Saturday, September 5, 2020

পৰিপূৰক

পৰিপূৰক

*এই যে তুমি সুধিছা,মই সুখীনে?ইয়াতেইটো আছে এসাগৰ ভালপোৱা আৰু এবুকু মৰম।মোক মই কৰি ৰাখিছা,পাহৰি যাবলৈ নিদিয়াকৈ মোৰ শিল্পী মনটোক জীয়াই ৰাখিছা,নিজে শিল্পী নহ'লেও শিল্পী মনৰ মইজনীক সন্মান দিছা,মনে বিচৰা ধৰণে উৰিবলৈ এখন আকাশ দিছা আৰু ডেউকা ভাঙি যাব নোৱাৰাকৈ মোক পৰম প্ৰত্যয়ৰে আৱৰি ৰাখিছা আৰু ইয়াৰ পিছতো সুধিছা মই সুখীনে?কৈ জানো শেষ কৰিব পাৰিম।

*নহয় মানে তোমাতকৈ মোৰ বয়সৰ ৰেখাডাল বেছি যে সেয়ে মাজে মাজে ভাবোঁ তোমাক তুমি বিচৰা ধৰণে মই ৰাখিব পাৰিছোনে নাই।মোৰ বয়সৰ হিচাপ নিকাচত তোমাৰ মনটোক জীপাল কৰি ৰাখিব পাৰিছোনে নাই?

*পাৰিছা,পাৰিছা।সেয়েটো আজিৰ এই এবছৰীয়া বিবাহ বাৰ্ষিকী কেৱল আমাৰ দুয়োৰে মাজতে সীমাবদ্ধ কৰিব খুজিছো।এই সময় মাথোঁ তোমাৰ আৰু মোৰ।নালাগে মানুহৰ সমাগম,নালাগে সুস্বাদু খাদ্যৰ ব্যঞ্জন,এই সময় হওঁক মাথোঁ তোমাৰ আৰু মোৰ,আমাৰ।

*কিন্তু তুমিটো এনে নাছিলা,আনক খোৱাই,সুখবোৰ দহজনৰ লগত ভগাই ভাল পাইছিলা।তেন্তে,কিয় আজি নিজকে সীমাবদ্ধ কৰি ৰাখিছা।

*নাই ৰখা অ',মাথোঁ এই সময়কণ,এই দিনটো উপভোগ কৰিব খুজিছোঁ।

     এবছৰ আগতে এই দিনটোতেই  বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খাইছিল ৰাগিনী আৰু অনুৰাগ চলিহা।মৰমে নামানে হাজাৰ বাধাৰ প্ৰাচীৰ, মৰমে নামানে বয়সৰ ব্যৱধান।পি.এইচ.ডি কমপ্লিট কৰি ৰাগিনীয়ে চাকৰিত জইন কৰিছিল তাই পঢ়ি যোৱা কলেজখনতে।বহু পৰিৱৰ্তন হৈছিল কলেজখনৰ,ষ্টাফ ৰুমত নতুন নতুন মুখবোৰে ভুমুকি মাৰিছিল।তাইৰ ডিপাৰ্টমেন্টতো নতুন নতুন মুখৰ মানুহবোৰে তাইক আখজা লগাইছিল।তাই জইন কৰাৰ এমাহ মান আগত ট্ৰেন্সফাৰ হৈ আহিছিল সিহঁতৰ ডিপাৰ্টমেন্টলৈকে ডঃ অনুৰাগ চলিহা।দেখাই শুনাই সুঠাম, সুন্দৰ,হাজাৰজনী ছোৱালীৰ তেতিয়াও চালে চাই থাকিবলৈ মন যোৱা চলিহা অবিবাহিত বুলি গম পাই কিন্তু সকলোবোৰ আচৰিত হৈ পৰিছিল।ষ্টাফৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে সকলোৰে মনত খুপনি পোতা প্ৰশ্নটো আছিল,'ছাৰে এতিয়াও কিয় বিয়া পতা নাই?'ৰাগিনীৰ মনতো যে এনে প্ৰশ্নৰ উদয় হোৱা নাছিল এনে নহয়,তায়ো ভাবে কি ঘটিব পাৰে এই মানুহজনৰ জীৱনত,যিয়ে তেওঁক এই সাতচল্লিশ বছৰ বয়সতো অবিবাহিত কৰি ৰাখিলে।কেতিয়াবা মেজৰ ক্লাছত তাইক ষ্টুডেন্টেও সোধে,'মেম,মেম চলিহা ছাৰে এতিয়াও কিয় বিয়া পতা নাই?' সুধিবাচোন ছাৰকে বুলি কৈ তাই প্ৰশ্নটোৰ পৰা আঁতৰি আহে।মনত হাজাৰ প্ৰশ্ন থাকিলেও বহু কথা সোধা নাযায়।

ৰাগিনীয়ে মন কৰে মানুহজন বহু ৰিজাৰ্ভ।তাইকটো সৰু বুলিয়েই কোনো কথাত গুৰুত্বই নিদিয়ে।গুৰু,গম্ভীৰ ভাৱে কলেজলৈ আহে,ডিপাৰ্টমেন্টতো দুই,এটা দৰকাৰী কথা পতাৰ বাহিৰে বেলেগ কথা একো নাপাতে আৰু ভাগো নলয়।মাজে মাজে লাইব্ৰেৰী যায়, কিতাপ পঢ়ে তাত নপঢ়িলেও ডিপাৰ্টমেন্টতে পঢ়ে।ফোন চোনৰ লগতো বেছি সম্পৰ্ক নাই।মুঠতে সাধাৰণ মানুহৰ পৰা কিছু পৃথক এটি জীৱনধাৰা তেওঁৰ।কিন্তু তেওঁ বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত বহু লেখা-মেলা কৰে যিয়ে বাতৰি কাকতৰ পৃষ্ঠা ভৰি থাকে।

ৰাগিনীৰ মানুহজন ভালো নালাগে, বেয়াও নালাগে, এই মাজে মধ্যে চলি যোৱা বিধৰ।সাধাৰণতে ৰাগিনীয়ে ডিপাৰ্টমেন্টত নিজেও কিছু শালীনতা বজাই ৰাখে,যিহেতু তাইৰ শিক্ষাগুৰু সকলো তাতেই থাকে।কিন্তু, এদিন ডিপাৰ্টমেন্টত বেলেগ কোনো নথকাত ক্লাছো অফ্ থকাত তাই ইউনিভাৰ্চিটিৰ এৰি অহা লগৰকেইজনীৰ লগত ভিডিঅ' কলত বাৰ্তালাপ কৰে।কথা পাতোতে পাতোতে কোন সময়ত তাইৰ ভলিউম বাঢ়ি গ'ল তাই গমেই নাপায়।

* মিচ ৰাগিনী,এইটো ডিপাৰ্টমেন্ট হয় অলপ মাৰ্জিত ভাৱে কথা পাতক।

    প্ৰকৃততে, ৰাগিনীয়ে গমেই নাপালে কোন সময়ত ডঃ চলিহা ডিপাৰ্টমেন্টলৈ আহিছিল।পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি কৰি তাই লগৰকেইজনীৰ লগত ইমানেই মছগুল হৈ পৰিছিল যে হাঁহি হাঁহি ক'ব নোৱাৰা হৈছিল।হঠাৎ চলিহাৰ কথাখিনিয়ে তাইৰ খঙটো উঠাই আনিলে।মনতে ভাবিলে, বুঢ়া তই কি বুজিবি বন্ধুত্ব কি?কেৱল কিতাপৰ পোকহে তই।একো নকলে তাই, কিন্তু তেওঁকে জ্বলাবলৈ সেই একেই ধৰণে কথা পাতিলে।কিছু সময়ৰ পিছত তেওঁ নিজেই ওলাই গ'ল ডিপাৰ্টমেন্টৰ পৰা।পিছদিনা তেওঁ নিজেই ৰাগিনীক মাতে

*মিচ ৰাগিনী কালিৰ বাবে Sorry.

*OK,sir বুলি ৰাগিনীয়ে একো নকয় আঁতৰি আহে।

    সেইবাৰ কলেজৰ যুৱ মহোৎসৱৰ দায়িত্ব পৰে ৰাগিনী আৰু ডঃ চলিহাৰ ওপৰত।ৰাগিনী এগৰাকী নৃত্য পটিয়সী আছিল,নৃত্য তাইৰ জীৱন আছিল।সদায় পুৱা, আবেলি তাই সত্ৰীয়া, কথকৰ অনুশীলন কৰিছিল।পঢ়ি অহা বিশ্ববিদ্যালয়খনলৈ আকৌ যাবলৈ পাই ৰাগিনী সুখী হৈছিল যদিও লগত চলিহাৰ নামটোৱে তাইৰ আশাত চেঁচা পানী ঢালিলে।ইমান নিৰস মানুহটোকনো কিয় চিলেক্ট কৰিব লাগে,মনে মনে ভাবিলে তাই।যুৱ মহোৎসৱৰ উল্লাস,ব্যস্ততাবোৰৰ মাজত ৰাগিনী পৰিচয় হয় অনুৰাগ চলিহাৰ ভিতৰৰ মানুহজনৰ সৈতে।শিল্পী নহ'লেও ছাত্ৰ ছাত্ৰীসকলক কোন ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব লাগিব, কোনটো দিশ কেনেদৰে পৰিচালনা কৰিব লাগিব এইসকলোবোৰৰে আঁট ধৰিছিল তেওঁ।ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও সেইকেইদিনত ৰাগিনীৰ যাতে কোনোক্ষেত্ৰতে অসুবিধা নহয় সকলো ক্ষেত্ৰতে চকু দিছিল তেওঁ।তাৰ মাজতে ৰাগিনীয়ে মন কৰে ঘনে ঘনে তেওঁ মাকৰ খবৰ লয়।ভাত খালানে,দৰৱ খালানে ইত্যাদি কথাৰে।

*আপোনাৰ ঘৰত কিবা অসুবিধা হৈছে নেকি ছাৰ? 

ৰাগিনীয়ে এদিন সোধে


*নাই, নাই একো অসুবিধা নাই।
    যুৱ মহোৎসৱৰ পৰা অহাৰ দুদিনৰ পিছত অনুৰাগ চলিহা ঘৰলৈ যায়। HOD ৰ পৰা ৰাগিনীয়ে খবৰটো পায়।অনুৰাগ চলিহাৰ মাকৰ মৃত্যু হৈছে।ৰাগিনীয়ে যেন এনে কিবা এটা হোৱাৰ উমান পাইছিল সেয়ে সেইদিনা তেওঁক ঘৰৰ খবৰ লৈছিল।কিন্তু তেওঁহে ফাঁকি দিলে।কৰিম কৰিম বুলিও তাইৰ খবৰ ল'বলৈ ফোনটো কৰা নহ'ল।প্ৰকৃততে, ডিপাৰ্টমেন্টটো কোনেও নাজানে তেওঁৰ ঘৰত কোন কোন আছে।নিজকে এটি সীমাত সীমাবদ্ধ কৰি ৰখা মানুহজনক আচলতে সকলোৱে তেওঁৰ ব্যক্তিগত জীৱনৰ খবৰ ল'বলৈ সংকুচিত কৰে।সম্পূৰ্ণ পোন্ধৰ দিনৰ পিছত তেওঁ কলেজত জইন কৰে।সেইদিনা ডিপাৰ্টমেন্টত সোমায়েই চলিহা ৰাগিনীৰ চকুৱে চকুৱে পৰে।ৰাগিনীয়ে মাতিবলৈ খোজোতেই তেওঁ ব্যস্ততাৰে নিজৰ টেবুল খুচৰিবলৈ ধৰে।তথাপিও তাই মাতে
*আহিলে ছাৰ, শ্ৰাদ্ধ ভালে ভালে হৈ গ'ল?
*ও,ও হ'ল।
সোধো বুলিয়েই তাই আকৌ সুধিলে
*আপোনাৰ ঘৰত কোন কোন আছে?
  এইবাৰ চলিহাই আচৰিত হোৱাৰ দৰে ৰাগিনীলৈ চাই উত্তৰ দিলে
  এই প্ৰশ্নটো হয়তো ডিপাৰ্টমেন্টত তেওঁক কোনেও আজিলৈকে কৰাই নাই।
*মা আছিল, এতিয়া ভাই তিনিজন আৰু তেওঁলোকৰ পৰিয়াল, ভনী দুজনী আছিল বিয়া হ'ল।
*ডাঙৰ পৰিয়াল ছাৰ, আপুনি বিয়া কিয় নাই পতা ছাৰ? প্ৰশ্নটো মুখৰ পৰা ওলাল যদিও ৰাগিনীৰ নিজৰেই ভাল নালাগিল।প্ৰশ্নটো সোধাৰ যেন এইয়া উপযুক্ত সময় নাছিল।কিন্তু ৰাগিনীক আচৰিত কৰি চলিহাই উত্তৰ দিলে
* ঘৰৰ জ্যেষ্ঠ হিচাপে দায়িত্ববোৰ পালন কৰোঁতে কৰোঁতে কেতিয়ানো বয়সৰ সীমাৰেখাডাল পাৰ হৈ গ'ল গমেই নাপালোঁ।দেউতাৰ মৃত্যুৰ পিছত ভাই ভনীকেইটাক এই চাকৰিটোৰেই পঢ়াই শুনাই বিয়া দি দায়িত্ব পালন কৰাৰ পিছতহে দেখো নিজলৈ ভাবিবলৈ চোন এতিয়া সময়েই নাই।ছোৱালীৰ প্ৰস্তাব নহা নহয় কিন্তু এতিয়া জানো মোৰ বয়স আছে,সেয়ে সেইবোৰ কথা বাদ দিলোঁ।
*চলমান খানেও বিয়া পতা নাই ছাৰ আৰু কোনো কোনোৱে হয়তো এই বয়সত দুবাৰো বিয়া কৰাইছে।চেইফুক দেখা নাই?


*কোন?
*সেইফ আলী খান।
কথাবোৰ বহলাবলৈকে তাই এই অদৰকাৰী প্ৰসঙ্গ উলিয়াইছে।মানুহজনক জানিবলৈ তাইৰ মন গৈছে, বুজিবলৈ মন গৈছে, কি আছে এই শান্ত সমাহিত মানুহজনৰ অন্তৰত।নিজৰ ভালপোৱা, বেয়াপোৱা বুলি একো নাই নেকি, ভাই ভনীৰ বাবে নিজকে সমৰ্পিত কৰিব পৰা মানুহজনৰ যৌৱনত নাছিল নে কোনো প্ৰেয়সী, নাছিল নে তেওঁৰ কাকো ভাল লগা।আজিকালি প্ৰায়ে ডিপাৰ্টমেন্টত কোনো নথকাৰ সুযোগ লৈ ৰাগিনীয়ে অনুৰাগ চলিহাক ভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে।লাহে লাহে ৰাগিনী তেওঁৰ ভিতৰৰ মানুহ জনৰ লগত চিনাকি হয়।ভাল লগা হয় তাইৰ অনুৰাগক,যিজনক এদিন তাই বুঢ়া বুলি মনতে গালি পাৰিছিল সেইজনক আজিকালি অনুৰাগ বুলি মাতিবলৈ মন যায়, আপোনা আপুনিৰ পৰা তুমি ক'বলৈ মন যায়,মন যায় বহু কিবাকিবি ক'বলৈ,মনৰ কথা পাতিবলৈ।আজিকালি কলেজলৈ সাজিকাচি আহি তাই ভাল পায়,মন কৰে তাই অনুৰাগেও যেন আগতকৈ বহু পৰিপাটীকৈ আহে।ঘৰলৈ গৈও যেন শান্তি নাই, এটা মেছেজ এটা ফোনৰ বাবে তাই অপেক্ষা কৰে,কিন্তু কোনোদিন অনুৰাগে ফোন বা মেছেজ এটা নকৰে।অঞ্চলটোৰ কিছুমান অনুষ্ঠানত এতিয়াও ৰাগিনীক নৃত্য প্ৰদৰ্শনৰ বাবে মাতে।ভাল পায় তাই নৃত্যৰ মাজত নিজকে বিলীন কৰি।এবাৰ তেনে এটি অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ অনুৰাগ চলিহাই নিমন্ত্ৰণ পাইছিল আৰু তাতেই প্ৰথম অনুষ্ঠানটো আছিল ৰাগিনীৰ।কিয় জানো প্ৰথম বাৰৰ বাবে ৰাগিনীৰ মঞ্চত উঠি ভৰি থৰক বৰক কৰিছিল,সন্মুখত যে অনুৰাগ।নৃত্য প্ৰদৰ্শনৰ পিছত ৰাগিনীলৈ অনুৰাগৰ প্ৰথম মেছেজ আহিছিল

*তুমি চোন ধুনীয়া নাচা,গমেই পোৱা নাছিলোঁ।এইবাৰ 'নাক' টিমক তোমাৰ নৃত্য প্ৰদৰ্শন কৰাব লাগিব।

  সেইদিনা বহু ৰাতিলৈ দুয়ো মেছেজত কথা পাতিছিল।অনুৰাগৰ প্ৰতি এক বুজাব নোৱাৰা আকৰ্ষণ জন্মিছিল ৰাগিনীৰ।নাজানে তাই এই আকৰ্ষণৰ নাম কি,নিজকে নিজে প্ৰশ্ন কৰে তাই ,তাই বাৰু অনুৰাগৰ প্ৰেমত পৰিছে নেকি?এনেটো হোৱা নাছিল তাইৰ আগতে,এই যে দিনে ৰাতিয়ে,খাওঁতে,শুওঁতে এটা নামেই অহৰহ তাইৰ মন মগজু আৱৰি ৰাখে,কি নাম ইয়াৰ?বিচাৰে নেকি তাই অনুৰাগে তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়ক,বিবাহৰ প্ৰস্তাৱ দিয়ক।বয়সৰ ব্যৱধান থাকিলেও চোন সকলো ক্ষেত্ৰতে তাইক অনুপ্ৰেৰণা দিয়ে অনুৰাগে, কোনো দিন কোনো কথাত বাধা দিয়া বা হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা নাই।

হঠাৎ এদিন ডিপাৰ্টমেন্টৰ  অনুৰাধা বাইদেৱে অনুৰাগলৈ ছোৱালী এজনী দেখুৱাই।

*বিয়া পাতা যদি কোৱা মই ধুনীয়া ছোৱালী এজনী চাই থৈছোঁ।
অনুৰাগে হাঁহে।
 কথাষাৰ শুনাৰ লগে লগে ৰাগিনী যেন স্থিৰে থাকিব নোৱাৰিলে।তাৰ হাঁহিৰ অৰ্থ বুজিবলৈ তাইৰ অসুবিধা হ'ল।সেইদিনা কোনো এটি ক্লাছত তাই মন বহুৱাব নোৱাৰিলে।অনুৰাগকো ভালদৰে মাতিব পৰা নাই।বাৰে বাৰে মনলৈ এটা কথাই আহে অনুৰাগে বাৰু সেই ছোৱালীজনীক সঁচাকৈয়ে বিয়া পাতিব নেকি?বহু সময় লাইব্ৰেৰীতে কিতাপৰ পৃষ্ঠা লুটিয়াই তাই বহি থাকে।দুদিনমান তাই অনুৰাগৰ লগতেই ঘৰলৈ উভতি গৈছিল কিন্তু আজি যেন তাই অনুৰাগৰ মুখামুখি হ'ব বিচৰা নাই।অকলেই উভতি গ'ল সেইদিনা।পিছদিনাও তাই অনুৰাগলৈ চাব পৰা নাই।মাথোঁ বাইদেউজনী দেখিলে তাই কাণ পাতি ৰয় আকৌ ছোৱালীজনীৰ বিষয়ে কিবা কয় নেকি?অনুৰাগেও তাইক নিজে মতা নাই, তাই এইবাৰ নিশ্চিত হয় যে অনুৰাগ তাইৰ পৰা আঁতৰি যাব বিচাৰিছে।অভিমানী হয় তায়ো,আঁতৰি আহে অনুৰাগৰ সান্নিধ্যৰ পৰা।সেই দুদিন তাইৰ খাবলৈ ববলৈও মন নোযোৱা হয়।কেন্টিনলৈ যায় যদিও খাবলৈ মন নাই বুলি বহি থাকে।ঘৰলৈ গৈও বাৰে বাৰে ফোনটোলৈ চাই কিজানি অনুৰাগৰ মেছেজ, ফোন আহেই, পিছে নাই তাৰ একো খবৰেই নাই।

 তৃতীয় দিনা তাই কলেজলৈ সোনকালেই গ'ল।জানে তাই সেইদিনা মেজৰৰ ফাৰ্ষ্ট ক্লাছ অনুৰাগ আৰু তাইৰ থাকে।সময়তকৈ আগতেই গৈ বহি আছে তাই ডিপাৰ্টমেন্টত।কিছু সময়ৰ পিছত অনুৰাগ সোমাই আহে।তাই মূৰ তুলি নাচায়।

*কি হ'ল হে আজিকালি মোক নমতাৰ কিবা পণ চণ কৰিছা নেকি?কিবা জগৰ লগালো নেকি?

 উত্তৰ নিদিয়ে তাই, খং এটি উঠি আহে তাইৰ।

  *কি হ'ল ৰাগিনী ?বুলি প্ৰথম বাৰৰ বাবে অনুৰাগ তাইৰ কাষৰ চকীখনত বহে।

*একো নাই হোৱা।

*তেন্তে মোৰ প্ৰশ্নৰ উত্তৰ নাই দিয়া কিয়?

*প্ৰয়োজন বোধ কৰা নাই।কথাষাৰ বৰ ৰুক্ষভাৱে ক'লে তাই।

*এৰা মই নো কোন হয়?

 উঠি যাব ধৰে অনুৰাগ।ৰাগিনীয়ে বুজে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে।

*আপুনিওটো ছোৱালীৰ খবৰ পোৱাৰ পিছৰ পৰা মোক মতা নাই।

*ক'ৰ ছোৱালী, কি খবৰ?

*অনুৰাধা বাইদেৱে দেখুওৱা ছোৱালী।

    হাঁহি দিয়ে অনুৰাগে, সেই প্ৰাণোচ্ছল হাঁহি ৰাগিনীৰ আগতে দেখা মনত নপৰে।

*মোলৈ ছোৱালী এই বয়সত আহিবও লাগিছে নহয়।দেখুৱালেই ছোৱালীয়ে মোক কিবা পচণ্ড কৰিব নেকি?

*কিয় নকৰিব,ময়েই চোন কৰো।

  মুখৰ পৰা ওলাই অহা কথাষাৰে ৰাগিনীক লাজ দিলে।দুয়ো ৰুমটোৰ ভিতৰত মৌন হৈ পৰিল।কিছু সময়ৰ পিছত অনুৰাগ ক্লাছলৈ ওলাই গ'ল।ৰাগিনী ক্লাছত থাকিল যদিও  হৈ যোৱা ঘটনাটোৱে তাইৰ মনত ক্ৰিয়া কৰি থাকিল।এনেই তাই এইকেইদিন মনোকষ্টত আছিল,অনুৰাগে কথাটোত গুৰুত্বই দিয়া নাছিল, তাইহে বেছি চিন্তা কৰিলে আৰু আজি নোকোৱাকৈ থকা কথাটো কৈ দিলে।কিহে পাইছিল তাইক বাৰু তেনেকৈ ক'বলৈ।অনুৰাগে জানো ভাবে তাইৰ কথা তাই ভবাৰ দৰে,অনুৰাগক দেখিলে তাইৰ হৃদয়ত সপ্তৰাগ সৃষ্টি হোৱাৰ দৰে তাৰ হৃদয়ত জানো সৃষ্টি হয়,ভাবে জানো তাইক কেতিয়াবা নিজৰ কৰি লোৱাৰ কথা যি কথা বৰ্তমান সময়ত তাই শয়নে সপোনে ভাবে।নাই ক'লেই যেতিয়া তাই এই সুবিধা আৰু হেৰুৱাব নোৱাৰে।তাৰ অন্তৰৰ কথা জানিবই লাগিব।ক্লাছৰ পৰা ওলায়েই তাই কেন্টিনলৈ গ'ল।জানে তাই ফাৰ্ষ্ট ক্লাছটো কৰি অনুৰাগে কেন্টিনত একাপ চাহ খায়।তাইৰ বাবেও চাহ একাপৰ অৰ্দাৰ দি তাৰ কাষতে বহিলে তাই।দেখিও নেদেখাৰ ভাও ধৰে সি।জানে তাই পৰিস্থিতি এতিয়া সহজ হৈ থকা নাই, বিশেষকৈ অনুৰাগৰ বাবে।তেওঁৰ নিচিনা এজন ব্যক্তিয়ে কেতিয়াও তেওঁতকৈ বিশ বছৰ সৰু ছোৱালী এজনীক প্ৰেমেই হওঁক বিবাহেই হওঁক প্ৰস্তাৱ দিব নোৱাৰে।

*মই আপোনাক ভাল পাওঁ মানে ভাল পাই পেলাইছোঁ।

*পাগল হৈছা নেকি তুমি, এইয়া অসম্ভৱ তুমি মোতকৈ বিশ বছৰ সৰু,তোমাৰ ঘৰে কি ক'ব,সমাজে কি ক'ব? হাঁহিব সকলোৱে তোমাক।

*তাতে কি হ'ল,আপুনি মোক ভাল নাপায়।যদি মোক আপোনাৰ বাবে যোগ্য নহয় বুলি ভাবিছে তেন্তে থিক আছে মই আঁতৰি যাম।কিন্তু বয়স,সমাজৰ দোহাই দি মোৰ পৰা আঁতৰি নাযাব।

*কিন্তু বয়সে,সময়ে যদি তোমাক মোৰ পৰা আঁতৰাই লৈ যায়?

