#স্নেহাস্পদ
*মা, সঁচা কথা কোৱাচোন মই তোমালোকৰ সন্তান নহয় নেকি?মোক তোমালোকে ৰাস্তাৰ পৰা বুটলি আনিছা?মোক মোৰ মায়ে পেলাই থৈ গৈছিল ৰাস্তাত?
হঠাৎ অহা প্ৰশ্নটোৱে মালবিকাক প্ৰায় নিশ্চুপ কৰি তুলিলে।জীৱনত এই প্ৰশ্নটোৰ সন্মুখীন হ'ব লাগিব বুলি তেওঁ নজনা নহয়।বাৰে বাৰে নিজে ক'ম বুলি ভবা কথাটোও যে তেওঁলোকে আজিলৈকে ক'ব নোৱাৰিলে।কিমান দিন যে তেওঁলোক প্ৰস্তুত হৈছে কথাবোৰ ক'বলৈ কিন্তু জীয়েকৰ মৰম লগা মুখখনৰ সন্মুখীন হ'লেই তেওঁলোকৰ প্ৰস্তুতিবোৰ অপ্ৰস্তুতি লৈ ৰূপান্তৰিত হয়।কেনেকৈ কয় জন্মৰ দুদিনমান পিছতেই ৰাস্তাত পাই তাইক আপোন কৰি লৈছিল তেওঁলোকে,কেনেকৈ কয় তেওঁলোক যে তাইৰ জন্মদাতা নহয়,কেনেকৈ কয় ন মাহ দহ দিন গৰ্ভত লৈ তেওঁ তাইক জন্ম দিয়া নাই।কিন্তু ক'ত উজাগৰী নিশা তেওঁলোকে মাতৃ দুগ্ধ নোপোৱা শিশুটিৰ কান্দোন ৰখাবলৈ পাৰ কৰিছে।কিমান আপোনজনৰ কটাক্ষ তেওঁলোকে আওকাণ কৰিছে।কেতিয়াবা হয়তো নিজৰ পুত্ৰ দুটাকো অৱহেলা কৰিছে কণমানিজনীৰ আলপৈচান ধৰিবলৈ।তাৰ পিছতো সমাজে ক'লেই জানোঁ তেওঁলোকৰ জীয়াজনী বেলেগৰ হৈ যাব,সমাজেটো কোনোদিন তেওঁলোকক সোধা নাই তাইক কেনেকৈ ডাঙৰ দীঘল কৰিছে,কেনেকৈ লালন পালন কৰিছে,কেৱল সমাজে খোজে প্ৰতি সোঁৱৰাই দিছে পৰিচয় নোহোৱা ছোৱালী জনী নিজৰ কৰি লৈ তেওঁলোকে ভাল নকৰিলে, জাত পাতৰ পৰিচয় নোহোৱা, মাক বাপেকৰ পৰিচয় নোহোৱা ছোৱালীজনীয়ে কেনেকৈ দত্ত বংশৰ সুনাম কঢ়িয়াই আনিব।
এডভকেট শান্তনু দত্ত,মানে সন্মানে,টকাই পইচাই সকলো আছে,মাথোঁ নাই এজনী কন্যা সন্তান।পাঁচটাকে ককাই ভাইৰ মাজত ডাঙৰ হোৱা দত্তৰ মন যায় বাই-ভনীৰ মৰম পাবলৈ।সেয়ে তেওঁ সেই সপোন ৰচে নিজৰ জীৱনত।পত্নী মালবিকা প্ৰথম গৰ্ভৱতী হোৱাৰ দিনৰ পৰাই অন্তৰৰে বিচাৰিছিল তেওঁ এজনী পৰী অহাৰ সপোন।
