Friday, June 5, 2020

লকডাউন বিয়া

           

          লকডাউনত এইকেইদিন প্ৰিয়াৰ কাম নোহোৱা হৈছে।অফিচৰ কামো বন্ধ ঘৰলৈও যোৱা নহ'ল।অকলে অকলে খোৱা শুৱা আৰু মবাইল চোৱা।দুদিনতে আমনি লাগিছে তাইৰ।আগতে অফিচলৈ যেতিয়া সদায় যায় তেতিয়া ভাৱে অফিচটো দুদিনমান বন্ধ হোৱা হ'লে কিমান ভাল হ'ব।তাই গোটেই দিনটো শুৱেই থাকিব আৰু শুৱেই থাকিব।কিন্তু এতিয়া এই দুদিনতে বৰ আমনি লাগিছে তাইৰ।বন্ধু বান্ধৱী বুলিবলৈও তাইৰ লগৰবোৰ প্ৰায়ে বিয়া হৈছে গতিকে সংসাৰৰ ব্যস্ততাত সিহঁতৰ লগত লাহে লাহে কথা বতৰা কমি আহিছে।তাৰোপৰি বৰ্ণভৰ লগত ব্ৰেকআপ হোৱাৰ পিছত তাই ঘৰৰ মানুহকেইজনৰ লগত কথা পতাৰ বাহিৰে বেলেগৰ লগত সম্পৰ্ক নৰখা হ'ল।গাঁৱৰ বিয়া সবাহতো যেন তাইৰে কথা।কেতিয়া বিয়া হ'বা,বয়স ৰৈ নাথাকে বুজিছা, ল'ৰা এটা চাই সোনকালে বিয়াখন পাতি লোৱা।উসঃ ৰাম যেন প্ৰিয়াক তেওঁলোকেহে খুৱাই বুৱাই ৰাখিছে।তাইৰ ভাল চিন্তিবলৈ ঘৰৰ মানুহকেইটা ক'ৰবালৈয়ে গ'ল।

           পিছলৈ তাইয়ো কোৱা হ'ল --চাবচোন মোৰ কাৰণে ভাল ল'ৰা এটা।পালে মাহঁতক জনালেই হ'ল।

      এইবোৰৰ মাজত সোমাই থাকি অশান্তি লগা প্ৰিয়াই এবছৰ মানৰ ভিতৰতে পাই গৈছিল কোম্পানীৰ চাকৰিটো।ঘৰৰ কোনো বাধা নামানি নিজ ইচ্ছাৰে গুচি আহিছিল তাই।সেই যি আহিল তাৰপিছত আৰু বিহুৱে, পূজাই যোৱাৰ বাহিৰে তাই ঘৰলৈ গৈ পোৱা নাই।অফিচৰ ফালৰ পৰা দিয়া দুটা ৰুমৰ ফ্লেটটোৱে এতিয়া তাইৰ আপোন ঘৰ হৈ পৰিল।পুৱা ওলাই গৈ সন্ধিয়া ছয় বজাত সোমোৱা প্ৰিয়াৰ সুখ বুলিবলৈও একো নাছিল দুখ বুলিবলৈও একো নাছিল।যান্ত্ৰিকতাৰ যুগত সভ্য চহৰখনতো তাইৰ তেনে কোনো বন্ধু বান্ধৱ গোট খোৱা নাছিল।অফিচৰ দুই এজন বন্ধু আছিল যদিও সেই সম্পৰ্ক কেৱল অফিচতে।আমনি লাগিল তাইৰ।T. V .টো চাইছে, কিন্তু অত দিন  TV নাচাই নাচাই এতিয়া তাই মনো বহুৱাব নোৱাৰা হ'ল।FB টোকে খুলি খুচৰি থাকোতে বহু পুৰণি বন্ধু বান্ধৱীৰ প্ৰফাইল দেখি কিয় জানো তাইৰ মনটো আবেগিক হৈ পৰিল।নিজে আতৰি আহিছিল তাই এই বান্ধোনবোৰৰ পৰা,ক'ব নোৱাৰাকৈয়ে।কিন্তু কাৰবাবে ?সকলোলৈকে তাই ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে।লাহে লাহে সকলোৱে তাইৰ ৰিকুৱেষ্ট একচেপ্ত কৰিলে।কিমান যে ভাল লাগিছে তাইৰ।সকলোৱে তাইলৈ মেছেজ পঠাই Hi, কি খবৰ তোৰ?ভালনে?

