Saturday, November 21, 2020

কেতিয়াবা এনেকৈয়ে

#কেতিয়াবা এনেকৈয়ে

লুইতৰো জানো কম বেথা
কত' কাহিনী গুপুতে ৰখাৰ অজস্ৰ গাঁথা।
তথাপিও লুইত বৈ যায়
প্লাৱনৰ ধাৰাৰে প্লাৱিত কৰি।
লুইতপৰীয়াক কন্দোৱাই,হহুৱাই,সপোন দেখুৱাই লুইত বৈ যায় ।

 মোৰ অন্তৰখনেও যেন হাজাৰ কথা গুপুত কৰি ৰাখিছে।অস্তমিত সুৰুযৰ শেষ বিন্দু ৰশ্মিৰ আভাই মোক এই সময়তো পোহৰাই তুলিছে।হা হুমুনিয়াহবোৰ পাহৰি পেলাইছোঁ, সেয়েটো আহোঁ ইয়ালৈ।লুইতৰ বুকুৰ সৌন্দৰ্যই যে সকলোবোৰ পাহৰাই দিয়ে।সেয়ে যেতিয়াই মন যায় দৌৰি আহোঁ লুইতৰ পাৰলৈ।লুইত,মোৰ সুখ দুখৰ একমাত্ৰ সহযাত্ৰী।

*কান্দিছা তুমি শুভ্ৰদীপ?নাকান্দিবা,পুৰুষে কান্দিলে শোভা নাপায়।

  এদিন এই লুইতৰ পাৰতেই শুভ্ৰদীপ আৰু মোৰ বিচ্ছেদ হৈছিল।ভাষা অবিহনেই তাৰ চলচলীয়া চকুযুৰিয়ে মোক বহু কথাই বুজাই দিছিল।জানিছিলোঁ মই তাৰ বুকুৰ বেথা।ভয় কৰিছিলোঁ মই মোক হেৰুৱাই সি বিপথে নাযায়টো,মোৰ আৱৰ্তমানত তাক মৰম দিব পাৰিবনে কোনোবাই,পাঁচবছৰ প্ৰেমৰ পিছতো যেতিয়া মোৰ ওচৰত সদায় অপৰাধী অপৰাধী হৈ আহে সি মোৰ বুজিবলৈ বাকী নাথাকে তাৰ সেই অৱস্থাটোৰ কথা।দেউতাক নোহোৱা ল'ৰাটোক মাকে সৰুৰেপৰাই বৰ মৰমেৰে ডাঙৰ কৰিছে,মৰম দিব পাৰিছোঁ মই সঁচা, কিন্তু সেই আদৰ,যত্ন যি সি মাকৰ পৰা পাইছিল তাৰ সমকক্ষ হ'বলৈ হয়তো মই বহু জনম ল'ব লাগিব।মোৰ জীৱনৰ প্ৰথম প্ৰেম আছিল শুভ্ৰদীপ।ক'ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল নাজানোঁ কিন্তু এদিনৰ চিনাকিতে শুভ্ৰদীপক মোৰ ভাল লাগিছিল।সেই যে ভাল লগা আজিও চোন সেই স্থানত মই কাকো বহুৱাবই নোৱাৰিলোঁ।বান্ধৱী নন্দিতাৰ বিয়াত কইনা খুজিবলৈ আহিছিল দৰাৰ ভায়েক, সখীয়েকহঁতে।কথাৰ চুপতি,দৰাঘৰ-কইনাঘৰৰ ধেমালিবোৰৰ মাজত আমাৰ চাৰি চকুৰ মিলন হৈছিল।লাহে লাহে আমাৰ কথা বতৰা আৰম্ভ হৈছিল।আঠমঙলালৈ অহা দৰাঘৰীয়াৰ লগত ফটো উঠোতে অজানিতে শুভ্ৰদীপ মোৰ কাষত থিয় দিছিল।এক বুজাব নোৱাৰা অনুভূতিয়ে মোৰ সৰ্ব শৰীৰ কঁপাই তুলিছিল।মিঠা মিঠা ভালপোৱাৰ অনুভৱবোৰত মই ডুব গৈছিলোঁ।একেখন চহৰলৈকে বিয়া হোৱা নন্দিতাৰ ঘৰলৈ শুভ্ৰদীপ প্ৰায়ে আহিছিল।আমাৰ দুয়োৰে কথাবোৰ নন্দিতাই জানিছিল।তাই আমাৰ সম্পৰ্কৰ কথা জানিছিল।আচলতে তেতিয়ালৈকে মোৰ বন্ধুত্বৰ তালিকাখনত নন্দিতাৰ বাহিৰে আৰু কাৰো স্থানেই নাছিল।নন্দিতাৰ ঘৰখনতেই আমি দুয়ো লগ হৈছিলোঁ।শুভ্ৰদীপৰ ককাকৰ ঘৰ আছিল সেইখন।

