Saturday, May 9, 2020

অপেক্ষাৰত

               অপেক্ষাৰত

                        বহু বছৰ পিছত আৰাধ্যা আহিছে নিজৰ ঠাইখনলৈ।এটা বহুজাতিক কোম্পানীত চাকৰি কৰা আৰাধ্যাৰ কেইবা বছৰ হ'ল তাইৰ মৰমৰ ঠাইখনলৈ নহা।আজি তাই অহাৰ আৰতো আছে মমী,ৰুনজুন,প্ৰেৰণা,দিগন্ত,নয়নৰ হাত।ৰাজীৱ গান্ধী ইন্টাৰনেচনেল এয়াৰপৰ্টৰ লঞ্জত বহি আছে তাই এতিয়া ,ফ্লাইট এৰাৰ সময়লৈ আৰু এঘন্টা বাকী।শুৱা  নহ'ল তাইৰ যোৱা ৰাতি।লগৰখিনিক লগ পোৱাৰ হেপাঁহত উৰে ৰাতি তাই উজাগৰে কটালে।শুলেই যেন সময় উৰি যাব।পুৱা ছয় বজাত ফ্লাইট,গতিকে তিনি বজাত কেব মাতি তাই উলাই আহিল এয়াৰপৰ্টলৈ।যাম বুলি ভাবিলে যেতিয়া এতিয়া আৰু পলম কৰিব নোৱাৰি।সেইয়াই যাত্ৰা আৰু এতিয়া তাই অপেক্ষাৰত উৰিবলৈ,হেপাঁহৰ ঠাইখন পাবলৈ।
                   সময়মতেই ফ্লাইটখন লেণ্ড কৰিলে,নিজৰ মাটিত ভৰি দি আৰাধ্যা ভাবুক হৈ পৰিল।মনত পৰি গ'ল সৰুতে পঢ়া কবিতা এফাকিলৈ -
       আনৰ দেশৰ পৰা  উলটি আহোঁতে
                 ফুৰি চাকি ঘৰমুৱা হৈ
      জ্বলা নাই হিয়া যাৰ স্বদেশ প্ৰেমেৰে
                 আছে নে কোনোবা এনে অ'ই?
পুনৰ দিগন্তই পঠোৱা গাড়ীখনত তাই বহি পৰিল।শৈশৱৰপৰা একলগে খেলি-ধূলি ডাঙৰ হোৱা দিগন্তৰ আজি বিয়া।তাই এই ঠাই এৰি যোৱাৰ আগতেই মমী,প্ৰেৰণা,ৰুনজুনৰ বিয়া হৈ গৈছিল।সিহঁতো আহি পাইছে।এইকেইদিন সিহঁতৰ ফোনৰ উপৰি ফোন।মুঠতে তাই আহিবই লাগিব।খিড়িকীখন খুলি দিলে আৰাধ্যাই,সোমাই আহিল তাইৰ আপোন ঠাইখনৰ চিনাকি চিনাকি লগা গোন্ধটো।আউল বাউল হৈ পৰা চুলিকেইডালত ক্লাচ ডাল মাৰিবলৈ লৈয়ো তাই ৰৈ গ'ল।মনত পৰিল এষাৰি কথালৈ -'উৰিব দিয়া তোমাৰ চুলিকেইডালক,কিমান আৰু বান্ধি ৰাখিবা,সিহঁতৰোটো থাকে উৰাৰ মন।'নাবান্ধিলে আৰাধ্যাই এৰি দিলে উৰিবলৈ।কিয় জানো হঠাৎ তাইৰ ৰাজদ্বীপৰ কথা মনত পৰি গ'ল।যান্ত্ৰিক জীৱনৰ ব্যস্ততাই তাইক পাহৰাই দিছিল সকলো।আহিব নেকি সিও দিগন্তৰ বিয়ালৈ।
