Saturday, March 20, 2021

বোৱালা প্ৰেমৰ অলকানন্দা

#বোৱালা_প্ৰেমৰ_অলকানন্দা

*এটি আবেলি মোৰ  নামত লিখি দিব পাৰিবা  সমীৰণ?য'ত ব্যস্ততাবোৰ শুই পৰিব,আবেগে শিহৰিত কৰিব,মৰমে কথা ক'ব আৰু ফাগুনে ৰং ছটিয়াব,অস্তগামী সুৰুযৰ হেঙুলীয়া আভাই দুয়োকে মায়াময় এটি সান্নিধ্যৰ ঠিকনা দিব।মোৰ বাবে এটি আবেলি আৰু আমাৰ বাবে সমস্ত জীৱন।

   কথাখিনি মুখেৰে প্ৰকাশ কৰিবলৈ সীমান্তিকা যেন ব্যৰ্থ হৈছে।যি সমীৰণক সন্মুখত নেদেখি তাই অশান্ত হৈ পৰিছে, যি সমীৰণৰ এখন্তেক সান্নিধ্যৰ বাবে তাই উন্মাদ হৈ পৰিছে আজি সেই সমীৰণক হৃদয়ৰ আৱেগবোৰ ব্যক্ত কৰিবলৈ মেছেজৰ সহায় ল'ব লগা হৈছে।প্ৰকৃততে প্ৰেমৰ কেতিয়াও পৰিসমাপ্তি নহয় মাথোঁ সময় আৰু পৰিস্থিতিয়ে ইয়াত আঁচোৰ মাৰি যায় সংগোপনে।আমি ৰৈ যাওঁ সেই আঁচোৰ বুকুত বান্ধি এআকাশ বিড়ম্বনা লৈ।প্ৰতি বাৰেই তাই কথাবোৰ ভাবে আৰু প্ৰতিবাৰেই এক  প্ৰাপ্তি অপ্ৰাপ্তিৰ হাঁহিয়ে তাইক ডোলা দি যায়।

  শূণ্যৰ পৰা আৰম্ভ কৰা সীমান্তিকাৰ জীৱন আন দহজনৰ দৰে জানো ইমান সহজ আছিল।নাই, নাছিল।মাক-দেউতাকৰ প্ৰতিদিন লগা বাদ বিবাদৰ তাই সাক্ষী আছিল।এটা সময়ত ইজনে আনজনক কৰা কটু বাক্য বাণৰ তাই একমাত্ৰ সাক্ষী আছিল।সাক্ষী আছিল তাই প্ৰতি মূহুৰ্তৰ,প্ৰতি পল অনুপলৰ।এসময়ত মাক দেউতাকৰ বিচ্ছেদে তাইক সম্পৰ্কবোৰৰ তিক্ততাত ম্ৰিয়মাণা কৰি তুলিছিল।আঁতৰি আহিছিল সীমান্তিকা সেই সম্পৰ্কবোৰৰ পৰা।নাজানে তাই দোষ কাৰ,আচলতে দোষী সময় আছিল নে,সম্পৰ্কবোৰ আছিল সেইয়া আজিও তাইৰ বাবে সাঁথৰ হৈ ৰ'ল।মৰমৰ সম্বন্ধবোৰ হৈ পৰিল মাথোঁ মাহিলী পাছবুকত ভৰাই দিয়া টকা-পইচাৰ জোখ-মাখ।

