#সৃজম্যহম্
*এই যে সম্বোধনবোৰ প্ৰকৃততে যি বুলিয়েই সম্বোধন নকৰা কিয় আচলতে আন্তৰিকতাহে মূল কথা জানা।আন্তৰিকতাই যদি নাথাকে তুমি,আপুনি সম্বোধন কৰিলেও অন্তৰত সন্মান,শ্ৰদ্ধা নাথাকে আৰু অন্তৰত যদি সন্মান, মৰম,শ্ৰদ্ধা থাকে সম্বোধনবোৰ তই হ'লেও চোন বেয়া নালাগে।
মাৱী আৰু মৰমৰ কাজিয়াবোৰত কেতিয়াবা 'তুমি' সম্বোধনবোৰ 'তই' হয়।দেউতাকে বুজায় তই নক'বা,বেয়া কথা, তুমি বুলি ক'বা।
বুজনিবোৰ কাষৰ ৰুমৰপৰা শুনি থকা মিচিকিয়ে আৰোহণক কয়।তাইৰ অনুভৱ হয় আচলতে,একেলগে থাকিলেই যেনেদৰে এখন ঘৰ ঘৰ নহয় যদিহে তাত নাথাকে দায়িত্ববোধ,বুজা পৰা আৰু আন্তৰিকতা।থিক সেইদৰে সম্বোধনবোৰ 'আপুনি','তুমি' হ'লেই আদৰৰ নহয় যদিহে তাত নাথাকে আন্তৰিকতা,মৰম আৰু হেঁপাহ।
কিয় জানো আজি কিছুদিনৰ পৰা মিচিকিয়ে অনুভৱ কৰিছে লাহে লাহে যেন তাই স্বামী আৰোহণৰ প্ৰতি বিৰক্ত হৈছে,বিদ্বেষী হৈছে আৰু আৰোহণ কথাই কথাই যেন সি তাইৰ ভুল ধৰিবলৈকে সুবিধা লৈ থাকিব।কথাবোৰে হুলে বিন্ধাদি বিন্ধিছে মিচিকিক।কোনোদিনা বোলে চাহকাপ কাঢ়া হ'ল,কোনোদিনা বোলে চাহত চেনীয়েই নহ'ল,কোনোদিনা দাইলত নিমখ নহ'ল,কোনোদিনা ভাজিত নিমখহে বেছি হ'ল,জলাহে বেছি হ'ল,কোনোদিনা বোলে ভাতকেইটা বেছিকৈ সিজিলে।মুঠতে খোৱাৰ পাটত বহি মিচিকিৰ ভুল ধৰোতেই যায়।কেৱল খোৱাৰ সময়তেই নহয় বাকী ঘৰৰ বস্তুবোৰ নিজৰ ঠাইত কিয় নাই, জোতাকেইযোৰ চেদেলি ভেদেলি কিয় হৈ আছে, মানুহ নথকা ৰুমটোত লাইটটো কিয় অন্ হৈ আছে, ফেনখন কিয় চলি আছে আদি হাজাৰ অপৰাধত অপৰাধী মিচিকি।বেয়াকৈ নক'লেও কথাবোৰে তাইৰ খঙটো উঠাই আনে।থকাত আৰোহণৰো দুখন ভৰি,দুখন হাত আছে।কৰোঁ বুলিলে সিও কামখিনিত সহায় কৰিব পাৰে, কিন্তু অফিচৰ পৰা আহি মবাইলটো লৈ বিচনাখনত পৰি থকা,লেপটপত চিনেমা চোৱা, টিভি চোৱাৰ বাদে তাৰ একো কাম নাথাকে।কিন্তু একে সময়তে অফিচৰ পৰা আহি পোৱা মিচিকিৰ ক্ষন্তেক জিৰাবলৈও যেন আহৰি নাই।পুৱাই উঠি ভাত,চাহ,টিফিন বনাই, মাৱী,মৰমক স্কুললৈ ৰেদি কৰা মিচিকিয়ে পুৱাৰ চাহকাপ কেতিয়াবা অফিচতহে খাই।আহিয়েই ফ্ৰেছ হৈ শহুৰেকক আৱেলিৰ চাহৰ যোগান ধৰা,মাৱী আৰু মৰমক খেলাৰ সঙ্গ দিয়াৰ লগতে খেলাৰ চলেৰে সিহঁতক কিবা এটা খাবলৈ দিয়া,গোঁসাই ঘৰত সোমাই গোঁসাই চাকিগছি জ্বলাই মানে আৰোহণ সোমাইহি।আকৌ সন্ধিয়াৰ চাহকাপ খাই মাৱী,মৰমৰ পঢ়া চাই ৰাতিৰ সাজ ৰান্ধিবৰ হয়েই।জিৰণি লওঁ বুলি ভাবিবলৈও যেন মিচিকিৰ আহৰি নাই।
অফিচলৈ যোৱাৰ সময়ত কণমানিকেইটাৰ সদায় আপত্তি
* মিচি মা,তুমিহে আমাক সদায় স্কুললৈ থ'বলৈ নোযোৱা, আমাৰ ফ্ৰেণ্ডক যে সদায় মাক দেউতাকে থ'বলৈ আহে।
*তেওঁলোকৰ ককা নাই যে জান,সেইকাৰণে।ককাই থ'লে বেয়া পোৱা নেকি?
*নাপাওঁ, কিন্তু কেতিয়াবা তুমিও ওলাবানা।
*অ'কে মাই ডিয়েৰ,কেতিয়াবা যাম বাৰু, এতিয়া ব'লা ব'লা ককা ৰেডী হ'লেই।
মিচিকিৰ বুকুখন মোচৰ খাই যায়।মিচিকিৰ পৰা নিজকে মাক হৈ থাকিবলৈ মন যায়।আজি মাৱীয়ে বৰকৈ তাইক আমনি কৰিছে।প্লে স্কুল শণিবাৰে বন্ধ থাকে গতিকে সিহঁত আজি ঘৰতে থাকিব।
* মিচি মা আজি অফিচ নাযাবানা,আমি খেলিম একেলগে।ককাই খেলিব নাজানে।
*মই আজি সোনকালে আহিম আৰু আহোঁতে তোমালোকে যদি অলপো দুষ্ট নকৰা মই মাৱীৰ বাবে ৱাটাৰ কালাৰ আৰু মৰমৰ বাবে পাজল চেট লৈ আহিম,হ'ব।
কণমানিকেইটাৰ অভিমানবোৰ সামৰি মিচিকি ওলাই যায়।সিহঁতক এনেদৰে এৰি আহিবলৈ তাইৰ আজিকালি বৰ কষ্ট পায়।ককাকৰ লগত থাকি বেয়া নাপায় সিহঁতে,স্কুলৰ পৰা আহি ভাতকেইটা খাই ককাকৰ লগত পৰীৰ দেশৰ সাধু,ৰাজকোঁৱৰৰ সাধু শুনি শুনি সিহঁত টোপনি যায় আকৌ উঠি আবেলি ককাকৰ লগত বাগিচাত ফুলবোৰৰ লগত কথা পাতে,খেলে।সহায়িকা মানুহ এগৰাকী আহি ঘৰ সৰা মোচা,বাচন ধোঁৱা কামবোৰ কৰি যায়।ৰন্ধা বঢ়াত মিচিকিৰ কষ্ট হ'লেও নিজেই কৰে।শহুৰেকেও ভাল নাপায় বেলেগে ৰন্ধা বঢ়া কৰাটো।টেম্পোখনত উঠিয়েই মিচিকিয়ে ফুলিযোৰ পিন্ধিবলৈ লয়,সৰুসুৰা বস্তু বোৰ তাই বেগতে ভৰাই ৰাখে গাড়ীখনত উঠিহে তাই পিন্ধে।
*অফিচলৈ ওলালে?মৰমৰ লগৰ ৰিচানৰ মাতৃক লগ পালে তাতে।
*হয়,ভাল নে আপোনাৰ?
*ও ভালেই দিয়ক,আপোনালোকৰেই ভাল দিয়ক, চাকৰি এটা আছে।আমিহে কেৱল ল'ৰা ছোৱালী অনা নিয়া কৰোঁতেই গৈছে।চাকৰি বাকৰি একো নাই খালি পুৱাৰ পৰা গধূলিলৈ ভাত বনোৱা, ঘৰৰ কাম কৰা,ল'ৰা ছোৱালী চোৱা আৰু ইমানবোৰ কাম কৰাৰ পিছতো ঘৰৰ মানুহৰ ইটো সিটো উজৰ আপত্তি শুনা।
*হয় নেকি, তেনেকুৱা একো নাই, মই জানো ঘৰৰ কাম কৰিব নালাগে।সকলোৰে একেই বুজিছে।এই যে গৃহিণীসকলে ভাবে তেওঁলোকে দৈনন্দিন কামৰ উচিত মূল্য নাপায়, সন্মান নাপায় প্ৰকৃততে, সকলো মানুহৰে একেই বুজিছে।চাকৰিয়ালেই হওঁক বা গৃহিণীয়েই হওঁক আজৰি কাৰো নাই বুজিছে।আপোনাৰ প্ৰতি মোৰ হিংসাহে লাগে আপুনি যে ৰিচানক সময় দিব পাৰিছে,তাৰ আব্দাৰবোৰ সময়মতে পূৰাব পাৰিছে,মাক হিচাপে তাক সময় দিব পাৰিছে ইয়াতকৈনো এগৰাকী মাতৃৰ বাবে কি লাগে।
ঘৰৰ ওচৰ পোৱাত তেওঁ নামি যায়।মিচিকিয়েও ঘড়ীটো পিন্ধি লয়।মনে মনে ভাবে মিচিকিয়ে এওঁকেই তাই মাজে মাজে ফেচবুকত দেখে নিজৰ স্বামী,ৰিচানৰ লগত ভিন্ন ঠাইত,ভিন্ন প'জত।কেতিয়াবা মিচিকিৰো মন যায় তেওঁৰ দৰে মাৱী,মৰমৰ লগত ফুৰিবলৈ যাবলৈ, সময় পাৰ কৰিবলৈ।কিন্তু মন গ'লেও যে ছুটী নাপায় তাই।
শহুৰ শাহুৰে ভৰা ময়ূৰীৰ সংসাৰত ল'ৰা ৰিচানৰ সৈতে পাঁচটাকৈ মানুহ।কাম বুলিবলৈও বিশেষ নাই, তথাপিও দৈনন্দিন কামখিনি কৰি থাকোঁতেই ময়ূৰীৰ সময় কেতিয়া পাৰ হয় গম নাপায়।চাকৰি নাই যদিও সোনকালে নুঠিলে তাইৰ কাম নহয়।ল'ৰা ৰিচানক টোপনিৰ পৰা জগাই স্কুললৈ ৰেদি কৰি খাবলৈ মন নকৰিলেও কিবা এটা নুখুৱাই পঠিয়াবলৈ মাকৰ মনে নকয়,লগতে টিফিনটো তাৰ মন পচণ্ডৰ কিবা এটা বনাই নিদিলে যেনে টিফিন তেনেদৰেই উভতি আহে।স্বামী অৰ্ণৱকো একে সময়তেই খোৱাৰ যোগান ধৰি ময়ূৰী ৰিচানক লৈ স্কুললৈ যায়।ৰিচানক থৈ উভতি আহে মানে অৰ্ণৱ দোকানলৈ ওলাই।শহুৰ শাহুক পুৱাৰ ৰুটি-ভাজি,জলপান দি আজৰি হয় মানে সৰুসুৰা কামবোৰ ওলায়েই।আকৌ বাৰ বজাত ৰিচানক আনিবলৈ ওলাই যায়।ৰিচানক আনি তাৰ লগত লাগি থাকোঁতেই বেলি কেতিয়া ডুবে গ'মেই নাপায়।তাৰ মাজতে দেওবাৰে কেতিয়াবা ওলাই যায় টাউনখনলৈ ৰিচানক ফুৰোৱাৰ চলেৰে,সেইয়াও ঘৰৰ সমস্ত কাম বন কৰি।প্ৰায়ে ৰাতি ন মান বজাত দোকান বন্ধ কৰি ঘৰ সোমোৱা অৰ্ণৱে ইয়াৰ মাজতো মাজে মাজে তাইক কয়
*ঘৰতেহে থাকা,পুৱাৰ পৰা গধূলিলৈকে কিনো কৰা?
কিনো কৰে তাই নিজকে প্ৰশ্ন কৰে ময়ূৰীয়ে।বিনা বেতনত পুৱাৰ পৰা গধূলিলৈকে ঘৰৰ মানুহকেইটাৰ কাৰণেই দৌৰাদৌৰি কৰে,অথচ তাই কিনো কৰে?মিচিকিলৈ হিংসা লাগি যায় তাইৰ।তেওঁৰে ভাল, কিবা এটা কৰে।ৰিচানক থৈ উভতি আহোঁতে প্ৰায়ে তেওঁক লগ পায়।
অফিচত আজি মিচিকিৰ মনটো নবহিল।বাৰে বাৰে আহিবৰ সময়ত মাৱীয়ে কোৱা কথাষাৰলৈ মনত পৰিল।মনলৈ বদমাচী বুদ্ধি এটা আহিল, বছক গাটো বেয়া লাগিছে বুলি কৈ ছুটী লৈ ঘৰ পালেহি।উভতি আহোঁতে আৰোহণক লগ ধৰি গাড়ীখন লৈ আহিল।আৰোহণক প্লেনিঙটোৰ কথা ক'লে,কিন্তু তাৰ সময় নাই।নাই যদি নাই, আজি তাই কাকো খাতিৰ নকৰে।গাড়ীৰ চাবিপাত দি আৰোহণে কৈ উঠে
*সাৱধানে চলাবা আৰু বেছি পইচা পাতি খৰচ নকৰিবা।
*তুমি দিবা পইচা?
কথাষাৰ নকওঁ বুলিও মিচিকিৰ মুখৰপৰা ওলাই আহিল।
মাকক দেখি মাৱীহঁত আচৰিত হ'ল।
*ব'লা,আজি আমিকেইটা ফু ফু যাম।দেউতা আপুনিও উলাওক।
*ক'ত যাম মিচি মা?
*য'লৈকে মন যায়।তোমালোকৰ ক'ত যাবলৈ মন
গৈছে?
*মোৰ পিজ্জা খাবলৈ মন গৈছে আৰু মোৰ বাৰ্গাৰ।
*অ'কে আগতে কাপোৰ পিন্ধা।
দুয়োটাই নিজৰ পচণ্ডৰ কাপোৰ পিন্ধিবলৈ উৎপাত লগায়।আজি মিচিকিয়েও সিহঁতক বাধা নিদিয়ে।নিজৰ মতে ৰেদি হ'বলৈ দিয়ে সিহঁতক,সকলো ক্ষেত্ৰতে হকা বধা দি থাকিলে সিহঁতেও বেয়া পাই।দুয়োটাই একে কালাৰৰে কাপোৰ মিলাই পিন্ধি লয়।আজিকালিৰ ল'ৰা ছোৱালী সৰুতেই ইমান কথা জানে মিচিকি আচৰিত হয় কেতিয়াবা।অফিচলৈ পিন্ধি যোৱা কূৰ্টিটোকে তাই পিন্ধি যাম বুলি ভাবি কাপোৰ সলোৱা নাছিল।কিন্তু মাৱীৰ তাতো চকু।সিহঁতৰ লগত মিলাই তাইক ৱাৰ্ডৰবৰ পৰা লং গাউনটো উলিয়াই দিছে।
*মিচি মা তুমি এইটো পিন্ধা।
সলাবলৈ মন নাথাকিলেও সিহঁতৰ উৎসাহক,মৰমবোৰক উপেক্ষা কৰিবলৈ মন নগ'ল তাইৰ।সাজি কাচি গোটেইকেইটা ওলাই গ'ল।ভিৰ নথকা ৰাস্তাটোৰ ফালে মিচিকিয়ে গাড়ী চলাই গ'ল।মাৱী আৰু মৰম ককাকৰ কোলাত বহি লৈছে।সিহঁতৰ কথা যেন শেষেই নহ'ব।মিচিকিৰো ভাল লাগিছে সিহঁতৰ হাঁহি ভৰা মুখকেইখন দেখি।কেতিয়াবা লক্ষ্যবিহীন যাত্ৰাও যে ইমান মধুৰ হ'ব পাৰে তাই যে ভবাই নাছিলে।মৰমৰ আব্দাৰত সিহঁতৰ প্ৰিয় গীতটো বজাই দিলে
'কোনে আজি আৱেলি মৰম দিলেহি সানি
এই বেলুনে,ৰঙা বেলুনে।'
ৰেষ্টুৰেন্টখনত বহি আজি মিচিকিৰ যি মন গৈছে তাকে অৰ্ডাৰ দিছে।কিয় জানো আৰোহণে আহিবৰ সময়ত কোৱা কথাষাৰ তাইৰ এতিয়াও কাণত বাজি আছে আৰু সেইকাৰণেই আজি তাই সেই বাজেট মিলাই ঘৰ চলোৱা গৃহিণীগৰাকীৰ ঠাইত মিচিকি হ'বলৈ মন গ'ল।ষ্টাৰ্টাৰৰ পৰা আৰম্ভ কৰি ডিজাৰ্টলৈকে তাই ইমান আইটেম অৰ্ডাৰ কৰিলে যে তাইৰ নিজৰেই বিশ্বাস নহ'ল।তথাপিও তাই খাইছে খাওঁ বুলিয়েই, কৰোঁ বুলিয়েই তাই খৰচ কৰিলে।মাৱী,মৰমৰ যি খাবলৈ যন গ'ল খাবলৈ দিলে।সিহঁতেও সদায় একেখন ৰুটিনেই ফল' কৰে,আজি বেলেগ খালে পৃথিৱীখন অশুদ্ধ নহয়।
পাৰ্কত অলপ সময় খেলা ধূলা কৰি মিচিকিহঁত ঘৰমুৱা হ'ল।বহু দিন ফটো নুঠা মিচিকিক মৰম আৰু মাৱীয়ে কেইবা কপিও ফটো তুলি দিলে।মাৱী, মৰমৰ ফটোৰে ভৰ্তি তাইৰ গেলেৰীটোত আজি বহুত দিনৰ মূৰত তাইৰ ফটো সন্নিবিষ্ট হ'ল।নিজকে আজি ৰিচানৰ মাক যেন লাগিল তাইৰ, যি নিজৰ সন্তানৰ লগত সময় পাৰ কৰিব পাৰে,সিহঁতৰ লগত ফুৰিব পাৰে,মনৰ কথাবোৰ পাতিব পাৰে।বুজি নাপায় তাই ৰিচানৰ মাকৰ দৰে নাৰীসকলে কিয় ভাবে চাকৰিয়াল মহিলাসকলৰে ভাল বুলি।তেওঁলোকৰ প্ৰতি ঈৰ্ষা জাগে মিচিকিৰ,যি কৰোঁ বুলিয়েই নিজৰ সন্তানক মৰম কৰিব পাৰে,সময় দিব পাৰে,অসুস্থ অৱস্থাত মৰমেৰে দুহাত বুলাই দিব পাৰে আৰু তাই?
এই যে উত্তৰ বিহীন প্ৰশ্নবোৰ,ঈৰ্ষাবোৰ লৈ আমি ঘূৰি ফুৰিছো তাৰ সমাধান ক'ত পাম আমি নাজানোঁ।মাথোঁ সময়ে সময়ে গাঁঠি গৈছোঁ মান-অভিমানবোৰ,জন্ম দিছোঁ উত্তৰ বিহীন প্ৰশ্নবোৰ আৰু আৱেগবোৰ।
Tuesday, November 10, 2020
সৃজম্যহম্
Tuesday, October 27, 2020
উপপাদন
#উপপাদন
* তোকনো কিয় মই ভাল পাইছিলোঁ।মোলৈ তোৰ সময়েই নাথাকে।
কথাষাৰ কৈয়েই ৰুমটোৰ পৰা যাবলৈ লয় অভিৰুক।
*মই কৈছিলোঁ তোক মোক ভাল পাবলৈ।
ফোনটো দলিয়াই দি খঙেৰেই কয় শ্ৰুতিয়ে।মাজে মাজে অতি বেছি আদৰ মৰমে আমনি লগাই তাইক।বুজি নাপায় তাই প্ৰকৃততে অভিৰুকৰ সেইয়া মৰম নে সন্দেহ।
*থিক আছে আজিৰ পৰা আৰু তোক মই ডিৰ্ষ্টাব নিদিও,বাই।
*আৰে শুনচোন।
নৰয় অভিৰুক গুচি যায় সি।সদায় কাজিয়াৰ শেষত ইমচনেল ব্লেকমেইলিং কৰি শেষ অস্ত্ৰপাত মাৰি গুচি যায় সি।জানে সি লগে লগে শ্ৰুতিয়ে 'চৰি' ক'ব আৰু মান অভিমানবোৰ শেষ হৈ যাব।ফোনৰ ওপৰত ফোন যাব ৰিচিভ নকৰিলে মেছেজ যাব আৰু কাজিয়াখনৰ অৱসান ঘটিব।কিন্তু আজি সঁচাকৈয়ে শ্ৰুতিৰ খং উঠিছে।নকয় তাই চৰি।ব্ৰেক আপ হ'লে হওঁক বুলিয়েই তাই একো নক'লে।এই ব্ৰেক আপ যে সিহঁতৰ কিমান বাৰ হৈছে,নামাতো নামাতো বুলি ভাবিও আকৌ সিহঁতৰ মাত বোল হয়।এনেদৰেই চলি আহিছে যোৱা দুটা বছৰ।
মাষ্টাৰ ডিগ্ৰী কৰি শ্ৰুতিয়ে গুৱাহাটীতে এইডছৰ লগত জড়িত NGO এটাত কাউন্সিলাৰ ৰূপে নিযুক্তি পাইছিল।ঠায়ে ঠায়ে গৈ সিহঁতৰ NGOৰ মানুহে সজাগতা সভা পাতে।বহুতেই বুজি নাপায় এতিয়াও কথাবোৰ।সেই কাউন্সিলৰ সময়তেই আজি অভিৰুকৰ ফোনৰ ওপৰি ফোন।ইফালে হেড অফিচৰ পৰা আজি দেম' চাবৰ বাবে অফিচাৰ দুজন মানো আহিছে।এনেই তাই অকলেই যায়,কিন্তু সেইদিনা হেড অফিচৰ পৰা মানুহ অহাৰ কথা থকাৰ বাবেই প্ৰজেক্ট মেনেজাৰ,একাউন্টটেন্ট আৰু দুজন মানো যায়।ব্যস্ত দিনটোত তাইৰ ফোনৰ ৰিং শুনিবলৈ,ৰিচিভ কৰিবলৈও সময় নাই।উবেৰখনত বহি ফোনটো চেক কৰোঁতেহে শ্ৰুতিৰ বুকুখন ধপং ধপং কৰিবলৈ ধৰিলে।প্ৰায় দুশৰ ওপৰৰো মিছ কল দেখি শ্ৰুতিৰ পিছৰ পৰ্য্যায়ত কি হ'ব বুজিবলৈ বাকী নাথাকিল।লগে লগে ফোনটো লগাই তাই।নাই ৰিচিভ নকৰে।নজনাকৈয়ে শ্ৰুতিৰ বুকুখনৰ ঢপঢপনিটো যেন ক্ৰমান্বয়ে বাঢ়ি গ'ল।
বিশ্ববিদ্যালয়ৰ সেই মৰমীয়াল ল'ৰাটোৰ খং তাই বহু বাৰ দেখিছে।ভালত ভাল বেয়াত যমকাল।প্ৰেম কৰা নাযায় প্ৰেম হৈ যায়।বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানৰ পৰা,হোষ্টেলৰ গেট টুগেদাৰ,ইলেকচন আৰু যে ক'ত কিমান অনুষ্ঠানৰ নয়নৰ মণি আছিল অভিৰুক।নজনাকৈয়ে ভাল লাগিছিল তাইৰ।চকুৱে চকুৱে পৰিলে এক লাজ লাজ অনুভৱে জোকাৰি গৈছিল তাইক।এদিন হোষ্টেলৰ টি-পাৰ্টিত চিনাকি হোৱা অভিৰুকে বন্ধুত্বৰে আৰম্ভ কৰা সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কলৈ কেতিয়া ৰূপান্তৰিত কৰিছিল তাই যেন ততেই ধৰিব পৰা নাছিল।হঠাৎ এদিন তাৰ পৰা মেছেজ আহিছিল
*Meet me in the market within 30 minutes.
ক্লাছত থকা শ্ৰুতিয়ে মেছেজটো পঢ়ে মানেই পাৰ হৈছিল এঘন্টা।হঠাত অহা মেছেজটো ভুলতে তাইলৈ আহিল বুলি তাই একো ৰিপ্লায়ো নিদিলে।কাৰণ তেতিয়ালৈকে সি কেতিয়াও তাইক মেছেজ দিয়া নাছিল।ফোনতেই এটা দুটা কথা সোধাৰ বাহিৰে বেছি কথা নাপাতিছিল।ক্লাছৰ পৰা আহি সদায় শ্ৰুতিয়ে বিচনাখনতে অলপ দীঘল দিয়ে।সেইদিনাও শুই গৈছিল তাই।সন্ধিয়া ৰুমমেট মৌমিতাৰ মাততহে তাই সাৰ পাইছিল।
*ইমান যে শুব পাৰ তই,অথনিৰে পৰা ফোনটো বাজি আছে গমেই নাপাৱ।
ফোনটোলৈ চাই শ্ৰুতিয়ে।কেইবাটাও চিনাকি অচিনাকি নম্বৰৰ মিছ কল।চিনাকিটোৰ ভিতৰত আছিল অভিৰুকৰ নাম্বাৰটো।অভিৰুকৰ নাম্বাৰটো দেখি তাইৰ মনটো অজানিতে ভাল লাগিল।কল বেক কৰে শ্ৰুতিয়ে।ফোনৰ আনটো মূৰত এক ৰুক্ষ স্বৰ ভাহি আহে।
*তোমাক মই আজি মাৰ্কেটত আহিবলৈ কোৱা নাছিলোঁ, নাহিলা কিয়?
*একচুৱেলি মই মানে মেচেজটো মোলৈ ভুলতে আহিল বুলি ভাবিছিলোঁ।
*ভুলতে মেছেজ যোৱা হ'লে মই ইনফৰ্ম নকৰিলোঁহেতেন নেকি?ফোনটো ইউজেই কৰিব নোৱাৰা যদি ৰাখিছা কিয়?
খং উঠি গ'ল শ্ৰুতিৰ।মনৰ ভাল লগাবোৰ মনতে সামৰি তায়ো কৈ উঠিল
*মোৰ ফোন মোৰ কথা মই ইউজ কৰোঁ নকৰোঁ মোৰ কথা।তুমি কোন মোক ক'বলৈ।
কথাষাৰ কৈয়েই ফোনটো থৈ দিলে শ্ৰুতিয়ে।তাৰ পিছতো বহুবাৰ ফোন আহিল যদিও তাই ৰিচিভ নকৰিলে।অভিৰুকৰ প্ৰতি থকা সুকোমল অনুভূতিবোৰত হঠাতেই যেন ব্যাঘাত জন্মিল।মনটোৰ ভিতৰতে গুজৰি গুমৰি থাকিল তাই।নগ'ল যদি নগ'ল আৰু তাতে ইমান বেয়াকৈ ক'ব লাগে নেকি।মৌমিতাকেই গালি পাৰিছে তাই
*তোকনো মোক জগাবলৈ কোনে কৈছিল, নজগুৱা হ'লে মই ফোনো নকৰিলোঁ হয় আৰু কথাও নুশুনিলোঁ হয়।
* অ'এতিয়া মোৰহে দোষ হ'ল।হ'ব দে সি চাগে তোক নিজৰ বুলি ভাবিছে সেই কাৰণে অভিমানবোৰ গালি ৰূপে বৰষিছে আৰু।
* নালাগে সি মোক নিজৰ বুলি ভাবিব,লোকৰ গালি খাবলৈ মই ফোন লোৱা নাই।
*খা,খা এই গাখীৰ চাহ কাপ খা,মনটো ভাল লাগিব।
মনতে ভোৰভোৰাই ভোৰভোৰাই শ্ৰুতিয়ে মৌৱে দিয়া চাহ আৰু বিস্কুট খায়।ফোনটো আকৌ বাজি উঠে।অচিনাকি নাম্বাৰটো দেখি তাই ৰিচিভ নকৰিলে যদিও কেইবাবাৰো ৰিং হোৱাত শ্ৰুতিয়ে ৰিচিভ কৰিলে
*হেল্ল'
*হেল্ল' শ্ৰুতি মাইনা,তুমি আজি মাৰ্কেটলৈ কিয় নাহিলা,অভি যে তোমালৈ ইমান দেৰি ৰৈ আছিল।তুমি বাৰু তাক কিয় ভাল নোপোৱা, তোমাক যে সি ইমান ভাল পায়।ক'বহে নোৱাৰে।তুমিও তাক আই লাভ ইউ বুলি কৈ দিয়ানা,নহ'ল যে সি আজি হোষ্টেললৈকে নাহিব।
* শ্ৰুতি মাইনা, শ্ৰুতি মাইনা তুমি বাৰু ইমান নিষ্ঠুৰ কিয়?আমাৰ অভিক তুমি ভালপোৱানা,প্লিজজজ..
অসংলগ্ন কথাবোৰে শ্ৰুতিৰ খঙটো আৰু বঢ়ালে।এইবাৰ তাই অভিৰুকলৈ ফোনটো লগালে।
*কি বুলি ভাবিছা মোক,জাকে তাকে মোৰ নাম্বাৰ দি ফুৰিছা যে?
*কাক দিলোঁ তোমাৰ নাম্বাৰ?
*কাক দিলোঁ, এতিয়া একটিং কৰিব নালাগে, নেক্সট টাইম যাতে মোলৈ ফোন নকৰা।
কাটি দিয়ে ফোনটো শ্ৰুতিয়ে।অফ্ কৰি থয় ফোনটো।গোটেই ৰাতিটো খঙত অগ্নিশৰ্মা হৈ থাকিল শ্ৰুতি।অভিৰুকহঁতৰ হোষ্টেলৰ সন্মুখেদিয়ে সদায় সিহঁত ক্লাছলৈ যাব লাগে।শ্ৰুতিৰ ডিপাৰ্টমেন্ট পাৰ হৈয়েই অভিৰ ডিপাৰ্টমেন্ট পায়।প্ৰায় এসপ্তাহ ধৰি শ্ৰুতিয়ে মন কৰে তাই ক্লাছলৈ যাওঁতে অভি হোষ্টেলৰ সন্মুখত ৰৈ থাকে আৰু সিহঁতৰ পিছে পিছে ডিপাৰ্টমেন্টলৈ যায়।কোনেও কাকো নামাতে,কিন্তু দুয়ো দুয়োৰে চকুৱে চকুৱে পৰে।এদিন শ্ৰুতি ক্লাছৰ শেষত হোষ্টেললৈ অকলেই আহে।লগৰ কেইজনীয়ে ফেন্সিত বজাৰ কৰিবলৈ যাব,শ্ৰুতিৰ আনিবলগীয়া একো নাছিল বাবে তাই হোষ্টেললৈকে আগবাঢ়িল।মাকলৈকে ফোনটো লগাই তাই কথা পাতি আহি থাকিল।হঠাত অভিৰুক তাইৰ সন্মুখত ৰ'লহি
*কাৰ লগত কথা পাতি আছা?কথাষাৰ কৈয়েই সি ফোনটো তাইৰ হাতৰ পৰা কাঢ়ি ল'লে।
*মই যাৰ লগতে কথা নাপাতো তোমাৰ কি হ'ল।কথাষাৰ কৈয়েই তাই ফোনটো নিজৰ হাতলৈ আনিলে আৰু হোষ্টেলৰ ফালে খোজ দিলে।
*ৰ'বা তোমাৰ লগত মোৰ কথা আছে।
*মোৰ একো কথা নাই।
*কিন্তু মোৰ আছে।
অভিৰুকে উচ্চ স্বৰত কোৱা কথাষাৰে শ্ৰুতিক ৰৈ যাবলৈ বাধ্য কৰালে।
*ব'লা জালুকবাৰীৰ ফালে অলপ খোজ কাঢ়ি আহোঁ।
*মই নাযাওঁ।
*প্লিজ ব'লানা।সেইদিনাৰ বাবে Sorry .
অভিৰুকৰ কথাৰ হঠাৎ পৰিৱৰ্তনত শ্ৰুতি আচৰিত হ'ল।লাহে লাহে দুয়োটাই জালুকবাৰীৰ ফালে খোজ দিলে।বহু সময় সিহঁত মৌন হৈয়েই থাকিল।কোনেও কাকো একো নক'লে।
*শ্ৰুতি,I am really very sorry for that day.I didn't give your number to anyone,I am really sorry .
কথাষাৰ কৈয়েই অভি শ্ৰুতিৰ সন্মুখত আঠুকাঢ়ি বহি ৰ'ল।শ্ৰুতিৰ কি কৰোঁ কি নকৰোঁ অৱস্থা হ'ল।
*আমি বহু দূৰেই আহিলোঁ এতিয়া ওভতো নেকি?
*তোমাৰ মোৰ লগত মানে একো কথা নাই?
