সপোনৰ পৰা সমাধিলৈ
প্ৰায় পষেকযোৰা প্ৰচেষ্টাৰ অন্তত হেড ছাৰৰ ভাষণৰ প্ৰস্তুতি সমাপ্ত হ'ল।বাৰাণ্ডাৰ চাৰিওদিশে পায়চাৰি কৰি কৰি এইবাৰ তেওঁ আৰম্ভ কৰিলে বক্তৃতাৰ প্ৰস্তুতি।হেড ছাৰৰ ভাষণৰ নাম আছে, বাছকবণীয়া কথাৰে সভাগৃহ মুখৰিত কৰি তেওঁ নিজৰ বাগ্মিতাৰ পৰিচয় দিয়ে।প্ৰতিবাৰে নতুন নতুন কথাৰে তেওঁ সভাগৃহ কঁপাই তুলে।জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে সভাগৃহ মুখৰিত হৈ পৰে।আগৰ দিনৰ দৰে আজিকালি অৱশ্যে ভাষণ শুনিবলৈ ল'ৰা-ছোৱালী, ডেকা-গাভৰুৰ সময় নাই।সকলো ব্যস্ত।ব্যস্ত পৃথিৱীখনত তেওঁৰ বাবে যে এচামে সময় উলিয়াই সভাকক্ষত এখন সুকীয়া আসন ৰাখে সেয়াই তেওঁৰ বাবে সৌভাগ্য বুলি ভাবে।দেখিছে তেওঁ ভাষণ দি থকা সময়ত সভাগৃহৰ একাংশই কথা পাতি থকা,একাংশই ম'বাইলত ভিডিঅ' চাই থকা।সেয়েহে পৰাপক্ষত তেওঁ আজিকালি ভাষণ যিমান পাৰে কম সময়ৰ ভিতৰতে সীমাবদ্ধ কৰিবলৈ চেষ্টা কৰে।অৱশ্যে আজিকালি বয়সটোৱেও তেওঁক সভা-সমিতিৰ পৰা কিছু দূৰত ৰাখে।তথাপিও এই বিশেষ দিনটোৰ বাবে প্ৰস্তুতি তেওঁ প্ৰতি বছৰে চলাই আহিছে।বাৰ্দ্ধৈক্যৰ কোনো যন্ত্ৰণাই তেওঁক এই বিশেষ দিনটোৰপৰা আঁতৰাই ৰাখিব নোৱাৰে,নোৱাৰে কোনো ঘৰুৱা সমস্যাই।
গাঁওখনৰ ভিতৰতে প্ৰখৰ বুদ্ধিসম্পন্ন ল'ৰা বুলি দীননাথ শৰ্মাৰ নাম আছিল। মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়েই গাঁৱৰে অপ্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়খনত ৰাইজৰ অনুৰোধ মৰ্মে তেওঁ কৰ্মজীৱনৰ পাতনি মেলিছিল।বহু বছৰৰ প্ৰচেষ্টাৰ পিছতহে বিদ্যালয়খন প্ৰাদেশীকৃত হৈছিল।সময়ে বিদ্যালয়খন তেওঁৰ জীৱনৰ এক এৰিব নোৱাৰা অঙ্গ কৰি তুলিছিল।উচ্চ শিক্ষাৰ সপোন দেখা দীননাথ শৰ্মাই কণ-কণ ল'ৰা-ছোৱালীকেইটাৰ মোহ এৰি যোৱাৰ কথা আৰু নাভাবিলে।বিদ্যালয়খনতে তেওঁ নিজৰ সৰ্বস্ব উজাৰি দিছিল।নিজৰ বিবাহাদি কাৰ্যকে ধৰি সন্তান প্ৰাপ্তিৰ সময়টো তেওঁৰ অনুপস্থিতিৰ হিচাপ তেনেই নগন্য।এইলৈ শ্ৰীমতীৰ সৈতে কথাৰ কিমান তৰ্কাতৰ্কি হয় সেইয়া কেৱল দুই পতি-পত্নীয়েহে জানে।একেবাৰে এৰাব নোৱাৰা কাম নাথাকিলে বিদ্যালয়ত অনুপস্থিত থকাৰ তেওঁৰ হিচাপ নাছিল। ভাওনা সবাহত ভাও লোৱা দীননাথ ছাৰে টোপনি খতিৰ অজুহাত দেখুৱাই কোনোদিনে বিদ্যালয়লৈ নহাকৈ থকা নাছিল।