  শুভ্ৰদীপৰ শব্দৰ মায়াজালত আৱদ্ধ হৈছিলোঁ মই,তাৰ পুৰুষ কণ্ঠস্বৰৰ প্ৰেমত পৰিছিলোঁ মই।কবিতা লিখিছিল সি।কবিতাবোৰৰ প্ৰতিটো শব্দই মোক আলোড়িত কৰি তুলিছিল।শুভ্ৰদীপ গোস্বামী, লাহে লাহে কবি সন্মিলনবোৰত সি প্ৰায়েই যোৱা হৈছিল।কিন্তু সমান্তৰালভাৱে চলাই গৈছিল তাৰ লোক-সংস্কৃতিৰ ওপৰত গৱেষণাৰ কাম।ইমান ব্যস্ততাৰ পিছতো মোৰ মনত নপৰিলেও সি খবৰ ৰাখিছিল দিনটোৰ প্ৰায় বেলাতে।কোনোদিনে মই শুভ্ৰক কৈ নাপালোঁ'মোক পাহৰিলা'বুলি।তাৰ সলনি সিহে মোক কয়

*উম,মই আছোঁ এতিয়াও।

বাৰে বাৰে প্ৰেমত পৰোঁ মই শুভ্ৰৰ।ফোনৰ সিটো মূৰৰ পৰা ভাহি অহা শুভ্ৰৰ মাতষাৰত মই বাৰে বাৰে আপ্যায়িত হৈছিলোঁ।মোৰ পঢ়াৰ সময়ত শুভ্ৰই কেতিয়াও ফোন কৰা নাছিল, মোৰ পঢ়া শুনাৰ প্ৰতি আগতে যদি আগ্ৰহ কম আছিল,মই নজনাকৈয়ে শুভ্ৰই মোক পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল।তাৰ কথা আখৰে আখৰে পালন কৰিবলৈ মই যেন তাৰ একান্ত বাধ্য আছিলোঁ।মোৰ স্নাতক ফাইনেল পৰীক্ষা আগৰ দুটা বছৰতকৈ বহুতেই ভাল হৈছিল।আগতে যদি মোৰ জীৱনৰ লক্ষ্যও নাছিল, শুভ্ৰক লগ পোৱাৰ পিছত উষা নগৰীৰ কথাবোৰ শুনি শুনি মোৰ মনটো উৰা মাৰিছিল উষা নগৰীলৈ।মই ভবাতকৈও মোৰ বি.এ ৰ ৰিজাল্ট ভাল হৈছিল।স্নাতকোত্তৰ পঢ়িবলৈ মই চিট পাইছিলোঁ তেজপুৰ বিশ্ববিদ্যালয়ত আৰু শুভ্ৰক পাইছিলোঁ অতি ওচৰৰ পৰা।ভালপোৱাতকৈ শুভ্ৰক মই নতুন ৰূপত দেখিছিলোঁ।সদায় তাৰ মুখত মাকৰ কথা শুনি থকা মইজনীয়ে মাকক দেখিছিলোঁ।মাকক চোৱাৰ এক দূৰন্ত হেঁপাহ জাগিছিল মোৰ মনত।এদিন তেজপুৰত হোৱা গ্ৰন্থমেলা এখনত মোক চিনাকি কৰাই দিছিল শুভ্ৰই মাকৰ লগত।গোঁসানী যেন মানুহগৰাকীক যেন চালে চায়েই থাকিম মোৰ তেনে লাগিছিল।এসাগৰ ভক্তিৰে মনটো ভৰি পৰিছিল।তেওঁ সুধিছিল

