠ বছৰীয়া ল'ৰা আছে,সিও এতিয়া ভাবি দৰা।এইবোৰ কথা এতিয়া অপ্ৰয়োজনীয়।
*বাৰু সেইবোৰ বাদ দে,আমি লগৰখিনি একেলগে যাম বুলি কথা পাতি থৈছোঁৱেই।তয়ো ওলাবি।যেনেকৈ নামাতক মাতিছেটো।তই যিমান কষ্ট দিলি তাক তোক নামাতিলেও কথা নাছিল।
*হ'ব হ'ব সেইবোৰ বাদ দে তোৰ বিয়া বাৰুৰ কথা ক?
*ছোৱালী চাই আছোঁ পোৱা নাই বুজিছ,আজিকালি ছোৱালীবোৰ বুকিং থাকে,মোৰজনী বা ক'ত কাৰ লগত বুকিং হৈ আছে তেৰাইহে জানিব।

   দুয়োটাই হাঁহি দিলে।কথা পাতি পাতি এটা সময়ত ৰূপমৰ টোপনি গ'ল।উজাগৰে থাকিল মাথোঁ স্বাতী।এক বুজাব নোৱাৰা শিহৰণে আজিও তাইৰ সৰ্ব শৰীৰ কঁপাই তুলিলে।কোন আছিল নন্দন?হয়তো প্ৰশ্নটো ভুল হ'ব তাইৰ বাবে কোন নাছিল নন্দন?বিনিদ্ৰ ৰজনী ফোনৰ আনটো মূৰত অৰ্গেনত সুৰ দিয়া ল'ৰাটোৱেই আছিল নন্দন,ভাস্কৰে নিসঙ্গ কৰি থৈ যোৱা সময়খিনিত সঙ্গ দিয়া ল'ৰাটোৱেই আছিল নন্দন,তাইৰ বাবে পাণ বজাৰৰ পৰা সাহিত্যৰ কিতাপ বিচাৰি অনা ল'ৰাটোৱেই আছিল নন্দন,তাইৰ বাবে জালুকবাৰী চাৰিআলিত বৰষুণত তিতি জুৰুলা হৈ থকা ল'ৰাটোৱেই আছিল নন্দন, তাৰ হৃদয়ৰ কথাবোৰ বুজাবলৈ তাইৰ বাবে গীত গোৱা ল'ৰাটোৱেই আছিল নন্দন, জয়ন্ত হাজৰিকাৰ সেই বিখ্যাত গানটো 'মায়াময় ৰূপালী জোনাক, ছাঁয়াঘন সৰলৰে পাত' গীতৰে তাইক প্ৰকাৰন্তৰে প্ৰেমৰ প্ৰস্তাৱ দিয়া ল'ৰাটোৱেই আছিল নন্দন।তথাপিও, তাই নন্দনক মনৰ মানুহজন কৰি ল'ব নোৱাৰিলে।কিয় নোৱাৰিলে নাজানে তাই।ই মাথোঁ সাঁথৰ হৈ ৰ'ল তাইৰ বাবে।তথাপিও অদৃষ্টক তাই সদায় বিচাৰে 'নন্দনক সুখত ৰাখক,ভাল ছোৱালী এজনী তাৰ জীৱনলৈ আনক।'

  নন্দনৰ বিয়াৰ চিঠিখন পাই তাই সুখী হৈছিল, কিন্তু তাৰ মাজতো এটি অভিমান তাইৰ হৃদয়ত ৰৈ গৈছিল।কিয় সি বিয়াৰ খবৰটো তাইক ফোন কৰি জনাব নোৱাৰিলে,কিয় সি বিয়ালৈ আহিবি বুলি মুখেৰে এষাৰ ক'ব নোৱাৰিলে।তাই নজনাকৈয়ে অভিমানবোৰে বুকুখন গধুৰ কৰে।তথাপিও বুজন দিয়ে তাই নিজকে 'হওঁক দে তাৰ ভাল হওঁক।'

   নন্দনক লগ পোৱাৰ আগতেই স্বাতীৰ জীৱনলৈ প্ৰেমৰ বসন্ত নামিছিল।ভাস্কৰৰ প্ৰেমে তাইক মতলীয়া কৰিছিল।ভুল-শুদ্ধ,ভাল-বেয়া সকলোবোৰ তাই পাহৰি পেলাইছিল।প্ৰথম প্ৰেম আছিল ভাস্কৰ, তাইৰ অনুভবে অনুভবে তেতিয়া ভাস্কৰৰ ছন্দ স্পন্দিত হৈছিল।ভাস্কৰৰ পুৰুষ সুলভ কণ্ঠই তাইক আকৰ্ষিত কৰিছিল।মহাবিদ্যালয়ৰ দ্বিতীয় বৰ্ষত পঢ়িছিল তেতিয়া তাই।প্ৰথম প্ৰেমৰ আলসুৱা অনুভৱে তাইক মোহাচ্ছন্ন কৰি ৰাখিছিল।সেই প্ৰেম চলিছিল প্ৰায় চাৰি বছৰ কাল।মহাবিদ্যালয়ৰ শিক্ষা সাং কৰি তাই বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিল।ভাস্কৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক তেতিয়ালৈকে ৰাজহুৱা হোৱা নাছিল।তাইৰ ক'বলৈ মন গ'লেও ভাস্কৰে বাধা দিছিল।'সময় আহিলে মানুহক জনালেও হ'ব' বুলি স্বাতীৰ মুখ সি বন্ধ কৰি ৰাখিছিল।দুই এক বন্ধু-বান্ধৱীৰ বাহিৰে সিহঁতৰ এই সম্পৰ্কৰ কথা আনে নাজানিছিল।স্বাতীৰ বাবে ভাস্কৰ সৰ্বচ্চ আছিল।তাৰ বাহিৰে বেলেগৰ চিন্তা কৰাটো তাইৰ বাবে যেন পাপহে আছিল।বিশ্ববিদ্যালয়ত ভৰি দিয়েই তাই নতুন নতুন বন্ধু বান্ধৱী লগ পাইছিল।তাৰে মাজত ৰূপম আৰু নন্দনো আছিল।বিশ্ববিদ্যালয় পঢ়িবলৈ যোৱাৰ পৰাই তাই ভাস্কৰৰ বহু ক্ষেত্ৰত পৰিৱৰ্তন লক্ষ্য কৰিছিল।আগতে যি দৰে সি ফোন কৰিছিল, বহু সময় কথা পাতিছিল,তাইক সময় দিছিল, সেই সময়ৰ নাটনি হৈছিল তাৰ।সুধিলেও ব্যস্ততাৰ দোহাই দিছিল।বহু উজাগৰী নিশা স্বাতীয়ে গাৰু তিয়াইছিল,একো উৱাদিহ পোৱা নাছিল তাই।তথাপিও তাই ভাস্কৰক ভাল পাইছিল হিয়া মন উজাৰি।ভাস্কৰ তাইৰ জীৱনৰ প্ৰথম প্ৰেম আছিল।সেয়ে হয়তো ভাস্কৰৰ নিৰ্লিপ্ততাকো তাই অশ্ৰুৰ আঁৰত লুকুৱাই ৰাখিছিল।

   প্ৰথম প্ৰথম হোষ্টেলত সোমোৱাৰ দিনাই তাই নন্দনক লগ পাইছিল।হোষ্টেলৰ কামত সি প্ৰিফেক্টক লগ কৰিবলৈ আহিছিল।একে ডিপাৰ্টমেন্টৰ নহ'লেও ওচৰা ওচৰি হোৱাৰ বাবে সিহঁতৰ প্ৰায়ে দেখা দেখি হৈ থাকে।এদিন নন্দনে হোষ্টেললৈ অহাৰ পথত তাইক সুধিছিল

*তোমাৰ বয়ফ্ৰেন্দ আছে?

তায়ো হাঁহি হাঁহি কৈছিল

*কিয়হে থাকিলেনো কি কৰিবা,নাথাকিলেনো কি কৰিবা?

*থাকিলে প্ৰেমৰ প্ৰস্তাৱ দিব,নাথাকিলে বেলেগক চাব।

 হাঁহি হাঁহি ৰূপমে কথাকেইষাৰ কৈছিল।

*ধেৎ,কি যে কৱ ৰূপম।

   সাধাৰণভাৱেই স্বাতীয়ে হোষ্টেল পাইছিলহি।কথাবোৰ তাই ভাবিও থকা নাছিল।বন্ধুসুলভ মানসিকতাৰে সুধিছিল বুলিয়েই তাই ভাবি থৈছিল।তাতে ভাস্কৰৰ চিন্তাই তাইৰ বাকীবোৰ কথাত লাগি থাকিবলৈ সময়েই নিদিছিল।মাজে মাজে ভাবে তাই 'চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়' কথাষাৰ সঁচা নেকি বাৰু।পঢ়িবলৈ নহা হ'লেই ভাল আছিল নেকি বাৰু।হাজাৰ চিন্তাই তাইক জুৰুলা কৰে।তাৰ মাজতে ভাস্কৰৰ লগত কথা পাতিবলৈ পালেই তাইৰ অভিমানবোৰ ধূলিসাৎ হৈ যায়।

   লাহে লাহে এছাইনমেন্ট, প্ৰজেক্টৰ কামবোৰ বাঢ়ি আহে,হোষ্টেলৰ জুনিয়ৰ হিচাপে সকলো ক্ষেত্ৰতে এক্টিভো থাকিব লাগে।অসমত বাৰটা মাহত তেৰটা উৎসৱৰ দৰে জালুকবাৰীটো সপ্তাহে প্ৰতি অনুষ্ঠান অনুষ্ঠিত হৈ থাকে।স্বাতীহঁত ব্যস্ত হয় বিশ্ববিদ্যালয় সংগীত অনুশীলন কৰাত,বিহু নৃত্য, নাটক আদি কৰাত।লাহে লাহে বহুতৰ লগত স্বাতীৰ চা চিনাকি হ'ল,বহু প্ৰেমৰ প্ৰস্তাবো আহিবলৈ ধৰিলে।কিন্তু স্বাতীৰ হৃদয়ত ভাস্কৰৰ বাহিৰে যে আনৰ বাবে ঠাই নাই।ভাস্কৰেটো তাইক কেতিয়াও কোৱা নাই তাইক ভাল নাপাওঁ বুলি, ব্যস্ত সি।ব্যস্ততাবোৰ নাইকিয়া হ'লেই সি আকৌ তাইক সময় দিব,ভাস্কৰ স্বাতীৰ হৈ পৰিব।তথাপিও অস্থিৰ সত্তা এটা তাই লৈ ফুৰিছিল নিজৰ মাজত।বহু কথা বিবেকে গ্ৰহণ কৰিলেও হৃদয়ে নকৰে।সঁচাটো নাকচ কৰি থাকিয়েই আমি হৃদয়ক প্ৰবোধ দিওঁ।

   কৃষ্ণচূড়াৰ দেশত স্বাতীয়ে প্ৰেমৰ বাহিৰে সকলো পাইছিল,শিকিছিল বহু কথা।হোষ্টেলীয়া জীৱনৰ মাদকতা,বন্ধুৰ মৰম,আদৰৰ মাজত তাই জী উঠিছিল।ভিন্নৰঙী এই জীৱন, ইচ্ছা কৰিলেই মন যোৱাবোৰ কৰি তুলিব পৰা, ইচ্ছা কৰিলেই সীতাৰামৰ দোকানলৈ যোৱা,দীঘল দীঘল পাপৰ ভজা কিনি অনা,বৰ্ষণমুখৰ আবেলিবোৰত মাৰ্কেটত পকৰীৰ জুতি লোৱা,মন গ'লেই ফাঁচী বজাৰ যোৱা,মাজ নিশালৈকে লগৰীয়াৰ লগত হাঁহিৰ লহৰ তোলা আৰু ষান্মাসিকৰ আগত নিশা দেৰিলৈকে পঢ়া।ৰঙৰ দেশত সকলোবোৰ আছিল।ৰূপম, নন্দনহঁতৰ লগতো বন্ধুত্ব সুদৃঢ় হৈছিল।তেন এটা দিনতে নন্দনে তাইক ফোন কৰিছিল

*আজি আবেলি জালুকবাৰীলৈ আহিবাচোন?
*কিয়,কিবা আছে নেকি?
*আছে,তোমাৰ বাবে কিবা এটা কিনিছিলোঁ,দিব লাগে।
*হেই,মোক একো নালাগে দেই।
   স্বাতী অলপ অপ্ৰস্তুত হৈছিল।
*মই সেইবোৰ নাজানোঁ, তুমি মাথোঁ আহিবা অকলে।
*অকলে?নাই মই যাব নোৱাৰিম।মোৰ বেলেগ প্ৰগেম আছে।
*মই অপেক্ষা কৰিম।
*নকৰিবা,মই নাযাওঁ।

   নগ'ল স্বাতী নন্দনক লগ ধৰিবলৈ।কিয় যাব তাই, বন্ধু হ'লেও তাই বন্ধুত্বৰ সীমা ৰেখাডাল জানে।অকলে মতাত তাইৰ খঙটো আৰু বাঢ়িলে।নগ'ল তাই।আবেলি তিনি মান বজাৰপৰা আকৌ নন্দনৰ ফোন আহিল।তাই ৰিচিভ নকৰিলে।গণিব নোৱাৰা মিছ কলেৰে সেইদিনটো পাৰ হ'ল।পিছদিনা ডিপাৰ্টমেন্টৰ পৰা ওভতাৰ পথত নন্দনক তাই লগ পালে।দূৰৰ পৰাই তাক দেখি চমু বাটেৰে নগৈ মৃন্ময়ী আৰু শ্ৰুতিমালাৰ সৈতে তাই আনটো বাটেৰে খোজ দিলে।ৰূপম আৰু নন্দনেও সিহঁতক অনুসৰণ কৰিলে।ৰূপমে মৃন্ময়ীক মাত লগালে

*মৃন্ময়ী বাইদেউ আজি এই বাটেৰে যে,কি হ'ল?

*স্বাতীয়েহে এইফালে আহোঁ বুলি ক'লে,সেয়ে আহিলোঁ।

  স্বাতীৰ সৰ্ব শৰীৰ কঁপিবলৈ ধৰিলে।বুজাব নোৱাৰা এক উত্তেজনাই তাইক ইতিমধ্যে গ্ৰাস কৰিছে।

*স্বাতী কি হ'ল তই কালি জালুকবাৰীলৈ নগ'লি যে,নন্দনে তোক ইমান ফোন কৰিলে ৰিচিভ নকৰিলি।

   স্বাতী যেন বিস্ফোৰিত হৈ পৰিল।ঘূৰিলৈ তাই নন্দনলৈ চাই যি আহিল মুখত কৈ গ'ল।
*মই যাম বুলি কৈছিলোঁ জালুকবাৰীলৈ,মই কৈছিলোঁ মোৰ বাবে ৰৈ থাক জালুকবাৰীত,মই কৈছিলোঁ মোক বাৰে বাৰে ফোন কৰ।মোৰ বয়ফ্ৰেন্দ আছে ডেমিট।

  আৰু কি কৈছিল তাইৰ মনত নাই।কিন্তু মৃন্ময়ীহঁতে তাইক পিছত কথাখিনি কৈ কৈ ইমান হাঁহিছিল যে বিশ্ববিদ্যালয়ৰ জীৱনৰ ই এক পাহৰিব নোৱাৰা মূহুৰ্তৰ সাক্ষী হৈ ৰৈছিল।নন্দনে সেইদিনা একো কোৱা নাছিল।মাথোঁ উভতি যোৱাৰ সময়ত কৈ গৈছিল

*তোমাক মই সেইদিনা সুধিছিলোঁ বয়ফ্ৰেন্দ আছে নেকি, তুমি হাঁহি উৰুৱাই দিছিলা।সেয়ে ভাবিছিলোঁ নাই বুলি Sorry.

   স্বাতী থৰ হৈ ৰৈছিল,ভবাটো নাছিল তাই সেইদিনা সেই কথাষাৰৰ আঁৰৰ কাহিনী এনেকুৱাও হ'ব পাৰে বুলি।হোষ্টেললৈ গৈ নিজকে অপৰাধী যেন লাগিছিল তাইৰ।দুদিনমানৰ পিছত  নন্দনক নিজেই মেছজ কৰিছিল।

*Sorry. সেইদিনাৰ বাবে।তই মোৰ ভাল বন্ধু হৈ ৰ'ব নোৱাৰিবি জানো?

  বন্ধুত্বৰ ডোলেৰে বান্ধ খাইছিল দুয়োটা,কিন্তু তাইৰ অন্তৰত প্ৰেম নাথাকিলেও নন্দনে তাইক যে বন্ধুত্বৰ আঁৰত প্ৰেমৰ বীজ সিঁচি ৰাখিছিল তাই জানে।জানিও তাই নজনাৰ ভাও ধৰে,উপায় নাই তাইৰ।ভাস্কৰৰ লগত তাই বিশ্বাসঘাটকতা কৰিব নোৱাৰে,তেনে ছোৱালী তাই নহয়।কাৰণ ভাস্কৰে তেতিয়ালৈকে তাইৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰা নাছিল মাথোঁ উপেক্ষা কৰিছিল।বিশ্ববিদ্যালয়ৰ স্বাতীৰ প্ৰতিটো অনুষ্ঠানৰ আগ শাৰীৰ দৰ্শক আছিল নন্দন,তাইৰ প্ৰতিটো প্ৰয়োজনৰ খবৰ ৰাখিছিল সি।সহজ কৰিব খোজা সম্পৰ্কটো হাজাৰ বিচাৰিলেও তাই সহজ কৰি তুলিব পৰা নাছিল।'তই' বুলি সম্বোধন কৰা স্বাতীৰ প্ৰতিটো উত্তৰ নন্দনে 'তুমি'ৰে দিছিল।নন্দনৰ হোষ্টেলৰ বহুতেই তাইক নন্দা বা বুলি মাতিছিল, ধমক দিছিল তাই, হাঁহিছিল সিহঁতে সিহঁতৰ নিৰ্দোষ ধেমালিৰ বাবে।ইলেকচনৰ কেম্পেনিং আৰম্ভ হৈছিল।নন্দনে গাইছিল তাৰ প্ৰিয় গীত

"মায়াময় ৰূপালী জোনাক,
ছায়াঘন সৰলৰে পাত।
জিৰ জিৰ্ জুৰিৰে পাৰত
পামনে মই পামনে তোমাক।"

  স্বাতীৰ সেইদিনা ক'ব নোৱাৰাকৈয়ে চকুলো নিগৰিছিল।চচমাৰ আঁৰত দোপাট্টাখনৰে চকুলো মোহাৰিছিল তাই।তাইৰ তেজৰ প্ৰতি টোপাল কণিকাই,সীৰাই সীৰাই যেন সেই গীতৰ মৰ্ম উপলব্ধি কৰিছিল।তথাপিও তাই অবুজন হৈ ৰৈছিল।শ্ৰুতিমালাহঁতে সেইদিনা স্বাতীক জোকাই অৱস্থা নাইকিয়া কৰিছিল।

   সময় দূৰন্ত গতিত আগবাঢ়িছিল।নন্দনৰ সেই গীত প্ৰায়ে শুনিবলৈ পোৱা গৈছিল।বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ কৰি স্বাতী ঘৰলৈ উভতি আহিছিল।এন জি অ' এটাত সোমাইছিল তাই‌।ভাস্কৰ একেদৰেই আছিল।দুদিনমান যদি তাৰ কথাত অমিয়া বৰষে,দুদিনমান ব্যস্ততাৰ ভাষণ বৰষে।নিশা বেদনাবোৰ গভীৰ হয়,যেতিয়া ফোন কৰিলে আনটো মূৰত তেওঁ ব্যস্ত বুলি কয়।বেয়া চিন্তাবোৰে স্বাতীৰ নিদ্ৰা ভাঙে।তথাপিও নিৰ্লিপ্ত হৈ থাকে ভাস্কৰ।শ্ৰুতিমালাৰ কথামতে,এদিন ভাস্কৰক তাই বিয়াৰ কথা ঘৰুৱাভাৱে আগবঢ়োৱাৰ কথা ক'লে।উচপ খাই উঠিল সি।এমাহমানৰ মূৰত সি উত্তৰ দিলে সি বিয়া পাতিব নোৱাৰে স্বাতীক,তাৰ ঘৰৰ বাবে স্বাতী যোগ্য নহয়।এনেকুৱা কিবা এটাই হ'ব বুলিটো স্বাতীয়ে জানিছিল, তথাপিও আশাত বন্দী জীৱন, আজীৱন।তমসাবৃত দিনবোৰ যেন তাইৰ আৰম্ভহে হৈছিল।সহজ জানো ইমান, প্ৰথম প্ৰেমক পাহৰাটো।তথাপিও সাংঘাতিক জেদভাব এটাই তাইক আচ্ছন্ন কৰি তুলিছিল।পাহৰা নাছিল তাই ভাস্কৰক সিহঁতৰ প্ৰেমৰ মধুৰ দিনবোৰ আনৰ চকুত ধৰা নপৰাকৈয়ে তাই স্মৃতিচাৰণ কৰিছিল।সেইবাৰ নেট,শ্লেটৰ পৰীক্ষাৰ ফৰ্ম ফিলাপ কৰিও তাই দিবলৈ যোৱা নাছিল।তাই যাব বুলি সকলোৱে অপেক্ষা কৰিছিল আৰু নন্দনে?হয়তো তাইক দেখা পোৱাৰ হেঁপাহতে সি জে আৰ এফ পোৱাৰ পিছতো আহিছিল সেইদিনা বিশ্ববিদ্যালয়লৈ।তাইক নেদেখি সকলোৱে তাইলৈ ফোন কৰিছিল।বহু দিন তাই সিহঁতৰ ফোন ৰিচিভ কৰা নাছিল আৰু নন্দনৰ ফোন ৰিচিভ কৰাৰ সাহস তাইৰ নাছিল।লাজ পাইছিল তাই নন্দনৰ আগত নিজক দাঙি ধৰিবলৈ।মেছেজ দিছিল সি

