Friday, May 29, 2020

হেঁপাহ

          


                  সংগোপনে আহিছিল তেওঁ মোৰ হৃদয়লৈ।অজানিতে লাহে লাহে।চঞ্চলা আছিলো ময়ো,চিতপখিলী হৈ উৰি ফুৰাৰ মন আছিল মোৰো।আকাশ চুৱাৰ হেঁপাহ মনত সাঁচি দূৰন্ত গতিৰে আগুৱাই গৈছিলোঁ মই।বাটত হাজাৰ কাঁইট পালেও মোৰ আত্মবিশ্বাসেৰে হেলাৰঙে কাঁটি পেলাইছিলো সেই কাঁইট।কি দুৰ্বাৰ হেঁপাহ।জীৱনটো উপভোগ কৰাৰ এক অদম্য আকাংক্ষা।মা দেউতাৰ মৰম আৰু কঠোৰ শাসনৰ মাজত ডাঙৰ দীঘল হোৱা মই জনী সৰুৰে পৰা তেওঁলোকৰ অজানিতে বহু কামেই কৰিছোঁ।চকলেট খাবলৈ দিয়া পইচাৰে স্কুললৈ যাওঁতে চাৰিআলিত হাত পাতি থকা কণমানিকেইটাৰ হাতত তুলি দিছোঁ।টিফিনত খাবলৈ দিয়া লুচি ভাজিৰ আধা কেতিয়াবা সিহঁতক দি গৈছোঁ।বাকচৰ তলত সোমাই থকা মাৰ নিপিন্ধা চাদৰ মেখেলা মনে মনে নি দিছোঁ কণমানিকেইটাৰ মাকলৈ।কলেজত দেৰিলৈকে ক্লাছ আছিল বুলি কেতিয়াবা সিহঁতৰ জুপুৰি ঘৰটোত সোমাইছোগৈ।আগ্ৰহেৰে সোতোৰা সোতোৰ হাতখনেৰে বাকি দিয়া চাহকাপ খাই তৃপ্তিত আৰু একাপ দিয়ক বুলি খাই আহিছো।সঁচাই জীয়াই থাকিব জানিলে দুখীয়াৰ ঘৰতো পৰমান্ন পায় আৰু নাজানিলে দালানৰ পৰমান্নও গৰললৈ ৰূপান্তৰিত হয়।ইউনিভাৰ্চিটি পঢ়িবলৈ আহি সোমাই পৰিছিলোঁ এটা NGO ত য'ত সমাজৰ এই পঢ়িব নোৱাৰাখিনিক আমি বন্ধত নিজে পঢ়াইছিলোগৈ।নিজে কিবা এটা বেলেগ কৰাৰ এই হেঁপাহৰ মাজতেই মই লগ পাইছিলোঁ স্বস্তিকক।একেই চিন্তা, একেই সপোন একেই পৰিকল্পনা।উসঃ কেতিয়াও নেদেখা এটি সপোন।হাতে হাত ধৰি আগুৱাই যোৱাৰ সপোন।এজনে আনজনক আপোন কৰি লোৱাৰ সপোন।দুয়ো ঘৰৰ মতত নভবাকৈয়ে অতি সোণকালেই আমাৰ বিয়া হৈ গৈছিল।
                বিয়াৰ পিছৰপৰাই সপোনে যেন মুখথেকেচা খাইছিল।আগতে প্ৰতিটো কথাতে মই তোমাৰ লগত আছো বুলি কোৱা স্বস্তিকে- মায়ে বিচৰা ধৰণে কামবোৰ কৰি যোৱা না ৰু বুলি ক'বলৈ ধৰিলে।
      প্ৰথম প্ৰথম নতুন নতুন বুলি মনে নামানিলেও মই দুই এটা কথা মানি নচলা নহয়।কিন্তু লাহে লাহে যেন ই নিত্য নৈমিত্তিক ঘটনালৈ ৰূপান্তৰিত হ'ল।সহায়কৰা মানুহ গৰাকী নাহিলে প্ৰায়েই মই অফিচৰ পৰা ছুটী ল'ব লগা হ'ল।NGO ৰ কাম আছে বুলি ক'লে এনে দেখুৱাই যেন তইহে গোটেই NGO টো চলাৱ তই নাথাকিলে NGO নচলে।এইবোৰ এটিটিউদ সহ্য কৰি কৰি বিয়াৰ এবছৰ পাৰ হ'ল।এইবাৰ আহিল হনিমুন পৰ্ব।হনিমুন মানে বিয়াৰ এবছৰলৈকে আমি ক'লৈকো যাবলৈ সময় নাপালো।শাহুৰ ভাষাত --ভীষণ ব্যস্ত স্বস্তিক।ল'ৰাটোৰ অফিচৰ কামৰ পৰা মূৰ ডাঙিবলৈও সময় নাই আৰু এই হনিমুন নে চনিমুন এইবোৰটো সাধাৰণ কথা।বিয়াৰ এবছৰ হৈ যোৱাৰ পিছত এদিন শাহু আয়ে উলিয়ালে---

     শুনিছ বাবা এইবাৰ পূজা বন্ধত আমি গোটেই পৰিয়ালটো ক'ৰবাত ফুৰিবলৈ যাম বুজিছ,তহঁতো বিয়াৰ পিছৰপৰা ক'লৈকো যোৱা নাই নহয় ।গতিকে, ফুৰি অহাও হ'ব।সকলো গ'লো দিল্লী,ৰাজস্থান ফুৰি আহিলোঁ।তাজমহলৰ সন্মুখত থিয় হৈ নানা ভংগীমাৰে পজ দিওতে মমতাজজনীলৈ হৃদয়ৰ কোনোবা এটি কোণত  ঈৰ্ষা  থাকি গ'ল।‍পাৰেনে কোনোবাই প্ৰেমৰ বাবে ইমান সুন্দৰ সৌধ গঢ়াব।

     লাহে লাহে স্বস্তিকো এনেকুৱা হৈ পৰিল মাৰ মতে চলি যোৱানা,কিনো হ'ব?ঘৰখন শান্তিৰে থাকিলেই হ'ল।শেষ আঘাতটো লাগিছিল তেতিয়া যেতিয়া ভন্টীৰ বিয়াত অফিচৰ পৰা ১০ দিনৰ ছুটী লৈয়ো ৫দিন মই ঘৰতে ভাত চাহ বনাই খুৱাব লগা হৈছিল।এৰালত বান্ধ নোখোৱা ছোৱালী আছিলো মই তথাপিও সংসাৰখন থিকে চলক বুলি এৰালত বান্ধ খাইছিলোঁ মই।ভন্টীৰ বিয়ালৈ আহি দৌৰ মাৰিছিলো মই সেই ৰঙা চাহটুপীৰ সোৱাদ ল'বলৈ।হতাশ হৈছিলো মই সেই চাহটুপী দিয়া গৰাকী আৰু নাছিল এই পৃথিৱীত।ল'ৰাটোৱে সংসাৰ পাতিলে আৰু ছোৱালী জনী আৰঘৰে তাৰঘৰে কাম বন কৰি চলি আছে।লৈ আনিলোঁ মই ব'ল মোৰ লগত থাকিবি।দৰকাৰ হ'লে NGO  ত কাম কৰিবি।ঘৰত সোধা নহ'ল।পৰিস্থিতি দেখি মইয়ে তাইক অনাটো কৰ্তব্য বুলি ভাবিলোঁ।লৈ আহিলোঁ মোৰ বুলি ভবা আপোন ঘৰখনলৈ।শাহুৱে তাইক দেখিয়েই অলেখ প্ৰশ্ন।কোন হয়,কিয় আনিছা?আমাৰ ঘৰত তাইৰ নিচিনা ছোৱালী থাকিবলৈ ঠাই নাই নহয়।অ' আই সাতে পাচে ইমান বোৰ কথা মই ভবাই নাছিলো।তিনি মহলীয়া ঘৰটোত এজনী ছোৱালীৰ বাবে যে ঠাই নহ'ব মোৰ নিচিনা এজনীয়েটো কল্পনাই কৰিব নোৱাৰো।ভাবিলোঁ স্বস্তিকক কৈ ওপৰৰ খালি হৈ থকা ভাড়াৰুমটোতে এইক থাকিবলৈ দিম।পিছে স্বস্তিকক কওঁতে ক'লে

*তোমাক মই তাতেই কৈছিলোঁ ঘৰত মায়ে আপত্তি কৰিব।নিজে আনিছিলা যেতিয়া কি কৰা কৰা।মই মাৰ লগত লাগিব নোৱাৰো।

   *থিক আছে তেন্তে মাৰ লগত নালাগা যেতিয়া মই কৰা কামতো আপত্তি নকৰিবা।মনে মনে চাই থাকা বুলি গহীনত কথা কেইটা কৈ ওলাই আহিলোঁ।

*আহ সীতা তই তোৰ বেগটো লৈ ওপৰলৈ আহ বুলি জাৰুটো লৈ ওপৰলৈ উঠি গ'লো।শাহু আয়ে মোলৈ ৰ লাগি চাই ৰ'ল। থিক কৰি দিলোঁ তাইৰ বাবে ওপৰৰ ৰুম এটা।শাহুৱে তললৈ নামি আহোঁতে ভুৰভুৰালে

* মোৰ ঘৰত মোৰ পাৰমিছন নোলোৱাকৈ ছোৱালী ৰাখে,ইমান সাহ।

ময়ো ভুৰভুৰালো

*আপোনাৰ যেনেকৈ এইখন ঘৰ মোৰো তেনেকৈ এইখন ঘৰ।গতিকে কাৰো পাৰমিছনৰ দৰকাৰ নাই।

বিয়াৰ তিনিবছৰ মান পাৰ হ'ল।এইবাৰ আহিল নাতি প্ৰসঙ্গ।ওলাওতে সোমাওতে এটা কথাই মূৰটো গৰম কৰি দিছে যোৱা এবছৰে ।নাতি লগে,মৰাৰ আগতে নাতি হওঁক নাতিনী হওঁক মুখখন চাই যায়।যদি মই নোৱাৰোঁ তেন্তে পুতেকলৈ এতিয়াও ছোৱালীৰ লাইন লাগিয়েই আছে।

*তেন্তে ছোৱালী চাওক মা,মই ডিভৰ্চ দিবলৈ ৰেদি আছো।

কথাষাৰ মোৰপৰা তেওঁ আশা কৰা নাছিল।

*আইঐ কি কোৱা হে, চৌধুৰী বংশৰ ল'ৰাৰ ডিভৰ্চ হ'ব।অসম্ভৱ এইয়া।

*তেন্তে দ্বিতীয় বিবাহৰ চিন্তা এৰক।কাৰণ আজিকালি প্ৰথমা পত্নী থাকোঁতে দ্বিতীয় বিবাহ আইনমতে দণ্ডনীয়।

*আজিকালি কত' তেনেকৈ বিয়া হৈয়ে আছে।আমাৰ পুৰণা গাঁৱৰ ছোৱালী এজনীকে চাম।গাঁৱৰ মানুহে এইবোৰ চিন্তা নকৰে।

*ময়ো গাঁৱৰে ছোৱালী মা।বিয়া হৈ আছে কিন্তু গম পোৱাৰ লগে লগে ৰঙাঘৰৰ ভাতো খাই আছে।

* তেতিয়া হ'লে মানে দেউতাৰৰ দৰে ময়ো নাতিৰ মুখ নেদেখাকৈয়ে এই সংসাৰৰ পৰা বিদায় ল'ব লাগিব।।

          আতৰি আহিলো মই।একপ্ৰকাৰ জয়ৰ ছাবিকাঠী ডাল মোৰ হাতত লৈ।

           ছোৱালীৰ খবৰ তেওঁ নকৰা নহয়,মনে মনে কোনোবা তেওঁৰ পুতেকলৈ আহিব নেকি বিচাৰ খুচাৰ কৰিবলৈ ধৰিলে।
           ক'তো ছোৱালীৰ খবৰ নাপায় এইবাৰ এদিন ভাতৰ পাতত ওলিয়ালে।