পুৱাতে গৰু-ছাগলীৰ লেঠা মাৰি ন বজাতে বিদ্যালয়লৈ বুলি যোৱা দীননাথ শৰ্মা সকলোৰে বাবে কেতিয়া হেড ছাৰ হৈ পৰিল গমেই নাপালে।ছাত্ৰ-ছাত্ৰীৰ শৰ্মা ছাৰৰ পৰা কেতিয়া তেওঁ হেড ছাৰ হৈ পৰিছিল তেওঁ ধৰিবৈ নোৱাৰিলে।সকলোকে মৰম কৰা শৰ্মা ছাৰলৈ ছাত্ৰ-ছাত্ৰীসকলে কেতিয়া সমীহ কৰিবলৈ ধৰিলে তেওঁ গমেই নাপালে।অৱশ্যে তেওঁ যিমান মৰম কৰিছিল সিমানেই শাসনৰ জৰীৰে বান্ধিও ৰাখিছিল।সময়বোৰ তেতিয়া বেলেগ আছিল।ল'ৰা-ছোৱালীয়ে পঢ়া নোৱাৰিলে, ঘৰত কথা নুশুনিলে অভিভাৱকসকল হেড ছাৰৰ ওচৰলৈ গৈছিল।হেড ছাৰৰ ওচৰলৈ গোচৰ যোৱা মানে ল'ৰা-ছোৱালীৰ অৱস্থা কাঢ়িল হৈছিল।শ্ৰেণীকোঠাৰপৰা বিদ্যালয়ৰ তোৰন দেখি থকা ছাত্ৰ ছাত্ৰীসকলে কাৰ অভিভাৱকে কি গোচৰ লৈ আহিছিল তাক জানিবৰ বাবে বেছি সময় নালাগিছিল।ছাৰে অৱশ্যে সেইদিনাই কোনো কথাৰ অৱতাৰণা নকৰিছিল।দুদিনমানলৈ পাহৰাই তেওঁ লাহে লাহে গোচৰ অনুযায়ী শাস্তিৰ ব্যৱস্থা কৰিছিল।কাৰোবাক যদি বাৰাণ্ডাত আঁঠু কাঢ়ি থাকিবলৈ দিছিল, কাৰোবাক বিদ্যালয়ৰ চৌহদ চাফা কৰিবলৈ দিছিল, কাৰোবাক যদি বিদ্যালয়ৰ তোৰণৰ সন্মুখত কাণত ধৰি থাকিবলৈ দিছিল কাৰোবাক দুপৰীয়াৰ বিৰতিৰ সময়ত ঘৰলৈ আহাৰৰ বাবে যোৱাটো নিষেধ আছিল।যিদিনা ছাৰে শ্ৰেণীকোঠালৈ সৌকা লৈ আহিছিল সেইদিনা সকলোৱে জানিছিল অপৰাধীৰ গুৰুতৰ অভিযোগ।এটা ডাঙৰ কোঠাত প্ৰথম শ্ৰেণীৰপৰা চতুৰ্থ শ্ৰেণীলৈকে পঢ়া ছাত্ৰ-ছাত্ৰীসকলৰ ঠাণ্ডা দিনটো অণ্ঠ-কণ্ঠ শুকাই গৈছিল।শুকাবৰে কথা সেই সৌকাৰ কোব এবাৰ যিয়েই খাইছে সিহে জানে তাৰ মহিমাৰ কথা।সৌকাৰ পৰ্ব শেষ হোৱাৰ দুদিনমান পিছলৈকে শ্ৰেণীকোঠাত কাৰো মাত কোনেও নুশুনিছিল।তথাপিও হেড ছাৰ সকলোৰ মৰমৰ,সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে আপোন ছাৰ আছিল।
বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলকলৈ তেওঁ সপোন দেখিছিল।ছাত্ৰ-ছাত্রীসকলক দেশৰ এজন সুনাগৰিক কৰি গঢ়ি তুলাৰ সপোন।প্ৰতিজন ছাত্র-ছাত্ৰীয়ে সমাজৰ হৈ কাম কৰাৰ সপোন,সদায় সৎ পথে আগুৱাই নিয়াৰ সপোন।বিদ্যালয়লৈ যাবলৈ সময় নোপোৱা গৰখীয়া ল'ৰাকেইটকো তেওঁ সময় উলিয়াই আখৰ চিনাইছিল,যোগ-বিয়োগৰ হিচাপ শিকাইছিল।পৰীক্ষাৰ আগে আগে ছাত্ৰ ছাত্ৰীসকলৰ ঘৰ পৰিদৰ্শনো কৰিছিল।নজনাটো পুনৰ শিকায়ো দিছিল।বৃত্তি পৰীক্ষাৰ আগত সকলোকে পঢ়াৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি দিছিল।পিতৃ-মাতৃসকলৰ সমানে সমানেই তেওঁ নিজৰ সন্তানৰ দৰেই তেওঁলোকৰ যতন লৈছিল।
দুকুৰিৰ ওচৰ চপা তেওঁৰ কৰ্মজীৱনত কিমান ছাত্ৰ ছাত্ৰী মানুহ হ'ল তাৰ হিচাপ তেওঁৰ হাতত নাই।কোনো যদি প্ৰবক্তা হৈছে কোনো হৈছে চিকিৎসক-অভিযন্তা, কোনো যদি নেতা হৈছে কোনোৱে কৰিছে খেতি, কোনোৱে দিছে দোকান।নিজৰ বিদ্যালয়তে পঢ়োৱা তেওঁৰ সন্তান তিনিটাৰ দুজন হ'ল কৃষি বিষয়া আৰু এজনে চাৰিআলিতে গেলামালৰ দোকান দি সংসাৰৰ দায়িত্ব সুচাৰুৰূপে পৰিচালিত কৰি আহিছে।অৱশ্যে এই লৈ দুই এক বুদ্ধিমন্তই তেওঁক ঠাট্টা নকৰা নহয়।এই লৈ কিন্তু তেওঁৰ কোনো আক্ষেপ নাই।সন্তানে নিজে বিচৰা ধৰণে কৰ্ম কৰি সুখেৰে মানুহ হৈ জীৱন নিৰ্বাহ কৰি আছে তাতকৈ তেওঁ বেছি একো নিবিচাৰে।কোনো দিন সন্তানক নিজৰ মত তেওঁ জাপি পোৱা নাছিল।সন্তানৰ সিদ্ধান্তৰ ওপৰত তেওঁ কোনো দিন মাত মতা নাছিল ।অৱশ্যে সঠিক পথ দেখুৱাই দিয়াত তেওঁ সহায় কৰিছিল।শিক্ষকৰ সন্তান শিক্ষকেই হ'ব লাগিব এই মানসিকতাৰপৰা তেওঁ দূৰত আছিল আৰু সন্তানকেইটাকো সেই চাপ পৰিবলৈ দিয়া নাছিল।
হেড ছাৰৰ আকালো নাছিল ভঁৰালো নাছিল।ছাত্ৰ-ছাত্ৰীসকলে অৱসৰৰ পিছতো তেওঁৰ চ'ৰা ঘৰ শুৱনি কৰি ৰাখিছিল।নিজে পঢ়োৱা ছাত্ৰই যেতিয়া কৰ্মজীৱনৰ পাতনি মেলিবলৈ লোৱাৰ আগত তেওঁৰ আশীষ বিচাৰি আহিছিল তেওঁৰ দুচকু বৈ গৈছিল।সময়ত সেই ছাত্ৰই আকৌ নিজৰ বিবাহ অনুষ্ঠানৰ নিমন্ত্ৰণ দিবলৈও আহিছিল।প্ৰথমে তেওঁ হিচাপ ৰাখিছিল কিন্তু লাহে লাহে সংখ্যাবোৰ সৰহ হ'বলৈ ধৰাত তেওঁ মাথোঁ ৰভাতলত উপস্থিত থকাটোৱেই শ্ৰেয় বুলি ভাবিছিল।বহু ছাত্ৰ-ছাত্ৰীৰ বিয়া-বাৰুৰ অভিজ্ঞতাই তেওঁক অভিজ্ঞ কৰিলে।এই অনুষ্ঠানবোৰলৈ তেওঁ পৰাপক্ষত যায়।বহু দিন নেদেখা ছাত্ৰ-ছাত্ৰীসকলক আকৌ ওচৰৰ পৰা চায়।