Friday, July 10, 2020

পৰিক্ৰমা

   
 * অ'মা পিন্ধক না,ভাল লাগিব আপোনাক, মোৰ মায়েচোন পিন্ধেই,পিন্ধকচোন।

* মই নো এইটো বয়সত কেনেকৈ এইবোৰ পিন্ধো ,ল'ৰাকেইটানো কি বুলি ভাবিব।

* একো নাভাৱে মা,আপুনি পিন্ধক,উঠক উঠক।আপুনি পিন্ধক মই এইবাৰ আহি কিন্তু পিন্ধি থকা দেখিব লাগিব।

         এইয়া মোৰ বোৱাৰী টুকটুকৰ আব্দাৰ।মোলৈ দুজোৰমান চেলৱাৰ কিনি আনিছে।মই হেনো এই বুঢ়ী বয়সত সেইকেইজোৰ পিন্ধিব লাগে।পিন্ধাৰ মন নথকা মোৰ নহয় ,মন যায় মোৰো ৰঙীন কাপোৰ এসাজ পিন্ধি মুক্তমনে উৰিবলৈ।পঁচপন্ন বছৰীয়া মইজনী জানো মই হৈ থকা নাই, নে শৰীৰৰ মেদবহুলতা, মুখত জিলিকি থকা ৰেখাকেইডালৰ মাজত মইজনী হেৰাই গ'লো।হয় হেৰাই গ'লো মই সেই তেতিয়াই ,যিদিনা হোমৰ জুইক ঘিউৰ আহুতি দি প্ৰণৱ বৰুৱাই মোক অৰ্ধাঙ্গিনী কৰি লৈছিল, মই অৰুন্ধতী দত্তৰ পৰা অৰুন্ধতী দত্ত বৰুৱা হৈছিলোঁ সেই তেতিয়াই মই সম্পূৰ্ণ সত্তা পাহৰি পেলাইছিলো।

           কোন আছিলোঁ মই? স্কুল, কলেজৰ এজনী পাৰদৰ্শী ছাত্ৰী,গানে, নাচে নিজকে বিলীন কৰি দিয়া চিতপখিলী,হয় হয় মই চিতপখিলীয়েই আছিলোঁ।ঘৰৰ বন্ধ দুৱাৰ খুলি মই পিতপিতাই ঘূৰি ফুৰিছিলোঁ ।কেতিয়াবা বৰটা-খুৰাহঁতৰ ঘৰত,কেতিয়াবা লগৰকেইজনীৰ ঘৰত আৰু কেতিয়াবা কেতিয়াবা মঞ্চৰ কেন্দ্ৰ বিন্দুত।ৰখাব নোৱাৰিছিল মোক কোনেও,মই উৰন্ত,মই দুৰ্দান্ত ।প্ৰকৃততে মোক ৰখোৱা নাছিল কোনেও।উৰাৰ হেঁপাহ এবুকু লৈ মই চাই ৰৈছিলো আকাশখনলৈ ,পৰা হ'লে যেন পখীকেইটিৰ লগত ময়ো এতিয়াই উৰি যাম।অস্ত সুৰুযৰ হেঙুলীয়া আভাত ঘৰমুৱা পখীজাকৰ চালে চাই ৰোৱা দৃশ্য চাই মোৰ টোপনি নাহে নিশাটো।মই উৰিব বিচাৰিছিলোঁ সীমাৰ পৰিধি ভাঙি অসীমত‌।