*বাবা, বোৱাৰীক কাইলৈ গাইন' ডাক্তৰৰ ওচৰলৈকে লৈ যাবিচোন।সময়বোৰ গৈ আছে নহয়।

*হ'ব মা বুলি পুতেকে শলাগ ল'লে।

 একো নামাতিলো মই ।ইতিমধ্যে মই দুজনমান ডাক্তৰক কোনেও নজনাকৈ চেকআপ কৰাইছো।মোৰো মন যায়  মা হ'বলৈ।সৰুৰে পৰা কণমানি কেইটাক ভাল পোৱা মইজনীয়ে সন্তান নোহোৱাৰ বাবে নিজৰে কিবা দোষ আছে বুলি ভাবি কেইবাটাও টেষ্ট কৰাইছো।কিন্তু প্ৰতিটো টেষ্টতে মোৰ ৰিপৰ্ট থিকেই থাকে।শেষত ডাক্তৰে হাজবেণ্ডক লৈ যাবলৈ কয় যদিও প্ৰয়োজন নোহোৱাৰ বাবে মই কোৱা নাছিলো।যিহেতু এই বিষয় লৈ স্বস্তিক আৰু মোৰ মাজত কোনো দিন আলোচনা হোৱা নাছিলে।
             স্বস্তিককো যিহেতু মোৰ আগৰ টেষ্টৰ কথা কোৱা নাছিলোঁ সেয়ে পুনৰ একেখিনি টেষ্টকে আকৌ কৰিলোঁ।

*সকলো থিকে থাকিলেই হ'ল বুজিছা,নহ'লে ডাক্তৰে যি কৰিবলৈ কয় কৰি যাবা আৰু।

*হ'ব মা।।  মনে মনে ভাবো মোৰটো থিকেই আহিব।এতিয়া পুতেৰাৰ টেষ্টৰ পাল পৰিলে বা তুমি কি কোৱা
            ৰিপৰ্ট মোৰ সকলো পজিতিভ অহা দেখি দুয়ো মাক পুতেক আচৰিত।স্বস্তিকো হতভম্ব।মানে তেওঁও পেটে পেটে মোকেই জগৰীয়া কৰি আছিল,মাত্ৰ মুখেৰে প্ৰকাশহে কৰা নাছিল।

*হ'বই নোৱাৰে, তেতিয়া হ'লে অতদিনে তুমি প্ৰেগনেন্ট হোৱা নাই কিয়?

*মই কি জানো?

*বাবা ,কাইলৈ বেলেগ এজন ডাক্তৰৰ ওচৰলৈ লৈ যাবি এওঁক আৰু এইবাৰ বেলেগ এটা লেবৰটৰীত টেষ্ট কৰাবি।এইটো কেতিয়াও হ'ব নোৱাৰে।

          ৰ'ব নোৱাৰিলোঁ মই,টেষ্ট কৰাটো কি ইমান সহজ কথা।খঙতে আগৰ ৰিপৰ্ট বোৰ দেখুৱাই দিলোহি।চহৰৰ নামী দামী ডাক্তৰৰ ওচৰৰ ৰিপৰ্ট।হতবাক দুয়ো।

*তেন্তে ইয়াৰ অৰ্থ কি?সন্তান জন্ম দিব নোৱাৰাৰ দোষ কি তোৰ?


       মৌন হৈ পৰিছে স্বস্তিক।
      মন গৈছে মোৰ দুয়ো মাক পুতেকৰ মৌনতাৰ মাজত মই ক'ম ---কেনেকুৱা লাগিল মা,বিধাতাৰ টাঙোন।এইবাৰ আপুনি তেন্তে মোলৈকে ল'ৰা এটা চাওঁক।নিজৰ পুতেকলৈ ছোৱালী বিচৰাৰ দৰে আৰু মিঃ স্বস্তিক মাৰ কথা শুনা ,মাৰ মতে চলা ঘৰখন শান্তিত থাকিব বুলি কোৱা তুমি এতিয়া কৰিবা কি?হস্পিতাল যাবা,টেষ্ট কৰিবা নে মই সন্তান দিব নোৱাৰো বুলি ঘৰৰ পৰা খেদি দিবা।
         একো নকলো মই।দুয়োকে কোঠাটোৰ ভিতৰত অকলে এৰি থৈ ওলাই আহিলোঁ।বৈ যাওক হৃদয়ৰ ওচুপনি বোৰ,বৈ যাওক অন্তৰৰ হেপাঁহ বোৰ।
        পিছদিনা স্বস্তিকক লৈ ওলাই গ'লো।আজি কোনেও একো সোধা নাই।ক'লৈ যোৱা, কিয় যোৱা?
       দুদিনমানৰ পিছত সকলো কৰ্টৰ কাম সমাধা কৰি অনাথ আশ্ৰমৰ পৰা এটা ল'ৰা আৰু এজনী ছোৱালী তুলি ল'লো।একো নকলে শাহু আয়ে।স্বস্তিকেও এইবাৰ নক'লে মাক সোধা,মায়ে বা কি কয়।
        দুয়োটাকে আনি মাৰ কোলাত তুলি দিলোঁ ।

*লওঁক আপোনাৰ নাতি, এটাও নহয় দুটাকে।

হাঁহি এটি মাৰি হেঁপাহৰে দুয়োটাকে কোলাত লৈ চুমা এটা এটা খালে।ল'ৰা ছোৱালীকেইটাক সীতাৰ কোলাত তুলি দি মোক সাৱটি ধৰিলে।

*ধন্যবাদ তোমাক, ল'ৰাটোক লোক লজ্জাৰ পৰা বচালা।নহ'লে এই জনমত মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলো হয়।

            আকৌ সেই মুক্ত বিহঙ্গজনী হৈ পৰিছোঁ মই।আকৌ সেই হেঁপাহে হাতবাউলি মাতিছে।সপোনবোৰে আকৌ পোখা মেলিছে।হেঁপাহ আকাশ চুৱাৰ হেঁপাহ।




Sunday, May 24, 2020

আবেলিৰ এই ৰ'দালি


              সাথিয়া তুনে ক্যা কিয়া
             বেলিয়া য়ে তুনে ক্যা কিয়া
             মেনে কিয়া তেৰা ইন্টেজাৰ
              ইতনা কৰনা মুজে প্যাৰ।
             
 
         গানটো শুনি শুনি খিড়িকী খন খুলি দিলে চন্দনাই ।ভাল লাগে তাইৰ দীঘলীয়া যাত্ৰাটোত যদি গাড়ীখনত এনে সুমধুৰ গীত বাজি যায়,সময়খিনি কেতিয়া পাৰ হয় তাই গমকে নাপায়।এই ভাল লগা তাইৰ বৰ্তমানৰ নহয় সৰুৰে।সৰুতে দেউতাকহঁতৰ লগত ক'ৰবালৈ গ'লেও তাই দেউতাকক খাতনি ধৰে টেপতো বজাই দিবলৈ আৰু এতিয়া বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ অহা-যোৱা কৰা গাড়ীতো প্ৰায়ে তাই গান শুনি ভাল পায়।গাড়ীত নবজালেও কেতিয়াবা তাই মবাইলতে হেডফোন লগাই শুনে।এনেদৰেই অকলশৰীয়া আৰু দীঘলীয়া যাত্ৰাটো তাই গান,চিপচৰ মাজেৰেই পাৰ কৰে।ঘৰৰ পৰা মাজে মাজে ফোন আহে ছোৱালী থিকে থাকে আহিছেনে নাই, কিবা অসুবিধাটো হোৱা নাই ইত্যাদি প্ৰশ্নৰে।এনেদৰেই তাই কোনো অসুবিধা নোহোৱাকৈ যাত্ৰা চলাই আছে।আজি তাতে তাইৰ কাষৰ চিটত কোনো নাই বহা ,গতিকে মুক্তমনে তাই খিড়িকীৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ আছে।এইদৰে গৈ থাকোতে কেতিয়ানো তাইৰ টোপনি আহিল গমেই নাপালে।হঠাৎ কাৰোবাৰ মাতত তাই চক খাই উঠিল।
*Excuse me,অলপ বেগটো হাতত ল'ব নেকি? ল'ৰাজনৰ মাততহে চন্দনা সাৰ পালে আৰু লৰালৰিকৈ বেগটো কোচত সোমোৱাই ল'লে।কোনো নথকাৰ বাবে তায়ে দুইটা চিটৰ একছত্ৰী সম্ৰাট হৈ আছিল।পুনৰ গান শুনি শুনি চন্দনা বিভোৰ হ'ল।অলপ দূৰ যোৱাৰ পিছত কাষৰ ল'ৰাজনে মাত লগালে
*তুমি ক'লৈ যাবা?
*যোৰহাট
*কোনোবা আছে?
*মোৰ ঘৰ তাতেই।
*ক'ৰবাত ফুৰিবলৈ আহিছিলা?
*নাই, মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছো
*ডিপাৰ্টমেন্ট?
*অসমীয়া
*তেন্তে গল্প,কবিতা লিখা ছাগে?
*লিখো মাজে মাজে,মন গ'লে।।     উত্তৰ নিদো বুলি ভাবিও চন্দনাই এটাৰ পিছত আনটোৰ উত্তৰ দি গৈছে।মাকে সদায় কয় গাড়ীত আহোঁতে যাৰে তাৰে লগত কথা নাপাতিবি,সাবধানে আহিবি।সাবধানীৰ মৰণ নাই।
*ময়ো লিখো কবিতা, নাটক লিখো,নাটক কৰোঁ।পঢ়িব?
*এতিয়া মন নাই।কওঁ বুলিয়েই ক'লে চন্দনাই, মনে মনে বেয়াও লাগিল।তথাপিও ক্ষন্তেকৰ চিনাকিতে ইমান বেছি কথা পাতিব নোৱাৰি পাই।চন্দনাই কথাষাৰ কৈয়েই চকু দুটা জপাই দিলে।গাড়ীখন আমনিত চাহ খাবৰ বাবে ৰখালে,নামি গ'ল তাই ফ্ৰেছ হৈ চাহ একাপ খাই ল'লে।পুনৰ গাড়ী ষ্টাৰ্ট হ'ল।মাকৰ ফোন আহিল, কিন্তু ৰিচিভ কৰিবলৈ লওতেই ফোনটো অফ হৈ থাকিল, তেতিয়াহে মনত পৰিল চন্দনাৰ আহিবৰ সময়ত ফোনৰ চাৰ্জ নাছিল।এতিয়াটো মাকৰ আৰু চিন্তা হ'ব ,কি বা হ'ল ছোৱালীজনীৰ,ফোনটো কিয় লগা নাই ইত্যাদি হাজাৰটা প্ৰশ্নই মাকৰ প্ৰেচাৰ বঢ়াই দিব।উপায়ন্তৰ হৈ তাই কাষতে বহি অহা জনৰপৰা ফোনটো খুজি মাকলৈ ফোন কৰি আদ্যোপান্ত বিৱৰণ দিলে আৰু মাকেও ঘৰ নোপোৱালৈকে ল'ৰাজনৰ ফোনতেই যোগাযোগ কৰি থাকিল।
*আপোনাৰ নামটো?
*চন্দনা বৰদলৈ আৰু আপোনাৰ?
*সীমান্ত ।
সেইয়াই আৰম্ভণি দুয়োৰে সম্পৰ্কৰ,ফোন নাম্বাৰ বিচাৰিছিল সীমান্তই।নিদো বুলি ভাবিও দি দিছিল তাই।ঘৰ গৈ পোৱাৰ পিছত ফোন আহিছিল মাজে মাজে সীমান্তৰ।ভাল, বেয়া সৰু সুৰা কথা পাতিছিল।হোষ্টেললৈ অহাৰ পিছতো সীমান্তৰ ফোন মাজে মাজে আহিছিল।লাহে লাহে সীমান্তৰ ফোন অহাটো নিয়মলৈ পৰিণত হৈছিল।এৰো বুলিও এৰিব নোৱাৰা সম্পৰ্ক এটা।লাহে লাহে হোষ্টেল মেটকেইজনীৰ মাজতো কথাটো সৰব হৈ পৰিছিল।গোটেইকেইজনীয়ে আজিকালি তাইক চন্দনাৰ সলনি সীমা বুলি মাতে।ক্লাছটো থিক একেই।এনেদৰেই সময় গৈ থাকিল, আজিকালি এবাৰৰ সলনি দিনটোত কেইবাবাৰো ফোন আহে, ৰিচিভ নকৰো বুলি ভাবিলেও ফোনটো আহিলে চন্দনাই ৰিচিভ নকৰাকে থাকিব নোৱাৰে।চলি থাকিল দুয়োৰে ফোনত বাংময় আলাপ।কোনো সম্পৰ্কৰ নাম নথকা এটা সম্পৰ্ক।প্ৰেম,বন্ধুত্ব নে আন কিবা বুজি নাপায় চন্দনাই।সেই যে গাড়ীত এদিন লগ পাইছিল তাৰ পিছত আৰু কোনোদিন লগ পোৱা নাছিল।কিন্তু দুয়োৰে দুয়োৰ নজনা কথা একো নাছিল।হঠাতে এদিন ফোনত সীমান্তই প্ৰেমৰ প্ৰস্তাৱ দিছিল চন্দনাক ।ফোনটো কাটি দিছিল তাই।অজান এক শিহৰণে শিহৰিত কৰি পেলাইছিল তাইৰ সৰ্বশৰীৰ।কি নাম এই শিহৰণৰ,এইয়াই নেকি প্ৰেম,ভালপোৱা।নাজানে তাই ,নুবুজে তাই,বাৰে বাৰে ঘৰৰ কথা মনলৈ আহে।কি হ'ব ঘৰত জানিলে?বাছত এদিন লগ পোৱা ল'ৰাজনৰ সৈতে তাইৰ প্ৰেম,মানি ল'বনে ঘৰত?লগৰ কেইজনীয়ে জুকোৱা আৰম্ভ কৰি দিছিল।দুদিন মান পিছত তাইৰ নামত হোষ্টেললৈ এখন চিঠি আহিছিল সীমান্তৰ পৰা।চিঠিখন পঢ়িবলৈ ভয় কৰি পঢ়া টেবুলতে থৈ দিছিল তাই চিঠিখন।চিঠিখন পাই লগৰকেইজনীৰহে তত নাইকিয়া হৈছিল।ভাস্বতীৰ মতে নীলা খামৰ চিঠি।পঢ়ি গৈছিল তাই এফালৰ পৰা
মৰমৰ
         চন্দনা
                  ভালে আছা নিশ্চয়।সেইদিনা কথাষাৰ কোৱাৰ পিছত তুমি ফোনটো কাটি দিলা।একো নক'লা।ভাবিচা চাগে দুদিনীয়া চিনাকিৰ মই তোমাৰ লগত ধেমালি কৰিছোঁ।কিন্তু এইয়া কোনো প্ৰতাৰণা বা ধেমালি নহয়।তোমাৰ লগত কথা পাতি পাতি তুমি মোৰ এতিয়া দৈনন্দিন অভ্যাস হৈ পৰিলা।এদিন তোমাৰ মাত নুশুনিলে এতিয়া মোৰ হৃদয়ে হাহাকাৰ কৰি উঠে।নাজানো তোমাৰ কেনে হয় কিন্তু আজিকালি তোমাক কাষত পোৱাৰ হেপাঁহটোৱে মোক বৰকৈ আমনি কৰে।ফোনত ক'ব পাৰোনে নাই মই নাজানো তুমি বা ফোনত আকৌ কথা পাতানে নাই মই নাজানো সেয়ে চিঠিখনতেই মই তোমাক মোৰ মনৰ কথাবোৰ ক'লো।মই তোমাক ভালপাওঁ চন্দনা, এইয়া কোনো কবিৰ কাব্যিকতা বা নাটক কৰা অভিনেতাৰ অভিনয় নহয়।এজন প্ৰেমিকৰ নিজৰ প্ৰেমিকালৈ থকা নিভাঁজ ভালপোৱা মাত্ৰ।প্ৰয়োজন হ'লে মই তোমাৰ ঘৰত কথা পাতিম।মাথোঁ তোমাৰ উত্তৰটো মোক জনাবা।যদি মোক তুমি ভাল নোপোৱা আৰু কোনোদিন তোমাৰ লগত যোগাযোগ নকৰোঁ।
                                                        
