Tuesday, November 10, 2020

সৃজম্যহম্


#সৃজম্যহম্

*এই যে সম্বোধনবোৰ প্ৰকৃততে যি বুলিয়েই সম্বোধন নকৰা কিয় আচলতে আন্তৰিকতাহে মূল কথা জানা।আন্তৰিকতাই যদি নাথাকে তুমি,আপুনি সম্বোধন কৰিলেও অন্তৰত সন্মান,শ্ৰদ্ধা নাথাকে আৰু অন্তৰত যদি সন্মান, মৰম,শ্ৰদ্ধা থাকে সম্বোধনবোৰ তই হ'লেও চোন বেয়া নালাগে।

  মাৱী আৰু মৰমৰ কাজিয়াবোৰত কেতিয়াবা 'তুমি' সম্বোধনবোৰ 'তই' হয়।দেউতাকে বুজায় তই নক'বা,বেয়া কথা, তুমি বুলি ক'বা।

বুজনিবোৰ কাষৰ ৰুমৰপৰা শুনি থকা মিচিকিয়ে আৰোহণক কয়।তাইৰ অনুভৱ হয় আচলতে,একেলগে থাকিলেই যেনেদৰে এখন ঘৰ ঘৰ নহয় যদিহে তাত নাথাকে দায়িত্ববোধ,বুজা পৰা আৰু আন্তৰিকতা।থিক সেইদৰে সম্বোধনবোৰ 'আপুনি','তুমি' হ'লেই আদৰৰ নহয় যদিহে তাত নাথাকে আন্তৰিকতা,মৰম আৰু হেঁপাহ।

কিয় জানো আজি কিছুদিনৰ পৰা মিচিকিয়ে অনুভৱ কৰিছে লাহে লাহে যেন তাই স্বামী আৰোহণৰ প্ৰতি বিৰক্ত হৈছে,বিদ্বেষী হৈছে আৰু আৰোহণ কথাই কথাই যেন সি তাইৰ ভুল ধৰিবলৈকে সুবিধা লৈ থাকিব।কথাবোৰে হুলে বিন্ধাদি বিন্ধিছে মিচিকিক।কোনোদিনা বোলে চাহকাপ কাঢ়া হ'ল,কোনোদিনা বোলে চাহত চেনীয়েই নহ'ল,কোনোদিনা দাইলত নিমখ নহ'ল,কোনোদিনা ভাজিত নিমখহে বেছি হ'ল,জলাহে বেছি হ'ল,কোনোদিনা বোলে ভাতকেইটা বেছিকৈ সিজিলে।মুঠতে খোৱাৰ পাটত বহি মিচিকিৰ ভুল ধৰোতেই যায়।কেৱল খোৱাৰ সময়তেই নহয় বাকী ঘৰৰ বস্তুবোৰ নিজৰ ঠাইত কিয় নাই, জোতাকেইযোৰ চেদেলি ভেদেলি কিয় হৈ আছে, মানুহ নথকা ৰুমটোত লাইটটো কিয় অন্ হৈ আছে, ফেনখন কিয় চলি আছে আদি হাজাৰ অপৰাধত অপৰাধী মিচিকি।বেয়াকৈ নক'লেও কথাবোৰে তাইৰ খঙটো উঠাই আনে।থকাত আৰোহণৰো দুখন ভৰি,দুখন হাত আছে।কৰোঁ বুলিলে সিও কামখিনিত সহায় কৰিব পাৰে, কিন্তু অফিচৰ পৰা আহি মবাইলটো লৈ বিচনাখনত পৰি থকা,লেপটপত চিনেমা চোৱা, টিভি চোৱাৰ বাদে তাৰ একো কাম নাথাকে।কিন্তু একে সময়তে অফিচৰ পৰা আহি পোৱা মিচিকিৰ ক্ষন্তেক জিৰাবলৈও যেন আহৰি নাই।পুৱাই উঠি ভাত,চাহ,টিফিন বনাই, মাৱী,মৰমক স্কুললৈ ৰেদি কৰা মিচিকিয়ে পুৱাৰ চাহকাপ কেতিয়াবা অফিচতহে খাই।আহিয়েই ফ্ৰেছ হৈ শহুৰেকক আৱেলিৰ চাহৰ যোগান ধৰা,মাৱী আৰু মৰমক খেলাৰ সঙ্গ দিয়াৰ লগতে খেলাৰ চলেৰে সিহঁতক কিবা এটা খাবলৈ দিয়া,গোঁসাই ঘৰত সোমাই গোঁসাই চাকিগছি জ্বলাই মানে আৰোহণ সোমাইহি।আকৌ সন্ধিয়াৰ চাহকাপ খাই মাৱী,মৰমৰ পঢ়া চাই ৰাতিৰ সাজ ৰান্ধিবৰ হয়েই।জিৰণি লওঁ বুলি ভাবিবলৈও যেন মিচিকিৰ আহৰি নাই।

