Sunday, May 24, 2020

আবেলিৰ এই ৰ'দালি


              সাথিয়া তুনে ক্যা কিয়া
             বেলিয়া য়ে তুনে ক্যা কিয়া
             মেনে কিয়া তেৰা ইন্টেজাৰ
              ইতনা কৰনা মুজে প্যাৰ।
             
 
         গানটো শুনি শুনি খিড়িকী খন খুলি দিলে চন্দনাই ।ভাল লাগে তাইৰ দীঘলীয়া যাত্ৰাটোত যদি গাড়ীখনত এনে সুমধুৰ গীত বাজি যায়,সময়খিনি কেতিয়া পাৰ হয় তাই গমকে নাপায়।এই ভাল লগা তাইৰ বৰ্তমানৰ নহয় সৰুৰে।সৰুতে দেউতাকহঁতৰ লগত ক'ৰবালৈ গ'লেও তাই দেউতাকক খাতনি ধৰে টেপতো বজাই দিবলৈ আৰু এতিয়া বিশ্ববিদ্যালয়ৰ পৰা ঘৰলৈ অহা-যোৱা কৰা গাড়ীতো প্ৰায়ে তাই গান শুনি ভাল পায়।গাড়ীত নবজালেও কেতিয়াবা তাই মবাইলতে হেডফোন লগাই শুনে।এনেদৰেই অকলশৰীয়া আৰু দীঘলীয়া যাত্ৰাটো তাই গান,চিপচৰ মাজেৰেই পাৰ কৰে।ঘৰৰ পৰা মাজে মাজে ফোন আহে ছোৱালী থিকে থাকে আহিছেনে নাই, কিবা অসুবিধাটো হোৱা নাই ইত্যাদি প্ৰশ্নৰে।এনেদৰেই তাই কোনো অসুবিধা নোহোৱাকৈ যাত্ৰা চলাই আছে।আজি তাতে তাইৰ কাষৰ চিটত কোনো নাই বহা ,গতিকে মুক্তমনে তাই খিড়িকীৰে প্ৰাকৃতিক দৃশ্য উপভোগ কৰি গৈ আছে।এইদৰে গৈ থাকোতে কেতিয়ানো তাইৰ টোপনি আহিল গমেই নাপালে।হঠাৎ কাৰোবাৰ মাতত তাই চক খাই উঠিল।
*Excuse me,অলপ বেগটো হাতত ল'ব নেকি? ল'ৰাজনৰ মাততহে চন্দনা সাৰ পালে আৰু লৰালৰিকৈ বেগটো কোচত সোমোৱাই ল'লে।কোনো নথকাৰ বাবে তায়ে দুইটা চিটৰ একছত্ৰী সম্ৰাট হৈ আছিল।পুনৰ গান শুনি শুনি চন্দনা বিভোৰ হ'ল।অলপ দূৰ যোৱাৰ পিছত কাষৰ ল'ৰাজনে মাত লগালে
*তুমি ক'লৈ যাবা?
*যোৰহাট
*কোনোবা আছে?
*মোৰ ঘৰ তাতেই।
*ক'ৰবাত ফুৰিবলৈ আহিছিলা?
*নাই, মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছো
*ডিপাৰ্টমেন্ট?
*অসমীয়া
*তেন্তে গল্প,কবিতা লিখা ছাগে?
*লিখো মাজে মাজে,মন গ'লে।।     উত্তৰ নিদো বুলি ভাবিও চন্দনাই এটাৰ পিছত আনটোৰ উত্তৰ দি গৈছে।মাকে সদায় কয় গাড়ীত আহোঁতে যাৰে তাৰে লগত কথা নাপাতিবি,সাবধানে আহিবি।সাবধানীৰ মৰণ নাই।
*ময়ো লিখো কবিতা, নাটক লিখো,নাটক কৰোঁ।পঢ়িব?
*এতিয়া মন নাই।কওঁ বুলিয়েই ক'লে চন্দনাই, মনে মনে বেয়াও লাগিল।তথাপিও ক্ষন্তেকৰ চিনাকিতে ইমান বেছি কথা পাতিব নোৱাৰি পাই।চন্দনাই কথাষাৰ কৈয়েই চকু দুটা জপাই দিলে।গাড়ীখন আমনিত চাহ খাবৰ বাবে ৰখালে,নামি গ'ল তাই ফ্ৰেছ হৈ চাহ একাপ খাই ল'লে।পুনৰ গাড়ী ষ্টাৰ্ট হ'ল।মাকৰ ফোন আহিল, কিন্তু ৰিচিভ কৰিবলৈ লওতেই ফোনটো অফ হৈ থাকিল, তেতিয়াহে মনত পৰিল চন্দনাৰ আহিবৰ সময়ত ফোনৰ চাৰ্জ নাছিল।এতিয়াটো মাকৰ আৰু চিন্তা হ'ব ,কি বা হ'ল ছোৱালীজনীৰ,ফোনটো কিয় লগা নাই ইত্যাদি হাজাৰটা প্ৰশ্নই মাকৰ প্ৰেচাৰ বঢ়াই দিব।উপায়ন্তৰ হৈ তাই কাষতে বহি অহা জনৰপৰা ফোনটো খুজি মাকলৈ ফোন কৰি আদ্যোপান্ত বিৱৰণ দিলে আৰু মাকেও ঘৰ নোপোৱালৈকে ল'ৰাজনৰ ফোনতেই যোগাযোগ কৰি থাকিল।