                                                                     প্ৰান্তত
                                                                     সীমান্ত।
     একে উশাহতে পঢ়িছিল ভাস্বতীয়ে চিঠিখন।ভাস্বতীৰ মতে, সি বৰ ভাল ল'ৰা।চাকৰিও আছে।ভৱিষ্যত চিন্তা কৰিব লগা একো নাই।গতিকে ,তই হা কৰি দে।লগৰ দিপশ্ৰী, মৃণালী, ছেম,অংকু,নিবেহঁতেও হয়ভৰ দিলে।কি কৰিব কি নকৰিব একো থিৰাং কৰিব নোৱাৰিলে তাই।দুদিন তেনেদৰেই পাৰ হ'ল।ক'তো অকণো মন নবহা হ'ল।তাইৰ এনে অৱস্থা দেখি দিকুৱে এদিন নিজে চন্দনাৰ ফোনটোৰপৰা ফোন লগালে আৰু চন্দনাই কিবা কয় কথা পাতক বুলি চন্দনাক ফোনটো দি দিলে।কি কম কি নকম বুলি ফোনটো তাই ল'লে যদিও একো ভাষা নোলোৱা হ'ল।উপায়ন্তৰ হৈ সীমান্তই আৰম্ভণি কৰিলে, লাহে লাহে কথাবোৰ সহজ হ'ল।কৈ পেলালে সাচি ৰখা মনৰ সকলো কথা,তাইৰ অন্তৰতো যে এতিয়া সীমান্তয়ে ঠাই লৈ পেলাইছে সেই কথা।সেইয়াই আৰম্ভণি আৰু সেই প্ৰেম আজিও চলি আছে ।দুয়োখন ঘৰৰ অমতৰ বাবে প্ৰায় পাচ বছৰ সিহঁতে দূৰে দূৰে থাকিব লগা হৈছিল।চন্দনাৰ ঘৰত গম পোৱাৰ লগে লগে সম্পূৰ্ণ বিৰোধিতা কৰিছিল মাক-দেউতাকে, থিক সেইদৰে সীমান্তৰ ঘৰতো।এঘৰে যেতিয়া মানি নলয় আনঘৰে কিয় মানি ল'ব।প্ৰায় ছমাহ মান ফোনৰ পৰা দূৰত ৰাখিছিল চন্দনাক ঘৰত।কাৰো লগত কথা পাতিবলৈ দিয়া হোৱা নাছিল।সীমান্তই যোগাযোগ কৰাৰ কোনো পথেই বিচাৰি পোৱা নাছিল।সেইখিনি সময়তে কিমান ল'ৰা আহিছিল চন্দনাক চাবলৈ, কিন্তু নানা উজুহাত দেখুৱাই তাই সকলো ল'ৰাকে নাকচ কৰিছিল।কিমান মাৰ খাইছিল মাকৰ তাই।তথাপিও কোনোপধ্যে হাৰ মনা নাছিল তাই।দৰকাৰ হ'লে বিয়া নোহোৱাকৈ থাকিব তথাপিও বেলেগলৈ বিয়া নহয়।সীমান্তইও যোগাযোগৰ সকলো প্ৰচেষ্টা কৰিছিল,ঘৰৰ পৰা বহু দিন দূৰতো আছিল।শেষত দেউতাকৰ অসুখেহে তাক ঘৰৰ ওচৰ চপাই আনিছিল।দেউতাকৰ বোৱাৰী চোৱাৰ হেপাঁহটো পূৰাবলৈকে এইবাৰ সীমান্তৰ মাকে চন্দনাক আঁকোৱালি লৈছিল আৰু চন্দনাৰ ঘৰতো এই পাচ বছৰে জীয়েকৰ আকোৰগুজ স্বভাৱে দেউতাকহঁতক বিমোৰত পেলাইছিল।উপায়ন্তৰ হৈ অৱশেষত দুয়ো ঘৰৰ সন্মতিত চন্দনা আৰু সীমান্তৰ বিয়াখন হৈ গৈছিল।আজীৱন দুয়ো দুয়োৰে হৈ ৰোৱাৰ প্ৰতিশ্ৰুতিৰে নিয়ৰৰ ফুল গচকি চন্দনা সোমাই পৰিছিল সীমান্তৰ জীৱনৰ ৰ'দালি হৈ।
           
             
             

Friday, May 22, 2020

ফটো

                                

          লকডাউনৰ সময়ত নকৰিবলগীয়া কাম কিজানি নাই ভাস্বতীৰ।সৰুতে আধৰুৱা হৈ ৰুৱা হেপাঁহবোৰ পুনৰ জী উঠিছে।সৰুতে গাঁৱৰ লাইব্ৰেৰীত অনুষ্ঠিত হোৱা মইনা পাৰিজাত ,বিহু ফাংচনত গান গাই,বিহু নচা ভাস্বতীৰ ডাঙৰ হৈ অহাৰ লগে লগে দেউতাকৰ আদেশ মানি সিমানতে অন্ত পেলোৱা হ'ল।পোখা মেলিলে মাথোঁ লিখি থকাৰ অভ্যাসটো।তাকো এতিয়া কৰ্মব্যস্ততাৰ বাবে ধুৱা চাঙত উঠিল।লকডাউনৰ সময়খিনি নাযায় নোপোৱাই হৈছে।কি কৰোঁ কি নকৰোকৈ ভাস্বতীয়ে পুৰণি এলবামটোকে ড্ৰয়াৰৰ পৰা উলিয়াই ল'লে।এফালৰ পৰা লুতিয়াই গ'ল পুৰণি হেপাঁহৰ দিনবোৰ।এতিয়াটো এলবামৰ প্ৰয়োজনেই নহয়।ল'ৰা-ছোৱালীয়েও বুজি নাপায় এলবাম কি বস্ত।সিহঁতে মাথো মবাইলৰ ফটো গেলেৰী নহ'লে DSLR ৰৰ গেলেৰীৰ কথাহে বুজে।পুৰণি ৰীল কেমেৰা দেখিছে সিহঁতে ভাস্বতীৰ ড্ৰয়াৰত পুৰণি স্মৃতি ৰূপে।হাঁহে সিহঁতে মায়ে নো কেনেকুৱা বস্তু সোমোৱাই থয় বুলি।
                মনত পৰিল ভাস্বতীৰ চাদৰ মেখেলা পিন্ধি প্ৰথম প্ৰথম যেতিয়া সিহঁত অষ্টম শ্ৰেণীত থাকোতে সৰস্বতী পূজালৈ গৈছিল ক্লাছৰ গোটেইখিনি মিলি ষ্টুডিঅ'ত গৈ ফটো উঠিছিল।ভয়,লাজ ,শংকাৰ মাজেৰে সিহঁতৰ গোটেই গ্ৰুপটো সোমাই গৈছিল ষ্টুডিঅ'লৈ।দুজনীমান তলত বহিছিল, দুজনীমান বেঞ্চ এখনত আৰু দুজনীমান থিয় হৈছিল।এইদৰেই সিহঁতৰ প্ৰথমখন চাদৰ-মেখেলা পিন্ধা ফটোৰ চিন ৰখা হৈছিল আৰু ইয়াৰ পিছত প্ৰতি বছৰৰ সৰস্বতী পূজাত  ষ্টুডিঅ'ত গৈ ফটো উঠাতো সিহঁতৰ অভ্যাসত পৰিণত হৈছিল।ইয়াৰ পিছত আহিল দশম শ্ৰেণীৰ বিদায় সভা পৰ্ব।ভাস্বতীয়ে দেউতাকক কৈ কৈ কেমেৰাটোত ৰীল ভৰাই লৈছিল, সম্পূৰ্ণ ৩৫কপি ফটো সিহঁতে মাৰিব পাৰিব।ছাৰ -বাইদেউসকলৰ লগত ,গোটেই ক্লাছটোৰ লগত আৰু বেছিভাগ সিহঁত চাৰিজনী উঠিছিল।চাৰিজনী মানে ভাস্বতী,মমী,হাচিনা আৰু বিউটী।ৰুনজুন তেতিয়া সিহঁতৰ লগত নাছিল।অষ্টম শ্ৰেনীলৈকে একেলগে পঢ়া ৰুনজুনে নৱম শ্ৰেণীত বেলেগ স্কুললৈ গুচি গৈছিল।গতিকে ৰৈ গৈছিল সিহঁতৰ গ্ৰুপটোত সিহঁত চাৰিজনী।স্কুল, টিউচন, কাৰোবাৰ ঘৰলৈ যোৱা সকলোতে এই চাৰিজনীয়েই ফুৰিছিল।ফটো কেইখন চাই চাই ভাস্বতীৰ কথাবোৰ  সৌ সিদিনাৰ যেনহে লাগিল।
                পাট লুতিয়াই আন একপি ফটোত ভাস্বতীৰ চকু পৰিল।ফটোকপিত চাৰিজনীৰ এজনী নাই।এদিন গোটেই কেইজনী তামাং ছাৰৰ টিউচনৰ পৰা উলটি আহোঁতে বিউটীৰ কাম থকা বাবে টাউনলৈ ওলাল।বিউটীৰ ঘৰ ভাস্বতীৰ ঘৰৰ ওচৰতে বাবে একেলগে সিহঁতৰ অহা যোৱা আৰু টাউনতে হাচিনাৰ ঘৰ বাবে গোটেই কেইজনী টাউনলৈ গ'ল,বাকী ৰ'ল মাথোঁ মমী।যিহেতু তাইৰ ঘৰ বিপৰীত দিশত আৰু মেট্ৰিক পৰীক্ষাও সমাগত সেয়ে একান্ত বাধ্য ছোৱালীৰ দৰে সময় অপব্যয়  নকৰি মমী গুচি আহিছিল ঘৰলৈ বুলি।বিউটীৰ কিনিবলগীয়া ষ্টেচনাৰী দোকান খনৰ  ওচৰতে এখন ষ্টুডিঅ' আছিল।বস্তু কিনি হোৱাৰ পিছত হাচিনাৰ এতিয়া ষ্টুডিঅ' এৰি গুচি আহিবলৈও মন যোৱা নাছিল, ইফালে তাই সেইদিনা পিন্ধি আহিছিল সেইবাৰ ঈদত লোৱা ধুনীয়া চেলৱাৰযোৰ,বিউটীয়েও পিন্ধি গৈছিল পূজাত লোৱা নীলা চুমকি থকা চেলৱাৰযোৰ।গতিকে ষ্টুডিঅ' দেখি দুয়োজনী ৰ'ব নোৱাৰা হ'ল।ভাস্বতীৰ উত্তৰলৈ বাট নাচায়  ষ্টুডিঅ'ত সোমাই লাগি গ'ল দুয়োজনী চুলি আচুৰা,ড্ৰেচ থিক কৰা আদিত ।এইবাৰ আহিল ফটো উঠা কাৰ্য্যলৈ।আজিকালিৰ দৰে তেতিয়া একপি উঠি আকৌ বেয়া হ'লে পুনৰ উঠাৰ নিয়ম নাছিল তেতিয়া।একপি ফটোত ৩০ টকাকে দিব লগা হৈছিল।গতিকে বিভিন্ন এংগলৰ পৰা এটা শ্বটত ফটো পাৰফেক্ট হোৱাকৈ গোটেইকেইজনী এইবাৰ সাজু হ'ল ফটো উঠাত।চুলিখিনি দুভাগ কৰি এভাগ পিছফালে ৰাখি এভাগ আগফালে কৰি গোটেইকেইজনীৰ মুঠতে ফটো উঠাৰ ষ্টাইল একেই।ফটো উঠাৰ পিছত এতিয়াহে মনত পৰিল সিহঁতৰ মাজত যে মমী নাই আৰু দুদিনমানলৈ মমী ফটোত নথকাৰ দুখত মমীৰ চিৰা হেন মুখখন ফুলা লুচিলৈ ৰূপান্তৰিত হৈছিল।বহু দিনলৈ সেই ফটোখন মমীয়ে দেখিলে খঙত ,অভিমানত জ্বলি পকি আহিছিল।আজিও ভাস্বতীৰ মন গ'ল মমীৰ জ্বলা জুইত ঘিউ ঢালিবলৈ ।সিহঁত কেইজনীৰ whatsapp গ্ৰুপটোত পুনৰ ভাস্বতীয়ে ফটোকপি পঠিয়াই দিলে।বিউটী ,হাচিনাই হাঁহিছে আৰু মমীয়ে অনলাইনৰ পৰা অফলাইন হৈছে।