             বাইদেউ পালোহি, বুলি ল'ৰাজনে কোৱাতহে আৰাধ্যাই গম পালে।নামিয়েই দেখিলে দৰা সাজত গোটেইটো পীতাম্বৰ হৈ তামোল-পাণৰ বঁটাৰে সৌটো দিগন্ত।হাঁহি হাঁহি আগুৱাই আহিল সি,লগত মমী ,প্ৰেৰণা আৰু ৰুনজুন।গোটেই কেইটাই আহি সাৱটি ধৰিলেহি তাইক।মিনিটতে হাঁহি, কান্দোন,মৰম ,আবেগবোৰৰ যেন মিশ্ৰণ হৈ পৰিল।উসঃ,কিমান বন্ধুত্ব থাকিলে ইমান আকুলতা থাকিব পাৰে।সোমাই গ'ল তাই।সকলোৱে আহি তাইৰ খবৰ ল'লে।লগতে মাক-দেউতাকৰো,যিহেতু তেওঁলোকো এতিয়া ককায়েকৰ লগত দিল্লীত থাকে।
                 গা-পা ধুই ফ্ৰেছ হৈ তাই লৈ অনা পাটৰ কাপোৰ যোৰ পিন্ধিবলৈ ল'লে।হঠাৎ বাহিৰত তাই কোনোবাই কোৱা শুনিলে, অ' ৰাজদ্বীপ আহা,আহা।আৰাধ্যাৰ বুকুৰ ধপধপনিটো যেন ক্ৰমাৎ বাহিবলৈ ধৰিলে।লগতে থকা মমীক তাই সুধিলে, ৰাজো আহিব নেকি? তাই উত্তৰ দিলে-'অ' কিয় তই গম নাপাৱ।'
                  এৰা,কিমান দিন যে হ'ল তাৰ খবৰ নোলোৱা- আৰাধ্যাই মনতে ভাবিলে।এসময়ত ৰাজদ্বীপেই আছিল তাইৰ দুখৰ সমভাগী,যাক তাই মন খুলি সকলো কথাই কৈছিল।মমী,প্ৰেৰণা, ৰুনজুনৰ বিয়া হোৱাৰ পিছত সিহঁত নিজৰ সংসাৰত ব্যস্ত আছিল,দিগন্ত,নয়নো গুচি গৈছিল ৰিচাৰ্চৰ কামত।বন্ধু বুলি ৰৈ গৈছিল তাই আৰু ৰাজ।অবিনাশৰ মৃত্যুৰ পিছত তাই পাগল হৈ গৈছিল সম্পূৰ্ণৰূপে।সেই সময়ত তাইৰ ওচৰত আছিল ৰাজ।কোনো সময়তে অকলশৰীয়া অনুভৱ কৰিব নিদিয়া ৰাজ তাইৰ বাবে যেন হৈ পৰিছিল তাইৰ দুখৰ ঔষধ।উজাগৰী নিশা সি তাইক শুনাইছিল তাইৰ প্ৰিয় গীত' মায়াময় ৰূপালী জোনাক'।অৰ্গেনত বজাইছিল সি 'উজাগৰী এই ৰাতি তোমাৰ কথা ভাবি'।এবছৰ ধৰি ঘৰতে সোমাই থকা আৰাধ্যাক সিয়েই এপ্লাই কৰি দিছিল এই চাকৰিটোৰ বাবে।চাকৰিটো পাইছিল তাই,গুচি গৈছিল তাই অসম এৰি,অনুৰাগৰ স্মৃতি এৰি।ৰাজ আহিছিল তাইক বিদায় দিবলৈ এয়াৰপৰ্টলৈ।হৃদয় খুলি কৈছিল তাৰ মনৰ কথা, প্ৰেমত পৰিছে সি তাইৰ,।কথাকেইটাই তাইক হুলে বিন্ধাদি বিন্ধিছিল।নোৱাৰে তাই বন্ধুত্বৰ শিকলি ছিঙি ইমান সোনকালে প্ৰেমৰ সম্পৰ্ক গঢ়িব।গুচি গৈছিল তাই এক মিনিটো পলম নকৰি, সোমাই গৈছিল তাই চেকিং কৰাই লঞ্জলৈ।