            মা বাবাৰ মৰমত ডাঙৰ হোৱা মই এজনী চিতপখিলী।মোৰ ৰূপত মুগ্ধ চৌপাশৰ প্ৰকৃতি।মোৰ ককাললৈকে পৰা দীঘল চুলিকেইডালে কিমানৰ যে টোপনি হৰিছিল মই খবৰ পাইছিলোঁ,মোৰ ৰঙটোৱেও যে তাতে মোৰ সৌন্দৰ্য দুগুণে বঢ়াইছিল।ৰঙা, নীলা, সেউজীয়া ৰঙৰ মাজত মই বলীন হওঁ পুৱাৰ পৰা গধূলিলৈ।কিন্তু মই মোৰ শালীনতা বজাই ৰাখিছিলোঁ, অসৎ সঙ্গৰ বেষ্টনীৰ পৰা মই নিজকে সুৰক্ষিত কৰিব জানিছিলোঁ।মা বাবাৰ মৰমত ডাঙৰ হোৱা মইজনী বাবাৰ কথাৰ মান ৰাখি স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়েই বিয়াত বহিছিলো তেওঁ চাই দিয়া ল'ৰাজনৰ সৈতে। আঢ্যৱন্ত পৰিয়াল এটালৈ বিয়া দিবলৈ পায় বাবা মা সুখী।ল'ৰাৰ দেউতাক চহৰখনৰ নামী দামী ডাক্তৰ,ল'ৰা প্ৰবক্তা ।ছোৱালী এজনীক বিয়া দিব পৰাকৈ সকলো খিনিয়েই আছে আৰুনো কি লাগে।

           বিয়াৰ আগত তেওঁক মই এবাৰেই পাইছিলোঁ ।বেয়া লগা নাছিল, মই মনে বিচৰা ধৰণেৰেই মানুহজনক পাই মই সুখী হৈছিলোঁ।বাকীবোৰ চাবৰ বাবেটো বাবা আছেই।কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ মই বিয়া হৈ আহিছিলোঁ নতুন ঘৰখনলৈ।সেই যে আহিছিলোঁ তাৰ পিছৰ পৰাই শিকিছিলোঁ জীৱনৰ অন্য এক পাঠ।প্ৰবক্তা স্বামীৰ গহীন গম্ভীৰ স্বভাৱত খিলখিলাই থকা মইজনীয়ে হাঁহি সামৰিবলৈ শিকিলোঁ।বুজিলোঁ তেওঁক মানুহজন থিকেই ভদ্ৰ,নম্ৰ,অমায়িক কেৱল ঘৰখনৰ বিৰোধিতা কৰাৰ সৎ সাহস তেওঁৰ নাই।সৰুৰে পৰা যি দেখিছে,যি শিকিছে সেয়া গ্ৰহণ কৰিছে,নিজৰ বিবেচনাৰে কেতিয়াও জুকিয়াই চোৱা নাই।কেতিয়াবা কিবা কথাত হাঁহি উঠিলেও শব্দ নকৰাকৈ হাঁহিবলৈ শিকিলোঁ।ঘৰখনত হাঁহিবলৈ বুলি মানুহেই নাই, শহুৰ দেউতাৰ ব্যস্ততাময় জীৱন, স্বামীৰ কলেজ, ক্লাছৰ প্ৰিপেয়াৰ, ছেমিনাৰ ইত্যাদিৰ ব্যস্ততাৰ মাজত ঘৰখনত হাঁহিবলৈ মানুহ দুজনী, মই আৰু শাহু মা।কিন্তু তেওঁও একেই,হাঁহি উঠা কথাটো মিচিকিয়াই হাঁহি থৈ দিয়ে,চিঞৰ বাখৰ কৰি থকা মই জনীয়ে এতিয়া লাহে লাহে কথা ক'বলৈ শিকিলোঁ।বোৱাৰীয়ে ডাঙৰ ডাঙৰকৈ কথা নকয়।বোৱাৰীৰ লক্ষণৰ কিছুমান নিয়ম মই অনুসৰণ কৰিবলৈ ধৰিলোঁ।ৰঙা ,নীলা সাজ পিন্ধা মইজনীয়ে এতিয়া পাতল ৰঙৰ কাপোৰ পিন্ধিবলৈ ধৰিলোঁ।পাতল ৰঙ হেনো মানী মানুহৰ আচ্ছাদন।জীৱনৰ নতুন পাঠ।মানে মই অতদিনে অসন্মানীয় হৈয়ে আছিলোঁ।