Wednesday, May 20, 2020

এই সময় সেই সময়

এই সময় সেই সময়

সেই যে বাটকুৰি বাই গৈছিলোঁ সৰুতে পাঠশালালৈ
হাতত টিঙৰ বাকচ,মাটিৰ ফলি আৰু পেঞ্চিললৈ
বস্তা এটিৰ ওপৰত বহি লিখিছিলোঁ জীৱনৰ আদিপাঠ অ,আ,ক,খ।
ডাঙৰ আঁহত গছজোপাৰ তলত ৰৈ হেড ছাৰৰ লগত
গাইছিলো এক,দুই, তিনি, চাৰি,নেওঁতাৰ শাৰী শাৰী।
আহিছিলোঁ দুপৰীয়া মায়ে ৰান্ধি থোৱা ভাত মুঠি খাই যাবলৈ।
কঢ়িয়াইছিলো কেতিয়াবা ছাৰ-বাইদেউলৈ বুলি মালপোৱা গৰম চাহৰ কেটলী।
ছুটীত লোকৰ বাৰীয়ে বাৰীয়ে আম,অমৰাৰ জুতি লৈ
খাইছিলোঁ গালি গৃহস্থৰ লগতে মা-দেউতাৰ।
ইউনিফৰ্ম বুলিলে বুজিছিলো বগা চাৰ্ট,নীলা স্কাৰ্টটোৰ কথা
নাছিল আমাৰ কোনো জোতা-মোজা।
হ'মৱৰ্ক,টিউচন, আৰ্ট ক্লাছ, মিউজিক ক্লাছৰ বোজা।
এতিয়া, কণমানিহঁতৰ পিঠিত চোন কিতাপৰ বোজাই বোজা।
প্লে স্কুললৈ গৈয়ে চোন সিহঁতে ভাৰ বান্ধে
English,Maths,Gk,Art ৰ কিতাপৰ বোজা।
মাতৃভাষাৰ অবিহনেই আৰম্ভ হয় সিহঁতৰ জীৱনৰ আদিপাঠ।
চাৰ্ট,পেন্টৰ লগতে টাই,আই কাৰ্ডৰে সাজে ইউনিফৰ্মৰ সজ্জা।
জুন, জুলাইৰ প্ৰচণ্ড গৰমতো সিহঁতে পিন্ধে জোতা-মোজা।
স্কুলৰ পৰা ঘৰলৈ আহোঁতে আনে বিষয়ে প্ৰতি হ'মৱৰ্কৰ বোজা।
আমাৰ দৰে টিফিনত ঘৰলৈ আহিবলৈ নাই সিহঁতৰ আহৰি
টিফিনট মেগী, কেক,পিজ্জা,বাৰ্গাৰৰ যে আমনি।
আমাৰ দৰে খোজকাঢ়ি কাঢ়ি নাযায় সিহঁত স্কুললৈ
স্কুল বাছ,বাইক,প্ৰাইভেট কাৰৰ যে এতিয়া দপদপনি।

Saturday, May 16, 2020

লকডাউন

                                                                           লকডাউন
     
              লকডাউনে মিঃ বৰুৱাৰ অৱস্থা শোচনীয় কৰি তুলিছে।লকডাউনে সকলো ৰুটিন সলনি কৰি দিছে।পত্নী মৌৰ ব্যস্ততা কিন্তু আগতকৈ বেছিহে বাহিছে।ভাড়াঘৰত কৰিবলগীয়া কাম বিশেষ নাথাকে।সেয়ে বন্ধ বুলি অলপ উঠাও দেৰি হয়।উঠি ৰুম চাৰিটা সৰামোছা কৰি চিধাই মৌ বাথৰুমত সোমাই।বাথৰুমৰ পৰা উলাইয়ে ব্ৰেকফাষ্টৰ বাবে কেতয়াবা মেগী, কেতিয়াবা অ'টছ,কেতিয়াবা কৰ্ণফ্লেক্সৰে পুৱাৰ পেট পূজা হৈ যায়।কেতিয়াবা কাৎচিতহে ৰুটি ভাজিৰ পৰ্ব চলে।ইয়াৰ পিছতে আৰম্ভ হয় মৌৰ অনলাইন ক্লাছ আৰু মিঃ চৌধুৰীৰ দুপৰীয়া আহাৰৰ যোগাৰৰ কাৰ্য্য,কেতিয়াবা পাচলি কাটি দিয়া নহ'লে দাইলখিনিকে বঢ়াই দিয়া, ইত্যাদি ।তাৰ মাজতে দোকানৰ বস্তু কঢ়িওৱাটোতো আছেই। মৌয়ে ইউটিউব চাই চাই  নানা তৰহৰ খানা বনাইছে আৰু ফটো তুলিছে।খোৱাৰ আগতে ফটো কিন্তু উঠাবই লাগিব।সকলোৱে গ্ৰুপত ইমান ধুনীয়া ধুনীয়া লালমোহন,ৰচগোল্লা ,জেলেপী বনাই বনাই ফটো দিছে,তেওঁ নিদিলে সিহঁতে একো বনোৱা নাই বুলিয়েই ভাবিব,মাজে মাজে সেয়ে মৌৱেও ষ্টেটাছ দিছে।মিঠাইটো মিঠাইয়ে এই মাছ,মাংস,কণী পনীৰৰ ৰেচেপীৰে সকলোৰে ষ্টেটাছ,ৱাল ভৰ্তি হৈ গৈছে।ৰেচেপিটো ৰেচেপিয়েই বহুতে আকৌ কেচা মাছ,মাংসৰো ফটো দিছ।মিঃ বৰুৱাই বুজি নাপায় এই বিপদৰ সময়ত দুবেলা দুমুঠি খাবলৈ নোপোৱাখিনিক তহঁতে দিব লাগেনে নে মাছে মাংসৰে ভাত খাইছ বুলি মানুহক জনাব লাগে।
              মৌয়ে  খানা বনাই বনাই আমনি লাগিলে কেতিয়াবা কিবা কিবি লিখিছে আৰু দুটামান গ্ৰুপত কপিপেষ্ট কৰিছে।যেন সাহিত্য অকাডেমি বঁটাটো এইবাৰ তেওঁলৈকে আহিব।লগৰ দুজনীমানে ফোন কৰে 'বাহ মৌ মজা লিখিছ কিন্তু, কিন্তু কি জান উৰ্মিয়ে কৈছে তাই বোলে ডঃ উপাধি লৈও এইবোৰ লিখা মেলা কৰা নাই।ফেচবুক আৰু কিবা সাহিত্য লিখাৰ মঞ্চ নেকি।দৰকাৰ হ'লে প্ৰান্তিক, গৰিয়সীত লিখিম তেতিয়াহে ষ্টেণ্ডাৰ্ড থাকিব।'এইবোৰ সৰব আলোচনাৰে বৰুৱাৰ চাৰি কোঠালী সৰব হৈ পৰিছে।
               কেতিয়াবা  চকুত কাজল আৰু ওঁঠত লিপষ্টিক বুলাই ফটো দুকপি মান উঠিছে বাকী মেক্আপৰ কাম আজিকালি ফোনৰ কেমেৰাই কৰি দিয়ে।নহ'লে মিঃ বৰুৱা লকডাউনতে কেইবাৰ ষ্টেচনাৰী দোকানৰ তলা ভাঙিব লগীয়া হ'ল হেঁতেন থিক নাছিল।কেতিয়াবা মন গ'লে তাকে প্ৰফাইল পিক চেঞ্জ কৰিছে বা ষ্টেতাছ দিছে।কেতিয়াবা আকৌ সেই কিবা হেনো বেষ্ট ফ্ৰেইণ্ড চেলেঞ্জ,ফিৰ মুস্কুৰায়েগা ইণ্ডিয়া চেলেঞ্জ আদিত টেগ কৰিছে আৰু নিজেও ফটো আপলোড কৰিছে।
     চেকেণ্ড লকডাউনত মৌৰ মবাইলত এটা নতুন এপ্ ডাউনলড হ'ল টিকটক।ল'ৰা-ছোৱালীবোৰেটো কৰেই এই বুঢ়াকেইটাৰো তত নাইকিয়া হ'ল।আইঐ ল'ৰাইও ছোৱালী হৈ হৈ যি ভিডিঅ' বনাব একেবাৰে ঘোৰ কলিযুগ।মৌৰো তত নাইকিয়া হ'ল।লগৰ মিচেছ বৰা,শৰ্মানীহঁতে কৰিছে তাই নকৰিলে একেবাৰে আউটডেটেড হৈ যাব।গতিকে আৰম্ভ হৈ গ'ল ড্ৰেচ সলাই সলাই নানান টিকটক কৰাৰ ভিডিঅ।
      এইবাৰ মৌ অভিনেত্ৰীৰ লগতে গায়িকা হ'ব।সৰুতে মইনা পাৰিজাত, অকণিৰ মেল,গাওঁৰ বিহু মঞ্চত গান গোৱা মৌৱে এইবাৰ 3.0 লকডাউনত ষ্টাৰমেকাৰ ডাউনলড কৰিছে।অসমীয়া গান পিছত গাব,প্ৰথম হিন্দী গানেৰেই আৰম্ভ কৰিব।তেতিয়াহে সকলোৱে বুজিব।প্ৰেকটিছ কৰি আছে মৌৱে আৰু মিঃ বৰুৱাই পাচলি কাটি ভাজি খন বঢ়াই দিছে।
     ব্যস্ত মৌ ,ব্যস্ত মানে সাংঘাটিক ব্যস্ত।এতিয়া ইউটিউবত এটা vlog খুলিছে।অফিচলৈ যোৱাৰ সময়ত এখন দীঘল লিষ্ট বৰুৱাৰ হাতত তুলি দিছে।কিবা হেনো Italian coffee panna cotta বনাব।বৰুৱাৰ ফতককৈ মনত পৰি গ'ল আগৰ দালগনা কফিৰ ৰেচেপিটোলৈ।উসঃ দালগনা কফিয়েও মাজতে কমখন খলকনি তোলা নাই।সকলোৰে Facebook, WhatsApp ত শুনি শুনি আমাৰ মৌয়ে বনাইছিল।fb ৰ পেজত কোনো এজনে ধেমালি কৰি দিয়া দালগনা কফিৰ ৰেচেপি দেখি মৌৱে লগে লগে পাকঘৰলৈ দৌৰি গ'ল।
*ইমান ইজি বুজিছা,আগতে জনা হ'লে কেতিয়াবাই বনালো হয় বুলি দালগনা কফি ৰেডী।
        বৰুৱাই সুধিলে---"কেনেকৈ বনাইনো?
       মৌৰ যেন ক'বলৈ সময় নাই।লগে লগে ফটো মাৰি FB, WhatsApp ত দিলেই--My dalgona coffee is ready.
   *  আইঐ এইবোৰ কি বিস্কুট চোন ? বৰুৱা
*অ',লালচাহত দুখনমান মেৰীবিস্কুট দিলেই দালগনা কফি হৈ যায়--মৌ।
 *তেন্ত ইয়াত কফি নাই?
*নাই , বুলি মৌয়ে চামুচেৰে এচামুচ আনি মুখত সোমোৱালে।লগে লগে মৌৰ মুখৰ পৰা সেই কফি আহি বৰুৱাৰ চাৰ্টত পৰিল।উসঃ কি অদ্ভূত টেষ্ট ।সৰু ল'ৰা-ছোৱালীক যে বিস্কুট তিয়াই জলপান খুৱাই তালৈ মনত পৰি গ'ল বৰুৱাৰ।মৌৱে এইবাৰ ইউটিউব চাৰ্চ কৰিলে ,লগে লগে  fb,WhatsApp ৰ পৰাদালগনা কফিৰ ফটো delete কৰি দিয়া হ'ল।

