Tuesday, June 1, 2021

গজৰাজ


 


চাকিগছি পদূলিমুখত জ্বলাই ওৰণিখন দীঘলকৈ টানি ৰূপালীয়ে কলংখনৰ ফালে চাই সেৱা এটি কৰি ঘৰৰ ফালে খোজ ল'লে।হাতত থকা ধূনাদানিটোৰ সুবাস চৌদিশে বিয়পি পৰিল।তুলসী ভেঁটিৰ সন্মুখত অলপ সময় ৰৈ ধূনাদানিটো ঘূৰাই সেৱা এটি কৰি গোঁসাই ঘৰ পালেহি।কঠখন পাৰি দুয়োহাত জোৰ কৰি সদায় গোৱাৰ দৰেই প্ৰাৰ্থনা ভাগ গালে

'মুক্তিত নিস্পৃহ যিটো      সেহি ভকতক নমো
          ৰসময়ী মাগোহো ভকতি।
  সমস্ত মস্তক মণি          নিজ ভকতৰ বৈশ্য
             ভজো হেন দেৱ যদুপতি।'

       সেৱা এটি কৰি তাই কঠখন গজালটোত ওলোমাই ওৰণিখন নমাই গোঁসাই ঘৰৰ পৰা ওলাই আহিল।টেবুলতে থোৱা বিচনীখনকে লৈ তাই আগফাললৈ ওলাই গ'ল।ফৰিংফুটা জোনৰ পোহৰত আগফালখন তিৰবিৰাই আছে।তগৰ ফুলৰ আমোলমোল সুবাসটি তাইৰ নাকত লাগিলহি।উজাই ল'লে তাই সুবাসকণ।এই সুবাসকণ ল'বলৈকে যে তাইক চিঞৰি চিঞৰি মাতিছিল অজিতে।পিছফালে কাম কৰি থকা ৰূপালী নহালৈকে সি চিঞৰিয়েই থাকিছিল।তাৰ সেই চিঞৰ শুনিলেই তাই গম পাই সি মতাৰ অৰ্থ।তাইলৈ এটা মুঢ়া যতনাই থয় সি।দুয়োটাই বহি তগৰৰ সুবাস লয় মানে ফিৰফিৰিয়া মলয়া বতাহ এজাকে দুয়োৰে দেহ মন চুমি যায়।কেতিয়াবা বাহিৰলৈকে তাই চাহ মালপোৱা বনাই আনে।অৱশ্যে চি চিফ্ট থাকিলে সিহঁতৰ এই সময়কণ বৰ ব্যস্ততাৰে যায়।আবেলিৰ পৰাই ভাতৰ যোগাৰত লাগে তাই।ডিউটি দেৰিকৈ আৰম্ভ হয় যদিও গাঁৱৰ লগৰকেইজন সোনকালেই যায়।দেৰিলৈকে থাকিলে বিপদ আছে সিহঁতৰ।যিমানেই নিশা গভীৰ হয় সিমানেই সিহঁতৰ জীৱনৰ ভয় থাকে।সেয়েহে গোটেইকেইজন একেলগে সোনকালেই যোৱাৰ চিন্তা কৰে।ৰূপালীয়েও প্ৰথম প্ৰথম অজিতৰ লগতেই ভাত খাই আজৰি হৈ গৰুকেইটা গোঁহালিত বান্ধি সি যোৱাৰ পিছত বিচনাতে পৰি থাকে।চাইকেল মাৰি মাৰি যাওঁতে যাওঁতে মৰাপাট কল পাবলৈ সিহঁতৰ এঘন্টা মান লাগিছিল।ৰূপালীয়ে বেৰত ওলোমাই থোৱা ঘড়ীৰ কাঁটাকেইডাল চাই চাই সময়ৰ হিচাপ ৰাখে।মাজে মাজে ভুলুৱে ভোকে।ভুলু তাইৰ ৰখীয়া।অজিত যোৱাৰ পিছত আগফালৰ বাৰাণ্ডাত বহি সি তাইক পহৰা দিয়ে।