 অফিচলৈ যোৱাৰ সময়ত কণমানিকেইটাৰ সদায় আপত্তি

* মিচি মা,তুমিহে আমাক সদায় স্কুললৈ থ'বলৈ নোযোৱা, আমাৰ ফ্ৰেণ্ডক যে সদায় মাক দেউতাকে থ'বলৈ আহে।

*তেওঁলোকৰ ককা নাই যে জান,সেইকাৰণে।ককাই থ'লে বেয়া পোৱা নেকি?
*নাপাওঁ, কিন্তু কেতিয়াবা তুমিও ওলাবানা।

*অ'কে মাই ডিয়েৰ,কেতিয়াবা যাম বাৰু, এতিয়া ব'লা ব'লা ককা ৰেডী হ'লেই।

 মিচিকিৰ বুকুখন মোচৰ খাই যায়।মিচিকিৰ পৰা নিজকে মাক হৈ থাকিবলৈ মন যায়।আজি মাৱীয়ে বৰকৈ তাইক আমনি কৰিছে।প্লে স্কুল শণিবাৰে বন্ধ থাকে গতিকে সিহঁত আজি ঘৰতে থাকিব।

* মিচি মা আজি অফিচ নাযাবানা,আমি খেলিম একেলগে।ককাই খেলিব নাজানে।
*মই আজি সোনকালে আহিম আৰু আহোঁতে তোমালোকে যদি অলপো দুষ্ট নকৰা মই মাৱীৰ বাবে ৱাটাৰ কালাৰ আৰু মৰমৰ বাবে পাজল চেট লৈ আহিম,হ'ব।

কণমানিকেইটাৰ অভিমানবোৰ সামৰি মিচিকি ওলাই যায়।সিহঁতক এনেদৰে এৰি আহিবলৈ তাইৰ আজিকালি বৰ কষ্ট পায়।ককাকৰ লগত থাকি বেয়া নাপায় সিহঁতে,স্কুলৰ পৰা আহি ভাতকেইটা খাই ককাকৰ লগত পৰীৰ দেশৰ সাধু,ৰাজকোঁৱৰৰ সাধু শুনি শুনি সিহঁত টোপনি যায় আকৌ উঠি আবেলি ককাকৰ লগত বাগিচাত ফুলবোৰৰ লগত কথা পাতে,খেলে।সহায়িকা মানুহ এগৰাকী আহি ঘৰ সৰা মোচা,বাচন ধোঁৱা কামবোৰ কৰি যায়।ৰন্ধা বঢ়াত মিচিকিৰ কষ্ট হ'লেও নিজেই কৰে।শহুৰেকেও ভাল নাপায় বেলেগে ৰন্ধা বঢ়া কৰাটো।টেম্পোখনত উঠিয়েই মিচিকিয়ে ফুলিযোৰ পিন্ধিবলৈ লয়,সৰুসুৰা বস্তু বোৰ তাই বেগতে ভৰাই ৰাখে গাড়ীখনত উঠিহে তাই পিন্ধে।

*অফিচলৈ ওলালে?মৰমৰ লগৰ ৰিচানৰ মাতৃক লগ পালে তাতে।

*হয়,ভাল নে আপোনাৰ?

