হৃদয়ঙ্গম
★মই তোমাক ভালপাওঁ ,তুমি নুবুজা কিয়?
★কিন্তু ই অসম্ভৱ, তুমি বিবাহিত।
★কিন্তু মই সুখী নহয় এই বিয়াত, না মই না মোৰ ৱাইফ।
★এইটো মোৰ ভুল নহয়।মোৰ ঘৰে,সমাজে এই সম্পৰ্ক সহজে নলয়।
★তুমি কি ভাবিছা মই চেষ্টা কৰা নাই, যোৱা তিনি বছৰে মই কেনেকৈ আছোঁ তুমি জানা।
★কিন্তু মই কাৰো সংসাৰ ভঙাৰ কাৰণ হ'ব নোৱাৰোঁ।
★তেন্তে অত'দিনে মোৰ কেয়াৰ কিয় লৈছিলা? মোৰ সুখ দুখৰ সমভাগী কিয় হৈছিলা।
★ বন্ধু হিচাপে।
কথাষাৰ কৈয়ে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি আৰোহনৰ সবল দুহাতৰ বন্ধনৰ পৰা তাই মুক্ত হৈ আহিছিল।নোৱাৰে নোৱাৰে তাই আনৰ সংসাৰ ভাঙি নিজে সপোন গঢ়িব।সেই শিক্ষা তাই লোৱা নাই।জানে তাই,বুজে তাই আৰোহনৰ দুখ,অশান্তি।এইটোও জানে যে তাই তাক আপোন কৰি ল'লেও তাইৰ গাত কোনো দোষ নাথাকে।সিহঁতৰ সংসাৰ ভঙাৰ কাৰণো নহয়।সংসাৰ বুলিবলৈ যে এতিয়া আৰোহনৰ একোৱেই নাছিল।তথাপিও মাকৰ কথাবোৰ তাইৰ কাণত এনেকুৱা পৰিস্থিতিবোৰত বাজি উঠে।তাৰ দুখবোৰৰ পৰা সৃষ্টিয়েইটো তাক বাহিৰলৈ আনিছিল।সুৰামত্ত আৰোহনক চিগাৰেট,সুৰাৰ ৰাগিৰ পৰা আঁতৰাই আনিছিল তাই।সেয়ে তাইৰ ভুল হ'ল।কলেজীয়া বন্ধু বুলি ভাল পথলৈ আনিব বিচাৰিছিল তাই, কিন্তু সেই আদৰ আছিল কেৱল এজন বন্ধু হিচাপে আনজনক সহায় কৰাৰ,অশুদ্ধ পথৰ পৰা শুদ্ধ পথলৈ অনাৰ।হয়টো লাহে লাহে তায়ো অনুভৱ কৰিছিল তাইৰ প্ৰতি আৰোহনৰ অনুভৱবোৰৰ কথা,নাৰীয়ে বুজে সহজে পুৰুষৰ অন্তৰৰ গোপন কথাবোৰ।আৰোহনৰ হৃদয়ত সংগোপনে গজালি ওলোৱা সৃষ্টি নামৰ প্ৰেমৰ উমান পায়েই তাই আজিকালি আঁতৰি থাকে।তাইৰ ষষ্ঠ ইন্দ্ৰিয়ই ইয়াৰ উমান দিছিল।সেয়ে অফিচত আজিকালি তাই আৰোহনৰ ফালে নাচায়েই,যেন দেখাই নাই তাক।কিন্তু যিমানে সৃষ্টিয়ে আৰোহনক অৱহেলা কৰিলে সিমানেই সি তাইৰ কাষ চাপি আহিল।
সৃষ্টিয়ে জানে আৰোহনৰ সমস্ত কথা।পত্নী মন্নতৰ আধুনিকা আচৰণে বিয়াৰ এবছৰতেই সিহঁতৰ সম্পৰ্কত ফাট মেলাইছিল।সুৰা,পুৰুষ, লেট নাইট পাৰ্টিৰ মাজত ব্যস্ত থকা মন্নতৰ আৰোহনৰ বাবে সময়ে নাছিল।আৰোহন মাথোঁ তাইৰ বাবে সমাজক দেখুৱাৰ বাবে এটি সম্পৰ্ক আছিল।বিয়াৰ এবছৰৰ পিছত উচ্চাকাংক্ষী মন্নতে দিল্লীলৈ প্ৰমোচন লৈ গুচি গৈছিল।