   

Saturday, May 9, 2020

অপেক্ষাৰত

               অপেক্ষাৰত

                        বহু বছৰ পিছত আৰাধ্যা আহিছে নিজৰ ঠাইখনলৈ।এটা বহুজাতিক কোম্পানীত চাকৰি কৰা আৰাধ্যাৰ কেইবা বছৰ হ'ল তাইৰ মৰমৰ ঠাইখনলৈ নহা।আজি তাই অহাৰ আৰতো আছে মমী,ৰুনজুন,প্ৰেৰণা,দিগন্ত,নয়নৰ হাত।ৰাজীৱ গান্ধী ইন্টাৰনেচনেল এয়াৰপৰ্টৰ লঞ্জত বহি আছে তাই এতিয়া ,ফ্লাইট এৰাৰ সময়লৈ আৰু এঘন্টা বাকী।শুৱা  নহ'ল তাইৰ যোৱা ৰাতি।লগৰখিনিক লগ পোৱাৰ হেপাঁহত উৰে ৰাতি তাই উজাগৰে কটালে।শুলেই যেন সময় উৰি যাব।পুৱা ছয় বজাত ফ্লাইট,গতিকে তিনি বজাত কেব মাতি তাই উলাই আহিল এয়াৰপৰ্টলৈ।যাম বুলি ভাবিলে যেতিয়া এতিয়া আৰু পলম কৰিব নোৱাৰি।সেইয়াই যাত্ৰা আৰু এতিয়া তাই অপেক্ষাৰত উৰিবলৈ,হেপাঁহৰ ঠাইখন পাবলৈ।
                   সময়মতেই ফ্লাইটখন লেণ্ড কৰিলে,নিজৰ মাটিত ভৰি দি আৰাধ্যা ভাবুক হৈ পৰিল।মনত পৰি গ'ল সৰুতে পঢ়া কবিতা এফাকিলৈ -
       আনৰ দেশৰ পৰা  উলটি আহোঁতে
                 ফুৰি চাকি ঘৰমুৱা হৈ
      জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে
                 আছে নে কোনোবা এনে অ'ই?
পুনৰ দিগন্তই পঠোৱা গাড়ীখনত তাই বহি পৰিল।শৈশৱৰপৰা একলগে খেলি-ধূলি ডাঙৰ হোৱা দিগন্তৰ আজি বিয়া।তাই এই ঠাই এৰি যোৱাৰ আগতেই মমী,প্ৰেৰণা,ৰুনজুনৰ বিয়া হৈ গৈছিল।সিহঁতো আহি পাইছে।এইকেইদিন সিহঁতৰ ফোনৰ উপৰি ফোন।মুঠতে তাই আহিবই লাগিব।খিড়িকীখন খুলি দিলে আৰাধ্যাই,সোমাই আহিল তাইৰ আপোন ঠাইখনৰ চিনাকি চিনাকি লগা গোন্ধটো।আউল বাউল হৈ পৰা চুলিকেইডালত ক্লাচ ডাল মাৰিবলৈ লৈয়ো তাই ৰৈ গ'ল।মনত পৰিল এষাৰি কথালৈ -'উৰিব দিয়া তোমাৰ চুলিকেইডালক,কিমান আৰু বান্ধি ৰাখিবা,সিহঁতৰোটো থাকে উৰাৰ মন।'নাবান্ধিলে আৰাধ্যাই এৰি দিলে উৰিবলৈ।কিয় জানো হঠাৎ তাইৰ ৰাজদ্বীপৰ কথা মনত পৰি গ'ল।যান্ত্ৰিক জীৱনৰ ব্যস্ততাই তাইক পাহৰাই দিছিল সকলো।আহিব নেকি সিও দিগন্তৰ বিয়ালৈ।
             বাইদেউ পালোহি, বুলি ল'ৰাজনে কোৱাতহে আৰাধ্যাই গম পালে।নামিয়েই দেখিলে দৰা সাজত গোটেইটো পীতাম্বৰ হৈ তামোল-পাণৰ বঁটাৰে সৌটো দিগন্ত।হাঁহি হাঁহি আগুৱাই আহিল সি,লগত মমী ,প্ৰেৰণা আৰু ৰুনজুন।গোটেই কেইটাই আহি সাৱটি ধৰিলেহি তাইক।মিনিটতে হাঁহি, কান্দোন,মৰম ,আবেগবোৰৰ যেন মিশ্ৰণ হৈ পৰিল।উসঃ,কিমান বন্ধুত্ব থাকিলে ইমান আকুলতা থাকিব পাৰে।সোমাই গ'ল তাই।সকলোৱে আহি তাইৰ খবৰ ল'লে।লগতে মাক-দেউতাকৰো,যিহেতু তেওঁলোকো এতিয়া ককায়েকৰ লগত দিল্লীত থাকে।
                 গা-পা ধুই ফ্ৰেছ হৈ তাই লৈ অনা পাটৰ কাপোৰ যোৰ পিন্ধিবলৈ ল'লে।হঠাৎ বাহিৰত তাই কোনোবাই কোৱা শুনিলে, অ' ৰাজদ্বীপ আহা,আহা।আৰাধ্যাৰ বুকুৰ ধপধপনিটো যেন ক্ৰমাৎ বাহিবলৈ ধৰিলে।লগতে থকা মমীক তাই সুধিলে, ৰাজো আহিব নেকি? তাই উত্তৰ দিলে-'অ' কিয় তই গম নাপাৱ।'
                  এৰা,কিমান দিন যে হ'ল তাৰ খবৰ নোলোৱা- আৰাধ্যাই মনতে ভাবিলে।এসময়ত ৰাজদ্বীপেই আছিল তাইৰ দুখৰ সমভাগী,যাক তাই মন খুলি সকলো কথাই কৈছিল।মমী,প্ৰেৰণা, ৰুনজুনৰ বিয়া হোৱাৰ পিছত সিহঁত নিজৰ সংসাৰত ব্যস্ত আছিল,দিগন্ত,নয়নো গুচি গৈছিল ৰিচাৰ্চৰ কামত।বন্ধু বুলি ৰৈ গৈছিল তাই আৰু ৰাজ।অবিনাশৰ মৃত্যুৰ পিছত তাই পাগল হৈ গৈছিল সম্পূৰ্ণৰূপে।সেই সময়ত তাইৰ ওচৰত আছিল ৰাজ।কোনো সময়তে অকলশৰীয়া অনুভৱ কৰিব নিদিয়া ৰাজ তাইৰ বাবে যেন হৈ পৰিছিল তাইৰ দুখৰ ঔষধ।উজাগৰী নিশা সি তাইক শুনাইছিল তাইৰ প্ৰিয় গীত' মায়াময় ৰূপালী জোনাক'।অৰ্গেনত বজাইছিল সি 'উজাগৰী এই ৰাতি তোমাৰ কথা ভাবি'।এবছৰ ধৰি ঘৰতে সোমাই থকা আৰাধ্যাক সিয়েই এপ্লাই কৰি দিছিল এই চাকৰিটোৰ বাবে।চাকৰিটো পাইছিল তাই,গুচি গৈছিল তাই অসম এৰি,অনুৰাগৰ স্মৃতি এৰি।ৰাজ আহিছিল তাইক বিদায় দিবলৈ এয়াৰপৰ্টলৈ।হৃদয় খুলি কৈছিল তাৰ মনৰ কথা, প্ৰেমত পৰিছে সি তাইৰ,।কথাকেইটাই তাইক হুলে বিন্ধাদি বিন্ধিছিল।নোৱাৰে তাই বন্ধুত্বৰ শিকলি ছিঙি ইমান সোনকালে প্ৰেমৰ সম্পৰ্ক গঢ়িব।গুচি গৈছিল তাই এক মিনিটো পলম নকৰি, সোমাই গৈছিল তাই চেকিং কৰাই লঞ্জলৈ।তাৰ পিছত কোনোদিনে খবৰ লোৱা নাই ইটোৱে সিটোৰ।আৰাধ্যাই নিবিচাৰে অনুভৱৰ মৃত্যুৰ বাবে তাইক কোনোবাই পুতৌৰ দৃষ্টিৰে চাওক।তাইৰ দুখ দেখি কোনোবাই তাইক আকোঁৱালি লওক।নতুন ঠাইখনত নিজকে তাই কঠোৰ কৰি তুলিছিল।কেতিয়াবা ৰাজৰ কথা মনত পৰিলেও আকৌ সেই অহং ভাবটোৱে তাইক বেৰি ধৰে।সিও কোনোদিনে  খবৰ লোৱা নাই তাইৰ।
                কথাবোৰ ভাবি ভাবি ওলাই থাকোতেই ৰুনজুন সোমাই আহিল -'ব'ল অই,তোৰ ওলায়েই হোৱা নাই।পানী তুলি আহিলোগৈ,দৰা নোৱাবৰে হ'ল।'কথাষাৰ কৈ প্ৰায় টানি নিয়াৰ দৰেই তাই আৰাধ্যাক লৈ গ'ল--'সৌটো দিগু চালপীৰাত বহিলেই,আহ,আহ সোনকালে।'
                মাহ-হালধিৰে সকলোৱে তাক নুৱাইছে।আৰাধ্যাইও তাক সানি দিলে ,শুভেচ্ছা দিলে যুগ্ম জীৱন সুখৰ হোৱাৰ।ৰভাতললৈ তাক দাঙি নিছে ,দাঙি নিয়াজন আন কোনো নহয় ৰাজ।হঠাৎ চকুৱে চকুৱে পৰিল দুয়ো দুয়োৰে।কি কৰিব কি নকৰিব ভাবি তাই তলমূৰ কৰিলে আৰু একাষে বহি ৰ'ল।প্ৰেৰণা আহি ওচৰতে বহিল- ঠেহ-পেচবোৰ বাদ দে আৰু, নিজৰ জীৱনটোৰ কথা ভাব',তাই ক'লে। আৰাধ্যাই বুজিছে তাই কি ক'ব বিচাৰিছে।একো নক'লে,মাথো হাঁহি এটা মাৰিলে।অতিথিয়ে ৰভাতল ভৰি পৰিছে, লাহে লাহে সকলো ব্যস্ত হৈ পৰিছে।
                ৰাতি দৰা যোৱাৰ সময় হ'ল।সকলো সাজু হৈছে।দিগন্তই সকলোকে কোন ক'ত যাব থিক কৰি দিছে।প্ৰেৰণা আৰু ৰুন নাযায় সৰু সৰু সিহঁতৰ কণমানি কেইটাৰ বাবে।বৰযাত্ৰী যাবৰ বাবে এখন ছুপাৰ থিক কৰিছে।সকলোৱে ছুপাৰত হাঁহি-ধেমালি কৰি যাব।মমীয়ে আহি ক'লেহি--'কিমান দিনৰ মূৰত যে এনেকৈ দৰাৰ লগত যাম।কিমান ভাল লাগিব ন ? আৰাধ্যাৰ মনত পৰিল,সৰুতে মোমায়েকহঁতৰ বিয়াতহে এনেকৈ গৈছিল সিহঁত।তাৰ পিছত বৰযাত্ৰী হৈ কেৱল ককায়েকৰ বিয়াতহে গৈছিল ,তাকো দৰাৰ কাষত বহি।ভাল লাগি গ'ল তাইৰ মনটো।
                  সকলো যাত্ৰী গাড়ীত নিজৰ নিজৰ সুবিধা মতে বহি ল'লে।আৰাধ্যাইও খিড়িকীৰ কাষৰ ছিট এটা বাছি ল'লে।মমী ছোৱালীজনীৰ লগত বহিছে আন এটি ছিটত।বাছ ষ্টাৰ্ট দিছে,ফোপাই জোপাই উঠিলহি ৰাজদ্বীপ।উঠিয়েই খালী ছিটৰ সন্ধানত নামিল সি।আৰাধ্যাৰ কাষৰ  ছিটতে সি বহিলহি।দুয়োৱে দুয়োৰ চকুলৈ চাই ৰ'ল,কিন্তু কোৰো মুখৰ মাত নোলাল।অলপ দূৰ যোৱাৰ পিছত আৰাধ্যাই মাত লগালে--ভাল নে তোৰ?
*ও ভালেই আৰু তোৰ?
*ভালেই
*বিয়া বাৰু পাতিলি?অজানিতে ওলাই গ'ল আৰাধ্যাৰ মুখৰপৰা কথাষাৰ।
*না------ই বুলি সি বেকাকৈ হাঁহি এটা মাৰিলে।
ইয়াৰ পিছত আৰু কোনেও কাকো একো নুসুধিলে।সকলোৱে নাচ বাগ কৰোতে কাৰো মাত কোনেও নুশুনা অৱস্থা হ'ল।আৰাধ্যাইও নাচিলে,বহু দিনৰ মূৰত নাচিছে তাই প্ৰাণখূলি লগতে ৰাজেও।প্ৰায় দুঘন্টাৰ মূৰত সিহঁত কইনা ঘৰ পালেগৈ। বিবাহৰ সকলো নীতি নিয়ম হোৱাৰ পিছত সিহঁত পুনৰ আগৰ দৰেই উভতি আহিল বাছখনত।আৰাধ্যাৰ ভাগৰ লাগিছিল, কেতিয়ানো তাইৰ টোপনি গুচি গৈছিল তাই গমকে নাপালে।
             'অ'ই আৰাধ্যা উঠ,পালোহি আমি' বুলি মমীয়ে লৰাই দিয়াতহে তাই সাৰ পালে।সাৰ পাই দেখিলে শুই আহিছিল তাই ৰাজৰ কান্ধত মূৰ থৈ।বহি আহিছিল সি একো নোকোৱাকৈ।
*SORRY বুলি তাই লৰালৰিকৈ বাছখনৰ পৰা নামি আহিল।আৰু দুদিন থাকিল আৰাধ্যা তাত।গোটেই কেইজনীৰ ঘৰলৈও এপাক এপাক মাৰিলে।আহিবৰ দিনা দিগন্তই তাইৰ ওচৰলৈ আহি এখন কিতাপ দিছিল -
*'এইখন ল,ৰাজে দিছিল, তই চাকৰি জইন কৰিবলৈ যোৱাৰ দিনা দিবলৈ নিছিল, দিয়া নহ'ল।এতিয়া ৰাখি থ।ভাবিবি কথাবোৰ, সময় আৰু মানুহ ৰৈ নাথাকে।ৰাজ আজিও ৰৈ আছে।'
           লৈছিল আৰাধ্যাই কিতাপখন, মেলি চাইছিল প্ৰথম পৃষ্ঠা, লিখা আছিল "
                                                 মৰমৰ,আৰাধ্যালৈ --ৰাজ অপেক্ষাৰত।"
                     সকলোৰে পৰা  বিদায় লৈ আৰাধ্যা কেবখনত বহিল।ফোনটো উলিয়াই দাইল কৰিলে ৰাজৰ নাম্বাৰটোত------।