সিহঁতেটো নাজানে খঙাল হেড ছাৰৰ মাজতো এজন মৰমীয়াল পিতৃ সোমাই আছে যিজনৰ হাতখন কেৱল শাস্তি দিবলৈয়ে নহয় আশীষ দিবলৈও উঠে।বিচাৰি যায় তেওঁ প্ৰথমে কান্দি-কান্দি 'ক' শ্ৰেণীলৈ অহা কণমানি ছোৱালীজনীয়ে কেনেকৈ ৰভাতল শুৱনি কৰি এখন ঘৰৰ দায়িত্ব ল'বলৈ আগবাঢ়ি যায়।কেনেকৈ শ্ৰেণীকোঠাত 'বদমাচ' আখ্যা পোৱা ল'ৰাকেইটাই নিজৰ বদমাচিবোৰ লুকুৱাই নিজৰ ল'ৰা-ছোৱালীক শাসন কৰে।অলস সময়বোৰত হাঁহি উঠে তেওঁৰ সেই সময়বোৰ ৰোমন্থন কৰি।লাহে লাহে হেড ছাৰৰ ঘৰতো নাতি-নাতিনীৰ খিলখিলনি শুনিবলৈ পোৱা গ'ল।ছাৰেও অলপ সকাহ পালে।ককা হৈ নাতিৰ কান্দোনত যদি কান্দিছে,নাতিৰ হাঁহিত হাঁহিছে।দুহাতে বুকুৰ মাজত সুমুৱাই ককা-নাতি দুয়ো টোপনিয়াইছে।
অৱসৰে উদাস কৰা মানুহজনক ৰাইজৰ অনুষ্ঠানবোৰেও মাজে মাজে জীপাল কৰি তুলে।সভা-সমিতিলৈ চাইকেল চলাই চলাই কিমান দূৰ যে তেওঁ অকলেই যায়।ল'ৰা-ছোৱালীকেইটাৰ এই লৈ সদায় আপত্তি।সিহঁতৰ মতে, 'চাইকেলত যোৱাতকৈ কোনোবা এটাই গাড়ীখনত থৈ আহিবগৈ।' পিছে হেড ছাৰৰ সেই বাকচটোৰ ভিতৰত গৈ ভাল নালাগে।চাইকেলত যোৱাৰ মাদকতাই বেলেগ,সেই আৱেগ আজিকালিৰ ল'ৰা-ছোৱালীয়ে বুজি নাপায়।জানে তেওঁ আজিৰ সময় আৰু তেওঁৰ সময়ৰ মাজত আকাশ-পাতাল পাৰ্থক্য।পাৰ্থক্য চিন্তাধাৰাৰ,পাৰ্থক্য মানসিকতাৰ।যি ছাত্ৰ-ছাত্ৰীয়ে এসময়ত তেওঁক দেখিলে চাইকেলৰপৰা নামি দিছিল,ফ'ৰ জিৰ চেভেনত তেওঁক উঠা দেখিলে ছিটটো এৰি দিছিল তেওঁলোকৰ সন্তানে কিন্তু নিজৰ শিক্ষক-শিক্ষয়িত্ৰীক সেই আচৰণ নকৰে।নিজে পঢ়ি অহা বিদ্যালয়খন ঘৰৰ কাষতে থকা সত্বেও গাড়ী ভাড়া কৰি,স্কুটি-বাইক দৌৰাই দূৰৰ বিদ্যালয়ত পঢ়োৱাৰ দৃষ্টান্ত তেওঁ বহুত দেখিছে।দেখিছে তেওঁ নিজৰ ঘৰতেই।
কথাবোৰে তেওঁক মাজে মাজে কষ্ট দিয়ে।কষ্ট পালেই তেওঁ নিজৰ বিদ্যালয়খনলৈ দৌৰে।নতুন নতুন শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ মুখে বিদ্যালয় ভৰি পৰে।তেওঁৰ দিনত দুই-তিনিজন শিক্ষক-শিক্ষয়িত্ৰীয়ে এশ-ডেৰশ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিছিল।আজিকালি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম কিন্তু শিক্ষক-শিক্ষয়িত্ৰীৰ সংখ্যা সৰহ।