ফেচবুকৰ প্ৰফাইল বিভিন্ন ধৰনৰ নাইট ক্লাবৰ ফটো,হাতত সুৰাৰ গিলাচ লৈ পৰপুৰুষৰ আলিংগনৰত ফটোৰে ভৰি পৰিল।আৰোহনে যদি কিবা কয় সি হৈ পৰে গাঁৱলীয়া, আজিকালিৰ চচাইটিৰ লগত মিলিব নোৱাৰা সংকীৰ্ণ মানসিকতাৰ আউটডেটেত হাজবেণ্ড।সহ্য কৰে সি সকলো বিশেষ্য,বিশেষণ কিন্তু নিজকে পত্নীৰ লগত মিলিবলৈ সুৰাৰ গিলাচত সিও চুমক দিয়ে।মন্নতক বুজাবলৈ সি নিজেই দিল্লীলৈ যায়, কিন্তু কলিং বেলৰ শব্দত দৰ্জা খোল খাই এজন সুঠাম,সুন্দৰ পুৰুষৰ হাতত।ঠিকনা ভুল হ'ল বুলি ভাবি ওভতি আহিব ধৰোতেই দেখা পালে মডাৰ্ণ ড্ৰেচ পৰিহিতা মন্নতক।বুজিবলৈ বাকী নাথাকিল তাৰ, তথাপিও সোমাই গ'ল সি।গম পালে সি মন্নতৰ সেই ফ্লেটৰ পাৰ্টনাৰ তেওঁ, দুয়োৱে সহবাস কৰিছে তাত।মন্নতৰ ভাষাত দিল্লীত এনেদৰে সকলোৱে থাকে।নিজকে সেই পুৰুষজনৰ চকুত পুতৌ দেখা পালে।ইমান দিনে নিজকে হেণ্ডচাম বুলি ভাবি থকা আৰোহনৰ পুৰুষজনৰ তুলনাত জীৱনত প্ৰথম বাৰৰ বাবে নিজকে কুৎচিত যেন ভাব হ'ল।গুচি আহিল সি,নোৱাৰে আৰু তাত সি একমিনিটো থাকিব।ওভতি আহি নিজকে আৰোহনে মডাৰ্ণ কৰিবলৈ চেষ্টা কৰিলে।লাহে লাহে নিচাবোৰৰ মাজত সোমাই পৰিল আৰোহন।সৃষ্টিয়ে তাক বুজাই,নিচাজাতীয় বস্তুবোৰৰ পৰা আতৰাবলৈ চেষ্টা কৰে।বহু নিশা সি অফিচতে পাৰ কৰে।মন্নতৰ কোনো ফোন নাহে,খবৰ নাৰাখে।প্ৰথম এদিন দুদিন সৃষ্টিয়েও ফোন কৰে তাইলৈ কিন্তু তাইৰ কথাবোৰৰ মাজত সৃষ্টিৰো নিজকে আউটডেটেত লিগে।
মন্নতৰ ভাষাত তাই নিজৰ জীৱন নিজে গঢ়িছে।কি কৰে কি নকৰে বাধা দিবলৈ কাৰো অধিকাৰ নাই আৰু আৰোহনেও যদি কাৰবাৰ লগত সম্পৰ্ক কৰিব বিচাৰে তাইৰ কোনো আপত্তি নাই।আচৰিত হৈছিল সৃষ্টি,এনেকুৱা নাৰীও থাকেনে ক'ৰবাত।তাইচোন কল্পনাও কৰিব নোৱাৰে।নিজৰ স্বামীক আনৰ লগত কেনেকৈ ভগাব পাৰে।আচৰিত লাগিল তাইৰ এই মন্নত নামৰ নাৰী গৰাকীক।বেয়া লাগে সৃষ্টিৰ আৰোহনলৈ ,তাৰ জীৱনটো শেষ কৰি থৈ কেনেকৈ মন্নতে তাত আনন্দৰে পাৰ কৰিব পাৰিছে।কল্পনা কৰে তাই, আৰোহনৰ জীৱনটোক চিজিল লগাব পৰাকৈ এজনী ছোৱালীৰ,তাক মৰম কৰিব পৰাকৈ এজনী পত্নীৰ।কিন্তু আজি তাৰ মুখত শুনা কথাকেইষাৰে তাইক হুলে বিন্ধাদি বিন্ধিছে।মাকে সদায় তাইক কৈ থাকে