*তুমি যদি মোৰ ফোন ৰিচিভ নকৰা,এইবাৰ তোমাৰ ঘৰ ওলামগৈ।

  ভয় খাইছিল তাই।ঘৰত ভাস্কৰৰ কথা জনাৰ পিছৰ পৰাই দেউতাকে সকীয়নি দিয়েই থাকে।এইবাৰ নন্দনো ওলালেহি তাইৰ যে ঘৰৰ মানুহৰ চকুলৈও চাব নোৱাৰিব।স্বাতীৰ আত্মসন্মান ব্যাঘাত হোৱাটো তাই আৰু নিবিচাৰে।ৰিচিভ কৰিছিল তাই নন্দনৰ ফোন।তাৰ কবিতা শুনিছিল, তাৰ গীত শুনিছিল, অৰ্গেনত নুশুনা গীতৰ সুৰ শুনিছিল।গভীৰ নিশাবোৰত একো নোকোৱাকৈয়ে সি বুজি উঠিছিল তাইৰ মৌনতাৰ কাহিনী।হঁহুৱাইছিল তাইক,জীৱনটোক আকৌ ভালপাবলৈ শিকাইছিল।নন্দনৰ প্ৰচেষ্টাতে স্বাতীয়ে আকৌ নেট,শ্লেটৰ পৰীক্ষা দিছিল।কিন্তু নন্দনক লগ কৰা নাছিল।সুধিছিল সি,'লগ কৰিব পাৰিমনে?'নোৱাৰিলে তাই তাক লগ ধৰাত সন্মতি দিবলৈ।সাহস নহ'ল তাইৰ,নন্দনৰ চকুত আকৌ ভালপোৱাৰ বৰষুণজাক তাই চাব নোৱাৰে,তাক উপেক্ষাও কৰিব নোৱাৰে।পৰীক্ষাৰ ৰিজাল্ট চাই দিছিল নন্দনে।উৎসাহ দিছিল কলেজে কলেজে গৈ ৰিজিউম দিবলৈ,গৱেষণাৰ কাম কৰিবলৈ।সুস্থিৰ হৈছিল স্বাতী লাহে লাহে।নন্দনৰ আব্দাৰবোৰে তাইক জীয়ন দিছিল।বিভিন্ন ধৰণৰ কথা পাতিছিল সিহঁতে, কিন্তু কোনো দিন নন্দনে তাইক ভালপোৱাৰ কথা আৰু কোৱা নাছিল।নোকোৱাকৈয়ে বুজিছিল তাই, মাজে মাজে নিজেই আঁতৰি ফুৰিছিল তাই।তাই আৰু দ্বিতীয় ভাস্কৰ হ'ব নোৱাৰে।নন্দনেও কষ্ট কৰিছিল।চাকৰি বিচাৰি বিচাৰি সিও বহু পৰীক্ষাত বহিছিল।

*এটা চাকৰি লাগে বুজিছা সোনকালে।তেতিয়াহে মনৰ মানুহজনী আপোন কৰি ল'ব পাৰিম।

 এদিন মেছেজত কথা পাতি থাকোঁতে সি কৈ উঠিছিল।নুবুজাৰ ভাও ধৰি স্বাতীয়েও উত্তৰ দিছিল।

*বিচাৰ,বিচাৰ।আমিও সোনকালে বিয়াখন খাব লাগে।

 একো উত্তৰ দিয়া নাছিল সি।দুদিনমান কনটেক্ট কৰা নাছিল আকৌ এদিন নিজেই ফোন কৰিছিল খা খবৰ ল'বলৈ।সেইখিনি সময়তে অৰুণাভৰ খবৰ আহিছিল স্বাতীৰ বাবে।দেউতাকে পলম নকৰি সোনকালে ল'ৰাই পচন্দ কৰিলে ছোৱালীৰ আপত্তি নাই বুলি মোমায়েকৰ আগত কৈ পঠিয়ালে।খং উঠিছিল স্বাতীৰ দেউতাকৰ তেনে উত্তৰ শুনি।কিয় ছোৱালী হ'ল বুলি, জীৱনত এবাৰ ভুল কৰিলে বুলি তাইৰ কি নিজা মন নাই,নিজা মতামত নাই!তথাপিও, দেউতাকৰ আগত মুখেৰে একো ক'ব নোৱাৰিলে।সেইখিনি সময়ত তাইৰ এনে লাগিছিল নন্দনক ক'ব নেকি, লৈ যা মোক তোৰ কৰি,তোতকৈ মোক আন কোনেও বুজিব নোৱাৰে।
  নোৱাৰিলে ক'ব তাই নন্দনক একো।আত্মসন্মানবোধে আৱৰি ধৰিলে তাইক।মাক দেউতাকৰ ভাল ছোৱালীৰ টেগটো লৈ তাই স্বাতী বৰুৱাৰ পৰা মিচেছ অৰুণাভ স্বাতী কাশ্যপ হ'ল।খবৰটো দিছিল তাই নিজে নন্দনক।ফোন কৰিছিল বিয়াৰ নিমন্ত্ৰণ দিবলৈ, কিন্তু মনে প্ৰাণে কৈছিল তই নাহিবি নন্দন,তই নাহিবি।তোৰ সন্মুখত থিয় হোৱাৰ সাহস মোৰ নাই।একো কোৱা নাছিল সি,মাথোঁ ফোনৰ সিটো মূৰৰ পৰা 'নতুন জীৱনলৈ শুভেচ্ছা থাকিল' বুলি কৈ ফোনটো কাটি দিছিল।

বিয়াৰ পিছতো মাজে মাজে মেছেজতে নন্দনে স্বাতীৰ খবৰ লৈছিল, মিচিকৰ খবৰ লৈছিল।কিন্তু কোনো দিন সোধা নাছিল অৰুণাভৰ কথা।ব্যস্ততাবোৰ বাঢ়িছিল।ঘৰ-সংসাৰৰ দায়িত্বত নন্দন ৰৈ গৈছিল স্মৃতি হৈ,তথাপিও যেতিয়াই বন্ধুবৰ্গৰ মাজত নন্দনৰ বিষয়ে সৰৱ আলোচনা চলিছিল স্বাতী ৰৈ গৈছিল মাথোঁ এক ভাল শ্ৰাৱক হৈ।হঠাৎ সি সেইদিনা মেছজ কৰিছিল তাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন দি।বিয়াৰ পিছত কোনোদিন ফোন নকৰা নন্দনক তায়ো মাথোঁ মেছেজতে শুভেচ্ছা দিছিল।ক'ৰ ছোৱালী, কি কৰে একো সোধা নাছিল।কিন্তু নিমন্ত্ৰণী পত্ৰখনত নামটো পঢ়ি ফেচবুকত চাৰ্চ কৰিছিল।লগে লগে উলাইছিল নন্দনৰ লগত ভাস্বতীৰ এখন প্ৰি উইডিং প্ৰফাইল পিকচাৰ।বহু সময় চাই ৰৈছিল তাই।অন্তঃকৰণে ভাবিছিল স্বাতীয়ে,সুখী হ তই।বহুবাৰ বহুদিন চাইছিল সেই ফটোকপি, মবাইলৰ গেলেৰীত চেভ কৰি থৈছিল ফটোকপি।

*স্বাতী উঠ,পালোঁহি।

  অতীত ৰোমন্থন কৰি থাকোঁতেই পুৱতি নিশা চিলমিলকৈ টোপনি আহিছিল স্বাতীৰ।ৰূপমৰ মাততহে সাৰ পালে।সিও বিশ্ববিদ্যালয়তে চাকৰি কৰে যিহেতু দুয়োটা একেখন কেবকে বুক কৰিলে।গেষ্ট হাউচৰ সন্মুখত নামিবৰ সময়ত ৰূপমে আকৌ কৈ উঠিল।

*পৰহিলৈ মনত ৰাখিবি,ওলাবি।

*হেই,তহঁত যাবি,মই নাযাওঁ।মোৰ কাম আছে।
 তোক লৈহে মই যাম।নাটক নকৰিবি।শেষ বাৰৰ বাবে দুয়োৱে দুয়োকে চাই ল'বি।চিন্তা নকৰিবি ৰিচিপচনত ময়ো নাযাওঁ।আমি বিয়াৰ দিনা গৈ একেবাৰে ৰাতি দৰাৰ লগত কইনা আনিবলৈ যাম।তোক বাৰু উভতাৰ পথত ইয়াত নমাই থৈ যাম,কইনা আনিবলৈ তই যাব নালাগে।যিমানেই নহওঁক কইনায়ো বেয়া পাব নহয়।

*মই বিয়া খাবলৈ কাপোৰ অনা নাই অ'।
*সেইবোৰ ফটুৱামি বাদ দে,ওলাবি মুঠতে।

ৰুমটোত সোমাই মিচিকলৈ ভিডিঅ কল কৰিলে।অলপ ৰেষ্ট লৈ ব্ৰেকফাষ্ট কৰি স্বাতী গাইডৰ ওচৰলৈ গ'ল।জালুকবাৰীখন বহু সলনি হ'ল।সিহঁতৰ দিনৰ বাট-পথ,আৱাসবোৰত নতুনত্ব আহিল।তথাপিও কেন্টিনত চাহত চুমকটো মাৰোতে সিহঁতৰ হাঁহিবোৰ যেন গুঞ্জৰিত হৈছে।কৃষ্ণচূড়াৰ দেশত অলিয়ে গলিয়ে আজি যেন তাই নন্দনক বিচাৰি ফুৰিছে।অৰুণাভৰ ফোনটো আহিলতহে তাই বাস্তৱ পৃথিৱীখনত ভৰি দিছে।

*ৰাধাচূড়াৰ দেশত গৈ আমাক পাহৰিলাই নেকি?
*নাই, নাই।ভাত খালা।
*ও খালোঁ, তুমি?
*নাইখোৱা,খাম আৰু।ছাৰৰ ওচৰৰ পৰা আহি কেন্টিনলৈ আহিছিলোঁ,চাহ খালোঁ।
*অ'কে।টেক কেয়াৰ।এই শুনা না,তোমাৰ যে কোনোবা ভাল বন্ধু এজনৰ বিয়া আছিল এইকেইদিনতে নহয় জানো?
*হয়।তোমাৰ ইমান মনত আছে,কিয় সুধিলা?
*তুমিহে কৈছিলা ওচৰত থকা হ'লে গ'লা হয় বুলি।গৈ আহিবা এতিয়া।
 *হেই নাযাওঁ।মই এনেইহে কৈছিলোঁ।অ'কে বাই এতিয়া।

     এদিন এনেয়ে অৰুণাভক তাই নন্দনৰ বিয়াৰ কথা কৈছিল।তেওঁৰ যে মনত থাকিব তাই ভবাই নাছিল।

  ব্যস্ততাবোৰৰ মাজত দুদিন কেনেকৈ পাৰহৈ গ'ল স্বাতীয়ে গমেই নাপালে।গধূলিলৈ ৰূপমৰ ফোন আহিল।একেই কথা বিয়ালৈ যাব লাগে।কিছু সময়ৰ পিছত নন্দনৰ এটা মেছজ আহিল

*তুমি বুলে জালুকবাৰীতে আছা,সময় পালে আহিবা কাইলৈ।

  নোযোৱাকৈ থাকিব নোৱাৰিলে স্বাতী।অৰুণাভক বিয়ালৈ যোৱাৰ খবৰটো দিলে।ৰূপম আহি আগতেই ৰেদি‌।বোৱা কাপোযোৰকে পিন্ধি তাই ওলাই আহিল। দীঘল চুলিখিনিত ক্লাচডাল মাৰি ল'লে।গহণা বুলিবলৈ নাই, যি পিন্ধি আহিছিল সেইয়াই।যাওঁতে নন্দনৰ বাবে কি কিনো কি নিকিনো চিন্তা কৰি কৰি মাউথ অৰ্গেন এটাকে কিনি ল'লে।যিমানে ওচৰ চাপিছে বুকুৰ ধপধপনিটো বাঢ়ি গৈছে।এই চহৰখনৰ মাজেৰে অৰুণাভৰ লগত বহু বাৰ তাই গৈছে আৰু প্ৰতি বাৰেই নন্দনৰ চহৰ বুলি মনতে আওৰাইছে।অলিয়ে গলিয়ে চকু ফুৰাইছে কিজানি তাক এবাৰ দেখেই সি নেদেখাকে।বহু কথা পাতিলে সিহঁতে।

*নাৰ্ভাচ নহ'বি,আহ,একো নহয়।কাম এটা কৰ তোৰ চুলিকেইডাল মেলি দে,নন্দন তোৰ প্ৰেমত এই মেলা চুলিকেইডালৰ বাবেহে পৰিছিল জাননে নাই।

*তই মনে মনে গ'লিনে ৰূপম আৰু তাত এই ফটুৱামিবোৰ কৰি নাথাকিবি।
   
সোমাই গ'ল দুয়োটা।ভৰিদুখন আগবাঢ়িব খোজা নাই যেন শক্তিৰহে অভাৱ হৈছে।সন্মুখত সৌৱা নন্দন তাই আহিব বুলি হয়তো ভবা নাছিল।তন্ময় হৈ তাইলৈ চাই আছে।স্বাতীয়েও সহজ হ'বৰ চেষ্টা কৰিছে।উপহাৰটো আগবঢ়াই দিলে তাই।একো ক'ব পৰা নাই তাই।আবেগবোৰে বাৰিষাৰ প্লাৱনৰ ৰপ লৈছে।মানুহ এগৰাকী আগবাঢ়ি আহিল।

*এই ৰূপম এতিয়াহে,বন্ধুৰ বিয়াত এসপ্তাহ আগতেই আহিব লাগে।এওঁ কোন?

*এই স্বাতী বৰমা,আমাৰ লগৰে।

  মানুহ গৰাকী য়ে তন্ময় হৈ তাইলৈ চালে।স্বাতীয়ে বুজিব নোৱাৰিলে সেই চাৱনিৰ অৰ্থ।লাহে লাহে স্বাতী সহজ হ'ল।বিশ্ববিদ্যালয়ৰ বহু চিনাকি সতীৰ্থ লগ পালে।পুৰণি দিনবোৰ যেন ঘূৰাই পালে।ব্যস্ত হৈ পৰিছে সকলো।নন্দনো ব্যস্ত হৈ পৰিছে অতিথিক মাতষাৰ দিয়াত।বেছি মানুহ আজি নাই যদিও গাঁৱৰ দুই,এক আৰু বন্ধুবৰ্গ আহিছে।চাওঁতে চাওঁতে আবেলি হ'ল।সময় যেন আজি দূৰন্ত গতিত আগবাঢ়িছে।ৰূপমক তাতে থৈ স্বাতীয়ে বিদায় ল'লে

*তুমি আহিলা ভাল লাগিল।মোৰ লগত এইফালে আহাচোন কথা এটা আছে।

   নন্দনৰ মাকে হাতত ধৰি তাইক ভিতৰলৈ লৈ গ'ল।বুকুৰ ধপধপনিটো স্বাতীৰ ক্ৰমান্বয়ে বাঢ়ি গ'ল।এই মানুহগৰাকীৰ তাইৰ লগত কি কথা আছে তাই সেই সময়খিনিত বুজিব নোৱাৰিলে।এটি ডাঙৰ কোঠাৰ ভিতৰলৈ তেওঁ লৈ গ'ল।

*বহা ইয়াতে ।

মানুহগৰাকীয়ে চকী এখনলৈ দেখুৱাই ক'লে।তেওঁৰ মাতষাৰত আদেশ আছিল নে অনুৰোধ আছিল তাই ধৰিব নোৱাৰিলে।মাত্ৰ তেওঁ কোৱাৰ দৰে নিৰ্দিষ্ট চকীখনত বহি দিলে।ডাঙৰ আলমাৰী এটাত তেওঁ কিবা বিচাৰিছে।অলপ সময় বিচৰাৰ পিছত তেওঁ এখন কিতাপ উলিয়াই আনিলে।

*এইখন লোৱা।তোমাৰ বাবে হয়তো নন্দনৰ উপহাৰ আছিল, দিয়া নহ'ল।

  মনত পৰিল স্বাতীৰ সেই যে জালুকবাৰীত লগ কৰিবলৈ নন্দনে মাতিছিল,তাইৰ বাবে এখন কিতাপ কিনি আনিছিল।কথাই কথাই এদিন তাই কৈছিল 'অসীমত যাৰ হেৰাল সীমা' কিতাপখন তাই বিচাৰি বিচাৰি পোৱা নাই।স্কুলত থাকোঁতে পুথিভঁৰালৰ পৰা লৈ কিতাপখন তাই পঢ়িছিল কিন্তু নিজৰ বাবে তাই এখন কিনিব।কিনিছিলেও তাই পিছত।সেইদিনা কিতাপখন তাইৰ লোৱা নহ'ল।নন্দনেও পিছত তাইক সেইখন কেতিয়াও নিদিলে।এদিন মাথোঁ সি কৈছিল।কিতাপখনত তোমালৈ বুলি নামটো লিখি থৈছিলোঁ,মায়ে দেখিলে আৰু কৈছে 'স্বাতী নামটো বৰ ধুনীয়া'।তাই হয় নেকি বুলি কথাটোৰ পৰা ফালৰি কাটিছিল।

*লোৱা আকৌ, তোমাৰ সম্পত্তি তোমাৰ হাতত গতাই দিলোঁ।
 
   মানুহগৰাকীক আকোঁৱালি ল'লে স্বাতীয়ে।ধৰি ৰখা চকুপানীখিনি বৈ গ'ল তাইৰ।মানুহগৰাকীয়ে তাইৰ গালত চুমা এটি দিলে

*ভালেৰে থাকিবা।জন্ম, মৃত্যু, বিবাহ সকলো তেওঁৰ লীলা। আমিবোৰ নিমিত্তহে মাথোঁ।

  কিতাপখন গোটেই বাটটো স্বাতীয়ে বুকুত গুজি আহিল যেন সুমুৱাই ৰাখিব তাই নন্দনৰ স্মৃতিৰ শেষ স্বাক্ষৰটো।স্মৃতিবোৰ ৰৈ যায়, সময়ৰ বালিত ধূসৰিত হয় মাথোঁ সময়ৰ পৃষ্ঠাবোৰ,স্বাক্ষৰিত হৈ ৰওঁ আমি পৃষ্ঠাবোৰৰ এটি এটি অক্ষৰ হৈ।

✍️মনস্বী শৰ্মা ।

Saturday, March 20, 2021

বোৱালা প্ৰেমৰ অলকানন্দা

#বোৱালা_প্ৰেমৰ_অলকানন্দা

*এটি আবেলি মোৰ  নামত লিখি দিব পাৰিবা  সমীৰণ?য'ত ব্যস্ততাবোৰ শুই পৰিব,আবেগে শিহৰিত কৰিব,মৰমে কথা ক'ব আৰু ফাগুনে ৰং ছটিয়াব,অস্তগামী সুৰুযৰ হেঙুলীয়া আভাই দুয়োকে মায়াময় এটি সান্নিধ্যৰ ঠিকনা দিব।মোৰ বাবে এটি আবেলি আৰু আমাৰ বাবে সমস্ত জীৱন।

   কথাখিনি মুখেৰে প্ৰকাশ কৰিবলৈ সীমান্তিকা যেন ব্যৰ্থ হৈছে।যি সমীৰণক সন্মুখত নেদেখি তাই অশান্ত হৈ পৰিছে, যি সমীৰণৰ এখন্তেক সান্নিধ্যৰ বাবে তাই উন্মাদ হৈ পৰিছে আজি সেই সমীৰণক হৃদয়ৰ আৱেগবোৰ ব্যক্ত কৰিবলৈ মেছেজৰ সহায় ল'ব লগা হৈছে।প্ৰকৃততে প্ৰেমৰ কেতিয়াও পৰিসমাপ্তি নহয় মাথোঁ সময় আৰু পৰিস্থিতিয়ে ইয়াত আঁচোৰ মাৰি যায় সংগোপনে।আমি ৰৈ যাওঁ সেই আঁচোৰ বুকুত বান্ধি এআকাশ বিড়ম্বনা লৈ।প্ৰতি বাৰেই তাই কথাবোৰ ভাবে আৰু প্ৰতিবাৰেই এক  প্ৰাপ্তি অপ্ৰাপ্তিৰ হাঁহিয়ে তাইক ডোলা দি যায়।

  শূণ্যৰ পৰা আৰম্ভ কৰা সীমান্তিকাৰ জীৱন আন দহজনৰ দৰে জানো ইমান সহজ আছিল।নাই, নাছিল।মাক-দেউতাকৰ প্ৰতিদিন লগা বাদ বিবাদৰ তাই সাক্ষী আছিল।এটা সময়ত ইজনে আনজনক কৰা কটু বাক্য বাণৰ তাই একমাত্ৰ সাক্ষী আছিল।সাক্ষী আছিল তাই প্ৰতি মূহুৰ্তৰ,প্ৰতি পল অনুপলৰ।এসময়ত মাক দেউতাকৰ বিচ্ছেদে তাইক সম্পৰ্কবোৰৰ তিক্ততাত ম্ৰিয়মাণা কৰি তুলিছিল।আঁতৰি আহিছিল সীমান্তিকা সেই সম্পৰ্কবোৰৰ পৰা।নাজানে তাই দোষ কাৰ,আচলতে দোষী সময় আছিল নে,সম্পৰ্কবোৰ আছিল সেইয়া আজিও তাইৰ বাবে সাঁথৰ হৈ ৰ'ল।মৰমৰ সম্বন্ধবোৰ হৈ পৰিল মাথোঁ মাহিলী পাছবুকত ভৰাই দিয়া টকা-পইচাৰ জোখ-মাখ।

 হোষ্টেলীয়া জীৱনটো সীমান্তিকাই সহজে কাকো বিশ্বাস কৰিব নোৱাৰিলে।প্ৰেম,বিয়া এইবোৰৰ নাম শুনিলেই তাইৰ চকুৰ আগত ভাহি আহিছিল মাক-দেউতাকৰ দৈনন্দিন কাজিয়াবোৰৰ আস্ফালন।তাইৰ ৰুমমেট নন্দিনী যেতিয়া প্ৰেমিকৰ লগত প্ৰেমালাপত মগ্ন আছিল তেতিয়া সীমান্তিকা ব্যস্ত আছিল এছাইনমেন্ট,ছেমিষ্টাৰৰ নম্বৰ বঢ়োৱাত।কোনো ল'ৰাৰ প্ৰতি তাইৰ হৃদয়ত কেতিয়াও ভালপোৱা জন্মা নাছিল।তেনেদৰেই ইউনিভাৰ্চিটিৰ দুটা বছৰ পাৰ কৰি তাই গুচি গৈছিল বাহিৰলৈ।নিজৰ ঠাইখনেও যেন তাইক বিৰক্ত লগাইছিল।তাই মাথোঁ পলাইছিল সম্পৰ্কবোৰৰ পৰা,তেজ মঙহৰ বান্ধোনবোৰৰ পৰা।বিদায়ৰ পৰত মাক আহিছিল।দুচকু চকুপানী নিগৰাই তেওঁ যে তাইৰ মাক তাৰ পৰিচয় দিছিল।কান্দো বুলিও চোন তাইৰ সেই মূহুৰ্তত চকুলো বাগৰা নাছিল।নিজকে প্ৰশ্ন কৰিছিল তাই ইমান কঠোৰ হৈ পৰিল নে তাই, এনেকুৱাটো তাই কেতিয়াও নাছিল।মৰম আকলুৱা মাক-দেউতাকৰ মৌজনী নিজৰেই অচিনাকি হৈ পৰিছিল।