 হোষ্টেলীয়া জীৱনটো সীমান্তিকাই সহজে কাকো বিশ্বাস কৰিব নোৱাৰিলে।প্ৰেম,বিয়া এইবোৰৰ নাম শুনিলেই তাইৰ চকুৰ আগত ভাহি আহিছিল মাক-দেউতাকৰ দৈনন্দিন কাজিয়াবোৰৰ আস্ফালন।তাইৰ ৰুমমেট নন্দিনী যেতিয়া প্ৰেমিকৰ লগত প্ৰেমালাপত মগ্ন আছিল তেতিয়া সীমান্তিকা ব্যস্ত আছিল এছাইনমেন্ট,ছেমিষ্টাৰৰ নম্বৰ বঢ়োৱাত।কোনো ল'ৰাৰ প্ৰতি তাইৰ হৃদয়ত কেতিয়াও ভালপোৱা জন্মা নাছিল।তেনেদৰেই ইউনিভাৰ্চিটিৰ দুটা বছৰ পাৰ কৰি তাই গুচি গৈছিল বাহিৰলৈ।নিজৰ ঠাইখনেও যেন তাইক বিৰক্ত লগাইছিল।তাই মাথোঁ পলাইছিল সম্পৰ্কবোৰৰ পৰা,তেজ মঙহৰ বান্ধোনবোৰৰ পৰা।বিদায়ৰ পৰত মাক আহিছিল।দুচকু চকুপানী নিগৰাই তেওঁ যে তাইৰ মাক তাৰ পৰিচয় দিছিল।কান্দো বুলিও চোন তাইৰ সেই মূহুৰ্তত চকুলো বাগৰা নাছিল।নিজকে প্ৰশ্ন কৰিছিল তাই ইমান কঠোৰ হৈ পৰিল নে তাই, এনেকুৱাটো তাই কেতিয়াও নাছিল।মৰম আকলুৱা মাক-দেউতাকৰ মৌজনী নিজৰেই অচিনাকি হৈ পৰিছিল।

  নতুন চহৰখনত তাই সম্পূৰ্ণৰূপে নিজকে সচেতন কৰি ৰাখিছিল।অচিনাকি মানুহবোৰক তাই বেয়া পোৱা নাছিল।আচলতে,তেওঁলোকক বেয়া পোৱাৰ স্থলো নাছিল।ব্যস্ত চহৰখনত পুৱাৰ পৰা নিশালৈকে সকলো ব্যস্ত।মৰম,ভালপোৱা,কাজিয়া এইবোৰ কৰিবলৈ চোন কাৰো আহৰিয়েই নাই।কোম্পানীৰ ফালৰ পৰা পোৱা ফ্লেটটোৰ তাইৰ সম্পূৰ্ণ একছত্ৰী সম্ৰাজ্ঞী আছিল।যিকেইটা পইচা তাই পাইছিল তাই মাথোঁ ঘৰ সজাইছিল।ভাল লাগিছিল সীমান্তিকাৰ।অৱশ্যে ইয়াৰ মাজতে অফিচৰ দুই-তিনিজনী মান সহকৰ্মীৰ লগত তাইৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক গঢ়ি নুঠা নহয়।মাজে মাজে সিহঁতে আউটিঙত যায়।লাহে লাহে তাই তাইৰ জীৱনটো উপভোগ কৰিবলৈ লৈছিল।তথাপিও ইয়াৰ মাজতে তাই নিসংগ অনুভৱ নকৰা নহয়।যেতিয়া লগৰকেইজনীয়ে সপ্তাহৰ শেষত নিজৰ প্ৰিয়জনৰ লগত ফুৰিবলৈ যায় আৰু তাই ৰৈ যায় ৰুমতে চিনেমা চোৱাত,চিৰিজ চোৱাত।