*আৰোহনৰ লগত বেছি হলিগলি নকৰিবি।পুৰুষৰ মন কেতিয়া কি হয় ক'ব নোৱাৰ আৰু এবাৰ বিয়া পতা ল'ৰালৈ কোনে কি বিশ্বাসত ছোৱালী দিব।সমাজৰ মানুহক কেনেকৈ বুজাবি,পিছত তোকেই সকলোৱে দোষ দিব।ময়ো এবাৰ বিয়া পতা ল'ৰালৈ তোক কোনো পধ্যেই সম্পৰ্ক গঢ়িবলৈ দিব নোৱাৰোঁ।
বুজে সৃষ্টিয়ে মাকৰ কথাবোৰ।মাকৰ মন ছোৱালীক যোগ্য হাতত গতাব পাৰিলেই সুখী।সমাজৰ ভয়তে মানুহবোৰে কিছুমান ভাল কামো কৰিবলৈ ভয় কৰে আকৌ সেই সমাজকেই নেওচি মন্নতৰ নিচিনা মানুহে বহু নকৰিবলগীয়া কামো কৰে।সমাজৰ এজনৰ চকুত যদি মন্নত দোষী আনজনৰ চকুত আৰোহন দোষী।এজনে সমাজলৈ গুৰুত্ব নিদি নিজৰ মতে জীৱন যাপন কৰিছে আনজনে সমাজৰ ভয়ত মাক দেউতাকৰ সন্মানৰ খাতিৰত ডিভৰ্চ পেপাৰখন দিবলৈও সাহস কৰিব পৰা নাই।বান্ধ খাই আছে বিবাহ নামৰ অদৰকাৰী এটা সম্পৰ্কত।কেইবাদিনো সৃষ্টিয়ে আৰোহনক দ্বিতীয় বিবাহৰ কথা কৈছে।
★মন্নতৰ পৰা ডিভৰ্চ লৈ তুমি আকৌ বিয়া পাতা।তোমাৰ নিচিনা ল'ৰালৈ ছোৱালীৰ অভাৱ নাই।
★পাম জানোঁ মই বিচৰা মৰম,মোক ভাল পাবলৈ থাকিব জানোঁ কাৰোবাৰ সময়।আকৌ যদি মন্নতৰ দৰেই হয়।
অফিচৰ পৰা ওলাই গোটেই ৰাস্তাটো গাড়ীত তাই এইবোৰ কথাই ভাবি আহিছে।এৰা, মানুহক উপদেশ দিবলৈ ভাল।নিজে পালন কৰিবলৈহে টান।যি আৰোহনক বিয়া কৰাবলৈ তাই এজনী ছোৱালীৰ কল্পনা কৰি আছিল, আজি সেই ছোৱালীজনী তাই হ'বলৈ কিয় টান পাইছে তাই নিজে।নে তাই আৰোহনৰ বাবে ভবা আন ছোৱালীতকৈ শ্ৰেষ্ঠ।বুজি নাপায় তাই।ফোনটোত আৰোহনৰ মেছেজ আহে।
★ Sorry.নভবাকৈয়ে কৈ দিলোঁ বহু কথা।বেয়া নাপাবা।
কলিজাখন মোচৰ খাই গৈছে সৃষ্টিৰ।নভবাকৈয়ে হয়তো তাইৰ মুখৰ পৰাও নক'বলগীয়া কথা ওলাল।দুখৰ সমভাগী হ'বলৈ ভাল কিন্তু সেই দুখক আপোন কৰিবলৈহে টান।হয়তো আৰোহনে আজি বিয়া নাপাতি তাইক এই প্ৰস্তাৱ দিয়া হ'লে তাই প্ৰস্তাৱটো নাকচ কৰাৰ কোনো কাৰণেই নাথাকিল হয়।জানে তাই আৰোহনৰ নিকা মনটোক,হয়তো মন্নত উভতি আহিলে সি আকৌ তাইক আঁকোৱালি ল'ব ঘৰৰ পখী ঘৰলৈ উভতি আহিল বুলি।এইটোও জানে সৃষ্টিয়ে মন্নত যে আৰু কেতিয়াও উভতি নাহে।তাই ডিভৰ্চ নিবিচাৰিলে আৰোহনেও হয়তো নিবিচাৰিব।তেন্তে থাকি যাব নেকি সি অকলশৰীয়া হৈ।