          স্নাতকোত্তৰ ৰিজাল্ট দিয়াৰ পিছত মোৰো মন আছিল নিজে কিবা এটা কৰাৰ,আত্মপৰিচয় গঢ়াৰ।কিন্তু সেই সপোন মোৰ পূৰণ নহ'ল।ঘৰখনত খাবলৈ পিন্ধিবলৈ পইচাৰটো অভাৱ হোৱা নাই, গতিকে ঘৰৰ বোৱাৰীয়ে এনেই কষ্ট কিয় কৰিব লাগে।ডাক্তৰৰ বোৱাৰী, প্ৰবক্তাৰ পত্নী ইমানবোৰ বিশেষণৰ পিছত আৰু কিহৰ প্ৰয়োজন।বিৰোধিতা কৰিছিলোঁ মই কিন্তু কিয় জানো  তেওঁলোকৰ বাক্যৰ প্ৰতিটো  শব্দই মোৰ বুকু ভেদি গৈছিল।প্ৰবক্তা স্বামীও নামতহে প্ৰবক্তা ,পত্নী আৰু বোৱাৰীৰ কৰণীয়খিনিৰ তালিকা তেওঁৰ থিকেই মূখস্থ আছিল কেৱল স্বামীৰ দায়িত্বৰ জ্ঞানৰপৰাহে তেওঁ অৱগত নাছিল।সাজ সজ্জাৰ ক্ষেত্ৰতো বহু বাধা আছিল।চাদৰ মেখেলাৰ বাহিৰে বেলেগ বস্ত্ৰ পৰিধান কৰিলে ঘৰখনৰ সন্মানত ব্যাঘাত জন্মিছিল।এইবোৰ নিয়ম কানুনৰ মাজতেই আমাৰ মাজলৈ আহিছিল দুটি যমজ সন্তান, ৰিব আৰু ৰিচ।

        সন্তান দুটাৰ মোহে মোক বাকী কথাবোৰ পাহৰাই পেলাইছিল।শাৰীৰিক অত্যাচাৰ,যৌতুকৰ অত্যাচাৰ এইবোৰ মোৰ লগত হোৱা নাছিল।স্বামী প্ৰণৱেও কোনোদিনে মোক কোনো কথা বেয়াকৈ কোৱা নাই বা হাতো ওঠাই পোৱা নাই।মাত্ৰ তেওঁৰ গুৰু গম্ভীৰ এষাৰি কথাই শিলৰ ৰেখা হৈ পৰিছিল উৰি ফুৰিব বিচৰা মই জনীৰ পাখি দুখন কাটিবলৈ।লাহে লাহে ৰিব আৰু ৰিচৰ মৰমে মোক মাতৃত্বৰ অনুভৱক নতুন ৰহণ সানিলে।সিহঁতে মোক ভালদৰে জনালৈ ময়ো এগৰাকী গহীন গম্ভীৰ মাকলৈ ৰূপান্তৰিত হ'লো।সেই যে চঞ্চলা মই জনী সিহঁতে কোনোদিনে লগ নাপালে, পোৱাৰ অৱকাশেই নৰ'ল।ল'ৰা সন্তান ডাঙৰ কৰাৰ নতুন নিয়ম কিছুমানে মোৰ কৰ্ণ ভেদি গ'ল।মই যদি বিচাৰিছিলোঁ মোৰ সন্তানকেইটাক মই সিহঁতৰ মতে জীয়াই থাকিবলৈ দিম,সিহঁতৰ মতে জীৱনটো উপভোগ কৰিবলৈ দিম,হাঁহিবলৈ শিকাম,জীৱনৰ অৰ্থ কি শিকাম,নিজৰ কাম নিজে কৰিবলৈ শিকাম কিন্তু সেই সুযোগ মই নাপালোঁ।ঘৰখনৰ নিয়ম শৃংখলাৰ মাজত সিহঁতো হৈ পৰিল ঘৰখনৰ বাকী মানুহবোৰৰ দৰেই।সিহঁতৰ দহ বছৰ মান বয়সত ককাৱকৰ মৃত্যু হয়।ঘৰখনৰ নিয়মবোৰ আৰু বাঢ়ি যায়।বিধৱা শাহুৰ নিয়মৰ পাকচক্ৰত কেতিয়াবা মই নিজকেই পাহৰি যাওঁ।মাছ,মাংস নোখোৱা,পিয়াঁজ ,নহৰু নোখোৱা মানুহগৰাকীলৈ সুকীয়াকৈ মুখত লগাকৈ বনাবলৈ যোৱাৰ প্ৰচেষ্টাত কেতিয়াবা কটু বাক্যৰ যে সন্মুখীন হোৱা নাছিলোঁ এনে নহয়।কেতিয়াবা কওঁ-