  নতুন চহৰখনত তাই সম্পূৰ্ণৰূপে নিজকে সচেতন কৰি ৰাখিছিল।অচিনাকি মানুহবোৰক তাই বেয়া পোৱা নাছিল।আচলতে,তেওঁলোকক বেয়া পোৱাৰ স্থলো নাছিল।ব্যস্ত চহৰখনত পুৱাৰ পৰা নিশালৈকে সকলো ব্যস্ত।মৰম,ভালপোৱা,কাজিয়া এইবোৰ কৰিবলৈ চোন কাৰো আহৰিয়েই নাই।কোম্পানীৰ ফালৰ পৰা পোৱা ফ্লেটটোৰ তাইৰ সম্পূৰ্ণ একছত্ৰী সম্ৰাজ্ঞী আছিল।যিকেইটা পইচা তাই পাইছিল তাই মাথোঁ ঘৰ সজাইছিল।ভাল লাগিছিল সীমান্তিকাৰ।অৱশ্যে ইয়াৰ মাজতে অফিচৰ দুই-তিনিজনী মান সহকৰ্মীৰ লগত তাইৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি নুঠা নহয়।মাজে মাজে সিহঁতে আউটিঙত যায়।লাহে লাহে তাই তাইৰ জীৱনটো উপভোগ কৰিবলৈ লৈছিল।তথাপিও ইয়াৰ মাজতে তাই নিসংগ অনুভৱ নকৰা নহয়।যেতিয়া লগৰকেইজনীয়ে সপ্তাহৰ শেষত নিজৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ যায় আৰু তাই ৰৈ যায় ৰুমতে চিনেমা চোৱাত,চিৰিজ চোৱাত।

সমীৰণ তাইৰ জীৱনলৈ অহাটোও একপ্ৰকাৰৰ নাটকীয়তা।বিদেশত আপোন মানুহ লগ পোৱাৰ দৰে সমীৰণৰ মাকক তাই পাইছিল এটি চপিং মলত।অসমীয়াই অসমীয়াক চিনি পাবলৈ যে বেছি সময় নালাগে তাৰে জ্বলন্ত প্ৰমাণ।সুন্দৰ চাদৰ-মেখেলা পৰিহিতা মানুহগৰাকীক সেই সাজত দেখাৰ লগে লগেই সীমান্তিকাৰ যেন চকু শাত পৰি গৈছিল।প্ৰায় দুবছৰয়েই হৈছিল তাই অসম এৰি যোৱা, মাক-দেউতাকে মাতিলেও যেন তাইৰ উভতি আহিবলৈ কোনো আগ্ৰহ নাছিল।ল'ৰা এজনে মানুহগৰাকীক চেলৱাৰ কিনিবলৈ কয় মাকে নলয়।এই বুঢ়া বয়সত তেওঁ চেলৱাৰ পিন্ধিলে হেনো মানুহে হাঁহিব,গতিকে তেওঁ শাৰীকে ল'ব।ওচৰতে কাপোৰ চাই থকা সীমান্তিকা কিয় জানো সেইদিনা নিজৰ ঠাইৰ মানুহ লগ পাই অভিভূত হৈ পৰিছিল।তেওঁলোকৰ কথোপকথনৰ মাজতে সীমান্তিকাই মাত লগাইছিল

* অ' আন্টি লওক এযোৰ,ভাল লাগিব আপুনি পিন্ধিলে।
* তুমি অসমৰ?(মানুহগৰাকীয়ে উৎসাহিত হৈ সুধিলে)
*হয়,আন্টি মই অসমৰে।

 সেইয়াই আৰম্ভণি।সীমান্তিকাৰ লাহে লাহে আপোন হৈ পৰিছিল অৰুণিমা চলিহা।নিজৰ অজানিতেই যেন তাই মানুহগৰাকীৰ সান্নিধ্যত আপোনভোলা হৈ পৰিছিল।অফিচলৈ অহা-যোৱা কৰোঁতে যেতিয়াই সময় পাই তেতিয়াই মানুহগৰাকীৰ ওচৰৰ পৰা আহিছিল।ব্যস্ত পুতেকৰ সময়সূচীৰ লগত তেওঁৰ সদায় অসন্তুষ্ট।সময় পাৰ কৰিবলৈ যে তেওঁৰ টি.ভিটোৰ বাহিৰে আন একো উপায় নাছিল।সীমান্তিকা আহিলে অৰুণিমা চলিহায়ো বৰ ভাল পাইছিল।কথা পাতিবলৈ,চাহ কাপ একেলগে খাবলৈ যে তেওঁ সঙ্গ এটা পাইছিল।অৱশ্যে সমীৰণৰ লগত তেওঁ ভাতসাজ একেলগে খাইছিল।সমীৰণেও দিনটোৰ ব্যস্ততাৰ শেষত ৰাতিৰ ভাতসাজ মাকৰ লগত খাবলৈ হেঁপাহৰে আহিছিল।কেতিয়াবা কেতিয়াবা সীমান্তিকায়ো অৰুণিমা চলিহাৰ মৰমৰ আব্দাৰ এৰিব নোৱাৰি ৰাতিৰ সাজ তেওঁলোকৰ ঘৰতেই খাই আহিছিল।তেওঁৰ হাতৰ ভাতসাজে তাইক মাকে ৰন্ধা ভাতসাজলৈ প্ৰায়ে মনত পেলাইছিল।কিমান দিন যে হ'ল তাই মাকে ৰন্ধা ভাত এসাঁজ নোখোৱা।সমীৰণৰ ঘৰত ভাত খাই অহাৰ দিনা প্ৰায়ে সমীৰণে তাইক ঘৰত থৈ আহে।সৰুসুৰা কথাৰে সিহঁতৰ দহ মিনিটৰ বাট শেষ হয়।

*সীমা,অফিচৰ পৰা আহোঁতে আজি সোমাই যাবাচোন।
 সমীৰণৰ মাকৰ কথাষাৰত তাই একেষাৰতে সন্মতি দিলে।
*কওঁক বৰমা, কিয় মাতিছিল।আজি কিবা স্পেচিয়েল ৰান্ধিছে নেকি?
*বহাচোন,আগতে চাহ কাপ খাই লোৱা।তাৰ পিছত পাতিম সবিশেষ।

   চাহ দুকাপ বনাই আনি তেওঁ সীমান্তিকাৰ কাষতে বহি ল'লে।
*খোৱা, কাইলৈটো অফিচ বন্ধ,তুমি মোক এফালে লৈ যাব লাগে।
*কোনফালে বৰমা?
*কাইলৈ বাবাৰ জন্মদিন, ইয়াত মই কোনো মন্দিৰ চিনি নাপাওঁ।ই সকলোলৈকে নিয়ে কিন্তু মন্দিৰলৈ নিনিয়ে।সৰুতে দেউতাকক হেৰুৱা বাবাৰ ভগৱানৰ ওপৰত আচলতে কোনো আস্থা নাই।গতিকে, তুমি মোক লৈ যাব পাৰিবা?

  বহুদিন হ'ল সীমান্তিকাও কোনো নামঘৰ, মন্দিৰলৈ নোযোৱা।বিশ্বাস, অবিশ্বাস বুলি নহয় তাইৰ হৃদয়ত ভগৱানৰ প্ৰতি কোনো দিন শ্ৰদ্ধা, ভক্তি জন্ম হোৱা নাই, যি দৰে জন্ম হোৱা নাই অশ্ৰদ্ধা,অভক্তিৰ।কিন্তু মানুহগৰাকীৰ কথাত তাই অসন্মতিও জনাব পৰা নাই।

*হ'ব বৰমা, ওলাব।কিন্তু মোক এটা পাৰ্টিও লাগিব।
*সেইটো আৰু ক'ব লাগেনে।

 সমীৰণৰ কথা চিন্তা কৰি কৰিয়েই সীমান্তিকা নিজৰ ৰুম পালেগৈ।সমীৰণৰ বাবে উভতাৰ পথত উপহাৰ এটাও কিনি ল'লে।বহুত দিনৰ মূৰত তাই কাৰবালৈ উপহাৰ কিনিছে।কিনিলে যদিও মনটো চোন তাইৰ দূৰু দূৰু কঁপিছে।ৰাতি বাৰ বজাৰ লগে লগে তাই সমীৰণলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে।এই অভ্যাস তাইৰ হোষ্টেলত থকাৰ পৰা হৈছিল।আৱাসীসকলৰ জন্মদিনত এইদৰে বাৰ বজাতেই সিহঁতে শুভেচ্ছা জ্ঞাপন কৰি হুলস্থুল লগাই।আচৰিত কৰি সমীৰণেও মেছেজৰ ৰিপ্লাই দিলে

*তুমি কেনেকৈ জানিলা?
*সৰবজান যে।পিছে পাৰ্টি লাগিব কাইলৈ।
*থেংক ইউ,থেংক ইউ।কাইলৈ ডিনাৰ আমাৰ ঘৰত,অকে।
  পিছদিনা পুৱা গা-পা ধুই সীমান্তিকাই হালধীয়া শাৰী এখন পিন্ধি ল'লে।যাওঁতে চুলিখিনিত গজৰা কিনিও লগাই গ'ল।
*বৰমা, ৰেডী নে?হ'ল যদি ব'লক।

  সমীৰণ ওলাই আহে।সীমান্তিকাক সেই সাজত দেখাৰ সি কল্পনাই কৰা নাছিল।সীমান্তিকাকো লাজ লাজ অনুভৱ এটিয়ে চুই গ'ল।সমীৰণৰ চাৱনিৰ পৰা সাৰিবলৈ তাই সমীৰণক উপহাৰটো দি অৰুণিমা চলিহাৰ কোঠা পালেগৈ।প্ৰথমবাৰৰ বাবে সমীৰণৰ সেই চাৱনিৰ পৰা পলাইছিল তাই।

মন্দিৰলৈ যোৱাৰ পৰা অহাৰ সময়লৈকে সীমান্তিকাক সেইদিনা অস্বাভাৱিক কিছুমান কথাই খেলি-মেলি লগাইছিল।অৰুণিমা চলিহাক ঘৰত নমাই তাই বাহিৰে বাহিৰে নিজৰ ৰুমলৈ গ'ল।ৰাতিৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তাইৰ মনটো সেইদিনা ফৰকাল নহ'ল।তথাপিও অৰুণিমা চলিহাৰ ফোনৰ ওপৰি ফোন অহাত তাই ওলাই গ'ল।দুই,এজন সমীৰণৰ বন্ধুও সেইদিনা তেওঁলোকৰ ঘৰৰ অতিথি হ'ল।অসমীয়া ব্যঞ্জনৰে সেইদিনা তেওঁলোকৰ ডাইনিং টেবুল ভৰ্তি হৈ পৰিল।তাৰ মাজতে সমীৰণে বাটাৰ চিকেন আৰু কবাবৰে নিজৰ ৰান্ধনী হাতৰ পৰিচয় দিলে।সমীৰণে তাইক ফ্ৰুইট চালাড তৈয়াৰ কৰিবলৈ এপাকত দিহা দি গ'ল।সি চোন সাধাৰণ ভাৱেই কথাকেইটা ক'লে,তাইহে নিজে নিজে কিবা ভাবিব নলগীয়া কথা ভাবিছে বুলি সীমান্তিকায়ো অৰুণিমা চলিহাৰ লগত কামত সহায় কৰি দিলে।আলহীয়ে খাই যোৱাৰ লগে লগে সীমান্তিকাও যাবলৈ ওলাল।ঘৰতেই ভাবি আহিছে তাই সমীৰণে থবলৈ আহিলেও আজি নাহো বুলি ক'ব।কিন্তু অৰুণিমা চলিহাৰ শাসনৰ আগত তাইৰ কথা জানো চলিব।যিদৰে মৰম কৰে সেইদৰে শাসনো কৰে।যেন তেওঁৰ নিজৰ ছোৱালীহে।নিজৰ পিতৃ মাতৃৰ পৰাও কোনো দিনে তাই এনে কৰ্তৃত্ব,মৰম হয়তো পোৱা নাছিল।সেয়ে হয়তো সীমান্তিকাই এই মানুহগৰাকীৰ কোনো কথাই অৱহেলা, অনাদৰ কৰিব নোৱাৰে।সম্পৰ্ক হৃদয়ৰ পৰা হৃদয়লৈ।

সমীৰণ আহিছিল তাইক থৈ যাবলৈ।
*সীমান্তিকা,তোমাক মোৰ কথা এটা ক'ব লগীয়া আছে।
*কি কথা ?
*আই লাভ ইউ সীমা, আই লাভ ইউ ভেৰী মাচ্চ।মই মোৰ অজানিতেই তোমাক ভাল পাই পেলাইছোঁ।সাহিত্যিক, কবি মই নহয়।সেয়ে ৰোমান্টিকভাৱে মই তোমাক প্ৰস্তাৱ দিব নাজানোঁ।কিন্তু মই তোমাক বিয়া পাতিব বিচাৰোঁ সীমা।তুমি,মই আৰু মা আমাৰ সৰু সংসাৰ,সুখৰ সংসাৰ।

*মই কথাবোৰ তেনেদৰে ভবা নাই, আচলতে মই নাভাবোৱেই।বৰমাক মোৰ ভাল লাগে, সেয়ে মই তেওঁৰ ওচৰলৈ যাওঁ।তেওঁৰ আদৰখিনি অমান্য কৰাৰ সাহস হয়তো মই কৰিব নোৱাৰোঁ।কিন্তু মই বিয়া বা তেনে সম্পৰ্কৰ কথা কেতিয়াও ভবা নাই।মোৰ মা-দেউতাৰ সম্পৰ্কৰ তিক্ততাবোৰ দেখাৰ পিছত আচলতে মই বিয়া-বাৰুৰ সম্পৰ্কত সোমাৱই নিবিচাৰোঁ।বেয়া নাপাব,আপুনি ভাল ছোৱালী পাব।

   গুচি গৈছিল সীমান্তিকা কথাকেইষাৰ কৈ ৰুমৰ ভিতৰলৈ।সেই ৰাতি তাইৰ টোপনি নাহিল।নাভাবোঁ বুলি ভাবিও চোন বাৰে বাৰে তাইৰ মনলৈ সমীৰণৰ কথাকেই আহি থাকিল।নিজৰ ওপৰতেই খং উঠিল তাইৰ।কিহে পাইছিল ইমান আত্মীয়তা গঢ়ি তুলিবলৈ।এইবোৰৰ পৰা আঁতৰি থাকিবলৈয়েটো তাই পলাই ফুৰিছিল তেজৰ সম্পৰ্কবোৰৰ পৰা।সমীৰণৰ ঘৰলৈ আৰু নোযোৱাটোৱেই তাই থিৰাং কৰিলে।

পিছদিনা অফিচ পোৱা তাইৰ দহ মিনিটমান পলম হ'ল।অফিচলৈ সিহঁতৰ নতুন বচ অহাৰ কথা আছিল।কালিৰ কথাবোৰৰ মাজত ডুবি থাকোঁতেই অফিচৰ ইমান গুৰুত্বপূৰ্ণ দিনটো তাই পাহৰি থাকিল।গালি খোৱাৰ ভয়ত ভয়ে ভয়ে তাই সোমাই গ'ল।সকলোৱে নতুন বচক শুভেচ্ছা জ্ঞাপন কৰি আছে।তায়ো হাতখন আগবঢ়াই দিলে।

 সীমান্তিকা আচৰিত হৈছিল বছৰ ৰূপত সমীৰণক দেখা পাই।খং উঠি আহিল তাইৰ,কালি ৰাতিলৈকে লগ পোৱা সমীৰণে তাইক এবাৰো এই খবৰটো দিব নোৱাৰিলে নে।খঙে,অভিমানে সীমান্তিকাই নিজৰ কেবিনলৈ সোমাই গ'ল।

সেইয়াই আৰম্ভণি।লাহে লাহে সীমান্তিকাৰ মনত সমীৰণে কেনেকৈ ঠাই পালে তাই গমেই নাপালে।সমীৰণে অফিচ সংক্ৰান্তীয় কামত অন্য ঠাইলৈ গ'লে সীমান্তিকাৰ হৃদয়ে হাহাকাৰ কৰি উঠে।নিজকে বাৰে বাৰে প্ৰশ্ন কৰে তাই,এইয়াই প্ৰেম নেকি?কিন্তু পিছ মূহুৰ্ততে আকৌ মনটোক প্ৰবোধ দিয়ে,তাই প্ৰেমত পৰিব নোৱাৰে, তাইৰ বাবে সম্পৰ্ক কেৱল তাইৰ নিজৰ লগত।সমীৰণৰ ঘৰলৈ দুদিনমান তাই নোযোৱাকৈ আছিল।কিন্তু অৰুণিমা চলিহাক উপেক্ষা কৰাটো তেতিয়ালৈ ইমান সহজ হৈ থকা নাছিল।বিশেষকৈ একেটা অফিচতে বৰ্তমান দুয়ো কৰ্মৰত হোৱাত তেওঁ সমীৰণক অফিচ ছুটী হোৱাৰ পিছত সীমান্তিকাকো লৈ আহিবলৈ কয়।তেনেদৰেই অহা-যোৱা চলি থাকে।এদিন অৰুণিমা চলিহাই সীমান্তিকাক কয়

*সীমা,ভাবিছোঁ এইবাৰ মোৰ লগৰী এজনী গোটাই লওঁ।
*মানে?
*মানে আমাৰ বাবাৰ বিয়াখন পাতি দিওঁ।
*ভাল কথা বৰমা,পাতক পাতক।আমিও বিয়া এখন খাবলৈ পাম।ছোৱালী চাইছে?
  কথাষাৰ ক'লে যদিও সীমান্তিকা যেন আহত হ'ল।
*চাইছোঁ মনে মনে।মোৰটো পচণ্ডৰ ছোৱালী এতিয়া তেওঁ বা কি কয়?
*চাওঁক,চাওঁক বৰমা।
*সেই ছোৱালীজনী তুমিয়েই সীমা।তোমাৰ বাহিৰে আমাৰ পচণ্ডৰ বেলেগ কোন হ'ব পাৰে।সকলো সম্পৰ্কই একে নহয় সীমা।তোমাৰ মা-দেউতাৰ সম্পৰ্কৰ তিক্ততাখিনি তোমাৰ জীৱনত কিয় পৰিবলৈ দিবা।সম্পৰ্ক কেতিয়াও একপক্ষীয় নহয়।দুয়ো পক্ষৰ বিশ্বাস, মৰম,আৱেগেহে সম্পৰ্ক এটা মধুৰ কৰি তুলে।অতীতৰ সম্পৰ্কৰ তিক্ততা বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অভিজ্ঞতা হ'ব পাৰে কিন্তু উদাহৰণ হ'ব নোৱাৰে।সেই তিক্ততাই আমাক শিক্ষা দিয়ে সংশোধনৰ,পংকিলময় বাটটো মসৃণ কৰি লোৱাৰ।ভাবি চাবা কথাবোৰ।জোৰ বা বাধ্য কৰা নাই,নিজৰে এজনী বুলি ভাবিহে কৈছোঁ।উত্তৰৰ বাবে অপেক্ষা কৰিম।তোমাৰ মা-দেউতাৰ লগতো কথা পাতিম।

 সময় পাৰ হয় সন্তপৰ্ণে,সংগোপনে।সীমান্তিকাই কেতিয়াবা যদি ভাবে সমীৰণৰ লগত যুগ্ম জীৱনৰ কথা, পিছ মূহুৰ্ততে দৃশ্যমান হয় অতীতৰ মাক-দেউতাকৰ সম্পৰ্কৰ কলুষতাখিনি।তাইৰ জীৱনলৈয়ো যদি সময়ে এনে বান নিক্ষেপ কৰে, সহিব পাৰিব নে তাই।উত্তৰ নাই তাইৰ ওচৰত।তথাপিও সমীৰণ কাষত থাকিলে তাইৰ ভাল লাগে।সমীৰণ অফিচত নথকাৰ দিনা তাই মন বহুৱাব নোৱাৰে।সমীৰণে সেই দিন ধৰি অফিচৰ কথাৰ বাহিৰে সিহঁতৰ সম্পৰ্কৰ কথা আৰু পতা নাই।এদিন হঠাৎ মেছেজ আহিল সমীৰণৰ পৰা

*মিছ কৰিছা মোক?

