Sunday, August 16, 2020

ক্ষোদন



* তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।

           কথাষাৰ উদিপ্তাৰ আজি আকৌ কাণত বাজিবলৈ ধৰিলে।সঁচাকৈয়ে নিদিলে সি তাইক আনৰ হ'বলৈ।নজনাকৈয়ে তাই আজি সম্পূৰ্ণৰূপে তন্ময় দুৱৰাৰ হৈ পৰিল।যিজনৰ বাবে তাই বিয়াৰ এবছৰেও হৃদয়ত অলপো প্ৰেমৰ অনুভৱ কৰা নাছিল,আজি তেওঁৰ গুলীবিদ্ধ খবৰটোৱে তাইৰ হৃদয় থানবান কৰি পেলাইছে।দৌৰিছে মাথোঁ দৌৰিছে চাৰি মহলীয়া হস্পিতালখনৰ প্ৰতিটো চিৰি তাই দৌৰি দৌৰি অতিক্ৰম কৰিছে আৰু যেতিয়াই গৈ তাই তন্ময়ক অপাৰেচন থিয়েটাৰত সোমোৱাৰ পথত লগ পাইছে তাই কান্দিছে, মাথোঁ কান্দিছে।

*তোমাৰ একো নহয় তন্ময়,তোমাৰ একো নহয়।মোৰ বাবে তুমি ভাল হৈ উঠিব লাগিব, মোৰ বাবে।

       সেমেকা হাঁহি এটি মাৰি সি চকুকেইটা জপাই দিছিল।বহি ৰৈছিল তাই বাহিৰত,কি কৰিব কি নকৰিব চিন্তা কৰি।ওচৰতে থকা কৃষ্ণ গোঁসাইৰ মূৰ্তি জনাৰ ওচৰত বহি লৈ তাই কাতৰে মাতিছিল ভগৱন্তক।ইতিমধ্যে তন্ময়ৰ মাকহঁত পাইছিলহি।সাহস আহিছিল তাইৰ তেতিয়াহে।মাকৰ কোলাত মূৰ থৈ হুকহুকাই কান্দি দিছিল।প্ৰিয়জনক হেৰুওৱাৰ ভয় যেন তাই আজিহে উপলব্ধি কৰিছে।যিজন মানুহে যোৱা পাঁচটা বছৰে তাইক প্ৰেম,শাসন,নিৰাপত্তাৰ আৱেষ্টনীৰ মাজত আৱৰি ৰাখিছিল সেইজনৰ প্ৰতি উদিপ্তাৰ হৃদয়ত কেতিয়াও প্ৰেম অনুভৱ হোৱা নাছিল।জেদী হৈ পৰিছিল তাই বাধ্যত পৰি বিয়া হৈছিল যদিও কোনোদিন তন্ময়ৰ বাবে হৃদয়ত কম্পন অনুভৱ কৰা নাই।কিন্তু আজি তাই সম্পূৰ্ণৰূপে ভাগি পৰিছে।বুজাব নোৱাৰা এক ভয়ে তাইক কুৰুকি কুৰুকি খাইছে।কোনো দিন মনত পেলাবলৈ নিবিচৰা তন্ময়ক লগ পোৱাৰ দিনবোৰ তাইৰ চকুৰ আগত ভাহি আহিছে।

        সেইবাৰ উদিপ্তা পেহীয়েকৰ ঘৰত কেইদিনমান থকাকৈ গৈছিল,স্নাতক প্ৰথম বছৰৰ পৰীক্ষা দি পেহীয়েকে মাতি থকা বাবে তাইক দেউতাকে থৈ আহিছিল গৈ।ইতিমধ্যে পেহাৱকৰ বায়েকৰ ল'ৰা তন্ময় তেওঁলোকৰ ঘৰত আছিলেই।সাধাৰণ কথা বতৰাৰে সি থকা কেইদিন পাৰ হৈছিল।যোৱাৰ সময়ত সি মাথোঁ তাইৰ ফোন নাম্বাৰটো লৈছিল।তায়ো বিশেষ নাভাবি দিছিল নাম্বাৰটো।অৱশ্যে নাম্বাৰ লৈ যে সি বেছি কথা পাতিছিল, ডিষ্টাৰ্ব দিছিল এনে নহয়,কেতিয়াবা কেতিয়াবা খবৰ লোৱাৰ বাহিৰে বিশেষ ফোন কৰি ডিষ্টাৰ্ব দিয়া নাছিল।সিহঁত দুটা আকৌ লগ হৈছিল উদিপ্তাৰ পেহীয়েকৰ ল'ৰাৰ বিয়াত।সেইবাৰ উদিপ্তাৰ বাবে যেন তন্ময়ৰ ব্যৱহাৰ,তন্ময়ৰ চাৱনিৰ বেলেগ এক অৰ্থ আছিল।অসহজ হৈছিল তাই, সকলো ক্ষেত্ৰতে মাক দেউতাকতকৈ যেন তাৰহে কতৃত্ব।বৰযাত্ৰীৰ লগত সকলো পৰিয়ালৰ বাইভনী মিলি একেলগে বাছত যাব বুলি সিহঁতৰ ফূৰ্তিৰ,পৰিকল্পনাৰ সীমা নাছিল, কিন্তু শেষ সময়ত উদিপ্তা যাব লগা হৈছিল মাক দেউতাকৰ লগত তন্ময়ৰ গাড়ীত,ইমান সৰলতাৰে সি সকলো পৰিকল্পনা কৰিছিল যে তাই সকলোৰে আগত তাত নাযাওঁ বুলি ক'বও পৰা নাছিল।বিয়াঘৰতো আগে পিছে সি কেৱল তাইকে নিৰীক্ষণ কৰিলে।দৰাঘৰৰ ৰিচিপছনৰ দিনাও সকলো বাইভনীৰ লগত উদিপ্তায়ো নাচিছিল গানৰ তালে তালে,তন্ময় সেইসময়ত তাত নাছিল।ভাল পাইছিল তাই,তন্ময়ৰ উপস্থিতিয়ে তাইক অসহজ কৰে।ককায়েকৰ বিয়া বুলি ঘৰৰপৰাই প্ৰেকটিছ কৰি অহা ফাল্গুনী পাঠকৰ 'মেৰী চুনৰ ওৰ ওৰ জায়ে' গীতটিত তাই নৃত্য কৰিছিল।তাইৰ নৃত্য দেখি সকলোৱে হাত চাপৰিৰে উপচাই দিছিল।সেইখিনি সময়তেই তন্ময়ৰ প্ৰৱেশ হৈছিল।আন কোনোৱে দেখা নোপোৱাকৈ তন্ময়ে এটা সময়ত উদিপ্তাৰ হাতত ধৰি বাহিৰলৈ লৈ গৈছিল।

*তোমাক নাচিবলৈ কোনে কৈছিল?

*কোনে ক'ব লাগে, আমি সকলোৱে নিজেই নাচিছো।

*চোৱা মই এইবোৰ বেয়া পাওঁ।

*তুমি বেয়া পোৱা মই কি কৰিম,মই ভালপাওঁ মই নাচিছো চাওঁ,হাতটো এৰা।

*ভালপোৱা বেয়াপোৱা যি কৰা কৰা কিন্তু এটা কথা মনত ৰাখিবা তোমাক মই ভালপাওঁ আৰু তুমি মোৰেই হ'ব লাগিব।তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।