*আজিকালি এইবোৰ নিয়ম ইমান নামানে নহয়,আমি মাছে মঙহে খাম আৰু আপুনি দালি ভাত খাব ভাল নালাগে নহয়।

         জানো মই, মোৰ কথাই তেওঁৰ নিয়মৰ তালিকাখন সলাব নোৱাৰোঁ বুলি তথাপিও কওঁ, ওলাই যায় মুখৰ পৰা।কিন্তু কিবা এক অদ্ভুত মুখৰ ভঙ্গীমা কৰি তেওঁ আতৰি যায়।বুজাই নিজে বুজি ল তোৰ কথাৰ কিমান মূল্য।ল'ৰাকেইটাৰ সকলো কাম কৰাৰ পিছত ঘৰখনলৈ বা মানুহজনৰ বাবে ব্যস্ত হোৱা মইজনীয়ে নিজকে পাহৰি পেলাইছিলো।বিয়াৰ পিছত সময় পালেই ৰুমৰ দৰ্জা বন্ধ কৰি হেডফোন লগাই গান শুনি দুজাপমান গানৰ তালে তালে মাৰিছিলো কিন্তু এতিয়া যে তাৰ বাবেও সময়ৰ অভাৱ।নিজৰ ভাল লগাবোৰৰ তালিকাখন সৰু হৈ পৰিল, খাই বেয়া পোৱা বস্তুবোৰ খাবলৈ বেয়া পালেও খাই থোৱা হ'লো , খোৱাটো ভাল শৰীৰৰ বাবে পুষ্টিকৰ।ভাল পোৱা বস্তুবোৰ আগতে মাৰ ঘৰলৈ গ'লে  পেট পূৰাই খাই আহিছিলো, আজিকালি যাবলৈও যে সময় নোহোৱা হ'ল।ল'ৰা ছোৱালীৰ স্কুল বন্ধ হ'লেও ঘৰখনৰ কামবোৰতো আৰু বন্ধ নহয়।

          ৰিব আৰু ৰিচো লাহে লাহে ডাঙৰ হ'ল।ঘৰখনৰ পৰিবেশে সিহঁতকো গহীন কৰি তুলিছে।জোখৰ মাখৰ কথা কয় সিহঁতে।আইতাকৰ দৰেই মোকো সিহঁতে ছাঁটোৰ দৰে দেখিছে।খবৰ ৰাখে সিহঁতে মোৰ ,নৰখা নহয়,কিন্তু সেই যে মই মা বাবাৰ খবৰ ৰাখিছিলোঁ তেনেকৈ নহয়।আইতাকক শ্ৰদ্ধা কৰে সিহঁতে।দেউতাকক ভয়ৰ লগতে মৰমো কৰে।মোলৈ ভয় নকৰে, কিন্তু মই মোৰ মাক সকলো কথা কোৱাৰ দৰে ফটফটায়ো নাথাকে।নিজে সুধিলে সকলো কয়,কিন্তু নুসুধিলে একো নকয়।

        সময়ে এদিন শাহুমাকো আমাৰ মাজৰ পৰা কাঢ়ি নিয়ে।দুখৰ মাজতো নিজকে সেই মুকলি পখীটোৰ দৰে লাগিল।মোক বান্ধি ৰাখিবলৈ এতিয়াচোন শিকলিকেইডাল নাইকিয়া হৈ গ'ল।কিন্তু উৰিব খুজিও মই এতিয়া উৰিব পৰা নাই।কিয়? নিজকে প্ৰশ্ন কৰোঁ।ভাবিব নেকি মানুহে আদবয়সীয়া মইজনীৰ পৰকতি লৰিল বুলি, ভাবিব নেকি ল'ৰা দুটিয়ে মা পাগল হ'ল বুলি।ভাবিব নেকি মানুহজনে তেওঁৰ মাকৰ মৃত্যুত মই ভাল পাইছোঁ বুলি।