*ও ভালেই দিয়ক,আপোনালোকৰেই ভাল দিয়ক, চাকৰি এটা আছে।আমিহে কেৱল ল'ৰা ছোৱালী অনা নিয়া কৰোঁতেই গৈছে।চাকৰি বাকৰি একো নাই খালি পুৱাৰ পৰা গধূলিলৈ ভাত বনোৱা, ঘৰৰ কাম কৰা,ল'ৰা ছোৱালী চোৱা আৰু ইমানবোৰ কাম কৰাৰ পিছতো ঘৰৰ মানুহৰ ইটো সিটো উজৰ আপত্তি শুনা।

*হয় নেকি, তেনেকুৱা একো নাই, মই জানো ঘৰৰ কাম কৰিব নালাগে।সকলোৰে একেই বুজিছে।এই যে গৃহিণীসকলে ভাবে তেওঁলোকে দৈনন্দিন কামৰ উচিত মূল্য নাপায়, সন্মান নাপায় প্ৰকৃততে, সকলো মানুহৰে একেই বুজিছে।চাকৰিয়ালেই হওঁক বা গৃহিণীয়েই হওঁক আজৰি কাৰো নাই বুজিছে।আপোনাৰ প্ৰতি মোৰ হিংসাহে লাগে আপুনি যে ৰিচানক সময় দিব পাৰিছে,তাৰ আব্দাৰবোৰ সময়মতে পূৰাব পাৰিছে,মাক হিচাপে তাক সময় দিব পাৰিছে ইয়াতকৈনো এগৰাকী মাতৃৰ বাবে কি লাগে।

ঘৰৰ ওচৰ পোৱাত তেওঁ নামি যায়।মিচিকিয়েও ঘড়ীটো পিন্ধি লয়।মনে মনে ভাবে মিচিকিয়ে এওঁকেই তাই মাজে মাজে ফেচবুকত দেখে নিজৰ স্বামী,ৰিচানৰ লগত ভিন্ন ঠাইত,ভিন্ন প'জত।কেতিয়াবা মিচিকিৰো মন যায় তেওঁৰ দৰে মাৱী,মৰমৰ লগত ফুৰিবলৈ যাবলৈ, সময় পাৰ কৰিবলৈ।কিন্তু মন গ'লেও যে ছুটী নাপায় তাই।

শহুৰ শাহুৰে ভৰা ময়ূৰীৰ সংসাৰত ল'ৰা ৰিচানৰ সৈতে পাঁচটাকৈ মানুহ।কাম বুলিবলৈও বিশেষ নাই, তথাপিও দৈনন্দিন কামখিনি কৰি থাকোঁতেই ময়ূৰীৰ সময় কেতিয়া পাৰ হয় গম নাপায়।চাকৰি  নাই যদিও সোনকালে নুঠিলে তাইৰ কাম নহয়।ল'ৰা ৰিচানক টোপনিৰ পৰা জগাই স্কুললৈ ৰেদি কৰি খাবলৈ মন নকৰিলেও কিবা এটা নুখুৱাই পঠিয়াবলৈ মাকৰ মনে নকয়,লগতে টিফিনটো তাৰ মন পচণ্ডৰ কিবা এটা বনাই নিদিলে যেনে টিফিন তেনেদৰেই উভতি আহে।স্বামী অৰ্ণৱকো একে সময়তেই খোৱাৰ যোগান ধৰি ময়ূৰী ৰিচানক লৈ স্কুললৈ যায়।ৰিচানক থৈ উভতি আহে মানে অৰ্ণৱ দোকানলৈ ওলাই।শহুৰ শাহুক পুৱাৰ ৰুটি-ভাজি,জলপান দি আজৰি হয় মানে সৰুসুৰা কামবোৰ ওলায়েই।আকৌ বাৰ বজাত ৰিচানক আনিবলৈ ওলাই যায়।ৰিচানক আনি তাৰ লগত লাগি থাকোঁতেই বেলি কেতিয়া ডুবে গ'মেই নাপায়।তাৰ মাজতে দেওবাৰে কেতিয়াবা ওলাই যায় টাউনখনলৈ ৰিচানক ফুৰোৱাৰ চলেৰে,সেইয়াও ঘৰৰ সমস্ত কাম বন কৰি।প্ৰায়ে ৰাতি ন মান বজাত দোকান বন্ধ কৰি ঘৰ সোমোৱা অৰ্ণৱে ইয়াৰ মাজতো মাজে মাজে তাইক কয়

*ঘৰতেহে থাকা,পুৱাৰ পৰা গধূলিলৈকে কিনো কৰা?