     কথাষাৰ কৈ সি যি বিয়াঘৰৰ পৰা গ'লগৈ,তাই থকালৈকে আৰু পেহীয়েকৰ ঘৰলৈ নাহিল।কথাবোৰ তাই কাকো ক'বও নোৱাৰা হ'ল।সেইকেইদিন সকলোৰে সি প্ৰিয় হৈ পৰিছিল, বিয়াঘৰৰ সকলো মানুহৰ সুবিধা অসুবিধাৰ খবৰ লোৱাৰ পৰা বস্তু যোগান ধৰালৈকে তন্ময় সকলোৰে প্ৰিয় হৈ পৰিছিল।তাৰ ওপৰত দোষ দিলে যেন কোনোৱেও মানিও নলয়।গুচি আহিল দুদিনৰ পিছত উদিপ্তাহঁত নিজৰ ঘৰলৈ।
       সময় বাগৰিল,উদিপ্তাৰ মনৰপৰাও তন্ময়ৰ কথাবোৰ পাহৰণিত বিলীন হ'ল।লাহে লাহে উদিপ্তাৰ কাষ চাপি আহিল সহপাঠী ৰাগ।ভাল লগা হৈছিল উদিপ্তাৰ ৰাগক।কিন্তু কোনেও কাকো প্ৰকাশ কৰা নাছিল।প্ৰকাশৰ অবিহনে এজনে আনজনৰ অনুভৱ বুজি উঠাই হয়তো প্ৰেম।কলেজলৈ একেলগে যোৱাৰ পৰা অহালৈকে সিহঁতে ইজনে সিজনৰ সঙ্গ ভালপোৱা হ'ল।তন্ময়ে আজিকালি দেউতাকলৈ ফোন কৰিহে খবৰ লয়।তাইলৈ ফোন নকৰে।উদিপ্তাৰ বাবে কথাবোৰ সহজ হয়,তন্ময়ে কোৱা কথাবোৰ ক্ষন্তেকৰ মোহ বুলি তাই নিশ্চিত হয়।এনেদৰেই তাই ডিগ্ৰী ফাইনেল ইয়েৰ পাইহি।
        এদিন উদিপ্তা কলেজৰ পৰা আহি ঘৰ সোমাই।দূৰৰ পৰাই দেখে তাই সিহঁতৰ পদূলি মুখত এখন ৰঙা গাড়ী ৰৈ আছে।কোনোবা আলহী আহিছে বুলি তাই নিশ্চিত হয়।সোমাই যায় তাই ড্ৰয়িং ৰুমেদি,কিন্তু এইয়া কি পুলিচৰ পোছাকত এইয়াচোন তন্ময়।ভয় লাগি গ'ল তাইৰ।মাক দেউতাকৰ সন্মুখত একো প্ৰকাশ নকৰি তাক মাতষাৰ দি তাই ভিতৰ সোমাই।বুজিব পৰা নাই তাই পুলিচৰ পোছাকত সি ইয়াত কি কৰিছে।অলপ সময় বহি সি যায়গৈ।মাকহঁতৰ মুখত গম পায়,তন্ময় এতিয়া সিহঁতৰ ঠাইৰ নতুনকৈ অহা উপ নিৰীক্ষক।উদিপ্তাৰ বুকুৰ ধপধপনিটো আকৌ বাঢ়ি গ'ল।

       তন্ময় এতিয়া উদিপ্তাৰ ঘৰৰ প্ৰিয় আলহী, দেউতাকৰ একেবাৰে মৰমৰ।ভয় লাগে উদিপ্তাৰ,তন্ময়ৰ কথাবোৰ আকৌ তাইৰ কাণত বাজিবলৈ ধৰে'তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।'লাহে লাহে ৰাগৰ লগত তাইৰ মিলামিছা তন্ময়ৰ চকুত পৰে।একেলগে অহা,একেলগে যোৱা লগত অন্য লগৰীয়া থাকে যদিও হয়তো এজন পুলিচ বিষয়াৰ চকুত এইয়া ধৰা পেলোৱাতো সাধাৰণ কথা।বাছ,অট'ৰিক্সাৰ বাবে যেতিয়া উদিপ্তাহঁত  ৰৈ থাকে প্ৰায়ে তন্ময়ে তাইক বাইকত উঠাই কলেজত থৈ আহে আৰু মাজে মাজে লৈয়ো আহে।দেউতাকৰ আগত তাই এদিন অভিযোগো দিলে।দেউতাকৰ মতে,
* ৰাস্তাত দেখি চিনাকি কাৰণে লৈ যায় তোক,তাতে বেয়া পাব লগা কি আছে আৰু ল'ৰাটো ভদ্ৰ,অমায়িকো।তই চিন্তা কৰিব নালাগে সি তোৰ একো অপকাৰ নকৰে।
      জানে তাই তন্ময়ে তাইৰ একো অপকাৰ নকৰে,কিন্তু একো উপকাৰো নকৰে।তাৰ বাবে আজিকালি ৰাগৰ চকুত নিজকে তাইৰ অপৰাধী যেন লাগে।লাহে লাহে কলেজতো তন্ময় উদিপ্তাৰ প্ৰেমৰ ৰস ৰচনা আৰম্ভ হয়।বুজি নাপায় কোনেও একমাত্ৰ তাইৰ বান্ধৱী ৰক্তিমাৰ বাহিৰে।তন্ময়েও যেন তাকেই বিচাৰিছিল।ৰাগৰ লগত তাই ভৱিষ্যতৰ যি সপোন দেখিছিল থাকি গ'ল হৃদয়ত অপ্ৰকাশিত ৰূপত।এক ভুল ধাৰণা মনত লৈ সিও আঁতৰি গৈছিল উদিপ্তাৰ পৰা।এনেদৰেই অন্তৰত চলি থকা ধুমুহাবোৰ অকলেই অতিক্ৰম কৰি তাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।সময়ে তন্ময়ক সিহঁতৰ ঘৰৰ একেবাৰে আপোন কৰি তুলিছিল কিন্তু উদিপ্তাৰ হৃদয়ত তন্ময়ৰ বাবে ৰৈ গৈছিল মাথো ঘৃণা আৰু তিক্ততা।ৰাগক তাইৰপৰা দূৰ কৰাৰ একমাত্ৰ দোষী তাই তন্ময়কে মানিছিল আৰু তাক অলপো দেখিব নোৱাৰিছিল।কিন্তু কথাবোৰ, খংবোৰ তাৰ আগত ব্যক্তও কৰিব পৰা নাছিল।ব্যক্ত কৰিবলৈ সি সুবিধাই দিয়া নাছিল।মাত্ৰ তাৰ পৰা দূৰলৈ যোৱাৰ তাই সুবিধা বিচাৰিছিল।নোৱাৰে তাক আৰু সহ্য কৰিব।সেই ভাবিয়েই তাই মাষ্টাৰ ডিগ্ৰী কৰাৰ কথা দেউতাকক ব্যক্ত কৰিলে।দেউতাকতকৈও তন্ময়হে বেছি আগ্ৰহী হ'ল।ফৰ্ম অনাৰ পৰা ফৰ্ম ফিলাপ কৰালৈকে সকলো সি তাৰ চিনাকি ল'ৰাৰ যোগেদি কৰাই দিলে।সিও যিহেতু একেখন বিশ্ববিদ্যালয়তে পঢ়ি অহা তাৰ বাবে কামবোৰ সহজ হ'ল।তাইক হোষ্টেল থিক কৰি দিয়া, এডমিছনত দৌৰাদৌৰি কৰা সকলোতে সি আগে পিছে থকা হ'ল।দেউতাকক এঠাইত বহিবলৈ দি সি সকলোতে উদিপ্তাক গাইড কৰিলে।প্ৰথম তাই ভাবিছিল সি তাই পঢ়িবলৈ অহাত বাধা দিব কিন্তু তাইক আচৰিত কৰি সি বেছি এই ক্ষেত্ৰত আগ্ৰহহে দেখুৱালে আৰু তাই ভবাৰ দৰে তন্ময়ৰ পৰা তাই আঁতৰি নাহিল।বৰঞ্চ মাহেকত সি তাইৰ খবৰ লৈ যোৱা হ'লহি আৰু কলেজৰ দৰে বিশ্ববিদ্যালয়ৰ সহপাঠীখিনিকো প্ৰকাৰন্তৰে সি কোন হয় বুজাই গ'ল।সি ফোন কৰি কৰি খবৰ নলয়,অহাৰ দিনা পুৱাই মেছেজ কৰি তাইক ৰেদী হ'বলৈ কয়।প্ৰথমকেইদিন তাই ব্যস্ত লগ ধৰিবলৈ সময় নাই বুলি কৈছিল যদিও, পিছ মূহুৰ্ততে দেউতাকৰ ফোন আহে
*মাজনী তন্ময় গৈছে গুৱাহাটীলৈ,মায়েৰাই লাৰু, পিঠা দি পঠাইছে।সি গেটতে ৰৈ আছে তুমি লৈ ল'বা।
        বুজি পাই উদিপ্তাই তন্ময় তাই ভবাতকৈ বহু টেঙৰ।মাজে মাজে সি তাৰ হোষ্টেলত থাকে।বিশ্ববিদ্যালয়ৰ অনুষ্ঠানবোৰ উপভোগ কৰে।তাইৰ নাচ,গানৰ প্ৰগেম থাকিলে চাবলৈ যায় মাজে মাজে চাকৰিৰ পৰা সময় উলিয়াই।আজিকালি তাইক বাধা নিদিয়ে।উদিপ্তাই মাজে মাজে নিজকে প্ৰশ্ন কৰে
*এজনী ছোৱালীয়ে ভাল পাব পৰাকৈ সকলোৱেইটো আছে তন্ময়ৰ, তথাপিও তাই কিয় তাক ভাল পাব নোৱাৰে।সেই যে ৰাগক দূৰ কৰাৰ খঙটো তাই এতিয়াও কঢ়িয়াই ফুৰিছে।নোৱাৰে তাই তাক ভালপাব,নোৱাৰে তাই তাক প্ৰেমাস্পদ কৰিব।কিন্তু তাই তন্ময়ক যিমানেই উপেক্ষা কৰে সিমানেই সি তাইৰ কাষ চাপিবৰ চেষ্টা কৰে সংগোপনে কৌশলেৰে।
         পাখি লগা কাঁড়ৰ দৰে সময় দূৰন্ত গতিৰে আগবাঢ়ে।বিশ্ববিদ্যালয়ৰ জীৱন শেষ কৰি উদিপ্তা আকৌ ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহে কিন্তু এইবাৰ তাইলৈ ৰৈ আছিল জীৱনৰ এটি নতুন পথ।সদায় পৰিকল্পনা কৰিছিল তাই যিদিনাই তন্ময়ে তাইক প্ৰেমৰ প্ৰস্তাৱ বা তেনে কোনো কথা ক'ব তাই তাক পাৰে মানে অপমানিত কৰিব,ৰাগক তাইৰ পৰা আঁতৰাই নিয়াৰ পোটক তোলিব।কিন্তু তাইক আচৰিত কৰি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সলনি তন্ময়ৰ হৈ বিবাহৰ প্ৰস্তাৱ আহিছিল তাইৰ পেহাৱক,মাক দেউতাকৰফালৰ পৰা।তন্ময়ৰ নিচিনা ল'ৰা এটাক না কৰাৰ বাবে ঘৰৰ কোনো প্ৰস্তুত নাছিল বৰং দুগুণ উৎসাহেৰে তাক আপোন কৰি লৈছিল।দেউতাকক তাই প্ৰকাৰন্তৰে বিয়া নোহোৱাৰ কথা কৈছিল যদিও দেউতাকে তাৰ নিচিনা ল'ৰা এটাক বেয়া পোৱাৰ কাৰণনো কি সোধাত তাই মাথোঁ মৌন হৈ ৰৈছিল।বিয়াৰ আগত মাককো তাই কৈছিল তন্ময়ক তাই স্বামীৰূপে কেতিয়াও ভাল নাপাই, সেই দৃষ্টিৰে তাই তাক চোৱা নাই।মাক আচৰিত নহয় বৰঞ্চ কয়