মাজে মাজে গঞা ৰাইজে চিঞৰ বাখৰ লগাই।ৰূপালী সতৰ্ক হৈ উঠে।অজিত থাকিলে তাই ইমান চিন্তা নকৰে কিন্তু অজিতৰ চি চিফ্ট থকাৰ দিনা তাইৰ টোপনি নাযায়।কিবা এটা ভয় ভয় ভাবে তাইৰ বুকুখন ডোলা দি থাকে।বি চিফ্ট পৰিলেও তাইৰ বুকুখন দুৰু দুৰু কঁপি থাকে।অজিত ঘৰ পাইহি  মানে এঘাৰটা মান বাজে।এ চিফ্ট থাকিলেই তাই ভাল পাই।পুৱাই উঠি গৰম গৰম ভাত এমুঠি খোৱাই পঠিয়াব পাৰিলে আবেলিলৈকে তাই নিশ্চিন্ত।তিনি মান বজাত ঘৰ সোমোৱা অজিত আৰু ৰূপালী সন্ধিয়া অকণমান ওলাই যায় স্কুল ঘৰৰ ওচৰলৈকে।গৰম দিনত গাটো শাত পৰি আহে।কেতিয়াবা তাই অজিতক কয় ,মিলৰ চাকৰিটো এৰি অন্য কিবা কাম কৰিব নোৱাৰিনে?অজিতে 'একো নহয় হে,তই এনেই চিন্তা কৰ' বুলি কৈ কথাৰ আঁত সলাই।জানে তাই মেট্ৰিক পাছ কৰিব নোৱাৰা অজিতেনো বেলেগ ক'ত কি কৰিব পাৰিব।আগতে সি গেলামালৰ দোকান এখনত আছিল তাতো মালিকৰ টান কথা শুনিব নোৱাৰি ওলাই আহিল।এতিয়া মিলটোৱেই সিহঁতৰ দৰে শ শ দৰিদ্ৰ পৰিয়ালৰ সপোন,দুবেলা দুসাজ খাই পেট প্ৰৱৰ্তোৱাৰ স্থল।সিহঁতৰ বিয়াৰ ছমাহ মানৰ পিছতেই শাহুৱেকে সিহঁতক এৰি থৈ গ'লগৈ।তিনি কোঠালিৰ মাটিৰ ঘৰটোত ৰৈ গৈছিল দুটা প্ৰাণী সুখ দুখৰ লগৰী হৈ।সৰু সৰু সুখবোৰে সিহঁতৰ মৰমবোৰ বঢ়াই গ'ল।দেওবৰীয়া বজাৰৰ পৰা অনা মাছকেইটা লৈ যেতিয়া ৰূপালীয়ে বাচিবলৈ ধৰে অজিতে কাষতে বহি বিচি বিচি বজাৰত কাক পালে পাচলি কোনটোৰ কিমান দাম আদি কথাৰ মহলা মাৰে।কেতিয়াবা তাইলৈ বুলি মুখত ঘহা ক্ৰীম, পাউদাৰ, কেতিয়াবা চাদৰ এখন লৈ আনে।ৰূপালীয়ে গালি পাৰে পইচাকেইটা পাইহে শেষ কৰিবৰ হয়েই।তাই গালি দিলে অজিতে মিচিকিয়াই হাঁহি থাকে।দুপইচামান সি নসচা নহয়,ডাকঘৰত তাইৰ নামত দুপইচামান জমা হৈছে।ঘৰখনৰ কিছু জঞ্জাল গোহালিৰ গাইজনীয়েও মাৰে।পাৰকেইটায়েও মাজে সময়ে সকাহ দিয়ে।ঠাইখনত বান্দৰৰ উপদ্ৰৱ নথকা হ'লে দুবিধমান শাক পাচলিও কৰিব পৰা গ'ল হয়।কিন্তু সিহঁতৰ উপদ্ৰৱত বাৰীৰ পাচলিটো বাদেই ঘৰৰ ডলা পাচিত থকা পাচলিকেইটায়ো তিষ্ঠিব নোৱাৰে।

