Friday, May 22, 2020

ফটো

                                

          লকডাউনৰ সময়ত নকৰিবলগীয়া কাম কিজানি নাই ভাস্বতীৰ।সৰুতে আধৰুৱা হৈ ৰুৱা হেপাঁহবোৰ পুনৰ জী উঠিছে।সৰুতে গাঁৱৰ লাইব্ৰেৰীত অনুষ্ঠিত হোৱা মইনা পাৰিজাত ,বিহু ফাংচনত গান গাই,বিহু নচা ভাস্বতীৰ ডাঙৰ হৈ অহাৰ লগে লগে দেউতাকৰ আদেশ মানি সিমানতে অন্ত পেলোৱা হ'ল।পোখা মেলিলে মাথোঁ লিখি থকাৰ অভ্যাসটো।তাকো এতিয়া কৰ্মব্যস্ততাৰ বাবে ধুৱা চাঙত উঠিল।লকডাউনৰ সময়খিনি নাযায় নোপোৱাই হৈছে।কি কৰোঁ কি নকৰোকৈ ভাস্বতীয়ে পুৰণি এলবামটোকে ড্ৰয়াৰৰ পৰা উলিয়াই ল'লে।এফালৰ পৰা লুতিয়াই গ'ল পুৰণি হেপাঁহৰ দিনবোৰ।এতিয়াটো এলবামৰ প্ৰয়োজনেই নহয়।ল'ৰা-ছোৱালীয়েও বুজি নাপায় এলবাম কি বস্ত।সিহঁতে মাথো মবাইলৰ ফটো গেলেৰী নহ'লে DSLR ৰৰ গেলেৰীৰ কথাহে বুজে।পুৰণি ৰীল কেমেৰা দেখিছে সিহঁতে ভাস্বতীৰ ড্ৰয়াৰত পুৰণি স্মৃতি ৰূপে।হাঁহে সিহঁতে মায়ে নো কেনেকুৱা বস্তু সোমোৱাই থয় বুলি।
                মনত পৰিল ভাস্বতীৰ চাদৰ মেখেলা পিন্ধি প্ৰথম প্ৰথম যেতিয়া সিহঁত অষ্টম শ্ৰেণীত থাকোতে সৰস্বতী পূজালৈ গৈছিল ক্লাছৰ গোটেইখিনি মিলি ষ্টুডিঅ'ত গৈ ফটো উঠিছিল।ভয়,লাজ ,শংকাৰ মাজেৰে সিহঁতৰ গোটেই গ্ৰুপটো সোমাই গৈছিল ষ্টুডিঅ'লৈ।দুজনীমান তলত বহিছিল, দুজনীমান বেঞ্চ এখনত আৰু দুজনীমান থিয় হৈছিল।এইদৰেই সিহঁতৰ প্ৰথমখন চাদৰ-মেখেলা পিন্ধা ফটোৰ চিন ৰখা হৈছিল আৰু ইয়াৰ পিছত প্ৰতি বছৰৰ সৰস্বতী পূজাত  ষ্টুডিঅ'ত গৈ ফটো উঠাতো সিহঁতৰ অভ্যাসত পৰিণত হৈছিল।ইয়াৰ পিছত আহিল দশম শ্ৰেণীৰ বিদায় সভা পৰ্ব।ভাস্বতীয়ে দেউতাকক কৈ কৈ কেমেৰাটোত ৰীল ভৰাই লৈছিল, সম্পূৰ্ণ ৩৫কপি ফটো সিহঁতে মাৰিব পাৰিব।ছাৰ -বাইদেউসকলৰ লগত ,গোটেই ক্লাছটোৰ লগত আৰু বেছিভাগ সিহঁত চাৰিজনী উঠিছিল।চাৰিজনী মানে ভাস্বতী,মমী,হাচিনা আৰু বিউটী।ৰুনজুন তেতিয়া সিহঁতৰ লগত নাছিল।অষ্টম শ্ৰেনীলৈকে একেলগে পঢ়া ৰুনজুনে নৱম শ্ৰেণীত বেলেগ স্কুললৈ গুচি গৈছিল।গতিকে ৰৈ গৈছিল সিহঁতৰ গ্ৰুপটোত সিহঁত চাৰিজনী।স্কুল, টিউচন, কাৰোবাৰ ঘৰলৈ যোৱা সকলোতে এই চাৰিজনীয়েই ফুৰিছিল।ফটো কেইখন চাই চাই ভাস্বতীৰ কথাবোৰ  সৌ সিদিনাৰ যেনহে লাগিল।