    উসঃ নোৱাৰি ,হাজাৰ প্ৰশ্নই,হাজাৰ শংকাই মোক বেঢ়ি ধৰিলে।জীৱনে শিকালে, বয়স আৰু সময়ে সলাই মানুহ।জীৱনৰ এই সুদীৰ্ঘ পৰিক্ৰমাত মই মইজনী হৈ নৰ'লো।সাপে সময়ে সময়ে মোট সলোৱাৰ দৰে মোৰো জীৱনৰ মোট সলনি হ'ল।ভাল লগাবোৰ কৰিবলৈ যিজনী মই অকণো কুণ্ঠাবোধ কৰা নাছিলোঁ এতিয়া সময়ৰ খেলত মই প্ৰতিটো খোজ দিবলৈ কুণ্ঠাবোধ কৰা হ'লো।আইনাখনৰ সন্মুখত নিজকে চাওঁ বাৰে বাৰে হেঁপাহবোৰ মৰি যোৱাকৈ মোৰ জানোঁ বয়স হৈছে।তেন্তে কিয় মই সাঁচি থোৱা ৰঙা, নীলা কাপোৰকেইজোৰ পিন্ধিব পৰা নাই।লাজ,শংকা নে বয়সে গৰকা দুটি পুত্ৰৰ মাক,নে প্ৰণৱ বৰুৱাৰ পত্নী।তেন্তে মই কোন?

          সময়ে মোক পত্নী,বোৱাৰী,মাতৃৰ পৰা শাহুলৈ ৰূপান্তৰিত কৰিলে।ছোৱালী চাবলৈ যোৱাৰ পৰা মোৰ এটাই ভয় হয় পাৰিমনে আনৰ ছোৱালীজনী মই মোৰ ঘৰত ছোৱালী কৰি ৰাখিব,নে তাই আমাৰ ঘৰৰ আকৌ সেই পুৰণি নিয়মবোৰৰ মাজত বোৱাৰী লৈ ৰূপান্তৰিত হ'ব।ৰিচে ছোৱালী নিজে পচণ্ড কৰি থৈছে।দেউতাক নথকাৰ সুযোগত এদিন মই তাক আমাৰ ঘৰলৈ লৈ আহিবলৈ ক'লো।বৰ মৰম লগা ছোৱালী।ঠাণ্ডা, গহীনো থিক মোৰ শাহু মাৰ দৰে।বেছি কথা নাপাতে।মই বুজিলোঁ তেওঁৰ ইমান অসুবিধা নহ'ব আমাৰ ঘৰখনৰ লগত মিলিবলৈ।বায়েক এগৰাকী থকাৰ বাবে তেওঁৰ বিয়াৰ কথা এতিয়াই ভবা নাই, আমাৰো ইমান লৰালৰি হোৱা নাই।পিছে ৰিবৰ ছোৱালী বিচাৰি বিচাৰি হায়ৰান।অৱশেষত ,টুকটুকক তাৰ পচণ্ড হ'ল,দেউতাকৰো ,মোৰো।কেৱল মোৰ ভয় হ'ল ।ৰিবক এদিন কথাবোৰ বুজালো, বিয়া পাতি কেৱল ছোৱালী এজনী আনি ঘৰ সোমোৱাটোৱেই ল'ৰাটোৰ দায়িত্ব নহয়।ছোৱালীজনীক পত্নীৰ মৰ্য্যদা দিব জানিব লাগিব,তেওঁৰ সুখ দুখৰ সমভাগী হ'ব পাৰিব লাগিব।তেওঁ আমাৰ ঘৰৰ বোৱাৰী হৈ থকাতকৈ তেওঁক নিজৰ পৰিচয়ৰে জীয়াই ৰাখিব জানিব লাগিব।আজিকালি দিনো বেলেগ, ল'ৰা ছোৱালী সকলোৰে সমান অধিকাৰ আছে বুলি চিঞৰি থাকিলেই নহ'ব,সেই অধিকাৰ দিব পাৰিব লাগিব।শুনিছিল সি মন দি কথাবোৰ।