* বিয়াৰ আগত এনেকুৱা হয়েই, তেওঁৰো হৈছিল।দেউতাকক তেওঁ বিয়াৰ পিছতহে ভাল পাইছে আৰু বিয়াৰ পিছত হোৱা প্ৰেমৰ মাদকতাই বেলেগ।নতুন মানুহজনক জনাৰ,তেওঁক বুজাৰ এক নতুন পৰিভাষা বিচাৰি পাই।

      নোৱাৰিলে তাই কাকো বুজাব কিন্তু যিমান পাৰে সিমানেই তন্ময়ক উপেক্ষা কৰিবলৈ ধৰিলে।বিয়া থিক হোৱাৰ এমাহ মানৰ পিছতেই তাৰ আকৌ বেলেগ ঠাইলৈ ট্ৰেন্সফাৰ হ'ল।নতুন ঠাইখনৰ নাম শুনিয়েই সকলো শংকিত হ'ল।উগ্ৰপন্থীৰ ঘাটি বুলি জনাজাত ঠাইখনৰ বাবে পৰিয়ালৰ সকলোৰে মনত ভয়,শংকাই দেখা দিলে।উদিপ্তাৰ অন্তৰত কিন্তু এইবোৰ ভাৱে খেলা কৰা নাছিল।তাই যেন ভালহে পাইছিল ঘৰৰ পৰা দূৰত তাৰ ট্ৰেন্সফাৰ হোৱাৰ বাবে।বিদায় ল'বলৈ অহাৰ দিনাও তাই তাক ভালকৈ মতা নাছিল।দেউতাকে ভাবি জোঁৱায়েকক খোৱাবলৈ অনা মাছ মাংস বনোৱাত তাই ব্যস্ত আছিল।তাক যেন মাতষাৰ দিবলৈও তাইৰ আহৰি নাই।বিদায় পৰত সি মাথোঁ কৈ গৈছিল
*ভালকৈ থাকিবা।দৰকাৰ হ'লে ফোন কৰিবা।
* মোৰ দৰকাৰ নহয়।

       দিওঁ বুলিয়েই তাই তেনেকৈ উত্তৰটো দিছিল।তাইৰ পৰা ইমান বেয়া ব্যৱহাৰ পায়ো সি কিন্তু তাইৰ পৰা আঁতৰি যোৱা নাছিল।

           সদায় দেউতাকে সন্ধিয়া সন্ধিয়া তাৰ খবৰ লয়।সি যি কয় দেউতাকে মাকৰ আগত কোৱা তাই শুনে।মাজে মাজে তন্ময়ৰ উগ্ৰপন্থীৰ লগত হোৱা সংঘৰ্ষৰ বাতৰিয়ে নিউজ চেনেল কঁপাই তোলে।মাক দেউতাকে গভীৰ আগ্ৰহ তথা উৎকণ্ঠাৰে বাতৰি শুনে ক্ষন্তেক পিছতে খবৰ লয় তাৰ।মাকে নেদেখাজনৰ ওচৰত তাৰ হৈ আশীৰ্বাদ লয়।উদপ্তাহে উদাসীন হৈ থাকে।সি ফোন কৰিলে কেতিয়াবা ধৰে,কেতিয়াবা নধৰে,মন গ'লে মেছেজৰ ৰিপ্লাই দিয়ে,মন নগ'লে নিদিয়ে।উদেশ্য এটাই বেয়া পাই আঁতৰি গ'লেও যা।কিন্তু সি নাযায়,হাজাৰ উপেক্ষিত হৈও,অৱহেলিত হৈও এদিন সি তাইক অৰ্ধাংগিনী কৰি লৈ যায়।

           বিয়াৰ পিছতো উদিপ্তাৰ তন্ময়ৰ প্ৰতি ভাৱৰ অকণো পৰিৱৰ্তন হোৱা নাছিল।ৰুমটোৰ দুখন বিচনাৰ এখনত তাই আৰু আনখনত তন্ময়ক শুবলৈ দিছিল।কোৱাৰটাৰলৈ যোৱাৰ মন তাইৰ নাছিল, শাহুৱেক শহুৰেকৰ লগতেই তাই থাকিব বিচাৰিছিল, সকলোৱে তাইক বৰ মৰম কৰিছিল।কিন্তু শাহুৱেকে জোৰকৰিয়েই তাইক তন্ময়ৰ লগত থাকিবলৈ পঠিয়াইছিল।কোৱাৰটাৰতো যিমান পাৰে তাই সিমান দূৰত্ব বজাই ৰাখিছিল।ভাত,চাহৰ যোগান তাই সময়মতেই ধৰিছিল।কিন্তু দিনটোত দুটামান কথা পতাৰ বাহিৰে সিহঁতৰ মাজত কোনো কথোপকথন হোৱা নাছিল।উদিপ্তাৰ জেদটো যেন দিনক দিনে বাঢ়িহে গৈছিল।কিন্তু তাই ভবাৰ দৰে তন্ময়ে তাইক কোনোদিন কোনো কথাত জোৰ কৰা নাছিল, বৰং কৈছিলহে
*যেতিয়ালৈকে তুমি মোক অন্তৰৰে গ্ৰহণ নকৰা তেতিয়ালৈকে মই তোমাৰ কাষলৈও নাহোঁ।প্ৰয়োজনে হ'লে মৃত্যুলৈকে বাট চাম।