কলঙৰ পাৰতে থকা বিদ্যালয়খনলৈ পৰিৱৰ্তনো বহু আহিল।চৰকাৰৰ নতুন নতুন আঁচনিয়ে বিদ্যালয়ৰ কোঠাৰ সংখ্যাৰ লগতে অনেক সা-সুবিধাৰ ব্যৱস্থা কৰি দিলে।গৰমৰ দিনত ছাঁ লৈ লৈ ছাত্র-ছাত্ৰীসকলে গণিতৰ নেওঁতা উচ্চৈস্বৰে আওৰাই থকা আঁহত গছজোপাৰ স্থান বিদ্যালয়ৰ পকা তোৰণখনে ল'লে।কলঙৰ পাৰৰ চেঁচা বতাহজাক আহিবলৈ মুকলি হৈ থকা বিদ্যালয়ৰ চৌহদটোও দেৱাল বন্ধাই বন্ধ কৰি দিয়া হ'ল।বিদ্যালয়ৰ শ্ৰেণীকোঠাও পকী হ'ল,বিদুৎৰ ব্যৱস্থাৰ লগতে কোঠাই কোঠাই ফেনৰ ব্যৱস্থাও হ'ল।তথাপিও ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সময়ে সময়ে কমি গ'ল।
আশীৰ উৰ্দ্ধৰ হেড ছাৰৰো বিদ্যালয়লৈ যোৱাটো কমি গ'ল।সৰস্বতী পূজা,গণতন্ত্ৰ দিৱস,স্বাধীনতা দিৱস ,বিদ্যালয়ত মাজে মাজে হোৱা অন্যান্য সভাসমূহত তেওঁ অৱশ্যে কেতিয়াও নোযোৱাকৈ নাথাকিল।অনুষ্ঠানৰ দুদিনমান আগতে তেওঁক আমন্ত্ৰিত অতিথিৰূপে বিদ্যালয়ৰ কৰ্তৃপক্ষই মাতিবলৈ আহে।প্ৰতিবাৰেই তেওঁ অৱশ্যে এই আমন্ত্ৰণলৈ ৰৈ নাথাকে।দুদিনমান আগৰেপৰাই তেওঁ নিজৰ ক'বলগীয়াখিনিৰ প্ৰস্তুতি আৰম্ভ কৰে।
এইবাৰো হেড ছাৰে নিমন্ত্ৰণ নহাৰ আগতেই নিজৰ ভাষণৰ প্ৰস্তুতি আৰম্ভ কৰিলে।নাতিনীয়েকহঁতে বাৰাণ্ডাত ককাকে পায়চাৰি কৰি থকা দেখি বৰ আনন্দ পাইছে।সিহঁতে ককাকৰ এই প্ৰস্তুতিৰ একো অৰ্থ বুজি পোৱা নাই।সিহঁতে নাজানে অন্যান্য দিৱসতকৈ এই দিৱসৰ গুৰুত্বই সুকীয়া, অন্ততঃ তেওঁৰ বাবে।পতাকা উত্তোলনকে ধৰি ভাষণলৈকে তেওঁৰ যে ইয়াত আৱেগ জড়িত হৈ থাকে।বৰ পুতেকেও মাজতে এবাৰ আহি কৈ গ'ল,
"এইবাৰচোন আপোনাক মাতিবলৈ কোনো অহাই নাই,নমতাকৈয়েই যাবনে?নামাতিলে যাব নালাগ।"
শেষৰ কথাষাৰত বৰ পুত্ৰৰ আদেশ আছিল নে অনুৰোধ তেওঁ ঠিক ধৰিব নোৱাৰিলে।তথাপিও তেওঁ ভাবিলে, নামাতিলেই নাযাম নে?মোক কিবা মাতিব লাগে নেকি?প্ৰতিবাৰ নিমন্ত্ৰণ দিবলৈ অহা মানুহখিনিক চোন মই নিজেই কওঁ, মোক মাতিবলৈ আহিব নালাগে নহয় । বিদ্যালয়খন মোৰেই সন্তান, মই কিবা নোযোৱাকৈ থাকিম নে ? কথাষাৰ মনে মনে ভাবিলে যদিও হেড ছাৰৰ মনটোও অলপ শংকিত হ'ল।নতুনত্বৰ দৌৰত তেওঁৰ স্থান বাৰু ক'ৰবাত হেৰাই গ'ল নেকি?