*কি নাম তোমাৰ?

*উন্মালিনী দুৱৰা।

হাঁহি থকা মুখখন যেন ম্লান পৰি গৈছিল।বুজিছিলোঁ মই ইয়াৰ কাৰণ।এই লৈ শুভ্ৰৰ লগত মোৰ আগতেও কথা হৈছিল।কিন্তু তাৰ বিশ্বাস সি তাৰ মাকক বুজাব পাৰিব।কোনো দিন কোনো কথাতে না নোকোৱা মাকে একমাত্ৰ সন্তানৰ মনৰ ইচ্ছা নিশ্চয় পূৰ কৰিব।

স্নাতকোত্তৰৰ দুটা বছৰ বিশ্ববিদ্যালয়ৰ অলিয়ে গলিয়ে আমাৰ অবাধ বিচৰণ।সেইখিনি সময়তে শুভ্ৰই কলেজৰ চাকৰিটো পাইছিল।আমাৰ সপোনবোৰে পূৰ্ণতা পোৱাৰ পথত যেন আৰু এখোজ আগুৱাই গৈছিল।লুইতৰ পাৰত আমি প্ৰায়ে বহিছিলোঁ।প্ৰায় প্ৰতিটো আৱেলি অস্তমিত আদিত্যৰ আলোকেৰে আলোকিত হৈছিলোঁ আমি।গণেশ ঘাটৰ আৱেলিটো আমাৰ সদায় প্ৰিয়।

   শুভ্ৰৰ বাবে মাকৰ ছোৱালী বিচৰা আৰম্ভ হৈছিল।এবাৰ বাটত লগ পাই তেওঁ আমাৰ কেইজনীক কৈছিল

*আমাৰ বাবাৰ বাবে ছোৱালী এজনী চাবাচোন,তাৰ লগত মিলা।বেলেগ একো নালাগে মাত্ৰ তাক বুজি পোৱা আৰু ঘৰখনৰ লগত মিলি থাকিব পৰা হ'লেই হ'ল।অ' আৰু এটা কথা, ছোৱালীজনী কিন্তু গোঁসাই ছোৱালী হ'ব লাগিব।জানাই নহয় সমাজৰ কথা।এই বুঢ়া বয়সত তাক আৰু মই ত্যাজ্য পুত্ৰ কৰিব নোৱাৰোঁ।

 তেওঁ কাক উদ্দেশ্য কৰি কথাষাৰ কৈছিল নাজানোঁ,কিন্তু কথাষাৰে মোক হুলে বিন্ধাদি বিন্ধিছিল।দুদিনমান শুভ্ৰক লগ কৰা বাদ দিলোঁ,মাক-পুতেকৰ মাজত মোৰ নিজকে প্ৰাচীৰ যেন লাগিল।শুভ্ৰৰ ফোনৰ উপৰি ফোন,কেতিয়াবা কথা পাতো,কেতিয়াবা নাপাতো।এদিন আহি হোষ্টেল পালেহি।নকওঁ বুলি ভাবিও কথাবোৰ মুখৰ পৰা ওলাই গ'ল।আশ্বাস দিলে সি আগৰ দৰেই, সি মাকক বুজাব।একমাত্ৰ পুত্ৰৰ কথা তেওঁ মানিব,মানিব লাগিব।

