Saturday, April 2, 2022

জীৱন্মৃতব্যঞ্জক

 

*You are just mother's son.

   মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্টাও কৰা নাছিলোঁ আৰু ঘৰলৈ ঘূৰাই অনাৰ চেষ্টাও কৰা নাছিলোঁ।মই ভাবিছিলোঁ তেওঁ খং কৰি গৈছে দুদিনলৈ নিজৰ ঘৰলৈ,খং সাম কাটিলে পুনৰ ঘূৰি আহিব।পিছে তেওঁ ঘূৰি অহাটো দূৰৰ কথা এটা ফোনো নকৰিলে।ময়ো নিজে ফোন এটা কৰাৰ প্ৰয়োজনবোধ নকৰিলো।

মানুহ অসুখী হয়,সৰু সৰু কথাবোৰে মানুহক অসুখী কৰে।নে সুখবোৰ বিচাৰিব নাজানিলে মানুহ অসুখী হয়,নাজানো।কিন্তু মই যে ভীষণ অসুখী।এনে হোৱাৰটো কথা নাছিল।ভুল শুদ্ধৰ বিচাৰ কৰিব পৰাকৈ মই এতিয়াও যোগ্য নোহোৱাৰটো কথা নাই।দস্তুৰমত মোটা অংকৰ দৰমহাৰে মই এজন চৰকাৰী চাকৰিয়াল।ঘোচ দি,দালাল লগাই মই চাকৰি লোৱা নাছিলোঁ।লিখিত মৌখিক দুয়োটা পৰীক্ষাতে উত্তীৰ্ণ হৈ মই এই চাকৰিৰ বাবে বিবেচিত হৈছিলোঁ।মা -দেউতাৰ একমাত্র বাধ্য সন্তান আছিলোঁ মই।কোনো দিন তেওঁলোকৰ বিপক্ষে মাত মতা নাছিলোঁ।দুজনী ভনীৰে আমাৰ সুখৰ সংসাৰ আছিল।খুৰা বৰতাহঁতৰ ল'ৰা ছোৱালীৰ দৰে আমি কেতিয়াও হুলস্থুল, হাই-কাজিয়া কৰা নাছিলোঁ।সকলোৱে আমাক সমীহ কৰি চলিছিল।

পঢ়া শুনাত সৰুৰেপৰাই মই ভাল বুলি সকলোৱে কৈছিল।লাহে লাহে ময়ো সেই কথা উপলব্ধি কৰিছিলোঁ।সকলোৱে মৰম আৰু সমীহ কৰি চলিছিল।ঘৰলৈ যেতিয়া আলহী আহিছিল মই ব্যস্ত আছিলোঁ নিজৰ পঢ়া কোঠাত।আনৰ ঘৰলৈ আলহী আহিলে ল'ৰা ছোৱালীয়ে যিদৰে কথাবাৰ্ত পাতি খা খবৰ লৈছিল মই সেই সময়ত পঢ়া টেবুলত বহি আছিলোঁ।মাৰ অতি মৰমৰ সন্তান আছিলোঁ মই।তেওঁ যি কৈছিল মই আখৰে আখৰে পালন কৰিছিলোঁ।মোৰ সংসাৰখনত মা দেউতা আৰু ভনী দুজনীৰ বাহিৰে সম্পৰ্কীয় মানুহক মই আলহী বুলিয়েই ভাবিছিলোঁ।মাজে মাজে মা- দেউতাৰ লগত এৰাতি বা খুব বেছি দুৰাতিৰ বাবে মই দেউতাৰ গাঁৱৰ ঘৰলৈ গৈছিলোঁ বা মামাৰ ঘৰলৈ গৈছিলোঁ।তলা বন্ধ কৰি আমি গোটেইকেইটা একেলগে কেতিয়াও যোৱা নাছিলোঁ।গাঁৱৰ ঘৰখনৰ মৰম চেনেহৰ মাতে মোক বৰ আমনি দিছিল।ইমান আকুলতা, ইমান আদৰুৱা মাত চহৰত নুশুনা বাবেই হয়তো মই অভ্যস্ত নাছিলোঁ।আমি গ'লে গাঁৱৰ ঘৰত বিধে বিধে পিঠা পনাৰ পৰা আৰম্ভ কৰি জলপানলৈকে যোগাৰ কৰিছিল।মই খুব কম কথা কোৱাৰ বাবেই নেকি বৰতাই মোক কৈছিল

