Friday, May 29, 2020

হেঁপাহ

          


                  সংগোপনে আহিছিল তেওঁ মোৰ হৃদয়লৈ।অজানিতে লাহে লাহে।চঞ্চলা আছিলো ময়ো,চিতপখিলী হৈ উৰি ফুৰাৰ মন আছিল মোৰো।আকাশ চুৱাৰ হেঁপাহ মনত সাঁচি দূৰন্ত গতিৰে আগুৱাই গৈছিলোঁ মই।বাটত হাজাৰ কাঁইট পালেও মোৰ আত্মবিশ্বাসেৰে হেলাৰঙে কাঁটি পেলাইছিলো সেই কাঁইট।কি দুৰ্বাৰ হেঁপাহ।জীৱনটো উপভোগ কৰাৰ এক অদম্য আকাংক্ষা।মা দেউতাৰ মৰম আৰু কঠোৰ শাসনৰ মাজত ডাঙৰ দীঘল হোৱা মই জনী সৰুৰে পৰা তেওঁলোকৰ অজানিতে বহু কামেই কৰিছোঁ।চকলেট খাবলৈ দিয়া পইচাৰে স্কুললৈ যাওঁতে চাৰিআলিত হাত পাতি থকা কণমানিকেইটাৰ হাতত তুলি দিছোঁ।টিফিনত খাবলৈ দিয়া লুচি ভাজিৰ আধা কেতিয়াবা সিহঁতক দি গৈছোঁ।বাকচৰ তলত সোমাই থকা মাৰ নিপিন্ধা চাদৰ মেখেলা মনে মনে নি দিছোঁ কণমানিকেইটাৰ মাকলৈ।কলেজত দেৰিলৈকে ক্লাছ আছিল বুলি কেতিয়াবা সিহঁতৰ জুপুৰি ঘৰটোত সোমাইছোগৈ।আগ্ৰহেৰে সোতোৰা সোতোৰ হাতখনেৰে বাকি দিয়া চাহকাপ খাই তৃপ্তিত আৰু একাপ দিয়ক বুলি খাই আহিছো।সঁচাই জীয়াই থাকিব জানিলে দুখীয়াৰ ঘৰতো পৰমান্ন পায় আৰু নাজানিলে দালানৰ পৰমান্নও গৰললৈ ৰূপান্তৰিত হয়।ইউনিভাৰ্চিটি পঢ়িবলৈ আহি সোমাই পৰিছিলোঁ এটা NGO ত য'ত সমাজৰ এই পঢ়িব নোৱাৰাখিনিক আমি বন্ধত নিজে পঢ়াইছিলোগৈ।নিজে কিবা এটা বেলেগ কৰাৰ এই হেঁপাহৰ মাজতেই মই লগ পাইছিলোঁ স্বস্তিকক।একেই চিন্তা, একেই সপোন একেই পৰিকল্পনা।উসঃ কেতিয়াও নেদেখা এটি সপোন।হাতে হাত ধৰি আগুৱাই যোৱাৰ সপোন।এজনে আনজনক আপোন কৰি লোৱাৰ সপোন।দুয়ো ঘৰৰ মতত নভবাকৈয়ে অতি সোণকালেই আমাৰ বিয়া হৈ গৈছিল।
                বিয়াৰ পিছৰপৰাই সপোনে যেন মুখথেকেচা খাইছিল।আগতে প্ৰতিটো কথাতে মই তোমাৰ লগত আছো বুলি কোৱা স্বস্তিকে- মায়ে বিচৰা ধৰণে কামবোৰ কৰি যোৱা না ৰু বুলি ক'বলৈ ধৰিলে।
      প্ৰথম প্ৰথম নতুন নতুন বুলি মনে নামানিলেও মই দুই এটা কথা মানি নচলা নহয়।কিন্তু লাহে লাহে যেন ই নিত্য নৈমিত্তিক ঘটনালৈ ৰূপান্তৰিত হ'ল।সহায়কৰা মানুহ গৰাকী নাহিলে প্ৰায়েই মই অফিচৰ পৰা ছুটী ল'ব লগা হ'ল।NGO ৰ কাম আছে বুলি ক'লে এনে দেখুৱাই যেন তইহে গোটেই NGO টো চলাৱ তই নাথাকিলে NGO নচলে।এইবোৰ এটিটিউদ সহ্য কৰি কৰি বিয়াৰ এবছৰ পাৰ হ'ল।এইবাৰ আহিল হনিমুন পৰ্ব।হনিমুন মানে বিয়াৰ এবছৰলৈকে আমি ক'লৈকো যাবলৈ সময় নাপালো।শাহুৰ ভাষাত --ভীষণ ব্যস্ত স্বস্তিক।ল'ৰাটোৰ অফিচৰ কামৰ পৰা মূৰ ডাঙিবলৈও সময় নাই আৰু এই হনিমুন নে চনিমুন এইবোৰটো সাধাৰণ কথা।বিয়াৰ এবছৰ হৈ যোৱাৰ পিছত এদিন শাহু আয়ে উলিয়ালে---