সমীৰণ তাইৰ জীৱনলৈ অহাটোও একপ্ৰকাৰৰ নাটকীয়তা।বিদেশত আপোন মানুহ লগ পোৱাৰ দৰে সমীৰণৰ মাকক তাই পাইছিল এটি চপিং মলত।অসমীয়াই অসমীয়াক চিনি পাবলৈ যে বেছি সময় নালাগে তাৰে জ্বলন্ত প্ৰমাণ।সুন্দৰ চাদৰ-মেখেলা পৰিহিতা মানুহগৰাকীক সেই সাজত দেখাৰ লগে লগেই সীমান্তিকাৰ যেন চকু শাত পৰি গৈছিল।প্ৰায় দুবছৰয়েই হৈছিল তাই অসম এৰি যোৱা, মাক-দেউতাকে মাতিলেও যেন তাইৰ উভতি আহিবলৈ কোনো আগ্ৰহ নাছিল।ল'ৰা এজনে মানুহগৰাকীক চেলৱাৰ কিনিবলৈ কয় মাকে নলয়।এই বুঢ়া বয়সত তেওঁ চেলৱাৰ পিন্ধিলে হেনো মানুহে হাঁহিব,গতিকে তেওঁ শাৰীকে ল'ব।ওচৰতে কাপোৰ চাই থকা সীমান্তিকা কিয় জানো সেইদিনা নিজৰ ঠাইৰ মানুহ লগ পাই অভিভূত হৈ পৰিছিল।তেওঁলোকৰ কথোপকথনৰ মাজতে সীমান্তিকাই মাত লগাইছিল

* অ' আন্টি লওক এযোৰ,ভাল লাগিব আপুনি পিন্ধিলে।
* তুমি অসমৰ?(মানুহগৰাকীয়ে উৎসাহিত হৈ সুধিলে)
*হয়,আন্টি মই অসমৰে।

 সেইয়াই আৰম্ভণি।সীমান্তিকাৰ লাহে লাহে আপোন হৈ পৰিছিল অৰুণিমা চলিহা।নিজৰ অজানিতেই যেন তাই মানুহগৰাকীৰ সান্নিধ্যত আপোনভোলা হৈ পৰিছিল।অফিচলৈ অহা-যোৱা কৰোঁতে যেতিয়াই সময় পাই তেতিয়াই মানুহগৰাকীৰ ওচৰৰ পৰা আহিছিল।ব্যস্ত পুতেকৰ সময়সূচীৰ লগত তেওঁৰ সদায় অসন্তুষ্ট।সময় পাৰ কৰিবলৈ যে তেওঁৰ টি.ভিটোৰ বাহিৰে আন একো উপায় নাছিল।সীমান্তিকা আহিলে অৰুণিমা চলিহায়ো বৰ ভাল পাইছিল।কথা পাতিবলৈ,চাহ কাপ একেলগে খাবলৈ যে তেওঁ সঙ্গ এটা পাইছিল।অৱশ্যে সমীৰণৰ লগত তেওঁ ভাতসাজ একেলগে খাইছিল।সমীৰণেও দিনটোৰ ব্যস্ততাৰ শেষত ৰাতিৰ ভাতসাজ মাকৰ লগত খাবলৈ হেঁপাহৰে আহিছিল।কেতিয়াবা কেতিয়াবা সীমান্তিকায়ো অৰুণিমা চলিহাৰ মৰমৰ আব্দাৰ এৰিব নোৱাৰি ৰাতিৰ সাজ তেওঁলোকৰ ঘৰতেই খাই আহিছিল।তেওঁৰ হাতৰ ভাতসাজে তাইক মাকে ৰন্ধা ভাতসাজলৈ প্ৰায়ে মনত পেলাইছিল।কিমান দিন যে হ'ল তাই মাকে ৰন্ধা ভাত এসাঁজ নোখোৱা।সমীৰণৰ ঘৰত ভাত খাই অহাৰ দিনা প্ৰায়ে সমীৰণে তাইক ঘৰত থৈ আহে।সৰুসুৰা কথাৰে সিহঁতৰ দহ মিনিটৰ বাট শেষ হয়।

*সীমা,অফিচৰ পৰা আহোঁতে আজি সোমাই যাবাচোন।
 সমীৰণৰ মাকৰ কথাষাৰত তাই একেষাৰতে সন্মতি দিলে।
*কওঁক বৰমা, কিয় মাতিছিল।আজি কিবা স্পেচিয়েল ৰান্ধিছে নেকি?
*বহাচোন,আগতে চাহ কাপ খাই লোৱা।তাৰ পিছত পাতিম সবিশেষ।