*নাই, মানে কি কথানো থাকিব পাৰে,খং উঠিছিল সেইদিনা,অচিনাকি ল'ৰাকেইটাৰ তেনে কথাত।কিন্তু পিছলৈ বুজিলোঁ সহজ ভাৱে ল'ব পাৰিলে সকলো সহজ।বিশেষকৈ পিছদিনা সেই নাম্বাৰকেইটাৰ পৰা মোলৈ মেছেজ আহিছিল ক্ষমা বিচাৰি।কিন্তু মোক তুমি সেইদিনা মেছেজ দিছিলা কিয়?
*মোৰ দেউতা আহিছিল, তোমাক লগ কৰাই দিব বিচাৰিছিলোঁ।
*তোমাৰ দেউতাৰ লগত মোৰ কি কাম আছে?
*I love you Sruti.তোমাক দেখাৰে পৰা মই তোমাৰ প্ৰেমত পৰিছোঁ।মোৰ মা নাই, দেউতাই মোৰ বাবে সকলো,মোৰ মা,বন্ধু, গাইড,সকলো।হয়তো মই তোমাক ভালপাওঁ নে নাপাওঁ দোধোৰ মোধোৰ অৱস্থাত থাকোঁতেই দেউতাই উমান পাইছিল মোৰ মবাইল স্কিনত তোমাৰ ফটো দেখি।এইবাৰ ঘৰৰ পৰা আহোঁতে দেউতাই কৈ পঠিয়াইছিল তোমাক লগ কৰাই দিয়াৰ কথা।সেয়ে তোমাক সেইদিনা মেছেজ কৰি মাতিছিলোঁ।
*কিন্তু তুমিটো মোক সোধা নাই মোৰ উত্তৰ কি হ'ব পাৰে।
*সুধিম সুধিম বুলিও আচলতে মই ৰৈ গৈছিলোঁ, মোৰ দৰে বেপৰোৱা গায়ক এটাক তুমি বা ভালপোৱা নে নাই?দেউতাই কয় মোৰ খঙটোৱেই প্ৰকৃততে মোৰ প্ৰধান শত্ৰু।তুমি যদি মোৰ খঙবোৰ,মোৰ অভিমানবোৰ মৰমৰে সামৰিব পাৰা তেতিয়া হ'লে মই তোমাক মোৰ লগৰী কৰিব বিচাৰোঁ।
অভিৰুকৰ স্পষ্ট তথা মৰম মৰম লগা কথাবোৰে শ্ৰুতিৰ হৃদয়ত স্বাভাৱিকতে অনুৰাগৰ সৃষ্টি কৰিছিল।কি ক'ব কি নক'ব তাই থিৰাং কৰিব নোৱাৰিলে।
*হ'ব এতিয়া ওভতো ব'লা।
লাজে,ভয়ে শ্ৰুতি ওভতি আহিল।অভিৰুকৰ চকুলৈও যেন তাই চাব পৰা নাই।ৰাধাচূড়াবোৰে যেন তাইক বাৰে বাৰে বাৰে জোকাইছে।প্ৰেম হৈছে তাইৰ,অভিৰুকে নজনাকৈয়ে তায়ো যে প্ৰেমত পৰিছিল তাৰ, মাথোঁ সেইদিনাৰ ঘটনাটোৱে অভিমানী কৰি তুলিছিল তাইক।হোষ্টেলৰ গেটখনেদি তাই প্ৰায় দৌৰি যোৱা দি গৈছিল ৰুমলৈ
*আজি মোৰ প্ৰগেম আছে অডিটৰিয়ামত,যদি তোমাক তাত দেখোঁ মই বুজিম তুমিও মোক ভালপোৱা বুলি।
অভিৰুকৰ কথাষাৰ শুনি শুনিয়েই তাই ৰুম পালেগৈ।নাই তাই চোন একো সিদ্ধান্তই ল'ব পৰা নাই, আচলতে সিদ্ধান্ত ল'বলৈ একো নাই।তায়ো জানে তাইৰ হৃদয়ত অভিৰুক নামৰ প্ৰেমৰ বীজ কেতিয়াবাই অংকুৰিত হৈছিল।মৌক লগত লৈ সন্ধিয়ালৈ শ্ৰুতি হোষ্টেলৰ আন ছোৱালীবোৰৰ লগত প্ৰগেম চাবলৈ ওলাল।প্ৰিফেক্টৰ লগত গৈ সিহঁত নিজৰ স্থানত বহিল।দুটামান অনুষ্ঠানৰ পিছতেই অভিৰুক ষ্টেজত উঠিল,অভিৰুকক দেখি শ্ৰুতিৰ সৰ্ব শৰীৰ এক অজান অনুভূতিয়ে চুই গ'ল।জুবিনৰ এটি এটি গীতে দৰ্শকৰ লগতে শ্ৰুতিৰ হৃদয়ো কঁপাই গৈছিল।শেষত সি গাইছিল
'নেচাওঁ তোমাক এবাৰো,নেচাপো কাষ এধানো
পাহৰি যাওঁ,মচি মচি থওঁ,তোমাক মনৰ পৰা মোৰ...........
হ'ব পাৰে এনে কথা,জীৱনে মোক এৰে যদি।'
প্ৰগেমৰ শেষত হাত চাপৰিৰে অডিটৰিয়াম মুখৰিত হৈ পৰিছিল।প্ৰগেম শেষ কৰি শ্ৰুতিহঁত হোষ্টেললৈ ওভতিল।মন গৈছিল তাইৰ অভিৰুকক এবাৰ লগ ধৰি প্ৰগেম সুন্দৰ হোৱাৰ বাবে শুভেচ্ছা দিব,কিন্তু প্ৰিফেক্ট লগত থকাৰ বাবে তাইৰ মনৰ আশা মনতে ৰাখিলে।ফোনকে কৰোঁ বুলি ভাবিহে তাই মন কৰিলে ফোনটো যে তাই চাৰ্জতে থৈ পাহৰি আহিল।ৰুমলৈ গৈয়ে তাই ফোন কৰিবলৈ লৈহে দেখিছে অভিৰুকৰ কেবাটাও মিছকল আৰু দুটামান মেছেজ।অভিৰুকে তাইক প্ৰগেম কৰাৰ আগত বহুবাৰ ফোন কৰিছিল তাই গৈছেনে নাই খবৰ ল'বলৈ আৰু অৱশেষত তাই নাই যোৱা বুলি ভাবি তাইলৈ মেছেজ কৰিছে
*OK, তোমাৰ উত্তৰটো পালোঁ।হ'ব আৰু ডিৰ্ষ্টাব নিদোঁ।সুখী হোৱা।
মেছেজটো পঢ়ি শ্ৰুতিৰ বুজিবলৈ বাকী নাথাকিল তাৰ শেষৰ গানটোৰ অৰ্থ।আৰম্ভ নহওঁতেই তাইৰ প্ৰেমৰ সামৰণি পৰিল।মনৰ ভালপোৱাজনক পায়ো তাই হেৰুৱালে।অভিৰুকৰ খং,অভিমান বুজিবলৈ তাইৰ বাকী নাই।বহুবাৰ ফোন কৰিলে তাই, কিন্তু প্ৰতিবাৰেই কাটি দিয়ে সি ফোনটো।শ্ৰুতিৰ এনে লাগিল তাই যেন তেতিয়াই যাব অভিৰুকৰ ওচৰলৈ আৰু তাক সাৱটি ধৰি ক'ব, I love you Abhi.
ওৰে ৰাতি টোপনি নাহিল শ্ৰুতিৰ।তাৰ কথা জানিবলৈ, গম ল'বলৈও যে কোনো নাই।মনে মনে ভয় খায় তাই কিবা অঘটন নকৰেটো।পিছদিনা ক্লাছলৈ যাওঁতেও তাই হোষ্টেলৰ গেটত অভিক নেদেখিলে।ক্লাছতো মন নবহিল শ্ৰুতিৰ।কেন্টিনলৈ অকলেই ওলাই আহিল তাই।অভিৰুকক দেখে তাই কেন্টিনৰ চুকৰ এখন টেবুলত চাহৰ কাপ লৈ বহি আছে সি।ভয়ে ভয়ে তাই টেবুলখনৰ ফালে যায়।অভিৰুকৰ কাষৰ চকীখনত বহি লয়,গম নাপায় সি।নিজৰ মাজতেই কিবা এক ভাবনাত ডুব গৈ থাকে সি।টেবুলতে থকা ফোনটো বাজি বাজি বন্ধ হৈ গৈছে সি গম নাপায়।ফোনটোত চকু পৰে শ্ৰুতিৰ,দেউতাকৰ ফোন।কিয় জানো তাইৰ মন গ'ল দেউতাকৰ লগত কথা পাতিবলৈ।ফোনটো ৰিচিভ কৰিলে তাই
*হেল্ল',মই শ্ৰুতিয়ে কৈছোঁ।
*বাবা থিকে আছেনে মাজনী?কালিৰ পৰা ফোন কৰিছোঁ ৰিচিভ কৰা নাই।
*আছে আছে খুৰা,কিছু ব্যস্ত আছে।আজৰি হ'ল মই কম বাৰু।
*মিছা নক'বা মা,যিমানেই ব্যস্ত নহওঁক সি মোৰ ফোন ৰিচিভ নকৰাকৈ নাথাকে।তাক চাবা তুমি, তুমিহে যদি তাৰ জেদী মনটো সলাব পাৰা।
উত্তৰটো দিবলৈ খোজোতেই অভিয়ে ফোনটো কাঢ়ি লয়।
*কাৰ অনুমতিত তুমি মোৰ ফোন ৰিচিভ কৰিলা?
*মই কালি আহিছিলোঁ অভি,তোমাৰ প্ৰগেম মই চাইছোঁ।
*মিছা কথা,ইমান বাৰ ফোন কৰাৰ পিছতো তুমি মোৰ ফোন ৰিচিভ নকৰিলা আৰু এতিয়া কৈছা তুমি আহিছা।হ'ব মিছ শ্ৰুতি,মই তোমাক বেয়া পোৱা নাই।কৰোঁ বুলিয়েইটো প্ৰেম কৰা নাযায়,প্ৰেম কৰা নাযায় শ্ৰুতি, প্ৰেম হৈ যায় আৰু সেই প্ৰেম তোমাৰ নহ'ল।তোমাক আৰু মই ডিৰ্ষ্টাব নিদোঁ,বাই।
*কিন্তু মই যে তোমাৰ প্ৰেমত পৰিলোঁ অভি,তোমাৰ জেদ,তোমাৰ অভিমানবোৰৰ মই প্ৰেমিক হৈ পৰিলোঁ।মই কালি আহিছিলোঁ,তোমাৰ প্ৰতিটো গীতে মোক আলোড়িত কৰি তুলিছিল।কিন্তু তোমাক লগ ধৰিবলৈ মই কোনো সুবিধা উলিয়াব নোৱাৰিলোঁ, জানাই চোন আমি এতিয়া জুনিয়ৰ।ফোনটোও অনা নহ'ল চাৰ্জত দি পাহৰি আহিছিলোঁ, ৰুমত গৈ যেতিয়া দেখোঁ তোমাৰ মেছেজ, তোমালৈ ফোন কৰোঁ কিন্তু তুমি ৰিচিভ নকৰা।
এনেদৰেই আৰম্ভ হোৱা অভিৰুক শ্ৰুতিৰ প্ৰেমে কিমান কাজিয়া, কিমান মান অভিমান, ব্ৰেক আপ,পেটচ আপ কৰিছে থিক নাই।শ্ৰুতিয়ে জানে অভিৰুকে তাইক প্ৰাণ ভৰি ভাল পায় আৰু তায়ো।সপোনতো অভি বিহীন পৃথিৱী তাই কল্পনাই কৰিব নোৱাৰে।তথাপিও কেতিয়াবা কিছুমান কথাই পাহৰিব নোৱাৰাকৈ সাঁচ বহুৱাই যায়।আন হাজাৰজনী নাৰীৰ দৰে শ্ৰুতিয়েও বিচাৰে মুক্ত আকাশৰ তলত মুক্ত মনে,মনে বিচৰা ধৰণে আঁচল উৰুৱাই জীয়াই থাকিব, কিন্তু মাজে মাজে অভিৰ কিছুমান কথাই,ব্যৱহাৰে তাইক হুলে বিন্ধাদি বিন্ধে।সিহঁতৰ এই সম্পৰ্কটো ধৰি ৰখাত অভিৰ দেউতাকেও কিমান কষ্ট কৰিছে।মানুহজনৰ মৰম,আদৰে শ্ৰুতিকো বান্ধি ৰাখিছে তেওঁলোকৰ ঘৰৰ এজনী কৰি।তথাপিও তাৰ মাজতে কিছুমান কথাত অভিৰুক আঁকোৰ-গোজ হৈ পৰে।খং আৰু অভিমানৰ আৱেগত নিজকো দুখ দিয়ে লগতে শ্ৰুতিকো।তথাপিও মৰমেৰে বান্ধি ৰাখে তাইক।শ্ৰুতিয়ে বুজে মাক নথকা অভিৰুকে এগৰাকী নাৰীৰ সান্নিধ্যত পূৰ্ণতা পায়।হয়তো মাকক হেৰুৱাৰ দৰে শ্ৰুতিকো হেৰুৱাই বুলি সি ভয় কৰে।সেয়ে শাসন আৰু কৰ্তৃত্বৰ সুৰেৰে তাইক বান্ধিব খোজে আৰু যেতিয়াই শ্ৰুতি সেই কৰ্তৃত্ব,শাসনৰ পৰা আঁতৰি যায় তেতিয়াই সিহঁতৰ সম্বোধনবোৰ 'তুমি'ৰ পৰা 'তই'লৈ ৰূপান্তৰিত হয়।বহুবাৰ শ্ৰুতিয়েও তাক গুৰুত্ব নিদিয়ে, কিন্তু মাকবিহীন তাৰ জীৱনটোৰ কথা চিন্তা কৰিয়েই তাই আকৌ উভতি যায়।সম্পৰ্কবোৰ আকৌ ভাল হয়।এইবাৰ শ্ৰুতিয়ে সিদ্ধান্ত লয় সি নিজৰ ভুল বুজি নোপোৱালৈকে তাই আৰু ফোন নকৰে ক্ষমাও নোখোজে।কথাবোৰ চিন্তা কৰি কৰি তাই বাৰে বাৰে ফোনটোলৈ চকু দিয়ে।নাই কোনো মিচকল,নাই কোনো অভিমানী মেছেজ।চিলমিলকৈ টোপনি আহোঁতেই ফোনটো বাজি উঠে।অভিৰুকৰ ফোন বুলি তাই ৰিচিভ কৰে।
*হেল্ল' মা,বাবাৰ ছয়মাইলত এক্সিডেন্ট হৈছে,মই জি এন আৰ চি আহি আছোঁ।তুমি যোৱা যদি মই তোমাক লৈ যাওঁ।
মানুহজনৰ কথাখিনিয়ে শ্ৰুতিৰ সমস্ত শৰীৰ কঁপাই তুলিলে।ওলাই গ'ল তাই।খোজটো দিবলৈও যেন তাইৰ গাত শক্তি নাই।চকুৰপানীয়ে বাট নেদেখা হৈ গৈছে।অভিৰ দেউতাকৰ মুখামুখি হ'বলৈও যেন তাইৰ সাহস হোৱা নাই।বাৰে বাৰে নেদেখাজনক প্ৰাৰ্থনা কৰিছে অভিক ভাল কৰি তুলিবলৈ।শপত খাইছে কোনো দিন তাৰ লগত কাজিয়া নকৰে,সকলো খং অভিমান তাই সহ্য কৰি যাব।কথাবোৰ ভাবি ভাবি জি এন আৰ চি কেতিয়া পালে তাই গমেই নাপালে।আগুৱাই গৈছে অভিৰ দেউতাক ডাক্তৰৰ ওচৰলৈ।বহি ৰৈছে বেঞ্চখনত শ্ৰুতি,আজিহে বুজিছে তাই আপোনজনক খং কৰাটো সহজ,কিন্তু হেৰুৱাৰ বেদনা কিমান ভয়ানক।মানুহজন প্ৰায় দৌৰি অহাদি আহিল।
*কিয় কিয় ভগৱান ইমান নিষ্ঠুৰ?মোৰ ক্ষেত্ৰতহে এনে হয় মা,প্ৰথমে এক্সিডেন্টত পত্নীক হেৰুৱালো আৰু এতিয়া পুত্ৰও ক্ৰিটিকেল ষ্টেজত আছে।মোৰ কথা নুশুনে নেদেখাজনে তুমি কোৱাচোন মা তেওঁক মোৰ ল'ৰাটো ভাল কৰি দিবলৈ।
যিকণ শৰীৰত শক্তি আছিল শ্ৰুতিৰ সেইকণো যেন নাইকিয়া হ'ল তাইৰ।দৌৰি যায় তাই তাত থকা কৃষ্ণৰ মূৰ্তিজনাৰ ওচৰত হিয়া উজাৰি কান্দে।অভিৰুকক ভাল কৰি দিবলৈ কাতৰে মাতে।প্ৰায় পাঁচ ঘন্টা ধৰি চলা অপাৰেচনটোত দেউতাকক সান্তনা দিবলৈও যে তাইৰ মুখত মাত নাছিল।ভয় লাগিছিল তাইৰ দেউতাকে যদি সুধে সিহঁতৰ কাজিয়া লাগিছিল নেকি বুলি কি ক'ব তাই।পুতেকৰ স্বভাৱৰ কথা নজনা নহয় তেওঁ।শিল্পী পুতেকৰ কেতিয়া কি কথাত খং উঠে, খং উঠিলে কি কৰিব পাৰে তেওঁ ভালদৰে জানে।কিন্তু আজি তেওঁ তেনে একো কথাই নুসুধিলে।অপাৰেচনৰ বহু ঘন্টাৰ পিছত অভিৰুকৰ চেন্স আহিল।দেউতাকৰ পিছে পিছে শ্ৰুতিও ভয়ে ভয়ে সোমাই যায় আই চি ইউলৈ।আই চি ইউত সোমাই দেউতাকে পুতেকৰ কপালত চুমা এটি আঁকি দিয়ে।একো নকয় ওলাই আহে তেওঁ।শ্ৰুতি কাষ চাপি যায় অভিৰুকৰ
*I am sorry,মোক ক্ষমা কৰি দিয়া।
বেঁকা হাঁহি এটি মাৰিবলৈ সিও চেষ্টা কৰে।ওলাই আহে শ্ৰুতি।এক্সিডেন্টৰ আগলৈকে হৃদয়ত পুহি ৰখা খং,অভিমানবোৰ যেন অভিৰুকৰ এক্সিডেন্টৰ খবৰটোৱে পলকতে নাইকিয়া কৰি তুলিলে।বুজি উঠিছে শ্ৰুতিয়ে আপোনজনক হেৰুৱাৰ বেদনা কি?কাষতে থকাজনৰ মৰমবোৰ তেতিয়াহে বুজা যায় যেতিয়া তেওঁ দূৰলৈ গুচি যায়।এইবাৰ আৰু অভিক তাই আঁতৰি যাব নিদিয়ে, কৰক খং,কৰক অভিমান, ধৰক জেদ কিমান দিনলৈ ধৰিব,এদিন, দুদিন তাতকৈটো নোৱাৰে আৰু এই অভিৰ দেউতাকজন।অভি আৰু তাইৰ বাহিৰে আপোন বুলিবলৈ তেওঁৰ আছেই বা কোন?পুতেকৰ এক্সিডেন্টৰ খবৰ পাই তাইলৈকে ফোনটো কৰিছে।হয়তো তেওঁৰ বাবে শ্ৰুতিও হৈ পৰিছে তেওঁৰ সাহস,তেওঁৰ শেষ আশা।সামৰি ৰাখিব তাই এই দুজনক হিয়াৰ একোণত।মান অভিমানবোৰ একাষৰীয়া কৰি মৰমবোৰ উপচাই দিব,আদৰবোৰ সামৰি থ'ব।
'ব'লক দেউতা, কিবা এটা খাই ল'ব।'-শ্ৰুতিৰ সম্বোধনটোত মানুহজন অলপ আচৰিত হ'ল।হাঁহি এটি মাৰি আগুৱাই গ'ল তেওঁ।
Sunday, October 4, 2020
স্নেহাস্পদ
#স্নেহাস্পদ
*মা, সঁচা কথা কোৱাচোন মই তোমালোকৰ সন্তান নহয় নেকি?মোক তোমালোকে ৰাস্তাৰ পৰা বুটলি আনিছা?মোক মোৰ মায়ে পেলাই থৈ গৈছিল ৰাস্তাত?
হঠাৎ অহা প্ৰশ্নটোৱে মালবিকাক প্ৰায় নিশ্চুপ কৰি তুলিলে।জীৱনত এই প্ৰশ্নটোৰ সন্মুখীন হ'ব লাগিব বুলি তেওঁ নজনা নহয়।বাৰে বাৰে নিজে ক'ম বুলি ভবা কথাটোও যে তেওঁলোকে আজিলৈকে ক'ব নোৱাৰিলে।কিমান দিন যে তেওঁলোক প্ৰস্তুত হৈছে কথাবোৰ ক'বলৈ কিন্তু জীয়েকৰ মৰম লগা মুখখনৰ সন্মুখীন হ'লেই তেওঁলোকৰ প্ৰস্তুতিবোৰ অপ্ৰস্তুতি লৈ ৰূপান্তৰিত হয়।কেনেকৈ কয় জন্মৰ দুদিনমান পিছতেই ৰাস্তাত পাই তাইক আপোন কৰি লৈছিল তেওঁলোকে,কেনেকৈ কয় তেওঁলোক যে তাইৰ জন্মদাতা নহয়,কেনেকৈ কয় ন মাহ দহ দিন গৰ্ভত লৈ তেওঁ তাইক জন্ম দিয়া নাই।কিন্তু ক'ত উজাগৰী নিশা তেওঁলোকে মাতৃ দুগ্ধ নোপোৱা শিশুটিৰ কান্দোন ৰখাবলৈ পাৰ কৰিছে।কিমান আপোনজনৰ কটাক্ষ তেওঁলোকে আওকাণ কৰিছে।কেতিয়াবা হয়তো নিজৰ পুত্ৰ দুটাকো অৱহেলা কৰিছে কণমানিজনীৰ আলপৈচান ধৰিবলৈ।তাৰ পিছতো সমাজে ক'লেই জানোঁ তেওঁলোকৰ জীয়াজনী বেলেগৰ হৈ যাব,সমাজেটো কোনোদিন তেওঁলোকক সোধা নাই তাইক কেনেকৈ ডাঙৰ দীঘল কৰিছে,কেনেকৈ লালন পালন কৰিছে,কেৱল সমাজে খোজে প্ৰতি সোঁৱৰাই দিছে পৰিচয় নোহোৱা ছোৱালী জনী নিজৰ কৰি লৈ তেওঁলোকে ভাল নকৰিলে, জাত পাতৰ পৰিচয় নোহোৱা, মাক বাপেকৰ পৰিচয় নোহোৱা ছোৱালীজনীয়ে কেনেকৈ দত্ত বংশৰ সুনাম কঢ়িয়াই আনিব।
এডভকেট শান্তনু দত্ত,মানে সন্মানে,টকাই পইচাই সকলো আছে,মাথোঁ নাই এজনী কন্যা সন্তান।পাঁচটাকে ককাই ভাইৰ মাজত ডাঙৰ হোৱা দত্তৰ মন যায় বাই-ভনীৰ মৰম পাবলৈ।সেয়ে তেওঁ সেই সপোন ৰচে নিজৰ জীৱনত।পত্নী মালবিকা প্ৰথম গৰ্ভৱতী হোৱাৰ দিনৰ পৰাই অন্তৰৰে বিচাৰিছিল তেওঁ এজনী পৰী অহাৰ সপোন।
কিন্তু বিধাতাই নিদিলে তেওঁক সেই সৌভাগ্যৰ গৰাকী হ'বলৈ।দ্বিতীয় বাৰ মালবিকা গৰ্ভৱতী হোৱাৰ সময়তো তেওঁ মনে প্ৰাণে সাজু হৈছিল লখিমীক আদৰিবলৈ।কিন্তু কণা বিধাতাই সেইবাৰো তেওঁৰ সপোন চাৰখাৰ কৰি পেলালে।অৱশেষত পৰীৰ সপোন দেখা শান্তনু দত্তই পুত্ৰ সন্তান কেইটাৰ মাজতে সুখ ল'বলৈ শিকিলে।তথাপিও মনৰ মাজত সেই কল্পনাৰ পৰীজনী যেন সদায়েই থাকিল।
ছোৱালী নথকা বংশটোত সকলোৰে একপ্ৰকাৰ অবাধ্য হৈয়েই শান্তনু দত্তই আলিটোত পৰি থকা কন্যা শিশুটি বুকুৰ আপোন কৰি লৈছিল।মাক-দেউতাক, ককাই-ভাই,ওচৰ চুবুৰীয়াৰ হাজাৰ বাধা,কটু মন্তব্য, সমালোচনাক আওকাণ কৰি তেওঁ আৰু পত্নী মালবিকাই তাইক মৰমৰে উপচাই দিছিল।
নানা জনৰ নানা মত।কোনোৱে কয়
*জাত-পাতৰ বিচাৰ নাইকিয়া কাৰ সন্তান থিক নাই, পিছলৈ তোৰ মান সন্মান সকলো নিব।
কোনোৱে কয়
*পিছলৈ যেতিয়া গম পাব তহঁত তাইৰ প্ৰকৃত পিতৃ মাতৃ নহয়,তেতিয়া তহঁতক এৰি থৈ যাব আৰু এনেকুৱা ছোৱালীক পিছলৈ বিয়া কৰাব কোনে?
কোনোৱে কয়
*মাক বাপেকৰ পৰিচয় নাইকিয়া ভৱিষ্যতে বা কি কৰে কোনে জানে,মাকৰ দৰেই যদি চৰিত্ৰহীনা হয়।
এনে বহু কটু মন্তব্যক একাষৰীয়া কৰি শান্তনু দত্তই কণমানিজনীক নাম দিছিল জীয়া দত্ত।কণমানি আঙুলিকেইটাই যেন তেওঁৰ আঙুলিত পৰম প্ৰত্যয়ৰে ধৰিছিল,কলাকলকৈ বাঢ়ি অহা তাইৰ কলকলনিবোৰ শান্তনু দত্তৰ হৃদয়ত সুৰ হৈ প্ৰৱাহিত হৈছিল আৰু যেতিয়াই তাই অফিচৰ পৰা অহাৰ পিছত দুহাত মেলি তেওঁৰ ওচৰলৈ দৌৰি গৈছিল দত্তৰ সুখবোৰ যেন প্লাবিত হৈ পৰিছিল।সুখী আছিল দত্ত জীয়াৰ জীয়া জীয়া ধেমালিবোৰ জী উঠি, এখুজি,দুখুজি তাইৰ থোপোক থাপাক খোজৰ ছন্দত তেওঁ আপোন পাহৰা হৈ উঠিছিল।ল'ৰা দুটায়ো ভনীয়েকৰ লগত খেলি ভাল পাইছিল।সিহঁতৰ মৰমৰ ভনীয়েকৰ সকলো আব্দাৰ যেন ককায়েক হিচাপে সিহঁতে পালন কৰাটো দায়িত্ববোধত পৰিছিল।
ল'ৰা ছোৱালী তিনিটাৰ ধেমালিবোৰে দত্তৰ আৱাস মুখৰিত কৰি ৰাখিছিল।লাহে লাহে জীয়া ডাঙৰ হৈছিল।সম্পৰ্কবোৰ বুজি উঠিছিল।কিন্তু দত্তই বা মালবিকাই অনুভৱ কৰে মানুহবোৰে তেতিয়াও যেন জীয়াক সহজে গ্ৰহণ কৰি ল'ব পৰা নাছিল।বিয়াই সবাহে ল'ৰা দুটাক দত্তৰ ল'ৰা বুলি যিমান আদৰ কৰে সেই আদৰ যেন জীয়াৰ প্ৰতি নাথাকে।ছল পালেই যেন তেওঁলোকে কৈ উঠিব 'তুমি দত্তৰ নিজৰ সন্তান নহয় নহয়।'আনহে নালাগে নিজৰ বৰটাৱক,খুৰাৱক, ককাৱক,আইতাকো যেন ইয়াৰ বিপৰীত নহয়।কেৱল শান্তনু দত্তৰ ভয়তহে তেওঁলোকৰ মুখৰ পৰা আজিলৈকে এই সত্যটো ওলোৱা নাই।পৰাপক্ষত জীয়াক তেওঁলোকে অকলে ক'তো যাবলৈ নিদিয়েই।হয় ককায়েকহঁতৰ লগত নহয় মাক দেউতাকৰ লগতে তাই ফুৰিবলৈ যায়।
হঠাৎ এদিন জীয়াই স্কুলৰ পৰা আহি মাকক সুধে
*মা মই তোমাৰ নিজৰ ছোৱালী নহয় নেকি?
আকাশখন ভাঙি পৰে মালবিকাৰ কি কয় এই ছোৱালীজনীয়ে,ক'ত কি শুনি আহিলে তাই?ভয়টো লুকুৱাই ৰাখি তাইৰ স্কুলৰ বেগটো টেবুলত থৈ বিচনাখনত বহুৱাই বুকুৰ মাজত সোমোৱাই লয় জীয়াক।কেনেকৈ কয় সঁচা কথাটো আৰু কোনোবাই ক'লে বুলিয়েই জানোঁ জীয়াজনী তেওঁৰ সন্তান নোহোৱা হৈ যাব ।
*মোক এটা কথা কোৱাছোন জীয়ামা, মই তোমাৰ মা হয় নে নহয়?তোমাক মই মাৰ দৰে মৰম কৰা নাই নেকি?
*কিয় তেনেকৈ কৈছা মা,তুমি মোৰ মা নহ'লে আৰু নো কোন হ'ব?