*আপোনাৰ নামটো?
*চন্দনা বৰদলৈ আৰু আপোনাৰ?
*সীমান্ত ।
সেইয়াই আৰম্ভণি দুয়োৰে সম্পৰ্কৰ,ফোন নাম্বাৰ বিচাৰিছিল সীমান্তই।নিদো বুলি ভাবিও দি দিছিল তাই।ঘৰ গৈ পোৱাৰ পিছত ফোন আহিছিল মাজে মাজে সীমান্তৰ।ভাল, বেয়া সৰু সুৰা কথা পাতিছিল।হোষ্টেললৈ অহাৰ পিছতো সীমান্তৰ ফোন মাজে মাজে আহিছিল।লাহে লাহে সীমান্তৰ ফোন অহাটো নিয়মলৈ পৰিণত হৈছিল।এৰো বুলিও এৰিব নোৱাৰা সম্পৰ্ক এটা।লাহে লাহে হোষ্টেল মেটকেইজনীৰ মাজতো কথাটো সৰব হৈ পৰিছিল।গোটেইকেইজনীয়ে আজিকালি তাইক চন্দনাৰ সলনি সীমা বুলি মাতে।ক্লাছটো থিক একেই।এনেদৰেই সময় গৈ থাকিল, আজিকালি এবাৰৰ সলনি দিনটোত কেইবাবাৰো ফোন আহে, ৰিচিভ নকৰো বুলি ভাবিলেও ফোনটো আহিলে চন্দনাই ৰিচিভ নকৰাকে থাকিব নোৱাৰে।চলি থাকিল দুয়োৰে ফোনত বাংময় আলাপ।কোনো সম্পৰ্কৰ নাম নথকা এটা সম্পৰ্ক।প্ৰেম,বন্ধুত্ব নে আন কিবা বুজি নাপায় চন্দনাই।সেই যে গাড়ীত এদিন লগ পাইছিল তাৰ পিছত আৰু কোনোদিন লগ পোৱা নাছিল।কিন্তু দুয়োৰে দুয়োৰ নজনা কথা একো নাছিল।হঠাতে এদিন ফোনত সীমান্তই প্ৰেমৰ প্ৰস্তাৱ দিছিল চন্দনাক ।ফোনটো কাটি দিছিল তাই।অজান এক শিহৰণে শিহৰিত কৰি পেলাইছিল তাইৰ সৰ্বশৰীৰ।কি নাম এই শিহৰণৰ,এইয়াই নেকি প্ৰেম,ভালপোৱা।নাজানে তাই ,নুবুজে তাই,বাৰে বাৰে ঘৰৰ কথা মনলৈ আহে।কি হ'ব ঘৰত জানিলে?বাছত এদিন লগ পোৱা ল'ৰাজনৰ সৈতে তাইৰ প্ৰেম,মানি ল'বনে ঘৰত?লগৰ কেইজনীয়ে জুকোৱা আৰম্ভ কৰি দিছিল।দুদিন মান পিছত তাইৰ নামত হোষ্টেললৈ এখন চিঠি আহিছিল সীমান্তৰ পৰা।চিঠিখন পঢ়িবলৈ ভয় কৰি পঢ়া টেবুলতে থৈ দিছিল তাই চিঠিখন।চিঠিখন পাই লগৰকেইজনীৰহে তত নাইকিয়া হৈছিল।ভাস্বতীৰ মতে নীলা খামৰ চিঠি।পঢ়ি গৈছিল তাই এফালৰ পৰা
মৰমৰ
         চন্দনা
                  ভালে আছা নিশ্চয়।সেইদিনা কথাষাৰ কোৱাৰ পিছত তুমি ফোনটো কাটি দিলা।একো নক'লা।ভাবিচা চাগে দুদিনীয়া চিনাকিৰ মই তোমাৰ লগত ধেমালি কৰিছোঁ।কিন্তু এইয়া কোনো প্ৰতাৰণা বা ধেমালি নহয়।তোমাৰ লগত কথা পাতি পাতি তুমি মোৰ এতিয়া দৈনন্দিন অভ্যাস হৈ পৰিলা।এদিন তোমাৰ মাত নুশুনিলে এতিয়া মোৰ হৃদয়ে হাহাকাৰ কৰি উঠে।নাজানো তোমাৰ কেনে হয় কিন্তু আজিকালি তোমাক কাষত পোৱাৰ হেপাঁহটোৱে মোক বৰকৈ আমনি কৰে।ফোনত ক'ব পাৰোনে নাই মই নাজানো তুমি বা ফোনত আকৌ কথা পাতানে নাই মই নাজানো সেয়ে চিঠিখনতেই মই তোমাক মোৰ মনৰ কথাবোৰ ক'লো।মই তোমাক ভালপাওঁ চন্দনা, এইয়া কোনো কবিৰ কাব্যিকতা বা নাটক কৰা অভিনেতাৰ অভিনয় নহয়।এজন প্ৰেমিকৰ নিজৰ প্ৰেমিকালৈ থকা নিভাঁজ ভালপোৱা মাত্ৰ।প্ৰয়োজন হ'লে মই তোমাৰ ঘৰত কথা পাতিম।মাথোঁ তোমাৰ উত্তৰটো মোক জনাবা।যদি মোক তুমি ভাল নোপোৱা আৰু কোনোদিন তোমাৰ লগত যোগাযোগ নকৰোঁ।
                                                        