পিছদিনা সৃষ্টি অফিচলৈ অহাৰ পথত দেখিলে আৰোহনক।গাড়ীৰ আগফালে ভেজা দি মুখেদি কুণ্ডলি পকোৱা ধোঁৱা উৰুৱাই তন্ময় হৈ সি কিবা চিন্তা কৰি আছে।তাইৰ তেন্তে ইমান দিনৰ কষ্ট আকৌ পানী হ'ল।সিটো এইবোৰ এৰি দিছিল তেতিয়াহ'লে আকৌ আৰোহন এইবোৰৰ মাজত সোমাই যাব।নামি দিলে তাই গাড়ীখনৰ পৰা।দৌৰি যোৱাৰ দৰেই গ'ল তাই আৰোহনৰ ওচৰলৈ।তাইক দেখি ধৰা পৰাৰ ভয়ত তাৰ মুখৰ মাত নোলোৱা হ'ল।
★উঠা গাড়ীত ।
কথাষাৰ কৈয়েই সৃষ্টি তাৰ কাষৰ চিটত বহি পৰিল।
★ মই মানে I am sorry Sristy
★ মোৰ তেন্তে ইমান দিনৰ কষ্ট এনেই গ'ল।এইবোৰ খালেহে দুখ পাহৰিব পাৰি ন?ভাবাচোন তোমালোকে যে দুখ পাতলাবলৈ এইবোৰ খোৱা ছোৱালীবোৰৰ কি দুখ নাই, সিহঁতে কিয় এই পথ বাছি নলয়।তেনেহ'লেচোন পুৰুষ সঁচাকৈয়ে কাপুৰুষ,নাৰীৰেই পৰিস্থিতিৰ সৈতে সন্মুখীন হ'ব পৰা সাহস আছে।
★কাৰ কাৰণে মই জীয়াম।কোন আছে মোৰ,অকলশৰীয়া মই।সকলো থাকিও কোনো নাই মোৰ।কাক কম মই মোৰ মনৰ কথাবোৰ।
★ মোক কোৱা।অত'দিনেটো শুনিয়েই আছোঁ ।
★কিয় শুনিবা তুমি মোৰ কথা, কোন হয় তুমি?
আজি বান্ধৱী বুলি ক'বলৈও সৃষ্টিৰ মন নগ'ল।কিয় জানো মনটো বিষাদৰে ভৰি গ'ল।আজি তাই অলপ সাজি কাচিও আহিছিল।ঘৰৰ পৰা ল'ৰা এজন চাইছে,অফিচৰ পৰা ডাইৰেক্ট তাই ৰেষ্টুৰেন্টখনলৈ যাব লাগিব।ঘৰৰ সকলো তাতেই লগ হ'ব,ল'ৰাৰ ঘৰো আৰু সৃষ্টিৰ ঘৰৰ মানুহো।অফিচত তাই আজি মন বহুৱাব পৰা নাই।নাচাওঁ বুলি ভাবিও বাৰে বাৰে চকুহাল আৰোহনৰ কেবিনলৈকে গৈছে।মাজে মাজে দুয়ো দুয়োৰে চকুত ধৰাও পৰিছে।বছক কৈ সোনকালেই অফিচৰ পৰা তাই ওলাই আহিল।আৰোহনো তাইৰ পিছে পিছে আহিল।ঘৰত ইমাৰজেন্সি হৈছে বুলি তাই কোৱাত আৰোহনেই থ'বলৈ যাবলৈ ওলাল।বিমোৰত পৰিল সৃষ্টি।তাইৰ ঘৰ আৰোহনে চিনি পাই আৰু এতিয়া যাব লাগে তাই বেলেগ এফালে মাকহঁত ইতিমধ্যে পাইছেহিয়েই।ফাকি দি তাই এইবাৰ বেয়াকৈ ধৰা পৰিল।আগতে হোৱা হয় তাই সকলো কৈ তাক নিজেই লগত লৈ গ'ল হয় কিন্তু কালিৰ ঘটনাটোৰ পৰা তাইৰ সেই সাহস হোৱা নাই।ইমানবোৰ ভাবি থাকোতেই সি গাড়ী ষ্টাৰ্ট দিলেই ।উপায়ন্তৰ হৈ তাই বহি ল'লে।
★ আৰোহন,মোক চাবলৈ আজি ল'ৰা এজন অহাৰ কথা আছে,মাহঁত হেপিভিলা ৰেষ্টুৰেন্টলৈকে আহিছে, ময়ো তালৈকে যাব লাগিব।
★ হয় নেকি ইমাৰজেন্সি তেন্তে সেইটোহে।থিক আছে ব'লা।কি কৰে ল'ৰাই?