*মনৰ কথাবোৰ কেতিয়াবা কাৰোবাক কৈ পাইছানে?ক'ব লাগে বুজিছা।মনটো ভাল লাগে, পাতল লাগে।অকণমান হাঁহিবাচোন।চাবা,সমস্ত পৃথিৱীখনেই হাঁহি উঠিব।কিতাপৰ পৃথিৱীখনৰ বাহিৰেও আৰু এখন পৃথিৱী আছে সেইখন পৃথিৱীৰ লগত সামঞ্জস্য ৰাখিবলৈও জীৱনবোধৰ বৰ দৰকাৰ।ঘৰখনৰ মানুহকেইটাৰ লগত জীয়াই থকাটোৱেইটো জানো জীৱন।তেনে জীৱনে কেৱল মাৰ্কচীটখনহে শুৱনি কৰে জীৱনটো নকৰে।

*ইমান পাক লগোৱা কথাবোৰ কৈ কৈ দুদিনলৈ অহা ল'ৰাটোক আমনি নকৰিবচোন।
বৰমাই মূৰতে হাতখন বুলাই কথাকেইষাৰ কৈ গাখীৰ এগিলাচৰ লগত মই  ভালপোৱা পিঠা পনাৰে প্লেটখন হাতত গুজি দিয়ে।

কথাবোৰ তেতিয়া বুজা নাছিলোঁ বা বুজিবৰ চেষ্টাও কৰা নাছিলোঁ।মাথোঁ জানিছিলোঁ মই পঢ়িব লাগে ,ভাল ৰিজাল্ট কৰিব লাগে, ভাল চাকৰি এটা কৰিব লাগে।

কলেজত বা ইউনিভাৰ্চিটিত লগৰবোৰে যেতিয়া ক্লাছ বাং কৰি বিভিন্ন কামত গৈছিল মই তেতিয়াও একান্ত বাধ্য ছাত্ৰৰ দৰে ক্লাছ কৰিছিলোঁ।অৱশ্যে সিহঁতে মোক কোনোদিন সিহঁতৰ সঙ্গ দিবলৈও কোৱা নাছিল।অফ্ ক্লাছত মই সদায় লাইব্ৰেৰীত বহিছিলোঁ।লগৰ দুই একে যেতিয়া সিহঁতৰ প্ৰেমিকাৰ কথা পাতিছিল মই আঁতৰি আহিছিলোঁ।কিয় জানো কোনো দিন মই তেওঁলোকৰ প্ৰেমৰ কথা শুনিবলৈ উৎসুক হৈ নাপালোঁ।মায়ে কোৱাৰ দৰে মই সদায় এটা কথাতেই মনোযোগ দিছিলোঁ,'এতিয়া পঢ়াৰ সময়।ৰং ধেমালি কৰিবলৈ গোটেই জীৱনটো পৰি আছে।'