          বিয়াৰ এবছৰ তেনেদৰেই পাৰ হৈছিল।কোনেও কিন্তু কল্পনাও কৰিব নোৱাৰিছিল সিহঁত দুটাৰ মাজত সম্পৰ্কৰ আচল কথা।তন্ময়ৰ অফিচৰ, তাৰ মিছনৰ কোনো কথাৰ তাই খবৰ নাৰাখে।মাকহঁতে সোধিলেও তাকে সোধি ল'বলৈ কয়।কিন্তু, আজি হঠাৎ অহা ফোন কলটোৱে তাইৰ সমস্ত  সত্তাক জোকাৰি গ'ল।

* বাইদেউ, সেই নৰপিশাচকেইটাই ছাৰৰ বুকুত কেইবাটাও গুলী মাৰিলে,আমি ছাৰক হস্পিতাললৈ লৈ গৈছোঁ, আপুনি সোনকালে আহক।

        কথাখিনিয়ে উদিপ্তাৰ শৰীৰ কঁপাই তুলিলে।যেনেকৈ আছিল তেনেকৈয়ে স্কুটিখন লৈ তাই ওলাই আহিল।অহাৰ আগত দুয়োঘৰলৈ ফোনটো কৰি সবিশেষ জনালে।ক'ব নোৱাৰা হৈ গৈছে উদিপ্তা,কিন্তু তাইটো তেনে হোৱাৰ কথা নাছিল।অমংগল চিন্তা নকৰিলেও কোনো দিন তাই তন্ময়ৰ বাবে মংগলো চিন্তা কৰি পোৱা নাই।ভগৱানৰ ওচৰত তাৰ নাম উচ্চাৰণ কৰিও পোৱা নাই, কিন্তু আজি তাই সকাতৰে মাতিছে তেওঁক
*তন্ময়ক ভাল কৰি দিয়া প্ৰভু।মই কৰা ভুলৰ বাবে তেওঁক শাস্তি নিদিবা।দৰকাৰ হ'লে মোকে মাৰি নিয়া,কিন্তু তেওঁক সুস্থ কৰি তোলা।
       অপাৰেচন ৰুমৰ দৰ্জাখন খুল খাই,ডাক্তৰজন ওলাই আহে।সকলোৰে চকু তেওঁৰ ওপৰত।
*কি হ'ল ডাক্তৰ,তেওঁ সুস্থ হৈ উঠিলনে?

*Yes,অপাৰেচন ছাকছেছ হৈছে।বহুত ব্লাড গৈছে, ৰিক'ভাৰী হওঁতে সময় লাগিব।চেন্স আহিলে আপোনালোকে তেওঁক লগ পাব পাৰিব।এতিয়া তেওঁ বিপদৰ বাহিৰত।

          দৌৰি যায় উদিপ্তা কৃষ্ণ প্ৰভুৰ মূৰ্তিজনাৰ ওচৰলৈ

*ধন্যবাদ তোমাক, মোৰ অপৰাধ মাৰ্জনা কৰাৰ বাবে, আজিৰে পৰা মই তেওঁক পত্নীৰ মৰম দিম,যি মৰম আৰু প্ৰত্যয়ৰে তেওঁ মোক আৱৰি ৰাখিছে তাৰ প্ৰতিদান মই দিম।

         চেন্স অহাৰ লগে লগে এজন এজনকৈ তন্ময়ৰ মাক দেউতাক আৰু থানাৰ দুই এজন সোমালে।উদিপ্তাৰ আজি সোমাই যাবলৈ সংকোচ হৈছে।তথাপিও ৰ'ব নোৱাৰি তাই সোমাই গ'ল।

*মই আকৌ ভাবিছিলোঁ তুমি নাহিবা বুলিহে,তোমাক অশান্তি দিবলৈ ভগৱানে আকৌ পঠিয়াই দিলে মোক।

       হুকহুকাই কান্দি দিলে তাই।

*I am sorry Tanmoy,I am sorry.মোৰ ভুল হৈছিল, তোমাৰ প্ৰতি মই কৰা প্ৰতিটো বেয়া ব্যৱহাৰৰ বাবে আজি মই সঁচাকৈয়ে লজ্জিত।মোক ক্ষমা কৰি দিয়া।

*ধেৎ পাগলী, কি যে কোৱা।ময়োটো ভুল কৰিছোঁ, তোমাক নিজৰ কৰি লোৱাৰ জেদত তুমি যে মোক ভাল নোপোৱা সেই কথা বুজিবলৈ চেষ্টাই নকৰিলোঁ।সেয়ে ইয়াৰ প্ৰতিদান আজি পাই গ'লো।

* নহয় তন্ময় মই তোমাক ভালপাওঁ,বহু ভালপাওঁ।মাথোঁ এই উপলব্ধি মই দেৰিকৈ কৰিলোঁ।তোমাৰ প্ৰতি সংগোপনে সৃষ্টি হোৱা ভালপোৱা হয়তো আজিৰ এই ঘটনাটিয়ে মোক বুজাত সহায় কৰিলে।

*তন্তে অতদিনে হৃদয়ত পুহি ৰখা মোৰ ইচ্ছাপূৰ্ণ হ'ল।মোৰ উদিজনী সঁচাকৈয়ে মোৰ হৈ পৰিল।

       নাৰ্চগৰাকী সোমাই আহে।তন্ময়ৰ মেডিচিন,ইনজেকচনৰ সময় হয়।উদিপ্তাক ওলাই যাবলৈ কয়।ওলাই আহে উদিপ্তা তন্ময়ৰ কপালত চুমা এটি আঁকি।কোনো ৰাগ,বিৰাগ,মান,অভিমান, খং,জেদে তাইক আজি স্পৰ্শ কৰিব নোৱাৰে।প্ৰেম হৈছে তাইৰ,অতবছৰে কঢ়িয়াই ফুৰা ঘৃণা, তিক্ততা আজি প্ৰেমলৈ ৰূপান্তৰিত হৈছে।সঁচাকৈয়ে আজি তাই সম্পূৰ্ণৰূপে তন্ময়ৰ হৈ পৰিছে,সি নোকোৱাকৈয়ে মনৰ ইচ্ছাৰে মাথোঁ তন্ময়ৰ।তাইৰ হৃদয় কক্ষত আজি ক্ষোদন কৰিছে তন্ময়ৰ নাম,তন্ময়ৰ সত্তাক।