★কৃষি বিজ্ঞানী
আৰু একো নক'লে সি।একেবাৰে ৰেষ্টুৰেন্টৰ সন্মুখত গাড়ীখন ৰখালে সি।
★ নামা।
★তুমি নাহা।
★ইয়াত মোৰ কি কাম?
একো ক'ব নোৱাৰিলে সৃষ্টিয়ে।তাই নমাৰ লগে ফো ফোৱাই গাড়ী চলাই সি গুচি গ'ল।সৃষ্টিৰ বুকুখনত আকৌ বিষ এটি অনুভৱ হ'ল।সোমাই গ'ল ৰেষ্টুৰেন্টখনলৈ তাই।সকলো ৰৈ আছে তাইৰ বাবে।তাইৰহে আজি মনটো ভাল নালাগিল।সকলোৰে লগত মাত বোল কৰিলে যদিও মনটো আৰোহনৰ ওচৰলৈকে বাৰে বাৰে দৌৰি গ'ল।
চাবলৈ অহা অৰুণাভক যে তাইৰ অলপো ভাল নালাগিল।কিন্তু মাকহঁত তাৰ গুণত পঞ্চমুখ হৈ পৰিল।ঘৰলৈ অহাৰ পথত অৰুণাভৰ নামেই লৈ থাকিল।সৃষ্টিৰহে মনটো বাৰে বাৰে আৰোহনৰ ওচৰলৈ দৌৰি গৈছে।তাই নিজেই বুজিব পৰা নাই এনে কিয় হৈছে।ঘৰলৈ আহি আৰোহনলৈ ফোন লগালে তাই, ৰিচিভ নকৰিলে সি।তাইৰ আকৌ চিন্তা হ'ল আকৌ সি নিচাৰ মাজত নাইটো।কেইবাবাৰো ফোন কৰাৰ পিছতো সি ৰিচিভ নকৰিলে।নিশাটো তাইৰো টোপনি নাহিল।
পিছদিনা সোনকালেই অফিচলৈ গ'ল।তেতিয়ালৈকে আৰোহন পোৱাহি নাই।অফিচলৈ সাধাৰণতে সিহঁত দুটাই আগৰ পৰা সোনকালে আহে।তাৰ কেবিনটোলৈ সোমাই গ'ল তাই।কিবা সুৰাযুক্ত বস্তু পাই নেকি চাবলৈ।
★কি বিচাৰি আছা?
আৰোহনৰ মাতত সৃষ্টি থতমত খালে।
★নাই, এনেই মানে
★এতিয়া মোৰ লগত লাগি থাকা বন্ধ কৰা,তোমাৰ নতুন মানুহ আহিছে তেওঁৰ বিষয়ে চিন্তা কৰা।
★কালি ইমান ফোন কৰিলোঁ ৰিচিভ নকৰিলা।
★প্ৰয়োজনবোধ নকৰিলোঁ।
ওলাই আহিল তাই কেবিনটোৰ পৰা।'কিয়' বুলি সুধিবলৈ ৰৈও তাই ৰৈ গ'ল।অজানিতে তাইৰ দুচকু বাগৰি আহিল।নিজৰ চকীখনত বহি আৰোহনলৈকে চাই থাকিল।সি কিন্তু আজি এবাৰলৈও তাইলৈ নাচালে।দিনটো তাইৰ কৰিবলগীয়াখিনি কৰিলে যদিও চকু আৰু মন বাৰে বাৰে আৰোহনতে নিবিষ্ট থাকিল।অফিচ ছুটী হোৱাত সকলো ঘৰলৈ গ'ল যদিও আৰোহন কেবিনৰ পৰা ওলাই নাহিল।বহু সময় সৃষ্টিয়ে তালৈ অপেক্ষা কৰিলে।সি ওলাই নহা দেখি তায়ে সোমাই গ'ল।
★নোযোৱা নেকি?