  দিন বাগৰে,মোৰো বিশ্ববিদ্যালয়ৰ জীৱনৰ অন্ত পৰিল।ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিলোঁ।তেজপুৰখন,বিশ্ববিদ্যালয়খন হৃদয়ত আঁকি চকুপানীৰ ঢল বোৱাই ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহিলোঁ।ইফালে ঘৰত দেউতায়ো ল'ৰা চোৱা আৰম্ভ কৰিলে।মাৰ আগত শুভ্ৰৰ সকলো কথা ক'লো।মাৰ স্পষ্ট কথা

*সি যে তোক বিয়া পাতিব পাৰিব সেই আশা কম।তোৰেই ভুল সমাজৰ নিয়ম তই কিবা নাজান নেকি?এগৰাকী মাকক কন্দুৱাই তই কেতিয়াও সুখী হ'ব নোৱাৰিবি।

  এদিন শুভ্ৰই মাতি পঠাই,এবুকু ভালপোৱা আৰু পোৱা নোপোৱাৰ দুৱাৰডলিত ৰৈ সি মতাৰ লগে লগে মই যাওঁ লুইতৰ পাৰলৈ।বহু পৰ লুইতৰ পাৰত অকলে বহি থাকোঁ।শুভ্ৰ নাহে,ফোন কৰিলেও ৰিচিভ নকৰে।বুজিছিলোঁ মই ইয়াৰ অৰ্থ।তথাপিও আশাবাদী আমি,আমৃত্যু পৰ্যন্ত নিৰাশাৰ মাজতো আমি শেষ আশা লৈ জীয়াই থাকোঁ।বহু পলমকৈ আহিছিল শুভ্ৰ।নিৰৱে বহি ৰৈছিল মোৰ কাষত।সময়ত মৌনতায়ো বহু কথা কৈ যায়।

*একো নোকোৱা শুভ্ৰ?

*মোক ক্ষমা কৰি দিয়া উম,মই মোৰ কথা ৰাখিব নোৱাৰিলোঁ।তোমাক গ্ৰহণ কৰিলে মাক মই হেৰুৱাব লাগিব।মাতৃহন্তাৰ পাপ মই ল'ব নোৱাৰিম।

  হৃদয়ে নামানিলেও মোৰ বিবেকে যেন এই সিদ্ধান্ত আগতেই মানি লৈছিল।ভাঙি পৰিছিলোঁ মই সম্পূৰ্ণ ভাৱে,তথাপিও মই শুভ্ৰক চম্ভালিবলৈ,বুজাবলৈ চেষ্টা কৰিছিলোঁ।কান্দিছিল শুভ্ৰই, মোৰ ভাষাৰ অভাৱ হৈছিল, তথাপিও মই কৈছিলোঁ

*কান্দিছা তুমি শুভ্ৰদীপ?নাকান্দিবা,পুৰুষে কান্দিলে শোভা নাপায়।

   লুইতৰ পাৰৰ সেই আৱেলিৰ পিছত আমি কোনো দিন লগ ধৰাৰ চেষ্টা কৰা নাই, আনকি শুভ্ৰৰ কি হ'ল,কেনেকৈ আছে জানিবলৈও মন কৰা নাই মই।ফোন নাম্বাৰ সলাই দিছিলোঁ।প্ৰেম মানেইটো বিবাহ নহয়,কেতিয়াবা বিবেকে শুভ্ৰক ভুল বুলি ভাবিবলৈ চেষ্টা কৰিলেও পিছ মূহুৰ্ততে মোৰ হৃদয়খন আৱৰি ধৰে শুভ্ৰৰ প্ৰতি থকা এসাগৰ ভালপোৱাৰে।