*তেতিয়া হ'লে আজিৰ পৰা এনে কথা মোক নুসুধিবা।তুমি মোৰ ছোৱালী হয়নে নহয় এই কথা কি আমাক বেলেগে ক'লেহে মানি ল'ম নেকি?মোৰ অন্তৰত তুমি মোৰ জী হৈ আৰু তোমাৰ অন্তৰত মই তোমাৰ মা হৈ জীয়াই আছোঁ।অন্তৰৰে যদি আমি আমাৰ সম্পৰ্কত সুখী হৈ আছোঁ তেন্তে ইয়াত অন্যৰ স্বীকৃতি কিয়?এইয়াই চিৰন্তন সত্য।তুমি মোৰ জীয়া,আমাৰ জীয়া।
মাকৰ কথাবোৰ জীয়াই তন্ময় হৈ শুনিছিল।লগৰবোৰে কোৱা কথাবোৰ মিছা বুলি তাই মানি লৈছিল।দত্তৰ লগত আলোচনা কৰি মালবিকাই বহু বাৰ সঁচা কথাবোৰ কৈ দিয়াৰ সিদ্ধান্তও লৈছিল।কিন্তু তাইৰ নিষ্পাপ মুখখন দেখিলেই তেওঁলোক বাকৰুদ্ধ হৈ পৰিছিল।
চাওঁতে চাওঁতে জীয়াজনী ডাঙৰ হৈ আহিল।জীয়াই নব্বৈ শতাংশ নম্বৰৰে মেট্ৰিক পাছ কৰিলে।ককায়েকহঁতৰ মেট্ৰিকৰ ৰিজাল্টতকৈ তাইৰ ৰিজাল্ট বেছি ভালহে হ'ল।শান্তনু দত্তৰ মুখত সেইকেইদিন এক সন্তুষ্টিৰ হাঁহি,গৌৰৱৰ হাঁহি দেখা পোৱা গ'ল।এইয়া যেন সেই সকলৰ মুখত এক প্ৰচণ্ড চৰ আছিল যিসকলে জীয়াক লৈ নানা বাক্যবাণ নিক্ষেপ কৰিছিল।
জীয়াক কটনলৈকে পঢ়িবলৈ পঠিওৱাৰ কথা মালবিকাই এদিন শান্তনু দত্তক কয়।ভয় লাগে মালবিকাৰ ইয়াত থাকিলে কোন দিনা বা তাইক কোনে কি কথা লগায়।দত্তৰ জীয়েকক দূৰলৈ পঠোৱাৰ কথা শুনি অন্তৰখন কঁপি উঠে।কিমাননো ডাঙৰ হৈছে তাই, ষোল্ল বছৰ হৈছেহৈ,ভালকৈ ভাতকেইটাও ৰান্ধিব জনা হোৱা নাই, তাইকনো কেনেকৈ গুৱাহাটী হেন চহৰত অকলে পঠিয়াই।তেওঁৰ চকুৰ সন্মুখৰ পৰা জীয়াক দূৰলৈ পঠোৱাৰ কথা তেওঁ যে কল্পনাই কৰিব নোৱাৰে। কবিতা কবিতা লগা তাইৰ কথাবোৰ আৰু পৰী পৰী লগা তাইৰ সৌন্দৰ্য্যই সকলোৰে নিমিষতে দৃষ্টি আকৰ্ষণ কৰে।গাখীৰ যেন বগা ছোৱালী জনীৰ সেন্দুৰ হেন ৰঙা তাইৰ গাল দুখনীয়ে যেতিয়া সৰল হাঁহিটো মাৰে কাৰনো তাইলৈ দৰদ নালাগিব।ককাললৈকে পৰা চুলিটাৰি এক আদব কায়দাৰে তাই ক্লাচাৰ ব্যৱহাৰ নকৰাকৈ বান্ধি ৰাখে।
তথাপিও এদিন নহয় এদিনটো জীয়াক দূৰলৈ পঠিয়াবই লাগিব, সেইয়া লাগিলে বিয়াৰ আগতেই হওঁক বা পিছতেই হওঁক।মনে নিবিচাৰিলেও বিবেকৰ কথাই তেওঁ শুনিলে।কটনত পঢ়িবৰ বাবে যো যা চলোৱা হ'ল।জীয়াৰো ঘৰ এৰি যাবলৈ মন নাই।ককায়েকহঁত নাথাকেই ঘৰত,এটাই চাকৰি সূত্ৰে বাহিৰত থাকে আৰু এটাই এম.টেক কৰি আছে দিল্লীত,এতিয়া তায়ো গুচি গ'লেযে মাক-দেউতাক একেবাৰে অকলশৰীয়া হৈ যাব।কোনোদিনে মাক দেউতাকক এৰি ক'তো নোযোৱা জীয়া এক প্ৰকাৰ কটনত পঢ়িবলৈ যাবলৈ ভয় লাগিল।তাই গুচি গ'লে যে বিশেষকৈ দেউতাক অকলশৰীয়া হৈ পৰিব তাই বুজে।পুৱাৰ পৰা গধূলিলৈকে ঘৰত থকা সময়খিনি যে তেওঁ মাত্ৰ জীয়েকক দিয়ে তাই ইমান দিনে বুজি উঠিছে।প্ৰকৃতাৰ্থত তাই দেউতাকৰ হৃদয়ৰ ৰাজকুমাৰী।
পৰিয়ালৰ মানুহবোৰৰো লাহে লাহে জীয়াৰ প্ৰতি যেন চিন্তাধাৰাবোৰ অলপ বেলেগ হ'ল।কটনলৈ পঢ়িবলৈ যাব বুলি সকলোৱে তাইক ভাত এসাঁজ খোৱাৰ নিমন্ত্ৰণ দিলে।খুৰাৱকহঁতৰ ঘৰত পাই অহা আদৰ সাদৰৰ কথা জীয়াৰ মুখত শুনি শুনি মালবিকাৰ মনটো সেই কেইদিন বৰ ভাল লাগি থাকিল।হওঁক তেওঁ পৰিয়ালটোৱে তাইক আদৰি লৈছে।আহিবৰ পৰত তাইক ঘড়ী এটাও দি পঠাইছে।তাইৰ বৰ পচণ্ড হৈছে।নহ'বইনো কিয় সৰু সৰু মনবোৰে সৰু সৰু বস্তুবোৰতেইটো সুখ বিচাৰি পায়।বৰটাৱকৰ ঘৰলৈও তাই বৰ আগ্ৰহেৰে গ'ল।ককায়েক দুটা বাহিৰলৈ যোৱাৰ সময়তো এনেদৰেই সকলোৱে নিমন্ত্ৰণ দি এসাঁজ ভাত খাবলৈ নিমন্ত্ৰণ দিয়া তাই দেখিছে।কিন্তু হাঁহি হাঁহি যোৱা ছোৱালীজনী ওভতি আহিল শেঁতা পৰা মুখখন লৈ,এটি প্ৰশ্ন লৈ,হৃদয়ত হাজাৰ ধুমুহা লৈ
*মা, সঁচা কথা কোৱাচোন মই তোমালোকৰ সন্তান নহয় নেকি?মোক তোমালোকে ৰাস্তাৰ পৰা বুটলি আনিছা?মোক মোৰ মায়ে পেলাই থৈ গৈছিল ৰাস্তাত?
মালবিকাৰ আজি ধৈৰ্য্যৰ বান্ধ ছিঙি গৈছিল।কিয় এনেকুৱা কৰিলে তেওঁলোকে।ছোৱালীজনীয়ে কিমান আনন্দৰে গৈছিল বৰমাৱকৰ ঘৰত এসাঁজ খাবলৈ,কিন্তু বিনিময়ত কি দিলে তেওঁলোকে?এসাগৰ চকুপানী,হৃদয় চিৰাচিৰ কৰি তুলা অলেখ প্ৰশ্ন।নাই আজি তেওঁ ক'ব সকলো ক'ব।যদি তেওঁৰ আৰু দত্তৰ মৰম,আদৰ সঁচা হয়।যদি তেওঁলোকে একো ভুল কৰা নাই, তেন্তে জীয়াই উপলব্ধি কৰিব তেওঁলোকৰ মৰম,ভালপোৱা।যি সমাজৰ হাজাৰ বাধাক নেওচি শান্তনু দত্তই জীয়াক আপোন কৰি লৈছিল,সেই সমাজৰ কথা শুনি জীয়া যদি তেওঁলোকৰ পৰা আঁতৰি যায় যাওঁক,তাত তেওঁলোকৰ কোনো আপত্তি নাই।এটি দেৱ শিশুক মৃত্যুৰ দুৱাৰ ডলিৰ পৰা আনি মানুহ কৰিবৰ বাবে যি সৰ্বতো প্ৰচেষ্টা তেওঁলোকে কৰিছিল তাক নেওচি জীয়া আঁতৰি যায় যদি যাওঁক।সকলো ক'লে মালবিকাই সেইদিনা জীয়াক।আৰম্ভণিৰে পৰা দেউতাকৰ মৰম,হেঁপাহ আৰু সমাজক পিঠি দি তাইক আপোন কৰি লোৱাৰ সকলো কথাই ক'লে তেওঁ জীয়াক।জানে তেওঁ জীয়াই কষ্ট পাব,নিজৰ মাক বাপেকে এৰি থৈ যোৱা বুলি জানিলে কোনেনো দুখ নাপাব,স্বাভাৱিকতেই পাব।সেয়ে তেওঁলোকে কওঁ কওঁ বুলিও জীয়াক কথাবোৰ কোৱা নাছিল।জীয়া যাতে হীনমান্যতাত নোভোগে,নিজকে পুতৌৰ দৃষ্টিৰে যাতে নাচায় সেই বাবে তেওঁলোক এই সত্য প্ৰকাশৰ পৰা দূৰত আছিল।
মালবিকাক আচৰিত কৰি জীয়া তেওঁৰ বুকুৰ ভিতৰত সোমাই পৰিল।অলপো কন্দা নাই তাই।মালবিকাৰ ভিতৰি ভিতৰি ভয়টো বাঢ়ি আহিল।জানে তেওঁ জীয়াক সৰু সৰু কথাটে আৱেগিক ছোৱালীজনীৰ কথাই প্ৰতি চকুপানী ওলাই।মাকৰ মৰম,ককায়েকহঁতৰ প্ৰচ্ছায়াত,দেউতাকৰ আদৰত ডাঙৰ হোৱা জীয়াজনীয়ে নকন্দা দেখি মালবিকাৰ ভয়টো ভিতৰি ভিতৰি বাঢ়ি আহিছে।
*এই কথাখিনি মোক আগতেই কৈ দিয়া হ'লেই মোক কটনলৈ পঠোৱাৰ ব্যৱস্থা কৰিব নালাগে ন?মই কিবা নুবুজো নেকি এই পৃথিৱীত মোৰ মা,পাপা,দাদাহঁততকৈ মৰম কৰা মানুহ আৰু কোনো নাই বুলি।আচলতে, কি জানা মা,মোক যে মোৰ জন্ম দাতাই এৰি থৈ গ'ল,ভালহে কৰিলে নহ'লেনো মই তোমালোকৰ নিচিনা ইমান মৰম কৰা মা পাপা ক'ত পালোঁ হয়।এতিয়া, এইবোৰ বাদ দিয়া আৰু পাপাক ইয়াৰ কলেজৰেই ফৰ্ম এখন আনিবলৈ কোৱা।এই জীয়াক বুটলি আনিছিলা নহয় এতিয়া আৰু এই জীয়া তোমালোকক এৰি সহজে ক'লৈকো নাযায় মিছেছ শান্তনু দত্ত।এতিয়া কিবা আছে যদি দিয়া মোৰ বহুত ভোক লাগিছে।অতীত বুৰঞ্জী শুনি থাকোঁতে থাকোঁতে মোৰ ভাত খুৱাই নহ'ল নহয়।হাঁহি হাঁহি ঢলি পৰে জীয়া মাকৰ গাত।
কিবা এটা বনাই দিবলৈ মালবিকা উঠি আহে।আজি যেন তেওঁ জীয়াৰ অন্নপ্ৰাশন পাতিব,বিধে বিধে তাইৰ ভালপোৱা ব্যঞ্জনবোৰ ৰান্ধিব।উদৰ পূৰাই খাব জীয়াই আৰু মালবিকা আৰু শান্তনু দত্তই পলক নেপেলোৱাকৈ চাব তেওঁলোকৰ জীয়াজনীৰ হাঁহি ভৰা মুখখন।মালবিকাই জানে কিমান যে ভালপাব দত্তই জীয়াৰ এই কথাবোৰ শুনি।মাকতকৈ যে জীয়াৰ প্ৰতি দেউতাকৰ টানটো অলপ বেছি মালবিকায়ো জানে।সঁচাকৈয়ে জীয়া ডাঙৰ হ'ল,নভবাকৈয়ে কেতিয়াবা কিছুমান কথা বৰ সহজ হৈ পৰে যদিহে তাত থাকে সঁচা মৰম আৰু আদৰ।
Wednesday, September 23, 2020
মাটিৰ মানুহ
#সমন্বয়
নতুন ঠাইখনত কাব্যমক থান থিত লগাই মাক যোৱাগৈ কথা।সেয়ে মাকৰ মনটো বৰ এটি থিক নহয়।বিচৰা ধৰণে ঘৰ এটিও ঠাইখনত তেওঁ ল'ৰাটোৰ বাবে নাপালে।সেয়ে অসন্তোষ মনেৰেই তেওঁ উভতি আহিবলৈ পেকিং আৰম্ভ কৰিছে।মালিক লগত নথকা, ছোৱালী আশে পাশে নথকা ঘৰ এটা তেওঁ বিচাৰিছিল।পিছে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি।বিচাৰি বিচাৰি অৱশেষত এনে এটি ঘৰ পালে য'ত মালিকো লগত থাকে আৰু মালিকৰ দুজনী ছোৱালীও।সৰুজনীকলৈ ইমান চিন্তা নাই কিন্তু ডাঙৰজনীয়েহে তেওঁৰ টোপনি হৰণ কৰিছে।দেখাই শুনাই দহজন ডেকাৰ হৃদয় চুই যাব পৰাকৈ ধুনীয়া।ককালৈকে পৰা চুলিকোচাই তাইৰ ৰূপৰ জেউতি দুগুণে বৃদ্ধি কৰিছে।হওতে অৰ্চনা বৰঠাকুৰ তেনে প্ৰকৃতিৰ মানুহ নহয়।কলেজৰ অধ্যাপিকা বৰঠাকুৰ মহিলা সমিতিৰো সক্ৰিয় সদস্যা।সভাই সমিতিয়ে দিয়া তেওঁৰ ভাষণে বহুতো সামাজিক, ঘৰুৱা সমস্যাৰ অন্ত পেলাইছে।তেওঁ নিজেও নিজৰ মনটো সংকীৰ্ণ কৰি ৰখা নাই।সকলো লোককে তেওঁ মৰমৰে আকোঁৱালি লৈছে,সেয়ে অঞ্চলটোৰ তেওঁ এগৰাকী নাম থকা মহিলা।নিজৰ ডাঙৰ জীয়ৰী কাব্যাকো সমাজৰ বাধা নামানি মনে বিচৰা ধৰণে আমেৰিকাৰ তাইৰ প্ৰেমিকৰ লগত বিয়া দিছে। কাব্যমৰ ক্ষেত্ৰতো তেওঁৰ কোনো বাধা নাই।মনে যিজনী ছোৱালীকে বিচাৰে সি আনিব পাৰিব বুলিও তেওঁ কৈ থৈছে।কিন্তু নতুন ঠাইখনত ল'ৰাটোক অকলে এৰিবলৈহে তেওঁৰ মন যোৱা নাই।
কাব্যম,দেখিলেই প্ৰতিজনী ছোৱালীৰ হৃদয়ত আলোড়ণ সৃষ্টি কৰিব পৰা এটি নাম।এগ্ৰিকালচাৰ পাছ কৰি নতুন ঠাইখনত কৃষি বিষয়া হিচাপে তেওঁ যোগদান কৰিছে।নতুন ঠাই, নতুন পৰিবেশত তাক মিলি যাবলৈ বেছি দিন নালাগিল।মাক যোৱাৰ পিছত ভাত চাহ ৰান্ধি খাবলৈ শিকিলে।নতুন মানুহবোৰৰ লগত কাম কৰিবলৈও তাৰ বেয়া লগা নাই।কেৱল সুদেমশ্ৰীক দেখিলেহে তাৰ হৃদয়ত সুৰসঙ্গমৰ সৃষ্টি হয়।তাইৰ যেন চকুলৈ চাব নোৱাৰে সি।চকুৱে চকুৱে পৰিলেই লগে লগে নমাই আনে সি তাৰ চকুযুৰি।লাহে লাহে মন কৰে সি তায়ো যেন চকুৱে চকুৱে চকুৱে পৰিলে লাজ লাজ অনুভৱ কৰে।
সময় বাগৰে।ঠাইখন লাহে লাহে কাব্যমৰ আপোন আপোন লাগে আৰু সুদেমশ্ৰী।নজনাকৈয়ে আপোন হৈ পৰে তাৰ, তাৰ প্ৰতিটো সুখ দুখৰ বাৰ্তা নিদিলে যে সি শান্তি নাপায় আৰু তাই ,নিজৰাৰ পৰা বৈ অহা পানীৰ জিৰজিৰ শব্দৰ দৰে অনৰ্গল তাইৰ কথা।শুনিলে শুনি থাকিবলৈ মন যোৱা আমনি নলগা তাইৰ কথা।এয়ে হয়তো প্ৰেম যিজনৰ প্ৰতিটো কথাই গীত হৈ প্ৰবাহিত হয় সিৰাই সিৰাই।প্ৰথম প্ৰথম ভাৰাতীয়া হিচাপে দৰকাৰী এটা দুটা কথা পতাই পিছলৈ ঘৰত মাক দেউতাক নাথাকিল সেই সময় ঘন্টালৈ অতিক্ৰম কৰে।দেখা দেখি হ'লে চকুৱে চকুৱে আজিকালি সিহঁতে কথা পাতে আৰু ফোনত কাব্যমে বুজাই নুবুজাই তাই কথা কয়।ভাল লাগে কাব্যমৰ তাইৰ সহজ সৰল কথাবোৰ,বেৰীয়া দাঁতৰ মাজেদি নিগৰি অহা তাইৰ হাঁহিটো,দখনা পিন্ধি কিচকিচীয়া ক'লা তাইৰ দীঘল চুলিটাৰিয়ে যেতিয়া নৃত্য কৰে তাৰ যে সেই ভাল লগাবোৰে কবিতাৰ ৰূপ লয়।পুৱাই সিজু গছজোপাৰ তলখন মচি চাকি বন্তি জ্বলাই বাথৌ ব্ৰাইক সেৱা কৰা সুদেমশ্ৰীক দেখিলে কাব্যমৰ মাকলৈ মনত পৰে।মাকেওটো এনেদৰে পুৱা-গধূলি তুলসী গছৰ তলত চাকি জ্বলাই।কিন্তু কওঁ কওঁ বুলিও সি যে সুদেমশ্ৰীক ক'ব পৰা নাই তাৰ মনৰ কথাবোৰ।কিবা এক লাজ,ভয়,শংকাই মুখৰ আগত থকা কথাকেইটা প্ৰকাশ কৰিবলৈ বাধা দিয়ে।কিন্তু দুয়োটাই বুজে দুয়োৰে মনৰ কথাবোৰ, দুয়োৰে হৃদয়ত অংকুৰিত হোৱা প্ৰেমৰ মিঠা মিঠা অনুভৱবোৰ ।
চাকৰি জইন কৰাৰ পিছত ঘৰলৈ কাব্যম গ'লেও তাৰ মনটো যেন বাৰে বাৰে সুদেমশ্ৰীৰ ওচৰলৈকে উৰা মাৰে।কাতি বিহু, মাঘ বিহু, পূজাৰ বন্ধত সি ঘৰলৈ নোযোৱাকৈ থকা নাই।কিন্তু সেইবাৰ বহাগৰ বিহুতহে সি ঘৰলৈ যাব নোৱাৰিলে।ইলেকচনৰ ডিউটি পৰাত সেইবাৰ সি ভাড়াঘৰতে থাকিব লগা হ'ল।ইফালে মাকৰ কান্দি কাটি অৱস্থা নাই।বছৰেকৰ বহাগৰ বিহুটোতনো ল'ৰাটোক এৰি কেনেকৈ ভাতসাজ খায়।তলা বন্ধ কৰি নিজেও গুচি আহিব নোৱাৰে,তাতে কাব্যমৰ দেউতাকো অসুস্থ।বিহু বুলি কাব্যমৰ এইবাৰ পিঠা পনাৰ সোৱাদ লোৱা নহ'ব বুলি ভাবোতেই আগদিনাই সুদেমশ্ৰী আৰু মাকে আহি তাক তিলপিঠা,নাৰিকলৰ লাৰু,তেলপিঠাৰে 'মানসি দোমাহী'ৰ(মানুহ বিহু)বৈছাগুৰ নিমন্ত্ৰণ দি থৈ যায়।এইকেইদিন সুদেমশ্ৰীৰ মুখৰ হাঁহিটো নুগুচাই হৈছে।মনৰ মানুহজনক হেঁপাহৰ বৈছাগুত কাষতে পাই তাইৰ গা সাতখন আঠখন হৈ আছে।তাঁতৰ শালত কাব্যমৰ বাবে বৈছাগুত দিবলৈ আৰনাই বৈছে।কি ৰঙে সোৱাব তাক কল্পনা কৰি কৰি ৰঙা আৰনাই খনত প্ৰেমৰ বুটা বাছিছে।
কাব্যমৰ বিহুৰ দিনকেইদিনো আজৰি নাই।ইলেকচন ডিউটি কৰি আবেলি সময়ত ঘৰ সোমাইহি।বহাগৰ এক তাৰিখতো সি ডিউটি কৰিব লগা হৈছে।বৈছাগু বুলি সেইদিনা সোনকালে ৰুমলৈ ওভতি আহে।দুপৰীয়া বৈছাগুৰ নিমন্ত্ৰণ আছে তাৰ।আগদিনাই সুদেমশ্ৰীয়ে তাক সুধে
*আদা,(দাদা)তই পিছে অমাবেদ(গাহৰি) খাবিনে নাই?আমি আকৌ বৈছাগুত জৌ বিদৈৰ(আপং) লগত অমাবেদ খাওঁৱেই।
কিছুমান শব্দৰ সৈতে আজিকালি কাব্যমৰ নতুন চিনাকি হৈছে।প্ৰথম প্ৰথম বুজিবলৈ অসুবিধা হৈছিল যদিও লাহে লাহে সি কথাবোৰ, ভাষাটো অলপ চলপ বুজি উঠিছে।ক'বলৈও দুই এটা শিকিছে।কোনোৱে যদি তাক সুধে 'মা খবৰ?'(কি খবৰ) সিও সুন্দৰ ভাৱে উত্তৰ দিয়ে 'মৈজাং মৈজাং'(ভাল ভাল)।
*হেই নাই নাই নাখাওঁ।মায়ে জানিলে কাটিব।
*তোৰ আই ইমান ডেঞ্জাৰ নে,নিজৰ ল'ৰাটোকো কাটিব ।
কাব্যমৰ হাঁহি উঠে সুদেমশ্ৰীৰ কথাত।ধেমালিতে কোৱা কথা কিছুমান তাই বুজিবলৈ দেৰি লাগে।মিচিকিয়া হাঁহিটো মাৰি সি ভিতৰলৈ সোমাই যায়।
কৰ্মৰ তাগিদাত কাব্যম প্ৰায়েই গাঁৱৰ খেতিয়কসকলৰ ঘৰলৈ যায়।সকলোৰে ঘৰত বা বিয়াই সবাহে তেওঁলোকে অন্যান্য খাদ্যৰ লগতে ঘৰতে প্ৰস্তুত কৰা জৌ বিদৈ খাবলৈ দিয়ে।তেওঁলোকৰ ল'ৰা,ছোৱালীৰ পৰা সকলোৱে এইবিধ পানীয়ৰ সোৱাদ লয়।লগৰ কেইজনে খাই যদিও সি আজিলৈকে মুখত দি পোৱা নাই।
বৈছাগুৰ দিনা ডিউটিৰ পৰা আহি সি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সুদেমশ্ৰীৰ ঘৰলৈ যায়।কেইবাজনো মানুহ সিহঁতৰ চ'ৰা ঘৰত বহি থাকে।সুদেমশ্ৰী আৰু ভনীয়েক স্বদমশ্ৰীয়ে আহি ডাঙৰ কেইজনক সেৱা জনাই সকলোকে আৰনাই উপহাৰ দিয়ে।সুদেমশ্ৰীয়ে মৰমেৰে বনোৱা আৰনাইখন মিচিকিয়া হাঁহিটো মাৰি কাব্যমক দিলে।সকলোৱে বৈছাগুৰ পিঠা পনা খাই।সকলো ল'ৰা ছোৱালী মিলি বৈছাগুত সিহঁতেও গীত গায় নৃত্য কৰে।
*ব'ল আদা আমি গাঁৱত যাওঁ।তইটো আমাৰ বৈছাগু দেখাই নাই আজি চাই ল'বি---স্বদমে কয়।
তাকে শুনি সুদেমশ্ৰীৰ দেউতাকে কয়
* যা যা চেংৰা(ল'ৰা) ঘৰলৈ যাবলৈয়ে নাপালি,আমাৰ বিহুকে চাই আহ।
ওলাই যায় তিনিওটা, নতুনকৈ বৈছাগু বুলি লোৱা দখনা,জৈমগ্ৰা পিন্ধি দুই বাই-ভনীৰে সৈতে কাব্যম ওলাই যায়।চাৰিআলিটোৰ আঁহত গছজোপাৰ তলত গাঁৱৰ ডেকা গাভৰু লগ হয়।কাব্যমে অলপ অসহজো অনুভৱ কৰে।সুদেমশ্ৰী, স্বদমৰ বাদে সি যে ঠাইখনৰ কাকো আজিলৈকে মাতি পোৱাই নাই।দুই এটা ল'ৰাক হাঁহিৰে সম্ভাষণ জনোৱাৰ বাদে সি যে কাকো মাতিয়েই পোৱা নাই।তথাপিও তাৰ এই সময়খিনি ভাল লাগে।তাৰ মনৰ মানুহজনী যে তাৰ কাষত আছে।বসন্তৰ বা কাব্যমৰ মনে প্ৰাণে বলিছে।সকলোৱে মিলি বৈছাগুৰ গীত গাইছে,বাগৰুম্বা নাচিছে।কাব্যমে হাতত লৈ থকা আৰনাইখন এপাকত সুদেমশ্ৰীয়ে নাচি নাচি তাৰ ডিঙিত আৰি দিয়ে।উসঃ কি সুবাস এই বসন্তৰ,কি নাম এই প্ৰেমৰ,কি ৰাগ এই মৰমৰ।নোকোৱাকৈয়ে যি বুজিব পাৰি।
*ব'ল আদা আমি সৈ নৈটোৰ পাৰতে যাওঁ।
দুয়ো আগবাঢ়ে নৈৰ পাৰলৈ।তাইৰ অসমীয়া শুনি কাব্যমৰ হাঁহিও উঠে মাজে মাজে।তথাপিও সি একো নকয়।সিহঁতে যে নিজৰ ভাষাটোৰ উপৰিও অসমীয়াটো ক'ব পাৰে সেইয়াই ডাঙৰ কথা।সি টো অসমীয়া, ইংৰাজী, হিন্দীৰ বাহিৰে বেলেগ ভাষা শিকিব লাগে বুলি ভবাই নাছিলে।দুয়োটা গৈ নৈখনৰ পাৰত বহে।আবেলিৰ বহাগৰ সুগন্ধি কাব্যমে যেন প্ৰাণ ভৰি উপভোগ কৰিব।সুদেমশ্ৰীৰ উপস্থিতিয়ে যে তাক বেছি আৱেগিক কৰি তুলিছে।মন যে তাৰ আজি চঞ্চল হৈ পৰিছে, প্ৰেম যে তাৰ উথলি উঠিছে। সুদেমশ্ৰীৰো বাৰু এনে হৈছে নেকি মনে মনে ভাবে কাব্যমে।কোনো দিন বিহু নাচি নোপোৱা কাব্যমৰ আজি যেন সুদেমশ্ৰীৰ লগত বাগৰুম্বা নাচিব, তাইৰ চুলিখিনিত কপৌ ফুল গুজি দিব আৰু হাতত লোৱা জেতুকাৰ সুগন্ধ যেন সি চকু মুদি ল'ব।কল্পনাবোৰে যে তাক বেছি আৱেগিক কৰি তুলিছে।হঠাৎ কৈ উঠিল সি
*সুদেম ,তোমাক এটা কথা ক'বলৈ আছে।
*ক আকৌ।
*আই লাভ ইউ সুদেম,আই লাভ ইউ ভেৰি মাচ্ছ।
*কি ক'ব তই আদা তোৰ আয়ে জানো মোক মৰম কৰিব?
কথাবোৰ যে কাব্যমে চিন্তাই কৰা নাছিল।সি ভাল পায় সুদেমশ্ৰীক,ঘৰে কি ক'ব,মাকে কি ক'ব সি যে চিন্তাই কৰা নাই।প্ৰকৃততে চিন্তা কৰিব লগা কথা বুলি সি ভবাই নাই।কাৰণ বায়েকৰ বিয়াৰ সময়তেই মাকৰ বহল মনটোৰ পৰিচয় সি পাই থৈছে।বিদেশী ল'ৰা এটাক জোঁৱাই কৰি আদৰি ল'ব পাৰিছে যেতিয়া সুদেমশ্ৰীক আঁকোৱালি নোলোৱাৰ সি কাৰণেই দেখা নাই।
*মাৰ চিন্তা তুমি কৰিব নালাগে।মাক মই বুজাম,মাথোঁ তুমি কোৱা তুমি মোক ভাল পোৱানে?মোৰ লগত বিয়া হ'বানে?
*আফাক(দেউতা)সুধিবি তই,আফাই যদি দিয়ে মই হ'ম ।
*আৰু যদি আফাই নিদিয়ে তেতিয়া নোহোৱা।
একো নকয় তাই, মাথোঁ বোঁৱতী নৈ খনলৈ চাই ৰয়।অস্তমিত সূৰুযৰ আভাই দুয়োটাকে ৰহণ বুলাই গ'ল।কুলি, কেতেকীৰ মাতে পৰিবেশটো যেন আৰু ৰোমাঞ্চিত কৰি তুলিলে।
*নক'লা একো তুমি ,তুমি তেন্তে মোক ভাল নোপোৱা?
*পাওঁ, পাওঁ ,কিন্তু আফাই নিদিলে মই যে পলাই যাব নোৱাৰোঁ।
*তোমাকনো কোনে পলাই যাব কৈছে,আফাক আমি বুজাম তেওঁ নিশ্চয় বুজিব।কিন্তু তাৰ আগতে তুমি মোক সঁচাকে কোৱা ভাল পোৱানে নাই?
*আংবৈ থ নৈংখৌ জৈবৈদ মৈজাং মৈনৈ ।পাওঁ ,মই তোক বহুত ভাল পাওঁ, বহুত।
*থিক আছে তেন্তে আজিৰ পৰা তুমি মোক কাব্য বুলি মাতিবা,আদা নহয়।
*কাব......ব......ই....,ধেই মোৰ নহয়েই, তোৰ নামটো ইমান টান।
*ট্ৰাই কৰিবা পাৰিবা।নহ'লে পিছত আদা মাতিলে মই লাজ পাম।
কাষৰ গাঁৱখনৰ পৰা ঢোল,পেঁপাৰ মাত ভাহি আহে,জনা হ'লে যে কাব্যমে আজি এপাক নাচিয়েই দিলে হয়।চিফুঙৰ মাতে যে আজি দুয়োকে উন্মনা কৰি তুলিছে।কাষ চাপি আহে দুয়ো।মনৰ মাজৰ কথাবোৰ আজি পাৰ ভাঙি ওলাই।সপোন দেখে নৈ খনিক সাক্ষী কৰি দুয়ো ভৱিষ্যতৰ।মৰমবোৰ উথলি উঠে।যৌৱনৰ ৰাগি লাগে,যুৰীয়া জীৱনৰ সপোন ৰচে।
বৈছাগুৰ ৰাতিৰ ভাতসাজ কাব্যমে সুদেমশ্ৰীৰ ঘৰতে খাবলৈ নিমন্ত্ৰণ পালে।প্ৰথম বাৰৰ বাবে সি জৌ বিদৈৰ সোৱাদ ল'লে।আজি যে সি সুখী,সুদেমশ্ৰীয়ে যতনাই দিয়া বৈছাগুৰ ভাত সাজ যে সি পৰম তৃপ্তিৰে খালে,খালে মানে দেউতাকৰ চকুৰ আঁৰে আঁৰে তাইলৈ চাইয়েই ৰ'ল।হেঁপাহ পলোৱাই যেন চাব তাইক।আপঙৰ নিচাইয়ো ধৰিলে তাক,সি যে সেইৰাতি সুদেমশ্ৰীক কইনাৰ সাজতো দেখিলে।দখনাৰ পৰা একেবাৰে হোমৰ গুৰিত পাটৰ সাজত বহি থকা তাৰ কইনাজনী,চাই চাই যেন তাৰ হেঁপাহেই নপলাব।
সুদেমশ্ৰীয়েও কল্পনা কৰে নিজকে কাব্যমৰ পত্নী হোৱাৰ।প্ৰেমৰ সাগৰত এতিয়া দুয়ো উটি ভাহি ফুৰিছে।কাষতে কোনোবাই মাতি থাকিলেও যে তাই গম নাপায়।কাব্যমৰ সপোনত ডুব গৈ থকা সুদেমশ্ৰীয়ে কিমান বাৰ যে মাকৰ পৰা গালি খাইছে।
সময়বোৰ এনেদৰেই পাৰ হয়,পুৱাই উঠি এটাই আনটোক নেদেখিলে সিহঁতৰ যে দিনটো পাৰেই নহয়।আজিকালি সুদেমে কাব্য বুলি ক'ব পৰাও হ'ল।কাব্যমে মাজতে উপহাৰ হিচাপে তাইক চাদৰ মেখেলা এযোৰো দিলে। মাজে মাজে চাদৰ মেখেলাযোৰ পিন্ধি তাই চাই।আইনাখনত নিজকে দেখি লাজ লাজ অনুভৱ কৰে তাই।প্ৰথম পিন্ধি কাব্যমক দেখুৱাই, সি চকুৰে ধুনীয়া লাগিছে বুলি ইঙ্গিত দিয়ে । সুদেমে এদিন কাব্যমক কয়
*আফাই মোলৈ ল'ৰা চাইছে,কাইলৈ চাবলৈ আহিব।আফাৰ চিনাকি, আফাৰ মতে বিয়া তাৰ লগতে দিব,তই কিবা এটা কৰ।
ফোনতে সুদেমশ্ৰীৰ কান্দি কাটি অৱস্থা নাই।কাব্যমৰ হৃদয়েও হাহাকাৰ কৰিলে।ই কেনেকৈ সম্ভৱ, চাবলৈ আহিলেই বিয়া দিব নেকি?সিহঁতৰ ঠাইতটো এনেকুৱা নহয়।তাৰ ঘৰতো সি একো জনোৱা নাই।মাকে ছোৱালী চোৱাৰ কথা ক'লে মাথোঁ সি কথাটো এৰাই চলে।এতিয়া ঘৰত নজনোৱাকৈ সুদেমশ্ৰীৰ ঘৰত ক'বলৈও তাৰ সাহস হোৱা নাই।তাতে তাইৰ দেউতাক ভালত ভাল বেয়াত যমকাল বুলি তায়েই কয়।এতিয়া তাতে সি অকলে আছে ,কি বা কৰে।
তথাপিও ভয়ে ভয়ে গৈ সি সুদেমশ্ৰীৰ ঘৰ ওলাই।নোৱাৰে সি তাইক আনৰ হোৱা দেখিব,দৰকাৰ হ'লে তাক মাৰিয়েই পেলাৱক,তিৰস্কাৰেই কৰক ।সকলো কথা সি সুদেমশ্ৰীৰ দেউতাকক ক'লে।কিন্তু ভবা ধৰণে তেওঁ হুলস্থুল নকৰিলে, খঙো নকৰিলে।মাথোঁ ক'লে
*তহঁতৰ সমাজে জানো আমাৰ এইক আকোঁৱালি ল'ব?সমাজ বাদ দে তোৰ ঘৰখনে মাৰে,দেউতাৰে জানো আকোঁৱালি ল'ব।পিছত যদি এই কষ্ট পায়।
কাব্যমে আশ্বাস দিলে,পৰম বিশ্বাস তাৰ তাৰ ঘৰখনত এইলৈ একো অসুবিধা নহয়।অতি সোনকালে ঘৰত জনোৱাৰ বিশ্বাস দি পৰম শান্তিৰে সি ৰুমলৈ যায়।
পিছদিনাই সি ঘৰলৈ বুলি যায়।পুতেকক হঠাতে দেখি মাক-দেউতাক আচৰিত হয়।তাতোকৈ আচৰিত হয় তাৰ প্ৰেমৰ কথা শুনি।যি টো কথালৈ ভয় কৰিছিল তাকেই হ'ল।মাকৰ মনটোৱে যেন এনে কিবা এটা হোৱাৰ আশংকা আগতেই কৰিছিল।পুতেক জীয়েকক তেঁৱেই স্বাধীনতা দিছে মনে বিচৰা গৰাকীক আপোন কৰি লোৱাৰ আৰু নিৰ্ভয় দিছিল সেই লগৰীক ঘৰখনেও আপোন কৰি লোৱাৰ।কিন্তু কিয় জানো তেওঁ যে সুখী নহয় এই সম্বন্ধত।
নিজকে ৰুমৰ ভিতৰত সোমোৱাই তেওঁ প্ৰশ্ন কৰে কিয় এই সম্পৰ্কত তেওঁ সুখী নহয়।তেওঁৰটো জাত পাত লৈ কোনো দিন বিভেদৰ কথা মনলৈ অনা নাই।সভাই সমিতিয়ে এই জাত পাতৰ বৈষম্যৰ তেওঁ দুৰ্ঘোৰ বিৰোধিতা কৰি আহিছে আৰু নিজকে এনে এটি পৰিস্থিতিৰ বাবে আগৰ পৰাই প্ৰস্তুত কৰি ৰাখিছে।তথাপিও আজি এই মানসিক অন্তদ্বন্দ কিয়?কিয় তেওঁ সুদেমশ্ৰীক বোৱাৰী ৰূপে গ্ৰহণ কৰিব পৰা নাই?কেৱল দখনা পিন্ধাৰ বাবে, সুৰা পান কৰাৰ বাবে নে?