           সকলোৰে উত্তৰ দি দি তাই ভাগৰা নাই।কিবা যেন মনটো হেৰুৱাই পোৱাৰ অনুভূতিত বিলীন হৈ গৈছে।সকলোৰে নাম্বাৰ আদান প্ৰদান হ'ল।আজিকালি সকলোৱে মিলি এটা WhatsApp গ্ৰুপ খুলি ল'লে।আবেলি আবেলি সিহঁতৰ সদায় কথা পতা হয়।কোনোবাই যদি খানৰ ফটো দিয়ে,কোনোবাই হস্তকলাৰ,কোনোবাই যদি দিয়ে ল'ৰা ছোৱালীৰ নাচ গান,কোনোবাই দিব গল্প,কবিতা।আজিকালি প্ৰিয়াৰ এনে লাগে যেন এই লকডাউনটো আগতে হোৱা নাছিল কিয়।কিমান সৰু সৰু সুখ,সৰু সৰু হেপাঁহবোৰৰ পৰা তাই বঞ্চিত আছিল।এতিয়া যে সুখবোৰ তাইলৈ সোপাকে আহিছে,তাই মাথোঁ আঁচল পাতি সামৰিলেই হ'ল।

            সুখবোৰৰ মাজতে তাইলৈও এদিন আহিছিল বৰ্ণভৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট।বুকুখন কঁপি উঠিল প্ৰিয়াৰ।এতিয়া কিয় মনত পৰিল তাৰ।ব্ৰেকআপৰ প্ৰায় ছমাহ মানৰ পিছতে সি বিয়া কৰাইছিল তাৰ গাৰ্ল ফ্ৰেণ্ডক।নিমিলা অংকবোৰৰ পৰা আঁতৰি গৈছিল সি ছবছৰীয়া প্ৰেমৰ অন্ত পেলাই।পাগল হৈ গৈছিল নন
প্ৰিয়া ,নিজৰ ৰুমটোৰ মাজতে বন্ধ কৰি ৰাখিছিল নিজকে।শেষ আঘাতটো তেতিয়া পাইছিল প্ৰিয়াই যিদিনা তাৰ বিয়াৰ খবৰ পাইছিল।প্ৰেমিকাৰ মন বিয়া বুলি শুনি কাক বিয়া পাতিছেনো চাবলৈ তাইৰ মন উচপিচাই আছিল।খুলি চাইছিল ফেচবুকৰ প্ৰফাইল কিন্তু তাইক ব্লক কৰি থোৱা হৈছিল।ৰৈ গৈছিল মনৰ আশা মনতে।লাহে লাহে বিষাদবোৰ বৰষুণ হৈ বৈছিল।সময়ৰ হেঁচাত সেই বৰষুণ মৰুভূমি লৈ ৰূপান্তৰিত হৈছিল।তেতিয়াহ'লে আজি কিয় প্ৰয়োজন হৈছে তাইক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠোৱাৰ।দিলিট কৰি দিলে তাই লগে লগে।
              সুখী তাই বৰ্তমানক লৈ।তাইৰ কেৰিয়াৰ, তাইৰ চাকৰি এইবোৰক লৈ সময় নাই  এতিয়া তাইৰ।লকডাউনৰ কেইদিনত লাহে লাহে তাই মন কৰিলে চিনাকি অচিনাকি বহুতৰেই তাইলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিছে।দুটামানটো ইউৰোপ, লণ্ডন,আমেৰিকাৰ পৰাও আহিছে।তাইৰ বুজিবলৈ বাকী নাথাকিল যে এইকেইটা ফেক একাউন্ট।হাঁহি উঠিল তাইৰ।এনে ফেমাছ তাই যে ফৰেনৰ মানুহেও তাইলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই।তাকো আগদিনা খুলি পিছদিনা।গ্ৰুপটো কথাটো তাই উলিয়াইছে।ল'ৰাকেইটালৈ নাই অহা ৰিকুৱেষ্ট কিন্তু ছোৱালীকেইজনীলৈ গৈছে এই ফেক একাউন্টৰ ৰিকুৱেষ্ট।এদিন পুৱা বিচনাত থাকোতেই তাইলৈ মেছেজ আহিল মেছেঞ্জাৰত।
*Hi, Good Morning