   চাহ দুকাপ বনাই আনি তেওঁ সীমান্তিকাৰ কাষতে বহি ল'লে।
*খোৱা, কাইলৈটো অফিচ বন্ধ,তুমি মোক এফালে লৈ যাব লাগে।
*কোনফালে বৰমা?
*কাইলৈ বাবাৰ জন্মদিন, ইয়াত মই কোনো মন্দিৰ চিনি নাপাওঁ।ই সকলোলৈকে নিয়ে কিন্তু মন্দিৰলৈ নিনিয়ে।সৰুতে দেউতাকক হেৰুৱা বাবাৰ ভগৱানৰ ওপৰত আচলতে কোনো আস্থা নাই।গতিকে, তুমি মোক লৈ যাব পাৰিবা?

  বহুদিন হ'ল সীমান্তিকাও কোনো নামঘৰ, মন্দিৰলৈ নোযোৱা।বিশ্বাস, অবিশ্বাস বুলি নহয় তাইৰ হৃদয়ত ভগৱানৰ প্ৰতি কোনো দিন শ্ৰদ্ধা, ভক্তি জন্ম হোৱা নাই, যি দৰে জন্ম হোৱা নাই অশ্ৰদ্ধা,অভক্তিৰ।কিন্তু মানুহগৰাকীৰ কথাত তাই অসন্মতিও জনাব পৰা নাই।

*হ'ব বৰমা, ওলাব।কিন্তু মোক এটা পাৰ্টিও লাগিব।
*সেইটো আৰু ক'ব লাগেনে।

 সমীৰণৰ কথা চিন্তা কৰি কৰিয়েই সীমান্তিকা নিজৰ ৰুম পালেগৈ।সমীৰণৰ বাবে উভতাৰ পথত উপহাৰ এটাও কিনি ল'লে।বহুত দিনৰ মূৰত তাই কাৰবালৈ উপহাৰ কিনিছে।কিনিলে যদিও মনটো চোন তাইৰ দূৰু দূৰু কঁপিছে।ৰাতি বাৰ বজাৰ লগে লগে তাই সমীৰণলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিলে।এই অভ্যাস তাইৰ হোষ্টেলত থকাৰ পৰা হৈছিল।আৱাসীসকলৰ জন্মদিনত এইদৰে বাৰ বজাতেই সিহঁতে শুভেচ্ছা জ্ঞাপন কৰি হুলস্থুল লগাই।আচৰিত কৰি সমীৰণেও মেছেজৰ ৰিপ্লাই দিলে

*তুমি কেনেকৈ জানিলা?
*সৰবজান যে।পিছে পাৰ্টি লাগিব কাইলৈ।
*থেংক ইউ,থেংক ইউ।কাইলৈ ডিনাৰ আমাৰ ঘৰত,অকে।
  পিছদিনা পুৱা গা-পা ধুই সীমান্তিকাই হালধীয়া শাৰী এখন পিন্ধি ল'লে।যাওঁতে চুলিখিনিত গজৰা কিনিও লগাই গ'ল।
*বৰমা, ৰেডী নে?হ'ল যদি ব'লক।

  সমীৰণ ওলাই আহে।সীমান্তিকাক সেই সাজত দেখাৰ সি কল্পনাই কৰা নাছিল।সীমান্তিকাকো লাজ লাজ অনুভৱ এটিয়ে চুই গ'ল।সমীৰণৰ চাৱনিৰ পৰা সাৰিবলৈ তাই সমীৰণক উপহাৰটো দি অৰুণিমা চলিহাৰ কোঠা পালেগৈ।প্ৰথমবাৰৰ বাবে সমীৰণৰ সেই চাৱনিৰ পৰা পলাইছিল তাই।