তাৰ পিছত কোনোদিনে খবৰ লোৱা নাই ইটোৱে সিটোৰ।আৰাধ্যাই নিবিচাৰে অনুভৱৰ মৃত্যুৰ বাবে তাইক কোনোবাই পুতৌৰ দৃষ্টিৰে চাওক।তাইৰ দুখ দেখি কোনোবাই তাইক আকোঁৱালি লওক।নতুন ঠাইখনত নিজকে তাই কঠোৰ কৰি তুলিছিল।কেতিয়াবা ৰাজৰ কথা মনত পৰিলেও আকৌ সেই অহং ভাবটোৱে তাইক বেৰি ধৰে।সিও কোনোদিনে  খবৰ লোৱা নাই তাইৰ।
                কথাবোৰ ভাবি ভাবি ওলাই থাকোতেই ৰুনজুন সোমাই আহিল -'ব'ল অই,তোৰ ওলায়েই হোৱা নাই।পানী তুলি আহিলোগৈ,দৰা নোৱাবৰে হ'ল।'কথাষাৰ কৈ প্ৰায় টানি নিয়াৰ দৰেই তাই আৰাধ্যাক লৈ গ'ল--'সৌটো দিগু চালপীৰাত বহিলেই,আহ,আহ সোনকালে।'
                মাহ-হালধিৰে সকলোৱে তাক নুৱাইছে।আৰাধ্যাইও তাক সানি দিলে ,শুভেচ্ছা দিলে যুগ্ম জীৱন সুখৰ হোৱাৰ।ৰভাতললৈ তাক দাঙি নিছে ,দাঙি নিয়াজন আন কোনো নহয় ৰাজ।হঠাৎ চকুৱে চকুৱে পৰিল দুয়ো দুয়োৰে।কি কৰিব কি নকৰিব ভাবি তাই তলমূৰ কৰিলে আৰু একাষে বহি ৰ'ল।প্ৰেৰণা আহি ওচৰতে বহিল- ঠেহ-পেচবোৰ বাদ দে আৰু, নিজৰ জীৱনটোৰ কথা ভাব',তাই ক'লে। আৰাধ্যাই বুজিছে তাই কি ক'ব বিচাৰিছে।একো নক'লে,মাথো হাঁহি এটা মাৰিলে।অতিথিয়ে ৰভাতল ভৰি পৰিছে, লাহে লাহে সকলো ব্যস্ত হৈ পৰিছে।
                ৰাতি দৰা যোৱাৰ সময় হ'ল।সকলো সাজু হৈছে।দিগন্তই সকলোকে কোন ক'ত যাব থিক কৰি দিছে।প্ৰেৰণা আৰু ৰুন নাযায় সৰু সৰু সিহঁতৰ কণমানি কেইটাৰ বাবে।বৰযাত্ৰী যাবৰ বাবে এখন ছুপাৰ থিক কৰিছে।সকলোৱে ছুপাৰত হাঁহি-ধেমালি কৰি যাব।মমীয়ে আহি ক'লেহি--'কিমান দিনৰ মূৰত যে এনেকৈ দৰাৰ লগত যাম।কিমান ভাল লাগিব ন ? আৰাধ্যাৰ মনত পৰিল,সৰুতে মোমায়েকহঁতৰ বিয়াতহে এনেকৈ গৈছিল সিহঁত।তাৰ পিছত বৰযাত্ৰী হৈ কেৱল ককায়েকৰ বিয়াতহে গৈছিল ,তাকো দৰাৰ কাষত বহি।ভাল লাগি গ'ল তাইৰ মনটো।