বিশ্ববিদ্যালয়ৰ দেওনা পাৰ হৈয়েই মই বিভিন্ন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলালো।দুই একে খবৰ দিয়ে ব্যক্তিগত খণ্ডৰ চাকৰিৰ বাবে, দেউতাৰ বিশ্বাস আছিল মই ইমান ভাল ৰিজাল্ট কৰা ল'ৰাটোৰ বাবে এটা চৰকাৰী চাকৰি নিশ্চয় ওলাব।তাতোকৈ তেওঁ নিশ্চিত আছিল মই ব্যক্তিগত খণ্ডৰ চাকৰি কৰিবলৈ অপাৰগ।বিভিন্ন দপ্তৰত বিভিন্ন পৰীক্ষাবোৰ দিবলৈ ল'লো।পঢ়া দিনকেইটাতকৈও যেন এই দিনকেইটা মোৰ বাবে বেছি জটিল আছিল।তথাপিও নিৰাশ নহৈ মই মোৰ কৰ্তব্য কৰি গ'লো।ওচৰৰে কলেজ এখনত পাৰ্ট টাইম কৰিবলৈ ল'লো।কলেজৰ পৰা আহি আকৌ নিজৰ কামত ধৰো।ইতিমধ্যে ভন্টী দুজনীকো এজনী এজনীকৈ সুপাত্ৰৰ হাতত গতাই দিয়া হ'ল।গাঁৱৰ ঘৰলৈ যোৱা বন্ধ কৰিলোঁ।পঢ়া দিনত থকা মোৰ সেই মান সন্মান যেন অক্ষুন্ন ৰাখিবলৈ মোক এটা চাকৰিৰ বৰ প্ৰয়োজন মই হাড়ে হিমজুৱে অনুভৱ কৰিবলৈ ধৰিলোঁ।গাঁৱৰ ভনীকেইজনীৰ বিয়ালৈও সেই লাজতে মই নগ'লো।জানো সিহঁতে  নীল দাদাক আহিব বুলি বৰ অপেক্ষা কৰিছিল ছাগে তথাপিও মই যাব নোৱাৰিলোঁ একমাত্ৰ মোৰ সন্মান হেৰুৱাৰ ভয়ত।কলেজৰ কামৰ অজুহাত দেখুৱাই মই সেই বিয়াকেইখনৰ পৰাও আঁতৰি থাকিলোঁ।

অৱশেষত প্ৰায় ছবছৰৰ পিছত মই মোৰ মনে বিচৰা এটা চাকৰি পালোঁ।সুখী যথেষ্ট সুখী মই।মা-দেউতাৰ আনন্দৰ সীমা নাই।সেইবাৰ চাকৰি পাই মই  বহাগৰ বিহুত গাঁৱৰ ঘৰলৈ গৈছিলোঁ।সলনি হৈছিল বহুত সলনি হৈছিল।বৰতাই বিচনা লৈছিল, বৰমাও তেওঁৰ শুশ্ৰূষা কৰি কৰি দুৰ্বল হৈ পৰিছিল।মোৰ লগত কথা পাতিবলৈ, ফূৰ্তি কৰিবলৈ মানুহবোৰ যেন নাইকিয়া হৈ গৈছিল।ব্যস্ত হৈ পৰিছিল সকলো নিজৰ নিজৰ কামত।খুৰায়ে দেউতাক কৈছিল,
*চাকৰিটো হ'ল যেতিয়া ছোৱালী এজনী চাই নীলৰ বিয়াখন পাতি দে।দাদায়েও বোৱাৰীজনী চাই যাব পাৰিব।