দিন গণি গণি হেড ছাৰে ভাষণৰ প্ৰস্তুতি কৰাৰ চলেৰে পদূলি মুখলৈ চকু ৰাখিলে।গেটখন খোলাৰ শব্দ শুনিলেই বিদ্যালয়ৰপৰা কোনোবা আহিছে নেকি সেই লৈ সচেতন হৈ থাকিল।দুদিন-তিনিদিনকৈ মাজত মাথোঁ এটা দিনহে ৰ'লগৈ।নিজকে হেড ছাৰৰ অলাগতিয়াল যেন লাগিল।আহিবলৈ মানুহ নাথাকিলেও ফোন এটাটো কৰিব পাৰে বিদ্যালয় কৰ্তৃপক্ষই।তথাপিও তেওঁ মনে মনে ভাষণ আওৰাই থাকিল।বিচলিত মানুহজনৰ অস্থিৰতা দেখি তেওঁৰ পৰিবাৰেও শেষত কৈ উঠিল,
" প্ৰতিবাৰেই আপুনি নহা হ'লেও হয় বুলি কোৱাৰ বাবেই চাগে এইবাৰ মাতিবলৈ নাহিলে, কাইলৈ আপুনি নিজেই এপাক মাৰি আহিব। এতিয়া শুই থাকক।"
পৰিবাৰৰ কথাষাৰে হেড ছাৰক যথেষ্ট মনোবল দিলে।সাধাৰণ কথা বুলি ভাবিয়েই পুৱাই উঠি তেওঁ আগদিনাই কাঢ়া ইষ্ট্ৰি কৰি থোৱা ধুতি-পায়জামাযোৰ পিন্ধি পাটৰ চেলেংখন কান্ধত লৈ লৰালৰিকৈ চাইকেলখন উলিয়ালে।সংকোচ ভাব এটায়ো মনটো ডোলা দি থাকিল।বাটত বিদ্যালয়লৈ বুলি ওলোৱা কাৰোবাক লগ পায় নেকি সেইটোও নজৰ কৰি গ'ল।প্ৰথম বিদ্যালয়লৈ অহাৰ দিনা যি এক ভয় আৰু ভাল লগাই মনটো উখল-মাখল লগাইছিল সেই একে ভাবেই যেন হেড ছাৰৰ মন মস্তিষ্ক আৱৰি ৰাখিলে।কথাবোৰ মনৰ মাজতে জুকিয়াই থাকোঁতেই কোন সময়ত তেওঁ বিদ্যালয়ৰ সন্মুখত উপস্থিত হ'ল গমেই নাপালে।
বিদ্যালয়ৰ সন্মুখভাগ পাইহে হেড ছাৰৰ খেলিমেলি লাগিল।তাৰিখটো ঠিকেই আছেনে নাই বুলি তেওঁ আকৌ মনতে আওৰালে।ঠিকেইটো আছে।তেওঁৰটো কোনো ভুল হোৱা নাই।তেন্তে আজিৰ এনে এটি দিনত তলা বন্ধ বিদ্যালয়ৰ দুৱাৰখন দেখি তেওঁ আচৰিত হ'ল।তেওঁ নিশ্চিত হ'ল সকলোৱে পাহৰিলে নিশ্চয়।ৰবিবাৰ হোৱা হেতুকে সকলোৰে চাগে তাৰিখটোলৈ ধ্যানেই নগ'ল।মনতে ইস্ ইসাই তেওঁ ইফালে সিফালে চালে।হেড ছাৰক তাত দেখি বিদ্যালয়ৰ ওচৰ পাজৰৰ দুই এজন ব্যক্তিও কাষ পালেহি।
"কি হ'ল ছাৰ,আজি পুৱাই আহিল যে?"