*ধৰি ৰাখিম এই সময়,এই সময়ক সেই সময়লৈ ৰূপান্তৰিত কৰিম।যদি দুখন হৃদয় বুজন হয়,যদি দুখন হৃদয় এখন আনখনৰ পৰিপূৰক হয় পাৰিব জানো সময়ে তাক বিলীন কৰিব,পাৰিব জানো সময়ে তাক উৰুৱাই নিব।মোৰ বিশ্বাস আমি পাৰিম বয়স,সমাজ আৰু সময়ৰ লগত খোজ মিলাই চলিব মাথোঁ তাৰ বাবে লাগিব এজনৰ আনজনৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু ভালপোৱা।মানুহে হাঁহিব যদিহে আমি হাঁহিবলৈ দিও।যদি মই সংকোচ কৰোঁ আপোনাৰ পৰিচয় দিবলৈ যদি আপুনি সংকোচ কৰে মোৰ চিনাকি দিবলৈ।লাহে লাহে মানুহে পাহৰি যাব সকলো,ৰৈ যাম মাথোঁ আপুনি আৰু মই।

সেইয়াই আৰম্ভণি সমাজ,পৰিয়ালৰ হাজাৰ বাধাকো নেওচি এক হৈ পৰিছিল ৰাগিনী আৰু অনুৰাগ।মাক,দেউতাকে সমাজৰ হাঁহিয়তৰ পাত্ৰ হোৱাৰ ভয়ত বিয়া নিদোঁ বুলি কোৱাৰ পিছতো জীয়েকৰ স্থিৰ সিদ্ধান্তৰ ওচৰত তল পৰিব লগা হৈছিল।এক হৈ গৈছিল দুটি মন,দুটি প্ৰাণ আৰু দুটি সত্বা।সৰু সৰু কথাতে সুখ বিচাৰি লৈছিল দুয়োটাই।আজিকালি চিঞৰি চিঞৰি কথা পাতিলে,হাঁহিলে অনুৰাগে একো নকয়,মিচিকিয়া হাঁহি এটা মাৰি ওলাই যায় ৰাগিনীৰ বুঢ়াটো।বৰষুণ বেয়া পোৱা অনুৰাগে ৰাগিনীৰ লগত মিলি এতিয়া বৰষুণত তিতি ভাল পোৱা হ'ল।বৰষুণৰ বতৰত আডা দিয়া লাল চাহৰ সৈতে পকৰী প্ৰিয় হ'ল ৰাগিনীৰ।চিকেন পোলাওৰ ৰেচিপিয়ে দেওবৰীয়া এসাজ খোৱাৰ দৰে পইতা ভাতৰ লগত আলু পিটিকা,সৰু মাছৰ ভজা দুয়োৰে প্ৰিয় হৈ পৰিল।মাজে মাজে আবেলিটো পাৰ্কত কটোৱা, বন্ধত লং ড্ৰাইভত যোৱা, কেতিয়াবা ঘৰতে থাকি ন পুৰণি চিনেমা একেলগে উপভোগ কৰা,তাতোকৈ ডাঙৰ কথা ৰাগিনীয়ে নৃত্যৰ অনুশীলন কৰাত,নৃত্যৰ প্ৰদৰ্শন কৰাত অনুৰাগে কোনোদিন বাধা দিয়া নাই।বৰং বিয়াৰ পিছত কলেজত হোৱা অনুষ্ঠানত নাচিবৰ বাবে অনুৰাগেই ৰাগিনীৰ নামটোৰ প্ৰস্তাৱ দিছিল।তাইৰ সৰু ডাঙৰ সকলো সুখ যেন সি আনি দিব,তাইৰ আঁচল পাতি মাথোঁ সামৰিলেই হ'ল।ৰাগিনীয়েও হিচাপ ৰাখে অনুৰাগৰ অভিৰুচি,ভাল লগা,বেয়া লগাবোৰৰ।সুখবোৰ কেৱল এজনেই সামৰিলেই জানো হ'ব যদিহে তাত নাথাকে আনজনৰো সঁহাৰি।কোনে কয় বয়সৰ ব্যৱধানে স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্কত বাধাৰ সৃষ্টি কৰে বুলি পাৰে জানো কৰিব যদিহে তাত থাকে দুখন প্ৰেমময় হৃদয়ৰ বিশালতা।

বিবাহ বাৰ্ষিকীৰ এই মধুৰ দিনটোত ৰাগিনীয়ে নিজ হাতেৰে বনোৱা কেকটো কাটিছে দুয়ো,কাষতে বাজি আছে

প্ৰীতি ভৰা সপোনৰে গাঁথা
চোৱা চোন এবাৰ আহি
তুমি মই এটি হৈ ওমলিম
সোণালী এই পৃথিৱী।



সমাপ্ত।

Sunday, August 16, 2020

ক্ষোদন



* তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।

           কথাষাৰ উদিপ্তাৰ আজি আকৌ কাণত বাজিবলৈ ধৰিলে।সঁচাকৈয়ে নিদিলে সি তাইক আনৰ হ'বলৈ।নজনাকৈয়ে তাই আজি সম্পূৰ্ণৰূপে তন্ময় দুৱৰাৰ হৈ পৰিল।যিজনৰ বাবে তাই বিয়াৰ এবছৰেও হৃদয়ত অলপো প্ৰেমৰ অনুভৱ কৰা নাছিল,আজি তেওঁৰ গুলীবিদ্ধ খবৰটোৱে তাইৰ হৃদয় থানবান কৰি পেলাইছে।দৌৰিছে মাথোঁ দৌৰিছে চাৰি মহলীয়া হস্পিতালখনৰ প্ৰতিটো চিৰি তাই দৌৰি দৌৰি অতিক্ৰম কৰিছে আৰু যেতিয়াই গৈ তাই তন্ময়ক অপাৰেচন থিয়েটাৰত সোমোৱাৰ পথত লগ পাইছে তাই কান্দিছে, মাথোঁ কান্দিছে।

*তোমাৰ একো নহয় তন্ময়,তোমাৰ একো নহয়।মোৰ বাবে তুমি ভাল হৈ উঠিব লাগিব, মোৰ বাবে।

       সেমেকা হাঁহি এটি মাৰি সি চকুকেইটা জপাই দিছিল।বহি ৰৈছিল তাই বাহিৰত,কি কৰিব কি নকৰিব চিন্তা কৰি।ওচৰতে থকা কৃষ্ণ গোঁসাইৰ মূৰ্তি জনাৰ ওচৰত বহি লৈ তাই কাতৰে মাতিছিল ভগৱন্তক।ইতিমধ্যে তন্ময়ৰ মাকহঁত পাইছিলহি।সাহস আহিছিল তাইৰ তেতিয়াহে।মাকৰ কোলাত মূৰ থৈ হুকহুকাই কান্দি দিছিল।প্ৰিয়জনক হেৰুওৱাৰ ভয় যেন তাই আজিহে উপলব্ধি কৰিছে।যিজন মানুহে যোৱা পাঁচটা বছৰে তাইক প্ৰেম,শাসন,নিৰাপত্তাৰ আৱেষ্টনীৰ মাজত আৱৰি ৰাখিছিল সেইজনৰ প্ৰতি উদিপ্তাৰ হৃদয়ত কেতিয়াও প্ৰেম অনুভৱ হোৱা নাছিল।জেদী হৈ পৰিছিল তাই বাধ্যত পৰি বিয়া হৈছিল যদিও কোনোদিন তন্ময়ৰ বাবে হৃদয়ত কম্পন অনুভৱ কৰা নাই।কিন্তু আজি তাই সম্পূৰ্ণৰূপে ভাগি পৰিছে।বুজাব নোৱাৰা এক ভয়ে তাইক কুৰুকি কুৰুকি খাইছে।কোনো দিন মনত পেলাবলৈ নিবিচৰা তন্ময়ক লগ পোৱাৰ দিনবোৰ তাইৰ চকুৰ আগত ভাহি আহিছে।

        সেইবাৰ উদিপ্তা পেহীয়েকৰ ঘৰত কেইদিনমান থকাকৈ গৈছিল,স্নাতক প্ৰথম বছৰৰ পৰীক্ষা দি পেহীয়েকে মাতি থকা বাবে তাইক দেউতাকে থৈ আহিছিল গৈ।ইতিমধ্যে পেহাৱকৰ বায়েকৰ ল'ৰা তন্ময় তেওঁলোকৰ ঘৰত আছিলেই।সাধাৰণ কথা বতৰাৰে সি থকা কেইদিন পাৰ হৈছিল।যোৱাৰ সময়ত সি মাথোঁ তাইৰ ফোন নাম্বাৰটো লৈছিল।তায়ো বিশেষ নাভাবি দিছিল নাম্বাৰটো।অৱশ্যে নাম্বাৰ লৈ যে সি বেছি কথা পাতিছিল, ডিষ্টাৰ্ব দিছিল এনে নহয়,কেতিয়াবা কেতিয়াবা খবৰ লোৱাৰ বাহিৰে বিশেষ ফোন কৰি ডিষ্টাৰ্ব দিয়া নাছিল।সিহঁত দুটা আকৌ লগ হৈছিল উদিপ্তাৰ পেহীয়েকৰ ল'ৰাৰ বিয়াত।সেইবাৰ উদিপ্তাৰ বাবে যেন তন্ময়ৰ ব্যৱহাৰ,তন্ময়ৰ চাৱনিৰ বেলেগ এক অৰ্থ আছিল।অসহজ হৈছিল তাই, সকলো ক্ষেত্ৰতে মাক দেউতাকতকৈ যেন তাৰহে কতৃত্ব।বৰযাত্ৰীৰ লগত সকলো পৰিয়ালৰ বাইভনী মিলি একেলগে বাছত যাব বুলি সিহঁতৰ ফূৰ্তিৰ,পৰিকল্পনাৰ সীমা নাছিল, কিন্তু শেষ সময়ত উদিপ্তা যাব লগা হৈছিল মাক দেউতাকৰ লগত তন্ময়ৰ গাড়ীত,ইমান সৰলতাৰে সি সকলো পৰিকল্পনা কৰিছিল যে তাই সকলোৰে আগত তাত নাযাওঁ বুলি ক'বও পৰা নাছিল।বিয়াঘৰতো আগে পিছে সি কেৱল তাইকে নিৰীক্ষণ কৰিলে।দৰাঘৰৰ ৰিচিপছনৰ দিনাও সকলো বাইভনীৰ লগত উদিপ্তায়ো নাচিছিল গানৰ তালে তালে,তন্ময় সেইসময়ত তাত নাছিল।ভাল পাইছিল তাই,তন্ময়ৰ উপস্থিতিয়ে তাইক অসহজ কৰে।ককায়েকৰ বিয়া বুলি ঘৰৰপৰাই প্ৰেকটিছ কৰি অহা ফাল্গুনী পাঠকৰ 'মেৰী চুনৰ ওৰ ওৰ জায়ে' গীতটিত তাই নৃত্য কৰিছিল।তাইৰ নৃত্য দেখি সকলোৱে হাত চাপৰিৰে উপচাই দিছিল।সেইখিনি সময়তেই তন্ময়ৰ প্ৰৱেশ হৈছিল।আন কোনোৱে দেখা নোপোৱাকৈ তন্ময়ে এটা সময়ত উদিপ্তাৰ হাতত ধৰি বাহিৰলৈ লৈ গৈছিল।

*তোমাক নাচিবলৈ কোনে কৈছিল?

*কোনে ক'ব লাগে, আমি সকলোৱে নিজেই নাচিছো।

*চোৱা মই এইবোৰ বেয়া পাওঁ।

*তুমি বেয়া পোৱা মই কি কৰিম,মই ভালপাওঁ মই নাচিছো চাওঁ,হাতটো এৰা।

*ভালপোৱা বেয়াপোৱা যি কৰা কৰা কিন্তু এটা কথা মনত ৰাখিবা তোমাক মই ভালপাওঁ আৰু তুমি মোৰেই হ'ব লাগিব।তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।

     কথাষাৰ কৈ সি যি বিয়াঘৰৰ পৰা গ'লগৈ,তাই থকালৈকে আৰু পেহীয়েকৰ ঘৰলৈ নাহিল।কথাবোৰ তাই কাকো ক'বও নোৱাৰা হ'ল।সেইকেইদিন সকলোৰে সি প্ৰিয় হৈ পৰিছিল, বিয়াঘৰৰ সকলো মানুহৰ সুবিধা অসুবিধাৰ খবৰ লোৱাৰ পৰা বস্তু যোগান ধৰালৈকে তন্ময় সকলোৰে প্ৰিয় হৈ পৰিছিল।তাৰ ওপৰত দোষ দিলে যেন কোনোৱেও মানিও নলয়।গুচি আহিল দুদিনৰ পিছত উদিপ্তাহঁত নিজৰ ঘৰলৈ।
       সময় বাগৰিল,উদিপ্তাৰ মনৰপৰাও তন্ময়ৰ কথাবোৰ পাহৰণিত বিলীন হ'ল।লাহে লাহে উদিপ্তাৰ কাষ চাপি আহিল সহপাঠী ৰাগ।ভাল লগা হৈছিল উদিপ্তাৰ ৰাগক।কিন্তু কোনেও কাকো প্ৰকাশ কৰা নাছিল।প্ৰকাশৰ অবিহনে এজনে আনজনৰ অনুভৱ বুজি উঠাই হয়তো প্ৰেম।কলেজলৈ একেলগে যোৱাৰ পৰা অহালৈকে সিহঁতে ইজনে সিজনৰ সঙ্গ ভালপোৱা হ'ল।তন্ময়ে আজিকালি দেউতাকলৈ ফোন কৰিহে খবৰ লয়।তাইলৈ ফোন নকৰে।উদিপ্তাৰ বাবে কথাবোৰ সহজ হয়,তন্ময়ে কোৱা কথাবোৰ ক্ষন্তেকৰ মোহ বুলি তাই নিশ্চিত হয়।এনেদৰেই তাই ডিগ্ৰী ফাইনেল ইয়েৰ পাইহি।
        এদিন উদিপ্তা কলেজৰ পৰা আহি ঘৰ সোমাই।দূৰৰ পৰাই দেখে তাই সিহঁতৰ পদূলি মুখত এখন ৰঙা গাড়ী ৰৈ আছে।কোনোবা আলহী আহিছে বুলি তাই নিশ্চিত হয়।সোমাই যায় তাই ড্ৰয়িং ৰুমেদি,কিন্তু এইয়া কি পুলিচৰ পোছাকত এইয়াচোন তন্ময়।ভয় লাগি গ'ল তাইৰ।মাক দেউতাকৰ সন্মুখত একো প্ৰকাশ নকৰি তাক মাতষাৰ দি তাই ভিতৰ সোমাই।বুজিব পৰা নাই তাই পুলিচৰ পোছাকত সি ইয়াত কি কৰিছে।অলপ সময় বহি সি যায়গৈ।মাকহঁতৰ মুখত গম পায়,তন্ময় এতিয়া সিহঁতৰ ঠাইৰ নতুনকৈ অহা উপ নিৰীক্ষক।উদিপ্তাৰ বুকুৰ ধপধপনিটো আকৌ বাঢ়ি গ'ল।

       তন্ময় এতিয়া উদিপ্তাৰ ঘৰৰ প্ৰিয় আলহী, দেউতাকৰ একেবাৰে মৰমৰ।ভয় লাগে উদিপ্তাৰ,তন্ময়ৰ কথাবোৰ আকৌ তাইৰ কাণত বাজিবলৈ ধৰে'তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।'লাহে লাহে ৰাগৰ লগত তাইৰ মিলামিছা তন্ময়ৰ চকুত পৰে।একেলগে অহা,একেলগে যোৱা লগত অন্য লগৰীয়া থাকে যদিও হয়তো এজন পুলিচ বিষয়াৰ চকুত এইয়া ধৰা পেলোৱাতো সাধাৰণ কথা।বাছ,অট'ৰিক্সাৰ বাবে যেতিয়া উদিপ্তাহঁত  ৰৈ থাকে প্ৰায়ে তন্ময়ে তাইক বাইকত উঠাই কলেজত থৈ আহে আৰু মাজে মাজে লৈয়ো আহে।দেউতাকৰ আগত তাই এদিন অভিযোগো দিলে।দেউতাকৰ মতে,
* ৰাস্তাত দেখি চিনাকি কাৰণে লৈ যায় তোক,তাতে বেয়া পাব লগা কি আছে আৰু ল'ৰাটো ভদ্ৰ,অমায়িকো।তই চিন্তা কৰিব নালাগে সি তোৰ একো অপকাৰ নকৰে।
      জানে তাই তন্ময়ে তাইৰ একো অপকাৰ নকৰে,কিন্তু একো উপকাৰো নকৰে।তাৰ বাবে আজিকালি ৰাগৰ চকুত নিজকে তাইৰ অপৰাধী যেন লাগে।লাহে লাহে কলেজতো তন্ময় উদিপ্তাৰ প্ৰেমৰ ৰস ৰচনা আৰম্ভ হয়।বুজি নাপায় কোনেও একমাত্ৰ তাইৰ বান্ধৱী ৰক্তিমাৰ বাহিৰে।তন্ময়েও যেন তাকেই বিচাৰিছিল।ৰাগৰ লগত তাই ভৱিষ্যতৰ যি সপোন দেখিছিল থাকি গ'ল হৃদয়ত অপ্ৰকাশিত ৰূপত।এক ভুল ধাৰণা মনত লৈ সিও আঁতৰি গৈছিল উদিপ্তাৰ পৰা।এনেদৰেই অন্তৰত চলি থকা ধুমুহাবোৰ অকলেই অতিক্ৰম কৰি তাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।সময়ে তন্ময়ক সিহঁতৰ ঘৰৰ একেবাৰে আপোন কৰি তুলিছিল কিন্তু উদিপ্তাৰ হৃদয়ত তন্ময়ৰ বাবে ৰৈ গৈছিল মাথো ঘৃণা আৰু তিক্ততা।ৰাগক তাইৰপৰা দূৰ কৰাৰ একমাত্ৰ দোষী তাই তন্ময়কে মানিছিল আৰু তাক অলপো দেখিব নোৱাৰিছিল।কিন্তু কথাবোৰ, খংবোৰ তাৰ আগত ব্যক্তও কৰিব পৰা নাছিল।ব্যক্ত কৰিবলৈ সি সুবিধাই দিয়া নাছিল।মাত্ৰ তাৰ পৰা দূৰলৈ যোৱাৰ তাই সুবিধা বিচাৰিছিল।নোৱাৰে তাক আৰু সহ্য কৰিব।সেই ভাবিয়েই তাই মাষ্টাৰ ডিগ্ৰী কৰাৰ কথা দেউতাকক ব্যক্ত কৰিলে।দেউতাকতকৈও তন্ময়হে বেছি আগ্ৰহী হ'ল।ফৰ্ম অনাৰ পৰা ফৰ্ম ফিলাপ কৰালৈকে সকলো সি তাৰ চিনাকি ল'ৰাৰ যোগেদি কৰাই দিলে।সিও যিহেতু একেখন বিশ্ববিদ্যালয়তে পঢ়ি অহা তাৰ বাবে কামবোৰ সহজ হ'ল।তাইক হোষ্টেল থিক কৰি দিয়া, এডমিছনত দৌৰাদৌৰি কৰা সকলোতে সি আগে পিছে থকা হ'ল।দেউতাকক এঠাইত বহিবলৈ দি সি সকলোতে উদিপ্তাক গাইড কৰিলে।প্ৰথম তাই ভাবিছিল সি তাই পঢ়িবলৈ অহাত বাধা দিব কিন্তু তাইক আচৰিত কৰি সি বেছি এই ক্ষেত্ৰত আগ্ৰহহে দেখুৱালে আৰু তাই ভবাৰ দৰে তন্ময়ৰ পৰা তাই আঁতৰি নাহিল।বৰঞ্চ মাহেকত সি তাইৰ খবৰ লৈ যোৱা হ'লহি আৰু কলেজৰ দৰে বিশ্ববিদ্যালয়ৰ সহপাঠীখিনিকো প্ৰকাৰন্তৰে সি কোন হয় বুজাই গ'ল।সি ফোন কৰি কৰি খবৰ নলয়,অহাৰ দিনা পুৱাই মেছেজ কৰি তাইক ৰেদী হ'বলৈ কয়।প্ৰথমকেইদিন তাই ব্যস্ত লগ ধৰিবলৈ সময় নাই বুলি কৈছিল যদিও, পিছ মূহুৰ্ততে দেউতাকৰ ফোন আহে
*মাজনী তন্ময় গৈছে গুৱাহাটীলৈ,মায়েৰাই লাৰু, পিঠা দি পঠাইছে।সি গেটতে ৰৈ আছে তুমি লৈ ল'বা।
        বুজি পাই উদিপ্তাই তন্ময় তাই ভবাতকৈ বহু টেঙৰ।মাজে মাজে সি তাৰ হোষ্টেলত থাকে।বিশ্ববিদ্যালয়ৰ অনুষ্ঠানবোৰ উপভোগ কৰে।তাইৰ নাচ,গানৰ প্ৰগেম থাকিলে চাবলৈ যায় মাজে মাজে চাকৰিৰ পৰা সময় উলিয়াই।আজিকালি তাইক বাধা নিদিয়ে।উদিপ্তাই মাজে মাজে নিজকে প্ৰশ্ন কৰে
*এজনী ছোৱালীয়ে ভাল পাব পৰাকৈ সকলোৱেইটো আছে তন্ময়ৰ, তথাপিও তাই কিয় তাক ভাল পাব নোৱাৰে।সেই যে ৰাগক দূৰ কৰাৰ খঙটো তাই এতিয়াও কঢ়িয়াই ফুৰিছে।নোৱাৰে তাই তাক ভালপাব,নোৱাৰে তাই তাক প্ৰেমাস্পদ কৰিব।কিন্তু তাই তন্ময়ক যিমানেই উপেক্ষা কৰে সিমানেই সি তাইৰ কাষ চাপিবৰ চেষ্টা কৰে সংগোপনে কৌশলেৰে।
         পাখি লগা কাঁড়ৰ দৰে সময় দূৰন্ত গতিৰে আগবাঢ়ে।বিশ্ববিদ্যালয়ৰ জীৱন শেষ কৰি উদিপ্তা আকৌ ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহে কিন্তু এইবাৰ তাইলৈ ৰৈ আছিল জীৱনৰ এটি নতুন পথ।সদায় পৰিকল্পনা কৰিছিল তাই যিদিনাই তন্ময়ে তাইক প্ৰেমৰ প্ৰস্তাৱ বা তেনে কোনো কথা ক'ব তাই তাক পাৰে মানে অপমানিত কৰিব,ৰাগক তাইৰ পৰা আঁতৰাই নিয়াৰ পোটক তোলিব।কিন্তু তাইক আচৰিত কৰি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সলনি তন্ময়ৰ হৈ বিবাহৰ প্ৰস্তাৱ আহিছিল তাইৰ পেহাৱক,মাক দেউতাকৰফালৰ পৰা।তন্ময়ৰ নিচিনা ল'ৰা এটাক না কৰাৰ বাবে ঘৰৰ কোনো প্ৰস্তুত নাছিল বৰং দুগুণ উৎসাহেৰে তাক আপোন কৰি লৈছিল।দেউতাকক তাই প্ৰকাৰন্তৰে বিয়া নোহোৱাৰ কথা কৈছিল যদিও দেউতাকে তাৰ নিচিনা ল'ৰা এটাক বেয়া পোৱাৰ কাৰণনো কি সোধাত তাই মাথোঁ মৌন হৈ ৰৈছিল।বিয়াৰ আগত মাককো তাই কৈছিল তন্ময়ক তাই স্বামীৰূপে কেতিয়াও ভাল নাপাই, সেই দৃষ্টিৰে তাই তাক চোৱা নাই।মাক আচৰিত নহয় বৰঞ্চ কয়

* বিয়াৰ আগত এনেকুৱা হয়েই, তেওঁৰো হৈছিল।দেউতাকক তেওঁ বিয়াৰ পিছতহে ভাল পাইছে আৰু বিয়াৰ পিছত হোৱা প্ৰেমৰ মাদকতাই বেলেগ।নতুন মানুহজনক জনাৰ,তেওঁক বুজাৰ এক নতুন পৰিভাষা বিচাৰি পাই।

      নোৱাৰিলে তাই কাকো বুজাব কিন্তু যিমান পাৰে সিমানেই তন্ময়ক উপেক্ষা কৰিবলৈ ধৰিলে।বিয়া থিক হোৱাৰ এমাহ মানৰ পিছতেই তাৰ আকৌ বেলেগ ঠাইলৈ ট্ৰেন্সফাৰ হ'ল।নতুন ঠাইখনৰ নাম শুনিয়েই সকলো শংকিত হ'ল।উগ্ৰপন্থীৰ ঘাটি বুলি জনাজাত ঠাইখনৰ বাবে পৰিয়ালৰ সকলোৰে মনত ভয়,শংকাই দেখা দিলে।উদিপ্তাৰ অন্তৰত কিন্তু এইবোৰ ভাৱে খেলা কৰা নাছিল।তাই যেন ভালহে পাইছিল ঘৰৰ পৰা দূৰত তাৰ ট্ৰেন্সফাৰ হোৱাৰ বাবে।বিদায় ল'বলৈ অহাৰ দিনাও তাই তাক ভালকৈ মতা নাছিল।দেউতাকে ভাবি জোঁৱায়েকক খোৱাবলৈ অনা মাছ মাংস বনোৱাত তাই ব্যস্ত আছিল।তাক যেন মাতষাৰ দিবলৈও তাইৰ আহৰি নাই।বিদায় পৰত সি মাথোঁ কৈ গৈছিল
*ভালকৈ থাকিবা।দৰকাৰ হ'লে ফোন কৰিবা।
* মোৰ দৰকাৰ নহয়।

       দিওঁ বুলিয়েই তাই তেনেকৈ উত্তৰটো দিছিল।তাইৰ পৰা ইমান বেয়া ব্যৱহাৰ পায়ো সি কিন্তু তাইৰ পৰা আঁতৰি যোৱা নাছিল।

           সদায় দেউতাকে সন্ধিয়া সন্ধিয়া তাৰ খবৰ লয়।সি যি কয় দেউতাকে মাকৰ আগত কোৱা তাই শুনে।মাজে মাজে তন্ময়ৰ উগ্ৰপন্থীৰ লগত হোৱা সংঘৰ্ষৰ বাতৰিয়ে নিউজ চেনেল কঁপাই তোলে।মাক দেউতাকে গভীৰ আগ্ৰহ তথা উৎকণ্ঠাৰে বাতৰি শুনে ক্ষন্তেক পিছতে খবৰ লয় তাৰ।মাকে নেদেখাজনৰ ওচৰত তাৰ হৈ আশীৰ্বাদ লয়।উদপ্তাহে উদাসীন হৈ থাকে।সি ফোন কৰিলে কেতিয়াবা ধৰে,কেতিয়াবা নধৰে,মন গ'লে মেছেজৰ ৰিপ্লাই দিয়ে,মন নগ'লে নিদিয়ে।উদেশ্য এটাই বেয়া পাই আঁতৰি গ'লেও যা।কিন্তু সি নাযায়,হাজাৰ উপেক্ষিত হৈও,অৱহেলিত হৈও এদিন সি তাইক অৰ্ধাংগিনী কৰি লৈ যায়।

           বিয়াৰ পিছতো উদিপ্তাৰ তন্ময়ৰ প্ৰতি ভাৱৰ অকণো পৰিৱৰ্তন হোৱা নাছিল।ৰুমটোৰ দুখন বিচনাৰ এখনত তাই আৰু আনখনত তন্ময়ক শুবলৈ দিছিল।কোৱাৰটাৰলৈ যোৱাৰ মন তাইৰ নাছিল, শাহুৱেক শহুৰেকৰ লগতেই তাই থাকিব বিচাৰিছিল, সকলোৱে তাইক বৰ মৰম কৰিছিল।কিন্তু শাহুৱেকে জোৰকৰিয়েই তাইক তন্ময়ৰ লগত থাকিবলৈ পঠিয়াইছিল।কোৱাৰটাৰতো যিমান পাৰে তাই সিমান দূৰত্ব বজাই ৰাখিছিল।ভাত,চাহৰ যোগান তাই সময়মতেই ধৰিছিল।কিন্তু দিনটোত দুটামান কথা পতাৰ বাহিৰে সিহঁতৰ মাজত কোনো কথোপকথন হোৱা নাছিল।উদিপ্তাৰ জেদটো যেন দিনক দিনে বাঢ়িহে গৈছিল।কিন্তু তাই ভবাৰ দৰে তন্ময়ে তাইক কোনোদিন কোনো কথাত জোৰ কৰা নাছিল, বৰং কৈছিলহে
*যেতিয়ালৈকে তুমি মোক অন্তৰৰে গ্ৰহণ নকৰা তেতিয়ালৈকে মই তোমাৰ কাষলৈও নাহোঁ।প্ৰয়োজনে হ'লে মৃত্যুলৈকে বাট চাম।

          বিয়াৰ এবছৰ তেনেদৰেই পাৰ হৈছিল।কোনেও কিন্তু কল্পনাও কৰিব নোৱাৰিছিল সিহঁত দুটাৰ মাজত সম্পৰ্কৰ আচল কথা।তন্ময়ৰ অফিচৰ, তাৰ মিছনৰ কোনো কথাৰ তাই খবৰ নাৰাখে।মাকহঁতে সোধিলেও তাকে সোধি ল'বলৈ কয়।কিন্তু, আজি হঠাৎ অহা ফোন কলটোৱে তাইৰ সমস্ত  সত্তাক জোকাৰি গ'ল।

* বাইদেউ, সেই নৰপিশাচকেইটাই ছাৰৰ বুকুত কেইবাটাও গুলী মাৰিলে,আমি ছাৰক হস্পিতাললৈ লৈ গৈছোঁ, আপুনি সোনকালে আহক।

        কথাখিনিয়ে উদিপ্তাৰ শৰীৰ কঁপাই তুলিলে।যেনেকৈ আছিল তেনেকৈয়ে স্কুটিখন লৈ তাই ওলাই আহিল।অহাৰ আগত দুয়োঘৰলৈ ফোনটো কৰি সবিশেষ জনালে।ক'ব নোৱাৰা হৈ গৈছে উদিপ্তা,কিন্তু তাইটো তেনে হোৱাৰ কথা নাছিল।অমংগল চিন্তা নকৰিলেও কোনো দিন তাই তন্ময়ৰ বাবে মংগলো চিন্তা কৰি পোৱা নাই।ভগৱানৰ ওচৰত তাৰ নাম উচ্চাৰণ কৰিও পোৱা নাই, কিন্তু আজি তাই সকাতৰে মাতিছে তেওঁক
*তন্ময়ক ভাল কৰি দিয়া প্ৰভু।মই কৰা ভুলৰ বাবে তেওঁক শাস্তি নিদিবা।দৰকাৰ হ'লে মোকে মাৰি নিয়া,কিন্তু তেওঁক সুস্থ কৰি তোলা।
       অপাৰেচন ৰুমৰ দৰ্জাখন খুল খাই,ডাক্তৰজন ওলাই আহে।সকলোৰে চকু তেওঁৰ ওপৰত।
*কি হ'ল ডাক্তৰ,তেওঁ সুস্থ হৈ উঠিলনে?