সমাপ্ত।

Sunday, August 9, 2020

আৰ্হি

#অনুভৱৰ_আৰ্হি

       কিয় জানো তাইৰ আজি অলপ  বেয়া ছোৱালী হ'বলৈ মন গ'ল।সদায় সদায় মনৰ অনুভৱবোৰ দমন কৰোঁতে কৰোঁতে তাইৰ চোন ভাল লগা বেয়া লগাবোৰৰ হিচাপেই নাইকিয়া হ'ল।ঘৰৰ ডাঙৰ ছোৱালী, নহয় নহয় যৌথ পৰিয়ালটোৰেই ডাঙৰ ছোৱালীৰ ভাৰ লওঁতে লওঁতে তাইৰ ভাল লগা বেয়া লগাবোৰৰ হিচাপ নাইকিয়া হ'ল।সৰুৰে পৰা তাই শুনি আহিছে ঘৰৰ ডাঙৰজনীয়ে যি পথ দেখুৱাই সৰুকেইটাও সেই পথৰেই যায়।গতিকে ঘৰৰ সৰু ভাই ভনীয়েকহঁতৰ সুপথে যোৱাৰ গধুৰ দায়িত্ব তাইৰ ওপৰত বুলি বুজা হোৱাৰ পৰাই তাই শুনি আহিছে আৰু পালন কৰিবলৈও চেষ্টা কৰিছে।পঢ়া শুনাকে ধৰি বন্ধু বান্ধৱী গঢ়ালৈকে তাই সকলো ক্ষেত্ৰতে এই দায়িত্ব যেন নিষ্ঠা সহকাৰে পালন কৰিছে।মন গ'লেও তাই লগৰ ছোৱালীৰ লগত যাওঁ বুলিয়েই লগৰকেইজনীৰ ঘৰলৈ যোৱা নাই, অন্য কেইজনীৰ দৰে পূজা চাবলৈ তাই মাকহঁতৰ লগত যোৱাৰ বাহিৰে লগৰ ল'ৰা ছোৱালীৰ লগত যোৱা নাই, ঘৰৰ পৰিয়ালৰ লগত যোৱা পিকনিকৰ বাদে তাই স্কুল, কলেজৰ লগৰ বন্ধু বান্ধৱীৰ লগত পিকনিক খাবলৈ নাই যোৱা।মন গ'লেও লগৰকেইজনীৰ দৰে জিন্স পিন্ধি শ্লীভলেছ পিন্ধি তাই নাই পোৱা।এই নাই যোৱা, নাই কৰাৰ তালিকাখন আৰ্হিৰ বহু দীঘল।কিন্তু মন যায় তাইৰ জিন্স পিন্ধি সমনীয়াকেইজনীৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাবলৈ,মুক্ত আকাশখনৰ তলত দুহাত মেলি গুণগুণাবলৈ।কিন্তু নোৱাৰে তাই,নামটোৰ দৰেই যে তাইৰ কামবোৰো হ'ব লাগিব।

       ঘৰখনত আৰ্হিৰ ভাই ভনী বুলিবলৈ ভায়েক দুটা আৰু ভনীয়েক দুজনী।খুড়াৱকহঁতৰ ল'ৰা ছোৱালী যদিও সিহঁত গোটেইকেইটা সৰুৰেপৰাই সহোদৰৰ দৰেই ডাঙৰ দীঘল হৈছে।সৰু সৰু কথাত যদি কাজিয়া কৰিছে আকৌ সৰু সৰু কথাতেই ইটোৱে সিটোৰ সুখ দুখৰ সমভাগী হৈছে।আৰ্হিৰ পৃথিৱীখনত যেন সিহঁতক বাদ দি একোৱেই নাছিল।ওচৰ চুবুৰীয়াৰ বাবেও সিহঁতৰ ঘৰখন আদৰ্শ আছিল।আৰ্হি আছিল তেওঁলোকৰ বাবে অতি মৰমৰ।এই যে কাষৰ বৰমাৱকে কয়

*মই ইহঁতক কওঁ, অলপ আৰ্হিৰ নিচিনা হ'বিচোন,পঢ়াই শুনাই,ৰূপে গুণে,স্বভাৱে চৰিত্ৰই একেবাৰে আৰ্হি যি আৰ্হি।

     দেখে তাই তেনে এষাৰ কথাই মাক দেউতাক, খুৰাৱক,খুৰীয়েকহঁতৰ মুখত প্ৰশান্তিৰ এক হাঁহি বিৰিঙাই।গৰ্বিত হৈ উঠে তেওঁলোকৰ বুকু।কিন্তু পলে পলে হুমুনিয়াহ কাঢ়ে আৰ্হিয়ে।তাই জানো বিচাৰে ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ বাবে তাইৰ স্বভাৱ চৰিত্ৰ উদাহৰণৰ স্থল হওঁক আৰু তাই জানো সঁচাকৈয়ে তেনেকুৱা।এই কথাবোৰৰ বাবেইটো কিমান কৰোঁ বুলি ভবা কামো তাই কৰিব পৰা নাই।মাক দেউতাকলৈ ভয় কৰিছিল নে সৰুৰে পৰা তাইৰ মনত সোমোৱাই দিয়া সেই ঘৰৰ ডাঙৰ ছোৱালীৰ দায়িত্ববোধৰ জ্ঞানৰ বাবেই তাই নাজানে কিন্তু তাই কৰোঁ বুলিয়েই কোনো এটা কাম কৰি দিব নোৱাৰে।

       হায়াৰছেকেণ্ডেৰী পঢ়ি থাকোঁতে কিমান যে প্ৰেমৰ প্ৰস্তাৱ আহিছিল,এনে নহয় যে তাইৰ সকলোকে বেয়া লাগিছিল কিন্তু ভাল লগাৰ অনুভৱটো আহিলেই তাইৰ মানস পটত ভাহি আহে তাই আৰ্হি, তাই ঘৰখনৰ ভায়েক ভনীয়েকহঁতৰ পথ প্ৰদৰ্শক।নোৱাৰিলে তাই প্ৰেমত পৰিবলৈ,শুনি আহিছে তাই লাভ মেৰেজতকৈ এৰেঞ্জ মেৰেজৰ সন্মান বেছি,বুজে তাই ঘৰখনৰ চিন্তাধাৰাবোৰ,লাভ মেৰেজৰ যে দেউতাক একেবাৰে পক্ষপাতী নহয় তাইক ঘৰখনে কথাই কথাই বুজাই দিয়ে।পৰিয়ালত এতিয়ালৈকে কাৰো লাভ মেৰেজ হোৱা নাই, গতিকে পিছৰ প্ৰজন্ময়ো যাতে এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখে তাৰ গুৰু দায়িত্ব এতিয়া আৰ্হিৰ ওপৰত।ইয়াৰোপৰি পঢ়া শুনা কৰাৰ বয়সত এই প্ৰেম চেমবোৰত পৰিলে যে পঢ়া শুনা বৰ্বাদ হয় সেই কথাও তাই খুৰীয়েকহঁতৰ মুখত তাই শুনে।গতিকে, সাতে পাঁচে বাৰই মিলি তাইৰ এইবোৰ একোৱেই নহ'ল।প্ৰেম কৰাতো দূৰৰ কথা কোনো ল'ৰাৰ মুখলৈ সন্মুখা সন্মুখিকৈ চাবলৈয়ো তাইৰ প্ৰকৃতাৰ্থত সাহস নাছিল।সেইয়া তাইৰ লাজ,ভয় নে সংস্কাৰ তাই নাজানে‌।

  আমি সকলোৱে আমাৰ অজানিতে হৃদয়ত সাঁচি ৰাখোঁ সুখ,দুখ,হাঁহি কান্দোন,প্ৰাপ্তি অপ্ৰাপ্তিৰ এখন বৃহৎ সাগৰ।জীৱন নাটৰ ৰঙ্গমঞ্চত এই যন্ত্ৰণাবোৰ সহচৰ হয়।গছ এজোপা যিদৰে লহপহকৈ বাঢ়ি আহে যন্ত্ৰণাবোৰো ক্ৰমে ক্ৰমে বাঢ়ি যায়।শিপাই মাটি খামুচি ধৰাৰ দৰে অনুভূতিবোৰেও ক্ৰমান্বয়ে আমাৰ হৃদয়ত খামুচি ধৰে।আৰ্হিৰ সুখ দুখৰ অনুভূতিবোৰো ক্ৰমান্বয়ে শিপাই যায়, মাথোঁ তাই প্ৰকাশ কৰিব নোৱাৰে।ঘৰে বাধা দিয়া কাম এটা কৰিবলৈ তাই আগবাঢ়িব নোৱাৰে আৰু মাকহঁতক কামটো কৰিবলৈ দিবলৈ কুটুৰি থাকিবও নোৱাৰে,ৰৈ যায় তাইৰ হেঁপাহবোৰ মনৰ ভিতৰতে সংগোপনে ঠাল ঠেঙুলি মেলি। ভায়েকে ভনীয়েকহঁতো ডাঙৰ হয়।কিন্তু তাই মন কৰে,এই যে তাই নকৰিবি বুলি ক'লে কামটো নকৰে আনকি আকৌ এবাৰ সোধিও নাচাই ভায়েক ভনীয়েকহঁত কিন্তু তেনেকুৱা নহয়।মাকহঁতৰ পৰা পাৰমিছন নোপোৱালৈকে সিহঁতেও এৰি নিদিয়ে, কুটুৰি কুটুৰি পাৰমিছন নোপোৱালৈকে মাকৰ পিছে পিছে ঘূৰি ফুৰে,কিন্তু তাই সেইখিনি কৰিব নোৱাৰে।কিয়?ইয়াৰ উত্তৰ আৰ্হিৰ ওচৰত নাই।

