Wednesday, May 20, 2020

এই সময় সেই সময়

এই সময় সেই সময়

সেই যে বাটকুৰি বাই গৈছিলোঁ সৰুতে পাঠশালালৈ
হাতত টিঙৰ বাকচ,মাটিৰ ফলি আৰু পেঞ্চিললৈ
বস্তা এটিৰ ওপৰত বহি লিখিছিলোঁ জীৱনৰ আদিপাঠ অ,আ,ক,খ।
ডাঙৰ আঁহত গছজোপাৰ তলত ৰৈ হেড ছাৰৰ লগত
গাইছিলো এক,দুই, তিনি, চাৰি,নেওঁতাৰ শাৰী শাৰী।
আহিছিলোঁ দুপৰীয়া মায়ে ৰান্ধি থোৱা ভাত মুঠি খাই যাবলৈ।
কঢ়িয়াইছিলো কেতিয়াবা ছাৰ-বাইদেউলৈ বুলি মালপোৱা গৰম চাহৰ কেটলী।
ছুটীত লোকৰ বাৰীয়ে বাৰীয়ে আম,অমৰাৰ জুতি লৈ
খাইছিলোঁ গালি গৃহস্থৰ লগতে মা-দেউতাৰ।
ইউনিফৰ্ম বুলিলে বুজিছিলো বগা চাৰ্ট,নীলা স্কাৰ্টটোৰ কথা
নাছিল আমাৰ কোনো জোতা-মোজা।
হ'মৱৰ্ক,টিউচন, আৰ্ট ক্লাছ, মিউজিক ক্লাছৰ বোজা।
এতিয়া, কণমানিহঁতৰ পিঠিত চোন কিতাপৰ বোজাই বোজা।
প্লে স্কুললৈ গৈয়ে চোন সিহঁতে ভাৰ বান্ধে
English,Maths,Gk,Art ৰ কিতাপৰ বোজা।
মাতৃভাষাৰ অবিহনেই আৰম্ভ হয় সিহঁতৰ জীৱনৰ আদিপাঠ।
চাৰ্ট,পেন্টৰ লগতে টাই,আই কাৰ্ডৰে সাজে ইউনিফৰ্মৰ সজ্জা।
জুন, জুলাইৰ প্ৰচণ্ড গৰমতো সিহঁতে পিন্ধে জোতা-মোজা।
স্কুলৰ পৰা ঘৰলৈ আহোঁতে আনে বিষয়ে প্ৰতি হ'মৱৰ্কৰ বোজা।
আমাৰ দৰে টিফিনত ঘৰলৈ আহিবলৈ নাই সিহঁতৰ আহৰি
টিফিনট মেগী, কেক,পিজ্জা,বাৰ্গাৰৰ যে আমনি।
আমাৰ দৰে খোজকাঢ়ি কাঢ়ি নাযায় সিহঁত স্কুললৈ
স্কুল বাছ,বাইক,প্ৰাইভেট কাৰৰ যে এতিয়া দপদপনি।

No comments:

Post a Comment

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...