*Yes,অপাৰেচন ছাকছেছ হৈছে।বহুত ব্লাড গৈছে, ৰিক'ভাৰী হওঁতে সময় লাগিব।চেন্স আহিলে আপোনালোকে তেওঁক লগ পাব পাৰিব।এতিয়া তেওঁ বিপদৰ বাহিৰত।

          দৌৰি যায় উদিপ্তা কৃষ্ণ প্ৰভুৰ মূৰ্তিজনাৰ ওচৰলৈ

*ধন্যবাদ তোমাক, মোৰ অপৰাধ মাৰ্জনা কৰাৰ বাবে, আজিৰে পৰা মই তেওঁক পত্নীৰ মৰম দিম,যি মৰম আৰু প্ৰত্যয়ৰে তেওঁ মোক আৱৰি ৰাখিছে তাৰ প্ৰতিদান মই দিম।

         চেন্স অহাৰ লগে লগে এজন এজনকৈ তন্ময়ৰ মাক দেউতাক আৰু থানাৰ দুই এজন সোমালে।উদিপ্তাৰ আজি সোমাই যাবলৈ সংকোচ হৈছে।তথাপিও ৰ'ব নোৱাৰি তাই সোমাই গ'ল।

*মই আকৌ ভাবিছিলোঁ তুমি নাহিবা বুলিহে,তোমাক অশান্তি দিবলৈ ভগৱানে আকৌ পঠিয়াই দিলে মোক।

       হুকহুকাই কান্দি দিলে তাই।

*I am sorry Tanmoy,I am sorry.মোৰ ভুল হৈছিল, তোমাৰ প্ৰতি মই কৰা প্ৰতিটো বেয়া ব্যৱহাৰৰ বাবে আজি মই সঁচাকৈয়ে লজ্জিত।মোক ক্ষমা কৰি দিয়া।

*ধেৎ পাগলী, কি যে কোৱা।ময়োটো ভুল কৰিছোঁ, তোমাক নিজৰ কৰি লোৱাৰ জেদত তুমি যে মোক ভাল নোপোৱা সেই কথা বুজিবলৈ চেষ্টাই নকৰিলোঁ।সেয়ে ইয়াৰ প্ৰতিদান আজি পাই গ'লো।

* নহয় তন্ময় মই তোমাক ভালপাওঁ,বহু ভালপাওঁ।মাথোঁ এই উপলব্ধি মই দেৰিকৈ কৰিলোঁ।তোমাৰ প্ৰতি সংগোপনে সৃষ্টি হোৱা ভালপোৱা হয়তো আজিৰ এই ঘটনাটিয়ে মোক বুজাত সহায় কৰিলে।

*তন্তে অতদিনে হৃদয়ত পুহি ৰখা মোৰ ইচ্ছাপূৰ্ণ হ'ল।মোৰ উদিজনী সঁচাকৈয়ে মোৰ হৈ পৰিল।

       নাৰ্চগৰাকী সোমাই আহে।তন্ময়ৰ মেডিচিন,ইনজেকচনৰ সময় হয়।উদিপ্তাক ওলাই যাবলৈ কয়।ওলাই আহে উদিপ্তা তন্ময়ৰ কপালত চুমা এটি আঁকি।কোনো ৰাগ,বিৰাগ,মান,অভিমান, খং,জেদে তাইক আজি স্পৰ্শ কৰিব নোৱাৰে।প্ৰেম হৈছে তাইৰ,অতবছৰে কঢ়িয়াই ফুৰা ঘৃণা, তিক্ততা আজি প্ৰেমলৈ ৰূপান্তৰিত হৈছে।সঁচাকৈয়ে আজি তাই সম্পূৰ্ণৰূপে তন্ময়ৰ হৈ পৰিছে,সি নোকোৱাকৈয়ে মনৰ ইচ্ছাৰে মাথোঁ তন্ময়ৰ।তাইৰ হৃদয় কক্ষত আজি ক্ষোদন কৰিছে তন্ময়ৰ নাম,তন্ময়ৰ সত্তাক।

সমাপ্ত।

Sunday, August 9, 2020

আৰ্হি

#অনুভৱৰ_আৰ্হি

       কিয় জানো তাইৰ আজি অলপ  বেয়া ছোৱালী হ'বলৈ মন গ'ল।সদায় সদায় মনৰ অনুভৱবোৰ দমন কৰোঁতে কৰোঁতে তাইৰ চোন ভাল লগা বেয়া লগাবোৰৰ হিচাপেই নাইকিয়া হ'ল।ঘৰৰ ডাঙৰ ছোৱালী, নহয় নহয় যৌথ পৰিয়ালটোৰেই ডাঙৰ ছোৱালীৰ ভাৰ লওঁতে লওঁতে তাইৰ ভাল লগা বেয়া লগাবোৰৰ হিচাপ নাইকিয়া হ'ল।সৰুৰে পৰা তাই শুনি আহিছে ঘৰৰ ডাঙৰজনীয়ে যি পথ দেখুৱাই সৰুকেইটাও সেই পথৰেই যায়।গতিকে ঘৰৰ সৰু ভাই ভনীয়েকহঁতৰ সুপথে যোৱাৰ গধুৰ দায়িত্ব তাইৰ ওপৰত বুলি বুজা হোৱাৰ পৰাই তাই শুনি আহিছে আৰু পালন কৰিবলৈও চেষ্টা কৰিছে।পঢ়া শুনাকে ধৰি বন্ধু বান্ধৱী গঢ়ালৈকে তাই সকলো ক্ষেত্ৰতে এই দায়িত্ব যেন নিষ্ঠা সহকাৰে পালন কৰিছে।মন গ'লেও তাই লগৰ ছোৱালীৰ লগত যাওঁ বুলিয়েই লগৰকেইজনীৰ ঘৰলৈ যোৱা নাই, অন্য কেইজনীৰ দৰে পূজা চাবলৈ তাই মাকহঁতৰ লগত যোৱাৰ বাহিৰে লগৰ ল'ৰা ছোৱালীৰ লগত যোৱা নাই, ঘৰৰ পৰিয়ালৰ লগত যোৱা পিকনিকৰ বাদে তাই স্কুল, কলেজৰ লগৰ বন্ধু বান্ধৱীৰ লগত পিকনিক খাবলৈ নাই যোৱা।মন গ'লেও লগৰকেইজনীৰ দৰে জিন্স পিন্ধি শ্লীভলেছ পিন্ধি তাই নাই পোৱা।এই নাই যোৱা, নাই কৰাৰ তালিকাখন আৰ্হিৰ বহু দীঘল।কিন্তু মন যায় তাইৰ জিন্স পিন্ধি সমনীয়াকেইজনীৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাবলৈ,মুক্ত আকাশখনৰ তলত দুহাত মেলি গুণগুণাবলৈ।কিন্তু নোৱাৰে তাই,নামটোৰ দৰেই যে তাইৰ কামবোৰো হ'ব লাগিব।

       ঘৰখনত আৰ্হিৰ ভাই ভনী বুলিবলৈ ভায়েক দুটা আৰু ভনীয়েক দুজনী।খুড়াৱকহঁতৰ ল'ৰা ছোৱালী যদিও সিহঁত গোটেইকেইটা সৰুৰেপৰাই সহোদৰৰ দৰেই ডাঙৰ দীঘল হৈছে।সৰু সৰু কথাত যদি কাজিয়া কৰিছে আকৌ সৰু সৰু কথাতেই ইটোৱে সিটোৰ সুখ দুখৰ সমভাগী হৈছে।আৰ্হিৰ পৃথিৱীখনত যেন সিহঁতক বাদ দি একোৱেই নাছিল।ওচৰ চুবুৰীয়াৰ বাবেও সিহঁতৰ ঘৰখন আদৰ্শ আছিল।আৰ্হি আছিল তেওঁলোকৰ বাবে অতি মৰমৰ।এই যে কাষৰ বৰমাৱকে কয়

*মই ইহঁতক কওঁ, অলপ আৰ্হিৰ নিচিনা হ'বিচোন,পঢ়াই শুনাই,ৰূপে গুণে,স্বভাৱে চৰিত্ৰই একেবাৰে আৰ্হি যি আৰ্হি।

     দেখে তাই তেনে এষাৰ কথাই মাক দেউতাক, খুৰাৱক,খুৰীয়েকহঁতৰ মুখত প্ৰশান্তিৰ এক হাঁহি বিৰিঙাই।গৰ্বিত হৈ উঠে তেওঁলোকৰ বুকু।কিন্তু পলে পলে হুমুনিয়াহ কাঢ়ে আৰ্হিয়ে।তাই জানো বিচাৰে ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ বাবে তাইৰ স্বভাৱ চৰিত্ৰ উদাহৰণৰ স্থল হওঁক আৰু তাই জানো সঁচাকৈয়ে তেনেকুৱা।এই কথাবোৰৰ বাবেইটো কিমান কৰোঁ বুলি ভবা কামো তাই কৰিব পৰা নাই।মাক দেউতাকলৈ ভয় কৰিছিল নে সৰুৰে পৰা তাইৰ মনত সোমোৱাই দিয়া সেই ঘৰৰ ডাঙৰ ছোৱালীৰ দায়িত্ববোধৰ জ্ঞানৰ বাবেই তাই নাজানে কিন্তু তাই কৰোঁ বুলিয়েই কোনো এটা কাম কৰি দিব নোৱাৰে।

       হায়াৰছেকেণ্ডেৰী পঢ়ি থাকোঁতে কিমান যে প্ৰেমৰ প্ৰস্তাৱ আহিছিল,এনে নহয় যে তাইৰ সকলোকে বেয়া লাগিছিল কিন্তু ভাল লগাৰ অনুভৱটো আহিলেই তাইৰ মানস পটত ভাহি আহে তাই আৰ্হি, তাই ঘৰখনৰ ভায়েক ভনীয়েকহঁতৰ পথ প্ৰদৰ্শক।নোৱাৰিলে তাই প্ৰেমত পৰিবলৈ,শুনি আহিছে তাই লাভ মেৰেজতকৈ এৰেঞ্জ মেৰেজৰ সন্মান বেছি,বুজে তাই ঘৰখনৰ চিন্তাধাৰাবোৰ,লাভ মেৰেজৰ যে দেউতাক একেবাৰে পক্ষপাতী নহয় তাইক ঘৰখনে কথাই কথাই বুজাই দিয়ে।পৰিয়ালত এতিয়ালৈকে কাৰো লাভ মেৰেজ হোৱা নাই, গতিকে পিছৰ প্ৰজন্ময়ো যাতে এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখে তাৰ গুৰু দায়িত্ব এতিয়া আৰ্হিৰ ওপৰত।ইয়াৰোপৰি পঢ়া শুনা কৰাৰ বয়সত এই প্ৰেম চেমবোৰত পৰিলে যে পঢ়া শুনা বৰ্বাদ হয় সেই কথাও তাই খুৰীয়েকহঁতৰ মুখত তাই শুনে।গতিকে, সাতে পাঁচে বাৰই মিলি তাইৰ এইবোৰ একোৱেই নহ'ল।প্ৰেম কৰাতো দূৰৰ কথা কোনো ল'ৰাৰ মুখলৈ সন্মুখা সন্মুখিকৈ চাবলৈয়ো তাইৰ প্ৰকৃতাৰ্থত সাহস নাছিল।সেইয়া তাইৰ লাজ,ভয় নে সংস্কাৰ তাই নাজানে‌।

  আমি সকলোৱে আমাৰ অজানিতে হৃদয়ত সাঁচি ৰাখোঁ সুখ,দুখ,হাঁহি কান্দোন,প্ৰাপ্তি অপ্ৰাপ্তিৰ এখন বৃহৎ সাগৰ।জীৱন নাটৰ ৰঙ্গমঞ্চত এই যন্ত্ৰণাবোৰ সহচৰ হয়।গছ এজোপা যিদৰে লহপহকৈ বাঢ়ি আহে যন্ত্ৰণাবোৰো ক্ৰমে ক্ৰমে বাঢ়ি যায়।শিপাই মাটি খামুচি ধৰাৰ দৰে অনুভূতিবোৰেও ক্ৰমান্বয়ে আমাৰ হৃদয়ত খামুচি ধৰে।আৰ্হিৰ সুখ দুখৰ অনুভূতিবোৰো ক্ৰমান্বয়ে শিপাই যায়, মাথোঁ তাই প্ৰকাশ কৰিব নোৱাৰে।ঘৰে বাধা দিয়া কাম এটা কৰিবলৈ তাই আগবাঢ়িব নোৱাৰে আৰু মাকহঁতক কামটো কৰিবলৈ দিবলৈ কুটুৰি থাকিবও নোৱাৰে,ৰৈ যায় তাইৰ হেঁপাহবোৰ মনৰ ভিতৰতে সংগোপনে ঠাল ঠেঙুলি মেলি। ভায়েকে ভনীয়েকহঁতো ডাঙৰ হয়।কিন্তু তাই মন কৰে,এই যে তাই নকৰিবি বুলি ক'লে কামটো নকৰে আনকি আকৌ এবাৰ সোধিও নাচাই ভায়েক ভনীয়েকহঁত কিন্তু তেনেকুৱা নহয়।মাকহঁতৰ পৰা পাৰমিছন নোপোৱালৈকে সিহঁতেও এৰি নিদিয়ে, কুটুৰি কুটুৰি পাৰমিছন নোপোৱালৈকে মাকৰ পিছে পিছে ঘূৰি ফুৰে,কিন্তু তাই সেইখিনি কৰিব নোৱাৰে।কিয়?ইয়াৰ উত্তৰ আৰ্হিৰ ওচৰত নাই।

       ভাল লাগিছিল আৰ্হিৰ কৃষি বিশ্ববিদ্যালয়ৰ দীঘল চুলিকোচাৰে ওখ,বগা নাটক কৰা ল'ৰাটোক।গোপনে গোপনে তাইৰ দুচকু গৈছিল সদায় অনুভৱলৈ।জানে তাই বুজে তাই তাৰ চকুৰ ভাষা।কিন্তু তাই নিৰুপায়,ঘৰখনৰ নিয়ম শৃংখলাত নাই যে তাইৰ বাবে প্ৰেম বিবাহৰ স্বীকৃতি।তথাপিও তাই ভাল পাইছিল অনুভৱক,অব্যক্ত অনুৰাগবোৰ হৃদয়ৰ একোণত থিতাপি লৈছিল।অনুভৱৰ প্ৰেমাকুল চাৱনিত মন গৈছিল আৰ্হিৰ ডুব যাবলৈ,মন গৈছিল তাইৰ শাৰদী নিশা পূৰ্ণিমাৰ জোনটি চাই চাই তাই প্ৰেমত ডুব যাব অনুভৱৰ,অনুভৱৰ দুহাতত ধৰি পাৰ কৰিব বিশ্ববিদ্যালয়ৰ প্ৰতিটো আৱেলি।ৰৈ যায় কল্পনাবোৰ তাইৰ মানসপটত,ৰৈ যায় আৱেগবোৰ তাইৰ হৃদয়ৰ একোণত,বাৰে বাৰে মানসপটত ভাহি আহে তাই ভায়েক ভনীয়েকহঁতৰ পথ প্ৰদৰ্শক।আৱেগৰ এটি ভুলে গোটেই ঘৰখন থানবান কৰি দিব পাৰে,ভায়েক ভনীয়েকহঁতৰ বাবে তাই হ'ব লাগিব দৃষ্টান্ত।তাইৰ পৰা উপেক্ষিত হৈ অনুভৱো এদিন আঁতৰি গৈছিল,থৈ গৈছিল আৰ্হিৰ হৃদয়ত মাথোঁ প্ৰথম ভাল লগাৰ স্মৃতি।

           বিশ্ববিদ্যালয় পঢ়ি ঘৰলৈ উভতি আহি তাই উদ্ভাৱন কৰিছিল তাইৰ কলেজত পঢ়ি থকা ভায়েক আৰু খুৰাৱকৰ ছোৱালী ভনীয়েক দুয়োটাই প্ৰেমত পৰিছে।প্ৰেম মানে দুৰ্দান্ত প্ৰেম।

   'তোমাক নাপালে মই কিন্তু মৰি থাকিম'বুলি ভনীয়েকে ফোনত কোৱা কথাষাৰ তাই এদিন বেৰৰ সিমূৰে শুনি আছিল।আচৰিত হ'ল আৰ্হি এই পথটো তাই দেখুওৱা নাছিল, তেন্তে সৰুকেইটাই সেই পথ বাছি ল'লে কেনেকৈ।ভাল লগাৰ পিছতো তাই যাক গ্ৰহণ কৰা নাছিল একমাত্ৰ ঘৰখনৰ বাকীকেইটা ল'ৰা ছোৱালীৰ কথা ভাবিয়েই, সিহঁতেই চোন আজি সেই পথ নিজে বাছি লৈছে।ভায়েক ভনীয়েকহঁতৰ লগত তাই কথা পাতে।ঘৰৰ অজানিতে আগবঢ়া সম্পৰ্কবোৰতচোন তাইৰহে হৃদয়খন কঁপিবলৈ ধৰে।বুজে তাই সিহঁতৰ বয়সেই সেইয়া প্ৰেমত পৰাৰ।যি বাট তাই অতিক্ৰমি আহিছে সেই বাটৰ প্ৰতিটো পদূলিয়েইটো তাইৰ চিনাকি।মাথোঁ তাই প্ৰতিটো পদূলি গৰকি সোমাই নাচালে আৰু সিহঁতে সেই পদূলি গৰকি সোমাই গ'ল।আৰ্হিৰ তুলনাত ভায়েক ভনীয়েকহঁতৰ বন্ধু, বান্ধৱীৰ তালিকাখনো দীঘল।
       আৰ্হি তেতিয়াও সকলোৰে বাবে আৰ্হিয়েই হৈ ৰৈছিল।দুই এক বিয়াৰ প্ৰস্তাৱো আৰ্হিৰ বাবে নহা নহয়,দেউতাকৰ মনে মিলা নাই বাবে কথা আগবঢ়া নাই।তায়ো চাকৰিৰ বাবে ইটো সিটো পৰীক্ষা দি আছিল।ভবামতেই এদিন ভাল খবৰটো আহিছিল।কৃষি উন্নয়ন বিষয়া হিচাপে তাই চাকৰিটো পাইছিল।সুখী হৈছিল সকলো, সুখী হৈছিল আৰ্হি।আত্মনিৰ্ভৰ হ'ব পৰাকৈ তাইৰ চাকৰিটো হ'ল।আকৌ ঘৰ এৰি তাই ভাড়াঘৰ ল'লে।দুমাহমান যোৱাৰ পিছত তাই স্কুটি এখনো কিনি ল'লে।সেইটো অফিচতে দুমাহৰ পিছত জইন কৰিলেহি অনুভৱে সেই একেটা পদতে।অনুভৱৰ জইনিঙৰ খবৰটোৱে আৰ্হিৰ হৃদয়ত আকৌ তুলপাৰ লগালে।কেনেকৈ মুখামুখি হ'ব আকৌ অনুভৱৰ সৈতে তাই ভাবি নাপালে।অফিচত দুই একৰ মুখত শুনি আছে তাৰ কথা,যিমানে শুনে সিমানেই তাইৰ বুকুৰ ধপধপনিটো বাঢ়ি যায়।
 *হাই,আকৌ লগ পাই গ'লো,ভাল লাগিল দিয়া।
         কি বুলি মাতিব,কেনেকৈ আৰম্ভণি কৰিব ভাবি থাকোতেই একেবাৰে সহজ কৰি তুলিলে অনুভৱে।হাতখন তায়ো আগবঢ়াই দিলে।অফিচৰ সকলোৰে লগত সি সোনকালেই মিলি গ'ল।অনুভৱক দেখি আৰ্হিহে সহজ হ'বলৈ কঠিন হ'ল।সময়ে আকৌ দুয়োটাক কাষ চপাই আনিলে।বিভিন্ন ট্ৰেইনিং, ফিল্ড ভিজিত,ফাৰ্মাৰ ভিজিত প্ৰায়বোৰতে সিহঁত একেলগে কামবোৰ কৰিব লগা হ'ল।আৰ্হিৰ কেতিয়াবা সোধিবলৈ মন যায়, জানিবলৈ মন যায় অনুভৱৰ জীৱনত এতিয়া কোনোবা নাৰী আছেনে?কিন্তু সোধিব নোৱাৰে।লাজ,শংকাই আৱৰি ধৰে তাইক।কিন্তু তাই মন কৰে অনুভৱৰ প্ৰতি থকা তাইৰ ভালপোৱা ক্ৰমে ক্ৰমে গভীৰ হৈ পৰে।নিজকে সংযত কৰে তাই।লগৰ সহকৰ্মী সকলে এদিন আৰ্হিক সোধে

*বিয়া বাৰু কিবা আগবাঢ়িছে নে নাই, নে ল'ৰা চাই থোৱা আছে।
*নাই, নাই, মাহঁতে চাই আছে।

*আৰু অনুভৱ তোমাৰ?

*পঢ়ি থাকোঁতেই এগৰাকীক চাইছিলোঁ ৰিজেক্ট কৰিলে,এতিয়া ভবা নাই আৰু,চাওঁচোন কি হয়।

          কথাষাৰ আৰ্হিলৈয়ে যে নিক্ষেপ হৈছিল তাই বুজিছিল।মনটো ভাল লগা এটি অনুভূতিয়ে শিহৰিত কৰিছিল।আৱেগ, অনুভূতিৰ যুদ্ধখন হৃদয়ত সংগোপনে চলি আছিল।ভাল লাগিছিল তাইৰ যেতিয়া স্কুটিখন বেয়া হ'লে অনুভৱে তাইক অফিচলৈ অনা নিয়া কৰিছিল।ভাল লাগিছিল তাইৰ যেতিয়া শাওনৰ পথাৰত সিহঁতে নামি বোকাই মাটিয়ে লুতুৰি পুতুৰি হৈ খেতিয়কক প্ৰশিক্ষণ দিছিল।নিজকে গাঁৱৰ পথাৰৰ প্ৰেমিক প্ৰেমিকা যেন লাগিছিল।ঘনিষ্ঠতা বাঢ়িছিল দুয়োৰে।কেতিয়াবা ট্ৰেইনিঙৰ বাবে বা অন্য কামত অনুভৱ অফিচলৈ নাহিলে আৰ্হিৰ অফিচত মন নবহা হৈছিল।এদিন মাকে খবৰ দিছিল দুদিনমানৰ পিছত তাইক চাবলৈ ল'ৰা এজন অহাৰ কথা,দুদিনমানৰ ছুটী লৈ তাইক মাতি পঠাইছে।আৰ্হিৰ বাবে কথাবোৰ যেন এতিয়া সহজ হৈ থকা নাছিল।অনুভৱক পুনৰ লগ নোপোৱা হ'লে কথাবোৰ হয়তো সহজ হ'ল হয়,কিন্তু এতিয়া যে তাই সপোন ৰচে অনুভৱক লৈ।কিন্তু তাই ব্যক্ত কৰিব নোৱাৰে।অনুভৱেও যে এতিয়া তাইক একো নোকোৱা হ'ল।অলপ দিনৰ পৰা ৰাতি ভাত খাই উঠি দুয়োটাই কথা পতাটো নিচা হৈ গৈছে।অনুভৱেই কৰে ফোনটো সদায়, তায়ো ৰৈ থাকে ফোনটোলৈ অধীৰ আগ্ৰহেৰে।কথা বুলিবলৈ একো নাই, এনেই ভাত খোৱা,চাহ খোৱা।তথাপিও ভাল লাগে তাইৰ এই সময়কণ।সন্ধিয়াতে ঘৰলৈ ফোন কৰি তাই আজৰি হৈ থাকে যাতে সেই সময়কণত কোনেও অসুবিধা নকৰে।কিন্তু মাকৰ কথাষাৰ শুনাৰ লগে লগে তাই অনুভৱলৈ ফোন লগালে।

* ৱাহ,আজিচোন অসময়ত।কি হ'ল কোৱা।

        ফোনটো কৰিলে হয় কিন্তু তাই ক'ব কি,ৰৈ আছে,কি বুলি ক'ব।
*নাই এনেই কৰিলোঁ।

*মই জানো তুমি এনেই নকৰা কোৱা কি হ'ল,কিবা অসুবিধা হৈছে আৰ্হি?

*মায়ে ফোন কৰিছিল, মোক মাতি পঠিয়াইছে,কোনোবা আহিব মোক চাবলৈ।

   কথাষাৰ কওঁতে তাইৰ মাতটো থুকাথুকি হৈ গৈছিল।ফোনটোৰ সিটো মূৰতো নিস্তব্ধতাই বিৰাজ কৰিছে।

*হেল্ল'শুনিছা অনুভৱ।

*উম,কি কৰে ল'ৰাই আৰু ক'ৰ?

*নাজানোঁ, মাক সোধা নহ'ল।

* উম,যোৱা আকৌ ভালহে।তুমিটো মাহঁতৰ পচণ্ডৰ অনুসৰিয়েই বিয়াত বহিবা।

          ক'বলৈ মন গৈছিল আৰ্হিৰ,ভাবিছিলোঁ তেনেকৈয়েই অনুভৱ।কিন্তু তুমি আহি মোৰ জীৱনৰ সূত্ৰটোৱেই সলনি কৰি দিলা।তোমাৰ বাহিৰে যে মই কাকো ভালপাবও নোৱাৰোঁ।

   নোৱাৰিলে তাই ক'ব।পিছদিনাৰ পৰা অনুভৱৰ ফোন নহা হ'ল।ট্ৰেইনিঙৰ বাবে দূৰত থকা অনুভৱক লগ পাবলৈ আৰ্হি যেন ব্যাকুল হৈ পৰিল।নিজে ফোন কৰিবলৈও আকৌ সেই সংকোচবোধে আগুৰি ধৰিলে।ৰাতি ৰাতি তাই শুব নোৱাৰা হ'ল।অসহ্য এক বেদনাই তাইৰ গাৰুৰ গিলিপ তিয়াই পেলাই।মাকৰ ফোন,ছুটী ল'লিনে নাই, কেতিয়া আহিবি ইত্যাদি কথাই তাইলৈ ফোনৰ উপৰি ফোন।সময়ত তাই ছুটী লৈ ঘৰলৈ বুলি গ'ল।অফিচত কোনেও এই সম্পৰ্কে একো গম নাপালে।ঘৰলৈ যোৱাৰ পিছত ভনীয়েকহঁতে কৈ আছে ল'ৰা এনেকুৱা,ল'ৰা তেনেকুৱা।আৰ্হিৰ কাণত সোমোৱা নাই একো কথা।মানস পটত ভাহি আছে মাথোঁ অনুভৱৰ ছবিখন।খবৰ এটাও নোলোৱা হ'ল সি,তাই মেছেজ কৰি কিবা সোধিলে মাত্ৰ ৰিপ্লাইটোহে দিয়ে।নিজকে অপৰাধী যেনো লাগিল আৰ্হিৰ।মাজে মাজে ভাৱে মাকক ক'ব নেকি অনুভৱক তাইৰ ভাল লাগে বুলি, কিন্তু পিছ মূহুৰ্ততে আকৌ দেউতাকৰ প্ৰেম বিবাহৰ ওপৰত থকা চিন্তাধাৰাৰ কথাই ক্ৰীড়া কৰে।জানে আৰ্হিয়ে তাই প্ৰেম বিবাহ নকৰিলেও ভায়েক ভনীয়েকহঁতে যে নিজৰ পচণ্ডৰ অনুসৰিয়েই বিবাহত বহিব।তথাপিও ঘৰখনৰ বাবে এই ক্ষেত্রত তাই দৃষ্টান্ত হ'বলৈ যেন তাইৰ সাহসৰ অভাৱ।

      মাকে কোৱাৰ দৰেই খুৰীয়েকহঁতে তাইক নীলা কাপোৰজোৰ পিন্ধাই দীঘল চুলিকোচা খোপা বান্ধি দিছে।কিন্তু তাইৰ আজি অলপ অবাধ্য হ'বলৈ মন গ'ল।নাবান্ধিলে তাই খোপা,চুলিখিনি ক্লাচডালেৰে আধা বান্ধি আধা খুলি দিলে।মনোভাৱ অপচণ্ড কৰিলেও কৰক,পৰা হ'লেটো তাই এই চাদৰ মেখেলাও নিপিন্ধিলে হয়,কিন্তু দেউতাকৰ মান সন্মানৰ কথা চিন্তা কৰিহে তাই কাপোৰজোৰ পিন্ধিবলৈ মান্তি হ'ল।হাতত পাণ তামোলৰ বঁটাখন লৈ খুৰীয়েক, ভনীয়েকহঁতৰ লগত তাই এখোজ দুখোজকৈ আগবাঢ়িছে।কাণত পৰিছে আলহীৰ আগত দেউতাকে সগৰ্বে তাইৰ বিষয়ে কৈ থকা কথাবোৰ।প্ৰতিশাৰী বাক্যই যে আজি তাইক হুলে বিন্ধাদি বিন্ধিছে।

*মোৰ ছোৱালী মোৰ অভিমান।কোনো দিন তাই মোৰ কথাৰ ওপৰত মাত মাতি পোৱা নাই, মই যেনেকৈ কওঁ, তাই তেনেকৈয়ে আগবাঢ়িছে।ঘৰখনৰ বাকীকেইটা তেনেকুৱা নহ'ল।সিহঁতে নিজৰ প্ৰাপ্য আদায় কৰি ল'ব জানে,কিন্তু মাজনীয়ে তাইৰ প্ৰতি যদি কিবা অন্যায়ো হয় তাৰ বিৰোধিতা কৰিব নাজানে।সেয়ে তাইৰ ভৱিষ্যতলৈ মোৰ বৰ চিন্তা।মই জানো, মই যি জনৰ লগতে বিয়া হ'বলৈ কওঁ তাই হ'ব,সেয়ে মই এনে এজন ল'ৰা বিচাৰোঁ যি তাইৰ যোগ্য হ'ব পাৰে।তাইক আদৰ,যত্নৰে ৰাখিব পাৰে।

        খুৰীয়েকে চোফাখনতে তাইক বহুৱাই দিছে।সন্মুখত দুগৰাকী মহিলা বহি আছে,তাই তেওঁলোকলৈ চাই হাঁহি এটি মাৰিলে।তাই বহি থকাৰ কাষতো কোনোবা এজন বহি আছে,কিন্তু তাইৰ চাবলৈ সাহস হোৱা নাই।সমস্ত শৰীৰ তাইৰ জ্বলিবলৈ ধৰিছে।এফালৰ পৰা চিনাকি কৰাই দিছে দেউতাকে, ল'ৰাৰ মাক-দেউতাক,বৰটাক-বৰমাক,ভনীয়েক আৰু এইয়া ল'ৰা।সকলোকে নমস্কাৰ দিছে যদিও তাই কালৈকো ভালকৈ চোৱা নাই।ল'ৰাটোকটো আৰু চোৱা নহ'ল।নাচায় তাই কপালত যদি অনুভৱ নাই দেউতাকে যিজনলৈকে বিয়া দিব তাই সেইজনলৈকে বিয়া হ'ব কাৰণ তাই ঘৰৰ ডাঙৰ ছোৱালী।তাই ভাল কাম কৰিলেহে সৰুকেইটাইও ভাল কাম কৰিব।

*এওঁকটো তুমি চিনি পোৱাই চাগে মাজনী,অলপ আগতেহে গম পালোঁ তোমালোক একেটা বেটছৰ আৰু এতিয়া একেলগে কৰ্মৰতও।

দেউতাকে দেখুৱাই দিয়া দিশটোলৈ তাই ঘূৰি চালে,তাইৰ কাষত বহি থকা ল'ৰাজন........কিন্তু ই কেনেকৈ সম্ভৱ।
*অনুভৱ তুমি?

*উম,ময়ো তোমাক দেখিহে গম পালোঁ তোমাক চাবলৈ আহিছোঁ বুলি কৈ সি চকু টিপটো মাৰি দিলে।

      অনুভৱৰ মাকে কৈ উঠিল

* আৰ্হিৰ মোমায়েকে সেইদিনা আমাৰ এখেতক খবৰটো দিছিল আৰ্হিৰ বিষয়ে, সেয়ে সেইদিনা আপোনালোকলৈ ফোন কৰিছিলোঁ।আমাৰটো ছোৱালী পচণ্ডৰ হৈছেই,তাতে একেলগে কাম কৰে যেতিয়া পিছত দূৰে দূৰে থকাৰ অসুবিধাবোৰৰ পৰাও ৰক্ষা পাব।এতিয়া ল'ৰা ছোৱালীয়ে কথা পাতি লওঁক নে কি কয়?