           বিয়াৰ বজাৰ সমাৰ মই বৰ উৎসাহেৰে কৰিলোঁ।মাজে মাজে নিজৰ ছোৱালী এজনীৰ অভাৱ অনুভৱ নকৰা নহয়,কিন্তু এই বিয়াৰ বজাৰ কৰাৰ সময়ত সেই অনুভৱ বাৰুকৈয়ে হৈছিল।ছোৱালী এজনী থকা হ'লে বৰ্তমানৰ ফেশ্বনবোৰৰ বিষয়ে ভালদৰে জানিলেহেঁতেন ফলত বিয়াৰ বজাৰ কৰাত সুবিধা হ'ল হয়।তথাপিও ল'ৰাৰ সহযোগিতাত নেটত চাই চাই কিছু আভাস হ'ল।তথাপিও মনে নামানি টুকটুকৰ ভাল বেয়াবোৰ,পচণ্ড,অপচণ্ডৰ খবৰ ল'লো।পঁচিশ বছৰৰ আগৰ মইজনীয়ে,যেন মই মোৰ ৰূপত আকৌ এজনী অৰুন্ধতীক পাম।বিয়াৰ কাপোৰৰ মাজত মোলৈও কিনিলোঁ দুজোৰমান।এজোৰ বগা,এজোৰ পাতল গুলপীয়া।ঘৰৰ পৰা ভাবি গৈছিলোঁ এজোৰ নীলা কিনিম,কিন্তু নোৱাৰিলোঁ ,সময়ত চকুতো সেইকেইজোৰতহে পৰিল।

          বিয়াৰ পিছত মই তাইক দুজোৰমান চেলৱাৰ আনি দিলোঁ --ক'লো পিন্ধিবা যি মন যায়,কেৱল সময় ,মানুহ চাই পৰিধান কৰিবা।কিবা খাবলৈ মন গ'লে বনাবা, খাবা,মন নগ'লে মোক ক'লেই হ'ল পাৰিলে মই  বনাই দিম।তাই জীয়াই থাকিব পৰাকৈ মই বাটটো মুকলি কৰি দিছিলোঁ।দেউতাকে এতিয়া আপত্তি নকৰে একোতে।নতুনৰ লগত মিলিবলৈ শিকিছে।মই একো নোকোৱাকৈয়ে টুকটুকৰ হাঁহিটোৰ প্ৰশংসা কৰে তেওঁ।ময়োটো তেনেকৈয়ে হাঁহিছিলোঁ ,কিন্তু সেই হাঁহি চাবলৈ বা শুনিবলৈ তেওঁৰ সন্মুখত আছিল এখন আভিজাত্যৰ তোৰণ আৰু অনুশাসনৰ নিয়ম।ৰিব অফিচলৈ ওলাই যোৱাৰ পিছত টুকটুক অকলশৰীয়া হ'ব বুলি মোৰ ভয় হৈছিল, মোৰ লগত কথাৰ মহলা মাৰিবলৈ মইটো তাইৰ সমনীয়া নহয়,কথাবোৰ বা তাইৰ লগত মোৰ মিলেনে নাই।পিছে সেই শংকা দূৰ কৰি তাই মোৰ লগত টকটকাই কথা পাতে।বৰুৱাৰ ঘৰ ৰজনজনাই থাকে।ময়ো আজিকালি তাইৰ কথাৰ সৰৱ শ্ৰুতা আৰু বক্তাও।তাইৰ লগত আপটোডেট থাকিবলৈ চেষ্টা কৰোঁ।তাই মোৰ ফোনটোত দুটামান এপ ডাউনলড কৰি দিছে আৰু শিকাইছে ক'ত কি কৰিব লাগে।