                  সকলো যাত্ৰী গাড়ীত নিজৰ নিজৰ সুবিধা মতে বহি ল'লে।আৰাধ্যাইও খিড়িকীৰ কাষৰ ছিট এটা বাছি ল'লে।মমী ছোৱালীজনীৰ লগত বহিছে আন এটি ছিটত।বাছ ষ্টাৰ্ট দিছে,ফোপাই জোপাই উঠিলহি ৰাজদ্বীপ।উঠিয়েই খালী ছিটৰ সন্ধানত নামিল সি।আৰাধ্যাৰ কাষৰ  ছিটতে সি বহিলহি।দুয়োৱে দুয়োৰ চকুলৈ চাই ৰ'ল,কিন্তু কোৰো মুখৰ মাত নোলাল।অলপ দূৰ যোৱাৰ পিছত আৰাধ্যাই মাত লগালে--ভাল নে তোৰ?
*ও ভালেই আৰু তোৰ?
*ভালেই
*বিয়া বাৰু পাতিলি?অজানিতে ওলাই গ'ল আৰাধ্যাৰ মুখৰপৰা কথাষাৰ।
*না------ই বুলি সি বেকাকৈ হাঁহি এটা মাৰিলে।
ইয়াৰ পিছত আৰু কোনেও কাকো একো নুসুধিলে।সকলোৱে নাচ বাগ কৰোতে কাৰো মাত কোনেও নুশুনা অৱস্থা হ'ল।আৰাধ্যাইও নাচিলে,বহু দিনৰ মূৰত নাচিছে তাই প্ৰাণখূলি লগতে ৰাজেও।প্ৰায় দুঘন্টাৰ মূৰত সিহঁত কইনা ঘৰ পালেগৈ। বিবাহৰ সকলো নীতি নিয়ম হোৱাৰ পিছত সিহঁত পুনৰ আগৰ দৰেই উভতি আহিল বাছখনত।আৰাধ্যাৰ ভাগৰ লাগিছিল, কেতিয়ানো তাইৰ টোপনি গুচি গৈছিল তাই গমকে নাপালে।
             'অ'ই আৰাধ্যা উঠ,পালোহি আমি' বুলি মমীয়ে লৰাই দিয়াতহে তাই সাৰ পালে।সাৰ পাই দেখিলে শুই আহিছিল তাই ৰাজৰ কান্ধত মূৰ থৈ।বহি আহিছিল সি একো নোকোৱাকৈ।
*SORRY বুলি তাই লৰালৰিকৈ বাছখনৰ পৰা নামি আহিল।আৰু দুদিন থাকিল আৰাধ্যা তাত।গোটেই কেইজনীৰ ঘৰলৈও এপাক এপাক মাৰিলে।আহিবৰ দিনা দিগন্তই তাইৰ ওচৰলৈ আহি এখন কিতাপ দিছিল -
*'এইখন ল,ৰাজে দিছিল, তই চাকৰি জইন কৰিবলৈ যোৱাৰ দিনা দিবলৈ নিছিল, দিয়া নহ'ল।এতিয়া ৰাখি থ।ভাবিবি কথাবোৰ, সময় আৰু মানুহ ৰৈ নাথাকে।ৰাজ আজিও ৰৈ আছে।'
           লৈছিল আৰাধ্যাই কিতাপখন, মেলি চাইছিল প্ৰথম পৃষ্ঠা, লিখা আছিল "
                                                 মৰমৰ,আৰাধ্যালৈ --ৰাজ অপেক্ষাৰত।"
                     সকলোৰে পৰা  বিদায় লৈ আৰাধ্যা কেবখনত বহিল।ফোনটো উলিয়াই দাইল কৰিলে ৰাজৰ নাম্বাৰটোত------।

No comments:

Post a Comment

সপোনৰ পৰা সমাধিলৈ

সপোনৰ পৰা সমাধিলৈ প্ৰায় পষেকযোৰা প্ৰচেষ্টাৰ অন্তত হেড ছাৰৰ ভাষণৰ প্ৰস্তুতি সমাপ্ত হ'ল।বাৰাণ্ডাৰ চাৰিওদিশে পায়চাৰি কৰি কৰি এইবাৰ তেওঁ আৰম...