কিন্তু বিধাতাই নিদিলে তেওঁক সেই সৌভাগ্যৰ গৰাকী হ'বলৈ।দ্বিতীয় বাৰ মালবিকা গৰ্ভৱতী হোৱাৰ সময়তো তেওঁ মনে প্ৰাণে সাজু হৈছিল লখিমীক আদৰিবলৈ।কিন্তু কণা বিধাতাই সেইবাৰো তেওঁৰ সপোন চাৰখাৰ কৰি পেলালে।অৱশেষত পৰীৰ সপোন দেখা শান্তনু দত্তই পুত্ৰ সন্তান কেইটাৰ মাজতে সুখ ল'বলৈ শিকিলে।তথাপিও মনৰ মাজত সেই কল্পনাৰ পৰীজনী যেন সদায়েই থাকিল।
ছোৱালী নথকা বংশটোত সকলোৰে একপ্ৰকাৰ অবাধ্য হৈয়েই শান্তনু দত্তই আলিটোত পৰি থকা কন্যা শিশুটি বুকুৰ আপোন কৰি লৈছিল।মাক-দেউতাক, ককাই-ভাই,ওচৰ চুবুৰীয়াৰ হাজাৰ বাধা,কটু মন্তব্য, সমালোচনাক আওকাণ কৰি তেওঁ আৰু পত্নী মালবিকাই তাইক মৰমৰে উপচাই দিছিল।
নানা জনৰ নানা মত।কোনোৱে কয়
*জাত-পাতৰ বিচাৰ নাইকিয়া কাৰ সন্তান থিক নাই, পিছলৈ তোৰ মান সন্মান সকলো নিব।
কোনোৱে কয়
*পিছলৈ যেতিয়া গম পাব তহঁত তাইৰ প্ৰকৃত পিতৃ মাতৃ নহয়,তেতিয়া তহঁতক এৰি থৈ যাব আৰু এনেকুৱা ছোৱালীক পিছলৈ বিয়া কৰাব কোনে?
কোনোৱে কয়
*মাক বাপেকৰ পৰিচয় নাইকিয়া ভৱিষ্যতে বা কি কৰে কোনে জানে,মাকৰ দৰেই যদি চৰিত্ৰহীনা হয়।
এনে বহু কটু মন্তব্যক একাষৰীয়া কৰি শান্তনু দত্তই কণমানিজনীক নাম দিছিল জীয়া দত্ত।কণমানি আঙুলিকেইটাই যেন তেওঁৰ আঙুলিত পৰম প্ৰত্যয়ৰে ধৰিছিল,কলাকলকৈ বাঢ়ি অহা তাইৰ কলকলনিবোৰ শান্তনু দত্তৰ হৃদয়ত সুৰ হৈ প্ৰৱাহিত হৈছিল আৰু যেতিয়াই তাই অফিচৰ পৰা অহাৰ পিছত দুহাত মেলি তেওঁৰ ওচৰলৈ দৌৰি গৈছিল দত্তৰ সুখবোৰ যেন প্লাবিত হৈ পৰিছিল।সুখী আছিল দত্ত জীয়াৰ জীয়া জীয়া ধেমালিবোৰ জী উঠি, এখুজি,দুখুজি তাইৰ থোপোক থাপাক খোজৰ ছন্দত তেওঁ আপোন পাহৰা হৈ উঠিছিল।ল'ৰা দুটায়ো ভনীয়েকৰ লগত খেলি ভাল পাইছিল।সিহঁতৰ মৰমৰ ভনীয়েকৰ সকলো আব্দাৰ যেন ককায়েক হিচাপে সিহঁতে পালন কৰাটো দায়িত্ববোধত পৰিছিল।