অজিত আৰু ৰূপালীৰ জীৱনলৈ দুবছৰ মানৰ ভিতৰত এটি ল'ৰা সন্তান আহিছিল।ছোৱালীৰ আশা কৰা অজিতৰ মনটো ৰূপালীয়ে ৰাখিব নোৱাৰিলে।তথাপিও চুবুৰীয়াৰ সকলোকে অজিতে নিজে গৈ গৈ মাছ বিলাই থৈ আহিল।ৰূপালীৰ মাক আৰু ভনীয়েকেও তাইক দুদিনমানলৈ সঙ্গ দিলেহি। মাহেকীয়া খেদি দুয়োজনী ঘৰাঘৰি গ'লগৈ।ৰূপালীয়ে আকৌ কামত ধৰিলে।অজিতে কামলৈ যোৱা নিশা তাই গোটেই ৰাতিটো লেমটো জ্বলাই ৰাখিছিল।আগফালে ভুলুৱে সি থকাৰ জাননী মাজে মাজে দি থাকিছিল।তথাপিও মাজে মাজে পিছফালৰ বাৰীত কলগছ ভঙাৰ শব্দ,বাঁহ ভঙাৰ শব্দ শুনিবলৈ পোৱা গৈছিল।ৰূপালীয়ে কণমানিটো কোলাত তুলি লৈছিল আৰু সষ্টম কৰি ৰাখিছিল তাইৰ পঞ্চ ইন্দ্ৰীয়।খুচনিতে চুৰি কটাৰী এখন ,নহৰু, সৰিয়হ ৰাখিছিল।ইঘৰে সিঘৰে চিঞৰিবলৈও ভয়।গঞা ৰাইজৰ বিভিন্ন বাদ্যৰ শব্দত পিছফালৰ বাৰীৰ শব্দবোৰ কমিছিল আৰু পুৱতি নিশালৈ তাইৰ টোপনি আহিছিল।এনে কত বিনিদ্ৰ ৰজনী তাই পাৰ কৰিছে।কত ৰাতি উচুপি উঠিছে তাৰ লেখ কোনে লয়,কোনে পায়।তথাপিও জীৱন চলি যায় নিৰ্দিষ্ট পথেৰে ,নিৰ্দিষ্ট গতিৰে।

   কণমানিটোক মৰমতে তাই মাতিছিল দেহামানু বুলি।লাহে লাহে সি ডাঙৰ হৈছিল,খোজকাঢ়িবলৈ শিকিছিল।ৰাতি মাকে পাকঘৰত যেতিয়া ভাত ৰান্ধে দেউতাকৰ সৈতে পিছফালে বহি সি সাধু শুনিছিল।সাধু শুনি সি বৰ ভাল পাইছিল।সিহঁতৰ অল্প জ্ঞানেৰে ৰাজকোঁৱৰৰ দেশৰ সাধু,কৃষ্ণৰ কাহিনী,ৰামায়ণ,মহাভাৰতৰ কাহিনী দেহামানুক শুনাইছিল।বৰ ভাল পাইছিল সি,ৰাজকোঁৱৰৰ দেশত উটি ভাহি ফুৰিছিল সি।কলঙৰ পাৰৰ জীয়া কাহিনীবোৰ মাক দেউতাকৰ মুখত সি শুনিছিল।সাধু নুশুনিলে তাৰ টোপনিয়েই নগৈছিল।ৰূপালীয়ে পিছলৈ জনাই নজনাই বাৰে বিংকৰি কথাৰে সাধু কৈছিল।কাৰণ তাইৰ ওচৰত থকা সাধুকথাৰ তলি উদং হৈছিল।
   
 দেউতাকে দেহামানুক এদিন নতুন সাধু কৈছিল।অবাক হৈ শুনি গৈছিল সি।তাৰ দেউতাক কম সাহসী নহয় তেন্তে, গণেশ বাবাৰ সন্মুখেদি পাৰ হৈ অহাটো কম ডাঙৰ কথানে।তাকো এজনা,দুজনা নহয় কেতিয়াবা তেওঁলোকে দহ,বাৰজনা গণেশ বাবাৰ সন্মুখীন হ'বলগা হয়।দহ,বাৰজনা গণেশ বাবাক সন্মুখত দেখিলেটো সি ভয়তে পেপুৱা লাগিব।দেউতাকৰ মুখত শুনা সঁচা কাহিনীবোৰ শুনি সি কল্পনা কৰে,কেতিয়াবা যদি সিহঁতৰ গাঁৱৰ ধনবৰ বৰটাকৰ দৰে দেউতাককো গণেশ বাবাই লৈ যায় কি কৰিব সি।ভাবিয়েই তাৰ সৰ্ব শৰীৰ কঁপিবলৈ ধৰে।দেউতাকৰ অজানিতে দুচকু তিতি যায় তাৰ।কি যে চিন্তা কৰে সি,নিজৰ ওপৰতে কণমানিটোৰ খং উঠি গ'ল।দেউতাকক কৈ উঠিল সি