★তুমি যোৱা মই লাহে লাহে যাম।
জানে তাই এই লাহে লাহেৰ অৰ্থ কি।সোমাই গ'ল তাই।
★এনেকুৱা কিয় কৰিছা মোৰ লগত মই কি কৰিলোঁ।আমিটো একেলগেই যাওঁ সদায় ব'লা আকৌ।
★আজিৰ পৰা তুমি অকলেই যাবা,ময়ো অকলেই যাম।
★নাযাওঁ মই অকলে,ব'লা তুমিও।
কথাষাৰ কৈয়েই তাই আৰোহনৰ টেবুলত থকা ফাইলবোৰ সামৰিবলৈ ধৰিলে।
★Stop this Sristy ,stop.why don't you leave me alone.তুমিটো মোক ভাল নোপোৱা তেন্তে কিহৰ বাবে এই কেয়াৰ।মই অকলে আছিলোঁ আৰু অকলেই থাকিম।তুমি যোৱাগৈ।চাইনটিষ্ট আহিছে যেতিয়া এতিয়া মোৰ ওচৰত নথকাই তোমাৰ বাবে ভাল।
কথাকেইষাৰ কৈ সি আকৌ কামত লাগিলে।বুজিছে তাই আৰোহনৰ অভিমানক।কিন্তু তাই কি ক'ব ভাষা বিচাৰি পোৱা নাই।ঘৰত কথাবোৰ জনাবলৈও যে তাইৰ সাহ হোৱা নাই।দুয়োটা বহু সময় কেবিনটোতে পাৰ কৰিলে।নিথৰ,নিস্তব্ধ হৈ,কাৰো মুখত এষাৰি মাত নোলোৱাকৈ।সৃষ্টিৰ মাকৰ ফোনতহে তাই চিন্তাবোৰৰ পৰা আকৌ বাস্তৱলৈ ঘূৰি আহিল।মাকে কিয় ফোন কৰিছে জানিবলৈ তাইৰ বাকি নাথাকিল।ওলাই আহিল তাই একো নোকোৱাকৈ।সময় তেতিয়া ন বাজিছিল।
★ৰ'বা ময়ো গৈছোঁ,এতিয়া অকলে যাব নালাগে।
★ নালাগে, মই পাৰিম।মইনো কোন হয় তোমাৰ?
কথাষাৰ কৈয়েই তাই ওলাই আহিল।
কেবখন বুকিং কৰিলে তাই।অফিচৰ পৰা ওলাই ফুটপাথত ৰৈ আছে তাই।সন্মুখত আৰোহনে গাড়ীখন ৰখাই দিলেহি।
★উঠা
★নালাগে যোৱা।মই পাৰিম ।
এইবাৰ ড্ৰাইভিং চিটৰ পৰা উঠি সি তাইক জোৰেৰে বহুৱাই দিলে গাড়ীখনত।ঘৰ পোৱালৈকে কোনেও এষাৰি মাত নিদিলে।ঘৰ পায়েই মাকৰ হাজাৰটা প্ৰশ্নই সৃষ্টিক বেৰি ধৰিলে।খং উঠিছে তাইৰ লাহে লাহে।অফিচত আৰোহনৰ পৰা শুনা কথা, মাকৰ পৰা শুনা কথাই তাইৰ খংটো দুগুণে বঢ়ালে।দৰ্জাখন মাৰি তাই ফ্ৰেচ হৈ বিচনাত পৰিল।দিনটোৰ ঘটনাবোৰ আকৌ ভাহি আহিল।নিজকে সোধে তাই সঁচাকৈয়ে আৰোহনৰ প্ৰেমত পৰিছে নেকি?যদি নাই পৰা তেন্তে তাৰ উপেক্ষাই কিয় তাইক হুলে বিন্ধাদি বিন্ধিছে।সি অবাটে যাওঁতে তাই কিয় ইমান চিন্তিত হৈছে।ক'ব নেকি মাকক তাই আৰোহনক ভালপায় বুলি।গ্ৰহণ কৰিবনে মাকহঁতে।তায়োটো আৰোহনৰ দ্বিতীয় পত্নী হ'ব লাগিব।পাৰিবনে সমাজৰ হুলে বিন্ধা কথাবোৰ সহ্য কৰিব।আৰোহনৰ দ্বিতীয় পত্নী হোৱাতকৈ অৰুণাভৰ প্ৰথমা পত্নী হৈ গৌৰৱান্বিত হ'ব নেকি তাই।নাই অৰুণাভৰ নামটো মনলৈ অহাৰ লগে লগে তাইৰচোন কিবা এক অশান্তি লাগিবলৈ ধৰিলে।দুচকু জপাই দিলে তাই, আৰোহনৰ ছবিখন ভাহি আহিলে।তালৈ এটা মেছেজ লিখিলে