     লাহে লাহে ছোৱালীৰ খবৰ অহা আৰম্ভ হৈছিল।মই মায়ে কোৱাৰ দৰে এতিয়া জীৱনটো অলপ উদযাপন কৰিব বিচাৰিছিলোঁ।যিহেতু মোৰ পঢ়া শুনাকে ধৰি চাকৰিটো হোৱালৈকে জীৱনটো কিছু শৃংখলাবদ্ধতাৰ মাজেৰে পাৰ কৰিছিলোঁ সেয়ে মই এতিয়া জীৱনটোত ৰং ধেমালি কৰিব বিচাৰোঁ।কিন্তু ধেমালি কৰিবলৈ,উদযাপন কৰিবলৈ মোৰ যে কোনো বন্ধুৱেই নাথাকিল।কোনো বন্ধুৰ মজলিচত যোগদান কৰি নোপোৱা মোক যে এতিয়া বৰ প্ৰয়োজন হৈছিল বন্ধুৰ।এদিন গাড়ীখনকে লৈ ওলাই গ'লো মা-দেউতাৰ লগত।কিছু দূৰ গৈয়েই মাৰ আমনি লাগিল,ঘূৰি আহিলোঁ।এদিন অকলেই ওলাই গ'লো ,জীৱনটো লগ বন্ধু নোহোৱাকৈ কেৱল অকলেইটো পাৰ কৰিছোঁ এতিয়ানো কিয় বন্ধুৰ দৰকাৰ!এফ.এমত ভাহি আহিছে আৰ.জে পাহিৰ প্ৰেমৰ বাৰ্তাবোৰ,মইনো শুনি কি কৰিম এটাৰ পিছত এটা চেনেল সলাই সলাই মই মনে বিচৰা গান এটাও বিচাৰি নাপালোঁ।নিজকে প্ৰশ্ন কৰোঁ মই প্ৰকৃততে কি শুনিবলৈ বিচাৰোঁ, মোৰ ভাল লগা গায়ক,মোৰ ভাল লগা গীত কোনটো?নাজানোঁ।নাই উত্তৰ মোৰ ওচৰত।

অফিচৰ দুই এজন সহকৰ্মীৰ লগত মোৰ বন্ধুত্ব গঢ়ি উঠিছে।বন্ধুত্ব বুলি ক'লে প্ৰকৃততে ভুল হ'ব।সহৃদয়তা গঢ়ি উঠিছে।নিজকে তেওঁলোকৰ আগত প্ৰকাশ কৰিবলৈ আচলতে লাজ লাগে।মাজতে ভন্টী দুজনীৰ ঘৰৰপৰাও আহিলোঁ।ভাগিনকেইটাও বৰ মৰম লগা হৈছে।সিহঁতৰ মুখত মামা নামটো শুনি পৰম তৃপ্ত হ'লো।

পৰিয়ালৰ সকলোৱে ছোৱালী বিচৰাত ব্যস্ত মোৰ বাবে।নীলৰ বাবে ছোৱালীৰ অভাৱ এনেটো হ'ব নোৱাৰে।পঢ়াই শুনাই,চাকৰিয়ে-বাকৰিয়ে,বেয়া বস্তু নোখোৱা পৰিয়ালটোৰ ভিতৰতে এটা ভাল ল'ৰা।মই মোৰ চাৰ্টিফিকেট কিমান দিব পাৰিলোঁহেঁতেন নাজানোঁ কিন্তু দ্বিতীয় পুৰুষৰ মুখত মোৰ এনে চাৰ্টিফিকেট শুনি ময়েই আচৰিত হৈছিলোঁ।

অৱশেষত ছোৱালী চাবলৈ যোৱাৰ পৰ্ব আৰম্ভ হ'ল।মা-দেউতাৰ সৈতে মই ছোৱালী চাই আহিলো।সকলোৰে পচন্দ হোৱা ছোৱালীজনীক মই অপচন্দ কৰাৰ কথাই নাহে বুলি মই ভাবিলোঁ।যৌথ পৰিয়ালটোৰ একমাত্ৰ ছোৱালী নীহাৰিকা।ওচৰৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত তেওঁ কৰ্মৰত।সকলোৰে মৰমৰ,আদৰুৱা নীহাৰিকা।লাহে লাহে আমি ফোনত কথা পাতিবলৈ আৰম্ভ কৰিলোঁ।কথাই বতৰাই মোৰ ভালেই লাগিল।জীৱনত বিচাৰি ফুৰা বন্ধু এজন মই নীহাৰিকাৰ ৰূপত পালোঁ।লাগে জীৱনটোত এজন বন্ধু লাগে।যিজনৰ ওচৰত আমি হিয়া উজাৰি কথা পাতিব পাৰোঁ।কোনো সংশয় নোহোৱাকৈ প্ৰাণ খুলি কথা পাতিব পাৰোঁ।