মন্দিৰলৈ যোৱাৰ পৰা অহাৰ সময়লৈকে সীমান্তিকাক সেইদিনা অস্বাভাৱিক কিছুমান কথাই খেলি-মেলি লগাইছিল।অৰুণিমা চলিহাক ঘৰত নমাই তাই বাহিৰে বাহিৰে নিজৰ ৰুমলৈ গ'ল।ৰাতিৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তাইৰ মনটো সেইদিনা ফৰকাল নহ'ল।তথাপিও অৰুণিমা চলিহাৰ ফোনৰ ওপৰি ফোন অহাত তাই ওলাই গ'ল।দুই,এজন সমীৰণৰ বন্ধুও সেইদিনা তেওঁলোকৰ ঘৰৰ অতিথি হ'ল।অসমীয়া ব্যঞ্জনৰে সেইদিনা তেওঁলোকৰ ডাইনিং টেবুল ভৰ্তি হৈ পৰিল।তাৰ মাজতে সমীৰণে বাটাৰ চিকেন আৰু কবাবৰে নিজৰ ৰান্ধনী হাতৰ পৰিচয় দিলে।সমীৰণে তাইক ফ্ৰুইট চালাড তৈয়াৰ কৰিবলৈ এপাকত দিহা দি গ'ল।সি চোন সাধাৰণ ভাৱেই কথাকেইটা ক'লে,তাইহে নিজে নিজে কিবা ভাবিব নলগীয়া কথা ভাবিছে বুলি সীমান্তিকায়ো অৰুণিমা চলিহাৰ লগত কামত সহায় কৰি দিলে।আলহীয়ে খাই যোৱাৰ লগে লগে সীমান্তিকাও যাবলৈ ওলাল।ঘৰতেই ভাবি আহিছে তাই সমীৰণে থবলৈ আহিলেও আজি নাহো বুলি ক'ব।কিন্তু অৰুণিমা চলিহাৰ শাসনৰ আগত তাইৰ কথা জানো চলিব।যিদৰে মৰম কৰে সেইদৰে শাসনো কৰে।যেন তেওঁৰ নিজৰ ছোৱালীহে।নিজৰ পিতৃ মাতৃৰ পৰাও কোনো দিনে তাই এনে কৰ্তৃত্ব,মৰম হয়তো পোৱা নাছিল।সেয়ে হয়তো সীমান্তিকাই এই মানুহগৰাকীৰ কোনো কথাই অৱহেলা, অনাদৰ কৰিব নোৱাৰে।সম্পৰ্ক হৃদয়ৰ পৰা হৃদয়লৈ।

সমীৰণ আহিছিল তাইক থৈ যাবলৈ।
*সীমান্তিকা,তোমাক মোৰ কথা এটা ক'ব লগীয়া আছে।
*কি কথা ?
*আই লাভ ইউ সীমা, আই লাভ ইউ ভেৰী মাচ্চ।মই মোৰ অজানিতেই তোমাক ভাল পাই পেলাইছোঁ।সাহিত্যিক, কবি মই নহয়।সেয়ে ৰোমান্টিকভাৱে মই তোমাক প্ৰস্তাৱ দিব নাজানোঁ।কিন্তু মই তোমাক বিয়া পাতিব বিচাৰোঁ সীমা।তুমি,মই আৰু মা আমাৰ সৰু সংসাৰ,সুখৰ সংসাৰ।

*মই কথাবোৰ তেনেদৰে ভবা নাই, আচলতে মই নাভাবোৱেই।বৰমাক মোৰ ভাল লাগে, সেয়ে মই তেওঁৰ ওচৰলৈ যাওঁ।তেওঁৰ আদৰখিনি অমান্য কৰাৰ সাহস হয়তো মই কৰিব নোৱাৰোঁ।কিন্তু মই বিয়া বা তেনে সম্পৰ্কৰ কথা কেতিয়াও ভবা নাই।মোৰ মা-দেউতাৰ সম্পৰ্কৰ তিক্ততাবোৰ দেখাৰ পিছত আচলতে মই বিয়া-বাৰুৰ সম্পৰ্কত সোমাৱই নিবিচাৰোঁ।বেয়া নাপাব,আপুনি ভাল ছোৱালী পাব।