  সৰ্ব শৰীৰ তাইৰ শিহৰিত হৈ উঠিল।কেনেকৈ গম পালে সমীৰণে তাইৰ মনৰ কথা।সঁচাকৈয়ে তাই সেই সময়ত সমীৰণৰ কেবিনলৈ চাই আছিল।অহাৰ পৰা তাই সেইদিনা সমীৰণক দেখা নাছিল।

*নাই, নাই কৰা।
*তেতিয়া হ'লে এইফালে কি চাই আছা?
* কেবিনত বৰমাৰ বোৱাৰী চোৱাৰী সোমাই আছে নেকি চাইছোঁ।
*জ্বলিছা?
*মই কিয় জ্বলিম?
*আই লাভ ইউ।মই তোমাকেই বিয়া পাতিম, মাক কৈছোঁ।তুমি ন' ক'লে ময়ো কাকো বিয়া নাপাতোঁ।
*ইমান প্ৰেম?
*ও,প্ৰেম জনমে জনমে।
*কিন্তু মই বিয়া নোহোৱাকৈ থাকিব বিচাৰোঁ।সম্পৰ্কৰ বান্ধোনত সোমাব নিবিচাৰোঁ সম্পৰ্কবোৰ প্ৰথম প্ৰথমহে মধুৰ হয়,পিছলৈ ই বিষক্ৰিয়াৰ সৃষ্টি কৰে।
*দিছ ইজ ইয়ৰ ফাইনেল ডিচিজন?
*ইয়েচ।

  সেই দিন ধৰি তাই সমীৰণক দেখা নাই।আজি এসপ্তাহ হ'ল।অফিচলৈ দুয়োটা আহিছে কিন্তু কোনেও কাকো দেখা নাই।যিমানে দিন বাগৰিছে সিমানে সীমান্তিকাৰ হৃদস্পন্দন বাঢ়ি গৈছে।নোৱাৰিছে তাই সমীৰণৰ উপেক্ষা সহ্য কৰিব।এনেকুৱা হোৱাৰটো কথা নাছিল।তেন্তে সঁচাকৈয়ে তাই সমীৰণক ভাল পাই পেলাইছে নেকি?হাজাৰ প্ৰশ্নই সীমান্তিকাৰ হৃদয়ত তোলপাৰ লগাইছে।জীৱনৰ গতিপথটো চোন তাই কিবা স্থিৰ কৰিব পৰা নাই।যুগ্ম ঠিকনা এটি দি চাব নেকি জীৱনটোক,দি চাব নেকি জীৱনটোক এটি নতুন সুযোগ।যি সুযোগে আহ্লাদিত কৰিব তাইৰ জীৱন,জীৱন সঙ্গীতৰ মাধুৰ্যত নিজকে বিলীন কৰি দিব।অহৰহ এক অস্থিৰ ভাৱনাই মনটো উতলা কৰি ৰাখিছে।পলম নকৰে তাই আৰু অফিচত কামৰ মাজতে  তাই সমীৰণলৈ মেছেজটো পঠিয়াই দিলে।

*এটি আবেলি মোৰ  নামত লিখি দিব পাৰিবা  সমীৰণ?য'ত ব্যস্ততাবোৰ শুই পৰিব,আবেগে শিহৰিত কৰিব,মৰমে কথা ক'ব আৰু ফাগুনে ৰং ছটিয়াব,অস্তগামী সুৰুযৰ হেঙুলীয়া আভাই দুয়োকে মায়াময় এটি সান্নিধ্যৰ ঠিকনা দিব।মোৰ বাবে এটি আৱেলি আৰু আমাৰ বাবে সমস্ত জীৱন।
ক্ষন্তেক সময়ৰ পিছতে সমীৰণৰ পৰা উত্তৰ আহিল

*এনে হাজাৰটা আবেলি মই তোমাৰ নামত লিখি দিব পাৰিম সীমা।য'ত বসন্তৰ শ্যামলীমায়ে লুকাভাকু খেলিব,সলাজ প্ৰেমৰ হাঁহি সানি তুমি ৰঙচুৱা হৈ পৰিবা।ওজাগৰী নিশা তৰালিৰে সৈতে কথা পাতি জীৱন সঙ্গীত জুৰিম আৰু দুয়ো দুয়োৰে হৈ ৰ'ম আজীৱন।বিশ্বাস আৰু মৰমেৰে কটকটীয়া কৰিম আমাৰ সম্পৰ্ক চিৰকাললৈ।

শীতল আমেজ এটিয়ে দুয়োকে চুই গ'ল।জীৱনক অনুভৱ কৰি আনন্দিত হৈ পৰিল দুটি মন।গুণগুণাই উঠিল সীমান্তিকা


  এই ৰিক্ত বুকুতে
 বাসনা ঢালিলা
মোৰ তেজে তেজে সীৰে সীৰে
বোৱালা প্ৰেমৰ অলকানন্দা


 

Sunday, December 6, 2020

প্ৰচ্ছদ

 

       বাৰে বাৰে দেউতালৈ চাইছোঁ ,আছে নেকি ক'ৰবাত চকুপানীৰ টোপাল।আমাৰ পৰা তেওঁ পলাইছে নেকি।থিক সৰুতে ভুল কৰি ধৰা পৰাৰ ভয়ত যে আমি পলাও ঠিক তেনেকৈ।চকুপানীৰ লেশ অকণো নাই।নে দেখুওৱা নাই।মা নথকা ঘৰখনত ডাঙৰ হোৱাৰ পিছত ময়ে ভাইটিৰ বাবে মা হৈ পৰিছিলোঁ, তাৰ যাতে কোনোফালে, কোনোক্ষেত্ৰত অসুবিধা নহয় মই তাৰ খবৰ ৰাখিছিলোঁ,লগতে দেউতাৰো। জীৱনৰ বাটত হাজাৰ বাধা আহিলেও দেউতাই হেলাৰঙে পাৰ কৰিছিল।প্ৰতিটো বিপদত  তেওঁৰ দুহাতেৰে আমাক আৱৰি ধৰিছিল।আমাৰ সুখত তেওঁ সুখী আৰু আমাৰ দুখত তেওঁ দুখী হৈছিল।আমি যিয়েই নিবিচাৰোঁ কিয় পিছ মূহুৰ্ততে আমাক সেইটো বস্তু আনি দিছিল।বিহুৱে,পূজাই নিজে কাপোৰ লোৱা আমি কেতিয়াও দেখা নাই, কিন্তু আমাক এমাহৰ আগতেই গুটাই আনি দিছিল।নিজে ভালপোৱা বস্তুবোৰৰ তালিকাখন কমাই আমি ভালপোৱা বস্তুবোৰৰে ঘৰ ভৰাই দিছিল।কিন্তু যিদৰে আমাক মৰমৰ ডোলেৰে বান্ধি ৰাখিছিল ঠিক সেইদৰে শাসনৰ জৰীৰেও বান্ধি ৰাখিছিল।প্ৰকৃততে দেউতা আমাৰ বাবে একোডাল  বটবৃক্ষ যি ৰ'দ দিলে আমাক ছাঁ হৈ আৰু বৰষুণ দিলে আমাক আলয় হৈ আমাক ৰক্ষণা দিছিল।তেওঁৰ উপস্থিতিত আমি নিৰ্ভয়ে জীৱন ডিঙা পাৰ কৰিছিলোঁ।মধ্যবিত্ত আমাৰ পৰিয়ালটোৱে কি দেখা নাই এই মোৰ পঁচিশ বছৰীয়া জীৱনটোত।মাৰ মৃত্যু, দেউতাৰ সেই দৰমহা নোপোৱা শিক্ষকৰ চাকৰিটো, ভাইটিৰ শ্বাস প্ৰশ্বাসৰ অসুবিধাৰে জৰ্জৰিত জন্মৰ ছয় সাত বছৰ,তাক লৈ ডাক্তৰৰ ওচৰে ওচৰে কমখন ঘূৰা নাছিলোঁ আমি দুজন।তেতিয়াও দেউতাই আমাৰ দুজনৰ সাহস হৈ প্ৰতিটো ক্ষণতে থিয় দিছিল।
 সম্পৰ্কীয় মানুহ, গাঁৱৰ মানুহে জোৰ কৰা স্বত্বেও দেউতাই দ্বিতীয় বিবাহ নকৰালে।আমাৰ দুটাৰ ভৱিষ্যতক লৈ তেওঁ চিন্তিত হৈছিল।তেজীমলাৰ নিচিনা দুৰৱস্থা যাতে আমাৰ নহয় তাৰ বাবে দেউতাই দ্বিতীয়বাৰ বিয়া কৰোৱাৰ কথা চিন্তা নকৰিলে।সদায় পুৱা পাঁচটাতে উঠি তেওঁ ঘৰৰ সমস্ত কাম কৰি আমাক স্কুললৈ পঠিয়াইছিল।পঢ়াৰ সময়ত টেবুলত গাখীৰৰ গিলাচ যোগান ধৰিছিল ঠিক যিদৰে মোক মায়ে ধৰিছিল।ডাঙৰ হৈ অহাৰ লগে লগে আমাৰ বাবে মা দেউতা এজনেই হৈ পৰিছিল।কেতিয়াবা কেতিয়াবা মৰমে উপচি পৰিলে আমি দেউতাকে 'মা' বুলি মাতিছিলোঁ।মনত পৰে এতিয়াও মাৰ মৃত্যুত দেউতাৰ অৱস্থাৰ কথা।

 জীৱনৰ এটি নেদেখা দৃশ্য।কাক চাম,নিজক নে নতুনকৈ ঘৰলৈ অহা মোৰ দুদিনীয়া ভাইটিটোক।দহ বছৰীয়া  মইজনীয়ে কথাবোৰ থিক বুজিব পৰা নাই ,মাথোঁ এটা কথা বুজিছোঁ মৰমৰ মাজনী আৰু নাই।হস্পিতালৰপৰা নমোৱে দিয়া ভাইটিটো আনিবলৈ গৈ দুদিনৰ মূৰত ঘূৰি আহিল এম্বুলেন্সত তাকো শুই।দেউতাই ভাইটিক মোৰ কোলাত তুলি মাক শ্মশানলৈ নিয়াৰ যা যোগাৰ কৰিলে।মাৰ মৃত্যুত মই কান্দিছিলোঁ চিঞৰি চিঞৰি কিন্তু দেউতাই এটোপালো চকুলো টোকা নাছিল।বৰমাক সুধিছিলোঁ

*দেউতাই কিয় কন্দা নাই?

বৰমাই কৈছিল

*পুৰুষে  নাকান্দে নহয়।

 লাহে লাহে দিনবোৰ পাৰ হৈছিল।কিন্তু সদায় ৰাতি কাষৰ ৰুমটোৰ পৰা কাৰোবাৰ উচুপনি শুনিবলৈ পাইছিলোঁ।দেউতাক জগাবলৈ চাওঁ, দেউতা নাথাকে আমাৰ ওচৰত।আকৌ ভয়ে ভয়ে মাতো

* দেতা,অ' দেতা।

দেউতা সোমাই আহে

* কি হ'ল মাজনী।মই বাহিৰলৈ গৈছিলোঁ ।
মন দি শুনো তেতিয়ালৈ কান্দোনৰ শব্দ নাইকিয়া হয়।একো নাই বুলি আকৌ শুই পৰোঁ।এনেদৰেই কেইবাদিনো যায়, এদিন কান্দোনৰ শব্দ শুনি দেউতাক শুৱা ঠাইত নেদেখি চিঞৰি দিলোঁ

* মায়ে কান্দিছে দেতা,মা ইয়াতে আছে।দেতা ,মা মা।

দৌৰি আহে দেউতা

*কোনো নহয়  অ' মাজনী তই সপোন দেখিছ শুই থাক।

সেইদিনাৰ পৰা উচুপনিবোৰ আৰু ভাহি নহা হ'ল।
বয়সে মোক তেতিয়া কথাবোৰ বুজি উঠিবৰ বাবে পৰিপক্ক কৰি তুলা নাছিল।মা নথকা ঘৰখনত দেউতাই ভাইটিক নিচুকনি গীত গাই শুৱাইছিল,ৰাতি ৰাতি চোতালত বহি আমাক তৰা গণি গণি ৰামায়ণ,মহাভাৰতৰ কাহিনী, পৰীৰ দেশৰ সাধু শুনাইছিল আৰু পিছলৈ মই ভাইটিক শুনাব পৰা হৈছিলোঁ।কাৰেন্ট গ'লে ওৰেটো ৰাতি দেউতাই আমাক বিচনিৰ বা দি দি শুৱাইছিল।

মই যেতিয়া পুষ্পিতা হৈছিলোঁ ঘৰখনত বৰমা,খুড়ীহঁতৰ সঘন অহা যোৱা চলিছিল।বৰ কষ্ট হৈছিল দেউতাৰ কণমানি ভাইটিটোৰ সৈতে মোৰ বাবে বজাৰ সমাৰ কৰাৰ।বৰমাহঁতে তেতিয়াও কয়

* দেখিছ নহয় কিমান সমস্যা,সেয়ে কওঁ বিয়াখন পাতি ল।

 সেই ঠাইৰ পৰা দেউতা আঁতৰি যায়।মোক কয় তেওঁলোকে

* তয়ে কবিচোন বাপেৰক বিয়াখন পাতি ল'বলৈ,মতা মানুহ দুখবোৰ পাতলাবলৈও মানুহ এজনী লাগে।মাইকী মানুহৰ চকুপানীতেই দুখবোৰ পাতলে,মতা মানুহেটো কান্দিবও নোৱাৰে।
মই দেউতাক নোকোৱা নহয় কওঁ,কিন্তু দেউতাই মোক সোধে

* তই ঘৰৰ কাম কৰিবলৈ মানুহ এজনী বিচাৰ নে ,মাৰ মৰম পাবলৈ মানুহ এজনী বিচাৰ?

* নাজানোঁ মই দেউতা, কিন্তু বৰমাহঁতে কয় তোমাৰ বৰ কষ্ট হয় ঘৰৰ কাম কৰোঁতে সেয়ে নতুন এজনী মা আনিব লাগে।

* হ'ব দে ঘৰৰ কাম আমি দুয়োটাই মিলি কৰিলে হৈয়েই যাবচোন।মৰমবোৰ আমাৰ তিনিটাৰ মাজতে থাকিব দে আৰু ভগাই নলওঁ।

 মনে মনে মই ভালো পাইছিলোঁ নতুন মায়ে আহি যদি তেজীমলাৰ মাহীমাকৰ দৰে আমাৰ দুটাকো মাৰি পেলাই।দেউতাৰ ব্যস্ততাবোৰ বাঢ়িছিল।ডাঙৰ হৈ অহাৰ লগে লগে ময়ো তেওঁক বহু ক্ষেত্রত সহায় কৰি দিব পৰা হ'লো।কলাকলকৈ ভাইটিও ডাঙৰ হ'ল।ভাইটি আৰু মই শৈক্ষিক জীৱনৰ পৰীক্ষাবোৰত সুখ্যাতিৰে উত্তীৰ্ণ হ'লোঁ।দেউতাই মোৰ বিয়াৰ কথা কৈ থাকে যদিও ময়ে ভাইটি অলপ ডাঙৰ হোৱালৈ বাট চালোঁ।কিয় জানোঁ দেউতাক দায়িত্বৰ ভাৰবোৰেৰে আৰু কুঁজা কৰিবলৈ মন নগৈছিল।ভাব হৈছিল সৰুতেই বৰমাহঁতে কওঁতেই যদি দেউতাই দ্বিতীয় বিবাহ কৰালে হয় আজি হয়তো দেউতাক অকলে এৰি যাবলৈ মোৰ ইমান দুখ নালাগিল হয়।নিজকে দোষী যেনো লাগে মাজে মাজে প্ৰশ্ন কৰোঁ নিজকে কোনোবাখিনিত মই স্বাৰ্থপৰ হৈ গৈছিলোঁ নেকি?মাহীমাৰ অত্যাচাৰৰ ভয়ত দেউতাৰ জীৱনটোত আমি দুটাই হেঙাৰ হৈ থিয় দি থকা নাইটো।

  সময়ে সমাজৰ বহু পৰিৱৰ্তন অনা মই দেখিছোঁ।বহু বিধৱা নাৰীৰ দ্বিতীয় বিবাহৰ মই চাক্ষুষ প্ৰমাণ পাইছোঁ, কোনোবাখন যদি খাবলৈ গৈছোঁ, কোনোবাখনৰ বাতৰি পাইছোঁ।মাজে মাজে মোৰ মনলৈ যে এতিয়া দেউতাৰ দ্বিতীয় বিবাহৰ কথা অহা নাছিল এনে নহয়।ভয় খাইছিলোঁ মোক বিয়া দিয়াৰ পিছত, ভাইটি পঢ়িবলৈ দূৰলৈ যাব লগা হ'লে দেউতা কাৰ লগত থাকিব।এনে নহয় যে দেউতাক মই বিয়াৰ পিছত নাচাম বা মোৰ লগত নাৰাখিম,কিন্তু দেউতা যে মাৰ স্মৃতিৰে পূৰ্ণ ঘৰখনৰ পৰা এদিনৰ বাবেও  দূৰ নহয়।এদিন মই কথাটো বৰমাহঁতৰ আগতো উলিয়াইছিলো।কিন্তু তেওঁলোকে ভেকাহি মাৰি আহিল

*থ,থ আগতেই কৈছিলোঁ তেতিয়া গুৰুত্ব নিদিলি এতিয়া আৰু ছোৱালী বিয়া দিব পৰা,বোৱাৰী আনিবলৈ হোৱা  মানুহলৈ কোনে ছোৱালী দিব।

*ছোৱালী নালাগে আমাক বৰমা,দেউতাৰ যতন ল'ব পৰা,দেউতাৰ মনটো বুজিব পৰা এগৰাকী পত্নী লাগে,লাগিলে তেওঁ দেখাত কুৎসিতেই হওঁক, বিধৱাই হওঁক বা বয়সে গৰকাই হওঁক।

  মুখ ভেঙুচালি কৰি তেওঁলোক উঠি গৈছিল।

    সময় পাখি লগা কাঁড়ৰ দৰে।সৌ সিদিনা জন্ম হোৱা ভাইটি ৰণে এইবাৰ হায়াৰছেকেণ্ডেৰী দিলে।আশা আছে তাক লৈ,সপোন আছে তাক লৈ।হায়াৰছেকেণ্ডেৰী দিয়াৰ পিছতে দেউতাই মোৰ বিয়াৰ বাবে ল'ৰা বিচাৰিবলৈ ধৰিলে।উপযুক্ত পাত্ৰ এজনক কন্যাদান কৰাৰ সুখ তেওঁ এইবাৰ ল'ব বিচাৰে।সময়ত দেউতাৰ পচণ্ডৰ অনুসৰিয়েই বিমানৰ লগত মোৰ বিয়া থিক হ'ল।সুখী দেউতা,মুখৰ পৰা হাঁহি নুগুচেই।আনন্দৰ বন্যা তেওঁৰ চকুৱে মুখে।মোৰহে কিয় জানো বিয়া ঠিক হোৱাৰ পিচৰে পৰা বুকুখনত এটি বিষ অনুভৱ হ'ল।দেউতাৰ মুখখনলৈ বাৰে বাৰে চাওঁ মোক বিদায় দিবলৈ পাই তেওঁ সঁচাকৈয়ে সুখীনে?পাৰিবনে মোৰ অবিহনে তেওঁ জীয়াই থাকিব?পত্নী আৰু কন্যাবিহীন বৈতৰনী পাৰিবনে তেওঁ পাৰ কৰিব,সঁচাকৈয়ে পুৰুষৰ দুখ নাই নেকি?বাৰে বাৰে মই কল্পনা কৰোঁ মোৰ বিদায়ৰ মূহুৰ্তত দেউতাই কান্দিবনে,নে পুৰুষে সঁচাকৈয়ে নাকান্দে।কিন্তু মইচোন দেখিছোঁ সৰুতে ভাইটিক কন্দা।এতিয়াও কান্দে সি বস্তু এটা নাপালে,সি বিচৰা ধৰণে কিবা এটা নহ'লে।তেন্তে সি পুৰুষ নহয় নেকি।তাক মই কোনোদিন কোৱা নাই ল'ৰাই নাকান্দে বুলি, তাৰ উচুপনি, তাৰ কান্দোন কমাবলৈ কেতিয়াও কোৱা নাই পুৰুষে নাকান্দে বুলি।তেন্তে তাৰটো মোৰ দৰেই এখন হৃদয় আছে,য'ত দুখবোৰে পাৰ ভাঙিলেই কান্দোন ওলাই আহে।তেন্তে কি দেউতাৰ দুখ নায়েই নেকি?এনে হাজাৰটা প্ৰশ্নই মোক খেদি ফুৰে।

বিয়াৰ এমাহমান আগত এদিন মাজ ৰাতি দেউতাৰ ৰুমৰপৰা আকৌ সেই উচুপনি ভাহি আহিল।সেই যে মা ঢুকুৱাৰ পিছত মই শুনিছিলোঁ কাষৰ ৰুমৰ পৰা অহা উচুপনি, ঠিক একেই।হয় হয় একেই।আমি ডাঙৰ হোৱাৰ পৰা সকলোৰে ৰুম সুকীয়া সুকীয়া হ'ল।বিয়াৰ খবৰ ল'বলৈ আহি পেহা এজনে কোৱা কথা এষাৰি আকৌ কাণত বাজি উঠিল,"মা য'তেই নাথাকক কিয় বিয়াত আশীৰ্বাদ দিবলৈ নিশ্চয় আহিব।'মনলৈ ভাব হ'ল মা অহা নাইটো।মই হাতত সাৰে ভৰিত সাৰে বিচনাৰ পৰা উঠি দেউতাৰ ৰুমৰ দৰ্জাখনৰ কাষত ৰৈ কাণ থিয় কৰিলোঁ।কোনোবাই চেপি চেপি কান্দিছে,লাহেকৈ দৰ্জাখন ফাক কৰি চালোঁ,সৌৱাচোন মাৰ ফটোখনৰ ওচৰতে বহি দেউতা বহি আছে,মন দি শুনো উচুপনিৰ শব্দবোৰ তাৰ পৰাই আহিছে, লগতে মুখৰে কিবাকিবি কৈও আছে।ডিম লাইটৰ পোহৰত অস্পষ্ট যদিও মই থিকেই দেখিছোঁ।এৰা, সৌৱা মোৰ দেউতাই কান্দি আছে,দৌৰি গৈ মই তেওঁক সাবটি ধৰিলোঁ।তেওঁৰ চেপি ৰখা কান্দোনটো এইবাৰ স্পষ্টকৈ ওলাল।

  'অ' মোৰ আই তোক যদি কিবা দুখ দিছিলোঁ মোক ক্ষমা কৰি দিবি' বুলি দেউতাই কান্দিবলৈ ধৰিলে।মই বুজিলোঁ সেই যে মাৰ মৃত্যুৰ পিছত কাষৰ ৰুমৰপৰা ভাহি অহা উচুপনি আৰু আজিৰ উচুপনিৰ কাহিনীটো।তেন্তে নাৰীৰ দৰে পুৰুষৰো দুখ আছে দেউতাৰ থকাৰ দৰে,নাৰীৰ দৰে পুৰুষৰো হৃদয় আছে দেউতাৰ থকাৰ দৰে।দেউতাই কান্দিছে, গোটেই জীৱন চেপি ৰখা কান্দোনটো আজি লুইতে পাৰ ভঙাৰ দৰে ভাঙিছে।অতদিনে হাঁহিৰ মাজত প্ৰচ্ছদিত কৰি ৰখা চকুপানীখিনি আজি বৈ আহিছে।তেওঁৰ কোলাতেই মূৰ থৈ সেই উজাগৰী নিশা ইজনে সিজনৰ চকুলো মচি পাৰ কৰিলোঁ।দুখ,সুখ যদি একেই,তেন্তে চকুপানীখিনিতহে নাৰী, পুৰুষৰ প্ৰভেদটো কিয়?মোৰ কাণত তেতিয়াও বাজি থাকিল 'পুৰুষে নাকান্দে নহয়'।সিদ্ধান্ত ল'লো মই মোৰ বিয়াৰ আগত ঘৰখনলৈ দেউতাৰ বাবে এগৰাকী অৰ্ধাংগিনী বিচাৰি উলিয়াম মই।হঠাৎ মনলৈ আহিল গাঁৱৰে ৰিনা পেহীৰ কথা।শহুৰ শাহুৰ অত্যাচাৰ সহিব নোৱাৰি বিয়াৰ তিনিবছৰ পিছতেই বিধৱা হোৱা পেহীক মাক দেউতাকে লৈ আনে যদিও বৰ্তমান ককাই ভাইৰ পাল্লাত পৰি তেওঁৰ অৱস্থা নাইকিয়া হৈছে।মা ঢুকুৱাৰ পিছত মাজে সময়ে তেওঁ আমালৈ বুলি নাৰিকলৰ লাড়ু, পিঠা বনাই বনাই দিছলহি,আজিকালি তেওঁৰ নিজৰ খাবলৈয়ে অভাৱ, আমাক দিয়াৰ কথা চিন্তা কৰিব নোৱাৰে।

পিছদিনা পুৱাই তেওঁৰ ওচৰ পালোগৈ।গৈয়েই তেওঁক ক'লোঁ

* ৰিনা পেহী,আমাৰ দেউতালৈ বিয়া হ'বা?আমাৰ মা হ'ব নালাগে দেউতাৰ পত্নী হৈয়েই ৰ'বা।হ'বানে পেহী?