বিয়াৰ দিন লাহে লাহে চমু চাপি আহিল।এদিন অফিচ কৰি বাহিৰে বাহিৰে মই তেওঁক লগ কৰিবলৈ গ'লো।ঘৰত কথাটো কোৱা নহ'ল।মোৰ অফিচৰ ওচৰতেই তেওঁৰ সম্পৰ্কীয় এঘৰলৈ বিয়াৰ ভাত খাবলৈ আহিছিল,সেয়ে মই  তেওঁক অকলে ঘূৰি যোৱাতকৈ ময়েই থৈ আহিম বুলি ক'লো।তেওঁক থৈ মই ঘৰ পাওহি মানে যথেষ্ট পলম হৈছিল।ঘৰত মা-দেউতাৰ চিন্তা।মোৰ ফোনটো কেতিয়া অফ্ হৈ গৈছিল মই সেই সম্পৰ্কেও জ্ঞাত নাছিলোঁ।ঘৰত লাজ মান কাটি কৰি কথাখিনি কোৱাৰ লগে লগে মায়ে সতৰ্ক বাণী শুনালে যে বিয়াৰ আগত আৰু এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয়।

আয়তীৰ মঙ্গল উৰুলি,পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে আমাৰ বিয়াখন সুকলমে হৈ গৈছিল।গাঁৱৰ মানুহ,পৰিয়ালৰ মানুহ আনকি সহকৰ্মীসকলেও নীহাৰিকাৰ আগত মোৰ প্ৰশংসাত পঞ্চমুখ হৈছিল।মাৰ বুকুখন গৰ্বত উফন্দি উঠিছিল।বিয়ালৈ বৰতা বৰমা আহিব পৰা নাছিল।মই নোযোৱা ভনীকেইজনী কিন্তু জোঁৱাইকেইজনৰ সৈতে মোৰ বিয়ালৈ আহিছিল।মনতে ভাবিলোঁ এইবাৰ তহঁতকেইজনীৰ ঘৰলৈ ময়ো যাম দেই নীহাৰিকাৰ সৈতে।
আঠমঙলাৰ পিছতেই আমি বৰতাৰ আশীৰ্বাদ ল'বলৈ গাঁৱৰ ঘৰলৈ গ'লো।সকলোৱে নীহাৰিকাক যেন মৰমেৰে ওপচাই পেলাব।বৰতাই আহিবৰ সময়ত মোক ক'লে

*এতিয়াৰ পৰা তোমাৰ দায়িত্ব আৰু বাঢ়িল।পুত্ৰৰ লগতে স্বামীৰো দায়িত্ব পালন কৰিব লাগিব।মই জানো তুমি পাৰিবা।মনত ৰাখিবা দুয়ো পক্ষ যাতে সুখত থাকে।