ল'ৰা ছোৱালী তিনিটাৰ ধেমালিবোৰে দত্তৰ আৱাস মুখৰিত কৰি ৰাখিছিল।লাহে লাহে জীয়া ডাঙৰ হৈছিল।সম্পৰ্কবোৰ বুজি উঠিছিল।কিন্তু দত্তই বা মালবিকাই অনুভৱ কৰে মানুহবোৰে তেতিয়াও যেন জীয়াক সহজে গ্ৰহণ কৰি ল'ব পৰা নাছিল।বিয়াই সবাহে ল'ৰা দুটাক দত্তৰ ল'ৰা বুলি যিমান আদৰ কৰে সেই আদৰ যেন জীয়াৰ প্ৰতি নাথাকে।ছল পালেই যেন তেওঁলোকে কৈ উঠিব 'তুমি দত্তৰ নিজৰ সন্তান নহয় নহয়।'আনহে নালাগে নিজৰ বৰটাৱক,খুৰাৱক, ককাৱক,আইতাকো যেন ইয়াৰ বিপৰীত নহয়।কেৱল শান্তনু দত্তৰ ভয়তহে তেওঁলোকৰ মুখৰ পৰা আজিলৈকে এই সত্যটো ওলোৱা নাই।পৰাপক্ষত জীয়াক তেওঁলোকে অকলে ক'তো যাবলৈ নিদিয়েই।হয় ককায়েকহঁতৰ লগত নহয় মাক দেউতাকৰ লগতে তাই ফুৰিবলৈ যায়।
হঠাৎ এদিন জীয়াই স্কুলৰ পৰা আহি মাকক সুধে
*মা মই তোমাৰ নিজৰ ছোৱালী নহয় নেকি?
আকাশখন ভাঙি পৰে মালবিকাৰ কি কয় এই ছোৱালীজনীয়ে,ক'ত কি শুনি আহিলে তাই?ভয়টো লুকুৱাই ৰাখি তাইৰ স্কুলৰ বেগটো টেবুলত থৈ বিচনাখনত বহুৱাই বুকুৰ মাজত সোমোৱাই লয় জীয়াক।কেনেকৈ কয় সঁচা কথাটো আৰু কোনোবাই ক'লে বুলিয়েই জানোঁ জীয়াজনী তেওঁৰ সন্তান নোহোৱা হৈ যাব ।
*মোক এটা কথা কোৱাছোন জীয়ামা, মই তোমাৰ মা হয় নে নহয়?তোমাক মই মাৰ দৰে মৰম কৰা নাই নেকি?
*কিয় তেনেকৈ কৈছা মা,তুমি মোৰ মা নহ'লে আৰু নো কোন হ'ব?
*তেতিয়া হ'লে আজিৰ পৰা এনে কথা মোক নুসুধিবা।তুমি মোৰ ছোৱালী হয়নে নহয় এই কথা কি আমাক বেলেগে ক'লেহে মানি ল'ম নেকি?মোৰ অন্তৰত তুমি মোৰ জী হৈ আৰু তোমাৰ অন্তৰত মই তোমাৰ মা হৈ জীয়াই আছোঁ।অন্তৰৰে যদি আমি আমাৰ সম্পৰ্কত সুখী হৈ আছোঁ তেন্তে ইয়াত অন্যৰ স্বীকৃতি কিয়?এইয়াই চিৰন্তন সত্য।তুমি মোৰ জীয়া,আমাৰ জীয়া।
মাকৰ কথাবোৰ জীয়াই তন্ময় হৈ শুনিছিল।লগৰবোৰে কোৱা কথাবোৰ মিছা বুলি তাই মানি লৈছিল।দত্তৰ লগত আলোচনা কৰি মালবিকাই বহু বাৰ সঁচা কথাবোৰ কৈ দিয়াৰ সিদ্ধান্তও লৈছিল।কিন্তু তাইৰ নিষ্পাপ মুখখন দেখিলেই তেওঁলোক বাকৰুদ্ধ হৈ পৰিছিল।
