Wednesday, July 29, 2020

সমৰাঙ্গন

সমৰাঙ্গন


নাৰী সৰ্ব শক্তিমান।সময়ত যদি নাৰী অগ্নিৰ দৰে জ্বলন্ত হ'ব পাৰে সময়ত শীতল জল হৈ সকলোকে শীতলতা প্ৰদান কৰিব পাৰে।সময়ে নাৰীক এজনী চঞ্চলা ছোৱালীৰ পৰা এগৰাকী গহীন বোৱাৰীলৈ এগৰাকী বয়সে গৰকা গম্ভীৰ শাহুলৈ পৰিৱৰ্তন কৰে। যিমানেই বেদনা গধুৰ নহওঁক, যিমানেই আঘাত গভীৰ নহওঁক নাৰীয়ে যুজঁ দিয়ে থিক মানসীৰ দৰে। যুঁজিছিল তাই।যুঁজি যুঁজি তাই জিকিছিল।ঘৰখনৰ ডাঙৰ জিয়ৰীৰ দায়িত্ব যিদৰে তাই পালন কৰিছিল বিয়াৰ পিছত বোৱাৰীৰ দায়িত্বও তাই নিষ্ঠা সহকাৰে পালন কৰিছিল।পাঁচজনীকে ছোৱালীৰ পিছত সিহঁতৰ ভায়েক এটা হৈছিল।পুত্ৰমুখ নেদেখা ঘৰখনত ভায়েকটো সিহঁতৰ অতিকৈ মৰমৰ আছিল।দেউতাকে সৰুৰে পৰা সিহঁতক সৎ পথত চলাৰ,সৎ চিন্তাৰে জীৱন যুজাঁৰ আত্মপৰিচয়ৰে জীৱন গঢ়াৰ শিক্ষা দিছিল।নিজে উচ্চ শিক্ষিত নহ'লেও ছোৱালীকেইজনীক উচ্চ শিক্ষা, আদৰ্শৰে যোৱাৰ পথ দেখুৱাইছিল।সপোন দেখিছিল তেওঁ ল'ৰা ছোৱালীকেইটাক মানুহ কৰাৰ,এদিন গোটেই কেইটা সফল হ'ব,নিজৰ ভৰিত নিজে থিয় হ'ব, তেওঁ কৰিব নোৱাৰা কামবোৰ সিহঁতে কৰিব।সেই সপোন তেওঁ দেখুৱাইছিল সন্তানকেইটিক।সিহঁতেও সপোন দেখিছিল উচ্চ শিক্ষা লোৱাৰ, আকাশ ভেদি উৰাৰ।লাহে লাহে সিহঁতৰ সপোনবোৰে পোখা মেলে।বাইভনী গোটেইকেইজনীয়েই দেউতাকৰ সপোনবোৰ নিজৰ কৰি লয়।মানসী ডাঙৰ হোৱাৰ বাবে দায়িত্ববোধৰ অলংকাৰপাত তাই গাত পাতি লয়।মেট্ৰিক, হায়াৰছেকেণ্ডেৰীত দেউতাকে ভবা মতেই তাই উত্তীৰ্ণ হয়।দেউতাকে সপোন দেখে তেওঁৰ জ্যেষ্ঠা কন্যা এদিন সফল হ'ব,জীৱন যাত্ৰাত সকলোকে লগত লৈ তাই আগুৱাই যাব।জীৱন ৰথৰ চকৰি ঘূৰে।

        স্নাতক পঢ়িবলৈ মানসী গুচি আহে কটন কলেজলৈ।হাজাৰ সপোন বুকুত বান্ধি তাই আৰু দেউতাকে একেলগে দেখা সপোনবোৰ পূৰাবলৈ।প্ৰথম প্ৰথম তাই অসহজ হয়।বেলেগ বেলেগ ঠাইৰ ল'ৰা ছোৱালীবোৰৰ লগত মিলিবলৈ তাই অসুবিধা পায়।ছোৱালী স্কুলত হায়াৰছেকেণ্ডেৰীলৈকে পঢ়া মানসীৰ বাবে ল'ৰা বন্ধুৰ লগত বন্ধুত্ব স্থাপন কৰোঁতে বহু ক্ষেত্ৰত অসহজ হয়।তথাপিও সময়ে শিকাই,পৰিবেশ পৰিস্থিতিয়ে শিকাই।তায়ো শিকিছিল সকলোবোৰ।লাহে লাহে কটনখন,গুৱাহাটীখন,পাণবজাৰখন তাইৰ আপোন হৈ পৰিছিল।কটনৰ আশে পাশে তাই অকলেই ঘূৰিছিল।মন যায় তাইৰো দীঘলীপুখুৰীৰ পাৰত তাইৰ সপোন কোঁৱৰৰ লগত হাতে হাত ধৰি কথা পাতিবলৈ,তেওঁৰ কান্ধত মূৰ থৈ সুখ দুখৰ বাৰ্তালাপ কৰিবলৈ।মন কৰিছিল তাই এযোৰ চকুৱে তাইলৈয়েই যে প্ৰতি দিনে লক্ষ্য কৰি আছিল‌।হোষ্টেলৰ বাহিৰত,ডিপাৰ্টমেন্টৰ ভিতৰত,কেন্টিনত,প্ৰেক্ষাগৃহত সকলোতে।কিয় জানো তাইৰ বেয়া লগা নাছিল, মন গৈছিল তাইৰো সেই দুটি চকুত চকু থৈ তায়ো সুধিব

*কিয় চোৱা এনেকৈ, তোমাৰ চাৱনিয়ে যে মোৰ হৃদয় কিমান বাৰ প্লাৱিত কৰি থৈ গৈছে তুমি জানানে?তোমাৰ এই তীক্ষ্ণ চাৱনিয়ে বাৰে বাৰে ধৰাসায়ী কৰিছে মোৰ শৰীৰৰ প্ৰতিটো অংগ।কি আছে এই চাৱনিত?