★বেয়া বস্তুবোৰ নাখাবাচোন,মোৰে শপত।
মেছেজটো দি তাই মাকৰ ওচৰ পালেগৈ।আজি তাই মাকক ক'ব তাইৰ মনৰ কথাবোৰ।নোৱাৰে তাই আকৌ আৰোহনক টিলটিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ।মাকক ক'বলৈহে পালে মাকৰ একেবাৰে কান্দোনত অৱস্থাই নাই।দেউতাক দৌৰি আহিল।সৃষ্টি যদি আৰোহনলৈ বিয়া হয় তেওঁলোকৰ সন্মানৰ কি হ'ব।একমাত্ৰ ছোৱালীজনীক কেনেকৈ এজন বিবাহিত পুৰুষলৈ বিয়া দিব।মাকক বুজাই তাই তাইৰ মাহীয়েকৰ ল'ৰাটোৱেচোন প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত আকৌ বিয়া কৰাইছিল, তেতিয়াটো তেওঁলোকৰ সন্মান লাঘৱ হোৱা নাছিল।তেন্তে আজি কিয় তাইৰ ক্ষেত্ৰত এনে আচৰণ।নিজৰ ছোৱালীজনী দিওঁতে ইমান কষ্ট তেন্তে আনৰ ছোৱালী এজনীক দ্বিতীয় বিবাহত বান্ধিবলৈ ইমান হেতা ওপৰা লগাই কিয়?একেই মানুহ, একেই যন্ত্ৰণা, একেই বিষাদ।তেন্তে এই পাৰ্থক্য কিয়।নাই মাকে নুবুজে, বুজক নুবুজক সৃষ্টিয়ে তাইৰ শেষ সিদ্ধান্তটো জনাই দিলে।তাই বিয়া হ'লে আৰোহনৰ লগতে হ'ব বেলেগ কাৰো লগত নহয়।দৰকাৰ হ'লে তাই বিয়াই নহয়।
ৰুমলৈ আহি ফোনটোলৈ চালে কিবা ৰিপ্লাই আহিল নেকি।নাই একো মেছেজেই অহা নাই।পিছদিনালৈ তাই অপেক্ষা কৰিলে।দেউতাকে অফিচলৈ যোৱাৰ সময়ত কৈ পথালে,তেওঁলোকৰ আপত্তি নাই, মাথোঁ আৰোহনক লগ পাব বিচাৰে।তাৰ অতীতৰ সম্পৰ্কবোৰৰ লেঠা ছিঙি ল'লে ভাল হয়।
ইমান সোনকালে ঘৰত মানি ল'ব বুলি তাই ভবাই নাছিলে।আৰোহনক খবৰটো দিবলৈ তাই একেবাৰে ব্যাকুল হৈ পৰিছে।তাক মাতি পঠিয়াইছে একেলগে যাব আজি।ৰৈ আছে তাই আৰোহনৰ বাবে, সময় যেন আজি ৰৈ গৈছে,ঘড়ীৰ কাটাডাল যেন আজি আগ নাবাঢ়েহে নাবাঢ়ে।লাজো লাগিছে তাইৰ, আজিৰ পৰা যেন আৰোহন তাইৰ বাবে এক বেলেগ মানুহ, তাইৰ মনৰ মানুহ।গাড়ীখন অহাত তাই বহি ল'লে।একেই আৰোহন একেই মানুহ তথাপিও যেন আজি তাইৰ বাবে সি অচিনাকি।সি কিন্তু এইকেইদিনৰ নিচিনাই নাইচোৱা তাইক,নাই মতা তাইক।
★মই তোমাক ভালপাওঁ আৰোহন।(ভয়ে ভয়ে লাজে লাজে তাই ক'লে)।
★হু,কিবা কৈছিলা?