   দেউতাৰ দৰা চোৱাৰ পৰ্বৰ পৰা হাত সাৰিবলৈ ঠায়ে ঠায়ে য'ত যি পাইছিলোঁ চাকৰিৰ বাবে এপ্লাই কৰিছিলোঁ।অ'ত ত'ত সৰু সুৰা কিবাকিবি কৰি আছিলোঁ।কেৱল ঘৰৰ পৰা দূৰত আছিলোঁ যাতে ঘৰৰ,সমাজৰ সমালোচনাৰ পৰা আঁতৰি থাকিব পাৰোঁ।প্ৰতি ক্ষণ,প্ৰতি দিন,প্ৰতি মূহুৰ্তত মই কঢ়িয়াই লৈ ফুৰিছিলোঁ শুভ্ৰৰ ভালপোৱাবোৰ,শুভ্ৰৰ স্মৃতিবোৰ,লুইতৰ পাৰৰ আৱেলিবোৰ আৰু আমাৰ প্ৰেমৰ সুবাসবোৰ।পুনৰ তেজপুৰে ৰিঙিয়াইছিল।এন.জি.অ' এটাত তেতিয়া মই গুৱাহাটীৰ ব্ৰান্সত কৰি আছিলোঁ,তেজপুৰটো তাৰ ব্ৰান্স আছিল।খুব কম দিনৰ ভিতৰতে ভাড়াঘৰৰ মালিকৰ জীয়ৰী অনিন্দিতাৰ লগত মোৰ সৌহাৰ্দ্য গঢ়ি উঠিছিল।আমি প্ৰায় সম বয়সীয়াই আছিলোঁ।তেওঁলোকৰ দুজনী ছোৱালী,ডাঙৰজনীয়ে বিয়াৰ এবছৰ পিছতেই এজনী পৰী হেন ছোৱালী জন্ম দি দুৰ্ঘটনা এটাত মৃত্যুক সাৱটি লয়।মাজে মাজে অনিন্দিতাই গৈ লৈ আহে।পৰী হেন ছোৱালীজনী আহিলে ঘৰখন প্ৰাণ পাই উঠে।কেতিয়াবা কেতিয়াবা মই লগ পাওঁ অফিচৰ পৰা আহি।মাহী মাহী বুলি থুপুক থাপাক খোজেৰে অহা জিকমিকজনীক একোলা নোলোৱাকৈ থাকিব পাৰিনে।কেতিয়াবা মোক তাই সোধে

*মায়ী,টকলেট নাই অনা?

 সেয়ে আজিকালি তাইলৈ বুলি চকলেট এটা মোৰ বেগত ৰাখোৱেই।সন্ধিয়াৰ আগত আকৌ তাইক অনিন্দিতাই ঘৰত থৈ আহে।দেউতাকে অফিচৰ পৰা আহি তাইক নেদেখিলে ভাল নাপায় বোলে।জিকমিকজনী মোৰো আপোন আপোন লগা হ'ল।কলাকলকৈ তাই বাঢ়ি আহিছে।প্লে স্কুললৈ গৈছে তাই, দেউতাকে থৈ যায় স্কুলত আৰু অনিন্দিতাই দুপৰীয়া লৈ আহে।মাজে মাজে মই লগ পাওঁ, মোক তাই এদিন সুধিলে

*তোমাৰ নামটো কি?

* উন্মালিনী

*ইমান টান,মই তোমাক উম বুলি মাতিম।

     বুকুখন কঁপি উঠিল।

*নামাতিবা মোক উম বুলি, মাহী বুলিয়েই মাতিবা।

নাই তাই তেতিয়াৰ পৰা উম বুলিয়েই মাতে মোক।তাইক লগ পোৱাৰ ছমাহ মানৰ ভিতৰতে তাই মোৰ একেবাৰে আপোন হৈ পৰিল।শুভ্ৰই মোৰ বাৰ্থডেত এটা টেডী বিয়েৰ দিছিল, যিটো মই আজিও মোৰ লগত ৰাখোঁ।মই অফিচৰ পৰা অহাৰ পিছত মোৰ ৰুমত জিকমিকৰ অবাধ বিচৰণ,টেডী বিয়েৰটোক কাষতে শুৱাই তাই কথা পাতে।টেডীটো হেনো তাইৰ মাক।মৰম লাগি যায় জিকমিকজনীলৈ।বুকুৰ মাজত সোমোৱাই লওঁ তাইক।