কিন্তু নোৱাৰে সুধিব তাই,এনেদৰেই মাতবোল নোহোৱাকৈয়ে প্ৰতিদিনে চাৰি চকুৰ মিলন হৈছিল‌।সময় বাগৰিছিল।প্ৰথম বছৰ সিহঁতৰ পাৰ হৈছিল।একো নোকোৱাকৈয়ে যেন সিহঁতে বুজি উঠিছিল সিহঁতৰ মনৰ কথা।লাহে লাহে দুয়োৱে দুয়োৰ বিষয়ে আৰ মুখে তাৰ মুখে গম পাইছিল।এজন নাহিলে আনজন উৎকণ্ঠিত হৈ পৰে।কিন্তু ইজনে সিজনক মাত এষাৰ দিবলৈ যেন সিহঁত বাকৰুদ্ধ হৈ পৰে।
স্নাতক প্ৰথম বছৰৰ পৰীক্ষা দি মানসী ঘৰলৈ আহে।ঘৰতো যেন তাইৰ মন নবহে।সেই চকুযুৰি বিচাৰি ফুৰে তাই।তাই ঘৰত থাকোঁতেই হঠাৎ এদিন দেউতাক অসুস্থ হয়।লগে লগে নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয়।চুগাৰ,প্ৰেছাৰ,ইউৰিক এছিড এনে ধৰণৰ বহু বেমাৰৰ হিচাপে মানসীৰ হৃদয়খন কঁপাই তুলিলে।উসঃ তাইৰ মৰমৰ দেউতাকটো,সুস্থ মানুহজনৰ হঠাতে যে ইমানবোৰ বেমাৰে আগুৰি ধৰিব সিহঁতে সপোনতো ভবা নাছিল।ঘৰলৈ অহাৰ পিছত তেওঁক খোৱা বোৱাৰ পৰা সকলো ধৰণে যতন লোৱা হ'ল।লাহে লাহে সুস্থ হৈ  আহিল দেউতাক কিন্তু সকলো ক্ষেত্ৰতে বহু নিয়মত চলিব লগা হ'ল‌।সুস্থ হৈ উঠিলেই এবাৰ চেন্নাইলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে খুড়াৱকে।দেউতাক নাযায়, ইয়াতে ভাল হ'ব।তথাপিও সকলোৱে আলোচনা কৰি দুদিন দেৰিকৈ হ'লেও চেন্নাইলৈ যোৱাটো থিৰাং কৰা হ'ল।

মানসীৰ ক্লাছ আকৌ আৰম্ভ হ'ল।কান্দি কান্দি আকৌ গুচি আহিল তাই হোষ্টেললৈ।আকৌ ডুব গ'ল সেই দুটি চকুৰ প্ৰেমত।এইবাৰ সিহঁতৰ মাতবোল হ'ল।ৰুমমেট আৰ্চিয়ে দুয়োটাকে মাতবোল কৰাই দিলে।আৰ্চিয়ে লাহে লাহে জানি উঠিছিল মানসীয়ে হৃদয়ত সংগোপনে কঢ়িয়াই ফুৰা নৱনীতৰ প্ৰতি থকা ভালপোৱাৰ কথা।চাৰি চকুৰ কথোপকথন এতিয়া হাই ,হেল্ললৈ প্ৰমোচন পালে।সপোনবোৰৰ মাজত মানসী আকৌ সাঁতোৰিবলৈ ধৰিলে।নৱনীতৰ সংগ,দেউতাকৰ অসুস্থতাৰ মাজত তাইৰ দিনবোৰ আগুৱাবলৈ ধৰিলে।লাহে লাহে ইজনে সিজনৰ ঘৰুৱা কথাবোৰ জানিবলৈ ধৰিলে,ইজনে সিজনক বুজি উঠিল।ইয়াৰ মাজতে দেউতাকক লৈ খুড়াৱক চেন্নাই পালেগৈ।ডাক্তৰক দেখুৱাই মেলি তেওঁলোক পুনৰ উভতি আহিল।উভতি অহাৰ পথত পূজাৰ বন্ধ হোৱাৰ বাবে দেউতাকে তাইকো লৈ আহিল।মনটো মুকলি লাগিল তাইৰ,মৰমৰ দেউতাকৰ সপোনবোৰ তাই পূৰণ কৰিব, তেওঁ আনন্দত আত্মহাৰা হ'ব।কল্পনাতে তাইৰ আনন্দৰ বন্যা নিগৰি পৰে।সপোন দেখে তাই, ভূগোল বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰি কলেজৰ প্ৰফেছাৰ হ'ব,ACS দিব।কিন্তু তাইৰ কল্পনাবোৰ ,তাইৰ আশাবোৰ নিৰাশালৈ ৰূপান্তৰিত হৈছিল।অষ্টমী পূজাৰ দিনা তাইক চাবলৈ এজন ল'ৰা আহিছিল।সপোনতো ভবা নাছিল তাই যিজন দেউতাকে তাইক উৰাৰ সপোন দেখুৱাইছিল আজি সেইজনেই তাইৰ পাখি কাটিবলৈ ওলাইছে।মাকৰ কথামতে তাই চাহৰ ট্ৰেখন লৈ ওলাই গৈছিল।কালৈকো চোৱা নাছিল মাত্ৰ প্ৰশ্নৰ উত্তৰ দিছিল।তাইৰ সমস্ত শৰীৰ জ্বলিবলৈ আৰম্ভ কৰিছিল।এনে লাগিছিল যেন এতিয়াই তাই দেউতাকক চিঞৰি চিঞৰি ক'ব নহয় তাই বিয়া,বান্ধ নাখায় তাই কোনো বান্ধোনত লগৰবোৰৰ দৰে তায়ো পঢ়িব,উচ্চ শিক্ষা ল'ব,দেউতাকৰ আশাবোৰ পূৰণ কৰিব।কিন্তু নোৱাৰিলে তাই।অহাৰ দৰেই এসময়ত আলহী গুচি গ'ল।ভনীয়েকহঁতৰ মুখত মাথোঁ তাই শুনি গ'ল ল'ৰাৰ ছোৱালী পচণ্ড হৈছে, বহুত ধনী ঘৰৰ ল'ৰা,দুটাই ল'ৰা।কথাবোৰ ভনীয়েককেইজনীয়ে বৰ উৎসাহেৰে কৈছিল যদিও মানসীক যেন হুলে বিন্ধাদি বিন্ধিছিল।বুজি পোৱা নাছিল হঠাৎ দেউতাকৰ এনে সিদ্ধান্তৰ কাৰণ কি,কিন্তু এইটোও বুজিছিল যে যিজন দেউতাকে সিহঁতক আগুৱাই যোৱাৰ প্ৰেৰণা দিছিল তেওঁৰ এনে সিদ্ধান্তৰ আঁৰত নিশ্চয় গুৰুত্বতা আছিল।নোসোধো নোসোধোকৈয়ো তাই এদিন দেউতাকক সোধিছিল।দেউতাকে মাথোঁ কৈছিল