পদ্মনাথৰ পৰা অহা প্ৰশ্নটোত ছাৰে প্ৰায় খং কৰিয়েই উত্তৰ দিলে,
"পুৱাই নাহি কেতিয়া আহিব লাগিছিল।তহঁতেটো সব পাহৰিলিয়েই। আজিৰ দিনটোত বিদ্যালয়খনো পৰিষ্কাৰ কৰি ৰাখিব পৰা নাই।" তলা বন্ধ দুৱাৰখনৰ কাষলৈ ছাৰ এইবাৰ প্ৰায় দৌৰি যোৱাদি গ'ল।
" দে চাবিপাত দে" । উপস্থিত থকা মানুহকেইজনে ইজনে সিজনৰ মুখলৈ চালে।
" দে আকৌ চাবিপাত।" এইবাৰ খঙত হেড ছাৰৰ ভ্ৰূ কোঁচ খাই গ'ল।
পদ্মনাথে ভয়ে ভয়ে ক'লে, " মানে ছাৰ চাবি আমাৰ হাতত নাই।মানে এসপ্তাহ মান আগতে চৰকাৰৰ আদেশ মৰ্মে বিদ্যালয়ৰ সকলো শিক্ষকক বেলেগ বেলেগ স্কুললৈ বদলি কৰি দিয়া হ'ল।যিহেতু আমাৰ বিদ্যালয়ত ল'ৰা-ছোৱালীৰ সংখ্যা প্ৰায় চাৰিজনহে আছিল সেয়ে চৰকাৰে এই সিদ্ধান্ত ল'লে।"
হেড ছাৰৰ মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰিলে।কাষৰ ঘৰৰপৰা লৰালৰিকৈ চকী এখন আনি ছাৰক বহিবলৈ দিয়া হ'ল।
"নবহো নবহো অ' পদ্ম ,নবহো।আজিৰ এই পবিত্ৰ দিনটোলৈ বৰ আগ্ৰহেৰে ৰৈ থাকোঁ।বুকুৰ উমেৰে প্ৰতিপালিত কৰা বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসলৈ প্ৰতি বছৰে আগ্ৰহেৰে ৰৈ থাকোঁ।নিজৰ সন্তানৰ দৰে তুলি তালি ডাঙৰ-দীঘল কৰা বিদ্যালয়খন আজি মৰিশালিলৈ ৰূপান্তৰিত হ'ল।প্ৰতিষ্ঠা দিৱসলৈ আহি মই চোন কলিজাৰ টুকুৰাটোৰ শ্ৰাদ্ধলৈ অহাৰ দৰে হ'ল।কত বাটকুৰি বাই আমি নগৰলৈ গৈ গৈ বিদ্যালয়খন প্ৰাদেশীকৃত কৰিছিলোঁ আৰু আজি সেইখন বিদ্যালয়েই মৰিশালিলৈ ৰূপান্তৰিত হ'ল।চৰকাৰৰ এটি আদেশতে ঠন্ ধৰি উঠা অনুষ্ঠান এটাৰ এনে অৱস্থা হ'ল।আমাৰ আৱেগ,আমাৰ কষ্টৰ কি একো মূল্য নাই।"
বিদ্যালয়ৰ বাৰাণ্ডাতে হেড ছাৰ লাহে লাহে বহি পৰিল।সকলোৱে ছাৰৰ কথাত আৱেগিক হ'ল।
" তহঁত যা গৈ যা। মই অলপ সময় ইয়াতে বহিম ।আজি অন্ততঃ মই মোৰ বুকুৰ কুটুমক অকলে এৰি থৈ নাযাওঁ।আজি অন্ততঃ বিদ্যালয়ৰ চৌহদ শূন্য হৈ নাথাকে।মই থাকিম মোৰ আপোন বিদ্যালয়খনৰ সৈতে,মোৰ হেঁপাহৰ ,কলিজাৰ টুকুৰাটোৰ সৈতে।তহঁত যা গৈ যা। আমাক আৰু আমনি নকৰিবি ।"
হেড ছাৰৰ আদেশ অমান্য কৰাৰ ধৃষ্টতা কাৰো নাছিল। মন নথকা সত্বেও এজন এজনকৈ সকলো আঁতৰি গৈছিল।ৰৈ গৈছিল মাথোঁ চৌহদৰ ভিতৰত পুৰণি সময়ৰ দুটি অথৰ্ব প্ৰস্তৰ মূৰ্তি।
✍️✍️মনস্বী শৰ্মা ।