                পাট লুতিয়াই আন একপি ফটোত ভাস্বতীৰ চকু পৰিল।ফটোকপিত চাৰিজনীৰ এজনী নাই।এদিন গোটেই কেইজনী তামাং ছাৰৰ টিউচনৰ পৰা উলটি আহোঁতে বিউটীৰ কাম থকা বাবে টাউনলৈ ওলাল।বিউটীৰ ঘৰ ভাস্বতীৰ ঘৰৰ ওচৰতে বাবে একেলগে সিহঁতৰ অহা যোৱা আৰু টাউনতে হাচিনাৰ ঘৰ বাবে গোটেই কেইজনী টাউনলৈ গ'ল,বাকী ৰ'ল মাথোঁ মমী।যিহেতু তাইৰ ঘৰ বিপৰীত দিশত আৰু মেট্ৰিক পৰীক্ষাও সমাগত সেয়ে একান্ত বাধ্য ছোৱালীৰ দৰে সময় অপব্যয়  নকৰি মমী গুচি আহিছিল ঘৰলৈ বুলি।বিউটীৰ কিনিবলগীয়া ষ্টেচনাৰী দোকান খনৰ  ওচৰতে এখন ষ্টুডিঅ' আছিল।বস্তু কিনি হোৱাৰ পিছত হাচিনাৰ এতিয়া ষ্টুডিঅ' এৰি গুচি আহিবলৈও মন যোৱা নাছিল, ইফালে তাই সেইদিনা পিন্ধি আহিছিল সেইবাৰ ঈদত লোৱা ধুনীয়া চেলৱাৰযোৰ,বিউটীয়েও পিন্ধি গৈছিল পূজাত লোৱা নীলা চুমকি থকা চেলৱাৰযোৰ।গতিকে ষ্টুডিঅ' দেখি দুয়োজনী ৰ'ব নোৱাৰা হ'ল।ভাস্বতীৰ উত্তৰলৈ বাট নাচায়  ষ্টুডিঅ'ত সোমাই লাগি গ'ল দুয়োজনী চুলি আচুৰা,ড্ৰেচ থিক কৰা আদিত ।এইবাৰ আহিল ফটো উঠা কাৰ্য্যলৈ।আজিকালিৰ দৰে তেতিয়া একপি উঠি আকৌ বেয়া হ'লে পুনৰ উঠাৰ নিয়ম নাছিল তেতিয়া।একপি ফটোত ৩০ টকাকে দিব লগা হৈছিল।গতিকে বিভিন্ন এংগলৰ পৰা এটা শ্বটত ফটো পাৰফেক্ট হোৱাকৈ গোটেইকেইজনী এইবাৰ সাজু হ'ল ফটো উঠাত।চুলিখিনি দুভাগ কৰি এভাগ পিছফালে ৰাখি এভাগ আগফালে কৰি গোটেইকেইজনীৰ মুঠতে ফটো উঠাৰ ষ্টাইল একেই।ফটো উঠাৰ পিছত এতিয়াহে মনত পৰিল সিহঁতৰ মাজত যে মমী নাই আৰু দুদিনমানলৈ মমী ফটোত নথকাৰ দুখত মমীৰ চিৰা হেন মুখখন ফুলা লুচিলৈ ৰূপান্তৰিত হৈছিল।বহু দিনলৈ সেই ফটোখন মমীয়ে দেখিলে খঙত ,অভিমানত জ্বলি পকি আহিছিল।আজিও ভাস্বতীৰ মন গ'ল মমীৰ জ্বলা জুইত ঘিউ ঢালিবলৈ ।সিহঁত কেইজনীৰ whatsapp গ্ৰুপটোত পুনৰ ভাস্বতীয়ে ফটোকপি পঠিয়াই দিলে।বিউটী ,হাচিনাই হাঁহিছে আৰু মমীয়ে অনলাইনৰ পৰা অফলাইন হৈছে।

5 comments:

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...