* মই অসুস্থ এতিয়া মাজনী,ধন সম্পত্তি মোৰ যথেষ্ট আছে।কিন্তু মই যদি নোহোৱা হৈ যাওঁ মোৰ আৱৰ্তমানত মোৰ গোটেইকেইজনী ছোৱালীৰ দায়িত্ব কোনে ল'ব? সেয়ে যিমান পাৰোঁ সোনকালেই মই ছোৱালীকেইজনী বিয়া দিব বিচাৰোঁ।মই ল'ৰাঘৰৰ লগত কথা পাতিছো তেওঁলোকে তোমাৰ পঢ়াত কোনো বাধা নিদিয়ে, তোমাৰ যিমান ইচ্ছা তুমি পঢ়িব পাৰিবা।মাত্ৰ তুমি বিয়াখনত না নকৰিবা।তোমাৰ তলত আৰু চাৰিজনী ছোৱালীৰ কন্যাদান কৰিবলৈ আছে মা।জীৱিত অৱস্থাতে মই ছোৱালী কেইজনীক সুপাত্ৰত গতাই কন্যাদানৰ দৰে মহান দানৰ পৰা মুক্ত হ'ব বিচাৰোঁ।

দেউতাকৰ কথাকেইটাৰ উত্তৰ দিবলৈ যেন তাইৰ ভাষাৰ অভাৱ হ'ল।কান্দিবলৈও যেন ঘৰখনত ঠাইৰ অভাৱ হ'ল।নৱনীতৰ দকু দুটি তাইৰ মানসপটত ভাহি থাকিল।পূৰ্ণ নহ'ব তেন্তে তাইৰ প্ৰথম প্ৰেম,আৰম্ভ নহওঁতেই পৰিসমাপ্তি ঘটিল তাইৰ সেই নিভাঁজ, সৰল প্ৰেমৰ।কি ক'ব তাই নৱনীতক ভাবি নাপালে তাই।সেইবাৰৰ পূজাৰ আনন্দ তাই উপভোগ কৰিব নোৱাৰিলে।বন্ধৰ শেষত তাই উভতি আহিল আকৌ হোষ্টেললৈ।হোষ্টেললৈ আহি আৰ্চিৰ আগত গোটেই কেইদিনৰ থূপ খাই থকা আৱেগবোৰ,চকুপানীবোৰ পাৰ ভাঙি ওলাইছিল।নৱনীত সেইকেইদিন কলেজলৈ অহা নাছিল।পূজাৰ বন্ধত পৰিয়ালৰ লগত সি গোৱালৈ যোৱাৰ প্ৰগেম আছিল।হোষ্টেললৈ যোৱাৰ এসপ্তাহৰ পিছতে আকৌ দেউতাকৰ ঘৰলৈ মাতি ফোন আহিল।গ'ল আকৌ তাই।আঙুঠি পিন্ধাবলৈ পিছদিনা ডিব্ৰুগড়ৰপৰা ল'ৰা ঘৰৰ মানুহ আহিব,অতি সোনকালেই তেওঁলোকে বিয়াখন হোৱাটো বিচাৰে।মানসীৰ বাবে সেই সময় যেন দূৰন্ত গতিত আগবাঢ়িছিল।বাৰে বাৰে ভগৱানক কৈছিল মানসীয়ে থমকি ৰ  সময়,থমকি ৰ।এবাৰ তাই নৱনীতক লগ পাব বিচাৰিছিল ক'ব খুজিছিল তাই হৃদয়ৰ সকলো আৱেগ ঢালি

*ভালপাওঁ তোমাক মই নৱনীত,বহুত ভালপাওঁ।প্ৰথম প্ৰেম আছিলা তুমি মোৰ।কোনো কথা নোকোৱাকৈয়ে বুজিছিলো তোমাৰ মনৰ ভাষা তথাপিও পূৰ্ণ নহয় মোৰ এই ভালপোৱা।