সোমাই আহে কাব্যম ।
*কিয় মা তুমি মানি ল'ব পৰা নাই সুদেমশ্ৰীক।তুমিয়েইটো শিকাইছিলা মানুহ মানুহেই, জাত পাত বুলি একো নাই।দহক সন্মান কৰি,ভাল বেয়া বিচাৰ কৰি নিজকে সংযত কৰি ৰাখিব পৰাজনেই মানুহ আৰু সেই সকলোৰে আমাৰ ঘৰত স্থান আছে ,সেয়েটো তুমি বাৰ পচণ্ডকো মানি লৈছিলা দেউতাৰ আপত্তি স্বত্বেও আৰু এতিয়াটো দেউতাৰো কোনো আপত্তি নাই।নে বাৰ ক্ষেত্ৰত আছিল সেইয়া আভিজাত্যৰ চিন যি এতিয়া তোমাক নিজৰ মাটিৰ মানুহজনীক আকোঁৱালি লোৱাত বাধা দিছে।
ওৰে ৰাতি অৰ্চনা বৰঠাকুৰ সাৰে থাকে।কথাবোৰ ভাবি গুণি তেওঁ যে একো সিদ্ধান্তই ল'ব পৰা নাই।পুৱাই উঠি গোঁসাইৰ ওচৰত চাকি গছি জ্বলাই কাব্য উঠালৈ তেওঁ অপেক্ষা কৰে।লুচি ভাজিৰে ডাইনিং টেবুল ভৰাই দিয়ে লগতে মিঠাই কেইটামানো বনাই।কাব্যমৰ সেইকেইটা প্ৰিয়।গা পা ধুই সকলো টেবুলত বহে।কাব্যমৰ মুখখন গোমা,খাওঁ নাখাওঁকৈ লিৰিকি বিদাৰি আছে সি।মাকে মাত লগাই
* সোনকালে খা আকৌ বজাৰলৈ যাব লাগে।
*কিয়,কিহৰ বজাৰ?
*অ' আই আমি আৰু ছোৱালী চাবলৈ খালী হাতেৰে যাম নেকি?ভাবিছোঁ আঙুঠি এটাকে পিন্ধাই সম্বন্ধটো আৰু দৃঢ় কৰি পেলাওঁ।
হাঁহিৰে উপচি পৰে সকলোৰে মুখবোৰ,এই সময় সুখৰ সময় ।মনৰ খু দুৱনিবোৰৰ অন্ত পৰে,মাকৰ বুকুৰ মাজত সোমাই পৰে কাব্যম যি দৰে সোমাই তাৰ বুকুৰ মাজত সুদেমশ্ৰী।
Tuesday, September 8, 2020
শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম
শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম
ঘৰখনলৈ বোৱাৰী হৈ অহা উপাসনাৰ প্ৰায় এবছৰেই হ'ল।এই এবছৰত বহুত নেদেখা ঠাই দেখিলে,বহু নজনা কথা জানিলে,বহু নকৰা কাম কৰিলে।অভিজ্ঞতাই শিকাই,জীৱন বৃত্তৰ চকৰিটো ঘূৰে,নোকোৱাকৈয়ে থাকি যায় বহু কথা,হৃদয়ত হাজাৰ ধুমুহাই কোবাই গ'লেও সংস্কাৰে বাধা দিয়ে বহু কথা হৃদয়তে ৰাখিবলৈ।
কি নাই ঘৰখনত,ইঞ্জিনীয়াৰ স্বামী,প্ৰফেছৰ শহুৰ শাহু,মেডিকেল পঢ়ি থকা ডাক্তৰ প্ৰকৃতাৰ্থত এখন সুখৰ সংসাৰ,এটি সুখী পৰিয়াল।চালে চকু ৰোৱা কাৰুকাৰ্য খচিত এটি দালান,বৃহৎ আকাৰৰ গেটখনেদি সোমাই আহিলেই মন প্ৰাণ ভৰাই তোলা এখন সুন্দৰ বাগিচা,এখন সৰু সুৰা নাৰ্চাৰীয়েই।দামী দামী বস্তুৰে ভৰি থকা ড্ৰয়িং ৰুমটোৰ একোণত এটি পুথিভঁৰাল।মুঠতে এজন মানুহৰ সোমাইয়েই মোহি নিব পৰা ঘৰখনৰ পৰিবেশ।মাকহঁতৰ মুখত শুনি থকা ঘৰখনৰ কথা তাই বাস্তৱত দেখিছিল যিদিনা ন বোৱাৰীৰ সাজেৰে উপাসনা প্ৰথম ভৰি দিছিল তাইৰ সপোনৰ ঘৰখনত।গাঁওৰ পৰিবেশৰ পৰা চহৰৰ পৰিবেশৰ লগত মিলিবলৈ তাইৰ বেছি সময় নালাগিছিল।শাহুৱেকৰ মৌ বৰষা মাত,শহুৰেকৰ আব্দাৰ,দেৱৰেকৰ বৌ,বৌ কৈ অমুক লাগে তমুক লাগে কৈ পিছে পিছে ঘূৰি ফুৰা স্বভাৱ আৰু স্বামী প্ৰীতমৰ মৰমবোৰৰ মাজত তাই পাহৰি পেলাইছিল তাই যে আন এখন ঘৰৰ ছোৱালী আৰু এতিয়া এইখন ঘৰৰ বোৱাৰী।ভাল লাগিছিল তাইৰ সকলোৰে মৰমবোৰৰ মাজত নিজকে বুৰাই ৰাখি।
বিয়াৰ দুমাহ মানৰ পিছতে উপাসনাৰ জন্মদিন আহিল।বিয়াৰ পিছত তাইৰ নতুন ঘৰখনত প্ৰথম জন্মদিন।নিজৰ ঘৰখনলৈ বৰকৈ মনত পৰে।গাঁওৰ ঘৰত সিহঁতে কমখন উৎপাত কৰে নেকি।যৌথ পৰিয়ালটোৰ প্ৰতিটো ভাই ভনীৰে জন্মদিনত সিহঁতৰ ঘৰত বিষ্ণু পূজা পাতে,পূজাৰ পিছত ওচৰ পাজৰৰ ল'ৰা ছোৱালীকেইটাক মাতি মাক,খুৰীয়েকহঁতে পায়স,লুচী-ঘূগুনীৰে জন্মদিন পালন কৰে।ৰাতিলৈ দেউতাকে ছাগলী মাংস আনে,খুৰীয়েকে বনোৱা মাংসৰ সোৱাদেই বেলেগ, গোটেইকেইটাই পৰম তৃপ্তিৰে ভাতসাজ খায়।পলকতে উৰা মাৰে উপাসনাৰ মনটো মাকহঁতৰ ওচৰলৈ।সেইদিনটোত মাকে তাইক গা ধুবলৈ পানীত গাখীৰ,তুলসী, দূবৰি,তিল,চাউল,ৰূপ,সোণৰ আঙুঠি, তামৰ মুদ্ৰা মিহলি পানী দিয়ে।এইবাৰো মাকে কৈ আছে তাইক বস্তুখিনি নিজে যোগাৰ কৰি ল'বলৈ,পিছে তাইৰ হে লাজ লাগিছে চহৰত ক'তনো তাই তুলসী, দূবৰি বিচাৰিব।তথাপিও এপাকত তুলসী পুলি ক'ৰবাত দেখে নেকি চাই আহিল, পিছে নাই ইমানবোৰ চিনি নোপোৱা ফুলৰ মাজত তাই তুলসী পুলি এটি নেদেখিলে।নিজেও ভাবিলে এতিয়া তাই বিয়া হ'ল যেতিয়া কিছুমান নিয়ম সলাব লাগিব।প্ৰীতমকো তাই এই সম্পৰ্কে একো নক'লে।সেইদিনা ৰাতি বাৰ বজাত সকলোৱে মিলি কেক এটা আনি তাইক চাৰপ্ৰাইজ দিলে।লাজেই লাগিলে তাইৰ, টি ভিত হে দেখিছিল নায়ক নায়িকাই ৰাতি বাৰ বজাত কেক কাটে,নিজে কিন্তু আবেলি পূজা ভঙাৰ পিছত কণমানিকেইটাৰ লগতহে কেক কাটিছিল।তথাপিও কেকটো কাটি সকলোকে খোৱাই প্ৰতিবাৰ প্ৰতিজনক খোৱাওতে ফটোও উঠালে দেৱৰেক পৰাগে।সকলোকে সেৱা এটিও কৰিলে তাই।বেয়া লগা নাই তাইৰ,মানুহবোৰৰ মৰমবোৰ মাত্ৰ অলপ বেলেগ ধৰণৰ।পুৱাই উঠি গোঁসাই ঘৰত চাকিগছি জ্বলাই তাই পাকঘৰত সোমালহি,ইতিমধ্যে শাহুৱেকে পুৱাৰ খানা যোগাৰ কৰিলেই,যিহেতু দেওবাৰ গতিকে সকলোকে পুৱা কৰ্ণফ্লেক্স দিয়া হ'ল।কৰ্ণফ্লেক্সখিনি দেখি তাইৰ মনটো উৰা মাৰিলে আজিৰ দিনটোত মাকে বনোৱা পায়সৰ বাটিটোলৈ।চাহ বনাই থাকোঁতে শাহুৱেকে ক'লে
*আজি তোমাৰ বাৰ্থডে উপলক্ষে এঠাইলৈ যাম ওলাবা।মই সকলো ব্যৱস্থা কৰি থৈছোঁ।প্ৰতিবাৰে ইহঁত দুটাৰ বাৰ্থডেটো আমি যাওঁ আৰু কণমানিকেইটাক কিবা অলপ দি থৈ আহোঁ, এইবাৰৰ পৰা এই লিষ্টত তোমাৰো নাম আহিল।
*কিন্তু কোনফালে যাম মা? তুমি ৰেডী হোৱা আজিৰ দুপৰীয়া সাজ আমি বাহিৰতে খাম আৰু ৰ'বা তোমাৰ বাৰ্থডে গিফ্টটো লোৱা, আজিৰ পৰা আৰু তুমি এই চাদৰ মেখেলা পিন্ধি নাথাকিলেও হ'ব।আজিকালি টাউনৰ আভিজাত্য ঘৰৰ বোৱাৰীয়ে এইবোৰ পিন্ধেই,নিপিন্ধিলেহে মই বৰুৱানী আন্টিহঁতৰ আগত লাজ পাম। মই দেউতাৰাৰ লগত কথা পাতিছো তেওঁৰো কোনো আপত্তি নাই,লোৱা এইটো।
উপাসনাই বৰ আগ্ৰহেৰে উপহাৰটো ল'লে,প্ৰীতমে তাইক তাই ভালপাওঁ বুলি কোৱা ডাঙৰ টেডী বিয়েৰ এটা আনি দিছে,পৰাগে এটা ঘড়ী দিছে আৰু এতিয়া শাহুৱেকৰ পৰা উপহাৰটো পায় তাইৰ মনটো সাতখন আঠখন হ'ল।ৰুমলৈ গৈ তাই পেকেটটো খুলি চাই কেইজোৰমান চেলৱাৰ,মনটো ভৰি গ'ল তাইৰ।চাদৰ মেখেলা পিন্ধি যে তাই বেয়া পাই এনে নহয় কিন্তু ঘৰুৱা কামবোৰ কৰিবলৈ অসুবিধাও নোপোৱা নহয়,এতিয়া যিহেতু শাহুৱেকে নিজেই দিছে তাইৰ পিন্ধিবলৈ অসুবিধা নহ'ব।
শাহুৱেকে কোৱাৰ দৰে গোটেইকেইটা সাজি কাচি যাবলৈ ৰেডী হ'ল।উপাসনাই জোৰোণত দিয়া পাতল সেউজীয়া ৰঙৰ পাটৰ চেটজোৰ পিন্ধি ল'লে।হঠাৎ শাহুৱেক সোমাই আহে
*এই কি পিন্ধিছা এইবোৰ, আমি বিয়া খাব নাযাওঁ নহয়,আশ্ৰমলৈহে যাম আৰু তাৰ পৰা বাহিৰে বাহিৰে ৰেষ্টুৰেন্ট।তাত এইবোৰ পিন্ধিলে একেবাৰে আউটডেটেত লাগিব, তাতে মই বৰুৱা আন্টিহঁতকো মাতিছোঁ, তেওঁলোকৰ আগত নিজকে আউটডেটেত যেন লাগিব হে।খোলা, খোলা, অথনি দিয়া ৰেড কালাৰৰ পাতিয়ালা ড্ৰেছটো পিন্ধা আৰু চুলিখিনি মেলি ল'বা বুজিছা,তোমাক ধুনীয়া দেখাই।
উপাসনাই কথাবোৰ মনতে আওৰাই আকৌ কাপোৰ সলাই।শাহুৱেকে কোৱাৰ দৰে এইবাৰ ওলাই যায়।
*ও এতিয়াহে মোৰ বোৱাৰী যেন লাগিছে, আহা,আহা দেৰিয়েই হৈছে।
উপাসনাই হাঁহি এটা মাৰি গাড়ীত বহে।মাত্ৰ বুজি পোৱা নাই খালী হাতেৰেনো অনাথ আশ্ৰমলৈ কিয়,কেনেকৈ যায়, প্ৰীতমক সুধিবলৈও তাই চান্সেই নাপালে।গাড়ীখন এটা সময়ত গৈ এখন ৰেষ্টুৰেন্টৰ সন্মুখত ৰ'লগৈ।পৰাগ নামি গৈ দুটি ডাঙৰ ডাঙৰ কাৰ্টুন আনি দিকিত ভৰাই দিলে।এইবাৰ উপাসনাই নুসুধি নোৱাৰিলে
*কি আছেনো মা ইয়াত?
*আশ্ৰমৰ ল'ৰা ছোৱালীবোৰৰ বাবে পেকেট লান্স।
উপাসনাই মনতে পাগুলীয়াই থাকিলে পেকেট লান্সত কি থাকিব পাৰে,বইল কণী,পেটিজ,মিঠাই।তাইৰো মন আছিল ঘৰত থাকোঁতে যেতিয়া ফেচবুকত দেখে কোনো কোনোৱে নিজৰ বাৰ্থডে, এনিভাৰছেৰীত পায়স,ভাত,মাংস ৰান্ধি অনাথ আশ্ৰম,বৃদ্ধা আশ্ৰমত আপ্যায়ন কৰে।কিছু দূৰ যোৱাৰ পিছত আশ্ৰমৰ সন্মুখত গাড়ীখন ৰখিল।গোটেই কেইটা নামি গ'ল।ভাগে ভাগে সকলোকে পেকেট লান্স দিয়া হ'ল।শাহুৱেকে তাইকো বিলাবলৈ ক'লে,তেওঁ কেমেৰামেন হ'ল।দুটামান তেওঁ নিজেও দিলে প্ৰীতমক ফটো দুকপি মান তুলিবলৈ দি।বেয়া নালাগিল উপাসনাৰ কণমানিকেইটাৰ লগত সময় পাৰ কৰি।কিন্তু বেয়া লাগিল যেতিয়া সিহঁতে পেকেট লান্সত দিয়া বিৰিয়ানীৰ সোৱাদ ল'বলৈ অসমৰ্থ হ'ল।জলাই, মছলাই গোটেইকেইটাক জোলোকা জোলোকে পানী খোৱালে।আকৌ উপাসনাৰ মনটো উৰা মাৰিলে মাকৰ হাতৰ পায়সৰ বাটিটোলৈ,খুৰীয়েকে বনোৱা মাংসৰ গোন্ধটোলৈ সেইখিনি যদি এই কণমানিকেইটাই পালেহেঁতেন কম তৃপ্তিৰে খালেহেঁতেন নে।
শাহুৱেকৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই।আশ্ৰমৰ পৰা ওলাই সিহঁত এইবাৰ গ'ল ৰেষ্টুৰেন্টলৈ,ইতিমধ্যে বৰুৱা আন্টিহঁত আহি পাইছেহিয়েই।কপালত এটি চুমা আঁকি 'হেপী বাৰ্থডে' বুলি তেওঁ উপাসনাক বাৰ্থডে গিফ্টটো দিয়ে।পৰাগ,প্ৰীতম আৰু শাহুৱেকৰ পচণ্ড অনুসৰি ষ্টাৰ্টাৰ,বিৰিয়ানী,চিকেন প'ক'ৰা,মছালা চিকেন, পনীৰ বাটাৰ মছালা,মটন ৰ'গান জছ,ডিজাৰ্ট আদিৰে টেবুল ভৰি পৰিল,সকলোৱে আনন্দৰে সময়খিনি পাৰ কৰিলে,মাজে মাজে ফটো উঠাৰ কথাটো ক'বই নালাগে।দিনটো তেনেদৰে পাৰ কৰি সন্ধিয়া সিহঁত ঘৰ পায়হি।জিৰণি ল'বলৈ লৈ ফেচবুকটো খুলি দেখে শাহুৱেকৰ প্ৰফাইলৰ পৰা তাইক টেগ কৰি আশ্ৰমৰ,ৰেষ্টুৰেন্টৰ কেইবাখনো ফটো।নিজকে তাইৰ আউটডেটেত যেন লাগিল।দিনটো যিমানেই নহওঁক শাহুৱেকৰ বাবেই তাই ইমান খিনি নতুনৰ মাজত পাৰ কৰিলে তথাপিও তাই সুখী নহয় কিয়,ৰেষ্টুৰেন্টৰ সুস্বাদু ব্যঞ্জনবোৰতকৈ তাইৰ মানসপটত এতিয়াও ভাহি আছে কেৱল এৰি অহা ঘৰখনৰ পায়স আৰু মাংসৰ বাটিটো।শাহুৱেকক ফেচবুকতেই ধন্যবাদেৰে উপচাই পেলালে তাই,শাহুৱেকে যে বাহিৰৰ পৃথিৱীখনৰ লগত খোজ মিলাই আগুৱাব বিচাৰে,মানুহক জনাব বিচাৰে তেওঁৰ আপটোডেট স্বভাৱটোৰ বিষয়ে এইখিনি বুজিছে তাই আজি।
সময় বাগৰে,সময়ৰ বলুকাত এনে বহু অভিজ্ঞতা হ'ল উপাসনাৰ।শাহুৱেকৰ কৰ্ম মহৎ কিন্তু উদ্দেশ্য কেৱল লোক চক্ষুৰ দৃষ্টি গোচৰ হোৱা।চাবলৈ গ'লে তেনেই সহজ কিছু কথা কিন্তু উপাসনাৰ বাবে যেন তাতো থাকে অসহজ কিছু মেৰপাক।প্ৰীতম,পৰাগৰ বাৰ্থডেও তেনেদৰেই পাৰ হ'ল।তাই নিজেই সিহঁতৰ বাৰ্থডেত ৰান্ধি দিম বুলি ক'লে যদিও শাহুৱেক অমান্তি হ'ল।
*ইমান কষ্ট কৰাৰ কি প্ৰয়োজন?ইমানকেইটা ল'ৰা ছোৱালীলৈ তুমি কেনেকৈ বনাবা,নালাগে, নালাগে ইমান কষ্ট কৰিব।ৰেষ্টুৰেন্টৰ পৰাই দি দিম দৰকাৰ হ'লে কিবা চেঞ্জ কৰি দিবা মেনুখন।নহ'লে বোৱাৰীক কষ্ট দিছোঁ বুলি মোক চবেই হাঁহিব।
উপাসনাই জানে এইয়া তেওঁৰ ৰেপুট্যেচন তললৈ যোৱাৰ ভয়ত তেনেকৈ কৈছে।এইবাৰ তাই কেৱল মেনুখন সলাই পেলালে।
চাওঁতে চাওঁতে এবছৰেই হ'লহি।আধুনিকা শাহুৱেকৰ বোৱাৰীজনীৰ মনটোহে আধুনিক হ'বলৈ সময় লাগিল।কোনো ক্ষেত্ৰতে বাধা নিদিয়া,যি মন যায় তাকে কৰিবলৈ দিয়া, ফুৰা চকা,পিন্ধা উৰা সকলোতে প্ৰকৃতাৰ্থত এজনী ছোৱালীৰ দৰেই গ্ৰহণ কৰা শাহুৱেকক তাই কোনো দিনে,কোনো কথাতে সেয়ে ভুল ধৰিবলৈ বেয়া লাগিল,প্ৰকৃততে ভুলো নহয়,মানসিকতাৰ সলনি কৰিবলৈও যেন তাইৰ সাহসে নোকোলাই ।
এনিভাৰছেৰী বুলি তাইতকৈও যেন শাহুৱেকৰহে মন উদুলি মুদুলি।কোনখন ৰেষ্টুৰেন্টত পাৰ্টি দিব,কাক কেনেকৈ মাতিব,কি খোৱাব এইবোৰ এইকেইদিন সিহঁতৰ ঘৰৰ সৰৱ আলোচনা।উপাসনাই এইবাৰ প্ৰীতমক কৈ থৈছে সেইদিনা পুৱাই সিহঁত শুক্ৰেশ্বৰ দেৱালয়লৈ যাব,দেৱালয়ৰ বাহিৰত থকা ভিক্ষাৰীকেইজনলৈ তাই পায়স বনাই লৈ যাব লগতে মিঠাইকেইটামানৰো যোগাৰ কৰিবলৈ ক'লে।আগদিনাই শাহুৱেকক তাই কথাটো ক'লে।
*যাব খুজিছা মই বাধা নিদিওঁ, কিন্তু তোমাৰ কষ্ট হ'ব নেকি?বনাই মেলি মন্দিৰলৈ গৈ আকৌ পাৰ্টিলৈ ৰেডী হ'বলৈ কষ্ট হ'ব নেকি?নাইবা ভিক্ষাৰীকেইজনলৈ মিঠাই, পেটিজকে লৈ যোৱা।এটা কাম কৰা নাইবা মন্দিৰলৈ যোৱা, ভিক্ষাৰীকেইজনক পিছদিনা বনাই মেলি খোৱাবা।মই এনেও ভাবিয়েই আছিলোঁ পাৰ্টিৰ বাহিৰেও বৃদ্ধা আশ্ৰমত কিবা এটা দিয়াৰ কথা।আমাৰ বৰুৱানীহঁতেও দিয়ে নহয়।
*নালাগে মা,মই বৰ শ্ৰদ্ধাৰে আগবঢ়াইছো ,মই পাৰিম।অন্তৰত শ্ৰদ্ধা থাকিলে সকলো কামেই কৰিব পাৰি।শ্ৰদ্ধয়া দেয়ম,অশ্ৰদ্ধয়া অদেয়ম।
বহু কথাই ক'বলৈ আছিল যদিও উপাসনাই একো নক'লে।মানুহগৰাকীও আঁতৰি গ'ল।কেতিয়াবা এষাৰ কথায়েই বহু কথাই কৈ যায়।
সমাপ্ত।
Saturday, September 5, 2020
পৰিপূৰক
পৰিপূৰক
*এই যে তুমি সুধিছা,মই সুখীনে?ইয়াতেইটো আছে এসাগৰ ভালপোৱা আৰু এবুকু মৰম।মোক মই কৰি ৰাখিছা,পাহৰি যাবলৈ নিদিয়াকৈ মোৰ শিল্পী মনটোক জীয়াই ৰাখিছা,নিজে শিল্পী নহ'লেও শিল্পী মনৰ মইজনীক সন্মান দিছা,মনে বিচৰা ধৰণে উৰিবলৈ এখন আকাশ দিছা আৰু ডেউকা ভাঙি যাব নোৱাৰাকৈ মোক পৰম প্ৰত্যয়ৰে আৱৰি ৰাখিছা আৰু ইয়াৰ পিছতো সুধিছা মই সুখীনে?কৈ জানো শেষ কৰিব পাৰিম।
*নহয় মানে তোমাতকৈ মোৰ বয়সৰ ৰেখাডাল বেছি যে সেয়ে মাজে মাজে ভাবোঁ তোমাক তুমি বিচৰা ধৰণে মই ৰাখিব পাৰিছোনে নাই।মোৰ বয়সৰ হিচাপ নিকাচত তোমাৰ মনটোক জীপাল কৰি ৰাখিব পাৰিছোনে নাই?
*পাৰিছা,পাৰিছা।সেয়েটো আজিৰ এই এবছৰীয়া বিবাহ বাৰ্ষিকী কেৱল আমাৰ দুয়োৰে মাজতে সীমাবদ্ধ কৰিব খুজিছো।এই সময় মাথোঁ তোমাৰ আৰু মোৰ।নালাগে মানুহৰ সমাগম,নালাগে সুস্বাদু খাদ্যৰ ব্যঞ্জন,এই সময় হওঁক মাথোঁ তোমাৰ আৰু মোৰ,আমাৰ।
*কিন্তু তুমিটো এনে নাছিলা,আনক খোৱাই,সুখবোৰ দহজনৰ লগত ভগাই ভাল পাইছিলা।তেন্তে,কিয় আজি নিজকে সীমাবদ্ধ কৰি ৰাখিছা।
*নাই ৰখা অ',মাথোঁ এই সময়কণ,এই দিনটো উপভোগ কৰিব খুজিছোঁ।
এবছৰ আগতে এই দিনটোতেই বিবাহৰ পবিত্ৰ বান্ধোনত বান্ধ খাইছিল ৰাগিনী আৰু অনুৰাগ চলিহা।মৰমে নামানে হাজাৰ বাধাৰ প্ৰাচীৰ, মৰমে নামানে বয়সৰ ব্যৱধান।পি.এইচ.ডি কমপ্লিট কৰি ৰাগিনীয়ে চাকৰিত জইন কৰিছিল তাই পঢ়ি যোৱা কলেজখনতে।বহু পৰিৱৰ্তন হৈছিল কলেজখনৰ,ষ্টাফ ৰুমত নতুন নতুন মুখবোৰে ভুমুকি মাৰিছিল।তাইৰ ডিপাৰ্টমেন্টতো নতুন নতুন মুখৰ মানুহবোৰে তাইক আখজা লগাইছিল।তাই জইন কৰাৰ এমাহ মান আগত ট্ৰেন্সফাৰ হৈ আহিছিল সিহঁতৰ ডিপাৰ্টমেন্টলৈকে ডঃ অনুৰাগ চলিহা।দেখাই শুনাই সুঠাম, সুন্দৰ,হাজাৰজনী ছোৱালীৰ তেতিয়াও চালে চাই থাকিবলৈ মন যোৱা চলিহা অবিবাহিত বুলি গম পাই কিন্তু সকলোবোৰ আচৰিত হৈ পৰিছিল।ষ্টাফৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে সকলোৰে মনত খুপনি পোতা প্ৰশ্নটো আছিল,'ছাৰে এতিয়াও কিয় বিয়া পতা নাই?'ৰাগিনীৰ মনতো যে এনে প্ৰশ্নৰ উদয় হোৱা নাছিল এনে নহয়,তায়ো ভাবে কি ঘটিব পাৰে এই মানুহজনৰ জীৱনত,যিয়ে তেওঁক এই সাতচল্লিশ বছৰ বয়সতো অবিবাহিত কৰি ৰাখিলে।কেতিয়াবা মেজৰ ক্লাছত তাইক ষ্টুডেন্টেও সোধে,'মেম,মেম চলিহা ছাৰে এতিয়াও কিয় বিয়া পতা নাই?' সুধিবাচোন ছাৰকে বুলি কৈ তাই প্ৰশ্নটোৰ পৰা আঁতৰি আহে।মনত হাজাৰ প্ৰশ্ন থাকিলেও বহু কথা সোধা নাযায়।
ৰাগিনীয়ে মন কৰে মানুহজন বহু ৰিজাৰ্ভ।তাইকটো সৰু বুলিয়েই কোনো কথাত গুৰুত্বই নিদিয়ে।গুৰু,গম্ভীৰ ভাৱে কলেজলৈ আহে,ডিপাৰ্টমেন্টতো দুই,এটা দৰকাৰী কথা পতাৰ বাহিৰে বেলেগ কথা একো নাপাতে আৰু ভাগো নলয়।মাজে মাজে লাইব্ৰেৰী যায়, কিতাপ পঢ়ে তাত নপঢ়িলেও ডিপাৰ্টমেন্টতে পঢ়ে।ফোন চোনৰ লগতো বেছি সম্পৰ্ক নাই।মুঠতে সাধাৰণ মানুহৰ পৰা কিছু পৃথক এটি জীৱনধাৰা তেওঁৰ।কিন্তু তেওঁ বৰ্তমান সমাজ ব্যৱস্থাৰ ওপৰত বহু লেখা-মেলা কৰে যিয়ে বাতৰি কাকতৰ পৃষ্ঠা ভৰি থাকে।
ৰাগিনীৰ মানুহজন ভালো নালাগে, বেয়াও নালাগে, এই মাজে মধ্যে চলি যোৱা বিধৰ।সাধাৰণতে ৰাগিনীয়ে ডিপাৰ্টমেন্টত নিজেও কিছু শালীনতা বজাই ৰাখে,যিহেতু তাইৰ শিক্ষাগুৰু সকলো তাতেই থাকে।কিন্তু, এদিন ডিপাৰ্টমেন্টত বেলেগ কোনো নথকাত ক্লাছো অফ্ থকাত তাই ইউনিভাৰ্চিটিৰ এৰি অহা লগৰকেইজনীৰ লগত ভিডিঅ' কলত বাৰ্তালাপ কৰে।কথা পাতোতে পাতোতে কোন সময়ত তাইৰ ভলিউম বাঢ়ি গ'ল তাই গমেই নাপায়।
* মিচ ৰাগিনী,এইটো ডিপাৰ্টমেন্ট হয় অলপ মাৰ্জিত ভাৱে কথা পাতক।
প্ৰকৃততে, ৰাগিনীয়ে গমেই নাপালে কোন সময়ত ডঃ চলিহা ডিপাৰ্টমেন্টলৈ আহিছিল।পুৰণি দিনৰ স্মৃতি ৰোমন্থন কৰি কৰি তাই লগৰকেইজনীৰ লগত ইমানেই মছগুল হৈ পৰিছিল যে হাঁহি হাঁহি ক'ব নোৱাৰা হৈছিল।হঠাৎ চলিহাৰ কথাখিনিয়ে তাইৰ খঙটো উঠাই আনিলে।মনতে ভাবিলে, বুঢ়া তই কি বুজিবি বন্ধুত্ব কি?কেৱল কিতাপৰ পোকহে তই।একো নকলে তাই, কিন্তু তেওঁকে জ্বলাবলৈ সেই একেই ধৰণে কথা পাতিলে।কিছু সময়ৰ পিছত তেওঁ নিজেই ওলাই গ'ল ডিপাৰ্টমেন্টৰ পৰা।পিছদিনা তেওঁ নিজেই ৰাগিনীক মাতে
*মিচ ৰাগিনী কালিৰ বাবে Sorry.