খুৰীয়েকে মাত লগাই

* হয়,হয়।আহা অনু আৰ্হিৰ ৰুমটে দুয়োৰে পাতিব লগীয়াখিনি পাতি লোৱাহি।

       ৰুমটোত দুয়োটাকে সোমোৱাই খুৰীয়েক, ভনীয়েকহঁত ওলাই যায়।

     আৰ্হিয়ে দৌৰি গৈ সাৱটি ধৰে অনুভৱক।আজি পৃথিৱীৰ কোনো বাধা, লাজ,ভয়,শংকাই তাইক ৰখাব নোৱাৰে।তাইৰ প্ৰাণৰ পুৰুষজন আজি তাইৰ নিচেই কাষত।কোনোৱে যদি আজি তাইক বেয়া বুলিও কয় তাই শুনিবলৈ সাজু আছে।মন গৈছে তাইৰ আজি বেয়া ছোৱালী হ'বলৈ।

*কেনে লাগিল মোৰ চাৰপ্ৰাইজ?

*কিন্তু ই কেনেকৈ সম্ভৱ হ'ল অনুভৱ?

*অনুৰ ব্ৰেইন,অতদিনে মই বুজিছিলোঁ যে তুমি তোমাৰ ঘৰৰ একেবাৰে বাধ্য ছোৱালী।ঘৰে পচণ্ডৰ কৰা সকলো কাম তুমি কৰা আৰু অপচণ্ডৰ কৰিলে নিজে কষ্টত থাকিও তুমি সেই কাম নকৰা।ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই তোমাক ভাল পাইছিলোঁ, কিন্তু তেতিয়া তুমি মোৰ প্ৰেম প্ৰত্যাখান কৰিলা।বেয়া লাগিছিল যদিও বেছি একো ভবা নাছিলোঁ।তুমি মোৰ লাইফত নাই বুলিয়েই মানি লৈছিলোঁ।কিন্তু কৰ্মসূত্ৰে যেতিয়া তোমাক পালোঁ,লাহে লাহে তোমাক বুজিলোঁ।বুজিলোঁ তোমাক পাবলৈ তোমাক মনাই লাভ নাই,হেড কোৱাৰটাৰত ইয়েছ দিলেহে তুমি ইয়েছ দিবা।এই ক্ষেত্ৰত সহায় ল'লো মোৰ মা পাপাৰ।পাপাৰ অফিচতে তোমাৰ মামাই কাম কৰে বুলি তোমাৰ মুখত যেতিয়া শুনিলোঁ, পাপাক ছোৱালীৰ কথা উলিয়াবলৈ ক'লোঁ।কথা মতেই কাম আৰু ভাগ্য ক্ৰমে তোমাৰ মামায়েও তোমাৰ বাবে মোক যোগ্য বুলি ভাবি তোমাৰ প্ৰস্তাৱ দিলে আৰু পিছৰখিনি বুজিছাই নহয়।এতিয়া আকৌ তুমি মহান হৈ সকলো কথা কৈ নিদিবা।আমাৰ লাভ মেৰেজ হ'লেও সকলোকে এৰেঞ্জ বুলি ভাবিবলৈকে দিয়া, নে কি কোৱা পথ প্ৰদৰ্শক মিছ আৰ্হি।

* কিন্তু তুমি কেনেকৈ জানিলা মই তোমাক ভালপাওঁ বুলি?

*তোমাৰ চকুৰ চাৱনিৰ পৰা,মোৰ প্ৰতিটো ফোনৰ বাবে আগ্ৰহেৰে ৰৈ থকা অনুভৱবোৰৰ পৰা।কিছুমান কথা নোকোৱাকৈয়ে বুজিব পাৰি,মাথোঁ তাৰ বাবে লাগে সঁচা ভালপোৱা।

     আৰ্হি সোমাই পৰিল অনুভৱৰ বুকুৰ মাজত।অব্যক্ত কথাবোৰ ব্যক্ত হৈ পৰে কেতিয়াবা আপোনজনৰ ওচৰত।নোকোৱাকৈয়ে যি বুজে প্ৰিয়জনৰ হৃদয়ৰ কথা তাতকৈ আপোন জানো আৰু কিবা থাকিব পাৰে।আৰ্হিৰ স্থান অলপো লাঘৱ নোহোৱাকৈ অনুভৱে আৰ্হি কৰি তুলিলে।জনম জনমলৈ এক হৈ পৰিল অনুভৱ আৰ্হিৰ 'আৰ্হি'।

সমাপ্ত।

Wednesday, July 29, 2020

সমৰাঙ্গন

সমৰাঙ্গন


নাৰী সৰ্ব শক্তিমান।সময়ত যদি নাৰী অগ্নিৰ দৰে জ্বলন্ত হ'ব পাৰে সময়ত শীতল জল হৈ সকলোকে শীতলতা প্ৰদান কৰিব পাৰে।সময়ে নাৰীক এজনী চঞ্চলা ছোৱালীৰ পৰা এগৰাকী গহীন বোৱাৰীলৈ এগৰাকী বয়সে গৰকা গম্ভীৰ শাহুলৈ পৰিৱৰ্তন কৰে। যিমানেই বেদনা গধুৰ নহওঁক, যিমানেই আঘাত গভীৰ নহওঁক নাৰীয়ে যুজঁ দিয়ে থিক মানসীৰ দৰে। যুঁজিছিল তাই।যুঁজি যুঁজি তাই জিকিছিল।ঘৰখনৰ ডাঙৰ জিয়ৰীৰ দায়িত্ব যিদৰে তাই পালন কৰিছিল বিয়াৰ পিছত বোৱাৰীৰ দায়িত্বও তাই নিষ্ঠা সহকাৰে পালন কৰিছিল।পাঁচজনীকে ছোৱালীৰ পিছত সিহঁতৰ ভায়েক এটা হৈছিল।পুত্ৰমুখ নেদেখা ঘৰখনত ভায়েকটো সিহঁতৰ অতিকৈ মৰমৰ আছিল।দেউতাকে সৰুৰে পৰা সিহঁতক সৎ পথত চলাৰ,সৎ চিন্তাৰে জীৱন যুজাঁৰ আত্মপৰিচয়ৰে জীৱন গঢ়াৰ শিক্ষা দিছিল।নিজে উচ্চ শিক্ষিত নহ'লেও ছোৱালীকেইজনীক উচ্চ শিক্ষা, আদৰ্শৰে যোৱাৰ পথ দেখুৱাইছিল।সপোন দেখিছিল তেওঁ ল'ৰা ছোৱালীকেইটাক মানুহ কৰাৰ,এদিন গোটেই কেইটা সফল হ'ব,নিজৰ ভৰিত নিজে থিয় হ'ব, তেওঁ কৰিব নোৱাৰা কামবোৰ সিহঁতে কৰিব।সেই সপোন তেওঁ দেখুৱাইছিল সন্তানকেইটিক।সিহঁতেও সপোন দেখিছিল উচ্চ শিক্ষা লোৱাৰ, আকাশ ভেদি উৰাৰ।লাহে লাহে সিহঁতৰ সপোনবোৰে পোখা মেলে।বাইভনী গোটেইকেইজনীয়েই দেউতাকৰ সপোনবোৰ নিজৰ কৰি লয়।মানসী ডাঙৰ হোৱাৰ বাবে দায়িত্ববোধৰ অলংকাৰপাত তাই গাত পাতি লয়।মেট্ৰিক, হায়াৰছেকেণ্ডেৰীত দেউতাকে ভবা মতেই তাই উত্তীৰ্ণ হয়।দেউতাকে সপোন দেখে তেওঁৰ জ্যেষ্ঠা কন্যা এদিন সফল হ'ব,জীৱন যাত্ৰাত সকলোকে লগত লৈ তাই আগুৱাই যাব।জীৱন ৰথৰ চকৰি ঘূৰে।

        স্নাতক পঢ়িবলৈ মানসী গুচি আহে কটন কলেজলৈ।হাজাৰ সপোন বুকুত বান্ধি তাই আৰু দেউতাকে একেলগে দেখা সপোনবোৰ পূৰাবলৈ।প্ৰথম প্ৰথম তাই অসহজ হয়।বেলেগ বেলেগ ঠাইৰ ল'ৰা ছোৱালীবোৰৰ লগত মিলিবলৈ তাই অসুবিধা পায়।ছোৱালী স্কুলত হায়াৰছেকেণ্ডেৰীলৈকে পঢ়া মানসীৰ বাবে ল'ৰা বন্ধুৰ লগত বন্ধুত্ব স্থাপন কৰোঁতে বহু ক্ষেত্ৰত অসহজ হয়।তথাপিও সময়ে শিকাই,পৰিবেশ পৰিস্থিতিয়ে শিকাই।তায়ো শিকিছিল সকলোবোৰ।লাহে লাহে কটনখন,গুৱাহাটীখন,পাণবজাৰখন তাইৰ আপোন হৈ পৰিছিল।কটনৰ আশে পাশে তাই অকলেই ঘূৰিছিল।মন যায় তাইৰো দীঘলীপুখুৰীৰ পাৰত তাইৰ সপোন কোঁৱৰৰ লগত হাতে হাত ধৰি কথা পাতিবলৈ,তেওঁৰ কান্ধত মূৰ থৈ সুখ দুখৰ বাৰ্তালাপ কৰিবলৈ।মন কৰিছিল তাই এযোৰ চকুৱে তাইলৈয়েই যে প্ৰতি দিনে লক্ষ্য কৰি আছিল‌।হোষ্টেলৰ বাহিৰত,ডিপাৰ্টমেন্টৰ ভিতৰত,কেন্টিনত,প্ৰেক্ষাগৃহত সকলোতে।কিয় জানো তাইৰ বেয়া লগা নাছিল, মন গৈছিল তাইৰো সেই দুটি চকুত চকু থৈ তায়ো সুধিব

*কিয় চোৱা এনেকৈ, তোমাৰ চাৱনিয়ে যে মোৰ হৃদয় কিমান বাৰ প্লাৱিত কৰি থৈ গৈছে তুমি জানানে?তোমাৰ এই তীক্ষ্ণ চাৱনিয়ে বাৰে বাৰে ধৰাসায়ী কৰিছে মোৰ শৰীৰৰ প্ৰতিটো অংগ।কি আছে এই চাৱনিত?

কিন্তু নোৱাৰে সুধিব তাই,এনেদৰেই মাতবোল নোহোৱাকৈয়ে প্ৰতিদিনে চাৰি চকুৰ মিলন হৈছিল‌।সময় বাগৰিছিল।প্ৰথম বছৰ সিহঁতৰ পাৰ হৈছিল।একো নোকোৱাকৈয়ে যেন সিহঁতে বুজি উঠিছিল সিহঁতৰ মনৰ কথা।লাহে লাহে দুয়োৱে দুয়োৰ বিষয়ে আৰ মুখে তাৰ মুখে গম পাইছিল।এজন নাহিলে আনজন উৎকণ্ঠিত হৈ পৰে।কিন্তু ইজনে সিজনক মাত এষাৰ দিবলৈ যেন সিহঁত বাকৰুদ্ধ হৈ পৰে।
স্নাতক প্ৰথম বছৰৰ পৰীক্ষা দি মানসী ঘৰলৈ আহে।ঘৰতো যেন তাইৰ মন নবহে।সেই চকুযুৰি বিচাৰি ফুৰে তাই।তাই ঘৰত থাকোঁতেই হঠাৎ এদিন দেউতাক অসুস্থ হয়।লগে লগে নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয়।চুগাৰ,প্ৰেছাৰ,ইউৰিক এছিড এনে ধৰণৰ বহু বেমাৰৰ হিচাপে মানসীৰ হৃদয়খন কঁপাই তুলিলে।উসঃ তাইৰ মৰমৰ দেউতাকটো,সুস্থ মানুহজনৰ হঠাতে যে ইমানবোৰ বেমাৰে আগুৰি ধৰিব সিহঁতে সপোনতো ভবা নাছিল।ঘৰলৈ অহাৰ পিছত তেওঁক খোৱা বোৱাৰ পৰা সকলো ধৰণে যতন লোৱা হ'ল।লাহে লাহে সুস্থ হৈ  আহিল দেউতাক কিন্তু সকলো ক্ষেত্ৰতে বহু নিয়মত চলিব লগা হ'ল‌।সুস্থ হৈ উঠিলেই এবাৰ চেন্নাইলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে খুড়াৱকে।দেউতাক নাযায়, ইয়াতে ভাল হ'ব।তথাপিও সকলোৱে আলোচনা কৰি দুদিন দেৰিকৈ হ'লেও চেন্নাইলৈ যোৱাটো থিৰাং কৰা হ'ল।

মানসীৰ ক্লাছ আকৌ আৰম্ভ হ'ল।কান্দি কান্দি আকৌ গুচি আহিল তাই হোষ্টেললৈ।আকৌ ডুব গ'ল সেই দুটি চকুৰ প্ৰেমত।এইবাৰ সিহঁতৰ মাতবোল হ'ল।ৰুমমেট আৰ্চিয়ে দুয়োটাকে মাতবোল কৰাই দিলে।আৰ্চিয়ে লাহে লাহে জানি উঠিছিল মানসীয়ে হৃদয়ত সংগোপনে কঢ়িয়াই ফুৰা নৱনীতৰ প্ৰতি থকা ভালপোৱাৰ কথা।চাৰি চকুৰ কথোপকথন এতিয়া হাই ,হেল্ললৈ প্ৰমোচন পালে।সপোনবোৰৰ মাজত মানসী আকৌ সাঁতোৰিবলৈ ধৰিলে।নৱনীতৰ সংগ,দেউতাকৰ অসুস্থতাৰ মাজত তাইৰ দিনবোৰ আগুৱাবলৈ ধৰিলে।লাহে লাহে ইজনে সিজনৰ ঘৰুৱা কথাবোৰ জানিবলৈ ধৰিলে,ইজনে সিজনক বুজি উঠিল।ইয়াৰ মাজতে দেউতাকক লৈ খুড়াৱক চেন্নাই পালেগৈ।ডাক্তৰক দেখুৱাই মেলি তেওঁলোক পুনৰ উভতি আহিল।উভতি অহাৰ পথত পূজাৰ বন্ধ হোৱাৰ বাবে দেউতাকে তাইকো লৈ আহিল।মনটো মুকলি লাগিল তাইৰ,মৰমৰ দেউতাকৰ সপোনবোৰ তাই পূৰণ কৰিব, তেওঁ আনন্দত আত্মহাৰা হ'ব।কল্পনাতে তাইৰ আনন্দৰ বন্যা নিগৰি পৰে।সপোন দেখে তাই, ভূগোল বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰি কলেজৰ প্ৰফেছাৰ হ'ব,ACS দিব।কিন্তু তাইৰ কল্পনাবোৰ ,তাইৰ আশাবোৰ নিৰাশালৈ ৰূপান্তৰিত হৈছিল।অষ্টমী পূজাৰ দিনা তাইক চাবলৈ এজন ল'ৰা আহিছিল।সপোনতো ভবা নাছিল তাই যিজন দেউতাকে তাইক উৰাৰ সপোন দেখুৱাইছিল আজি সেইজনেই তাইৰ পাখি কাটিবলৈ ওলাইছে।মাকৰ কথামতে তাই চাহৰ ট্ৰেখন লৈ ওলাই গৈছিল।কালৈকো চোৱা নাছিল মাত্ৰ প্ৰশ্নৰ উত্তৰ দিছিল।তাইৰ সমস্ত শৰীৰ জ্বলিবলৈ আৰম্ভ কৰিছিল।এনে লাগিছিল যেন এতিয়াই তাই দেউতাকক চিঞৰি চিঞৰি ক'ব নহয় তাই বিয়া,বান্ধ নাখায় তাই কোনো বান্ধোনত লগৰবোৰৰ দৰে তায়ো পঢ়িব,উচ্চ শিক্ষা ল'ব,দেউতাকৰ আশাবোৰ পূৰণ কৰিব।কিন্তু নোৱাৰিলে তাই।অহাৰ দৰেই এসময়ত আলহী গুচি গ'ল।ভনীয়েকহঁতৰ মুখত মাথোঁ তাই শুনি গ'ল ল'ৰাৰ ছোৱালী পচণ্ড হৈছে, বহুত ধনী ঘৰৰ ল'ৰা,দুটাই ল'ৰা।কথাবোৰ ভনীয়েককেইজনীয়ে বৰ উৎসাহেৰে কৈছিল যদিও মানসীক যেন হুলে বিন্ধাদি বিন্ধিছিল।বুজি পোৱা নাছিল হঠাৎ দেউতাকৰ এনে সিদ্ধান্তৰ কাৰণ কি,কিন্তু এইটোও বুজিছিল যে যিজন দেউতাকে সিহঁতক আগুৱাই যোৱাৰ প্ৰেৰণা দিছিল তেওঁৰ এনে সিদ্ধান্তৰ আঁৰত নিশ্চয় গুৰুত্বতা আছিল।নোসোধো নোসোধোকৈয়ো তাই এদিন দেউতাকক সোধিছিল।দেউতাকে মাথোঁ কৈছিল

* মই অসুস্থ এতিয়া মাজনী,ধন সম্পত্তি মোৰ যথেষ্ট আছে।কিন্তু মই যদি নোহোৱা হৈ যাওঁ মোৰ আৱৰ্তমানত মোৰ গোটেইকেইজনী ছোৱালীৰ দায়িত্ব কোনে ল'ব? সেয়ে যিমান পাৰোঁ সোনকালেই মই ছোৱালীকেইজনী বিয়া দিব বিচাৰোঁ।মই ল'ৰাঘৰৰ লগত কথা পাতিছো তেওঁলোকে তোমাৰ পঢ়াত কোনো বাধা নিদিয়ে, তোমাৰ যিমান ইচ্ছা তুমি পঢ়িব পাৰিবা।মাত্ৰ তুমি বিয়াখনত না নকৰিবা।তোমাৰ তলত আৰু চাৰিজনী ছোৱালীৰ কন্যাদান কৰিবলৈ আছে মা।জীৱিত অৱস্থাতে মই ছোৱালী কেইজনীক সুপাত্ৰত গতাই কন্যাদানৰ দৰে মহান দানৰ পৰা মুক্ত হ'ব বিচাৰোঁ।

দেউতাকৰ কথাকেইটাৰ উত্তৰ দিবলৈ যেন তাইৰ ভাষাৰ অভাৱ হ'ল।কান্দিবলৈও যেন ঘৰখনত ঠাইৰ অভাৱ হ'ল।নৱনীতৰ দকু দুটি তাইৰ মানসপটত ভাহি থাকিল।পূৰ্ণ নহ'ব তেন্তে তাইৰ প্ৰথম প্ৰেম,আৰম্ভ নহওঁতেই পৰিসমাপ্তি ঘটিল তাইৰ সেই নিভাঁজ, সৰল প্ৰেমৰ।কি ক'ব তাই নৱনীতক ভাবি নাপালে তাই।সেইবাৰৰ পূজাৰ আনন্দ তাই উপভোগ কৰিব নোৱাৰিলে।বন্ধৰ শেষত তাই উভতি আহিল আকৌ হোষ্টেললৈ।হোষ্টেললৈ আহি আৰ্চিৰ আগত গোটেই কেইদিনৰ থূপ খাই থকা আৱেগবোৰ,চকুপানীবোৰ পাৰ ভাঙি ওলাইছিল।নৱনীত সেইকেইদিন কলেজলৈ অহা নাছিল।পূজাৰ বন্ধত পৰিয়ালৰ লগত সি গোৱালৈ যোৱাৰ প্ৰগেম আছিল।হোষ্টেললৈ যোৱাৰ এসপ্তাহৰ পিছতে আকৌ দেউতাকৰ ঘৰলৈ মাতি ফোন আহিল।গ'ল আকৌ তাই।আঙুঠি পিন্ধাবলৈ পিছদিনা ডিব্ৰুগড়ৰপৰা ল'ৰা ঘৰৰ মানুহ আহিব,অতি সোনকালেই তেওঁলোকে বিয়াখন হোৱাটো বিচাৰে।মানসীৰ বাবে সেই সময় যেন দূৰন্ত গতিত আগবাঢ়িছিল।বাৰে বাৰে ভগৱানক কৈছিল মানসীয়ে থমকি ৰ  সময়,থমকি ৰ।এবাৰ তাই নৱনীতক লগ পাব বিচাৰিছিল ক'ব খুজিছিল তাই হৃদয়ৰ সকলো আৱেগ ঢালি

*ভালপাওঁ তোমাক মই নৱনীত,বহুত ভালপাওঁ।প্ৰথম প্ৰেম আছিলা তুমি মোৰ।কোনো কথা নোকোৱাকৈয়ে বুজিছিলো তোমাৰ মনৰ ভাষা তথাপিও পূৰ্ণ নহয় মোৰ এই ভালপোৱা।

আঙুঠি পিন্ধাবলৈ লৈ তাই প্ৰথম বাৰৰ বাবে চাইছিল অন্তৰীক্ষৰ চকুদুটি,মুখাৱয়ব।চকুৱে চকুৱে পৰিছিল দুয়ো দুয়োৰ।ডিব্ৰুগড়ৰ বিখ্যাত চাহ ব্যৱসায়ী,কেইবাখনো বেকাৰী,ৰেষ্টুৰেন্টৰ মালিক অমল দুৱৰাৰ কনিষ্ঠ পুত্ৰ অন্তৰীক্ষ দুৱৰা।বাৰে বাৰে চাইছে তাই অন্তৰীক্ষক,কিন্তু সেই যে নৱনীতৰ চকুলৈ চালে তাইৰ যে বুজাব নোৱাৰা এক শিহৰণ হৈছিল, চৌপাশ সেউজীয়া হৈ পৰিছিল তেনে কোনো অনুভূতি তাইৰ অন্তৰীক্ষক চাই হোৱা নাছিল।কথা পতাৰো যেন কোনো আগ্ৰহ নাছিল, মাথোঁ তেওঁলোক সোনকালে ঘূৰি যোৱালৈ তাই বাট চাই আছিল।হাঁহিৰ আৱৰণৰ মাজত ঢাকি ৰখা তাইৰ দুখবোৰ, চেপি ৰখা কান্দোনৰ ৰুলবোৰ যেন কাৰো চকুত ধৰা নপৰে তাই নেদেখা জনক বাৰে বাৰে কামনা কৰিছিল।নোৱাৰে তাই দেউতাকক দুখ দিব,নোৱাৰে তেওঁক অপমানিত কৰিব।পাৰিব তাই অনুভূতি, আৱেগবোৰক চাবিকাঠি লগাব,পাৰিব তাই পাৰিব লাগিব।হোষ্টেলৰ ফোন নাম্বাৰটো বিচাৰিছিল অন্তৰীক্ষে,দিছিল তাই।তাই যেন যন্ত্ৰ হৈ পৰিছিল আনে যি কয় তাই মাথোঁ কৰি গৈছিল।কেতিয়াবা ভাবে তাই দেউতাকক ক'ব নেকি নৱনীতৰ কথা,পিছ মূহুৰ্ততে ভয় খায় তাই কি বুলি ক'ব তাই,ক'ব পৰাকৈ একোৱেই যে নাছিল সিহঁতৰ মাজত।
ক্লাছবোৰ আকৌ আৰম্ভ হৈছিল, কিন্তু মানসীৰ বাবে যেন এইবাৰ ক্লাছ কৰাৰ আগ্ৰহ,মন একোৱেই নাছিল।তাইৰ ৰিং চেৰিমনীৰ কথা প্ৰায়েই গম পাইছিল ক্লাছত,গম পাইছিল নৱনীতেও।ঘৰৰপৰা অহাৰ পিছত ক্লাছলৈ যাবলৈ তাইৰ ভয় লাগিছিল, কেনেকৈ মুখামুখি হ'ব তাই নৱনীতৰ আগত।দোষীবলৈ একো নাথাকিলেও তাইৰ নিজকে নৱনীতৰ সন্মুখত দোষী,স্বাৰ্থপৰ যেন লাগিল।ডিপাৰ্টমেন্টৰ সন্মুখত সি ৰৈ আছে ,থিকেই,থিকেই দেখিছে তাই,সৌৱা তাইৰ সপোন কোঁৱৰ নৱনীত।যাক সাৱটি ধৰি মনৰ সকলো কথা ব্যক্ত কৰাৰ আশা তাইৰ থাকি গ'ল,যাৰ কান্ধত মূৰ থৈ হাতে হাত ধৰি দীঘলীপুখুৰীৰ পাৰত বহাৰ সপোন তাইৰ সপোন হৈয়ে ৰ'ল।নেদেখাৰ ভাও ধৰি তাই সোমাই যাব ধৰিলে ক্লাছলৈ।

* ৰ'বা,তোমাৰ লগত মোৰ কথা আছে।
 ৰৈ যায় তাই, নৱনীতে মাতিছে ।যাক অৱজ্ঞা কৰাৰ সাহস তাই কৰিব নোৱাৰে, যিদৰে দেউতাকক নকৰে।টানি নিলে তাইৰ হাতত ধৰি সি।
*এইবোৰ কি শুনিছোঁ মান,তোমাৰ বিয়া থিক হৈছে, ৰিং চেৰিমনী হ'ল,ইমান হঠাতেই।
*দেউতাই সকলো থিক কৰিছে,তুমিটো নাজানা পাঁচজনীকে ছোৱালী থকা এজন পিতৃৰ দায়িত্বৰ কথা,তুমিটো নাজানা এজন অসুখীয়া পিতৃৰ হৃদয়ৰ বেদনা, তুমিটো বাদেই দিয়া ময়েই জনা নাছিলোঁ কিন্তু এতিয়া বুজিছোঁ।মোৰ কোনো উপায় নাই নৱ,মই নিৰুপায়।
*তেন্তে কটনত পঢ়িবলৈ আহিছিলা কিয় দেমিট।মোৰ হৃদয়ত ইমান ভাৱনা জগাই তুলিছিলা কিয়?কি কৰে ল'ৰাই?
*ব্যৱসায়।
*অ' আচ্ছা বিজনেছ মেন,সেয়ে এতিয়া মোক দৰকাৰ নোহোৱা হৈ গ'ল।থিক আছে মিছ মানসী বেষ্ট অফ্ লাক ফৰ ইয়ৰ ফিউচাৰ।

গুচি গ'ল সি এক ভ্ৰান্ত ধাৰণা লৈ,কোনোদিন তাইক নামাতিলে, কোনোদিনে তাইলৈ নাচালে।অভিমানৰ মালাডাল গাঁঠি সি গুচি গৈছিল ,এবাৰো নোসোধিলে মানসীক তাই কি বিচাৰিছিল।বহু ৰাতি কান্দিছিল তাই,অন্তৰীক্ষৰ ফোন আহিলেও তাই কোনোবাদিনা পাতিছিল ,কোনোবাদিনা নাপাতিছিল।মনে মনে যেন তাই বিচাৰিছিল সেই ফোনটো নৱনীতৰ হওঁক।অলপ দিন যোৱাৰ পিছত অন্তৰীক্ষ গুৱাহাটীলৈ বিজনেছৰ কামত আহোঁতে তাইক লগ ধৰাৰ প্ৰস্তাৱ দিছিল।আৰ্চিহঁতে বুজাই বিয়া হ'বিয়েই যেতিয়া তাক ভালকৈ জানিবলৈ চেষ্টা কৰ,বুজ তাক।সিহঁতৰ উৎপাত তথা বুজনিতে তাই লগ ধৰিবলৈ মান্তি হয়।সাধাৰণভাৱেই চেলৱাৰযোৰ পিন্ধি তাই সেইদিনা ওলাই যায়, নাই কোনো আগ্ৰহ,নাই কোনো ব্যাকুলতা।মাথোঁ যাব লাগে গৈছে।তাৰ গাড়ীখনৰ ভিতৰত বহিহে যেন তাই প্ৰথম বাৰৰ বাবে তাক ভালদৰে চাইছে,ৰেষ্টুৰেন্টত বহি কথা পাতোতে যেন মন কৰিছে তাই একেবাৰে সহজ সৰল ল'ৰাটো।আভিজাত্যৰ মিছা গৰ্ব অহংকাৰ একো নাই,কিন্তু সি যেন তাইৰ সপোনৰ কোঁৱৰ নহয়।মন নাযায় তাইৰ অন্তৰীক্ষৰ লগত দীঘলীপুখুৰীৰ পাৰত বহিবলৈ।ডিগ্ৰী পাছ কৰি ব্যৱসায়ৰ দায়িত্ব লোৱা অন্তৰীক্ষক তাই সেইদিনা খোলাখুলিকৈ কৈছিল তাইৰ উচ্চ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ,সপোনৰ কথা।আশ্বাস দিছিল সি যিমান মন যায় তাইৰ সিমান পঢ়িব পাৰিব বুলি।ভাল লগা নাছিল তাইৰ তাক,কিন্তু ভাল লগাবলৈ তাই যেন বাধ্য হৈছিল।এনেদৰে দ্বিতীয় বছৰো সিহঁতৰ পাৰ হৈছিল,ফাইনেল ইয়েৰ সিহঁতৰ আৰম্ভ হৈছিল।নৱনীতে কোনোদিন তাইক আৰু মতা নাছিল।এদিন ঘৰৰ পৰা ফোন আহিল দেউতাকৰ, পূজাৰ সময়তেই বিয়াৰ দিন দুটা আছে,তেতিয়া নহ'লে আৰু দুবছৰলৈ বিয়াৰ দিন নাহে,সেয়ে তাৰে যিকোনো এটা দিনতে বিয়াখন পাতিব লাগিব।দেউতাকৰ কথাত তাইৰ যেন আপত্তি কৰিবলগীয়া একো নাছিল, মাথোঁ অন্তৰীক্ষক ফোন কৰি জনাইছিল বিয়া হ'লেও তাই কিন্তু পঢ়িব।
 বিয়া হৈ গৈছিল মানসীৰ।যিমান দুখ লাগিব বুলি তাই ভাবিছিল বিয়াৰ দিনা কিন্তু তাইৰ সিমান দুখ লগা নাছিল।বাৰে বাৰে তাই নিজক সোধে ,তাইৰ দুখ লগা নাই কিয়?জেদী হৈ গৈছে নেকি তাই,তাই ইমান কঠোৰ কেনেকৈ হ'ব পাৰিলে।বুজিছিল দেউতাকে তাইৰ মনৰ কথাবোৰ।সেয়ে বিদায়ৰ মূহুৰ্তত তাইৰ কাণত কৈ উঠিছিল,"মোক ক্ষমা কৰি দিবা মাজনী"।হুকহুকাই কান্দি পেলাইছিল তাই।পাৰ ভাঙি আহিছিল ভেটা দি ৰখা তাইৰ চকুপানীৰ ঢল।এনেদৰেই বিদায় লৈছিল তাইৰ আপোনবোৰৰ পৰা,বিদায় লৈছিল তাইৰ স্মৃতিবোৰৰ পৰা।