 থতমত খাই তেওঁ।এনেকুৱা কথা শুনিবলৈ পোৱাটোও যে তেওঁৰ বাবে পাপ।

*কি কোৱা মাজনী, নাপায় এনে কথা চিন্তা কৰিব,নাপায়।মই এগৰাকী বিধৱা, মোৰ ওচৰত দ্বিতীয় বিবাহৰ নাম লোৱাটোও পাপ।
 কাষৰ পৰা পেহীৰ নবৌৱেকে কথাবোৰ শুনি দৌৰি অহাদি আহিল।

*হ'ব হ'ব কিয় নহ'ব,অত বছৰে অকলে জীৱনটো পাৰ কৰি কিমান দুখত আছে মইহে জানোঁ।অন্ততঃ বুঢ়া বয়সত লগৰী এজন পালে জীৱনৰ থকা সময়খিনি সুন্দৰভাৱে পাৰ হ'ব।তুমি চিন্তাই নকৰিবা।কিন্তু তোমাৰ দেউতাৰাই জানো আকৌ বিয়া পাতিব?

 মানুহ গৰাকীৰ ইমান উৎসুকতাৰ কাৰণ মোৰ বুজিবলৈ অসুবিধা নহ'ল।

*দেউতাৰ কথা মোৰ ওপৰত এৰি দিয়ক,আগতে মই পেহীৰ মতামতটোহে জানিবলৈ আহিছোঁ।কোৱা পেহী হ'বানে মোৰ দেউতাৰ অৰ্ধাংগিনী?নে গোটেই জীৱন আনৰ লাঞ্জনা,কৰ্কথনা খায়েই পাৰ কৰিবা।

ৰিনা পেহীয়ে সন্মতি দিলে।নিজকে এখন যুদ্ধ জয় কৰাৰ দৰে লাগিল মোৰ,ঘৰলৈ আহি দেউতাক সকলো কৈ এইটোও ক'লো যে তেওঁ যদি এই বিবাহ নকৰাই ময়ো আজীৱন এইখন ঘৰতেই ৰৈ যাম।ভিন্ন ধৰণে, ভিন্ন কথাৰে,ভিন্ন দিশৰে দেউতাই মোক বুজাবলৈ চেষ্টা কৰিলে যদিও অৱশেষত মোৰ অটল সিদ্ধান্তৰ আগত তেওঁৰ শিৰ নত হ'ল আৰু দুদিন পিছত পৰিয়ালৰ দুই এজনৰ উপস্থিতিত আমাৰ ঘৰলৈ আহিল আমাৰ পৰিয়ালৰ নতুন সদস্যা ৰিনা পেহী।তেওঁক আমি পেহী বুলিয়েই সম্বোধন কৰিছিলোঁ কিন্তু এদিন পেহীয়েই ভাইটিকে মোকে বহুৱাই ক'লে

*যদি তোমালোকে বিচৰা মই তোমালোকৰ মা হ'ব বিচাৰোঁ।নিজৰটো কোনো সন্তান নায়েই তোমালোকৰ মুখতেই 'মা' বুলি শুনিব বিচাৰোঁ।পামনে মই এই অধিকাৰ?

*কিয় নাপাবা পেহী মানে ম__মা,আমিওটো এই দিনটোলৈকে ৰৈ আছোঁ।

  সোমাই পৰিলোঁ আমি দুটা মাৰ বুকুৰ মাজত।
জোৰোণৰ আগদিনা হাতত মেহেন্দি লগাই মই বহি আছোঁ, দেউতাই পেণ্ডেল দিয়া মানুহকেইজনক দেখুৱাই আছে ক'ত কেনেকৈ কি ধৰণে সজাব।আগফালে তোৰণত ভাইটিয়ে তদাৰক কৰিছে 'বিতপী বিমান'নামটো কেনেকৈ দিব।পাকঘৰত বৰমাহঁতে তেওঁলোকৰ কাম কৰি আছে।মই আঁৰ দৃষ্টিৰে দেউতালৈ চাই আছোঁ ক'ৰবাত কিঞ্চিৎমানো দুখৰ ভাবানুভূতি প্ৰতিফলিত হৈয়ে নেকি।নাই দেউতা সুখী প্ৰফেছাৰ জোঁৱাই পাই দেউতা সুখী,সকলোৰে আগত তাকেই কৈ আছে।মায়ে সকলোৰে বাবে চাহৰ যোগান ধৰিছে।দেউতাই চাহ কাপ হাতত লৈ মাৰ মুখলৈ চাইছে,দুয়োৰে চকুৱে চকুৱে মিলন হৈছে,এটি মিচিকিয়া হাঁহিৰে দুয়োৰে মুখমণ্ডল প্ৰদীপ্ত হৈছে।জীয়া জীয়া অনুভৱবোৰে প্ৰচ্ছদৰ মুখা খুলি প্ৰতিভাত হৈছে।প্ৰচ্ছদিত হৈ থকা দুটি জীৱনক জীয়ন দিলোঁ মই।জীৱনে জানো ইয়াতকৈ আৰু কিবা বিচাৰে,চকু দুটা মুদি অনুভৱ কৰিছোঁ এই প্ৰচ্ছদৰ আঁৰৰ জীয়া জীৱন দুটিক।

সমাপ্ত ।

Saturday, November 21, 2020

কেতিয়াবা এনেকৈয়ে

#কেতিয়াবা এনেকৈয়ে

লুইতৰো জানো কম বেথা
কত' কাহিনী গুপুতে ৰখাৰ অজস্ৰ গাঁথা।
তথাপিও লুইত বৈ যায়
প্লাৱনৰ ধাৰাৰে প্লাৱিত কৰি।
লুইতপৰীয়াক কন্দোৱাই,হহুৱাই,সপোন দেখুৱাই লুইত বৈ যায় ।

 মোৰ অন্তৰখনেও যেন হাজাৰ কথা গুপুত কৰি ৰাখিছে।অস্তমিত সুৰুযৰ শেষ বিন্দু ৰশ্মিৰ আভাই মোক এই সময়তো পোহৰাই তুলিছে।হা হুমুনিয়াহবোৰ পাহৰি পেলাইছোঁ, সেয়েটো আহোঁ ইয়ালৈ।লুইতৰ বুকুৰ সৌন্দৰ্যই যে সকলোবোৰ পাহৰাই দিয়ে।সেয়ে যেতিয়াই মন যায় দৌৰি আহোঁ লুইতৰ পাৰলৈ।লুইত,মোৰ সুখ দুখৰ একমাত্ৰ সহযাত্ৰী।

*কান্দিছা তুমি শুভ্ৰদীপ?নাকান্দিবা,পুৰুষে কান্দিলে শোভা নাপায়।

  এদিন এই লুইতৰ পাৰতেই শুভ্ৰদীপ আৰু মোৰ বিচ্ছেদ হৈছিল।ভাষা অবিহনেই তাৰ চলচলীয়া চকুযুৰিয়ে মোক বহু কথাই বুজাই দিছিল।জানিছিলোঁ মই তাৰ বুকুৰ বেথা।ভয় কৰিছিলোঁ মই মোক হেৰুৱাই সি বিপথে নাযায়টো,মোৰ আৱৰ্তমানত তাক মৰম দিব পাৰিবনে কোনোবাই,পাঁচবছৰ প্ৰেমৰ পিছতো যেতিয়া মোৰ ওচৰত সদায় অপৰাধী অপৰাধী হৈ আহে সি মোৰ বুজিবলৈ বাকী নাথাকে তাৰ সেই অৱস্থাটোৰ কথা।দেউতাক নোহোৱা ল'ৰাটোক মাকে সৰুৰেপৰাই বৰ মৰমেৰে ডাঙৰ কৰিছে,মৰম দিব পাৰিছোঁ মই সঁচা, কিন্তু সেই আদৰ,যত্ন যি সি মাকৰ পৰা পাইছিল তাৰ সমকক্ষ হ'বলৈ হয়তো মই বহু জনম ল'ব লাগিব।মোৰ জীৱনৰ প্ৰথম প্ৰেম আছিল শুভ্ৰদীপ।ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল নাজানোঁ কিন্তু এদিনৰ চিনাকিতে শুভ্ৰদীপক মোৰ ভাল লাগিছিল।সেই যে ভাল লগা আজিও চোন সেই স্থানত মই কাকো বহুৱাবই নোৱাৰিলোঁ।বান্ধৱী নন্দিতাৰ বিয়াত কইনা খুজিবলৈ আহিছিল দৰাৰ ভায়েক, সখীয়েকহঁতে।কথাৰ চুপতি,দৰাঘৰ-কইনাঘৰৰ ধেমালিবোৰৰ মাজত আমাৰ চাৰি চকুৰ মিলন হৈছিল।লাহে লাহে আমাৰ কথা বতৰা আৰম্ভ হৈছিল।আঠমঙলালৈ অহা দৰাঘৰীয়াৰ লগত ফটো উঠোতে অজানিতে শুভ্ৰদীপ মোৰ কাষত থিয় দিছিল।এক বুজাব নোৱাৰা অনুভূতিয়ে মোৰ সৰ্ব শৰীৰ কঁপাই তুলিছিল।মিঠা মিঠা ভালপোৱাৰ অনুভৱবোৰত মই ডুব গৈছিলোঁ।একেখন চহৰলৈকে বিয়া হোৱা নন্দিতাৰ ঘৰলৈ শুভ্ৰদীপ প্ৰায়ে আহিছিল।আমাৰ দুয়োৰে কথাবোৰ নন্দিতাই জানিছিল।তাই আমাৰ সম্পৰ্কৰ কথা জানিছিল।আচলতে তেতিয়ালৈকে মোৰ বন্ধুত্বৰ তালিকাখনত নন্দিতাৰ বাহিৰে আৰু কাৰো স্থানেই নাছিল।নন্দিতাৰ ঘৰখনতেই আমি দুয়ো লগ হৈছিলোঁ।শুভ্ৰদীপৰ ককাকৰ ঘৰ আছিল সেইখন।

  শুভ্ৰদীপৰ শব্দৰ মায়াজালত আৱদ্ধ হৈছিলোঁ মই,তাৰ পুৰুষ কণ্ঠস্বৰৰ প্ৰেমত পৰিছিলোঁ মই।কবিতা লিখিছিল সি।কবিতাবোৰৰ প্ৰতিটো শব্দই মোক আলোড়িত কৰি তুলিছিল।শুভ্ৰদীপ গোস্বামী, লাহে লাহে কবি সন্মিলনবোৰত সি প্ৰায়েই যোৱা হৈছিল।কিন্তু সমান্তৰালভাৱে চলাই গৈছিল তাৰ লোক-সংস্কৃতিৰ ওপৰত গৱেষণাৰ কাম।ইমান ব্যস্ততাৰ পিছতো মোৰ মনত নপৰিলেও সি খবৰ ৰাখিছিল দিনটোৰ প্ৰায় বেলাতে।কোনোদিনে মই শুভ্ৰক কৈ নাপালোঁ'মোক পাহৰিলা'বুলি।তাৰ সলনি সিহে মোক কয়

*উম,মই আছোঁ এতিয়াও।

বাৰে বাৰে প্ৰেমত পৰোঁ মই শুভ্ৰৰ।ফোনৰ সিটো মূৰৰ পৰা ভাহি অহা শুভ্ৰৰ মাতষাৰত মই বাৰে বাৰে আপ্যায়িত হৈছিলোঁ।মোৰ পঢ়াৰ সময়ত শুভ্ৰই কেতিয়াও ফোন কৰা নাছিল, মোৰ পঢ়া শুনাৰ প্ৰতি আগতে যদি আগ্ৰহ কম আছিল,মই নজনাকৈয়ে শুভ্ৰই মোক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।তাৰ কথা আখৰে আখৰে পালন কৰিবলৈ মই যেন তাৰ একান্ত বাধ্য আছিলোঁ।মোৰ স্নাতক ফাইনেল পৰীক্ষা আগৰ দুটা বছৰতকৈ বহুতেই ভাল হৈছিল।আগতে যদি মোৰ জীৱনৰ লক্ষ্যও নাছিল, শুভ্ৰক লগ পোৱাৰ পিছত উষা নগৰীৰ কথাবোৰ শুনি শুনি মোৰ মনটো উৰা মাৰিছিল উষা নগৰীলৈ।মই ভবাতকৈও মোৰ বি.এ ৰ ৰিজাল্ট ভাল হৈছিল।স্নাতকোত্তৰ পঢ়িবলৈ মই চিট পাইছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ত আৰু শুভ্ৰক পাইছিলোঁ অতি ওচৰৰ পৰা।ভালপোৱাতকৈ শুভ্ৰক মই নতুন ৰূপত দেখিছিলোঁ।সদায় তাৰ মুখত মাকৰ কথা শুনি থকা মইজনীয়ে মাকক দেখিছিলোঁ।মাকক চোৱাৰ এক দূৰন্ত হেঁপাহ জাগিছিল মোৰ মনত।এদিন তেজপুৰত হোৱা গ্ৰন্থমেলা এখনত মোক চিনাকি কৰাই দিছিল শুভ্ৰই মাকৰ লগত।গোঁসানী যেন মানুহগৰাকীক যেন চালে চায়েই থাকিম মোৰ তেনে লাগিছিল।এসাগৰ ভক্তিৰে মনটো ভৰি পৰিছিল।তেওঁ সুধিছিল

*কি নাম তোমাৰ?

*উন্মালিনী দুৱৰা।

হাঁহি থকা মুখখন যেন ম্লান পৰি গৈছিল।বুজিছিলোঁ মই ইয়াৰ কাৰণ।এই লৈ শুভ্ৰৰ লগত মোৰ আগতেও কথা হৈছিল।কিন্তু তাৰ বিশ্বাস সি তাৰ মাকক বুজাব পাৰিব।কোনো দিন কোনো কথাতে না নোকোৱা মাকে একমাত্ৰ সন্তানৰ মনৰ ইচ্ছা নিশ্চয় পূৰ কৰিব।

স্নাতকোত্তৰৰ দুটা বছৰ বিশ্ববিদ্যালয়ৰ অলিয়ে গলিয়ে আমাৰ অবাধ বিচৰণ।সেইখিনি সময়তে শুভ্ৰই কলেজৰ চাকৰিটো পাইছিল।আমাৰ সপোনবোৰে পূৰ্ণতা পোৱাৰ পথত যেন আৰু এখোজ আগুৱাই গৈছিল।লুইতৰ পাৰত আমি প্ৰায়ে বহিছিলোঁ।প্ৰায় প্ৰতিটো আৱেলি অস্তমিত আদিত্যৰ আলোকেৰে আলোকিত হৈছিলোঁ আমি।গণেশ ঘাটৰ আৱেলিটো আমাৰ সদায় প্ৰিয়।

   শুভ্ৰৰ বাবে মাকৰ ছোৱালী বিচৰা আৰম্ভ হৈছিল।এবাৰ বাটত লগ পাই তেওঁ আমাৰ কেইজনীক কৈছিল

*আমাৰ বাবাৰ বাবে ছোৱালী এজনী চাবাচোন,তাৰ লগত মিলা।বেলেগ একো নালাগে মাত্ৰ তাক বুজি পোৱা আৰু ঘৰখনৰ লগত মিলি থাকিব পৰা হ'লেই হ'ল।অ' আৰু এটা কথা, ছোৱালীজনী কিন্তু গোঁসাই ছোৱালী হ'ব লাগিব।জানাই নহয় সমাজৰ কথা।এই বুঢ়া বয়সত তাক আৰু মই ত্যাজ্য পুত্ৰ কৰিব নোৱাৰোঁ।

 তেওঁ কাক উদ্দেশ্য কৰি কথাষাৰ কৈছিল নাজানোঁ,কিন্তু কথাষাৰে মোক হুলে বিন্ধাদি বিন্ধিছিল।দুদিনমান শুভ্ৰক লগ কৰা বাদ দিলোঁ,মাক-পুতেকৰ মাজত মোৰ নিজকে প্ৰাচীৰ যেন লাগিল।শুভ্ৰৰ ফোনৰ উপৰি ফোন,কেতিয়াবা কথা পাতো,কেতিয়াবা নাপাতো।এদিন আহি হোষ্টেল পালেহি।নকওঁ বুলি ভাবিও কথাবোৰ মুখৰ পৰা ওলাই গ'ল।আশ্বাস দিলে সি আগৰ দৰেই, সি মাকক বুজাব।একমাত্ৰ পুত্ৰৰ কথা তেওঁ মানিব,মানিব লাগিব।

  দিন বাগৰে,মোৰো বিশ্ববিদ্যালয়ৰ জীৱনৰ অন্ত পৰিল।ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিলোঁ।তেজপুৰখন,বিশ্ববিদ্যালয়খন হৃদয়ত আঁকি চকুপানীৰ ঢল বোৱাই ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিলোঁ।ইফালে ঘৰত দেউতায়ো ল'ৰা চোৱা আৰম্ভ কৰিলে।মাৰ আগত শুভ্ৰৰ সকলো কথা ক'লো।মাৰ স্পষ্ট কথা

*সি যে তোক বিয়া পাতিব পাৰিব সেই আশা কম।তোৰেই ভুল সমাজৰ নিয়ম তই কিবা নাজান নেকি?এগৰাকী মাকক কন্দুৱাই তই কেতিয়াও সুখী হ'ব নোৱাৰিবি।

  এদিন শুভ্ৰই মাতি পঠাই,এবুকু ভালপোৱা আৰু পোৱা নোপোৱাৰ দুৱাৰডলিত ৰৈ সি মতাৰ লগে লগে মই যাওঁ লুইতৰ পাৰলৈ।বহু পৰ লুইতৰ পাৰত অকলে বহি থাকোঁ।শুভ্ৰ নাহে,ফোন কৰিলেও ৰিচিভ নকৰে।বুজিছিলোঁ মই ইয়াৰ অৰ্থ।তথাপিও আশাবাদী আমি,আমৃত্যু পৰ্যন্ত নিৰাশাৰ মাজতো আমি শেষ আশা লৈ জীয়াই থাকোঁ।বহু পলমকৈ আহিছিল শুভ্ৰ।নিৰৱে বহি ৰৈছিল মোৰ কাষত।সময়ত মৌনতায়ো বহু কথা কৈ যায়।

*একো নোকোৱা শুভ্ৰ?

*মোক ক্ষমা কৰি দিয়া উম,মই মোৰ কথা ৰাখিব নোৱাৰিলোঁ।তোমাক গ্ৰহণ কৰিলে মাক মই হেৰুৱাব লাগিব।মাতৃহন্তাৰ পাপ মই ল'ব নোৱাৰিম।

  হৃদয়ে নামানিলেও মোৰ বিবেকে যেন এই সিদ্ধান্ত আগতেই মানি লৈছিল।ভাঙি পৰিছিলোঁ মই সম্পূৰ্ণ ভাৱে,তথাপিও মই শুভ্ৰক চম্ভালিবলৈ,বুজাবলৈ চেষ্টা কৰিছিলোঁ।কান্দিছিল শুভ্ৰই, মোৰ ভাষাৰ অভাৱ হৈছিল, তথাপিও মই কৈছিলোঁ

*কান্দিছা তুমি শুভ্ৰদীপ?নাকান্দিবা,পুৰুষে কান্দিলে শোভা নাপায়।

   লুইতৰ পাৰৰ সেই আৱেলিৰ পিছত আমি কোনো দিন লগ ধৰাৰ চেষ্টা কৰা নাই, আনকি শুভ্ৰৰ কি হ'ল,কেনেকৈ আছে জানিবলৈও মন কৰা নাই মই।ফোন নাম্বাৰ সলাই দিছিলোঁ।প্ৰেম মানেইটো বিবাহ নহয়,কেতিয়াবা বিবেকে শুভ্ৰক ভুল বুলি ভাবিবলৈ চেষ্টা কৰিলেও পিছ মূহুৰ্ততে মোৰ হৃদয়খন আৱৰি ধৰে শুভ্ৰৰ প্ৰতি থকা এসাগৰ ভালপোৱাৰে।

   দেউতাৰ দৰা চোৱাৰ পৰ্বৰ পৰা হাত সাৰিবলৈ ঠায়ে ঠায়ে য'ত যি পাইছিলোঁ চাকৰিৰ বাবে এপ্লাই কৰিছিলোঁ।অ'ত ত'ত সৰু সুৰা কিবাকিবি কৰি আছিলোঁ।কেৱল ঘৰৰ পৰা দূৰত আছিলোঁ যাতে ঘৰৰ,সমাজৰ সমালোচনাৰ পৰা আঁতৰি থাকিব পাৰোঁ।প্ৰতি ক্ষণ,প্ৰতি দিন,প্ৰতি মূহুৰ্তত মই কঢ়িয়াই লৈ ফুৰিছিলোঁ শুভ্ৰৰ ভালপোৱাবোৰ,শুভ্ৰৰ স্মৃতিবোৰ,লুইতৰ পাৰৰ আৱেলিবোৰ আৰু আমাৰ প্ৰেমৰ সুবাসবোৰ।পুনৰ তেজপুৰে ৰিঙিয়াইছিল।এন.জি.অ' এটাত তেতিয়া মই গুৱাহাটীৰ ব্ৰান্সত কৰি আছিলোঁ,তেজপুৰটো তাৰ ব্ৰান্স আছিল।খুব কম দিনৰ ভিতৰতে ভাড়াঘৰৰ মালিকৰ জীয়ৰী অনিন্দিতাৰ লগত মোৰ সৌহাৰ্দ্য গঢ়ি উঠিছিল।আমি প্ৰায় সম বয়সীয়াই আছিলোঁ।তেওঁলোকৰ দুজনী ছোৱালী,ডাঙৰজনীয়ে বিয়াৰ এবছৰ পিছতেই এজনী পৰী হেন ছোৱালী জন্ম দি দুৰ্ঘটনা এটাত মৃত্যুক সাৱটি লয়।মাজে মাজে অনিন্দিতাই গৈ লৈ আহে।পৰী হেন ছোৱালীজনী আহিলে ঘৰখন প্ৰাণ পাই উঠে।কেতিয়াবা কেতিয়াবা মই লগ পাওঁ অফিচৰ পৰা আহি।মাহী মাহী বুলি থুপুক থাপাক খোজেৰে অহা জিকমিকজনীক একোলা নোলোৱাকৈ থাকিব পাৰিনে।কেতিয়াবা মোক তাই সোধে

*মায়ী,টকলেট নাই অনা?