*আজিৰ পৰা মোক গণেশ বাবাৰ কাহিনী নক'বা দেউতা।মই নুশুনো।

সি মাকহঁতৰ মুখত শুনিছে,পাহাৰত যেতিয়া গণেশ বাবাই খাবলৈ একো নাপায় তেতিয়াই তেওঁলোক ওলাই আহে মানুহৰ মাজলৈ।পেটৰ ভোকত তেওঁলোকো উগ্ৰ হৈ পৰে।সিহঁতৰ ঘৰৰ সন্মুখতে কলংখন,আগতে বোলে কলং পাৰ হৈ গণেশ বাবা নাহিছিল,কিন্তু আজিকালি আহে।মন যায় কেতিয়াবা তাৰ পিছফালৰ বাৰীত শব্দ কৰিলে তেওঁনো কি কৰে চাবলৈ।কিন্তু মাকে যাবলৈ নিদিয়ে।কুচি মুচি শুই পৰে সি আকৌ মাকৰ বুকুৰ ভিতৰত।সি মাকৰ মুখত শুনিছে,পথাৰত যেতিয়া সোণালী গুটি ধানবোৰ লহপহকৈ বাঢ়ি আহে জাকে জাকে তেওঁলোক আহি ভোক নিবাৰণ কৰে।পিছদিনা কৃষকসকলৰ হৃদয়ে কান্দে।অৱশিষ্টখিনি ঘৰলৈ অনাৰ দিহা কৰে।তাৰ পিছতো পথাৰত ধান নাপায় তেওঁলোক ঘৰে ঘৰে চোতালে চোতালে বিচৰণ কৰে।কেতিয়াবা ভঁৰালঘৰ ভাঙি শুৰ সুমুৱাই ধান খায়,কেতিয়াবা খঙতে মানুহৰ ঘৰ দুৱাৰ ভাঙি পেলাই, লগতে মানুহো।মাকে কয় , তেওঁলোক হেনো অন্তয্যামী।সেয়ে গণেশ বাবাক তাৰ সুধিবলৈ মন যায়,সকলো জানিও মানুহক তেওঁ কিয় মাৰি থৈ যায়।ধান খায়,ঘৰ ভাঙে সি বাৰু বুজি পায়।তাৰ যিদৰে ভোক লাগে,তেওঁলোকৰো লাগে কিন্তু মানুহকনো কিয় মাৰিব লাগে।সি দেখিছে ধনবৰ বৰটাক নাইকিয়া হোৱাৰ পিছত বৰমা আৰু মাইনা বাজনীয়ে নিমখ,তেলে ভাত খাব লগা হৈছে।মাজে মাজে দেউতাকে দেওবৰীয়া বজাৰৰ পৰা অনা শাক পাচলিৰ টোপালা এটা লৈ সি মাকৰ লগত তেওঁলোকৰ ঘৰলৈ যায়।বৰমাজনীয়ে চাদৰৰ আঁচলেৰে চকুপানী টোকে।