এক নতুন পৰিৱেশ,নতুন নিয়ম কানুনৰ মাজত তাই সোমাই পৰিছিল।নিজৰ ঘৰৰ লগত কোনোক্ষেত্ৰতে মিল নাছিল।ঘৰখনৰ চিন্তাধাৰাবোৰ যেন তাইৰ কল্পনাৰো অগোচৰ আছিল।সকলো কথাতে কেৱল টকা টকা আৰু টকা।টকাৰে যে মানুহে সকলো কাম কৰিব পাৰে সেই কথা তাইক বুজাই দিয়া হৈছিল।অন্তৰীক্ষ কিছু ক্ষেত্ৰত বেলেগ আছিল যদিও সৰুৰে পৰা দেখি অহা পৰিৱেশক সি বিৰোধিতা কৰাৰ কাৰণ নাছিল।বিয়াৰ পোন্ধৰ দিন মানৰ পিছত মানসী আকৌ কটনলৈ ওভতি আহিছিল।সকলোৰে মুখবোৰ যেন ফুলি গৈছিল।বুজিছিল তাই দেউতাকক যদিও তেওঁলোকে পঢ়িব পাৰিব বুলি কৈছিল সেয়া তেওঁলোকে অন্তৰৰে বিচৰা নাছিল।একমাত্ৰ অন্তৰীক্ষৰ কথাতহে তেওঁলোকে তাইক পুনৰ পঠিয়াইছিল।ধনী ঘৰৰ বোৱাৰীয়ে পঢ়ি শুনিনো কি কৰিব তাতকৈ ঘৰত থাকি ঘৰৰ কাম বনবোৰ কৰাই ভাল।সেই পোন্ধৰ দিনৰ তিক্ততাই মানসীক হতাশ কৰি পেলাইছিল তথাপিও তাই দেউতাকক এই সম্পৰ্কে একো জানিবলৈ দিয়া নাছিল।পঢ়া শুনাৰ খৰচ তেওঁ দিম বুলি কৈছিল যদিও অন্তৰীক্ষে দিবলৈ দিয়া নাছিল।এনেদৰেই কলেজলৈ আহি ক্লাছত আকৌ মন দিছিল তাই।দুদিনমান পিছতে তাই মন কৰিলে তাইৰ গাটো মাজে মাজে বেয়া লাগে,মূৰ ঘূৰাই, বমি বমি লাগে।বুজি নাপায় তাই,আৰ্চিৰ লগত তাই ডাক্তৰৰ ওচৰ পায়গৈ।সৰগখন যেন তাইৰ মূৰৰ ওপৰতহে ভাঙি পৰিছিল।যেতিয়া ডাক্তৰে আহি তাইক কৈছিল

*গুড নিউজ,তুমি মা হ'বলৈ ওলাইছা।

  লগে লগে তাই অন্তৰীক্ষলৈ ফোন কৰিছিল।নোৱাৰে তাই এতিয়াই আৰু এটা জীৱন কঢ়িয়াব।ঘৰৰ মানুহবোৰে সকলো গম পাইছিল।সকলোৱে বাধা দিছিল এবৰছন কৰাত।লাহে লাহে তাইৰ উপভোগ কৰিছিল মাতৃত্বৰ অনুভূতিবোৰ।এপল দুপলকৈ বাঢ়ি অহা কণমানিটিলৈ তাইৰ মৰম লাগিছিল।সকলোৱে ঘৰলৈ ঘূৰি আহিবলৈ কয়,কিন্তু তাই নাহে।তেনেদৰেই ক্লাছ কৰি ফাইনেল পৰীক্ষা দিয়ে।পৰীক্ষা দি তাই পুনৰ ডিব্ৰুগড়ৰ ঘৰলৈ ওভতি আহে।লগৰকেইজনীৰ পৰা বিদায়ে তাইক বহুদিনলৈ যথৰ কৰি ৰাখে।লাহে লাহে কলাকলকৈ বাঢ়ি অহা কণমানিটিৰ লগত তাই ব্যস্ত হয়।মাজে মাজে হতাশো হয় সপোনবোৰ সপোন হৈ ৰোৱাত।তথাপিও তাই সপোন দেখে তাই নিজৰ ভৰিত নিজে থিয় হ'ব।ইন্টাৰনেটত আজৰি সময়বোৰ পাৰ কৰে,জানিবলগীয়া কথাবোৰ লিখি ৰাখে।ঘৰখনৰ মানুহবোৰ তাইৰ ভাল নালাগে,অন্তৰীক্ষক ভাল পাব লাগে কাৰণে পাই নে সঁচাকৈয়ে ভাল পাই তাই নাজানে।মাথোঁ সময়ে যেনেকৈ আগুৱাই লৈ গৈছে তাই মাথোঁ গৈ আছে।মাজে মাজে নৱনীতলৈ মনত নপৰা নহয়,কিন্তু এতিয়া মনত পেলোৱাৰ বাহিৰে তাইৰ আৰু কৰিবনো কি।

  চাওঁতে চাওঁতে তাইৰ জীৱনলৈ এজনী ছোৱালী আহিল, পৰী নাম দিলে তাই।ককৰ্থনা,ভৎসৰ্নাৰে তাইৰ চৌপাশ বিয়পি পৰিল।ঘৰখনত পৰী হোৱাৰ বাবে সুখী আছিল মাত্ৰ দুজন সদস্য, মানসী আৰু অন্তৰীক্ষ।মানুহৰ আঁৰৰ মানুহবোৰ তাই চিনি উঠিছিল।অশান্তি লাগিছিল তাইৰ।ঘৰৰ কামৰ পৰা আহৰি পোৱা নাছিল।ছোৱালীজনীক সময় দিবলৈও তাইৰ যেন সময় নাছিল।সহায়িকা মানুহ থাকিলেও শহুৰ শাহুৰ বাবে যেন তাইহে সেই সহায়িকা মানুহ।লাহে লাহে জেদী হৈ গৈছিল মানসী।একমাত্ৰ পৰীৰ মুখলৈ চায়েই তাই সকলো সহ্য কৰিছিল।স্নাতকত তাই প্ৰথম বিভাগতে উত্তীৰ্ণ হ'ল।আকৌ মনটো উৰি গ'ল ইউনিভাৰ্চিটি পঢ়িবলৈ।ভয়ে ভয়ে ঘৰত উলিয়ালে কথাটো ,শাহুৱেক গোটেইজনী তাইক মাৰিবলৈহে বাকী।প্ৰাইভেটকে পঢ়াৰো খবৰ ল'লে অন্তৰীক্ষৰ হতুৱাই কিন্তু যিহেতু তাইৰ বিষয় ভূগোল আছিল গতিকে প্ৰেক্টিকেল থকাৰ বাবে প্ৰাইভেটকে কৰাৰ সপোন তাইৰ পূৰণ নহ'ল।সপোনবোৰ সপোন হৈয়েই ৰ'ল।লগৰ গোটেই কেইজনীয়ে ইউনিভাৰ্চিটিত চিট পালে।তাইলৈ মাজে মাজে ফোন কৰে।সিহঁতৰ আনন্দৰ সময়বোৰ, মূহুৰ্তবোৰৰ কথা পাতে।তাই মাথোঁ নিৰৱে চকুলো টুকে।মাজে মাজে দেউতাকলৈ খঙো উঠে।
 দুবছৰ এনেদৰেই তাইৰ পাৰ হয়।শাহু শহুৰো অসুস্থ হৈ পৰে।ককায়েক নবৌয়েক বাহিৰৰ পৰা ঘৰলৈ দুদিনমানৰ বাবে আহিলে তাইৰ সেইকেইদিন গুৰুত্ব নোহোৱা হয় লগতে পৰীৰো।ককায়েকৰ ল'ৰা দুটাহে নাতি হৈ পৰে ককাৱক আইতাকৰ।সময়ে শিকাই,সময়ে বুজাই।আৰ্চিৰ কথাই মানসীক লাহে লাহে সাহস দিয়ে।তাই প্ৰাইভেটকে ৰাজনীতি বিজ্ঞান বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ ফৰ্ম ফিলাপ কৰিলে।অন্তৰীক্ষে সকলো থিক কৰি দিলে।এটি নতুন জীৱনে যেন তাইক হাতবাউলি মাতিছে।ঘৰত কোনেও নজনাকৈয়ে তাই পৰীক্ষাবোৰ দি গ'ল।ৰুমৰ ভিতৰত তাই পঢ়া শুনা কৰাৰ কথা অন্তৰীক্ষৰ বাহিৰে কোনেও গম নাপালে।এনেদৰেই হাজাৰ বাধাক অতিক্ৰমি অন্তৰীক্ষৰ সহযোগিতাত তাইৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে।সাহস বাঢ়িল তাইৰ,পাৰিব তাই তাইৰ সপোনবোৰ দিঠক কৰিব পাৰিব।মাষ্টাৰ ডিগ্ৰীৰ ৰিজাল্টৰ খবৰটো তাই এইবাৰ নিজেই দিলে শহুৰ শাহুৱেকক।ইমান ককৰ্থনা, জ্বালা যন্ত্ৰণাই তাইক এতিয়া কঠোৰ কৰি তুলিছে।বেয়াকৈ ক'লেও যেন তাইৰ এতিয়া বেয়া নালাগে।ইতিমধ্যে তাইৰ ডাঙৰ ভনীয়েকৰো বিয়া হৈছিল।ভনীয়েকে এইবাৰ বি এডত এডমিছন ল'ব।ভনীয়েকেই খবৰটো দিছিল

* এডমিছন লৱ যদি ল,নেক্সট ইয়েৰৰ পৰা বি এড দুবছৰীয়া হ'ব,এতিয়াই কৰি ল।

মানসীয়ে ঘৰৰ ওচৰৰ বি এড কলেজত প্ৰিন্সিপালক কৈ মাজে মাজেহে আহিব পাৰিম বুলি কৈ বি এডত এডমিছনটোও লৈ ল'লে।তাতো হাজাৰ বাধাই তাইক চুই গ'ল।কিন্তু এতিয়া তাইক হাজাৰ বাধাইও ৰখাব নোৱাৰে।ছোৱালীক প্লে স্কুলত থৈ তাই মাজে মাজে ক্লাছলৈ যায়।লাহে লাহে অন্তৰীক্ষক তাইৰ ভাল লাগে।মাক দেউতাকক উত্তৰ দিব নোৱাৰে যদিও সি তাৰ কথা ৰাখিছে।তাই বিচৰা ধৰণে পঢ়িবলৈ আগবঢ়াই দিছে।এতিয়া তাতকৈ তাই বেছি পঢ়া যদিও তাৰ কোনো দুখ নাই, অভিমান নাই।পৰী আৰু তাইক মৰমৰে আৱৰি ৰাখিছে।লাহে লাহে মানসীৰ নিজকে শক্তিশালী যেন অনুভৱ হয়।আজিকালি শহুৰেকে তাইক কথা শুনোৱা বন্ধ কৰিছে,কেৱল শাহুৱেকৰহে পুৱাৰ পৰা গধূলিলৈকে টেপটো বাজি থাকে।কেতিয়াবা শুনে,কেতিয়াবা হেডফোনডাল লগাই গান শুনি থাকে।মানুহজনীয়ে কেঢ়াহিকৈ চাই আঁতৰি যায়।পৰীক আজিকালি তেওঁলোকে আগতকৈ মৰম কৰে,তায়ো ককা আইতা কৰি কৰি তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰে।

বি এড পঢ়ি থাকোতেই মানসীয়ে এ পি এছ চিৰ প্ৰিলিমছ পাছ কৰিছিল।তাইৰ যে আনন্দৰ সীমাই নাছিল।দেউতাকলৈ খবৰটো দিছিল, এতিয়াও বহু দূৰ বাকী যদিও তাইৰ বাবে ইয়াতকৈ শ্ৰেষ্ঠ আৰু কি হ'ব পাৰে।কিন্তু এইবাৰ ঘৰখনৰ অশান্তিবোৰ বেলেগ ফালে ঢাল খালে।ঘৰ সংসাৰ এৰি তাই চাকৰি কৰিবলৈ যাব নোৱাৰে।ইমানেই যদি চাকৰি, পঢ়া শুনা কৰাৰ মন আছিল বিয়া হৈছিল কিয়।সেয়েটো নাজানে তাই বিয়া হৈছিল কিয়?ঘৰখনৰ অশান্তিবোৰ,পৰীৰ প্ৰতি থকা দায়িত্ববোধে তাইক আকৌ এ পি এছ চি দিয়াৰ পৰা বিৰত ৰাখিলে।বি এডৰ পৰীক্ষাটোকে তাই ভালদৰে দিলে।ভবামতে তাইৰ আগৰ দৰেই ৰিজাল্ট ভাল হ'ল।আজিকালি সুখবোৰ তাই ৰুমটোৰ ভিতৰতে সামৰি থয়।তাইৰ সুখত সুখী নোহোৱা মানুহবোৰৰ লগত সুখবোৰ ভগাই লোৱাৰ প্ৰয়োজনেই বা কি।মন যায় তাইৰো লগৰবোৰৰ দৰে তায়ো চাকৰি কৰিব,দেউতাকে দেখুওৱা সপোনবোৰ এদিন দিঠক হ'ব।আত্মসন্মান, স্বাভীমানৰে অলংকৃত হ'ব।ধনী ঘৰৰ বোৱাৰী,ব্যৱসায়ী অন্তৰীক্ষৰ পত্নীৰ পৰিচয়তকৈ মানসী বৰুৱা হৈ তাই জীয়াই থাকিব বিচাৰে।জানে তাই,অতদিনে বুজি উঠিছে তাই তাইৰ এই পথ ইমান মসৃণ নহয়,তথাপিও তাই যুঁজি যাব সফল নোহোৱালৈকে নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰালৈকে।এতিয়াও দেউতাক তাইৰ সাহস হৈ আছে প্ৰতিটো খোজত।চাওঁতে চাওঁতে ভনীয়েক দুজনীৰ বিয়া হৈ গ'ল।দেউতাকক তাই বুজাই বাকী দুজনীক নিজৰ মতে পঢ়াশুনা সম্পূৰ্ণ কৰি বিয়া দিব লাগে।দৰকাৰ হ'লে সিহঁতৰ দায়িত্ব তাই ল'ব।পাৰিব তাই, জীৱনত তাই নোৱাৰোঁ বুলি ভবা বহু কথাই কৰিব পাৰিছে এতিয়া হাজাৰ বাধা আহিলেও তাই অতিক্ৰম কৰিব পাৰিব।মাজতে দেউতাকৰ আকৌ গা বেয়া হয়।মাক,খুড়াৱকে মিলি আকৌ তেওঁক চেন্নাইলৈ লৈ যায়।মানসী সেইবাৰ ঘৰ ৰখীয়া হ'ব লগা হয়।ঘৰত থাকোঁতেই তাই ফৰ্ম ফিলাপ কৰি থোৱা কে কে হেণ্ডিকৰ পি এইচ ডিৰ এন্ত্ৰেন্স হয়।অন্তৰীক্ষ আৰু ভনীয়েকৰ বাহিৰে কাকো নোকোৱাকৈ তাই পৰীক্ষাত উপস্থিত হয়।দুদিনমানৰ পিছতে ৰিজাল্ট ওলাই।দেউতাকো ঘূৰি আহে।তাই এন্ত্ৰেন্সত পাছ কৰে আকৌ সপোনৰ পিছত তাই দৌৰে।তাতোকৈ সুখৰ কথা তাইৰ নেট ক্লিয়েৰ হয় আৰু যেন একো নালাগে তাইক।এটি মাথোঁ সৰুসুৰা চাকৰি পালেই তাইৰ ডেউকাযোৰত চাবি লগাব।ডিব্ৰুগড়ৰ ঘৰলৈ ওভতি যায় তাই।ব্যৱহাৰবোৰ আৰু বেয়া হয় কিন্তু এইবাৰ যেন মানসীক একোৱেই লৰাব নোৱাৰে।পি এইচ ডিৰ কাম কৰি যায় তাই লগতে আলোচনা চক্ৰ,আলোচনী আদিতো লিখা মেলা কৰি যায়।ছোৱালীজনীও লাহে লাহে ডাঙৰ হয়।

এদিন সেই ঠাইৰে প্ৰাইভেট ডিগ্ৰী কলেজ এখনত তাইৰ বিভাগটোত চাকৰি ওলোৱাৰ খবৰ দিয়ে অন্তৰীক্ষে।মন নাচিলে যদিও তাৰ কথাত পৰিয়েই তাই ইন্টাৰভিউটো দি আহিছিল।জীৱনৰ প্ৰথম মুখামুখিকৈ দিয়া ইন্টাৰভিউ, ভয়ে ভয়ে তাই সোমাইছিল যদিও নিৰ্ভয়ে তাই ওলাই আহিছিল।তাইক চোন সোধা সকলো প্ৰশ্নৰ উত্তৰেই তাই দিব পাৰিছে।পায় নাপায় পিছৰ কথা মানুহকেইজনৰ আগত যে তাই লাজ নাপালে সেইটোহে ডাঙৰ কথা।দুদিন পিছত কলেজৰ পৰা তাইক চিলেক্ট কৰা হৈছে বুলি খবৰ আহিল।কথাষাৰ শুনি তাই হাঁহিবই নে কান্দিবই হ'ল।চাকৰি পালেও জানো তাই কৰিব পাৰিব ইমান সহজে।এইবাৰ অন্তৰীক্ষক লগালে মাক দেউতাকক ক'বলৈ।এইবাৰ তাই আৰু এক বিশেষণৰে বিভূষিত হ'ল।অন্তৰীক্ষক হাতৰ মুঠিত ৰখাৰ,তাৰ তলতীয়া কৰি লোৱাৰ।তথাপিও অন্তৰীক্ষৰ সহযোগতে তাই চাকৰিলৈ যাবলৈ সাহস পালে।কেৱল কামৰ তালিকাখন, শহুৰ শাহুৰ খোৱা বোৱাৰ তালিকাখন, গালি শপনিবোৰ বাঢ়ি গ'ল।তথাপিও তাই কৰি গ'ল।এনেদৰে তাই পি এইচ ডিও কমপ্লিট কৰিলে আৰু ডিপাৰ্টমেন্টৰ প্ৰথম ডক্তৰেট হ'ল।তেতিয়াৰ পৰা পাঁচ বছৰে তাই কলেজখনকে আপোন ভাবি দায়িত্ববোৰ পালন কৰি গৈছে।বৰ্তমান কলেজখন চৰকাৰী হ'ল।ভাবিয়েই তাই সুখী তাই যেন এতিয়া সঁচাকৈয়ে কলেজৰ প্ৰবক্তা হ'ল।প্ৰিন্সিপালে মাতি নি তাইক আজি সুখবৰটো দিলে।তাইক বিভাগীয় মুৰব্বীৰ দায়িত্ব দিয়া হৈছে।কথাষাৰ শুনি তাই থিয় হৈ থাকিব পৰা নাই।বিভাগত তাইৰ নিজৰ আসন হ'ব,টেবুলত লিখা থাকিব তাইৰ নাম।তাই এতিয়া আত্মপৰিচয়ৰে জীয়াই থাকিব পাৰিব, কোনো ধনী ঘৰৰ বোৱাৰী,অন্তৰীক্ষৰ পত্নী হিচাপে নহয় প্ৰবক্তা মানসী বৰুৱা হৈ।খবৰটো এইবাৰ তাই নিজেই দিলে ঘৰত।আজি তাই সমৰাঙ্গনৰ বিজয়ী যুদ্ধা,কোনো কতুক্তিৰ অস্ত্ৰই তাইক ধৰাশায়ী কৰিব নোৱাৰে।আগতে প্ৰাইভেট কলেজ বুলি হাঁহি উৰুৱাই দিয়া শহুৰ শাহু শিল পৰা কপৌৰ দৰে থৰ লাগিল।

Monday, July 20, 2020

হৃদয়ঙ্গম

হৃদয়ঙ্গম



★মই তোমাক ভালপাওঁ ,তুমি নুবুজা কিয়?
★কিন্তু ই অসম্ভৱ, তুমি বিবাহিত।
★কিন্তু মই সুখী নহয় এই বিয়াত, না মই না মোৰ ৱাইফ।
★এইটো মোৰ ভুল নহয়‌।মোৰ ঘৰে,সমাজে এই সম্পৰ্ক সহজে নলয়।
★তুমি কি ভাবিছা মই চেষ্টা কৰা নাই, যোৱা তিনি বছৰে মই কেনেকৈ আছোঁ তুমি জানা।
★কিন্তু মই কাৰো সংসাৰ ভঙাৰ কাৰণ হ'ব নোৱাৰোঁ।
★তেন্তে অত'দিনে মোৰ কেয়াৰ কিয় লৈছিলা? মোৰ সুখ দুখৰ সমভাগী কিয় হৈছিলা।
★ বন্ধু হিচাপে।

        কথাষাৰ কৈয়ে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি আৰোহনৰ সবল দুহাতৰ বন্ধনৰ পৰা তাই মুক্ত হৈ আহিছিল।নোৱাৰে নোৱাৰে তাই আনৰ সংসাৰ ভাঙি নিজে সপোন গঢ়িব।সেই শিক্ষা তাই লোৱা নাই।জানে তাই,বুজে তাই আৰোহনৰ দুখ,অশান্তি।এইটোও জানে যে তাই তাক আপোন কৰি ল'লেও তাইৰ গাত কোনো দোষ নাথাকে।সিহঁতৰ সংসাৰ ভঙাৰ কাৰণো নহয়।সংসাৰ বুলিবলৈ যে এতিয়া আৰোহনৰ একোৱেই নাছিল।তথাপিও মাকৰ কথাবোৰ তাইৰ কাণত এনেকুৱা পৰিস্থিতিবোৰত বাজি উঠে।তাৰ দুখবোৰৰ পৰা সৃষ্টিয়েইটো তাক বাহিৰলৈ আনিছিল।সুৰামত্ত আৰোহনক চিগাৰেট,সুৰাৰ ৰাগিৰ পৰা আঁতৰাই আনিছিল তাই।সেয়ে তাইৰ ভুল হ'ল।কলেজীয়া বন্ধু বুলি ভাল পথলৈ আনিব বিচাৰিছিল তাই, কিন্তু সেই আদৰ আছিল কেৱল এজন বন্ধু হিচাপে আনজনক সহায় কৰাৰ,অশুদ্ধ পথৰ পৰা শুদ্ধ পথলৈ অনাৰ।হয়টো লাহে লাহে তায়ো অনুভৱ কৰিছিল তাইৰ প্ৰতি আৰোহনৰ অনুভৱবোৰৰ কথা,নাৰীয়ে বুজে সহজে পুৰুষৰ অন্তৰৰ গোপন কথাবোৰ।আৰোহনৰ হৃদয়ত সংগোপনে গজালি ওলোৱা সৃষ্টি নামৰ প্ৰেমৰ উমান পায়েই তাই আজিকালি আঁতৰি থাকে।তাইৰ ষষ্ঠ ইন্দ্ৰিয়ই ইয়াৰ উমান দিছিল।সেয়ে অফিচত আজিকালি তাই আৰোহনৰ ফালে নাচায়েই,যেন দেখাই নাই তাক।কিন্তু যিমানে সৃষ্টিয়ে আৰোহনক অৱহেলা কৰিলে সিমানেই সি তাইৰ কাষ চাপি আহিল।

           সৃষ্টিয়ে জানে আৰোহনৰ সমস্ত কথা।পত্নী মন্নতৰ আধুনিকা আচৰণে বিয়াৰ এবছৰতেই সিহঁতৰ সম্পৰ্কত ফাট মেলাইছিল।সুৰা,পুৰুষ, লেট নাইট পাৰ্টিৰ মাজত ব্যস্ত থকা মন্নতৰ আৰোহনৰ বাবে সময়ে নাছিল।আৰোহন মাথোঁ তাইৰ বাবে সমাজক দেখুৱাৰ বাবে এটি সম্পৰ্ক আছিল।বিয়াৰ এবছৰৰ পিছত উচ্চাকাংক্ষী মন্নতে দিল্লীলৈ প্ৰমোচন লৈ গুচি গৈছিল।ফেচবুকৰ প্ৰফাইল বিভিন্ন ধৰনৰ নাইট ক্লাবৰ ফটো,হাতত সুৰাৰ গিলাচ লৈ পৰপুৰুষৰ আলিংগনৰত ফটোৰে ভৰি পৰিল।আৰোহনে যদি কিবা কয় সি হৈ পৰে গাঁৱলীয়া, আজিকালিৰ চচাইটিৰ লগত মিলিব নোৱাৰা সংকীৰ্ণ মানসিকতাৰ আউটডেটেত হাজবেণ্ড।সহ্য কৰে সি সকলো বিশেষ্য,বিশেষণ কিন্তু নিজকে পত্নীৰ লগত মিলিবলৈ সুৰাৰ গিলাচত সিও চুমক দিয়ে।মন্নতক বুজাবলৈ সি নিজেই দিল্লীলৈ যায়, কিন্তু কলিং বেলৰ শব্দত দৰ্জা খোল খাই এজন সুঠাম,সুন্দৰ পুৰুষৰ হাতত।ঠিকনা ভুল হ'ল বুলি ভাবি ওভতি আহিব ধৰোতেই দেখা পালে মডাৰ্ণ ড্ৰেচ পৰিহিতা মন্নতক।বুজিবলৈ বাকী নাথাকিল তাৰ, তথাপিও সোমাই গ'ল সি।গম পালে সি মন্নতৰ সেই ফ্লেটৰ পাৰ্টনাৰ তেওঁ, দুয়োৱে সহবাস কৰিছে তাত।মন্নতৰ ভাষাত দিল্লীত এনেদৰে সকলোৱে থাকে।নিজকে সেই পুৰুষজনৰ চকুত পুতৌ দেখা পালে।ইমান দিনে নিজকে হেণ্ডচাম বুলি ভাবি থকা আৰোহনৰ পুৰুষজনৰ তুলনাত জীৱনত প্ৰথম বাৰৰ বাবে নিজকে কুৎচিত যেন ভাব হ'ল।গুচি আহিল সি,নোৱাৰে আৰু তাত সি একমিনিটো থাকিব।ওভতি আহি নিজকে আৰোহনে মডাৰ্ণ কৰিবলৈ চেষ্টা কৰিলে।লাহে লাহে নিচাবোৰৰ মাজত সোমাই পৰিল আৰোহন।সৃষ্টিয়ে তাক বুজাই,নিচাজাতীয় বস্তুবোৰৰ পৰা আতৰাবলৈ চেষ্টা কৰে।বহু নিশা সি অফিচতে পাৰ কৰে।মন্নতৰ কোনো ফোন নাহে,খবৰ নাৰাখে।প্ৰথম এদিন দুদিন সৃষ্টিয়েও ফোন কৰে তাইলৈ কিন্তু তাইৰ কথাবোৰৰ মাজত সৃষ্টিৰো নিজকে আউটডেটেত লিগে।

          মন্নতৰ ভাষাত তাই নিজৰ জীৱন নিজে গঢ়িছে।কি কৰে কি নকৰে বাধা দিবলৈ কাৰো অধিকাৰ নাই আৰু আৰোহনেও যদি কাৰবাৰ লগত সম্পৰ্ক কৰিব বিচাৰে তাইৰ কোনো আপত্তি নাই।আচৰিত হৈছিল সৃষ্টি,এনেকুৱা নাৰীও থাকেনে ক'ৰবাত।তাইচোন কল্পনাও কৰিব নোৱাৰে।নিজৰ স্বামীক আনৰ লগত কেনেকৈ ভগাব পাৰে।আচৰিত লাগিল তাইৰ এই মন্নত নামৰ নাৰী গৰাকীক।বেয়া লাগে সৃষ্টিৰ আৰোহনলৈ ,তাৰ জীৱনটো শেষ কৰি থৈ কেনেকৈ মন্নতে তাত আনন্দৰে পাৰ কৰিব পাৰিছে।কল্পনা কৰে তাই, আৰোহনৰ জীৱনটোক চিজিল লগাব পৰাকৈ এজনী ছোৱালীৰ,তাক মৰম কৰিব পৰাকৈ এজনী পত্নীৰ।কিন্তু  আজি তাৰ মুখত শুনা কথাকেইষাৰে তাইক হুলে বিন্ধাদি বিন্ধিছে।মাকে সদায় তাইক কৈ থাকে
*আৰোহনৰ লগত বেছি হলিগলি নকৰিবি।পুৰুষৰ মন কেতিয়া কি হয় ক'ব নোৱাৰ আৰু এবাৰ বিয়া পতা ল'ৰালৈ কোনে কি বিশ্বাসত ছোৱালী দিব।সমাজৰ মানুহক কেনেকৈ বুজাবি,পিছত তোকেই সকলোৱে দোষ দিব।ময়ো এবাৰ বিয়া পতা ল'ৰালৈ তোক কোনো পধ্যেই সম্পৰ্ক গঢ়িবলৈ দিব নোৱাৰোঁ।

       বুজে সৃষ্টিয়ে মাকৰ কথাবোৰ।মাকৰ মন ছোৱালীক যোগ্য হাতত গতাব পাৰিলেই সুখী।সমাজৰ ভয়তে মানুহবোৰে কিছুমান ভাল কামো কৰিবলৈ ভয় কৰে আকৌ সেই সমাজকেই নেওচি মন্নতৰ নিচিনা মানুহে বহু নকৰিবলগীয়া কামো কৰে।সমাজৰ এজনৰ চকুত যদি মন্নত দোষী আনজনৰ চকুত আৰোহন দোষী।এজনে সমাজলৈ গুৰুত্ব নিদি নিজৰ মতে জীৱন যাপন কৰিছে আনজনে সমাজৰ ভয়ত মাক দেউতাকৰ সন্মানৰ খাতিৰত ডিভৰ্চ পেপাৰখন দিবলৈও সাহস কৰিব পৰা নাই।বান্ধ খাই আছে বিবাহ নামৰ অদৰকাৰী এটা সম্পৰ্কত।কেইবাদিনো সৃষ্টিয়ে আৰোহনক দ্বিতীয় বিবাহৰ কথা কৈছে।