   গুচি গৈছিল সীমান্তিকা কথাকেইষাৰ কৈ ৰুমৰ ভিতৰলৈ।সেই ৰাতি তাইৰ টোপনি নাহিল।নাভাবোঁ বুলি ভাবিও চোন বাৰে বাৰে তাইৰ মনলৈ সমীৰণৰ কথাকেই আহি থাকিল।নিজৰ ওপৰতেই খং উঠিল তাইৰ।কিহে পাইছিল ইমান আত্মীয়তা গঢ়ি তুলিবলৈ।এইবোৰৰ পৰা আঁতৰি থাকিবলৈয়েটো তাই পলাই ফুৰিছিল তেজৰ সম্পৰ্কবোৰৰ পৰা।সমীৰণৰ ঘৰলৈ আৰু নোযোৱাটোৱেই তাই থিৰাং কৰিলে।

পিছদিনা অফিচ পোৱা তাইৰ দহ মিনিটমান পলম হ'ল।অফিচলৈ সিহঁতৰ নতুন বচ অহাৰ কথা আছিল।কালিৰ কথাবোৰৰ মাজত ডুবি থাকোঁতেই অফিচৰ ইমান গুৰুত্বপূৰ্ণ দিনটো তাই পাহৰি থাকিল।গালি খোৱাৰ ভয়ত ভয়ে ভয়ে তাই সোমাই গ'ল।সকলোৱে নতুন বচক শুভেচ্ছা জ্ঞাপন কৰি আছে।তায়ো হাতখন আগবঢ়াই দিলে।

 সীমান্তিকা আচৰিত হৈছিল বছৰ ৰূপত সমীৰণক দেখা পাই।খং উঠি আহিল তাইৰ,কালি ৰাতিলৈকে লগ পোৱা সমীৰণে তাইক এবাৰো এই খবৰটো দিব নোৱাৰিলে নে।খঙে,অভিমানে সীমান্তিকাই নিজৰ কেবিনলৈ সোমাই গ'ল।

সেইয়াই আৰম্ভণি।লাহে লাহে সীমান্তিকাৰ মনত সমীৰণে কেনেকৈ ঠাই পালে তাই গমেই নাপালে।সমীৰণে অফিচ সংক্ৰান্তীয় কামত অন্য ঠাইলৈ গ'লে সীমান্তিকাৰ হৃদয়ে হাহাকাৰ কৰি উঠে।নিজকে বাৰে বাৰে প্ৰশ্ন কৰে তাই,এইয়াই প্ৰেম নেকি?কিন্তু পিছ মূহুৰ্ততে আকৌ মনটোক প্ৰবোধ দিয়ে,তাই প্ৰেমত পৰিব নোৱাৰে, তাইৰ বাবে সম্পৰ্ক কেৱল তাইৰ নিজৰ লগত।সমীৰণৰ ঘৰলৈ দুদিনমান তাই নোযোৱাকৈ আছিল।কিন্তু অৰুণিমা চলিহাক উপেক্ষা কৰাটো তেতিয়ালৈ ইমান সহজ হৈ থকা নাছিল।বিশেষকৈ একেটা অফিচতে বৰ্তমান দুয়ো কৰ্মৰত হোৱাত তেওঁ সমীৰণক অফিচ ছুটী হোৱাৰ পিছত সীমান্তিকাকো লৈ আহিবলৈ কয়।তেনেদৰেই অহা-যোৱা চলি থাকে।এদিন অৰুণিমা চলিহাই সীমান্তিকাক কয়