চাওঁতে চাওঁতে জীয়াজনী ডাঙৰ হৈ আহিল।জীয়াই নব্বৈ শতাংশ নম্বৰৰে মেট্ৰিক পাছ কৰিলে।ককায়েকহঁতৰ মেট্ৰিকৰ ৰিজাল্টতকৈ তাইৰ ৰিজাল্ট বেছি ভালহে হ'ল।শান্তনু দত্তৰ মুখত সেইকেইদিন এক সন্তুষ্টিৰ হাঁহি,গৌৰৱৰ হাঁহি দেখা পোৱা গ'ল।এইয়া যেন সেই সকলৰ মুখত এক প্ৰচণ্ড চৰ আছিল যিসকলে জীয়াক লৈ নানা বাক্যবাণ নিক্ষেপ কৰিছিল।
জীয়াক কটনলৈকে পঢ়িবলৈ পঠিওৱাৰ কথা মালবিকাই এদিন শান্তনু দত্তক কয়।ভয় লাগে মালবিকাৰ ইয়াত থাকিলে কোন দিনা বা তাইক কোনে কি কথা লগায়।দত্তৰ জীয়েকক দূৰলৈ পঠোৱাৰ কথা শুনি অন্তৰখন কঁপি উঠে।কিমাননো ডাঙৰ হৈছে তাই, ষোল্ল বছৰ হৈছেহৈ,ভালকৈ ভাতকেইটাও ৰান্ধিব জনা হোৱা নাই, তাইকনো কেনেকৈ গুৱাহাটী হেন চহৰত অকলে পঠিয়াই।তেওঁৰ চকুৰ সন্মুখৰ পৰা জীয়াক দূৰলৈ পঠোৱাৰ কথা তেওঁ যে কল্পনাই কৰিব নোৱাৰে। কবিতা কবিতা লগা তাইৰ কথাবোৰ আৰু পৰী পৰী লগা তাইৰ সৌন্দৰ্য্যই সকলোৰে নিমিষতে দৃষ্টি আকৰ্ষণ কৰে।গাখীৰ যেন বগা ছোৱালী জনীৰ সেন্দুৰ হেন ৰঙা তাইৰ গাল দুখনীয়ে যেতিয়া সৰল হাঁহিটো মাৰে কাৰনো তাইলৈ দৰদ নালাগিব।ককাললৈকে পৰা চুলিটাৰি এক আদব কায়দাৰে তাই ক্লাচাৰ ব্যৱহাৰ নকৰাকৈ বান্ধি ৰাখে।
তথাপিও এদিন নহয় এদিনটো জীয়াক দূৰলৈ পঠিয়াবই লাগিব, সেইয়া লাগিলে বিয়াৰ আগতেই হওঁক বা পিছতেই হওঁক।মনে নিবিচাৰিলেও বিবেকৰ কথাই তেওঁ শুনিলে।কটনত পঢ়িবৰ বাবে যো যা চলোৱা হ'ল।জীয়াৰো ঘৰ এৰি যাবলৈ মন নাই।ককায়েকহঁত নাথাকেই ঘৰত,এটাই চাকৰি সূত্ৰে বাহিৰত থাকে আৰু এটাই এম.টেক কৰি আছে দিল্লীত,এতিয়া তায়ো গুচি গ'লেযে মাক-দেউতাক একেবাৰে অকলশৰীয়া হৈ যাব।কোনোদিনে মাক দেউতাকক এৰি ক'তো নোযোৱা জীয়া এক প্ৰকাৰ কটনত পঢ়িবলৈ যাবলৈ ভয় লাগিল।তাই গুচি গ'লে যে বিশেষকৈ দেউতাক অকলশৰীয়া হৈ পৰিব তাই বুজে।পুৱাৰ পৰা গধূলিলৈকে ঘৰত থকা সময়খিনি যে তেওঁ মাত্ৰ জীয়েকক দিয়ে তাই ইমান দিনে বুজি উঠিছে।প্ৰকৃতাৰ্থত তাই দেউতাকৰ হৃদয়ৰ ৰাজকুমাৰী।