★মন্নতৰ পৰা ডিভৰ্চ লৈ তুমি আকৌ বিয়া পাতা।তোমাৰ নিচিনা ল'ৰালৈ ছোৱালীৰ অভাৱ নাই।
★পাম জানোঁ মই বিচৰা মৰম,মোক ভাল পাবলৈ থাকিব জানোঁ কাৰোবাৰ সময়।আকৌ যদি মন্নতৰ দৰেই হয়।

       অফিচৰ পৰা ওলাই গোটেই ৰাস্তাটো গাড়ীত তাই এইবোৰ কথাই ভাবি আহিছে।এৰা, মানুহক উপদেশ দিবলৈ ভাল।নিজে পালন কৰিবলৈহে টান।যি আৰোহনক বিয়া কৰাবলৈ তাই এজনী ছোৱালীৰ কল্পনা কৰি আছিল, আজি সেই ছোৱালীজনী তাই হ'বলৈ কিয় টান পাইছে তাই নিজে।নে তাই আৰোহনৰ বাবে ভবা আন ছোৱালীতকৈ শ্ৰেষ্ঠ।বুজি নাপায় তাই।ফোনটোত আৰোহনৰ মেছেজ আহে।

★ Sorry.নভবাকৈয়ে কৈ দিলোঁ বহু কথা।বেয়া নাপাবা।

      কলিজাখন মোচৰ খাই গৈছে সৃষ্টিৰ।নভবাকৈয়ে হয়তো তাইৰ মুখৰ পৰাও নক'বলগীয়া কথা ওলাল।দুখৰ সমভাগী হ'বলৈ ভাল কিন্তু সেই দুখক আপোন কৰিবলৈহে টান।হয়তো আৰোহনে আজি বিয়া নাপাতি তাইক এই প্ৰস্তাৱ দিয়া হ'লে তাই প্ৰস্তাৱটো নাকচ কৰাৰ কোনো কাৰণেই নাথাকিল হয়।জানে তাই আৰোহনৰ নিকা মনটোক,হয়তো মন্নত উভতি আহিলে সি আকৌ তাইক আঁকোৱালি ল'ব ঘৰৰ পখী ঘৰলৈ উভতি আহিল বুলি।এইটোও জানে সৃষ্টিয়ে মন্নত যে আৰু কেতিয়াও উভতি নাহে।তাই ডিভৰ্চ নিবিচাৰিলে আৰোহনেও হয়তো নিবিচাৰিব।তেন্তে থাকি যাব নেকি সি অকলশৰীয়া হৈ।

        পিছদিনা সৃষ্টি অফিচলৈ অহাৰ পথত দেখিলে আৰোহনক।গাড়ীৰ আগফালে ভেজা দি মুখেদি কুণ্ডলি পকোৱা ধোঁৱা উৰুৱাই তন্ময় হৈ সি কিবা চিন্তা কৰি আছে।তাইৰ তেন্তে ইমান দিনৰ কষ্ট আকৌ পানী হ'ল।সিটো এইবোৰ এৰি দিছিল তেতিয়াহ'লে আকৌ আৰোহন এইবোৰৰ মাজত সোমাই যাব।নামি দিলে তাই গাড়ীখনৰ পৰা।দৌৰি যোৱাৰ দৰেই গ'ল তাই আৰোহনৰ ওচৰলৈ।তাইক দেখি ধৰা পৰাৰ ভয়ত তাৰ মুখৰ মাত নোলোৱা হ'ল।

★উঠা গাড়ীত ।

      কথাষাৰ কৈয়েই সৃষ্টি তাৰ কাষৰ চিটত বহি পৰিল।

★ মই মানে I am sorry Sristy

★ মোৰ তেন্তে ইমান দিনৰ কষ্ট এনেই গ'ল।এইবোৰ খালেহে দুখ পাহৰিব পাৰি ন?ভাবাচোন তোমালোকে যে দুখ পাতলাবলৈ এইবোৰ খোৱা ছোৱালীবোৰৰ কি দুখ নাই, সিহঁতে কিয় এই পথ বাছি নলয়।তেনেহ'লেচোন পুৰুষ সঁচাকৈয়ে কাপুৰুষ,নাৰীৰেই পৰিস্থিতিৰ সৈতে সন্মুখীন হ'ব পৰা সাহস আছে।

★কাৰ কাৰণে মই জীয়াম।কোন আছে মোৰ,অকলশৰীয়া মই।সকলো থাকিও কোনো নাই মোৰ।কাক কম মই মোৰ মনৰ কথাবোৰ।

★ মোক কোৱা।অত'দিনেটো শুনিয়েই আছোঁ ।

★কিয় শুনিবা তুমি মোৰ কথা, কোন হয় তুমি?


       আজি বান্ধৱী বুলি ক'বলৈও সৃষ্টিৰ মন নগ'ল।কিয় জানো মনটো বিষাদৰে ভৰি গ'ল।আজি তাই অলপ সাজি কাচিও আহিছিল।ঘৰৰ পৰা ল'ৰা এজন চাইছে,অফিচৰ পৰা ডাইৰেক্ট তাই ৰেষ্টুৰেন্টখনলৈ যাব লাগিব।ঘৰৰ সকলো তাতেই লগ হ'ব,ল'ৰাৰ ঘৰো আৰু সৃষ্টিৰ ঘৰৰ মানুহো।অফিচত তাই আজি মন বহুৱাব পৰা নাই।নাচাওঁ বুলি ভাবিও বাৰে বাৰে চকুহাল আৰোহনৰ কেবিনলৈকে গৈছে।মাজে মাজে দুয়ো দুয়োৰে চকুত ধৰাও পৰিছে।বছক কৈ সোনকালেই অফিচৰ পৰা তাই ওলাই আহিল।আৰোহনো তাইৰ পিছে পিছে আহিল।ঘৰত ইমাৰজেন্সি হৈছে বুলি তাই কোৱাত আৰোহনেই থ'বলৈ যাবলৈ ওলাল।বিমোৰত পৰিল সৃষ্টি।তাইৰ ঘৰ আৰোহনে চিনি পাই আৰু এতিয়া যাব লাগে তাই বেলেগ এফালে মাকহঁত ইতিমধ্যে পাইছেহিয়েই।ফাকি দি তাই এইবাৰ বেয়াকৈ ধৰা পৰিল।আগতে হোৱা হয় তাই  সকলো কৈ তাক নিজেই লগত লৈ গ'ল হয় কিন্তু কালিৰ ঘটনাটোৰ পৰা তাইৰ সেই সাহস হোৱা নাই।ইমানবোৰ ভাবি থাকোতেই সি গাড়ী ষ্টাৰ্ট দিলেই ।উপায়ন্তৰ হৈ তাই বহি ল'লে।

★ আৰোহন,মোক চাবলৈ আজি ল'ৰা এজন অহাৰ কথা আছে,মাহঁত হেপিভিলা ৰেষ্টুৰেন্টলৈকে আহিছে, ময়ো তালৈকে যাব লাগিব।
★ হয় নেকি ইমাৰজেন্সি তেন্তে সেইটোহে।থিক আছে ব'লা।কি কৰে ল'ৰাই?
★কৃষি বিজ্ঞানী
        আৰু একো নক'লে সি।একেবাৰে ৰেষ্টুৰেন্টৰ সন্মুখত গাড়ীখন ৰখালে সি।
★ নামা।
★তুমি নাহা।
★ইয়াত মোৰ কি কাম?

     একো ক'ব নোৱাৰিলে সৃষ্টিয়ে।তাই নমাৰ লগে ফো ফোৱাই গাড়ী চলাই সি গুচি গ'ল।সৃষ্টিৰ বুকুখনত আকৌ বিষ এটি অনুভৱ হ'ল।সোমাই গ'ল ৰেষ্টুৰেন্টখনলৈ তাই।সকলো ৰৈ আছে তাইৰ বাবে।তাইৰহে আজি মনটো ভাল নালাগিল।সকলোৰে লগত মাত বোল কৰিলে যদিও মনটো আৰোহনৰ ওচৰলৈকে বাৰে বাৰে দৌৰি গ'ল।

          চাবলৈ অহা অৰুণাভক যে তাইৰ অলপো ভাল নালাগিল।কিন্তু মাকহঁত তাৰ গুণত পঞ্চমুখ হৈ পৰিল।ঘৰলৈ অহাৰ পথত অৰুণাভৰ নামেই লৈ থাকিল।সৃষ্টিৰহে মনটো বাৰে বাৰে আৰোহনৰ ওচৰলৈ দৌৰি গৈছে।তাই নিজেই বুজিব পৰা নাই এনে কিয় হৈছে।ঘৰলৈ আহি আৰোহনলৈ ফোন লগালে তাই, ৰিচিভ নকৰিলে সি।তাইৰ আকৌ চিন্তা হ'ল আকৌ সি নিচাৰ মাজত নাইটো।কেইবাবাৰো ফোন কৰাৰ পিছতো সি ৰিচিভ নকৰিলে।নিশাটো তাইৰো টোপনি নাহিল।

       পিছদিনা সোনকালেই অফিচলৈ গ'ল।তেতিয়ালৈকে আৰোহন পোৱাহি নাই।অফিচলৈ সাধাৰণতে সিহঁত দুটাই আগৰ পৰা সোনকালে আহে।তাৰ কেবিনটোলৈ সোমাই গ'ল তাই।কিবা সুৰাযুক্ত বস্তু পাই নেকি চাবলৈ।

★কি বিচাৰি আছা?
 আৰোহনৰ মাতত সৃষ্টি থতমত খালে।
★নাই, এনেই মানে
★এতিয়া মোৰ লগত লাগি থাকা বন্ধ কৰা,তোমাৰ নতুন মানুহ আহিছে তেওঁৰ বিষয়ে চিন্তা কৰা।
★কালি ইমান ফোন কৰিলোঁ ৰিচিভ নকৰিলা।
★প্ৰয়োজনবোধ নকৰিলোঁ।

      ওলাই আহিল তাই কেবিনটোৰ পৰা।'কিয়' বুলি সুধিবলৈ ৰৈও তাই ৰৈ গ'ল।অজানিতে তাইৰ দুচকু বাগৰি আহিল।নিজৰ চকীখনত বহি আৰোহনলৈকে চাই থাকিল।সি কিন্তু আজি এবাৰলৈও তাইলৈ নাচালে।দিনটো তাইৰ কৰিবলগীয়াখিনি কৰিলে যদিও চকু আৰু মন বাৰে বাৰে আৰোহনতে নিবিষ্ট থাকিল।অফিচ ছুটী হোৱাত সকলো ঘৰলৈ গ'ল যদিও আৰোহন কেবিনৰ পৰা ওলাই নাহিল।বহু সময় সৃষ্টিয়ে তালৈ অপেক্ষা কৰিলে।সি ওলাই নহা দেখি তায়ে সোমাই গ'ল।

★নোযোৱা নেকি?
★তুমি যোৱা মই লাহে লাহে যাম।
       জানে তাই এই লাহে লাহেৰ অৰ্থ কি।সোমাই গ'ল তাই।
★এনেকুৱা কিয় কৰিছা মোৰ লগত মই কি কৰিলোঁ।আমিটো একেলগেই যাওঁ সদায় ব'লা আকৌ।
★আজিৰ পৰা তুমি অকলেই যাবা,ময়ো অকলেই যাম।
★নাযাওঁ মই অকলে,ব'লা তুমিও।
     কথাষাৰ কৈয়েই তাই আৰোহনৰ টেবুলত থকা ফাইলবোৰ সামৰিবলৈ ধৰিলে।

★Stop this Sristy ,stop.why don't you leave me alone.তুমিটো মোক ভাল নোপোৱা তেন্তে কিহৰ বাবে এই কেয়াৰ।মই অকলে আছিলোঁ আৰু অকলেই থাকিম।তুমি যোৱাগৈ।চাইনটিষ্ট আহিছে যেতিয়া এতিয়া মোৰ ওচৰত নথকাই তোমাৰ বাবে ভাল।

       কথাকেইষাৰ কৈ সি আকৌ কামত লাগিলে।বুজিছে তাই আৰোহনৰ অভিমানক।কিন্তু তাই কি ক'ব ভাষা বিচাৰি পোৱা নাই।ঘৰত কথাবোৰ জনাবলৈও যে তাইৰ সাহ হোৱা নাই।দুয়োটা বহু সময় কেবিনটোতে পাৰ কৰিলে।নিথৰ,নিস্তব্ধ হৈ,কাৰো মুখত এষাৰি মাত নোলোৱাকৈ।সৃষ্টিৰ মাকৰ ফোনতহে তাই চিন্তাবোৰৰ পৰা আকৌ বাস্তৱলৈ ঘূৰি আহিল।মাকে কিয় ফোন কৰিছে জানিবলৈ তাইৰ বাকি নাথাকিল।ওলাই আহিল তাই একো নোকোৱাকৈ।সময় তেতিয়া ন বাজিছিল।

★ৰ'বা ময়ো গৈছোঁ,এতিয়া অকলে যাব নালাগে।
★ নালাগে, মই পাৰিম।মইনো কোন হয় তোমাৰ?
      কথাষাৰ কৈয়েই তাই ওলাই আহিল।
কেবখন বুকিং কৰিলে তাই।অফিচৰ পৰা ওলাই ফুটপাথত ৰৈ আছে তাই।সন্মুখত আৰোহনে গাড়ীখন ৰখাই দিলেহি।
★উঠা
★নালাগে যোৱা।মই পাৰিম ।
      এইবাৰ ড্ৰাইভিং চিটৰ পৰা উঠি সি তাইক জোৰেৰে বহুৱাই দিলে গাড়ীখনত।ঘৰ পোৱালৈকে কোনেও এষাৰি মাত নিদিলে।ঘৰ পায়েই মাকৰ হাজাৰটা প্ৰশ্নই সৃষ্টিক বেৰি ধৰিলে।খং উঠিছে তাইৰ লাহে লাহে।অফিচত আৰোহনৰ পৰা শুনা কথা, মাকৰ পৰা শুনা কথাই তাইৰ খংটো দুগুণে বঢ়ালে।দৰ্জাখন মাৰি তাই ফ্ৰেচ হৈ বিচনাত পৰিল।দিনটোৰ ঘটনাবোৰ আকৌ ভাহি আহিল।নিজকে সোধে তাই সঁচাকৈয়ে আৰোহনৰ প্ৰেমত পৰিছে নেকি?যদি নাই পৰা তেন্তে তাৰ উপেক্ষাই কিয় তাইক হুলে বিন্ধাদি বিন্ধিছে।সি অবাটে যাওঁতে তাই কিয় ইমান চিন্তিত হৈছে।ক'ব নেকি মাকক তাই আৰোহনক ভালপায় বুলি।গ্ৰহণ কৰিবনে মাকহঁতে।তায়োটো আৰোহনৰ দ্বিতীয় পত্নী হ'ব লাগিব।পাৰিবনে সমাজৰ হুলে বিন্ধা কথাবোৰ সহ্য কৰিব।আৰোহনৰ দ্বিতীয় পত্নী হোৱাতকৈ অৰুণাভৰ প্ৰথমা পত্নী হৈ গৌৰৱান্বিত হ'ব নেকি তাই।নাই অৰুণাভৰ নামটো মনলৈ অহাৰ লগে লগে তাইৰচোন কিবা এক অশান্তি লাগিবলৈ ধৰিলে।দুচকু জপাই দিলে তাই, আৰোহনৰ ছবিখন ভাহি আহিলে।তালৈ এটা মেছেজ লিখিলে

★বেয়া বস্তুবোৰ নাখাবাচোন,মোৰে শপত।

     মেছেজটো দি তাই মাকৰ ওচৰ পালেগৈ।আজি তাই মাকক ক'ব তাইৰ মনৰ কথাবোৰ।নোৱাৰে তাই আকৌ আৰোহনক টিলটিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ।মাকক ক'বলৈহে পালে মাকৰ একেবাৰে কান্দোনত অৱস্থাই নাই।দেউতাক দৌৰি আহিল।সৃষ্টি যদি আৰোহনলৈ বিয়া হয় তেওঁলোকৰ সন্মানৰ কি হ'ব।একমাত্ৰ ছোৱালীজনীক কেনেকৈ এজন বিবাহিত পুৰুষলৈ বিয়া দিব।মাকক বুজাই তাই তাইৰ মাহীয়েকৰ ল'ৰাটোৱেচোন প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত আকৌ বিয়া কৰাইছিল, তেতিয়াটো তেওঁলোকৰ সন্মান লাঘৱ হোৱা নাছিল।তেন্তে আজি কিয় তাইৰ ক্ষেত্ৰত এনে আচৰণ।নিজৰ ছোৱালীজনী দিওঁতে ইমান কষ্ট তেন্তে আনৰ ছোৱালী এজনীক দ্বিতীয় বিবাহত বান্ধিবলৈ ইমান হেতা ওপৰা লগাই কিয়?একেই মানুহ, একেই যন্ত্ৰণা, একেই বিষাদ।তেন্তে এই পাৰ্থক্য কিয়।নাই মাকে নুবুজে, বুজক নুবুজক সৃষ্টিয়ে তাইৰ শেষ সিদ্ধান্তটো জনাই দিলে।তাই বিয়া হ'লে আৰোহনৰ লগতে হ'ব বেলেগ কাৰো লগত নহয়।দৰকাৰ হ'লে তাই বিয়াই নহয়।

      ৰুমলৈ আহি ফোনটোলৈ চালে কিবা ৰিপ্লাই আহিল নেকি।নাই একো মেছেজেই অহা নাই।পিছদিনালৈ তাই অপেক্ষা কৰিলে।দেউতাকে অফিচলৈ যোৱাৰ সময়ত কৈ পথালে,তেওঁলোকৰ আপত্তি নাই, মাথোঁ আৰোহনক লগ পাব বিচাৰে।তাৰ অতীতৰ সম্পৰ্কবোৰৰ লেঠা ছিঙি ল'লে ভাল হয়।

        ইমান সোনকালে ঘৰত মানি ল'ব বুলি তাই ভবাই নাছিলে।আৰোহনক খবৰটো দিবলৈ তাই একেবাৰে ব্যাকুল হৈ পৰিছে।তাক মাতি পঠিয়াইছে একেলগে যাব আজি।ৰৈ আছে তাই আৰোহনৰ বাবে, সময় যেন আজি ৰৈ গৈছে,ঘড়ীৰ কাটাডাল যেন আজি আগ নাবাঢ়েহে নাবাঢ়ে।লাজো লাগিছে তাইৰ, আজিৰ পৰা যেন আৰোহন তাইৰ বাবে এক বেলেগ মানুহ, তাইৰ মনৰ মানুহ।গাড়ীখন অহাত তাই বহি ল'লে।একেই আৰোহন একেই মানুহ তথাপিও যেন আজি তাইৰ বাবে সি অচিনাকি।সি কিন্তু এইকেইদিনৰ নিচিনাই নাইচোৱা তাইক,নাই মতা তাইক।

★মই তোমাক ভালপাওঁ আৰোহন।(ভয়ে ভয়ে লাজে লাজে তাই ক'লে)।
★হু,কিবা কৈছিলা?
 ★মই তোমাক ভালপাওঁ আৰোহন।তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ।এইকেইদিনত মই বুজি উঠিছোঁ।তোমাৰ উপেক্ষা মই সহিব পৰা নাই আৰোহন।ঘৰতো কৈছোঁ, তেওঁলোকৰ আপত্তি নাই, মাথোঁ মন্নতৰ লগত তুমি ডিভৰ্চ ল'ব লাগিব।

★তুমি কি ভাবিছা মই ডিভৰ্চ নোলোৱাকৈ তোমাক প্ৰপ'জ কৰিছোঁ।আমাৰ ডিভৰ্চ হৈ গ'ল সৃষ্টি।যোৱা কেইমাহ অফিচৰ কামত দিল্লীলৈ গৈ থাকিব লগা হোৱাত মই কামটো কৰি আহিলোঁ।আজিৰ এই বিশেষ দিনটোত অফিচলৈ নাযাওঁ দিয়া বেলেগ ক'ৰবালৈ যাওঁ।ব্ৰহ্মপুত্ৰৰ পাৰলৈকে যাওঁ ব'লা।

         বহু কথা পাতিছিল সেইদিনা দুয়োটাই।দুয়োটাই দুয়োটাক হৃদয়ঙ্গম কৰিছিল।ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক শোভা চাই দুয়ো আত্মহাৰা হৈছিল।প্ৰেম হয়তো এনেদৰেই হয় মনে মনে গোপনে।ভালপাওঁ বুলিয়েই ভালপাব নোৱাৰি,ইয়াৰ বাবে লাগে দুখন হৃদয়।এজনৰ আনজনৰ প্ৰতি থকা দুৰ্বাৰ হেঁপাহ, আকুলতা, অলপ আস্থা আৰু অলপ বিশ্বাস।

       অতি সোনকালেই বিয়াখনৰ দিন লোৱা হৈছিল।একমাত্ৰ কন্যাক এনেকৈ বিয়া দিবলৈ পাই দেউতাক সুখী আছিল যদিও মাক অসন্তুষ্টই আছিল।বিয়াৰ দিনাও ৰভাতলত মানুহৰ ফুচফুচনি, গুণগুণনিৰ অভাৱ নাছিল।তথাপিও কোনেও মুখ খুলি সৃষ্টিক কিবা ক'বলৈ সাহ কৰা নাছিল।কইনা বহা আসনখনৰ পিছফালে সৃষ্টিয়ে ডিজাইনত লিখাই ৰাখিছিল

     "ৰভাতলত আশীৰ্বাদৰ মন্ত্ৰ উচ্চাৰণ কৰক।
     সমালোচনাৰ বাণেৰে ধূসৰিত নকৰিব।
     হৃদয়ঙ্গম কৰক এখন আৰু আনখন হৃদয়
     মলিনতাৰে কলুষিত নকৰিব।"
           এক হৈ পৰিছিল দুখন হৃদয়,এখন ভগ্ন হৃদয়ক হৃদয়ঙ্গম কৰিছিল আন এখন মৰম আকলুৱা হৃদয়ে।
সমাপ্ত।



Friday, July 10, 2020

পৰিক্ৰমা

   
 * অ'মা পিন্ধক না,ভাল লাগিব আপোনাক, মোৰ মায়েচোন পিন্ধেই,পিন্ধকচোন।

* মই নো এইটো বয়সত কেনেকৈ এইবোৰ পিন্ধো ,ল'ৰাকেইটানো কি বুলি ভাবিব।

* একো নাভাৱে মা,আপুনি পিন্ধক,উঠক উঠক।আপুনি পিন্ধক মই এইবাৰ আহি কিন্তু পিন্ধি থকা দেখিব লাগিব।

         এইয়া মোৰ বোৱাৰী টুকটুকৰ আব্দাৰ।মোলৈ দুজোৰমান চেলৱাৰ কিনি আনিছে।মই হেনো এই বুঢ়ী বয়সত সেইকেইজোৰ পিন্ধিব লাগে।পিন্ধাৰ মন নথকা মোৰ নহয় ,মন যায় মোৰো ৰঙীন কাপোৰ এসাজ পিন্ধি মুক্তমনে উৰিবলৈ।পঁচপন্ন বছৰীয়া মইজনী জানো মই হৈ থকা নাই, নে শৰীৰৰ মেদবহুলতা, মুখত জিলিকি থকা ৰেখাকেইডালৰ মাজত মইজনী হেৰাই গ'লো।হয় হেৰাই গ'লো মই সেই তেতিয়াই ,যিদিনা হোমৰ জুইক ঘিউৰ আহুতি দি প্ৰণৱ বৰুৱাই মোক অৰ্ধাঙ্গিনী কৰি লৈছিল, মই অৰুন্ধতী দত্তৰ পৰা অৰুন্ধতী দত্ত বৰুৱা হৈছিলোঁ সেই তেতিয়াই মই সম্পূৰ্ণ সত্তা পাহৰি পেলাইছিলো।

           কোন আছিলোঁ মই? স্কুল, কলেজৰ এজনী পাৰদৰ্শী ছাত্ৰী,গানে, নাচে নিজকে বিলীন কৰি দিয়া চিতপখিলী,হয় হয় মই চিতপখিলীয়েই আছিলোঁ।ঘৰৰ বন্ধ দুৱাৰ খুলি মই পিতপিতাই ঘূৰি ফুৰিছিলোঁ ।কেতিয়াবা বৰটা-খুৰাহঁতৰ ঘৰত,কেতিয়াবা লগৰকেইজনীৰ ঘৰত আৰু কেতিয়াবা কেতিয়াবা মঞ্চৰ কেন্দ্ৰ বিন্দুত।ৰখাব নোৱাৰিছিল মোক কোনেও,মই উৰন্ত,মই দুৰ্দান্ত ।প্ৰকৃততে মোক ৰখোৱা নাছিল কোনেও।উৰাৰ হেঁপাহ এবুকু লৈ মই চাই ৰৈছিলো আকাশখনলৈ ,পৰা হ'লে যেন পখীকেইটিৰ লগত ময়ো এতিয়াই উৰি যাম।অস্ত সুৰুযৰ হেঙুলীয়া আভাত ঘৰমুৱা পখীজাকৰ চালে চাই ৰোৱা দৃশ্য চাই মোৰ টোপনি নাহে নিশাটো।মই উৰিব বিচাৰিছিলোঁ সীমাৰ পৰিধি ভাঙি অসীমত‌।

            মা বাবাৰ মৰমত ডাঙৰ হোৱা মই এজনী চিতপখিলী।মোৰ ৰূপত মুগ্ধ চৌপাশৰ প্ৰকৃতি।মোৰ ককাললৈকে পৰা দীঘল চুলিকেইডালে কিমানৰ যে টোপনি হৰিছিল মই খবৰ পাইছিলোঁ,মোৰ ৰঙটোৱেও যে তাতে মোৰ সৌন্দৰ্য দুগুণে বঢ়াইছিল।ৰঙা, নীলা, সেউজীয়া ৰঙৰ মাজত মই বলীন হওঁ পুৱাৰ পৰা গধূলিলৈ।কিন্তু মই মোৰ শালীনতা বজাই ৰাখিছিলোঁ, অসৎ সঙ্গৰ বেষ্টনীৰ পৰা মই নিজকে সুৰক্ষিত কৰিব জানিছিলোঁ।মা বাবাৰ মৰমত ডাঙৰ হোৱা মইজনী বাবাৰ কথাৰ মান ৰাখি স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়েই বিয়াত বহিছিলো তেওঁ চাই দিয়া ল'ৰাজনৰ সৈতে। আঢ্যৱন্ত পৰিয়াল এটালৈ বিয়া দিবলৈ পায় বাবা মা সুখী।ল'ৰাৰ দেউতাক চহৰখনৰ নামী দামী ডাক্তৰ,ল'ৰা প্ৰবক্তা ।ছোৱালী এজনীক বিয়া দিব পৰাকৈ সকলো খিনিয়েই আছে আৰুনো কি লাগে।

           বিয়াৰ আগত তেওঁক মই এবাৰেই পাইছিলোঁ ।বেয়া লগা নাছিল, মই মনে বিচৰা ধৰণেৰেই মানুহজনক পাই মই সুখী হৈছিলোঁ।বাকীবোৰ চাবৰ বাবেটো বাবা আছেই।কোনো প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ মই বিয়া হৈ আহিছিলোঁ নতুন ঘৰখনলৈ।সেই যে আহিছিলোঁ তাৰ পিছৰ পৰাই শিকিছিলোঁ জীৱনৰ অন্য এক পাঠ।প্ৰবক্তা স্বামীৰ গহীন গম্ভীৰ স্বভাৱত খিলখিলাই থকা মইজনীয়ে হাঁহি সামৰিবলৈ শিকিলোঁ।বুজিলোঁ তেওঁক মানুহজন থিকেই ভদ্ৰ,নম্ৰ,অমায়িক কেৱল ঘৰখনৰ বিৰোধিতা কৰাৰ সৎ সাহস তেওঁৰ নাই।সৰুৰে পৰা যি দেখিছে,যি শিকিছে সেয়া গ্ৰহণ কৰিছে,নিজৰ বিবেচনাৰে কেতিয়াও জুকিয়াই চোৱা নাই।কেতিয়াবা কিবা কথাত হাঁহি উঠিলেও শব্দ নকৰাকৈ হাঁহিবলৈ শিকিলোঁ।ঘৰখনত হাঁহিবলৈ বুলি মানুহেই নাই, শহুৰ দেউতাৰ ব্যস্ততাময় জীৱন, স্বামীৰ কলেজ, ক্লাছৰ প্ৰিপেয়াৰ, ছেমিনাৰ ইত্যাদিৰ ব্যস্ততাৰ মাজত ঘৰখনত হাঁহিবলৈ মানুহ দুজনী, মই আৰু শাহু মা।কিন্তু তেওঁও একেই,হাঁহি উঠা কথাটো মিচিকিয়াই হাঁহি থৈ দিয়ে,চিঞৰ বাখৰ কৰি থকা মই জনীয়ে এতিয়া লাহে লাহে কথা ক'বলৈ শিকিলোঁ।বোৱাৰীয়ে ডাঙৰ ডাঙৰকৈ কথা নকয়।বোৱাৰীৰ লক্ষণৰ কিছুমান নিয়ম মই অনুসৰণ কৰিবলৈ ধৰিলোঁ।ৰঙা ,নীলা সাজ পিন্ধা মইজনীয়ে এতিয়া পাতল ৰঙৰ কাপোৰ পিন্ধিবলৈ ধৰিলোঁ।পাতল ৰঙ হেনো মানী মানুহৰ আচ্ছাদন।জীৱনৰ নতুন পাঠ।মানে মই অতদিনে অসন্মানীয় হৈয়ে আছিলোঁ।