কিনো কৰে তাই নিজকে প্ৰশ্ন কৰে ময়ূৰীয়ে।বিনা বেতনত পুৱাৰ পৰা গধূলিলৈকে ঘৰৰ মানুহকেইটাৰ কাৰণেই দৌৰাদৌৰি কৰে,অথচ তাই কিনো কৰে?মিচিকিলৈ হিংসা লাগি যায় তাইৰ।তেওঁৰে ভাল, কিবা এটা কৰে।ৰিচানক থৈ উভতি আহোঁতে প্ৰায়ে তেওঁক লগ পায়।

অফিচত আজি মিচিকিৰ মনটো নবহিল।বাৰে বাৰে আহিবৰ সময়ত মাৱীয়ে কোৱা কথাষাৰলৈ মনত পৰিল।মনলৈ বদমাচী বুদ্ধি এটা আহিল, বছক গাটো বেয়া লাগিছে বুলি কৈ ছুটী লৈ ঘৰ পালেহি।উভতি আহোঁতে আৰোহণক লগ ধৰি গাড়ীখন লৈ আহিল।আৰোহণক প্লেনিঙটোৰ কথা ক'লে,কিন্তু তাৰ সময় নাই।নাই যদি নাই, আজি তাই কাকো খাতিৰ নকৰে।গাড়ীৰ চাবিপাত দি আৰোহণে কৈ উঠে

*সাৱধানে চলাবা আৰু বেছি পইচা পাতি খৰচ নকৰিবা।

*তুমি দিবা পইচা?

   কথাষাৰ নকওঁ বুলিও মিচিকিৰ মুখৰপৰা ওলাই আহিল।

মাকক দেখি মাৱীহঁত আচৰিত হ'ল।

*ব'লা,আজি আমিকেইটা ফু ফু যাম।দেউতা আপুনিও উলাওক।

*ক'ত যাম মিচি মা?

*য'লৈকে মন যায়।তোমালোকৰ ক'ত যাবলৈ মন
 গৈছে?

*মোৰ পিজ্জা খাবলৈ মন গৈছে আৰু মোৰ বাৰ্গাৰ।

 *অ'কে আগতে কাপোৰ পিন্ধা।

       দুয়োটাই নিজৰ পচণ্ডৰ কাপোৰ পিন্ধিবলৈ উৎপাত লগায়।আজি মিচিকিয়েও সিহঁতক বাধা নিদিয়ে।নিজৰ মতে ৰেদি হ'বলৈ দিয়ে সিহঁতক,সকলো ক্ষেত্ৰতে হকা বধা দি থাকিলে সিহঁতেও বেয়া পাই।দুয়োটাই একে কালাৰৰে কাপোৰ মিলাই পিন্ধি লয়।আজিকালিৰ ল'ৰা ছোৱালী সৰুতেই ইমান কথা জানে মিচিকি আচৰিত হয় কেতিয়াবা।অফিচলৈ পিন্ধি যোৱা কূৰ্টিটোকে তাই পিন্ধি যাম বুলি ভাবি কাপোৰ সলোৱা নাছিল।কিন্তু মাৱীৰ তাতো চকু।সিহঁতৰ লগত মিলাই তাইক ৱাৰ্ডৰবৰ পৰা লং গাউনটো উলিয়াই দিছে।