পৰিয়ালৰ মানুহবোৰৰো লাহে লাহে জীয়াৰ প্ৰতি যেন চিন্তাধাৰাবোৰ অলপ বেলেগ হ'ল।কটনলৈ পঢ়িবলৈ যাব বুলি সকলোৱে তাইক ভাত এসাঁজ খোৱাৰ নিমন্ত্ৰণ দিলে।খুৰাৱকহঁতৰ ঘৰত পাই অহা আদৰ সাদৰৰ কথা জীয়াৰ মুখত শুনি শুনি মালবিকাৰ মনটো সেই কেইদিন বৰ ভাল লাগি থাকিল।হওঁক তেওঁ পৰিয়ালটোৱে তাইক আদৰি লৈছে।আহিবৰ পৰত তাইক ঘড়ী এটাও দি পঠাইছে।তাইৰ বৰ পচণ্ড হৈছে।নহ'বইনো কিয় সৰু সৰু মনবোৰে সৰু সৰু বস্তুবোৰতেইটো সুখ বিচাৰি পায়।বৰটাৱকৰ ঘৰলৈও তাই বৰ আগ্ৰহেৰে গ'ল।ককায়েক দুটা বাহিৰলৈ যোৱাৰ সময়তো এনেদৰেই সকলোৱে নিমন্ত্ৰণ দি এসাঁজ ভাত খাবলৈ নিমন্ত্ৰণ দিয়া তাই দেখিছে।কিন্তু হাঁহি হাঁহি যোৱা ছোৱালীজনী ওভতি আহিল শেঁতা পৰা মুখখন লৈ,এটি প্ৰশ্ন লৈ,হৃদয়ত হাজাৰ ধুমুহা লৈ
*মা, সঁচা কথা কোৱাচোন মই তোমালোকৰ সন্তান নহয় নেকি?মোক তোমালোকে ৰাস্তাৰ পৰা বুটলি আনিছা?মোক মোৰ মায়ে পেলাই থৈ গৈছিল ৰাস্তাত?
মালবিকাৰ আজি ধৈৰ্য্যৰ বান্ধ ছিঙি গৈছিল।কিয় এনেকুৱা কৰিলে তেওঁলোকে।ছোৱালীজনীয়ে কিমান আনন্দৰে গৈছিল বৰমাৱকৰ ঘৰত এসাঁজ খাবলৈ,কিন্তু বিনিময়ত কি দিলে তেওঁলোকে?এসাগৰ চকুপানী,হৃদয় চিৰাচিৰ কৰি তুলা অলেখ প্ৰশ্ন।নাই আজি তেওঁ ক'ব সকলো ক'ব।যদি তেওঁৰ আৰু দত্তৰ মৰম,আদৰ সঁচা হয়।যদি তেওঁলোকে একো ভুল কৰা নাই, তেন্তে জীয়াই উপলব্ধি কৰিব তেওঁলোকৰ মৰম,ভালপোৱা।যি সমাজৰ হাজাৰ বাধাক নেওচি শান্তনু দত্তই জীয়াক আপোন কৰি লৈছিল,সেই সমাজৰ কথা শুনি জীয়া যদি তেওঁলোকৰ পৰা আঁতৰি যায় যাওঁক,তাত তেওঁলোকৰ কোনো আপত্তি নাই।এটি দেৱ শিশুক মৃত্যুৰ দুৱাৰ ডলিৰ পৰা আনি মানুহ কৰিবৰ বাবে যি সৰ্বতো প্ৰচেষ্টা তেওঁলোকে কৰিছিল তাক নেওচি জীয়া আঁতৰি যায় যদি যাওঁক।সকলো ক'লে মালবিকাই সেইদিনা জীয়াক।আৰম্ভণিৰে পৰা দেউতাকৰ মৰম,হেঁপাহ আৰু সমাজক পিঠি দি তাইক আপোন কৰি লোৱাৰ সকলো কথাই ক'লে তেওঁ জীয়াক।জানে তেওঁ জীয়াই কষ্ট পাব,নিজৰ মাক বাপেকে এৰি থৈ যোৱা বুলি জানিলে কোনেনো দুখ নাপাব,স্বাভাৱিকতেই পাব।সেয়ে তেওঁলোকে কওঁ কওঁ বুলিও জীয়াক কথাবোৰ কোৱা নাছিল।জীয়া যাতে হীনমান্যতাত নোভোগে,নিজকে পুতৌৰ দৃষ্টিৰে যাতে নাচায় সেই বাবে তেওঁলোক এই সত্য প্ৰকাশৰ পৰা দূৰত আছিল।