     শুনিছ বাবা এইবাৰ পূজা বন্ধত আমি গোটেই পৰিয়ালটো ক'ৰবাত ফুৰিবলৈ যাম বুজিছ,তহঁতো বিয়াৰ পিছৰপৰা ক'লৈকো যোৱা নাই নহয় ।গতিকে, ফুৰি অহাও হ'ব।সকলো গ'লো দিল্লী,ৰাজস্থান ফুৰি আহিলোঁ।তাজমহলৰ সন্মুখত থিয় হৈ নানা ভংগীমাৰে পজ দিওতে মমতাজজনীলৈ হৃদয়ৰ কোনোবা এটি কোণত  ঈৰ্ষা  থাকি গ'ল।‍পাৰেনে কোনোবাই প্ৰেমৰ বাবে ইমান সুন্দৰ সৌধ গঢ়াব।

     লাহে লাহে স্বস্তিকো এনেকুৱা হৈ পৰিল মাৰ মতে চলি যোৱানা,কিনো হ'ব?ঘৰখন শান্তিৰে থাকিলেই হ'ল।শেষ আঘাতটো লাগিছিল তেতিয়া যেতিয়া ভন্টীৰ বিয়াত অফিচৰ পৰা ১০ দিনৰ ছুটী লৈয়ো ৫দিন মই ঘৰতে ভাত চাহ বনাই খুৱাব লগা হৈছিল।এৰালত বান্ধ নোখোৱা ছোৱালী আছিলো মই তথাপিও সংসাৰখন থিকে চলক বুলি এৰালত বান্ধ খাইছিলোঁ মই।ভন্টীৰ বিয়ালৈ আহি দৌৰ মাৰিছিলো মই সেই ৰঙা চাহটুপীৰ সোৱাদ ল'বলৈ।হতাশ হৈছিলো মই সেই চাহটুপী দিয়া গৰাকী আৰু নাছিল এই পৃথিৱীত।ল'ৰাটোৱে সংসাৰ পাতিলে আৰু ছোৱালী জনী আৰঘৰে তাৰঘৰে কাম বন কৰি চলি আছে।লৈ আনিলোঁ মই ব'ল মোৰ লগত থাকিবি।দৰকাৰ হ'লে NGO  ত কাম কৰিবি।ঘৰত সোধা নহ'ল।পৰিস্থিতি দেখি মইয়ে তাইক অনাটো কৰ্তব্য বুলি ভাবিলোঁ।লৈ আহিলোঁ মোৰ বুলি ভবা আপোন ঘৰখনলৈ।শাহুৱে তাইক দেখিয়েই অলেখ প্ৰশ্ন।কোন হয়,কিয় আনিছা?আমাৰ ঘৰত তাইৰ নিচিনা ছোৱালী থাকিবলৈ ঠাই নাই নহয়।অ' আই সাতে পাচে ইমান বোৰ কথা মই ভবাই নাছিলো।তিনি মহলীয়া ঘৰটোত এজনী ছোৱালীৰ বাবে যে ঠাই নহ'ব মোৰ নিচিনা এজনীয়েটো কল্পনাই কৰিব নোৱাৰো।ভাবিলোঁ স্বস্তিকক কৈ ওপৰৰ খালি হৈ থকা ভাড়াৰুমটোতে এইক থাকিবলৈ দিম।পিছে স্বস্তিকক কওঁতে ক'লে

*তোমাক মই তাতেই কৈছিলোঁ ঘৰত মায়ে আপত্তি কৰিব।নিজে আনিছিলা যেতিয়া কি কৰা কৰা।মই মাৰ লগত লাগিব নোৱাৰো।

   *থিক আছে তেন্তে মাৰ লগত নালাগা যেতিয়া মই কৰা কামতো আপত্তি নকৰিবা।মনে মনে চাই থাকা বুলি গহীনত কথা কেইটা কৈ ওলাই আহিলোঁ।