*OK,sir বুলি ৰাগিনীয়ে একো নকয় আঁতৰি আহে।
সেইবাৰ কলেজৰ যুৱ মহোৎসৱৰ দায়িত্ব পৰে ৰাগিনী আৰু ডঃ চলিহাৰ ওপৰত।ৰাগিনী এগৰাকী নৃত্য পটিয়সী আছিল,নৃত্য তাইৰ জীৱন আছিল।সদায় পুৱা, আবেলি তাই সত্ৰীয়া, কথকৰ অনুশীলন কৰিছিল।পঢ়ি অহা বিশ্ববিদ্যালয়খনলৈ আকৌ যাবলৈ পাই ৰাগিনী সুখী হৈছিল যদিও লগত চলিহাৰ নামটোৱে তাইৰ আশাত চেঁচা পানী ঢালিলে।ইমান নিৰস মানুহটোকনো কিয় চিলেক্ট কৰিব লাগে,মনে মনে ভাবিলে তাই।যুৱ মহোৎসৱৰ উল্লাস,ব্যস্ততাবোৰৰ মাজত ৰাগিনী পৰিচয় হয় অনুৰাগ চলিহাৰ ভিতৰৰ মানুহজনৰ সৈতে।শিল্পী নহ'লেও ছাত্ৰ ছাত্ৰীসকলক কোন ক্ষেত্ৰত কেনেকৈ আগুৱাই যাব লাগিব, কোনটো দিশ কেনেদৰে পৰিচালনা কৰিব লাগিব এইসকলোবোৰৰে আঁট ধৰিছিল তেওঁ।ছাত্ৰ ছাত্ৰীসকলৰ উপৰিও সেইকেইদিনত ৰাগিনীৰ যাতে কোনোক্ষেত্ৰতে অসুবিধা নহয় সকলো ক্ষেত্ৰতে চকু দিছিল তেওঁ।তাৰ মাজতে ৰাগিনীয়ে মন কৰে ঘনে ঘনে তেওঁ মাকৰ খবৰ লয়।ভাত খালানে,দৰৱ খালানে ইত্যাদি কথাৰে।
*আপোনাৰ ঘৰত কিবা অসুবিধা হৈছে নেকি ছাৰ?
ৰাগিনীয়ে এদিন সোধে
*নাই, নাই একো অসুবিধা নাই।
যুৱ মহোৎসৱৰ পৰা অহাৰ দুদিনৰ পিছত অনুৰাগ চলিহা ঘৰলৈ যায়। HOD ৰ পৰা ৰাগিনীয়ে খবৰটো পায়।অনুৰাগ চলিহাৰ মাকৰ মৃত্যু হৈছে।ৰাগিনীয়ে যেন এনে কিবা এটা হোৱাৰ উমান পাইছিল সেয়ে সেইদিনা তেওঁক ঘৰৰ খবৰ লৈছিল।কিন্তু তেওঁহে ফাঁকি দিলে।কৰিম কৰিম বুলিও তাইৰ খবৰ ল'বলৈ ফোনটো কৰা নহ'ল।প্ৰকৃততে, ডিপাৰ্টমেন্টটো কোনেও নাজানে তেওঁৰ ঘৰত কোন কোন আছে।নিজকে এটি সীমাত সীমাবদ্ধ কৰি ৰখা মানুহজনক আচলতে সকলোৱে তেওঁৰ ব্যক্তিগত জীৱনৰ খবৰ ল'বলৈ সংকুচিত কৰে।সম্পূৰ্ণ পোন্ধৰ দিনৰ পিছত তেওঁ কলেজত জইন কৰে।সেইদিনা ডিপাৰ্টমেন্টত সোমায়েই চলিহা ৰাগিনীৰ চকুৱে চকুৱে পৰে।ৰাগিনীয়ে মাতিবলৈ খোজোতেই তেওঁ ব্যস্ততাৰে নিজৰ টেবুল খুচৰিবলৈ ধৰে।তথাপিও তাই মাতে
*আহিলে ছাৰ, শ্ৰাদ্ধ ভালে ভালে হৈ গ'ল?
*ও,ও হ'ল।
সোধো বুলিয়েই তাই আকৌ সুধিলে
*আপোনাৰ ঘৰত কোন কোন আছে?
এইবাৰ চলিহাই আচৰিত হোৱাৰ দৰে ৰাগিনীলৈ চাই উত্তৰ দিলে
এই প্ৰশ্নটো হয়তো ডিপাৰ্টমেন্টত তেওঁক কোনেও আজিলৈকে কৰাই নাই।
*মা আছিল, এতিয়া ভাই তিনিজন আৰু তেওঁলোকৰ পৰিয়াল, ভনী দুজনী আছিল বিয়া হ'ল।
*ডাঙৰ পৰিয়াল ছাৰ, আপুনি বিয়া কিয় নাই পতা ছাৰ? প্ৰশ্নটো মুখৰ পৰা ওলাল যদিও ৰাগিনীৰ নিজৰেই ভাল নালাগিল।প্ৰশ্নটো সোধাৰ যেন এইয়া উপযুক্ত সময় নাছিল।কিন্তু ৰাগিনীক আচৰিত কৰি চলিহাই উত্তৰ দিলে
* ঘৰৰ জ্যেষ্ঠ হিচাপে দায়িত্ববোৰ পালন কৰোঁতে কৰোঁতে কেতিয়ানো বয়সৰ সীমাৰেখাডাল পাৰ হৈ গ'ল গমেই নাপালোঁ।দেউতাৰ মৃত্যুৰ পিছত ভাই ভনীকেইটাক এই চাকৰিটোৰেই পঢ়াই শুনাই বিয়া দি দায়িত্ব পালন কৰাৰ পিছতহে দেখো নিজলৈ ভাবিবলৈ চোন এতিয়া সময়েই নাই।ছোৱালীৰ প্ৰস্তাব নহা নহয় কিন্তু এতিয়া জানো মোৰ বয়স আছে,সেয়ে সেইবোৰ কথা বাদ দিলোঁ।
*চলমান খানেও বিয়া পতা নাই ছাৰ আৰু কোনো কোনোৱে হয়তো এই বয়সত দুবাৰো বিয়া কৰাইছে।চেইফুক দেখা নাই?
*কোন?
*সেইফ আলী খান।
কথাবোৰ বহলাবলৈকে তাই এই অদৰকাৰী প্ৰসঙ্গ উলিয়াইছে।মানুহজনক জানিবলৈ তাইৰ মন গৈছে, বুজিবলৈ মন গৈছে, কি আছে এই শান্ত সমাহিত মানুহজনৰ অন্তৰত।নিজৰ ভালপোৱা, বেয়াপোৱা বুলি একো নাই নেকি, ভাই ভনীৰ বাবে নিজকে সমৰ্পিত কৰিব পৰা মানুহজনৰ যৌৱনত নাছিল নে কোনো প্ৰেয়সী, নাছিল নে তেওঁৰ কাকো ভাল লগা।আজিকালি প্ৰায়ে ডিপাৰ্টমেন্টত কোনো নথকাৰ সুযোগ লৈ ৰাগিনীয়ে অনুৰাগ চলিহাক ভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে।লাহে লাহে ৰাগিনী তেওঁৰ ভিতৰৰ মানুহ জনৰ লগত চিনাকি হয়।ভাল লগা হয় তাইৰ অনুৰাগক,যিজনক এদিন তাই বুঢ়া বুলি মনতে গালি পাৰিছিল সেইজনক আজিকালি অনুৰাগ বুলি মাতিবলৈ মন যায়, আপোনা আপুনিৰ পৰা তুমি ক'বলৈ মন যায়,মন যায় বহু কিবাকিবি ক'বলৈ,মনৰ কথা পাতিবলৈ।আজিকালি কলেজলৈ সাজিকাচি আহি তাই ভাল পায়,মন কৰে তাই অনুৰাগেও যেন আগতকৈ বহু পৰিপাটীকৈ আহে।ঘৰলৈ গৈও যেন শান্তি নাই, এটা মেছেজ এটা ফোনৰ বাবে তাই অপেক্ষা কৰে,কিন্তু কোনোদিন অনুৰাগে ফোন বা মেছেজ এটা নকৰে।অঞ্চলটোৰ কিছুমান অনুষ্ঠানত এতিয়াও ৰাগিনীক নৃত্য প্ৰদৰ্শনৰ বাবে মাতে।ভাল পায় তাই নৃত্যৰ মাজত নিজকে বিলীন কৰি।এবাৰ তেনে এটি অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ অনুৰাগ চলিহাই নিমন্ত্ৰণ পাইছিল আৰু তাতেই প্ৰথম অনুষ্ঠানটো আছিল ৰাগিনীৰ।কিয় জানো প্ৰথম বাৰৰ বাবে ৰাগিনীৰ মঞ্চত উঠি ভৰি থৰক বৰক কৰিছিল,সন্মুখত যে অনুৰাগ।নৃত্য প্ৰদৰ্শনৰ পিছত ৰাগিনীলৈ অনুৰাগৰ প্ৰথম মেছেজ আহিছিল
*তুমি চোন ধুনীয়া নাচা,গমেই পোৱা নাছিলোঁ।এইবাৰ 'নাক' টিমক তোমাৰ নৃত্য প্ৰদৰ্শন কৰাব লাগিব।
সেইদিনা বহু ৰাতিলৈ দুয়ো মেছেজত কথা পাতিছিল।অনুৰাগৰ প্ৰতি এক বুজাব নোৱাৰা আকৰ্ষণ জন্মিছিল ৰাগিনীৰ।নাজানে তাই এই আকৰ্ষণৰ নাম কি,নিজকে নিজে প্ৰশ্ন কৰে তাই ,তাই বাৰু অনুৰাগৰ প্ৰেমত পৰিছে নেকি?এনেটো হোৱা নাছিল তাইৰ আগতে,এই যে দিনে ৰাতিয়ে,খাওঁতে,শুওঁতে এটা নামেই অহৰহ তাইৰ মন মগজু আৱৰি ৰাখে,কি নাম ইয়াৰ?বিচাৰে নেকি তাই অনুৰাগে তাইক প্ৰেমৰ প্ৰস্তাৱ দিয়ক,বিবাহৰ প্ৰস্তাৱ দিয়ক।বয়সৰ ব্যৱধান থাকিলেও চোন সকলো ক্ষেত্ৰতে তাইক অনুপ্ৰেৰণা দিয়ে অনুৰাগে, কোনো দিন কোনো কথাত বাধা দিয়া বা হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা নাই।
হঠাৎ এদিন ডিপাৰ্টমেন্টৰ অনুৰাধা বাইদেৱে অনুৰাগলৈ ছোৱালী এজনী দেখুৱাই।
*বিয়া পাতা যদি কোৱা মই ধুনীয়া ছোৱালী এজনী চাই থৈছোঁ।
অনুৰাগে হাঁহে।
কথাষাৰ শুনাৰ লগে লগে ৰাগিনী যেন স্থিৰে থাকিব নোৱাৰিলে।তাৰ হাঁহিৰ অৰ্থ বুজিবলৈ তাইৰ অসুবিধা হ'ল।সেইদিনা কোনো এটি ক্লাছত তাই মন বহুৱাব নোৱাৰিলে।অনুৰাগকো ভালদৰে মাতিব পৰা নাই।বাৰে বাৰে মনলৈ এটা কথাই আহে অনুৰাগে বাৰু সেই ছোৱালীজনীক সঁচাকৈয়ে বিয়া পাতিব নেকি?বহু সময় লাইব্ৰেৰীতে কিতাপৰ পৃষ্ঠা লুটিয়াই তাই বহি থাকে।দুদিনমান তাই অনুৰাগৰ লগতেই ঘৰলৈ উভতি গৈছিল কিন্তু আজি যেন তাই অনুৰাগৰ মুখামুখি হ'ব বিচৰা নাই।অকলেই উভতি গ'ল সেইদিনা।পিছদিনাও তাই অনুৰাগলৈ চাব পৰা নাই।মাথোঁ বাইদেউজনী দেখিলে তাই কাণ পাতি ৰয় আকৌ ছোৱালীজনীৰ বিষয়ে কিবা কয় নেকি?অনুৰাগেও তাইক নিজে মতা নাই, তাই এইবাৰ নিশ্চিত হয় যে অনুৰাগ তাইৰ পৰা আঁতৰি যাব বিচাৰিছে।অভিমানী হয় তায়ো,আঁতৰি আহে অনুৰাগৰ সান্নিধ্যৰ পৰা।সেই দুদিন তাইৰ খাবলৈ ববলৈও মন নোযোৱা হয়।কেন্টিনলৈ যায় যদিও খাবলৈ মন নাই বুলি বহি থাকে।ঘৰলৈ গৈও বাৰে বাৰে ফোনটোলৈ চাই কিজানি অনুৰাগৰ মেছেজ, ফোন আহেই, পিছে নাই তাৰ একো খবৰেই নাই।
তৃতীয় দিনা তাই কলেজলৈ সোনকালেই গ'ল।জানে তাই সেইদিনা মেজৰৰ ফাৰ্ষ্ট ক্লাছ অনুৰাগ আৰু তাইৰ থাকে।সময়তকৈ আগতেই গৈ বহি আছে তাই ডিপাৰ্টমেন্টত।কিছু সময়ৰ পিছত অনুৰাগ সোমাই আহে।তাই মূৰ তুলি নাচায়।
*কি হ'ল হে আজিকালি মোক নমতাৰ কিবা পণ চণ কৰিছা নেকি?কিবা জগৰ লগালো নেকি?
উত্তৰ নিদিয়ে তাই, খং এটি উঠি আহে তাইৰ।
*কি হ'ল ৰাগিনী ?বুলি প্ৰথম বাৰৰ বাবে অনুৰাগ তাইৰ কাষৰ চকীখনত বহে।
*একো নাই হোৱা।
*তেন্তে মোৰ প্ৰশ্নৰ উত্তৰ নাই দিয়া কিয়?
*প্ৰয়োজন বোধ কৰা নাই।কথাষাৰ বৰ ৰুক্ষভাৱে ক'লে তাই।
*এৰা মই নো কোন হয়?
উঠি যাব ধৰে অনুৰাগ।ৰাগিনীয়ে বুজে পৰিস্থিতি বেয়াৰ ফালে ঢাল খাইছে।
*আপুনিওটো ছোৱালীৰ খবৰ পোৱাৰ পিছৰ পৰা মোক মতা নাই।
*ক'ৰ ছোৱালী, কি খবৰ?
*অনুৰাধা বাইদেৱে দেখুওৱা ছোৱালী।
হাঁহি দিয়ে অনুৰাগে, সেই প্ৰাণোচ্ছল হাঁহি ৰাগিনীৰ আগতে দেখা মনত নপৰে।
*মোলৈ ছোৱালী এই বয়সত আহিবও লাগিছে নহয়।দেখুৱালেই ছোৱালীয়ে মোক কিবা পচণ্ড কৰিব নেকি?
*কিয় নকৰিব,ময়েই চোন কৰো।
মুখৰ পৰা ওলাই অহা কথাষাৰে ৰাগিনীক লাজ দিলে।দুয়ো ৰুমটোৰ ভিতৰত মৌন হৈ পৰিল।কিছু সময়ৰ পিছত অনুৰাগ ক্লাছলৈ ওলাই গ'ল।ৰাগিনী ক্লাছত থাকিল যদিও হৈ যোৱা ঘটনাটোৱে তাইৰ মনত ক্ৰিয়া কৰি থাকিল।এনেই তাই এইকেইদিন মনোকষ্টত আছিল,অনুৰাগে কথাটোত গুৰুত্বই দিয়া নাছিল, তাইহে বেছি চিন্তা কৰিলে আৰু আজি নোকোৱাকৈ থকা কথাটো কৈ দিলে।কিহে পাইছিল তাইক বাৰু তেনেকৈ ক'বলৈ।অনুৰাগে জানো ভাবে তাইৰ কথা তাই ভবাৰ দৰে,অনুৰাগক দেখিলে তাইৰ হৃদয়ত সপ্তৰাগ সৃষ্টি হোৱাৰ দৰে তাৰ হৃদয়ত জানো সৃষ্টি হয়,ভাবে জানো তাইক কেতিয়াবা নিজৰ কৰি লোৱাৰ কথা যি কথা বৰ্তমান সময়ত তাই শয়নে সপোনে ভাবে।নাই ক'লেই যেতিয়া তাই এই সুবিধা আৰু হেৰুৱাব নোৱাৰে।তাৰ অন্তৰৰ কথা জানিবই লাগিব।ক্লাছৰ পৰা ওলায়েই তাই কেন্টিনলৈ গ'ল।জানে তাই ফাৰ্ষ্ট ক্লাছটো কৰি অনুৰাগে কেন্টিনত একাপ চাহ খায়।তাইৰ বাবেও চাহ একাপৰ অৰ্দাৰ দি তাৰ কাষতে বহিলে তাই।দেখিও নেদেখাৰ ভাও ধৰে সি।জানে তাই পৰিস্থিতি এতিয়া সহজ হৈ থকা নাই, বিশেষকৈ অনুৰাগৰ বাবে।তেওঁৰ নিচিনা এজন ব্যক্তিয়ে কেতিয়াও তেওঁতকৈ বিশ বছৰ সৰু ছোৱালী এজনীক প্ৰেমেই হওঁক বিবাহেই হওঁক প্ৰস্তাৱ দিব নোৱাৰে।
*মই আপোনাক ভাল পাওঁ মানে ভাল পাই পেলাইছোঁ।
*পাগল হৈছা নেকি তুমি, এইয়া অসম্ভৱ তুমি মোতকৈ বিশ বছৰ সৰু,তোমাৰ ঘৰে কি ক'ব,সমাজে কি ক'ব? হাঁহিব সকলোৱে তোমাক।
*তাতে কি হ'ল,আপুনি মোক ভাল নাপায়।যদি মোক আপোনাৰ বাবে যোগ্য নহয় বুলি ভাবিছে তেন্তে থিক আছে মই আঁতৰি যাম।কিন্তু বয়স,সমাজৰ দোহাই দি মোৰ পৰা আঁতৰি নাযাব।
*কিন্তু বয়সে,সময়ে যদি তোমাক মোৰ পৰা আঁতৰাই লৈ যায়?
*ধৰি ৰাখিম এই সময়,এই সময়ক সেই সময়লৈ ৰূপান্তৰিত কৰিম।যদি দুখন হৃদয় বুজন হয়,যদি দুখন হৃদয় এখন আনখনৰ পৰিপূৰক হয় পাৰিব জানো সময়ে তাক বিলীন কৰিব,পাৰিব জানো সময়ে তাক উৰুৱাই নিব।মোৰ বিশ্বাস আমি পাৰিম বয়স,সমাজ আৰু সময়ৰ লগত খোজ মিলাই চলিব মাথোঁ তাৰ বাবে লাগিব এজনৰ আনজনৰ প্ৰতি থকা গভীৰ বিশ্বাস আৰু ভালপোৱা।মানুহে হাঁহিব যদিহে আমি হাঁহিবলৈ দিও।যদি মই সংকোচ কৰোঁ আপোনাৰ পৰিচয় দিবলৈ যদি আপুনি সংকোচ কৰে মোৰ চিনাকি দিবলৈ।লাহে লাহে মানুহে পাহৰি যাব সকলো,ৰৈ যাম মাথোঁ আপুনি আৰু মই।
সেইয়াই আৰম্ভণি সমাজ,পৰিয়ালৰ হাজাৰ বাধাকো নেওচি এক হৈ পৰিছিল ৰাগিনী আৰু অনুৰাগ।মাক,দেউতাকে সমাজৰ হাঁহিয়তৰ পাত্ৰ হোৱাৰ ভয়ত বিয়া নিদোঁ বুলি কোৱাৰ পিছতো জীয়েকৰ স্থিৰ সিদ্ধান্তৰ ওচৰত তল পৰিব লগা হৈছিল।এক হৈ গৈছিল দুটি মন,দুটি প্ৰাণ আৰু দুটি সত্বা।সৰু সৰু কথাতে সুখ বিচাৰি লৈছিল দুয়োটাই।আজিকালি চিঞৰি চিঞৰি কথা পাতিলে,হাঁহিলে অনুৰাগে একো নকয়,মিচিকিয়া হাঁহি এটা মাৰি ওলাই যায় ৰাগিনীৰ বুঢ়াটো।বৰষুণ বেয়া পোৱা অনুৰাগে ৰাগিনীৰ লগত মিলি এতিয়া বৰষুণত তিতি ভাল পোৱা হ'ল।বৰষুণৰ বতৰত আডা দিয়া লাল চাহৰ সৈতে পকৰী প্ৰিয় হ'ল ৰাগিনীৰ।চিকেন পোলাওৰ ৰেচিপিয়ে দেওবৰীয়া এসাজ খোৱাৰ দৰে পইতা ভাতৰ লগত আলু পিটিকা,সৰু মাছৰ ভজা দুয়োৰে প্ৰিয় হৈ পৰিল।মাজে মাজে আবেলিটো পাৰ্কত কটোৱা, বন্ধত লং ড্ৰাইভত যোৱা, কেতিয়াবা ঘৰতে থাকি ন পুৰণি চিনেমা একেলগে উপভোগ কৰা,তাতোকৈ ডাঙৰ কথা ৰাগিনীয়ে নৃত্যৰ অনুশীলন কৰাত,নৃত্যৰ প্ৰদৰ্শন কৰাত অনুৰাগে কোনোদিন বাধা দিয়া নাই।বৰং বিয়াৰ পিছত কলেজত হোৱা অনুষ্ঠানত নাচিবৰ বাবে অনুৰাগেই ৰাগিনীৰ নামটোৰ প্ৰস্তাৱ দিছিল।তাইৰ সৰু ডাঙৰ সকলো সুখ যেন সি আনি দিব,তাইৰ আঁচল পাতি মাথোঁ সামৰিলেই হ'ল।ৰাগিনীয়েও হিচাপ ৰাখে অনুৰাগৰ অভিৰুচি,ভাল লগা,বেয়া লগাবোৰৰ।সুখবোৰ কেৱল এজনেই সামৰিলেই জানো হ'ব যদিহে তাত নাথাকে আনজনৰো সঁহাৰি।কোনে কয় বয়সৰ ব্যৱধানে স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্কত বাধাৰ সৃষ্টি কৰে বুলি পাৰে জানো কৰিব যদিহে তাত থাকে দুখন প্ৰেমময় হৃদয়ৰ বিশালতা।
বিবাহ বাৰ্ষিকীৰ এই মধুৰ দিনটোত ৰাগিনীয়ে নিজ হাতেৰে বনোৱা কেকটো কাটিছে দুয়ো,কাষতে বাজি আছে
প্ৰীতি ভৰা সপোনৰে গাঁথা
চোৱা চোন এবাৰ আহি
তুমি মই এটি হৈ ওমলিম
সোণালী এই পৃথিৱী।
সমাপ্ত।
Sunday, August 16, 2020
ক্ষোদন
* তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।
কথাষাৰ উদিপ্তাৰ আজি আকৌ কাণত বাজিবলৈ ধৰিলে।সঁচাকৈয়ে নিদিলে সি তাইক আনৰ হ'বলৈ।নজনাকৈয়ে তাই আজি সম্পূৰ্ণৰূপে তন্ময় দুৱৰাৰ হৈ পৰিল।যিজনৰ বাবে তাই বিয়াৰ এবছৰেও হৃদয়ত অলপো প্ৰেমৰ অনুভৱ কৰা নাছিল,আজি তেওঁৰ গুলীবিদ্ধ খবৰটোৱে তাইৰ হৃদয় থানবান কৰি পেলাইছে।দৌৰিছে মাথোঁ দৌৰিছে চাৰি মহলীয়া হস্পিতালখনৰ প্ৰতিটো চিৰি তাই দৌৰি দৌৰি অতিক্ৰম কৰিছে আৰু যেতিয়াই গৈ তাই তন্ময়ক অপাৰেচন থিয়েটাৰত সোমোৱাৰ পথত লগ পাইছে তাই কান্দিছে, মাথোঁ কান্দিছে।
*তোমাৰ একো নহয় তন্ময়,তোমাৰ একো নহয়।মোৰ বাবে তুমি ভাল হৈ উঠিব লাগিব, মোৰ বাবে।
সেমেকা হাঁহি এটি মাৰি সি চকুকেইটা জপাই দিছিল।বহি ৰৈছিল তাই বাহিৰত,কি কৰিব কি নকৰিব চিন্তা কৰি।ওচৰতে থকা কৃষ্ণ গোঁসাইৰ মূৰ্তি জনাৰ ওচৰত বহি লৈ তাই কাতৰে মাতিছিল ভগৱন্তক।ইতিমধ্যে তন্ময়ৰ মাকহঁত পাইছিলহি।সাহস আহিছিল তাইৰ তেতিয়াহে।মাকৰ কোলাত মূৰ থৈ হুকহুকাই কান্দি দিছিল।প্ৰিয়জনক হেৰুওৱাৰ ভয় যেন তাই আজিহে উপলব্ধি কৰিছে।যিজন মানুহে যোৱা পাঁচটা বছৰে তাইক প্ৰেম,শাসন,নিৰাপত্তাৰ আৱেষ্টনীৰ মাজত আৱৰি ৰাখিছিল সেইজনৰ প্ৰতি উদিপ্তাৰ হৃদয়ত কেতিয়াও প্ৰেম অনুভৱ হোৱা নাছিল।জেদী হৈ পৰিছিল তাই বাধ্যত পৰি বিয়া হৈছিল যদিও কোনোদিন তন্ময়ৰ বাবে হৃদয়ত কম্পন অনুভৱ কৰা নাই।কিন্তু আজি তাই সম্পূৰ্ণৰূপে ভাগি পৰিছে।বুজাব নোৱাৰা এক ভয়ে তাইক কুৰুকি কুৰুকি খাইছে।কোনো দিন মনত পেলাবলৈ নিবিচৰা তন্ময়ক লগ পোৱাৰ দিনবোৰ তাইৰ চকুৰ আগত ভাহি আহিছে।
সেইবাৰ উদিপ্তা পেহীয়েকৰ ঘৰত কেইদিনমান থকাকৈ গৈছিল,স্নাতক প্ৰথম বছৰৰ পৰীক্ষা দি পেহীয়েকে মাতি থকা বাবে তাইক দেউতাকে থৈ আহিছিল গৈ।ইতিমধ্যে পেহাৱকৰ বায়েকৰ ল'ৰা তন্ময় তেওঁলোকৰ ঘৰত আছিলেই।সাধাৰণ কথা বতৰাৰে সি থকা কেইদিন পাৰ হৈছিল।যোৱাৰ সময়ত সি মাথোঁ তাইৰ ফোন নাম্বাৰটো লৈছিল।তায়ো বিশেষ নাভাবি দিছিল নাম্বাৰটো।অৱশ্যে নাম্বাৰ লৈ যে সি বেছি কথা পাতিছিল, ডিষ্টাৰ্ব দিছিল এনে নহয়,কেতিয়াবা কেতিয়াবা খবৰ লোৱাৰ বাহিৰে বিশেষ ফোন কৰি ডিষ্টাৰ্ব দিয়া নাছিল।সিহঁত দুটা আকৌ লগ হৈছিল উদিপ্তাৰ পেহীয়েকৰ ল'ৰাৰ বিয়াত।সেইবাৰ উদিপ্তাৰ বাবে যেন তন্ময়ৰ ব্যৱহাৰ,তন্ময়ৰ চাৱনিৰ বেলেগ এক অৰ্থ আছিল।অসহজ হৈছিল তাই, সকলো ক্ষেত্ৰতে মাক দেউতাকতকৈ যেন তাৰহে কতৃত্ব।বৰযাত্ৰীৰ লগত সকলো পৰিয়ালৰ বাইভনী মিলি একেলগে বাছত যাব বুলি সিহঁতৰ ফূৰ্তিৰ,পৰিকল্পনাৰ সীমা নাছিল, কিন্তু শেষ সময়ত উদিপ্তা যাব লগা হৈছিল মাক দেউতাকৰ লগত তন্ময়ৰ গাড়ীত,ইমান সৰলতাৰে সি সকলো পৰিকল্পনা কৰিছিল যে তাই সকলোৰে আগত তাত নাযাওঁ বুলি ক'বও পৰা নাছিল।বিয়াঘৰতো আগে পিছে সি কেৱল তাইকে নিৰীক্ষণ কৰিলে।দৰাঘৰৰ ৰিচিপছনৰ দিনাও সকলো বাইভনীৰ লগত উদিপ্তায়ো নাচিছিল গানৰ তালে তালে,তন্ময় সেইসময়ত তাত নাছিল।ভাল পাইছিল তাই,তন্ময়ৰ উপস্থিতিয়ে তাইক অসহজ কৰে।ককায়েকৰ বিয়া বুলি ঘৰৰপৰাই প্ৰেকটিছ কৰি অহা ফাল্গুনী পাঠকৰ 'মেৰী চুনৰ ওৰ ওৰ জায়ে' গীতটিত তাই নৃত্য কৰিছিল।তাইৰ নৃত্য দেখি সকলোৱে হাত চাপৰিৰে উপচাই দিছিল।সেইখিনি সময়তেই তন্ময়ৰ প্ৰৱেশ হৈছিল।আন কোনোৱে দেখা নোপোৱাকৈ তন্ময়ে এটা সময়ত উদিপ্তাৰ হাতত ধৰি বাহিৰলৈ লৈ গৈছিল।
*তোমাক নাচিবলৈ কোনে কৈছিল?