আঙুঠি পিন্ধাবলৈ লৈ তাই প্ৰথম বাৰৰ বাবে চাইছিল অন্তৰীক্ষৰ চকুদুটি,মুখাৱয়ব।চকুৱে চকুৱে পৰিছিল দুয়ো দুয়োৰ।ডিব্ৰুগড়ৰ বিখ্যাত চাহ ব্যৱসায়ী,কেইবাখনো বেকাৰী,ৰেষ্টুৰেন্টৰ মালিক অমল দুৱৰাৰ কনিষ্ঠ পুত্ৰ অন্তৰীক্ষ দুৱৰা।বাৰে বাৰে চাইছে তাই অন্তৰীক্ষক,কিন্তু সেই যে নৱনীতৰ চকুলৈ চালে তাইৰ যে বুজাব নোৱাৰা এক শিহৰণ হৈছিল, চৌপাশ সেউজীয়া হৈ পৰিছিল তেনে কোনো অনুভূতি তাইৰ অন্তৰীক্ষক চাই হোৱা নাছিল।কথা পতাৰো যেন কোনো আগ্ৰহ নাছিল, মাথোঁ তেওঁলোক সোনকালে ঘূৰি যোৱালৈ তাই বাট চাই আছিল।হাঁহিৰ আৱৰণৰ মাজত ঢাকি ৰখা তাইৰ দুখবোৰ, চেপি ৰখা কান্দোনৰ ৰুলবোৰ যেন কাৰো চকুত ধৰা নপৰে তাই নেদেখা জনক বাৰে বাৰে কামনা কৰিছিল।নোৱাৰে তাই দেউতাকক দুখ দিব,নোৱাৰে তেওঁক অপমানিত কৰিব।পাৰিব তাই অনুভূতি, আৱেগবোৰক চাবিকাঠি লগাব,পাৰিব তাই পাৰিব লাগিব।হোষ্টেলৰ ফোন নাম্বাৰটো বিচাৰিছিল অন্তৰীক্ষে,দিছিল তাই।তাই যেন যন্ত্ৰ হৈ পৰিছিল আনে যি কয় তাই মাথোঁ কৰি গৈছিল।কেতিয়াবা ভাবে তাই দেউতাকক ক'ব নেকি নৱনীতৰ কথা,পিছ মূহুৰ্ততে ভয় খায় তাই কি বুলি ক'ব তাই,ক'ব পৰাকৈ একোৱেই যে নাছিল সিহঁতৰ মাজত।
ক্লাছবোৰ আকৌ আৰম্ভ হৈছিল, কিন্তু মানসীৰ বাবে যেন এইবাৰ ক্লাছ কৰাৰ আগ্ৰহ,মন একোৱেই নাছিল।তাইৰ ৰিং চেৰিমনীৰ কথা প্ৰায়েই গম পাইছিল ক্লাছত,গম পাইছিল নৱনীতেও।ঘৰৰপৰা অহাৰ পিছত ক্লাছলৈ যাবলৈ তাইৰ ভয় লাগিছিল, কেনেকৈ মুখামুখি হ'ব তাই নৱনীতৰ আগত।দোষীবলৈ একো নাথাকিলেও তাইৰ নিজকে নৱনীতৰ সন্মুখত দোষী,স্বাৰ্থপৰ যেন লাগিল।ডিপাৰ্টমেন্টৰ সন্মুখত সি ৰৈ আছে ,থিকেই,থিকেই দেখিছে তাই,সৌৱা তাইৰ সপোন কোঁৱৰ নৱনীত।যাক সাৱটি ধৰি মনৰ সকলো কথা ব্যক্ত কৰাৰ আশা তাইৰ থাকি গ'ল,যাৰ কান্ধত মূৰ থৈ হাতে হাত ধৰি দীঘলীপুখুৰীৰ পাৰত বহাৰ সপোন তাইৰ সপোন হৈয়ে ৰ'ল।নেদেখাৰ ভাও ধৰি তাই সোমাই যাব ধৰিলে ক্লাছলৈ।

* ৰ'বা,তোমাৰ লগত মোৰ কথা আছে।
 ৰৈ যায় তাই, নৱনীতে মাতিছে ।যাক অৱজ্ঞা কৰাৰ সাহস তাই কৰিব নোৱাৰে, যিদৰে দেউতাকক নকৰে।টানি নিলে তাইৰ হাতত ধৰি সি।
*এইবোৰ কি শুনিছোঁ মান,তোমাৰ বিয়া থিক হৈছে, ৰিং চেৰিমনী হ'ল,ইমান হঠাতেই।
*দেউতাই সকলো থিক কৰিছে,তুমিটো নাজানা পাঁচজনীকে ছোৱালী থকা এজন পিতৃৰ দায়িত্বৰ কথা,তুমিটো নাজানা এজন অসুখীয়া পিতৃৰ হৃদয়ৰ বেদনা, তুমিটো বাদেই দিয়া ময়েই জনা নাছিলোঁ কিন্তু এতিয়া বুজিছোঁ।মোৰ কোনো উপায় নাই নৱ,মই নিৰুপায়।
*তেন্তে কটনত পঢ়িবলৈ আহিছিলা কিয় দেমিট।মোৰ হৃদয়ত ইমান ভাৱনা জগাই তুলিছিলা কিয়?কি কৰে ল'ৰাই?
*ব্যৱসায়।
*অ' আচ্ছা বিজনেছ মেন,সেয়ে এতিয়া মোক দৰকাৰ নোহোৱা হৈ গ'ল।থিক আছে মিছ মানসী বেষ্ট অফ্ লাক ফৰ ইয়ৰ ফিউচাৰ।