মালবিকাক আচৰিত কৰি জীয়া তেওঁৰ বুকুৰ ভিতৰত সোমাই পৰিল।অলপো কন্দা নাই তাই।মালবিকাৰ ভিতৰি ভিতৰি ভয়টো বাঢ়ি আহিল।জানে তেওঁ জীয়াক সৰু সৰু কথাটে আৱেগিক ছোৱালীজনীৰ কথাই প্ৰতি চকুপানী ওলাই।মাকৰ মৰম,ককায়েকহঁতৰ প্ৰচ্ছায়াত,দেউতাকৰ আদৰত ডাঙৰ হোৱা জীয়াজনীয়ে নকন্দা দেখি মালবিকাৰ ভয়টো ভিতৰি ভিতৰি বাঢ়ি আহিছে।
*এই কথাখিনি মোক আগতেই কৈ দিয়া হ'লেই মোক কটনলৈ পঠোৱাৰ ব্যৱস্থা কৰিব নালাগে ন?মই কিবা নুবুজো নেকি এই পৃথিৱীত মোৰ মা,পাপা,দাদাহঁততকৈ মৰম কৰা মানুহ আৰু কোনো নাই বুলি।আচলতে, কি জানা মা,মোক যে মোৰ জন্ম দাতাই এৰি থৈ গ'ল,ভালহে কৰিলে নহ'লেনো মই তোমালোকৰ নিচিনা ইমান মৰম কৰা মা পাপা ক'ত পালোঁ হয়।এতিয়া, এইবোৰ বাদ দিয়া আৰু পাপাক ইয়াৰ কলেজৰেই ফৰ্ম এখন আনিবলৈ কোৱা।এই জীয়াক বুটলি আনিছিলা নহয় এতিয়া আৰু এই জীয়া তোমালোকক এৰি সহজে ক'লৈকো নাযায় মিছেছ শান্তনু দত্ত।এতিয়া কিবা আছে যদি দিয়া মোৰ বহুত ভোক লাগিছে।অতীত বুৰঞ্জী শুনি থাকোঁতে থাকোঁতে মোৰ ভাত খুৱাই নহ'ল নহয়।হাঁহি হাঁহি ঢলি পৰে জীয়া মাকৰ গাত।
কিবা এটা বনাই দিবলৈ মালবিকা উঠি আহে।আজি যেন তেওঁ জীয়াৰ অন্নপ্ৰাশন পাতিব,বিধে বিধে তাইৰ ভালপোৱা ব্যঞ্জনবোৰ ৰান্ধিব।উদৰ পূৰাই খাব জীয়াই আৰু মালবিকা আৰু শান্তনু দত্তই পলক নেপেলোৱাকৈ চাব তেওঁলোকৰ জীয়াজনীৰ হাঁহি ভৰা মুখখন।মালবিকাই জানে কিমান যে ভালপাব দত্তই জীয়াৰ এই কথাবোৰ শুনি।মাকতকৈ যে জীয়াৰ প্ৰতি দেউতাকৰ টানটো অলপ বেছি মালবিকায়ো জানে।সঁচাকৈয়ে জীয়া ডাঙৰ হ'ল,নভবাকৈয়ে কেতিয়াবা কিছুমান কথা বৰ সহজ হৈ পৰে যদিহে তাত থাকে সঁচা মৰম আৰু আদৰ।
👍👍👍
ReplyDelete