       ভাল লাগিছিল আৰ্হিৰ কৃষি বিশ্ববিদ্যালয়ৰ দীঘল চুলিকোচাৰে ওখ,বগা নাটক কৰা ল'ৰাটোক।গোপনে গোপনে তাইৰ দুচকু গৈছিল সদায় অনুভৱলৈ।জানে তাই বুজে তাই তাৰ চকুৰ ভাষা।কিন্তু তাই নিৰুপায়,ঘৰখনৰ নিয়ম শৃংখলাত নাই যে তাইৰ বাবে প্ৰেম বিবাহৰ স্বীকৃতি।তথাপিও তাই ভাল পাইছিল অনুভৱক,অব্যক্ত অনুৰাগবোৰ হৃদয়ৰ একোণত থিতাপি লৈছিল।অনুভৱৰ প্ৰেমাকুল চাৱনিত মন গৈছিল আৰ্হিৰ ডুব যাবলৈ,মন গৈছিল তাইৰ শাৰদী নিশা পূৰ্ণিমাৰ জোনটি চাই চাই তাই প্ৰেমত ডুব যাব অনুভৱৰ,অনুভৱৰ দুহাতত ধৰি পাৰ কৰিব বিশ্ববিদ্যালয়ৰ প্ৰতিটো আৱেলি।ৰৈ যায় কল্পনাবোৰ তাইৰ মানসপটত,ৰৈ যায় আৱেগবোৰ তাইৰ হৃদয়ৰ একোণত,বাৰে বাৰে মানসপটত ভাহি আহে তাই ভায়েক ভনীয়েকহঁতৰ পথ প্ৰদৰ্শক।আৱেগৰ এটি ভুলে গোটেই ঘৰখন থানবান কৰি দিব পাৰে,ভায়েক ভনীয়েকহঁতৰ বাবে তাই হ'ব লাগিব দৃষ্টান্ত।তাইৰ পৰা উপেক্ষিত হৈ অনুভৱো এদিন আঁতৰি গৈছিল,থৈ গৈছিল আৰ্হিৰ হৃদয়ত মাথোঁ প্ৰথম ভাল লগাৰ স্মৃতি।

           বিশ্ববিদ্যালয় পঢ়ি ঘৰলৈ উভতি আহি তাই উদ্ভাৱন কৰিছিল তাইৰ কলেজত পঢ়ি থকা ভায়েক আৰু খুৰাৱকৰ ছোৱালী ভনীয়েক দুয়োটাই প্ৰেমত পৰিছে।প্ৰেম মানে দুৰ্দান্ত প্ৰেম।

   'তোমাক নাপালে মই কিন্তু মৰি থাকিম'বুলি ভনীয়েকে ফোনত কোৱা কথাষাৰ তাই এদিন বেৰৰ সিমূৰে শুনি আছিল।আচৰিত হ'ল আৰ্হি এই পথটো তাই দেখুওৱা নাছিল, তেন্তে সৰুকেইটাই সেই পথ বাছি ল'লে কেনেকৈ।ভাল লগাৰ পিছতো তাই যাক গ্ৰহণ কৰা নাছিল একমাত্ৰ ঘৰখনৰ বাকীকেইটা ল'ৰা ছোৱালীৰ কথা ভাবিয়েই, সিহঁতেই চোন আজি সেই পথ নিজে বাছি লৈছে।ভায়েক ভনীয়েকহঁতৰ লগত তাই কথা পাতে।ঘৰৰ অজানিতে আগবঢ়া সম্পৰ্কবোৰতচোন তাইৰহে হৃদয়খন কঁপিবলৈ ধৰে।বুজে তাই সিহঁতৰ বয়সেই সেইয়া প্ৰেমত পৰাৰ।যি বাট তাই অতিক্ৰমি আহিছে সেই বাটৰ প্ৰতিটো পদূলিয়েইটো তাইৰ চিনাকি।মাথোঁ তাই প্ৰতিটো পদূলি গৰকি সোমাই নাচালে আৰু সিহঁতে সেই পদূলি গৰকি সোমাই গ'ল।আৰ্হিৰ তুলনাত ভায়েক ভনীয়েকহঁতৰ বন্ধু, বান্ধৱীৰ তালিকাখনো দীঘল।
       আৰ্হি তেতিয়াও সকলোৰে বাবে আৰ্হিয়েই হৈ ৰৈছিল।দুই এক বিয়াৰ প্ৰস্তাৱো আৰ্হিৰ বাবে নহা নহয়,দেউতাকৰ মনে মিলা নাই বাবে কথা আগবঢ়া নাই।তায়ো চাকৰিৰ বাবে ইটো সিটো পৰীক্ষা দি আছিল।ভবামতেই এদিন ভাল খবৰটো আহিছিল।কৃষি উন্নয়ন বিষয়া হিচাপে তাই চাকৰিটো পাইছিল।সুখী হৈছিল সকলো, সুখী হৈছিল আৰ্হি।আত্মনিৰ্ভৰ হ'ব পৰাকৈ তাইৰ চাকৰিটো হ'ল।আকৌ ঘৰ এৰি তাই ভাড়াঘৰ ল'লে।দুমাহমান যোৱাৰ পিছত তাই স্কুটি এখনো কিনি ল'লে।সেইটো অফিচতে দুমাহৰ পিছত জইন কৰিলেহি অনুভৱে সেই একেটা পদতে।অনুভৱৰ জইনিঙৰ খবৰটোৱে আৰ্হিৰ হৃদয়ত আকৌ তুলপাৰ লগালে।কেনেকৈ মুখামুখি হ'ব আকৌ অনুভৱৰ সৈতে তাই ভাবি নাপালে।অফিচত দুই একৰ মুখত শুনি আছে তাৰ কথা,যিমানে শুনে সিমানেই তাইৰ বুকুৰ ধপধপনিটো বাঢ়ি যায়।
 *হাই,আকৌ লগ পাই গ'লো,ভাল লাগিল দিয়া।
         কি বুলি মাতিব,কেনেকৈ আৰম্ভণি কৰিব ভাবি থাকোতেই একেবাৰে সহজ কৰি তুলিলে অনুভৱে।হাতখন তায়ো আগবঢ়াই দিলে।অফিচৰ সকলোৰে লগত সি সোনকালেই মিলি গ'ল।অনুভৱক দেখি আৰ্হিহে সহজ হ'বলৈ কঠিন হ'ল।সময়ে আকৌ দুয়োটাক কাষ চপাই আনিলে।বিভিন্ন ট্ৰেইনিং, ফিল্ড ভিজিত,ফাৰ্মাৰ ভিজিত প্ৰায়বোৰতে সিহঁত একেলগে কামবোৰ কৰিব লগা হ'ল।আৰ্হিৰ কেতিয়াবা সোধিবলৈ মন যায়, জানিবলৈ মন যায় অনুভৱৰ জীৱনত এতিয়া কোনোবা নাৰী আছেনে?কিন্তু সোধিব নোৱাৰে।লাজ,শংকাই আৱৰি ধৰে তাইক।কিন্তু তাই মন কৰে অনুভৱৰ প্ৰতি থকা তাইৰ ভালপোৱা ক্ৰমে ক্ৰমে গভীৰ হৈ পৰে।নিজকে সংযত কৰে তাই।লগৰ সহকৰ্মী সকলে এদিন আৰ্হিক সোধে

*বিয়া বাৰু কিবা আগবাঢ়িছে নে নাই, নে ল'ৰা চাই থোৱা আছে।
*নাই, নাই, মাহঁতে চাই আছে।

*আৰু অনুভৱ তোমাৰ?