 সেয়ে আজিকালি তাইলৈ বুলি চকলেট এটা মোৰ বেগত ৰাখোৱেই।সন্ধিয়াৰ আগত আকৌ তাইক অনিন্দিতাই ঘৰত থৈ আহে।দেউতাকে অফিচৰ পৰা আহি তাইক নেদেখিলে ভাল নাপায় বোলে।জিকমিকজনী মোৰো আপোন আপোন লগা হ'ল।কলাকলকৈ তাই বাঢ়ি আহিছে।প্লে স্কুললৈ গৈছে তাই, দেউতাকে থৈ যায় স্কুলত আৰু অনিন্দিতাই দুপৰীয়া লৈ আহে।মাজে মাজে মই লগ পাওঁ, মোক তাই এদিন সুধিলে

*তোমাৰ নামটো কি?

* উন্মালিনী

*ইমান টান,মই তোমাক উম বুলি মাতিম।

     বুকুখন কঁপি উঠিল।

*নামাতিবা মোক উম বুলি, মাহী বুলিয়েই মাতিবা।

নাই তাই তেতিয়াৰ পৰা উম বুলিয়েই মাতে মোক।তাইক লগ পোৱাৰ ছমাহ মানৰ ভিতৰতে তাই মোৰ একেবাৰে আপোন হৈ পৰিল।শুভ্ৰই মোৰ বাৰ্থডেত এটা টেডী বিয়েৰ দিছিল, যিটো মই আজিও মোৰ লগত ৰাখোঁ।মই অফিচৰ পৰা অহাৰ পিছত মোৰ ৰুমত জিকমিকৰ অবাধ বিচৰণ,টেডী বিয়েৰটোক কাষতে শুৱাই তাই কথা পাতে।টেডীটো হেনো তাইৰ মাক।মৰম লাগি যায় জিকমিকজনীলৈ।বুকুৰ মাজত সোমোৱাই লওঁ তাইক।

   জিকমিকৰ বাৰ্থডে,মই নগ'লেই নহয়।এসপ্তাহ মানৰ আগৰ পৰাই তাইৰ বাৰ্থডেৰ প্লেনিং।আজিকালি ল'ৰা-ছোৱালীবোৰ যে ইমান এডভান্স।বাৰ্থডেত কি ড্ৰেচ পিন্ধিব,ড্ৰেচৰ লগত মিলাই কেনেকুৱা চুজ পিন্ধিব কেকটো কেনেকুৱা হ'ব সকলো নখ দৰ্পনত।বহু দোকান বিচাৰি বিচাৰি মই তাইৰ বাবে শুভ্ৰই দিয়া টেডীটোৰ নিচিনা টেডী এটা কিনি আনিলোঁ।অনিন্দিতাহঁতৰ লগতে ময়ো গ'লোঁ।

  আমালৈ ৰৈ আছে তাই অধীৰ আগ্ৰহেৰে।আমাক দেখিয়েই দৌৰি আহিছে জিকমিকজনী।

*উসঃ ইমান যে মৰম লাগিছে আমাৰ জিকমিকজনীক- বুলি মই তাইৰ গালত চুমাএটা যাচিলোঁ।মোক টানি নিলে তাই।

*আহা,পা-পা,পা-পা আতা(আইতা)ক চোৱাহি।

*এইজনী মোৰ আতা।

 *আতা,এইজনী উম।

উসঃ,মোৰ ভৰিৰ তলৰ মাটিখিনি যেন নাইকিয়া হৈ গ'ল।ক'ত,কিয় আহিছোঁ সকলোবোৰ যেন মই পাহৰি পেলাইছোঁ।জিকমিকৰ আইতাক মানে শুভ্ৰৰ মাক।ঠিকেই চিনি পাইছোঁ মই, সেই গোঁসানী যেন মানুহগৰাকী এতিয়াও সেই একেই আছে।সৌৱা,মোৰফালেই শুভ্ৰ আহি আছে।

*পা-পা,পা-পা এইয়া চোৱা উম।

*নমস্কাৰ।আহা জিক,কেক কাটিবৰ টাইম হৈ গৈছে।

   অচিনাকি ভাৱত শুভ্ৰ সেই ঠাইৰ পৰা আঁতৰি গ'ল।মাকলৈ চাই হাঁহি এটি মাৰি ময়ো আঁতৰি আহিলোঁ।বাৰ্থডেত কি হ'ল কি নহ'ল মোৰ একোলৈ মন নাই, কেৱল তাৰ পৰা কেতিয়া যাব পাৰোঁ তাকে চিন্তা কৰিবলৈ ধৰিলোঁ।মনতে কথাবোৰ পাগুলীয়াই থাকিলোঁ'শুভ্ৰই বিয়া পাতিলে,শুভ্ৰই বিয়া পাতিলে'।মই যেন আশা কৰিছিলোঁ সি মোলৈ ৰওঁক,মাকক কওঁক উমক বিয়া নকৰালে মই কাকো বিয়া নকৰাওঁ।মোৰ সুপ্ত মনটোৱে যেন মানি ল'ব পৰা নাই শুভ্ৰৰ বিয়াৰ কথাটো।শুভ্ৰৰ প্ৰতি অভিমান হৈছিল মোৰ,তাৰ উপেক্ষাৰ বাবে যেন এই মূহুৰ্তত মই সাজু নাছিলোঁ।যি জিকমিকক পাই মই হাঁহিবলৈ শিকিছিলোঁ,সেই জিকমিকৰ প্ৰতি মোৰ যেন ঈৰ্ষা হ'ল।আধাতে গুচি আহিলোঁ তাৰ পৰা।দুদিনমানলৈ মই জিকমিকৰ পৰা পলাবলৈ ধৰিলোঁ।আগতে তাইক লগ পাবলৈ যদি মই সোনকালে উভতি আহিছিলোঁ এতিয়া  তাই যোৱাৰ পিছতহে মই ৰুম সোমাও।লুইতৰ পাৰলৈ দৌৰি যাওঁ।বুকুৰ বেথাবোৰ লুইতখনৰ বাহিৰে যে কাকো ক'ব নোৱাৰি।যি শুভ্ৰক মই প্ৰেম বন্ধনৰ পৰা মুক্ত কৰি দিছিলোঁ সেই শুভ্ৰৰ সংসাৰ দেখি মোৰ দহন হৈছে কিয় মই নুবুজিলোঁ।

অফিচৰ পৰা এদিন জানি বুজিয়েই দেৰিকৈ আহিলোঁ।অনিন্দিতাহঁতৰ আগফালৰ বাৰাণ্ডাত খুৰা খুৰীৰ লগতে জিকমিক আৰু আইতাক বহি আছিল।দৌৰি আহিল তাই, জাপ মাৰি মোৰ কোলাত উঠিল।

*উম,তুমি এইকেইদিন কিয় দেৰিকৈ আহিছা?মই সদায় তোমালৈ ৰৈ থাকোঁ।

*অফিচত কাম আছিল অ' জিকমিক।

*মোৰ টকলেট দিয়া?

  বেগৰ পৰা উলিয়াই তাইক চকলেটটো দিলোঁ।হাতৰ পৰা চাবিপাত লৈ ৰুমটো খুলিবলৈ তাই দৌৰি গ'ল।খুৰীহঁতৰ ফালে হাঁহি এটা মাৰি মই ৰুমত সোমালোঁ।জিকমিকৰ  ইতিমধ্যে টেডীৰ লগত কথা বতৰা আৰম্ভ হৈছে।ফ্ৰেছ হৈ মই চাহ একাপ বনাই তাইৰ প্ৰিয় বাৰবন বিস্কুটৰ টেমাটো উলিয়াই ল'লোঁ।এখন এখনকৈ ডালিমগুটীয়া দাঁতকেইটাৰে তাই বিস্কুট খাবলৈ ধৰিলে।

*সোমাব পাৰোনে?

চিনাকি মাতটো শুনাৰ লগে লগে মই ইতঃস্তত হ'লো।চকীখনত বহিবলৈ দি মই বিচনাখনতে বহি ৰ'লো।দুয়োৰে বাবে হয়তো সেই সময়খিনি স্থবিৰ হৈ যোৱা হ'লে।মনে মনে আওৰাইছো ৰৈ যা সময়,ৰৈ যা।ভাষাৰ অভাৱত দুয়ো মূক হৈ পৰিলোঁ।ৱাল ক্লকটোৰ কাটাকেইডালে ৰুমটোত এক সংগীতৰ ঢৌ তুলিলে।জিকমিক তেতিয়াও ব্যস্ত বিস্কুট খোৱাত।

*ভালে আছা উন্মালিনী?

*আছোঁ দিয়ক।

*আজি তোমাৰ ওচৰলৈ মই মোৰ ভুলৰ ক্ষমা বিচাৰি আহিছোঁ, পাৰিবানে মোক ক্ষমা কৰিব।মই বুঢ়া হৈছোঁ আৰু দুদিনমান পিছত এই বাপেক-জীয়েকহালক এৰি হয়তো মই চিৰ বিদায় ল'ম।কিন্তু মই মৰাৰ আগতে ইহঁতৰ সংসাৰখন পূৰ কৰি থৈ যাব বিচাৰোঁ।মই বুজিছো মোৰ ভুল হৈছে।জাত পাতৰ নামত মই মোৰ ল'ৰাৰ ভাল পোৱা কাঢ়িলোঁ।তাক কথাৰে বান্ধিলো।সি মোৰ কাৰণে সকলো কৰিলে সঁচা, মাথোঁ সি সি হৈ নাথাকিল।কবিতা লিখি ভালপোৱা ল'ৰাটোৱে কবিতা নিলিখা হ'ল,সকলো সময়তে গুণগুণাই থকা ল'ৰাটোৱে ক'ৰবাত গান এটা লগালেও খিংখিঙাই উঠা হ'ল।নিজকে মোৰ পৰা আঁতৰাই নিলে,মই গম নোপোৱাকৈয়ে।জিকমিকৰ জন্মৰ পিছতেই মাক দেউতাক দুয়োৰে মৃত্যু হোৱাত মোৰ ভন্টীক কৈ জিকমিকৰ দেউতাকৰ দায়িত্ব ল'লে শুভ্ৰই।জিকমিকৰ আইতাক মোৰ ভন্টী,কণমানি জনী আমাৰ দুয়োখন ঘৰৰ বাবে চকুৰ মণি হৈ পৰিল।তাই অহাৰ পৰা শুভ্ৰই যেন অলপ হ'লেও হাঁহিবলৈ ধৰিলে, গুণগুণাবলৈ ধৰিলে।জিকমিকৰ বাৰ্থডেৰ দিনা তোমাক দেখি মই বুজিলোঁ ভগৱানে মোক মই কৰা ভুলৰ প্ৰায়শ্চিত্তৰ সুবিধা কৰি দিছে।মই জানোঁ তুমিয়েই সেই একমাত্ৰ ছোৱালী যি শুভ্ৰ আৰু জিকমিকক আদৰি ল'ব পাৰিবা।কাৰণ যি গৰাকী নাৰীয়ে কোনো মান অভিমান নকৰাকৈ নিজৰ ভালপোৱা জনক মাকৰ ওচৰলৈ ওভতাই পঠিয়াব পাৰে,তেওঁৰ বাবে এখন সংসাৰৰ মূল্য কিমান?উন্মালিনী হ'বানে তুমি জিকমিকৰ উম মা,হ'বানে তুমি শুভ্ৰৰ উম?পাৰিবানে মোক ক্ষমা কৰি দিব?

মানুহগৰাকীয়ে কৰযোৰে কান্দি কান্দি মজিয়াত বহি পৰিল।স্বাভাৱিকতেই মই উঠি তেওঁক আঁকোৱালি ল'লোঁ।অভিমানৰ একুৰা জুই লৈ ইমান দিনে ঘূৰি ফুৰা মইজনীৰ হৃদয়ত আকৌ শুভ্ৰৰ প্ৰেমে ছানি ধৰিলে।শুভ্ৰ অবিবাহিত,জিকমিক শুভ্ৰৰ তেজ-মঙহৰ সন্তান নহয়।বাৰে বাৰে আওৰালো

শুভ্ৰ অবিবাহিত!উম,শুভ্ৰ এতিয়াও মোৰ বাবে ৰৈ আছে আৰু জিকমিক,পৰী যেন ছোৱালীজনী,যি উম,উমকৈ ঘূৰি ফুৰে তাই এই ক্ষণৰ পৰা,এই মূহুৰ্তৰ পৰা মোৰ ছোৱালী, ওহু আমাৰ ছোৱালী, শুভ্ৰদীপ আৰু উন্মালিনীৰ ছোৱালী।

সমাপ্ত।
✍️✍️✍️মনস্বী শৰ্মা

Tuesday, November 10, 2020

সৃজম্যহম্


#সৃজম্যহম্

*এই যে সম্বোধনবোৰ প্ৰকৃততে যি বুলিয়েই সম্বোধন নকৰা কিয় আচলতে আন্তৰিকতাহে মূল কথা জানা।আন্তৰিকতাই যদি নাথাকে তুমি,আপুনি সম্বোধন কৰিলেও অন্তৰত সন্মান,শ্ৰদ্ধা নাথাকে আৰু অন্তৰত যদি সন্মান, মৰম,শ্ৰদ্ধা থাকে সম্বোধনবোৰ তই হ'লেও চোন বেয়া নালাগে।

  মাৱী আৰু মৰমৰ কাজিয়াবোৰত কেতিয়াবা 'তুমি' সম্বোধনবোৰ 'তই' হয়।দেউতাকে বুজায় তই নক'বা,বেয়া কথা, তুমি বুলি ক'বা।

বুজনিবোৰ কাষৰ ৰুমৰপৰা শুনি থকা মিচিকিয়ে আৰোহণক কয়।তাইৰ অনুভৱ হয় আচলতে,একেলগে থাকিলেই যেনেদৰে এখন ঘৰ ঘৰ নহয় যদিহে তাত নাথাকে দায়িত্ববোধ,বুজা পৰা আৰু আন্তৰিকতা।থিক সেইদৰে সম্বোধনবোৰ 'আপুনি','তুমি' হ'লেই আদৰৰ নহয় যদিহে তাত নাথাকে আন্তৰিকতা,মৰম আৰু হেঁপাহ।

কিয় জানো আজি কিছুদিনৰ পৰা মিচিকিয়ে অনুভৱ কৰিছে লাহে লাহে যেন তাই স্বামী আৰোহণৰ প্ৰতি বিৰক্ত হৈছে,বিদ্বেষী হৈছে আৰু আৰোহণ কথাই কথাই যেন সি তাইৰ ভুল ধৰিবলৈকে সুবিধা লৈ থাকিব।কথাবোৰে হুলে বিন্ধাদি বিন্ধিছে মিচিকিক।কোনোদিনা বোলে চাহকাপ কাঢ়া হ'ল,কোনোদিনা বোলে চাহত চেনীয়েই নহ'ল,কোনোদিনা দাইলত নিমখ নহ'ল,কোনোদিনা ভাজিত নিমখহে বেছি হ'ল,জলাহে বেছি হ'ল,কোনোদিনা বোলে ভাতকেইটা বেছিকৈ সিজিলে।মুঠতে খোৱাৰ পাটত বহি মিচিকিৰ ভুল ধৰোতেই যায়।কেৱল খোৱাৰ সময়তেই নহয় বাকী ঘৰৰ বস্তুবোৰ নিজৰ ঠাইত কিয় নাই, জোতাকেইযোৰ চেদেলি ভেদেলি কিয় হৈ আছে, মানুহ নথকা ৰুমটোত লাইটটো কিয় অন্ হৈ আছে, ফেনখন কিয় চলি আছে আদি হাজাৰ অপৰাধত অপৰাধী মিচিকি।বেয়াকৈ নক'লেও কথাবোৰে তাইৰ খঙটো উঠাই আনে।থকাত আৰোহণৰো দুখন ভৰি,দুখন হাত আছে।কৰোঁ বুলিলে সিও কামখিনিত সহায় কৰিব পাৰে, কিন্তু অফিচৰ পৰা আহি মবাইলটো লৈ বিচনাখনত পৰি থকা,লেপটপত চিনেমা চোৱা, টিভি চোৱাৰ বাদে তাৰ একো কাম নাথাকে।কিন্তু একে সময়তে অফিচৰ পৰা আহি পোৱা মিচিকিৰ ক্ষন্তেক জিৰাবলৈও যেন আহৰি নাই।পুৱাই উঠি ভাত,চাহ,টিফিন বনাই, মাৱী,মৰমক স্কুললৈ ৰেদি কৰা মিচিকিয়ে পুৱাৰ চাহকাপ কেতিয়াবা অফিচতহে খাই।আহিয়েই ফ্ৰেছ হৈ শহুৰেকক আৱেলিৰ চাহৰ যোগান ধৰা,মাৱী আৰু মৰমক খেলাৰ সঙ্গ দিয়াৰ লগতে খেলাৰ চলেৰে সিহঁতক কিবা এটা খাবলৈ দিয়া,গোঁসাই ঘৰত সোমাই গোঁসাই চাকিগছি জ্বলাই মানে আৰোহণ সোমাইহি।আকৌ সন্ধিয়াৰ চাহকাপ খাই মাৱী,মৰমৰ পঢ়া চাই ৰাতিৰ সাজ ৰান্ধিবৰ হয়েই।জিৰণি লওঁ বুলি ভাবিবলৈও যেন মিচিকিৰ আহৰি নাই।

 অফিচলৈ যোৱাৰ সময়ত কণমানিকেইটাৰ সদায় আপত্তি

* মিচি মা,তুমিহে আমাক সদায় স্কুললৈ থ'বলৈ নোযোৱা, আমাৰ ফ্ৰেণ্ডক যে সদায় মাক দেউতাকে থ'বলৈ আহে।

*তেওঁলোকৰ ককা নাই যে জান,সেইকাৰণে।ককাই থ'লে বেয়া পোৱা নেকি?
*নাপাওঁ, কিন্তু কেতিয়াবা তুমিও ওলাবানা।

*অ'কে মাই ডিয়েৰ,কেতিয়াবা যাম বাৰু, এতিয়া ব'লা ব'লা ককা ৰেডী হ'লেই।

 মিচিকিৰ বুকুখন মোচৰ খাই যায়।মিচিকিৰ পৰা নিজকে মাক হৈ থাকিবলৈ মন যায়।আজি মাৱীয়ে বৰকৈ তাইক আমনি কৰিছে।প্লে স্কুল শণিবাৰে বন্ধ থাকে গতিকে সিহঁত আজি ঘৰতে থাকিব।

* মিচি মা আজি অফিচ নাযাবানা,আমি খেলিম একেলগে।ককাই খেলিব নাজানে।
*মই আজি সোনকালে আহিম আৰু আহোঁতে তোমালোকে যদি অলপো দুষ্ট নকৰা মই মাৱীৰ বাবে ৱাটাৰ কালাৰ আৰু মৰমৰ বাবে পাজল চেট লৈ আহিম,হ'ব।

কণমানিকেইটাৰ অভিমানবোৰ সামৰি মিচিকি ওলাই যায়।সিহঁতক এনেদৰে এৰি আহিবলৈ তাইৰ আজিকালি বৰ কষ্ট পায়।ককাকৰ লগত থাকি বেয়া নাপায় সিহঁতে,স্কুলৰ পৰা আহি ভাতকেইটা খাই ককাকৰ লগত পৰীৰ দেশৰ সাধু,ৰাজকোঁৱৰৰ সাধু শুনি শুনি সিহঁত টোপনি যায় আকৌ উঠি আবেলি ককাকৰ লগত বাগিচাত ফুলবোৰৰ লগত কথা পাতে,খেলে।সহায়িকা মানুহ এগৰাকী আহি ঘৰ সৰা মোচা,বাচন ধোঁৱা কামবোৰ কৰি যায়।ৰন্ধা বঢ়াত মিচিকিৰ কষ্ট হ'লেও নিজেই কৰে।শহুৰেকেও ভাল নাপায় বেলেগে ৰন্ধা বঢ়া কৰাটো।টেম্পোখনত উঠিয়েই মিচিকিয়ে ফুলিযোৰ পিন্ধিবলৈ লয়,সৰুসুৰা বস্তু বোৰ তাই বেগতে ভৰাই ৰাখে গাড়ীখনত উঠিহে তাই পিন্ধে।

*অফিচলৈ ওলালে?মৰমৰ লগৰ ৰিচানৰ মাতৃক লগ পালে তাতে।

*হয়,ভাল নে আপোনাৰ?