*সীমা,ভাবিছোঁ এইবাৰ মোৰ লগৰী এজনী গোটাই লওঁ।
*মানে?
*মানে আমাৰ বাবাৰ বিয়াখন পাতি দিওঁ।
*ভাল কথা বৰমা,পাতক পাতক।আমিও বিয়া এখন খাবলৈ পাম।ছোৱালী চাইছে?
  কথাষাৰ ক'লে যদিও সীমান্তিকা যেন আহত হ'ল।
*চাইছোঁ মনে মনে।মোৰটো পচণ্ডৰ ছোৱালী এতিয়া তেওঁ বা কি কয়?
*চাওঁক,চাওঁক বৰমা।
*সেই ছোৱালীজনী তুমিয়েই সীমা।তোমাৰ বাহিৰে আমাৰ পচণ্ডৰ বেলেগ কোন হ'ব পাৰে।সকলো সম্পৰ্কই একে নহয় সীমা।তোমাৰ মা-দেউতাৰ সম্পৰ্কৰ তিক্ততাখিনি তোমাৰ জীৱনত কিয় পৰিবলৈ দিবা।সম্পৰ্ক কেতিয়াও একপক্ষীয় নহয়।দুয়ো পক্ষৰ বিশ্বাস, মৰম,আৱেগেহে সম্পৰ্ক এটা মধুৰ কৰি তুলে।অতীতৰ সম্পৰ্কৰ তিক্ততা বৰ্তমান আৰু ভৱিষ্যতৰ বাবে অভিজ্ঞতা হ'ব পাৰে কিন্তু উদাহৰণ হ'ব নোৱাৰে।সেই তিক্ততাই আমাক শিক্ষা দিয়ে সংশোধনৰ,পংকিলময় বাটটো মসৃণ কৰি লোৱাৰ।ভাবি চাবা কথাবোৰ।জোৰ বা বাধ্য কৰা নাই,নিজৰে এজনী বুলি ভাবিহে কৈছোঁ।উত্তৰৰ বাবে অপেক্ষা কৰিম।তোমাৰ মা-দেউতাৰ লগতো কথা পাতিম।

 সময় পাৰ হয় সন্তপৰ্ণে,সংগোপনে।সীমান্তিকাই কেতিয়াবা যদি ভাবে সমীৰণৰ লগত যুগ্ম জীৱনৰ কথা, পিছ মূহুৰ্ততে দৃশ্যমান হয় অতীতৰ মাক-দেউতাকৰ সম্পৰ্কৰ কলুষতাখিনি।তাইৰ জীৱনলৈয়ো যদি সময়ে এনে বান নিক্ষেপ কৰে, সহিব পাৰিব নে তাই।উত্তৰ নাই তাইৰ ওচৰত।তথাপিও সমীৰণ কাষত থাকিলে তাইৰ ভাল লাগে।সমীৰণ অফিচত নথকাৰ দিনা তাই মন বহুৱাব নোৱাৰে।সমীৰণে সেই দিন ধৰি অফিচৰ কথাৰ বাহিৰে সিহঁতৰ সম্পৰ্কৰ কথা আৰু পতা নাই।এদিন হঠাৎ মেছেজ আহিল সমীৰণৰ পৰা

*মিছ কৰিছা মোক?

  সৰ্ব শৰীৰ তাইৰ শিহৰিত হৈ উঠিল।কেনেকৈ গম পালে সমীৰণে তাইৰ মনৰ কথা।সঁচাকৈয়ে তাই সেই সময়ত সমীৰণৰ কেবিনলৈ চাই আছিল।অহাৰ পৰা তাই সেইদিনা সমীৰণক দেখা নাছিল।

*নাই, নাই কৰা।
*তেতিয়া হ'লে এইফালে কি চাই আছা?
* কেবিনত বৰমাৰ বোৱাৰী চোৱাৰী সোমাই আছে নেকি চাইছোঁ।
*জ্বলিছা?
*মই কিয় জ্বলিম?
*আই লাভ ইউ।মই তোমাকেই বিয়া পাতিম, মাক কৈছোঁ।তুমি ন' ক'লে ময়ো কাকো বিয়া নাপাতোঁ।
*ইমান প্ৰেম?
*ও,প্ৰেম জনমে জনমে।
*কিন্তু মই বিয়া নোহোৱাকৈ থাকিব বিচাৰোঁ।সম্পৰ্কৰ বান্ধোনত সোমাব নিবিচাৰোঁ সম্পৰ্কবোৰ প্ৰথম প্ৰথমহে মধুৰ হয়,পিছলৈ ই বিষক্ৰিয়াৰ সৃষ্টি কৰে।
*দিছ ইজ ইয়ৰ ফাইনেল ডিচিজন?
*ইয়েচ।