        এদিন মোক তাই সুধিলে-- মা,আপুনি কি ভাল পায় ,নাচ ,গান ,নাটক নে সাহিত্য।

          চকুপানী ওলাই গ'ল মোৰ ,কি ভাল নাপাওঁ মই, কিন্তু এইকথা মোক বিয়াৰ পঁচিশটা  বছৰে চোন মোক কোনেও সোধা নাই, না মোৰ স্বামীয়ে,না মোৰ ল'ৰাকেইটাই।তুলি ধৰিছিলো তাইৰ আগত মোৰ ভাল পোৱাবোৰৰ দীঘল তালিকাখন।আচৰিত হৈছিল তাই মোৰ ভালপোৱাবোৰৰ লগত চোন এতিয়া মোৰ একো সম্পৰ্কই নাই।তাইৰ আব্দাৰতে মন নোযোৱাবোৰো আজিকালি কৰিবলৈ লৈছোঁ, গান গাইছোঁ,নাচিছোঁ ,নিজৰ মন পচণ্ডৰ খাইছোঁ আৰু আজি এইয়া চেলৱাৰকেইজোৰ আনি দিছে পিন্ধিবলৈ।

           মই পাৰিছোঁ তেন্তে ছোৱালী নথকা ঘৰখনত এজনী ছোৱালীৰ জন্ম দিবলৈ।পিন্ধি লৈছোঁ চেলৱাৰযোৰ আজি কোনো লাজ,শংকাই মোক বাধা দিব নোৱাৰে।
* অ' মা আপোনাক নীলা ৰঙটোৱে ইমান ধুনীয়া লাগিছে।

     উসঃ কিমান দিনৰ মূৰত শুনিছোঁ এই কথাষাৰ।জপাই দিছোঁ চকুদুটা -- আকৌ এবাৰ কোৱা টুকটুক,মই পুনৰ শুনিব বিচাৰোঁ।

* ও মা আপোনাক সঁচাকৈয়ে বহুত ধুনীয়া লাগিছে।চাওঁ খোপাটো খুলি দিয়কচোন,এইকোচা চুলি এনেকৈ বান্ধি থয় নি।

        মেলি দিয়ে তাই চুলিকোচা মোৰ ,ভাল লাগে মোৰ।

*আহক বাহিৰৰ পৰা আহোঁ ,আপোনাৰ ৰূপৰ জেউতি অলপ আগফালে থকা মানুহকেইজনৰ গাতো চটিয়াই আহোঁ।

       মোক ঠিক টানি নিয়াৰ দৰেই নিলে তাই।সৌৱা ড্ৰয়িং ৰুমত বহি থকা মোৰ স্বামী আৰু সন্তান দুটিয়ে মোলৈ ৰ লাগি চাই আছে।নাইলগা লাজ মোৰ।টুকটুক নামৰ শক্তিটোৱে মোক সাহস দিছে,কটাক্ষ আৰু তাচ্ছিল্য  কৰিবলৈ যে এতিয়া মানুহো নাই।উৰিম মই আকৌ সীমাৰ পৰিধি ভাঙি অসীমলৈ,গুণগুণাম  আকৌ জীৱনৰ গীত,নাচি উঠিম আকৌ গীতৰ ছন্দে ছন্দে।মই জী উঠিম আকৌ অৰুন্ধতী দত্ত হৈ।

সমাপ্ত।
          

7 comments:

  1. বহুত ভাল লাগিল । একেবাৰে সঁচা কাহিনী এটা পঢ়ি থকা যেন লাগিল । লিখনশৈলীৰ লগতে কাহিনীটো বৰ্ণনাৰ দিশৰ পৰাও একদম আপটুডেট আৰু অলপ বেলেগ ধৰণৰ হৈছে । আগলৈও এনেকুৱা ধৰণৰ কাহিনী পঢ়িবলৈ পাই থাকিম বুলি আশা কৰিলো এগৰাকী নাৰীৰ মনৰ আৱেগবোৰ বৰ সুন্দৰকৈ প্ৰকাশ পাইছে লিখনিটোত।

    ReplyDelete
  2. অশেষ ধন্যবাদ আপোনাৰ মন্তব্যৰ বাবে

    ReplyDelete
  3. পঢ়ি ভাল পালো।

    ReplyDelete
  4. পঢ়ি বহুত ভাল লাগিল।

    ReplyDelete

জীৱন্মৃতব্যঞ্জক

  *You are just mother's son.    মোক মোৰ পত্নীয়ে কোৱা শেষ কথা।এইষাৰ কথা কৈয়েই তেওঁ আমাৰ ঘৰখন এৰি গুচি গৈছিল ।অৱশ্যে মই তেওঁক ৰখোৱাৰ চেষ্...