Wednesday, May 6, 2020

জনকনন্দিনী

                                            জনকনন্দিনী



শ শ বছৰ জুৰি পূজ্যা তুমি
জনকনন্দিনী তুমি সৌন্দৰ্যৰ প্ৰতীক
তোমাৰ ৰূপৰ লাৱণ্যই ক্ৰমে ক্ৰমে বিদাৰিছিল তোমাৰ স্বামীৰ হৃদয়।
বাল্মীকিৰ ৰামায়ণৰ পাতে পাতে তোমাৰ ৰূপৰ জেউতি।
ধষিৰ্তা নহয় তুমি, তথাপিও ধুবীৰ দুচকুত তুমি হ'লা বেশ্যা।
অন্ধ তোমাৰ স্বামী, ৰাজধৰ্মৰ কৰ্তব্যৰ আৰত বাৰে বাৰে অপমানিত তুমি
ৰাঘৱ তেওঁ, স্বয়ং বিষ্ণুৰ অৱতাৰ।
নানা কূট কৌশলেৰে মহাভাৰতৰ নায়ক তেওঁ।
নাছিল নেকি সাহস তেওঁৰ তোমাৰ সন্মুখ সমৰত থিয় হৈ ঢাল হ'বলৈ।
কিয় নোৱাৰিলে আজিৰ দুই এক পুৰুষৰ দৰে তোমাক লগোৱা লাঞ্চনা নুই কৰিবলৈ।
নে এইয়াও চলনা এক,যুগে যুগে নাৰীক বেশ্যা সজোৱাৰ।
নে মুকলি কৰি গ'ল  যুগে যুগে নাৰীৰ লাঞ্চিতা হোৱাৰ পথ।
ৰাৱণৰ অন্যায়ৰ যদি বিচাৰ হয়,তেন্তে ভাৰ্য্যাক কৰা এই অন্যায়ৰ বিচাৰ নহ'ল কিয়?
কাৰণ তেওঁ পুৰুষুত্তম?ৰাজমহলৰ কন্যাই যদি বনে জংঘলে পত্নীধৰ্ম পালন কৰে
তেন্ত পতি ধৰ্ম ক'ত?
সীতাৰ বাবে যদি পত্নী ধৰ্ম শ্ৰেষ্ঠ হয় তেন্তে তেওঁৰ  বাবে ৰাজধৰ্ম কিয় শ্ৰেষ্ঠ হ'ল?
আছেনে উত্তৰ ইয়াৰ ? নাই।
প্ৰশ্ন কৰোতাৰেই যে অভাৱ কাৰণ তেওঁ যে পৰম পুৰুষ।
কিয় হ'ল জানকী জানকীবল্লভৰ বাবে পৰিত্যক্তা।
নে থৈ গ'ল দৃষ্টান্ত যুগে যুগে হাজাৰ হাজাৰ জানকী পৰিত্যক্ত হ'বলৈ।
থৈ গ'ল নেকি পুৰুষ নামৰ জাতিটোৰ বাবে নাৰীক পৰিত্যাগ কৰাৰ দৃষ্টান্ত।
জীৱন পৰিক্ৰমাত সন্দেহ, প্ৰত্যাখ্যান কৰা জানকী জননীৰ কোলাত ঠাই পায়েই কিয় হ'ল  পূজিতা?
নে ত্যাগ,প্ৰতিদানৰ অন্য ৰূপ পূজা ।
আজিও দেশে, দেশে,ঘৰে ঘৰে  প্ৰত্যাখিত সীতা ।
পুৰুষ চৰিত্ৰ দুটাই ৰাঘৱ আৰু ৰাৱণ।