★মই তোমাক ভালপাওঁ আৰোহন।তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ।এইকেইদিনত মই বুজি উঠিছোঁ।তোমাৰ উপেক্ষা মই সহিব পৰা নাই আৰোহন।ঘৰতো কৈছোঁ, তেওঁলোকৰ আপত্তি নাই, মাথোঁ মন্নতৰ লগত তুমি ডিভৰ্চ ল'ব লাগিব।
★তুমি কি ভাবিছা মই ডিভৰ্চ নোলোৱাকৈ তোমাক প্ৰপ'জ কৰিছোঁ।আমাৰ ডিভৰ্চ হৈ গ'ল সৃষ্টি।যোৱা কেইমাহ অফিচৰ কামত দিল্লীলৈ গৈ থাকিব লগা হোৱাত মই কামটো কৰি আহিলোঁ।আজিৰ এই বিশেষ দিনটোত অফিচলৈ নাযাওঁ দিয়া বেলেগ ক'ৰবালৈ যাওঁ।ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যাওঁ ব'লা।
বহু কথা পাতিছিল সেইদিনা দুয়োটাই।দুয়োটাই দুয়োটাক হৃদয়ঙ্গম কৰিছিল।ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা চাই দুয়ো আত্মহাৰা হৈছিল।প্ৰেম হয়তো এনেদৰেই হয় মনে মনে গোপনে।ভালপাওঁ বুলিয়েই ভালপাব নোৱাৰি,ইয়াৰ বাবে লাগে দুখন হৃদয়।এজনৰ আনজনৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহ, আকুলতা, অলপ আস্থা আৰু অলপ বিশ্বাস।
অতি সোনকালেই বিয়াখনৰ দিন লোৱা হৈছিল।একমাত্ৰ কন্যাক এনেকৈ বিয়া দিবলৈ পাই দেউতাক সুখী আছিল যদিও মাক অসন্তুষ্টই আছিল।বিয়াৰ দিনাও ৰভাতলত মানুহৰ ফুচফুচনি, গুণগুণনিৰ অভাৱ নাছিল।তথাপিও কোনেও মুখ খুলি সৃষ্টিক কিবা ক'বলৈ সাহ কৰা নাছিল।কইনা বহা আসনখনৰ পিছফালে সৃষ্টিয়ে ডিজাইনত লিখাই ৰাখিছিল
"ৰভাতলত আশীৰ্বাদৰ মন্ত্ৰ উচ্চাৰণ কৰক।
সমালোচনাৰ বাণেৰে ধূসৰিত নকৰিব।
হৃদয়ঙ্গম কৰক এখন আৰু আনখন হৃদয়
মলিনতাৰে কলুষিত নকৰিব।"
এক হৈ পৰিছিল দুখন হৃদয়,এখন ভগ্ন হৃদয়ক হৃদয়ঙ্গম কৰিছিল আন এখন মৰম আকলুৱা হৃদয়ে।
সমাপ্ত।

Val lagil.....
ReplyDeleteঅশেষ ধন্যবাদ
ReplyDeleteBohut besi bhal lagil story tu porhi. Amazing storyline... Great writing skills.. Words are perfectly chosen. Dialogue bur bohut besi dhunia aru practical hoise. Ekhon natok sai utha jen onubhab hol mur. Agoloiu anekua hundor likhoni pai thakim buli akha korilu. U are so talented my friend.
ReplyDeleteঅশেষ ধন্যবাদ
ReplyDelete