*Good morning.আজি তায়ো ৰিপ্লাই দিলে।

*How are u

* মোৰ ভালেই, আপোনাৰ?

*I am fine,plz talk to Hindi or English

       (হাঁহি উঠিল তাইৰ বাহ লণ্ডনৰ মানুহে হিন্দীৰ লগতে অসমীয়াও বুজি পাই দেই।)
* মই নাজানো, কাৰণ আমি অসমীয়া।

*Where are you from ?

*অসম ।

*মে গয়া হু ৱহা,বহুত অচ্ছা জগহ হে।👌

*হয়নেকি?

*আপ আসাম কি কহা কে হেই?

*তিনিচুকীয়া।এনেই ক'লে তাই।

* অচ্ছা।অভী ঘৰ মে হে আপ?

* হয় ।ok by.

* Wait,wait Sorry. বেছি কথা সুধিলোঁ তোমাক ।আচলতে মই সমীৰ বৰুৱা।তোমাৰ ফ্ৰেণ্ড লিষ্টত আছো মই।কিন্তু তোমাক মেছেজো আগতে কৰিছোঁ তুমি নোচোৱাই।সেয়েহে এইকেইদিন ফ্ৰি পাই তোমালৈ এইটো একাউন্ট খুলি তোমালৈ মেছেজ কৰোঁ সদায়।ভাবিছিলোঁ ফৰেনাৰ বুলি কথা পাতাইনেকি।কিন্তু ইয়াতো তুমি চেক নকৰা।আজি হঠাৎ তুমি ৰিপ্লাই দিলা।Thanx.

*মই গম পাওঁ এই ফেক একাউন্ট খুলাকেইটা আমাৰ অসমৰে বুলি।আজি এনেয়ে  কথা পাতি চালোঁ।
এনেদৰেই সমীৰৰ লগত আজিকালি তাইৰ সদায় কথা পাতা হয়।মেছেঞ্জাৰৰ সলনি ফোনত।কিয় জানো দুদিনতে তাক তাইৰ আপোন যেন লগা হ'ল।দুবছৰৰ আগৰ চিনাকি সি।তেতিয়াৰ পৰা এতিয়ালৈকে তাইৰ উত্তৰলৈ অপেক্ষা কৰা সমীৰক তাইৰ বৰ্ণভৰ স্থান দিবলৈ সাজু হ'ল।চিনি পাই তাক তাই।এদিন কিবা কামত অফিচলৈ আহোঁতে বছে তাক চিনাকি কৰাই দিছিল।দুদিনৰ পিছতে তাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট অহাৰ বাবে তাই একচেপ্ত কৰিছিল যদিও ব্যস্ততাৰ বাবে মেছেজ চোৱা হোৱা নাছিল।এতিয়াহে তাই সেই মেছেজ চেক কৰি চাই দেখিছিল----

*হাই ✋ প্ৰিয়া।তোমাক কথা এটা ক'ম খং নকৰিবা ,বছকো নক'বা।কাৰণ বছ মোৰ  সম্পৰ্কীয় দাদাই হয়।তোমাক সেইদিনা দেখাৰ পৰাই মোৰ তোমাক ভাল লাগিছিল।এনে নহয় যে মই আগতে কাকো ভাল পোৱা নাই।পাইছিলোঁ কিন্তু তেওঁ মোক এৰি বিয়া হৈ গুচি গ'ল।তোমাৰ যদি কোনো আপত্তি নাই ,মই তোমাক বিয়া কৰাব বিচাৰোঁ।