          স্নাতকোত্তৰ ৰিজাল্ট দিয়াৰ পিছত মোৰো মন আছিল নিজে কিবা এটা কৰাৰ,আত্মপৰিচয় গঢ়াৰ।কিন্তু সেই সপোন মোৰ পূৰণ নহ'ল।ঘৰখনত খাবলৈ পিন্ধিবলৈ পইচাৰটো অভাৱ হোৱা নাই, গতিকে ঘৰৰ বোৱাৰীয়ে এনেই কষ্ট কিয় কৰিব লাগে।ডাক্তৰৰ বোৱাৰী, প্ৰবক্তাৰ পত্নী ইমানবোৰ বিশেষণৰ পিছত আৰু কিহৰ প্ৰয়োজন।বিৰোধিতা কৰিছিলোঁ মই কিন্তু কিয় জানো  তেওঁলোকৰ বাক্যৰ প্ৰতিটো  শব্দই মোৰ বুকু ভেদি গৈছিল।প্ৰবক্তা স্বামীও নামতহে প্ৰবক্তা ,পত্নী আৰু বোৱাৰীৰ কৰণীয়খিনিৰ তালিকা তেওঁৰ থিকেই মূখস্থ আছিল কেৱল স্বামীৰ দায়িত্বৰ জ্ঞানৰপৰাহে তেওঁ অৱগত নাছিল।সাজ সজ্জাৰ ক্ষেত্ৰতো বহু বাধা আছিল।চাদৰ মেখেলাৰ বাহিৰে বেলেগ বস্ত্ৰ পৰিধান কৰিলে ঘৰখনৰ সন্মানত ব্যাঘাত জন্মিছিল।এইবোৰ নিয়ম কানুনৰ মাজতেই আমাৰ মাজলৈ আহিছিল দুটি যমজ সন্তান, ৰিব আৰু ৰিচ।

        সন্তান দুটাৰ মোহে মোক বাকী কথাবোৰ পাহৰাই পেলাইছিল।শাৰীৰিক অত্যাচাৰ,যৌতুকৰ অত্যাচাৰ এইবোৰ মোৰ লগত হোৱা নাছিল।স্বামী প্ৰণৱেও কোনোদিনে মোক কোনো কথা বেয়াকৈ কোৱা নাই বা হাতো ওঠাই পোৱা নাই।মাত্ৰ তেওঁৰ গুৰু গম্ভীৰ এষাৰি কথাই শিলৰ ৰেখা হৈ পৰিছিল উৰি ফুৰিব বিচৰা মই জনীৰ পাখি দুখন কাটিবলৈ।লাহে লাহে ৰিব আৰু ৰিচৰ মৰমে মোক মাতৃত্বৰ অনুভৱক নতুন ৰহণ সানিলে।সিহঁতে মোক ভালদৰে জনালৈ ময়ো এগৰাকী গহীন গম্ভীৰ মাকলৈ ৰূপান্তৰিত হ'লো।সেই যে চঞ্চলা মই জনী সিহঁতে কোনোদিনে লগ নাপালে, পোৱাৰ অৱকাশেই নৰ'ল।ল'ৰা সন্তান ডাঙৰ কৰাৰ নতুন নিয়ম কিছুমানে মোৰ কৰ্ণ ভেদি গ'ল।মই যদি বিচাৰিছিলোঁ মোৰ সন্তানকেইটাক মই সিহঁতৰ মতে জীয়াই থাকিবলৈ দিম,সিহঁতৰ মতে জীৱনটো উপভোগ কৰিবলৈ দিম,হাঁহিবলৈ শিকাম,জীৱনৰ অৰ্থ কি শিকাম,নিজৰ কাম নিজে কৰিবলৈ শিকাম কিন্তু সেই সুযোগ মই নাপালোঁ।ঘৰখনৰ নিয়ম শৃংখলাৰ মাজত সিহঁতো হৈ পৰিল ঘৰখনৰ বাকী মানুহবোৰৰ দৰেই।সিহঁতৰ দহ বছৰ মান বয়সত ককাৱকৰ মৃত্যু হয়।ঘৰখনৰ নিয়মবোৰ আৰু বাঢ়ি যায়।বিধৱা শাহুৰ নিয়মৰ পাকচক্ৰত কেতিয়াবা মই নিজকেই পাহৰি যাওঁ।মাছ,মাংস নোখোৱা,পিয়াঁজ ,নহৰু নোখোৱা মানুহগৰাকীলৈ সুকীয়াকৈ মুখত লগাকৈ বনাবলৈ যোৱাৰ প্ৰচেষ্টাত কেতিয়াবা কটু বাক্যৰ যে সন্মুখীন হোৱা নাছিলোঁ এনে নহয়।কেতিয়াবা কওঁ-

*আজিকালি এইবোৰ নিয়ম ইমান নামানে নহয়,আমি মাছে মঙহে খাম আৰু আপুনি দালি ভাত খাব ভাল নালাগে নহয়।

         জানো মই, মোৰ কথাই তেওঁৰ নিয়মৰ তালিকাখন সলাব নোৱাৰোঁ বুলি তথাপিও কওঁ, ওলাই যায় মুখৰ পৰা।কিন্তু কিবা এক অদ্ভুত মুখৰ ভঙ্গীমা কৰি তেওঁ আতৰি যায়।বুজাই নিজে বুজি ল তোৰ কথাৰ কিমান মূল্য।ল'ৰাকেইটাৰ সকলো কাম কৰাৰ পিছত ঘৰখনলৈ বা মানুহজনৰ বাবে ব্যস্ত হোৱা মইজনীয়ে নিজকে পাহৰি পেলাইছিলো।বিয়াৰ পিছত সময় পালেই ৰুমৰ দৰ্জা বন্ধ কৰি হেডফোন লগাই গান শুনি দুজাপমান গানৰ তালে তালে মাৰিছিলো কিন্তু এতিয়া যে তাৰ বাবেও সময়ৰ অভাৱ।নিজৰ ভাল লগাবোৰৰ তালিকাখন সৰু হৈ পৰিল, খাই বেয়া পোৱা বস্তুবোৰ খাবলৈ বেয়া পালেও খাই থোৱা হ'লো , খোৱাটো ভাল শৰীৰৰ বাবে পুষ্টিকৰ।ভাল পোৱা বস্তুবোৰ আগতে মাৰ ঘৰলৈ গ'লে  পেট পূৰাই খাই আহিছিলো, আজিকালি যাবলৈও যে সময় নোহোৱা হ'ল।ল'ৰা ছোৱালীৰ স্কুল বন্ধ হ'লেও ঘৰখনৰ কামবোৰতো আৰু বন্ধ নহয়।

          ৰিব আৰু ৰিচো লাহে লাহে ডাঙৰ হ'ল।ঘৰখনৰ পৰিবেশে সিহঁতকো গহীন কৰি তুলিছে।জোখৰ মাখৰ কথা কয় সিহঁতে।আইতাকৰ দৰেই মোকো সিহঁতে ছাঁটোৰ দৰে দেখিছে।খবৰ ৰাখে সিহঁতে মোৰ ,নৰখা নহয়,কিন্তু সেই যে মই মা বাবাৰ খবৰ ৰাখিছিলোঁ তেনেকৈ নহয়।আইতাকক শ্ৰদ্ধা কৰে সিহঁতে।দেউতাকক ভয়ৰ লগতে মৰমো কৰে।মোলৈ ভয় নকৰে, কিন্তু মই মোৰ মাক সকলো কথা কোৱাৰ দৰে ফটফটায়ো নাথাকে।নিজে সুধিলে সকলো কয়,কিন্তু নুসুধিলে একো নকয়।

        সময়ে এদিন শাহুমাকো আমাৰ মাজৰ পৰা কাঢ়ি নিয়ে।দুখৰ মাজতো নিজকে সেই মুকলি পখীটোৰ দৰে লাগিল।মোক বান্ধি ৰাখিবলৈ এতিয়াচোন শিকলিকেইডাল নাইকিয়া হৈ গ'ল।কিন্তু উৰিব খুজিও মই এতিয়া উৰিব পৰা নাই।কিয়? নিজকে প্ৰশ্ন কৰোঁ।ভাবিব নেকি মানুহে আদবয়সীয়া মইজনীৰ পৰকতি লৰিল বুলি, ভাবিব নেকি ল'ৰা দুটিয়ে মা পাগল হ'ল বুলি।ভাবিব নেকি মানুহজনে তেওঁৰ মাকৰ মৃত্যুত মই ভাল পাইছোঁ বুলি।

    উসঃ নোৱাৰি ,হাজাৰ প্ৰশ্নই,হাজাৰ শংকাই মোক বেঢ়ি ধৰিলে।জীৱনে শিকালে, বয়স আৰু সময়ে সলাই মানুহ।জীৱনৰ এই সুদীৰ্ঘ পৰিক্ৰমাত মই মইজনী হৈ নৰ'লো।সাপে সময়ে সময়ে মোট সলোৱাৰ দৰে মোৰো জীৱনৰ মোট সলনি হ'ল।ভাল লগাবোৰ কৰিবলৈ যিজনী মই অকণো কুণ্ঠাবোধ কৰা নাছিলোঁ এতিয়া সময়ৰ খেলত মই প্ৰতিটো খোজ দিবলৈ কুণ্ঠাবোধ কৰা হ'লো।আইনাখনৰ সন্মুখত নিজকে চাওঁ বাৰে বাৰে হেঁপাহবোৰ মৰি যোৱাকৈ মোৰ জানোঁ বয়স হৈছে।তেন্তে কিয় মই সাঁচি থোৱা ৰঙা, নীলা কাপোৰকেইজোৰ পিন্ধিব পৰা নাই।লাজ,শংকা নে বয়সে গৰকা দুটি পুত্ৰৰ মাক,নে প্ৰণৱ বৰুৱাৰ পত্নী।তেন্তে মই কোন?

          সময়ে মোক পত্নী,বোৱাৰী,মাতৃৰ পৰা শাহুলৈ ৰূপান্তৰিত কৰিলে।ছোৱালী চাবলৈ যোৱাৰ পৰা মোৰ এটাই ভয় হয় পাৰিমনে আনৰ ছোৱালীজনী মই মোৰ ঘৰত ছোৱালী কৰি ৰাখিব,নে তাই আমাৰ ঘৰৰ আকৌ সেই পুৰণি নিয়মবোৰৰ মাজত বোৱাৰী লৈ ৰূপান্তৰিত হ'ব।ৰিচে ছোৱালী নিজে পচণ্ড কৰি থৈছে।দেউতাক নথকাৰ সুযোগত এদিন মই তাক আমাৰ ঘৰলৈ লৈ আহিবলৈ ক'লো।বৰ মৰম লগা ছোৱালী।ঠাণ্ডা, গহীনো থিক মোৰ শাহু মাৰ দৰে।বেছি কথা নাপাতে।মই বুজিলোঁ তেওঁৰ ইমান অসুবিধা নহ'ব আমাৰ ঘৰখনৰ লগত মিলিবলৈ।বায়েক এগৰাকী থকাৰ বাবে তেওঁৰ বিয়াৰ কথা এতিয়াই ভবা নাই, আমাৰো ইমান লৰালৰি হোৱা নাই।পিছে ৰিবৰ ছোৱালী বিচাৰি বিচাৰি হায়ৰান।অৱশেষত ,টুকটুকক তাৰ পচণ্ড হ'ল,দেউতাকৰো ,মোৰো।কেৱল মোৰ ভয় হ'ল ।ৰিবক এদিন কথাবোৰ বুজালো, বিয়া পাতি কেৱল ছোৱালী এজনী আনি ঘৰ সোমোৱাটোৱেই ল'ৰাটোৰ দায়িত্ব নহয়।ছোৱালীজনীক পত্নীৰ মৰ্য্যদা দিব জানিব লাগিব,তেওঁৰ সুখ দুখৰ সমভাগী হ'ব পাৰিব লাগিব।তেওঁ আমাৰ ঘৰৰ বোৱাৰী হৈ থকাতকৈ তেওঁক নিজৰ পৰিচয়ৰে জীয়াই ৰাখিব জানিব লাগিব।আজিকালি দিনো বেলেগ, ল'ৰা ছোৱালী সকলোৰে সমান অধিকাৰ আছে বুলি চিঞৰি থাকিলেই নহ'ব,সেই অধিকাৰ দিব পাৰিব লাগিব।শুনিছিল সি মন দি কথাবোৰ।

           বিয়াৰ বজাৰ সমাৰ মই বৰ উৎসাহেৰে কৰিলোঁ।মাজে মাজে নিজৰ ছোৱালী এজনীৰ অভাৱ অনুভৱ নকৰা নহয়,কিন্তু এই বিয়াৰ বজাৰ কৰাৰ সময়ত সেই অনুভৱ বাৰুকৈয়ে হৈছিল।ছোৱালী এজনী থকা হ'লে বৰ্তমানৰ ফেশ্বনবোৰৰ বিষয়ে ভালদৰে জানিলেহেঁতেন ফলত বিয়াৰ বজাৰ কৰাত সুবিধা হ'ল হয়।তথাপিও ল'ৰাৰ সহযোগিতাত নেটত চাই চাই কিছু আভাস হ'ল।তথাপিও মনে নামানি টুকটুকৰ ভাল বেয়াবোৰ,পচণ্ড,অপচণ্ডৰ খবৰ ল'লো।পঁচিশ বছৰৰ আগৰ মইজনীয়ে,যেন মই মোৰ ৰূপত আকৌ এজনী অৰুন্ধতীক পাম।বিয়াৰ কাপোৰৰ মাজত মোলৈও কিনিলোঁ দুজোৰমান।এজোৰ বগা,এজোৰ পাতল গুলপীয়া।ঘৰৰ পৰা ভাবি গৈছিলোঁ এজোৰ নীলা কিনিম,কিন্তু নোৱাৰিলোঁ ,সময়ত চকুতো সেইকেইজোৰতহে পৰিল।

          বিয়াৰ পিছত মই তাইক দুজোৰমান চেলৱাৰ আনি দিলোঁ --ক'লো পিন্ধিবা যি মন যায়,কেৱল সময় ,মানুহ চাই পৰিধান কৰিবা।কিবা খাবলৈ মন গ'লে বনাবা, খাবা,মন নগ'লে মোক ক'লেই হ'ল পাৰিলে মই  বনাই দিম।তাই জীয়াই থাকিব পৰাকৈ মই বাটটো মুকলি কৰি দিছিলোঁ।দেউতাকে এতিয়া আপত্তি নকৰে একোতে।নতুনৰ লগত মিলিবলৈ শিকিছে।মই একো নোকোৱাকৈয়ে টুকটুকৰ হাঁহিটোৰ প্ৰশংসা কৰে তেওঁ।ময়োটো তেনেকৈয়ে হাঁহিছিলোঁ ,কিন্তু সেই হাঁহি চাবলৈ বা শুনিবলৈ তেওঁৰ সন্মুখত আছিল এখন আভিজাত্যৰ তোৰণ আৰু অনুশাসনৰ নিয়ম।ৰিব অফিচলৈ ওলাই যোৱাৰ পিছত টুকটুক অকলশৰীয়া হ'ব বুলি মোৰ ভয় হৈছিল, মোৰ লগত কথাৰ মহলা মাৰিবলৈ মইটো তাইৰ সমনীয়া নহয়,কথাবোৰ বা তাইৰ লগত মোৰ মিলেনে নাই।পিছে সেই শংকা দূৰ কৰি তাই মোৰ লগত টকটকাই কথা পাতে।বৰুৱাৰ ঘৰ ৰজনজনাই থাকে।ময়ো আজিকালি তাইৰ কথাৰ সৰৱ শ্ৰুতা আৰু বক্তাও।তাইৰ লগত আপটোডেট থাকিবলৈ চেষ্টা কৰোঁ।তাই মোৰ ফোনটোত দুটামান এপ ডাউনলড কৰি দিছে আৰু শিকাইছে ক'ত কি কৰিব লাগে।

        এদিন মোক তাই সুধিলে-- মা,আপুনি কি ভাল পায় ,নাচ ,গান ,নাটক নে সাহিত্য।

          চকুপানী ওলাই গ'ল মোৰ ,কি ভাল নাপাওঁ মই, কিন্তু এইকথা মোক বিয়াৰ পঁচিশটা  বছৰে চোন মোক কোনেও সোধা নাই, না মোৰ স্বামীয়ে,না মোৰ ল'ৰাকেইটাই।তুলি ধৰিছিলো তাইৰ আগত মোৰ ভাল পোৱাবোৰৰ দীঘল তালিকাখন।আচৰিত হৈছিল তাই মোৰ ভালপোৱাবোৰৰ লগত চোন এতিয়া মোৰ একো সম্পৰ্কই নাই।তাইৰ আব্দাৰতে মন নোযোৱাবোৰো আজিকালি কৰিবলৈ লৈছোঁ, গান গাইছোঁ,নাচিছোঁ ,নিজৰ মন পচণ্ডৰ খাইছোঁ আৰু আজি এইয়া চেলৱাৰকেইজোৰ আনি দিছে পিন্ধিবলৈ।

           মই পাৰিছোঁ তেন্তে ছোৱালী নথকা ঘৰখনত এজনী ছোৱালীৰ জন্ম দিবলৈ।পিন্ধি লৈছোঁ চেলৱাৰযোৰ আজি কোনো লাজ,শংকাই মোক বাধা দিব নোৱাৰে।
* অ' মা আপোনাক নীলা ৰঙটোৱে ইমান ধুনীয়া লাগিছে।

     উসঃ কিমান দিনৰ মূৰত শুনিছোঁ এই কথাষাৰ।জপাই দিছোঁ চকুদুটা -- আকৌ এবাৰ কোৱা টুকটুক,মই পুনৰ শুনিব বিচাৰোঁ।

* ও মা আপোনাক সঁচাকৈয়ে বহুত ধুনীয়া লাগিছে।চাওঁ খোপাটো খুলি দিয়কচোন,এইকোচা চুলি এনেকৈ বান্ধি থয় নি।

        মেলি দিয়ে তাই চুলিকোচা মোৰ ,ভাল লাগে মোৰ।

*আহক বাহিৰৰ পৰা আহোঁ ,আপোনাৰ ৰূপৰ জেউতি অলপ আগফালে থকা মানুহকেইজনৰ গাতো চটিয়াই আহোঁ।

       মোক ঠিক টানি নিয়াৰ দৰেই নিলে তাই।সৌৱা ড্ৰয়িং ৰুমত বহি থকা মোৰ স্বামী আৰু সন্তান দুটিয়ে মোলৈ ৰ লাগি চাই আছে।নাইলগা লাজ মোৰ।টুকটুক নামৰ শক্তিটোৱে মোক সাহস দিছে,কটাক্ষ আৰু তাচ্ছিল্য  কৰিবলৈ যে এতিয়া মানুহো নাই।উৰিম মই আকৌ সীমাৰ পৰিধি ভাঙি অসীমলৈ,গুণগুণাম  আকৌ জীৱনৰ গীত,নাচি উঠিম আকৌ গীতৰ ছন্দে ছন্দে।মই জী উঠিম আকৌ অৰুন্ধতী দত্ত হৈ।

সমাপ্ত।
          

Tuesday, July 7, 2020

মৃত্যু জানো ইমান সহজ

মৃত্যু জানো ইমান সহজ

              মৃত্যু আজি তাইৰ বাবে কিয় সহজ নহয়।'উদয়ন তোমাক নাপালে মই মৰি যাম' বুলি কোৱা শ্ৰেষ্ঠাই কিয় আজি মৃত্যুক আকোঁৱালি ল'ব পৰা নাই।বাৰে বাৰে মাক দেউতাকৰ মুখখন তাইৰ চকুৰ আগত ভাহি আহিছে।তেন্তে কি সেই প্ৰতিশ্ৰুতি মিছা আছিল।কামাখ্যা মাক দৰ্শন কৰি আজীৱন দুয়ো দুয়োৰে হৈ ৰোৱাৰ যি আশীষ বিচাৰিছিল তেন্তে সেয়া কি মিছা আছিল।তাইটো কেতিয়াও ভবা নাই তেনেদৰে।চিৰজীৱনৰ বাবে উদয়নক স্বামীৰূপে তাই অন্তৰত স্থান দিছিল।দূৰ্গা পূজাৰ নৱৰাত্ৰি ব্ৰত কৰিছিল তাৰ বাবেই।প্ৰতিটো সোমবাৰে তাই নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল তাৰ বাবেই।ইমানখিনিৰ পিছতো নিয়তিয়ে তাক লৈ গ'ল তাইৰ ওচৰৰ পৰা।কিন্তু তাই জীয়াই আছে কিহৰ তাড়নাত।তাইক নাপালে মৃত্যুক আকোঁৱালি ল'ম বুলি কোৱা উদয়নেটো থিকেই তাৰ প্ৰতিশ্ৰুতি ৰাখিলে।নিজে  মৃত্যুক সাবটি নল'লে যদিও নিয়তিয়ে তাৰ মনোবাঞ্চা পূৰণ কৰিলে।কিন্তু তাই,তাই কি কৰিছে।কটনৰ চুৰণিখন ফেনখনত বান্ধিছোন তাই আগবাঢ়িব পৰা নাই।
       
          নাই, নাই নোৱাৰে তাই।উদয়নক  দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ গ'লেচোন তাইৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্বক অৱমাননা কৰা হ'ব।যিজনী মাকে তাইৰ কষ্ট হয় বুলি কূটা এগচিও কৰিবলৈ নিদিয়ে, যিজন দেউতাকে তাইৰ বাবে উদয়নৰ ঘৰৰ মানুহৰ ইমান তিৰস্কাৰ পাব লগা হৈছে কেনেকৈ পাহৰি যাব তাই সেই কথাবোৰ।তাইৰ বাবে দেউতাকে উৰে জীৱন যি ত্যাগ কৰি আহিছে সেইয়া কি তাই নিমিষতে পাহৰি যাব।

              জীৱনৰ জটিল সন্ধিক্ষণত তাই আজি উপনীত।ঘৰখনৰ একমাত্ৰ সন্তান তাই, তাইক লৈয়েই মাক দেউতাকৰ সকলো আশা,সকলো ভৰসা।ল'ৰা নথকা ঘৰখনত উদয়ন হৈ পৰিছিল তেওঁলোকৰ মৰমৰ আন এটি সন্তান।উদয়নেও তেওঁলোকক হিয়া উজাৰি দিছিল মৰম আৰু ভালপোৱা।তাৰ বাবে নিজৰ মাক দেউতাতকৈ কোনো গুণে কম নাছিল তেওঁলোক।আভিজাত্যৰ উচ্চ আসনত বহা নিজৰ মাম্মী,পাপাকৰ মৰমৰ পৰা বঞ্চিত উদয়নে সেই মৰম বিচাৰি হাবাথুৰি খাইছিল।শ্ৰেষ্ঠাৰ সংস্পৰ্শত ,সি বিচাৰি পাইছিল মৰমৰ আকুলতা,সম্পৰ্কৰ মধুৰতা।শ্ৰেষ্ঠাৰ মাক দেউতাকক সিও সম্বোধন কৰিছিল মা দেউতা বুলি।

           সংগীতৰ লগত জড়িত শ্ৰেষ্ঠাৰ জীৱনলৈ উদয়নে লৈ আহিছিল এজাক প্ৰেমৰ বৰষুণ।দুয়োটা তিতিছিল সেই প্ৰেমৰ বৰষুণজাকত।এটি সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিবেশন কৰি থকা মূহুৰ্ততে শ্ৰেষ্ঠাৰ ভৰি পিচলি বৰ বেয়াকৈ দুখ পাইছিল, বিষত তাই গগণ ফালি চিঞৰিছিল।দেউতাক আৰু কৰ্মকৰ্তাসকলৰ সহযোগিতাত শ্ৰেষ্ঠাক লৈ যোৱা হৈছিল ঠাইখনৰ ওচৰতে থকা নাৰ্চিংহোমখনলৈ।সেই সময়ত তাত উপস্থিত থকা সকলোৱে তাইৰ চিঞৰ শুনি ঘূৰি ঘূৰি চাইছিল।কিন্তু তাইৰ কালৈকো ভ্ৰূক্ষেপ নাই।ডাঃ উদয়ন দুৱৰাই তাইক শুৱাই লৈ ভৰিটো এবাৰ ইফালে ঘূৰাব কয় ,এবাৰ আনফালে।কিন্তু নোৱাৰে তাই অসহ্যকৰ বিষ এটাই তাইক কোঙা কৰি ধৰিছে।এইবাৰ ডাঃ উদয়ন দুৱৰাই নিজেই ভৰিটো ইফাল সিফাল কৰি দিলে।এইবাৰ বিষৰ লগতে খঙটোও তাইৰ বেছি হৈ আহিল।ভাল হৈ থকা ভৰিখনেৰে তাইৰ অজানিতেই দুৱৰাৰ বুকুত এক গোৰ দিলে।আচৰিত হৈ গ'ল সকলো,দেউতাকে ডাক্তৰক ক্ষমা খুজি খুজি তত নাপালে।বিষ কমিবৰ বাবে দৰব দুটামান লিখি পিছদিনা এক্সৰে কৰাবলৈ ডাঃ দুৱৰাই লিখি দিলে।সেয়ে আৰম্ভণি উদয়নক লগ পোৱাৰ।ভৰিৰ বিষ ভাল হোৱাৰ পিছত দেউতাকৰ কথামতে দেউতাকৰ লগত গৈ তাই উদয়নক হৈ যোৱা ঘটনাটোৰ বাবে ক্ষমা খুজি আহিলে।জীৱনৰ প্ৰথম অভিজ্ঞতা আছিল হেনো তাৰ সেইয়া।দেউতাকে ক্ষমা খুজি উদয়নক ঘৰলৈ নিমন্ত্ৰণ কৰিছিল।নিমন্ত্ৰণ কৰিছিল যদিও দেউতাকে বা শ্ৰেষ্ঠাই সঁচাকৈয়ে যে ডাঃ উদয়ন সিহঁতৰ ঘৰলৈ আহিব কল্পনাও কৰা নাছিল।কিন্তু সকলোকে আচৰিত কৰি উদয়ন নিমন্ত্ৰণৰ দুদিন পিছতেই ওলাইছিলহি শ্ৰেষ্ঠাহঁতৰ ঘৰ।শ্ৰেষ্ঠাৰ দেউতাকৰ সৰলচিতীয়া স্বভাৱটোৱে তাক আকৰ্ষণ কৰিছিল।সেয়ে সি দৌৰি আহিছিল সিহঁতৰ ঘৰলৈ।

         সেইয়াই আৰম্ভণি ।লাহে লাহে উদয়ন সিহঁতৰ ঘৰৰ এক অংগ হৈ পৰিল।শ্ৰেষ্ঠাৰ সংগীতত সি নিজক বিলীন কৰি দিব পৰা হ'ল,অন্তৰৰ কথাবোৰ প্ৰাণখূলি ক'ব পৰা হ'ল।শ্ৰেষ্ঠাৰ হৃদয়তো উদয়নেই উদয়ন হৈ পৰিল।ওচৰতে তাইৰ প্ৰগেম থাকিলে উদয়নো তাত উপস্থিত থকা হ'ল।গীতৰ মাজত শ্ৰুতাক কিদৰে বান্ধি ৰাখিব লাগে তাৰ সৰু সৰু টিক্স দিয়া হ'ল।গীতৰ মাজত কি ভঙ্গীমা দি তাই এপাক ঘূৰিব সেইয়া শিকাই দিয়া হ'ল সি।কি গীতে দৰ্শকৰ হৃদয় চুমি যাব পাৰে তাক হৃদয়ঙ্গম কৰে সি।শ্ৰেষ্ঠাৰ সংগীতৰ তালত উদয়নৰ হৃদয়ো আলোড়িত হ'ল।ব্যস্ততাৰ মাজতো তাইলৈ সি সময় উলিয়াব জনা হ'ল।যিখিনি সময় সি নিজৰ মাক দেউতাকৰ পৰা বিচাৰি বিচাৰি পোৱা নাছিল সেই সময় সি শ্ৰেষ্ঠাৰ গীত,সিহঁতৰ সংগীতময় ঘৰখনত পোৱা হ'ল।প্ৰিয় গীতৰ কলি সি গুণগুণাই ।জীৱনে এতিয়া তাক মনে বিচৰা ধৰণে দিছে।সি উপভোগ কৰে এই সময়।

                     

         লাহে লাহে কথাবোৰ উদয়নৰ মাক দেউতাকৰ কাণতো পৰিল।জীৱনৰ বিচৰা সময়খিনি উদয়নক দিব নোৱাৰা মাক দেউতাকে কিন্তু পুতেকলৈ বোৱাৰীৰ বাবে এখন দীঘল লিষ্ট দিলে।কোনোদিনে পুতেকৰ সুখ দুখৰ খবৰ নোলোৱা মাক দেউতাকে এতিয়া তাৰ সুখৰ চিন্তা কৰা হ'ল ধনী ধনী ঘৰৰ ছোৱালীৰ ফটো দেখুৱাই।উদয়ন মান্তি নহ'ল।হুলস্থুল লাগিল উদয়নৰ ঘৰত।ডাক্তৰ পুতেকলৈ ডাক্তৰ বোৱাৰী অনাৰ তেওঁলোকৰ সপোন উদয়নে ধূলিসাৎ কৰি দিয়াৰ বাবে তীৰ্যক বাণী নিক্ষেপণ হ'ল।এদিন সেই বাণী শ্ৰেষ্ঠাৰ ঘৰৰ ড্ৰয়িং ৰুমলৈও নিগৰিল।উদয়নৰ ধৈৰ্য্যৰ বান্ধ ছিঙি থাকিল।শ্ৰেষ্ঠাক নিজৰ কৰি ল'বৰ বাবে মন্দিৰতে বিয়া কৰাবৰ বাবে সি সাজু হ'ল।কিন্তু শ্ৰেষ্ঠাৰ দেউতাকৰ বুজনিত সি মান্তি হ'ল হঠাৎ কোনো এটা সিদ্ধান্ত নল'বৰ বাবে।শ্ৰেষ্ঠাৰ অবিহনে সি জীয়াই থাকিব নোৱাৰে।শ্ৰেষ্ঠা তাৰ জীৱনৰ অভিন্ন অংগ।শ্ৰেষ্ঠাবিহীন জীৱন তাৰ বাবে মৃত্যুসদৃশ।মা কামাখ্যাৰ চৰণত দুয়ো প্ৰতিজ্ঞাবদ্ধ হ'ল দুয়ো দুয়োৰে হৈ ৰোৱাৰ নহ'লে মৃত্যুক সাবটি লোৱাৰ।আবেগৰ বশৱৰ্তী হৈ শ্ৰেষ্ঠাইও সংকল্প লৈছিল সেই প্ৰতিজ্ঞাৰ।