*আহ সীতা তই তোৰ বেগটো লৈ ওপৰলৈ আহ বুলি জাৰুটো লৈ ওপৰলৈ উঠি গ'লো।শাহু আয়ে মোলৈ ৰ লাগি চাই ৰ'ল। থিক কৰি দিলোঁ তাইৰ বাবে ওপৰৰ ৰুম এটা।শাহুৱে তললৈ নামি আহোঁতে ভুৰভুৰালে

* মোৰ ঘৰত মোৰ পাৰমিছন নোলোৱাকৈ ছোৱালী ৰাখে,ইমান সাহ।

ময়ো ভুৰভুৰালো

*আপোনাৰ যেনেকৈ এইখন ঘৰ মোৰো তেনেকৈ এইখন ঘৰ।গতিকে কাৰো পাৰমিছনৰ দৰকাৰ নাই।

বিয়াৰ তিনিবছৰ মান পাৰ হ'ল।এইবাৰ আহিল নাতি প্ৰসঙ্গ।ওলাওতে সোমাওতে এটা কথাই মূৰটো গৰম কৰি দিছে যোৱা এবছৰে ।নাতি লগে,মৰাৰ আগতে নাতি হওঁক নাতিনী হওঁক মুখখন চাই যায়।যদি মই নোৱাৰোঁ তেন্তে পুতেকলৈ এতিয়াও ছোৱালীৰ লাইন লাগিয়েই আছে।

*তেন্তে ছোৱালী চাওক মা,মই ডিভৰ্চ দিবলৈ ৰেদি আছো।

কথাষাৰ মোৰপৰা তেওঁ আশা কৰা নাছিল।

*আইঐ কি কোৱা হে, চৌধুৰী বংশৰ ল'ৰাৰ ডিভৰ্চ হ'ব।অসম্ভৱ এইয়া।

*তেন্তে দ্বিতীয় বিবাহৰ চিন্তা এৰক।কাৰণ আজিকালি প্ৰথমা পত্নী থাকোঁতে দ্বিতীয় বিবাহ আইনমতে দণ্ডনীয়।

*আজিকালি কত' তেনেকৈ বিয়া হৈয়ে আছে।আমাৰ পুৰণা গাঁৱৰ ছোৱালী এজনীকে চাম।গাঁৱৰ মানুহে এইবোৰ চিন্তা নকৰে।

*ময়ো গাঁৱৰে ছোৱালী মা।বিয়া হৈ আছে কিন্তু গম পোৱাৰ লগে লগে ৰঙাঘৰৰ ভাতো খাই আছে।

* তেতিয়া হ'লে মানে দেউতাৰৰ দৰে ময়ো নাতিৰ মুখ নেদেখাকৈয়ে এই সংসাৰৰ পৰা বিদায় ল'ব লাগিব।।

          আতৰি আহিলো মই।একপ্ৰকাৰ জয়ৰ ছাবিকাঠী ডাল মোৰ হাতত লৈ।

           ছোৱালীৰ খবৰ তেওঁ নকৰা নহয়,মনে মনে কোনোবা তেওঁৰ পুতেকলৈ আহিব নেকি বিচাৰ খুচাৰ কৰিবলৈ ধৰিলে।
           ক'তো ছোৱালীৰ খবৰ নাপায় এইবাৰ এদিন ভাতৰ পাতত ওলিয়ালে।

*বাবা, বোৱাৰীক কাইলৈ গাইন' ডাক্তৰৰ ওচৰলৈকে লৈ যাবিচোন।সময়বোৰ গৈ আছে নহয়।

*হ'ব মা বুলি পুতেকে শলাগ ল'লে।

 একো নামাতিলো মই ।ইতিমধ্যে মই দুজনমান ডাক্তৰক কোনেও নজনাকৈ চেকআপ কৰাইছো।মোৰো মন যায়  মা হ'বলৈ।সৰুৰে পৰা কণমানি কেইটাক ভাল পোৱা মইজনীয়ে সন্তান নোহোৱাৰ বাবে নিজৰে কিবা দোষ আছে বুলি ভাবি কেইবাটাও টেষ্ট কৰাইছো।কিন্তু প্ৰতিটো টেষ্টতে মোৰ ৰিপৰ্ট থিকেই থাকে।শেষত ডাক্তৰে হাজবেণ্ডক লৈ যাবলৈ কয় যদিও প্ৰয়োজন নোহোৱাৰ বাবে মই কোৱা নাছিলো।যিহেতু এই বিষয় লৈ স্বস্তিক আৰু মোৰ মাজত কোনো দিন আলোচনা হোৱা নাছিলে।
             স্বস্তিককো যিহেতু মোৰ আগৰ টেষ্টৰ কথা কোৱা নাছিলোঁ সেয়ে পুনৰ একেখিনি টেষ্টকে আকৌ কৰিলোঁ।