*মিচি মা তুমি এইটো পিন্ধা।

সলাবলৈ মন নাথাকিলেও সিহঁতৰ উৎসাহক,মৰমবোৰক উপেক্ষা কৰিবলৈ মন নগ'ল তাইৰ।সাজি কাচি গোটেইকেইটা ওলাই গ'ল।ভিৰ নথকা ৰাস্তাটোৰ ফালে মিচিকিয়ে গাড়ী চলাই গ'ল।মাৱী আৰু মৰম ককাকৰ কোলাত বহি লৈছে।সিহঁতৰ কথা যেন শেষেই নহ'ব।মিচিকিৰো ভাল লাগিছে সিহঁতৰ হাঁহি ভৰা মুখকেইখন দেখি।কেতিয়াবা লক্ষ্যবিহীন যাত্ৰাও যে ইমান মধুৰ হ'ব পাৰে তাই যে ভবাই নাছিলে।মৰমৰ আব্দাৰত সিহঁতৰ প্ৰিয় গীতটো বজাই দিলে

'কোনে আজি আৱেলি মৰম দিলেহি সানি
এই বেলুনে,ৰঙা বেলুনে।'

ৰেষ্টুৰেন্টখনত বহি আজি মিচিকিৰ যি মন গৈছে তাকে অৰ্ডাৰ দিছে।কিয় জানো আৰোহণে আহিবৰ সময়ত কোৱা কথাষাৰ তাইৰ এতিয়াও কাণত বাজি আছে আৰু সেইকাৰণেই আজি তাই সেই বাজেট মিলাই ঘৰ চলোৱা গৃহিণীগৰাকীৰ ঠাইত মিচিকি হ'বলৈ মন গ'ল।ষ্টাৰ্টাৰৰ পৰা আৰম্ভ কৰি ডিজাৰ্টলৈকে তাই ইমান আইটেম অৰ্ডাৰ কৰিলে যে তাইৰ নিজৰেই বিশ্বাস নহ'ল।তথাপিও তাই খাইছে খাওঁ বুলিয়েই, কৰোঁ বুলিয়েই তাই খৰচ কৰিলে।মাৱী,মৰমৰ যি খাবলৈ যন গ'ল খাবলৈ দিলে।সিহঁতেও সদায় একেখন ৰুটিনেই ফল' কৰে,আজি বেলেগ খালে পৃথিৱীখন অশুদ্ধ নহয়।

পাৰ্কত অলপ সময় খেলা ধূলা কৰি মিচিকিহঁত ঘৰমুৱা হ'ল।বহু দিন ফটো নুঠা মিচিকিক মৰম আৰু মাৱীয়ে কেইবা কপিও ফটো তুলি দিলে।মাৱী, মৰমৰ ফটোৰে ভৰ্তি তাইৰ গেলেৰীটোত আজি বহুত দিনৰ মূৰত তাইৰ ফটো সন্নিবিষ্ট হ'ল।নিজকে আজি ৰিচানৰ মাক যেন লাগিল তাইৰ, যি নিজৰ সন্তানৰ লগত সময় পাৰ কৰিব পাৰে,সিহঁতৰ লগত ফুৰিব পাৰে,মনৰ কথাবোৰ পাতিব পাৰে।বুজি নাপায় তাই ৰিচানৰ মাকৰ দৰে নাৰীসকলে কিয় ভাবে চাকৰিয়াল মহিলাসকলৰে ভাল বুলি।তেওঁলোকৰ প্ৰতি ঈৰ্ষা জাগে মিচিকিৰ,যি কৰোঁ বুলিয়েই নিজৰ সন্তানক মৰম কৰিব পাৰে,সময় দিব পাৰে,অসুস্থ অৱস্থাত মৰমেৰে দুহাত বুলাই দিব পাৰে আৰু তাই?

এই যে উত্তৰ বিহীন প্ৰশ্নবোৰ,ঈৰ্ষাবোৰ লৈ আমি ঘূৰি ফুৰিছো তাৰ সমাধান ক'ত পাম আমি নাজানোঁ।মাথোঁ সময়ে সময়ে গাঁঠি গৈছোঁ মান-অভিমানবোৰ,জন্ম দিছোঁ উত্তৰ বিহীন প্ৰশ্নবোৰ আৰু আৱেগবোৰ।

1 comment:

  1. আপোনাৰ লিখনি কেইটা বহুত ভাল। কিন্ত নাম বিলাক অলপ সহজ সৰল হলে ভাল।

    ReplyDelete

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...