গুচি গ'ল সি এক ভ্ৰান্ত ধাৰণা লৈ,কোনোদিন তাইক নামাতিলে, কোনোদিনে তাইলৈ নাচালে।অভিমানৰ মালাডাল গাঁঠি সি গুচি গৈছিল ,এবাৰো নোসোধিলে মানসীক তাই কি বিচাৰিছিল।বহু ৰাতি কান্দিছিল তাই,অন্তৰীক্ষৰ ফোন আহিলেও তাই কোনোবাদিনা পাতিছিল ,কোনোবাদিনা নাপাতিছিল।মনে মনে যেন তাই বিচাৰিছিল সেই ফোনটো নৱনীতৰ হওঁক।অলপ দিন যোৱাৰ পিছত অন্তৰীক্ষ গুৱাহাটীলৈ বিজনেছৰ কামত আহোঁতে তাইক লগ ধৰাৰ প্ৰস্তাৱ দিছিল।আৰ্চিহঁতে বুজাই বিয়া হ'বিয়েই যেতিয়া তাক ভালকৈ জানিবলৈ চেষ্টা কৰ,বুজ তাক।সিহঁতৰ উৎপাত তথা বুজনিতে তাই লগ ধৰিবলৈ মান্তি হয়।সাধাৰণভাৱেই চেলৱাৰযোৰ পিন্ধি তাই সেইদিনা ওলাই যায়, নাই কোনো আগ্ৰহ,নাই কোনো ব্যাকুলতা।মাথোঁ যাব লাগে গৈছে।তাৰ গাড়ীখনৰ ভিতৰত বহিহে যেন তাই প্ৰথম বাৰৰ বাবে তাক ভালদৰে চাইছে,ৰেষ্টুৰেন্টত বহি কথা পাতোতে যেন মন কৰিছে তাই একেবাৰে সহজ সৰল ল'ৰাটো।আভিজাত্যৰ মিছা গৰ্ব অহংকাৰ একো নাই,কিন্তু সি যেন তাইৰ সপোনৰ কোঁৱৰ নহয়।মন নাযায় তাইৰ অন্তৰীক্ষৰ লগত দীঘলীপুখুৰীৰ পাৰত বহিবলৈ।ডিগ্ৰী পাছ কৰি ব্যৱসায়ৰ দায়িত্ব লোৱা অন্তৰীক্ষক তাই সেইদিনা খোলাখুলিকৈ কৈছিল তাইৰ উচ্চ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ,সপোনৰ কথা।আশ্বাস দিছিল সি যিমান মন যায় তাইৰ সিমান পঢ়িব পাৰিব বুলি।ভাল লগা নাছিল তাইৰ তাক,কিন্তু ভাল লগাবলৈ তাই যেন বাধ্য হৈছিল।এনেদৰে দ্বিতীয় বছৰো সিহঁতৰ পাৰ হৈছিল,ফাইনেল ইয়েৰ সিহঁতৰ আৰম্ভ হৈছিল।নৱনীতে কোনোদিন তাইক আৰু মতা নাছিল।এদিন ঘৰৰ পৰা ফোন আহিল দেউতাকৰ, পূজাৰ সময়তেই বিয়াৰ দিন দুটা আছে,তেতিয়া নহ'লে আৰু দুবছৰলৈ বিয়াৰ দিন নাহে,সেয়ে তাৰে যিকোনো এটা দিনতে বিয়াখন পাতিব লাগিব।দেউতাকৰ কথাত তাইৰ যেন আপত্তি কৰিবলগীয়া একো নাছিল, মাথোঁ অন্তৰীক্ষক ফোন কৰি জনাইছিল বিয়া হ'লেও তাই কিন্তু পঢ়িব।
 বিয়া হৈ গৈছিল মানসীৰ।যিমান দুখ লাগিব বুলি তাই ভাবিছিল বিয়াৰ দিনা কিন্তু তাইৰ সিমান দুখ লগা নাছিল।বাৰে বাৰে তাই নিজক সোধে ,তাইৰ দুখ লগা নাই কিয়?জেদী হৈ গৈছে নেকি তাই,তাই ইমান কঠোৰ কেনেকৈ হ'ব পাৰিলে।বুজিছিল দেউতাকে তাইৰ মনৰ কথাবোৰ।সেয়ে বিদায়ৰ মূহুৰ্তত তাইৰ কাণত কৈ উঠিছিল,"মোক ক্ষমা কৰি দিবা মাজনী"।হুকহুকাই কান্দি পেলাইছিল তাই।পাৰ ভাঙি আহিছিল ভেটা দি ৰখা তাইৰ চকুপানীৰ ঢল।এনেদৰেই বিদায় লৈছিল তাইৰ আপোনবোৰৰ পৰা,বিদায় লৈছিল তাইৰ স্মৃতিবোৰৰ পৰা।

এক নতুন পৰিৱেশ,নতুন নিয়ম কানুনৰ মাজত তাই সোমাই পৰিছিল।নিজৰ ঘৰৰ লগত কোনোক্ষেত্ৰতে মিল নাছিল।ঘৰখনৰ চিন্তাধাৰাবোৰ যেন তাইৰ কল্পনাৰো অগোচৰ আছিল।সকলো কথাতে কেৱল টকা টকা আৰু টকা।টকাৰে যে মানুহে সকলো কাম কৰিব পাৰে সেই কথা তাইক বুজাই দিয়া হৈছিল।অন্তৰীক্ষ কিছু ক্ষেত্ৰত বেলেগ আছিল যদিও সৰুৰে পৰা দেখি অহা পৰিৱেশক সি বিৰোধিতা কৰাৰ কাৰণ নাছিল।বিয়াৰ পোন্ধৰ দিন মানৰ পিছত মানসী আকৌ কটনলৈ ওভতি আহিছিল।সকলোৰে মুখবোৰ যেন ফুলি গৈছিল।বুজিছিল তাই দেউতাকক যদিও তেওঁলোকে পঢ়িব পাৰিব বুলি কৈছিল সেয়া তেওঁলোকে অন্তৰৰে বিচৰা নাছিল।একমাত্ৰ অন্তৰীক্ষৰ কথাতহে তেওঁলোকে তাইক পুনৰ পঠিয়াইছিল।ধনী ঘৰৰ বোৱাৰীয়ে পঢ়ি শুনিনো কি কৰিব তাতকৈ ঘৰত থাকি ঘৰৰ কাম বনবোৰ কৰাই ভাল।সেই পোন্ধৰ দিনৰ তিক্ততাই মানসীক হতাশ কৰি পেলাইছিল তথাপিও তাই দেউতাকক এই সম্পৰ্কে একো জানিবলৈ দিয়া নাছিল।পঢ়া শুনাৰ খৰচ তেওঁ দিম বুলি কৈছিল যদিও অন্তৰীক্ষে দিবলৈ দিয়া নাছিল।এনেদৰেই কলেজলৈ আহি ক্লাছত আকৌ মন দিছিল তাই।দুদিনমান পিছতে তাই মন কৰিলে তাইৰ গাটো মাজে মাজে বেয়া লাগে,মূৰ ঘূৰাই, বমি বমি লাগে।বুজি নাপায় তাই,আৰ্চিৰ লগত তাই ডাক্তৰৰ ওচৰ পায়গৈ।সৰগখন যেন তাইৰ মূৰৰ ওপৰতহে ভাঙি পৰিছিল।যেতিয়া ডাক্তৰে আহি তাইক কৈছিল