   জিকমিকৰ বাৰ্থডে,মই নগ'লেই নহয়।এসপ্তাহ মানৰ আগৰ পৰাই তাইৰ বাৰ্থডেৰ প্লেনিং।আজিকালি ল'ৰা-ছোৱালীবোৰ যে ইমান এডভান্স।বাৰ্থডেত কি ড্ৰেচ পিন্ধিব,ড্ৰেচৰ লগত মিলাই কেনেকুৱা চুজ পিন্ধিব কেকটো কেনেকুৱা হ'ব সকলো নখ দৰ্পনত।বহু দোকান বিচাৰি বিচাৰি মই তাইৰ বাবে শুভ্ৰই দিয়া টেডীটোৰ নিচিনা টেডী এটা কিনি আনিলোঁ।অনিন্দিতাহঁতৰ লগতে ময়ো গ'লোঁ।

  আমালৈ ৰৈ আছে তাই অধীৰ আগ্ৰহেৰে।আমাক দেখিয়েই দৌৰি আহিছে জিকমিকজনী।

*উসঃ ইমান যে মৰম লাগিছে আমাৰ জিকমিকজনীক- বুলি মই তাইৰ গালত চুমাএটা যাচিলোঁ।মোক টানি নিলে তাই।

*আহা,পা-পা,পা-পা আতা(আইতা)ক চোৱাহি।

*এইজনী মোৰ আতা।

 *আতা,এইজনী উম।

উসঃ,মোৰ ভৰিৰ তলৰ মাটিখিনি যেন নাইকিয়া হৈ গ'ল।ক'ত,কিয় আহিছোঁ সকলোবোৰ যেন মই পাহৰি পেলাইছোঁ।জিকমিকৰ আইতাক মানে শুভ্ৰৰ মাক।ঠিকেই চিনি পাইছোঁ মই, সেই গোঁসানী যেন মানুহগৰাকী এতিয়াও সেই একেই আছে।সৌৱা,মোৰফালেই শুভ্ৰ আহি আছে।

*পা-পা,পা-পা এইয়া চোৱা উম।

*নমস্কাৰ।আহা জিক,কেক কাটিবৰ টাইম হৈ গৈছে।

   অচিনাকি ভাৱত শুভ্ৰ সেই ঠাইৰ পৰা আঁতৰি গ'ল।মাকলৈ চাই হাঁহি এটি মাৰি ময়ো আঁতৰি আহিলোঁ।বাৰ্থডেত কি হ'ল কি নহ'ল মোৰ একোলৈ মন নাই, কেৱল তাৰ পৰা কেতিয়া যাব পাৰোঁ তাকে চিন্তা কৰিবলৈ ধৰিলোঁ।মনতে কথাবোৰ পাগুলীয়াই থাকিলোঁ'শুভ্ৰই বিয়া পাতিলে,শুভ্ৰই বিয়া পাতিলে'।মই যেন আশা কৰিছিলোঁ সি মোলৈ ৰওঁক,মাকক কওঁক উমক বিয়া নকৰালে মই কাকো বিয়া নকৰাওঁ।মোৰ সুপ্ত মনটোৱে যেন মানি ল'ব পৰা নাই শুভ্ৰৰ বিয়াৰ কথাটো।শুভ্ৰৰ প্ৰতি অভিমান হৈছিল মোৰ,তাৰ উপেক্ষাৰ বাবে যেন এই মূহুৰ্তত মই সাজু নাছিলোঁ।যি জিকমিকক পাই মই হাঁহিবলৈ শিকিছিলোঁ,সেই জিকমিকৰ প্ৰতি মোৰ যেন ঈৰ্ষা হ'ল।আধাতে গুচি আহিলোঁ তাৰ পৰা।দুদিনমানলৈ মই জিকমিকৰ পৰা পলাবলৈ ধৰিলোঁ।আগতে তাইক লগ পাবলৈ যদি মই সোনকালে উভতি আহিছিলোঁ এতিয়া  তাই যোৱাৰ পিছতহে মই ৰুম সোমাও।লুইতৰ পাৰলৈ দৌৰি যাওঁ।বুকুৰ বেথাবোৰ লুইতখনৰ বাহিৰে যে কাকো ক'ব নোৱাৰি।যি শুভ্ৰক মই প্ৰেম বন্ধনৰ পৰা মুক্ত কৰি দিছিলোঁ সেই শুভ্ৰৰ সংসাৰ দেখি মোৰ দহন হৈছে কিয় মই নুবুজিলোঁ।