*ও ভালেই দিয়ক,আপোনালোকৰেই ভাল দিয়ক, চাকৰি এটা আছে।আমিহে কেৱল ল'ৰা ছোৱালী অনা নিয়া কৰোঁতেই গৈছে।চাকৰি বাকৰি একো নাই খালি পুৱাৰ পৰা গধূলিলৈ ভাত বনোৱা, ঘৰৰ কাম কৰা,ল'ৰা ছোৱালী চোৱা আৰু ইমানবোৰ কাম কৰাৰ পিছতো ঘৰৰ মানুহৰ ইটো সিটো উজৰ আপত্তি শুনা।

*হয় নেকি, তেনেকুৱা একো নাই, মই জানো ঘৰৰ কাম কৰিব নালাগে।সকলোৰে একেই বুজিছে।এই যে গৃহিণীসকলে ভাবে তেওঁলোকে দৈনন্দিন কামৰ উচিত মূল্য নাপায়, সন্মান নাপায় প্ৰকৃততে, সকলো মানুহৰে একেই বুজিছে।চাকৰিয়ালেই হওঁক বা গৃহিণীয়েই হওঁক আজৰি কাৰো নাই বুজিছে।আপোনাৰ প্ৰতি মোৰ হিংসাহে লাগে আপুনি যে ৰিচানক সময় দিব পাৰিছে,তাৰ আব্দাৰবোৰ সময়মতে পূৰাব পাৰিছে,মাক হিচাপে তাক সময় দিব পাৰিছে ইয়াতকৈনো এগৰাকী মাতৃৰ বাবে কি লাগে।

ঘৰৰ ওচৰ পোৱাত তেওঁ নামি যায়।মিচিকিয়েও ঘড়ীটো পিন্ধি লয়।মনে মনে ভাবে মিচিকিয়ে এওঁকেই তাই মাজে মাজে ফেচবুকত দেখে নিজৰ স্বামী,ৰিচানৰ লগত ভিন্ন ঠাইত,ভিন্ন প'জত।কেতিয়াবা মিচিকিৰো মন যায় তেওঁৰ দৰে মাৱী,মৰমৰ লগত ফুৰিবলৈ যাবলৈ, সময় পাৰ কৰিবলৈ।কিন্তু মন গ'লেও যে ছুটী নাপায় তাই।

শহুৰ শাহুৰে ভৰা ময়ূৰীৰ সংসাৰত ল'ৰা ৰিচানৰ সৈতে পাঁচটাকৈ মানুহ।কাম বুলিবলৈও বিশেষ নাই, তথাপিও দৈনন্দিন কামখিনি কৰি থাকোঁতেই ময়ূৰীৰ সময় কেতিয়া পাৰ হয় গম নাপায়।চাকৰি  নাই যদিও সোনকালে নুঠিলে তাইৰ কাম নহয়।ল'ৰা ৰিচানক টোপনিৰ পৰা জগাই স্কুললৈ ৰেদি কৰি খাবলৈ মন নকৰিলেও কিবা এটা নুখুৱাই পঠিয়াবলৈ মাকৰ মনে নকয়,লগতে টিফিনটো তাৰ মন পচণ্ডৰ কিবা এটা বনাই নিদিলে যেনে টিফিন তেনেদৰেই উভতি আহে।স্বামী অৰ্ণৱকো একে সময়তেই খোৱাৰ যোগান ধৰি ময়ূৰী ৰিচানক লৈ স্কুললৈ যায়।ৰিচানক থৈ উভতি আহে মানে অৰ্ণৱ দোকানলৈ ওলাই।শহুৰ শাহুক পুৱাৰ ৰুটি-ভাজি,জলপান দি আজৰি হয় মানে সৰুসুৰা কামবোৰ ওলায়েই।আকৌ বাৰ বজাত ৰিচানক আনিবলৈ ওলাই যায়।ৰিচানক আনি তাৰ লগত লাগি থাকোঁতেই বেলি কেতিয়া ডুবে গ'মেই নাপায়।তাৰ মাজতে দেওবাৰে কেতিয়াবা ওলাই যায় টাউনখনলৈ ৰিচানক ফুৰোৱাৰ চলেৰে,সেইয়াও ঘৰৰ সমস্ত কাম বন কৰি।প্ৰায়ে ৰাতি ন মান বজাত দোকান বন্ধ কৰি ঘৰ সোমোৱা অৰ্ণৱে ইয়াৰ মাজতো মাজে মাজে তাইক কয়

*ঘৰতেহে থাকা,পুৱাৰ পৰা গধূলিলৈকে কিনো কৰা?

কিনো কৰে তাই নিজকে প্ৰশ্ন কৰে ময়ূৰীয়ে।বিনা বেতনত পুৱাৰ পৰা গধূলিলৈকে ঘৰৰ মানুহকেইটাৰ কাৰণেই দৌৰাদৌৰি কৰে,অথচ তাই কিনো কৰে?মিচিকিলৈ হিংসা লাগি যায় তাইৰ।তেওঁৰে ভাল, কিবা এটা কৰে।ৰিচানক থৈ উভতি আহোঁতে প্ৰায়ে তেওঁক লগ পায়।

অফিচত আজি মিচিকিৰ মনটো নবহিল।বাৰে বাৰে আহিবৰ সময়ত মাৱীয়ে কোৱা কথাষাৰলৈ মনত পৰিল।মনলৈ বদমাচী বুদ্ধি এটা আহিল, বছক গাটো বেয়া লাগিছে বুলি কৈ ছুটী লৈ ঘৰ পালেহি।উভতি আহোঁতে আৰোহণক লগ ধৰি গাড়ীখন লৈ আহিল।আৰোহণক প্লেনিঙটোৰ কথা ক'লে,কিন্তু তাৰ সময় নাই।নাই যদি নাই, আজি তাই কাকো খাতিৰ নকৰে।গাড়ীৰ চাবিপাত দি আৰোহণে কৈ উঠে

*সাৱধানে চলাবা আৰু বেছি পইচা পাতি খৰচ নকৰিবা।

*তুমি দিবা পইচা?

   কথাষাৰ নকওঁ বুলিও মিচিকিৰ মুখৰপৰা ওলাই আহিল।

মাকক দেখি মাৱীহঁত আচৰিত হ'ল।

*ব'লা,আজি আমিকেইটা ফু ফু যাম।দেউতা আপুনিও উলাওক।

*ক'ত যাম মিচি মা?

*য'লৈকে মন যায়।তোমালোকৰ ক'ত যাবলৈ মন
 গৈছে?

*মোৰ পিজ্জা খাবলৈ মন গৈছে আৰু মোৰ বাৰ্গাৰ।

 *অ'কে আগতে কাপোৰ পিন্ধা।

       দুয়োটাই নিজৰ পচণ্ডৰ কাপোৰ পিন্ধিবলৈ উৎপাত লগায়।আজি মিচিকিয়েও সিহঁতক বাধা নিদিয়ে।নিজৰ মতে ৰেদি হ'বলৈ দিয়ে সিহঁতক,সকলো ক্ষেত্ৰতে হকা বধা দি থাকিলে সিহঁতেও বেয়া পাই।দুয়োটাই একে কালাৰৰে কাপোৰ মিলাই পিন্ধি লয়।আজিকালিৰ ল'ৰা ছোৱালী সৰুতেই ইমান কথা জানে মিচিকি আচৰিত হয় কেতিয়াবা।অফিচলৈ পিন্ধি যোৱা কূৰ্টিটোকে তাই পিন্ধি যাম বুলি ভাবি কাপোৰ সলোৱা নাছিল।কিন্তু মাৱীৰ তাতো চকু।সিহঁতৰ লগত মিলাই তাইক ৱাৰ্ডৰবৰ পৰা লং গাউনটো উলিয়াই দিছে।

*মিচি মা তুমি এইটো পিন্ধা।

সলাবলৈ মন নাথাকিলেও সিহঁতৰ উৎসাহক,মৰমবোৰক উপেক্ষা কৰিবলৈ মন নগ'ল তাইৰ।সাজি কাচি গোটেইকেইটা ওলাই গ'ল।ভিৰ নথকা ৰাস্তাটোৰ ফালে মিচিকিয়ে গাড়ী চলাই গ'ল।মাৱী আৰু মৰম ককাকৰ কোলাত বহি লৈছে।সিহঁতৰ কথা যেন শেষেই নহ'ব।মিচিকিৰো ভাল লাগিছে সিহঁতৰ হাঁহি ভৰা মুখকেইখন দেখি।কেতিয়াবা লক্ষ্যবিহীন যাত্ৰাও যে ইমান মধুৰ হ'ব পাৰে তাই যে ভবাই নাছিলে।মৰমৰ আব্দাৰত সিহঁতৰ প্ৰিয় গীতটো বজাই দিলে

'কোনে আজি আৱেলি মৰম দিলেহি সানি
এই বেলুনে,ৰঙা বেলুনে।'

ৰেষ্টুৰেন্টখনত বহি আজি মিচিকিৰ যি মন গৈছে তাকে অৰ্ডাৰ দিছে।কিয় জানো আৰোহণে আহিবৰ সময়ত কোৱা কথাষাৰ তাইৰ এতিয়াও কাণত বাজি আছে আৰু সেইকাৰণেই আজি তাই সেই বাজেট মিলাই ঘৰ চলোৱা গৃহিণীগৰাকীৰ ঠাইত মিচিকি হ'বলৈ মন গ'ল।ষ্টাৰ্টাৰৰ পৰা আৰম্ভ কৰি ডিজাৰ্টলৈকে তাই ইমান আইটেম অৰ্ডাৰ কৰিলে যে তাইৰ নিজৰেই বিশ্বাস নহ'ল।তথাপিও তাই খাইছে খাওঁ বুলিয়েই, কৰোঁ বুলিয়েই তাই খৰচ কৰিলে।মাৱী,মৰমৰ যি খাবলৈ যন গ'ল খাবলৈ দিলে।সিহঁতেও সদায় একেখন ৰুটিনেই ফল' কৰে,আজি বেলেগ খালে পৃথিৱীখন অশুদ্ধ নহয়।

পাৰ্কত অলপ সময় খেলা ধূলা কৰি মিচিকিহঁত ঘৰমুৱা হ'ল।বহু দিন ফটো নুঠা মিচিকিক মৰম আৰু মাৱীয়ে কেইবা কপিও ফটো তুলি দিলে।মাৱী, মৰমৰ ফটোৰে ভৰ্তি তাইৰ গেলেৰীটোত আজি বহুত দিনৰ মূৰত তাইৰ ফটো সন্নিবিষ্ট হ'ল।নিজকে আজি ৰিচানৰ মাক যেন লাগিল তাইৰ, যি নিজৰ সন্তানৰ লগত সময় পাৰ কৰিব পাৰে,সিহঁতৰ লগত ফুৰিব পাৰে,মনৰ কথাবোৰ পাতিব পাৰে।বুজি নাপায় তাই ৰিচানৰ মাকৰ দৰে নাৰীসকলে কিয় ভাবে চাকৰিয়াল মহিলাসকলৰে ভাল বুলি।তেওঁলোকৰ প্ৰতি ঈৰ্ষা জাগে মিচিকিৰ,যি কৰোঁ বুলিয়েই নিজৰ সন্তানক মৰম কৰিব পাৰে,সময় দিব পাৰে,অসুস্থ অৱস্থাত মৰমেৰে দুহাত বুলাই দিব পাৰে আৰু তাই?

এই যে উত্তৰ বিহীন প্ৰশ্নবোৰ,ঈৰ্ষাবোৰ লৈ আমি ঘূৰি ফুৰিছো তাৰ সমাধান ক'ত পাম আমি নাজানোঁ।মাথোঁ সময়ে সময়ে গাঁঠি গৈছোঁ মান-অভিমানবোৰ,জন্ম দিছোঁ উত্তৰ বিহীন প্ৰশ্নবোৰ আৰু আৱেগবোৰ।

Tuesday, October 27, 2020

উপপাদন


#উপপাদন


* তোকনো কিয় মই ভাল পাইছিলোঁ।মোলৈ তোৰ সময়েই নাথাকে।


  কথাষাৰ কৈয়েই ৰুমটোৰ পৰা যাবলৈ লয় অভিৰুক।
*মই কৈছিলোঁ তোক মোক ভাল পাবলৈ।


ফোনটো দলিয়াই দি খঙেৰেই কয় শ্ৰুতিয়ে।মাজে মাজে অতি বেছি আদৰ মৰমে আমনি লগাই তাইক।বুজি নাপায় তাই প্ৰকৃততে অভিৰুকৰ সেইয়া মৰম নে সন্দেহ।


*থিক আছে আজিৰ পৰা আৰু তোক মই ডিৰ্ষ্টাব নিদিও,বাই।


*আৰে শুনচোন।


 নৰয় অভিৰুক গুচি যায় সি।সদায় কাজিয়াৰ শেষত ইমচনেল ব্লেকমেইলিং কৰি শেষ অস্ত্ৰপাত মাৰি গুচি যায় সি।জানে সি লগে লগে শ্ৰুতিয়ে 'চৰি' ক'ব আৰু মান অভিমানবোৰ শেষ হৈ যাব।ফোনৰ ওপৰত ফোন যাব ৰিচিভ নকৰিলে মেছেজ যাব আৰু কাজিয়াখনৰ অৱসান ঘটিব।কিন্তু আজি সঁচাকৈয়ে শ্ৰুতিৰ খং উঠিছে।নকয় তাই চৰি।ব্ৰেক আপ হ'লে হওঁক বুলিয়েই তাই একো নক'লে।এই ব্ৰেক আপ যে সিহঁতৰ কিমান বাৰ হৈছে,নামাতো নামাতো বুলি ভাবিও আকৌ সিহঁতৰ মাত বোল হয়।এনেদৰেই চলি আহিছে যোৱা দুটা বছৰ।
মাষ্টাৰ ডিগ্ৰী কৰি শ্ৰুতিয়ে গুৱাহাটীতে এইডছৰ লগত জড়িত NGO এটাত কাউন্সিলাৰ ৰূপে নিযুক্তি পাইছিল।ঠায়ে ঠায়ে গৈ সিহঁতৰ NGOৰ মানুহে সজাগতা সভা পাতে।বহুতেই বুজি নাপায় এতিয়াও কথাবোৰ।সেই কাউন্সিলৰ সময়তেই আজি অভিৰুকৰ ফোনৰ ওপৰি ফোন।ইফালে হেড অফিচৰ পৰা আজি দেম' চাবৰ বাবে অফিচাৰ দুজন মানো আহিছে।এনেই তাই অকলেই যায়,কিন্তু সেইদিনা হেড অফিচৰ পৰা মানুহ অহাৰ কথা থকাৰ বাবেই প্ৰজেক্ট মেনেজাৰ,একাউন্টটেন্ট আৰু দুজন মানো যায়।ব্যস্ত দিনটোত তাইৰ ফোনৰ ৰিং শুনিবলৈ,ৰিচিভ কৰিবলৈও সময় নাই।উবেৰখনত বহি ফোনটো চেক কৰোঁতেহে শ্ৰুতিৰ বুকুখন ধপং ধপং কৰিবলৈ ধৰিলে।প্ৰায় দুশৰ ওপৰৰো মিছ কল দেখি শ্ৰুতিৰ পিছৰ পৰ্য্যায়ত কি হ'ব বুজিবলৈ বাকী নাথাকিল।লগে লগে ফোনটো লগাই তাই।নাই ৰিচিভ নকৰে।নজনাকৈয়ে শ্ৰুতিৰ বুকুখনৰ ঢপঢপনিটো যেন ক্ৰমান্বয়ে বাঢ়ি গ'ল।


বিশ্ববিদ্যালয়ৰ সেই মৰমীয়াল ল'ৰাটোৰ খং তাই বহু বাৰ দেখিছে।ভালত ভাল বেয়াত যমকাল।প্ৰেম কৰা নাযায় প্ৰেম হৈ যায়।বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা,হোষ্টেলৰ গেট টুগেদাৰ,ইলেকচন আৰু যে ক'ত কিমান অনুষ্ঠানৰ নয়নৰ মণি আছিল অভিৰুক।নজনাকৈয়ে ভাল লাগিছিল তাইৰ।চকুৱে চকুৱে পৰিলে এক লাজ লাজ অনুভৱে জোকাৰি গৈছিল তাইক।এদিন হোষ্টেলৰ টি-পাৰ্টিত চিনাকি হোৱা অভিৰুকে বন্ধুত্বৰে আৰম্ভ কৰা সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কলৈ কেতিয়া ৰূপান্তৰিত কৰিছিল তাই যেন ততেই ধৰিব পৰা নাছিল।হঠাৎ এদিন তাৰ পৰা মেছেজ আহিছিল


*Meet me in the market within 30 minutes.


ক্লাছত থকা শ্ৰুতিয়ে মেছেজটো পঢ়ে মানেই পাৰ হৈছিল এঘন্টা।হঠাত অহা মেছেজটো ভুলতে তাইলৈ আহিল বুলি তাই একো ৰিপ্লায়ো নিদিলে।কাৰণ তেতিয়ালৈকে সি কেতিয়াও তাইক মেছেজ দিয়া নাছিল।ফোনতেই এটা দুটা কথা সোধাৰ বাহিৰে বেছি কথা নাপাতিছিল।ক্লাছৰ পৰা আহি  সদায় শ্ৰুতিয়ে বিচনাখনতে অলপ দীঘল দিয়ে।সেইদিনাও শুই গৈছিল তাই।সন্ধিয়া ৰুমমেট মৌমিতাৰ মাততহে তাই সাৰ পাইছিল।


*ইমান যে শুব পাৰ তই,অথনিৰে পৰা ফোনটো বাজি আছে গমেই নাপাৱ।


ফোনটোলৈ চাই শ্ৰুতিয়ে।কেইবাটাও চিনাকি অচিনাকি নম্বৰৰ মিছ কল।চিনাকিটোৰ ভিতৰত আছিল অভিৰুকৰ নাম্বাৰটো।অভিৰুকৰ নাম্বাৰটো দেখি তাইৰ মনটো অজানিতে ভাল লাগিল।কল বেক কৰে শ্ৰুতিয়ে।ফোনৰ আনটো মূৰত এক ৰুক্ষ স্বৰ ভাহি আহে।
*তোমাক মই আজি মাৰ্কেটত আহিবলৈ কোৱা নাছিলোঁ, নাহিলা কিয়?


*একচুৱেলি মই মানে মেচেজটো মোলৈ ভুলতে আহিল বুলি ভাবিছিলোঁ।


*ভুলতে মেছেজ যোৱা হ'লে মই ইনফৰ্ম নকৰিলোঁহেতেন নেকি?ফোনটো ইউজেই কৰিব নোৱাৰা যদি ৰাখিছা কিয়?


 খং উঠি গ'ল শ্ৰুতিৰ।মনৰ ভাল লগাবোৰ মনতে সামৰি তায়ো কৈ উঠিল


*মোৰ ফোন মোৰ কথা মই ইউজ কৰোঁ নকৰোঁ মোৰ কথা।তুমি কোন মোক ক'বলৈ।


 কথাষাৰ কৈয়েই ফোনটো থৈ দিলে শ্ৰুতিয়ে।তাৰ পিছতো বহুবাৰ ফোন আহিল যদিও তাই ৰিচিভ নকৰিলে।অভিৰুকৰ প্ৰতি থকা সুকোমল অনুভূতিবোৰত হঠাতেই যেন ব্যাঘাত জন্মিল।মনটোৰ ভিতৰতে গুজৰি গুমৰি থাকিল তাই।নগ'ল যদি নগ'ল আৰু তাতে ইমান বেয়াকৈ ক'ব লাগে নেকি।মৌমিতাকেই গালি পাৰিছে তাই


*তোকনো মোক জগাবলৈ কোনে কৈছিল, নজগুৱা হ'লে মই ফোনো নকৰিলোঁ হয় আৰু কথাও নুশুনিলোঁ হয়।


* অ'এতিয়া মোৰহে দোষ হ'ল।হ'ব দে সি চাগে তোক নিজৰ বুলি ভাবিছে সেই কাৰণে অভিমানবোৰ গালি ৰূপে বৰষিছে আৰু।


* নালাগে সি মোক নিজৰ বুলি ভাবিব,লোকৰ গালি খাবলৈ মই ফোন লোৱা নাই।


 *খা,খা এই গাখীৰ চাহ কাপ খা,মনটো ভাল লাগিব।
মনতে ভোৰভোৰাই ভোৰভোৰাই শ্ৰুতিয়ে মৌৱে দিয়া চাহ আৰু বিস্কুট খায়।ফোনটো আকৌ বাজি উঠে।অচিনাকি নাম্বাৰটো দেখি তাই ৰিচিভ নকৰিলে যদিও কেইবাবাৰো ৰিং হোৱাত শ্ৰুতিয়ে ৰিচিভ কৰিলে


*হেল্ল'


*হেল্ল' শ্ৰুতি মাইনা,তুমি আজি মাৰ্কেটলৈ কিয় নাহিলা,অভি যে তোমালৈ ইমান দেৰি ৰৈ আছিল।তুমি বাৰু তাক কিয় ভাল নোপোৱা, তোমাক যে সি ইমান ভাল পায়।ক'বহে নোৱাৰে।তুমিও তাক আই লাভ ইউ বুলি কৈ দিয়ানা,নহ'ল যে সি আজি হোষ্টেললৈকে নাহিব।


* শ্ৰুতি মাইনা, শ্ৰুতি মাইনা তুমি বাৰু ইমান নিষ্ঠুৰ কিয়?আমাৰ অভিক তুমি ভালপোৱানা,প্লিজজজ..
 অসংলগ্ন কথাবোৰে শ্ৰুতিৰ খঙটো আৰু বঢ়ালে।এইবাৰ তাই অভিৰুকলৈ ফোনটো লগালে।


*কি বুলি ভাবিছা মোক,জাকে তাকে মোৰ নাম্বাৰ দি ফুৰিছা যে?


*কাক দিলোঁ তোমাৰ নাম্বাৰ?


*কাক দিলোঁ, এতিয়া একটিং কৰিব নালাগে, নেক্সট টাইম যাতে মোলৈ ফোন নকৰা।


কাটি দিয়ে ফোনটো শ্ৰুতিয়ে।অফ্ কৰি থয় ফোনটো।গোটেই ৰাতিটো খঙত অগ্নিশৰ্মা হৈ থাকিল শ্ৰুতি।অভিৰুকহঁতৰ হোষ্টেলৰ সন্মুখেদিয়ে সদায় সিহঁত ক্লাছলৈ যাব লাগে।শ্ৰুতিৰ ডিপাৰ্টমেন্ট পাৰ হৈয়েই অভিৰ ডিপাৰ্টমেন্ট পায়।প্ৰায় এসপ্তাহ ধৰি শ্ৰুতিয়ে মন কৰে তাই ক্লাছলৈ যাওঁতে অভি হোষ্টেলৰ সন্মুখত ৰৈ থাকে আৰু সিহঁতৰ পিছে পিছে ডিপাৰ্টমেন্টলৈ যায়।কোনেও কাকো নামাতে,কিন্তু দুয়ো দুয়োৰে চকুৱে চকুৱে পৰে।এদিন শ্ৰুতি ক্লাছৰ শেষত হোষ্টেললৈ অকলেই আহে।লগৰ কেইজনীয়ে ফেন্সিত বজাৰ কৰিবলৈ যাব,শ্ৰুতিৰ আনিবলগীয়া একো নাছিল বাবে তাই হোষ্টেললৈকে আগবাঢ়িল।মাকলৈকে ফোনটো লগাই তাই কথা পাতি আহি থাকিল।হঠাত অভিৰুক তাইৰ সন্মুখত ৰ'লহি


*কাৰ লগত কথা পাতি আছা?কথাষাৰ কৈয়েই সি ফোনটো তাইৰ হাতৰ পৰা কাঢ়ি ল'লে।
*মই যাৰ লগতে কথা নাপাতো তোমাৰ কি হ'ল।কথাষাৰ কৈয়েই তাই ফোনটো নিজৰ হাতলৈ আনিলে আৰু হোষ্টেলৰ ফালে খোজ দিলে।
*ৰ'বা তোমাৰ লগত মোৰ কথা আছে।
*মোৰ একো কথা নাই।
*কিন্তু মোৰ আছে।
অভিৰুকে উচ্চ স্বৰত কোৱা কথাষাৰে শ্ৰুতিক ৰৈ যাবলৈ বাধ্য কৰালে।
*ব'লা জালুকবাৰীৰ ফালে অলপ খোজ কাঢ়ি আহোঁ।
*মই নাযাওঁ।
*প্লিজ ব'লানা।সেইদিনাৰ বাবে Sorry .