*গুড নিউজ,তুমি মা হ'বলৈ ওলাইছা।

  লগে লগে তাই অন্তৰীক্ষলৈ ফোন কৰিছিল।নোৱাৰে তাই এতিয়াই আৰু এটা জীৱন কঢ়িয়াব।ঘৰৰ মানুহবোৰে সকলো গম পাইছিল।সকলোৱে বাধা দিছিল এবৰছন কৰাত।লাহে লাহে তাইৰ উপভোগ কৰিছিল মাতৃত্বৰ অনুভূতিবোৰ।এপল দুপলকৈ বাঢ়ি অহা কণমানিটিলৈ তাইৰ মৰম লাগিছিল।সকলোৱে ঘৰলৈ ঘূৰি আহিবলৈ কয়,কিন্তু তাই নাহে।তেনেদৰেই ক্লাছ কৰি ফাইনেল পৰীক্ষা দিয়ে।পৰীক্ষা দি তাই পুনৰ ডিব্ৰুগড়ৰ ঘৰলৈ ওভতি আহে।লগৰকেইজনীৰ পৰা বিদায়ে তাইক বহুদিনলৈ যথৰ কৰি ৰাখে।লাহে লাহে কলাকলকৈ বাঢ়ি অহা কণমানিটিৰ লগত তাই ব্যস্ত হয়।মাজে মাজে হতাশো হয় সপোনবোৰ সপোন হৈ ৰোৱাত।তথাপিও তাই সপোন দেখে তাই নিজৰ ভৰিত নিজে থিয় হ'ব।ইন্টাৰনেটত আজৰি সময়বোৰ পাৰ কৰে,জানিবলগীয়া কথাবোৰ লিখি ৰাখে।ঘৰখনৰ মানুহবোৰ তাইৰ ভাল নালাগে,অন্তৰীক্ষক ভাল পাব লাগে কাৰণে পাই নে সঁচাকৈয়ে ভাল পাই তাই নাজানে।মাথোঁ সময়ে যেনেকৈ আগুৱাই লৈ গৈছে তাই মাথোঁ গৈ আছে।মাজে মাজে নৱনীতলৈ মনত নপৰা নহয়,কিন্তু এতিয়া মনত পেলোৱাৰ বাহিৰে তাইৰ আৰু কৰিবনো কি।

  চাওঁতে চাওঁতে তাইৰ জীৱনলৈ এজনী ছোৱালী আহিল, পৰী নাম দিলে তাই।ককৰ্থনা,ভৎসৰ্নাৰে তাইৰ চৌপাশ বিয়পি পৰিল।ঘৰখনত পৰী হোৱাৰ বাবে সুখী আছিল মাত্ৰ দুজন সদস্য, মানসী আৰু অন্তৰীক্ষ।মানুহৰ আঁৰৰ মানুহবোৰ তাই চিনি উঠিছিল।অশান্তি লাগিছিল তাইৰ।ঘৰৰ কামৰ পৰা আহৰি পোৱা নাছিল।ছোৱালীজনীক সময় দিবলৈও তাইৰ যেন সময় নাছিল।সহায়িকা মানুহ থাকিলেও শহুৰ শাহুৰ বাবে যেন তাইহে সেই সহায়িকা মানুহ।লাহে লাহে জেদী হৈ গৈছিল মানসী।একমাত্ৰ পৰীৰ মুখলৈ চায়েই তাই সকলো সহ্য কৰিছিল।স্নাতকত তাই প্ৰথম বিভাগতে উত্তীৰ্ণ হ'ল।আকৌ মনটো উৰি গ'ল ইউনিভাৰ্চিটি পঢ়িবলৈ।ভয়ে ভয়ে ঘৰত উলিয়ালে কথাটো ,শাহুৱেক গোটেইজনী তাইক মাৰিবলৈহে বাকী।প্ৰাইভেটকে পঢ়াৰো খবৰ ল'লে অন্তৰীক্ষৰ হতুৱাই কিন্তু যিহেতু তাইৰ বিষয় ভূগোল আছিল গতিকে প্ৰেক্টিকেল থকাৰ বাবে প্ৰাইভেটকে কৰাৰ সপোন তাইৰ পূৰণ নহ'ল।সপোনবোৰ সপোন হৈয়েই ৰ'ল।লগৰ গোটেই কেইজনীয়ে ইউনিভাৰ্চিটিত চিট পালে।তাইলৈ মাজে মাজে ফোন কৰে।সিহঁতৰ আনন্দৰ সময়বোৰ, মূহুৰ্তবোৰৰ কথা পাতে।তাই মাথোঁ নিৰৱে চকুলো টুকে।মাজে মাজে দেউতাকলৈ খঙো উঠে।
 দুবছৰ এনেদৰেই তাইৰ পাৰ হয়।শাহু শহুৰো অসুস্থ হৈ পৰে।ককায়েক নবৌয়েক বাহিৰৰ পৰা ঘৰলৈ দুদিনমানৰ বাবে আহিলে তাইৰ সেইকেইদিন গুৰুত্ব নোহোৱা হয় লগতে পৰীৰো।ককায়েকৰ ল'ৰা দুটাহে নাতি হৈ পৰে ককাৱক আইতাকৰ।সময়ে শিকাই,সময়ে বুজাই।আৰ্চিৰ কথাই মানসীক লাহে লাহে সাহস দিয়ে।তাই প্ৰাইভেটকে ৰাজনীতি বিজ্ঞান বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ ফৰ্ম ফিলাপ কৰিলে।অন্তৰীক্ষে সকলো থিক কৰি দিলে।এটি নতুন জীৱনে যেন তাইক হাতবাউলি মাতিছে।ঘৰত কোনেও নজনাকৈয়ে তাই পৰীক্ষাবোৰ দি গ'ল।ৰুমৰ ভিতৰত তাই পঢ়া শুনা কৰাৰ কথা অন্তৰীক্ষৰ বাহিৰে কোনেও গম নাপালে।এনেদৰেই হাজাৰ বাধাক অতিক্ৰমি অন্তৰীক্ষৰ সহযোগিতাত তাইৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে।সাহস বাঢ়িল তাইৰ,পাৰিব তাই তাইৰ সপোনবোৰ দিঠক কৰিব পাৰিব।মাষ্টাৰ ডিগ্ৰীৰ ৰিজাল্টৰ খবৰটো তাই এইবাৰ নিজেই দিলে শহুৰ শাহুৱেকক।ইমান ককৰ্থনা, জ্বালা যন্ত্ৰণাই তাইক এতিয়া কঠোৰ কৰি তুলিছে।বেয়াকৈ ক'লেও যেন তাইৰ এতিয়া বেয়া নালাগে।ইতিমধ্যে তাইৰ ডাঙৰ ভনীয়েকৰো বিয়া হৈছিল।ভনীয়েকে এইবাৰ বি এডত এডমিছন ল'ব।ভনীয়েকেই খবৰটো দিছিল