অফিচৰ পৰা এদিন জানি বুজিয়েই দেৰিকৈ আহিলোঁ।অনিন্দিতাহঁতৰ আগফালৰ বাৰাণ্ডাত খুৰা খুৰীৰ লগতে জিকমিক আৰু আইতাক বহি আছিল।দৌৰি আহিল তাই, জাপ মাৰি মোৰ কোলাত উঠিল।

*উম,তুমি এইকেইদিন কিয় দেৰিকৈ আহিছা?মই সদায় তোমালৈ ৰৈ থাকোঁ।

*অফিচত কাম আছিল অ' জিকমিক।

*মোৰ টকলেট দিয়া?

  বেগৰ পৰা উলিয়াই তাইক চকলেটটো দিলোঁ।হাতৰ পৰা চাবিপাত লৈ ৰুমটো খুলিবলৈ তাই দৌৰি গ'ল।খুৰীহঁতৰ ফালে হাঁহি এটা মাৰি মই ৰুমত সোমালোঁ।জিকমিকৰ  ইতিমধ্যে টেডীৰ লগত কথা বতৰা আৰম্ভ হৈছে।ফ্ৰেছ হৈ মই চাহ একাপ বনাই তাইৰ প্ৰিয় বাৰবন বিস্কুটৰ টেমাটো উলিয়াই ল'লোঁ।এখন এখনকৈ ডালিমগুটীয়া দাঁতকেইটাৰে তাই বিস্কুট খাবলৈ ধৰিলে।

*সোমাব পাৰোনে?

চিনাকি মাতটো শুনাৰ লগে লগে মই ইতঃস্তত হ'লো।চকীখনত বহিবলৈ দি মই বিচনাখনতে বহি ৰ'লো।দুয়োৰে বাবে হয়তো সেই সময়খিনি স্থবিৰ হৈ যোৱা হ'লে।মনে মনে আওৰাইছো ৰৈ যা সময়,ৰৈ যা।ভাষাৰ অভাৱত দুয়ো মূক হৈ পৰিলোঁ।ৱাল ক্লকটোৰ কাটাকেইডালে ৰুমটোত এক সংগীতৰ ঢৌ তুলিলে।জিকমিক তেতিয়াও ব্যস্ত বিস্কুট খোৱাত।

*ভালে আছা উন্মালিনী?