        প্ৰায় দুবছৰৰ আগৰ মেছেজটো পঢ়ি প্ৰিয়াৰ হাঁহি উঠিছিল।বন্ধুৰ গ্ৰুপটোতো তাই সকলোৰে লগত কথাখিনি শ্বেয়াৰ কৰিছিল।সকলোৱে চাই চিতি লৈ তাইক বিয়া হৈ যাবলৈ কৈছিল।
ডিলিট কৰি দিয়া পিছতো আকৌ আহিছিল বৰ্ণভৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট।এইবাৰ তাই একো নকৰিলে।
সমীৰক ঘৰত জনাবলৈ কৈ নিজেও ঘৰত জনালে কথাবোৰ।তাই জানে মাকহঁতে আপত্তি নকৰে।বৰঞ্চ অতীতটোক পাহৰি নতুন জীৱন আৰম্ভ কৰিলে ভালহে পাব।সমীৰৰো ঘৰত মান্তি হৈছিল।

            লকডাউন 3.0ত তাইৰ মাক দেউতাক আৰু সমীৰৰ মাক দেউতাক আহি তাইক গুৱাহাটীৰ ফ্লেটতে আঙঠি পিন্ধাই গ'ল।ভনীয়েকে সমীৰ আৰু তাইৰ ফটো শ্বুত কৰিলে।এখন মৰম লগা ফটো।দুয়ো দুয়োৰে চকুলৈ চাই হাতে হাত ধৰি ভনীয়েকৰ তাগিদাত উঠা ফটো।আঙুঠি পিন্ধোৱা পৰ্ব সেইকেইজন মানুহৰ মাজতে সীমাবদ্ধ হৈ ৰৈছিল।মোমায়েক,মাহীয়েকহঁতে ভিডিঅ কলতে অনুষ্ঠান উপভোগ কৰিছিল।ভনীয়েকে তুলা ফটোকপি তাই ফেচবুকত কভাৰ ফটো কৰি থ'লে লগতে লিখিলে উইথ মাই লাভ আৰু বৰ্ণভৰ ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ত কৰিলে।এতিয়া বৰ্ণভৰ নাম,তাৰ উপস্থিতি তাইৰ বাবে মাথোঁ ধূলিকণা সদৃশ।

             এতিয়া লকডাউন 5.0 ।কাইলৈ তাইৰ বিয়া।বিয়াখন ঘৰতে পাতিবলৈ দেউতাকৰ মন আছিল বাবে খুব কম মানুহৰে বিয়াখনৰ আয়োজন কৰিছে।আগতে যি কেইগৰাকীয়ে বিয়াখন হোৱা আৰু বয়স ৰৈ নাথাকে বুলি তাইক ঠাত্তা কৰিছিল এতিয়া সেইসকলে হাঁহি হাঁহি ৰভাতলত তামোল-পাণ কাটি আছে।কোনে ভাবিছিলে কৰোনাই এনেকৈ মানুহৰ ভবিষ্যত গঢ়িব বুলি।গুৱাহাটীৰ ফ্লেটৰ পৰা একেবাৰে ৰভাতলিলৈকে প্ৰিয়াৰ সকলো ঘটনা চকুৰ আগত ভাহি আহিল।ৰভাতলত বাজি উঠিল
        মধুলগনৰ মধুক্ষণ
        মধুলগনৰ মধুক্ষণ ।
        উগুল থুগুল মন আজি
        তোমাতেই মগন।



No comments:

Post a Comment

সপোনৰ পৰা সমাধিলৈ

সপোনৰ পৰা সমাধিলৈ প্ৰায় পষেকযোৰা প্ৰচেষ্টাৰ অন্তত হেড ছাৰৰ ভাষণৰ প্ৰস্তুতি সমাপ্ত হ'ল।বাৰাণ্ডাৰ চাৰিওদিশে পায়চাৰি কৰি কৰি এইবাৰ তেওঁ আৰম...