Monday, May 4, 2020

মমতা

                                                                       মমতা
                স্কুল বাছখনৰ পৰা নামিয়েই গুণগুণে মাকক দেখুৱালে তাইৰ লগৰ মমতাক। সৃষ্টিয়েও দূৰৰপৰা দেখিলে কণমানিজনীক।ভাদ মাহৰ উৎকট  গৰমত হাত কটা চোলাটোৰ সৈতে ঘামি জামি সৰু টোল এখনত তাই বহি আছে।লগত এগৰাকী মহিলা।সৃষ্টিৰ চকু পৰিল মহিলা গৰাকীয়ে চাৰিআলিটোৰ চ'কত সৰু ষ্টভ এটা জ্বলাই পকৰী বনাই আছে।মানুহ গৰাকীক সৃষ্টিয়ে আগতেও দেখিছে সেই ঠাইতে।কেতিয়াবা মন গ'লে তাই তেওঁৰ পৰা পকৰী, আলুচ'প দুটামানো কিনি নিয়ে।গুণগুণক লৈ আগবাঢ়ি গ'ল সৃষ্টি মমতাৰ ওচৰলৈ।গৈয়ে গুণগুণে মমতাক মাতিলে।মানুহ গৰাকীয়ে মূৰ তুলি চালে।সিহঁতক দেখি তেওঁ যেন আজি ভালপোৱা নাই।সৃষ্টিয়ে আগৰ দৰেই মানুহ গৰাকীৰ পৰা পকৰী ল'লে।মমতাকো মাতিলে-ইয়াত কি কৰি আছা মমতা?
          মানুহগৰাকীয়ে মাত লগালে,-"আজি দেউতাক নাই ঘৰত সেয়ে মোৰ লগতে লৈ আহিলোঁ।"অ' ভালেই কৰিলে দিয়ক-সৃষ্টিয়ে বুজিলে মানুহ গৰাকী মমতাৰ মাক।যাবা নেকি আমাৰ ঘৰলৈ ব'লা।বেয়া লাগিল সৃষ্টিৰ এই গৰমত কণমানিজনী ৰ'দত আছে।আপুনি ঘৰলৈ যাওঁতে আমাৰ ঘৰৰপৰা তাইক লৈ যাব বুলি কৈ সৃষ্টিয়ে সিহঁতক লৈ ঘৰলৈ গ'ল।চাৰিআলিটোৰ কাষতে তাইৰ ভাড়াঘৰটো।পৰাগৰ চাকৰি সূত্ৰে সিহঁত সেই ঠাইত থাকে।সৃষ্টিয়েও সেই ঠাইৰে স্কুল এখনত শিক্ষকতা কৰে।গুণগুণকো সেই একেখন স্কুলতে এইবাৰ নাম লগাই দিছে।সৃষ্টিয়ে গম পোৱা নাছিল যে সেই পকৰী বিক্ৰী কৰা মহিলা গৰাকীৰ ছোৱালীয়েই মমতা।
                  স্কুলৰ পৰা আহি গুণগুণ,মমতা আৰু তাই ভাত কেইটামান খাই বিচনাত পৰিল।গুণগুণৰ লগতে মমতাৰো টোপনি গ'ল।সন্ধিয়া সৃষ্টিয়ে দুইজনীকে উঠাই গাখীৰ আৰু বিস্কুট দিলে।মৰম লগা মমতা জনীলৈ সৃষ্টিয়ে লক্ষ্য কৰিলে ।সৃষ্টিয়ে যি কৈছে যেনেকৈ কৈছে তাই কৰি গৈছে।সন্ধিয়া হোৱাৰ পিছতো মাক নহা দেখি মমতাই অলপ ভয়ো খাইছে।এপাকত সৃষ্টিয়েও মন কৰিছে ,আঠ বজালৈকে তাইক নিবলৈ চোন মাক অহা নাই।এবাৰ গেটৰ ওচৰলৈ গৈ গুটেইকেইজনীয়ে চাই আহিল মানুহ গৰাকী আছেনে নাই।আছে মূৰ ওপৰলৈ নকৰাকৈ  কৰি গৈ আছে নিজৰ কৰ্ম।মমতাই মাকক একে ঠাইতে দেখি আশ্বস্ত হ'ল।সোমাই আহিল সিহঁত।দুয়োজনীকে খেলিবলৈ দি সৃষ্টিয়ে ৰাতিৰ আহাৰৰ চিন্তা কৰিলে।পৰাগ অফিচৰ কামত গুৱাহাটীলৈ যোৱাত সেইদিনা কেৱল সিহঁতহে আছিল ঘৰত।সৃষ্টিয়ে তথাপিও অলপ সৰহকৈয়ে ৰান্ধিছিল।কিয় জানো সৃষ্টিৰ মন গ'ল আজি মমতাৰ পচণ্ডৰ কিবা এটা বনাবলৈ।উৎসাহেৰে আহি তাই মমতাক সুধিলে-মমতা,তুমি ঘৰত  ভাতৰ লগত কি খাই ভাল পোৱা?
                  সংকোচবিহীনভাবে তাই একেষাৰে কৈছিল-নিমখ ভাত।
                 গুণগুণে তপৰাই মাত লগাইছিল -নিমখ ভাত সেইটো আকৌ কি ভাত।আমি মাংস ভাত,কণী ভাতহে খাওঁ।
       সৃষ্টিয়ে গুণগুণক বুজাইছিল-নহয় অ'নিমখ ভাত মানে আমি যে কেতিয়াবা পইতা ভাত খাওঁ সেইয়া।গুণগুণে বুজি পোৱাৰ ভঙ্গীৰে -অ' আচ্ছা,গুণগুণৰ মনত এইবাৰ আৰু এটা প্ৰশ্নৰ উদয় হ'ল--মা,মা মমতাৰ মাকেনো কিয় ৰাষ্টাত পকৰী বনাই?ঘৰত কিয় নবনাই? সৃষ্টিৰ যেন উত্তৰৰ অভাৱ হ'ল।কি ক'ব তাই ধৰিবই পৰা নাই।শিশু মনৰ এই প্ৰশ্নৰ উত্তৰৰ বাবে তাই অলপ ৰ'ল আৰু ক'লে-তোমাৰ দেউতা আৰু মই যেনেকৈ কাম কৰো মমতাৰ মাকেও কাম কৰে।সেয়ে যেনিবা সকলোৰে  কাম একে নহয়।মই যেনেকৈ  দেউতাৰ কাম কৰিব নোৱাৰো,ঠিক তেনেকৈ দেউতাই য়ো মোৰ কাম কৰিব নোৱাৰে।ঠিক সেইদৰে মমতাৰ মাকৰ কামটোও মই কৰিব নোৱাৰো।সেইকাৰণে মাজে মাজে মই তেওঁৰ পৰা পকৰী কিনি আনো।
                 সৃষ্টিৰ ভাত বনাই হ'ল।দেৰি হোৱা দেখি দুয়োজনীকে তাই ভাত বাঢ়ি দিলে।মমতাই বৰ তৃপ্তিৰে ভাতকেইটা খালে।ইমান দেৰি হ'ল মানুহ গৰাকী এতিয়াও নাই।সৃষ্টিয়ে দুইজনীকে শুৱাই দিলে, মমতা প্ৰথম নুশুৱে,মাকৰ লগত ঘৰলৈ যাব লাগিব।মা আহিলে জগাই দিব বুলি কোৱাতহে শুলে।
                  প্ৰায় দহ মান বজাত মানুহ গৰাকী আহিছিল।দিনটো পৰিশ্ৰম কৰি ভাগৰুৱা হৈ অহা মানুহ গৰাকীলৈ সৃষ্টিৰ বেয়া লাগিছিল।বাহিৰৰ বাৰাণ্ডাতে তেওঁ বহি ৰৈছিল।আহিয়েই পানী এগিলাচ বিচাৰিছিল।
            মনে মনে সৃষ্টিৰ খং উঠিছিল।এনেদৰে ৰাতি দহটালৈকে ছোৱালীজনীৰ সৈতে তেওঁ কেনেকৈ ঘৰলৈ যাব।ইফালে দেউতাকো নাই।সৃষ্টিয়ে মানুহ গৰাকীক ভিতৰলৈকে মাতিলে।নাহে তেওঁ ঘৰলৈ যায়।এই ৰাতিখন ছোৱালী জনীৰে সৈতে ঘৰলৈ যোৱাটো যে ভাল নহয় সৃষ্টিয়ে মানুহ গৰাকীক বুজালে‌।
            "আপুনি আজিহে চাইছে বাইদেউ, কাইলৈ আমাক কোনে চাব?"কান্দি কান্দি মানুহ গৰাকীয়ে কৈ উঠিল।
  সৃষ্টিয়ে ধৰিবই নোৱাৰিলে হঠাৎ কি হৈ গ'ল -মানে?
      সি আমাক এৰি থৈ গ'ল বাইদেউ।যোৱা দুমাহ ধৰি তাৰ একো খবৰ নাই।গুৱাহাটীত কোম্পানীৰ চাকৰিত যাওঁ বুলি কৈ আমাক এৰি থৈ গ'ল।ইয়াত ইটা ভাটাত কাম কৰিছিলে আৰু মই এই দোকান খন দিছিলোঁ।দুইটাৰ উপাৰ্জনেৰে মাছে মাংসই নাখালেও ঘৰখন চলি গৈছিল।তাইকো আপোনাৰ স্কুলতে দিছিলোঁ।ভাবিছিলো নিজে নোৱাৰিলেও ছোৱালীজনীকে মানুহ কৰিম।সেয়ে ইমান ডাঙৰ স্কুলখনতে দিছিলোঁ।কিন্তু এতিয়া দুমাহৰ ফিজ দিব নোৱাৰাৰ বাবে এতিয়া স্কুলৰ পৰা তাইক উলিয়াই দিছে।
               সৃষ্টিয়ে জানে সেইখন স্কুলত পঢ়োৱাটো ইমান সহজ কথা নহয়।পৰাগে চাকৰি কৰে যদিও সিহঁতৰে কেতিয়াবা ফিজ দিবলৈ টনাটনি হয়।কি ক'ব কি নক'ব ভাবি তাই ক'লে-হ'ব এতিয়া তুমি ভিতৰলৈকে আহাছোন।কিবা এটা চিন্তা কৰিব লাগিব।
                " নাই বাইদেউ শাহু মা ঘৰত অকলে আছে।মই যাব লাগিব।নহ'লে তেওঁ ৰৈ থাকিব আমালৈ"-তেওঁ ক'লে।
               তেন্তে তুমি অকলে যোৱা।মমতাক এই ৰাতি খন নিব নালাগে।তাই শুই আছে।
               ভিতৰলৈ আহিল মানুহ গৰাকী, মমতাক গুণগুণৰ লগত একেলগে শুই থকা চাই তেওঁ ওলাই আহিল।"তেন্তে মই গৈ থাকো বাইদেউ, কাইলৈ ৰাতিপুৱাই মই লৈ যামহি।মা অসুখীয়া,একো কৰিব নোৱাৰে।মই গৈ ভাত বনাবগৈ লাগিব।"
               ৰ'বা,মই তোমালৈ ভাত বনাইছিলোৱে।কেইটামান খোৱা আৰু অলপ তোমাৰ শাহুমাৰ কাৰণে লৈ যাবা।ইমান ৰাতি গৈ তুমি ভাত বনাব নালাগে।
             মানুহগৰাকীয়ে সংকোচ কৰিছিল যদিও বাধা নিদিলে।দুয়োজনীয়ে একেলগে ভাতকেইটা খালে। থালখন তাই উঠাই নিছে বেছিনটোলৈ ,সৃষ্টিয়ে বাধা দিলত তাইৰ পুনৰ চকুলো বাগৰি আহিল।টিফিনটো লৰালৰিকৈ বান্ধি সৃষ্টিয়ে  তাইক ক'লে-এইটো লোৱা আৰু সোনকালে এতিয়া যোৱা।কাইলৈ পুৱা মমতাৰ স্কুল বেগ আৰু ইউনিফৰ্মযোৰ লৈ আহিবা।কাইলৈ তাই গুণগুণৰ লগতে স্কুল যাব।আজিৰ পৰা মমতাৰ  স্কুলৰ খৰচ মোৰ।
              হঠাৎ মানুহগৰাকীয়ে সৃষ্টিৰ ভৰিত ধৰি হুকহুকাই কান্দিবলৈ ধৰিলে।"আপোনাৰ ওচৰত সদায় মই ঋণী হৈ ৰ'ম বাইদেউ।"
               সৃষ্টিয়ে মানুহ গৰাকীক আকোঁৱালি ল'লে আৰু ক'লে-যোৱা এতিয়া তোমাৰ শাহু মা তোমালৈ ৰৈ আছে।গ'লগৈ তেওঁ।সৃষ্টিয়ে তেওঁ যোৱ বাটটোলৈ চাই বহু সময় ৰৈ থাকিল।যিজনী  মাকক এৰি পুতেক গুচি গ'ল সেইজনী মাকৰ বাবে আজি বোৱাৰী ঢপলিয়াইছে ,এইয়াই সম্পৰ্ক,মমতাৰ বোন্ধোন।