*কোনে ক'ব লাগে, আমি সকলোৱে নিজেই নাচিছো।
*চোৱা মই এইবোৰ বেয়া পাওঁ।
*তুমি বেয়া পোৱা মই কি কৰিম,মই ভালপাওঁ মই নাচিছো চাওঁ,হাতটো এৰা।
*ভালপোৱা বেয়াপোৱা যি কৰা কৰা কিন্তু এটা কথা মনত ৰাখিবা তোমাক মই ভালপাওঁ আৰু তুমি মোৰেই হ'ব লাগিব।তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।
কথাষাৰ কৈ সি যি বিয়াঘৰৰ পৰা গ'লগৈ,তাই থকালৈকে আৰু পেহীয়েকৰ ঘৰলৈ নাহিল।কথাবোৰ তাই কাকো ক'বও নোৱাৰা হ'ল।সেইকেইদিন সকলোৰে সি প্ৰিয় হৈ পৰিছিল, বিয়াঘৰৰ সকলো মানুহৰ সুবিধা অসুবিধাৰ খবৰ লোৱাৰ পৰা বস্তু যোগান ধৰালৈকে তন্ময় সকলোৰে প্ৰিয় হৈ পৰিছিল।তাৰ ওপৰত দোষ দিলে যেন কোনোৱেও মানিও নলয়।গুচি আহিল দুদিনৰ পিছত উদিপ্তাহঁত নিজৰ ঘৰলৈ।
সময় বাগৰিল,উদিপ্তাৰ মনৰপৰাও তন্ময়ৰ কথাবোৰ পাহৰণিত বিলীন হ'ল।লাহে লাহে উদিপ্তাৰ কাষ চাপি আহিল সহপাঠী ৰাগ।ভাল লগা হৈছিল উদিপ্তাৰ ৰাগক।কিন্তু কোনেও কাকো প্ৰকাশ কৰা নাছিল।প্ৰকাশৰ অবিহনে এজনে আনজনৰ অনুভৱ বুজি উঠাই হয়তো প্ৰেম।কলেজলৈ একেলগে যোৱাৰ পৰা অহালৈকে সিহঁতে ইজনে সিজনৰ সঙ্গ ভালপোৱা হ'ল।তন্ময়ে আজিকালি দেউতাকলৈ ফোন কৰিহে খবৰ লয়।তাইলৈ ফোন নকৰে।উদিপ্তাৰ বাবে কথাবোৰ সহজ হয়,তন্ময়ে কোৱা কথাবোৰ ক্ষন্তেকৰ মোহ বুলি তাই নিশ্চিত হয়।এনেদৰেই তাই ডিগ্ৰী ফাইনেল ইয়েৰ পাইহি।
এদিন উদিপ্তা কলেজৰ পৰা আহি ঘৰ সোমাই।দূৰৰ পৰাই দেখে তাই সিহঁতৰ পদূলি মুখত এখন ৰঙা গাড়ী ৰৈ আছে।কোনোবা আলহী আহিছে বুলি তাই নিশ্চিত হয়।সোমাই যায় তাই ড্ৰয়িং ৰুমেদি,কিন্তু এইয়া কি পুলিচৰ পোছাকত এইয়াচোন তন্ময়।ভয় লাগি গ'ল তাইৰ।মাক দেউতাকৰ সন্মুখত একো প্ৰকাশ নকৰি তাক মাতষাৰ দি তাই ভিতৰ সোমাই।বুজিব পৰা নাই তাই পুলিচৰ পোছাকত সি ইয়াত কি কৰিছে।অলপ সময় বহি সি যায়গৈ।মাকহঁতৰ মুখত গম পায়,তন্ময় এতিয়া সিহঁতৰ ঠাইৰ নতুনকৈ অহা উপ নিৰীক্ষক।উদিপ্তাৰ বুকুৰ ধপধপনিটো আকৌ বাঢ়ি গ'ল।
তন্ময় এতিয়া উদিপ্তাৰ ঘৰৰ প্ৰিয় আলহী, দেউতাকৰ একেবাৰে মৰমৰ।ভয় লাগে উদিপ্তাৰ,তন্ময়ৰ কথাবোৰ আকৌ তাইৰ কাণত বাজিবলৈ ধৰে'তুমি মোৰ নহ'লে মই আনৰো হ'বলৈ নিদোঁ।'লাহে লাহে ৰাগৰ লগত তাইৰ মিলামিছা তন্ময়ৰ চকুত পৰে।একেলগে অহা,একেলগে যোৱা লগত অন্য লগৰীয়া থাকে যদিও হয়তো এজন পুলিচ বিষয়াৰ চকুত এইয়া ধৰা পেলোৱাতো সাধাৰণ কথা।বাছ,অট'ৰিক্সাৰ বাবে যেতিয়া উদিপ্তাহঁত ৰৈ থাকে প্ৰায়ে তন্ময়ে তাইক বাইকত উঠাই কলেজত থৈ আহে আৰু মাজে মাজে লৈয়ো আহে।দেউতাকৰ আগত তাই এদিন অভিযোগো দিলে।দেউতাকৰ মতে,
* ৰাস্তাত দেখি চিনাকি কাৰণে লৈ যায় তোক,তাতে বেয়া পাব লগা কি আছে আৰু ল'ৰাটো ভদ্ৰ,অমায়িকো।তই চিন্তা কৰিব নালাগে সি তোৰ একো অপকাৰ নকৰে।
জানে তাই তন্ময়ে তাইৰ একো অপকাৰ নকৰে,কিন্তু একো উপকাৰো নকৰে।তাৰ বাবে আজিকালি ৰাগৰ চকুত নিজকে তাইৰ অপৰাধী যেন লাগে।লাহে লাহে কলেজতো তন্ময় উদিপ্তাৰ প্ৰেমৰ ৰস ৰচনা আৰম্ভ হয়।বুজি নাপায় কোনেও একমাত্ৰ তাইৰ বান্ধৱী ৰক্তিমাৰ বাহিৰে।তন্ময়েও যেন তাকেই বিচাৰিছিল।ৰাগৰ লগত তাই ভৱিষ্যতৰ যি সপোন দেখিছিল থাকি গ'ল হৃদয়ত অপ্ৰকাশিত ৰূপত।এক ভুল ধাৰণা মনত লৈ সিও আঁতৰি গৈছিল উদিপ্তাৰ পৰা।এনেদৰেই অন্তৰত চলি থকা ধুমুহাবোৰ অকলেই অতিক্ৰম কৰি তাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।সময়ে তন্ময়ক সিহঁতৰ ঘৰৰ একেবাৰে আপোন কৰি তুলিছিল কিন্তু উদিপ্তাৰ হৃদয়ত তন্ময়ৰ বাবে ৰৈ গৈছিল মাথো ঘৃণা আৰু তিক্ততা।ৰাগক তাইৰপৰা দূৰ কৰাৰ একমাত্ৰ দোষী তাই তন্ময়কে মানিছিল আৰু তাক অলপো দেখিব নোৱাৰিছিল।কিন্তু কথাবোৰ, খংবোৰ তাৰ আগত ব্যক্তও কৰিব পৰা নাছিল।ব্যক্ত কৰিবলৈ সি সুবিধাই দিয়া নাছিল।মাত্ৰ তাৰ পৰা দূৰলৈ যোৱাৰ তাই সুবিধা বিচাৰিছিল।নোৱাৰে তাক আৰু সহ্য কৰিব।সেই ভাবিয়েই তাই মাষ্টাৰ ডিগ্ৰী কৰাৰ কথা দেউতাকক ব্যক্ত কৰিলে।দেউতাকতকৈও তন্ময়হে বেছি আগ্ৰহী হ'ল।ফৰ্ম অনাৰ পৰা ফৰ্ম ফিলাপ কৰালৈকে সকলো সি তাৰ চিনাকি ল'ৰাৰ যোগেদি কৰাই দিলে।সিও যিহেতু একেখন বিশ্ববিদ্যালয়তে পঢ়ি অহা তাৰ বাবে কামবোৰ সহজ হ'ল।তাইক হোষ্টেল থিক কৰি দিয়া, এডমিছনত দৌৰাদৌৰি কৰা সকলোতে সি আগে পিছে থকা হ'ল।দেউতাকক এঠাইত বহিবলৈ দি সি সকলোতে উদিপ্তাক গাইড কৰিলে।প্ৰথম তাই ভাবিছিল সি তাই পঢ়িবলৈ অহাত বাধা দিব কিন্তু তাইক আচৰিত কৰি সি বেছি এই ক্ষেত্ৰত আগ্ৰহহে দেখুৱালে আৰু তাই ভবাৰ দৰে তন্ময়ৰ পৰা তাই আঁতৰি নাহিল।বৰঞ্চ মাহেকত সি তাইৰ খবৰ লৈ যোৱা হ'লহি আৰু কলেজৰ দৰে বিশ্ববিদ্যালয়ৰ সহপাঠীখিনিকো প্ৰকাৰন্তৰে সি কোন হয় বুজাই গ'ল।সি ফোন কৰি কৰি খবৰ নলয়,অহাৰ দিনা পুৱাই মেছেজ কৰি তাইক ৰেদী হ'বলৈ কয়।প্ৰথমকেইদিন তাই ব্যস্ত লগ ধৰিবলৈ সময় নাই বুলি কৈছিল যদিও, পিছ মূহুৰ্ততে দেউতাকৰ ফোন আহে
*মাজনী তন্ময় গৈছে গুৱাহাটীলৈ,মায়েৰাই লাৰু, পিঠা দি পঠাইছে।সি গেটতে ৰৈ আছে তুমি লৈ ল'বা।
বুজি পাই উদিপ্তাই তন্ময় তাই ভবাতকৈ বহু টেঙৰ।মাজে মাজে সি তাৰ হোষ্টেলত থাকে।বিশ্ববিদ্যালয়ৰ অনুষ্ঠানবোৰ উপভোগ কৰে।তাইৰ নাচ,গানৰ প্ৰগেম থাকিলে চাবলৈ যায় মাজে মাজে চাকৰিৰ পৰা সময় উলিয়াই।আজিকালি তাইক বাধা নিদিয়ে।উদিপ্তাই মাজে মাজে নিজকে প্ৰশ্ন কৰে
*এজনী ছোৱালীয়ে ভাল পাব পৰাকৈ সকলোৱেইটো আছে তন্ময়ৰ, তথাপিও তাই কিয় তাক ভাল পাব নোৱাৰে।সেই যে ৰাগক দূৰ কৰাৰ খঙটো তাই এতিয়াও কঢ়িয়াই ফুৰিছে।নোৱাৰে তাই তাক ভালপাব,নোৱাৰে তাই তাক প্ৰেমাস্পদ কৰিব।কিন্তু তাই তন্ময়ক যিমানেই উপেক্ষা কৰে সিমানেই সি তাইৰ কাষ চাপিবৰ চেষ্টা কৰে সংগোপনে কৌশলেৰে।
পাখি লগা কাঁড়ৰ দৰে সময় দূৰন্ত গতিৰে আগবাঢ়ে।বিশ্ববিদ্যালয়ৰ জীৱন শেষ কৰি উদিপ্তা আকৌ ঘৰৰ ছোৱালী ঘৰলৈ উভতি আহে কিন্তু এইবাৰ তাইলৈ ৰৈ আছিল জীৱনৰ এটি নতুন পথ।সদায় পৰিকল্পনা কৰিছিল তাই যিদিনাই তন্ময়ে তাইক প্ৰেমৰ প্ৰস্তাৱ বা তেনে কোনো কথা ক'ব তাই তাক পাৰে মানে অপমানিত কৰিব,ৰাগক তাইৰ পৰা আঁতৰাই নিয়াৰ পোটক তোলিব।কিন্তু তাইক আচৰিত কৰি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সলনি তন্ময়ৰ হৈ বিবাহৰ প্ৰস্তাৱ আহিছিল তাইৰ পেহাৱক,মাক দেউতাকৰফালৰ পৰা।তন্ময়ৰ নিচিনা ল'ৰা এটাক না কৰাৰ বাবে ঘৰৰ কোনো প্ৰস্তুত নাছিল বৰং দুগুণ উৎসাহেৰে তাক আপোন কৰি লৈছিল।দেউতাকক তাই প্ৰকাৰন্তৰে বিয়া নোহোৱাৰ কথা কৈছিল যদিও দেউতাকে তাৰ নিচিনা ল'ৰা এটাক বেয়া পোৱাৰ কাৰণনো কি সোধাত তাই মাথোঁ মৌন হৈ ৰৈছিল।বিয়াৰ আগত মাককো তাই কৈছিল তন্ময়ক তাই স্বামীৰূপে কেতিয়াও ভাল নাপাই, সেই দৃষ্টিৰে তাই তাক চোৱা নাই।মাক আচৰিত নহয় বৰঞ্চ কয়
* বিয়াৰ আগত এনেকুৱা হয়েই, তেওঁৰো হৈছিল।দেউতাকক তেওঁ বিয়াৰ পিছতহে ভাল পাইছে আৰু বিয়াৰ পিছত হোৱা প্ৰেমৰ মাদকতাই বেলেগ।নতুন মানুহজনক জনাৰ,তেওঁক বুজাৰ এক নতুন পৰিভাষা বিচাৰি পাই।
নোৱাৰিলে তাই কাকো বুজাব কিন্তু যিমান পাৰে সিমানেই তন্ময়ক উপেক্ষা কৰিবলৈ ধৰিলে।বিয়া থিক হোৱাৰ এমাহ মানৰ পিছতেই তাৰ আকৌ বেলেগ ঠাইলৈ ট্ৰেন্সফাৰ হ'ল।নতুন ঠাইখনৰ নাম শুনিয়েই সকলো শংকিত হ'ল।উগ্ৰপন্থীৰ ঘাটি বুলি জনাজাত ঠাইখনৰ বাবে পৰিয়ালৰ সকলোৰে মনত ভয়,শংকাই দেখা দিলে।উদিপ্তাৰ অন্তৰত কিন্তু এইবোৰ ভাৱে খেলা কৰা নাছিল।তাই যেন ভালহে পাইছিল ঘৰৰ পৰা দূৰত তাৰ ট্ৰেন্সফাৰ হোৱাৰ বাবে।বিদায় ল'বলৈ অহাৰ দিনাও তাই তাক ভালকৈ মতা নাছিল।দেউতাকে ভাবি জোঁৱায়েকক খোৱাবলৈ অনা মাছ মাংস বনোৱাত তাই ব্যস্ত আছিল।তাক যেন মাতষাৰ দিবলৈও তাইৰ আহৰি নাই।বিদায় পৰত সি মাথোঁ কৈ গৈছিল
*ভালকৈ থাকিবা।দৰকাৰ হ'লে ফোন কৰিবা।
* মোৰ দৰকাৰ নহয়।
দিওঁ বুলিয়েই তাই তেনেকৈ উত্তৰটো দিছিল।তাইৰ পৰা ইমান বেয়া ব্যৱহাৰ পায়ো সি কিন্তু তাইৰ পৰা আঁতৰি যোৱা নাছিল।
সদায় দেউতাকে সন্ধিয়া সন্ধিয়া তাৰ খবৰ লয়।সি যি কয় দেউতাকে মাকৰ আগত কোৱা তাই শুনে।মাজে মাজে তন্ময়ৰ উগ্ৰপন্থীৰ লগত হোৱা সংঘৰ্ষৰ বাতৰিয়ে নিউজ চেনেল কঁপাই তোলে।মাক দেউতাকে গভীৰ আগ্ৰহ তথা উৎকণ্ঠাৰে বাতৰি শুনে ক্ষন্তেক পিছতে খবৰ লয় তাৰ।মাকে নেদেখাজনৰ ওচৰত তাৰ হৈ আশীৰ্বাদ লয়।উদপ্তাহে উদাসীন হৈ থাকে।সি ফোন কৰিলে কেতিয়াবা ধৰে,কেতিয়াবা নধৰে,মন গ'লে মেছেজৰ ৰিপ্লাই দিয়ে,মন নগ'লে নিদিয়ে।উদেশ্য এটাই বেয়া পাই আঁতৰি গ'লেও যা।কিন্তু সি নাযায়,হাজাৰ উপেক্ষিত হৈও,অৱহেলিত হৈও এদিন সি তাইক অৰ্ধাংগিনী কৰি লৈ যায়।
বিয়াৰ পিছতো উদিপ্তাৰ তন্ময়ৰ প্ৰতি ভাৱৰ অকণো পৰিৱৰ্তন হোৱা নাছিল।ৰুমটোৰ দুখন বিচনাৰ এখনত তাই আৰু আনখনত তন্ময়ক শুবলৈ দিছিল।কোৱাৰটাৰলৈ যোৱাৰ মন তাইৰ নাছিল, শাহুৱেক শহুৰেকৰ লগতেই তাই থাকিব বিচাৰিছিল, সকলোৱে তাইক বৰ মৰম কৰিছিল।কিন্তু শাহুৱেকে জোৰকৰিয়েই তাইক তন্ময়ৰ লগত থাকিবলৈ পঠিয়াইছিল।কোৱাৰটাৰতো যিমান পাৰে তাই সিমান দূৰত্ব বজাই ৰাখিছিল।ভাত,চাহৰ যোগান তাই সময়মতেই ধৰিছিল।কিন্তু দিনটোত দুটামান কথা পতাৰ বাহিৰে সিহঁতৰ মাজত কোনো কথোপকথন হোৱা নাছিল।উদিপ্তাৰ জেদটো যেন দিনক দিনে বাঢ়িহে গৈছিল।কিন্তু তাই ভবাৰ দৰে তন্ময়ে তাইক কোনোদিন কোনো কথাত জোৰ কৰা নাছিল, বৰং কৈছিলহে
*যেতিয়ালৈকে তুমি মোক অন্তৰৰে গ্ৰহণ নকৰা তেতিয়ালৈকে মই তোমাৰ কাষলৈও নাহোঁ।প্ৰয়োজনে হ'লে মৃত্যুলৈকে বাট চাম।
বিয়াৰ এবছৰ তেনেদৰেই পাৰ হৈছিল।কোনেও কিন্তু কল্পনাও কৰিব নোৱাৰিছিল সিহঁত দুটাৰ মাজত সম্পৰ্কৰ আচল কথা।তন্ময়ৰ অফিচৰ, তাৰ মিছনৰ কোনো কথাৰ তাই খবৰ নাৰাখে।মাকহঁতে সোধিলেও তাকে সোধি ল'বলৈ কয়।কিন্তু, আজি হঠাৎ অহা ফোন কলটোৱে তাইৰ সমস্ত সত্তাক জোকাৰি গ'ল।
* বাইদেউ, সেই নৰপিশাচকেইটাই ছাৰৰ বুকুত কেইবাটাও গুলী মাৰিলে,আমি ছাৰক হস্পিতাললৈ লৈ গৈছোঁ, আপুনি সোনকালে আহক।
কথাখিনিয়ে উদিপ্তাৰ শৰীৰ কঁপাই তুলিলে।যেনেকৈ আছিল তেনেকৈয়ে স্কুটিখন লৈ তাই ওলাই আহিল।অহাৰ আগত দুয়োঘৰলৈ ফোনটো কৰি সবিশেষ জনালে।ক'ব নোৱাৰা হৈ গৈছে উদিপ্তা,কিন্তু তাইটো তেনে হোৱাৰ কথা নাছিল।অমংগল চিন্তা নকৰিলেও কোনো দিন তাই তন্ময়ৰ বাবে মংগলো চিন্তা কৰি পোৱা নাই।ভগৱানৰ ওচৰত তাৰ নাম উচ্চাৰণ কৰিও পোৱা নাই, কিন্তু আজি তাই সকাতৰে মাতিছে তেওঁক
*তন্ময়ক ভাল কৰি দিয়া প্ৰভু।মই কৰা ভুলৰ বাবে তেওঁক শাস্তি নিদিবা।দৰকাৰ হ'লে মোকে মাৰি নিয়া,কিন্তু তেওঁক সুস্থ কৰি তোলা।
অপাৰেচন ৰুমৰ দৰ্জাখন খুল খাই,ডাক্তৰজন ওলাই আহে।সকলোৰে চকু তেওঁৰ ওপৰত।
*কি হ'ল ডাক্তৰ,তেওঁ সুস্থ হৈ উঠিলনে?
*Yes,অপাৰেচন ছাকছেছ হৈছে।বহুত ব্লাড গৈছে, ৰিক'ভাৰী হওঁতে সময় লাগিব।চেন্স আহিলে আপোনালোকে তেওঁক লগ পাব পাৰিব।এতিয়া তেওঁ বিপদৰ বাহিৰত।
দৌৰি যায় উদিপ্তা কৃষ্ণ প্ৰভুৰ মূৰ্তিজনাৰ ওচৰলৈ
*ধন্যবাদ তোমাক, মোৰ অপৰাধ মাৰ্জনা কৰাৰ বাবে, আজিৰে পৰা মই তেওঁক পত্নীৰ মৰম দিম,যি মৰম আৰু প্ৰত্যয়ৰে তেওঁ মোক আৱৰি ৰাখিছে তাৰ প্ৰতিদান মই দিম।
চেন্স অহাৰ লগে লগে এজন এজনকৈ তন্ময়ৰ মাক দেউতাক আৰু থানাৰ দুই এজন সোমালে।উদিপ্তাৰ আজি সোমাই যাবলৈ সংকোচ হৈছে।তথাপিও ৰ'ব নোৱাৰি তাই সোমাই গ'ল।
*মই আকৌ ভাবিছিলোঁ তুমি নাহিবা বুলিহে,তোমাক অশান্তি দিবলৈ ভগৱানে আকৌ পঠিয়াই দিলে মোক।
হুকহুকাই কান্দি দিলে তাই।
*I am sorry Tanmoy,I am sorry.মোৰ ভুল হৈছিল, তোমাৰ প্ৰতি মই কৰা প্ৰতিটো বেয়া ব্যৱহাৰৰ বাবে আজি মই সঁচাকৈয়ে লজ্জিত।মোক ক্ষমা কৰি দিয়া।
*ধেৎ পাগলী, কি যে কোৱা।ময়োটো ভুল কৰিছোঁ, তোমাক নিজৰ কৰি লোৱাৰ জেদত তুমি যে মোক ভাল নোপোৱা সেই কথা বুজিবলৈ চেষ্টাই নকৰিলোঁ।সেয়ে ইয়াৰ প্ৰতিদান আজি পাই গ'লো।
* নহয় তন্ময় মই তোমাক ভালপাওঁ,বহু ভালপাওঁ।মাথোঁ এই উপলব্ধি মই দেৰিকৈ কৰিলোঁ।তোমাৰ প্ৰতি সংগোপনে সৃষ্টি হোৱা ভালপোৱা হয়তো আজিৰ এই ঘটনাটিয়ে মোক বুজাত সহায় কৰিলে।
*তন্তে অতদিনে হৃদয়ত পুহি ৰখা মোৰ ইচ্ছাপূৰ্ণ হ'ল।মোৰ উদিজনী সঁচাকৈয়ে মোৰ হৈ পৰিল।
নাৰ্চগৰাকী সোমাই আহে।তন্ময়ৰ মেডিচিন,ইনজেকচনৰ সময় হয়।উদিপ্তাক ওলাই যাবলৈ কয়।ওলাই আহে উদিপ্তা তন্ময়ৰ কপালত চুমা এটি আঁকি।কোনো ৰাগ,বিৰাগ,মান,অভিমান, খং,জেদে তাইক আজি স্পৰ্শ কৰিব নোৱাৰে।প্ৰেম হৈছে তাইৰ,অতবছৰে কঢ়িয়াই ফুৰা ঘৃণা, তিক্ততা আজি প্ৰেমলৈ ৰূপান্তৰিত হৈছে।সঁচাকৈয়ে আজি তাই সম্পূৰ্ণৰূপে তন্ময়ৰ হৈ পৰিছে,সি নোকোৱাকৈয়ে মনৰ ইচ্ছাৰে মাথোঁ তন্ময়ৰ।তাইৰ হৃদয় কক্ষত আজি ক্ষোদন কৰিছে তন্ময়ৰ নাম,তন্ময়ৰ সত্তাক।
সমাপ্ত।
Sunday, August 9, 2020
আৰ্হি
#অনুভৱৰ_আৰ্হি
কিয় জানো তাইৰ আজি অলপ বেয়া ছোৱালী হ'বলৈ মন গ'ল।সদায় সদায় মনৰ অনুভৱবোৰ দমন কৰোঁতে কৰোঁতে তাইৰ চোন ভাল লগা বেয়া লগাবোৰৰ হিচাপেই নাইকিয়া হ'ল।ঘৰৰ ডাঙৰ ছোৱালী, নহয় নহয় যৌথ পৰিয়ালটোৰেই ডাঙৰ ছোৱালীৰ ভাৰ লওঁতে লওঁতে তাইৰ ভাল লগা বেয়া লগাবোৰৰ হিচাপ নাইকিয়া হ'ল।সৰুৰে পৰা তাই শুনি আহিছে ঘৰৰ ডাঙৰজনীয়ে যি পথ দেখুৱাই সৰুকেইটাও সেই পথৰেই যায়।গতিকে ঘৰৰ সৰু ভাই ভনীয়েকহঁতৰ সুপথে যোৱাৰ গধুৰ দায়িত্ব তাইৰ ওপৰত বুলি বুজা হোৱাৰ পৰাই তাই শুনি আহিছে আৰু পালন কৰিবলৈও চেষ্টা কৰিছে।পঢ়া শুনাকে ধৰি বন্ধু বান্ধৱী গঢ়ালৈকে তাই সকলো ক্ষেত্ৰতে এই দায়িত্ব যেন নিষ্ঠা সহকাৰে পালন কৰিছে।মন গ'লেও তাই লগৰ ছোৱালীৰ লগত যাওঁ বুলিয়েই লগৰকেইজনীৰ ঘৰলৈ যোৱা নাই, অন্য কেইজনীৰ দৰে পূজা চাবলৈ তাই মাকহঁতৰ লগত যোৱাৰ বাহিৰে লগৰ ল'ৰা ছোৱালীৰ লগত যোৱা নাই, ঘৰৰ পৰিয়ালৰ লগত যোৱা পিকনিকৰ বাদে তাই স্কুল, কলেজৰ লগৰ বন্ধু বান্ধৱীৰ লগত পিকনিক খাবলৈ নাই যোৱা।মন গ'লেও লগৰকেইজনীৰ দৰে জিন্স পিন্ধি শ্লীভলেছ পিন্ধি তাই নাই পোৱা।এই নাই যোৱা, নাই কৰাৰ তালিকাখন আৰ্হিৰ বহু দীঘল।কিন্তু মন যায় তাইৰ জিন্স পিন্ধি সমনীয়াকেইজনীৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাবলৈ,মুক্ত আকাশখনৰ তলত দুহাত মেলি গুণগুণাবলৈ।কিন্তু নোৱাৰে তাই,নামটোৰ দৰেই যে তাইৰ কামবোৰো হ'ব লাগিব।
ঘৰখনত আৰ্হিৰ ভাই ভনী বুলিবলৈ ভায়েক দুটা আৰু ভনীয়েক দুজনী।খুড়াৱকহঁতৰ ল'ৰা ছোৱালী যদিও সিহঁত গোটেইকেইটা সৰুৰেপৰাই সহোদৰৰ দৰেই ডাঙৰ দীঘল হৈছে।সৰু সৰু কথাত যদি কাজিয়া কৰিছে আকৌ সৰু সৰু কথাতেই ইটোৱে সিটোৰ সুখ দুখৰ সমভাগী হৈছে।আৰ্হিৰ পৃথিৱীখনত যেন সিহঁতক বাদ দি একোৱেই নাছিল।ওচৰ চুবুৰীয়াৰ বাবেও সিহঁতৰ ঘৰখন আদৰ্শ আছিল।আৰ্হি আছিল তেওঁলোকৰ বাবে অতি মৰমৰ।এই যে কাষৰ বৰমাৱকে কয়
*মই ইহঁতক কওঁ, অলপ আৰ্হিৰ নিচিনা হ'বিচোন,পঢ়াই শুনাই,ৰূপে গুণে,স্বভাৱে চৰিত্ৰই একেবাৰে আৰ্হি যি আৰ্হি।
দেখে তাই তেনে এষাৰ কথাই মাক দেউতাক, খুৰাৱক,খুৰীয়েকহঁতৰ মুখত প্ৰশান্তিৰ এক হাঁহি বিৰিঙাই।গৰ্বিত হৈ উঠে তেওঁলোকৰ বুকু।কিন্তু পলে পলে হুমুনিয়াহ কাঢ়ে আৰ্হিয়ে।তাই জানো বিচাৰে ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ বাবে তাইৰ স্বভাৱ চৰিত্ৰ উদাহৰণৰ স্থল হওঁক আৰু তাই জানো সঁচাকৈয়ে তেনেকুৱা।এই কথাবোৰৰ বাবেইটো কিমান কৰোঁ বুলি ভবা কামো তাই কৰিব পৰা নাই।মাক দেউতাকলৈ ভয় কৰিছিল নে সৰুৰে পৰা তাইৰ মনত সোমোৱাই দিয়া সেই ঘৰৰ ডাঙৰ ছোৱালীৰ দায়িত্ববোধৰ জ্ঞানৰ বাবেই তাই নাজানে কিন্তু তাই কৰোঁ বুলিয়েই কোনো এটা কাম কৰি দিব নোৱাৰে।
হায়াৰছেকেণ্ডেৰী পঢ়ি থাকোঁতে কিমান যে প্ৰেমৰ প্ৰস্তাৱ আহিছিল,এনে নহয় যে তাইৰ সকলোকে বেয়া লাগিছিল কিন্তু ভাল লগাৰ অনুভৱটো আহিলেই তাইৰ মানস পটত ভাহি আহে তাই আৰ্হি, তাই ঘৰখনৰ ভায়েক ভনীয়েকহঁতৰ পথ প্ৰদৰ্শক।নোৱাৰিলে তাই প্ৰেমত পৰিবলৈ,শুনি আহিছে তাই লাভ মেৰেজতকৈ এৰেঞ্জ মেৰেজৰ সন্মান বেছি,বুজে তাই ঘৰখনৰ চিন্তাধাৰাবোৰ,লাভ মেৰেজৰ যে দেউতাক একেবাৰে পক্ষপাতী নহয় তাইক ঘৰখনে কথাই কথাই বুজাই দিয়ে।পৰিয়ালত এতিয়ালৈকে কাৰো লাভ মেৰেজ হোৱা নাই, গতিকে পিছৰ প্ৰজন্ময়ো যাতে এই ধাৰাবাহিকতা অক্ষুন্ন ৰাখে তাৰ গুৰু দায়িত্ব এতিয়া আৰ্হিৰ ওপৰত।ইয়াৰোপৰি পঢ়া শুনা কৰাৰ বয়সত এই প্ৰেম চেমবোৰত পৰিলে যে পঢ়া শুনা বৰ্বাদ হয় সেই কথাও তাই খুৰীয়েকহঁতৰ মুখত তাই শুনে।গতিকে, সাতে পাঁচে বাৰই মিলি তাইৰ এইবোৰ একোৱেই নহ'ল।প্ৰেম কৰাতো দূৰৰ কথা কোনো ল'ৰাৰ মুখলৈ সন্মুখা সন্মুখিকৈ চাবলৈয়ো তাইৰ প্ৰকৃতাৰ্থত সাহস নাছিল।সেইয়া তাইৰ লাজ,ভয় নে সংস্কাৰ তাই নাজানে।
আমি সকলোৱে আমাৰ অজানিতে হৃদয়ত সাঁচি ৰাখোঁ সুখ,দুখ,হাঁহি কান্দোন,প্ৰাপ্তি অপ্ৰাপ্তিৰ এখন বৃহৎ সাগৰ।জীৱন নাটৰ ৰঙ্গমঞ্চত এই যন্ত্ৰণাবোৰ সহচৰ হয়।গছ এজোপা যিদৰে লহপহকৈ বাঢ়ি আহে যন্ত্ৰণাবোৰো ক্ৰমে ক্ৰমে বাঢ়ি যায়।শিপাই মাটি খামুচি ধৰাৰ দৰে অনুভূতিবোৰেও ক্ৰমান্বয়ে আমাৰ হৃদয়ত খামুচি ধৰে।আৰ্হিৰ সুখ দুখৰ অনুভূতিবোৰো ক্ৰমান্বয়ে শিপাই যায়, মাথোঁ তাই প্ৰকাশ কৰিব নোৱাৰে।ঘৰে বাধা দিয়া কাম এটা কৰিবলৈ তাই আগবাঢ়িব নোৱাৰে আৰু মাকহঁতক কামটো কৰিবলৈ দিবলৈ কুটুৰি থাকিবও নোৱাৰে,ৰৈ যায় তাইৰ হেঁপাহবোৰ মনৰ ভিতৰতে সংগোপনে ঠাল ঠেঙুলি মেলি। ভায়েকে ভনীয়েকহঁতো ডাঙৰ হয়।কিন্তু তাই মন কৰে,এই যে তাই নকৰিবি বুলি ক'লে কামটো নকৰে আনকি আকৌ এবাৰ সোধিও নাচাই ভায়েক ভনীয়েকহঁত কিন্তু তেনেকুৱা নহয়।মাকহঁতৰ পৰা পাৰমিছন নোপোৱালৈকে সিহঁতেও এৰি নিদিয়ে, কুটুৰি কুটুৰি পাৰমিছন নোপোৱালৈকে মাকৰ পিছে পিছে ঘূৰি ফুৰে,কিন্তু তাই সেইখিনি কৰিব নোৱাৰে।কিয়?ইয়াৰ উত্তৰ আৰ্হিৰ ওচৰত নাই।
ভাল লাগিছিল আৰ্হিৰ কৃষি বিশ্ববিদ্যালয়ৰ দীঘল চুলিকোচাৰে ওখ,বগা নাটক কৰা ল'ৰাটোক।গোপনে গোপনে তাইৰ দুচকু গৈছিল সদায় অনুভৱলৈ।জানে তাই বুজে তাই তাৰ চকুৰ ভাষা।কিন্তু তাই নিৰুপায়,ঘৰখনৰ নিয়ম শৃংখলাত নাই যে তাইৰ বাবে প্ৰেম বিবাহৰ স্বীকৃতি।তথাপিও তাই ভাল পাইছিল অনুভৱক,অব্যক্ত অনুৰাগবোৰ হৃদয়ৰ একোণত থিতাপি লৈছিল।অনুভৱৰ প্ৰেমাকুল চাৱনিত মন গৈছিল আৰ্হিৰ ডুব যাবলৈ,মন গৈছিল তাইৰ শাৰদী নিশা পূৰ্ণিমাৰ জোনটি চাই চাই তাই প্ৰেমত ডুব যাব অনুভৱৰ,অনুভৱৰ দুহাতত ধৰি পাৰ কৰিব বিশ্ববিদ্যালয়ৰ প্ৰতিটো আৱেলি।ৰৈ যায় কল্পনাবোৰ তাইৰ মানসপটত,ৰৈ যায় আৱেগবোৰ তাইৰ হৃদয়ৰ একোণত,বাৰে বাৰে মানসপটত ভাহি আহে তাই ভায়েক ভনীয়েকহঁতৰ পথ প্ৰদৰ্শক।আৱেগৰ এটি ভুলে গোটেই ঘৰখন থানবান কৰি দিব পাৰে,ভায়েক ভনীয়েকহঁতৰ বাবে তাই হ'ব লাগিব দৃষ্টান্ত।তাইৰ পৰা উপেক্ষিত হৈ অনুভৱো এদিন আঁতৰি গৈছিল,থৈ গৈছিল আৰ্হিৰ হৃদয়ত মাথোঁ প্ৰথম ভাল লগাৰ স্মৃতি।
বিশ্ববিদ্যালয় পঢ়ি ঘৰলৈ উভতি আহি তাই উদ্ভাৱন কৰিছিল তাইৰ কলেজত পঢ়ি থকা ভায়েক আৰু খুৰাৱকৰ ছোৱালী ভনীয়েক দুয়োটাই প্ৰেমত পৰিছে।প্ৰেম মানে দুৰ্দান্ত প্ৰেম।
'তোমাক নাপালে মই কিন্তু মৰি থাকিম'বুলি ভনীয়েকে ফোনত কোৱা কথাষাৰ তাই এদিন বেৰৰ সিমূৰে শুনি আছিল।আচৰিত হ'ল আৰ্হি এই পথটো তাই দেখুওৱা নাছিল, তেন্তে সৰুকেইটাই সেই পথ বাছি ল'লে কেনেকৈ।ভাল লগাৰ পিছতো তাই যাক গ্ৰহণ কৰা নাছিল একমাত্ৰ ঘৰখনৰ বাকীকেইটা ল'ৰা ছোৱালীৰ কথা ভাবিয়েই, সিহঁতেই চোন আজি সেই পথ নিজে বাছি লৈছে।ভায়েক ভনীয়েকহঁতৰ লগত তাই কথা পাতে।ঘৰৰ অজানিতে আগবঢ়া সম্পৰ্কবোৰতচোন তাইৰহে হৃদয়খন কঁপিবলৈ ধৰে।বুজে তাই সিহঁতৰ বয়সেই সেইয়া প্ৰেমত পৰাৰ।যি বাট তাই অতিক্ৰমি আহিছে সেই বাটৰ প্ৰতিটো পদূলিয়েইটো তাইৰ চিনাকি।মাথোঁ তাই প্ৰতিটো পদূলি গৰকি সোমাই নাচালে আৰু সিহঁতে সেই পদূলি গৰকি সোমাই গ'ল।আৰ্হিৰ তুলনাত ভায়েক ভনীয়েকহঁতৰ বন্ধু, বান্ধৱীৰ তালিকাখনো দীঘল।
আৰ্হি তেতিয়াও সকলোৰে বাবে আৰ্হিয়েই হৈ ৰৈছিল।দুই এক বিয়াৰ প্ৰস্তাৱো আৰ্হিৰ বাবে নহা নহয়,দেউতাকৰ মনে মিলা নাই বাবে কথা আগবঢ়া নাই।তায়ো চাকৰিৰ বাবে ইটো সিটো পৰীক্ষা দি আছিল।ভবামতেই এদিন ভাল খবৰটো আহিছিল।কৃষি উন্নয়ন বিষয়া হিচাপে তাই চাকৰিটো পাইছিল।সুখী হৈছিল সকলো, সুখী হৈছিল আৰ্হি।আত্মনিৰ্ভৰ হ'ব পৰাকৈ তাইৰ চাকৰিটো হ'ল।আকৌ ঘৰ এৰি তাই ভাড়াঘৰ ল'লে।দুমাহমান যোৱাৰ পিছত তাই স্কুটি এখনো কিনি ল'লে।সেইটো অফিচতে দুমাহৰ পিছত জইন কৰিলেহি অনুভৱে সেই একেটা পদতে।অনুভৱৰ জইনিঙৰ খবৰটোৱে আৰ্হিৰ হৃদয়ত আকৌ তুলপাৰ লগালে।কেনেকৈ মুখামুখি হ'ব আকৌ অনুভৱৰ সৈতে তাই ভাবি নাপালে।অফিচত দুই একৰ মুখত শুনি আছে তাৰ কথা,যিমানে শুনে সিমানেই তাইৰ বুকুৰ ধপধপনিটো বাঢ়ি যায়।
*হাই,আকৌ লগ পাই গ'লো,ভাল লাগিল দিয়া।
কি বুলি মাতিব,কেনেকৈ আৰম্ভণি কৰিব ভাবি থাকোতেই একেবাৰে সহজ কৰি তুলিলে অনুভৱে।হাতখন তায়ো আগবঢ়াই দিলে।অফিচৰ সকলোৰে লগত সি সোনকালেই মিলি গ'ল।অনুভৱক দেখি আৰ্হিহে সহজ হ'বলৈ কঠিন হ'ল।সময়ে আকৌ দুয়োটাক কাষ চপাই আনিলে।বিভিন্ন ট্ৰেইনিং, ফিল্ড ভিজিত,ফাৰ্মাৰ ভিজিত প্ৰায়বোৰতে সিহঁত একেলগে কামবোৰ কৰিব লগা হ'ল।আৰ্হিৰ কেতিয়াবা সোধিবলৈ মন যায়, জানিবলৈ মন যায় অনুভৱৰ জীৱনত এতিয়া কোনোবা নাৰী আছেনে?কিন্তু সোধিব নোৱাৰে।লাজ,শংকাই আৱৰি ধৰে তাইক।কিন্তু তাই মন কৰে অনুভৱৰ প্ৰতি থকা তাইৰ ভালপোৱা ক্ৰমে ক্ৰমে গভীৰ হৈ পৰে।নিজকে সংযত কৰে তাই।লগৰ সহকৰ্মী সকলে এদিন আৰ্হিক সোধে
*বিয়া বাৰু কিবা আগবাঢ়িছে নে নাই, নে ল'ৰা চাই থোৱা আছে।
*নাই, নাই, মাহঁতে চাই আছে।
*আৰু অনুভৱ তোমাৰ?