  সেই দিন ধৰি তাই সমীৰণক দেখা নাই।আজি এসপ্তাহ হ'ল।অফিচলৈ দুয়োটা আহিছে কিন্তু কোনেও কাকো দেখা নাই।যিমানে দিন বাগৰিছে সিমানে সীমান্তিকাৰ হৃদস্পন্দন বাঢ়ি গৈছে।নোৱাৰিছে তাই সমীৰণৰ উপেক্ষা সহ্য কৰিব।এনেকুৱা হোৱাৰটো কথা নাছিল।তেন্তে সঁচাকৈয়ে তাই সমীৰণক ভাল পাই পেলাইছে নেকি?হাজাৰ প্ৰশ্নই সীমান্তিকাৰ হৃদয়ত তোলপাৰ লগাইছে।জীৱনৰ গতিপথটো চোন তাই কিবা স্থিৰ কৰিব পৰা নাই।যুগ্ম ঠিকনা এটি দি চাব নেকি জীৱনটোক,দি চাব নেকি জীৱনটোক এটি নতুন সুযোগ।যি সুযোগে আহ্লাদিত কৰিব তাইৰ জীৱন,জীৱন সঙ্গীতৰ মাধুৰ্যত নিজকে বিলীন কৰি দিব।অহৰহ এক অস্থিৰ ভাৱনাই মনটো উতলা কৰি ৰাখিছে।পলম নকৰে তাই আৰু অফিচত কামৰ মাজতে  তাই সমীৰণলৈ মেছেজটো পঠিয়াই দিলে।

*এটি আবেলি মোৰ  নামত লিখি দিব পাৰিবা  সমীৰণ?য'ত ব্যস্ততাবোৰ শুই পৰিব,আবেগে শিহৰিত কৰিব,মৰমে কথা ক'ব আৰু ফাগুনে ৰং ছটিয়াব,অস্তগামী সুৰুযৰ হেঙুলীয়া আভাই দুয়োকে মায়াময় এটি সান্নিধ্যৰ ঠিকনা দিব।মোৰ বাবে এটি আৱেলি আৰু আমাৰ বাবে সমস্ত জীৱন।
ক্ষন্তেক সময়ৰ পিছতে সমীৰণৰ পৰা উত্তৰ আহিল

*এনে হাজাৰটা আবেলি মই তোমাৰ নামত লিখি দিব পাৰিম সীমা।য'ত বসন্তৰ শ্যামলীমায়ে লুকাভাকু খেলিব,সলাজ প্ৰেমৰ হাঁহি সানি তুমি ৰঙচুৱা হৈ পৰিবা।ওজাগৰী নিশা তৰালিৰে সৈতে কথা পাতি জীৱন সঙ্গীত জুৰিম আৰু দুয়ো দুয়োৰে হৈ ৰ'ম আজীৱন।বিশ্বাস আৰু মৰমেৰে কটকটীয়া কৰিম আমাৰ সম্পৰ্ক চিৰকাললৈ।

শীতল আমেজ এটিয়ে দুয়োকে চুই গ'ল।জীৱনক অনুভৱ কৰি আনন্দিত হৈ পৰিল দুটি মন।গুণগুণাই উঠিল সীমান্তিকা


  এই ৰিক্ত বুকুতে
 বাসনা ঢালিলা
মোৰ তেজে তেজে সীৰে সীৰে
বোৱালা প্ৰেমৰ অলকানন্দা


 

2 comments:

পৰিবৃত

  মগু দাইলত বিলাহী,ফুলকবি,আলু দিয়া হবিষান্ন মুঠি খাই কোঠাটোত সোমাই বিচনাখনত দীঘল দিলোঁ।দিনটো উপবাসে থাকি পেটত কিবা এটা পৰাতহে ভাল লাগিল।তেওঁ...