Sunday, May 3, 2020

Back Bencher


                                                Back Bencher
নিজৰ ঠাইখন পোৱাৰ লগে লগে স্বাতী সদায়েই আপোন পাহৰা হৈ পৰে।এই যে চিনাকি চিনাকি লগা সুবাস এটা ,আসঃ মতলীয়া হৈ পৰে তাই।আলোকে গাড়ীখন ৰখায়েই হোটেল খনত সোমালগৈ।স্বাতীয়ে গাড়ীখনৰ পৰা নামি তাইৰ চিনাকি ঠাইখন চাইছে কিজানি কোনোবা চিনাকি মুখ দেখেই।নাই কোনো নাই।অলপ আগুৱাই গৈ তাই দেখা পালে একালৰ তাই কৰা মহাবিদ্যালয় খনৰ তাই পঢ়োৱা অত্যন্ত চোকা সকলোৰে মৰমৰ ছাত্ৰ বিমানক।এক মিনিটৰ ভিতৰতে তাইৰ মনলৈ আহিল কলেজত কৰি থকা সময়ৰ সিহঁতৰ হাঁহি ধেমালিবোৰ।বিশ্ববিদ্যালয়ৰপৰা বিভিন্ন সময়ত সহায় বিচাৰি কৰা ফোনবোৰলৈ। Facebookৰ জৰিয়তে তাই গম পাইছে যে সিও এতিয়া এখন ভাল মহাবিদ্যালয়ৰ অধ্যাপক।তাই দুগুণ উৎসাহেৰে আগুৱাই গ'ল।কিন্তু এইয়া কি সিচোন তাইক দেখিও তাৰ দামী Royal Enfieldখন চলাই গুচি গ'ল।
স্বাতীৰ সৰ্ব শৰীৰ যেন চুম্বকলৈ ৰূপান্তৰিত হ'ল।না তাই আগলৈ যাব পাৰিছে না তাই পিছুৱাব পাৰিছে।
"Ma'am কি হ'ল আপোনাৰ ?এনেকৈ ৰৈ আছে যে?"ল'ৰা এটাৰ মাততহে স্বাতীয়ে সম্বিত ঘূৰাই পালে।
অ' নাই এনেই ,চাইছো ঠাইখন কিমান সলনি হ'ল।
"ভালনে আপোনাৰ?অকলে আহিছে?"
নাই নাই গৃহস্থ আৰু ল'ৰাটোও আছে। স্বাতীয়ে কথা পাতিছে যদিও মনত পেলাব পৰা নাই ল'ৰাটো কোন আছিল। মোৰ ভালেই তোমাৰ কোৱা।কি কৰি আছা?স্বাতীয়ে কথাৰ মাজতে মনত পেলাবলৈ চেষ্টা কৰিছে ল'ৰাটো কোন আছিল।নাই নপৰে মনত ।এটা কথা তাই বুজিছে যে এইজনো তাই পঢ়োৱা কোনোবা ছাত্ৰই হ'ব।
মোৰ ভালেই ,ইয়াতে সৰু ষ্টেচনাৰী দোকান এখন দিছোঁ।
অ' ভালেই কৰিছা দিয়া।পিছে বিয়া-বাৰু পাতিলানে নাই?
ল'ৰাটোৱে লাজতে কোচমোচ খাই ক'লে-এস নাই বাইদেউ।
স্বাতীৰো লাজ লাগিল কি খন যে সুধি আছোঁ।
আহক বাইদেউ মোৰ দোকানলৈ।স্বাতীয়েও না কৰিব নোৱাৰিলে।ইমান আন্তৰিকতাৰে মাতিছে সি।ইতিমধ্যে গৃহস্থ আৰু ল'ৰাটোও চাহ খাই আহিল।চিনাকি কৰাই দিলে তাই সকলোকে।গোটেই কেইজন গ'ল তাৰ দোকানলৈ।স্বাতীয়ে দুই এটা বস্তুও কিনি ল'লে তাৰ দোকানৰ পৰা।সি পইচা নলয় স্বাতীয়ে নেৰে।দুটা মান ধমক দি জোৰ কৰিয়েই তাই দি থৈ আহিল পইচাকেইটা।
"আপুনি সদায় এনেকৈয়ে থাকে।"আপোনাৰ গালি খায়েই থাকিম আৰু।"
মনত পৰিল স্বাতীৰ ৰূপ ,হয় ইয়েই ৰূপ।সদায় লাষ্ট বেঞ্চত বহা,শ্ৰেণীলৈ দেৰিকৈ অহা ,সোমায়েই তাইৰ গালি খোৱা ল'ৰাটো-----ৰূপজ্যোতি।গালি পাৰিলে সি মাজে মাজে তাইক কয় -"আপুনি সদায় এনেকৈয়ে থাকে।"
সদায় বিমানৰ দৰে নিয়মানুৱৰ্তী হ'বলৈ,পঢ়া-শুনা কৰিবলৈ উদাহৰণ দি গালি দিয়া ৰূপে মাজে মাজে তাইক কৈছিল-আপুনি সদায় এনেকৈয়ে থাকে।
ওলাই আহিল তাই এক প্ৰশান্তিৰে,বিমানৰ বাবে নহয় ৰূপৰ দৰে সেই হাজাৰজন Back bencher ৰৰ সফলতাৰ বাবে।চাহ খোৱা নহ'ল তাইৰ, ৰূপে যেন তাইক প্ৰাপ্তিৰ এপিয়লা চাহ খুৱাই পঠিয়াইছে। সেই সুৱাদ তাই আজীৱন কঢ়িয়াব।
বি.দ্ৰ.lockdown ৰ দিনকেইটাত লিখা মেলাকে কৰা বুলি কৈ উৎসাহ দিয়া শ্ৰদ্ধাৰ ললিত মহাৰ হাতত মোৰ এক ক্ষুদ্ৰ প্ৰয়াস।



Saturday, May 2, 2020

আৰব্ধ


আৰব্ধ
আলোকৰ ট্ৰেন্সফাৰে সকলোকে চিন্তাত পেলালেকোনোদিনে নোযোৱা ঠাই, কোন সম্পৰ্কীয় মানুহো নাই, কি 'তথাপিও আলোকৰ সাহসতে পৰিয়ালৰ সকলোৱে আহি সিহঁতক তাত থৈ 'লহিসৰু ঠাইআকালো নাই, ভঁৰালো নাইবিভিন্ন জাতি-জনজাতিৰ লোকেৰে ঠাইখন সাতভনীৰ দৰেবড়ো,ৰাভা,মিচিং, বঙালী, নেপালী আদিবাসী সকলো লোকেৰে ভৰা ঠাইখনত প্ৰথম প্ৰথম স্বাতীৰ আখজা লাগিছিলকিন্তু সময়ৰ লগে লগে সকলো স্বাভাৱিক 'লাহে লাহে নিজে বজাৰ কৰিবলৈ যাবলৈ সাহস কৰিবপৰা 'নিজৰ প্ৰয়োজনীয় বস্তু কেইটা নিজে কিনিব পৰা 'বজাৰলৈ গৈয়ে তাই প্ৰথম প্ৰথম এটা কথা শিকিছিল যে সেই ঠাইৰ মানুহে অসমীয়া ' নাজানেবড়োসকলে নিজৰ মানুহখিনিৰ লগত বড়োত,ৰাভাসকলে ৰাভাত,নেপালীসকলে নেপালীত কথা পাতে, বাকী মানুহ খিনিৰ লগত হিন্দীত কথা পাতেস্বাতী আচৰিত হৈছিলএকেখন অসমতে থাকি অসমীয়াত দুই একে কথা পতাৰ বাদে বাকীখিনিয়ে নাপাতেনাজানে নে ' নিবিচাৰে তাই বুজি নাপায়এবাৰ তাই এজন দৰ্জীৰ ওচৰলৈ কাপোৰ চিলাবলৈ গৈছিলদৰ্জীজন আমাৰ থলুৱা লোকেই আছিলসোমোৱাৰ লগে লগে মানুহজনে মাত লগালে----"আইয়ে বেহেনজী ক্যা চিলৱানা হেই"? স্বাতীয়েও হিন্দীতেই সকলোখিনি বুজাই ঘৰমুৱা ' দুদিনমান পিছত তাই আলোকৰ লগত বজাৰলৈ যাওঁতে কাপোৰযোৰ আনিবলৈ দৰ্জীজনৰ ওচৰত সোমালদেখিয়েই তেওঁৰ একেই সম্ভাষণ-"আইয়ে বেহেনজী ক্যা চিলৱানা হেই"? এইবাৰ আলোকে মাত লগালে -একো চিলাবলৈ নাই নিবলৈহে আহিছোঁ"এইবাৰ দৰ্জীজনে অসমীয়াতে উত্তৰ দিলেকিন্তু যেতিয়াই সুবিধা পাই তেতিয়াই হিন্দী 'বলৈ নাপাহৰিলে আৰু আলোকেও তাৰ উত্তৰ অসমীয়াত দিবলৈ নাপাহৰিলে
এনেদৰেই সময় পাৰ 'স্বাতীয়েও স্থানীয় স্কুল এখনতে সোমাই 'লেভাল লাগে কণ কণ 'ৰা-ছোৱালী খিনিৰ মাজত তাইৰ সময় অতিবাহিত কৰিকিন্তু লাহে লাহে তাই বুজি উঠিলে যে ইয়াৰ 'ৰা-ছোৱালীবোৰে দুই একৰ বাহিৰে নিজৰ মাতৃভাষাটোক অংক,বিজ্ঞানৰ দৰে ভয় কৰেনাজানে ' কি হয়অসমীয়া পঢ়িবও নাজানে, লিখিবও নাজানে এবাৰ তাই এটা শ্ৰেণীত সুধিলে -শংকৰদেৱ কোন হয় ? উত্তৰ আহিল-"শংকৰদেৱ অসমীয়াৰ ভগৱান"কি এক নতুন পৰিভাষাকাতি বিহুত আমি কি কৰোঁ? উত্তৰ-"কাতি বিহুত আমি খেতে গৈ দিয়া জলাও"
শ্ৰেণীত যদি তাই পঢ়াওতে কয়,আমি অসমীয়াউত্তৰ আহে ,নহয় বাইদেউ আমি বড়ো,আমি ৰাভা, আমি বঙালী, আমি নেপালীউসঃ ' যায় তাই, কেনেকৈ বুজাই আমি সকলো মিলিয়েই যে অসমীয়াআনকি হায়াৰছেকেণ্ডেৰী পঢ়া 'ৰা -ছোৱালীকেইটাৰ মুখতো একেই কথাকেৱল যে তেওঁলোকে অসমীয়া নাজানে এইটোও নহয় ,কোনো কোনোৱে নিজৰ নিজৰ মাতৃভাষা বড়ো,ৰাভাটোও নাজানেকোনো কোনোৱে অসমীয়া ' পাৰে কিন্তু পঢ়িব,লিখিব নোৱাৰেস্বাতীয়ে বুজি উঠিছে যে এইয়া সেই 'ৰা-ছোৱালী কেইটাৰ ভুল নহয়সেই ঠাইখনৰ মানুহখিনিয়ে নিজকে আধুনিক সজাবলৈ গৈ বা অসমীয়া 'লে লাজ পোৱাৰ ভয়ত ব্যৱহাৰ নকৰোতে নকৰোতে 'ৰা-ছোৱালী খিনিৰ এই অৱস্থা
স্বাতীয়ে প্ৰথম সিহঁতক বুজায় অসম কি,অসমীয়া কোন?বুজে সিহঁতেউচ্চ শ্ৰেণীটো তাই মাজে মাজে আৰম্ভ কৰে স্বৰবৰ্ণ,ব্যঞ্জনবৰ্ণৰ অনুশীলনশ্ৰেণীত সোমালে আজিকালি সিহঁতে Good morning Ma'am বুলি নকয়,সিহঁতে সম্ভাষণ জনায় সু প্ৰভাতেৰে,আবেলি 'লে শুভ আবেলি বুলিশ্ৰেণীত আজিকালি সিহঁতে হিন্দী বা বেলেগ ভাষাত স্বাতীক উত্তৰ নিদিয়ে, চেষ্টা কৰে সম্পূৰ্ণ অসমীয়াত 'বলৈস্বাতীয়েও বুজে সিহঁতৰ অৱস্থাটো' পাৰে তাই অনাৱশ্যক পাঠ বাদ দিয়েপঢ়ালেও কিছুমান পাঠ পৰীক্ষাত অন্তৰ্গত নকৰেলাহে লাহে ভাল পাই সিহঁতে অসমীয়া বিষয়টোস্বাতী কেতিয়াবা স্কুললৈ নগ'লে সিহঁতে বেয়া পাইতাইৰ ঠাইত বেলেগ শিক্ষকে পঢ়ালে সিহঁতৰ ভাল নালাগেকাৰণ বেলেগ বিষয় সিহঁতে ইংৰাজী বা হিন্দীত শিকেকেৱল অসমীয়া বিষয়টোহে সিহঁতে অসমীয়াত পঢ়িব পাৰে বা শিকিব পাৰেস্বদেশ -প্ৰেম কবিতাৰে স্বাতীয়ে বুজাই নিজৰ মাতৃভূমিক ভাল পোৱাৰ কথা, নিজকে অসমীয়া বুলি গৰ্ব কৰাৰ কথা"জন গন মন অধিনায়ক জয় হে" লগতে সিহঁতে শিকিছে বুকুত হাত থৈ "'মোৰ আপোনাৰ দেশ "গাবলৈস্বাতীয়ে মাজে মাজে শ্ৰেণীত শুনাই লক্ষ্মীনাথ বেজবৰুৱাৰ বুঢ়ী আইৰ সাধুৰ এটি, দুটি সাধু,শুনিবলৈ কয় ভূপেন হাজৰিকাৰ গীতসমূহআজিকালি স্বাতীয়ে ' নালাগে,সিহঁতে নিজেই কয় "আমি অসমীয়া নহওঁ দুখীয়া"

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...