* এডমিছন লৱ যদি ল,নেক্সট ইয়েৰৰ পৰা বি এড দুবছৰীয়া হ'ব,এতিয়াই কৰি ল।

মানসীয়ে ঘৰৰ ওচৰৰ বি এড কলেজত প্ৰিন্সিপালক কৈ মাজে মাজেহে আহিব পাৰিম বুলি কৈ বি এডত এডমিছনটোও লৈ ল'লে।তাতো হাজাৰ বাধাই তাইক চুই গ'ল।কিন্তু এতিয়া তাইক হাজাৰ বাধাইও ৰখাব নোৱাৰে।ছোৱালীক প্লে স্কুলত থৈ তাই মাজে মাজে ক্লাছলৈ যায়।লাহে লাহে অন্তৰীক্ষক তাইৰ ভাল লাগে।মাক দেউতাকক উত্তৰ দিব নোৱাৰে যদিও সি তাৰ কথা ৰাখিছে।তাই বিচৰা ধৰণে পঢ়িবলৈ আগবঢ়াই দিছে।এতিয়া তাতকৈ তাই বেছি পঢ়া যদিও তাৰ কোনো দুখ নাই, অভিমান নাই।পৰী আৰু তাইক মৰমৰে আৱৰি ৰাখিছে।লাহে লাহে মানসীৰ নিজকে শক্তিশালী যেন অনুভৱ হয়।আজিকালি শহুৰেকে তাইক কথা শুনোৱা বন্ধ কৰিছে,কেৱল শাহুৱেকৰহে পুৱাৰ পৰা গধূলিলৈকে টেপটো বাজি থাকে।কেতিয়াবা শুনে,কেতিয়াবা হেডফোনডাল লগাই গান শুনি থাকে।মানুহজনীয়ে কেঢ়াহিকৈ চাই আঁতৰি যায়।পৰীক আজিকালি তেওঁলোকে আগতকৈ মৰম কৰে,তায়ো ককা আইতা কৰি কৰি তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰে।

বি এড পঢ়ি থাকোতেই মানসীয়ে এ পি এছ চিৰ প্ৰিলিমছ পাছ কৰিছিল।তাইৰ যে আনন্দৰ সীমাই নাছিল।দেউতাকলৈ খবৰটো দিছিল, এতিয়াও বহু দূৰ বাকী যদিও তাইৰ বাবে ইয়াতকৈ শ্ৰেষ্ঠ আৰু কি হ'ব পাৰে।কিন্তু এইবাৰ ঘৰখনৰ অশান্তিবোৰ বেলেগ ফালে ঢাল খালে।ঘৰ সংসাৰ এৰি তাই চাকৰি কৰিবলৈ যাব নোৱাৰে।ইমানেই যদি চাকৰি, পঢ়া শুনা কৰাৰ মন আছিল বিয়া হৈছিল কিয়।সেয়েটো নাজানে তাই বিয়া হৈছিল কিয়?ঘৰখনৰ অশান্তিবোৰ,পৰীৰ প্ৰতি থকা দায়িত্ববোধে তাইক আকৌ এ পি এছ চি দিয়াৰ পৰা বিৰত ৰাখিলে।বি এডৰ পৰীক্ষাটোকে তাই ভালদৰে দিলে।ভবামতে তাইৰ আগৰ দৰেই ৰিজাল্ট ভাল হ'ল।আজিকালি সুখবোৰ তাই ৰুমটোৰ ভিতৰতে সামৰি থয়।তাইৰ সুখত সুখী নোহোৱা মানুহবোৰৰ লগত সুখবোৰ ভগাই লোৱাৰ প্ৰয়োজনেই বা কি।মন যায় তাইৰো লগৰবোৰৰ দৰে তায়ো চাকৰি কৰিব,দেউতাকে দেখুওৱা সপোনবোৰ এদিন দিঠক হ'ব।আত্মসন্মান, স্বাভীমানৰে অলংকৃত হ'ব।ধনী ঘৰৰ বোৱাৰী,ব্যৱসায়ী অন্তৰীক্ষৰ পত্নীৰ পৰিচয়তকৈ মানসী বৰুৱা হৈ তাই জীয়াই থাকিব বিচাৰে।জানে তাই,অতদিনে বুজি উঠিছে তাই তাইৰ এই পথ ইমান মসৃণ নহয়,তথাপিও তাই যুঁজি যাব সফল নোহোৱালৈকে নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰালৈকে।এতিয়াও দেউতাক তাইৰ সাহস হৈ আছে প্ৰতিটো খোজত।চাওঁতে চাওঁতে ভনীয়েক দুজনীৰ বিয়া হৈ গ'ল।দেউতাকক তাই বুজাই বাকী দুজনীক নিজৰ মতে পঢ়াশুনা সম্পূৰ্ণ কৰি বিয়া দিব লাগে।দৰকাৰ হ'লে সিহঁতৰ দায়িত্ব তাই ল'ব।পাৰিব তাই, জীৱনত তাই নোৱাৰোঁ বুলি ভবা বহু কথাই কৰিব পাৰিছে এতিয়া হাজাৰ বাধা আহিলেও তাই অতিক্ৰম কৰিব পাৰিব।মাজতে দেউতাকৰ আকৌ গা বেয়া হয়।মাক,খুড়াৱকে মিলি আকৌ তেওঁক চেন্নাইলৈ লৈ যায়।মানসী সেইবাৰ ঘৰ ৰখীয়া হ'ব লগা হয়।ঘৰত থাকোঁতেই তাই ফৰ্ম ফিলাপ কৰি থোৱা কে কে হেণ্ডিকৰ পি এইচ ডিৰ এন্ত্ৰেন্স হয়।অন্তৰীক্ষ আৰু ভনীয়েকৰ বাহিৰে কাকো নোকোৱাকৈ তাই পৰীক্ষাত উপস্থিত হয়।দুদিনমানৰ পিছতে ৰিজাল্ট ওলাই।দেউতাকো ঘূৰি আহে।তাই এন্ত্ৰেন্সত পাছ কৰে আকৌ সপোনৰ পিছত তাই দৌৰে।তাতোকৈ সুখৰ কথা তাইৰ নেট ক্লিয়েৰ হয় আৰু যেন একো নালাগে তাইক।এটি মাথোঁ সৰুসুৰা চাকৰি পালেই তাইৰ ডেউকাযোৰত চাবি লগাব।ডিব্ৰুগড়ৰ ঘৰলৈ ওভতি যায় তাই।ব্যৱহাৰবোৰ আৰু বেয়া হয় কিন্তু এইবাৰ যেন মানসীক একোৱেই লৰাব নোৱাৰে।পি এইচ ডিৰ কাম কৰি যায় তাই লগতে আলোচনা চক্ৰ,আলোচনী আদিতো লিখা মেলা কৰি যায়।ছোৱালীজনীও লাহে লাহে ডাঙৰ হয়।