                                                                     প্ৰান্তত
                                                                     সীমান্ত।
     একে উশাহতে পঢ়িছিল ভাস্বতীয়ে চিঠিখন।ভাস্বতীৰ মতে, সি বৰ ভাল ল'ৰা।চাকৰিও আছে।ভৱিষ্যত চিন্তা কৰিব লগা একো নাই।গতিকে ,তই হা কৰি দে।লগৰ দিপশ্ৰী, মৃণালী, ছেম,অংকু,নিবেহঁতেও হয়ভৰ দিলে।কি কৰিব কি নকৰিব একো থিৰাং কৰিব নোৱাৰিলে তাই।দুদিন তেনেদৰেই পাৰ হ'ল।ক'তো অকণো মন নবহা হ'ল।তাইৰ এনে অৱস্থা দেখি দিকুৱে এদিন নিজে চন্দনাৰ ফোনটোৰপৰা ফোন লগালে আৰু চন্দনাই কিবা কয় কথা পাতক বুলি চন্দনাক ফোনটো দি দিলে।কি কম কি নকম বুলি ফোনটো তাই ল'লে যদিও একো ভাষা নোলোৱা হ'ল।উপায়ন্তৰ হৈ সীমান্তই আৰম্ভণি কৰিলে, লাহে লাহে কথাবোৰ সহজ হ'ল।কৈ পেলালে সাচি ৰখা মনৰ সকলো কথা,তাইৰ অন্তৰতো যে এতিয়া সীমান্তয়ে ঠাই লৈ পেলাইছে সেই কথা।সেইয়াই আৰম্ভণি আৰু সেই প্ৰেম আজিও চলি আছে ।দুয়োখন ঘৰৰ অমতৰ বাবে প্ৰায় পাচ বছৰ সিহঁতে দূৰে দূৰে থাকিব লগা হৈছিল।চন্দনাৰ ঘৰত গম পোৱাৰ লগে লগে সম্পূৰ্ণ বিৰোধিতা কৰিছিল মাক-দেউতাকে, থিক সেইদৰে সীমান্তৰ ঘৰতো।এঘৰে যেতিয়া মানি নলয় আনঘৰে কিয় মানি ল'ব।প্ৰায় ছমাহ মান ফোনৰ পৰা দূৰত ৰাখিছিল চন্দনাক ঘৰত।কাৰো লগত কথা পাতিবলৈ দিয়া হোৱা নাছিল।সীমান্তই যোগাযোগ কৰাৰ কোনো পথেই বিচাৰি পোৱা নাছিল।সেইখিনি সময়তে কিমান ল'ৰা আহিছিল চন্দনাক চাবলৈ, কিন্তু নানা উজুহাত দেখুৱাই তাই সকলো ল'ৰাকে নাকচ কৰিছিল।কিমান মাৰ খাইছিল মাকৰ তাই।তথাপিও কোনোপধ্যে হাৰ মনা নাছিল তাই।দৰকাৰ হ'লে বিয়া নোহোৱাকৈ থাকিব তথাপিও বেলেগলৈ বিয়া নহয়।সীমান্তইও যোগাযোগৰ সকলো প্ৰচেষ্টা কৰিছিল,ঘৰৰ পৰা বহু দিন দূৰতো আছিল।শেষত দেউতাকৰ অসুখেহে তাক ঘৰৰ ওচৰ চপাই আনিছিল।দেউতাকৰ বোৱাৰী চোৱাৰ হেপাঁহটো পূৰাবলৈকে এইবাৰ সীমান্তৰ মাকে চন্দনাক আঁকোৱালি লৈছিল আৰু চন্দনাৰ ঘৰতো এই পাচ বছৰে জীয়েকৰ আকোৰগুজ স্বভাৱে দেউতাকহঁতক বিমোৰত পেলাইছিল।উপায়ন্তৰ হৈ অৱশেষত দুয়ো ঘৰৰ সন্মতিত চন্দনা আৰু সীমান্তৰ বিয়াখন হৈ গৈছিল।আজীৱন দুয়ো দুয়োৰে হৈ ৰোৱাৰ প্ৰতিশ্ৰুতিৰে নিয়ৰৰ ফুল গচকি চন্দনা সোমাই পৰিছিল সীমান্তৰ জীৱনৰ ৰ'দালি হৈ।
           
             
             

No comments:

Post a Comment

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...