*আছোঁ দিয়ক।

*আজি তোমাৰ ওচৰলৈ মই মোৰ ভুলৰ ক্ষমা বিচাৰি আহিছোঁ, পাৰিবানে মোক ক্ষমা কৰিব।মই বুঢ়া হৈছোঁ আৰু দুদিনমান পিছত এই বাপেক-জীয়েকহালক এৰি হয়তো মই চিৰ বিদায় ল'ম।কিন্তু মই মৰাৰ আগতে ইহঁতৰ সংসাৰখন পূৰ কৰি থৈ যাব বিচাৰোঁ।মই বুজিছো মোৰ ভুল হৈছে।জাত পাতৰ নামত মই মোৰ ল'ৰাৰ ভাল পোৱা কাঢ়িলোঁ।তাক কথাৰে বান্ধিলো।সি মোৰ কাৰণে সকলো কৰিলে সঁচা, মাথোঁ সি সি হৈ নাথাকিল।কবিতা লিখি ভালপোৱা ল'ৰাটোৱে কবিতা নিলিখা হ'ল,সকলো সময়তে গুণগুণাই থকা ল'ৰাটোৱে ক'ৰবাত গান এটা লগালেও খিংখিঙাই উঠা হ'ল।নিজকে মোৰ পৰা আঁতৰাই নিলে,মই গম নোপোৱাকৈয়ে।জিকমিকৰ জন্মৰ পিছতেই মাক দেউতাক দুয়োৰে মৃত্যু হোৱাত মোৰ ভন্টীক কৈ জিকমিকৰ দেউতাকৰ দায়িত্ব ল'লে শুভ্ৰই।জিকমিকৰ আইতাক মোৰ ভন্টী,কণমানি জনী আমাৰ দুয়োখন ঘৰৰ বাবে চকুৰ মণি হৈ পৰিল।তাই অহাৰ পৰা শুভ্ৰই যেন অলপ হ'লেও হাঁহিবলৈ ধৰিলে, গুণগুণাবলৈ ধৰিলে।জিকমিকৰ বাৰ্থডেৰ দিনা তোমাক দেখি মই বুজিলোঁ ভগৱানে মোক মই কৰা ভুলৰ প্ৰায়শ্চিত্তৰ সুবিধা কৰি দিছে।মই জানোঁ তুমিয়েই সেই একমাত্ৰ ছোৱালী যি শুভ্ৰ আৰু জিকমিকক আদৰি ল'ব পাৰিবা।কাৰণ যি গৰাকী নাৰীয়ে কোনো মান অভিমান নকৰাকৈ নিজৰ ভালপোৱা জনক মাকৰ ওচৰলৈ ওভতাই পঠিয়াব পাৰে,তেওঁৰ বাবে এখন সংসাৰৰ মূল্য কিমান?উন্মালিনী হ'বানে তুমি জিকমিকৰ উম মা,হ'বানে তুমি শুভ্ৰৰ উম?পাৰিবানে মোক ক্ষমা কৰি দিব?

মানুহগৰাকীয়ে কৰযোৰে কান্দি কান্দি মজিয়াত বহি পৰিল।স্বাভাৱিকতেই মই উঠি তেওঁক আঁকোৱালি ল'লোঁ।অভিমানৰ একুৰা জুই লৈ ইমান দিনে ঘূৰি ফুৰা মইজনীৰ হৃদয়ত আকৌ শুভ্ৰৰ প্ৰেমে ছানি ধৰিলে।শুভ্ৰ অবিবাহিত,জিকমিক শুভ্ৰৰ তেজ-মঙহৰ সন্তান নহয়।বাৰে বাৰে আওৰালো

শুভ্ৰ অবিবাহিত!উম,শুভ্ৰ এতিয়াও মোৰ বাবে ৰৈ আছে আৰু জিকমিক,পৰী যেন ছোৱালীজনী,যি উম,উমকৈ ঘূৰি ফুৰে তাই এই ক্ষণৰ পৰা,এই মূহুৰ্তৰ পৰা মোৰ ছোৱালী, ওহু আমাৰ ছোৱালী, শুভ্ৰদীপ আৰু উন্মালিনীৰ ছোৱালী।

সমাপ্ত।
✍️✍️✍️মনস্বী শৰ্মা

1 comment:

গজৰাজ

  চাকিগছি পদূলিমুখত জ্বলাই ওৰণিখন দীঘলকৈ টানি ৰূপালীয়ে কলংখনৰ ফালে চাই সেৱা এটি কৰি ঘৰৰ ফালে খোজ ল'লে।হাতত থকা ধূনাদানিটোৰ সুবাস চৌদিশে ...