*পঢ়ি থাকোঁতেই এগৰাকীক চাইছিলোঁ ৰিজেক্ট কৰিলে,এতিয়া ভবা নাই আৰু,চাওঁচোন কি হয়।
কথাষাৰ আৰ্হিলৈয়ে যে নিক্ষেপ হৈছিল তাই বুজিছিল।মনটো ভাল লগা এটি অনুভূতিয়ে শিহৰিত কৰিছিল।আৱেগ, অনুভূতিৰ যুদ্ধখন হৃদয়ত সংগোপনে চলি আছিল।ভাল লাগিছিল তাইৰ যেতিয়া স্কুটিখন বেয়া হ'লে অনুভৱে তাইক অফিচলৈ অনা নিয়া কৰিছিল।ভাল লাগিছিল তাইৰ যেতিয়া শাওনৰ পথাৰত সিহঁতে নামি বোকাই মাটিয়ে লুতুৰি পুতুৰি হৈ খেতিয়কক প্ৰশিক্ষণ দিছিল।নিজকে গাঁৱৰ পথাৰৰ প্ৰেমিক প্ৰেমিকা যেন লাগিছিল।ঘনিষ্ঠতা বাঢ়িছিল দুয়োৰে।কেতিয়াবা ট্ৰেইনিঙৰ বাবে বা অন্য কামত অনুভৱ অফিচলৈ নাহিলে আৰ্হিৰ অফিচত মন নবহা হৈছিল।এদিন মাকে খবৰ দিছিল দুদিনমানৰ পিছত তাইক চাবলৈ ল'ৰা এজন অহাৰ কথা,দুদিনমানৰ ছুটী লৈ তাইক মাতি পঠাইছে।আৰ্হিৰ বাবে কথাবোৰ যেন এতিয়া সহজ হৈ থকা নাছিল।অনুভৱক পুনৰ লগ নোপোৱা হ'লে কথাবোৰ হয়তো সহজ হ'ল হয়,কিন্তু এতিয়া যে তাই সপোন ৰচে অনুভৱক লৈ।কিন্তু তাই ব্যক্ত কৰিব নোৱাৰে।অনুভৱেও যে এতিয়া তাইক একো নোকোৱা হ'ল।অলপ দিনৰ পৰা ৰাতি ভাত খাই উঠি দুয়োটাই কথা পতাটো নিচা হৈ গৈছে।অনুভৱেই কৰে ফোনটো সদায়, তায়ো ৰৈ থাকে ফোনটোলৈ অধীৰ আগ্ৰহেৰে।কথা বুলিবলৈ একো নাই, এনেই ভাত খোৱা,চাহ খোৱা।তথাপিও ভাল লাগে তাইৰ এই সময়কণ।সন্ধিয়াতে ঘৰলৈ ফোন কৰি তাই আজৰি হৈ থাকে যাতে সেই সময়কণত কোনেও অসুবিধা নকৰে।কিন্তু মাকৰ কথাষাৰ শুনাৰ লগে লগে তাই অনুভৱলৈ ফোন লগালে।
* ৱাহ,আজিচোন অসময়ত।কি হ'ল কোৱা।
ফোনটো কৰিলে হয় কিন্তু তাই ক'ব কি,ৰৈ আছে,কি বুলি ক'ব।
*নাই এনেই কৰিলোঁ।
*মই জানো তুমি এনেই নকৰা কোৱা কি হ'ল,কিবা অসুবিধা হৈছে আৰ্হি?
*মায়ে ফোন কৰিছিল, মোক মাতি পঠিয়াইছে,কোনোবা আহিব মোক চাবলৈ।
কথাষাৰ কওঁতে তাইৰ মাতটো থুকাথুকি হৈ গৈছিল।ফোনটোৰ সিটো মূৰতো নিস্তব্ধতাই বিৰাজ কৰিছে।
*হেল্ল'শুনিছা অনুভৱ।
*উম,কি কৰে ল'ৰাই আৰু ক'ৰ?
*নাজানোঁ, মাক সোধা নহ'ল।
* উম,যোৱা আকৌ ভালহে।তুমিটো মাহঁতৰ পচণ্ডৰ অনুসৰিয়েই বিয়াত বহিবা।
ক'বলৈ মন গৈছিল আৰ্হিৰ,ভাবিছিলোঁ তেনেকৈয়েই অনুভৱ।কিন্তু তুমি আহি মোৰ জীৱনৰ সূত্ৰটোৱেই সলনি কৰি দিলা।তোমাৰ বাহিৰে যে মই কাকো ভালপাবও নোৱাৰোঁ।
নোৱাৰিলে তাই ক'ব।পিছদিনাৰ পৰা অনুভৱৰ ফোন নহা হ'ল।ট্ৰেইনিঙৰ বাবে দূৰত থকা অনুভৱক লগ পাবলৈ আৰ্হি যেন ব্যাকুল হৈ পৰিল।নিজে ফোন কৰিবলৈও আকৌ সেই সংকোচবোধে আগুৰি ধৰিলে।ৰাতি ৰাতি তাই শুব নোৱাৰা হ'ল।অসহ্য এক বেদনাই তাইৰ গাৰুৰ গিলিপ তিয়াই পেলাই।মাকৰ ফোন,ছুটী ল'লিনে নাই, কেতিয়া আহিবি ইত্যাদি কথাই তাইলৈ ফোনৰ উপৰি ফোন।সময়ত তাই ছুটী লৈ ঘৰলৈ বুলি গ'ল।অফিচত কোনেও এই সম্পৰ্কে একো গম নাপালে।ঘৰলৈ যোৱাৰ পিছত ভনীয়েকহঁতে কৈ আছে ল'ৰা এনেকুৱা,ল'ৰা তেনেকুৱা।আৰ্হিৰ কাণত সোমোৱা নাই একো কথা।মানস পটত ভাহি আছে মাথোঁ অনুভৱৰ ছবিখন।খবৰ এটাও নোলোৱা হ'ল সি,তাই মেছেজ কৰি কিবা সোধিলে মাত্ৰ ৰিপ্লাইটোহে দিয়ে।নিজকে অপৰাধী যেনো লাগিল আৰ্হিৰ।মাজে মাজে ভাৱে মাকক ক'ব নেকি অনুভৱক তাইৰ ভাল লাগে বুলি, কিন্তু পিছ মূহুৰ্ততে আকৌ দেউতাকৰ প্ৰেম বিবাহৰ ওপৰত থকা চিন্তাধাৰাৰ কথাই ক্ৰীড়া কৰে।জানে আৰ্হিয়ে তাই প্ৰেম বিবাহ নকৰিলেও ভায়েক ভনীয়েকহঁতে যে নিজৰ পচণ্ডৰ অনুসৰিয়েই বিবাহত বহিব।তথাপিও ঘৰখনৰ বাবে এই ক্ষেত্রত তাই দৃষ্টান্ত হ'বলৈ যেন তাইৰ সাহসৰ অভাৱ।
মাকে কোৱাৰ দৰেই খুৰীয়েকহঁতে তাইক নীলা কাপোৰজোৰ পিন্ধাই দীঘল চুলিকোচা খোপা বান্ধি দিছে।কিন্তু তাইৰ আজি অলপ অবাধ্য হ'বলৈ মন গ'ল।নাবান্ধিলে তাই খোপা,চুলিখিনি ক্লাচডালেৰে আধা বান্ধি আধা খুলি দিলে।মনোভাৱ অপচণ্ড কৰিলেও কৰক,পৰা হ'লেটো তাই এই চাদৰ মেখেলাও নিপিন্ধিলে হয়,কিন্তু দেউতাকৰ মান সন্মানৰ কথা চিন্তা কৰিহে তাই কাপোৰজোৰ পিন্ধিবলৈ মান্তি হ'ল।হাতত পাণ তামোলৰ বঁটাখন লৈ খুৰীয়েক, ভনীয়েকহঁতৰ লগত তাই এখোজ দুখোজকৈ আগবাঢ়িছে।কাণত পৰিছে আলহীৰ আগত দেউতাকে সগৰ্বে তাইৰ বিষয়ে কৈ থকা কথাবোৰ।প্ৰতিশাৰী বাক্যই যে আজি তাইক হুলে বিন্ধাদি বিন্ধিছে।
*মোৰ ছোৱালী মোৰ অভিমান।কোনো দিন তাই মোৰ কথাৰ ওপৰত মাত মাতি পোৱা নাই, মই যেনেকৈ কওঁ, তাই তেনেকৈয়ে আগবাঢ়িছে।ঘৰখনৰ বাকীকেইটা তেনেকুৱা নহ'ল।সিহঁতে নিজৰ প্ৰাপ্য আদায় কৰি ল'ব জানে,কিন্তু মাজনীয়ে তাইৰ প্ৰতি যদি কিবা অন্যায়ো হয় তাৰ বিৰোধিতা কৰিব নাজানে।সেয়ে তাইৰ ভৱিষ্যতলৈ মোৰ বৰ চিন্তা।মই জানো, মই যি জনৰ লগতে বিয়া হ'বলৈ কওঁ তাই হ'ব,সেয়ে মই এনে এজন ল'ৰা বিচাৰোঁ যি তাইৰ যোগ্য হ'ব পাৰে।তাইক আদৰ,যত্নৰে ৰাখিব পাৰে।
খুৰীয়েকে চোফাখনতে তাইক বহুৱাই দিছে।সন্মুখত দুগৰাকী মহিলা বহি আছে,তাই তেওঁলোকলৈ চাই হাঁহি এটি মাৰিলে।তাই বহি থকাৰ কাষতো কোনোবা এজন বহি আছে,কিন্তু তাইৰ চাবলৈ সাহস হোৱা নাই।সমস্ত শৰীৰ তাইৰ জ্বলিবলৈ ধৰিছে।এফালৰ পৰা চিনাকি কৰাই দিছে দেউতাকে, ল'ৰাৰ মাক-দেউতাক,বৰটাক-বৰমাক,ভনীয়েক আৰু এইয়া ল'ৰা।সকলোকে নমস্কাৰ দিছে যদিও তাই কালৈকো ভালকৈ চোৱা নাই।ল'ৰাটোকটো আৰু চোৱা নহ'ল।নাচায় তাই কপালত যদি অনুভৱ নাই দেউতাকে যিজনলৈকে বিয়া দিব তাই সেইজনলৈকে বিয়া হ'ব কাৰণ তাই ঘৰৰ ডাঙৰ ছোৱালী।তাই ভাল কাম কৰিলেহে সৰুকেইটাইও ভাল কাম কৰিব।
*এওঁকটো তুমি চিনি পোৱাই চাগে মাজনী,অলপ আগতেহে গম পালোঁ তোমালোক একেটা বেটছৰ আৰু এতিয়া একেলগে কৰ্মৰতও।
দেউতাকে দেখুৱাই দিয়া দিশটোলৈ তাই ঘূৰি চালে,তাইৰ কাষত বহি থকা ল'ৰাজন........কিন্তু ই কেনেকৈ সম্ভৱ।
*অনুভৱ তুমি?
*উম,ময়ো তোমাক দেখিহে গম পালোঁ তোমাক চাবলৈ আহিছোঁ বুলি কৈ সি চকু টিপটো মাৰি দিলে।
অনুভৱৰ মাকে কৈ উঠিল
* আৰ্হিৰ মোমায়েকে সেইদিনা আমাৰ এখেতক খবৰটো দিছিল আৰ্হিৰ বিষয়ে, সেয়ে সেইদিনা আপোনালোকলৈ ফোন কৰিছিলোঁ।আমাৰটো ছোৱালী পচণ্ডৰ হৈছেই,তাতে একেলগে কাম কৰে যেতিয়া পিছত দূৰে দূৰে থকাৰ অসুবিধাবোৰৰ পৰাও ৰক্ষা পাব।এতিয়া ল'ৰা ছোৱালীয়ে কথা পাতি লওঁক নে কি কয়?
খুৰীয়েকে মাত লগাই
* হয়,হয়।আহা অনু আৰ্হিৰ ৰুমটে দুয়োৰে পাতিব লগীয়াখিনি পাতি লোৱাহি।
ৰুমটোত দুয়োটাকে সোমোৱাই খুৰীয়েক, ভনীয়েকহঁত ওলাই যায়।
আৰ্হিয়ে দৌৰি গৈ সাৱটি ধৰে অনুভৱক।আজি পৃথিৱীৰ কোনো বাধা, লাজ,ভয়,শংকাই তাইক ৰখাব নোৱাৰে।তাইৰ প্ৰাণৰ পুৰুষজন আজি তাইৰ নিচেই কাষত।কোনোৱে যদি আজি তাইক বেয়া বুলিও কয় তাই শুনিবলৈ সাজু আছে।মন গৈছে তাইৰ আজি বেয়া ছোৱালী হ'বলৈ।
*কেনে লাগিল মোৰ চাৰপ্ৰাইজ?
*কিন্তু ই কেনেকৈ সম্ভৱ হ'ল অনুভৱ?
*অনুৰ ব্ৰেইন,অতদিনে মই বুজিছিলোঁ যে তুমি তোমাৰ ঘৰৰ একেবাৰে বাধ্য ছোৱালী।ঘৰে পচণ্ডৰ কৰা সকলো কাম তুমি কৰা আৰু অপচণ্ডৰ কৰিলে নিজে কষ্টত থাকিও তুমি সেই কাম নকৰা।ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই তোমাক ভাল পাইছিলোঁ, কিন্তু তেতিয়া তুমি মোৰ প্ৰেম প্ৰত্যাখান কৰিলা।বেয়া লাগিছিল যদিও বেছি একো ভবা নাছিলোঁ।তুমি মোৰ লাইফত নাই বুলিয়েই মানি লৈছিলোঁ।কিন্তু কৰ্মসূত্ৰে যেতিয়া তোমাক পালোঁ,লাহে লাহে তোমাক বুজিলোঁ।বুজিলোঁ তোমাক পাবলৈ তোমাক মনাই লাভ নাই,হেড কোৱাৰটাৰত ইয়েছ দিলেহে তুমি ইয়েছ দিবা।এই ক্ষেত্ৰত সহায় ল'লো মোৰ মা পাপাৰ।পাপাৰ অফিচতে তোমাৰ মামাই কাম কৰে বুলি তোমাৰ মুখত যেতিয়া শুনিলোঁ, পাপাক ছোৱালীৰ কথা উলিয়াবলৈ ক'লোঁ।কথা মতেই কাম আৰু ভাগ্য ক্ৰমে তোমাৰ মামায়েও তোমাৰ বাবে মোক যোগ্য বুলি ভাবি তোমাৰ প্ৰস্তাৱ দিলে আৰু পিছৰখিনি বুজিছাই নহয়।এতিয়া আকৌ তুমি মহান হৈ সকলো কথা কৈ নিদিবা।আমাৰ লাভ মেৰেজ হ'লেও সকলোকে এৰেঞ্জ বুলি ভাবিবলৈকে দিয়া, নে কি কোৱা পথ প্ৰদৰ্শক মিছ আৰ্হি।
* কিন্তু তুমি কেনেকৈ জানিলা মই তোমাক ভালপাওঁ বুলি?
*তোমাৰ চকুৰ চাৱনিৰ পৰা,মোৰ প্ৰতিটো ফোনৰ বাবে আগ্ৰহেৰে ৰৈ থকা অনুভৱবোৰৰ পৰা।কিছুমান কথা নোকোৱাকৈয়ে বুজিব পাৰি,মাথোঁ তাৰ বাবে লাগে সঁচা ভালপোৱা।
আৰ্হি সোমাই পৰিল অনুভৱৰ বুকুৰ মাজত।অব্যক্ত কথাবোৰ ব্যক্ত হৈ পৰে কেতিয়াবা আপোনজনৰ ওচৰত।নোকোৱাকৈয়ে যি বুজে প্ৰিয়জনৰ হৃদয়ৰ কথা তাতকৈ আপোন জানো আৰু কিবা থাকিব পাৰে।আৰ্হিৰ স্থান অলপো লাঘৱ নোহোৱাকৈ অনুভৱে আৰ্হি কৰি তুলিলে।জনম জনমলৈ এক হৈ পৰিল অনুভৱ আৰ্হিৰ 'আৰ্হি'।
সমাপ্ত।
Wednesday, July 29, 2020
সমৰাঙ্গন
নাৰী সৰ্ব শক্তিমান।সময়ত যদি নাৰী অগ্নিৰ দৰে জ্বলন্ত হ'ব পাৰে সময়ত শীতল জল হৈ সকলোকে শীতলতা প্ৰদান কৰিব পাৰে।সময়ে নাৰীক এজনী চঞ্চলা ছোৱালীৰ পৰা এগৰাকী গহীন বোৱাৰীলৈ এগৰাকী বয়সে গৰকা গম্ভীৰ শাহুলৈ পৰিৱৰ্তন কৰে। যিমানেই বেদনা গধুৰ নহওঁক, যিমানেই আঘাত গভীৰ নহওঁক নাৰীয়ে যুজঁ দিয়ে থিক মানসীৰ দৰে। যুঁজিছিল তাই।যুঁজি যুঁজি তাই জিকিছিল।ঘৰখনৰ ডাঙৰ জিয়ৰীৰ দায়িত্ব যিদৰে তাই পালন কৰিছিল বিয়াৰ পিছত বোৱাৰীৰ দায়িত্বও তাই নিষ্ঠা সহকাৰে পালন কৰিছিল।পাঁচজনীকে ছোৱালীৰ পিছত সিহঁতৰ ভায়েক এটা হৈছিল।পুত্ৰমুখ নেদেখা ঘৰখনত ভায়েকটো সিহঁতৰ অতিকৈ মৰমৰ আছিল।দেউতাকে সৰুৰে পৰা সিহঁতক সৎ পথত চলাৰ,সৎ চিন্তাৰে জীৱন যুজাঁৰ আত্মপৰিচয়ৰে জীৱন গঢ়াৰ শিক্ষা দিছিল।নিজে উচ্চ শিক্ষিত নহ'লেও ছোৱালীকেইজনীক উচ্চ শিক্ষা, আদৰ্শৰে যোৱাৰ পথ দেখুৱাইছিল।সপোন দেখিছিল তেওঁ ল'ৰা ছোৱালীকেইটাক মানুহ কৰাৰ,এদিন গোটেই কেইটা সফল হ'ব,নিজৰ ভৰিত নিজে থিয় হ'ব, তেওঁ কৰিব নোৱাৰা কামবোৰ সিহঁতে কৰিব।সেই সপোন তেওঁ দেখুৱাইছিল সন্তানকেইটিক।সিহঁতেও সপোন দেখিছিল উচ্চ শিক্ষা লোৱাৰ, আকাশ ভেদি উৰাৰ।লাহে লাহে সিহঁতৰ সপোনবোৰে পোখা মেলে।বাইভনী গোটেইকেইজনীয়েই দেউতাকৰ সপোনবোৰ নিজৰ কৰি লয়।মানসী ডাঙৰ হোৱাৰ বাবে দায়িত্ববোধৰ অলংকাৰপাত তাই গাত পাতি লয়।মেট্ৰিক, হায়াৰছেকেণ্ডেৰীত দেউতাকে ভবা মতেই তাই উত্তীৰ্ণ হয়।দেউতাকে সপোন দেখে তেওঁৰ জ্যেষ্ঠা কন্যা এদিন সফল হ'ব,জীৱন যাত্ৰাত সকলোকে লগত লৈ তাই আগুৱাই যাব।জীৱন ৰথৰ চকৰি ঘূৰে।
স্নাতক পঢ়িবলৈ মানসী গুচি আহে কটন কলেজলৈ।হাজাৰ সপোন বুকুত বান্ধি তাই আৰু দেউতাকে একেলগে দেখা সপোনবোৰ পূৰাবলৈ।প্ৰথম প্ৰথম তাই অসহজ হয়।বেলেগ বেলেগ ঠাইৰ ল'ৰা ছোৱালীবোৰৰ লগত মিলিবলৈ তাই অসুবিধা পায়।ছোৱালী স্কুলত হায়াৰছেকেণ্ডেৰীলৈকে পঢ়া মানসীৰ বাবে ল'ৰা বন্ধুৰ লগত বন্ধুত্ব স্থাপন কৰোঁতে বহু ক্ষেত্ৰত অসহজ হয়।তথাপিও সময়ে শিকাই,পৰিবেশ পৰিস্থিতিয়ে শিকাই।তায়ো শিকিছিল সকলোবোৰ।লাহে লাহে কটনখন,গুৱাহাটীখন,পাণবজাৰখন তাইৰ আপোন হৈ পৰিছিল।কটনৰ আশে পাশে তাই অকলেই ঘূৰিছিল।মন যায় তাইৰো দীঘলীপুখুৰীৰ পাৰত তাইৰ সপোন কোঁৱৰৰ লগত হাতে হাত ধৰি কথা পাতিবলৈ,তেওঁৰ কান্ধত মূৰ থৈ সুখ দুখৰ বাৰ্তালাপ কৰিবলৈ।মন কৰিছিল তাই এযোৰ চকুৱে তাইলৈয়েই যে প্ৰতি দিনে লক্ষ্য কৰি আছিল।হোষ্টেলৰ বাহিৰত,ডিপাৰ্টমেন্টৰ ভিতৰত,কেন্টিনত,প্ৰেক্ষাগৃহত সকলোতে।কিয় জানো তাইৰ বেয়া লগা নাছিল, মন গৈছিল তাইৰো সেই দুটি চকুত চকু থৈ তায়ো সুধিব
*কিয় চোৱা এনেকৈ, তোমাৰ চাৱনিয়ে যে মোৰ হৃদয় কিমান বাৰ প্লাৱিত কৰি থৈ গৈছে তুমি জানানে?তোমাৰ এই তীক্ষ্ণ চাৱনিয়ে বাৰে বাৰে ধৰাসায়ী কৰিছে মোৰ শৰীৰৰ প্ৰতিটো অংগ।কি আছে এই চাৱনিত?
কিন্তু নোৱাৰে সুধিব তাই,এনেদৰেই মাতবোল নোহোৱাকৈয়ে প্ৰতিদিনে চাৰি চকুৰ মিলন হৈছিল।সময় বাগৰিছিল।প্ৰথম বছৰ সিহঁতৰ পাৰ হৈছিল।একো নোকোৱাকৈয়ে যেন সিহঁতে বুজি উঠিছিল সিহঁতৰ মনৰ কথা।লাহে লাহে দুয়োৱে দুয়োৰ বিষয়ে আৰ মুখে তাৰ মুখে গম পাইছিল।এজন নাহিলে আনজন উৎকণ্ঠিত হৈ পৰে।কিন্তু ইজনে সিজনক মাত এষাৰ দিবলৈ যেন সিহঁত বাকৰুদ্ধ হৈ পৰে।
স্নাতক প্ৰথম বছৰৰ পৰীক্ষা দি মানসী ঘৰলৈ আহে।ঘৰতো যেন তাইৰ মন নবহে।সেই চকুযুৰি বিচাৰি ফুৰে তাই।তাই ঘৰত থাকোঁতেই হঠাৎ এদিন দেউতাক অসুস্থ হয়।লগে লগে নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয়।চুগাৰ,প্ৰেছাৰ,ইউৰিক এছিড এনে ধৰণৰ বহু বেমাৰৰ হিচাপে মানসীৰ হৃদয়খন কঁপাই তুলিলে।উসঃ তাইৰ মৰমৰ দেউতাকটো,সুস্থ মানুহজনৰ হঠাতে যে ইমানবোৰ বেমাৰে আগুৰি ধৰিব সিহঁতে সপোনতো ভবা নাছিল।ঘৰলৈ অহাৰ পিছত তেওঁক খোৱা বোৱাৰ পৰা সকলো ধৰণে যতন লোৱা হ'ল।লাহে লাহে সুস্থ হৈ আহিল দেউতাক কিন্তু সকলো ক্ষেত্ৰতে বহু নিয়মত চলিব লগা হ'ল।সুস্থ হৈ উঠিলেই এবাৰ চেন্নাইলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিলে খুড়াৱকে।দেউতাক নাযায়, ইয়াতে ভাল হ'ব।তথাপিও সকলোৱে আলোচনা কৰি দুদিন দেৰিকৈ হ'লেও চেন্নাইলৈ যোৱাটো থিৰাং কৰা হ'ল।
মানসীৰ ক্লাছ আকৌ আৰম্ভ হ'ল।কান্দি কান্দি আকৌ গুচি আহিল তাই হোষ্টেললৈ।আকৌ ডুব গ'ল সেই দুটি চকুৰ প্ৰেমত।এইবাৰ সিহঁতৰ মাতবোল হ'ল।ৰুমমেট আৰ্চিয়ে দুয়োটাকে মাতবোল কৰাই দিলে।আৰ্চিয়ে লাহে লাহে জানি উঠিছিল মানসীয়ে হৃদয়ত সংগোপনে কঢ়িয়াই ফুৰা নৱনীতৰ প্ৰতি থকা ভালপোৱাৰ কথা।চাৰি চকুৰ কথোপকথন এতিয়া হাই ,হেল্ললৈ প্ৰমোচন পালে।সপোনবোৰৰ মাজত মানসী আকৌ সাঁতোৰিবলৈ ধৰিলে।নৱনীতৰ সংগ,দেউতাকৰ অসুস্থতাৰ মাজত তাইৰ দিনবোৰ আগুৱাবলৈ ধৰিলে।লাহে লাহে ইজনে সিজনৰ ঘৰুৱা কথাবোৰ জানিবলৈ ধৰিলে,ইজনে সিজনক বুজি উঠিল।ইয়াৰ মাজতে দেউতাকক লৈ খুড়াৱক চেন্নাই পালেগৈ।ডাক্তৰক দেখুৱাই মেলি তেওঁলোক পুনৰ উভতি আহিল।উভতি অহাৰ পথত পূজাৰ বন্ধ হোৱাৰ বাবে দেউতাকে তাইকো লৈ আহিল।মনটো মুকলি লাগিল তাইৰ,মৰমৰ দেউতাকৰ সপোনবোৰ তাই পূৰণ কৰিব, তেওঁ আনন্দত আত্মহাৰা হ'ব।কল্পনাতে তাইৰ আনন্দৰ বন্যা নিগৰি পৰে।সপোন দেখে তাই, ভূগোল বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰি কলেজৰ প্ৰফেছাৰ হ'ব,ACS দিব।কিন্তু তাইৰ কল্পনাবোৰ ,তাইৰ আশাবোৰ নিৰাশালৈ ৰূপান্তৰিত হৈছিল।অষ্টমী পূজাৰ দিনা তাইক চাবলৈ এজন ল'ৰা আহিছিল।সপোনতো ভবা নাছিল তাই যিজন দেউতাকে তাইক উৰাৰ সপোন দেখুৱাইছিল আজি সেইজনেই তাইৰ পাখি কাটিবলৈ ওলাইছে।মাকৰ কথামতে তাই চাহৰ ট্ৰেখন লৈ ওলাই গৈছিল।কালৈকো চোৱা নাছিল মাত্ৰ প্ৰশ্নৰ উত্তৰ দিছিল।তাইৰ সমস্ত শৰীৰ জ্বলিবলৈ আৰম্ভ কৰিছিল।এনে লাগিছিল যেন এতিয়াই তাই দেউতাকক চিঞৰি চিঞৰি ক'ব নহয় তাই বিয়া,বান্ধ নাখায় তাই কোনো বান্ধোনত লগৰবোৰৰ দৰে তায়ো পঢ়িব,উচ্চ শিক্ষা ল'ব,দেউতাকৰ আশাবোৰ পূৰণ কৰিব।কিন্তু নোৱাৰিলে তাই।অহাৰ দৰেই এসময়ত আলহী গুচি গ'ল।ভনীয়েকহঁতৰ মুখত মাথোঁ তাই শুনি গ'ল ল'ৰাৰ ছোৱালী পচণ্ড হৈছে, বহুত ধনী ঘৰৰ ল'ৰা,দুটাই ল'ৰা।কথাবোৰ ভনীয়েককেইজনীয়ে বৰ উৎসাহেৰে কৈছিল যদিও মানসীক যেন হুলে বিন্ধাদি বিন্ধিছিল।বুজি পোৱা নাছিল হঠাৎ দেউতাকৰ এনে সিদ্ধান্তৰ কাৰণ কি,কিন্তু এইটোও বুজিছিল যে যিজন দেউতাকে সিহঁতক আগুৱাই যোৱাৰ প্ৰেৰণা দিছিল তেওঁৰ এনে সিদ্ধান্তৰ আঁৰত নিশ্চয় গুৰুত্বতা আছিল।নোসোধো নোসোধোকৈয়ো তাই এদিন দেউতাকক সোধিছিল।দেউতাকে মাথোঁ কৈছিল
* মই অসুস্থ এতিয়া মাজনী,ধন সম্পত্তি মোৰ যথেষ্ট আছে।কিন্তু মই যদি নোহোৱা হৈ যাওঁ মোৰ আৱৰ্তমানত মোৰ গোটেইকেইজনী ছোৱালীৰ দায়িত্ব কোনে ল'ব? সেয়ে যিমান পাৰোঁ সোনকালেই মই ছোৱালীকেইজনী বিয়া দিব বিচাৰোঁ।মই ল'ৰাঘৰৰ লগত কথা পাতিছো তেওঁলোকে তোমাৰ পঢ়াত কোনো বাধা নিদিয়ে, তোমাৰ যিমান ইচ্ছা তুমি পঢ়িব পাৰিবা।মাত্ৰ তুমি বিয়াখনত না নকৰিবা।তোমাৰ তলত আৰু চাৰিজনী ছোৱালীৰ কন্যাদান কৰিবলৈ আছে মা।জীৱিত অৱস্থাতে মই ছোৱালী কেইজনীক সুপাত্ৰত গতাই কন্যাদানৰ দৰে মহান দানৰ পৰা মুক্ত হ'ব বিচাৰোঁ।
দেউতাকৰ কথাকেইটাৰ উত্তৰ দিবলৈ যেন তাইৰ ভাষাৰ অভাৱ হ'ল।কান্দিবলৈও যেন ঘৰখনত ঠাইৰ অভাৱ হ'ল।নৱনীতৰ দকু দুটি তাইৰ মানসপটত ভাহি থাকিল।পূৰ্ণ নহ'ব তেন্তে তাইৰ প্ৰথম প্ৰেম,আৰম্ভ নহওঁতেই পৰিসমাপ্তি ঘটিল তাইৰ সেই নিভাঁজ, সৰল প্ৰেমৰ।কি ক'ব তাই নৱনীতক ভাবি নাপালে তাই।সেইবাৰৰ পূজাৰ আনন্দ তাই উপভোগ কৰিব নোৱাৰিলে।বন্ধৰ শেষত তাই উভতি আহিল আকৌ হোষ্টেললৈ।হোষ্টেললৈ আহি আৰ্চিৰ আগত গোটেই কেইদিনৰ থূপ খাই থকা আৱেগবোৰ,চকুপানীবোৰ পাৰ ভাঙি ওলাইছিল।নৱনীত সেইকেইদিন কলেজলৈ অহা নাছিল।পূজাৰ বন্ধত পৰিয়ালৰ লগত সি গোৱালৈ যোৱাৰ প্ৰগেম আছিল।হোষ্টেললৈ যোৱাৰ এসপ্তাহৰ পিছতে আকৌ দেউতাকৰ ঘৰলৈ মাতি ফোন আহিল।গ'ল আকৌ তাই।আঙুঠি পিন্ধাবলৈ পিছদিনা ডিব্ৰুগড়ৰপৰা ল'ৰা ঘৰৰ মানুহ আহিব,অতি সোনকালেই তেওঁলোকে বিয়াখন হোৱাটো বিচাৰে।মানসীৰ বাবে সেই সময় যেন দূৰন্ত গতিত আগবাঢ়িছিল।বাৰে বাৰে ভগৱানক কৈছিল মানসীয়ে থমকি ৰ সময়,থমকি ৰ।এবাৰ তাই নৱনীতক লগ পাব বিচাৰিছিল ক'ব খুজিছিল তাই হৃদয়ৰ সকলো আৱেগ ঢালি
*ভালপাওঁ তোমাক মই নৱনীত,বহুত ভালপাওঁ।প্ৰথম প্ৰেম আছিলা তুমি মোৰ।কোনো কথা নোকোৱাকৈয়ে বুজিছিলো তোমাৰ মনৰ ভাষা তথাপিও পূৰ্ণ নহয় মোৰ এই ভালপোৱা।
আঙুঠি পিন্ধাবলৈ লৈ তাই প্ৰথম বাৰৰ বাবে চাইছিল অন্তৰীক্ষৰ চকুদুটি,মুখাৱয়ব।চকুৱে চকুৱে পৰিছিল দুয়ো দুয়োৰ।ডিব্ৰুগড়ৰ বিখ্যাত চাহ ব্যৱসায়ী,কেইবাখনো বেকাৰী,ৰেষ্টুৰেন্টৰ মালিক অমল দুৱৰাৰ কনিষ্ঠ পুত্ৰ অন্তৰীক্ষ দুৱৰা।বাৰে বাৰে চাইছে তাই অন্তৰীক্ষক,কিন্তু সেই যে নৱনীতৰ চকুলৈ চালে তাইৰ যে বুজাব নোৱাৰা এক শিহৰণ হৈছিল, চৌপাশ সেউজীয়া হৈ পৰিছিল তেনে কোনো অনুভূতি তাইৰ অন্তৰীক্ষক চাই হোৱা নাছিল।কথা পতাৰো যেন কোনো আগ্ৰহ নাছিল, মাথোঁ তেওঁলোক সোনকালে ঘূৰি যোৱালৈ তাই বাট চাই আছিল।হাঁহিৰ আৱৰণৰ মাজত ঢাকি ৰখা তাইৰ দুখবোৰ, চেপি ৰখা কান্দোনৰ ৰুলবোৰ যেন কাৰো চকুত ধৰা নপৰে তাই নেদেখা জনক বাৰে বাৰে কামনা কৰিছিল।নোৱাৰে তাই দেউতাকক দুখ দিব,নোৱাৰে তেওঁক অপমানিত কৰিব।পাৰিব তাই অনুভূতি, আৱেগবোৰক চাবিকাঠি লগাব,পাৰিব তাই পাৰিব লাগিব।হোষ্টেলৰ ফোন নাম্বাৰটো বিচাৰিছিল অন্তৰীক্ষে,দিছিল তাই।তাই যেন যন্ত্ৰ হৈ পৰিছিল আনে যি কয় তাই মাথোঁ কৰি গৈছিল।কেতিয়াবা ভাবে তাই দেউতাকক ক'ব নেকি নৱনীতৰ কথা,পিছ মূহুৰ্ততে ভয় খায় তাই কি বুলি ক'ব তাই,ক'ব পৰাকৈ একোৱেই যে নাছিল সিহঁতৰ মাজত।
ক্লাছবোৰ আকৌ আৰম্ভ হৈছিল, কিন্তু মানসীৰ বাবে যেন এইবাৰ ক্লাছ কৰাৰ আগ্ৰহ,মন একোৱেই নাছিল।তাইৰ ৰিং চেৰিমনীৰ কথা প্ৰায়েই গম পাইছিল ক্লাছত,গম পাইছিল নৱনীতেও।ঘৰৰপৰা অহাৰ পিছত ক্লাছলৈ যাবলৈ তাইৰ ভয় লাগিছিল, কেনেকৈ মুখামুখি হ'ব তাই নৱনীতৰ আগত।দোষীবলৈ একো নাথাকিলেও তাইৰ নিজকে নৱনীতৰ সন্মুখত দোষী,স্বাৰ্থপৰ যেন লাগিল।ডিপাৰ্টমেন্টৰ সন্মুখত সি ৰৈ আছে ,থিকেই,থিকেই দেখিছে তাই,সৌৱা তাইৰ সপোন কোঁৱৰ নৱনীত।যাক সাৱটি ধৰি মনৰ সকলো কথা ব্যক্ত কৰাৰ আশা তাইৰ থাকি গ'ল,যাৰ কান্ধত মূৰ থৈ হাতে হাত ধৰি দীঘলীপুখুৰীৰ পাৰত বহাৰ সপোন তাইৰ সপোন হৈয়ে ৰ'ল।নেদেখাৰ ভাও ধৰি তাই সোমাই যাব ধৰিলে ক্লাছলৈ।
* ৰ'বা,তোমাৰ লগত মোৰ কথা আছে।
ৰৈ যায় তাই, নৱনীতে মাতিছে ।যাক অৱজ্ঞা কৰাৰ সাহস তাই কৰিব নোৱাৰে, যিদৰে দেউতাকক নকৰে।টানি নিলে তাইৰ হাতত ধৰি সি।
*এইবোৰ কি শুনিছোঁ মান,তোমাৰ বিয়া থিক হৈছে, ৰিং চেৰিমনী হ'ল,ইমান হঠাতেই।
*দেউতাই সকলো থিক কৰিছে,তুমিটো নাজানা পাঁচজনীকে ছোৱালী থকা এজন পিতৃৰ দায়িত্বৰ কথা,তুমিটো নাজানা এজন অসুখীয়া পিতৃৰ হৃদয়ৰ বেদনা, তুমিটো বাদেই দিয়া ময়েই জনা নাছিলোঁ কিন্তু এতিয়া বুজিছোঁ।মোৰ কোনো উপায় নাই নৱ,মই নিৰুপায়।
*তেন্তে কটনত পঢ়িবলৈ আহিছিলা কিয় দেমিট।মোৰ হৃদয়ত ইমান ভাৱনা জগাই তুলিছিলা কিয়?কি কৰে ল'ৰাই?