          উদয়ন আৰু শ্ৰেষ্ঠাৰ ভিতৰি চলি থকা ধুমুহাজাকৰ উমান পায়েই এদিন লাজ মান কাটি কৰি শ্ৰেষ্ঠাৰ দেউতাক উলাইছিলগৈ উদয়নৰ ঘৰ।কিন্তু গেটৰ বাহিৰতেই তেওঁক অপদস্থ কৰি পঠিয়াই দিয়া হয়।দুটামান উপাধি লৈ আহে তেওঁ লগত সুবিধাবাদী, স্বাৰ্থপৰৰ।এজনী গান গোৱা ছোৱালীয়ে ,কেৰাণীৰ জীয়েকে কেতিয়াও তেওঁলোকৰ ঘৰ শুৱনি কৰিব নোৱাৰে ।জীৱনত কোনো দিন নোপোৱা অভিজ্ঞতা লৈ দেউতাক উভতি আহিছিল।আহিয়েই হুকহুকাই কান্দি পেলাইছিল তেওঁ।উদয়ন এই দৃশ্যৰ সাক্ষী আছিল।কোনোদিনে দেউতাকক পৰাভূত হোৱা ,অৱশ হোৱা শ্ৰেষ্ঠাই দেখা নাই।জীৱনৰ সকলো যন্ত্ৰণা তেওঁ হেলাৰঙে পাৰ কৰিছিল।কিন্তু আজি তাইৰ বাবেই দেউতাকৰ এই অৱস্থা।পাগল হৈ গৈছিল তাই।মুখলৈ যিয়েই আহিছিল তাকেই কৈছিল।পাহৰি পেলাইছিল ইয়াত যে উদয়নৰ অকণো দোষ নাছিল।গুছি যাবলৈ কৈছিল তাই উদয়নক সিহঁতৰ ঘৰৰ পৰা তেতিয়াই।নৰচে তাই সপোন আৰু তাৰ লগত।যি সম্বন্ধই তাইৰ দেৱতাতুল্য দেউতাকক ইমান দুখ দিব পাৰে নালাগে তাইক এই সম্বন্ধ।গুচি গৈছিল উদয়ন,একেবাৰে।কোনোদিন লগ নোপোৱাৰ প্ৰতিশ্ৰুতিৰে ।

           শ্ৰেষ্ঠাৰ কথাই হয়তো উদয়নক সকলো ফালৰ পৰা ভাঙি পেলাইছিল।তাইৰ ঘৰৰ পৰা যি সি ওলাই আহিছিল আৰু ওভতি নগ'ল।হাইৱেত চুপাৰৰ খুন্দাত ভাঙি গ'ল তাৰ মৰমৰ গাড়ীখন আৰু তাৰ ভিতৰত নিথৰ হৈ পৰি ৰ'ল শ্ৰেষ্ঠাৰ মৰমৰ উদয়ন।তাইক নাপালে মৃত্যুক সাৱটি লম বুলি কোৱা উদয়ন পঞ্চভূতত বিলীন হ'ল আৰু শ্ৰেষ্ঠা ,আজি উদয়ন নোহোৱা দহ দিনৰ পিছতো তাই জীয়াই আছে সুশৰীৰে।ৰুমটোৰ ভিতৰত নিজকে আৱদ্ধ কৰি তাই প্ৰতিদিনে মৃত্যুক আকোঁৱালি ল'ব বিচাৰে।কিন্তু নোৱাৰে দেউতাকৰ মুখখন ভাহি আহে তাইৰ সন্মুখত।আজিও নোৱাৰিলে তাই।মৃত্যুক সাবটি জীৱনটো শেষ কৰি দিব।নোৱাৰে তাই, দায়িত্ব আছে ঘৰখনৰ প্ৰতি ,উদয়নৰ পূৰণ নোহোৱা সপোনবোৰৰ প্ৰতি,উদয়নৰ ছবি হৃদয়ত আঁকি লোৱা তাইজনীৰ প্ৰতি।জীৱনৰ কঠিন যাত্ৰাত তাই গাই যাব উদয়নৰ প্ৰিয় সঙ্গীতৰ  কলাৱ।জীৱন হয়তো আজি তাইৰ প্ৰিয় থকা, নথকা আপোনজনৰ বাবে।উদয়নৰ প্ৰিয় গীতটি গুণগুণালে তাই

               এ জিন্দেগী গলে লগা লে,

            হমনে ভি তেৰে হৰ এক গম কো

                গলে সে লগায়া হে,হেনা?

সমাপ্ত

Friday, July 3, 2020

প্ৰেমৰ ৰাগি

 প্ৰেমৰ ৰাগি

     কুৰুকি কুৰুকি মই তাৰ বুকুৰ ভিতৰলৈ সোমাই গৈছিলোঁ।প্ৰেম নামৰ দুটি বৰ্ণৰ লগত যেন মোৰ পুনৰ বাৰ সম্বন্ধ ঘটিছিল।শেষ হৈ যাব খোজা মনৰ হেঁপাহবোৰ,আশাবোৰ সি মোৰ হৃদয়ত আকৌ জগাই তুলিছিল।সপোন দেখিবলৈ ভয় কৰা মইজনীক সি আকৌ সপোন দেখিবলৈ শিকাইছিল।মই জনীক মই কৰি জীয়াই তুলিছিল।বন্ধ কৰি থোৱা হৃদয়ৰ খিৰিকীখন সি নিজে খুলি সোমাই আহিছিল ।প্ৰৱেশ নিষিদ্ধ বুলি জানিও সি তাৰ প্ৰৱেশৰ পথ মুকলি কৰি লৈছিল।
            তিনিবছৰ প্ৰেম সাগৰত উটি ভাহি মই তেতিয়া উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ।মা দেউতাৰ মৰমৰ পৰা আঁতৰি কষ্ট হৈছিল যদিও বেছি কষ্ট দিছিল বৰ্ণভৰ ব্যৱহাৰে।মই পঢ়ি অহা কলেজখনত সি তেতিয়া নতুনকৈ জইন কৰিছিল।ভাবিছিলোঁ ময়ো মাষ্টাৰ ডিগ্ৰী কৰি একেখন কলেজতে সোমাৱ পাৰিলে কিমান যে ভাল হ'ব।সপোনৰ পিছত দৌৰি দৌৰি যেতিয়া মোৰ এডমিছন হৈ গৈছিল খবৰটো মই প্ৰথম তাকেই দিছিলোঁ।কিন্তু মই ভবামতে সি সুখী হোৱা নাছিল।'হয়নেকি' বুলি কৈ এক নিৰুৎসাহজনক মন্তব্য দি সি ফোনটো কাটি দিছিল।ব্যস্ততাৰ মাজত ময়ো কথাবোৰ সেইকেইদিন গুৰুত্ব দিয়া নাছিলোঁ।লাহে লাহে মন কৰিলোঁ তাৰ যেন ফোন অহাটো, মোৰ প্ৰতি গুৰুত্ববোৰ কমি গ'ল।বিশ্ববিদ্যালয়লৈ অহাৰ আগতো তাৰ লগ ধৰিবলৈ সময় নোহোৱা হ'ল।আগতে যিটো ল'ৰাই মোক লগ ধৰিবৰ বাবে নানা পৰিকল্পনা কৰে এতিয়া মোৰ বাবে তাৰ সময়ৰ অভাৱ হ'ল।ব্যস্ততাৰ ফাঁকি দিয়া হ'ল।মই বুৰ্বকজনীয়েও কথাবোৰ ধৰিব নোৱাৰি হয় বুলি বিশ্বাস কৰি লোৱা হ'লো।দিনটোৰ প্ৰতিটো বেলাতে ফোন কৰা ল'ৰাটোৰ আজিকালি সপ্তাহটো ফোন কৰিবলৈ সময় নোহোৱা হ'ল।তেনেকৈয়ে নতুন ঠাইৰ নতুন মানুহবোৰৰ মাজত মই মিলি গ'লো।
              সি ফোন নকৰিলেও ময়েই কৰো মাজে মাজে।কেতিয়াবা ধৰে ,কেতিয়াবা নধৰে।ভুল মোৰ ক'ত হ'ল মই একো ধৰিব নোৱাৰিলোঁ।সুধিলেও একো নকয়।লগৰকেইজনীৰ লগতো কথাবোৰ লাহে লাহে শ্বেয়াৰ কৰোঁ, ভিন্নজনীৰ ভিন্ন মত।তথাপিও ধৈৰ্য্য ধৰিলোঁ।যি সময়ত মোক তাৰ বেছি প্ৰয়োজন হৈছিল সেই সময়তে সি মোৰ সঙ্গ ত্যাগ কৰিছিল।ৰাতি ৰাতি চিনিয়ৰৰ পৰা লুকুৱাই গাৰুত মুখখন গুজি মই বহু ৰাতি উচুপিছিলো।কোনেও নুবুজে,কাকো বুজাব নোৱাৰো সেই দুখৰ অনুভৱ।অপেক্ষা কৰিছিলোঁ মাথোঁ ভাল দিনবোৰ ঘূৰি আহিব বুলি।বিশ্ববিদ্যালয়ৰ নতুন নিয়ম,নতুন নতুন বন্ধু বান্ধৱীৰ মাজতো মোৰ মনটোৱে বাৰে বাৰে তাকে বিচাৰিছিল।
            সময় পাখি লগা কাঁড়ৰ দৰে।এদিন বন্ধত ঘৰলৈ যাওঁতে দেখিছিলোঁ বৰ্ণভৰ ঘৰত পেণ্ডেল দিয়া আছে।ৰিক্সাৱালাজনকে মনৰ খুদুৱনি মাৰিবলৈ সুধিলোঁ
* এওঁলোকৰ ঘৰত কিবা পাতিছে হ'বলা।
* হয় বাইদেউ, কলেজত যে কৰে ছাৰজনৰ বিয়া।
           ধৈৰ্য ধৰি আকৌ সুধিলোঁ
* কাৰ লগত জানেনে?
* নাজানোঁ বাইদেউ।
         ৰিক্সাখনৰ পৰা যেনেতেনে নামি ঘৰ সোমালো।মনত গুজৰি গুমৰি  থকা ধুমুহাজাকৰ মাহঁতক খবৰ নিদিয়াকৈয়ে গাটো বেয়া লাগিছে শুই লওঁ বুলি ৰুমত সোমাই দৰ্জাৰ খিলিটো মাৰি বহু সময় কান্দিলো।কন্দাৰ মাজতে মাজে মাজে বৰ্ণভলৈ ফোন লগাও নধৰে।বহু বাৰ ফোন লগোৱাৰ পিছত এবাৰত সি ৰিচিভ কৰিলে।
* হেল্ল' ইমান ফোন মাৰি আছা যে,এবাৰত নধৰিলে জানিব লাগে মই বিজি আছো বুলি।
         কথাষাৰে মোৰ হৃদয়ৰ জ্বলি থকা জুইকুৰা আৰু দপদপকৈ জ্বলাই তুলিলে।তথাপিও শেষ আশা ত্যাগ নকৰি ধৈৰ্য ধৰি সুধিলোঁ
* কিহত বিজি আছিলা?
* কলেজৰ কামত।
* কলেজ ৰাতি আঠটাতো হয় নেকি?
* নহয়,কাইলৈৰ ক্লাছৰ প্ৰিপেয়াৰ কৰি আছিলোঁ।
* কিন্তু কাইলৈটো কলেজ বন্ধ।ক্লাছৰ প্ৰিপেয়াৰ নে বিয়াৰ?
          প্ৰশ্নটোত সিও আচৰিত হ'ল।
*তুমি কেনেকৈ জানিলা?
* কিছুমান কথা কেতিয়াও লুকাই নাথাকে।এতিয়া মাথোঁ এটা প্ৰশ্নৰে মোক উত্তৰ দিয়া মোৰ কি ভুল আছিল।
* তোমাৰ এইটোৱেই ভুল আছিল যে তুমি মোক নোসোধাকে মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ গৈছিলা,মইটো কেতিয়াও বিচৰা নাছিলোঁ মোৰ ৱাইফে হায়াৰ ষ্টাডি কৰক।মোতকৈ সদায় মোৰ ৱাইফ তলতেই থাকিব লাগিব।তুমি মোতকৈ ওপৰলৈ যাবলৈ চেষ্টা কৰিলা সেয়ে আজি তোমাৰ এই দশা।লাও সদায় পাতৰ তলতেই থাকে।
            কথাখিনি কৈয়েই সি ফোনটো কাটি দিলে।দুখটোৱে এইবাৰ বেলেগ ফালে গতি লৈছিল।মনলৈ আহিছিল মই যদি ডিগ্ৰীত ফাৰ্ষ্ট ক্লাছ লৈয়ো মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ নগলোহেঁতেন তেতিয়া মানে মই মোৰ প্ৰিয় মানুহজনৰ লগতেই হয়টো দুদিন পিছত বিয়াত বহিলো হয়।নিজৰ ওপৰতেই এইবাৰ ধিক্কাৰ জন্মিল।ইস,ভালপোৱা মানুহজনৰ মনৰ কথাটোও জানিবলৈ মই অলপো চেষ্টা নকৰিলো,আকৌ অলপ পিছতে সি কৈ যোৱা 'লাও সদায় পাতৰ তলত 'কথাষাৰে মোক শেলে বিন্ধাইদি বিন্ধিলে।'মোৰ যেন স্বাভিমানী,স্বাধীনতাপ্ৰিয় মনটোৱে কথাষাৰ হজম কৰিব পৰা নাই।বৰ্ণভৰ নাম্বাৰটো দিলীত কৰি দিলোঁ।নালাগে মোক এনেকুৱা পুৰুষ যি নাৰীৰ বাবে এনে চিন্তা, এনে মানসিকতা ৰাখে।
           গুচি আহিলোঁ আকৌ বিশ্ববিদ্যালয়খনলৈ, ঘৰত মনটো স্থিৰ কৰিব নোৱাৰিলোঁ ,ভাবিছিলোঁ হোষ্টেলৰ লগৰকেইজনী পালে মনটো ভাল লাগিব, পিছে নাই বৰ্ণভৰ শেষৰ কথাকেইষাৰ তেতিয়াও মোৰ কাণত বাজি থাকিল।ল'ৰাবোৰক চকু পাৰি দেখিব নোৱাৰা হ'লো।বন্ধু হিচাপে বেলেগ কথা,প্ৰেমৰ প্ৰস্তাৱ দিয়াকেইটাৰ প্ৰতি কিবা এক ঘৃণাৰে মনটো ভৰি পৰিল।বিশ্ববিদ্যালয়ৰ প্ৰথম ক্লাছৰ দিনাই চিনাকি হোৱা কাব্য এতিয়া সেই ঘৃণাৰ পাত্ৰ হৈ পৰিল মোৰ চকুত।বৰ্ণভৰ পৰা পাই থকা ৰুক্ষতাৰ মাজতেই সি মোক এদিন প্ৰেমৰ প্ৰস্তাৱ দিছিল।মই হাঁহি হাঁহি কৈছিলোঁ 'মোৰ বয়ফ্ৰেণ্ড আছে'। 'হয়নেকি' বুলি সি আঁতৰি গৈছিল।কিন্তু সদায় মোৰ আশে পাশেই সি আছিল।বিশ্ববিদ্যালয়ৰ অলিয়ে গলিয়ে এতিয়া তাক লগ পাওঁ, ক্লাছ ৰুমত মই নহালৈকে সি নোসোমাই,ব্ৰেক টাইমত চাহ খাবলৈ মই নগ'লে সি নাযায়, মোৰ ব্ৰেকআপ হোৱাৰ খবৰ সি পাইছে।কিন্তু এতিয়া মই বেছি ৰুক্ষ ,মোৰ ব্ৰেকআপৰ খবৰ পাই কোনেও যাতে মোক পুতৌৰ চকুৰে নাচায় সেই লৈ মই নিজকে সদায় আনৰ আগত হাঁহি মাতি ৰাংঢালি হৈ থকাৰ চেষ্টা কৰিলোঁ।
           মই ক্লাছলৈ নহাৰ দিনা কাব্যই খবৰ লয় আজি মই কিয় ক্লাছলৈ নগ'লো।সেইদিনা দিয়া ন'টছবোৰ সি মোলৈ বুলি লিখি ৰাখে,মোৰ সাধাৰণ জ্বৰ কাঁহ হ'লে খবৰ লয়।লাহে লাহে ভাল লাগে তাক মোৰ।যিখিনি আদৰ,যিখিনি মৰম মই বৰ্ণভৰ পৰা বিচাৰিছিলোঁ সেইখিনি আদৰ,মৰম মই কাব্যৰ পৰা পাইছিলোঁ।লাহে লাহে তাক মই সকলো কথা খুলি ক'ব পৰা হ'লো।বৰ্ণভৰ পৰা লাভ কৰা সম্পৰ্কৰ তিক্ততা এতিয়া কাব্যৰ মাজত মিঠা সুবাস বিচাৰি পোৱা হ'লো।কিন্তু হৃদয়ে গ্ৰহণ কৰিলেও বিবেকে আকৌ মনত পেলাই দিয়ে 'লাও সদায় পাতৰ তলত'।বৰ্ণভৰ কথা তাক খুলি ক'ব পৰা হ'লো।মোক কেতিয়া কি বস্তু দৰকাৰ হ'ব তাৰ সি হিচাপ ৰখা হ'ল।কিন্তু সি কোনো দিনে মোক আকৌ সেইষাৰ কথা নুসুধা হ'ল।কিন্তু মই বিচাৰিছিলোঁ এতিয়া মনেপ্ৰাণে সি মোক আকৌ সেইষাৰ কথা কওঁক।
          বিশ্ববিদ্যালয়ত এতিয়া কাব্য আৰু সীমান্তিকাক চিনি নোপোৱা মানুহ নাই।সকলোৰে মুখত আমাৰ নাম,কিন্তু প্ৰকৃততে আমিয়েই নাজানোঁ আমাৰ সম্পৰ্কৰ নাম কি? বিশ্ববিদ্যালয়ৰ প্ৰতিটো অনুষ্ঠান আমি একেলগে উপভোগ কৰো।মই নগ'লে সি নাহে,সি নাহিলে মই নাযাওঁ।প্ৰকৃততে ,অকলে চোৱাত সেই মাদকতা নাই যিটো আমি ইজনে সিজনৰ সঙ্গত অনুভৱ কৰোঁ।আমি দুয়োটাই ইটোৱে সিটোক 'তই ' বুলিয়েই সম্বোধন কৰা হ'লো।মানুহে সেয়ে বুজিবলৈ টান পায় আমাৰ সম্পৰ্কৰ নামটো। মই নাটক কৰি ভালপোৱা ছোৱালী, সৰুৰেপৰাই কৰিছিলো, বৰ্ণভৰ লগতো প্ৰেম মোৰ সেই নাটকৰ যোগেদিয়েই হৈছিল।বিশ্ববিদ্যালয়তো মই নাটক কৰাৰ সুবিধা লাভ কৰিছিলোঁ।কিন্তু বৰ্ণভে নাটক কৰোঁতে মোৰ আশে পাশে থকাৰ দৰে কাব্য মোৰ ওচৰত নাছিল।কিন্তু নাটক চাবলৈ সি আহিছিল আৰু মোৰ অভিনয়ৰ প্ৰশংসা কৰিছিল।ভাল লাগিছিল মোৰ,তাৰ এষাৰি প্ৰশংসাৰ কথাই মোক আৰু উৎসাহিত কৰি তুলিছিল।
উজাগৰী নিশা সি মোক শুনাই তাৰ অৰ্গেনত বিভিন্ন গানৰ সুৰ।মই ব্যাকুল হৈ পৰোঁ তাক যেন এতিয়াই কম 'মই তোক ভালপাওঁ কাব্য'।কিন্তু ক'ব নোৱাৰো,লজ্জা নামৰ আৱৰণটোৱে মোক ঢাকি ধৰে।তাৰোপৰি মই এতিয়া চিন্তা কৰোঁ সি বা  এতিয়া মোৰ কথা কি বুলি ভাবে।মনৰ আবেগবোৰ মনতেই ৰাখি আগবাঢ়ো আকৌ।মই নাজানোঁ এতিয়া আমাৰ সম্পৰ্কটো কি,তাক সুধিবলৈও লাজ লাগে, কিন্তু সি মোৰ ছাঁৰ দৰে ঘূৰি ফুৰে।পৰীক্ষাৰ আগত পঢ়া কমপ্লিট নহ'লে সি মোক বুজাই দিয়ে,নিজৰ পঢ়া এৰিও সি মোৰ লগত লাগি থাকে।এনেদৰেই ইটোৱে সিটোৰ লগত চুম্বকৰ দৰে লাগি লাগি আমাৰ বিশ্ববিদ্যালয়ৰ দুবছৰৰ অন্ত পৰে।
          বিশ্ববিদ্যালয় শেষ হোৱাৰ পিছত দেউতাই বিয়াৰ কথা উলিয়াই।আৰু পঢ়িব নালাগে ঘৰলৈকে আহ বুলি মাতি পঠাই।মই কি কৰোঁ কি নকৰোঁ সিদ্ধান্ত ল'ব নোৱাৰা হ'লো।দেউতাকো ক'ব নোৱাৰা হ'লো নাযাওঁ বুলি।অৱশেষত দেউতাৰ কথা মানি মই তালি টোপোলা বান্ধি ঘৰলৈ গুচি আহিলোঁ।কাব্য তাতে ৰৈ গ'ল।JRF ক্লিয়েৰ কৰিলে সি,পি.এইচ. ডিৰ বাবে সি প্ৰস্তুতি চলাইছে।বিশ্ববিদ্যালয় এৰি অহাৰ আগদিনা মই তাক সাবটি ধৰিছিলো অজানিতে।মই মনে প্ৰাণে বিচাৰিছিলোঁ সি কওঁক 'তই ৰৈ যা সীমা 'বুলি,মই শুনিব বিচাৰিছিলোঁ সি মোক কওঁক,মই তোক ভালপাওঁ ,তই মোক এৰি নাযাবি।কিন্তু সি নক'লে।হয়তো সি কোৱা হ'লে মই সাহস পালোঁ হয়,মই ৰৈ গ'লো হয় তাতে।কান্দি কাটি ঘৰলৈ আহিলোঁ।ভাবি ল'লো সি মোক অতদিনে বন্ধু বুলিয়েই ভাবিছিল ছাগে।মইহে ভুল ভাবিছিলো।
          ঘৰলৈ আহি ওচৰৰে নতুনকৈ খোলা কলেজ এখনত সোমালোঁ।কাব্যৰ লগত ফোনত কথা বতৰা চলি থাকিল।চেমিনাৰ, ISBN আলোচনী এইবোৰত ভাগ ল'বলৈ,প্ৰকাশ কৰিবলৈ সি মোক খবৰ দিয়া হ'ল।তেতিয়াও বিভিন্ন ক্ষেত্ৰত দূৰে দৰে থাকিও সহায় কৰা হ'ল ।চেমিনাৰবিলাকত তাক লগ পোৱা হ'লো।তাক লগ পোৱাৰ হাবিয়সতে মই চেমিনাৰবিলাকত ভাগ লোৱা হ'লো।প্ৰত্যেকবাৰেই মই সাজি কাচি যোৱা হ'লো,মনত এটাই আশা পুহি ৰাখো সি মোক আকৌ প্ৰপজ কৰিব।কেতিয়াবা ভাবোঁ ময়েই কৈ দিওঁ নেকি, কিন্তু ৰৈ যাওঁ, নোৱাৰোঁ ক'ব।
দুই এক বিয়াৰ বাবে ল'ৰাৰ খবৰো অহা হ'ল।মই বিভিন্ন উজুহাত দেখুৱাই কথাবোৰ নাকচ কৰিলোঁ।কাব্যক কওঁ কথাবোৰ 'হয় নেকি' বুলি কোৱাৰ বাহিৰে সি একো নকয়।বিয়া হ বুলিও নকয়,নহ'বি বুলিও নকয়।
           কাব্যৰ ৰিচাৰ্চৰ কাম আৰম্ভ হৈছিল।তাৰ উৎসাহতে ময়ো পিছৰ বছৰ এন্ত্ৰেন্স দিলোঁ, পাছো কৰিলোঁ।আকৌ ছমাহৰ ক'ৰ্চ ৱৰ্কৰ বাবে মই বিশ্ববিদ্যালয় পালোগৈ ,সেই ছমাহ মই আকৌ তাৰ সঙ্গ উপভোগ কৰিলোঁ, আকৌ সেইদিন ওভতি আহিলে।বহু কলেজত কাব্যই ইন্টাৰভিউ দিছে,কিন্তু এতিয়ালৈকে পোৱা নাই।ময়ো ছমাহীয়া কৰ্চটো কমপ্লিট কৰি ৰিচাৰ্চৰ কাম আৰম্ভ কৰিলোঁ। মাজে মাজে হতাশ হওঁ, সি মোক উৎসাহ দিয়ে।গাইডৰ গালি খাই নকৰোঁ বুলি গুচি আহিব খুজো সি আকৌ প্ৰেৰণা দিয়ে,মোৰ খং,কান্দোনক তাৰ মৰমৰ এষাৰে গলাই দিয়ে।উৎসাহ পাই আকৌ ৰৈ যাওঁ।এনেদৰেই পাৰ হয় সময়।
         মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰাৰ তিনি বছৰমান পিছত কাব্যই কলেজ এখনত চাকৰি পায়।সুখী সি।তাৰ সুখত মই।খবৰটো দিবলৈ সি মোৰ ওচৰলৈ দৌৰি আহে।মই তেতিয়া বিশ্ববিদ্যালয়ৰ গেটৰ সন্মুখত।ফুটপাথত বিক্ৰী কৰি থকা আলোচনী কিনাত মই ব্যস্ত।
* সীমা ,মই চাকৰিটো পালোঁ।
       কৈয়েই সি মোক ডাঙি ঘূৰাই দিলে।লাজ লাগিল মোৰ ,সকলোৰে চকু তেতিয়া আমাৰ দুটাৰ ওপৰত।হোৱাৰে কথা কোনেনো ৰাস্তাত এনে দৃশ্য উপভোগ কৰিবলৈ পায় স্বচক্ষুৰে।
* হ'ব দে মোক আগতে নমাচোন।
       নমাই দিলে মোক সি।মই আশে পাশে মানুহবোৰলৈ চাওঁ।ভালেই লাগিছেনে লাজেই লাগিছে মই থিক ধৰিব পৰা নাই।
* তোক মই বহুত ভালপাওঁ সীমা,তই যদি ভাব মোৰ কথা তেন্তে মই তোক বিয়া কৰাব খোজোঁ।হ'বিনে ক।
* অতদিনে এইষাৰ কথা শুনিবলৈয়েইটো মই ৰৈ আছিলোঁ।কিয় কোৱা নাছিলি?
* অতদিনে তোক বিয়া পাতিব পৰাকৈ মোৰ এই চাকৰিটো নাছিল যে।
          সেইসময়ত কোনে চাইছে কোনে নাইচোৱা মোৰ ভাবিবলৈ সময় নাই।তাক মই আকোঁৱালি ল'লো।
* I love you kabya,I love you very much
*I love you too dear.
            সেই দিনটোৰ সেই সুখকণ মই আজিলৈকে ধৰি ৰাখিছোঁ, ধৰি ৰাখিবলৈ কাব্যই মোক সুবিধা কৰি দিছে।মোৰ সপোনবোৰত সি পাখি লগাই দিছে,মোৰ ভালপোৱাবোৰক ধৰি ৰাখিবলৈ মোৰ হৃদয়খন সি নভঙাকৈ ধৰি ৰাখিছে,স্বাধীনচিতীয়া মইজনীক চিলাৰ দৰে উৰিবলৈ সি শিকাইছে আৰু মইজনীক মই কৰি সি পৰম প্ৰত্যয়ৰে আৱৰি ৰাখিছে।বিয়া হৈ যোৱাৰ পিছতো সি মোক মোৰ মতে জীয়াই থাকিবলৈ দিছে।বৰ্ণভৰ লাও সদায় পাতৰ তলত কথাষাৰ মোক আজিকালি কাব্যই নতুনকৈ  দৃষ্টিপাত কৰিবলৈ শিকাইছে ,যি দৰে  লাও গছ পাত অবিহনে অসম্পূৰ্ণ সেইদৰে গছজোপাৰো মূল্য লাওটোতহে।দুয়োটাৰে স্থান নিজৰ নিজৰ।এটাক এৰি আনটো অসম্পূৰ্ণ।কাব্যৰ বুকুৰ মাজত সীমান্তিকা আজি সোমাই পৰিছে মৰমৰ গভীৰতাৰে।ৰাগি লাগিছে তাইৰ প্ৰেমৰ ৰাগি।
সমাপ্ত
         
           

সপোনৰ পৰা সমাধিলৈ

সপোনৰ পৰা সমাধিলৈ প্ৰায় পষেকযোৰা প্ৰচেষ্টাৰ অন্তত হেড ছাৰৰ ভাষণৰ প্ৰস্তুতি সমাপ্ত হ'ল।বাৰাণ্ডাৰ চাৰিওদিশে পায়চাৰি কৰি কৰি এইবাৰ তেওঁ আৰম...