*পঢ়ি থাকোঁতেই এগৰাকীক চাইছিলোঁ ৰিজেক্ট কৰিলে,এতিয়া ভবা নাই আৰু,চাওঁচোন কি হয়।

          কথাষাৰ আৰ্হিলৈয়ে যে নিক্ষেপ হৈছিল তাই বুজিছিল।মনটো ভাল লগা এটি অনুভূতিয়ে শিহৰিত কৰিছিল।আৱেগ, অনুভূতিৰ যুদ্ধখন হৃদয়ত সংগোপনে চলি আছিল।ভাল লাগিছিল তাইৰ যেতিয়া স্কুটিখন বেয়া হ'লে অনুভৱে তাইক অফিচলৈ অনা নিয়া কৰিছিল।ভাল লাগিছিল তাইৰ যেতিয়া শাওনৰ পথাৰত সিহঁতে নামি বোকাই মাটিয়ে লুতুৰি পুতুৰি হৈ খেতিয়কক প্ৰশিক্ষণ দিছিল।নিজকে গাঁৱৰ পথাৰৰ প্ৰেমিক প্ৰেমিকা যেন লাগিছিল।ঘনিষ্ঠতা বাঢ়িছিল দুয়োৰে।কেতিয়াবা ট্ৰেইনিঙৰ বাবে বা অন্য কামত অনুভৱ অফিচলৈ নাহিলে আৰ্হিৰ অফিচত মন নবহা হৈছিল।এদিন মাকে খবৰ দিছিল দুদিনমানৰ পিছত তাইক চাবলৈ ল'ৰা এজন অহাৰ কথা,দুদিনমানৰ ছুটী লৈ তাইক মাতি পঠাইছে।আৰ্হিৰ বাবে কথাবোৰ যেন এতিয়া সহজ হৈ থকা নাছিল।অনুভৱক পুনৰ লগ নোপোৱা হ'লে কথাবোৰ হয়তো সহজ হ'ল হয়,কিন্তু এতিয়া যে তাই সপোন ৰচে অনুভৱক লৈ।কিন্তু তাই ব্যক্ত কৰিব নোৱাৰে।অনুভৱেও যে এতিয়া তাইক একো নোকোৱা হ'ল।অলপ দিনৰ পৰা ৰাতি ভাত খাই উঠি দুয়োটাই কথা পতাটো নিচা হৈ গৈছে।অনুভৱেই কৰে ফোনটো সদায়, তায়ো ৰৈ থাকে ফোনটোলৈ অধীৰ আগ্ৰহেৰে।কথা বুলিবলৈ একো নাই, এনেই ভাত খোৱা,চাহ খোৱা।তথাপিও ভাল লাগে তাইৰ এই সময়কণ।সন্ধিয়াতে ঘৰলৈ ফোন কৰি তাই আজৰি হৈ থাকে যাতে সেই সময়কণত কোনেও অসুবিধা নকৰে।কিন্তু মাকৰ কথাষাৰ শুনাৰ লগে লগে তাই অনুভৱলৈ ফোন লগালে।

* ৱাহ,আজিচোন অসময়ত।কি হ'ল কোৱা।

        ফোনটো কৰিলে হয় কিন্তু তাই ক'ব কি,ৰৈ আছে,কি বুলি ক'ব।
*নাই এনেই কৰিলোঁ।

*মই জানো তুমি এনেই নকৰা কোৱা কি হ'ল,কিবা অসুবিধা হৈছে আৰ্হি?

*মায়ে ফোন কৰিছিল, মোক মাতি পঠিয়াইছে,কোনোবা আহিব মোক চাবলৈ।

   কথাষাৰ কওঁতে তাইৰ মাতটো থুকাথুকি হৈ গৈছিল।ফোনটোৰ সিটো মূৰতো নিস্তব্ধতাই বিৰাজ কৰিছে।

*হেল্ল'শুনিছা অনুভৱ।

*উম,কি কৰে ল'ৰাই আৰু ক'ৰ?

*নাজানোঁ, মাক সোধা নহ'ল।

* উম,যোৱা আকৌ ভালহে।তুমিটো মাহঁতৰ পচণ্ডৰ অনুসৰিয়েই বিয়াত বহিবা।

          ক'বলৈ মন গৈছিল আৰ্হিৰ,ভাবিছিলোঁ তেনেকৈয়েই অনুভৱ।কিন্তু তুমি আহি মোৰ জীৱনৰ সূত্ৰটোৱেই সলনি কৰি দিলা।তোমাৰ বাহিৰে যে মই কাকো ভালপাবও নোৱাৰোঁ।

   নোৱাৰিলে তাই ক'ব।পিছদিনাৰ পৰা অনুভৱৰ ফোন নহা হ'ল।ট্ৰেইনিঙৰ বাবে দূৰত থকা অনুভৱক লগ পাবলৈ আৰ্হি যেন ব্যাকুল হৈ পৰিল।নিজে ফোন কৰিবলৈও আকৌ সেই সংকোচবোধে আগুৰি ধৰিলে।ৰাতি ৰাতি তাই শুব নোৱাৰা হ'ল।অসহ্য এক বেদনাই তাইৰ গাৰুৰ গিলিপ তিয়াই পেলাই।মাকৰ ফোন,ছুটী ল'লিনে নাই, কেতিয়া আহিবি ইত্যাদি কথাই তাইলৈ ফোনৰ উপৰি ফোন।সময়ত তাই ছুটী লৈ ঘৰলৈ বুলি গ'ল।অফিচত কোনেও এই সম্পৰ্কে একো গম নাপালে।ঘৰলৈ যোৱাৰ পিছত ভনীয়েকহঁতে কৈ আছে ল'ৰা এনেকুৱা,ল'ৰা তেনেকুৱা।আৰ্হিৰ কাণত সোমোৱা নাই একো কথা।মানস পটত ভাহি আছে মাথোঁ অনুভৱৰ ছবিখন।খবৰ এটাও নোলোৱা হ'ল সি,তাই মেছেজ কৰি কিবা সোধিলে মাত্ৰ ৰিপ্লাইটোহে দিয়ে।নিজকে অপৰাধী যেনো লাগিল আৰ্হিৰ।মাজে মাজে ভাৱে মাকক ক'ব নেকি অনুভৱক তাইৰ ভাল লাগে বুলি, কিন্তু পিছ মূহুৰ্ততে আকৌ দেউতাকৰ প্ৰেম বিবাহৰ ওপৰত থকা চিন্তাধাৰাৰ কথাই ক্ৰীড়া কৰে।জানে আৰ্হিয়ে তাই প্ৰেম বিবাহ নকৰিলেও ভায়েক ভনীয়েকহঁতে যে নিজৰ পচণ্ডৰ অনুসৰিয়েই বিবাহত বহিব।তথাপিও ঘৰখনৰ বাবে এই ক্ষেত্রত তাই দৃষ্টান্ত হ'বলৈ যেন তাইৰ সাহসৰ অভাৱ।

      মাকে কোৱাৰ দৰেই খুৰীয়েকহঁতে তাইক নীলা কাপোৰজোৰ পিন্ধাই দীঘল চুলিকোচা খোপা বান্ধি দিছে।কিন্তু তাইৰ আজি অলপ অবাধ্য হ'বলৈ মন গ'ল।নাবান্ধিলে তাই খোপা,চুলিখিনি ক্লাচডালেৰে আধা বান্ধি আধা খুলি দিলে।মনোভাৱ অপচণ্ড কৰিলেও কৰক,পৰা হ'লেটো তাই এই চাদৰ মেখেলাও নিপিন্ধিলে হয়,কিন্তু দেউতাকৰ মান সন্মানৰ কথা চিন্তা কৰিহে তাই কাপোৰজোৰ পিন্ধিবলৈ মান্তি হ'ল।হাতত পাণ তামোলৰ বঁটাখন লৈ খুৰীয়েক, ভনীয়েকহঁতৰ লগত তাই এখোজ দুখোজকৈ আগবাঢ়িছে।কাণত পৰিছে আলহীৰ আগত দেউতাকে সগৰ্বে তাইৰ বিষয়ে কৈ থকা কথাবোৰ।প্ৰতিশাৰী বাক্যই যে আজি তাইক হুলে বিন্ধাদি বিন্ধিছে।