*ব্যৱসায়।
*অ' আচ্ছা বিজনেছ মেন,সেয়ে এতিয়া মোক দৰকাৰ নোহোৱা হৈ গ'ল।থিক আছে মিছ মানসী বেষ্ট অফ্ লাক ফৰ ইয়ৰ ফিউচাৰ।
গুচি গ'ল সি এক ভ্ৰান্ত ধাৰণা লৈ,কোনোদিন তাইক নামাতিলে, কোনোদিনে তাইলৈ নাচালে।অভিমানৰ মালাডাল গাঁঠি সি গুচি গৈছিল ,এবাৰো নোসোধিলে মানসীক তাই কি বিচাৰিছিল।বহু ৰাতি কান্দিছিল তাই,অন্তৰীক্ষৰ ফোন আহিলেও তাই কোনোবাদিনা পাতিছিল ,কোনোবাদিনা নাপাতিছিল।মনে মনে যেন তাই বিচাৰিছিল সেই ফোনটো নৱনীতৰ হওঁক।অলপ দিন যোৱাৰ পিছত অন্তৰীক্ষ গুৱাহাটীলৈ বিজনেছৰ কামত আহোঁতে তাইক লগ ধৰাৰ প্ৰস্তাৱ দিছিল।আৰ্চিহঁতে বুজাই বিয়া হ'বিয়েই যেতিয়া তাক ভালকৈ জানিবলৈ চেষ্টা কৰ,বুজ তাক।সিহঁতৰ উৎপাত তথা বুজনিতে তাই লগ ধৰিবলৈ মান্তি হয়।সাধাৰণভাৱেই চেলৱাৰযোৰ পিন্ধি তাই সেইদিনা ওলাই যায়, নাই কোনো আগ্ৰহ,নাই কোনো ব্যাকুলতা।মাথোঁ যাব লাগে গৈছে।তাৰ গাড়ীখনৰ ভিতৰত বহিহে যেন তাই প্ৰথম বাৰৰ বাবে তাক ভালদৰে চাইছে,ৰেষ্টুৰেন্টত বহি কথা পাতোতে যেন মন কৰিছে তাই একেবাৰে সহজ সৰল ল'ৰাটো।আভিজাত্যৰ মিছা গৰ্ব অহংকাৰ একো নাই,কিন্তু সি যেন তাইৰ সপোনৰ কোঁৱৰ নহয়।মন নাযায় তাইৰ অন্তৰীক্ষৰ লগত দীঘলীপুখুৰীৰ পাৰত বহিবলৈ।ডিগ্ৰী পাছ কৰি ব্যৱসায়ৰ দায়িত্ব লোৱা অন্তৰীক্ষক তাই সেইদিনা খোলাখুলিকৈ কৈছিল তাইৰ উচ্চ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ,সপোনৰ কথা।আশ্বাস দিছিল সি যিমান মন যায় তাইৰ সিমান পঢ়িব পাৰিব বুলি।ভাল লগা নাছিল তাইৰ তাক,কিন্তু ভাল লগাবলৈ তাই যেন বাধ্য হৈছিল।এনেদৰে দ্বিতীয় বছৰো সিহঁতৰ পাৰ হৈছিল,ফাইনেল ইয়েৰ সিহঁতৰ আৰম্ভ হৈছিল।নৱনীতে কোনোদিন তাইক আৰু মতা নাছিল।এদিন ঘৰৰ পৰা ফোন আহিল দেউতাকৰ, পূজাৰ সময়তেই বিয়াৰ দিন দুটা আছে,তেতিয়া নহ'লে আৰু দুবছৰলৈ বিয়াৰ দিন নাহে,সেয়ে তাৰে যিকোনো এটা দিনতে বিয়াখন পাতিব লাগিব।দেউতাকৰ কথাত তাইৰ যেন আপত্তি কৰিবলগীয়া একো নাছিল, মাথোঁ অন্তৰীক্ষক ফোন কৰি জনাইছিল বিয়া হ'লেও তাই কিন্তু পঢ়িব।
বিয়া হৈ গৈছিল মানসীৰ।যিমান দুখ লাগিব বুলি তাই ভাবিছিল বিয়াৰ দিনা কিন্তু তাইৰ সিমান দুখ লগা নাছিল।বাৰে বাৰে তাই নিজক সোধে ,তাইৰ দুখ লগা নাই কিয়?জেদী হৈ গৈছে নেকি তাই,তাই ইমান কঠোৰ কেনেকৈ হ'ব পাৰিলে।বুজিছিল দেউতাকে তাইৰ মনৰ কথাবোৰ।সেয়ে বিদায়ৰ মূহুৰ্তত তাইৰ কাণত কৈ উঠিছিল,"মোক ক্ষমা কৰি দিবা মাজনী"।হুকহুকাই কান্দি পেলাইছিল তাই।পাৰ ভাঙি আহিছিল ভেটা দি ৰখা তাইৰ চকুপানীৰ ঢল।এনেদৰেই বিদায় লৈছিল তাইৰ আপোনবোৰৰ পৰা,বিদায় লৈছিল তাইৰ স্মৃতিবোৰৰ পৰা।
এক নতুন পৰিৱেশ,নতুন নিয়ম কানুনৰ মাজত তাই সোমাই পৰিছিল।নিজৰ ঘৰৰ লগত কোনোক্ষেত্ৰতে মিল নাছিল।ঘৰখনৰ চিন্তাধাৰাবোৰ যেন তাইৰ কল্পনাৰো অগোচৰ আছিল।সকলো কথাতে কেৱল টকা টকা আৰু টকা।টকাৰে যে মানুহে সকলো কাম কৰিব পাৰে সেই কথা তাইক বুজাই দিয়া হৈছিল।অন্তৰীক্ষ কিছু ক্ষেত্ৰত বেলেগ আছিল যদিও সৰুৰে পৰা দেখি অহা পৰিৱেশক সি বিৰোধিতা কৰাৰ কাৰণ নাছিল।বিয়াৰ পোন্ধৰ দিন মানৰ পিছত মানসী আকৌ কটনলৈ ওভতি আহিছিল।সকলোৰে মুখবোৰ যেন ফুলি গৈছিল।বুজিছিল তাই দেউতাকক যদিও তেওঁলোকে পঢ়িব পাৰিব বুলি কৈছিল সেয়া তেওঁলোকে অন্তৰৰে বিচৰা নাছিল।একমাত্ৰ অন্তৰীক্ষৰ কথাতহে তেওঁলোকে তাইক পুনৰ পঠিয়াইছিল।ধনী ঘৰৰ বোৱাৰীয়ে পঢ়ি শুনিনো কি কৰিব তাতকৈ ঘৰত থাকি ঘৰৰ কাম বনবোৰ কৰাই ভাল।সেই পোন্ধৰ দিনৰ তিক্ততাই মানসীক হতাশ কৰি পেলাইছিল তথাপিও তাই দেউতাকক এই সম্পৰ্কে একো জানিবলৈ দিয়া নাছিল।পঢ়া শুনাৰ খৰচ তেওঁ দিম বুলি কৈছিল যদিও অন্তৰীক্ষে দিবলৈ দিয়া নাছিল।এনেদৰেই কলেজলৈ আহি ক্লাছত আকৌ মন দিছিল তাই।দুদিনমান পিছতে তাই মন কৰিলে তাইৰ গাটো মাজে মাজে বেয়া লাগে,মূৰ ঘূৰাই, বমি বমি লাগে।বুজি নাপায় তাই,আৰ্চিৰ লগত তাই ডাক্তৰৰ ওচৰ পায়গৈ।সৰগখন যেন তাইৰ মূৰৰ ওপৰতহে ভাঙি পৰিছিল।যেতিয়া ডাক্তৰে আহি তাইক কৈছিল
*গুড নিউজ,তুমি মা হ'বলৈ ওলাইছা।
লগে লগে তাই অন্তৰীক্ষলৈ ফোন কৰিছিল।নোৱাৰে তাই এতিয়াই আৰু এটা জীৱন কঢ়িয়াব।ঘৰৰ মানুহবোৰে সকলো গম পাইছিল।সকলোৱে বাধা দিছিল এবৰছন কৰাত।লাহে লাহে তাইৰ উপভোগ কৰিছিল মাতৃত্বৰ অনুভূতিবোৰ।এপল দুপলকৈ বাঢ়ি অহা কণমানিটিলৈ তাইৰ মৰম লাগিছিল।সকলোৱে ঘৰলৈ ঘূৰি আহিবলৈ কয়,কিন্তু তাই নাহে।তেনেদৰেই ক্লাছ কৰি ফাইনেল পৰীক্ষা দিয়ে।পৰীক্ষা দি তাই পুনৰ ডিব্ৰুগড়ৰ ঘৰলৈ ওভতি আহে।লগৰকেইজনীৰ পৰা বিদায়ে তাইক বহুদিনলৈ যথৰ কৰি ৰাখে।লাহে লাহে কলাকলকৈ বাঢ়ি অহা কণমানিটিৰ লগত তাই ব্যস্ত হয়।মাজে মাজে হতাশো হয় সপোনবোৰ সপোন হৈ ৰোৱাত।তথাপিও তাই সপোন দেখে তাই নিজৰ ভৰিত নিজে থিয় হ'ব।ইন্টাৰনেটত আজৰি সময়বোৰ পাৰ কৰে,জানিবলগীয়া কথাবোৰ লিখি ৰাখে।ঘৰখনৰ মানুহবোৰ তাইৰ ভাল নালাগে,অন্তৰীক্ষক ভাল পাব লাগে কাৰণে পাই নে সঁচাকৈয়ে ভাল পাই তাই নাজানে।মাথোঁ সময়ে যেনেকৈ আগুৱাই লৈ গৈছে তাই মাথোঁ গৈ আছে।মাজে মাজে নৱনীতলৈ মনত নপৰা নহয়,কিন্তু এতিয়া মনত পেলোৱাৰ বাহিৰে তাইৰ আৰু কৰিবনো কি।
চাওঁতে চাওঁতে তাইৰ জীৱনলৈ এজনী ছোৱালী আহিল, পৰী নাম দিলে তাই।ককৰ্থনা,ভৎসৰ্নাৰে তাইৰ চৌপাশ বিয়পি পৰিল।ঘৰখনত পৰী হোৱাৰ বাবে সুখী আছিল মাত্ৰ দুজন সদস্য, মানসী আৰু অন্তৰীক্ষ।মানুহৰ আঁৰৰ মানুহবোৰ তাই চিনি উঠিছিল।অশান্তি লাগিছিল তাইৰ।ঘৰৰ কামৰ পৰা আহৰি পোৱা নাছিল।ছোৱালীজনীক সময় দিবলৈও তাইৰ যেন সময় নাছিল।সহায়িকা মানুহ থাকিলেও শহুৰ শাহুৰ বাবে যেন তাইহে সেই সহায়িকা মানুহ।লাহে লাহে জেদী হৈ গৈছিল মানসী।একমাত্ৰ পৰীৰ মুখলৈ চায়েই তাই সকলো সহ্য কৰিছিল।স্নাতকত তাই প্ৰথম বিভাগতে উত্তীৰ্ণ হ'ল।আকৌ মনটো উৰি গ'ল ইউনিভাৰ্চিটি পঢ়িবলৈ।ভয়ে ভয়ে ঘৰত উলিয়ালে কথাটো ,শাহুৱেক গোটেইজনী তাইক মাৰিবলৈহে বাকী।প্ৰাইভেটকে পঢ়াৰো খবৰ ল'লে অন্তৰীক্ষৰ হতুৱাই কিন্তু যিহেতু তাইৰ বিষয় ভূগোল আছিল গতিকে প্ৰেক্টিকেল থকাৰ বাবে প্ৰাইভেটকে কৰাৰ সপোন তাইৰ পূৰণ নহ'ল।সপোনবোৰ সপোন হৈয়েই ৰ'ল।লগৰ গোটেই কেইজনীয়ে ইউনিভাৰ্চিটিত চিট পালে।তাইলৈ মাজে মাজে ফোন কৰে।সিহঁতৰ আনন্দৰ সময়বোৰ, মূহুৰ্তবোৰৰ কথা পাতে।তাই মাথোঁ নিৰৱে চকুলো টুকে।মাজে মাজে দেউতাকলৈ খঙো উঠে।
দুবছৰ এনেদৰেই তাইৰ পাৰ হয়।শাহু শহুৰো অসুস্থ হৈ পৰে।ককায়েক নবৌয়েক বাহিৰৰ পৰা ঘৰলৈ দুদিনমানৰ বাবে আহিলে তাইৰ সেইকেইদিন গুৰুত্ব নোহোৱা হয় লগতে পৰীৰো।ককায়েকৰ ল'ৰা দুটাহে নাতি হৈ পৰে ককাৱক আইতাকৰ।সময়ে শিকাই,সময়ে বুজাই।আৰ্চিৰ কথাই মানসীক লাহে লাহে সাহস দিয়ে।তাই প্ৰাইভেটকে ৰাজনীতি বিজ্ঞান বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ ফৰ্ম ফিলাপ কৰিলে।অন্তৰীক্ষে সকলো থিক কৰি দিলে।এটি নতুন জীৱনে যেন তাইক হাতবাউলি মাতিছে।ঘৰত কোনেও নজনাকৈয়ে তাই পৰীক্ষাবোৰ দি গ'ল।ৰুমৰ ভিতৰত তাই পঢ়া শুনা কৰাৰ কথা অন্তৰীক্ষৰ বাহিৰে কোনেও গম নাপালে।এনেদৰেই হাজাৰ বাধাক অতিক্ৰমি অন্তৰীক্ষৰ সহযোগিতাত তাইৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলে।সাহস বাঢ়িল তাইৰ,পাৰিব তাই তাইৰ সপোনবোৰ দিঠক কৰিব পাৰিব।মাষ্টাৰ ডিগ্ৰীৰ ৰিজাল্টৰ খবৰটো তাই এইবাৰ নিজেই দিলে শহুৰ শাহুৱেকক।ইমান ককৰ্থনা, জ্বালা যন্ত্ৰণাই তাইক এতিয়া কঠোৰ কৰি তুলিছে।বেয়াকৈ ক'লেও যেন তাইৰ এতিয়া বেয়া নালাগে।ইতিমধ্যে তাইৰ ডাঙৰ ভনীয়েকৰো বিয়া হৈছিল।ভনীয়েকে এইবাৰ বি এডত এডমিছন ল'ব।ভনীয়েকেই খবৰটো দিছিল
* এডমিছন লৱ যদি ল,নেক্সট ইয়েৰৰ পৰা বি এড দুবছৰীয়া হ'ব,এতিয়াই কৰি ল।
মানসীয়ে ঘৰৰ ওচৰৰ বি এড কলেজত প্ৰিন্সিপালক কৈ মাজে মাজেহে আহিব পাৰিম বুলি কৈ বি এডত এডমিছনটোও লৈ ল'লে।তাতো হাজাৰ বাধাই তাইক চুই গ'ল।কিন্তু এতিয়া তাইক হাজাৰ বাধাইও ৰখাব নোৱাৰে।ছোৱালীক প্লে স্কুলত থৈ তাই মাজে মাজে ক্লাছলৈ যায়।লাহে লাহে অন্তৰীক্ষক তাইৰ ভাল লাগে।মাক দেউতাকক উত্তৰ দিব নোৱাৰে যদিও সি তাৰ কথা ৰাখিছে।তাই বিচৰা ধৰণে পঢ়িবলৈ আগবঢ়াই দিছে।এতিয়া তাতকৈ তাই বেছি পঢ়া যদিও তাৰ কোনো দুখ নাই, অভিমান নাই।পৰী আৰু তাইক মৰমৰে আৱৰি ৰাখিছে।লাহে লাহে মানসীৰ নিজকে শক্তিশালী যেন অনুভৱ হয়।আজিকালি শহুৰেকে তাইক কথা শুনোৱা বন্ধ কৰিছে,কেৱল শাহুৱেকৰহে পুৱাৰ পৰা গধূলিলৈকে টেপটো বাজি থাকে।কেতিয়াবা শুনে,কেতিয়াবা হেডফোনডাল লগাই গান শুনি থাকে।মানুহজনীয়ে কেঢ়াহিকৈ চাই আঁতৰি যায়।পৰীক আজিকালি তেওঁলোকে আগতকৈ মৰম কৰে,তায়ো ককা আইতা কৰি কৰি তেওঁলোকৰ পিছে পিছে ঘূৰি ফুৰে।
বি এড পঢ়ি থাকোতেই মানসীয়ে এ পি এছ চিৰ প্ৰিলিমছ পাছ কৰিছিল।তাইৰ যে আনন্দৰ সীমাই নাছিল।দেউতাকলৈ খবৰটো দিছিল, এতিয়াও বহু দূৰ বাকী যদিও তাইৰ বাবে ইয়াতকৈ শ্ৰেষ্ঠ আৰু কি হ'ব পাৰে।কিন্তু এইবাৰ ঘৰখনৰ অশান্তিবোৰ বেলেগ ফালে ঢাল খালে।ঘৰ সংসাৰ এৰি তাই চাকৰি কৰিবলৈ যাব নোৱাৰে।ইমানেই যদি চাকৰি, পঢ়া শুনা কৰাৰ মন আছিল বিয়া হৈছিল কিয়।সেয়েটো নাজানে তাই বিয়া হৈছিল কিয়?ঘৰখনৰ অশান্তিবোৰ,পৰীৰ প্ৰতি থকা দায়িত্ববোধে তাইক আকৌ এ পি এছ চি দিয়াৰ পৰা বিৰত ৰাখিলে।বি এডৰ পৰীক্ষাটোকে তাই ভালদৰে দিলে।ভবামতে তাইৰ আগৰ দৰেই ৰিজাল্ট ভাল হ'ল।আজিকালি সুখবোৰ তাই ৰুমটোৰ ভিতৰতে সামৰি থয়।তাইৰ সুখত সুখী নোহোৱা মানুহবোৰৰ লগত সুখবোৰ ভগাই লোৱাৰ প্ৰয়োজনেই বা কি।মন যায় তাইৰো লগৰবোৰৰ দৰে তায়ো চাকৰি কৰিব,দেউতাকে দেখুওৱা সপোনবোৰ এদিন দিঠক হ'ব।আত্মসন্মান, স্বাভীমানৰে অলংকৃত হ'ব।ধনী ঘৰৰ বোৱাৰী,ব্যৱসায়ী অন্তৰীক্ষৰ পত্নীৰ পৰিচয়তকৈ মানসী বৰুৱা হৈ তাই জীয়াই থাকিব বিচাৰে।জানে তাই,অতদিনে বুজি উঠিছে তাই তাইৰ এই পথ ইমান মসৃণ নহয়,তথাপিও তাই যুঁজি যাব সফল নোহোৱালৈকে নিজকে প্ৰতিষ্ঠা কৰিব নোৱাৰালৈকে।এতিয়াও দেউতাক তাইৰ সাহস হৈ আছে প্ৰতিটো খোজত।চাওঁতে চাওঁতে ভনীয়েক দুজনীৰ বিয়া হৈ গ'ল।দেউতাকক তাই বুজাই বাকী দুজনীক নিজৰ মতে পঢ়াশুনা সম্পূৰ্ণ কৰি বিয়া দিব লাগে।দৰকাৰ হ'লে সিহঁতৰ দায়িত্ব তাই ল'ব।পাৰিব তাই, জীৱনত তাই নোৱাৰোঁ বুলি ভবা বহু কথাই কৰিব পাৰিছে এতিয়া হাজাৰ বাধা আহিলেও তাই অতিক্ৰম কৰিব পাৰিব।মাজতে দেউতাকৰ আকৌ গা বেয়া হয়।মাক,খুড়াৱকে মিলি আকৌ তেওঁক চেন্নাইলৈ লৈ যায়।মানসী সেইবাৰ ঘৰ ৰখীয়া হ'ব লগা হয়।ঘৰত থাকোঁতেই তাই ফৰ্ম ফিলাপ কৰি থোৱা কে কে হেণ্ডিকৰ পি এইচ ডিৰ এন্ত্ৰেন্স হয়।অন্তৰীক্ষ আৰু ভনীয়েকৰ বাহিৰে কাকো নোকোৱাকৈ তাই পৰীক্ষাত উপস্থিত হয়।দুদিনমানৰ পিছতে ৰিজাল্ট ওলাই।দেউতাকো ঘূৰি আহে।তাই এন্ত্ৰেন্সত পাছ কৰে আকৌ সপোনৰ পিছত তাই দৌৰে।তাতোকৈ সুখৰ কথা তাইৰ নেট ক্লিয়েৰ হয় আৰু যেন একো নালাগে তাইক।এটি মাথোঁ সৰুসুৰা চাকৰি পালেই তাইৰ ডেউকাযোৰত চাবি লগাব।ডিব্ৰুগড়ৰ ঘৰলৈ ওভতি যায় তাই।ব্যৱহাৰবোৰ আৰু বেয়া হয় কিন্তু এইবাৰ যেন মানসীক একোৱেই লৰাব নোৱাৰে।পি এইচ ডিৰ কাম কৰি যায় তাই লগতে আলোচনা চক্ৰ,আলোচনী আদিতো লিখা মেলা কৰি যায়।ছোৱালীজনীও লাহে লাহে ডাঙৰ হয়।
এদিন সেই ঠাইৰে প্ৰাইভেট ডিগ্ৰী কলেজ এখনত তাইৰ বিভাগটোত চাকৰি ওলোৱাৰ খবৰ দিয়ে অন্তৰীক্ষে।মন নাচিলে যদিও তাৰ কথাত পৰিয়েই তাই ইন্টাৰভিউটো দি আহিছিল।জীৱনৰ প্ৰথম মুখামুখিকৈ দিয়া ইন্টাৰভিউ, ভয়ে ভয়ে তাই সোমাইছিল যদিও নিৰ্ভয়ে তাই ওলাই আহিছিল।তাইক চোন সোধা সকলো প্ৰশ্নৰ উত্তৰেই তাই দিব পাৰিছে।পায় নাপায় পিছৰ কথা মানুহকেইজনৰ আগত যে তাই লাজ নাপালে সেইটোহে ডাঙৰ কথা।দুদিন পিছত কলেজৰ পৰা তাইক চিলেক্ট কৰা হৈছে বুলি খবৰ আহিল।কথাষাৰ শুনি তাই হাঁহিবই নে কান্দিবই হ'ল।চাকৰি পালেও জানো তাই কৰিব পাৰিব ইমান সহজে।এইবাৰ অন্তৰীক্ষক লগালে মাক দেউতাকক ক'বলৈ।এইবাৰ তাই আৰু এক বিশেষণৰে বিভূষিত হ'ল।অন্তৰীক্ষক হাতৰ মুঠিত ৰখাৰ,তাৰ তলতীয়া কৰি লোৱাৰ।তথাপিও অন্তৰীক্ষৰ সহযোগতে তাই চাকৰিলৈ যাবলৈ সাহস পালে।কেৱল কামৰ তালিকাখন, শহুৰ শাহুৰ খোৱা বোৱাৰ তালিকাখন, গালি শপনিবোৰ বাঢ়ি গ'ল।তথাপিও তাই কৰি গ'ল।এনেদৰে তাই পি এইচ ডিও কমপ্লিট কৰিলে আৰু ডিপাৰ্টমেন্টৰ প্ৰথম ডক্তৰেট হ'ল।তেতিয়াৰ পৰা পাঁচ বছৰে তাই কলেজখনকে আপোন ভাবি দায়িত্ববোৰ পালন কৰি গৈছে।বৰ্তমান কলেজখন চৰকাৰী হ'ল।ভাবিয়েই তাই সুখী তাই যেন এতিয়া সঁচাকৈয়ে কলেজৰ প্ৰবক্তা হ'ল।প্ৰিন্সিপালে মাতি নি তাইক আজি সুখবৰটো দিলে।তাইক বিভাগীয় মুৰব্বীৰ দায়িত্ব দিয়া হৈছে।কথাষাৰ শুনি তাই থিয় হৈ থাকিব পৰা নাই।বিভাগত তাইৰ নিজৰ আসন হ'ব,টেবুলত লিখা থাকিব তাইৰ নাম।তাই এতিয়া আত্মপৰিচয়ৰে জীয়াই থাকিব পাৰিব, কোনো ধনী ঘৰৰ বোৱাৰী,অন্তৰীক্ষৰ পত্নী হিচাপে নহয় প্ৰবক্তা মানসী বৰুৱা হৈ।খবৰটো এইবাৰ তাই নিজেই দিলে ঘৰত।আজি তাই সমৰাঙ্গনৰ বিজয়ী যুদ্ধা,কোনো কতুক্তিৰ অস্ত্ৰই তাইক ধৰাশায়ী কৰিব নোৱাৰে।আগতে প্ৰাইভেট কলেজ বুলি হাঁহি উৰুৱাই দিয়া শহুৰ শাহু শিল পৰা কপৌৰ দৰে থৰ লাগিল।
সপোনৰ পৰা সমাধিলৈ
সপোনৰ পৰা সমাধিলৈ প্ৰায় পষেকযোৰা প্ৰচেষ্টাৰ অন্তত হেড ছাৰৰ ভাষণৰ প্ৰস্তুতি সমাপ্ত হ'ল।বাৰাণ্ডাৰ চাৰিওদিশে পায়চাৰি কৰি কৰি এইবাৰ তেওঁ আৰম...
-
সপোনৰ পৰা সমাধিলৈ প্ৰায় পষেকযোৰা প্ৰচেষ্টাৰ অন্তত হেড ছাৰৰ ভাষণৰ প্ৰস্তুতি সমাপ্ত হ'ল।বাৰাণ্ডাৰ চাৰিওদিশে পায়চাৰি কৰি কৰি এইবাৰ তেওঁ আৰম...
-
আৰব্ধ আলোকৰ ট্ৰেন্সফাৰে সকলোকে চিন্তাত পেলালে । কোনোদিনে নোযোৱা ঠাই , কোন সম্পৰ্কীয় মানুহো নাই , কি হ ' ব । তথাপিও আলোকৰ...