এদিন সেই ঠাইৰে প্ৰাইভেট ডিগ্ৰী কলেজ এখনত তাইৰ বিভাগটোত চাকৰি ওলোৱাৰ খবৰ দিয়ে অন্তৰীক্ষে।মন নাচিলে যদিও তাৰ কথাত পৰিয়েই তাই ইন্টাৰভিউটো দি আহিছিল।জীৱনৰ প্ৰথম মুখামুখিকৈ দিয়া ইন্টাৰভিউ, ভয়ে ভয়ে তাই সোমাইছিল যদিও নিৰ্ভয়ে তাই ওলাই আহিছিল।তাইক চোন সোধা সকলো প্ৰশ্নৰ উত্তৰেই তাই দিব পাৰিছে।পায় নাপায় পিছৰ কথা মানুহকেইজনৰ আগত যে তাই লাজ নাপালে সেইটোহে ডাঙৰ কথা।দুদিন পিছত কলেজৰ পৰা তাইক চিলেক্ট কৰা হৈছে বুলি খবৰ আহিল।কথাষাৰ শুনি তাই হাঁহিবই নে কান্দিবই হ'ল।চাকৰি পালেও জানো তাই কৰিব পাৰিব ইমান সহজে।এইবাৰ অন্তৰীক্ষক লগালে মাক দেউতাকক ক'বলৈ।এইবাৰ তাই আৰু এক বিশেষণৰে বিভূষিত হ'ল।অন্তৰীক্ষক হাতৰ মুঠিত ৰখাৰ,তাৰ তলতীয়া কৰি লোৱাৰ।তথাপিও অন্তৰীক্ষৰ সহযোগতে তাই চাকৰিলৈ যাবলৈ সাহস পালে।কেৱল কামৰ তালিকাখন, শহুৰ শাহুৰ খোৱা বোৱাৰ তালিকাখন, গালি শপনিবোৰ বাঢ়ি গ'ল।তথাপিও তাই কৰি গ'ল।এনেদৰে তাই পি এইচ ডিও কমপ্লিট কৰিলে আৰু ডিপাৰ্টমেন্টৰ প্ৰথম ডক্তৰেট হ'ল।তেতিয়াৰ পৰা পাঁচ বছৰে তাই কলেজখনকে আপোন ভাবি দায়িত্ববোৰ পালন কৰি গৈছে।বৰ্তমান কলেজখন চৰকাৰী হ'ল।ভাবিয়েই তাই সুখী তাই যেন এতিয়া সঁচাকৈয়ে কলেজৰ প্ৰবক্তা হ'ল।প্ৰিন্সিপালে মাতি নি তাইক আজি সুখবৰটো দিলে।তাইক বিভাগীয় মুৰব্বীৰ দায়িত্ব দিয়া হৈছে।কথাষাৰ শুনি তাই থিয় হৈ থাকিব পৰা নাই।বিভাগত তাইৰ নিজৰ আসন হ'ব,টেবুলত লিখা থাকিব তাইৰ নাম।তাই এতিয়া আত্মপৰিচয়ৰে জীয়াই থাকিব পাৰিব, কোনো ধনী ঘৰৰ বোৱাৰী,অন্তৰীক্ষৰ পত্নী হিচাপে নহয় প্ৰবক্তা মানসী বৰুৱা হৈ।খবৰটো এইবাৰ তাই নিজেই দিলে ঘৰত।আজি তাই সমৰাঙ্গনৰ বিজয়ী যুদ্ধা,কোনো কতুক্তিৰ অস্ত্ৰই তাইক ধৰাশায়ী কৰিব নোৱাৰে।আগতে প্ৰাইভেট কলেজ বুলি হাঁহি উৰুৱাই দিয়া শহুৰ শাহু শিল পৰা কপৌৰ দৰে থৰ লাগিল।

No comments:

Post a Comment

সপোনৰ পৰা সমাধিলৈ

সপোনৰ পৰা সমাধিলৈ প্ৰায় পষেকযোৰা প্ৰচেষ্টাৰ অন্তত হেড ছাৰৰ ভাষণৰ প্ৰস্তুতি সমাপ্ত হ'ল।বাৰাণ্ডাৰ চাৰিওদিশে পায়চাৰি কৰি কৰি এইবাৰ তেওঁ আৰম...