ৰাতি যিমানেই গভীৰ হয় ভয়-শংকাবোৰ বাঢ়ি আহে।লাহে লাহে সিহঁতৰ সেইয়া অভ্যাসত পৰিণত হৈছিল।অজিতৰ পইচাকেইটামান বাঢ়িছে।ঘৰখনলৈ এটা দুটা সম্পত্তিও গোট খালে।জুইত ভাত ৰন্ধা ৰূপালীয়ে গেছত লাইটাৰ মাৰিয়েই ভাত,চাহ ৰান্ধিব পৰা হ'ল।আগফালে,পিচফালে লাইট জ্বলাই থোৱা হ'ল।এখন পাংখাও কিনা হ'ল।এ চিফ্ট থকাৰ দিনা জোনাক ৰাতি আগফালে ঢাৰি পাৰি সিহঁতে ৰেডিঅ'ত সন্ধিয়াৰ বাতৰি শুনিছিল,গান শুনিছিল।দেওবাৰে দেওবাৰে আইদেউৰ বুলনি,শেক্সপীয়েৰৰ 'হেমলেট' নাটক শুনিছিল।ৰাতি গৰমত টোপনি নগ'লে অজিতে বিচনীৰে বিচি বিচি দুয়োটাকে শুৱাইছিল।জানে সি ৰূপালীয়ে সি থকাকেইদিনহে নিশ্চিন্তমনে শুই পৰিছিল।বুজা পৰা,মৰম নে কি আছিল ইয়াৰ নাম ৰূপালীয়ে নাজানে, কিন্তু তাই সুখী আছিল জীৱনটোক লৈ,তাই পোৱাখিনিক লৈ।তথাপিও নিশা হ'লেই ভয়টো উজাই আহে তাইৰ।

চি চিফ্টলৈ চাইকেল লৈ যোৱা অজিত এদিন উভতি আহিছিল মানুহৰ কান্ধত শুই।দেহামানুৰ সাহসী দেউতাকজন সেইদিনা দুৰ্বল হৈ পৰিছিল গণেশ বাবাৰ সন্মুখত।তেওঁলোকৰ দলপতি গজৰাজৰ সন্মুখত তিষ্ঠিব নোৱাৰিলে অজিতে।চাইকেলখন টুকুৰা টুকুৰ হৈ পৰিছিল।সেইদিনা গাঁৱখনলৈ দুটা মৃতদেহ আহিছিল।ৰূপালীয়ে চিঞৰিছিল মাথোঁ চিঞৰিছিল।দেহামানুৱে কেলেণ্ডাৰখনত অংকিত গণেশ বাবাৰ ফটোখন চাই চাই কিবাকিবি বিৰবিৰাই আছিল।গণেশ বাবাৰ প্ৰতি থকা শ্ৰদ্ধা,মৰমবোৰে যেন নিমিষতে বিদ্ৰোহৰ ৰূপ লৈছিল।দুখবোৰ বুকুতে বান্ধি সময়ৰ সোঁতত মানুহ আগবাঢ়ে,আগবাঢ়িব লাগে।ৰূপালী আৰু দেহামানুৱেও বুকুত একুৰা জীয়া জুই লৈ জীয়াই আছে।সিহঁতৰ সঙ্গী হৈ আছে গোঁহালিৰ গৰুকেইটা,হাঁহ-পাৰকেইটা আৰু ভুলু।ভুলুৱে তেতিয়াও সিহঁতৰ চকীদাৰী কৰিছিল আগফালে থাকি ,আজিও কৰে আগফালৰ বাৰাণ্ডাতে থাকি।