অভিৰুকৰ কথাৰ হঠাৎ পৰিৱৰ্তনত শ্ৰুতি আচৰিত হ'ল।লাহে লাহে দুয়োটাই জালুকবাৰীৰ ফালে খোজ দিলে।বহু সময় সিহঁত মৌন হৈয়েই থাকিল।কোনেও কাকো একো নক'লে।


*শ্ৰুতি,I am really very sorry for that day.I didn't give your number to anyone,I am really sorry .
কথাষাৰ কৈয়েই অভি শ্ৰুতিৰ সন্মুখত আঠুকাঢ়ি বহি ৰ'ল।শ্ৰুতিৰ কি কৰোঁ কি নকৰোঁ অৱস্থা হ'ল।


*আমি বহু দূৰেই আহিলোঁ এতিয়া ওভতো নেকি?


*তোমাৰ মোৰ লগত মানে একো কথা নাই?


*নাই, মানে কি কথানো থাকিব পাৰে,খং উঠিছিল সেইদিনা,অচিনাকি ল'ৰাকেইটাৰ তেনে কথাত।কিন্তু পিছলৈ বুজিলোঁ সহজ ভাৱে ল'ব পাৰিলে সকলো সহজ।বিশেষকৈ পিছদিনা সেই নাম্বাৰকেইটাৰ পৰা মোলৈ মেছেজ আহিছিল ক্ষমা বিচাৰি।কিন্তু মোক তুমি সেইদিনা মেছেজ দিছিলা কিয়?


*মোৰ দেউতা আহিছিল, তোমাক লগ কৰাই দিব বিচাৰিছিলোঁ।


*তোমাৰ দেউতাৰ লগত মোৰ কি কাম আছে?


*I love you Sruti.তোমাক দেখাৰে পৰা মই তোমাৰ প্ৰেমত পৰিছোঁ।মোৰ মা নাই, দেউতাই মোৰ বাবে সকলো,মোৰ মা,বন্ধু, গাইড,সকলো।হয়তো মই তোমাক ভালপাওঁ নে নাপাওঁ দোধোৰ মোধোৰ অৱস্থাত থাকোঁতেই দেউতাই উমান পাইছিল মোৰ মবাইল স্কিনত তোমাৰ ফটো দেখি।এইবাৰ ঘৰৰ পৰা আহোঁতে দেউতাই কৈ পঠিয়াইছিল তোমাক লগ কৰাই দিয়াৰ কথা।সেয়ে তোমাক সেইদিনা মেছেজ কৰি মাতিছিলোঁ।


*কিন্তু তুমিটো মোক সোধা নাই মোৰ উত্তৰ কি হ'ব পাৰে।


*সুধিম সুধিম বুলিও আচলতে মই ৰৈ গৈছিলোঁ, মোৰ দৰে বেপৰোৱা গায়ক এটাক তুমি বা ভালপোৱা নে নাই?দেউতাই কয় মোৰ খঙটোৱেই প্ৰকৃততে মোৰ প্ৰধান শত্ৰু।তুমি যদি মোৰ খঙবোৰ,মোৰ অভিমানবোৰ মৰমৰে সামৰিব পাৰা তেতিয়া হ'লে মই তোমাক মোৰ লগৰী কৰিব বিচাৰোঁ।


   অভিৰুকৰ স্পষ্ট তথা মৰম মৰম লগা কথাবোৰে শ্ৰুতিৰ হৃদয়ত স্বাভাৱিকতে অনুৰাগৰ সৃষ্টি কৰিছিল।কি ক'ব কি নক'ব তাই থিৰাং কৰিব নোৱাৰিলে।


*হ'ব এতিয়া ওভতো ব'লা।


   লাজে,ভয়ে শ্ৰুতি ওভতি আহিল।অভিৰুকৰ চকুলৈও যেন তাই চাব পৰা নাই।ৰাধাচূড়াবোৰে যেন তাইক বাৰে বাৰে বাৰে জোকাইছে।প্ৰেম হৈছে তাইৰ,অভিৰুকে নজনাকৈয়ে তায়ো যে প্ৰেমত পৰিছিল তাৰ, মাথোঁ সেইদিনাৰ ঘটনাটোৱে অভিমানী কৰি তুলিছিল তাইক।হোষ্টেলৰ গেটখনেদি তাই প্ৰায় দৌৰি যোৱা দি গৈছিল ৰুমলৈ


*আজি মোৰ প্ৰগেম আছে অডিটৰিয়ামত,যদি তোমাক তাত দেখোঁ মই বুজিম তুমিও মোক ভালপোৱা বুলি।
অভিৰুকৰ কথাষাৰ শুনি শুনিয়েই তাই ৰুম পালেগৈ।নাই তাই চোন একো সিদ্ধান্তই ল'ব পৰা নাই, আচলতে সিদ্ধান্ত ল'বলৈ একো নাই।তায়ো জানে তাইৰ হৃদয়ত অভিৰুক নামৰ প্ৰেমৰ বীজ কেতিয়াবাই অংকুৰিত হৈছিল।মৌক লগত লৈ সন্ধিয়ালৈ শ্ৰুতি হোষ্টেলৰ আন ছোৱালীবোৰৰ লগত প্ৰগেম চাবলৈ ওলাল।প্ৰিফেক্টৰ লগত গৈ সিহঁত নিজৰ স্থানত বহিল।দুটামান অনুষ্ঠানৰ পিছতেই অভিৰুক ষ্টেজত উঠিল,অভিৰুকক দেখি শ্ৰুতিৰ সৰ্ব শৰীৰ এক অজান অনুভূতিয়ে চুই গ'ল।জুবিনৰ এটি এটি গীতে দৰ্শকৰ লগতে শ্ৰুতিৰ হৃদয়ো কঁপাই গৈছিল।শেষত সি গাইছিল
'নেচাওঁ তোমাক এবাৰো,নেচাপো কাষ এধানো
পাহৰি যাওঁ,মচি মচি থওঁ,তোমাক মনৰ পৰা মোৰ...........
হ'ব পাৰে এনে কথা,জীৱনে মোক এৰে যদি।'
প্ৰগেমৰ শেষত হাত চাপৰিৰে অডিটৰিয়াম মুখৰিত হৈ পৰিছিল।প্ৰগেম শেষ কৰি শ্ৰুতিহঁত হোষ্টেললৈ ওভতিল।মন গৈছিল তাইৰ অভিৰুকক এবাৰ লগ ধৰি প্ৰগেম সুন্দৰ হোৱাৰ বাবে শুভেচ্ছা দিব,কিন্তু প্ৰিফেক্ট লগত থকাৰ বাবে তাইৰ মনৰ আশা মনতে ৰাখিলে।ফোনকে কৰোঁ বুলি ভাবিহে তাই মন কৰিলে ফোনটো যে তাই চাৰ্জতে থৈ পাহৰি আহিল।ৰুমলৈ গৈয়ে তাই ফোন কৰিবলৈ লৈহে দেখিছে অভিৰুকৰ কেবাটাও মিছকল আৰু দুটামান মেছেজ।অভিৰুকে তাইক প্ৰগেম কৰাৰ আগত বহুবাৰ ফোন কৰিছিল তাই গৈছেনে নাই খবৰ ল'বলৈ আৰু অৱশেষত তাই নাই যোৱা বুলি ভাবি তাইলৈ মেছেজ কৰিছে


*OK, তোমাৰ উত্তৰটো পালোঁ।হ'ব আৰু ডিৰ্ষ্টাব নিদোঁ।সুখী হোৱা।


মেছেজটো পঢ়ি শ্ৰুতিৰ বুজিবলৈ বাকী নাথাকিল তাৰ শেষৰ গানটোৰ অৰ্থ।আৰম্ভ নহওঁতেই তাইৰ প্ৰেমৰ সামৰণি পৰিল।মনৰ ভালপোৱাজনক পায়ো তাই হেৰুৱালে।অভিৰুকৰ খং,অভিমান বুজিবলৈ তাইৰ বাকী নাই।বহুবাৰ ফোন কৰিলে তাই, কিন্তু প্ৰতিবাৰেই কাটি দিয়ে সি ফোনটো।শ্ৰুতিৰ এনে লাগিল তাই যেন তেতিয়াই যাব অভিৰুকৰ ওচৰলৈ আৰু তাক সাৱটি ধৰি ক'ব, I love you Abhi. 


ওৰে ৰাতি টোপনি নাহিল শ্ৰুতিৰ।তাৰ কথা জানিবলৈ, গম ল'বলৈও যে কোনো নাই।মনে মনে ভয় খায় তাই কিবা অঘটন নকৰেটো।পিছদিনা ক্লাছলৈ যাওঁতেও তাই হোষ্টেলৰ গেটত অভিক নেদেখিলে।ক্লাছতো মন নবহিল শ্ৰুতিৰ।কেন্টিনলৈ অকলেই ওলাই আহিল তাই।অভিৰুকক দেখে তাই কেন্টিনৰ চুকৰ এখন টেবুলত চাহৰ কাপ লৈ বহি আছে সি।ভয়ে ভয়ে তাই টেবুলখনৰ ফালে যায়।অভিৰুকৰ কাষৰ চকীখনত বহি লয়,গম নাপায় সি।নিজৰ মাজতেই কিবা এক ভাবনাত ডুব গৈ থাকে সি।টেবুলতে থকা ফোনটো বাজি বাজি বন্ধ হৈ গৈছে সি গম নাপায়।ফোনটোত চকু পৰে শ্ৰুতিৰ,দেউতাকৰ ফোন।কিয় জানো তাইৰ মন গ'ল দেউতাকৰ লগত কথা পাতিবলৈ।ফোনটো ৰিচিভ কৰিলে তাই


*হেল্ল',মই শ্ৰুতিয়ে কৈছোঁ।


*বাবা থিকে আছেনে মাজনী?কালিৰ পৰা ফোন কৰিছোঁ ৰিচিভ কৰা নাই।


*আছে আছে খুৰা,কিছু ব্যস্ত আছে।আজৰি হ'ল মই কম বাৰু।


*মিছা নক'বা মা,যিমানেই ব্যস্ত নহওঁক সি মোৰ ফোন ৰিচিভ নকৰাকৈ নাথাকে।তাক চাবা তুমি, তুমিহে যদি তাৰ জেদী মনটো সলাব পাৰা।


উত্তৰটো দিবলৈ খোজোতেই অভিয়ে ফোনটো কাঢ়ি লয়।


*কাৰ অনুমতিত তুমি মোৰ ফোন ৰিচিভ কৰিলা?


*মই কালি আহিছিলোঁ অভি,তোমাৰ প্ৰগেম মই চাইছোঁ।


*মিছা কথা,ইমান বাৰ ফোন কৰাৰ পিছতো তুমি মোৰ ফোন ৰিচিভ নকৰিলা আৰু এতিয়া কৈছা তুমি আহিছা।হ'ব মিছ শ্ৰুতি,মই তোমাক বেয়া পোৱা নাই।কৰোঁ বুলিয়েইটো প্ৰেম কৰা নাযায়,প্ৰেম কৰা নাযায় শ্ৰুতি, প্ৰেম হৈ যায় আৰু সেই প্ৰেম তোমাৰ নহ'ল।তোমাক আৰু মই ডিৰ্ষ্টাব নিদোঁ,বাই।


*কিন্তু মই যে তোমাৰ প্ৰেমত পৰিলোঁ অভি,তোমাৰ জেদ,তোমাৰ অভিমানবোৰৰ মই প্ৰেমিক হৈ পৰিলোঁ।মই কালি আহিছিলোঁ,তোমাৰ প্ৰতিটো গীতে মোক আলোড়িত কৰি তুলিছিল।কিন্তু তোমাক লগ ধৰিবলৈ মই কোনো সুবিধা উলিয়াব নোৱাৰিলোঁ, জানাই চোন আমি এতিয়া জুনিয়ৰ।ফোনটোও অনা নহ'ল চাৰ্জত দি পাহৰি আহিছিলোঁ, ৰুমত গৈ যেতিয়া দেখোঁ তোমাৰ মেছেজ, তোমালৈ ফোন কৰোঁ কিন্তু তুমি ৰিচিভ নকৰা।


 এনেদৰেই আৰম্ভ হোৱা অভিৰুক শ্ৰুতিৰ প্ৰেমে কিমান কাজিয়া, কিমান মান অভিমান, ব্ৰেক আপ,পেটচ আপ কৰিছে থিক নাই।শ্ৰুতিয়ে জানে অভিৰুকে তাইক প্ৰাণ ভৰি ভাল পায় আৰু তায়ো।সপোনতো অভি বিহীন পৃথিৱী তাই কল্পনাই কৰিব নোৱাৰে।তথাপিও কেতিয়াবা কিছুমান কথাই পাহৰিব নোৱাৰাকৈ সাঁচ বহুৱাই যায়।আন হাজাৰজনী নাৰীৰ দৰে শ্ৰুতিয়েও বিচাৰে মুক্ত আকাশৰ তলত মুক্ত মনে,মনে বিচৰা ধৰণে আঁচল উৰুৱাই জীয়াই থাকিব, কিন্তু মাজে মাজে অভিৰ কিছুমান কথাই,ব্যৱহাৰে তাইক হুলে বিন্ধাদি বিন্ধে।সিহঁতৰ এই সম্পৰ্কটো ধৰি ৰখাত অভিৰ দেউতাকেও কিমান কষ্ট কৰিছে।মানুহজনৰ মৰম,আদৰে শ্ৰুতিকো বান্ধি ৰাখিছে তেওঁলোকৰ ঘৰৰ এজনী কৰি।তথাপিও তাৰ মাজতে কিছুমান কথাত অভিৰুক আঁকোৰ-গোজ হৈ পৰে।খং আৰু অভিমানৰ আৱেগত নিজকো দুখ দিয়ে লগতে শ্ৰুতিকো।তথাপিও মৰমেৰে বান্ধি ৰাখে তাইক।শ্ৰুতিয়ে বুজে মাক নথকা অভিৰুকে এগৰাকী নাৰীৰ সান্নিধ্যত পূৰ্ণতা পায়।হয়তো মাকক হেৰুৱাৰ দৰে শ্ৰুতিকো হেৰুৱাই বুলি সি ভয় কৰে।সেয়ে শাসন আৰু কৰ্তৃত্বৰ সুৰেৰে তাইক বান্ধিব খোজে আৰু যেতিয়াই শ্ৰুতি সেই কৰ্তৃত্ব,শাসনৰ পৰা আঁতৰি যায় তেতিয়াই সিহঁতৰ সম্বোধনবোৰ 'তুমি'ৰ পৰা 'তই'লৈ ৰূপান্তৰিত হয়।বহুবাৰ শ্ৰুতিয়েও তাক গুৰুত্ব নিদিয়ে, কিন্তু মাকবিহীন তাৰ জীৱনটোৰ কথা চিন্তা কৰিয়েই তাই আকৌ উভতি যায়।সম্পৰ্কবোৰ আকৌ ভাল হয়।এইবাৰ শ্ৰুতিয়ে সিদ্ধান্ত লয় সি নিজৰ ভুল বুজি নোপোৱালৈকে তাই আৰু ফোন নকৰে ক্ষমাও নোখোজে।কথাবোৰ চিন্তা কৰি কৰি তাই বাৰে বাৰে ফোনটোলৈ চকু দিয়ে।নাই কোনো মিচকল,নাই কোনো অভিমানী মেছেজ।চিলমিলকৈ টোপনি আহোঁতেই ফোনটো বাজি উঠে।অভিৰুকৰ ফোন বুলি তাই ৰিচিভ কৰে।


*হেল্ল' মা,বাবাৰ ছয়মাইলত এক্সিডেন্ট হৈছে,মই জি এন আৰ চি আহি আছোঁ।তুমি যোৱা যদি মই তোমাক লৈ যাওঁ।


মানুহজনৰ কথাখিনিয়ে শ্ৰুতিৰ সমস্ত শৰীৰ কঁপাই তুলিলে।ওলাই গ'ল তাই।খোজটো দিবলৈও যেন তাইৰ গাত শক্তি নাই।চকুৰপানীয়ে বাট নেদেখা হৈ গৈছে।অভিৰ দেউতাকৰ মুখামুখি হ'বলৈও যেন তাইৰ সাহস হোৱা নাই।বাৰে বাৰে নেদেখাজনক প্ৰাৰ্থনা কৰিছে অভিক ভাল কৰি তুলিবলৈ।শপত খাইছে কোনো দিন তাৰ লগত কাজিয়া নকৰে,সকলো খং অভিমান তাই সহ্য কৰি যাব।কথাবোৰ ভাবি ভাবি জি এন আৰ চি কেতিয়া পালে তাই গমেই নাপালে।আগুৱাই গৈছে অভিৰ দেউতাক ডাক্তৰৰ ওচৰলৈ।বহি ৰৈছে বেঞ্চখনত শ্ৰুতি,আজিহে বুজিছে তাই আপোনজনক খং কৰাটো সহজ,কিন্তু হেৰুৱাৰ বেদনা কিমান ভয়ানক।মানুহজন প্ৰায় দৌৰি অহাদি আহিল।


*কিয় কিয় ভগৱান ইমান নিষ্ঠুৰ?মোৰ ক্ষেত্ৰতহে এনে হয় মা,প্ৰথমে এক্সিডেন্টত পত্নীক হেৰুৱালো আৰু এতিয়া পুত্ৰও ক্ৰিটিকেল ষ্টেজত আছে।মোৰ কথা নুশুনে নেদেখাজনে তুমি কোৱাচোন মা তেওঁক মোৰ ল'ৰাটো ভাল কৰি দিবলৈ।


যিকণ শৰীৰত শক্তি আছিল শ্ৰুতিৰ সেইকণো যেন নাইকিয়া হ'ল তাইৰ।দৌৰি যায় তাই তাত থকা কৃষ্ণৰ মূৰ্তিজনাৰ ওচৰত হিয়া উজাৰি কান্দে।অভিৰুকক ভাল কৰি দিবলৈ কাতৰে মাতে।প্ৰায় পাঁচ ঘন্টা ধৰি চলা অপাৰেচনটোত দেউতাকক সান্তনা দিবলৈও যে তাইৰ মুখত মাত নাছিল।ভয় লাগিছিল তাইৰ দেউতাকে যদি সুধে সিহঁতৰ কাজিয়া লাগিছিল নেকি বুলি কি ক'ব তাই।পুতেকৰ স্বভাৱৰ কথা নজনা নহয় তেওঁ।শিল্পী পুতেকৰ কেতিয়া কি কথাত খং উঠে, খং উঠিলে কি কৰিব পাৰে তেওঁ ভালদৰে জানে।কিন্তু আজি তেওঁ তেনে একো কথাই নুসুধিলে।অপাৰেচনৰ বহু ঘন্টাৰ পিছত অভিৰুকৰ চেন্স আহিল।দেউতাকৰ পিছে পিছে শ্ৰুতিও ভয়ে ভয়ে সোমাই যায় আই চি ইউলৈ।আই চি ইউত সোমাই দেউতাকে পুতেকৰ কপালত চুমা এটি আঁকি দিয়ে।একো নকয় ওলাই আহে তেওঁ।শ্ৰুতি কাষ চাপি যায় অভিৰুকৰ 


*I am sorry,মোক ক্ষমা কৰি দিয়া।


 বেঁকা হাঁহি এটি মাৰিবলৈ সিও চেষ্টা কৰে।ওলাই আহে শ্ৰুতি।এক্সিডেন্টৰ আগলৈকে হৃদয়ত পুহি ৰখা খং,অভিমানবোৰ যেন অভিৰুকৰ এক্সিডেন্টৰ খবৰটোৱে পলকতে নাইকিয়া কৰি তুলিলে।বুজি উঠিছে শ্ৰুতিয়ে আপোনজনক হেৰুৱাৰ বেদনা কি?কাষতে থকাজনৰ মৰমবোৰ তেতিয়াহে বুজা যায় যেতিয়া তেওঁ দূৰলৈ গুচি যায়।এইবাৰ আৰু অভিক তাই আঁতৰি যাব নিদিয়ে, কৰক খং,কৰক অভিমান, ধৰক জেদ কিমান দিনলৈ ধৰিব,এদিন, দুদিন তাতকৈটো নোৱাৰে আৰু এই অভিৰ দেউতাকজন।অভি আৰু তাইৰ বাহিৰে আপোন বুলিবলৈ তেওঁৰ আছেই বা কোন?পুতেকৰ এক্সিডেন্টৰ খবৰ পাই তাইলৈকে ফোনটো কৰিছে।হয়তো তেওঁৰ বাবে শ্ৰুতিও হৈ পৰিছে তেওঁৰ সাহস,তেওঁৰ শেষ আশা।সামৰি ৰাখিব তাই এই দুজনক হিয়াৰ একোণত।মান অভিমানবোৰ একাষৰীয়া কৰি মৰমবোৰ উপচাই দিব,আদৰবোৰ সামৰি থ'ব।


'ব'লক দেউতা, কিবা এটা খাই ল'ব।'-শ্ৰুতিৰ সম্বোধনটোত মানুহজন অলপ আচৰিত হ'ল।হাঁহি এটি মাৰি আগুৱাই গ'ল তেওঁ।





 

পৰিবৃত

  মগু দাইলত বিলাহী,ফুলকবি,আলু দিয়া হবিষান্ন মুঠি খাই কোঠাটোত সোমাই বিচনাখনত দীঘল দিলোঁ।দিনটো উপবাসে থাকি পেটত কিবা এটা পৰাতহে ভাল লাগিল।তেওঁ...