*মোৰ ছোৱালী মোৰ অভিমান।কোনো দিন তাই মোৰ কথাৰ ওপৰত মাত মাতি পোৱা নাই, মই যেনেকৈ কওঁ, তাই তেনেকৈয়ে আগবাঢ়িছে।ঘৰখনৰ বাকীকেইটা তেনেকুৱা নহ'ল।সিহঁতে নিজৰ প্ৰাপ্য আদায় কৰি ল'ব জানে,কিন্তু মাজনীয়ে তাইৰ প্ৰতি যদি কিবা অন্যায়ো হয় তাৰ বিৰোধিতা কৰিব নাজানে।সেয়ে তাইৰ ভৱিষ্যতলৈ মোৰ বৰ চিন্তা।মই জানো, মই যি জনৰ লগতে বিয়া হ'বলৈ কওঁ তাই হ'ব,সেয়ে মই এনে এজন ল'ৰা বিচাৰোঁ যি তাইৰ যোগ্য হ'ব পাৰে।তাইক আদৰ,যত্নৰে ৰাখিব পাৰে।

        খুৰীয়েকে চোফাখনতে তাইক বহুৱাই দিছে।সন্মুখত দুগৰাকী মহিলা বহি আছে,তাই তেওঁলোকলৈ চাই হাঁহি এটি মাৰিলে।তাই বহি থকাৰ কাষতো কোনোবা এজন বহি আছে,কিন্তু তাইৰ চাবলৈ সাহস হোৱা নাই।সমস্ত শৰীৰ তাইৰ জ্বলিবলৈ ধৰিছে।এফালৰ পৰা চিনাকি কৰাই দিছে দেউতাকে, ল'ৰাৰ মাক-দেউতাক,বৰটাক-বৰমাক,ভনীয়েক আৰু এইয়া ল'ৰা।সকলোকে নমস্কাৰ দিছে যদিও তাই কালৈকো ভালকৈ চোৱা নাই।ল'ৰাটোকটো আৰু চোৱা নহ'ল।নাচায় তাই কপালত যদি অনুভৱ নাই দেউতাকে যিজনলৈকে বিয়া দিব তাই সেইজনলৈকে বিয়া হ'ব কাৰণ তাই ঘৰৰ ডাঙৰ ছোৱালী।তাই ভাল কাম কৰিলেহে সৰুকেইটাইও ভাল কাম কৰিব।

*এওঁকটো তুমি চিনি পোৱাই চাগে মাজনী,অলপ আগতেহে গম পালোঁ তোমালোক একেটা বেটছৰ আৰু এতিয়া একেলগে কৰ্মৰতও।

দেউতাকে দেখুৱাই দিয়া দিশটোলৈ তাই ঘূৰি চালে,তাইৰ কাষত বহি থকা ল'ৰাজন........কিন্তু ই কেনেকৈ সম্ভৱ।
*অনুভৱ তুমি?

*উম,ময়ো তোমাক দেখিহে গম পালোঁ তোমাক চাবলৈ আহিছোঁ বুলি কৈ সি চকু টিপটো মাৰি দিলে।

      অনুভৱৰ মাকে কৈ উঠিল

* আৰ্হিৰ মোমায়েকে সেইদিনা আমাৰ এখেতক খবৰটো দিছিল আৰ্হিৰ বিষয়ে, সেয়ে সেইদিনা আপোনালোকলৈ ফোন কৰিছিলোঁ।আমাৰটো ছোৱালী পচণ্ডৰ হৈছেই,তাতে একেলগে কাম কৰে যেতিয়া পিছত দূৰে দূৰে থকাৰ অসুবিধাবোৰৰ পৰাও ৰক্ষা পাব।এতিয়া ল'ৰা ছোৱালীয়ে কথা পাতি লওঁক নে কি কয়?

খুৰীয়েকে মাত লগাই

* হয়,হয়।আহা অনু আৰ্হিৰ ৰুমটে দুয়োৰে পাতিব লগীয়াখিনি পাতি লোৱাহি।

       ৰুমটোত দুয়োটাকে সোমোৱাই খুৰীয়েক, ভনীয়েকহঁত ওলাই যায়।

     আৰ্হিয়ে দৌৰি গৈ সাৱটি ধৰে অনুভৱক।আজি পৃথিৱীৰ কোনো বাধা, লাজ,ভয়,শংকাই তাইক ৰখাব নোৱাৰে।তাইৰ প্ৰাণৰ পুৰুষজন আজি তাইৰ নিচেই কাষত।কোনোৱে যদি আজি তাইক বেয়া বুলিও কয় তাই শুনিবলৈ সাজু আছে।মন গৈছে তাইৰ আজি বেয়া ছোৱালী হ'বলৈ।

*কেনে লাগিল মোৰ চাৰপ্ৰাইজ?

*কিন্তু ই কেনেকৈ সম্ভৱ হ'ল অনুভৱ?

*অনুৰ ব্ৰেইন,অতদিনে মই বুজিছিলোঁ যে তুমি তোমাৰ ঘৰৰ একেবাৰে বাধ্য ছোৱালী।ঘৰে পচণ্ডৰ কৰা সকলো কাম তুমি কৰা আৰু অপচণ্ডৰ কৰিলে নিজে কষ্টত থাকিও তুমি সেই কাম নকৰা।ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই তোমাক ভাল পাইছিলোঁ, কিন্তু তেতিয়া তুমি মোৰ প্ৰেম প্ৰত্যাখান কৰিলা।বেয়া লাগিছিল যদিও বেছি একো ভবা নাছিলোঁ।তুমি মোৰ লাইফত নাই বুলিয়েই মানি লৈছিলোঁ।কিন্তু কৰ্মসূত্ৰে যেতিয়া তোমাক পালোঁ,লাহে লাহে তোমাক বুজিলোঁ।বুজিলোঁ তোমাক পাবলৈ তোমাক মনাই লাভ নাই,হেড কোৱাৰটাৰত ইয়েছ দিলেহে তুমি ইয়েছ দিবা।এই ক্ষেত্ৰত সহায় ল'লো মোৰ মা পাপাৰ।পাপাৰ অফিচতে তোমাৰ মামাই কাম কৰে বুলি তোমাৰ মুখত যেতিয়া শুনিলোঁ, পাপাক ছোৱালীৰ কথা উলিয়াবলৈ ক'লোঁ।কথা মতেই কাম আৰু ভাগ্য ক্ৰমে তোমাৰ মামায়েও তোমাৰ বাবে মোক যোগ্য বুলি ভাবি তোমাৰ প্ৰস্তাৱ দিলে আৰু পিছৰখিনি বুজিছাই নহয়।এতিয়া আকৌ তুমি মহান হৈ সকলো কথা কৈ নিদিবা।আমাৰ লাভ মেৰেজ হ'লেও সকলোকে এৰেঞ্জ বুলি ভাবিবলৈকে দিয়া, নে কি কোৱা পথ প্ৰদৰ্শক মিছ আৰ্হি।

* কিন্তু তুমি কেনেকৈ জানিলা মই তোমাক ভালপাওঁ বুলি?

*তোমাৰ চকুৰ চাৱনিৰ পৰা,মোৰ প্ৰতিটো ফোনৰ বাবে আগ্ৰহেৰে ৰৈ থকা অনুভৱবোৰৰ পৰা।কিছুমান কথা নোকোৱাকৈয়ে বুজিব পাৰি,মাথোঁ তাৰ বাবে লাগে সঁচা ভালপোৱা।

     আৰ্হি সোমাই পৰিল অনুভৱৰ বুকুৰ মাজত।অব্যক্ত কথাবোৰ ব্যক্ত হৈ পৰে কেতিয়াবা আপোনজনৰ ওচৰত।নোকোৱাকৈয়ে যি বুজে প্ৰিয়জনৰ হৃদয়ৰ কথা তাতকৈ আপোন জানো আৰু কিবা থাকিব পাৰে।আৰ্হিৰ স্থান অলপো লাঘৱ নোহোৱাকৈ অনুভৱে আৰ্হি কৰি তুলিলে।জনম জনমলৈ এক হৈ পৰিল অনুভৱ আৰ্হিৰ 'আৰ্হি'।

সমাপ্ত।

পৰিবৃত

  মগু দাইলত বিলাহী,ফুলকবি,আলু দিয়া হবিষান্ন মুঠি খাই কোঠাটোত সোমাই বিচনাখনত দীঘল দিলোঁ।দিনটো উপবাসে থাকি পেটত কিবা এটা পৰাতহে ভাল লাগিল।তেওঁ...