সেইদিনা সন্ধিয়াতে গাঁৱত হুলস্থুল লাগিছিল।সকলোৰে চোতালে চোতালে ধানৰ ডাঙৰি।সন্ধিয়াতে ভাত মুঠি খুৱাই দেহামানুক ৰূপালীয়ে শুৱাবৰ চেষ্টা কৰে।ল'ৰাটোৰ চিলমিলকৈ টোপনি আহিছিলহে ছাগে,ৰূপালী তেতিয়াও উজাগৰে।আগফালৰ চোতালত ধানৰ ডাঙৰি।ভুলুৰ ভুকভুকনি ক্ৰমান্বয়ে বাঢ়ি গৈছে।হঠাতে ঘটি গৈছিল ঘটনাটো।সিহঁতৰ শোৱা কোঠাৰ বেৰখন ভাঙি সন্মুখত দুজন দঁতাল।থৰথৰকৈ কঁপিছিল ৰূপালী, ল'ৰাটোক বিচনাখনৰ পৰা চোঁচৰাই আঠু কাঢ়ি হাতযোৰ কৰি ৰৈছিল তাই।মুখেৰে একো ওলোৱা নাছিল তাইৰ,মাথোঁ মৰো জীও কৰি তাই ৰৈ আছিল তেনেকৈ।কোনোবাই কোৱা তাইৰ মনত পৰিছিল তেওঁৰ একো অপকাৰ নকৰিলে তেওঁও কাৰো অপকাৰ নকৰে।অজিতক হেৰুৱাই কথাষাৰ তাইৰ বিশ্বাস নহয় যদিও সেই মূহুৰ্তত তাই মাথোঁ দেহামানুৰ কথাহে চিন্তা কৰিছিল।উভতি গৈছিল দুয়োজনা ,মাথোঁ চোতালৰ ধানবোৰ সিঁচৰতি কৰি থৈ গৈছিল,অলপ খাইছিল, অলপ দলিয়াইছিল।দুয়োজনা যোৱাৰ পিছতহে যেন তাই উশাহটো লৈছিল।দেহামানুৱে তাইৰ বুকুত সোমাই কান্দিছিল মাথোঁ।ৰূপালীয়ে কন্দা নাছিল।অজিত যোৱাৰ পিছত চকুপানী তাইৰ খুব কমহে ওলাইছিল।গঞা ৰাইজে কৈছিল,
*ভগৱানৰ কৃপাত ভাল বাচিলি দুয়োটা।নহ'লে গজৰাজৰ সন্মুখত পৰা মানুহ কেতিয়াও বাচি নাযায়।

ৰূপালীয়ে ভাবে,অজিতৰ হত্যাকাৰীৰ ওচৰত তেন্তে তাই জীৱন ভীক্ষা কৰিছিল।কি প্ৰয়োজন আছিল।নিজৰ ওপৰতে খং উঠিল তাইৰ।পিছ মূহুৰ্ততে দেহামানুৰ মুখখন মনলৈ আহিল তাইৰ।তাৰ বাবেই আছিল নেকি সেই ভীক্ষা।

ঘৰটো মেৰামতি কৰি ল'লে তাই।এইবাৰ চৰকাৰী সাহাৰ্য লাভ কৰি ইটাৰে এটা কোঠা সজাই ল'লে সিহঁতে ।দেহামানু পঢ়াত ভাল।বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৱে মৰমো কৰে তাক।এইবাৰ সি মেট্ৰিক দিব।আজি দেউতাকৰ শ্ৰাদ্ধ হৈ গ'ল।শ্ৰাদ্ধলৈ অহা ভকত দুই এজনৰ মুখত তাই শুনা পালে,গজৰাজ মৰিল।বাৰ্দ্ধক্যজনীত কাৰণত পুৱাই তেওঁৰ মৃত্যু হ'ল।দুখৰ দিনটোতো ৰূপালীয়ে সুখ অনুভৱ কৰিলে।ভকতসকলক বিদায় দি তাই টি. ভি.টো লগালে।বাতৰি পাঠ কৰোঁতাজনে বাৰে বাৰে কৈ গৈছে 'গজৰাজৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে।' ৰূপালীয়ে বুজি পোৱা নাই গজৰাজৰ মৃত্যুত তাই দুখ কৰিব নে আনন্দ কৰিব।স্বামী হত্যাকাৰীৰ মৃত্যুত তাই সুখী হ'ব নে সেই নিশা মাতৃ পুত্ৰক জীৱন দান দিয়া গজৰাজৰ মৃত্যুত দুখ কৰিব।জোনৰ পোহৰত তাই আজি অলপ বহিব।জোনাকে ধুই নিয়ক তাইৰ মনৰ খু দুৱনিবোৰ,জোনাকৰ পোহৰত আকৌ এবাৰ তাই জী উঠিব।গজৰাজৰ মৃত্যুত অঞ্চলটোৰ ঘৰে ঘৰে জ্বলোৱা পদূলিমুখৰ চাকিকেইগছি তেতিয়াও জ্বলি আছে তাইৰ বুকুত অতদিনে জ্বলি থকা জুইকুৰাৰ দৰে।

সমাপ্ত।

মনস্বী শৰ্মা।

No comments:

Post a Comment

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...