*সকলো থিকে থাকিলেই হ'ল বুজিছা,নহ'লে ডাক্তৰে যি কৰিবলৈ কয় কৰি যাবা আৰু।

*হ'ব মা।।  মনে মনে ভাবো মোৰটো থিকেই আহিব।এতিয়া পুতেৰাৰ টেষ্টৰ পাল পৰিলে বা তুমি কি কোৱা
            ৰিপৰ্ট মোৰ সকলো পজিতিভ অহা দেখি দুয়ো মাক পুতেক আচৰিত।স্বস্তিকো হতভম্ব।মানে তেওঁও পেটে পেটে মোকেই জগৰীয়া কৰি আছিল,মাত্ৰ মুখেৰে প্ৰকাশহে কৰা নাছিল।

*হ'বই নোৱাৰে, তেতিয়া হ'লে অতদিনে তুমি প্ৰেগনেন্ট হোৱা নাই কিয়?

*মই কি জানো?

*বাবা ,কাইলৈ বেলেগ এজন ডাক্তৰৰ ওচৰলৈ লৈ যাবি এওঁক আৰু এইবাৰ বেলেগ এটা লেবৰটৰীত টেষ্ট কৰাবি।এইটো কেতিয়াও হ'ব নোৱাৰে।

          ৰ'ব নোৱাৰিলোঁ মই,টেষ্ট কৰাটো কি ইমান সহজ কথা।খঙতে আগৰ ৰিপৰ্ট বোৰ দেখুৱাই দিলোহি।চহৰৰ নামী দামী ডাক্তৰৰ ওচৰৰ ৰিপৰ্ট।হতবাক দুয়ো।

*তেন্তে ইয়াৰ অৰ্থ কি?সন্তান জন্ম দিব নোৱাৰাৰ দোষ কি তোৰ?


       মৌন হৈ পৰিছে স্বস্তিক।
      মন গৈছে মোৰ দুয়ো মাক পুতেকৰ মৌনতাৰ মাজত মই ক'ম ---কেনেকুৱা লাগিল মা,বিধাতাৰ টাঙোন।এইবাৰ আপুনি তেন্তে মোলৈকে ল'ৰা এটা চাওঁক।নিজৰ পুতেকলৈ ছোৱালী বিচৰাৰ দৰে আৰু মিঃ স্বস্তিক মাৰ কথা শুনা ,মাৰ মতে চলা ঘৰখন শান্তিত থাকিব বুলি কোৱা তুমি এতিয়া কৰিবা কি?হস্পিতাল যাবা,টেষ্ট কৰিবা নে মই সন্তান দিব নোৱাৰো বুলি ঘৰৰ পৰা খেদি দিবা।
         একো নকলো মই।দুয়োকে কোঠাটোৰ ভিতৰত অকলে এৰি থৈ ওলাই আহিলোঁ।বৈ যাওক হৃদয়ৰ ওচুপনি বোৰ,বৈ যাওক অন্তৰৰ হেপাঁহ বোৰ।
        পিছদিনা স্বস্তিকক লৈ ওলাই গ'লো।আজি কোনেও একো সোধা নাই।ক'লৈ যোৱা, কিয় যোৱা?
       দুদিনমানৰ পিছত সকলো কৰ্টৰ কাম সমাধা কৰি অনাথ আশ্ৰমৰ পৰা এটা ল'ৰা আৰু এজনী ছোৱালী তুলি ল'লো।একো নকলে শাহু আয়ে।স্বস্তিকেও এইবাৰ নক'লে মাক সোধা,মায়ে বা কি কয়।
        দুয়োটাকে আনি মাৰ কোলাত তুলি দিলোঁ ।

*লওঁক আপোনাৰ নাতি, এটাও নহয় দুটাকে।

হাঁহি এটি মাৰি হেঁপাহৰে দুয়োটাকে কোলাত লৈ চুমা এটা এটা খালে।ল'ৰা ছোৱালীকেইটাক সীতাৰ কোলাত তুলি দি মোক সাৱটি ধৰিলে।

*ধন্যবাদ তোমাক, ল'ৰাটোক লোক লজ্জাৰ পৰা বচালা।নহ'লে এই জনমত মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলো হয়।

            আকৌ সেই মুক্ত বিহঙ্গজনী হৈ পৰিছোঁ মই।আকৌ সেই হেঁপাহে হাতবাউলি মাতিছে।সপোনবোৰে আকৌ পোখা মেলিছে।হেঁপাহ আকাশ চুৱাৰ হেঁপাহ।




No comments:

Post a Comment

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...