বৈবাহিক জীৱনৰ প্ৰথম চোৱাতে কিন্তু মই উজুটি খালোঁ। বিয়াৰ এমাহ মানৰ পিছতেই দেউতাৰ আকস্মিক বিয়োগ হ'ল।ঘৰখনৰ মূল খুঁটাটোহে যেন খহি পৰিল।দেউতা বুলি মাতিবলৈ মোৰ কোনো নোহোৱা হ'ল।লাহে লাহে মাও খিংখিঙীয়া হৈ পৰিল।সকলো ক্ষেত্ৰতে নীহাৰ ভুল ধৰা হ'ল।প্ৰকৃততে,যৌথ পৰিয়ালত ডাঙৰ দীঘল হোৱা নীহাই ঘৰৰ কাম কাজত পৰিপক্ক নাছিল।তেওঁৰ মতে এগৰাকী সহায়িকা ৰাখিলে কাম কাজবোৰ কৰাত সহায় হ'ব।মাৰ মতে,এই বয়সলৈকে কোনো সহায়িকা নৰখাকৈ কামবোৰ কৰিয়েই আছে।ছোৱালী হৈ যদি ভাতকেইটাকে ৰান্ধিব নাজানে তেন্তে বিয়া হৈছিল কিয়?নীহাই মুখে মুখে উত্তৰ নিদিয়ে।কিন্তু মই যে দুয়োৰে বাবে ঘৰখন ঘৰ কৰি তুলিব পৰা নাই।এনে সময়তে দেউতাৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰোঁ।আমি কেতিয়াও মা দেউতাৰ কাজিয়া দেখা নাছিলোঁ।হয়তো তেওঁলোকে আমাৰ চকুত ধৰা দিয়া নাছিল।লাহে লাহে মা আৰু নীহাৰ মাজত ইমানেই মতৰ অমিল হ'ল যে কাৰো পক্ষ লোৱাটো মোৰ বাবে সহজ হৈ নাথাকিল।এজন বাধ্য পুত্ৰৰ পৰা এজন ভাল স্বামী হোৱাৰ যাত্ৰাত মই বিফল হ'লো।অৱশেষত এদিন নীহাৰিকাই মই কেৱল 'মাকৰহে ল'ৰা' বুলি কৈ ঘৰ এৰি গুচি গ'ল।

তেওঁ ঘৰ এৰি গুচি যোৱা কথাটোৱে স্বাভাৱিকতে মোক বিমৰ্ষ কৰি তুলিছিল।মাৰ খং আৰু আৱেগৰ ওচৰত মই হাৰ মানিছিলো।সদায় কিতাপ ,চাকৰিৰ পিছত দৌৰা ল'ৰাটোৱে জীৱনটোত শিকিবলগীয়া বহু কথাই শিকাৰ পৰা বঞ্চিত হ'লো।বৰতাই কোৱা কথাকেইষাৰে এতিয়া বৰকৈ আমনি কৰে।পৰিয়ালৰ মানুহখিনিৰ লগত সম্পৰ্কবোৰ কটকটীয়া কৰিম বুলি ভাবোতেই নিজৰ সম্পৰ্কবোৰেই থানবান হৈ পৰিল।তেওঁ যোৱা প্ৰায় দুবছৰেই হ'ল।ফোনটো কৰোঁ কৰোঁ বুলি ভাবিও সদায় থমকি ৰও।সঠিক সিদ্ধান্ত এটা যে মই এতিয়াও ল'ব পৰা নাই।কেতিয়াবা দুখ লাগে জীৱনটোত মোক সঁচা ভালপোৱা মানুহ এগৰাকীৰ ইমান অভাৱ হ'লনে।গাঁৱৰ ঘৰখনলৈ যাবলৈ আকৌ লাজ লগা হ'ল।অফিচৰ বহু অনুষ্ঠানত উপস্থিত থাকিবলৈ লজ্জাবোধ কৰা হ'লো।সপৰিয়ালে অহা সহকৰ্মীসকলৰ আগত অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিলোঁ।

নীহাৰিকাই কোনো দিন চেষ্টা নকৰিলে মই কি বিচাৰোঁ জানিবলৈ, মায়েও কোনো দিন এই প্ৰশ্ন কৰা নাই, নাই কৰা ভন্টীদুজনীয়েও।

ব্ৰহ্মপুত্ৰৰ পাৰলৈ ওলাই আহিছোঁ আজি অলপ বহিম বুলি।নিজৰ লগত কথা পাতিম বুলি।মোৰ আজি বৰ মন গৈছে এই দুবছৰে কোনেও নোসোধা প্ৰশ্ন এটা সুধিবলৈ, 'মই কি বিচাৰোঁ?'

@মনস্বী শৰ্মা

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...